["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ১০ মে', ২০২০]
ফে’চবুক লাইভ | স্মাৰ্টফোনৰ স্থাপত্য | ডিজিটেল নন্দনতত্ব |
চ’চিয়েল মিডিয়াত পৰিৱেশন | পৰিৱেশনৰ পদ্ধতি আৰু কৌশল
|
ক’ৰ’ণাভাইৰাছৰ
বাবে লকডাউনৰ কালখিনিত সকলো সাংস্কৃতিক আৰু সৃষ্টিশীল চৰ্চা ডিজিটেল মাধ্যমলৈ
সোমাই আহিবলৈ বাধ্য হৈ পৰিছে। ‘আগতে যেনিবা মাইক্ৰ’ফোন লৈ মঞ্চত গাইছিলোঁ, এতিয়া
মোবাইলৰ সন্মুখত গাওঁ- কথা একেটাই’ বুলি যদি কোনোবা গায়ক বা গায়িকাই ভাবিছে তেন্তে
সেয়া ভুল। ‘মঞ্চত-তো অভিনয় কৰিয়েই থাকোঁ, এতিয়া যেনিবা কেমেৰাৰ সন্মুখত কৰিব লাগিব’
বুলি ভাবি কৰা ভুলখিনিৰ পৰা অসমীয়া চিনেমা, টেলি-নাটক, চিডি-চিনেমা কোনোটোৱেই
আজিকোপতি মুক্ত হ’ব নোৱাৰিলে। এতিয়া পৰিৱেশন এটাক মোবাইলৰ সন্মুখলৈ লৈ আনোতেও
কথাখিনি ভাবিবলৈ নিশিকিম নে?
Anecdote:
নৱকান্ত
বৰুৱাৰ “শিয়ালী পালেগৈ ৰতনপুৰ”ৰ আধাৰত একে নামৰে নাটকৰ কাম চলি আছে। শৰীৰী কচৰৎ কৰাই
কৰাই আমাৰ অৱস্থা কাহিল কৰিছে পৰিচালক মৃদুল চুতীয়াই। কাইলৈ নাটক, আজি হঠাৎ পৰিস্থিতি
এনে হ’ল যে মই তাৰ কেন্দ্ৰীয় চৰিত্ৰ জোন-ৰ ভূমিকা ল’ব লাগিব। ইয়াৰ আগলৈকে কম সময়ৰ বাবে
ভূমুকি মৰা আন চৰিত্ৰতহে ৰিহাৰ্ছেল কৰি আহিছিলোঁ। এতিয়া এটাই দিন- শেষ প্ৰস্তুতিৰ।
মুকাভিনয়ৰ দৰে ব’ডী মুভমেণ্ট শিকাৰ পৰা সংলাপ নিক্ষেপণলৈকে বহুকথাই নতুন। মঞ্চত মোক
সংলাপ মাতিবলৈ দি পৰিচালক প্ৰেক্ষাগৃহলৈ গুছি গ’ল। হলৰ মাজত থিয় হৈ ক’লে- আৰু জোৰেৰে,
মই ভালকৈ শুনা নাই। তেওঁ পিছৰ ফাললৈ গৈ থাকিল- নাই ভালকৈ শুনা নাই। গৈ গৈ বীণাপাণি
নাট্য মন্দিৰৰ দুৱাৰ খুলি প্ৰায় বাহিৰেই হ’লগৈ। তেওঁৰ কাণত পৰাকৈ সংলাপ মাতিবলৈ গৈ
