ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, March 31, 2018

পেখু পেখু (এঘাৰ): ডিছপোজেবল জনতা (এক): "আপুনি সকলোকে সুখী কৰিব নোৱাৰে"

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ১ এপ্ৰিল ২০১৮]

শিল্পীয়ে আৰু শিল্পকৰ্মই যেনেকৈ এক বিশেষ পৰ্যায়ৰ ৰসবোধৰ জন্ম দিয়ে, তেনেকৈয়ে পাঠক তথা দ্ৰষ্টাৰ ইচ্ছা অভিৰুচি আৰু ৰসাস্বাদনৰ প্ৰক্ৰিয়াবোৰেও শিল্পী এজনক গঢ় দিয়ে। পাঠক আৰু দ্ৰষ্টাৰ প্ৰতিক্ৰিয়াৰ বাবে শিল্পী সদা সচেতন হৈ থাকিবই লাগে। কিন্তু কথা হ'ল কিমানখিনিলৈকে এজন শিল্পীয়ে দৰ্শকৰ কথা শুনিব পাৰে? "মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ" বুলি গীতিকাৰ ভূপেন্দ্ৰই গাইছিল যদিও প্ৰতিজন শ্ৰোতাই 'অমুকটোহে কৰিব লাগে', 'তমুকটোহে কৰিব লাগে' বুলি কোৱা প্ৰতিটো কথাই যদি তেওঁ শুনি গ'লহেতেন তেনেহ'লে শিল্পীয়ে জীৱনত কিবা কৰি উঠিব পাৰিলেহেতেননে সেইটো এটা ডাঙৰ প্ৰশ্ন। দ্ৰষ্টা, দৰ্শক বা পাঠক বুলি কওতে বেছিভাগ সময়তেই এটা ধাৰণাকহে বুজাই থকা হয়। নহ'লেবা দৰ্শক বুলি কওতে কোনখিনি মানুহক বুজোৱা হয়? পাঠকেই বা কোন? কথাখিনি আৰু অলপ বহলাই লৈ গ'লে, যদি জনতাৰ কণ্ঠ আমি শুনিব লাগে, তেনেহ'লে কোনখিনি মানুহেৰে এই জনতাৰ শৰীৰটো নিৰ্মিত? এনেধৰণৰ কথা উঠিলেই আমাৰ বাৰে বাৰে মনলৈ আহে ঈছপৰ সেই বাপেক-পুতেক আৰু গাধৰ কাহিনীটোলৈ, আৰু একে সময়তে মনলৈ আহে ভুপেন খখৰৰ ছবি এখনলৈ।
"You Can't Please All"

“আপুনি সকলোকে সুখী কৰিব নোৱাৰে”, ভুপেন খখৰৰ এখন বিশাল আকাৰৰ চাৰিচুকীয়া তেল ৰঙৰ ছবি। ছবিখনৰ বেছিভাগ ঠাই আগুৰি আছে এটা নগৰীয়া অঞ্চলৰ কিছুমান বিক্ষিপ্ত দৃশ্যাংশৰে, ছবিখনৰ সোঁফালে প্ৰায় লাইফ-চাইজৰ এটা নগ্ন পুৰুষৰ শৰীৰ আছে যি বেলকনিত ভেজা দি সন্মুখৰ নগৰখনলৈ চাই আছে। শেঁতা নীলা, ছাঁইৰঙ আৰু সেউজীয়াৰে বোলোৱা চবিখনৰ সংৰচনাত বিভিন্ন চৰিত্ৰ আৰু বস্তুৰে ভৰি আছে। ওপৰৰ বাওঁফালে এখন ছাইৰঙী আকাশ, ঘৰবোৰৰ খিৰিকীয়েদি দেখা পোৱা লাইট আদিত সন্ধিয়াবেলাৰ আভাস এটা পৰিস্ফুত। অলপ মন কৰি চালেই দুটা পুৰুষ চৰিত্ৰৰ সৈতে এটা গাধৰ একোটা কম্পোজিচন তিনিঠাইত বেলেগে বেলেগে দেখা যায়। নগ্ন চৰিত্ৰটোৱে যিফালে চাই আছে সেইফালে অৱস্থিত গাধৰ পিঠিত বহি থকা চৰিত্ৰদুটাক বাটত থিয় হৈ থকা আন দুজন মানুহে আঙুলি টোঁৱাই কিবা কৈ আছে। বিভিন্ন স্থানত বিভিন্ন আকাৰত আচলতে সেই দুই পুৰুষ আৰু গাধৰ চৰিত্ৰকেইটা একেকেইটা চৰিত্ৰই। এই চৰিত্ৰকেইটাই হ'ল ঈছপৰ সাধুৰ সেই বাপেক, পুতেক আৰু গাধটো- মানুহৰ কথা শুনি শুনি মানুহক সন্তুষ্ট কৰিবলৈ গৈয়েই যাৰ অথন্তৰ ঘটিছিল। ছবিখনৰ এঠাইত মানুহ এজনে বেঁকা হৈ গাঁড়ী ঠিক কৰি আছে, অন্য স্থানত ঘৰবোৰত মানুহবোৰৰ সমাবেশ ঘটিছে, যেনিবা বিয়লি বেলাৰ আড্ডা। ঘৰৰ ভিতৰত কথা পাতি থকা মানুহখিনিৰ সময় আৰু এঠাইত গছৰ পৰা ফল পাৰি থকা মানুহ এজন- একে সময়ৰ কথা নহ'বও পাৰে। পুৰুষজনক আমি পিছফালৰ পৰা দেখা পাওঁ, গতিকে অঞ্চলটোৰ দৃশ্যখিনি আমি তেওঁৰ পৰিপ্ৰেক্ষিতেৰেই দেখিছোঁ বুলিব পাৰি। বৰ্ণনামূলক সংৰচনাৰ ছবিৰ এইটৱেই বৈশিষ্ট্য যে দ্ৰষ্টাই বহুসময়লৈকে ৰৈ ৰৈ ইয়াক চাব পাৰে আৰু বিভিন্ন অংশৰ পৰা বিভিন্ন ধৰণৰ কাহিনী-কথনৰ আমোদ লব’পাৰে। ছবিখনৰ দৃশ্যগত ব্যাখ্যাৰ মাজত একে সময়তে বিভিন্ন স্থানৰ প্ৰতিৰূপ যেনেকৈ আছে একেস্থানতে বিভিন্ন সময়ৰ বৰ্ণনাও তেনেকৈয়ে সোমাই আছে। ছবিখনৰ মাজেৰে কাহিনীকথনৰ ধৰণটো ৰেণছাঁৰ আগভাগৰ ছবিসমূহৰ সৈতে ৰিজাব পাৰি। এই বৰ্ণনাৰ মেজাজটো যেনেকৈ এহাতে পৰম্পৰাগত মিনিয়েচাৰ ছবিৰ বৰ্ণনাধৰ্মিতাৰ নিচিনা, ৰং আৰু চৰিত্ৰৰ ৰূপায়ণৰ সময়ত ট্ৰিটমেণ্টখিনিক আকৌ পপ আৰ্টৰ সৈতে সাঙুৰিহে কথা পাতিব পাৰি।  
"You Can’t Please All" ছবিখন ১৯৮১ চনত বৰোডাত অঁকা হৈছিল আৰু সম্পূৰ্ণ কৰিবলৈ সময় লাগিছিল প্ৰায় পাঁচ মাহ। খখৰক ছবি এখন সম্পূৰ্ণ কৰিবলৈ বহুত সময় লাগিছিল আৰু একে সময়তে বহুত ছবি প্ৰস্তুত কৰাটো তেওঁৰ দস্তুৰ নাছিল। পোণতে এঙাৰেৰে কেনভাছত নক্সাটো কৰি লৈ সৰু বা মধ্যমীয়া তুলিকাৰে কাম আৰম্ভ কৰি শেষৰ ফালে ৰঙৰ প্ৰলেপক তেওঁ গুৰুত্ব দিয়ে। তেওঁৰ মতে ৰঙেইহে ছবিখন সম্পূৰ্ণ কৰে। শেষৰ ফালে ৰঙৰ টিউবেৰে পোণপটীয়াকৈয়ে ৰং লগাই ৰঙৰ ঘনত্ব সৃষ্টি কৰে। ভূপেন আছিল এমেচাৰ শিল্পী। সেই সময়ত ভূপেন খখৰৰ শিল্পভাষা আছিল ভাৰতীয় শিল্পৰ জগতত একেবাৰেই নতুন। আজি ভূপেন খখৰক যেনেকৈ ভাৰতৰ এজন অন্যতম প্ৰভাৱশালী শিল্পী বুলি মনা হয়, একে সময়তে ভূপেন খখৰৰ ছবিত স্কিল বা কৌশল-দক্ষতাৰ অভাৱৰ বাবে সেয়া একো শিল্পই নহ'ল বুলি ভেঙুচালিও দেখা যায়। হেনৰী ৰুছো আৰু ডেভিড হকনিৰ সৈতে মাজে মাজে খখৰক ৰিজোৱা হ'লেও তেওঁৰ দৃশ্যৰূপৰ বৰ্ণনাৰ পদ্ধতি একক আৰু স্বকীয় বুলিলেহে উচিত বিচাৰ কৰা হ'ব। ভুপেনৰ ছবিবোৰ ছবি হলগৈ নে নাই, কলাৰ ক্ষেত্ৰত কুশলতা জুখিবৰ মাপকাঠি কি হবগৈ পাৰে, সুন্দৰৰ ৰূপায়ণ নহৈ এনে ধৰণৰ আপচু, আচহুৱা দৃশ্যৰূপ নিৰ্মাণেৰে শিল্পৰ ভৱিষ্যৎ কি হবগৈ পাৰে, জীৱন জগতৰ বিৰাট বিৰাট বিষয়বস্তুক বাদ দি দৈনন্দিন জীৱনৰ এই আপাত তুচ্ছ কাৰ্যকলাপৰ এনে নিতান্তই গতানুগতিক উপস্থাপনেৰে শিল্পৰ বিষয়বস্তুৱে কোন দিশেৰে গতি কৰিব আদি হাজাৰটা প্ৰশ্নৰ প্ৰত্যাহ্বানৰ উপৰিও ভূপেন খখৰৰ সন্মুখত এটা ডাঙৰ প্ৰসংগই থিয় দি ৰৈছিল- সেয়া হ'ল তেওঁৰ বিষয়ী অৱস্থান অথবা ব্যক্তি পৰিচয়টো। ভূপেন খখৰ আছিল এজন সমকামী, আৰু সমকামিতাই গঢ় দিয়া তেওঁৰ ব্যক্তিপৰিচয়ক ঢাকি ৰাখি শিল্পৰ উপস্থাপনো তেওঁৰ দৰে এজন শিল্পীৰ বাবে সম্ভৱপৰ নাছিল। কিন্তু এখন বিপৰীতকামী ৰক্ষণশীল সমাজৰ মাজত বাস কৰি তেওঁ নিজৰ সমকামী পৰিচয়টোক ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ ক্ষেত্ৰতো আছিল বহুখিনি বাধা। সেয়েহে এই ছবিখনৰ সন্মুখৰ ভাগত থকা নগ্ন পুৰুষ শৰীৰটো, যি আচলতে ভূপেন খখৰ নিজে, আৰু পশ্চাৎ পটৰ বৰ্ণানাখিনিৰ মাজৰ যি মিল অথবা বিৰোধ, সম্পৰ্ক অথবা সংঘাত, সেইখিনিক চমুৱাই এনেকৈয়ো কব’পাৰি যে ই হ'ল- "মোৰ আৰু পৃথিৱীৰ"। এজন অন্তৰ্মুখী মানুহৰ ব্যক্তিমনৰ অন্তৰ্ভাগ বনাম বহিৰ্বিশ্ব। বাহিৰৰ পৃথিৱীখনৰ সৈতে কেনেকৈ মুখামুখি হ'ম, অথবা বাহিৰৰ পৃথিৱীখনলৈ কেনেকৈ ওলাই আহি কি ৰূপত নিজকে আত্মপ্ৰকাশ কৰিম, এই প্ৰশ্নখিনিৰ পৰাই জন্ম হ'ল এই পেইণ্টিংখন। মন কৰক বেলকনিখনতে কাপোৰ আৰু গাৰু পাৰি থোৱা আছে। মানে সেইখিনি পুৰুষজনৰ বিশ্ৰামৰো ঠাই। সেয়েহে বেলকনিখন চৰিত্ৰটোৰ অভ্যন্তৰ আৰু বাহ্যিকতাৰ মধ্যৱৰ্তী স্থল। টিমথী হেইমেনে ভূপেন খখৰৰ সম্পৰ্কীয় তেওঁৰ গ্ৰন্থত উল্লেখ কৰিছে যে "এই ছবিখন সম্পুৰ্ণ কৰাৰ কিছুদিনৰ পিছতেই খখৰে প্ৰকাশ কৰিছিল যে সেই নগ্ন চৰিত্ৰটো তেওঁ নিজে, আৰু এইছবিখনে তেওঁৰ সমকামী হিচাপে বাহিৰলৈ ওলাই অহাটোকেই প্ৰকাশ কৰিছে"। কেনেকৈ সমাজৰ বিভিন্ন স্তৰৰ বিভিন্না জনৰ মতামত আৰু ইচ্ছা অভিৰুচিৰে আমি নিজস্ব পৰিচয়টোক লৈয়ো নিয়ন্ত্ৰণৰ মাজেৰে চলিবলগীয়া হয় সেইটোৰ আঁত ধৰিয়েই ছবিখনত আহি সোমালহি ঈছপৰ সাধুৰ সেই চৰিত্ৰকেইটাও। 
Detail

