ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, December 31, 2016

কাল্পনিক সাক্ষাৎকাৰত নিমগ্ন অসমীয়া লেখকৰ উচাত্মিকা, নব্যমাধ্যমৰ অৱস্থা ইত্যাদি



বিগত সময়খিনিত যিমানখিনি অসমীয়া লেখা লিখা হ’ল সেই আটাইবোৰেই মূলতে নতুন লেখক নতুন পাঠক সকলক উদ্দেশ্যি লেখা। আজিৰ লিখাখিনি প্ৰবীণ, বিদগ্ধ, লব্দ্ধপ্ৰতিষ্ঠ, মূধাফুটা, স্বনামধন্য, বিশিষ্ট, অমুক-তমুক বঁটাপ্ৰাপ্ত, জ্যেষ্ঠ, জনপ্ৰিয় (অথবা নিজকে সেইবুলি ভবা)- সকলক উদ্দেশ্য কৰি আগবঢ়োৱা হ’ল।

অপ্ৰিয় হ’লেও সত্য যে একধৰণৰ এলিটিজম আপোনালোকে বৰ্তাই আহিছে আৰু পপুলাৰ মাধ্যমসমূহৰ পৰা এক নিৰাপদ দূৰত্বত নিজকে ‘গা-বচাই’ ৰাখিছে। আপোনালোক লেখক, ফচবুকীয়া লেখক হ’বৰ মন নাই। এনেকুৱা নহয় যে আপোনালোকে ইউনিকোড নাজানে। আপোনালোকৰ ভাল লগা বেয়া লগা, দৈনন্দিন জীৱনৰ এটা এটা ডিটেইল আপোনালোকৰ পৰাই আমি গম পাই থাকোঁ- ইউনিকোডৰ ব্যৱহাৰেৰে, ফেচবুকৰ মাধ্যমেৰে। কিন্তু আমি যি খিনি আপোনালোকৰ পৰা নাপাওঁ সেয়া হ’ল আপোনালোকৰ বহুমূলীয়া লেখাবোৰ। পূৰ্বজ সকলৰ লেখা, আন দহজনৰ দ্বাৰা ‘ভাল’ বুলি স্বীকৃত লেখা সমূহ যেতিয়া ইউনিকোডত উপলব্ধ নহয়, তাৰ বিপৰীতে ন-লেখাৰু সকলৰ লেখাৰে নব্য-মাধ্যম যেতিয়া উপচি থাকে, তালৈ চকু দি অসমীয়া সাহিত্যৰ গতি বিধি সম্পৰ্কে নঞৰ্থক, নেতিবাচক, হতাশাসূচক, ‘খালে খালে, ৰসাতলে গ’ল গ’ল’ ধৰণৰ মন্তব্যবোৰ দিবৰ অধিকাৰ আপোনালোকৰ নাথাকে। অলপতে ফেচবুকত লিখিছিলোঁ- “বিশ্বায়নে নহয়, পুঁজিবাদে নহয়, ভ্ৰাম্যমাণ থিয়েটাৰ ধ্বংস কৰিলে অসমৰ সাংস্কৃতিক পৰিমণ্ডলৰ উন্নাসিকতাই”। কথাষাৰৰ মৰ্ম বুজোতাই বুজিব, নুবিজিলে আৰু বহলাই লিখিম কেতিয়াবা। একেটা সুৰতেই ক’ব খোজোঁ- নব্য-মাধ্যমত অসমীয়া কবিতাৰ (অথবা লেখা-মেলাৰ) নিম্নগামী ছবিখন দেখা গৈছে ন-লেখাৰু সকলৰ অপৈণত লেখাৰ কাৰণে নহয়, বৰঞ্চ পৈণত লেখক সকলৰ উচাত্মিকা অথবা উন্নাসিকতাৰ ফলতহে।

আপুনি যদি ফে’চবুকত সক্ৰিয় নহ’লহেতেন, ইউনিকোড যদি আপুনি নাজনিলেহেতেন, তেনেহ’লে কোনো কথা নাছিল। কিন্তু আপুনি জানে। মহান লেখক হিচাপে আপুনি সকলো সময়তে কিছুমান কাল্পনিক সাক্ষাৎকাৰৰ সন্মুখীন হৈ থাকে। সেই কাল্পনিক সাক্ষাৎকাৰত সন্মুখীন হোৱা কিছুমান প্ৰশ্নৰ উত্তৰ আপুনি ফে’চবুকীয়া ৰাইজলৈ আগবঢ়াই থাকে। ধৰক কাল্পনিক সাক্ষাৎকাৰত কোনোবাই আপোনাক সুধিলে “আপুনি এতিয়া কিহত ব্যস্ত?” আপুনি উত্তৰটো ফ’চবুকতে দিলে- “মই মোৰ দ্বিতীয়/ তৃতীয়… উপন্যাসখনৰ কাম হাতত লৈছোঁ”। তাৰ পিছত আপুনি লাহে লাহে সময়ে সময়ে বাকি ডিটেইলখিনিও দি থাকিল- কিহে আপোনাক অণুপ্ৰেৰণা যোগায়, কিহৰ তাগিদাত আপুনি অমুকটো বা তমুকটো লিখিবলৈ বাধ্য হ’ল। নিজৰ লেখা সম্পৰ্কে আপুনি কি ভাবে সেই সকলো কাল্পনিক প্ৰশ্নৰ উত্তৰ আপুনি দি গ’ল। [কাল্পনিক প্ৰশ্ন বুলি এইবাবেই কৈছোঁ যে আমি নাই সোধা সেইবোৰ প্ৰশ্ন, আপুনি নিজে নিজেহে দি গৈ আছে।] কোনোবা সময়ত পাঠকৰ, বন্ধুবৰৰ সৌহাৰ্দ্যত ইমানেই আপ্লুত যে আপুনি নতুনকৈ উপন্যাস এখন লিখিবলৈ মনস্থ কৰাৰ কথা কোৱাৰ লগতে উপন্যাসৰ নায়িকাৰ নাম কি দিলে ভাল হ’ব সেইটোও সুধি পেলালে। যি দিয়ে দিয়ক। বগীতৰা ৰাখক। ৰহিমলা, ৰমিলী প্ৰমিলী যি ৰাখে ৰাখক। আমাক সুধি আছে কিয়? এটা সময়ত মানুহে ‘কামোৰ’ খাবলৈ আৰম্ভ কৰেগৈ।

অমুকত অমুকটো লেখা প্ৰকাশ হ’ব, হৈছে বা হৈছিল বুলি আপোনালোকে খবৰটো প্ৰকাশ কৰে, কিন্তু লেখাটো ইউনিকোডৰ পাঠকলৈ এৰি নিদিয়ে। এখন আলোচনীলৈ পঠোৱা লেখা এটা অন্য এখন প্লেটফৰ্মত প্ৰকাশ কৰাটো যুগুত নহয় বুলি আমিও জানোঁ। কিন্তু প্ৰকাশ হৈ যোৱাৰ এমাহৰ পিছত? দুমাহ, ছমাহ, এবছৰৰ পিছত? যেতিয়া সেই আলোচনীখন পুৰণা হৈ উঁয়ে খায়, যেতিয়া লাইব্ৰেৰীত সেই আলোচনীখনত মকৰাৰ জাল লাগে, যেতিয়া পোৱা-কিলোগ্ৰাম ওজনত বিক্ৰী হয় তেতিয়ালৈ?

যোৱা পাঁচ ছয় বছৰমানৰ ভিতৰতে এচাম উদীয়মান যুৱ-প্ৰতিভাই অসমীয়া ভাষা সাহিত্যলৈ আমূল পৰিৱৰ্তন আনিলে। অসম সাহিত্য সভাৰ দৰে বিয়াগোম অনুষ্ঠানেও বাপ জনমত ভাবিব নোৱাৰা কিছুমান কাণ্ড তেওঁলোকে কৰিলে যাৰ ফলত আজি আপুনি শব্দ (ডট) অৰ্গ নামেৰে এখন অসমীয়া অভিধান অনলাইন পাব পাৰে, অসমীয়া লিপিৰে ইণ্টাৰনেটত অসমীয়া সহিত্যৰ সমল আহৰণ কৰিব পাৰে। ডিজিটেল ইণ্ডিয়াৰ শ্লোগান আৰম্ভ হোৱাৰ আগতেই অসমীয়া যুৱ উদ্যোগীৰ হাতত প্ৰাণ পাইছিল সাহিত্যৰথী ৱেবচাইটে আৰু আপুনি পাইছিল বেজবৰুৱাৰ কৰ্মৰাজিৰ অনলাইন সংস্কৰণ।

তাৰ পিছতো এতিয়াও যদি আমি অসমীয়া গল্প এটা পঢ়োঁ বুলি ভাবোঁ, আমি বিচাৰি হাবাথুৰি খাবলগীয়া হয়। আপোনাৰ যদি নিজা ব্লগ নাই বহুকেইখন অসমীয়া ই-আলোচনী আছে, তাতে দিয়ক। ‘অসমীয়াত কথা বতৰা’ আছে, ‘মুক্ত চিন্তা’ আছে, ‘আখৰুৱা’ আছে। আপুনি যদি নিজে ইউনিকোডত লিখিবলৈ অসুবিধা পায় বা এলেহুৱা, তেনেহ’লে তেওঁলোকলৈ পঠাওক যিয়ে দিনে নিশাই অহৰহ কাম কৰি আছে। তেওঁলোকে আপোনাৰ লেখা এটা ইউনিকোডলৈ ৰূপান্তৰিত কৰি ই-আলোচনীৰ আৰ্কাইভত ৰাখিবলৈ ভালেই পাব। আপুনি পইচা দিবও নালাগে। ইউনিকোডত লিখা মানেই লেখাটো এটা আৰ্কাইভত সংগৃহিত আৰু সংৰক্ষিত হোৱাটোও বুজায়। অসমখন এনেয়েও সহজ-দাহ্য পদাৰ্থ। কেতিয়া ক’ত কেনেকৈ জুই লাগি উঠে একো ঠিক নাই। তেনে ক্ষেত্ৰত আপোনাৰ লেখা এটা অনলাইন আৰ্কাইভ এটাত নতুন পুৰুষৰ ভৱিষ্যতৰ বাবে থৈ দিব পাৰিলে ভাল কথাহে হ’ব।

*
আজিৰ নব্য মাধ্যমৰ সম্প্ৰসাৰণৰ সময়ত আমি দেখি আহিছোঁ যে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া ভাষা প্ৰেমী, সাহিত্য প্ৰেমী সকলে এক যুগন্তকাৰী ভূমিকা গ্ৰহণ কৰিছে। ব্যক্তিগত পৰ্যায়ত লেখা মেলাৰ চৰ্চা অব্যাহত ৰখাৰ লগতে বৈদ্যুতিন মাধ্যমৰ কে’বাখনো ই-আলোচনী আৰু আলোচনাৰ নতুন ক্ষেত্ৰ প্ৰতিষ্ঠা কৰি নতুন পুৰুষে নতুন দিগন্তৰ সূচনা কৰিছে। আজিৰ তাৰিখত নব্য মাধ্যম এটা অপৰিত্যাজ্য পৰিস্থিতি। পৰিৱৰ্তিত সময়ৰ লগে লগে এয়া এক নতুন সম্ভাৱনা আৰু তাৰ লগে লগেই আহি পৰা কাৰিকৰী ব্যৱস্থা তথা এক সমকালীন ভাষা। নব্য মাধ্যমত অসমীয়া সাহিত্য সম্পৰ্কে ইতিমধ্যে বহু চৰ্চা হৈছেই। ভাল বেয়া বহুখিনি কথা আলোচিত হৈছে যদিও আমি সুখী আৰু আশাবাদী। নব্য মাধ্যম ব্যৱহাৰকাৰী সিংহভাগেই হ’ল নতুন প্ৰজন্মৰ যুৱক যুৱতী সকল। সেয়েহে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত থকা প্ৰবীণ সাহিত্যিকৰ সাহিত্য আৰু নবীনৰ চৰ্চাৰ মাজত থকা ব্যৱধানেই এইখন ক্ষেত্ৰতো স্পষ্টভাবে ধৰা দিয়াটো স্বাভাৱিক। কিন্তু ছপা মাধ্যমক অধিক মান্যতা প্ৰদান কৰি নব্য-মাধ্যমক হেয় চকুৰে চোৱাৰ এটা মানসিকতা আছে, যাৰ ফলত কিছু সংখ্যক লব্ধপ্ৰতিষ্ঠ লেখক লেখিকাই বৈদ্যুতিন মাধ্যম ব্যৱহাৰ কৰিলেও ইয়াত লেখা মেলা আগ নবঢ়ায়। অৱশ্যে ক্ৰমাগত ভাবে মানুহে এই নব্য মাধ্যমৰ উপকৰন সমূহকি লেখত ল’বলগীয়া বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছে – যিটো এটা আশাপ্ৰদ ঘটনা। বৰ্তমানৰ তথ্য প্ৰযুক্তিৰ যুগত ইতিমধ্যেই অসমীয়া ভাষা সাহিত্যয়ো বহুখিনি উন্নতি সাধন কৰিছে আৰু প্ৰসাৰো লাভ কৰিছে। কেইটামান উদাহৰণে কথখিনি ফঁহিয়াই দিব।

প্ৰথম, উদাহৰণ স্বৰূপে যি সময়ত অসমীয়া মাধ্যমৰ দুৰাৱস্থা চকুত লগা হৈ আহিছে আৰু অসমীয়া ভাষা কোৱা বা লেখা মানুহৰ সংখ্যা কমি আহিছে বুলি হা-হুতাশ কাঢ়িব লগা পৰিস্থিতি এটাৰ উদ্ভৱ হৈছে, সেই সময়খিনিতে যদি নব্য মাধ্যমলৈ চকু দিয়া যায় তেনেহ’লে দেখা যাব এখন বিপৰীত ছবি।  ইয়াত প্ৰতিদিনেই কোনোৱে নহয় কোনোৱে নতুনকৈ অসমীয়া ভাষাত, অসমীয়া লিপি ব্যৱহাৰ কৰি লিখিবলৈ আৰম্ভ কৰিছে।

দ্বিতীয়, পৰম্পৰাগত মাধ্যমেৰে কাগজে কলমে সাহিত্য চৰ্চা কৰা মানুহবোৰে এটা সময়ত দৈনন্দিন জীৱনৰ ব্যস্ততাৰ অজুহাতত এটা পৰ্যায়ত সাহিত্য চৰ্চা প্ৰায় বাদ দিয়াৰ দৰেই হয়গৈ। কিন্তু বৈদ্যুতিন মাধ্যমৰ প্ৰয়োগ আৰু নব্য মাধ্যমৰ সহজলভ্যতাই বহুখিনি পৰস্পৰ-সংযুক্ত ক্ষেত্ৰ উন্মোচন কৰি দিয়াৰ ফলত দৈনন্দিন ব্যস্ততাৰ অজুহাতত লেখা মেলা বন্ধ হোৱাৰ উপক্ৰম হ’বৰ অৱকাশ আৰু নাথাকিল। আপুনি ঘৰত নাই, কাৰ্যালয়ত অলপ আহৰি পাইছে তাতে লিখক। খেনোৱে বাছে মেট্ৰোৱে যাত্ৰাৰ মাজতো লিখিব পাৰে। অনলাইন আলোচনী এখন অথবা ই-বুক এখনতো পঢ়িবই পাৰে। আপোনাৰ হাতত কাগজ নাই কলম নাই, কম্পিউটাৰত লিখক। কম্পিউটাৰ নাই, মোবাইলতে লিখক।

তৃতীয়তে, পৰস্পৰ সংযুক্ত কিছুমান তথ্য সংগ্ৰহ আৰু তথ্য বিনিময়ৰ ক্ষেত্ৰই আগৰ কালৰ বহুখিনি সমস্যা আঁতৰাই পেলালে। নিজৰ আধা লেখা খছৰা এটা, আধা পঢ়া নিবন্ধ এটা ব্লগ, গুগল ড্ৰাইভ অথবা আন বহুতো ক্লাউড-পদ্ধতিত আপুনি জমা কৰি থ’ব পাৰে যি যিকোনো ঠাইৰে পৰা প্ৰয়োজন সাপেক্ষে উপলব্ধ হৈ থাকিব।

চতুৰ্থতে, পৰম্পৰাগত মাধ্যমসমূহতো ব পদ্ধতি সমূহতো আজিৰ তথ্য প্ৰযুক্তিয়ে প্ৰভাৱ পেলাইছে। ডিটিপি, টাইপ-ছেটিং কৰাৰে পৰা প্ৰুফ ছেকিংলৈকে বহুখিনি কাম আজিকালি তেনেই সহজ হৈ পৰিল। আজিকালি সকলো ছপাকৰা আলোচনী, বাতৰি কাকত আদিয়েও নিজাকৈ ৱেবছাইট ৰাখে, তেওঁলোকৰ সমন্তৰাল ভাবে একোটা অনলাইন উপলব্ধ সংষ্কৰণ উলিয়ায় আৰু লেখা মেলাও এ-মেইল যোগে গ্ৰহণ কৰে। লগতে ফেচবুক আদিত তেওঁলোকৰ পে’জ বা গ্ৰুপ একোটাও থাকে। আজি এই কথা সৰ্বজনবিদিত যে মই কাশ্মীৰৰ পৰা কণ্যাকুমাৰীলৈকে য’তেই নাথকোঁ কিয়, অসমীয়া দৈনিক বাতৰি এখন মই দৈনিক পঢ়িব পাৰোঁ।  

বহুখিনি নতুন ধাৰাৰ লেখাই নব্য মাধ্যমত আত্মপ্ৰকাশ কৰিছে। এই চলিত সময়খিনিতে গ্ৰন্থমেলাত কেইবাজনো নতুন লেখকৰ ভিন্নসুৰীয়া গ্ৰন্থৰ প্ৰকাশ হৈছে যিসকলে লেখক জীৱনৰ পাতনি মেলিছে ফে’চবুকৰ মাধ্যমতে আৰু তেওঁলোকৰ লেখাৰ ধৰণ-কৰণ খিনিও নিৰ্ধাৰিত হৈছে চ’চিয়েল নে’টৱৰ্কিং মাধ্যমে আনি দিয়া কিছু কণ্ডিছন – অৰ্থাৎ পৰিস্থিতিয়ে। এইখিনি নিশ্চয়কৈ ইতিবাচক ঘটনা। আনহাতে পঢ়ুৱৈ নিৰ্মানৰ ক্ষেত্ৰতো আমি এনে বহুজন ব্যক্তিক লগ পাইছোঁ যাৰ কিতাপ পঢ়াৰ অভ্যাস হয়তো বহুত বেছি নাছিল, কিন্তু নব্য মাধ্যমৰ সৈতে যুক্ত হোৱাৰ পিছৰে পৰা তেওঁলোকৰ পঢ়াৰ হাবিয়াস আৰু অভ্যাস দুয়োটাই ক্ৰমাগতভাবে বৃদ্ধি পাব লাগিছে।

ইণ্টাৰনেটৰ ব্যৱহাৰৰ প্ৰথমভাগৰে পৰাই বহুকেইজন বিদেশত থকা উদ্যোগী যুৱকে অসমীয়া ভাষাত অসমীয়া সাহিত্যক সমল হিচাপে লৈ ব্লগৰ আৰম্ভণী কৰিছিল। সাহিত্য ডট অৰ্গৰ দৰে এখন আলোচনীৰ জন্মদাতা ‘অসমীয়াত কথা বতৰা’ ফেচবুক গ্ৰুপৰ জন্মলগ্নতে আছিল কেইজনমান প্ৰবাসী অসমীয়া।  উইকিপেডিয়াৰ অসমীয়া সংষ্কৰণ এটাও আছে আৰু নিতৌ ন ন তথ্যৰ যোগান ঘটিব লাগিছে। আজিৰ তাৰিখত অসমীয়া ইতিহাস, শিল্প আৰু সংস্কৃতি বিষয়ক কে’বাটাও আৰ্কাইভ অনলাইন উপলব্ধ। এনাজৰী ডট কমৰ দৰে অসমীয়া সাহিত্যৰ আৰ্কাইভৰ উদ্যোগ আৰম্ভ হৈছিল এসময়ত দিল্লিত থকা কেইজনমান অসমীয়া যুৱকৰ প্ৰচেষ্টাতেই। তথ্য সংগ্ৰহ আৰু সংৰক্ষণৰ ক্ষেত্ৰত সততে এলেহুৱা বুলি নাম থকা অসমীয়াৰ কেইজনমান যুৱকৰ এনে উদ্যোগে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত একাধিক সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱাটোও এটা গুৰুত্বপূৰ্ণ খবৰ।


এনে সময়ত ছপা মাধ্যমক অধিক মান্যতা প্ৰদান কৰি চৰ্চাৰ এক উচাত্মিকাক প্ৰতিপালন কৰি চলাৰ কোনো যুক্তি নাই।  চিধি বাত। ন' বকৱাচ। 

Thursday, December 29, 2016

চিনেমা বোলা বস্তুটো অসমীয়া মানুহৰ কাৰণে নহয় [কাণখোৱাৰ চুপতি]

  
চিনেমা সম্পৰ্কীয় কথা বতৰাৰ আড্ডাত, বিশেষকৈ অসমীয়া চিনেমা সম্পৰ্কে কথা উঠিলেই আমি প্ৰায়ে এইষাৰ কথা কওঁ- চিনেমা বোলা বস্তুটো অসমীয়া মানুহৰ কাৰণে নহয়। আৰু কথাষাৰ হাজাৰ বাৰ ক’ম। অসমীয়া মানুহ বুলিলে কোনখিনি মানুহক বুজোৱা হৈছে সেয়া স্থানান্তৰত ব্যাখ্যা কৰা হ’ব। কথাষাৰত বৰ বেছি আপত্তি থাকিব নালাগে। কাৰণ সকলো মানুহৰ বাবে সকলো বস্তু যেনেকৈ নহয়, সকলো জাতিৰ বাবে সকলো বস্তু হ’বই লাগিব বুলিও কোনো কথা নাই। ৰাজস্থানী ভাষাৰ নিজা লিপিয়েই নাই। বঙালী সকল কলা-সংস্কৃতিত আগবঢ়া হ’লেও আমাৰ বিহু-নাচৰ দৰে সৰ্বব্যাপী নৃত্য পৰম্পৰা তেওঁলোকৰ নাই। তাতে কি হ’ল? তেওঁলোক পিছ পৰি ৰ’ল নেকি? নাই পৰা।