মোৰ নিশকতীয়া দেহাটোৰে কোনোমতে ওলোৱা মাত ভাঙি অৱস্থা নাই। চিঞৰিলেতো নহ’ব, এয়া শ্লোগান
নহয়, সংলাপ। তথাপি প্ৰেক্ষাগৃহৰ শেষৰ শাৰীৰ শেষৰজন দৰ্শকেও স্পষ্টকৈ শুনা পাবই লাগিব।
সংলাপ অভিনেতাৰ পৰা শ্ৰোতা-দৰ্শকলৈ এটা যাত্ৰা। কিন্তু কেৱল দৃশ্য আৰু ধ্বনিয়েও জানো
শেষ কথা? জিছম কি বাত নহী থি উনকে ৰুহ তক জানা থা ধৰণেৰে শিল্পই গৈ অভিপ্ৰেত দ্ৰষ্টাৰ
মনক চুবগৈ লাগিব বুলিও ধাৰণা এটা আছে। এইখিনি কথালৈ আগলৈ আকৌ ঘূৰি ঘূৰি আহিম।
তুমি
দেখিছানে নাই মই নাজানিলোঁ
বক্তা
আৰু শ্ৰোতাৰ এই স্থানিক (spatial) অৱস্থান আৰু পাৰস্পৰিক ব্যৱধানৰ ভিত্তিতে বহু কথা
পাতিব পৰা যায়। তেনেই ওচৰৰ কাৰোবাক কথা কওঁতে আমাৰ মাতবোৰ সততে নিম্নগ্ৰামৰ হয়, তেনেই
কাষ ছাপি আহিলে অনুচ্চ স্বৰেৰে বা ফুচফুচফুচাই ক’লেও হয়। কিন্তু দূৰত্ব বাঢ়ি গ’লে মাত
উচ্চগ্ৰাম হ’বলৈ বাধ্য। বহু দূৰলৈকে মাতটো প্ৰক্ষেপ কৰিবলৈ হ’লে চিঞৰা বা জোৰ দিয়াৰ
লগে লগে আন এটা কায়দা আছে- সেয়া হ’ল লেনিওৱা, মাতটো দীঘলকৈ সুৰীয়া কৰি দিয়াটো। ছুটিকৈ
কৰা শব্দটো দূৰলৈ নাযায়, বা গ’লেও সি অস্পষ্ট বা বুজিব নোৱৰা হোৱাৰ সম্ভাৱনা বেছি।
দীঘলীয়া কৰাৰ লগতে কেতিয়াবা আপাত অসংলগ্ন বা অৰ্থহীন ধ্বনিৰ সহায়ো ল’বলগীয়া হয়। ধৰক
দীঘল পদূলিৰে অসমৰ গাঁৱৰ ঘৰ এখন। পদূলিত এজোপা বকুল বা জলফাই গছ। চেঙেলীয়া ল’ৰাই গৃহস্থৰ
অলক্ষিতে ডাল ভাঙি ফল খাব খুজিছে আৰু লগৰে আন এটা খটাসুৰে চিঞৰি গৃহস্থক জনাইছে- “আকৈ
বাকৈ জলফাই সুৰ কৰিছে”। ইয়াত ‘আকৈ বাকৈ’-টো কি? আকৈ-বাকৈ, উকুলি-মুকুলি এনেধৰণৰ ঠাইবিশেষে
পৃথক ধ্বনি থাকিব। পোনে পোনেই ‘জলফাই চুৰ কৰিছে’ ধ্বনিখিনি স্পষ্ট কৈ কাণত নপৰিবগৈয়ো
পাৰে, বা পৰিলেও গৃহস্থই হয়তো ভাবিবলগীয়াত পৰিব- কিবা এটা শুনিলোঁ, কিন্তু কি বা ক’লে!