১৯৮৫-৮৬ চনত বৰোডাত সময় কটোৱা আৰু ভূপেন খখৰক ব্যক্তিগত ভাবে জনা ব্ৰিটিছ শিল্পী ডেক্সটাৰ ডালউডে (Dexter Dalwood) কয়- বেলকনিৰ সেই নাঙঠ শৰীৰটো অভ্যন্তৰীণভাবে সন্মুখত দেখুওৱা সমাজখনৰ পৰা পৃথক আৰু একে সময়তে এই বৈপৰিত্যৰ এটা অভিন্ন অংগ। এই জটিল জীৱনৰ সমাৱেশেই আধুনিক ভাৰতৰ ছবি। ডালউডৰ ভাষাত- "This way of combining complex emotional feelings, within an image which attempts to present a whole nervous-system, I find to be incredibly inspiring – and liberating".
এই ছবিখন অঁকাৰ সময়তে, অৰ্থাৎ ১৯৮১ চনত মুম্বাই আৰু দিল্লীত হোৱা "Place for People" নামৰ এলানি প্ৰদৰ্শণীত ছবিখন পোণপ্ৰথমে প্ৰদৰ্শিত হয়। সমসাময়িক আৰু ব্যক্তি-বিষয়ৰ উপাদানসমূহৰ প্ৰতিকী উপস্থাপন তথা বিমূৰ্ত ৰূপায়ণৰ পৰা ফালৰি কাটি আহি এটা নতুন ধৰণৰ শিল্পভাষাক সন্মুখলৈ তুলি অনাৰ হেতুকে এইলানি প্ৰদৰ্শণীক ভাৰতীয় শিল্পৰ আধুনিকপৰ্ৱৰ এক পৰিৱৰ্তন সূচক মাইলৰ খুটি বুলি মনা হয়। গুলাম মহম্মদ শ্বেইখ আৰু সুধীৰ পটৱৰ্ধনকে সাঙুৰি এই প্ৰদৰ্শণীখনকেই বৰোডা স্কুলৰো আৰম্ভণী বুলি কোৱা হয়। সদ্যহতে পেইণ্টিংখন আছে লণ্ডনৰ টেট সংগ্ৰহশালাত । ২০১৬ চনত টেট মডাৰ্ণ গেলেৰীত ভূপেন খখৰৰ এখন প্ৰদৰ্শণী অনুস্থিত হয় যাৰ শিৰোনাম এই আলোচিত ছবিখনৰ নামেৰেই ৰখা হয়- "আপুনি সকলোকে সুখী কৰিব নোৱাৰে"।  
বহুল প্ৰচলিত ঈছপৰ সাধু এটাৰ দ্বাৰা ছবিখন আৰু বিশেষকৈ ছবিখনৰ শীৰোনামটো অনুপ্ৰাণিত। চমুকৈ কাহিনীটো এনেকুৱা, এবাৰ এহাল বাপেক পুতেকে গাধ এটা লৈ বজাৰলৈ গৈ আছিল। বাটতে মানুহ এজনে দেখি ক'লে, "কেনে মূৰ্খ মানুহ, যদি খোজকাঢ়িয়েই যায়, গাধটোনো লগত কিহলৈ আছে?" তাকে শুনি বাপেকে পুতকক গাধটোৰ ওপৰত বহুৱাই আগবাঢ়িল। এইবাৰ আন এজন বাটৰুৱাই তাকে দেখি ক'লে, "ল'ৰাটো কেনে নিৰ্দয়। বুঢ়া বাপেকক খোজ কাঢ়িবলৈ দি নিজে আৰামেৰে গাধৰ পিঠিত উঠি গৈছে"। তাকে শুনি এইবাৰ বাপেক গাধৰ পিঠিত উঠি ল'ৰাটোক খোজ কাঢ়িবলৈ দিলে। পিছে আকৌ কথা শুনিবলগীয়া হ'ল, "কেনে নিৰ্দয় বাপেক। নিজে আৰামেৰে গৈ সৰু ল'ৰাটোকনো এনেকৈ খোজ কঢ়াব লাগেনে?" এতিয়া কৰে কি? এইবাৰ বাপেক পুতেক দুয়ো গাধৰ পিঠিত উঠি ল'লে। তাকে দেখি এইবাৰ আন এজন বাটৰুৱাই ক'লে, "কেনে নিৰ্দয় মানুহ চোৱা। নিৰ্বোধ গাধটোক এনেকৈ কষ্ট দিব নাপায় দেই!" কিংকৰ্তব্যবিমূঢ় হৈ এইবাৰ বাপেক পুতেক দুয়ো বাঁহ এডালত গাধটোক বান্ধি লৈ কান্ধত ওলোমাই আগবঢ়াত লাগিল। এনেকৈ যাওতে সাকোঁ এডাল পাৰ হ'বৰ পৰত গাধটোৱে ভয় খাই ঠেং এটা জোকাৰ মাৰি দিয়াত পুতেকে হাতটো এৰি দিয়ক, আৰু গাধটো গৈ পৰকগৈ পানীত। এই গোটেই ঘটনাটো পিছে পিছে আহি থকা বুঢ়া মানুহ এজনে দেখি আছিল। তেওঁ ক'লে- "আপুনি সকলোকে সুখী কৰিবলৈ গ'লে শেষত কাকোৱেই সুখী কৰিব নোৱাৰিবগৈ"।
এমেচাৰ শিল্পী ভূপেন খখৰে জীৱিকা নিৰ্বাহ কৰিছিল বেংকৰ কৰ্মচাৰী হিচাপে আৰু মাজে মাজে বৰোডাৰ আৰ্ট স্কুলৰ শিল্পী সকলৰ লগত যোগাযোগ ৰাখি নিজাববীয়াকৈ শিল্পৰ সাধনা কৰিছিল। তেওঁৰ কামত শিল্প-নৈপুন্য বা কুশলতা নাই- এই অভিযোগটোৰ তেওঁ কেইবাবাৰো সন্মুখীন হবলগীয়া হৈছে। কিন্তু তেওঁৰ হোজা বা অপটু হাতৰ যি কাম সেয়েই সময়ত এটা নতুন শিল্পভাষা হিচাপে পৰিগণিত হ'ল। প্ৰসিদ্ধ শিল্প ইতিহাসবিদ গীতা কাপুৰেও এসময়ত ফঁহিয়াই দেখুৱাইছে যে ভূপেন খখৰৰ হাতৰ যি কৌশল-ৰহিত সৰলতা, সেই সৰলতা আচলতে ভূপেনে নিজে ইচ্ছাকৃতভাৱে আঁকোৱালি লোৱা এটা সিদ্ধান্ত। লগতে আৰু এটা গুৰুতৰ বিযয় হ'ল যৌনতা আৰু সমকামিতাৰ দিশটো । আধা বয়স পাৰ হৈ যোৱালৈকে ভূপেন খখৰ যে সমকামী আছিল সেই কথাটোক ৰাজহুৱাকৈ ব্যক্ত কৰিব পৰাকৈ তেওঁ সামৰ্থ্য গোটাব পৰা নাছিল। সেয়েহে এই আলোচিত ছবিখনত দেখা পোৱা এই বিৰাট আকাৰৰ নগ্ন পুৰুষ চৰিত্ৰটো যে ভুপেন খখৰ মানুহজন নিজে আৰু এই ছবিখন যে ভূপেন খখৰ মানুহজন নিজৰ নিভৃত অন্তৰমহলৰ পৰা বাহিৰৰ পৃথিৱীখনলৈ ওলাই অহাৰো এটা সুস্পষ্ট ইংগিত সেই কথাখিনি গুৰুত্বপূৰ্ণ।  
সি যি কি নহওক এই বাপেক পুতেক আৰু গাধৰ কাহিনীটো আগলৈ আমি বহুবাৰ উল্লেখ কৰিব লাগিব। কাৰণ জনতা, জনগণ, ৰাইজ এই কথাখিনি আমি অত্যন্ত ৰোমাণ্টিক ৰূপত ব্যৱহাৰ কৰি থাকোঁ। এটা ৰাজনৈতিক দলে নিৰ্বাচনী জয়ৰ পিছতে ঘোষণা কৰে যে ৰাইজে বিচাৰিছে বাবেই আমি জয়ী হৈছোঁ। লগে লগে আমাৰ মনত এই প্ৰশ্নটোৱেই উদয় হয় যে ৰাইজে বিচাৰিছে হয়, কিন্তু কোন শ্ৰেণীৰ ৰাইজে? শিল্পী হেনো ৰাইজৰ ওচৰত দায়বদ্ধ হৈ থাকিব লাগে। হয় বাৰু। কিন্তু কোন শ্ৰেণীৰ ৰাইজৰ কথা কোৱা হৈছে সেই সন্দৰ্ভত আমি স্পষ্ট হৈ আছোনে? ৰাইজৰ কথামতে অথবা ৰাইজে বিচৰামতে যদি সঁচাকৈয়ে আমি চলিবলগীয়া হয় তেনেহলে’সেই বাপেক-পুতেক আৰু গাধৰ কাহিনীটোৰ নিচিনা নহ'বগৈনে বাৰু?

সমুদ্র কাজল শইকীয়া
email: kankhowa@gmail.com, mobile: +91 9811375594

পেখু পেখু (দহ): সংগতিৰ বিসংগতি (Analogical Disorder) আৰু মিষ্টাৰ ৰাজকুমাৰ, জয় বৰুৱা ইত্যাদি

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ১৮ মাৰ্চ, ২০১৭]

কি কথাটোৰ সৈতে কোন কথাটোক ৰিজাম সেই বোধটোৰ অভাৱৰ কথা আমি কেইবাবাৰো পাতিছোঁ। এদিন আমি বন্ধুকেইজনমানে পথাৰৰ আলিয়েদি খোজকাঢ়ি থাকোঁতে এজনে অকণমানি ছাগলী পোৱালী এটা কোলাত তুলি লৈ হঠাৎ কৈ উঠিল- মূৰ্খ ছাগলী! বন্ধুজন আছিল হিন্দীভাষী আৰু ছাগলীক মূৰ্খ বুলি ভবাৰ এটা প্ৰচলন আছে। তেতিয়া আন এজন বন্ধুৱে তৎক্ষণাৎ ক'লে, ছাগলী মূৰ্খ বুলি কোনে ক'লে? অন্য এটা জীৱৰ বুদ্ধিৰ তুলনাত আন এটা জীৱৰ বুদ্ধিৰ তুলনা কেনেকৈ হ'ব? এটা ছাগলীতকৈ আন এটা ছাগলী হয়তো মূৰ্খ হ'বও পাৰে। এটা হাতী বেছি বুদ্ধিমান, আন এটা নহয় বুলি হয়তো ক'ব পৰা যাব। কিন্তু হাতী জ্ঞানী আৰু ছাগলী মূৰ্খ বুলি আমি কেনেকৈ জানিলোঁ? তুলনাৰ বিচাৰত তোলোতে দুটা বস্তুৰ এই বৈসাদৃশ্য বা আসোঁৱাহটোকেই আমি সংগতিৰ বিসংগতি (Analogical Disorder) বুলি উল্লেখ কৰি চলিম। আগৰ মানদণ্ড অথবা মাপকাঠি সম্পৰ্কীয় আলোচনাতো এই কথা উনুকিওৱা হৈছিল যে এক লিটাৰ গাখীৰৰ মাপ লোৱা বটল এটাৰে এক কেজি চাউলৰ ওজন জুখিবলৈ বিচাৰিলে খেলিমেলি হোৱাৰ বাহিৰে আৰু আন একো নহ'বগৈ। কিন্তু এই মূৰ্খতাৰেই পৰিব্যাপ্ত হৈ ৰৈছে অসমৰ সাংস্কৃতিক পৰিমণ্ডল।

আইনষ্টাইনৰ নামেৰে সুন্দৰ কথা এষাৰৰ প্ৰচলন আছে। "প্ৰত্যেকজনেই প্ৰতিভাধৰ। কিন্তু এটা এটা মাছক যদি গছত বগাব পৰা সামৰ্থ্যৰে প্ৰতিভাৰ বিচাৰ কৰিবলৈ যাওঁ তেনেহ'লে মাছটোৱে পৰৱৰ্তী গোটেই জীৱন নিজকে এটা জধামূৰ্খ বুলি ভাবিয়েই পাৰ কৰিবলগাত পৰিব" (Everybody is a Genius. But If You Judge a Fish by Its Ability to Climb a Tree, It Will Live Its Whole Life Believing that It is Stupid)।  যদিহে সমস্ত জীৱজন্তুক একত্ৰে গছ বগাবলৈ দি পৰীক্ষা কৰা হয় তেনেহ'লে নিশ্চিতভাবে বান্দৰেই শ্ৰেষ্ঠত্বৰ আসনখন লাভ কৰিবগৈ। সংগতি স্থাপন, ৰিজনি, তুলনা অথবা মাপকাঠি নিৰ্ধাৰণৰ বেলিকা এইখিনি কথাৰ স্পষ্টতা থকাটো ভাল।

এই সময়ত আত্মপ্ৰকাশ কৰি জনপ্ৰিয়তা লাভ কৰা অসমীয়া পপুলাৰ পৰ্যায়ৰ সংগীতশিল্পী কুসুম কৈলাশৰ গানৰ কথা আলোচনা কৰিবলৈ গৈয়ো যেতিয়া তাত থাকিব লগীয়া অথচ উহ্য থকা "সামাজিক দায়বদ্ধতা" আদি ধৰণৰ বস্তুৰ বিচাৰ কৰিবলৈ গৈ খেনোৱে তেওঁক ভূপেন হাজৰিকাৰ সৈতে ৰিজনি দিবলৈ আৰম্ভ কৰি দিয়ে তেতিয়া এই সংগতিৰ বিসংগতি কথাষাৰেই আমাৰ মনলৈ আহে। এই সময়ৰ অসমীয়া পপুলাৰ সাংস্কৃতিক উপাদানক আমি কেনেকৈ বিচাৰ কৰিম? এইটো এটা গুৰুতৰ প্ৰশ্ন এইবাবেই যে ইয়াৰ বাবে আমাৰ হাতত কোনো নিৰ্ভৰযোগ্য মাপকাঠি নাই। ফলত পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ গানৰ কথা পাতোতে আমি যি ভাব ভাষাৰ প্ৰয়োগ কৰোঁ, কুসুম কৈলাশ সম্পৰ্কে কথা পাতিবলৈ যাওতেও একেধৰণৰ ভাব ভাষাৰেই প্ৰয়োগ কৰিবলৈ যাওঁতেই কেৰোণটো লাগে।

কথা হ'ল, এজন শাস্ত্ৰীয় গায়কৰ সৈতে এজন এজন লোকগীতৰ গায়কৰ তুলনা কাহনিও কৰিবই নোৱাৰিম নেকি? উত্তৰটো হ'ব পাৰিম। কিন্তু তাৰ আগতে আমাৰ নিজৰ তুলাচনীখন, মানদণ্ডডাল বা মাপকাঠিডাল নিজেই নিৰ্দ্ধাৰণ কৰি ল'ব লাগিব। সংগতি স্থাপন কৰিবৰ সময়তো কোন পৰিপ্ৰেক্ষিতত তাৰ যুক্তিযুক্ততা আছে সেইখিনি কথা সাব্যস্ত কৰিব পাৰিব লাগিব।