কোনোবাই যদি চিনেমা নিৰ্মাণ কাৰ্যটোত জড়িত জটিলতা, অৰ্থব্যয় অথবা অন্যান্য কাৰিকৰী অসুবিধাৰ বাবে এইষাৰ কথা কৈছোঁ বুলি ভাবিছে তেনেহ’লে ভুল ভাবিছে। কাৰোবাৰ যদি চলচ্ছিত্ৰ নিৰ্মাতা হোৱাৰ সপোন আছে তেন্তে তেওঁৰ সপোন পুৰণৰ বাবে অসমেই আটাইতকৈ সুচল আৰু উপযুক্ত দেশ। অসমত চিনেমা নিৰ্মাতা হৈ উঠাটো সহজ। পৃথিৱীৰ সকলো ঠাইতকৈ অসমতে সহজতে আৰু সোনকালে বিশিষ্ট চলচ্ছিত্ৰ নিৰ্মাতা হৈ উঠিব পাৰি। এটা উদাহৰণ দিওঁ। ধৰক আজি আমি ষ্টিৱেন স্পিলবাৰ্গ এজন বিশিষ্ট চলচ্ছিত্ৰ নিৰ্মাতা বুলি কওঁ। এতিয়া তেওঁৰ কৰ্মৰাজিলৈ চাওক- ৩৫ খনমান পৰিচালনা, আঠখনমান লিখিছে, ৩০ খন মান প্ৰযোজনা কৰিছে। ৬০ খনমান টিভি চিৰিয়েল। কোনোবাই হয়তো ৫০-ৰ পৰা ডেৰশলৈকে চিনেমাৰ পৰিচালনা, চিত্ৰনাট্য, এডিটিং, কলা-নিৰ্দেশন … মুঠতে কিবাকিবি কৰিছে আৰু তাৰ পিছত আজি প্ৰতিষ্ঠিত হৈছেহি এজন চিনেমা-নিৰ্মাতা হিচাপে। কিন্তু যদি আপুনি অসমীয়া আপুনি ইমান সংগ্ৰাম কৰিবই নালাগে। আপুনি যদি এখনো চিনেমা কেনেবাকৈ কৰিছে, আপুনি এজন বিশিষ্ট চলচ্ছিত্ৰ নিৰ্মাতা। তাৰ পিছত গোটই জীৱন ধৰি আপুনি গামোচা গোটাই ফুৰিব পাৰে। কিবা ভুল ক’লোঁ নেকি? দহখনতকৈ বেছি চিনেমা নিৰ্মাণ কৰা কোনোবা অসমীয়া শাকত দিবলৈকো কেনিবা চুকে কোণে আছে নেকি বাৰু? বাৰু বাদ দিয়ক। সংখ্যাটো হেনো ডাঙৰ কথা নহয়। এতিয়া আহক আচল কথাখিনি পাতোঁ। 

*
চিনেমা পলিটিকেলি ইনকাৰেক্ট বস্তু

চিনেমা নিৰ্মানৰ আধাৰটোৱেই পলিটিকেলি ইনকাৰেক্ট। সকলো শিল্পৰেই একে কথা। চিনেমা আৰু ভিডিঅ’ৰ ক্ষেত্ৰত ই আৰু বেছি তীব্ৰ। আমি যিহেতু ভাল মানুহ আৰু পলিটিকেলি কাৰেক্ট হৈ থাকিব খোজোঁ, সেয়ে চিনেমা আমৰ বাবে হ’বই নোৱাৰে। এই মাত্ৰ টিভিত দুটামান প্ৰ’ম’ দেখা পালোঁ। বেডমিণ্টন খেলুৱৈয়ে ছাটলটো মাৰি গাড়ীৰ উইণ্ড স্বীল্ড ভাঙি দিছে। পলিটিকেলি ইনকাৰেক্ট, ভায়োলেন্স খেলাৰ ইপ্সিত নহয়। গাড়ী এখন আহি আছে, আন এখন গাড়ী কেঁকুৰি এটাত কৌশলেৰে অতিক্ৰমন কৰি গ’ল। ভাবিলোঁ – ৱাও, কিমান ড্ৰামাটিক! কিন্তু পলিটিকেলি ইনকাৰেক্ট, ট্ৰেফিক বিধান উলংঘণ হৈছে। ছেজিং চিকুৱেন্স। হিৰ’ই ভিলেইনক খেদি খেদি গৈ আছে। বাটৰ কাষৰ চব্জীৱালাৰ থেলা বাগৰি পৰিছে, বাগৰি পৰিছে পাচিয়ে পাচিয়ে বিলাহী। পলিটিকেলি ইনকাৰেক্ট, এহাতে খাদ্যবস্তুৰ অপচয় আনহাতে এজন ভিলেইনক খেদাৰ নামত আন নিৰীহৰ অনিষ্ট সাধন। কোনো কাৰণতেই সমৰ্থনযোগ্য ঘটনা এটা হ’ব নোৱাৰে। কিন্তু সেইখিনিতেই সোমাই থাকে নাটকীয়তা, আৰু চিনেমেটিক চৰিত্ৰ। হয়, আপুনি যদি ভাল মানুহ, সমাজৰ বাবে ভাল চিন্তা কৰা মানুহ তেনেহ’লে চিনেমা নিৰ্মান কৰাটো এটা অপৰাধেই হ’ব। সকলো ফালৰ পৰাই অপৰাধ। আনফালে সীমান্তত দেশৰ জোৱান সকলে দিনে নিশাই জাৰ-জহ একাকাৰ কৰি পহৰা দি আছে আৰু আপুনি ইয়াত চিনেমা চিনেমা কৰি আছে- সেই ফালৰ পৰাও অপৰাধ। মুঠতে অপৰাধ। কাৰণ অসম ভূমি ভাল মানুহৰ ঠাই। মৰেল পুলিচৰ ঠাই। কোনজন পুৰুষ চলচিত্ৰ পৰিচালকৰ কোন মহিলাৰ লগত আহ-যাহ সেয়া আমাৰ নখ দৰ্পণত। কোন অভিনেত্ৰীয়ে কিমান ইঞ্চিৰ কাপোৰ পিন্ধিলে সেয়া আমি আতচী কাচ লৈ চাই আছোঁ। কাৰণ আমাৰ সংস্কৃতি, ঐতিহ্য আৰু পৰম্পৰা আমিয়েই ৰক্ষা কৰিব লাগিব। আমি নকৰিলে কোনে কৰিব? 

আমি ভাল মানুহ। আমি সামাজিকভাবে দায়বদ্ধ। আমি পৰিয়ালৰ কথা ভাবো। চিনেমাত কোনোবা ৰাস্তাৰ কাষৰ গুমটি এটাৰ কাষত কেৰেম আৰু জুৱা খেলি ল’ৰা এটাৰ চৰিত্ৰ এটাই চিনেমাত ‘কেলা’ বুলি কৈ দিলে কি হ’ব? আমি পৰিয়ালৰ লগত সেইখন চিনেমা কেনেকৈ চাম? তেনে চিনেমাই নতুন পুৰুষক কেনে শিক্ষা দিব? চিনেমাই সমাজক শিক্ষা দিয়াৰ ঠিকাটো লৈ থোৱা নাই জানো? তাতে আকৌ এইখন শংকৰ আজানৰ দেশ।

*
ৰেটিনেল পেৰেলাইচিছ

আমি জাতিগতভাবে, নৃগোষ্ঠীগতভাবে, ভৌগলিকভাবে, ৰেটিনেলি পেৰেলাইজড। অথবা চাক্ষুসভাবে পক্ষাঘাতগ্ৰস্থ। চকুৰ সন্মুখত দৃশ্যনিৰ্মান এটা দেখি আমি ঠাৱৰ কৰিব নোৱাৰোঁ সেইটো ভাল নে বেয়া। আনকি কোনোবাই বেয়া দৃশ্যৰূপ এটা বেয়া বুলি বুজাই দিলেও ধৰিব নোৱাৰোঁ সেইটো কিয় বেয়া। অসম পৰ্যটন বিভাগৰ ল’গোটোনো কি বেয়া? দুহেজাৰটকীয়া নোটখননো কিয় বেয়া? অলপতে বেয়া বুলি কওতে দুজনমানে যুক্তি দিলে- নোটখন দেখিবলৈ ভালেই হওক বেয়াই হওক তাতে কি হ’ল। তাৰ যিটো কাম সেইটোতো সি কৰিবই। বাৰু মানি ল’লোঁ - অকাট্য যুক্তি যিহেতু। তেনেহ’লে আপুনি ইস্ত্ৰি কৰা কাপোৰ কিয় পিন্ধে? ঘৰত ৰং কিয় কৰে? ড্ৰয়িং ৰুমত ফুলদানীটো কিয় ৰাখে? জোতা মোজাৰ পৰা, চোলা পেণ্টৰ ৰঙকে সাঙুৰি ছুলিলৈকে ৰং কিয় সানে? দেখিবলৈ কেনেকুৱা হৈছে বা হোৱা উচিত সেইটো যিহেতু একো ডঙৰ কথা নহয়েই। বাৰু মানি ল’লোঁ। কিন্তু চিনেমা? সেইটোটো সম্পূৰ্ণ ৰূপেই এটা দৃশ্যগত বস্তু, চাক্ষুস অভিজ্ঞতাৰে উপভোগ কৰিবলগীয়া বস্তু! সেই ক্ষেত্ৰত কি হ’ব? ৰ’ব। এইখিনিতো সমাধান ওলাল। চলচ্ছিত্ৰ বুলি নকৈ কথাছবি বুলি কৈ থওক। লেঠাই শেষ। কথাহে আৰু। কথাখিনিও আকৌ কেনেকৈ কোৱা হোছে সেইফালে মন নিদিব। কি কৈছে আৰু কোনে কৈছে সেইটো গম পালেই হ’ল। আন একো চাবৰ প্ৰয়োজন নাই। এনেকৈ লেঠা শেষ কৰি থোৱাটোৱেই যদি উজু বাট হয়, তেনেহ’লে আমাক বাপ্পেকে চিনেমাই নালাগে যাহ। লেঠা একেবাৰেই শেষ। 

*
বাস্তৱতা

আমিবোৰ বাস্তৱবাদী। আন-ৰিয়েল বস্তু আমি ভাল নাপাওঁ। [আলোচনী আৰু কিতাপৰ বেটুপাতত কোনোবাই অঁকা পোৰ্ট্ৰেইট এটাতকৈ ছোৱালী এজনীৰ ফটো এখন লগাই দিলেই আমি ভাল নাপাওঁ জানোঁ?] আমাক যুক্তি লাগে আৰু সমাজ বাস্তৱতাও লাগে। সমাজৰ ভাল হোৱা কথা দেখুৱাব লাগিব। ভাল কথা। কিন্তু ৰ’ব। যদি চিনেমা বাস্তৱেই হ’ব লাগে তেনেহ’লে মানুহ এজনৰ সত্তৰ বছৰীয়া জীৱন এটাক ডেৰ ঘণ্টা দুঘণ্টাতে কেনেকৈ বাস্তৱসন্মত ভাবে দেখুৱাব? সত্তৰ বছৰ দীঘল চিনেমা এখন বনাব লাগিব তেনেহ’লে। গতিকে চিনেমা আমাৰ বাবে হ’বই নোৱাৰে। তথাপি কষ্ট মষ্ট কৰি যিমান পাৰে ৰিয়েল কৰিবলৈ চেষ্টা কৰা হয় আৰু। যেনে ধৰক কাহিনী এটা কেনেবাকৈ বুজাই দিব পৰাটোৱেই শেষ কথা হৈ থাকিব। চিত্ৰনাট্যত বেছি ইফাল সিফাল কৰা নচলিব। মানুহ এজনৰ জন্ম আগতে আৰু মৃত্যু পিছতেই হ’ব লাগিব। আগতে মৃত্যু দেখুৱাই পিছত জন্ম দেখুৱালে নচলিব। সেইটো অবাস্তৱ। মানুহ এজন মৰিলে পৰিয়ালবৰ্গই ৰাউচি জুৰি কন্দা দেখুৱাবই লাগিব। গাঁৱৰ ছোৱালীজনী ভাল আৰু চহৰৰ জনী বেয়া বুলিয়েই দেখুৱাব লাগিব। নহ’লে সেয়াও বাস্তৱসন্মত নহ’ব। কিন্তু যিহেতু চিনেমা আচলতে নিৰ্মিত বাস্তৱ, সেই বাস্তৱতা খুব সহজতেই ইফাল সিফাল হৈ যাব পাৰে। এই ধৰক টেৰেণ্টিনোৰ দৰে হিটলাৰক চিনেমা-হলত গুলি কৰা মৰা হৈছিল বুলি যদি কোনোবাই অসমত দেখুৱায় তেতিয়া কি হ’ব? ৰাম ৰাম, ইতিহাসৰ বিকৃতকৰণ হৈ যাব দেখোন। আব্ৰাহাম লিংকনক ভেম্পায়াৰ হাণ্টাৰ … কৃষ্ণ কৃষ্ণ! ইতিহাসৰ বিকৃতকৰণ হ’ব। দেশ ৰসাতলে যাব। [অৱশ্যে কাৰেং ঘৰত গেৰুৱা নিচান উৰাটো বৰ ডাঙৰ কথা নহয় বাৰু, তাত ইতিহাস বা সংষ্কৃতিৰ বিশেষ একো নাহে নাযায়।] কিন্তু গায়িকাই চাদৰ মেখেলাৰ ঠাইত চুৰিদাৰ পিন্ধি মঞ্চত উঠিলেই য’ত সংস্কৃতি যহন্নামে যায় তাত  এইবোৰ কথা পতাটোও পাপ। মুঠতে চিনেমা যিহেতু সুতে মূলে এটা বাস্তৱতা বিৰোধী বস্তু- সেইটো বস্তু আমাক নহ’লেও হ’ব।


কথা আৰু আছে। কিন্তু যিটো বস্তু আমাৰ কাৰণে নহয়েই, যিটো আমাক নালাগেই তাক লৈ কথাৰ মহলা মাৰিওনো কি লাভ? চাহ খাওঁ আহক। 

Wednesday, December 28, 2016

কাণখোৱাৰ হাতপুথি ৩ : পুণৰীক্ষণৰ পুণৰীক্ষণ, সমালোচনাৰ সমালোচনা


[ক]
সমালোচনা নিজেই এক শিল্প। কবিতা এটাৰ যেনেকৈ এটা শৰীৰ আছে আত্মা আছে, কবিতাৰ সমালোচনা এটাৰো এটা নিজস্ব শৰীৰ আৰু আত্মা আছে। সেয়েহে অলপ সচেতন পাঠক মাত্ৰেই এই কথা বুজি পাব যে কবিতাৰ সমালোচনা মানে কেৱল কবিতা এটাৰ দোষ গুণৰ বিচাৰেই নহয়। এতিয়া এইখিনি কথাৰ আঁত ধৰি আৰু কিছুমান কথা আগবাঢ়িবৰ থল থাকিব। আজিলৈ প্ৰধানকৈ দুটা দিশত কথাখিনি আগুৱাই নিম।

[খ]
যদিহে কবিতাৰ দৰেই কবিতাৰ সমালোচনাকো এক শিল্পৰূপ বুলি গণ্য কৰা হৈছে তেনেহ’লে কবিতাৰ চৰ্চাৰ এটা ইতিহাস থকাৰ দৰেই সমালোচনাৰো এটা ইতিহাস নিশ্চয় থাকিব। আজি আমি কবিতা বুলি পঢ়ি থকা বা লিখি থকাবোৰ যেনেকৈ এদিনতে আলাসতে হোৱা বস্তু নহয়, তেনেকৈয়ে আজি আমি সন্মুখীন হোৱাৰ সমালোচনা সমুহৰ ভাব ভাষা বা ধৰণ কৰণবোৰো এদিনতে আহি পৰা নহয়। সাধাৰণ দৃষ্টিত অশিক্ষিত বিচাৰেৰে মানুহে স্বাভাৱিক বুলি ধৰি লোৱা সৰু সুৰা কথাৰ কালিকা কিছুমানো কিন্তু আচলতে স্বাভাৱিক, সহজাত অথবা স্বত:ফুৰ্ত নহয়। ‘এনেয়ে’ ভাল লগা বেয়া লগাবোৰ, ব্যক্তিগত পছন্দ অপছন্দবোৰ - এইবোৰো আচলতে এফালৰ পৰা একান্ত ব্যক্তিগত নহয়। চাবলৈ গ’লে সকলোখিনিতেই একোটা সাংস্কৃতিক, ভৌগোলিক আৰু ঐতিহাসিক কাৰ্য-কাৰণৰ সূত্ৰ আছে। ঐনিতম এটাৰ সুৰ শুনা মাত্ৰেই আপোনা আপুনি আমাৰ মন টানি ধৰে, কিন্তু ইটালীয়ান বেলাড এটা শুনি হয়তো আমি একোৱেই অনুভৱ নকৰিলোঁ। একোটা সাংস্কৃতিক পৰিমণ্ডলৰ সামগ্ৰিক-চেতনা আৰু অভিজ্ঞতাৰ অৱলম্বনৰ ফলতেই এনে নহয় জানোঁ? ফঁহিয়াই চালে আৰু দিশ ওলাই গৈ থাকিব। ভাষিক ভিন্নতা, লিংগ বৈষম্য আদিবোৰো ক্ৰমাগতভাবে আহি থাকিব। শিল্প অনুধাৱনৰ এনে কিছু কাৰ্য-কাৰণ সম্পৰ্কে আন লেখাত বহলাই লেখাৰ অশা ৰাখি সদ্যহতে এইখিনি কথা সামৰিছোঁ।

সমালোচনাৰ শৰীৰটোও ইতিহাস সিদ্ধ বুলি মানি লোৱাৰ পিছত মন কৰিব লাগিব যে কিছুমান সমালোচনৰ গঢ় গতিয়ে পদ্ধতিগতভাবে ইতিহাসৰ যাত্ৰাপথৰ ক্ৰম স্বীকাৰ কৰে। তেনেকৈয়ে গঢ় লৈ উঠে একো একোটা পদ্ধতি-বিন্যাস (মেথ’ড’ল’জী), একোটা স্কুলিং অথবা মতাদৰ্শই। মানৱ সভ্যতা আৰু বৌদ্ধিক চৰ্চাই আজি ইমান দূৰ আগবাঢ়ি আহিছে যে আজি আৰু এনে কোনো কথা বাকী নাই যি বিষয়ে কথা পতা হোৱা নাই। গতিকে আপুনি একান্ত মৌলিক বুলি ভাবি থকা কথা এষাৰো কোনোবা নহয় কোনোবা প্ৰকাৰে ক’ৰবাত নহয় ক’ৰবাত গৈ মিলিবগৈয়ে। গতিকে যিখিনি সমালোচনামূলক সাহিত্য কোনো পদ্ধতিগত চৰ্চাৰ অংশীদাৰ নহয় বুলি ভবা হৈ থাকে সেইখিনিও কেনিবাইদি বাট পোণাই গৈ কোনোবা ঘৰাণাৰ অঙহী বঙহী হৈ উঠিব পৰাৰ থল থাকে। এনে থলত পদ্ধতিগত সমালোচনাৰ সচেতন চৰ্চা কৰাটোৱেই যুগুত।

পদ্ধতিগত সমালোচনাৰ প্ৰতি বিশেষভাবে দৃষ্টি আকৰ্ষণ কৰা উচিত আৰু অসমীয়া সাহিত্যৰ জগতত ইয়াৰ প্ৰয়োজনীয়তা অধিক। কাৰণ অসমীয়া সাহিত্যত লেখকৰ “মই”-টো বহুত বেছি শক্তিশালী। ‘মই মোৰ নিচিনা’, ‘মই এনেকৈহে ভাবোঁ’, ‘মোৰ মতে’ – এনেধৰণৰ একোটা মনোবৃত্তিৰে অসমীয়া লেখক সকলে লেখা চৰ্চাৰ আৰম্ভণী কৰা সততে দেখা যায়। স্বকীয়তা, নিজস্বতা, একক বৈশিষ্ট্য ভাল কথা কিন্তু সেইখিনিতেই আবদ্ধ হৈ থাকিলে কথা আগবাঢ়িবৰ আৰু সুযোগ নাথাকে। এই গুণটোকে (আচলতে দোষ) আন এটা আলোচনাত আমি ইডিঅ’চিনক্ৰেচী বুলি উল্লেখ কৰিছোঁ। এই দোষটো অসমীয়া সাহিত্যলৈ কেনেকৈ আহিল আৰু কিয় ইমানকৈ প্ৰতিপালিত হ’ল তাৰ এটা বিশ্লেষণ স্থানান্তৰত কৰা হ’ব। সদ্যহতে থাউকতে ইয়াৰ সমস্যা কোনখিনিত তাকে উল্লেখ কৰিম। খুব বেছি আত্মকেন্দ্ৰিক মনোবৃত্তিৰ লেখা একোটাক কেন্দ্ৰ কৰি আগলৈ কথা বাৰ্তা আগবঢ়াই নিয়াৰ সুবিধা নাথাকে। কোনো বাদ-বিবাদ অথবা তৰ্ক-বিতৰ্ককো ই অনুমোদন নজনায়। যেনে যদি মই কথা এষাৰ কওঁ “মই ভাবোঁ” বা “মোৰ মতে” বুলি, তেনেহ’লে সেইটোক খণ্ডন কৰিবলৈ আপোনালোকৰ সন্মুখত বাট নাই। কাৰণ ব্যক্তিমনক প্ৰাধান্য দি “মোৰ মতে” সেইটো হ’বই পাৰে। সেইকাৰণেই “এইটো কেৱল মোৰ ব্যক্তিগত মতহে দেই”- এনেধৰণৰ বৈষ্ণৱী বিনয় প্ৰদৰ্শন সূচক কথা লেখা মেলাৰ প্ৰতি আগ্ৰহী সকলে পৰিহাৰ কৰাই শ্ৰেয়।

