ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Friday, July 17, 2020

পেখু পেখু (বাষষ্ঠি): POETIC LICENSE : বিশ্বাস আৰু সংশয়

["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ৫ জুলাই, ২০২০] 
ছবিত স্বাক্ষৰ কৰাৰ মুহূৰ্তত নীলপৱন বৰুৱা, ফটো- গীতাশ্ৰী কলিতা

আৰ্টিষ্টিক লাইচেন্স বা পয়েটিক লাইচেন্স বোলা এই গোলমলীয়া কথাষাৰ আজিকালি বৰকৈ শুনা নাযায়। বাস্তৱ-অনুকৃত বা বৰ্ণনা-প্ৰধান কাম এটাত বিসংগতি দেখি দ্ৰষ্টা-পাঠকৰ মনত আপত্তি জাগিবই পাৰে। কিন্তু সমূলাঞ্চে উদ্ভট কাম এটাৰ ক্ষেত্ৰত কি হ’ব? তাতো কিবা বিসংগতি ধৰা পৰাটো সম্ভৱনে? উপমা, পটন্তৰ, ৰূপক আদি বাৰেপাচি পোছাকী নামেৰে কবিতা সহজতেই ৰিজনি নিৰ্ভৰ। এতিয়া কোন বস্তুটোৰ সৈতে কোনটোৰ ৰিজনি খাপ খাব আৰু কোনটো খাপ নাখাব সেইটোৰ কিবা বিচাৰৰ দণ্ড আছে নেকি? এটা সৃষ্টিশীল কামত বাস্তৱিক তথ্য আৰু বিজ্ঞান-সন্মত সত্যাসত্যৰ স্থান কিমানখিনি? পাখিলগা হাতী এটা উৰি যোৱা দেখিছোঁ বুলি লিখিলে তাক হাতীৰ পাখি থাকে নেকি কিবা বুলি ওলোটাই সুধিলে হ’ব জানো? এই কথা সত্য যে, শিল্পৰ মাজেৰে নিৰ্মিত বাস্তৱতা এক অন্য বাস্তৱতা আৰু এই বাস্তৱতাৰো আপোন সত্যাসত্য আৰু বাস্তৱ-অবাস্তৱৰ বিচাৰ থাকিব পাৰে।

ভক্তিবাদৰ কালৰ ভকতিৰ হেনো দুটা মাৰ্গ আছিল- মিত্ৰতা আৰু বৈৰীতা। দৰ্শনৰ পৰম্পৰাৰো দুটা পদ্ধতি- বিশ্বাস আৰু সংশয়। শিল্পকলা-সহিত্যৰ ৰসাস্বাদনৰো এই দুটা কায়দা থাকিব পাৰে। বিশ্বাসৰ বাটটোৱেই বেছি প্ৰশস্ত। যি চাই আছে, যি পঢ়ি আছে তাক আপুনি বিশ্বাসত লওক। কিয় নোৱাৰিব, হাতীৰ পাখি থাকিবই পাৰে, আকাশেদি হাতী এটা উৰি যাবই পাৰে। কিবা এটা কাৰণ আছে বাবেহে কৈছে, এনেয়ে ক’ব নে? এনেকৈয়ে পঢ়ি গৈ থাকোঁতে আপুনি হয়তো তাতে কিবা এটা পালে। আকৌ এবাৰ পঢ়িলে, এইবাৰ আন কিবা এটা পালে। কিবা মানে বা অৰ্থ পালে বা নাপালে, পঠনৰ অভিজ্ঞতা এটাতো পালে!
 
গীতাশ্ৰী কলিতাৰ সংগ্ৰহত থকা নীলপৱন বৰুৱাৰ ছবিখন
সংশয়ৰ বাটটো অত্যন্ত নাটকীয় সংঘাতেৰে ভৰা আৰু সেয়ে ইয়াৰ অভিজ্ঞতাও উত্তেজনাপূৰ্ণ। আপুনি আগৰে পৰাই এটা সিদ্ধান্ত বা conviction লৈ বহি আছে যে, নাই এই কথা হ’বই নোৱাৰে, আমি কোনোপধ্যেই মানি নলওঁ। ইমান ভৰবিশিষ্ট জন্তুদেহ এটা আকাশত উৰিবই নোৱাৰে, আমিও কাহানিও দেখা নাই, সেয়ে হাতীৰ পাখি থাকিবই নোৱাৰে, সি যি চৰ্ততেই নহওক। কিন্তু তাৰ পিছত কি আছে চাওঁ বুলি আপুনি পঢ়িছে। আপুনি ইমানেই গোঁৱাৰ গোবিন্দ যে একো কথায়েই আপোনাক পতিয়ন নিয়াব পৰা নাই। এনেকৈ পঢ়া শেষ হ’লত, আকৌ এবাৰ চকু ফুৰালে। এটা সময়ত হয়তো নিজেই এবাৰ ভাবিবলৈ বাধ্য হ’ল, যদি ইমানেই মিথ্যাচাৰ আৰু বিভ্ৰান্তি, তাৰ পিছতো আপুনিনো পঢ়ি আছে কিয়? কিহে আপোনাক বান্ধি ৰাখিছে? এটা সুৰে? সুৰ-ছন্দ-লয় এইবোৰৰ কিবা এটাই আপোনাক এৰি উঠি যাবলৈ দিয়া নাই। সেয়াটো এটা কথা কথা ওলালেই। লগতে, এই যে এইটো কিয় হ’ল, কেনেকৈ হ’ল বুলি অভিযোগ এটা সন্মুখত ৰাখিও আপোনাক বাৰে বাৰে প্ৰশ্ন কৰিবলৈ ই বাধ্য কৰি ৰাখিছে- তাৰপানে ইমানপৰে আপুনি নিষ্ক্ৰিয় হৈ ৰোৱা নাই। আপুনি এজন সক্ৰিয় পাঠক। আপুনি এজন সক্ৰিয় দ্ৰষ্টা। তাৰমানে আপোনাৰ সন্মুখৰ ‘বস্তু’টোও নিৰ্জীৱ কিবা এটা নহয়, বৰঞ্চ আপোনাক সঁহাৰি দিব পৰাকৈ এটা জীৱন্ত শৰীৰ। এই সংশয়ৰ পন্থা উজু নহ’লেও উৎকৃষ্ট এইবাবেও যে আপুনি আপোনাৰ পূৰ্বাপৰ সিদ্ধান্তক সত্য কৰি সন্মুখৰ সমলটিক ভুল প্ৰতিপন্ন কৰিবলৈকে হয়তো আনুষাংগিক আৰু কেইবাটাও কথা মনলৈ আনি জুকিয়াই চালে। এনেকৈ কিয় কৈছে, এনেকৈ নক’লে তেনেকৈ ক’লে কি হ’ল হেতেন? এই সমগ্ৰ প্ৰক্ৰিয়াটোত আপুনি হয়তো একাধিকবাৰ সন্মুখৰ পাঠটোক মনৰ মাজত নিজেই নতুনকৈ লিখি উলিয়াইছে আৰু মোহাৰিছে। এনে বহু কবিতা আছে যিবোৰ কবিয়ে যিমানটা খচৰাৰ মূৰকত প্ৰস্তুত কৰি উলিয়াইছিল, তাতকৈ বহুগুণে বেছি খচৰা নিৰ্মাণ আৰু তাৰ বিনিৰ্মাণ কৰি গৈ আছে পাঠকে। নিৰন্তৰ।

কেৰেলাৰ শিল্পী বিষ্ণু মাধৱে অঁকা “পাখি লগা হাতী” শীৰ্ষক কাণখোৱাৰ কিতাপৰ ইলাষ্ট্ৰেচন 

দেশ-কালৰ অৱস্থা ভাল নহয়। এনে সময়ত এই সংশয় মাৰ্গৰ দিহা দিবলৈ ভয় বহুত। কাৰণ কেইবাটাও। গণ-প্ৰহাৰ আৰু তইনো কোন কূটা বুলি তুচ্ছ-তাচ্ছিল্যৰ এই সময়ত এই সংশয় আৰু সংঘাতৰ মৰ্ম সকলোৱে অনুধাৱন কৰিবনে নাই সেয়া নিজেই সন্দেহৰ আৱৰ্তত। শিল্পকৰ্মৰ অন্তৰ্ৱৰ্তী বস্তৱতাক বাহ্যিক বাস্তৱতাৰে ব্যাখ্যা কৰি ব্যক্তিগত আখেজ পুৰোৱাৰ দৰে ভয়ানক সময় এটাত আমাৰ বাস। দ্বিতীয়টো অসুবিধা এই যে, অলপ আগতে কোৱা “কিমানটা খচৰাৰ মূৰকত” কথাষাৰকো এই সময়ৰ সৃষ্টিশীল কৰ্মত জড়িত সকলে বৰকৈ গুৰুত্ব নিদিয়ে যেন লাগে। এয়া একেবহাতে লিখি উলিয়াই একেবাৰতে সুৰ দি গাই ৰেকৰ্ড কৰি একেকোবেই ৰাইজৰ মাজলৈ উলিয়াই দিয়া দৌৰাদৌৰিৰ যুগ। কথাই কথাই গানৰ কথা ওলালেই যেতিয়া ক’বলৈ আৰু ইতঃস্তত নকৰোঁ যে প্ৰস্তুতি-পদ্ধতিগত, ভাষিক-বৈয়াকৰণিক, বক্তব্য আৰু উদ্দেশ্য এই সমস্ত দিশেৰেই অসমীয়া গান ইমানেই অসাৱধানতাজনিত ভুল আৰু বিভ্ৰান্তিৰে ভৰা যে এইবোৰৰ মাজত আমি শিল্পৰ ৰসাস্বাদন সম্পৰ্কীয় কথা পাতিম নে নাই। পাতিলেও কোনখিনি সমলক লৈ পাতিম? সমূলাঞ্চে বাৰেবিংকৰা কাৰবাৰ এটাত আৰু প’য়েটিক লাইচেন্স কথাষাৰৰ কি মানেটো থাকিব?   