ক'তো কোনো সমস্যাৰ সৃষ্টি নকৰাকৈয়ো এই সময়ত এটা সমস্যাবহুল চৰিত্ৰ হৈ উঠিছে মিষ্টাৰ ৰাজকুমাৰ নামৰ মানুহজন আৰু তেওঁৰ কামসমূহ। অসমীয়া সাংস্কৃতিক চৰ্চালৈ সংকট আৰু বিপৰ্যয় কঢ়িয়াই আনিছে বুলি বুজন সংখ্যক লোকে হামৰাও কাঢ়ি মৰিছে। ৰাজকুমাৰৰ চিনেমা বুলি প্ৰচলিত (আচলতে ইউটিউব ভিডিঅ') উপাদান সমূহ অসমীয়া চিনেমাৰ বাবে ক্ষতিকাৰক। আমিও দেখিছোঁ কিছুমান ক্ষতিকাৰক উপাদান, কিন্তু সেইখিনি মিষ্টাৰ ৰাজকুমাৰৰ 'চিনেমা' নহয়, সেইখিনি হ'ল মিষ্টাৰ ৰাজকুমাৰক কেন্দ্ৰ কৰি আগবঢ়া কেতবোৰ বিচাৰ পদ্ধতিহে। চ'চিয়েল মাধ্যমৰ বিভিন্ন ছেগাচোৰোকা মত মতান্তৰৰ ব্যতিৰেকেও কিছুদিন আগতে যথেষ্ট কষ্ট কৰি লেখা সুদীৰ্ঘ আলোচনা এটা আমাৰ চকুত পৰিল। বহলাই লিখা সেই আলোচনাটোৰ মূল তাৰ্কিক ভিত্তিটো হ'ল এই যে অসমীয়া চিনেমাৰ এটা গৌৰৱোজ্জল ইতিহাস আছে। জ্যোতিপ্ৰসাদৰ জয়মতীৰ পৰা ভালেখিনি নায়ক মহানায়কৰ কৃচ্ছ্ৰসাধনাৰ মাজেৰে আহি আজিৰ অসমীয়া চিনেমাই এই অৱস্থাত উপনীত হৈছেহি। এতিয়া যদি মিষ্টাৰ ৰাজকুমাৰে অসমীয়া চিনেমাক প্ৰতিনিধিত্ব কৰিবলৈ হয় তেনেহ'লে সেয়া মহা সাংঘাতিক কথা হ'ব। কথাটো এইখিনিতেই। হয়, মহা সাংঘাতিক কথা হ'ব মানে আচলতে হ'লেই। কাৰণ ইণ্টাৰনেটৰ জৰিয়তে প্ৰসাৰ বাবে ডিজিটেল মাধ্যমত কৰা কৰা এটা ব্যক্তিগত প্ৰয়াসকো "চিনেমা" বুলি ধৰি লৈ চিনেমাৰ সৈতে আৰু একেকোবেই গৈ জ্যোতিপ্ৰসাদকো সাঙুৰি অনাটো এটা অথন্তৰেই। মিষ্টাৰ ৰাজকুমাৰ আচলতে আমাৰ বাবে ক্ষতিকাৰক নহয়েই, বৰঞ্চ উক্ত আলোচনাটোৱে কৰিব পৰা ক্ষতিহে বহুত বেছি। কাৰণ "অসমীয়া চিনেমা" বুলি এটা ধাৰা (যদি তেনে কিবা ধাৰা আছেও) এটাৰ আলোচনাৰ পৰম্পৰাগত পদ্ধতিটোৰ সৈতে মিষ্টাৰ ৰাজকুমাৰকো সাঙুৰি তেওঁৰ কামসমূহক চাব পৰা অন্য দৃষ্টিসমূহ মষিমূৰ কৰি পেলোৱা হ'ল। উল্লিখিত আলোচনাটোক লৈ আমাৰ সমস্যা বহুত। অসমীয়া সাংস্কৃতিক উপাদানক বিচাৰ কৰিবৰ বাবে আমাৰ হাতত এটাই জাতীয়তাবাদী মাপকাঠি আছে। ৰাজকুমাৰৰ কাম চাবৰ সময়ত সেই মাপকাঠিডালক লৈয়েই কিছু প্ৰশ্ন উত্থাপন কৰিবৰ সুযোগ আছিল। সেই সুযোগ গ্ৰহণ কৰা নহ'ল কিয়? ফিল্ম শব্দটো আহিছিল ফটোগ্ৰাফীৰ ৰীল বা সেই নিগেটিভখনৰ পৰা। কালক্ৰমত সকলো ধৰণৰ চিনেমাকেই ফিল্ম বুলি কৈ থকা হ'লোঁ। মুভী, ফিল্ম, চিনেমা আদি শব্দবোৰ এটা আনটোৰ সমাৰ্থক হৈ পৰিল। তথাপি লক্ষ্য, উদ্দেশ্য, পদ্ধতি অথবা প্ৰসাৰ আৰু দৰ্শনৰ মাধ্যমৰ দিশৰ পৰাও ইণ্টাৰনেটৰ প্ৰসাৰৰ বাবে নিৰ্মিত ডিজিটেল ছবি এখনৰ সৈতে বায়'স্কোপ, পেনোৰামা, ৰূপালী পৰ্দা আদিবোৰৰ বিস্তৰ ব্যৱধান আজিও আছে। ফৰ্ম, কাৰিকৰী দিশ আদিৰ লগতে নন্দনতাত্বিক দাবীৰ ফালৰ পৰাও সেইবোৰ অন্য। এনে ক্ষেত্ৰত এটা ইউটিউব ভিডিঅ'ক থিয়েটাৰৰ বিশালাকায় ৰূপালী পৰ্দাৰ বাবে নিৰ্মিত এখন পূৰ্ণাংগ চিনেমাৰ পৰম্পৰাৰ সৈতে ৰিজাবলৈ যোৱাটোও এটা সংগতিৰ বিসংগতিয়েই নহ'ল জানো?   

অসমীয়া জাতীয়তাবাদী সাংস্কৃতিক আবেগৰ এটা দোধোৰ-মোধোৰ মাপকাঠিক বাদ দি হয়তো আন বহুখিনি দিশ বিচাৰিলেই পোৱা গ'ল হেতেন মিষ্টাৰ ৰাজকুমাৰক ফঁহিয়াই চাবৰ বাবে। থিতাতে মনলৈ অহা তেনে কেইটিমান দিশ এনে হ'ব পাৰে-
ক) এটা পপুলাৰ সংস্কৃতিৰ (Popular Culture) উপাদান হিচাপে এই সময়ৰ ইউটিউব ভিডিঅ'ৰ গতি বিধি।  
খ) নব্য-মাধ্যমৰ (New Media) প্ৰসাৰ, চৰ্চা আৰু সমসাময়িক গতিবিধি।
গ) ক্ৰমপ্ৰসাৰমান বহুল জন মাধ্যমৰ (Mass Culture) অতিসাম্প্ৰতিক দিশ সমূহ।
ঘ) নব্য-গণ মাধ্যম হিচাপে চ'চিয়েল নে'টৱৰ্কিঙৰ সম্ভাৱনা আৰু প্ৰয়োগ।
ঙ) প্ৰাতিষ্ঠানিক সাংস্কৃতিক বুজাপৰাৰ বাহিৰত গণমানসত বিকল্প (Alternative) নন্দনতত্বৰ স্পৃহা।
চ) উপ-সাংস্কৃতিক উপাদানৰ প্ৰসাৰ আৰু বিস্তাৰ (Subculture)।
ছ) পেৰাচিনেমা (Peracinema)? ট্ৰেছ ফিল্ম (Trash Film)? Genre সম্পৰীক্ষণ সম্পৰ্কীয় কথা বাৰ্তা।
...ইত্যাদি।    

হয়তো আন বহুখিনি কথা পাতিবৰ থল আছিল। কিন্তু সেইখিনি কৰা নহ'ল। এই মুহূৰ্তলৈকে কোনেও কৰা নাই। কাৰণ তাৰ বাবে চকু মেলি চাব লাগিব। অলপ কষ্টও কৰিব লাগিব নিজাববীয়াকৈ। মাৰ্চেল ডুচ্যঁই তেওঁৰ "সৃষ্টিশীল কৰ্ম" শীৰ্ষক বক্তৃতাত কোৱা এইখিনি কথা মানি চলিব পাৰিলে ভাল- "শিল্প ভাল, বেয়া অথবা নিস্পৃহ হ'ব পাৰে, কিন্তু, যি বিশেষণেই নলগাওঁ কিয়, আমি ইয়াক শিল্প বুলিয়েই ক'ব লাগিব। মনলৈ অহা বেয়া অনুভৱ এটা যেনেকৈ বেয়া হ'লেও সিও এটা অনুভৱেই, তেনেকৈয়ে বেয়া শিল্প এটাও আচলতে শিল্পয়েই"। এইখিনি কথা বিশ্বাস কৰা যিকোনো ব্যক্তিয়েই মানি ল'ব যে মিষ্টাৰ ৰাজকুমাৰৰ শিল্প শিল্প হ'লগৈ নে নাই, চিনেমাখন চিনেমাৰ লেখীয়া হ'লগৈনে নাই সেইবোৰ আলোচনাৰ আৰু কোনো গুৰুত্ব নেথাকেগৈ।  

এনেবোৰ কাৰণতেই যিকোনো সাংস্কৃতিক উপাদানৰ গ্ৰহণযোগ্যতাৰ দিশটোতকৈ আমাৰ দ্ৰষ্টা-পক্ষৰ গ্ৰহণ ক্ষমতাৰ দিশটোৱেহে আমাৰ মনত বেছি কৌতুহলৰ জন্ম দিয়ে। কি কাৰণত মানুহ এজনে ভালে বেয়াই, সামৰ্থ্য থাকক বা নাথাকক নিজৰ মতে কাম এটা কৰি উলিয়াই আত্মতুষ্টি লাভ কৰিব নোৱাৰিব? সাংস্কৃতিক বিচাৰবোধৰ নাম লৈ সময়ে সময়ে আমি আমাৰ "অন্য"(Other)-ৰ প্ৰতি অসহিষ্ণুতাখিনিকহে আচলতে প্ৰকাশ কৰি থকা নাই নে?

আগ্ৰহী কোনোবাই বিচাৰিলে এতিয়া এই "অন্য"ৰ ধাৰণাটো টানি বহলাই লৈ গৈ থাকিব পাৰিব। 'মূলসূঁতি'ৰ অসমীয়া বুলি থকা ধাৰণাটোৰ মাজত যদি অলপ মান খাপ খাই নপৰা বিধৰ অন্য এটা আহি সোমায়হি, তাত দেখা পাওঁ অসহিষ্ণুতা। কবিতা বুলি থকা এটা ধাৰণাৰ লগত খাপ খাই নপৰাকৈ অন্য এটা আহি সোমালেহি দেখোঁ তাক অকবিতা বুলি ঘোষণা কৰাৰ অসহিষ্ণুতা। অসমীয়া ছোৱালীয়ে এনেকৈ খোজকাঢ়িব লাগে বুলি থকা ধাৰণাটোতকৈ ফালৰি কাটি অন্যধৰণেৰে যদি কোনোবাই খোজ কাঢ়িলে, তাতো অসহিষ্ণুতা। মুঠতে আমাৰ মাজত প্ৰচলিত সামগ্ৰিক বিচাৰৰ এটাই মাপকাঠি থাকিব লাগিব। বিহুগীতো শুনিম আমি জাতীয়তাবাদী এখন তুলাচনীৰে, চিনেমা চাবলৈ দৰ্শককো মাতিম সেই একেখন জাতীয়তাবাদী তুলাচনীৰে। এই একৰৈখিক, একমুখী স্থাপত্যটোৰ ভিতৰত অন্য বুলি কোনো Genre থাকিব নোৱাৰিব।    

মিষ্টাৰ ৰাজকুমাৰ নিজে সচেতন নহ'লেও তেওঁৰ কাম কৰাৰ নক্সাটোলৈ চাই তাক এটা Genre-ৰ ভিতৰতে আলোচনা কৰিব পৰাৰ থল আছিল। এইখিনিতে অলপ আগতে আমি কৈ অহা ভিন্ন ধাৰাৰ দুটা বস্তুৰ ৰজিতা খুৱাই আলোচনা কৰিবলৈ বিচাৰিলে সেয়া সম্ভৱ হ'ব নে নহ'ব তাৰ এতা উদাহৰণ দিম। কোৱাই হৈছিল যে সেয়া সংগতিৰ বিসংগতি নঘটাকৈ কৰাটো সম্ভৱ হ'ব যদিহে তুলাচনীখনৰ চৰিত্ৰ ঠিক কৰি লোৱা হয়। এই Genre শব্দটোৱে এতিয়া আমাক সহায় কৰিব। আমাৰ তাৰ্কিক যুক্তিটো হ'ল ঠিক যি কাৰণত মিষ্টাৰ ৰাজকুমাৰক গ্ৰহণ কৰিবলৈ ৰুচিশীল অসমীয়া সমাজ নাৰাজ, ঠিক সেই কাৰণতেই সেই একেখন সমাজেই আচলতে জয় বৰুৱাৰ গানকো আকোঁৱালি ল'বলৈ নাৰাজ। মিষ্টাৰ ৰাজকুমাৰ আৰু জয় বৰুৱাক একেখন সমলতলৈ আনি আলোচনা কৰিবলৈ গ'লেও আকৌ সেই একেই সংগতিৰ বিসংগতিয়ে দেখা দিব। কিন্তু ইয়েই আকৌ আমাৰ তাৰ্কিক যুক্তিক সাব্যস্ত কৰাত সহায়ক হ'ব। অসমীয়া আধুনিক গীত বুলি যি এটা ধাৰণা আমি তৈয়াৰ কৰি লৈছোঁ, জয় বৰুৱা তাত খাপ নাখায়। অসমীয়া গায়ক হ'বলৈ হ'লে যিখিনি বিধি বিধানৰ মাজেদি যাব লাগে তাৰ মাজেদি যাবলৈ জয় বৰুৱা আকৌ নাৰাজ। জয় বৰুৱাই বিহু নাগায়। বিহুসুৰীয়া আধুনিক গীতো নাগায়। চেঙেলীয়া ল'ৰাই  ছোৱালী জোকোৱাৰ পৰ্যায়ৰ সুৰসুৰণিৰ প্ৰেমৰ গীতক প্ৰেমৰ গীত বুলিবলৈ টান পায়। আমাৰ গান শুনাৰ অভ্যাসক সন্তুষ্ট কৰিব পাৰিলেও নোৱাৰিলেও তেওঁৰ গীতৰ এটা নিজস্ব Genre আছে যিটো অসমীয়া শ্ৰোতাৰ বাবে অন্য। এইখিনি কথা অলপ সূক্ষ্মভাবে মন কৰিলে হয়তো মানি ল'বলৈ টান নহ'ব যে মিষ্টাৰ ৰাজকুমাৰৰ প্ৰতি অসমীয়া ৰুচিবানৰ বিৰাগখিনি আচলতে ৰাজকুমাৰৰ কাৰিকৰী পাৰদৰ্শিতাৰ অভাৱ নহয়। ভাল টেষ্ট বা বেয়া টেষ্ট-ৰ বিচাৰখিনিও নহয়। অসমীয়া সংস্কৃতিলৈ এটা ভাবুকি বুলি কৈ থকা হৈছে যদিও সেয়াও আচল কথা নহয়। আচল কথাটো অন্য। আচল কথাটো হ'ল, অসমীয়া সাংস্কৃতিক দ্ৰষ্টাৰ সন্মুখত ৰাজকুমাৰ "অন্য" (Other)। আৰু আমি স্বভাৱতেই "অন্য"ক ঘৃণা কৰি বৰ্তি থকা জাতি।   

এই সময়ত "অন্য" সম্পৰ্কীয় কথা বাৰ্তা বাঢ়িছে আৰু চিন্তাৰ প্ৰসাৰো ঘটিছে। কিন্তু এটা বিশেষ মতাদৰ্শৰ দ্বাৰা প্ৰৰোচিত একাংশ ব্যক্তিৰ দ্বাৰা ইমান দিনে প্ৰচলন থকা "অসম শংকৰ-আজানৰ দেশ" বোলা কথাষাৰৰো বিৰোধিতা দেখিবলৈ পোৱা গৈছে। শংকৰ-কেন্দ্ৰিক একৰৈখিক "অসমীয়া"ৰ সংজ্ঞাটোত আজান ফকীৰ হৈ ৰ'ব "অন্য"। সংগতিৰ বিসংগতি সম্পৰ্কে লিখিবলৈ বহিছিলোঁ যদিও কথখিনি শেষ হ'লগৈ "অন্য"ত।


সমুদ্র কাজল শইকীয়া
email: kankhowa@gmail.com, mobile: +91 9811375594

পেখু পেখু (ন): মহাশয়, আপোনাৰ মানদণ্ডডাল ক'ত?

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ৪ মাৰ্চ, ২০১৮]

দৃশ্য ১:
ধৰক আপুনি দোকান এখনলৈ গৈ দোকানীক এক কিলোগ্ৰাম চাউল দিবলৈ ক'লে। দোকানীয়ে হাতৰ তলুৱাত চাউল অলপ লৈ আন্দাজ এটা কৰি "মই ভাবোঁ এয়াই এক কিলোগ্ৰামমান হ'ব" বুলি যদি আপোনাক দিয়ে তেতিয়া আপুনি তাকে লৈ সন্তুষ্ট হ'ব নে? তেনেকৈয়ে গুৱালে কোনো হিচাপ জোখা পাত্ৰ নোহোৱাকৈ যিকোনো এটা পাত্ৰৰে আন্দাজতে আপোনাক গাখীৰ দি থৈ গ'লে আপুনি মানিবনে? ফাৰ্মাচীৰ পৰা লেখ-জোখৰ দাগ নকটা থাৰ্মোমিটাৰ এটা আপুনি কিনি আনিব জানো?