আনহাতে পদ্ধতিগত সমালোচনাই পূৰ্বসূৰী লেখকক চিহ্নিত কৰে, লেখাৰ গতি-বিধি নিৰূপন কৰি পূৰ্বাপৰ প্ৰচলিত এটা ধাৰাক আৰু অলপ দূৰ আগবঢ়াই নিয়ে আৰু উত্তৰসুৰী অভ্যাসকাৰীৰ বাবে বাট মোকোলাই দিয়ে। তেনেকৈয়ে গা কৰি উঠে এটা বাক-ধাৰাই। বাদ থাকিলেই বিবাদ থাকিব, প্ৰতিবাদ থাকিব। মত থাকিলেই অমত থাকিব। অসন্তুষ্টিয়েই উত্তৰণৰ বাট মোকোলায়। এনেকৈয়েই লেখা-চৰ্চাই উত্তৰোত্তৰ গতি কৰিব। এজনৰ মত, এটা সিদ্ধান্ত, এটা পদ্ধতি – এইবোৰক হয় প্ৰত্যাহ্বান জনাই, নহয় তাৰো এঢাপ আগুৱাই গৈ আন এজনে অন্য এটা মত, এটা সিদ্ধান্ত, এটা পদ্ধতি আগবঢ়াব। এনেকৈয়ে এটা সময়ৰ পিছত অসমীয়া সমালোচনাৰ ধাৰা বুলি স্কুল এখনে গা কৰি উঠিব।         

[গ]
এতিয়া কবিতাৰ দৰেই কবিতাৰ সমালোচনাৰো এটা নিজস্ব শৰীৰ আৰু আত্মা আছে বুলি কোৱা কথাষাৰৰ পৰা উদ্ভৱ হোৱা দ্বিতীয় দিশটোলৈ আহোঁ। আমাৰ বহু সময়ত এনে হৈছে যে যিটো সৃষ্টিকৰ্ম (ধৰাহওক কবিতা)-ক লৈ সমালোচনা এটা পঢ়িছোঁ, সেই মূল কবিতাটো পঢ়িবলৈ নাপালেও সমালোচনাটো বাৰে বাৰে পঢ়িয়েই আপ্লুত হৈছোঁ। এনেকুৱাও হৈছে যে মূল কবিতাটো হয়তো খুব ভাল লগা কবিতা এটা নহয়, কিন্তু তাৰ সমালোচনা এটাই মুগ্ধ কৰি ৰাখিছে। মই ভাল বেয়া পোৱা কবিতা এটাৰ সমালোচনাই মোক আকৃষ্ট কৰিব পাৰে নে? পাৰে। কাৰণ সমালোচনাটো নিজেই এক স্বয়ংসম্পূৰ্ণ কলা সেই কথা এইখিনিতেই বুজিবলৈ সহজ হয়। কবিতাৰ সমালোচনাটো কেৱল সেই কবিতাৰ কথাতেই আবদ্ধ নাথাকে, বৰঞ্চ ই আগ বঢ়ায় তলৰ বস্তুখিনি-
১) এটা পৰ্যবেক্ষণ পদ্ধতি
২) এটা দৃষ্টিকোণ
৩) এটা অৱস্থান (ৰাজনৈতিক অথবা মতাদৰ্শগত)
৪) এটা দৰ্শণ
৫) এটা নিজস্ব কথাশিল্পৰ দেহ যি নিজতেই সংপৃক্ত

উক্ত আটাইকেইটা কথাই পৰস্পৰ যুক্ত আৰু ইটোৱে সিটোক সমৃদ্ধ কৰে। আটাইকেইটা সম্পৰ্কেই বিশেষ গুৰুত্ব সহকাৰে চিন্তা কৰাটো প্ৰয়োজনীয়। কিন্তু এটা অৱস্থান গ্ৰহণৰ বিষয়টো সকলোৰে কেন্দ্ৰীয়। ডেভিদ কেৰিয়াৰ নামৰ শিল্প ইতিহাসবিদ এজনে এবাৰ কৈছিল – “ছবি এখনৰ পৰা দ্ৰষ্টাৰ দূৰত্ব আৰু কোন স্থানত ৰৈ তাক চোৱা হৈছে সেইটো কলা ঐতিহাসিকৰ বাবে বৰ গুৰুত্বপূৰ্ণ কথা”। এই কথাষাৰৰ কেইবাটাও মানে ওলাব পাৰে। আক্ষৰিক অৰ্থতো কথাষাৰ সঁচা আৰু প্ৰতিকী অৰ্থতো ল’ব পাৰি। পাঠকেই কবিতাৰ লক্ষ্যস্থান, ‘পাঠেই পূৰ্ণতা’। পঠনতেই কবিতাৰ মানে বা অৰ্থৰ উন্মোচন ঘটে। সেয়েহে কোন অৱস্থানৰ পৰা কবিতা এটা পঢ়া হৈছে বা কোন অৱস্থানৰ পৰা দৃষ্টি নিক্ষেপ কৰা হৈছে সেই কথাটোৱেই আটাইতকৈ গুৰুত্ব পূৰ্ণ হৈ উঠে। এই স্থিতি বা অৱস্থানেই পাঠক (সমালোচক)-ক কবিতাটোৰ প্ৰসংগায়িতকৰণত [Contextualization] সহায়ক হৈ উঠে।       

[ঘ]
পুণৰীক্ষণ আৰু সমালোচনা একে বস্তু নহয়।
ফেচবুকৰ আখৰুৱা দলৰ পুণৰীক্ষণ নামৰ উদ্যোগটোৰ অন্তৰ্গত কামখিনি এটা নিজস্ব ধৰণেৰে আগ বাঢ়ি গৈ আছে আৰু গৈ থাকিব। সমসাময়িক নতুন প্ৰজন্মৰ কবিকূল সম্পৰ্কে যেতিয়া কোনো ধৰণৰ লেখা মেলা সততে পোৱা নাযায়, তেনে ক্ষেত্ৰত এই লানি চৰ্চাই এসময়ত গৈ যথেষ্ট আপুৰুগীয়া সমল হৈ উঠিবগৈ বুলি আমি আশা কৰিব পাৰোঁ। কিতু পুণৰীক্ষণৰ ক্ষেত্ৰতো বিধি বিধান, পদ্ধতি-বিধি [Methodology] কেনে হ’ব – এই প্ৰশ্নটো এটা গুৰুতৰ প্ৰশ্ন হৈ থাকিব।

সমালোচনা সাহিত্যৰ পদ্ধতি-বিধি প্ৰয়োগ কৰিয়েই পুণৰীক্ষক সকলো ফলৱৰ্তী হ’ব পাৰে। কেৱল পুণৰীক্ষক সকলেই নহয়, আমি বাৰে বাৰে দোঁহাৰি থকা কথাবোৰৰ ভিতৰত এটা কথা হ’ল এই যে – কেৱল কবিতা চৰ্চাৰ প্ৰতি আগ্ৰহী সকলেও মাজে সময়ে হ’লেও গদ্য ৰচনাৰ অভ্যাস কৰাটো ভাল। সকলো লেখাই ভাল লেখা হ’ব  লাগিব বুলি কথা নাই। কিন্তু নিজৰ বুজা পৰাৰ বাবেও কিছুমান অভ্যাস জৰুৰী।

মোৰ বুজাত অলপ হীন দেড়ি হ’ব পাৰে, কিন্তু পুণৰীক্ষণৰ প্ৰত্যাহ্বান বহুত। সমালোচনা শব্দটোৱে বহন কৰা বহল Discursive পৰিবেশৰ আভাসটো পুণৰীক্ষণ শব্দটোৰ মাজত নাই। [Discursive-ৰ অসমীয়া পৰিভাষা বিচাৰি পোৱা নাই, জনা বুজা কোনোবাই সহায় কৰিব বুলি আশা কৰিলোঁ।] পুণৰীক্ষণ শব্দটো শুনিলেই কিবা পৰীক্ষাৰ বহী পুণৰীক্ষণলৈ মনত পৰি যায় আৰু বুকুখন কঁপি উঠে। আনটি সীমাবদ্ধতা হ’ল পুণৰীক্ষক সকল যিহেতু স্বেচ্ছাসেৱী উদ্যোক্তা, সকলো সময়তে তেওঁলোকৰ সময়-সুবিধা থাকিবই বুলি কথা নাই। ফলত ক্ৰমাগত ভাৱে একোটাকৈ কবিতাৰ বিপৰীতে এটাকৈ পেৰাগ্ৰাফৰ অলপ মন্তব্যৰ এটা ফৰ্মেট বা আৰ্হি হৈ উঠিছে। কোনোবাটো কবিতা সম্পৰ্কে আৰু বহু কথা পাতিবৰ অৱকাশ থাকিলেও সেয়া বাদ পৰি ৰয়। সেয়েহে আখৰুৱাৰ পুণৰীক্ষণ এতিয়া যেনে ধৰণেৰে চলি আহিছে সেয়া চলি থাওক। কিন্তু তাৰ লগতে চেগা চোৰোকাকৈ হ’লেও অন্য ধৰণেৰেও লেখা মেলাৰ অভ্যাসে গা কৰি উঠা উচিত বুলি বিবেচনা কৰোঁ। পুণৰীক্ষণ শিতানৰ আওতাত থাকিও এটা কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি আজি লেখা সামৰিবলৈ বিচাৰিম।  সেয়া হ’ল আমি ইমান পৰে আলোচনা কৰি অহাৰ ধৰণেৰে পুণৰীক্ষণক কেৱল লব্ধ কবিতা কেইটিমানৰ সম্পৰ্কে মন্তব্যৰ সমষ্টি বুলিয়ে নাভাবি এটা স্বয়ংসন্ম্পূৰ্ণ লেখা হিচাপে গঢ়ি তুলিবলৈ যত্নপৰ হ’ব লাগে। সেয়া কেনেকৈ হ’ব তাৰ সঠিক উত্তৰ আমাৰ হাতত নাই আৰু আৰু সেয়া আমাৰ উদ্দেশ্যও নহয়। ঠিক কোনখিনি কথাৰ প্ৰয়োগে লেখাটোক এটা স্বয়ংসম্পূৰ্ণ শিল্পৰূপ দিব সেই প্ৰশ্নটো কৰিব জানিলেই এটা সময়ত সমাধানো বিচাৰি পোৱা যাব।

[ঙ]
পৰিশিষ্ট:
নিজৰ যোগ্যতা থাকক বা নাথাকক, উচিত বুলি ভবা দুটামান দিহা পৰামৰ্শ এইখিনিতে আগবঢ়াই থওঁ।
১) ক্লীছে [cliché] পৰিহাৰ বাঞ্চনীয়
বহুল ব্যৱহৃত হৈ নিজৰ ওজন, মূল্য অথবা অৰ্থ হেৰুৱাই পেলোৱা যি কোনো প্ৰয়োগকেই ক্লীছে বুলি ক’ব পাৰি। উদাহৰণ স্বৰূপে নাটক সম্পৰ্কীয় ৰিভিউ আদিত প্ৰায়ে এষাৰ কথা পোৱা যায় – “অমুকৰ অভিনয় যথাযথ”। এই কথাষাৰৰ মানে কি? অভিনয় সভ্যতাৰ প্ৰাচীণতম কলাসমূহৰ এটা। বহু ৰথী মহাৰথীৰ কৃচ্ছসাধনাৰ মাজেদি বহুতো পৰীক্ষা নিৰীক্ষাৰে অভিনয়ে আহি আজিৰ অৱস্থান পাইছেহি। এখন নাটকৰ এটা সৰু ভূমিকাত অৱতীৰ্ণ হ’বলৈকো এজন অভিনেতাই দিনে নিশাই সাধনা কৰে। এতিয়া সেই অভিনয় সম্পৰ্কে যথাযথ বুলি কৈ থ’লে তাৰ একো মানে নোলায়। কেতিয়াবা কোনো পৰ্যবেক্ষকে কাৰো সম্পৰ্কে চমুকৈ হয়তো ‘যথাযথ’ বুলি কৈ থৈছিল, ঠিকে আছিল। কিন্তু কথাষাৰ ইমান সঘনে ব্যৱহাৰ হ’বলৈ ল’লে যে তাৰ আৰু কোনো মনে নেথাকিলগৈ। কবিতাৰ আলোচনাৰ ক্ষেত্ৰত তেনে এটা ক্লীছে হ’ল – “ইয়াত কবিৰ সামাজিক দায়বদ্ধতা দেখা গৈছে”। কথাষাৰত ভুল একো নাই বা আপত্তিজনকো একো নাই। কিন্তু কথাষাৰ ইমানেই বহুল ব্যৱহৃত যে ইয়াৰ দ্বাৰা আৰু একো বুজা নাযায়।

২) মেটা-ক্ৰিটিচিজম
স্নাতকোত্তৰ পৰ্যায়ত সমালোচনাত্মক লেখাৰ পাঠ্যক্ৰমৰ মাজত আমৰ এটা বিষয় আছিল মেটা-ক্ৰিটিচিজম। মানে এটা সমালোচনাত্মক লেখাৰ সম্পৰ্কে লেখা এটা সমালোচনা। এক প্ৰকাৰে এই লেখাটোও আংশিক ভাবে মেটাক্ৰিটিচিজমেই। কিন্তু পদ্ধতিগত মেটাক্ৰিটিচিজমেহে ন-শিকাৰু সকলক সঠিক বাট দেখুৱাব পাৰিব। আখৰুৱাৰ লেখক-বন্ধু সকলেও সময়ে সময়ে লব্ধ প্ৰতিষ্ঠিত এটা সমালোচনা তুলি লৈ তাক ফঁহিয়াই বিশ্লেষণ কৰিলে তাৰ পৰা আপোনা আপুনি বহু কথা শিকিব পাৰিব।

৩) চাবজেক্টিভ, অথবা পদ্ধতিগত অৱস্থান গ্ৰহণ
নিৰ্বাচিত কবিতাখিনিৰ বিষয়ে মন্তব্য দিয়াৰ আগতে নিৰীক্ষকে আগতীয়াকৈ নিজাকৈ এটা অৱস্থান গ্ৰহণ কৰি সেই অৱস্থানৰ পৰিপ্ৰেক্ষিতত কবিতাখিনি চাব পাৰিব। এই ক্ষেত্ৰত কবিতাখিনিক কোৱা হ’ব সমল বা এভিডেন্স। এই পদ্ধতিটো পৰীক্ষামূলক হ’ব পাৰে। মানে মই আগতীয়াকৈ এটা অৱস্থান লৈ ল’লোঁ আৰু কথা এষাৰ ক’লোঁ। এতিয়া এই সন্মুখত থকা কবিতাখিনিৰে মই পৰীক্ষা কৰি চাম কেনেকৈ এইখিনিয়ে মোৰ কথাখিনিক সিদ্ধ কৰে। তৰ্ক শাস্ত্ৰৰ জ্ঞান থকা সকলে এই ক্ষেত্ৰত বিশেষভাবে লাভবান হ’ব। এইটো বিদ্যায়তনিক গৱেষণাৰো এটা বহুলভাবে পৰীক্ষিত সূত্ৰ। গৱেষণাৰ আৰম্ভণীৰ প্ৰস্তাৱতেই কিছুমান উপপাদ্য ৰখা হয়। তাৰ পিছত ক্ষেত্ৰ অধ্যয়ণৰ মাজেদি (Case Study অথবা Field Study) সেইবোৰ পুণৰীক্ষণ কৰা হয়।

৪) কোনো এক বিশেষ স্কুলৰ আৱলম্বন
এয়া আগৰ কথাখিনিৰেই অলপ বিস্তাৰণ। বিভিন্ন ধৰণৰ প্ৰতিষ্ঠিত “স্কুল অব থট”, অথবা “-বাদ” আদিৰ আলমতো এটা সংখ্যাৰ পুণৰীক্ষণ হ’ব পাৰে। আগতে এঠাইত কৈ অহাৰ দৰে আপুনি বিচাৰিলেও নিবিচাৰিলেও আপুনি ইতিমধ্যেই কোনোবা নহয় কোনোবা এখন স্কুলৰ ভিতৰত পৰিবই পৰিব। সেয়েহে স্ব-ইচ্ছাৰে, সচেতন ভাবেই এক ধৰণৰ চিন্তন পদ্ধতিক সন্মুখত ৰাখি কথা পাতিবলৈ একো অসুবিধা থাকিব নালাগে। অসমত বৌদ্ধিক চৰ্চাৰ সুচল পৰিবেশ এটাৰ অভাৱৰ বাবে এনে চিন্তন-চৰ্চাৰ স্কুল সমূহক সীমাবদ্ধ ৰূপতে চাই থকা হৈ থাকে। কিন্তু যদি “নাৰীবাদ”ক তেনে এটা চিন্তন-পদ্ধতি হিচাপে ধৰি লৈ উদাহৰণ দিবলৈ যদি যাওঁ তেনেহ’লে ক’ম যে বিশ্বত এনে কোনো সমল বা বিষয়বস্তু নাই যাক নাৰীবাদী দৃষ্টিকোণেৰে বিচাৰ কৰিব নোৱাৰি। গতিকে এয়াও এটা পদ্ধতি নিশ্চয় হ’ব পাৰে।  

৫) অন্যান্য বৌদ্ধিক, সৃজনীমূলক ক্ষেত্ৰৰ সমান্তৰাল অধ্যয়ন আৰু প্ৰয়োগ
মাল্টি-ডিছিপ্লিনেৰী, ইণ্টাৰ-ডিছিপ্লিনেৰী আদি শব্দবোৰৰো অসমীয়া পৰিভাষা পাবলৈ অসুবিধা হয়। সি যি কি নহওক, কবিতাৰ লগে লগে চলচ্ছিত্ৰ, সংগীত, নাটক, শিল্পকলা আদিৰ সমান্তৰাল চৰ্চাও বহু সময়ত সহায়ক হয়। হীৰুদাৰ সংগীতৰ লগত সংযোগ, নীলমণি ফুকনৰ শিল্পকলাৰ লগত সংযোগ, ৰফিকুল হোচেইনৰ নাট্যশিল্পৰ লগত সংযোগ আদিবোৰলৈ মনত পেলালে আৰু ব্যাখ্যাৰ প্ৰয়োজন নাই। অলমিতি বিস্তাৰেণ।


[টোকা- 
দেশৰ বিভিন্ন প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সময়ে সময়ে সৃষ্টিশীল আৰু চিন্তাশীল যুৱ-অভ্যাসকাৰীসকলক উদ্দেশ্য কৰি বিভিন্ন সময়ত কৰ্মশালাৰ আয়োজন কৰি আহিছোঁ। তেনে কৰ্মশালা সমূহত নতুন শিল্পী, লেখক আৰু চিন্তাবিদৰ বহুখিনি প্ৰশ্নৰ সন্মুখীন হওঁ। সেই প্ৰশ্নলানিৰ আঁত ধৰিয়েই কিছু কথা যুগুতাই থওঁ বুলি ভবাতেই এই "কাণখোৱাৰ হাতপুথি"ৰ জন্ম।]

সমুদ্ৰ কাজল শইকীয়া, ডিচেম্বৰ ২০১৬


Tuesday, December 27, 2016

নতুন বছৰৰ অশুভ-কামনা



প্ৰতি বছৰৰ প্ৰথম দিনটো আৰম্ভ হয় মংগল-বাৰ্তা, শুভকামনাৰে। এই বছৰটো ভাল হ’ব, অমানিশা শীঘ্ৰেই আঁতৰিব, আখলত এতিয়া সদায়ে জ্বলিব জুই, শান্তিৰে সকলো শুব পাৰিব, ঘৃণাৰ বা-মাৰলী এইবছৰ আৰু নবলে, মাটিয়ে মাটিয়ে ভালপোৱাৰ শইচ গজিব, আৰু কোনো গণ্ডগোল নহ’ব, অবিচাৰো নহয় হত্যা লুণ্ঠনো নহয়, জাৰ আৰু জহৰ আতিশয্যত কোনো নমৰে, মোৰ দেশত এতিয়া আৰু কোনো গৃহহাৰা হৈ নৰয়… এইখিনি কথা ভাবিয়েই প্ৰতি বছৰৰ শেষত মনত পৰে মিৰ্জা গালিবলৈ- “হিয়া জুৰাবলৈ গালিব, এই ভাবনা ভাল”।
কেৱল “দিল ক’ খুছ ৰখনে কো”- যদি এই শুভকামনা হয়, তেনেহ’লে এইবাৰ হওকচোন অলপ অশুভ-কামনা।

সমাজখনত বেয়া ল’ৰাবোৰৰ সংখ্যা কমি আহিছে। এই বছৰ বেয়া ল’ৰাবোৰ আৰু সিহঁতৰ উৎপাতবোৰ বাঢ়ক। পৰম্পৰা আৰু নীতি নিয়মবোৰ নিৰ্বিবাদে মূৰ পাতি লোৱা ভাল ল’ৰাবোৰেই মানৱ প্ৰগতিৰ অন্তৰায়। যুদ্ধ কোনে কৰে? মৃত্যুৰ বিভীষিকা আৰু ধ্বংস কোনে মাতি আনে? আদেশ নিৰ্বিবাদে মানি লোৱা ভাল সৈন্যবোৰেই নহয় জানো? জয়মতীক শাস্তি কোনে দিছিল? আদেশ পালন কৰা ভাল চাওদাঙেই নহয় জানো? সেয়ে এই বছৰ সৈন্য সকল কামচোৰ হওক। সীমান্তৰ সৈন্যক দেশৰ আভ্যন্তৰত আনি থাপিবলৈ বিচাৰিলে সিহঁতে নিজৰ দায়িত্বত গাফিলতি কৰক। নিজ দেশৰে যুৱকক পক্ষাঘাতগ্ৰস্ত নকৰক।