লুই কেৰলৰ ‘এলিচ ইন ৱণ্ডাৰলেণ্ড’ৰ ইলাষ্ট্ৰেচন

যোৱা ১৭ জুন তাৰিখে ফে’চবুক লাইভৰ যোগেদি মানুহৰ শিল্পী লোকনাথ গোস্বামীদেৱে এই সময়ৰ গীতৰ কথাত থকা অসাৱধানতাৰ কথা উনুকিয়াইছিল। কোনোবাই হেনো গাইছে, “বৰষা আহিছে শেৱালী ফুলিছে জানৈ তোলৈ মনত পৰিছে”, তাৰমানে গাওঁতা বা ৰচয়িতাই শেৱালী কেতিয়া ফুলে সেয়াই নাজানে? আৰু এটা উদাহৰণত কৈছে কোনোবা এটা গানত হেনো “ফাগুন মাহত সোণালী ধান” ছপাইছে। ধান ছপোৱা মাহটো ফাগুন নে আঘোন? এইখিনি কথাক শৈল্পিক-স্বাধীনতাৰ আবুৰলৈ আনিব পাৰি নে? অজ্ঞতা, মূৰ্খতা আৰু অসাৱধানতাজনিত ঘটনা- এইকেইটাই ইয়াত আছে। এইখিনি পপুলাৰ ফ্ৰণ্টৰ সমল। তাৰ বাহিৰে অলপ অন্যধৰণৰ আৰু নিজে নিজকে ‘চিৰিয়াছ’ বুলি দাবী কৰিব খোজা আন এটা স্তৰৰ অসমীয়া গানৰ প্ৰাদুৰ্ভাৱ ঘটিবলৈ লৈছে যিবোৰ সমূলাঞ্চে বিমূৰ্ততাৰে ভৰা। বাক্য এটা আৰম্ভ হৈ কেতিয়া শেষ হ’ব বুলি ৰৈ থাকোঁ, চাৰি-পাঁচ মিনিটৰ পিছত গানটোৱেই শেষ হৈ থাকে কিন্তু বাক্যটো আৰু সম্পূৰ্ণ নহয়। ভাব-বিলাসৰ আতিশয্য, চৰম অভিব্যক্তিবাদী নহ’লেবা ‘কাব্যিকতা’ ভৰা কিছুমান শব্দৰ এনে অদ্ভূত চয়ন কিছুমান এইবোৰত থাকে যে আঁতি-গুৰি একো উৱাদিহ নাপাই কিবা এটা ভাল কথাই কৈছে চাগৈ বুলি একাষৰীয়া কৰিবলগাত পৰে।  

ডালিৰ “লবষ্টাৰ টেলিফোন”, লণ্ডনৰ টে’ট মিউজিয়ামত, ফটো- লেখকৰ

কিন্তু মন কৰিব, অজ্ঞতা, মূৰ্খতা আৰু অসাৱধানতাজনিত ঘটনা- এইকেইটাৰ শিল্পৰ জগতত বিশেষ ভূমিকা আছে। এইকেইটা কথাৰ লগত আৰু এটা আছে- সেয়া হ’ল ধূৰ্তালি। পৃথিৱীৰ বেছিভাগ শিল্প আৰু আৱিষ্কাৰ অজ্ঞতাৰ ফলতে হৈ উঠিছে। মূৰ্খতা আৰু অসাৱধানতায়ো বহু সৃষ্টি সাধন কৰিছে। আমাৰ জ্ঞান হ’বৰ দিন ধৰি কোনো শিল্পীকেই যে “এইখন ছবিৰে আপুনি কি বুজাব খুজিছে” বুলি সোধাটো যে ভুল এই কথাই বাৰম্বাৰ দোহাৰি আহিছোঁ। শিল্পীয়ে নিজেই হয়তো নাজানে তেওঁ কি আঁকিছে, কিয় আঁকিছে। কবিয়ে নিজেই নাজানে তেওঁৰ কবিতাৰ আধাখিনি বাক্যৰ মানে কি। কিবা এটা কৰিবলৈ গৈ বহুসময়ত আন কিবা এটাহে ঘটি যায়। দুৰ্ঘটনাবশত: এই ঘটি যোৱাটোকে এটা সময়ৰ পিছত বহু শিল্পীয়ে মনে-প্ৰাণে কামনা কৰিবলৈ লয়। অলপতে শিল্পৰ ছাত্ৰী গীতাশ্ৰী কলিতাই নীলপৱন বৰুৱাৰ কৰ্মত মুহূৰ্তৰ ভিডিঅ’ এটা প্ৰচাৰ কৰিছিল। ব্ৰাছডাল ওভোতাই লৈ ব্ৰাছৰ পিছফালেৰে ঘঁহি ঘঁহি কিবা এটা আঁকিছে। কোমল ব্ৰাছডালে কেতিয়াবা ঘটনা এটা নঘটায়, কাৰণ আপুনি ইতিমধ্যেই তাৰে সৈতে অভ্যস্ত। এটা দুৰ্ঘটনা বিচাৰি, এটা সংঘাতৰ কামনা কৰি এইবাৰ হয়তো আপুনি ব্ৰাছডালৰ টান কাঠৰ আগটোৰে ঘঁহিবলৈ লৈছে, তাতো সন্তুষ্ট নহ’লে হয়তো এইবাৰ আপুনি পাকঘৰৰ পৰা আনি ছুৰিখনতে ৰং সানি লৈ তাৰে কিবা এটা আঁকিবলৈ লৈছে। একেবহাতে কবি এজনে কবিতা এটা লিখি উলিয়ালে, লেখাটো বাৰু ভালেই হ’ল। কিন্তু ভাল হোৱাটোৱেই জানো শেষ কথা আছিল? তেওঁ সেইটো তেনেকৈয়ে থৈ দিলে। এসপ্তাহ, এমাহ বা এবছৰৰ পিছত শাৰী কেইটামান কাটি পেললে আৰু আন কেইটামান জোৰা দি চালে। এনেকৈয়ে যুঁজ-বাগৰ এখন আৰম্ভ হ’ল। কিছুমান কাণ্ড ঘটি গ’ল। এতিয়াহে কবিয়ে মনত শান্তি পালে। শিল্প মানে এটা অভিজ্ঞতা। 

সুৱাগমণি শইকীয়াৰ এক্ৰিলিক মাধ্যমৰ ছবি

বাস্তৱতাৰ কেইবাটাও স্তৰ থাকিব পাৰে। এই ঘটি যোৱা ঘটনাবোৰেও পৰ্য্যায়ক্ৰমে এটা এটা বাস্তৱতাৰ যৌক্তিক আধাৰ নিৰ্মাণ কৰি গৈ থাকে। প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে অলপতে অনুবাদ কৰিছিল নিকি জিওভানিৰ I wrote a good Omlet কবিতাটি যদি অ’মলেট লেখে, কবিতা খায়; তেনেদৰেই গাড়ীখনৰ বুটাম মাৰিলে কোটটো চলাই ঘৰলৈ আহে। একান্ত উদ্ভট যেন লাগিলেও এনেকৈয়ে ইয়াত প্ৰতিবাৰতে দুটা বস্তুৱে ইটোৱে সিটোৰ চৰিত্ৰ পৰস্পৰে সলাই লৈ গৈ আছে। কেনেকৈ এটা যৌক্তিক ভেটী নিৰ্মাণ হৈ গৈ আছে সেয়া আৱিষ্কাৰ কৰি উলিওৱাটোও এটা মজাৰ অভিজ্ঞতা। কিছুমান উপমা বা ৰূপকৰ বাস্তৱিকতা আমি কেতিয়াও পৰীক্ষা কৰিবলৈ নাযাওঁ কাৰণ আমি জানো আৰু মানিয়ে লওঁ যে এয়া কেৱল শৈল্পিক নিৰ্মাণৰে অংগ। “জোন যেন মুখনি” এটা উপমা আৰু “চান্দমুখ” এটা ৰূপক। কিন্তু সঁচাকৈ জোনৰ দৰে মুখ এখন কল্পনা কৰকচোন। পূৰ্ণিমাৰ জোনৰ দৰে সম্পূৰ্ণ গোল মুখৰ কোনোবা থাকিলে তাক হাম্পটী-ডাম্পটী যেনহে দেখাব, নহ’লেবা কাঁচিজোনৰ লেখীয়া হ’লে তাকে দেখি কবি নিজেই ভয়তে দূৰলৈ পলাব। ইয়াক কোনোবাই চিত্ৰকল্প বুলি কৈ থাকিলেও ই আচলতে চিত্ৰকল্প নহয় : চিত্ৰীয় (pictorial) বা দৃশ্যগত (visual) সাযুজ্য ইয়াত নাই, ই এটা ধাৰণা-কল্পহে। বাহাৰুল ইছলামৰ চিনেমা “ৰ’দৰ চিঠি’ত সন্নিবিষ্ট শশাংক সমীৰৰ যথেষ্ঠ জনপ্ৰিয় হোৱা গীত “আকাশে দিয়া ৰ’দৰে চিঠি”ত “পোহৰৰ চিয়াঁহী পৰিছে চিটিকি” কথাষাৰত এটা নান্দনিক বিসংগতি বিচাৰি পাওঁ। [অসাৱধানতাবশত: দৈনিক অসমত প্ৰকাশ হোৱা লেখাটোত এই গীতটো পৰম শ্ৰদ্ধাৰ আৰু স্নেহৰ হীৰুদাৰ লেখা বুলি ভুলকৈ ওলাইছিল।] কাৰণ, চিয়াঁহী, মহী, কালী- এই গোটেইখিনিয়েই উজ্জ্বলতাতকৈ দাগকহে বেছিকৈ প্ৰতিনিধিত্ব কৰে। শুভ্ৰতাতকৈ কৃষ্ণবৰ্ণ বা ডাঁহেচীয়াৰ ভাব এটাহে আনে। পূৰ্বাপৰস্থিত প্ৰতীতী এটাক ইচ্ছাকৃতভাবে অন্যৰূপ দিবলৈ কৰা এটা প্ৰয়াস যেনো ইয়াত নালাগে। চিয়াঁহী শব্দৰ ধ্বনিয়েও উজ্জ্বলতাৰ ফালে মন নাটানে। ইয়াৰ পৰিৱৰ্তে উৰ্দু আৰু হিন্দী কবি গীতিকাৰে চিয়াঁহীক সদায়ে ৰাতিৰ স’তে ৰিজাই আহিছে। গুলজাৰৰ কবিতাত থকা “ৰাত কি চিয়াঁহী” কথাষাৰৰ নান্দনিক আৰু যৌক্তিক আধাৰ বেছি মজবুত।