দৃশ্য ২:
আপুনি যেতিয়া চাউলৰ দোকানীক সঠিক জোখত নিদিয়াৰ বাবে আপত্তি কৰিলে, দোকানীয়ে হয়তো "আৰে আম খাওক আমৰ গুটি কিয় হিচাপ কৰিব লাগে" ধৰণৰ উত্তৰ এটাহে দিলে। চাউলেৰে ভাত সিজাই খাওকগৈ, হিচাপত কিয় চকু দিছে বুলি আপোনাক পঠাই দিলে আপুনি বিনাবাক্যে উভটি আহিবনে?

দৃশ্য ৩:
এক লিটাৰ গাখীৰ ধৰা বটল এটা লৈ আপুনি চাউল কিনিবলৈ গ'ল। এক কেজি চাউল এক লিটাৰ মাপৰ গাখীৰৰ বটলটোত এতিয়া নোসোমায়। খা বাপ্পেকে ! এতিয়া কৰিব কি?



যিকোনো বস্তুকে জুখিবলৈ যাওঁতে এটা নিৰ্ধাৰিত মাত্ৰাৰ সৈতে তুলনা কৰিবৰ বাবে আপোনাক লাগে এখন তুলাচনীৰ। মাপ নিৰ্ধাৰণ কৰিবলৈ প্ৰয়োজন হয় এটা মাপকাঠিৰ। মান যিহেৰে নিৰ্ধাৰণ কৰা হ'ব তাক কোৱা হ'ব মানদণ্ড। অসমীয়া ভাষাত কথা-বাৰ্তাত কাচিৎ হে এই মানদণ্ড শব্দটোৰ সঠিক প্ৰয়োগ হয়। প্ৰায়েই শুনা যায় অমুক বস্তুটো "নিম্ন মানদণ্ডৰ" হৈছে বা তমুক বস্তুটো "উচ্চ মানদণ্ডৰ"। কিন্তু কথা হ'ল মানদণ্ডডাল উচ্চ নে নিম্ন সেইটো আপুনি বুজাব খুজিছে জানো? আপুনি আচলতে বুজাব খুজিছে (মানদণ্ডৰ মানৰ বিচাৰত) বস্তুটো উচ্চ মানৰ অথবা নিম্ন মানৰ- সেইটোহে। মানদণ্ড মানে মান নহয়, মান জোখা স্কেলডালহে। সূচক। এই বিভ্ৰান্তিটোক বহুজনে বহুঠাইত উনুকিয়াই আহিছে যদিও আজিও মানুহে একেটা ভুলকেই কৰি থকা দেখা যায়। সি যি কি নহওক, ভাষাৰ ভুল বা শব্দৰ অপপ্ৰয়োগ আজিৰ আলোচনাৰ বিষয় নহয়। বিষয়টো হ'ল, লাগিলে ভুলকৈয়ে হওক, মানদণ্ড শব্দটোক ইমান সঘনাই ব্যৱহাৰ কৰি থকাৰ পিছতো কিন্তু অসমৰ বৌদ্ধিক আৰু সাংস্কৃতিক পৰিমণ্ডলত আচলতেই "মানদণ্ড" বস্তুটোৰ যে বাৰুকৈয়ে অভাৱ সেইটোহে। বহুলোকৰ মনত আনকি কিহবাৰ মান বিচাৰ কৰিবলৈ হ'লে মানদণ্ড বুলি বস্তু এটা যে থাকিব লাগে সেই প্ৰাথমিক ধাৰণাটোৰেই ঠাই নাই। "সাংস্কৃতিক চৰ্চাৰ ক্ষেত্ৰত সংকট", "অসমীয়া সমালোচনা সাহিত্যৰ সংকট"- আদি বিষয়ক যিমানবোৰ অভিযোগ সততে শুনিবলৈ পোৱা যায়, তাৰ গুৰুভাগ আচলতে এই "মানদণ্ড" সম্পৰ্কিত। আৰম্ভণীতে উল্লেখ কৰি অহা তিনিওটা সৰু দৃশ্যতে তিনিটা গুৰুতৰ দিশ প্ৰকট হৈ আছে। আজি সেই তিনিটা দিশ সম্পৰ্কেই কিছু কথা পাতিম।

জনমানসত "ইডিঅ'চিনক্ৰেচী"

ক'তো কোনো মাপকাঠি বা মানদণ্ড নাই বুলি এটা ধাৰণা কৰি লৈ আমি নিজৰ নিজৰ সাধ্যানুসাৰে শিল্প-সংস্কৃতিৰ উপাদানাবোৰৰ বিচাৰ কৰি গৈ থাকোঁ। আনকি আমি বুজিও নাপাওঁ যে এনে ধৰণৰ ক'ৰবাত কিবা মাপকাঠি থাকিব পাৰে। আৰু সেই সূত্ৰেই আমি নিৰ্দোষিতাৰ অথবা সৰলতাৰ কাৰ্ডখন খেলি দিওঁ। এনে কাৰণতেই কোনোবাই যদি চিনেমা এখন চাই আহি তাৰ সমালোচনাও লিখে তেনেহ'লে তাৰ বেছিভাগ কথায়েই আৰম্ভ হয় "মই ভাবোঁ", "মোৰ বিচাৰত"- এনে ধৰণৰ বাক্যাংশৰে। কোনোবাই মই ভাবোঁ বুলি কথা এষাৰ উত্থাপন কৰিলে সমস্যা এইখিনিতেই হয় যে তাৰ পিছত আৰু তাক লৈ এটা বাগধাৰাৰ বিকাশ ঘটিবৰ থল নাথাকেগৈ। যদিহে "এয়া কেৱল কাৰোবাৰ ব্যক্তিগত মতহে", তেনেহ'লে তাক লৈ আগলৈ আৰু আমাৰ একো ক'ব লগা নৰয়গৈ। কোনোবা ব্যক্তিবিশেষৰ ব্যক্তিগত মত এটা থাকিবই পাৰে, তাত আমাৰ কি আপত্তি থাকিব পাৰে? বা, আপত্তি থাকিলেওনো কোনে কি কৰিব পাৰে, "এয়া ব্যক্তিগত মতহে কেৱল"! অসমীয়াত যিকোনো চৰ্চাতেই চৰ্চাকাৰী অমায়িক, নিৰ্জু, ডাউন-টু-আৰ্থ ধৰণৰ অৰ্থাৎ "মাটিৰ গোন্ধ" থকা হ'ব লাগে বুলি ধাৰণা এটাৰ প্ৰচলন আছে। সিও এক কাৰণ হ'ব পাৰে। কিন্তু একে সময়তে একধৰণৰ পলায়ণবাদীতাও ইয়াত আছে- "মই মোৰ কথাষাৰ ক'ম, কিন্তু তাৰ বাবে মই নিজে জবাবদিহি হৈ নাথাকিম"! মানে মই জিজি খাম, মাছ নাখাওঁ। পানীলৈ নামিম, কিন্তু চুলি নিতিয়াওঁ। মই চলচ্ছিত্ৰৰ সমালোচনা কৰিম, কিন্তু "মই চলচ্ছিত্ৰ সমালোচক নহয় দেই"! জনমানসত থকা এই ইডিঅ'চিনক্ৰেচী (অথিৰমনা, খেয়ালি, অস্থিৰমতি, খাম-খেয়ালী, মেজাজী) ভিত্তিক ভাবপ্ৰকাশে সেয়েহে এটা পদ্ধতিগত আলোচনাৰ বাট মোকোলাব নোৱাৰেগৈ।

পদ্ধতিগত চৰ্চাৰ প্ৰতি অনীহা

দ্বিতীয় দৃশ্যটো আৰু সাংঘাটিক। এইটোতে সোমাই আছে বৌদ্ধিক উদাসীনতাৰ প্ৰসংগটো। কোনোবাই যদি জানেও যে এটা মাপকাঠি ক'ৰবাত কেনেবাকৈ আছে, তেওঁ সেইটোক নৎস্যাৎ কৰি চলিবলৈকে বিচাৰিব। আজিও আমাৰ মাজতে এটা শকত অংশৰ মানুহে পোণপটীয়াকৈয়ে কয় যে সাহিত্যত সমালোচনাৰ কাম নাই। চিনেমা এখনৰ সমালোচনা এটা আগবঢ়ালে চিনেমাখনৰ প্ৰশংসাকাৰী একোজনে আহি "সমালোচনা কৰাৰ আগতে নিজে এনেকুৱা এখন চিনেমা কৰি দেখুৱাওকচোন, তেতিয়াহে মানিম"- এনেধৰণৰ কথা এষাৰ কৈয়েই পেলায়। সাহিত্যক সাংঘাতিক কিবা বস্তু এটা বুলি উচ্চাসন দিব খোজা ব্যক্তিসকলেও "সমালোচনা-সাহিত্য"ও যে "সাহিত্য" সেই কথাটো অণুধাৱণ কৰিবলৈ অপাৰগ। তাৰ লগে লগে আছে গুৰুভাগ শিল্পীৰেই শিল্প সম্পৰ্কীয় কথা বতৰাৰ প্ৰতি বিৰাট বিৰাগ। শিল্পীৰ মুখ খুলিবলৈ বিৰাট এলাহ। "বুদ্ধিজীৱী" শব্দটোৰ আগত হোৱাই নোহোৱাই "তথাকথিত" শব্দটো বহুৱাই দি গুৱাল গালি পৰা এটা জনমানসত এটা বৌদ্ধিক চেতনাৰ আশা কৰাটোও হয়তো ভুল।   

সংগতিৰ বিসংগতি (এনাল'জিকেল ডিজ'ৰ্ডাৰ)    

তৃতীয় দৃশ্যটোত আছে আমি ক'ব খোজা আচল কথাখিনি। "শিল্প জনতাৰ বাবে" বুলি ধাৰণা এটা আছেই আৰু কথাষাৰক নুই কৰিবৰ বাট নাই যেতিয়া, মত প্ৰকাশৰ স্বাধীনতা নিশ্চয় সকলোৰে থাকিব। চিনেমা এখন চাই আহি যিকোনো এজন দৰ্শকেই মতামত দিব পাৰে, আৰু দিয়া উচিতো। ধানে প্ৰতি কণটোৰ দৰে জনে প্ৰতি মনটো। এই বৈচিত্ৰ্যক আমি স্বীকাৰ কৰি চলিবই লাগিব। কিন্তু যি সকলে নিজকে শিল্পৰ ৰসজ্ঞ বুলি ভাবে আৰু সমালোচনাক সততাৰে গ্ৰহণ কৰিব খোজে তেওঁলোকৰ সন্মুখতো মানদণ্ডৰ ধাৰণা এটা নথকাটো আটাইতকৈ দুৰ্ভাগ্যজনক। চিনেমা এখনৰ সমালোচনা এটা পঢ়ি থকাৰ সময়ত আমাৰ মনলৈ স্পষ্ট ধাৰণা এটা নাহে যে কোন অৱস্থানৰ পৰা, কোন পৰিপ্ৰেক্ষিতৰ পৰা তেওঁ কি কথা বিচাৰ কৰিব খুজিছে, এই বিচাৰৰ মাপকাঠি কি। এই অস্পষ্টতাৰ কাৰণেই মিষ্টাৰ ৰাজকুমাৰ নামৰ ইউটিউবৰ দ্বাৰা ডিজিটেল আৰু চ'চিয়েল মিডিয়াৰ মাধ্যমত কাম কৰি ক্ষণিক জনপ্ৰিয়তাক আঁকোৱালি লোৱা এজন ব্যক্তিৰ কামৰ কথা পাতিবলৈ গৈও তুলনাত জ্যোতিপ্ৰসাদৰ পৰা আৰম্ভ কৰি অসমীয়া চিনেমাৰ গৌৰৱোজ্জল ইতিহাসৰ কথা কৈ পেলোৱা হয়। (মিষ্টাৰ ৰাজকুমাৰক লৈ বহু লেখা চকুত পৰিল, অসমীয়া জাতীয়তাবাদ, সংস্কৃতিৰ নন্দনতত্ব, অসমীয়া চিনেমাৰ ইতিহাস- আদি বহু দিশৰ পৰাই আলোচনাবোৰ দেখিলোঁ। কিন্তু পপুলাৰ সংস্কৃতি, উপসংস্কৃতি, ইণ্টাৰনেট প্ৰসাৰৰ পৰৱৰ্তী কালৰ ডিজিটেল যুগৰ পৰিপ্ৰেক্ষিতেৰে আজিলৈকে এটা বাক্যও কোনেও উল্লেখ কৰা চকুত নপৰিল)। "বাহুবলী"ৰ দৰে অতি উচ্চ বাজেটৰ এখন পপুলাৰ একচন আৰু ভি এফ এক্স চিনেমাৰ লগত একেখন মজিয়াতে "অন্তৰীণ"ৰ দৰে এখন সমাজ বাস্তৱতাৰ নিম্ন বাজেটৰ অসমীয়া চিনেমাৰ আলোচনা কৰি পেলোৱা হয়। সম্প্ৰতি কুসুম কৈলাশ নামৰ এক সংগীত শিল্পীয়ে জনপ্ৰিয়তা লাভ কৰিছে। কিন্তু সেই কুসুম কৈলাশক আমি কেনেকৈ চাম? হয়, আপোনাৰ ভয়টো যুক্তিসংগত। কাৰণ আপুনি ভয় কৰি থকাৰ ধৰণেৰেই কুসুম কৈলাশকো হয় ভূপেন হাজৰিকাৰ তুলনাৰে, নহয় জুবিন গাৰ্গৰ তুলনাৰেই এতিয়াও বিচাৰ কৰি থকা হৈছে। কুসুম কৈলাশৰ বাবে মিষ্টাৰ ৰাজকুমাৰৰ বাবে আমাৰ কোনো মানদণ্ড (পেৰামিটাৰ) নাই। মানে একলিটাৰ গাখীৰৰ বটলত এক কিলোগ্ৰাম চাউল যদি নোসোমায়, তেনেহ'লে কিয় নোসোমায় বুলি তাকে লৈ আপত্তি দৰ্শোৱা হয়। কোন মানদণ্ডৰে কোন বস্তুটোৰ মান নিৰ্ধাৰণ কৰিম সেই সম্পৰ্কত আমি স্পষ্ট নে? আৰু অলপ আগবাঢ়ি গৈ অমুক সংগীত-শিল্পীজনৰ বিষয়ে খেনোৱে যদি এটা পদ্ধতিগত সমালোচনা আগবঢ়াবৰ চেষ্টাও কৰে, তাৰ প্ৰত্যুত্তৰত আমি শুনিবলৈ পাম হয় তেওঁৰ ব্যক্তিগত জীৱনৰ ইটো সিটো একান্তই অপ্ৰাসংগিক কথা, নহয় তেওঁ মানুহ হিচাপে কেনেকৈ কিমান ভাল মানুহ সেইবোৰ কথা। সংগীত শিল্পীজনৰ সংগীত সম্পৰ্কীয় কথা পাতিবৰ বাট আৰু নৰয়গৈ।    

এতিয়া এই মানদণ্ডডাল ক'ত পায়? অথবা কিহেৰে গঢ়িব পাৰি?