শিল্প-সাহিত্য আৰু সংস্কৃতি ভাল মানুহৰ বস্তুৱেই নহয়। সৃষ্টিশীলতা কাক কয়? Violation-তেই সৃষ্টিশীলতাৰ চাবিকাঠি। কিবা এটা ভংগ হ’ব লাগিব। পূৰ্বাপৰ পদ্ধতি এটা উল্লঙ্ঘন হ’ব লাগিব। ব্যতিক্রম ঘটিব লাগিব, অতিক্রমণ অথবা অৱমাননা কেনেবাকৈ লাগিবই। নহ’লে সৃষ্টি কেনেকৈ হ’ব? একেটা ছন্দত গৈ থাকিলে সংগীত নহয়, তাক কোৱা হ’ব মেট্ৰ’ন’ম। ছন্দটো অতিক্ৰমণ হ’লেহে সংগীত। ভাড়ালৈ দিবলৈ থোৱা ঘৰ এটাৰ সন্মুখত “To Let” বুলি লিখি থোৱা আছে। অঘাইটং এটাই দেখা পাই তাৰ মাজতে “I” আখৰটো লগাই দিলেগৈ। “To Let”-টো গৈ হৈ থাকিলগৈ “Toilet”। ইয়াতকৈ ভালকৈ আৰু আনভাবে সৃষ্টিশীল মনৰ কথা আমি ক’ব নোৱাৰিম। কিবা এটা দেখিবলৈ ধুনীয়া কৰি দিয়াটো শিল্প নহয়। এটা প্ৰশ্ন অথবা এটা কৌতুহলৰ উদ্ৰেক কৰাটোহে শিল্প। প্ৰশ্ন কৰিবলৈ নিশিকা ভাল মানুহবোৰ নোহোৱা হওক- এয়ে অশুভ কামনা। অন্যথা বেৰত আৰু বাতামত ৰং সনা জনেই শিল্পী হ’লহেতেন, বেলেগে অকৌ চিত্ৰকৰ কিয় লাগিছিল? সূৰ্যাস্ত দেখোন এনেয়েও ধুনীয়া। তাকে আকৌ চিত্ৰায়িত কৰিবৰ প্ৰয়োজন কোনখিনিত আছিল যদিহে সি কিবা এটা ভাবনাৰ উন্মেষ ঘটাব নোৱাৰে? আৰু এইখিনি ভাল মানুহে কৰিব নোৱাৰে। তাৰ বাবে বেয়া মানুহ লাগিব। অসম দেশৰ সমস্যা সেইখিনিতেই যে দিনক দিনে ভাল মানুহৰ সংখ্যা ইয়াত বাঢ়ি আহিছে। যৌনতাৰ কথা আজি আৰু কোনেও নাপাতে। সকলো ভাল। অশুভ কামনা এয়ে যে ‘ফাগুণৰ পছোৱা’, ‘কপৌফুল’ আৰু ‘শাৰদী জোনাক’ৰ ভাল কথাবোৰৰ বাদেও বেয়া কথা বুলি নিলগাই থোৱাখিনি লিখিবলৈকো এচাম বেয়া লেখক আগবাঢ়ি আহক। পৰম পূজ্য পূৰ্বজ কবিকূলে দি থৈ যোৱা কাব্য ভাষা ব্যতিৰেকে কোনেও আৰু অন্য ভাষাৰে কবিতা নিলিখে। গোটেই জীৱন গুৱাহাটীৰ চিটিবাছৰ মানুহৰ গেলা ঘামৰ গোন্ধ লৈ পাৰ কৰিলেও লিখিবৰ সময়ত কিন্তু শইচ, পথাৰ, ধানেই কৰি থাকিব। প্ৰদূষিত মুম্বাই দিল্লীৰ শ্বাসৰুদ্ধ গলিত ভাড়াতীয়া হৈ থাকিও গায়ক যদি অসমীয়া হয় তেনেহ’লে ‘জোনাকী ৰাতি’, ‘বুকুৰ বেদনা’, নহ’লেবা ‘পাহাৰ বগাই কপৌ ফুল আনি দিয়া’ গানেই গাব লাগিব। কাৰণ যে তেওঁলোক ভাল। কাৰণ যে তেওঁলোকে ‘মাটিৰ গোন্ধ’ থকা কথা লিখে। কাৰণ যে তেওঁলোক ‘সমাজ দায়বদ্ধ’। সেয়েহে এই ক্ষণত আৰু এটা অশুভ কামনা কৰিছোঁ- অসমৰ সাহিত্যৰ জগতখনৰ পৰা যাতে ‘মাটিৰ গোন্ধ’ আৰু ‘সামাজিক দায়বদ্ধতা’ এই নতুন বছৰটোতেই আঁতৰি যায়। 

হাৰমনিয়াম আৰু তবলা লৈ যে জ্যোতিসংগীত গায়, সেইখিনি ভাল মানুহ। খটাসুৰ জ্যোতিপ্ৰসাদে দেখোন অৰ্গেন বজাইছিল বুলি শুনিবলৈ পাওঁ। এফালে আইনামৰ সুৰ আৰু আনফালে অৰ্কেষ্ট্ৰা শুনিবলৈ পাওঁ। ৰিমিক্স/ ক'ভাৰ/ কাৰাঅ'কে কি কৰিছিল ১৪ বছৰ বয়সত? প্ৰায় এটা শতিকাৰ ব্যৱধান। ধেমালি নহয়। আজিৰ তাৰিখত সি সন্মুখত থকা হ'লে কি যে কৰিলেহেতেন! লুইতৰ বানক হুংকাৰ দিয়া, অটোৰিক্সা চলোৱা সংগ্রামী যুৱক, ছায়াঘন সৰলৰ পাতৰ মাজত প্ৰেম কৰা অদম্য প্ৰেমিক জয়ন্তৰ কথা আপোনালোকেতো জানেই। বলিয়া ভূপেনৰ কথা নকওৱেই। মৰালৈকে গতি নালাগিল। ডাঙৰ হ'বলৈ নিশিকিলেই। আমিবোৰ কেনেকৈ যে ডাঙৰ হৈ গ'লোঁ! আমাক আৰু এচাম উদণ্ড ডেকা ল'ৰা লাগে। গুৰু গোঁসাই নমনা, জাত পাত নমনা- 'নতুন পুৰুষ' লাগে। তেনেহ’লে সেই অৰ্কেষ্ট্ৰাক মাথামুণ্ড নোহোৱা কৰি পেলোৱা সেই ভাল সংগীত শিল্পীবোৰ আৰু নালাগে। জ্যোতিসংগীতৰ আঁৰৰ সেই অঘাইটং জ্যোতি নামৰ ছেঙেলীয়া ল’ৰাটোকো লাগে।

কণকলতা, মূলাগাভৰুৰ কথা কৈ জাতীয় প্ৰেমেৰে গদ গদ হৈ থকা নাৰীতকৈ আজিও কিয় ৰাজনৈতিক বা মতাদৰ্শগত স্থিতি গ্ৰহণৰ ক্ষেত্ৰত অসমীয়া নাৰীকণ্ঠ থৰক বৰক তাক প্ৰশ্ন কৰা বেয়া ছোৱালীবোৰে মূৰ দাঙি উঠক। সাংস্কৃতিক মণ্ডপত ছোৱালীয়ে চাদৰ মেখেলা পিন্ধিব লাগে বুলি সংস্কৃতিৰ ধ্বজাবাহী নাৰীৰ বিপৰীতে জিলিকা মিলিকা লাইটেৰে ভৰা ৰক আৰু পপ সামগ্ৰীৰে উপচি থকা এটা পৰিবেশত সেই একেসাজ কাপোৰ অশোভনীয় বুলি ক’ব পৰা ‘সংস্কৃতি-বিৰোধী’ একোজন আগবাঢ়ি আহক। এয়ে অশুভ-কামনা। 

বেজবৰুৱা অসমীয়া ছুটিগল্পৰ জনক বুলি কৈয়ো তেওঁ গল্প আৰু সাধুৰ মাজত বিভাজন ঠাৱৰ কৰিব পৰা নাছিল বুলি কৈ, জ্যোতিপ্ৰসাদে সংখ্যাত কমকৈ গল্প লিখিলেও সেয়া অসমীয়া ভাষাৰ উৎকৃষ্ট গল্প নহয় বুলি কৈ, নিৰ্ধাৰিত ধূতি নীতিৰ আঁতৰত অন্যধৰণৰ সৃজনীমূলক লেখাৰ উন্মেষ ঘটাৰ গোটেই বাটটোৰেই মুদা মাৰি থোৱা অসমীয়া সাহিত্যৰ পণ্ডিত সকল নিপাতে যাওক। এয়ে অশুভ-কামনা।

ধুনীয়া ফুল এপাহ দেখি ধুনীয়াকৈ অঁকা শিল্পী আমাক নালাগে যদিহে তাত বগাই থকা কুমজেলেকুৱাটো তেওঁ নেদেখে। তেনেকুৱা শিল্পী নালাগে যি কেৱল কাগজতহে আঁকে, দেৱালখন লেতেৰা হোৱাৰ ভয়ত দেৱালত ছবি নাআঁকে। আভিজাত্যৰে থিয় দি থকা পৰিষ্কাৰ হৈ থকা দেৱালবোৰ লেতেৰা হওক - এই বছৰৰ অশুভ-কামনা এয়ে।

তথ্য প্ৰযুক্তিৰ বিপুল সম্প্ৰসাৰণৰ এই বিশ্বত সকলোৱে সকলো কথা জানি পেলাইছে। উচিত অনুচিতৰ বিচাৰত সকলোৱে নিজৰ সিদ্ধান্তত অটল হৈ পৰিছে। সংসাৰৰ একো আও ভাও নোপোৱা এচাম অবোধ বালক জাগ্ৰত হওক। এয়ে অশুভ কামনা। সিদ্ধান্তত বিচলিত মানুহ লাগে আমাক। যি কিবা এটা সন্ধান কৰি গৈ থাকি কিবা এটা আৱিষ্কাৰ কৰি পেলাব। কোনো ব্যৱহাৰিক দিশ নথকা গৱেষণা পত্ৰৰ লাইব্ৰেৰীত জুই লাগক। এয়ে অশুভ কামনা।  

উঠিবলৈ ক’লে উঠা, বহিবলৈ ক’লে বহা, শাৰী পাতিবলৈ ক’লে শাৰী পাতি থকা ভাল মানুহ দেখিলোঁ। এইবাৰ অলপ অবাধ্য মানুহ লাগে। ভাল দিনৰ কামনা কৰি আগৰবোৰ বছৰ গ’ল। এই বেলি বেয়া দিনৰেই কামনা হওকচোন। হওকচোন বাৰু। শুভ কামনাৰ জোৰ দেখিলোঁ ইমান বছৰে। এইবেলি অশুভকামনাৰেই জোৰ দেখা যাওক। 

প’লিটিকেলি কাৰেক্ট হ’বৰ বাধ্যবাধকতাৰ বিপৰীতে পলিটিকেলি ইনকাৰেক্ট কথা বতৰাৰ বাবেও বেয়া ল’ছালিহঁতে সাহস কৰি আগবাঢ়ি আহক।
চেন্সেৰে ভৰপূৰ হৈ উঠা এইখন বিশ্বত এতিয়া অলপ ননচেন্স লাগে।

অশুভ-কামনা এয়েই।



সমুদ্র কাজল শইকীয়া, ডিছেম্বৰ ২০১৬
১ জানুৱাৰী ২০১৭ তাৰিখে "দৈনিক জনমভূমি" কাকতত প্ৰকাশিত।

Monday, December 26, 2016

জুইখেল

জুইখেল
বৰ্ণালী বৰগোহাঁই
প্ৰকাশক: আখৰ প্ৰকাশ,
প্ৰথম প্ৰকাশ: নৱেম্বৰ ২০১৬
বেটুপাত: প্ৰদীপ নাথ
অংগসজ্জা: মৃণাল আকাশ মেধি
স্বত্ব: ৰিহাবৰ্ণা মেধি
মূল্য: ৬০।০০ টকা
 
‘সুখপাঠ্যতা’ ভাল সাহিত্যৰ প্ৰথম চৰ্ত বুলি যি সকলে ভাবে, তেওঁলোকৰ বাবে বৰ্ণালী বৰগোঁহাইৰ “জুইখেল” নি:সন্দেহে এখন ভাল কবিতাৰ কিতাপ। সুখপাঠ্যতাৰ সংজ্ঞা সম্পৰ্কে স্থানান্তৰত কাৰো কাৰো সৈতে আমাৰ বিৰোধ থাকিলেও এই কথা মানিবই লাগিব যে সুখপাঠ্যতাৰ আঁৰত থাকে নৈপুণ্য (skill), কছৰৎ আৰু বোধৰ পূৰ্ণতা। বৰ্ণালী বৰগোহাঁইৰ কবিতা এইখিনি বস্তুৰ দাবীদাৰ।

“মোৰ কুমলীয়া জীউ” সম্ভৱত: আটাইতকৈ স্পৰ্শকাতৰ কবিতা। নিজৰ সন্তানক সম্বোধি কৰা মাতৃত্বৰ এটা জীয়া অনুভৱ ইয়াত আছে। তুলনা কৰাটো সম্ভৱ উচিত নহ’ব, কিন্তু এই কবিতাটো পঢ়িবৰ পৰত বাৰে বাৰে মৌচুমী ভৌমিকৰ “তোৰই জন্য” নামৰ গীতটোলৈ বাৰে বাৰে মনত পৰিছিল। নিজৰ সন্তানৰ প্ৰতি ভয়, দ্বিধা, শংকা আৰু উৎকণ্ঠাই ইয়াৰ উপজীৱ্য। কবিৰ এনে ধৰণৰ বৰ্ণনাশ্ৰয়ী একো একোটা কবিতাৰ কলেৱৰ আৰু গঢ়-গতিয়ে এক অনন্য পঠনৰ অভিজ্ঞতা প্ৰদান কৰে আৰু সেইখিনিতেই নাটকীয়তা বিদ্যমান বুলি ক’ব খোজোঁ। বিশেষকৈ দুটমান কবিতা যেনেধৰণেৰে আগবাঢ়িছে কোনোবা আগ্ৰহী নাট্যকৰ্মী থাকিলে তাক মঞ্চায়ণৰ বাবেও অভিযোজনা কৰিবলৈ আগবাঢ়ি আহিব পাৰে। ছুটি গল্পয়ো এটা কাহিনী কয়, নাটকেও এটা কাহিনী কয় বাবে সচৰাচৰ ছুটিগল্পৰ সৈতে নাটকৰ সান্নিধ্য মানুহে বেছিকৈ অনুভৱ কৰে। কিন্তু আমাৰ বিচাৰত আচলতে নিৰ্যাসৰ ফালৰ পৰা নাট্যশিল্প কবিতাৰহে বেছি ওচৰ ছপা। জিণ্টু ভট্টাচাৰ্যই ৰফিকুল হোচেইনৰ “ৰাধা-নৈ-পানী”ৰ নাট্যৰূপ দিবৰ সময়ত লিখা এটা লেখাত এইখিনি কথা পাতিছিলোঁ।

নিজৰ ৰাজনৈতিক আৰু মতাদৰ্শগত স্থিতি সম্পৰ্কে স্পষ্টতা এইজন কবিৰ বিশিষ্টতা। অনাহক বৈষ্ণৱী বিনয়ৰ বিপৰীতে কবিয়ে পাতনিতে ঘোষণা কৰিছে “মই নিজকে কবি বুলি বিশ্বাস কৰোঁ। সেইবাবেই কবিতা লিখোঁ।”, আৰু নিজৰ শব্দৰ সাধনাৰ দায়িত্বও স্বীকাৰ কৰিছে। এইগৰাকী কবি তথাকথিত ‘পৰীক্ষা-নিৰীক্ষা’ৰ মেৰপেচলৈ নোসোমোৱাকৈ চিধা ভাষাৰে চিধা কথা ক’বলৈকে ভালপোৱা মানুহ। সেয়েই হয়তো “কবিতাবোৰক কেতিয়াও গৱেষণাগাৰত তুলি দিয়া নাই। শব্দৰ শৰীৰবোৰক টুকুৰা-টুকুৰকৈ কাটি চোৱা নাই। চাব নোৱাৰোঁ। কাৰণ কলিজাৰ তেজেৰে কবিতাবোৰক জীয়াইছোঁ” বুলি তেখেতে উল্লেখ কৰিছে। “লিখিম বুলি ভাবি থকা কথাবোৰ” শিৰ্ষক কবিতাটোৱেই এইখিনি কথা প্ৰতীত কৰিবলৈ উৎকৃষ্টতম।


খণ্ডিত দৃষ্টিৰে চালে কবিৰ যুদ্ধ বিষয়ক কবিতাটোৱে হয়তো নতুন একো কথা কোৱা নাই, কিন্তু তথাপিও ই নতুন ই উদ্ৰেক কৰা কেইটামান মুলগত প্ৰশ্নৰ কাৰণে। যুদ্ধ আকাংক্ষিত হ’ব নোৱাৰে। সৃষ্টিশীল সংবেদনশীল মানুহে চিৰকালেই যুদ্ধৰ বিৰোধিতা কৰি আহিছে। “যুদ্ধ কিয় কৰে মানুহে/ যুদ্ধৰ অতলত কি শান্তি শুই থাকে/ নে ভোকাতুৰ মানুহৰ ভাত” বুলি সেই প্ৰাচীণ প্ৰশ্নটোকে সাৰোগত কৰিও যুদ্ধৰ প্ৰয়োজনীয়তা কেনেকৈ বাৰে বাৰে আহি পৰে সেই কথা কবিয়ে কৈছে। এইখিনিতে কবিৰ স্থিতি সম্পৰ্কে কথা আহি পৰে। এই যুদ্ধৰ প্ৰয়োজনীয়তাৰ বোধ কিন্তু ৰাষ্ট্ৰবাদী, সৰ্বগ্ৰাসী, প্ৰভূত্ববাদী যুদ্ধোন্মাদ সকলৰ যুদ্ধৰ প্ৰয়োজনীয়তাতকৈ বহুত পৃথক। চুবুৰীয়া দেশ এখনৰ প্ৰতি ঘৃণাসূচক দুটা কথা উদ্দাত্ত কণ্ঠেৰে ঘোষণা কৰাটোৱেই যি সময়ত এই দেশত দেশপ্ৰেমৰ মাপকাঠি, সেই সময়ত যুদ্ধ বিষয়ক বোধৰ নতুন উন্মেষৰ প্ৰয়োজনীয়তা আছে। সীমা অথবা শত্ৰুপক্ষৰ ঘৃণাৰ ব্যতিৰেকে ইয়াত কোৱা হৈছে “যুদ্ধ মানে অধিকাৰ”। সেইখিনিতেই আন দহটা যুদ্ধবিৰোধী কবিতাতকৈ এই কবিতা বেলেগ।

একেধৰণেৰেই “জুইখেল” শীৰ্ষক কবিতাটোও ‘সামাজিক দায়বদ্ধতা’ প্ৰকাশ কৰা আন বহুতো সৰলৰৈখিক কাব্য-বিন্যাসতকৈ পৃথক। সত্য আৰু সত্যৰ বীক্ষণ সম্পৰ্কে এক সমাজ দৰ্শন ইয়াত আছে। চিমুলাক্ৰা অথবা সাদৃশ্যৰ ৰজ্জুত যেতিয়া ৰাজনৈতিক মুহূৰ্ত এটাই বিভ্ৰান্তিকে আচ্ছাদন হিচাপে আঁকোৱালি ল’বৰ উপক্ৰম হয়, তেনে এক মুহূৰ্ততেই এনে কবিতাৰ জন্ম।
“মই জানোঁ
পুৰি যোৱা মানেই ছাই নহয়
মই জানোঁ
জুইবোৰ নিজৰ গাত নলগালৈকে
মানুহবোৰে তাক জুইখেল বুলিয়ে কয়” ।।

কবিতাখিনিৰ কলেৱৰ আৰু অলপ সৰু হ’বৰ থল আছিল। বাক্যব্যয়ৰ ক্ষেত্ৰত আৰু অলপ সংযমী হ’লে কবিৰ কবিতাই আৰু অলপ পৰিপক্কতা পাব। এজন অভ্যাসকাৰী হিচাপে এইখিনিতে কবিৰ দ্বিধা-দ্বন্দৰ কিছু কথা আমি অনুভৱ কৰিব পাৰোঁ। কেতিয়াবা সংক্ষিপ্তকৰণৰ ফলত কবিতাই সুখপাঠ্যতা হেৰুৱায়। কেতিয়াবা কবিতাৰ সাৰভাগ একে থাকিলেও অধিম সংযমে বাক-ভংগী অথবা কবিৰ ব্যক্তিগত কাব্যভাষাৰ কালিকাটো হেৰুওৱাৰ উপক্ৰম হয়। কিন্তু বৰ্ণালী বৰগোহাঁই নামৰ কবিগৰকীৰ প্ৰতি আমি আশ্বস্ত এই কাৰণেই যে কবিৰ কিছুমান কবিতাত আমি বিস্তৰ সম্ভাৱনাৰ উমান পাই থৈছোঁ আৰু বৰ্ণনাধৰ্মিতা পৰিহাৰ কৰি ৰূপকাশ্ৰয়ী ভাষাৰেও কবিয়ে সঠিক বাটেই কাটি থৈছে। কবিৰ যি কেইটা কবিতা অধিবাস্তৱিক, অধিক ৰূপকাশ্ৰয়ী, অথবা উপমাৰ ঘনত্ব য’তেই বেছি সেই আটাইকেইটা কবিতাই মৰ্মস্পৰ্শী। “প্ৰহৰে প্ৰহৰে কথা পাতে” তেনে এটা ঈষৎ এবছাৰ্ড, ঈষৎ অধিবাস্তৱ কবিতা য’ত শব্দ বাক্যৰ মেদবহুলতাও নাই আৰু লিৰিকেল গুণেৰেও পাঠকক পলকতে চুই যায়।
[প্ৰহৰে প্ৰহৰে কথা পাতে
বুকুৰ ছাঁত ৰৈ যোৱা কোনোবাজনক
দ্বিতীয় প্ৰহৰে চিনে]।