অলপতে এজন কবিয়ে চ’ত-বহাগৰ সময়ৰ পৰিৱেশৰ ভিত্তিত বৰ্ণনা কৰি লিখা কবিতা এটাত “বহাগৰ গধূলি চতিয়না ফুলে”- এনে উল্লেখ এটা পাই ব্যক্তিগতভাবে জনাইছিলোঁ- এইটো খাপ খোৱা নাই। চতিয়না শৰৎ কালত ফুলি শীতকাললৈকে পায়গৈ বুলিয়ে জানো, বসন্তৰ নহয়। তেতিয়া, কিন্তু ব্যক্তিগত এটা অনুষংগৰে তাক ব্যৱহাৰ কৰিব পৰা যাব নে নাই সুধিছিল। তেতিয়াৰে পৰাই এইখিনি কথা ভাবি আছোঁ। হাতী এটাৰো পাখি থাকিব পাৰে সেই কথা পাতিয়েই আহিছোঁ। কিন্তু কৈ থকা কবিতাটোৰ বাকী অংশখিনি চ’ত-বহাগৰ চিৰপৰিচিত সমলখিনিৰে সৈতে স্বাভাৱিকতাৰে গা কৰা। তাৰ মাজত হঠাতে এইখিনি লাইচেন্স ল’ব পৰা যাব নে নাই সেইটোত অলপ সন্দেহ ৰ’ল। ইয়াৰ বিপৰীতে ভৌতিক, স্বাভাৱিক, ইন্দ্ৰীয়লব্ধ, অভিজ্ঞতালব্ধ, বাস্তৱিক সমস্ত যৌক্তিকতাক মষিমূৰ কৰি আগবঢ়া কিছুমান কাম থাকিবই পাৰে। নাৰ্জী মৌচুম শৰ্মাৰ তেনে এটা ৰহস্যময় ভাল লাগি যোৱা কবিতা তুলি দিছোঁ-

দিনৰ পোহৰত সিহঁতে মোৰ ফালে চাই ভেঙুচালি কৰি গৈ থাকে
টেঙা মৰ্টন মই ভাল নাপাওঁ
সাজ লাগিলে পুৰণি প্ৰেমিকে মোক ৰাস্তাটো আগবঢ়াই দিয়ে

বেপাৰীটোৱে মোৰ বগা অন্তৰ্বাসটোৰ পিনে ৰ' লাগি আছিল
তাৰ ভৰিত বগাই থকা কলা পৰুৱাকেইটাৰ তেজেৰে মই জোতাযোৰ পলিছ কৰি দিলোঁ
গাৰ তিয়নিৰে মই আজিকালি চোতাল মচো
তাৰ মাজত থিয় দি থকা মেটেকাৰ তুলসীৰ সতে বিয়া

শিল গুটিটো মাৰি পঠিয়ালত সিহঁতৰ ঘৰখন পুৰি চাই হৈ গ'ল
আধা খোৱা ভাতখিনি ডাইনিজনীৰ পেটত গছকি থৈ দিলোঁ
আজি মোৰ ভাগৰ লাগিছে
টেঙা মৰ্টন মই ভাল নাপাওঁ
পুৰণি প্ৰেমিকে মোক বাটত এগিলাচ চৰবত খুৱাইছে

মোৰ ভয় নাই
এন্ধাৰৰ মাজত মোক কিহবাই কিলকিলাই যায়
চিঞৰ শুনিলে মই সিহঁতৰ ডিঙিকেইটা চেপা মাৰি ধৰো
আজি গাওঁৰ পথাৰত ভাওনা
ৰাৱণৰ ঠাইত সিহঁতে এইবাৰ ৰামৰ বধ কৰিছে (- নাৰ্জী মৌচুম শৰ্মা/ কবিতা ৩)



সমুদ্র কাজল শইকীয়া

পেখু পেখু (এষষ্ঠি) : সমসাময়িকতাৰ দস্তাবেজ


["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২১ জুন, ২০২০] 
বাঘজানৰ ঘটনাৰ আধাৰত ময়ূৰ ৰাজবংশীৰ ড্ৰয়িং

মজাৰ কথা যে কেৱল কলাৰ বাবে কলা কথাষাৰ আজিৰ তাৰিখত আৰু কোনেও নকয় যদিও শিল্পৰ সৈতে ৰাজনীতি আৰু সমাজৰ সম্পৰ্কৰ বিষয়টোকো সঘনে প্ৰশ্নৰ আৱৰ্তত ৰখা হৈ থাকে। ৰাজনৈতিক শিল্প বুলি এক বিশেষ স্কুল বা ঘৰাণাক বাদ দিও কিছুমান শাখা যেনে কাৰ্টুন আদিৰ ক্ষেত্ৰত এইখিনি প্ৰশ্ন অলপ কম। কাৰণ স্বভাৱগতভাবেই কাৰ্টুন ৰাজনৈতিক। ব্যংগ কথাষাৰৰ মাজতেই এটা আক্ৰমণৰ ভংগী, সমালোচনাৰ চেতনা সোমাই থাকে। ব্যংগক বাদ দি কেৱল ‘হাস্য’ৰ উদ্দেশ্যৰে কৰা কাৰ্টুনেও পাকে প্ৰকাৰে একোটা কমেণ্টৰী প্ৰকাশ কৰে। মানুহ, সমাজ, প্ৰকৃতি, সম্পৰ্ক আদিবোৰৰ কোনোবা নহয় কোনোবা এটা দিশৰ পৰ্যবেক্ষন তাত থাকেই বাবে সি স্বঘোষিত অৰ্থেৰে ৰাজনৈতিক নহ’লেও চেতনাস্ৰোতত সমাজ আৰু ৰাজনীতিক বহন কৰি চলেই চলে। 
 
ময়ূৰ ৰাজবংশী, সমসাময়িকতাৰ ছবি
ইলাষ্ট্ৰেচন সম্পৰ্কীয় আগৰ আলোচনাখিনিত কিম্বা চাৰুকলা আৰু কাৰুকলা সম্পৰ্কীয় কথাখিনিত বিষয়বস্তু আৰু ৰূপগত উপস্থাপনৰ কথা কিছুমান পাতি আহিছিলোঁ যিখিনিৰ বাবে অতি সম্প্ৰতি দেশজুৰি চলি থকা অস্থিৰতা আৰু নৈৰাজ্যৰ পৰিপ্ৰেক্ষিতত কৰা কেইজনমান শিল্পীৰ কামে আমাৰ বিশেষ মনযোগ দাবী কৰে। শিল্পৰ মাধ্যমেৰে এই সময়ৰ দলিল এখন ৰাখি যোৱাৰ দায়িত্বও শিল্পীসকলৰেই বুলি শিল্পৰ ডকুমেণ্টেচনৰ প্ৰাসংগিকতা বিষয়ক আলোচনা এটাটো কোৱা হৈছিল। এচাম নতুন শিল্পীৰ শেহতীয়া কাম-কাজে এই দিশেৰে বাট বুলিছে। তেনে এজন শিল্পী ময়ূৰ ৰাজবংশীয়ে প্ৰায় প্ৰতিদিনেই পৰিস্থিতি-সাপেক্ষ ছবি আঁকি গৈছে। এইখিনি কামৰ যিটো দিশে বিশেষ গুৰুত্ব দাবী কৰে সেয় হ’ল কাৰ্টুন, ইলাষ্ট্ৰেচন আৰু এজন বিষয়ী শিল্পীৰ কামৰ মাজৰ এটা মধ্যৱৰ্তী অৱস্থানৰ সন্ধান কৰাটো।
 