সকলো শিল্পৰেই, সকলো চিন্তা-প্ৰক্ৰিয়াৰেই একোখন স্কুল আছে। শিল্পৰ নিজস্ব এটা বিৱৰ্তন প্ৰক্ৰিয়া যেনেকৈ আছে, তেনেকৈয়ে ইয়াৰ একোটা ইতিহাস থাকিবলৈকো বাধ্য। সেই সূত্ৰেই একো একোটা বিশেষীকৃত দিশেৰে শিল্প-বস্তু এপদলৈ দৃষ্টিপাত কৰিবৰ বাট একোটাও মোকোলাই ল'ব পাৰি। শিল্পৰ ৰসাস্বাদানৰ প্ৰক্ৰিয়াবোৰ কি? শিল্পক আমি কেনেকৈ অনুধাৱণ কৰিম? এই প্ৰশ্নখিনি আমি যদি নিজেই নিজকে কৰোঁ, আমি বুজি উঠিম যে এটা পদ্ধতিগত পৰ্যবেক্ষণৰ প্ৰয়োজনীয়তা ক'ত। খেনোৱে সমাজতত্বৰ দিশেৰে, খেনোৱে ইতিহাস-বীক্ষণৰ পৰিপ্ৰেক্ষিতেৰে, খেনোৱে নাৰীবাদী চিন্তা-চৰ্চাৰ আলমত, খেনোৱে দলিত আৰু অন্যান্য পিছপৰা জাতি সম্পৰ্কীয় বাকধাৰাৰ আধাৰেৰে, খেনোৱে আধুনিকতাবাদৰ সংজ্ঞাটোকে ভিত্তি কৰি, খেনোৱে মনোবিজ্ঞানৰ দৃষ্টিৰে শিল্পবস্তু এপদলৈ দৃষ্টি নিক্ষেপ কৰিবৰ চেষ্টা কৰি আহিছে। অতি সম্প্ৰতি 'খাকী হাফ-পেণ্ট' বৌদ্ধিক চৰ্চাৰ মানদণ্ড হ'বলৈ লোৱাটো বাৰুকৈয়ে পৰিলক্ষিত হৈছে। সহস্ৰটা ত্বত্ত্ব, দৰ্শনৰ শাখা-প্ৰশাখা আজি আমাৰ মাজত উপলব্ধ। সেই সমূহৰ ব্যতিৰেকেও, নিজাববীয়াকৈয়ো এটা ৰাজনৈতিক অৱস্থান গঢ়ি ল'ব পৰা যায়। একান্তই নিজাববীয়া মনদণ্ড এপাত গঢ়ি লোৱাটোও খুব বেছি কষ্টকৰ কাম এটা কিন্তু নহয়। প্ৰয়োজন কেৱল সদিচ্ছাৰ।

সেয়েহে এই সময়ৰ অসমীয়া ভাষাত প্ৰকাশিত যিকোনো বিষয়ৰ যিকোনো সমালোচনা পঢ়াৰ আগেয়েই (দু:খজনক ভাবে পঢ়াৰ পিছতো) সমালোচকগৰাকীক সুধিবলৈ ৰৈ যোৱা  আমাৰ প্ৰশ্ন মাত্ৰ একেটাই-  
"মহাশয়, আপোনাৰ মানদণ্ডডাল ক'ত?"      
 
 
Illustration: Shristtishree Rajguru
সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001

email: kankhowa@gmail.com, mobile: +91 9811375594

পেখু পেখু (আঠ): ডিচিপ্লিন

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ১৮ ফেব্ৰুৱাৰী, ২০১৮]

১) "অ' তুমি ইমান ধুনীয়াকৈ ছবিখন আঁকিছা, ক'ত শিকিছিলা?"
২) "অ' তোমাৰ কবিতাটো ইমান ভাল হৈছে।"
মন কৰক, দ্বিতীয় কথাষাৰত "ক'ত শিকিছিলা?" প্ৰশ্নটো হেৰাল।

ঋষিতুল্য বুলি খ্যাত অসমৰ অন্যতম বৰ্ষীয়ান কবি নীলমণি ফুকনদেৱৰ "অলপ আগতে আমি কি কথা পাতি আছিলোঁ" কাব্যগ্ৰন্থৰ প্ৰথম কবিতাটোৱেই আৰম্ভ হয় এনেদৰে-
"এজন কবিয়ে কৈছিল/ যিসকলে কবিতা নপঢ়ে/ কবিতা তেওঁলোকৰ কাৰণেই..."
সেই অনন্য সুন্দৰ কাব্যাংশক অলপ আছুতীয়াকৈ থৈ আজিৰ আমাৰ বক্তব্য হ'ব- যিয়ে কবিতা নপঢ়ে আচলতে কবিতা তাৰ বাবে নহয়।

কবিতাৰ চৰ্চাও এটা ডিচিপ্লিনৰ অংশ হ'ব পাৰে। এই কথাটো মনি ল'বলৈ এক বুজন সংখ্যক লোক অমান্তি হ'ব। কিন্তু আমি দেখিম যে কবিতাও এটা ডিচিপ্লিন বুলি মানি ল'লে অতীজৰে পৰা চলি অহা ভালেখিনি আহুকলীয়া সমস্যাৰ সমাধান হাততে পোৱা যাব। ডিচিপ্লিন বুলি ইংৰাজী শব্দটোকে ব্যৱহাৰ কৰি চলিছোঁ কাৰণ অণুশাসন, নিয়মানুৱৰ্তীতা আদি শব্দবোৰে ইয়াৰ আংশিক অৰ্থহে প্ৰকাশ কৰাৰ ভয় আছে। এটা জ্ঞান-চৰ্চাৰ পদ্ধতিগত ধাৰকো 'ডিচিপ্লিন' বুলিয়েই কয়। লক্ষণীয় ভাবে বহু পুৰণি কালৰে পৰাই দৃশ্যশিল্প, চাৰুকলা অথবা সুকুমাৰ কলাক কিন্তু আনুষ্ঠনিক শিক্ষালব্ধ এটা ডিচিপ্লিন বুলি আমি সহজভাবেই মানি আহিছোঁ। চিত্ৰশিল্প শিকিবলৈ আমি আৰ্ট স্কুল এখনলৈ গৈ নাম লগাওঁ ঠিকেই। কেৱল কবিতাৰ স্কুলৰ কথা কোনোবাই উলিয়ালেহে আমি জাঙুৰ খাই উঠোঁ।

তথাপিও ছবি অঁকাটো বা মূৰ্তি গঢ়াটো এটা ডিচিপ্লিনেৰী প্ৰেক্টিচ বুলি মানি লোৱাৰ পিছতো বহুখিনি অসুবিধাৰ সন্মুখীন সকলো সৃষ্টিশীল ব্যক্তিয়েই সমানে সন্মুখীন হ'বলগীয়া হয়। প্ৰাত্যহিক জীৱনত তেনে ধৰণৰ দৃষ্টান্ত দেধাৰ। ৰে'লেৰে বা বাচেৰে ক'ৰবালৈ গৈ থাকোতে ব্যক্তি এজনে যদি কথাবতৰাত গম পায় আপুনি এজন দাঁতৰ ডক্টৰ, তেন্তে পোণচাটেই নিশ্চয় তেওঁৰ বেমাৰৰ চিকিৎসা কৰিবলৈ অনুৰোধ কৰি আপোনাৰ আগত মুখখন মেলি নিদিয়েহি। আপুনি এজন অভিযন্তা বুলি জানিলে তেওঁৰ ঘৰৰ সন্মুখৰ ভঙা দলং খন নিৰ্মান কৰিবলৈকো নকয়। কিন্তু যদি গম পায় আপুনি এজন শিল্পী, তৎক্ষণাৎ তেওঁ আপোনাক নিজৰ পোৰ্ট্ৰেইট এখন আঁকি দিবলৈ অনুৰোধ কৰিব। কবি বুলি জানিলেও "মোক লৈ কবিতা এটা লিখিবচোন" বুলি অনুৰোধ কৰাটোও তেনেকৈয়ে সাধাৰণ এটা কথা। এই দুৰ্ভোগৰ সম্ভেদ একাংশ মানুহৰ কাষলৈ কাহানিও নাযায় যিহেতু তেওঁলোকৰ হাতত দুটা ধাৰণা অকাট্য। প্ৰথম, "শিল্পী জনতাৰ বাবে"। দ্বিতীয়, "শিল্প এটা ভগৱান প্ৰদত্ত প্ৰতিভাৰ বস্তু", ইয়াৰ লগত যেনিবা ডিচিপ্লিনৰ কোনো নিকট অথবা দূৰৱৰ্তী সম্পৰ্ক নাই।

এই উদাহৰণখিনিক সাধাৰণীকৰণ কৰি "কিছুমান মানুহ তেনেকুৱা থাকেই আৰু" বুলি এৰি দিব নোৱাৰি কাৰণ সেই একেখিনি মানুহেই ক্ষেত্ৰ এখনৰ মাজৰ ক্ষেত্ৰীয় বিশেষত্বখিনি সম্পৰ্কেও সমানে অৱগত। যেনে ধৰক কোনোবা এজন ব্যক্তি হয়তো মন্দবুদ্ধিৰ যি ডক্টৰ এজনক দেখিয়েই নিজৰ বেমাৰ দেখুৱাব, অথবা বেমাৰ সম্পৰ্কে তেওঁ কি জানে সেয়া গাবলৈ আৰম্ভ কৰে। ধৰক, মানুহজন তেনেকুৱাই। কিন্তু এই কথা নিশ্চিত যে এজন পশুচিকিৎসকৰ সন্মুখত নিজৰ দাঁতৰ অসুখৰ কথা তেওঁ নাপাতে। এজন দাঁতৰ ডাক্তৰৰ সন্মুখতো তেওঁ পেটৰ অসুখৰ কথা নাপাতে। অন্তত: মন্দবুদ্ধিৰ বুলি মানি লৈয়ো ডিচিপ্লিন এটাৰ মাজত থাকিব পৰা সম্ভাৱ্য বিশেষীকৰণখিনি বা স্পেচিয়েলাইজেচনখিনি সম্পৰ্কে তেখেত অৱগত হ'ব বুলি আমি ধাৰণা কৰি ল'ব পাৰোঁ। কিন্তু আপুনি যদি কবি, কবি সম্পৰ্কে আপোনাৰ প্ৰতি এটাই ধাৰণা। আপুনি কি ধৰণৰ চৰ্চা কৰে, আপোনাৰ অধ্যয়ণ অথবা স্পেচিয়েলাইজেচনৰ ক্ষেত্ৰ কি সেই দিশত তেওঁৰ তিলমানো আগ্ৰহ নাথাকিব।

চিত্ৰশিল্পত দেশৰ আগৰণুৱা প্ৰতিষ্ঠান এখনৰ পৰা ডিগ্ৰী লাভ কৰি শিল্পী হিচাপেই কৰ্মৰত এজন শিল্পীৰ কথা জানো, হয়তো আপোনালোকেও তেনে কোনোবা এজনক জানিব। কবিতাৰ বা শিল্পৰ কোনো আলোচনা বা ব্যাখ্যাৰ প্ৰতি চূড়ান্ত অনীহা প্ৰদৰ্শন কৰি চলে। এটা মতাদৰ্শগত স্থিতি হিচাপে সেই স্থিতিৰ প্ৰতি আমাৰ সন্মানেই আছে আৰু থাকিব। আমিও বাৰম্বাৰ কওঁ, অকবিতা বুলি একো নাই, অছবি বুলিও একো নাই। কিন্তু কথা হ'ল শিল্পী হিচাপে তেখেতৰ পৰিচয় অথবা কেৰিয়াৰ কিন্তু গঢ় লৈছে তেওঁ পঢ়ি অহা অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজেৰেহে। মানে কথাটো এনেকুৱাহে হ'লগৈ নেকি যে জীৱিকাৰ বেলা হয়তো মোৰ ডিগ্ৰীটো ব্যৱহাৰ কৰিলোঁ, কিন্তু ডিগ্ৰীটোৰ যি আচল উদ্দেশ্য আছিল, কাৰ্যক্ষেত্ৰত তাক ব্যৱহাৰ কৰিবৰ সময়ত মই তাক নৎস্যাৎ কৰি চলিলোঁ? এটা বিদ্যায়তনিক পদ্ধতিৰ মাজেৰে আহি সৃষ্টিশীল জগতখনতেই নিজৰ পৰিচয় এটা গঢ়ি ল'লোঁ হয়, কিন্তু এই চৰ্চাৰ উত্তৰোত্তৰ অভ্যাসৰ বেলিকা এটা উদাসীনতা প্ৰকাশ কৰি চলিলোঁ?

মস্তিষ্কৰ কছৰৎ ব্যতিৰেকে যিহেতু কবিতা নহয়, সেয়েহে কবিতাও এটা ডিচিপ্লিনৰেই অংশ। যদি যুক্তিৰ খাতিৰত, অথবা গণতান্ত্ৰিক দেশৰ সামূহিক চেতনাৰ তাগিদাত মানিও লোৱা হয় যে "কবিতা হৃদয়াবেগৰ স্বতষ্ফুৰ্ত প্ৰকাশ", তেনেহ'লেও এইখিনিত আহি অন্তত: আমি থমকি ৰ'বলগা হ'বই যে এই প্ৰকাশ ঘটিছে এটা ভাষাৰ লিখিত ৰূপৰ মাজেৰে। ভাষটোৰ যেনেকৈ এটা ব্যাকৰণ আৰু এটা ইতিহাস আছে, তাৰ লিখিত লিপিটোৰো এটা নিজস্ব ঐতিহ্য আছে। এই ভাষা, এই লিপি, দস্তুৰমত আমাক শিকোৱা হৈছে আৰু তাক অন্তত: আকাশৰ পৰা সৰি পৰা বস্তু এটা বুলি আমি মানি নলওঁ। কবিতাৰ আধাৰ শব্দ, আৰু প্ৰকাশৰ মাধ্যমটো ভাষা- এই কথাটোৱেওতো এটা ডিচিপ্লিনেৰী চৰ্চাকেই সাৰোগত কৰিব। এতিয়া কবিতাৰ চৰ্চা এটা ডিচিপ্লিনেৰী প্ৰেক্টিচ বুলিলে কি কি অসুবিধা দূৰ হ'ব সেইসমূহলৈ চোৱা যাওক।

ক) কবিতাৰ দুৰ্বোধ্যতাৰ অভিযোগটো কোনে কৰে, কাৰ বিৰুদ্ধে?