একে প্ৰসংগতে বৰ্ণনাধৰ্মী হৈয়ো মিতব্যয়ী আন এটা কবিতা হ’ল “হেলনীয়া বৰষুণ”-
“বৰষুণ পৰিছে থিয়কৈ
আৰু মই বেঁকা বাট এটাৰে গৈ আছোঁ

মই বিচাৰিছিলোঁ
পোন বাট এটাৰে গৈ থাকিম
আৰু হেলনীয়া বৰষুণ এজাকে
মোক তিয়াই পেলাব

অহা আৰু যোৱা ঠিকেই চলিল
মই তিতি থাকিলোঁ
থিয় বৰষুণ এজাকত”
[হেলনীয়া বৰষুণ]

 

“লিখিম বুলি ভাবি থকা  কবিতাবোৰ/ চাহৰ কেটলিত উতলে আৰু/ কুকাৰৰ হুইচেলৰ হাৱাত উৰি যায়”ৰ দৰে প্ৰাত্যহিক জীৱনৰ খুটি নাটি ঠায়ে ঠায়ে থাকিলেও বৰ্ণালী বৰগোহাঁই বহুলাংশে অসমৰ নিসৰ্গৰেই কবি। অসমৰ প্ৰকৃতি, গাঁও আৰু সৌহাৰ্দ্যই যেতিয়াই ভুমুকি মাৰিছেহি, তেতিয়াই বৰগোহাঁইৰ কবিতাৰ গীতিময়তাই অনন্য ৰূপ লৈছে। উদাহৰণ স্বৰুপে মাত্ৰ দুটি স্তৱকেই যথেষ্ঠ-

হুৰমুৰাই আকাশখন ভাগি পৰিছে
পানী পাই উজানৰ মাছ এজাকে
খুটিয়াব ধৰিছে
[উজান]

উদং চকী আৰু মুঢ়াবোৰে
সৰাপাতৰ কথাকে পাতি থাকে
ভালপোৱাজনৰ বাবে ৰৈ থাকোতে
তামোলগছৰ দীঘলীয়া ছাঁ পৰে
[ফাগুণৰ কবিতা]

এইজন কবি পাইকাৰী হাৰত কবিতা লিখা অথাবা বছৰে বছৰে কিতাপ প্ৰকাশ কৰি থকা কবি নহয়। গতিকে পৰৱৰ্তী সংকলন এখন পাবলৈ আমি হয়তো কিছু সময় অপেক্ষা কৰিব লাগিব। সেই পৰৱৰ্তী প্ৰকাশত আমি কবিৰ পৰৱৰ্তী পৰ্যায় বা নেক্সট লেভেল নিশ্চয়কৈ দেখিবলৈ পাম।

সমুদ্ৰ কাজল শইকীয়া, ডিচেম্বৰ ২০১৬



Monday, December 19, 2016

অন্দাজ-এ-গুফতগূ : সমসাময়িক অসমীয়া কবিতাৰ গছিপ



পেৰাডক্স ১-
দিনক দিনে এম ফিল আৰু পি-এইচ-ডিৰ দৰে বিদ্যায়তনিক ডিগ্ৰী লাভ কৰা মানুহৰ সংখ্যা গাঁৱে ভূঞে যিমানেই বাঢ়িব লাগিছে, "বিদ্যায়তনিক চৰ্চাৰ কাম নাই", "বৌদ্ধিক চৰ্চাৰ ব্যৱহাৰিক ভিত্তি নাই" অথবা "সমালোচনাৰ প্ৰয়োজন নাই" বুলি ধাৰণাখিনি ব্যস্ত্যানুপাতিক ভাবে জনমানসত সিমানেই বাঢ়িব লাগিছে।

পেৰাডক্স ২-
অতি-সাম্প্ৰতিক কবিকূলে অগ্ৰজ কবিকূলৰ অসমীয়া কবিতা নপঢ়াকৈ কবিতা চৰ্চাত নামিছে বুলি অভিযোগটো যিমানে বাঢ়িছে তাৰ বিপৰীতে হিৰেণ-গন্ধী, নীলমণি-সুৰীয়া, অজিৎ-গঢ়ী বাক্যাংশ আৰু কাব্যাংশৰ চৰ্বিত চৰ্বন অথবা ক্লীছেৰ পয়োভৰ বাঢ়িছেহে বাঢ়িছে।

পেৰাডক্স ৩-
কাব্যচৰ্চাত পৰীক্ষা নিৰীক্ষাৰ কথা যিমানেই শুনা গৈছে সিমানেই দৃষ্টিকটু ভাৱে প্ৰকট হৈ উঠিছে স্থিতাৱস্থা।

পেৰাডক্স ৪-
কনটেণ্ট বাদ দি ফৰ্মৰ প্ৰতি নতুন কবিৰ হাবিয়াসৰ কথা যি সময়ত উঠিছে, সমালোচনাত সেই সময়তে আঁহফলা ফৰ্মেলিজমৰ অৱলুপ্তি ঘটিছে ।

বিষয়বস্তুৰ গভীৰতালৈ নগৈ উপৰুৱাকৈ দিয়া কিছুমান মন্তব্যই সময়ে সময়ে উলাই কৰিব নোৱাৰা হৈ উঠি একোটা পৰিস্থিতিৰ উদ্ভৱ কৰে। নব্য-মাধ্যমৰ (চ'ছিয়েল মিডিয়া, বৈদ্যুতিন মাধ্যম আদি) বহুল সম্প্ৰসাৰণৰ এই সময়ত এই কথাটো অতি বেছি গুৰুত্বপূৰ্ণ হৈ উঠিছে। কেউফালে চাই মেলি বাৰে বাৰে আমি সমালোচনাৰ সংকট বোলা কথাষাৰলৈকে বাৰে বাৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰোঁ। কেনেবাকৈ আমি কৈ থকা এই কথাখিনি ভুল প্ৰমাণিত হ’লে আমি নিজেই বেছি সুখী হ’লোঁহেতেন। কিন্তু চকুত লগাকৈ কথাখিনি এনে জলজল পটপট হৈ আছে যে কথাখিনি নপতাকৈও থাকিব নোৱাৰি। সেয়েই এই গছিপ। 



সমালোচকৰ মৃত্যু

যোৱা শতিকাৰ শেষাৰ্ধটো অন্ত্যেষ্টিক্ৰিয়াৰ যুগ। লেখকৰ মৃত্যুঘোষণা কৰা হ’ল। চিন্তা চৰ্চাৰ ৰেডিকেল হোতা সকলে ক্ৰমে এটা এটা প্ৰচলিত বাদ মতবাদ সকলোৰে মৃত্যুঘোষণাত উঠি পৰি লাগিল। এনে সময়ত সমালোচকৰো মৃত্যুঘোষণা হৈ গৈছে নেকি? হৈছে। এসময়ৰ সমালোচনাক চিৰিয়াছ চৰ্চা হিচাপে লোৱা লোকৰ ক্ৰমাগত বিলুপ্তিৰ দিশলৈ চায়ো কথাষাৰ উত্থাপিত হৈছে, আনফালে সমসাময়িক (Contemporary) কলাচৰ্চাত পৰম্পৰাগত ধাৰণাৰ সমালোচকৰ আৰু প্ৰয়োজন নাই বুলিও মূৰ্দাবাদ ধ্বনিত হৈছে। “The Death of the Critic” (২০০৭) গ্ৰন্থত সামাজিক ক্ষেত্ৰত ৰ’নান মেকডনল্ডে William Empson, F.R. Leavis বা Lionel Trilling-ৰ দৰে সমালোচক যে আজিকালি দেখিবলৈ নোহোৱা হৈ আহিছে সেই কথাকেই কৈছে। সঁচা কথা যে সকলো সময়তেই সমালোচক সকল তুচ্ছ তাচ্ছিল্যৰ পাত্ৰ হৈ আহিছে। কেতিয়াবা হাৰেমত থকা নপুংসকৰ লগত তেওঁলোকক তুলনা কৰা হৈছে যি সকলো দেখে, সকলো জানে কিন্তু নিজে একো কৰিব নোৱাৰে, আন কেতিয়াবা আকৌ চলচ্ছিত্ৰ সমালোচক সকলৰ উদাহৰণ দৰ্শোৱা হৈছে যি চিনেমাৰ ভাল বেয়া সকলোখিনি দেখুৱাই দিব পাৰে কিন্তু নিজে হাতে কামে লাগিবলৈ গৈ একোখন ফ্লপ চিনেমাহে কৰি উঠিছে।  

কিন্তু আজিৰ তাৰিখত সমালোচকক লৈ তুচ্ছ তাচ্ছিল্য কৰিবলৈ অসুবিধা হোৱা হ’ল এই কাৰণেই যে সৃষ্টিশীল আৰু চিন্তাশীলৰ মাজৰ পৰম্পৰাগত ব্যৱধান কম হৈ আহিল। বিশেষকৈ শিল্পৰ জগতত আজি শিল্পীয়েই সমালোচক, আৰু সমালোচকেই শিল্পী। আশ্চৰ্যকৰ প্ৰখৰ গতিত কলাৰ জগতত ঘটা মূলগত পৰিৱৰ্তনবোৰৰ মাজত এটা হ’ল এই যে কলাৰ সমালোচনা এজন দৰ্শক, পাঠকৰ কাম হৈ থকাৰ পৰিৱৰ্তে এটা অংশগ্ৰহণকাৰী কাৰ্যপন্থাহে হৈ উঠিল (a participatory activity rather than a spectator sport)। 

সমসাময়িক শিল্পকলাৰ জগতৰ এজন সমালোচক, কিউৰেটৰ ৰাহুল ভট্টাচাৰ্যক আলপতে লগ পাওতে জনালে যে এটা পাব্লিক আৰ্ট প্ৰকল্পৰ বাবে তেওঁ নিমন্ত্ৰিত হৈছে। বিভিন্ন ঠাইত এনে ধৰণৰ সামূহিক উদ্যোগ বোৰত সক্ৰিয় ভাবে অংশগ্ৰহণ কৰি অহা ভট্টাচাৰ্যৰ বাবে এয়া একো নতুন কথা নাছিল, কিন্তু এটা উত্তেজনা আৰু আনন্দৰ বিষয় আছিল এয়ে যে এইবাৰ তেওঁক এজন সমালোচক, লেখক, ঐতিহাসিক বা গৱেষক হিচাপে মতা হোৱা নাই, মতা হৈছে এজন শিল্পী হিচাপেহে। শিল্প সমালোচনাৰ লগে লগে শিল্পকৰ্ম নিৰ্মাণৰ ক্ষেত্ৰতো ৰাহুল ভট্টাচাৰ্যই বিগত কেইবছৰমানৰ পৰা সক্ৰিয় হৈ আহিছে যদিও এয়াই তেওঁৰ শিল্পী হিচাপে প্ৰথম স্বীকৃতি। সমসাময়িক শিল্পৰ জগতখনত যে সমালোচক আৰু শিল্প-স্ৰষ্টাৰ মাজৰ সীমাৰেখাখিনি যে ক্ৰমশ: মচ খাই আহি শেষ হৈ পৰিছে এই এই ঘটনাটো তাৰেই সূচক। 

এটা সময় আছিল যেতিয়া শিল্পীয়ে শিল্প কৰে, সমালোচকে লিখে, কলাবিথিকা আৰু যাদুঘৰে কিউৰেট কৰে। কিন্তু এতিয়াৰ দৃশ্যপটখন বেলেগ। এতিয়া শিল্পী নিজেই সমালোচক, নিজেই এজন দাৰ্শনিক, নিজৰ কামৰ নিজেই কিউৰেটৰো। আধুনিকতাবাদী কালৰ সেই হোজা সহজ সৰল (innocent) শিল্পীজন, অথবা সমাজবহিৰ্ভূত অহৌবলিয়াজন (mad) আজি আৰু নাই। ‘মোৰ কামৰ কথা মোৰ কামে নিজেই ক’ব’ বুলি দায় সৰাৰ পৰিবৰ্তে আজিৰ শিল্পী সকল সবাক। সমসাময়িক ভাৰতীয় শিল্পৰ ক্ষেত্ৰত পৰিস্থিতিটো গৈ গৈ এনে এটা পৰ্যায় পালেগৈ যে আজি এজন চিত্ৰকৰে আৰু ছবি আঁকিবলৈকে বাদ দিছে, এজন ভাষ্কৰে অবয়ব গঢ়িবলৈকে এৰিছে। বৰঞ্চ তেওঁলোকে কথা পাতিবলৈ পালেইহে যেন বেছি সুখী। [সময় আৰু স্থান সাপেক্ষে আমি ইচ্ছাকৃত ভাবে কেতিয়াবা অৱস্থান সলনি কৰোঁ। একেটা সময়তে বিভিন্ন সময়ৰ সহাৱস্থান সম্ভৱপৰ। ভাৰতৰ দিল্লী আদি মেট্ৰ'পলি সমূহত বৌদ্ধিক চৰ্চা এনে এক তুংগত উঠিছেগৈ যে কলা অভ্যাসে ক্ৰমশ: মেলানি মাগিছে আৰু তাৰ স্থান লৈছে দাৰ্শনিক কথা-বাৰ্তাৰ চৰ্বিত চৰ্বনে। আমি তাৰ বিৰোধিতা কৰোঁ। আনহাতে অসমৰ প্ৰসংগ উঠিলে আমি কওঁ যে বৌদ্ধিক কথা-বাৰ্তাৰ উন্মেষ ঘটিবলৈ যিহেতু এতিয়াও বাকি - এয়ে সময় আমি অলপ কথা পতাটো জৰুৰী। আহক কথা পাতোঁ।]  

আধুনিকতাবাদে কবি শিল্পী সকলক সমাজ বহিৰ্ভূত কৰি ৰাখিয়েই বিৰাট তৃপ্তি লভিছিল আৰু সৃষ্টিশীল মানুহবোৰেও সেই সুযোগ লৈ নিৰাপদ অৱস্থান এটা গ্ৰহণ কৰিছিল। হয় তেওঁলোক আছিল পগলা নহ’লে তেওঁলোক দুনীয়াৰ আও ভাও একো বুজি নোপোৱা হোজা বেছেৰা মানুহ। সৃষ্টিশীলতাৰ পৰা বৌদ্ধিকতাৰ এটা ব্যৱধান বৰ্তাই ৰখাৰ এটা হাবিয়াস দেখা গৈছিল। কিন্তু ক্ৰমাগত ভাবে সৃষ্টিশীল মানুহখিনিয়ে সেই অৱস্থান পৰিহাৰ কৰিলে। ছবি এখন মানে কেৱল এটা বস্তু নহয়, ই উদ্ৰেগ কৰে এটা আলাপৰ, কথা বাৰ্তাৰ, চিন্তনৰ, এটা আলোচনাৰ। কবিতা মানেতো কেৱল এমুঠি শব্দৰ ফুলদানি নহয়, ই এটা বাকধাৰাক সোচ্চাৰ কৰি দিব পৰা এটা শক্তি। বুদ্ধিশীল জীৱ মানুহৰ অনুভৱ আৰু বোধ দুটা পৃথক বস্তু আৰু হৈ নাথাকিল। এনে স্থলত কবি-শিল্পী সকলে সমাজবহিৰ্ভূত উন্মাদৰ ভাও দিয়াৰ অৱকাশ নাই। মানুহ মাত্ৰেই য’ত এটা ৰাজনৈতিক জীৱ (Political Animal) তাত হোজা বা সৰল (Innocent) বুলি একো নাই – এই কথাটো ক্ৰমশ: প্ৰতীয়মান হৈ গৈ থাকিল। মনৰ ভাব বুলি ভাবি থকা কথাখিনিকো কেইটামান শব্দৰ আকাৰ দিয়াটো এটা বৌদ্ধিক কাৰবাৰ। কাগজ এখিলাত এঙাৰেৰে টনা দাগ কেইটাও এক বৌদ্ধিক কছৰৎ। ক্ৰমাগতভাবে, দৃশ্যশিল্পৰ দৃশ্যমান গুণটোতকৈ এজন দ্ৰষ্টাক সি কেনেকৈ কোন দিশেৰে কিমান দূৰলৈকে ভবাই তুলিব পৰাৰ সামৰ্থ্য ৰাখে সেইটোহে বেছি গুৰুত্বপূৰ্ণ হৈ উঠিল। কাব্যশিল্পৰ ক্ষেত্ৰতো শব্দচয়নৰ কুশলতা অথবা শ্ৰুতিমাধুৰ্যৰ পৰম্পৰাগত ধাৰণাৰ পৰিৱৰ্তে আন কিছুমান প্ৰসংগই হে প্ৰাধান্য পাই থাকিবলৈ ল’ব বুলি ভবা গৈছিল। (মন কৰিব, ভবা গৈছিল।) নহ’লেনো বাৰু 'সমপংক্তিক সমিল যৌগিক মাত্ৰাবৃত্ত' ছন্দোবদ্ধ কবিতাবোৰে কি দোষ কৰিছিল যে এটা সময়ৰ পিছৰে পৰা কবিকূলে সেইফালে কেৰাহিকৈও নোচোৱা হ’ল?

মন কৰা উচিত যে এক ধৰণৰ সমল বা আহিলা ব্যৱহাৰ কৰাৰ লগে লগে তাৰ লগত সংপৃক্ত কিছু দায়িত্বও আহি পৰে। নাটক বা পাৰফৰ্মেন্স এটাত মানুহৰ তেজ দেখুৱাবলৈ ৰঙীন পানী ব্যৱহাৰ হৈছে নে সঁচা তেজ ব্যৱহাৰ হৈছে সিয়েই পৰিবেশকৰ স্থিতিৰ সূচক হৈ উঠে। আমাৰ নাটকীয় পৰিবেশন এটাত সংগীতৰ অংশত জড়িত হোৱাৰ সময়ত সন্দিপ সমদ্দাৰ নামৰ শিল্পীজনে কোৱা কথা এষাৰ প্ৰায়ে মনত পৰে। তেখেতৰ পৰা গীটাৰ বাদন শিকিবলৈ আগ্ৰহী মহিলা এগৰাকীক উদ্দেশ্য কৰি তেখেতে কৈছিল- “বাদ্যযন্ত্ৰ এটা বজোৱাটো তেনেই সহজ। আপুনি হয়তো তেনেই কম দিনতে গীটাৰ বজাবলৈকো শিকি যাব। কিন্তু ইনষ্ট্ৰুমেণ্ট এটা শিকাৰ লগতে ইনষ্ট্ৰুমেণ্টটোৰ ইতিহাসটোও জানি লোৱাটোহে বেছি জৰুৰী। যেনে মই হাতত লৈ থকা এইখন গীটাৰ ফ্লেমেংক’ গীটাৰ। ফ্লেমেংক’ৰ পৰা কেনেকৈ কোনটো বাটেৰে আহি এইখন মোৰ হাতত পৰিলহি সেই ইতিহাস মই জানোঁ”। কবিতাতো একে কথা। এক ধৰণৰ কাব্যভাষা প্ৰয়োগৰ লগে লগে তাৰ ঐতিহাসিক ভাবে সিদ্ধ চিন্তন-প্ৰণালীও অৱধৰিত ভাবে আহি পৰে আৰু তাৰ পৰা পলায়ণ কৰাৰ বাট নাথাকে। কিন্তু সম্প্ৰতি অসমীয়া সাহিত্যৰ জগতত চিন্তন পৰিহাৰ কৰাৰ এক ইডিঅ'চিনক্ৰেটিক মনোবৃত্তি প্ৰকাশ কৰাৰ হাবিয়াসটো আঁতৰ হোৱা নাই, যিটো হতাশাজনক। কিছু পূৰ্বসূৰী 'ৰথী মহাৰথী'য়ে নিৰ্ধাৰণ কৰা এটা কাব্যভাষা প্ৰয়োগেৰে কবিতা একোটা লিখি উলিয়াবৰ পৰত নতুন কবিকূল যেন একেবাৰেই চিন্তিত নহয় যে এই কাব্যভাষা এটা ঐতিহাসিক গতিপথৰহে ফচল। দেখাত হয়তো তেনেই সুচল যেন লাগে, কিছুমান খণ্ডবাক্য বা বাক্যাংশ দেখাতে স্বাভাৱিক যেন লাগে, চিত্ৰকল্প নিৰ্মাণৰ কিছু প্ৰক্ৰিয়া সহজাত (Innate) যেন লাগে, ভাষাৰ প্ৰয়োগো নিভাঁজ অসমীয়া কালিকা যেন লাগে। কিন্তু গমি চালেই বুজা যায় যে সেইবোৰ এটা এটা পৰ্যায়ত একো একোটা কাব্যজিজ্ঞাসাৰ সচেতন নিৰ্মিতিৰ ফচলহে।

মহেন্দ্ৰ বৰাদেৱৰ "নতুন কবিতা"ৰ অনবদ্য অৱতৰনিকাটোৰ এইখিনি কথালৈ মন কৰক- "সিহঁত (নতুন কবিতা) এক ঐতিহাসিক বিৱৰ্তনৰ স্বাভাৱিক পৰিণতি। সিহঁতৰ গাত নতুন মূল্যবোধৰ স্বাক্ষৰ আছে। মানৱীয় মূল্যবোধ গতিশীল। নতুন কিছুমান মূল্যবোধে দৃষ্টিভংগী আৰু ৰুচিৰ পৰ্ৱৰ্তন ঘটায়। পুৰণি প্ৰকাশ-ভংগীৰে নতুন দৃষ্টিভংগী প্ৰকাশ কৰিব নোৱাৰি।" আকৌ একে ধৰণেৰে ই এইচ গমব্ৰিচে কোৱাৰ দৰেই এইষাৰ কথাও মন কৰক - "শিল্প যদিহে কেৱল অৰু মূলত: ব্যক্তিগত দৃষ্টিৰ বহিৰ্প্ৰকাশেই হ'লহেতেন শিল্পকলাৰ কোনো ইতিহাস নাথকিল হেতেন।" ই এইচ গমব্ৰিচ। [If art were only, or mainly, an expression of personal vision, there could be no history of art.] এইখিনি কথাৰ পিছত আচলতে ইডিঅ'চিনক্ৰেচীৰ কোনো স্থান থকিব নালগিছিল। তাৰ পিছতো অসমীয়া সাহিত্যৰ পৰিমণ্ডলত ইডিঅ'চিনক্ৰেচীৰ বিস্তৰ পয়োভৰে কি সূচায়? দায়িত্বহীনতা, ৰাজনৈতিক স্থিতিহীনতা নে পলায়নবাদিতা?  