ময়ূৰ ৰাজবংশী, সমসাময়িকতাৰ ছবি
সুকুমাৰ কলা বা চাৰুকলাৰ আভিজাত্যৰ ধাৰণাটোৱে শিল্পসৃষ্টি আৰু নিৰীক্ষণৰ ক্ষেত্ৰত ভালেখিনি চৰ্চাক অনুচ্চ বা ‘মাইনৰ’ বুলি এলাগী কৰি ৰাখিছিল। যেনে, কাৰ্টুনিষ্ট এজনক শিল্পী বোলা হ’ব নে নহ’ব? এই প্ৰশ্নটো সৌ অ’নৰে ডমিয়েৰৰ দিনৰ পৰা আজিলৈকে একেই আছে। ছবি এখন আঁকোতে সি যদি খুব বেছি ব্যাখ্যাচিত্ৰধৰ্মী হৈ উঠে তাকো যে বহুসময়ত এটা দোষ বুলি পৰিগণিত কৰা হয় সেই কথা আমি আগতে পাতি আহিছোঁ। ছবি, ষ্টাডী ড্ৰয়িং, ব্যাখ্যাচিত্ৰ বা ইলাষ্ট্ৰেচন আৰু কাৰ্টুনৰ সংবেদনশীলতাখিনিৰ সংশ্লেষণৰ সুযোগ এটা আগবঢ়াই আহিছে ৰাজবংশীৰ কামখিনিয়ে। প্ৰায় প্ৰতিদিনেই কৰি যোৱা এই কামখিনিৰ ভৱিষ্যতে কোনো শিল্পমূল্য থাকিবনে নাই, একান্তই দৈনিক-বাতৰি-কেন্দ্ৰিক তাৎক্ষণিক প্ৰতিক্ৰিয়া সূচক কামখিনি সময় আৰু ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈ যোৱাৰ পিছত আমি কেনেকৈ চাবলৈ ল’ম সেয়া অন্য এটা প্ৰশ্ন। কিন্তু এইবোৰৰ মাজেৰে শিল্পী এজনে এটা শিল্পভাষাৰ সন্ধান যে কৰি আছে, এই অনুসন্ধানখিনিয়ে চিৰকালেই গুৰুত্ব পাই থাকিব। সমসাময়িকতাৰ তথ্যায়নৰ কথা ক’বলৈ গৈ আগতে বংগৰ কুখ্যাত দুৰ্ভিক্ষৰ সময়ৰ ৰামকিংকৰ বেইজ, জইনুল আবেদিন, চিত্তপ্ৰসাদ, সোমনাথ হোড় আদিৰ কামখিনিৰ কথা আমি পাতিছিলোঁ। দেশ আৰু সমাজৰ পৰিস্থিতিলৈ চাই শিল্প-স্কুলৰ অভিজাত শিল্পচৰ্চাৰ গণ্ডীৰ পৰা এইসকল শিল্পী ওলাই আহিছিল। দুৰ্ভিক্ষৰ কালৰ এই অধ্যয়ন আৰু ভোক আৰু দুৰ্যোগেৰে আঘাতপ্ৰাপ্ত মানৱ শৰীৰৰ পৰ্যবেক্ষণে পাছলৈ গোটেই জীৱনৰ বাবেই এটা শিল্পভাষা তৈয়াৰ কৰিবলৈ সুযোগ দিছিল সোমনাথ হোড়ৰ দৰে শিল্পীক। হোড়ৰ “তেভাগাৰ ডায়েৰী” নামৰ কিতাপখনত সংকলিত তেভাগাৰ কৃষক আন্দোলনৰ সময়ৰ প্ৰতিদিনৰ ঘটনাৰ স্কেচ ড্ৰয়িং আৰু প্ৰিণ্টখিনি সমসময়িকতাৰ তথ্যায়ন সম্পৰ্কীয় যিকোনো আলোচনাৰ বাবেই এটা মাইলৰ খুঁটি। শেহতীয়া সময়খিনি অসমৰ পৰিপ্ৰেক্ষিততো ভালেখিনি শিল্পী, ফটোগ্ৰাফাৰ আদিয়ে সামূহিকভাবেই এটা দৃশ্যমান নেৰেটিভৰ নিৰ্মাণ কৰিবলৈ লৈছে যিটো এটা সন্তোষৰ কথা।
 
ময়ূৰ ৰাজবংশী, সমসাময়িকতাৰ ছবি
বাঘজানৰ অগ্নিকাণ্ডৰ সময়ত ঘৰ এৰি পলাবলগীয়া হোৱা পৰিয়াল এটাৰ ড্ৰয়িং এটাত ক’লা ইংকৰ ব্যৱহাৰ অনন্য। যিটো মাধ্যমত কাম এটা কৰা হয় সেই মাধ্যমৰ বস্তুগুণ (মেটেৰিয়েল কোৱালিটী)-ক প্ৰাধান্য দি আগবাঢ়িব পৰাটো এটা সাৰ্থকতা। ইংক বা চিয়াঁহী এক অৰ্থত দাগ, উকা কাগজত ই দাগ বহুৱায়। হাতত টালি টোপোলা লৈ সন্মুখলৈ আগবাঢ়ি থকা এহাল দম্পতি আৰু এটি শিশুক কোলাত লৈ লগতে থকা এজনী সৰু ছোৱালীৰ সৈতে এটা পৰিয়ালক কেন্দ্ৰত লৈ সমস্ত নিগেটিভ স্পেচ ভৰি আছে চিয়াঁহীৰ দাগেৰে। দাগেৰে ভৰা ভূমি, দাগেৰে ভৰা এঙেৰুৱা আকাশ। যিহেতু এটা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে ড্ৰয়িংটো কৰা হৈছে, সেয়েহে ছবিখন চাওঁতে একোবাৰ দ্ৰষ্টাই ভাবিবলৈ লয় এয়া কেৱল চিয়াঁহীৰ সহজ দাগ? নে তৈলখাদৰ পৰা নিসৃত কণ্ডেনছেট মিশ্ৰিত তেলৰ দাগ? সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু শাসকীয়পক্ষৰ অমনোযোগিতা আৰু অক্ষমতাৰ দাগ নে পৰিশ্ৰম কৰি খোৱা গাঁৱৰ মানুহখিনিৰ দুৰ্ভাগ্যৰ দাগ? এই দাগখিনিয়েই ড্ৰয়িংটোত থকা চাৰিওটি মানৱ শৰীৰৰে মুখখিনি ঢকা। হয়তো ব্ৰাছৰ পিছফাল বা আন কোনো টান গোতা সঁজুলিৰে ঘঁহি ঘঁহি ছবিখন অঁকা হৈছে। ঘঁহনি খাই মোহাৰি নিয়া মুখায়বে এইসকল ব্যক্তিৰ অভিব্যক্তি চিনিবলৈ নিদিয়ে। চকুবোৰ নাই। মুখবোৰ নাই। ছবি চোৱাৰ অভ্যাসত মুখাবয়ব বা পোৰ্ট্ৰেইতৰ গুৰুত্বৰ কথা ন-কৈ ক’ব নালাগে। গে’জ (Gaze), দৃষ্টিসংযোগ আদিৰ পৰ্যবেক্ষণৰ এটা দীঘলীয়া পৰম্পৰা আছে। কিন্তু সন্মুখলৈ আহি থকা এইখিনি মানুহৰ মুখবোৰ মোহাৰি দি সেই সংযোগ আঁতৰাই দিয়াৰ লগে লগে এইখিনি মানুহৰ বিষয়ী (Subjective) অস্তিত্বলৈ প্ৰশ্ন এটা উঠি আহে। সমসাময়িক ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিত এইখিনি মানুহৰ আত্মপৰিচয় বুলি কিবা ৰৈছেগৈ নে? তেওঁলোকৰ অভিব্যক্তিৰেই কিবা মূল্য আছে, নে তেওঁলোকৰ দৃষ্টিয়ে ক’ব খোজা কথাখিনিয়ে আন কাৰোবাৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে? দাগেৰে মোহাৰ একোটা মাৰিয়েই এই সময়ৰ দেশৰ খাটিখোৱা মানুহখিনিৰ অস্তিত্বহীনতাৰ দিশটো উন্মোচন কৰা হৈছে।
 
ময়ূৰ ৰাজবংশী, সমসাময়িকতাৰ ছবি

স্থান-কালৰ উৰ্দ্ধত এটা নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰি মহাৰ শিল্পৰ সাধনা কৰিবলৈ সহজ। কিন্তু সমসায়িকতাকলৈ কাম কৰাৰ অসুবিধা কি কি সেয়া যিকোনো আৰ্ট-স্কুলৰ (প্ৰাতিষ্ঠানিক বা অনানুষ্ঠানিক) ছাত্ৰমাত্ৰেই জানে। এটা পৰিস্থিতিৰ ব্যাখায়েই শেষ কথা নহয়, তাৰ উৰ্দ্ধলৈ গৈ ই কেনেধৰণেৰে কোন বিৰাটতৰ প্ৰশ্নখিনি উত্থাপন কৰিছে? এই প্ৰশ্নটো সহায়েই থাকে। ইলাষ্ট্ৰেচন-ধৰ্মিতাৰ প্ৰতি আপত্তিৰ এটা প্ৰাথমিক কাৰণ সম্ভৱ এইটোৱেই। একেদৰেই কাৰ্টুনধৰ্মীতাৰ অসুবিধাটো আকৌ প্ৰচলিত পৰম্পৰা আৰু মানুহৰ কাৰ্টুন সম্পৰ্কীয় বৈচিত্ৰ্যহীন ধাৰণাখিনিয়েই আহুকাল। সমসাময়িক কমেণ্টৰীৰ অসুবিধাওতো এটা নহয়। কোনোবাই এয়া সাংবাদিকৰহে কাম, শিল্পীৰ কাম জানো বুলি সুধি দিলেতো লেঠাই শেষ। কালনিৰ্ভৰ সৃষ্টি এটা হৈয়ো কালাতিক্ৰম কৰি যাব পৰাৰ এটা ৰোমাণ্টিক তাগিদাও আৰ্ট-স্কুলে সংৰক্ষণ কৰি থাকে। মানুহৰ জীৱনৰ মূল্য কমি গৈ থকা, বাকস্বাধীনতা বাৰে বাৰে প্ৰশ্নৰ আৱৰ্তলৈ সোমাই আহি থকা এইখিনি সময়ত সমসাময়িক ৰাজনীতিত সৰৱ হ’বলৈ গৈ ঘটিবপৰা সম্ভাব্য ‘ৰাজনৈতিক বিপদ’খিনিৰ কথাতো বাৰু ক’বই নালাগে। তেনেহ’লে কি কেৱল ফুল তৰা আৰু পখিলাই আঁকি থাকিব লাগিব? ছবি বুলিবলৈ তাক কেৱল কেনভাছত তেল-ৰঙেৰেই আঁকিব লাগিব?
 