কিন্তু আকৈ বাকৈ বুলি লেনীয়াই মতা মাতটোৱে শ্ৰোতা গৃহস্থৰ কাণখনক কিবা এটা শুনিবলৈ
প্ৰস্তুত কৰি তোলে। এইখিনি কথাৰে বুজিবলৈ সুবিধা হ’ব “কেলৈ মনে মাৰি থাক” বুলি সুধিব
খোজা কথাটোৰ আগত ‘তামোলৰ ঢকুৱা’ আৰু ‘জোনাকী পৰুৱা’ৰ দৰে অসংলগ্ন কথাবোৰ বিহুৱা সকলে
কিয় জোৰা দিছিল।
নদী
আৰু নৈপৰীয়া চৰ অঞ্চলবোৰ স্বাভাৱিকতেই মুকলি আৰু বিস্তৃত এলেকা হয়। ইপাৰৰ পৰা সিপাৰলৈ
শুনাবলৈ হ’লে আপুনি মাতটো দীঘলীয়া কৰি এৰিবই লাগিব। সেয়েই কাৰণ ভাটিয়ালী গানৰ টানবোৰ
দীঘলীয়া হয়। এহাতে খৰস্ৰোতা নদীৰ তৰংগৰ ঘন ছন্দ আৰু তাৰ বিপৰীতে দূৰত্ব আৰু বতাহৰ সোঁসোৱনিক
নেওচি পতা দীঘলীয়া মাত- এই দুইৰ কনট্ৰাষ্টেই ভাটিয়ালী গানৰ মাধুৰ্য।
সেই
বৰপথাৰৰ আঁহতৰ তলৰ উত্ৰাৱল বিহু আহি যেতিয়া ষ্টুডিঅ’ত সোমাল, ইকূল-সিকূল নেদেখা পানীৰ
মাজৰ “আমি কোন কূল হৈতে কোন কূলে যাবো” বুলি দিয়া আহ্বানটো যেতিয়া আহি ষ্টুডিঅ’ত সোমাল,
প্ৰথম সংঘাতটো এইটোৱেই হ’ল : মাত মাতোঁতা আৰু শুনোতাৰ পাৰস্পৰিক ব্যৱধানটো। এতিয়া আপুনি
মাইক্ৰোফোনটোৰ বাবে গাই আছে। একালত অতি কমেও পাঁচশ বা এহেজাৰ মিটাৰৰ আঁতৰত লুকাই থকা
চেনেহীক জোকাবলৈ মৰা চিঞৰটো এতিয়া আপুনি মাৰিবলগীয়া হৈছে দুই ইঞ্চি বা তিনি ইঞ্চি ব্যৱধানত
থকা মাইক্ৰোফোনটোৰ বাবে।
স্বৰ-বাণীবদ্ধকৰণৰ
দৰে অত্যন্ত প্ৰায়োগিক বা টেকনিকেল কাৰবাৰ এটাত এইখিনি কথা আপুনি ভাবিবলৈ বাধ্য- মাইক্ৰ’ফোনটোৰ
সৈতে আপোনাৰ মুখৰ দূৰত্ব কিমান, কৌণিক অৱস্থান কিমান, উচ্চতাৰ তাৰতম্য কিমান আদি। ৰৌদ্ৰোজ্জ্বল
মুকলি পথাৰৰ উন্মাদনা এটাক প্ৰায় আঠ পূৰণ আঠ ফুট বৰ্গক্ষেত্ৰৰ অন্ধকাৰ চাউণ্ড-প্ৰুফ
কোঠা এটাৰ মাজত কেনেকৈ উদযাপন কৰিব? এই সমস্যাটোৰ কথা কেতিয়াবা ভাবিছেনে? কথাখিনি নতুন
নহয়। ভালেকেইটা দশক পাৰ হৈ গ’ল ষ্টুডিঅ’ সংগীতৰ সৈতে আজি আমি অভ্যস্ত। পথাৰৰ বিহু মঞ্চলৈ
উঠি অহাও ভালেখিনি সময় হ’ল, আমিও এয়া স্বাভাৱিক বুলি আকোঁৱালি লৈছোঁ। বিহুমেলাৰ মঞ্চৰো
নিজা এটা স্থাপত্যৰ ধাৰণা আছে। মঞ্চটো কিমান ওখ হ’ব, গায়ক-গায়িকা প্ৰচেনিয়াম-আৰ্কৰ
পৰা কিমান ভিতৰলৈ ঠিয় হ’লে মুখত লাইট পৰিব, দৰ্শকৰ প্ৰথম শাৰীটো মঞ্চৰ পৰা কিমান দূৰত্বত
থাকিব, যদি মঞ্চৰ নিৰ্দিষ্ট বিভাজন ৰেখাৰ পৰা আগবাঢ়ি যোৱা ওপৰিঞ্চি ৰেম্প আছে তেন্তে
তাৰ শব্দ-গ্ৰহণ আৰু আলোক-সম্পাতৰ কি ব্যৱস্থা হ’ব এইবোৰ কথা সাঙুৰি আয়োজক আৰু পৰিৱেশক
সকলোৰে বুজাপৰা থাকে। কিন্তু তাৰ পিছতো এইখিনি কথা আকৌ এবাৰ পাতিবলৈ আৰু ভাবিবলৈ অৱকাশ
পাইছোঁ আজিৰ লক-ডাউনৰ সময়ত যেতিয়া হাজাৰে হাজাৰে মানুহে মোবাইল ফোনেৰে ‘লাইভ’ পৰিৱেশন
কৰিবলৈ নামি পৰিছে। ভিডিঅ’ লাইভ এটা কৰিবলৈ লওঁতে কেমেৰা থকা মোবাইল ফোনটো আপোনাৰ শৰীৰৰ
পৰা কিমান দূৰত্বত আছে? কোণ কিমান ডিগ্ৰী? উচ্চতা? মোবাইলটো ধৰি ৰাখিবলৈ ষ্টেণ্ড ব্যৱহাৰ
কৰিছে নে কিহবাত ভেজা দি থিয় কৰি থৈছে? স্ক্ৰীণখন উলম্ব নে আনুভূমিক?