ঐতিহ্যৰ মোহ, সোণালী চতুৰ্ভূজ আদি

অসমৰ ক্ষেত্ৰত সমস্যা এটা হ'ল বহুখিনি বস্তু আৰম্ভ হোৱাৰ আগেয়েই শেষ হৈ যায়। আধুনিকতা অসমলৈ আহিবলৈ নাপালেই, বিশ্বৰ পৰিপ্ৰেক্ষিতত সি শেষেই হৈ গ'ল। 'সমালোচনা' মানে কেৱল যে এটা শিল্পকৰ্ম সম্পৰ্কে দিয়া ভাল-বেয়া মন্তব্য মাত্ৰ নহয়, বৰঞ্চ ই নিজেই এক কলা, এটা Praxis, ইয়াৰো এক স্বকীয় গতিধাৰা আছে, ৰসবোধ আছে, সেই কথা উপলব্ধ হৈ উঠাৰ আগেয়েই সমালোচকো "মৃত্যুমুখী" হ'ল।

এই মুহূৰ্তত কমল কুমাৰ তাঁতীৰ ভূমিকাটোৱেই আমাক আটাইতকৈ বেছি আপ্লুত কৰিছে যেতিয়া আজিৰ তাৰিখত কবিতা লিখি থকা নতুন কবি সকলক লৈ তেখেত আশাবাদী বুলি বাৰে বাৰে ঘোষণা কৰিছে। ইতিমধ্যেই ছেগা চোৰোকাকৈ তেখেতে কেইজনমান যুৱ কবি সম্পৰ্কে মন্তব্য প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে আৰু বুজাই যায় যে এই চেগা চোৰোকা বন্তব্য বা মন্তব্যলানিয়েই অদূৰ ভৱিষ্যতে এটা সমালোচনাৰ ৰূপ ল’বগৈ। কিন্তু অসমীয়া কবিতাৰ ‘পৰ্বান্তৰ’ কথাষাৰৰ প্ৰতি তেখেতৰ বিশেষ আগ্ৰহ দেখা পাইছোঁ যিটোত অলপ আঁসোৱাহ ৰৈ গৈছে। কাৰণ মহেশ্বৰ নেওগ দেৱে “সঞ্চয়ন”ৰ পাতনিত ‘অসমীয়া কবিতাৰ কাহিনী’ লিখাৰ দৰে অথবা মহেন্দ্ৰ বৰাদেৱে “নতুন কবিতা”ৰ ‘অৱতৰণিকা’ত কৰাৰ দৰে যুগবিভাজন, পৰ্বান্তৰ আদিবোৰ অতিসাম্প্ৰতিক কবিৰ সম্পৰ্কে লিখিবৰ সময়তো সমানেই গুৰুত্ব পূৰ্ণ হৈ নাথাকিবও পাৰে। সমস্যাটো কোনখিনিত বুজিবলৈ কৈ থওঁ যে অলপতে জ্যোৎস্না কলিতাৰ কবিতা সম্পৰ্কে আলচিম বুলি লৈ তাঁতীয়ে এটা আলোচনাত কবিতাটো প্ৰকাশ হোৱাৰ সময়খিনি আৰু সেই সময়ত দেখা দিয়া নতুন প্ৰতিভাধৰ সকলৰ সম্ভাৱনা আদিৰ বিষয়ে ইমানেই সবিস্তাৰে লিখিলে যে পৰিশেষত আলচিম বুলি মনস্থ কৰা কবিতাটোৰ সম্পৰ্কে খুব কমেইহে পঢ়িবলৈ পোৱা গ'ল। যুগ বিভাজন আৰু পৰ্বান্তৰৰ পাক-চক্ৰত পৰি যাতে কলাৰ ফৰ্মেল বিশ্লেষণ অন্তৰ্হিত হৈ নাযায় সেইটোও এটা মন দিবলগীয়া কথা। যুগ বিভাজনৰ কথা উঠিলেও তাৰ পদ্ধতি সম্পৰ্কেও প্ৰশ্ন উঠা উচিত। ইতিহাস লেখনৰ নতুন বীক্ষা আৰু পদ্ধতি-বিধিৰ (Methodology) যে প্ৰয়োজন হৈ উঠিছে সেই কথাকেই বাৰে বাৰে দোহাৰিব খুজিছোঁ। ৰাজনৈতিক স্থিতিহীনতা আমাৰ মানত সাম্প্ৰতিক অসমীয়া কবিৰ এক গুৰুতৰ সমস্যা। তাৰ লগে লগে কবিতাৰ দেহনিৰ্মাণৰ বেলা উজু পথ নিৰ্বাচন এক বিৰক্তিকৰ প্ৰক্ৰিয়া বুলিও অনেকে ক’ব খোজে। যদি সেয়ে হয়, অসমীয়া কবিতাৰ পৰ্বান্তৰ নিৰীক্ষণ, একো একোজন কবিৰ অৱস্থান নিৰূপণ আদিৰ প্ৰয়াসতকৈ কবিতাৰ অঁহিয়া অঁহি ৰূপগত (Formal) বিশ্লেষণহে বেছি ফলপ্ৰসু এক্সাৰ্চাইজ হ’ব যেন লাগে।    

আটাইতকৈ ভাল কথাটো হ’ল কমল আৰু প্ৰাঞ্জল শৰ্মা বশিষ্ঠ দুয়োজনেই সমসাময়িক কবি আৰু দুয়োজনেই কথা পাতিবলৈ আগ্ৰহী। হয়তো কেৱল কবি হিচাপে একে পৰিচয় বহন কৰি মৰিবলৈ দুয়োজনেই নাৰাজ। কমল এজন প্ৰৱন্ধকাৰ আৰু গৱেষকো। কবিতাৰ শিৰোনাম “এটা উত্তৰ ঔপনিবেশিক কবিতা” বুলি ৰাখি সমসাময়িক আইডেণ্টিটি পলিটিক্সৰ অভিধা তেওঁ স্পষ্টকৈ গ্ৰহণ কৰিছে। প্ৰাঞ্জল নিৱন্ধকাৰো, গল্পকাৰো। সৃষ্টিশীল আৰু চিন্তাশীল মানুহৰ ক’লা বগা বিভাজনটো এই সময়ে আৰু যে স্বীকাৰ নকৰে সেই কথাটোৰে স্বাক্ষৰ এই দুটা নাম।  

কিন্তু তাৰ পিছতো কথা বাৰ্তাত যেতিয়া কিছুমান সামন্তীয় ধূতি-নীতি আৰু ৰক্ষণশীলতাৰ বিচৰণ দেখা পাওঁ তেতিয়াই হতাশ হ’বলগীয়া হয়। উদাহৰণ স্বৰূপে সমসাময়িক কবিতাৰ ‘অৱক্ষয়’ সম্পৰ্কে ‘উদ্বিগ্নতা’ যে একো নতুন কথা নহয় সেয়া ইতিমধ্যেই প্ৰমাণ কৰি আহিছোৱেই। এতিয়া এই পৰিস্থিতিকে আঙুলিয়াই দেখুৱাবৰ কাৰণে যি 'অকবিতা' নামেৰে এক নতুন পৰিভাষাৰ সৃষ্টি কৰা হ’ল সি কোনো বাকধাৰাকেই জন্ম দিয়া দেখা নগ’ল। নতুন কবিসকল অসমীয়া কবিতাৰ গৌৰৱপূৰ্ণ ঐতিহ্যৰ প্ৰতি অনুগত নহয় বুলি বাৰে বাৰে কৈ থকাৰ ফলত কথাখিনিয়ে একধৰণৰ ৰক্ষণশীলতাৰ সুৰহে ক্ৰমশ: গ্ৰহণ কৰিছে। এই সময়ৰ কবিতা বেয়া বুলি ক’লে আগৰ অন্য এক সময়ৰ কবিতাক ভাল বুলি মান্যতা প্ৰদান কৰা হয়। যদি সেয়ে হয় তেনেহ’লে সেয়া সবিশেষ সবিস্তাৰে আলোচনা হোৱা উচিত। এই মনোবৃত্তিতকৈ যোৱা শতিকাৰ মধ্যভাগৰ মহেন্দ্ৰ বৰাৰ ‘নতুন কবিতা’ সংকলণৰ কালৰ মনোবৃত্তিয়েই দেখোন বেছি নতুনতৰ আছিল – “পৰিশেষত ক’বলগীয়া এয়ে যে, চিন্তাৰ       বিশালতা আৰু আংগিকৰ বৈচিত্ৰ্যই ক্ৰমবিকাশৰ শেষত কবিতাৰ শীৰ্ষবিন্দু চুইছে বুলি ক’লে সত্যৰ অপলাপ হ’ব। বুৰঞ্জীৰো অপব্যাখ্যা হ’ব। জীৱন্ত কবিতাৰ বিকাশ ঘটিবই। নতুন নতুন প্ৰতিভাৰ সংস্পৰ্শত কবিতাৰ পৰিৱৰ্তন নিতৌ হ’ব” [মহেন্দ্ৰ বৰা, অৱতৰণিকা, নতুন কবিতা, ১৯৫৬]।

সম্প্ৰতি অসমীয়া কবিতা সম্পৰ্কে কথা উঠিলেই কেইজন মান প্ৰাত:স্মৰণীয় কবিৰ নাম আমি লওঁ আৰু কবিতা সম্পৰ্কীয় যিকোনো কথাই সেই কেইটিমান নামক কেন্দ্ৰ কৰিয়েই ঘূৰ্মুটিয়াবলৈ লয়। সেই কবিকূলৰ সৈতে এই সময়ৰ কবিকূলৰ এটা কালনিৰ্ভৰ আৰু স্থান নিৰ্ভৰ দূৰত্ব নিৰ্মাণ হোৱাটোৱেই ইয়াৰ সূচক। ইতিহাসত ঘটি যোৱা ঘটনা এটাৰ পৰিণাম বখানিবলৈ যেনেকৈ সহজ, ঘটি থকা ঘটনা এটাৰ ৰেহ-ৰূপ আৰু তাৰ পৰিণাম কল্পনা কৰাটো যে সিমানেই কঠিন তাক নিশ্চয় বহলাবৰ প্ৰয়োজন নাই। সমসাময়িক, উদীয়মান, নবীন, নতুন কবি সম্পৰ্কে আলোচনাৰ অভাৱৰ কথাখিনি নতুন নহয়, জোৰ কৰি উত্থাপন কৰা বিষয়ো নহয়। "খালৈৰ মাছকে জুলুকিৰে ধৰা"ৰ দৰে এটা উপমা প্ৰয়োগ কৰি মুষ্টিমেয় কবিৰ কবিতাকে সমল হিচাপে লৈ প্ৰভাত বৰাই "আশীৰ পৰৱৰ্তী অসমীয়া কবিতা" নামেৰে এটা সুন্দৰ আলোচনা আগবঢ়াইছিল [দ্ৰষ্টব্য- "যথাৰীতি]। এনে ধৰণৰ আলোচনা আজিও পাবলৈ টান। এই মুহূৰ্ততো গ্ৰন্থমেলাৰ বাকৰিৰ পৰা যুৱ-লেখক কে’বাজনেও শেহতীয়া অসমীয়া কবিতাৰ সমালোচনামূলক গ্ৰন্থ বিচাৰি হাবথুৰি খাই খবৰ জনাইছে । এতিয়া এই আলোচনা হোৱা নাই বুলি কোৱা সমস্যাটোৰ লগতে যিখিনি আলোচনা হৈছে তাৰ মাজতো সোমাই থকা কিছুমান আঁসোৱাহৰ কথা ক'ব লাগিব। অৰিন্দম বৰকটকীয়েও 'নতুন প্ৰজন্মৰ কবিতা' (২০০৪। জুন ২০১৩-ৰ 'প্ৰকাশ' আলোচনীত সংযোজন সহ প্ৰকাশিত) লেখাত উল্লেখ কৰা কথখিনিলৈ মন কৰক- "...সমীৰ তাঁতীৰ কবিতাই কাহানিবাই 'শোকাকুল উপত্যকা'ৰ গণ্ডী পাৰ হৈ তাৰ পিছত প্ৰতিখন সংকলনতেই নতুন নতুন পৰীক্ষা নিৰীক্ষাৰে অসমীয়া কবিতাক চহকী কৰিছে। কিন্তু এতিয়াও আমি যুদ্ধভূমিৰ কবিজনতেই তেওঁক সীমাবদ্ধ কৰি ৰাখিব বিচাৰোঁ।" আকৌ, "...একে ধৰণেৰে জীৱন নৰহেও "টাৰি-ৰি" (১৯৯৯)ৰ দৰে সংকলন লিখি উলিয়াইছে, ...কিন্তু এতিয়াও আমি পকাধানৰ কবিজনকে বিচাৰি ফুৰোঁ। পাঠক আৰু সমালোচকৰ এই স্থবিৰ মানসিকতাত ভৱিষ্যতৰ অসমীয়া কবিতা বুলি অধিক কিবা আশা কৰিব পাৰি নে?"

মানে সাৰাংশ উলিয়াবলৈ গ'লে, এহাতে আছে আলোচনা-বিলোচনা নাই বুলি এটা অভিযোগ আৰু আনহাতে আছে যিখিনি কথা বতৰা হৈছেও তাত ৰৈ গৈছে এক স্থিতৱস্থাৰ মোহগ্ৰস্থতা। এই দুয়োটা প্ৰসংগৰে প্ৰতি সমান্তৰাল ভাবে দৃষ্টি আকৰ্ষণ কৰাটো জৰুৰী। 

সহজে উপলব্ধ সমলৰ ভিত্তিতে কথা পাতি থকাটো আলোচক, সমালোচক বা গৱেষক কাৰো বাবেই তৃপ্তিৰ কথা হ’ব নোৱাৰে। ত্বৎস্বত্বেও তেনে এটা পৰিবেশৰ সৃষ্টি কিয় হৈছে সি এক গুৰুতৰ প্ৰশ্ন। কেনেবাকৈ অসমীয়া কবিতা সম্পৰ্কে কথা বতৰাত যিমানেই সমস্যাৰ কথা উনুকিয়াই নাথাকোঁ কিয়, পদ্ধতিগত আলোচনাৰ বেলিকা আচলতে আমি এটা সুবিধাজনক আলস্যৰ পৰিবেশ বা ‘কমফ’ৰ্ট জ’ন’ হে তৈয়াৰ কৰি লৈছোঁ নেকি?

সি যি কি নহওক, দৈনিক জনমভূমিত প্ৰকাশিত এটা সাক্ষাৎকাৰত নীলিম কুমাৰে নতুন কবি সকলে পূৰ্বজ কবি সকলক নাজানে বুলি আক্ষেপ প্ৰকাশ কৰি কৈছিল যে এতিয়ৰ নতুন প্ৰজন্মৰ এনে বহু যুৱ-কবিক তেখেতে লগ পাইছে যিয়ে হীৰেণ ভট্টাচাৰ্য, অজিৎ বৰুৱা বা নীলমণি ফুকনৰ নামেই শুনা নাই। নীলমণি ফুকনৰ জন্মদিনৰ দিনা তেখেতে আকৌ এবাৰ ঘোষণা কৰিলে যে “নীলমণি ফুকনৰ কবিতা নপঢ়াকৈ কোনো কবি হ’ব নোৱাৰে”। কথাখিনি শুনিবলৈ ভাল, সহমত পোষণ কৰাৰ যুক্তিও আছে। কিন্তু আমি দেখি অহা অসমীয়া নতুন কবিৰ কবিতাৰ সংকট এইখিনি কথাৰ লগত নিমিলে। বৰঞ্চ সম্পূৰ্ণ বিপৰীত ভাবে, জনদিয়েক ‘চুপাৰষ্টাৰ কবি’ৰ কবিতাৰ অধিক পঠন আৰু তাৰ ফলশ্ৰুতিত কিছু বাচিক আৰু আংগিক চৰ্বিত চৰ্বন হে সাম্প্ৰতিক অসমীয়া কবিতাৰ সংকট। প্ৰায় ডেৰ দুই দশকমানৰ আগতেই বাতৰি কাকতৰ পৃষ্ঠাভৰাই দেধাৰ কবিতা প্ৰকাশ কৰাৰ এটা জোৱাৰ উঠিছিল। তেতিয়া আমি কলেজীয়া কেইজনমানে ধেমালীৰ ছলেৰে কিছুমান খেল খেলিছিলোঁ। এটা খেল আছিল যে কবিতাৰ পৃষ্ঠাটোত য'তেই "সেউজীয়া" শব্দটো আছে ত'তেই এটা আঁক মাৰিব লাগিব। তেতিয়া গোটেই পৃষ্ঠাটোৱেই ফুলাম হৈ উঠিছিল। এসময়ত কেনেবাকৈ সেউজীয়া শব্দটো অসমীয়া কবিতাৰ বাবে অপৰিহাৰ্য যে হৈ উঠিছিল এই ঘটনা তাৰেই প্ৰমাণ। কেনেকৈ বহুল ব্যৱহৃত শব্দ, বাক্যাংশ আৰু উপমাৰে সমসাময়িক কবিতা ভাৰাক্ৰান্ত এয়া তাৰেই প্ৰমাণ। ক্লীছে সম্পৰ্কে সচেতন নহ’লে কবিতাৰ উত্তৰণৰ বাট নাথাকিব। কবিতা এটা লিখাৰ পিছত এইটো কিয় এনেকৈ লিখা হ'ল আৰু কিয় তেনেকৈ লিখা নহ'ল - এই সৰু প্ৰশ্নটো কৰিলেই বহুখিনি কথা উদ্ৰেক হ'ব। নৱকান্ত – হীৰেণ - অজিৎ - নীলমণি – এই সোণলী চতুৰ্ভূজৰ কবিতা নপঢ়াকৈ কোনো যুৱ কবিয়ে যদি সঁচাকৈয়ে কবিতা লিখিবলৈ আগবাঢ়িছে তেনেহ’লে ব্যক্তিগত ভাবে মই সেই কবিৰ কবিতা পঢ়িবলৈ আগ্ৰহী। ঐতিহ্যৰ প্ৰতি আনুগত্য আৰু সম্ভ্ৰম যদি কবিতা আৰু শিল্পৰ ইপ্সিত হয়, ঐতিহ্যক মষিমূৰ কৰি এক ৰেডিকেল মানৱ চিন্তনৰ পদ্ধতি উদ্ৰেক কৰাৰ দায়িত্বও কিন্তু কবিতাৰ আৰু শিল্পৰেই। কিন্তু আমাৰ সমালোচনাই অথবা কথা বাৰ্তাই তাৰ অপেক্ষা নাৰাখে।

জনমুখীতাৰ বিভ্ৰান্তি

একেসুৰীয়া কথাৰ চৰ্বিত চৰ্বন বা অতি বেছি ক্লীছেৰ প্ৰয়োগ আৰু আত্মতৃপ্তিয়ে কৰিছে কি কবিতা এটাক এটা ডিছকোৰ্ছ হিচাপে গা কৰি উঠিবলৈ সুবিধা কৰি দিয়া নাই। সমালোচনা আৰু কথা বাৰ্তা জৰুৰী বুলি যেতিয়াই কৈছোঁ তেতিয়াই মনত ৰখা উচিত যে এই কথা-বাৰ্তা সৃষ্টিশীল কাম এটাৰ মাজেৰেও হ'ব পাৰে। প্ৰতিজন কবিয়ে আৰু শিল্পীয়েই শিল্পকৰ্ম বাদ দি সমালোচনা সাহিত্য লিখিবলৈ আৰম্ভ কৰক সেই কথা কোৱা হোৱা নাই। পৰফৰ্মেন্স এটাৰ পাঠ (text) বুলিলে এটা নিৰ্দিষ্ট সময় আৰু স্থান সাপেক্ষে ঘটি থকা ঘটনা এটাই পাঠ। সি নিৰ্ভৰ কৰে পঢ়োতাৰ ওপৰত। পাঠ মানে কেৱল লিখিত শব্দ সমষ্টিয়েই নহয়। সাম্প্ৰতিক কবিতায়ো কেৱল এটা কবিতা হৈ নাথাকি তাৰ উৰ্ধলৈ গৈ এটা পাঠ নিৰ্মাণ কৰিছে নে নাই সেইটো এটা গুৰুত্বপূৰ্ণ কথা হৈ উঠিছে আজিৰ তাৰিখত।

উদাহৰণ হিচাপে অজিৎ বৰুৱাৰ কবিতাখিনিয়েই একোটা সমালোচনা (Critique) বুলি ল'ব পাৰি। তেখেতৰ পদ্যৰ পাছৰ কাব্য" বা অন্যান্য গদ্যলানিৰ কথা কোৱা হোৱা নাই। অসমীয়া কবিতা বহুলাংশে লীৰিকেল। যুগ বিশেষে বা ব্যক্তিবিশেষে কাব্যৰীতিত বিস্তৰ ব্যৱধান থাকিলেও লীৰিকেল গুণটো এটা উমৈহতীয়া চৰিত্ৰ। দ্বিতীয়তে পপুলাৰ আৰু মাছ পৰ্যায়ত সমালোচনাত্মক কথা-বাৰ্তাৰ কিছুমান ধূতি নীতিয়েও আমাৰ কাব্য-বীক্ষা সীমিত কৰি ৰাখিছে। যেনে কবিতাত মাটিৰ গোন্ধ (?) থাকিব লাগে, কবিতাত সামজিক দায়বদ্ধতাৰ প্ৰকাশ ঘটিব লাগে, ইত্যাদি। এনে কথাবাৰ্তাৰ ভাসমান পৰিস্থিতিতেই প্ৰণৱ কুমাৰ বৰ্মনৰ দৰে কবিৰ জন্ম আৰু জনপ্ৰিয়তা লাভ। কিছু লোকে অলপ ৰেডিকেল সুৰ এটা শুনা পালেও তেওঁৰ কবিতা সমূহ সামগ্ৰিক ভাবে লীৰিকেল আৰু মাজৰ পৰা এশাৰী দুশাৰী তুলি আনি উদ্ধৃতি দি প্ৰেমপত্ৰ লিখিব পৰা ধৰণৰ।

"দুখৰ অৰণ্য নাথাকিলে
ক'ত আহি জিৰাবহি সুখৰ চৰাই !"