আধুনিক কবিতা দুৰ্বোধ্য বুলি অভিযোগ এটা প্ৰায়ে শুনি থাকোঁ, অথবা কবিতাত দুৰ্বোধ্যতাক লৈ লেখা মেলাও পাই থাকোঁ। অভিযোগটো কোনে কাৰ প্ৰতি কৰে বুজা কঠিণ। বহুসময়ত অসাৰো। সমস্যাটো ঘটে কবিতাক স্থবিৰ বস্তু এটা বুলি ভাবি থকাৰ ফলত। কবিতাৰ চৰ্চাৰো নিজস্ব এটা গতি আছে। মানুহৰ জৈৱিক-সামাজিক-সাংস্কৃতিক ক্ৰমবিৱৰ্তনৰ লগত কবিতাৰো বিৱৰ্তন ঘটিব আৰু ই জটিলৰ পৰা জটিলতৰ হৈ গৈ থাকিব। আজিৰ পৰা কবিতাক আমি যেনেদৰে বুজিছিলোঁ (মানে কবিতা বুলিলে আমি যি বুজিছিলোঁ) আজিও তাকে বুজি থাকিম বুলিতো আৰু কথা নাই। সেয়েহে এই সকলোখিনি আলোচনাৰেই আৰু কোনো প্ৰাসংগিকতাই নাথাকিব যদিহে ইয়াক আমি মানি লওঁ যে কবিতাও এটা ডিচিপ্লিন। দিন যোৱাৰ লগে লগে একো একোটা ডিচিপ্লিন হিচাপে পদাৰ্থ বিজ্ঞান, চিকিৎসা শাস্ত্ৰ, স্থাপত্য-বিদ্যা, দৰ্শন সকলোৱেই জটিলতৰ হৈ গৈ আছে আৰু ই এক স্বাভাৱিক প্ৰক্ৰিয়া। আকৌ একেটা সময়তে, জটিলতা মানে আচলতে বহু সময়তেই প্ৰসংগ-অনুষংগ আৰু ঐতিহাসিক ভাবে সমৃদ্ধ হৈ থকা ইয়াৰ পশ্চাদপট- ব্যক্তি বিশেষ হিচাপে হয়তো আমি যাৰ বিষয়ে আমি অৱগত নহওঁ। ব্যক্তি হিচাপে সেয়া আমাৰ একক অস্তিত্বৰহে সমস্যা। কবিতাৰ সমস্যা নহয়। এটা ডিচিপ্লিনৰ সমস্যা নহয়। এটা চৰ্চাৰ আসোঁৱাহো নহয়। কোনোদিনে বিজ্ঞান নপঢ়া মানুহ এজনে হঠাতে আহি যদি কয় "মই আপেক্ষিকতাবাদ বুজি নাপাওঁ" তেনেহ'লে সেইটো সেই মানুহজনৰহে সমস্যা। আইনষ্টাইনৰ সমস্যা নহয়। পদাৰ্থ বিজ্ঞানৰ সমস্যা নহয়। সেয়েহে আচলতে কবিতা যি নপঢ়ে, তাৰ বাবে নহয়েই।

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা মানৱৰ প্ৰগতিৰ বাবে আৰু সৰ্বসাধাৰণৰ জীৱন-যাত্ৰাৰ উৎকৰ্ষৰ বাবেই। কিন্তু তাৰ মানে এইটো নহয় যে সৰ্ব-সাধাৰণ বুলিলে যাক বুজোঁ সেই প্ৰতিজন মানুহেই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সকলো তত্ব অনায়াসে বুজি পাব। কবিতাও জনতাৰ বাবে, সকলোৰে বাবে। তাৰ মানে এইটোও নহয় যে সকলোৱে ইয়াক চৰ্চা নকৰাকৈয়ে বুজি পাবলৈ সক্ষম হ'ব।

২) সৌজন্যতাৰ বিৰাগ, ক্লিছে আৰু ঐতিহ্য :  

অলপতে যাজ্ঞসেনীক চুলি মেলি ৰাখিবা নে নেৰাখিবা বুলি অনুৰোধ কৰি কোনোবা এজন কবিয়ে কবিতা এটা লিখিলে, সেই প্ৰকাশভংগীত কেনেকৈ কাৰ অনুকৰণ অথবা চৰ্বিত চৰ্বন ঘটিল তাকে লৈ অলপ উৎকণ্ঠাৰ সৃষ্টি হ'ল পাঠক সমাজৰ মাজত। কবিতা পঢ়িবলৈ লৈয়েই বহুঠাইত বহুবাৰ বহুধৰণেৰে শুনি অহা বাক্যাংশ, চিত্ৰকল্প, প্ৰতীক, মূৰ্চ্ছনাৰ চৰ্বিত চৰ্বন আমি নতুন কবিৰ মাজত দেখা পাই থাকোঁ যাক ক্লিছে (Cliché) বুলি কওঁ। নদীয়েহি নামি অহা সূৰ্য এটাৰ চিত্ৰকল্প লিখি পেলাওতে একান্ত নিজা অনুভূতি বুলি ভাবি থাকিলেও আমি এই সৌজন্যতাখিনি প্ৰকাশ কৰিবলৈ টান পাওঁ যে নীলমণি নামৰ এজন অগ্ৰজ কবিৰ কবিতাৰ ব্যপক প্ৰচলনে হয়তো আমাৰ অৱচেতনাত তেনেধৰণৰ চিত্ৰ-ৰূপ একোটাৰ সাঁচ কাটি থৈছে। মৃত্যু এক শিল্প বুলি ক'লে তৎক্ষণাৎ আমি জানো যে এই উপলব্ধিটো কেনেকৈ কাৰ মাজেৰে কোন বাটেৰে আহি এইখিনি পাইছেহি। আজি ফাগুণৰ পুৱাবেলাতে প্ৰথম বৰষুণজাকত মাটিৰ পৰা ওলোৱা সেমেকা গোন্ধটোৱে মোৰ মনলৈ যি অনুভৱ আনিছে সেয়া হয়তো মোৰ একান্তই স্বকীয়, নিজস্ব, একক অনুভৱ (এইখিনিতো ই কিমানদূৰ মৌলিক হ'ব পাৰে তাত প্ৰশ্ন থাকিব!)। এই মৌলিক বুলি ধৰি লোৱা অনুভূতিখিনিক আপুনি যে ভাষাৰে প্ৰকাশ কৰি তাক কবিতা নাম দিলে, সেইটো কিমান স্বতন্ত্ৰ কাৰবাৰ? গতিকে এটা ঐতিহ্যৰ নিৰ্মাণৰ ধাৰা য'ত আৱৰ্তমান, পূৰ্ৱসূৰী আৰু উত্তৰসূৰীৰ প্ৰভাৱ-বিস্তাৰ আৰু অণুকৰণৰ এটা নিৰন্তৰ প্ৰক্ৰিয়া য'ত ঘটিব লাগিছে, য'ত দোপত দোপে ঢাপত ঢাপে উৎকৰ্ষৰ হাবিয়াস বিদ্যমান, তাক এটা ডিচিপ্লিন বুলি নকৈ আৰু কি বুলি ক'ম? সেয়েহে এতিয়া আমি কবিতাক এটা ডিচিপ্লিন বুলি মানি ল'লে কবিতাত চৌৰ্যবৃত্তি, কুম্ভীলক-বৃত্তি আদিক কেন্দ্ৰ কৰি চলি থকা অৰিয়া-অৰিৰ খেলখিনিৰ পৰা পৰৱৰ্তী স্তৰলৈ গৈ অণুকৰণ, অণুসৰণ, পুনৰ্পাঠ নিৰ্মাণ, অন্তৰ্পাঠ বা সহ-পাঠ, বিনিৰ্মাণ, প্ৰসংগায়িতকৰণ আদি অন্যান্য গুৰুত্বপূৰ্ণ কথাখিনি পাতিব পৰা হ'ম।   

৩) পাঠকৰ নিৰ্মাণ অথবা কাব্যৰ ৰসাস্বাদনৰ পদ্ধতিসমূহ :

কবিতাক এটা ডিচিপ্লিন বুলি মানি ল'লে, কবি বা লেখকৰ সুবিধা যিমান হয়, আচলতে পাঠকৰ সুবিধা হয় বেছি। শিল্পৰ আৰু কাব্যৰ ৰসাস্বাদানৰ বিভিন্ন পদ্ধতিৰ ভিতৰত আটাইতকৈ প্ৰাথমিক কথাটোৱেই হ'ল- চোৱাটো। পেখু। চাওক। পঢ়ক। এয়ে প্ৰথম স্বৰ্ত। কবিয়ে কি ক'ব খুজিছে, কাক কেতিয়া কিয় ক'ব খুজিছে, সেই প্ৰসংগ সংগতি সমূহ তাৰ পিছত স্তৰে স্তৰে আহি থাকিব। বিষয়বস্তুটোৰ এটা ঐতিহাসিক  প্ৰেক্ষাপটেৰে তালৈ চাব পাৰি নেকি? যদি পাৰি, কবিতা এটা ডিচিপ্লিন। কবিতাটোৰ ফৰ্ম, আৰ্হি অথবা তাৰ শাৰীৰিক অবয়ৱটোৰ মাজেৰে কিবা এটা ব্যক্ত হৈছে নেকি যাক আমি আন এটা কবিতাৰ আৰ্হিৰ সৈতে ৰিজাই চাই কিবা এটা বুজিবলৈ চেষ্টা কৰি আছোঁ? যদি সেয়ে হয়, কবিতা এটা ডিচিপ্লিন।

"কবিতাৰ স্কুল" বুলি ফলক এখন আঁৰি থোৱা ক'ৰবাত শিল-বালি-ইটাৰ ঘৰ এটা থাকক বা নাথাকক, ঐতিহাসিকভাবে সিদ্ধ সমজুৱা চেতনাৰ স্তৰত কবিতাৰ স্কুল এখন কিন্তু আছেই আছে। সদৌ শেষত আপুনি যি বস্তুটো পঢ়ি আছে সেইটোক যে কবিতা বুলি কয় আপুনি কেনেকৈ গম পালে? এটা জ্ঞান-চৰ্চা-পদ্ধতিৰ মাজেৰে আহিয়েইতো এই সম্ভেদ আপোনাৰ ওচৰ পাইছেহি। তেন্তে, কবিতা এটা ডিচিপ্লিনেই হয়।



সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001

email: kankhowa@gmail.com, mobile: +91 9811375594


পেখু পেখু (সাত): ধৰ্ম, বিশ্বাস, ধৰ্ম-বিশ্বাস



[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ৪ ফেব্ৰুৱাৰী, ২০১৮]

বিশ্বাস কথাষাৰ কেইবাতৰপীয়া। কোনোবাখিনিত বিশ্বাসকে ভৰসা কৰি মানুহ জীয়াই থাকে। এই বিশাল বিশ্বজগত, ইয়াৰ সৃষ্টি-ৰহস্য অথবা ইয়াৰ গতিবিধিয়ে মানৱ মনত অনন্ত ৰহস্যৰ উদ্ৰেক কৰে। সেই বিশালতা আৰু অনন্তৰ বিপৰীতে আকৌ ক্ষুদ্ৰাতিক্ষুদ্ৰ বস্তু, অবয়ৱ বা পৰিঘটনায়ো একেই ৰহস্যৰ জন্ম দিয়ে। উল্কাটো বা ধূমকেতুটো যেনেকৈ ৰহস্যৰ উৎস, সৰি পৰা গছৰ পাতখিলাও তেনেকৈয়ে ৰহস্যৰ উৎস। সহস্ৰ আলোকবৰ্ষৰ দূৰৈৰ জ্যোতিষ্কটোৰ পৰা কুমজেলেকুৱাটোলৈকে সকলোৱেই জন্ম দিয়ে ৰহস্যৰ। অস্তিত্বৰ সূত্ৰৰে, অথবা গতিবিধিৰ সূত্ৰৰে। কোনোবাখিনিত কেনেবাকৈ কিবা এটা পৰম শক্তি, এটা চালিকা শক্তি নিশ্চয়কৈ থাকিব লাগিব- এই সকলো অস্তিত্ব আৰু সকলো পাৰফৰমেন্সৰ আঁৰত। এই বোধৰ পৰাই ভয়, শংকা, কৌতুহল আদি সকলোৰে নিৰসন বিচাৰি মানুহে বিচাৰি পালে ভগৱান। প্ৰকৃতি আৰু বিশ্বজগতৰ ৰহস্যৰ সন্মুখত অৱনত মানুহে নিজৰ জীৱন ধাৰণৰ কৌশলসমূহ অভিযোজনা কৰি গৈ থাকোতে জনম দি ল'লে কিছুমান ৰিচুৱেল। এই আচৰণ বিধি সমূহ আৰু সেই ভগৱানৰ ধাৰণাটো- দুয়োটা হাতে হাত ধৰি আগুৱাই যোৱাৰ পৰিণতিত জন্ম হ'ল ধৰ্ম।

আজি আমি ধৰ্মৰ বিশ্বাস আৰু ঈশ্বৰৰ বিশ্বাস- দুয়োটা কথাকেই সনাপোটোকাকৈ ব্যৱহাৰ কৰোঁ যদিও দুয়োটা কথাৰ মাজত পাৰ্থক্য আছে। প্ৰশ্ন উঠিব পাৰে, ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ নকৰা ব্যক্তি এজনৰ পক্ষে ধাৰ্মিক হোৱাটো সম্ভৱনে? আমাৰ মতে সম্ভৱ। কেনেকৈ সেয়া আমি পাছলৈ ব্যাখ্যা কৰিম। তেনেকৈয়ে অধাৰ্মিক মানুহ এজনে ঈশ্বৰত আস্থা ৰাখিব পাৰিবনে? আস্তিকতা আৰু নাস্তিকতাকলৈ অজস্ৰ বিতৰ্ক হৈ গৈছে, হৈ আছে আৰু হৈ থাকিব। এই বিতৰ্কৰ আৱৰ্ততে সমগ্ৰ বিশ্বজুৰি ৰক্তপাত কিমান ঘটিল তাৰ কোনো হিচাপ নাই। ইমানতে অৱসান ঘটক বুলি মানৱ মনে বাৰে বাৰে কামনা কৰাৰ পিছতো এই ৰক্তক্ষয়ী বাদানুবাদ কমক চাৰি বাঢ়িবহে লাগিছে দিনে দিনে। এই সময়তে চলি থকা উচ্চ সদনৰ শীতকালীণ বৈঠকতো উত্থাপিত পৰিসংখ্যাৰ পৰা এই কথাই প্ৰতিপন্ন হ'ল যে বিগত বৰ্ষটোত সাম্প্ৰদায়িকতা-ভিত্তিক সংঘাত আৰু ৰক্তপাতৰ সংখ্যা বহুখিনি বৃদ্ধি পালে। সি যি কি নহওক, অস্তিকতা বা নাস্তিকতা সম্পৰ্কে আলোচনা কৰাটো আমাৰ উদ্দেশ্য নহয়। কেৱল উল্লেখ কৰিব খুজিছোঁ ভগৱান, ধৰ্ম আৰু বিশ্বাসৰ ধাৰণাখিনিক লৈ কথা পাতোতে ৰৈ যোৱা কিছুমান আসোঁৱাহ। 

ধৰ্ম-ভিত্তিক আৰু ধৰ্মৰ সৈতে সাঙোৰ খাই থকা সাম্প্ৰদায়িকতাৰ ভিত্তিত যেতিয়াই খেলিমেলিৰ সৃষ্টি হয়, বিভিন্ন পক্ষৰ মত অমতৰ মাজতে এটা পক্ষৰ সজোৰ আৰু প্ৰায় অকাট্য যেন লগা যুক্তিয়ে মূৰ দাঙি উঠে যে বিশ্বাস বস্তুটো এজন ব্যক্তিৰ নিজা বস্তু। বিস্বাস বস্তুটো হয়তো ব্যক্তিগত, কিন্তু সেইবুলিয়ে ভগৱানত বিশ্বাস আৰু ধৰ্মত বিশ্বাস- এই দুটা বস্তুও কিমান দূৰলৈকে ব্যক্তিগত হ'ব পাৰে? এইটোৱেই আমাৰ প্ৰশ্ন।