ময়ূৰ ৰাজবংশী
এই সময়ৰ আন যিকোনো ইলাষ্ট্ৰেটৰ বা কৰ্টুনিষ্ট আদিতকৈ ময়ূৰ ৰাজবংশীক পৃথক কৰি ৰাখিছে এটা কথাই। সেয়া হ’ল, এই সময়ত কোনোটো পৰিচয়তে তেওঁ নিজকে সাঙুৰি ৰখা নাই। প্ৰাতিষ্ঠানিক শিক্ষা থাকিলেও পৰম্পৰাগত মাধ্যম আৰু নন্দনতত্বিক চৰ্চাখিনিৰ পৰা বাহিৰলৈ যেনেকৈ ওলাই আহিছে তেনেকৈয়ে বিভিন্ন শাখাৰ চৰ্চাৰ মাজত নিৰন্তৰ অহা-যোৱা এটা বৰ্তাই ৰাখিছে। ইংক বা এক্ৰিলিকৰ কাম তেওঁ বাদ দিয়া নাই কিন্তু ইমপ্ৰ’ভাইজেছনৰ বাবে সদায়ে উন্মুখ হৈ ৰৈছে : ভোক বিষয়ক ছবি এখন ডিছপোজেবল প্লেট এখনৰ ওপৰতেই আঁকি পেলাইছে, কিম্বা “পলিটিক্স” বুলি লেখা ফলক এখন লেট্ৰিনলৈ প্ৰক্ষেপ কৰি তাৰে ছবি এখন তুলিছে। এই নিৰন্তৰ এটা সংবেদনৰ (চেন্সিবিলিটী) পৰা আন এটা ধাৰাৰ চৰ্চাৰ সংবেদনালৈ অহাযোৱাখিনিয়ে সূচায়, এজন শিল্পী হিচাপেই তেওঁ তেওঁৰ যাত্ৰা অব্যাহত ৰাখিছে। এইখিনিয়ে মূল কথা। বাকী কামখিনি কাৰ্টুন হ’ল নে নহ’ল, ছবি হ’ল নে নহ’ল, কিবা হ’ল নে একোৰে একোটো নহ’ল- সেইবোৰ প্ৰশ্ন অবান্তৰ।  
ময়ূৰ ৰাজবংশী, সমসাময়িকতাৰ ছবি






বাঘজানৰ ঘটনাৰ আধাৰত ময়ূৰ ৰাজবংশীৰ ড্ৰয়িং


সমুদ্র কাজল শইকীয়া

পেখু পেখু (ষাঠি): নিউ-বৰগীত, নৱ-মাধ্যমৰ সন্ধানী যন্ত্ৰ ইত্যাদি



["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ৭ জুন, ২০২০] 
ইউটিউবত গান এটা কেনেকৈ আপলোড কৰিব আৰু এলবাম বা নতুন ভাষাত জ্যুকবক্স এটা কেনেকৈ সজাব? এইটো এটা গুৰুতৰ প্ৰশ্ন আৰু চ’চিয়েল মিডিয়া বা ইণ্টাৰনেটৰ সামগ্ৰী আপলোড কৰাৰ দৰে এইবোৰ কথা তুচ্ছ কথা বুলি যদি আজিৰ তাৰিখতো আপুনি গণ্য কৰি আছে তেনেহ’লে সেয়া মুৰ্খামিহে হ’ব। বস্তু এটাৰ সৈতে তাৰ ব্যৱহাৰ্যতা আৰু ব্যৱহাৰৰ পদ্ধতিখিনিও সাঙোৰ খাই আহে, আৰু যদি বস্তুটো সামাজিক স্তৰত বহুল ব্যৱহৃত হয় তেনেহলে তাৰ লগতে যুক্ত হৈ পৰে কালেক্টিভ কনচিয়াছনেছ বা সামূহিক চেতনাৰ প্ৰসংগখিনি। গ্ৰামোফোন ৰেকৰ্ড, কেছেট, চিডি, ডিভিডি, এলবাম, জ্যুকবক্স- এনেকৈ সুদীৰ্ঘ পৰিক্ৰমা আৰু বৈচিত্ৰ্যৰ মাজেৰে আহিলেও অসমীয়া গানৰ জগতখনে এটা কথাত ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছে- সেয়া হ’ল সাধাৰণ যেন লগা বানান ভুলৰ পৰা ইনফৰমেচনৰ বিসংগতি। লেখা-মেলাৰ সৈতে জড়িত কোনোবা এজনেও কেনেবাকৈ লীৰিক-ভিডিঅ’ জাতীয় কিবা এটা কৰিবলৈ গ’লে তাত ভুল বানানেৰে আপলোড কৰাটো যেন নিয়ম। তাহানিৰ এইচ-এম-ভি-ৰ প্ৰায়ভাগ এলবামতে গানৰ শিৰোনামা, গায়ক বা গীতিকাৰৰ নাম ভুল বানানেৰে দেখিছিলোঁ। তেতিয়াৰ এটা অজুহাত আছিল এনে যে সেইবোৰ কলিকতাত নিৰ্মাণ হৈ আহিছিল বাবে সততে ভুল ৰৈ গৈছিল। এতিয়াও ইউটিউবত কোনোবাই আপলোড কৰোতেও বানান ভুল দেখি এটা অচিলা দিয়া হয় যে ইণ্টাৰনেটত ইউনিকোডত লিখিবলৈ অসুবিধা। লিপ্যন্তৰণৰ ক্ষেত্ৰত থকা বিশাল সমস্যাটোতো আছেই। ধৰা হওক “জোনাক নিশাৰ গান” বুলি গান এটা আপুনি বিচাৰিব খুজিছে। এতিয়া ইয়াৰ সম্ভাৱ্য ভেৰিয়েচন বা বিচিত্ৰতাখিনি কেনেকুৱা হ’ব কল্পনা কৰক। “জোনাক” শব্দটোৰ ৰূপবোৰ- Jonak, Junak, Joonak, Jonaak, Junaak, Zunak, Zoonaak, Zoonak ইত্যাদি। “জোনাক”ৰ যিমান “নিশাৰ”ৰ বাবেতো আৰু বেছি আহুকাল। Nishar, Nixar, Nikhar, Nihar, Nihaar, Neekhar--- মুঠতে কোনো অন্ত নাই। এতিয়া সৌভাগ্যক্ৰমে কৃত্ৰিম বুদ্ধিমত্বা আপোনাৰ বুদ্ধিতকৈ আগুৱাই গৈ আছে বুলি কেনেবাকৈ শূন্যতে মৰা ফৰমুটিটোৰ দৰে হয়তো আপুনি বিচৰা বস্তুটো পাই গ’ল। কিন্তু বেছিভাগ ক্ষেত্ৰতে যথেষ্ঠ অযথা সময়ৰ অপব্যয় কৰিবলগীয়া হয়। এই সমস্যাটো হিন্দী গানৰ ক্ষেত্ৰত কেতিয়াও হোৱা নাই। আমাক কোনোবাই স্কুলত শিকাইছিল নেকি হিন্দী গান এটাক ইংৰাজীত কেনেকৈ লিখিব লাগে বুলি? নাই শিকোৱা। চিনেমাৰ পোষ্টাৰ দেখি, কেছেটৰ বাকলিপৃষ্ঠা দেখি আমি নিজেই বুজি লৈছোঁ। এতিয়া কথা হ’ল হিন্দী গান আৰু চিনেমাৰ বাবে হিন্দী ভাষাৰ শব্দৰ ৰোমান লিপিলৈ লিপ্যন্তৰত যদি কিছুমান মান্যতা বা ষ্টেণ্ডাৰ্ড মানি লওঁ, অসমীয়াৰ ক্ষেত্ৰত একেবাৰে উদঙীয়া গৰু হৈ পৰোঁ কিয়? মোৰ মন, হিন্দীত “মেৰা মন”, ইয়াক ইংৰাজীত এনেকৈ লিখা যাব- Mera mann. অলপ চালেই বুজিব, মন কথাটোত দুটা ‘এন’ আছে, এটা থাকিলে সি খেলিমেলি লগালেহেতেন কাৰণ ইংৰাজীত এম-এ-এন মানে মেন (Man) অৰ্থাৎ মানুহ শব্দটো আছে। হিন্দী চিনেমা এখনো আছে “মন”, লিখা হয় Mann। কেইবছৰমানৰ পিছত মন নামেৰে অসমীয়া গানৰ এলবাম এটা ওলাল। তেওঁলোকে মনত ৰাখিছিল যে হিন্দী মন-টোক ইংৰাজীত লিখোতে কিবা এটা আখৰ দুবাৰ আছিল, সেয়েহে এইবাৰ তেওঁলোকে অসমীয়া মন-টোক ইংৰাজীত লিখিবলৈ লৈ দুটা “A” বহুৱাই দিলে, Maan; কাৰবাৰটো কৰোঁতে যে মন-টো গৈ “মান” হৈ থাকিল তালৈ চাবলৈ ধৈৰ্য নাই। মুঠতে গান উলিয়াব লাগে আৰু সংস্কৃতি ৰক্ষা কৰি গামোচা গোটাব লাগে। স্মাৰ্টফোন আৰু ইণ্টাৰনেট নহ’লে এখোজো লৰচৰ হ’ব নোৱৰা আজিৰ দৈনন্দিন জীৱনত “চাৰ্ছ-ইঞ্জিন” এটা অতিকে গুৰুত্বপূৰ্ণ আহিলা। চাৰ্ছ ইঞ্জিনৰ সাপেক্ষে যদি সামগ্ৰীৰ চয়ন নহয় তেন্তে সেই অসুবিধাই আমাক সন্মুখলৈ আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰিবই কৰিব।
 
Search Engine-ৰ অসাৱধানতা
বৰগীত বুলিলেই যে আমি গদগদ হৈ দিওঁ, এই সভক্তিপূৰ্ণ চিৰিয়াছনেছটোৱেই বৰগীতৰ ক্ষতি কৰিলে আটাইতকৈ বেছি। এফালে আজিৰ প্ৰজন্মই বৰগীত নুশুনে বুলি হামৰাও কাঢ়ি আটাহ পাৰি পাৰি আনফালে বৰগীতক কেৱল পাঠ্যপুথিত সুমুৱাই থৈ কোষ্ঠকাঠিন্যত জৰ্জৰিত কিছুমান শুষ্কং কাষ্ঠং সদৃশ সাহিত্যৰ শিক্ষকৰ হাতত ব্যাখ্যাৰ দায়িত্ব দি থ’লোঁ। ভাষাৰ ব্যৱহাৰৰ চমৎকাৰিত্ব, কল্পনাৰ উন্মাদনা, পৰিস্থিতি আৰু পৰিৱেশৰ অনুপম বৰ্ননা, মানৱীয় অনুভূতি আৰু সম্পৰ্কৰ পৰ্যবেক্ষণ এই সকলোবোৰ সঙুৰি বৰগীতৰ যি বিপুল ঐশ্বৰ্য সি যিকোনো এজন শ্ৰোতাকেই অনুভৱী কৰি তোলাৰ সামৰ্থ্য ৰাখে। বৰগীত আচলতে পপুলাৰেই আছিল, যদি নহয়, পপুলাৰ হৈ উঠাৰ সম্ভাৱনা ইয়াৰ নিজৰ মাজতেই আছিল। এটা সময়লৈকে সংস্কৃতি ৰসাতলে গৈছে বুলি বাৰে বাৰে আওৰাই থকা এষাৰি প্ৰৱাদ-বাক্যইহে বৰগীতক সাধাৰণ মানুহৰ পৰা বিচ্ছিন্ন কৰি নিছিল। তাৰ পিছত একাল আহিল, বৰগীতক জনপ্ৰিয়কৰণ কৰিবলৈ গৈ আন এটা পৰ্যায়ৰ বিপদ কিছুমান চপাই লোৱা হ’ল।