"নিজক হেৰুৱাবলৈ কিবা জানো অজুহাত লাগে ?
নিজক ওভোতাই পাবলৈ আমাৰ কতযে অজুহাতৰ সন্ধান !!"

"হৃদয়খন শিল কৰি ৰাখি কি লাভ ?
তুমিতো আইনাৰ ঘৰত নাথাকা!!"

"তুমি মোৰ ৰ'দঘাই দিনৰ উমাল উম
তোমাৰ ভালপোৱাৰ সমাধিত চিৰকাল শুম।"

"বৰষুণৰ দিনবোৰত তোমালৈ মনত পেলাম আৰু অকলে তিতিম..."

"দুখৰ পতাকাতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান !!"

বিস্তৰ জনমানসক লক্ষ্য কৰি ল’বলৈ হ’লে কবিতাত এক ধৰণৰ এলিটিজম বৰ্তাই ৰখা যে আৰু সম্ভৱ নহয় সেই কথা স্বীকাৰ কৰোঁ। কিন্তু সেই জনমূখীতাই দাবী কৰে অধিক দায়িত্ববোধ আৰু কছৰৎ। তাৰেই অভাৱত উৎপন্ন হোৱা ক্লীছেৰ কথা ভাবিয়েই এসময়ত এচাম মুষ্টিমেয় মানুহৰ মাজতে কবিতাৰ চৰ্চা থকা উচিত নেকি বুলি হীৰেণ গোঁহায়েও কথাষাৰ উলিয়াবলৈ বাধ্য হৈছিল। মাছ (Mass) কালচাৰ বা জনপ্ৰিয় কৃষ্টিৰ প্ৰসংগৰ আওতাত আলোচনা কৰিবলৈ কথাখিনি মনে প্ৰাণে বিচাৰিলেও অলপ অসুবিধা ৰৈ যায়, কবিতা যে মূলগত ভাৱে সম্ভ্ৰান্ত আৰ্টেই!  তাৰ পিছতো কবিতা বিষয়ক কথাবাৰ্তা সাহিত্যৰ আওতাতে নাথাকি অন্যান্য সাংস্কৃতিক পৰিমণ্ডলৰ পৰিপ্ৰেক্ষিততো বিশ্লেষিত হওক আমি তাকে বিচাৰোঁ। মাল্টিডিছিপ্লিনেৰী অধ্যয়ণৰ কথাবোৰ কেৱল বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক পৰিমণ্ডলতে আৱদ্ধ হৈ নাথাকক।

সমান্তৰাল ভাবে স্বীকাৰ্য যে অসমীয়া ভাষাৰ, সাহিত্যৰ আৰু বিশেষকৈ কবিতাৰ লেখন পঠনত জৰিত মানুহখিনিয়েই এটা বিশেষ শ্ৰেণীৰ অন্তৰ্ভূক্ত আৰু এই শ্ৰেণীটো ম'ন'লিথিক (Monolithic)। ইয়াত বৰগীত গোৱা, 'অসমীয়া আধুনিক গীত' গোৱা আৰু বিহু 'গীত' গোৱা গায়ক একেজনেই। অপৰপক্ষত, উচ্চ আৰু নিম্ন সকলো পৰ্যায়ৰ গীত শুনি মূৰ দুপিওৱা শ্ৰোতাও (Spectator) আচলতে একেজনেই। ইয়াৰ মাজতে এলিট আৰু পপুলাৰ বুলি দুটা বিভাজন কৰাটো কিমানদূৰ সম্ভৱপৰ সেয়া এক জটিল প্ৰশ্ন। এটা মূলসুঁতিত অৱস্থান কৰি পপুলাৰ পৰ্যায়লৈ গমণ কৰাৰ পৰিণতিখিনিও কেতিয়াবা হাস্যকৰ কেতিয়াবা অস্বস্তিকৰ। অসমৰ আটাইতকৈ জনপ্ৰিয় আৰু প্ৰভাৱশালী (জনসংখ্যাৰ ফালৰ পৰা) কবিজন সম্ভৱ আমাৰ আটাইৰে মৰমৰ হীৰুদা। সেই সূত্ৰে হীৰুদাৰ উত্তৰসূৰীও দেধাৰ। জনপ্ৰিয় হোৱাৰ কিছুমান আইৰণি হীৰুদাৰ কবিতায়ো ভালেকৈয়ে ভূগিছে। উদাহৰণ স্বৰূপে “মৃত্যুওতো এটা শিল্প” এই বাক্যংশই সম্ভৱ অসমীয়া ভাষাত আটাইতকৈ বেছি বাৰ আটাইতকৈ বেছি ভাবে ভুলকৈ ব্যাখ্যা (মিছইণ্টাৰপ্ৰিটেচন) হোৱা কবিতা। মুখ ফুটাই নক’লেও হ’ব যে আমি “বিষ্ময়” নামৰ অসমৰ জনপ্ৰিয় আলোচনীখন এটা বিশেষ কাৰণত শেষ পৃষ্ঠাৰ ফালৰ পৰাহে পঢ়িবলৈ আৰম্ভ কৰোঁ। বহুদিনৰ আগতে দেখা মনত আছে “বিষ্ময়”ৰ শেষ পৃষ্ঠাত আছে অৰ্ধ-উন্মুক্ত বক্ষৰে সৈতে মেডোনাৰ ফটো এখন। তাৰ তলতে এটা কেপচন – “আৱৰণ খুলি হৃদয় জুৰায়”। হীৰুদাৰ কবিতাই এনেকৈয়ে স্থানন্তৰত বেলেগ বেলেগ মাত্ৰা পাই আহিছে। জনপ্ৰিয় হোৱাৰ আইৰণি এইখিনিতেই। প্ৰায় একে ধৰণেৰেই কলকাতাত এখন যৌনোদ্দীপক সুৰসুৰণি তোলা হোৰ্ডিঙত লিখা দেখা পাইছিলোঁ ৰবীন্দ্ৰ সংগীতৰ একাংশ – “চক্ষে আমাৰ তৃষ্ণা, তৃষ্ণা আমাৰ বক্ষ জুড়ে”। 

ধেমালী বাদ দি, বৰ্মনক পপুলৰ ভাগত ৰাখিবলৈ যাওতে সমস্যাটো হ'ল সেই একেখিনি মানুহেই 'অসমীয়া কবিতাৰ কাহিনী'ৰ ইপ্সিত স্পেকটেটৰ। ফলত জনমুখীতা অথবা মাছ-কালচাৰ আৰু পপুলাৰ-কালচাৰৰ আওতালৈ আচলতে সেইবোৰ সোমাবৰ বাট নাথাকিল। আনহাতে ঘটনা ক্ৰমে ঘটিল কি, "তুমি কি খাই ভাল পোৱা পেপচি নে মিৰাণ্ডা" বুলি প্ৰশ্ন কৰা একধৰণৰ পুৰুষতান্ত্ৰিক আৰু পৌৰুষিক কথন ভংগী কেতিয়া কেনেকৈ অসমীয়া নতুন কবিৰ মাজলৈ আমদানিকৃত হ'ল সেয়া লীৰিকেল ভাবলুকতাৰ মাজতে লুকাই থাকিল। এসময়ত "আমেৰিকা আমাৰ বাবে ঘৃণণীয় শব্দ" বুলি এক ৰাজনৈতিক স্থিতি গ্ৰহণ কৰি তাৰ পিছত আকৌ সাম্প্ৰদায়িক আৰু সৰ্বগ্ৰাসী (totalitarian) দলীয় ৰাজনৈতিক প্ৰপাগণ্ডা গ্ৰহণ কৰাৰ স্থিতিস্থাপকতাও লীৰিচিজমৰ আঁৰত ঢাক খাই থাকিল।    

ক্ৰিটিক হিচাপে শিল্পদেহ

এই দৃশ্যৰ বিপৰীতে দেখা গৈছিল অজিৎ বৰুৱাৰ কবিতাই এটা লীৰিকেল গুণ ৰহিত ক্ৰিটিক আগবঢ়াই থৈ গ'ল কবিতাৰ মাধ্যমেৰেই। যদি কবিতাৰ পঠনে পাঠকক এক্ষন্তেক ৰৈ কাব্যধাৰাৰ ইতিহাস আৰু সমসাময়িকতাক লৈ এবাৰো ভাবিবলৈ বাধ্য কৰায় তেন্তে তাতেই এটা ক্ৰিটিক সোমাই আছে। এইখিনিতেই আৰু অলপ কথা উনুকিয়াই থওঁ। অলপতে প্ৰাঞ্জল শৰ্মা বশিষ্ঠৰ কে'বাটাও কবিতা একেলগে পঢ়িছিলোঁ। তেতিয়াও বিচাৰি আছিলোঁ-  কবিতাখিনিৰ মাজেৰেই কিবা এটা ক্ৰিটিক তেওঁ সচেতনে অথবা অজানিতেই আগবঢ়াব খুজিছে নেকি? বিপ্লৱ নাই। ‘কবিৰ সামাজিক দায়বদ্ধতা থাকিব লাগে’ জাতীয় ধূতিনীতি পালন কৰি কৰা তৰল বিপ্লৱৰ আস্ফালন নাই। প্ৰতিবাদী কাৰ্যসূচীত দেৱাল লিখন সম্ভৱ নহয়। প্ৰেমৰ কবি বুলি খ্যাত হোৱাৰ দুৰ্বাৰ বাসনাও কবিৰ নাই। তেওঁৰ কবিতাবোৰ unquotable, মাজৰ পৰা এশাৰী দুশাৰী উদ্ধৃতি দি প্ৰেমপত্ৰ লিখিব নোৱাৰি।  তেখেতে প্ৰকাশ কৰিব খোজা এখন কিতাপ নীলমণি ফুকনৰ প্ৰতি উৎসৰ্গিত হ’লেও এটা জিনিঅ’ল’জি পোহপাল দিবৰ সচেতন প্ৰয়াসো নাই। প্ৰাঞ্জল শৰ্মা বশিষ্ঠৰ কবিতাত একোৱেই নাই। সমসাময়িক কবি হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ যেন কোনো খৰখেদা নাই। বৰঞ্চ সহজ কথা এষাৰ সহজ ভাবে কেনেকৈ ক’ব পাৰি তাৰেই কছৰৎ। ক’ম ক’ম বুলি ভাবি থকা কথা এষাৰ কেনেকৈ ক’ম? এয়ে হয়তো কবিতাৰ মৰ্ম। এতিয়া সমস্যাটো হ'ল এইখিনি কবিতাক লৈ কথা পাতিবলৈ আমাৰ হাতত সমালোচনাৰ কোনো মাপকাঠিও নাই।

অভিযোগ যুগে যুগে

অলপতে এজন তৰুণ কবিৰ প্ৰথমখন কিতাপৰ পাতনিত প্ৰাঞ্জল শৰ্মা বশিষ্ঠই আগবঢ়োৱা কিছু কথা এইখিনিতে তুলি দিয়াটো উচিত বুলি ভাবিলোঁ। কাৰণ এইখিনি কথাতেই সমসাময়িক অসমীয়া কবিতাৰ গোটেই ছবিখন নিয়াৰিকৈ সাঙোৰ খাই আছে। "ক’ব খোজা কথাখিনি সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কীয় এটা ইতিবাচক মন্তব্যৰে আৰম্ভ কৰিবলৈ ভাল পালোঁহেঁতেন ... কিন্তু আমাৰ প্ৰতীতি সংশয়ৰ ছায়াত ভালেখিনি আন্ধাৰছটীয়া" বুলি কৈ প্ৰাঞ্জলে লিখিছে - "প্ৰথম কথা, আমাৰ বহু ৰথী ক্লান্ত ǀ সাঁতোৰবিদসকলে গতিপথৰ একোটা মূৰত সাউৎকৈ একোটা ওলোটা খৰ মাৰি অহা বাটেৰে উভতি যোৱাদি এই ৰথীসকলেও একো একোটা ওলোটা খৰ মাৰি ওভতনি বাট লৈছে ǀ একোটা ওলোটা খৰ দৃষ্টিনন্দন, তথাপি সি ওলোটা খৰেই ǀ চিনাকি বাটতে তেওঁলোকে ৰথ-চালনা কৰি আছে ǀ দ্বিতীয়তে, বহু তৰুণ সেনাই অস্ত্ৰ-চালনাৰ পাঠ আয়ত্ব কৰিছে আন্ধাৰত, অস্ত্ৰ-চালনাও কৰিছে সেই আৰ্ণ’ল্ডে কোৱা ধৰণে আন্ধাৰতে ǀ দুয়োটা কথাৰ বাবে আমি সমাজখনকে দায়ী কৰোঁ ǀ আমাৰ সমাজত এতিয়া কেইবাটাও সমস্যা ǀ মানুহে নিজা নিজা বৃত্তত বাস কৰাটো এতিয়া এটা ডাঙৰ সমস্যা হৈ থকা নাই ǀ নিজা নিজা বৃত্তবোৰ সৰু হৈ অহাৰ পাছতো সেইবোৰ সুন্দৰ বুলি সোনকালে আশ্বস্ত হ’ব পৰাটোহে এতিয়া ডাঙৰ সমস্যা হৈ উঠিছে ǀ এই সমস্যাই উৎকৰ্ষ আহৰণৰ প্ৰচেষ্টা বহুপৰিমাণে ব্যাহত কৰিছে ǀ বৃত্তবোৰ সঁচাকৈয়ে সুন্দৰ বুলি আনক বুজাবলৈ চেষ্টা কৰাটো সহজ হোৱাটোও হৈ উঠিছে আন এটা সমস্যা ǀ তৃতীয় সমস্যা এটাও আছে ǀ অযুক্তিকৰ, হেঁচা মাৰি ধৰা ধৰণৰ নীতি-নিয়ম, প্ৰাধিকৰণ আদিৰ বিপক্ষে বা প্ৰতিৰোধকল্পে বিখণ্ডনৰ পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজন নুই কৰিব নোৱাৰি, কিন্তু তেনে কৰিবলৈ যাওঁতে যুক্তিপূৰ্ণ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল হৈ ৰোৱাটো দৰকাৰী ǀ পিছে আমাৰ সমাজত কি হৈছে— এটা অনাহক উলাই আৰু পেংলাইৰ পৰিৱেশ গঢ়ি উঠিছে ǀ তৃতীয় সমস্যাটোৰ সৃষ্টি হৈছে ইয়াৰ ফলতেই ǀ যুক্তি-অযুক্তিৰ বিচাৰ সৰু সৰু বৃত্তবোৰৰ পৰা কৰা সম্ভৱনে ?" [উৎস- সাগৰ সৌৰভৰ "ৰঘুমলা", ২০১৬, কিতাপৰ পাতনি]

কথাখিনিত আচলতে নতুন বুলিবলৈ একো নাই। প্ৰাঞ্জলৰ কথাখিনিৰ সৈতে আমি সহমত। কিন্তু নতুন কবিৰ সংখ্যাৰ মাত্ৰাধিক্য আৰু সেইসমূহৰ তৰলতাত এচাম মানুহৰ উদ্বিগ্নতা বেজবৰুৱাৰ দিনৰে কথা। অন্তত: অসমীয়া কবিতাৰ ইতিহাসত এই একেটাই পৰিস্থিতি সকলো সময়তেই আছিল। ‘বাঁহী’ কাকতলৈ কবিতাৰ নামত অহা ৰোমাণ্টিক কবিতাৰ অত্যাচাৰ সম্পৰ্কে বেজবৰুৱাই কোৱা কথাখিনিলৈ মন কৰক-  “লেখাৰু সকলৰ পৰা কবিতাৰ নামত চলাব খোজা ইমান পদ্য প্ৰবন্ধ বা অপ্ৰবন্ধ আহে যে তাক কি কম৷ পুৱা তেওঁ তেওঁৰ ডাক মেলিলেই এবুৰি-আদবুৰি তেনে বস্তুক তেওঁ মুলাকাত দিবলগীয়াত পৰে৷ একো একো দিনা এনে কাৰ্য্যৰ বঢ়াবঢ়ি ইমান হয় যে বেজাইৰ কথা হৈ উঠেগৈ (বেজবৰুৱা-গ্ৰন্থাৱলী, দ্বিতীয়, পৃ. ১৮৬৪)৷”

ড০ অঞ্জল বৰাই “কৃপাবৰ বৰুৱাৰ দৃষ্টিত কবি আৰু কবিতা” নামৰ এটি আলোচনাত কবি আৰু কবিতা সম্পৰ্কে বেজবৰুৱাৰ বক্তব্য তিনিটি লেখাৰ আলমত আগবঢ়াইছে। ‘কবি-বিভ্ৰাটৰ ফুৰফুৰণি’ (পৃ. ১৪৭৮-৮১) নামৰ ৰচনাখনত লম্বাই শৰ্মা নামৰ চৰিত্ৰই বৰবৰুৱা নামৰ এজনক কৈছে- “কবিতা লেখাটো তেওঁৰ বায়ু বেমাৰৰ নিচিনা, … বোলে লেখে লেখক, তাত কাৰো হানি-বিঘিনি নাই৷ কিন্তু তেওঁৰ সেই নৰিয়া নে খোচৰা ব্যাধিটো লোকৰ গাত তেওঁ লগাবলৈ যায় কিয়? বাটৰ বাটৰুৱাক ধৰি তেওঁ তেওঁৰ কবিতা শুনাবলৈ যায় কিয়? এইটো ন্যায়তঃ, ধৰ্ম্মতঃ লোকৰ ওপৰত বলাত্কাৰ নহয় নে?” আকৌ আজি যেনেকৈ চ’চিয়েল মিডিয়াত নিৰ্বিচাৰে কবিৰ সংখ্যা বাঢ়িব লাগিছে বুলি অভিযোগ উঠে, ঠিক তেনেকৈয়ে সেই কালতে চৰিত্ৰটোৱে কৈছে - “ডাঙৰীয়াই জানে দেখি কওঁ যে আজিকালি আমাৰ দেশত মাহেকীয়া কাকত বঢ়াৰ লগে লগে কবিতাৰ এপিডেমিকও বাঢ়ি আহিছে৷ এঙে বোলে মই কবি, বেঙে বোলে মই কবি, আৰু দেখাক দেখি চেঙেও বোলে মই বা কবি নহম কেলৈ?”