সামাজিক প্ৰাণী হিচাপে মানুহে গোট বান্ধি থাকে, আৰু গোট সাপেক্ষেই জন্ম হয় আচৰ অনুষ্ঠান, উৎসৱ পাৰ্ৱন ইত্যাদি। সৃষ্টি আৰি স্ৰষ্টাক লৈ থকা ৰহস্যৰ ধাৰণাখিনিৰ আধাৰতে যি ধৰ্ম আৰু ঈশ্বৰৰ জন্ম সেয়া এটা বিশেষ গোট, সম্প্ৰদায়, সমূহ, গোষ্ঠীৰ সমূহীয়া আৰু উমৈহতীয়া আচাৰৰ অংশ মাত্ৰ। সম্প্ৰতি, আধুনিক জীৱন যাত্ৰাই মূলগত ভাবে ছিন্নমূল কৰি পেলোৱা আধুনিক মনে সততে এই কথাটো পাহৰি পেলোৱাটো স্বাভাৱিক। এটা সম্প্ৰদায়ৰ জীৱন-যাত্ৰাৰ মাজত থাকি, তাৰ দৈনন্দিন ৰীতি নীতিৰ সৈতে সাঙোৰ খাই থাকি, যি ধৰ্মীয় বিশ্বাসক আমি লালন কৰি থাকোঁ, কিবা সূত্ৰে সেই সম্প্ৰদায়ৰ প্ৰাত্যহিক সংস্পৰ্শৰ পৰা আঁতৰলৈ গুছি অহাৰ পিছতো সেই একেখিনি বিশ্বাসৰ অভ্যাসক একেধৰণেই লালন কৰিব পাৰোঁনে? যদি পাৰোঁ, তাৰ যৌক্তিকতা আছে নে? উত্তৰটো আচলতে- "নাই"। আজিৰ পৃথিৱীত এক বুজন সংখ্যক মানুহেই আচলতে গৃহহীন। ৰাজনৈতিক, অৰ্থনৈতিক, ভৌগলিক আদি বিভিন্ন কাৰণত যেনেকৈ একাংশ মানুহ ভগনীয়া আৰু পৰবাসী, সাধৰণ জীৱিকাৰ তাড়না, উচ্চশিক্ষাৰ হাবিয়াস আদিৰ কাৰণত নিজা সিদ্ধান্তৰ পৰিণতিতো একাংশ মানুহ আজি পৰবাসী। এই পৰবাসী মানুহে কোনজন ভগৱানক বুকুত কঢ়িয়াই লৈ ফুৰিব সেয়া আচলতে এটা প্ৰশ্ন। এই প্ৰশ্নটো আমি আজিলৈকে কৰা নাই। কিন্তু এই প্ৰশ্নটো নকৰালৈকে ধৰ্ম সম্পৰ্কীয় মূলগত ধাৰণাখিনিৰ পৰা আমি আৰু বেচি ফালৰি কাটি গৈ থাকিম।

আমি পাহৰি যোৱা উচিত নহয় যে সকলো ধৰণৰ ধৰ্মীয় ৰীতি নীতি বা উপকৰণৰ আঁৰতেই আছে একোটা সামাজিক তাগিদা। স্বাধীনতা উন্মুখ মানৱ মনৰ বান্ধোন খুলি বাৰে বাৰে পলাব খোজা সেই মানুহেই কিন্তু সমাজ পাতি ঘৰ সাজি পৰিয়াল কৰি বাস কৰি ভাল পোৱা মানুহ। এই দ্বৈতবিৰোধ মানুহৰ মাজত সদায়েই থাকিব। এহাতে মুক্তিৰ হাবিয়াস, আনহাতে বান্ধোনত থাকি নিজৰ সুবিধাৰ পৰিবেশ এটা তৈয়াৰ কৰি লোৱাৰ অভ্যাস। জনে প্ৰতি মনটোৰ দৰে এই ভিন্নতাখিনিক একত্ৰে ৰাখিবৰ বাবেই বিভিন্ন আচাৰ অনুষ্ঠানৰ প্ৰয়োজন হয়। প্ৰয়োজন হয় ৰীতি নীতিৰ। এটা প্ৰাৰ্থনা লাগিল যাক সমস্বৰে সকলোৱে মিলি একে লগে গাব। এটা অনুষ্ঠান লাগিল য'ত সকলোৱে লগে ভাগে অংশীদাৰ হ'ব। এটা বিশ্বাস লাগিল, যাক সকলোৱে একান্তে স্বীকাৰ কৰি ল'ব। আমি এইখিনিকেই পাৰফৰমেটিভিটি বুলি কওঁ। এই সামাজিকতাৰ প্ৰয়োজনতেই ধৰ্মৰ জন্ম। এই সামাজিক প্ৰয়োজনক পাহৰি গৈ তাক কেৱল বিশ্বাস বুলি এটা বিমূৰ্ত ৰূপ দিয়াৰ লগে লগেই খেলিমেলিখিনিৰ সৃষ্টি। ধৰ্মক নৃতাত্বিক পৰম্পৰা-অভ্যাসৰ পৰা পৃথক কৰি চোৱাৰ পক্ষপাতী আমি নহওঁ। ৰাস্তাইদি গৈ থাকোতে ভীড়ৰ মাজত মানুহ এজনক খুন্দা এটা মাৰিলেও মুখেদি অকস্মাতে "অহ কৃষ্ণ!" বুলি যদি ওলাই যায়, তাৰ মানে এইটো নহবও পাৰে যে মই ঈশ্বৰ বিশ্বাসী। "ঈশ্বৰৰ কৃপাত ভালে আছোঁ" বুলি কোৱা কথা এষাৰ চেকুলাৰ হ'ব পাৰে, ই এটা ভাষিক সংস্কৃতিৰ অংশ। এই সংস্কৃতি কোনোবা একালত ধৰ্মৰ পৰা আহৰিত হ'লেও ই আৰু ধৰ্মৰ সৈতে একেধৰণৰেই সংপৃক্ত হৈ নেথাকিবও পাৰে। মই নাজানো, কোনে জানে- এনে ভাবত "God knows" বুলি ক'লে সেইটোক এটা ধৰ্মীয় ষ্টেটমেণ্ট বুলি ভবাৰ অৰ্থ নাই। সেয়েহে, গাঁৱৰ ঘৰৰ বা নাম ঘৰৰ পৰম্পৰাৰ মাজত ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ নামৰ তিনিজন ভগৱানৰ কৃপাত সৃষ্টি, স্থিতি আৰু প্ৰলয় সংঘটিত হৈ আছে বুলি এটা বিশ্বাসৰ অন্য সত্যতা আছে। তাৰ পৰা শত যোজন আঁতৰত জীৱিকাৰ তাড়নাত বা অন্য কাৰণতেই হওক, কোনোবাই যদি আধুনিক নগৰীয়া জীৱন কটাইছে, দিনৰ দিনটো বিজ্ঞান আৰু প্ৰযুক্তিয়ে আনি দিয়া উপকৰণ সমূহৰ মাধ্যমেৰে কৰ্মৰত হৈ থাকি সেই বিশ্ব-চৰাচৰৰ একেটা ব্যাখ্যাকে অখণ্ড বুলি যদি ধৰি থাকে, তেনেহ'লে সেইটো সমূলি অন্য কথা এটা হৈ পৰিব। সেয়েহে, আমাৰ বাবে ধৰ্মৰ অস্তিত্ব সেইখিনিলৈকেহে, যিখিনিলৈকে এটা সামাজিক তাগিদা আছে। এই তাগিদা সামাজিক একত্ৰিকৰণৰ হ'ব পাৰে, সৃংখলাবদ্ধকৰণৰ হ'ব পাৰে বা সামূহিক শক্তিৰ উৎপাদনমুখিতাও হ'ব পাৰে। সেই স্তৰৰ একেখিনি বিশ্বাসৰ ধাৰণাকেই ব্যক্তিগত স্তৰলৈ লৈ অনাটো বৰ বেছি যুক্তিসংগত নহ'ব। ধৰ্ম এটা আহিলা মাত্ৰ। বিশ্বাসটো এটা অন্য বস্তু। ভগৱানো অন্য বস্তু। অন্যথা, মাছ মাংস খাই ভাল পোৱা কিন্তু মংগলবাৰে নোখোৱা, সঘনাই হনুমান চালিছা পঢ়ি গৌৰৱ কৰা অনেক মানুহৰ সন্মুখীন হৈছোঁ যিখিনি মানুহে ৰাতিৰ আকাশৰ অগণন তাৰকাৰাশিলৈ চাই এবাৰো ভাব বিভোৰ হোৱা নাই। নদীৰ পাৰত বহি প্ৰৱাহমান জলৰাশিলৈ চাই জীৱনত হয়তো এবাৰো জগতৰ ঘটনা প্ৰৱাহক লৈ একো প্ৰশ্ন তুলি পোৱা নাই। কৌতুহল আৰু বিস্ময়ৰ বাবে অলপো সময় ব্যয় কৰিব নোৱৰা মানুহে ভগৱানৰ নামোচ্চাৰণ কৰি সময় ব্যয় কৰাৰো মানে নাই। দা-ৰে মানুহ ঘপিয়াই বা বোমাৰে মানুহ উৰুৱাই ভগৱানৰ নাম লোৱা মানুহখিনিৰ কোনো ভগৱান নাই।

আমি ধৰ্মৰ সৈতে সাঙুৰি ৰখা বহুখিনি ৰিচুৱেলৰ আকৌ এটা ধৰ্ম-নিৰেপেক্ষ বা চেকুলাৰ দিশো আছে। কথাষাৰ বহলাবলৈ গ'লে বহুত কথা ওলাব। থোৰতে বুজিবলৈ হ'লে আমি সেই ৰিচুৱেল সমূহৰ পাৰফৰমেটিভিটিৰ দিশটোলৈ চকু দিবলৈকে ক'ম। তেনেকৈয়ে প্ৰাৰ্থনাৰো এটা অন্য অৱস্থান আছে, অন্য পাৰফৰমেটিভিটি আছে। প্ৰাৰ্থনা মানেই ভগৱানৰ বন্দনা বুলি ভাবি থকা সকলে তাক মানৱ মনৰ আকূতি বুলিও এবাৰ গমি চাব পাৰে। আমাৰ বিচাৰেৰে প্ৰাৰ্থনা আজি আমি ধৰ্ম বুলিলে যাক বুজোঁ সেই ধৰ্মৰ আৱিস্কাৰৰ আগতে অন্য বস্তুৱেই আছিল। চুফি বা ভক্তিবাদ আদিৰ দৰে কিছুমান প্ৰান্তীয় কিছুমান চৰ্চাই তাক আকৌ ধৰ্মৰ কঠোৰ বান্ধোনৰ পৰা মোকলাই এটা বহল পৰিসৰলৈ লৈ আনিবলৈ চেষ্টা কৰাৰ উদাহৰনো আমি দেখিছোঁ। সদ্যহতে মোখনি মাৰিবলৈ নেটিভ আমেৰিকান জনজাতি 'উটে' সকলৰ এটা প্ৰাৰ্থনা আগবঢ়ালোঁ-

পৃথিৱীৰ পাঠ

পৃথিৱী, মোক দিয়া নৈ:শব্দৰ পাঠ
পোহৰৰ সৈতে শান্ত ঘাঁহবোৰৰ দৰে।
পৃথিৱী, মোক দিয়া যন্ত্ৰনাৰ পাঠ
স্মৃতিয়ে কষ্ট দিয়া প্ৰাচীণ শিলবোৰৰ দৰে।  
পৃথিৱী, মোক দিয়া বিনম্ৰতাৰ পাঠ
নতুনকৈ ফুলা অমায়িক ফুলবোৰৰ দৰে।  
পৃথিৱী, মোক দিয়া শুশ্ৰূষাৰ পাঠ
মাতৃয়ে যেনেকৈ সন্তানক পালন কৰে।
পৃথিৱী, মোক দিয়া সাহসৰ পাঠ
অকলে থিয় হৈ ৰোৱা গছজোপাৰ দৰে।
পৃথিৱী, মোক দিয়া সীমাবদ্ধতাৰ পাঠ
মাটিত বগুৱা বাই যোৱা পৰুৱাটোৰ দৰে।
পৃথিৱী, মোক দিয়া মুক্তিৰ পাঠ
অকাশত বিচৰণ কৰা চিলনীৰ দৰে।
পৃথিৱী, মোক দিয়া সমৰ্পণৰ পাঠ
শীতত সৰি পৰা গছ পাতখিলাৰ দৰে।
পৃথিৱী, মোক দিয়া পুনৰ্জন্মৰ পাঠ
বসন্তত গজালি মেলা গুটিটোৰ দৰে।
পৃথিৱী, মোক দিয়া পাহৰণিৰ পাঠ
গলি যোৱা বৰফে যেনেকৈ নিজকে পাহৰে।
পৃথিৱী, মোক দিয়া মমতাৰ পাঠ
বৰষুণত শুকান পথাৰে কান্দে যেনেদৰে।
 

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594
    

এটা পেচাবখানাৰ এশ বছৰ (আঠ): "ডুচ্যঁ আছিল এইখিনিতে", পাব্লিক আৰ্ট আৰু প্ৰৰোচনা, অভিযোজনা ইত্যাদি


Duchamp was here, অনামী ষ্ট্ৰীট আৰ্ট
“A genius is not made by the mind itself. It is made by the onlooker. The public needs a top mind and makes it. Genius is an invention of man just like God.”- Marcel Duchamp 

আমি ভাল পালেও ডুচ্যঁ, আমি বেয়া পালেও ডুচ্যঁ

মাৰ্চেল ডুচ্যঁ মোৰ বাবে আৰু মোৰ দৰেই আন বহুতৰ বাবেই এটা ৰহস্য। কেনেকৈ এজন মাত্ৰ মানুহে তুলনামূলক ভাবে তেনেই অলপ মাত্ৰ কামৰ মাজেদিয়েই আধুনিকতাবাদী প্ৰায় সমস্তবোৰ "বাদ" বা শিল্প-চৰ্চাৰ ধাৰাৰ সৈতে এনেকৈ ওত:প্ৰোত ভাবে সাঙোৰ খাই থাকিব পাৰে, কেৱল সেয়ে নহয়, কেনেকৈ উত্তৰ-আধুনিকতাবাদী চিন্তা-চৰ্চাৰো এক উমৈহতীয়া পূৰ্ৱ-ৰেঙণি হৈ ৰ'ব পাৰে সেয়া ভাবিলে সঁচায়ে আচৰিত লাগে। তেনেকৈয়ে "ফাউণ্টেইন, ১৯১৭" নামৰ সেই মূত্ৰাগাৰৰ কৰ্মটিও চিৰকালৰ বাবে এটা কৌতুহল বা অনুসন্ধিৎসাৰ বিষয়। এই কামটোৰ সম্পৰ্কে আজিও আমি স্পষ্ট নহয়। ইয়াক ঠিক কোনটো অৱস্থানৰ পৰা চোৱা উচিত, ইয়াৰ শিল্পমূল্য বুলি কিবা সঁচাকৈয়ে থাকিব পাৰে নে নাই সেই সম্পৰ্কে আমি আজিও সন্দিহান। কিন্তু সকলো দ্বিধা সন্দেহৰ আৱৰ্তমানতো মাৰ্চেল ডুচ্যাঁ আৰু "ফাউণ্টেইন"ক কেন্দ্ৰ কৰি আলোচনা কৰিবলৈ গৈ দেখিলোঁ যে আমাৰফালৰ পৰাও পাতিবলগীয়া বহুখিনি কথা পাতিবলৈ সুৰুঙা অলপমান আপোনাআপুনি ওলাই আহিল। প্ৰকৃতাৰ্থত প্ৰত্যক্ষভাবে মাৰ্চেল ডুচ্যঁই বা "ফাউণ্টেইনে" আমাক কোনোদিনেই তেনেকৈ প্ৰভাৱিত কৰা নাই। বৰঞ্চ বিভিন্ন ক্ষেত্ৰত যেতিয়া ঘুৰি পকি মাৰ্চেল ডুচ্যঁৰ নামটোৰ সন্মুখীন হওঁ একধৰণৰ বিৰাগৰ হে জন্ম হয়। কামটোক জোখতকৈ বেছি মৰ্যাদা দিয়া হ'ল নেকি? ইমানকৈ কথা পাতিবলগীয়া কিবা ইয়াত আছিল জানো? "প্ৰকাশ" আলোচনীৰ পাতত ভালেখিনি দিশ সাঙুৰি যথেষ্ট বহলাই কিছু পতা হ'ল। তালৈ লক্ষ ৰাখি দুই একে ধাৰণা কৰি লৈছে যে শিল্পী হিচাপে আমি ডুচ্যঁৰ দ্বাৰা প্ৰভাৱিত অথবা ডুচ্যঁ আমাৰ প্ৰিয় শিল্পী। কথাষাৰ সঁচা নহয়। মাৰ্চেল ডুচ্যঁ আমাৰ প্ৰিয় শিল্পী আচলতে নহয়। কিন্তু এই কথাষাৰ এতিয়া আৰু এটা ব্যক্তি-অৱস্থানৰ পৰা ঘোষণা কৰাৰ কোনো অৰ্থ নাই। ঠিক এইখিনিতেই, অৰ্থাৎ ডুচ্যঁ মোৰ প্ৰিয় শিল্পী নহয় অথচ কোনোবাই তেনেকৈ ধাৰণা কৰি ল'লেও আচলতে মোৰ ফালৰ পৰা বিশেষ কৈফিয়ৎ দি ফুৰিবলগীয়া নাই- এই কথাষাৰতেই ডুচ্যঁৰ শিল্পভাৱনাৰ গুৰুত্বটো আকৌ সাব্যস্ত হৈ পৰে। কাৰণ "The Creative Act" নামৰ তেওঁৰ আলোচনাটোত এই কথাটোকেই কৈছিল যে শিল্পৰ বা কৰ্মৰ বাস্তৱিক ৰূপটো নিৰ্মিত হ'বগৈ দ্ৰষ্টাৰ সন্মুখতহে। দ্ৰষ্টাৰ দৃষ্টি, অৱধাৰণা অথবা পৰ্যবেক্ষনেহে চূড়ান্ত বিচাৰটো কৰিবগৈ। তাৰ সন্মুখত এটা সময়ৰ পিছত স্ৰষ্টাৰ (শিল্পীৰ, বক্তাৰ, লেখকৰ, নিৰ্মাতাৰ) জবাবদিহিৰ মূল্য নৰয়গৈ। এনেকৈয়ে আমি ভাল পালেও ডুচ্যঁ। আমি বেয়া পালেও ডুচ্যঁ। 