আজিলৈকে যিমানবোৰ বৰগীতৰ এলবাম দেখিলোঁ তাৰে গোটেইবোৰ নহ’লেও অন্তত: বেছিভাগেই সম্পূৰ্ণৰূপত বৰগীতৰ এলবাম নহয়। আপুনি যদি বৰগীতৰ একান্ত ৰসিক, সেইবোৰ এলবাম একেৰাহে শুনি থাকিব নোৱাৰে, কাৰণ বৰগীত শুনি থাকোঁতে মাজতে হঠাৎ ঘোষা এফাকি বাজি উঠিব, দশাৱতাৰৰ গীত এটাও বাজিব, নহ’লে টোকাৰী গীত এটা, বা হৰিনাম এটা। (এনেয়েও বাৰু হৰিনাম, টোকাৰীগীত, দেহবিচাৰৰ গীত, কামৰূপীয়া লোকগীত, হুঁচৰি এইবোৰ সনাপিটিকা হৈ একাকাৰ হোৱা বহুযুগেই হ’ল)! আচল অৰ্থত চকুতে পৰাতে বৰগীতৰ এলবাম এটাও নাই। বৰগীত আৰু ভক্তিমূলক গীত বুলি বৰগীতকো ভক্তিমূলক গীত বুলিয়েই চিহ্নিত কৰাৰ যেন এটা দুৰ্বাৰ প্ৰয়াস চলি থাকিল। অন্তত: যোৱা তিনিটা দশকত এয়াকে দেখিলোঁ। এটা বিশুদ্ধ বৰগীতৰ এলবাম সজাই উলিওৱাত বাধা ক’ত বুলি ভাবি দুটামান অনুসিদ্ধান্ত পালোঁ। বৰগীতৰ গায়কে হয়তো সভক্তিৰে পৰম নিষ্ঠাৰেই গাইছে, প্ৰযোজকেও দায়িত্ব বুজিয়েই উলিয়াইছে, কিন্তু তেওঁলোকৰ আছে শ্ৰোতা জনতাৰ প্ৰতি চৰম অনাস্থা। নেৰেটিভটো এনে যে, বৰগীত যিহেতু পপুলাৰ বস্তু এটা নহয়, বৰগীত যিহেতু নতুন প্ৰজন্মই নুশুনে, মাজতে নেগেৰা নাম টাইপৰ কিবা এটা বা দশাৱতাৰ এটা সুমুৱাই দিলে আন নহ’লেও সেইটোৰ কাৰণেই এলবামটো ‘পাব্লিকে খাব’। এই পাব্লিকে খোৱা কথাটো বৰ জৰুৰী। গতিকে সেই বিচাৰেৰে সেইবোৰ একো একোটা আইটেম চং। তাৰমানে অকল হিন্দী চিনেমাতহে আইটেম চং থকা বুলি ভাবি থকাটো ভুল, বৰগীতৰ এলবামতো আইটেম চং থাকে। এই আইডিয়াটোৰে কিছু কাম সিজিল। বৰগীতৰ এলবামৰ মাজৰ ঘোষাপাঠখিনি উলিয়াই নি মানুহে মৃতকৰ সকামত লগালে। দশাৱতাৰ অংশখিনি উলিয়াই নি কোনোবাই নিজৰ জীয়েক-পুতেকক নচুৱাই বাহ-বাহ গোটালে। এই সময়ৰ অসমীয়া সংগীতৰ জনপ্ৰিয়কৰণৰ প্ৰসংগত অৱশ্যেই উল্লেখনীয় নাম জুবিন গাৰ্গৰো এটা বৰগীতৰ জ্যুকবক্স আছে। বৰগীত বুলি লিখি থোৱা গানবোৰ ইউটিউবত পাব। তাৰে এটা প্ৰাৰ্থনা। এটা দশাৱতাৰ গান। আৰু এটা “শংকৰদেৱ গ’লাগৈ অ’” বুলি চিঞৰ এটা মাৰি আৰম্ভ হোৱা কিবা গান এটা। সেইটো কি গান নাজানো, কাৰণ সেই চিঞৰটো শুনাৰ পিছত পিছৰখিনি আৰু কোনোদিনেই শুনিবলৈ ধৈৰ্য হোৱা নাই। বিভিন্ন পৰ্যায়ত বিভিন্ন ধাৰাৰ গান গাই যথেষ্ঠ সাফল্য আৰু জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছত অৱশেষত অংগৰাগ মহন্ত পাপনেও বৰগীতৰ কৰণি এটা আগবঢ়ালে। খুব আগ্ৰহেৰে বাট চাই দেখিলোঁ, তাতো লগতে সাঙুৰি দিয়া আছে ঘোষা।

সময়ে সময়ে কিছুমান নেৰেটিভ সলনি কৰিবলগীয়াত পৰে। এটা সময়লৈকে অ’ডিয়েন্স এক্সপেক্টেচন বা ৰাইজে কি বিচাৰিছে সেইটো কথাই কেনেকৈ কালচাৰেল প্ৰডাকচনক নিয়ন্ত্ৰিত কৰে সেইখিনি কথা পাতিছোঁ। কিন্তু এটা পৰ্যায়ৰ পিছত বুজা যায় দৰ্শকৰ অভিৰুচি বোলা এই কথাষাৰ আচলতে Hoax; এয়া যে এটা বিশেষ শ্ৰেণীৰ ক্ষমতাৱন্ত ব্যৱসায়ীৰ দ্বাৰা প্ৰচলিত বিভ্ৰান্তিকৰ মিথ্যাচাৰ সেয়া অন্যস্থানত আমি বহলাই পাতিম। কোনে কৈছে বৰ্তমানৰ প্ৰজন্মই বৰগীত শুনিবলৈ নিবিচাৰে বা বেয়া পায় বুলি?

বৰগীতক যিমান দূৰ পাৰি বৰগীত হৈয়েই থাকিবলৈ দিলে ভাল। তাক আকৌ ভক্তিমূলক গীত বুলি অন্য ব্যাখ্যাৰ প্ৰয়োজন নাই। এনেবোৰ কাৰণতেই গুৰু দুজনাৰ সৃষ্টিৰাজিক আধ্যাত্মিকতা আৰু ধৰ্মীয় দৃষ্টিকোণেৰে চোৱাৰ পৰিপন্থী কিছুমান প্ৰস্তাৱ দেখিবলৈ পাওঁ, যিবোৰত বিতৰ্কৰ অৱকাশ থাকিলেও অন্তত: সেই সৃষ্টিৰাজিৰ নিজস্বতা বাহাল ৰখাৰ স্বাৰ্থতেই সেইবোৰৰ গুৰুত্ব স্বীকাৰ কৰিবলৈ বাধ্য হওঁ। বৰগীত এটা শুনা আৰু গায়ত্ৰী মন্ত্ৰ শুনাৰ মাজত পাৰ্থক্য আছে আৰু থকাটো উচিত। অজামিল হ’ম বুলি পাপ খণ্ডন কৰিবলৈকে বৰগীত শুনিবলৈ উছাহ যোগোৱা ৰাইজে নতুন প্ৰজন্মই বৰগীত ভাল পায় নে নাপায় সেই বিষয়ত মন্তব্য কৰিলে নুশুৱাব যদিহে বৰগীতৰ সুৰ, লয়, ভাব, ভাষা আৰু পৰিৱেশন শৈলীৰ একক আৰু অদ্বিতীয় বৈশিষ্ট্যৰ কথাখিনি উলাই কৰি চলে। এতিয়া আপুনি ইউটিউবত বৰগীত এটা বিচাৰি চাওকচোন, “অ’ হৰি হে, প্ৰথমে প্ৰণামো ব্ৰহ্ম”-টোকো বৰগীত বুলি উল্লেখ কৰা আপলোড এটাও পাব, “হৰি নাম ৰসে, বৈকুণ্ঠ প্ৰকাশে”টোকো বৰগীত বোলা আপলোড এটাও পাব। ৰ’ব, “নিউ বৰগীত” বুলিও আপডেট একোটা পাব। তাকে দেখি আপুনিও দুই এটা নতুন বৰগীত ৰচিবলৈ কলম খুলি নল’লেই ৰক্ষা। মানে বৰগীত বুলিলেই যে আমি হঠাৎ গদগদ হৈ দিওঁ, এইবোৰ ভূৱা। বৰগীতক লৈ আমি চিৰিয়াছ কোনোকালেই নাছিলোঁ।



সমুদ্র কাজল শইকীয়া

Rajya Sabha Television (RSTV),
3rd Floor, Talkatora Stadium Annexe Building,
New Delhi – 110001
mobile: +91 9811375594

পেখু পেখু (ঊনষাঠি): লক-ডাউনৰ কালত সংস্কৃতি-চৰ্চা (২) : চকু মেলি নাচাবা, গানৰ বহী ইত্যাদি