এইখিনি
কথা কোনেও ক’তো পতা দেখা নাই। মানুহে কবিতাৰ কথা পাতিছে, কবি আৰু আবেগৰ কথা পাতিছে,
মানুহে গল্পকাৰ আৰু গল্পৰ বিষয়ৰ কথা পাতিছে। কোনেও পতা নাই গল্পটিও কোনে পঢ়ি আছে। কোনেও
পতা নাই গল্পটো কোনে কোন সময়ত কোন মাধ্যমত কেতিয়া কেনেকৈ শুনি আছে।
মাধ্যম
: মাধ্যমান্তৰ : সম্প্ৰসাৰণ
এটা
মাধ্যম বা ক্ষেত্ৰৰ নান্দনিক আৰু ব্যৱহাৰিক সিদ্ধান্ত কিছুমান আন এখন ক্ষেত্ৰলৈ হুবহু
ৰূপত তুলি অনাটো সমীচিন হ’ব নে নহ’ব সেয়া এটা লাখটকীয়া প্ৰশ্ন। কোনো সময়ত এটা মাধ্যমৰ
নন্দনতত্ব আন এটা মাধ্যমলৈ সম্প্ৰসাৰণ কৰাটো স্বাভাৱিক আৰু যুক্তিসংগত হ’লেও বেছিভাগ
সময়তে সি যে অসুবিধাজনক সেয়া বুজি উঠাটো জৰুৰী। উৎকণ্ঠা, উত্তেজনা আৰু অতিৰঞ্জনেৰে
ভৰা একধৰণৰ অভিনয়ৰ পদ্ধতি ভ্ৰাম্যমান থিয়েটাৰে নিজাকৈ গঢ় দি লৈছিল আৰু নাটকক কেৱল অভিজাত
বা এলিট ইতিহাস এটাৰে চাই নাথাকি ভ্ৰাম্যমানক গণ-সংস্কৃতিৰ অংগ বুলি স্বীকাৰ কৰি লৈ
সেই অভিনয় পদ্ধতিৰো নিজস্ব এটা মৰ্যাদা আছে আৰু থাকিব। সন্মুখত বিপুল দৰ্শক, অস্থায়ী
হ’লেও স্পেক্টেকুলাৰ স্থাপত্য, চকু চাৎ মাৰি ধৰা লাইট আৰু উচ্ছস্বৰৰ সংগীতৰ সৈতে সেই
অভিনয়ৰ নিজা অৱস্থান আছে। কিন্তু সীমিত দৰ্শকৰ সন্মুখত, অপেছাদাৰী, সৰু বন্ধ পৰিৱেশ
এটাৰ নাটক এখন কৰোঁতেও যদি সেই অভিনয়-পদ্ধতিকে হুবহু তুলি অনা হয় তেনেহ’লে চলিবনে?