তাহনিতে  ‘বাঁহী’ কাকতলৈ অহা ডেকাল’ৰাবিলাকৰ ‘প্ৰেম কবিতা’বিলাকৰ বিষয়ত বেজবৰুৱায়ো কৈছিল “উঠি অহা ‘মন্দকবি যশঃ প্ৰাথী’ ডেকাসকলে কবিতা লিখিবলৈ হেপাহ কৰিছে লেখক৷… কিন্তু এনে অনেক বিষয় আছে, যিবোৰ বিষয়ে তেওঁলোকে লেখিবলৈ চেষ্টা কৰিলে কিছু দূৰ কৃতকাৰ্য্য কিজানি হ’বও পাৰে৷ --- তাকে নকৰি যদি তেওঁলোকে কাৰ আৰ্হি লৈ কব নোৱাৰোঁ কোন গাভৰুৱে তেওঁলোকক নঙলামুখত দেখি বেকাকৈ চাই গ’ল, কোনে তেওঁলোকৰ জলপানত গুৰ অকণমান পেলাই দিওঁতে মিচিকিয়াই হাঁহি মাৰি তেওঁলোকক আধামৰা কৰি থৈ গ’ল, এইবোৰ বখানি কবিতা বুলি পদ্য লেখি নিজৰ সময় আৰু শক্তিৰ অপব্যয় কৰি থাকে, তেন্তে ঠিক কৈছোঁ-ডেকা কালৰ এই শ্ৰেণীৰ কবিতা মই কাঠ-সংস্কাৰ কৰিলোঁ (বেজবৰুৱা-গ্ৰন্থাৱলী, দ্বিতীয়, পৃ. ১৮৬৪)৷”

১৯৮৬ চনতে লেখা “কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা”ত ড০ হীৰেন গোঁহাই দেৱে তৎকালীণ অসমীয়া নতুন কবি সম্পৰ্কে মন্তব্যটিয়েও একে কথাকেই কয়, "... কিন্তু পৰিতাপৰ বিষয় যে অসমত এতিয়াও কেৱল হৃদয়ৰ ঐশ্বৰ্যৰে কবিতাৰ বেদী ওপচাবলৈ চেষ্টা চলি আছে। বিশেষকৈ ডেকাচামৰ ভালেমান কবিৰ কবিতাত এনে দৃষ্টিকোণ দেখা যায়। ফলত ক'ৰবাত কেতিয়াবা যদি তেওঁলোকৰ কবিতাত হঠাতে অভিনৱ অনুভূতি-উপলব্ধিয়ে বিজুলিয়াই গৈছে, বেছিভাগ ক্ষেত্ৰতে চকুত পৰে আমনি লগা পুনৰাবৃত্তি, যান্ত্ৰিক নিৰ্জীৱ বহুব্যৱহৃত বাক্যাংশ(cliche)ৰ বোজা, আৰু অসাৱধান তথা অসফল পৰীক্ষা। কেৱল হৃদয়ৰ ওপৰত নিৰ্ভৰ কৰিলে এনেবোৰ বিফলতা তেওঁলোকৰ নিজৰ চকুতে নপৰিব।"

হয়তো এই একেখিনি পৰিস্থিয়েই আগলৈকো সকলো সময়তে দেখা পাই থাকিম। কিন্তু সেইবুলিয়ে হুমুনিয়াহ কাঢ়ি থকাতেই কথা শেষ হ'ব নোৱাৰে। এতিয়ালৈকে পাতি থকা কথাখিনিত বহুখিনি প্ৰসংগ অনুষংগ সোমাই আছে। আটইখিনি কথা একেলগে পাতিবলৈ গ’লে খেলিমেলিহে হ’ব। কথা হ’ল, সাম্প্ৰতিক অসমীয়া কবিতাই আমাক এক ধৰণৰ অতৃপ্তি দিয়াটো হয় নে নহয়? উত্তৰ – হয়। কিন্তু এই কথা প্ৰমাণিত যে সকলো যুগতে কথাটো একেই। কিন্তু এই সময়ত মধ্যমগত বৈচিত্ৰ্য আৰু বাক-প্ৰকাশৰ বিস্তৰ সুবিধাৰ ফলত এক এৰাব নোৱাৰা ধামখুমীয়াৰ সৃষ্টি হৈছে।

নব্য মাধ্যমৰ যুগৰ সংকট

কথাখিনি ইমান জটিল নহ’লহেতেন, লিখিবলৈ বহি নিজেই নিজৰ মাজতে জোটা-পোটা খাব লগীয়া অৱস্থা এটা নহ’ল হেতেন যদিহে “মমতাৰ চিঠি” অথবা “সাগৰ দেখিছা” সম্পৰ্কে “ইয়াত কবিয়ে ক’বলৈ বিচাৰিছে যে” বুলি আৰম্ভ কৰি এবকলা লিশ্লেষণ কৰিবলৈ বহিলোহেতেন। সমল নিৰ্বাচন (material) আৰু পদ্ধতি-বিধি (Methodology) দুয়োটা কথাই সেইকাৰণে অতি বেছি গুৰুত্বপূৰ্ণ কাৰবাৰ আৰু মূলগতভাবে ৰাজনৈতিক।

সমসাময়িক অৱস্থা এটাক লৈ কথা পাতিবলৈ সদায়ে সকলো সময়তে অসুবিধা হয়। প্ৰখৰ দূৰদৃষ্টি আৰু বিচক্ষণ পৰ্যবেক্ষণ ক্ষমতা ব্যতিৰেকে সি সম্ভৱ নহয়। কিন্তু তাৰ লগে লগে আৰু কিছুমান সমস্যাৰ কথা পাতিব লাগিব যিখিনি আৰু বেছি জটিল হৈ উঠিব পাৰে যদিহে পাতি থকা কথাখিনি সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কীয় হয়। শিল্পকৰ্ম এটাৰ পৰা দ্ৰষ্টা বা দৰ্শকৰ স্থানিক দূৰত্ব এটা গুৰুত্বপূৰ্ণ বিষয়। কবিতা ৰচনা যেনেকৈ এটা জটিল প্ৰক্ৰিয়া, তেনেকৈয়ে কবিতাৰ বিচাৰ কৰাটো আৰু বেছি কঠিণ তথা প্ৰায় দুৰূহ এটা কাম। দায়িত্বভাগৰ কথা নকলোৱেই বা। সকলোৰে শেষত কাঠিণ্যৰ চূড়ান্ত পৰ্যায়টো আৰম্ভ হয় যেতিয়া একেবাৰে নতুন কবিৰ কবিতা সম্পৰ্কে লিখিব লগীয়া হয়। কাৰণ কবিতা সম্পৰ্কে লেখা মেলা কেৱল সেই কবিতাৰ বাচ-বিচাৰতে শেষ হৈ নাযায়। তাৰ লগতে কবিৰ ভৱিষ্যৎ, সামগ্ৰিক ভাবে কবিতাৰেই ভবিষ্যৎ গঢ় গতি সাঙোৰ খাই থাকে। ঘূৰি পকি ছেগা চোৰোকাকৈ হ'লেও এটা সমালোচনা বা প্ৰশস্তিয়ে কবিক প্ৰভাৱিত কৰাৰ এটা সম্ভাৱনা থাকি যায়। এই কথাকেই সাৰোগত কৰি সমালোচকৰ ভূমিকাক লৈ মাজে মাজে কথা উঠি থাকে। এইখিনি কথাকে জুকিয়াই চাবলৈ বাধ্য হৈছিলোঁ যেতিয়া ফে’চবুকৰ ‘আখৰুৱা’ নামৰ দল এটাৰ কবিসকলৰ কবিতাৰ পৰ্যালোচনা কৰিবৰ দায়িত্ব ভাৰ এটা মূৰ পাতি লৈছিলোঁ। (দ্ৰষ্টব্য- “কৃতি আৰু প্ৰত্যাশা/ এমুঠি নতুন কবিৰ কবিতা, আখৰুৱা গ্রুপৰ অক্টোবৰ (২০১৩) মাহৰ কবিতা”)। এহাতে যেনেকৈ কবিমনা উদ্যোগী ন-লেখকৰ অপৈণত লেখাক তোষামোদ কৰা উচিত নহয় তেনেকৈয়ে আনহাতে ন-উদ্যমক বুঢ়া আঙুলিৰে হেঁচুকি ৰাখিবলৈ চেষ্টা কৰাটোও পাপ। এইখিনিতেই ধৰ্ম-সংকট আৰম্ভ হয় সমালোচকৰ। এই ক্ষেত্ৰত জ্যেষ্ঠসকলে দুই ধৰণৰ স্থিতি লোৱা দেখা যায়। উৎসাহী আৰু বিসম্বাদী। উৎসাহী ভাগটোৰ লোকসকলে সকলোকে লিখি থাকিবলৈ অণুপ্ৰেৰণা যোগায়। "ভুলে শুদ্ধই লিখি থাকা, লিখি থকাটোহে আচল কথা, লিখিবলৈ নেৰিবা" - এই ধৰণৰ কথাৰে তেওঁলোকে সকলোকে সন্তুষ্ট কৰে আৰু 'অণুপ্ৰাণিত' কৰে। নতুন কবিৰ বাবে এই ভাগটো প্ৰিয় হৈ উঠে। অন্য বিসম্বাদী ভাগটোৱে পোণছাটেই কৈ দিয়ে - "বেয়া হৈছে, নিলিখিবা, এনেকৈ হকে বিহকে লিখি থকাৰ ফলত তোমাৰ লগতে আন দহ জনৰ ক্ষতি হে হৈছে"।  নতুন কবিয়ে এই ভাগটো বেয়া পায়। কিন্তু কালক্ৰমত এই নেতিবাচক মন্তব্যই যে উপকাৰহে কৰে সেইটোও কিন্তু বুজি উঠে। এই সকলোবোৰ বিপদৰ কথা জানি বুজিও কমল কুমাৰ তাঁতী আৰু প্ৰাঞ্জল শৰ্মা বশিষ্ঠই সমসাময়িক অসমীয়া কাবি সকলৰ বাবে লিখিবলৈ মনস্থ কৰাটো আজিৰ তাৰিখত এটা গুৰুত্বপূৰ্ণ ঘটনা।

সমসাময়িক কবিকূল যেনেকৈ দিগভ্ৰান্ত আৰু স্থিতিহীন বুলি বাৰে বাৰে অভিযোগ উঠিছে, তেনেকৈয়ে অসমীয়া কবিতাৰ সাম্প্ৰতিক অৱস্থান সম্পৰ্কে লিখিবলৈ বহিও এই নতুন লেখকসকল দ্বিধাগ্ৰস্থ আৰু সন্দিহান। কবিসকল যদি ভূক্তভোগী হৈছে এটা বিকল্প কাব্যভাষা নিৰ্মাণৰ বিফলতাত, সমালোচক বৃন্দ দ্বিধাগ্ৰস্থ হ’বলগীয়া হৈছে সমালোচনা সাহিত্যৰ এট নিৰবিচ্ছিন্ন ধৰা-প্ৰবাহৰ অভাৱত। অধুনা প্ৰচলিত চ’চিয়েল মিডিয়া আৰু আন আন বৈদ্যুতিন ক্ষেত্ৰৰ ব্যাপক সম্প্ৰসাৰণৰ কালত সমালোচকৰ স্থিতি, পৰিচিতি আৰু দায়িত্ব সকলোখিনিয়েই দ্ৰুতগতিত সলনি হ’ব লাগিছে। এটা বিশেষ পৰ্যায়ৰ পিছত চ’ছিয়েল মিডিয়াৰ কবিতাক যেনেকৈ অগ্ৰাহ্য কৰা নাযায়, চ’ছিয়েল মিডিয়াৰ সমালোচনাকো আৰু অগ্ৰাহ্য কৰা নাযাব। ৰামধেনু, বাঁহী, জোনাকী, আৱাহণ আহি আলোচনী কেন্দ্ৰিক যুগ বিভাজনৰ পাছত কোনো কোনোৱে অতি-সম্প্ৰতিক যুগটোক গৰীয়সী, সাতসৰী বা প্ৰকাশ আলোচনীৰ নামেৰে চিহ্নিত কৰিবলৈ মাজে মাজে বিচাৰিলেও আচল কথাটো এইটোহে যে এই যুগ চ’ছিয়েল মিডিয়াৰ যুগ। কথাষাৰ সকলোৱে মানি ল’বলৈ টান পালেও সামূহিক চেতনাৰ কথা (Collective Consciousness) যিয়ে গুৰুত্ব সহকাৰে লয় তেওঁলোকে কথাষাৰৰ মৰ্ম বুজি পাব।  

সমালোচকৰ মৃত্যু সম্পৰ্কে বহুকেইটা আলোচনা দেখিছোঁ য'ত নব্য মাধ্যমৰ সম্প্ৰসাৰণ, ছপা মাধ্যমৰ হ্ৰাস হৈ অহা জনপ্ৰিয়তা, সমসাময়িক বিনোদন মাধ্যমৰ পৰিৱৰ্তিত মনোবৃতি, বিজ্ঞাপন নিৰ্ভৰ প্ৰচাৰ-প্ৰাস যন্ত্ৰৰ গতি বিধি আদি বহুখিনি কাৰণৰ কথা কোৱা হৈ থাকে। এইখিনিৰ লগতে দাৰ্শনিক পৰ্যায়তো কথাখিনি জুকিয়াই চোৱাটো জৰুৰী। পুঁজিবাদী কাৰচাজিৰে নব্য মাধ্যামে আনি দিয়া এক সৰ্বব্যাপী গণতন্ত্ৰৰ পৰ্যায়ত আজি আমি কথা পাতি আছোঁ। ফে’চবুকত একাউণ্ট থকা প্ৰতিজন মানুহেই নিজৰ পৃষ্ঠাত নিজৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰ লাভ কৰে। ৰাজহুৱা স্তৰত কথা এষাৰ প্ৰকাশ কৰাৰ আগতে আপাত দৃষ্টিত (মন কৰিব, আপাত দৃষ্টিতহে) কোনো সম্পাদনা কৰ্তৃপক্ষৰ ওচৰত সৈমান হৈ থাকিব লাগিব বুলি কোনো কথা নাই। লেখক, সমালোচক, চিন্তাশীল, কবি সকলোৱেই এই পৰিস্থিতিৰ বিস্তৰ মুনাফা আদায় কৰিব পাৰিব লাগিছিল। খেনোৱে কৰিছেও। যিটো সময়ত প্ৰতিজন ব্যক্তিয়েই কবি, প্ৰতিজন মানুহেই সমালোচক, সেই সময়ত এক বিশেষ প্ৰকাশনৰ প্ৰকশিত লেখাকহে অধিক মান্যতা দিয়া হ'ব আৰু নব্য-মাধ্যমত প্ৰকাশিত কথা বাৰ্তাক মাইনৰ (Minor) হিচাপে গণ্য কৰা হ'ব এই মনোভাব আৰু গ্ৰহণযোগ্য হৈ থকা নাই। সেয়েহে "নিম্নবৰ্গীয়" সমলৰ প্ৰতি দৃষ্টি আকৰ্ষণৰ এটা প্ৰয়োজনীয়তা আহি পৰিছে। আলোচনা-সমালোচনাৰ ক্ষেত্ৰত কোনখিনি সমলক কেন্দ্ৰ কৰি কথা আগবাঢ়িছে সেইটো সদায়েই এটা তাৎপৰ্যপূৰ্ণ প্ৰসংগ। আৰু এই সমল নিৰ্বাচনৰ আঁত ধৰিয়েই সময়ে সময়ে মূৰ দাঙি উঠে এক ধৰণৰ যাজকতন্ত্ৰ (hierarchy) আৰু প্ৰভূত্ববাদ (hegemony)। সততে কোৱা হয় অসমীয়া সাহিত্যত যুগবিভাজন আলোচনী কেন্দ্ৰিক। জোনাকী যুগ, ৰামধেনু যুগ আদিয়েই উদাহৰণ। সেই সূত্ৰেই সময়ে সময়ে গৰীয়সী, প্ৰকাশ, সাতসৰী আদি আলোচনীক কেন্দ্ৰ কৰি আলোচনাৰ সূত্ৰপাত ঘটি অহা আমি দেখা পাই আছোঁহক। তেনেকৈয়ে আমি স্বীকাৰ কৰোঁ বা নকৰোঁ অসমীয়া কবিতাৰো এক ধৰণৰ 'মেইন ষ্ট্ৰীম' নিৰ্মাণ হৈ আহিছে। ৰৈখিক ইতিহাস লেখনৰ গইনা লৈয়ো কবিতাৰ পৰ্বান্তৰ বিচাৰৰ পৰম্পৰাই ইয়াত অৰিহণা যোগাই আহিছে। এই গোটেই পৰিস্থিতিটোত ক'বলৈ গ'লে দেধাৰ কাকত, পত্ৰিকা আৰু অন-লাইন মিডিয়াত সিঁচৰতি হৈ থকা কবিতা আৰু অন্যান্য লেখালানিক মাইনৰ বা 'সংখ্যালঘূ' বুলি ক'ব লাগিব। মন কৰিব যে 'সংখ্যালঘূ' শব্দটো এটা ৰাজনৈতিক পৰিভাষা আৰু ডিল্যুজিয়ান ব্যাখ্যা অনুসৰী কওঁ যে ইয়াৰ ইংগিত সংখ্যাবাচক একেবাৰেই নহয়। অসমৰ লব্ধপ্ৰতিষ্ঠ আলোচনী এখনত প্ৰকাশ হোৱা দহটা কবিতাৰ বিপৰীতে একেটা মাহতে অনলাইন চ'ৰাত যদি এহেজাৰ কবিতাও প্ৰকাশ হয় তেতিয়াও সিবোৰ সংখ্যালঘূৱেই হৈ থাকিব। সেই সূত্ৰেই সেইবোৰ - গৌণ, সামান্য, ক্ষুদ্রতৰ, অপ্রধান, তুচ্ছ, লঘুতৰ, উপেক্ষণীয়, নিম্নতৰ। কিন্তু অন্যান্য ৰাজনৈতিক ক্ষেত্ৰত ঘটি থকা পৰিঘটনা কিছুমান কবিতাৰ ক্ষেত্ৰতো ঘটি থকে। এমুঠি 'নিষ্ঠাবান' বুলি অভিহিত চিন্তক বা অভ্যাসকাৰীক বাদ দি বিশাল জনমানসত কিন্তু সেই দেধাৰ 'মাইনৰ' সম্প্ৰচাৰে অহৰহ ক্ৰিয়া কৰি থাকে আৰু সণ্ঢালনিকৈ সিহে এটা যুগৰ সামূহিক চেতনাক (Collective Consciousness) প্ৰতিনিধিত্ব কৰি থাকে। ফেচবুকত কবিতা লিখিবলৈ লোৱা তেনেই কোমল বয়সীয়া লেখক এজনৰ পৰাও অমি কিবা এটা শিকিবলৈ নিবিচাৰোঁ জানোঁ? এই কথাষাৰৰ গুৰুত্ব যদি উপলব্ধি কৰা যায় তেনেহ'লে সম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে যিকোনো কথা পতাৰ আগেয়েই আমি পাতিব লাগিব সমালোচনাৰ সংকট সম্পৰ্কে আৰু পদ্ধতিগত (Methodological) আসোঁৱাহখিনিৰ সম্পৰ্কে।

কিন্তু তাকে কৰিবলৈ যাওতে কিছুমান পেৰাডক্স চকুত পৰে যিখিনিয়ে সকলো পৰ্যায়তে আমাৰ কথা-বাৰ্তৰ্খিনিক একেখিনি ঠাইতে পাকঘূৰণি খুৱাই থাকে। এই মুহূৰ্তত লিখি থকা কথাখিনিক এটা গছিপ বুলিবলৈকে ভাল পাম। সৃষ্টিশীল জগতখনত গছিপৰ এটা বিৰাট ভূমিকা আছে। সমসাময়িক অসমীয়া কবিতাৰ জগতখনত এক শ্বাসৰূদ্ধ পৰিস্থিতিৰ উদ্ভৱ হৈছে। প্ৰায় সকলো পৰ্যায়তে সকলো কথাই অনিৰ্ণিত। কবিতাৰ গতি পথ, মান, বৈশিষ্ট্য এইবোৰৰ লগে লগে সমালোচনাৰ পৰ্যায় আদি সকলোবোৰ গুৰুত্বপূৰ্ণ অনুষংগৰ উৰ্ধত আটাইতকৈ অসুবিধাৰ সৃষ্টি কৰি থকা উপকৰণটো হৈছে এক ধৰণৰ অসহিষ্ণুতা। কোনোবাই নতুন কবিয়ে ভাল কবিতা লিখিছে বুলিলে এচাম অসহিষ্ণু হৈ উঠে, অসমীয়া কবিতৰ ক্ষেত্ৰত ভাল সমালোচনাৰ অভাৱে দেখা দিছে বুলিলেও আন এচাম দাং খাই উঠে। পাঠক, সমালোচক, কবি সকলোকে সাঙুৰি এক বুজন সংখ্যক লোক যে সমসাময়িক অসমীয়া কবিৰ মনোবৃতি (attitude) আৰু কবিতাৰ ৰেহৰূপকলৈ বৰ সুখী নহয় সেয়া বুজা গৈছে।

এই গোটেইখিনিৰ কাৰণ হিচাপে অনেকেই নব্য-মাধ্যমৰ প্ৰসাৰকে জগৰীয়া কৰিব খোজে। কিন্তু নব্য-মধ্যম যে অপৰিত্যাজ্য আৰু তাৰ সদ্ব্যৱহাৰৰো নজিৰ আছে সেই কথা অন্যত্ৰ আলোচনা কৰিছোঁ। নব্য মাধ্যম সমস্যা নহয়। সমালোচকৰ মৃত্যু অথবা সমালোচনাৰ অৱসানো সমস্যা নহয়। সমস্যটো হ'ল একেটা সময়তে বিভিন্ন সময়ৰ সহৱস্থানক অস্বীকাৰ কৰাটোতহে। সাহিত্যক ঐতিহাসিক ফচল বুলি ভবাৰ সমান্তৰাল ভাবে ব্যক্তি মনৰ বহিৰ্প্ৰকাশ বুলি কৈ দায় সাৰিব খোজা ইডিঅ'চিনক্ৰেটিক ধাৰণাও আছে। কবিতা মনৰ আবেগ নে নিৰ্মাণ সেই লৈ দ্বন্দ এতিয়াও সক্ৰিয়। এনে বহুধাবিভক্ত সময়ত কবিতা লিখি থকা মানুহখিনিয়ে নিজেই এটা বাক-পৰিবেশ নিৰ্মাণ কৰিবলৈ সক্ষম হ'ব নে?

এপিল'গ

“গণপ্ৰাণেৰে হ’লেও গণভোটৰ দ্বাৰা কবিতাৰ মূল্য নিৰ্ণয় কৰিব নোৱাৰি। লোকৰঞ্জনো সাহিত্যৰ নিৰ্ভুল জোখকাঠি নহয়। সুমেৰু-কুমেৰুৰ পদাৰ্থ বা প্ৰকাশবৃত্তি গ্ৰহণত দৈন্য নাহে; কিন্তু অহা ঐশ্বৰ্য সাৰ্থক হয় স্বৰূপ কবিত্বৰ পৰশমণিৰ পৰশত, নহ’লে সি হয় কুম্ভীলকৰ বিত্ত। অ’ৰ এচটা ত’ৰ এচটা ইটাৰে মানুহে দেৱাল নাগাঁথে। সমালোচনাতংক আত্মপ্ৰতাৰণা, আত্মশুদ্ধিৰ পথৰ চীনৰ প্ৰাচীৰ। আনফালে সমালোচনা মানে ৰাধা-কৃষ্ণৰ বৃন্দাৱনী মাৰ্কা আবীৰৰ বামাৰলীও নহয়, নতুবা অত্যাধুনিক আলকতৰাৰ প্ৰস্ৰৱণো নহয়। সকলো ক্লেদ অৱসাদৰ পৰা মুক্তি কাব্যবাণীৰ কাম্য”।

মহেশ্বৰ নেওগ [অসমীয়া কবিতাৰ কাহিনী, সঞ্চয়ন, ৩১ ডিচেম্বৰ ১৯৫৮]


সমুদ্র কাজল শইকীয়া