["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২৪ মে', ২০২০] 
Anecdote (উপাখ্যান): 
সায়ান আমাৰ বন্ধু। বাংলাদেশৰ অতি জনপ্ৰিয় সংগীতকাৰ গায়ক অৰ্ণৱ তেতিয়াও জনপ্ৰিয় কিন্তু সায়ান চৌধুৰী নামেৰেহে ভাৰতত পপুলাৰ। লোকগীতক ৰক মিউজিকৰ ৰূপ দি চঞ্চল্যকৰ “কিংকৰ্তব্যবিমূঢ়” নামৰ বাংলা বেণ্ডৰ এলবামটোৰ অভূতপূৰ্ৱ জনপ্ৰিয়তাৰ পিছতে বাংলাদেশৰ পৰা অহা সেই সময়ৰ ‘চেনচেছন’ আনুশ্বেহ সমন্বিতে কুশীলৱবৃন্দক লৈ পৰিৱেশন চলি আছে শান্তিনিকেতনত। আনুশ্বেহৰ উদাত্ত কণ্ঠৰ ‘লাউড’ উপস্থিতিৰ সন্মুখত সায়ানৰ মাতটো কোমল, মিহি আৰু অন্তৰ্মুখী। মানুহ সায়ানে গোৱালৈ ৰৈ আছে, সায়ানে নাগায় হে নাগায়। অৱশেষত সায়ান কেন্দ্ৰলৈ আহিল, হাতত গীটাৰখন লৈ বহিল। মানুহ উবুৰি খাই আছে। হেতা ওপৰা লগাইছে। সায়ানে চকু দুটা মুদি আৰম্ভ কৰিলে ৰবীন্দ্ৰসংগীত- মাঝে মাঝে তব দেখা পাই চিৰদিন কেন পাই না। গানৰ আৰম্ভণীতেই বন্ধু মহলৰ কোনোবাই কৈ উঠিল, সায়ানৰ ষ্টেজ প্ৰেজেন্স ভাল নহয়। হয় হবলা। আনুশ্বেহৰ ‘লাউড’ উপস্থিতিৰ পিছত তুলনাৰ বিচাৰেৰেই হয়তো কৈছিল কোনোবাই। অসমৰো ভালেখিনি মানুহে সায়ান ওৰফে অৰ্ণৱৰ গান শুনিছে আৰু তেওঁৰ জনপ্ৰিয়তা সম্পৰ্কে অৱগত, কিন্তু বহুতে বিশ্বাস কৰিবলৈকো টান পাব যে একপ্ৰকাৰৰ চাইলড-প্ৰ’ডিজী, তেনেই সৰুৰে পৰাই পাব্লিক ফিগাৰ হৈ উঠা সায়ান গান গোৱাৰ সময়ত অত্যন্ত লাজকুৰীয়া আছিল। যেনিবা নিজৰ মাতটোক লৈয়ে সন্দিহান। চকু দুটা মুদি যেনেকৈ গানটো গাই গৈ থাকিল লাগিছিল যেন ‘পাব্লিক’ৰ সৈতে সংযোগটো ভালকৈ নঘটিব আৰু পৰিৱেশনটো নজমিব। কিন্তু লাহে লাহে শতাধিক মানুহে জুমুৰি দি ধৰা সেই পৰিৱেশটো এটা অবৰ্ণনীয় নৈশব্দেৰে ভৰা অভিজ্ঞতালৈ সলনি হ’ল। নিজম পৰা মানুহবোৰ মন্ত্ৰমুগ্ধৰ দৰে ৰ’ল বহুসময়। সায়ানৰ মুদা চকুত তেওঁলোক সকলোৰে চকু নিবদ্ধ। অলপ আগেয়ে সায়ানে ষ্টেজত জমাব নোৱাৰিব বুলি কোৱা সেই বন্ধুজনেই পিছলৈ ক’লে, এয়া আছিল এক স্বৰ্গীয় অনুভূতি।  
পৰিৱেশনৰ মুহূৰ্তত সায়ান চৌধুৰী (অৰ্ণব)

গানৰ বহী : কিয় চকুৱে চকুৱে চালা

মঞ্চত গান এটা পৰিৱেশন কৰিবলৈ যাওঁতে কেৱল গানটোহে যে শিকা হয় সেয়া নহয়। অন্তত: মঞ্চৰ বাবে প্ৰস্তুতিকালত গানটো গৌণই হৈ পৰে। ফটোগ্ৰাফীৰ ক্ষেত্ৰত ফটোজেনিক বুলি শব্দ এটা থকাৰ দৰেই মঞ্চৰ ক্ষেত্ৰতো ষ্টেজ-ফিট বুলি কথা এষাৰ আছে। সকলোকে মঞ্চত ভাল নেদেখিবও পাৰে। মঞ্চত থিয় হৈহে বুজা যায়, এনেয়ে থিয় হৈ থকাটোও কিমান অসুবিধাজনক- য’ত সহস্ৰ চকুৱে অন্ধকাৰৰ পৰা আপোনালৈ চাই আছে, অথবা ইফালৰ পৰা সিফাললৈ খোজ কাঢ়ি যোৱাটোও তেনেই সাধাৰণ কথা এটা নহয়। গানৰ ক্ষেত্ৰত বিশেষকৈ গায়ক বা গায়িকা যেতিয়া দৃষ্টিৰ কেন্দ্ৰবিন্দুত থাকে দৰ্শকৰ প্ৰতি তেওঁলোকৰ চাৱনি কিম্বা দৰ্শকৰ দৃষ্টিৰ প্ৰত্যাৱৰ্তন সম্পৰ্কে তেওঁলোকে ভাবিবলৈ বাধ্য হয়। কাৰণ চকুৱে চকুৱে চাই মানুহে সংযোগ স্থাপন কৰে। পাঠদান কৰিবলৈ শ্ৰেণীকোঠালৈ সোমোৱা নতুন শিক্ষক বা অধ্যাপক এজনৰ বাবেও এইখিনি কথা একেই। কোনজন ছাত্ৰ বা ছাত্ৰীৰ ফালে চাই কথাখিনি ক’ব? সকলো ছাত্ৰছাত্ৰীৰ মূৰৰ ওপৰেৰে যোৱা এডাল কাল্পনিক ৰেখাতে দৃষ্টিক অনা নিয়া কৰি সকলো ছাত্ৰৰ প্ৰতি সমান দৃষ্টি ধৰণৰ অভিব্যক্তি এটা প্ৰকাশ কৰি চলিব নে একো একোজন ছাত্ৰৰ চকুত চকু থৈ ব্যক্তিগত স্তৰলৈ নামি গৈ ব্যক্তিৰ সৈতে ব্যক্তিৰ সংযোগটো স্থাপন কৰিব? স্কুল-কলেজত পাঠদান, ৰাজহুৱা ভাষণ বা যিকোনো সমূহীয়া স্থানৰ পৰিৱেশনৰ অভিজ্ঞতা যদি আছে তেন্তে আপুনি এইখিনি কথা সহজেই বুজিব। আপুনি এইটোও মানি ল’ব যে কেতিয়াবা সমজুৱাকৈ কথা কৈ থাকোঁতেও নিজেই নিজৰ ওচৰত ধৰা পৰি যোৱা যায়। কেতিয়াবা দৃষ্টিৰে ৰাইজৰ মনযোগ আকৰ্ষণ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি থকাৰ মাজতেই আকৌ এটা পলায়নৰ বাট বিচাৰিবওলগীয়া হয়। সকলোৰে সৈতে দৃষ্টি বিনিময় কৰি থাকিও মাজতে একোটা মুহূৰ্ত আহে যেতিয়া আপুনি মনে প্ৰাণে কামনা কৰে- হে ভগৱান! কাৰো যাতে চকুৱে চকুৱে নপৰক!  
সংগীতৰ নোটেচন পৰ্যবেক্ষণ কৰি থকা অৱস্থাত আমি জড়িত হৈ থকা এটা অৰ্কেষ্ট্ৰা চিম্পনীৰ সংগীতজ্ঞ আৰু পৰিচালকসকল 
মঞ্চত গান গোৱা মানুহে যে সন্মুখত ষ্টেণ্ড এডালত গানৰ বহী একোখন মেলি লয় সেই কাৰবাৰটোলৈ বহুখিনি দৰ্শকৰ বিৰাট কৌতুহল। যি গায়কে মাজৰাতি মঞ্চলৈ উঠি ৰাতিপূৱালৈকে পৰিৱেশন কৰে, দৰ্শকৰ ‘অনুৰোধ ৰক্ষা কৰি’ এটাৰ পিছত এটাকৈ গান গাই গৈ থাকে তেওঁলোকে বাৰু গানৰ বহী এখন সন্মুখত ৰাখিবলগীয়া হয়েই। সকলোৰে বাবে সকলো সময়তে সকলো গান কন্ঠস্থ নাথাকিবও পাৰে। কিন্তু ‘সাংস্কৃতিক সন্ধিয়া’ৰ উদ্যোক্তা সকলৰ কাৰোবাৰ জীয়েক, কাৰোবাৰ ভতিজাক এজনে যেতিয়া এটা মাত্ৰ গান গাবলৈ, যিটো তেওঁৰ হয়তো প্ৰিয়তম গানটো, মঞ্চলৈ উঠে তেতিয়াও সেই গানৰ বহীখন কিয় মেলি ল’ব লাগে? গানটো মনত নাই? নহয়। বহীখনত কি আছে? কেৱল গানৰ কথাভাগ নে সুৰ-সমলয়ৰ নোটেচন বা স্বৰলিপি? টেকনিকেল ইনষ্ট্ৰাকচন? অন্তত: এই সময়ৰ অসমীয়া আধুনিক গীত নামৰ আজৱ বস্তুটোৰ ক্ষেত্ৰত পশ্চিমৰ অৰ্কেষ্ট্ৰা বা চিম্ফনীৰ সংগীতকাৰ সকলৰ দৰে কোনোবাই স্বৰলিপিৰ টোকাবহী মানি চলে যেন দেখোন একেবাৰেই নালাগে। তেনেহ’লে এই গানৰ বহীখনত কি আছে? ভগৱানৰ ফটো? বহুদিনৰ পৰা সাঁচি থোৱা এটা মৈৰৰ পাখি কিম্বা লেৰেলি শুকাই যোৱা ‘বিদ্যাপাত’? কি কাৰণত বহী চাই গান নাগাবা কেনেবাকৈ বহীৰ পাত উলটি গ’লে উজুটি খাবা বুলি সুমনে দি যোৱা সঁকিয়নিৰ পিছতো আমাৰ গায়ক-গায়িকাই বহীখন এৰা নাই এটা মাত্ৰ গানৰ বাবে হ’লেও? 
নৱ-মাধ্যম আৰু আত্মপ্ৰেমী (সংগৃহীত ছবি)
ভাবি ইয়াকে পালোঁ যে এই গানৰ বহীখন এহাতে এটা ষ্টাইল-ষ্টেটমেণ্ট। লাইট, মইক্ৰ’ফ’ন, চাদৰ-মেখেলা (‘ভাল’ গায়িকা হ’বলৈ হ’লে চাদৰ-মেখেলা অত্যন্ত গুৰুত্বপূৰ্ণ), গামোচা আদিৰ দৰেই এই গানৰ বহীৰ ষ্টেণ্ডডাল এটা প্ৰ’প, এটা অত্যাৱশ্যকীয় সঁজুলি, তাক বাদ দিলে দৃশ্যটো অসম্পূৰ্ণ। আনহাতে দ্বিতীয় কথাটো হ’ল, এই গানৰ বহীখন এটা পলায়নৰ বাট। অলপ আগেয়ে পাতি অহা- পৰিৱেশন কৰি থাকোতে কেনি চাব লাগে এই প্ৰশ্নৰ উত্তৰ বহুতেই নাজানে। সকলোৰে শৰীৰ ষ্টেজ-ফিট নহয়। হাত দুখন ক’ত থ’ম, ওলোমাই থ’লে জঠৰ যেন লাগিব, কঁকালত থোৱাটো কেজুৱেল আৰু অশোভনীয়, সংগীতৰ সৈতে সঞ্চালন কৰিলেও যদি বেছি হৈ যয় সেয়া অতি-নাটকীয় যেন লাগিব পাৰে- ইত্যাদি সমস্যাৰ অন্ত নাই। তেনেকুৱাই সমস্যা হ’ল একেৰাহে দৰ্শকলৈকে চাই থাকিম নেকি? নে মাজে মাজে বাদ্যযন্ত্ৰী সংগীবৃন্দলৈকো চাম? একেকেইটা চাৱনিৰ নক্সা পুনৰাবৃত্তি কৰিলে সিও আমনিদায়ক হ’বগৈ। মাজতে যদি দৃষ্টিৰ পলায়নৰ বাট এটা লাগে তেতিয়া? তেতিয়া এই গানৰ বহীখন। লোকচক্ষুৰ কেন্দ্ৰমূলত থাকিও যদি ক্ষণিকৰ বাবে হ’লেও অলপ আত্মগোপণ কৰিবলগীয়া হয়, তেতিয়া? তেতিয়া এই গানৰ বহীখন। এই গানৰ বহীখনৰ কাহিনী আৰু ঢেৰ আছে, আগলৈ লিখিম।    
নৱ-মাধ্যমৰ সৈতে বিখ্যাত শিল্পৰ প্ৰতিৰূপ (সংগৃহীত ছবি)
লাইভ আৰু মাধ্যমৰ মধ্যস্থতা