ৰবীন্দ্ৰ ভৱনৰ অভিনয়, ভ্ৰাম্যমানৰ অভিনয়, নামঘৰৰ ভাওনাৰ অভিনয়, বাটৰ নাটৰ অভিনয়, ডাঙৰ
পৰ্দাৰ অভিনয়- কেতিয়াবা একান্তই প্ৰসংগ সাপেক্ষে ইটোৱে সিটোৰ কোনোবাটো উপাদান তুলি
আনিব পাৰে কিন্তু গোটেইখিনি একে হ’ব নোৱাৰে। আৰু অলপ আঁহ-ফালি গৈ থাকি যদি সোধোঁ, ডাঙৰ
পৰ্দাৰ অভিনয় আৰু সৰু পৰ্দাৰ অভিনয় একে নে? পৰিচালকৰ নিৰ্দেশত কেমেৰাৰ সন্মুখত কৰা
হ’ল বুলিয়েই টেলিভিচনৰ অভিনয় আৰু বৈদ্যুতিন তথা ৱেব-ভিত্তিক প্লেটফৰ্মৰ বাবে কৰা অভিনয়ো
একে হ’ব নে? কলা আৰু কাৰুকৃতিৰ নিৰ্মাণৰ সঁজুলি আৰু পদ্ধতি আদি একে হ’লেও টাৰ্গেট অ’ডিয়েন্স,
দৰ্শকৰ অৱস্থান, দৰ্শন-পদ্ধতি, দৰ্শনৰ মাধ্যম বা সঁজুলি, দৰ্শকৰ ইচ্ছা অভিৰুচি (অ’ডিয়েন্স-এক্সপেক্টেচন)
আদিবোৰ কথাও আহি পৰে বাবে কথাবোৰ দেখাত সহজ যেন লাগিলেও সহজ হৈ নাথাকে।
এফালে
ঘটনাটো ঘটে আৰু আনফালে শাৰীয়ে শাৰীয়ে দৰ্শকে বহি উপভোগ কৰে- দৃশ্য আৰু দৰ্শকৰ এই সম্পৰ্কৰ
দিশটো একে যেন লগাৰ ফলত নাটক আৰু চিনেমা আদি মূলতে একেই বুলি ভাবি থকাসকলে কাহানিও
নভবা এটা মৌলিক দিশ এনে যে নাটক আৰু চিনেমা দুয়ো ক্ষেত্ৰতে মৌলিক দৰ্শনৰ পৰিপ্ৰেক্ষিতটোৱেই
সম্পূৰ্ণ ওলোটা। Hugo Münsterberg-এ তেওঁৰ The Photoplay, a psychological study (1916) নামৰ ৰচনাখনত
পোনপ্ৰথমবাৰৰ বাবে এইটো দিশ উল্লেখ কৰে। নাটকৰ ক্ষেত্ৰত প্ৰচেনিয়াম মঞ্চৰ ড্ৰয়িং এটা
মনলৈ আনক। দৰ্শকৰ ফালৰ ঈষৎ বক্ৰ ৰেখাডাল অলপ দীঘলীয়া হয় আৰু পিছফাললৈ অৰ্থাৎ উচ্চমঞ্চৰ
ফাললৈ ক্ৰমে সংকুচিত হয়। অৰ্থাৎ দৰ্শকৰ দিশৰ পৰা দৃষ্টি বিস্তৃতিৰ পৰা সংকোচনলৈ যায়।
আনহাতে যদিও চিনেমাখন এখন পৰ্দাৰ সমতল পৃষ্ঠত চাই থাকোঁ দৃষ্টিৰ পৰিপ্ৰেক্ষিত নিৰ্ধাৰক
কেমেৰা এটা একক বিন্দু য’ৰ পৰা ক্ৰমে দূৰলৈ দৃষ্টিক্ষেত্ৰ সম্প্ৰসাৰিত হয়। মানে নাট্যমঞ্চৰ
ওলোটাটো। মঞ্চ সন্মুখৰ পৰা পিছলৈ সংকুচিত, কেমেৰাই নিৰ্মাণ কৰা দৃষ্টিক্ষেত্ৰ সন্মুখৰ
পৰা পিছলৈ সম্প্ৰসাৰিত। গতিকে দুয়ো ক্ষেত্ৰতে দৰ্শনৰ প্ৰাথমিক চৰ্তখিনিয়েই একে নহয়।
Münsterberg-ৰ
উল্লেখেৰে কথাখিনি আগুৱাই নি চাৰা বেই-চেং নামৰ থিয়েটাৰ আৰু মিডিয়া অধ্যয়ন বিভাগৰ এগৰাকী