লাইভ পৰিৱেশন আৰু চকুৰ চাৱনিৰ খেলখন বহুতৰপীয়া আৰু জটিল। মঞ্চৰ লাইভ পৰিৱেশনৰ সময়ত থকা কিছুমান অসুবিধাৰ পৰা যেন ফে’চবুক আদি চ’চিয়েল মিডিয়াত কৰিবলৈ ওলোৱা লাইভ পৰিৱেশনত পৰিৱেশকসকল মুক্ত। মোবাইল ফোনটো সেই অৰ্থেৰে বহুতৰ বাবে এটা ডাঙৰ সকাহ। সততে লোকচক্ষুৰ সন্মুখলৈ আহিবলৈ লাজ কৰা, ভয় কৰা, স্বাভাৱিকতে অন্তৰ্মূখী চৰিত্ৰৰ ব্যক্তিয়েও ফোনটোৰ সন্মুখত লাইভ আহিবলৈ বৰকৈ সংকোচ নকৰে। মন কৰিব এইখিনি কথাত ‘লাইভ’ শব্দটো বাৰে বাৰে ব্যৱহাৰ কৰিছোঁ আৰু লাইভ বুলি যেতিয়াই কওঁ তেতিয়াই তাত যে মাধ্যম, সঁজুলি, ৰেকৰ্ডিং আৰু ব্ৰডকাষ্টৰ টেকনিকেল কথা কিছুমান আমাৰ অলক্ষিতে হ’লেও সোমাই থাকে তাৰ ব্যাখ্যা আমি আগতে অন্য ঠাইত কৰি আহিছোঁ। মঞ্চৰ পৰিৱেশনটোও লোকচক্ষুৰ সন্মুখত, ফে’চবুক লাইভো লোকচক্ষুৰ সন্মুখত। কিন্তু এইবাৰ আপোনাৰ সঁজুলি মঞ্চ নহৈ এটা মোবাইল ফোন বা স্মাৰ্ট ফোন যিটোৰ সৈতে আপোনাৰ দিবা-নিশি ঘনিষ্ঠ সম্পৰ্ক- যি সম্পৰ্ক মঞ্চখনৰ সৈতে আপোনাৰ হয়তো গঢ়ি উঠা নাছিল। ষ্টেজ-ফিট, বা ষ্টেজ-ফ্ৰেইণ্ডলী হৈ উঠিবলৈ ভালেখিনি সময় লাগে। এটা দুটাকৈ কেইবাটাও পৰিৱেশনৰ বাবে মঞ্চত কেইবাবাৰো উঠাৰ পিছতহে দেখাত সাধাৰণ যেন লগা কিন্তু অত্যন্ত জটিল কথাখিনি কাৰোবাৰ বাবে সহজ হৈ উঠে- যেনে মঞ্চত কেনেকৈ থিয় হ’ব লাগে, হাত দুখন কেনেকৈ ৰাখিব লাগে, পৰিৱেশনত দৰ্শকলৈ কেতিয়া কেনেকৈ চাব লাগে ইত্যাদি। মঞ্চৰ সান্নিধ্যলৈ আহি আহি যাৰ বাবে মঞ্চই ঘৰ হৈ উঠে সেই সকলৰ বাবেহে মঞ্চ স্বাভাৱিক স্থান। আনহাতে স্মাৰ্টফোনটো শুই উঠাৰ পৰা ৰাতি শুবলৈ যোৱালৈকে হাততে থকাৰ ফলত ইয়াৰ সন্মুখত এই প্ৰাথমিক অসুবিধাখিনি বৰকৈ অনুভৱ কৰা নাযায়। কিন্তু এই সহজ আয়াস বা উজু ব্যৱহাৰ্যতাই আন কিছুমান নান্দনিক কথা ভবাৰ পৰা আমাক বিৰত ৰাখে নেকি? চেলফী তুলি তুলি অভ্যস্ত হোৱা এটা প্ৰজন্মৰ হ’লোঁ বুলিয়েই লাইভ পৰিৱেশন এটাত আপোনাৰ বিগ-ক্ল’জ-আপ ফ্ৰেম এটাৰ লাইভ বৰ এটা দৃষ্টি নন্দন নহ’বও পাৰে, আপোনাৰ ‘চান্দ মুখ পেখু’ বুলি দৰ্শক ৰৈ নাথাকিবও পাৰে। আনহাতে স্মাৰ্টফোন কেমেৰাৰ পৰা জোখতকৈ বেছি দূৰত্বত ঠিয় হ’লেও দৃশ্যৰ কেন্দ্ৰ-বিষয়ৰ গুৰুত্ব হ্ৰাস পাই দৰ্শকৰ মনযোগত বিঘিনি ঘটাব পাৰে। স্মাৰ্টফোনতো বাৰু স্মাৰ্টেই, ই কালাৰ কাৰেকচন ব ফিল্টাৰ বা এডিটিঙত আপোনাক সহায় কৰিব, কিন্তু দৃশ্যমান পৰ্দাখনৰ স্থানিক সজ্জা (স্পেচ-ডিষ্ট্ৰিবিউচন) বা সংৰচনা (কম্প’জিচন) নিৰ্ধাৰণ কৰিবলৈ আপুনি নিজেও স্মাৰ্ট হ’ব লাগিব। এতিয়া গোটেই ‘লাইভ’টোত আপুনি যদি কাগজ এখনৰ পৰা পঢ়ি পাঠ কৰে, কাগজখনলৈকে চাই থাকিব, নে আগতে মুখস্ত কৰি লৈ কেৱল কেমেৰালৈকে (কেমেৰা মানে দৰ্শক) চাই থাকিব, নে মাজে মাজে কাগজলৈ আৰু মাজে মাজে কেমেৰালৈ চাব সেয়া সিদ্ধন্তও আপোনাৰ। পৰিৱেশনৰ প্ৰাথমিক ব্যৱহাৰিক কথাখিনি গুৰুত্ব নিদিয়াকৈ আপুনি যিমানেই মহান কবিৰ মহৎ কবিতা পাঠ কৰি নাথাকক, সেয়া চাই থাকিব নোৱাৰি।

এইখিনি কথা লিখি থকালৈকে বিগত লকডাউনৰ সময়চোৱাত প্ৰচলন হৈ থকা শত শত কবিতা-পাঠ আৰু গল্প পাঠৰ এটও মই শেষলৈকে শুনিবলৈ বা চাবলৈ ধৈৰ্য্য হোৱা নাই। মাজে মাজে ভাবোঁ, মোৰহে ধৈৰ্যৰ অভাৱ ঘটিছে নেকি! কিন্তু মোৰ এই অস্থিৰতা কেৱল মোৰ দোষ নহয়। অভিনেতা হৈ হৈ এসময়ত অসহায় হৈ পৰা মেফিষ্টোৱে “মই এজন অভিনেতা মাত্ৰ” বুলি কোৱাৰ দৰেই দৰ্শক বা দ্ৰষ্টা হিচাপে আমাৰ মাজত সোমাই থকা এক দ্ৰষ্টাসত্বায়ো কয়, “মই এজন দ্ৰষ্টা মাত্ৰ, মোকনো দোষ দিয়ে কিয়?” 
ফটোগ্ৰাফিক সংৰচনাৰ অধ্যয়নৰ আভাস          
সমুদ্র কাজল শইকীয়া