সহকাৰী অধ্যাপিকাই তেওঁৰ Theatre Squared:
Theatre History in the Age of Media ৰচনাত “বিকৃতিৰ নাট্যকলা” (The
Dramaturgy of Distortion) শিতানত কেনেকৈ নাটকৰ ৰেকৰ্ডিঙত বিকৃতিখিনি ঘটিবলৈ বাধ্য
হয় তাৰ মূলগত সমস্যাখিনি ফঁহিয়াই দেখুৱাইছে।
মোবাইলেৰে
ফটো এখন তোলা বা ভিডিঅ’ কৰা আজিকালি তেনেই সহজ (যেন লাগে)। ফটোগ্ৰাফীৰ দুটা প্ৰাথমিক
আৰ্হি আছে- পোৰ্ট্ৰেইট আৰু লেণ্ডস্কেপ। মানুহ বা বস্তুৰ অবয়ব ধৰি ৰখাৰ দৰে কিছুমান
বিশেষ দিশক বাদ দি সাধাৰণতেই ইমানদিনে আমাৰ দৃষ্টিৰ অভ্যাসটো সাঙোৰ খাই আছে লেণ্ডস্কেপ
মুডটোৰ সৈতে। ৬/৪ কিম্বা ১৬/৯ যি অনুপাতেই নহওক কিয় ব্যক্তিৰ মুখাবয়ব আৰু বস্তুৰ ডিটেইলক
বাদ দি বেছিভাগ বিষয়ৰ ফটোকেই আমি পথালিকৈ চাবলৈ ভাল পাওঁ। পথাৰখন পথালি, নদীখন পথালি,
দিগন্তৰেখা য’ত গৈ দৃষ্টি শেষ হয়- সিও পথলীয়া। থিয় হৈ থাকি দিনৰ শেষত ভাগৰত আপুনিও
পথালি হৈ দিয়ে। সেয়েই নেকি পথলীয়াই চকুক আৰাম দিয়ে। টিভি স্ক্ৰীণখন চিনেমাস্কোপৰ লেখীয়া
নহ’লেও সম্পূৰ্ণ বৰ্গাকৃতিৰো নহয়, ৩/৪ অনুপাতেৰে সিও আনুভূমিকেই। আপোনাৰ কম্প্যুটাৰৰ
স্ক্ৰীণখন জানো থিয়? তেনেহ’লে মোবাইলেৰে কিবা ঘটনা এটাৰ ভিডিঅ’ কৰোঁতে মোবাইলটো থিয়
কৰি কিয় ধৰে? উলম্ব ভিডিঅ’ এটাৰ পাছলৈ প্ৰায়োগিক সুবিধা থাকে জানো? মোবাইল ফোনত কথা
পাতোঁতে মোবাইলটো থিয়কৈ ধৰোঁ বুলিয়েই সেই অভ্যাসেৰেই ভিডিঅ’ এটাকো আৱদ্ধ কৰিম জানো?
কালক্ৰমত স্মাৰ্ট ফোনৰ ব্যাপক ব্যৱহাৰৰ ওপৰতেই নিৰ্ভৰ কৰি বিকাশ ঘটোৱা টিকটককে ধৰি
বিভিন্ন ভিডিঅ’ ‘এপ’-ৰ দৰ্শন-ক্ষেত্ৰ উলম্ব হ’বলৈ ল’লে। ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মত
বৰ্গাকৃতিৰ স্থান আৰু ফে’চবুকৰ ‘ষ্ট’ৰী’ শাখাত উলম্ব ভিডিঅ’ৰ স্থান নিৰ্ধাৰিত হ’ল।
সেয়েহে এতিয়া আপুনি ভিডিঅ’টো কোনখন প্লেটফৰ্মৰ বাবে কৰিছে সেই কথা মনত ৰাখিহে ধৰিবলৈ
শিকিব, পথালিকৈ নে থিয়কৈ।
সমুদ্র
কাজল শইকীয়া
Rajya Sabha
Television (RSTV),
3rd Floor,
Talkatora Stadium Annexe Building,
New Delhi –
110001
mobile: +91 9811375594