কেনেকৈ আৰু কিবোৰ কাৰণত মাৰ্চেল ডুচ্যঁ সম্পৰ্কে অসমীয়া ভাষাত লিখা মেলা কৰিব লগা হ'ল তাৰ ব্যাখ্যা আজিলৈকে পাতি থকা কথাখিনিৰ আঁহে আঁহে সোমাই আছেই। তথাপি অলপ মোখনি মাৰিবৰ প্ৰয়োজন বোধ কৰিছোঁ। ডুচ্যঁৰ বিপুল চৰ্চিত, অথবা অতীৱ কুখ্যাত "ফাউণ্টেইন, ১৯১৭" কামটোৰ শতবৰ্ষপূৰ্তিৰ উদযাপন হিচাপে অলপ কাম কৰাৰ হাবিয়াস এটা মনত জাগিছিল দুবছৰমানৰ আগতেই। কিন্তু ভাবিলোঁ ডুচ্যঁ সম্পৰ্কে ইতিমধ্যেই বিশ্বজুৰি, ইংৰাজী ভাষাত বিস্তৰ চৰ্চা হৈছেই। তাৰ মাজত আমি অল্পমতিয়ে বুজাই নুবুজাই আকৌ কিবা অলপ লিখিবলৈ গ'লে তাৰে বহুল অংশ হ'ব চৰ্বিত চৰ্বন অথবা বাগড়ম্বৰ। কিন্তু যদি একেখিনি কথাই অসমীয়া ভাষাত লিখিবলৈ লোৱা যায় তেন্তে প্ৰাসংগিকতাৰ দিশৰ পৰা তাৰ অন্য কিছুমান গুৰুত্ব নিশ্চয় থাকিব। বিশ্বৰ শিল্পজগতৰ বিভিন্ন দিশ সম্পৰ্কে অসমীয়া ভাষাত লিখা মেলা তেনেই তাকৰ। সাহিত্য আৰু সংগীত সম্পৰ্কীয় যিমান কথাবাৰ্তা অসমীয়া ভাষাত হয় দৃশ্যশিল্প সম্পৰ্কীয় সিমান চৰ্চা সততে দেখা নাযায়। তাতে আকৌ এনে এজন শিল্পীৰ সম্পৰ্কে কথা পতাটো আমাৰ বাবে এটা প্ৰত্যাহ্বানেই আছিল যি সকলো সময়তে প্ৰচলিত শিল্প-বাগধাৰা সমূহক সকলো সময়তে ভ্ৰুকুটি কৰিয়েই চলিছিল। সেয়েহে মূলতে মাৰ্চেল ডুচ্যঁ সম্পৰ্কে বিগত সময়চোৱাত ভালেখিনি লেখা মেলা কৰা হ'ল যদিও অলপ মন কৰিলেই বুজিবলৈ অসুবিধা নহ'ব যে মাৰ্চেল ডুচ্যঁ সম্পৰ্কে আলোচনা কৰিলেও আচলতে ডুচ্যঁ আমাৰ বাবে এটা অজুহাত হে আছিল। ডুচ্যঁৰ কামৰ আলম লৈ আমি অসমীয়া পাঠক সমাজৰ বাবেও আলোচনা কৰাটো জৰুৰী ভবা কেতবোৰ দিশতহে আলোকপাত কৰিবলৈ চেষ্টা কৰি চলিছিলোঁ। সমগ্ৰ শিল্পৰ ইতিহাসতেই সম্ভৱ মাৰ্চেল ডুচ্যঁ আটাইতকৈ বেছি এলেহুৱা মানুহ আছিল আৰু তেওঁৰ কামৰ সংখ্যাও তেনেই নগণ্য। কিন্তু এটা এটা কাম অথবা এটা এটা কথাৰ আধাৰতে এনে কিছুমান নতুন নতুন দিশৰ উন্মোচন ঘটি থাকে যে সেইবোৰক লৈ বিস্তৰ কথা-বাৰ্তাৰ সূত্ৰপাত ঘটিবৰ থল থাকি যায়।    

নীলিম মহন্তৰ Site Specific শিল্প। মাজুলী, ২০১৮। 
ডুচ্যঁ আৰু পাব্লিক আৰ্ট

জনৈক যুৱক এটা ৰাজহুৱা প্ৰস্ৰাৱগাৰলৈ গ'ল মূত্ৰত্যাগ কৰিবলৈ। লানি লানিকৈ থকা মূত্ৰাগাৰ সমূহৰ ভিতৰত তেওঁ দেখিলে যে এটা মূত্ৰাগাৰ যথাস্থানত নাই। মূত্ৰাগাৰটো ক'লৈ গ'? কোনে নিলে? হয়তো ভাগিল, যিহেতু ই নিৰ্মিত হয় চীনামাটিৰে ইয়াৰ হানি বিঘিনী ঘটিবই পাৰে। হয়তো কৰ্মকৰ্তাই বা তদাৰককাৰীয়ে উঠাই নিলে তাৰ মেৰামতিৰ বাবে। এতিয়া ঠাইডোখৰ উদং হৈ পৰি আছে। উদং ঠাইডোখৰ দেখি জনৈক ব্যক্তিৰ থিতাতে মনলৈ আহিল- মূত্ৰাগাৰটো ডুচ্যঁই নিলে! সেই উকা বেৰখনতে তেওঁ লিখি পেলালে- "ডুচ্যঁ আছিল এইখিনিতে", Duchamp was here. সেই জনৈক ব্যক্তি এজন গ্ৰাফিটি বা দেৱাল-লেখন শিল্পী, এয়ে তেওঁৰ শিল্প। ডুচ্যঁৰ দ্বাৰা প্ৰভাৱিত বা অনুপ্ৰাণিত দেধাৰ শিল্পকৰ্মৰ উদাহৰণ আমি আগৰ লেখাত দি আহিছোঁ। সেই সকলোবোৰতকৈ ব্যক্তিগত ভাবে এই কামটোৱে মোৰ আটাইতকৈ বেছিকৈ মন টানে। মূত্ৰাগাৰ এটাৰ অনুপস্থিতিত এইখিনিতেই ডুচ্যঁ আছিল বুলি লিখি এনে এটা ধাৰণা দিয়া হ'ল যেনিবা ইয়াৰ পৰাই চুৰ কৰি নিহে ডুচ্যঁই এশ বছৰৰ আগতে সেই কুখ্যাত "ফাউণ্টেইন, ১৯১৭" নামৰ কামটোৰ প্ৰদৰ্শণ কৰিছিলগৈ (কৰিবলৈ বিচাৰিছিল) "স্বতন্ত্ৰ শিল্পী সমাজ"ৰ প্ৰদৰ্শণীত। এই দুষ্টামী ভৰা কামটোৱে এক অনন্য হাস্যৰসৰ যোগান ধৰাৰ উপৰিও ক'ব লাগিব যে ডুচ্যঁৰ প্ৰতি সন্মান সূচক কাম হিচাপে কামটো সাৰ্থক। একে সময়তে ষ্ট্ৰীট আৰ্ট, পাব্লিক আৰ্ট, প্ৰ'ভোকেটিভ আৰ্ট হিচাপেও সাৰ্থক। ১৯১৭ চনত ডুচ্যঁই মূত্ৰাগাৰ এটাত ছদ্মনামেৰে স্বাক্ষৰ কৰি তাক ওলোটাই সংস্থাপন কৰি এয়ে মোৰ শিল্প বুলি ক'ব খুজিছিল। সেয়েহে এইজন ব্যক্তিতে প্ৰস্ৰাৱগাৰৰ দেৱালত এনেকৈ ডুচ্যঁৰ নাম লিখি ৰখাটোৰ সৈতে ডুচ্যঁৰ সংযোগ পৰিস্কাৰ বা সুস্পষ্ট। কিন্তু তাৰ লগতে ডুচ্যঁৰ শিল্প-চৰ্চাৰ সৈতে জড়িত আৰু এটা দিশ এইখিনিতে প্ৰকট হৈ আছে- সেয়া হ'Found Object (Objet trouvé), অৰ্থাৎ প্ৰাপ্ত সমল বা উপলব্ধ বস্তুৰ ধাৰণাটো। এইটো এটা ৰাজহুৱা প্ৰসাৱগাৰ, শিল্পীয়ে শিল্পৰ খাতিৰত ইয়াক নিৰ্মাণ কৰি লোৱা নাই। আনকি সেই বিশেষ স্থানত মূত্ৰাগাৰটো নথকাটোও এটা "প্ৰদত্ত" চৰ্ত। শিল্পীয়ে (জনৈক ব্যক্তিয়ে) নিজৰ শিল্পৰ খাতিৰত তাক খুলি লৈ যোৱা নাই। মন কৰিবলগীয়া যে ডুচ্যঁৰ ঘাই শিল্প-ধাৰণাসমূহৰ ভিতৰত "ৰেডীমে'ড"ৰ ধাৰণাটো যেনেকৈ মন কৰিবলগীয়া, তেনেকৈয়ে তেওঁ শিল্পজগতৰ পৰা নিৰ্বাসন লোৱাৰ পিছতো শেষৰ ফাললৈ যি কামটো নিভৃতে নীৰৱে কৰি গৈছিল, যাক মৰণোত্তৰভাবেহে প্ৰদৰ্শণ কৰা হৈছিল, সেই কামটোৰ সংক্ষিপ্ত নামো আছিল- Étant donnés, অৰ্থাৎ প্ৰদত্ত, যিহেতু আছে, যেনেকৈ আছে, যিটো পোৱা গৈছে।       

এতিয়ালৈকে পাতি থকা কথাখিনিৰ আধাৰ-ছবিখন ইণ্টাৰনেটৰ পৰা সংগৃহীত। বিভিন্ন জনে টুইটাৰৰ যোগেদি প্ৰচাৰ কৰা। বহুতো শিল্পৰসিকে ইয়াত এই সময়ৰ এক অন্যতম ডাডাবাদী গ্ৰাফিটি বুলিও উল্লেখ কৰিছে যদিও এই মুহূৰ্তলৈকে ইয়াৰ প্ৰকৃত শিল্পীজন আমাৰ বাবে অজ্ঞাত। Woostercollective-ৰ চাইটৰ পৰা ছবিখন সংগ্ৰহ কৰা। মেক্সিকোৰ ৰাষ্ট্ৰীয় স্বয়ংশাসিত বিশ্ববিদ্যালয়ৰ সাহিত্য আৰু দৰ্শন বিভাগৰ প্ৰস্ৰাৱগাৰ বুলিও এঠাইত উল্লেখ আছে যদিও সেয়া স্পষ্ট নহয়। হয়তো সেই শিল্পীৰে স্বইচ্ছাৰ বাবে সেই নাম অজ্ঞাতেই ৰৈ যাব। এই অজ্ঞাত স্ৰষ্টা বা কৰ্তাৰ (Anonymous) ধাৰণাটোৰ লগতো ষ্ট্ৰীট আৰ্টৰ আদৰ্শৰ সংযোগ যেনেকৈ আছে, আৰ মুট নামৰ এটা ছদ্মনামেৰে মনে মনে সেই কুখ্যাত মূত্ৰাগাৰটো সংস্থাপন কৰিবলৈ বিচৰা ডুচ্যঁৰ কাৰবাৰটোৰো এটা সম্পৰ্ক আছে। 

ৰাজহুৱা ক্ষেত্ৰত কাম কৰি ভাল পোৱা অসমৰ শিল্পী নীলিম মহন্তই অলপতে মাজুলীৰ নদীৰ পাৰত থকা এখন চৰকাৰী প্ৰচাৰ ফলকত ছবি এখন আঁকে। মথাউৰীৰ পাৰৰ সুলভ দৃশ্য, মেটেকানি, পৰ্কুপাইন আৰু পানীকাউৰী। তেওঁৰ ভাষ্য এনে- "I found a rusty board quoted about govt donation for erosion protection but all in vain ...so decided to use it as my canvas". এই কামটো কৰাৰ আংগিক ৰূপটোৰ মাজতে আমি এতিয়ালৈকে কৈ অহা পাব্লিক আৰ্টৰ চৰিত্ৰটো সোমাই আছে।
১) তেওঁ কেনভাছ হিচাপে ব্যৱহাৰ কৰা ফলকখন এটা উপলব্ধ সমল, ফাউণ্ড অবজেক্ট। 
২) উৱলি যোৱা ফলকখন তেনেকৈ পৰি থকা দেখি এই ঘটনাটোৱে তেওঁক প্ৰৰোচিত কৰিলে, এইটো এটা Provocation.
৩) ফলকখনক তেওঁ নিজৰ মতে অভিযোজনা কৰি ল'লে।
৪) নদীৰ পাৰৰ পৰিস্থিতি সাপেক্ষ বিষয়বস্তু এটাকেই বাচি ল'লে।
৫) ফলক খনৰ আচল উদ্দেশ্য কিন্তু সেয়া নাছিল। সেই সূত্ৰেই তেওঁৰ কামটো এটা অনাধিকাৰ আগ্ৰাসন- Intervention আৰু একে সময়তে এটা Subversion.
৬) এইটো অমুক শিল্পীৰ কাম বুলি কোনেও হয়তো তাক চাবলৈ নাযায়, যিয়েই সেইবাতেৰে অহা যোৱা কৰিব সিয়েই তাৰ দৰ্শক। দৰ্শক বা দ্ৰষ্টাৰ পৰিচয়টোও ইয়াত উন্মুক্ত।
৭) যি প্ৰতিশ্ৰুতিৰ কোনো কাম নাই তাৰ প্ৰতি "আছে গৰু নাবায় হাল" জাতীয় এটা মনোবৃত্তিৰ প্ৰদৰ্শণেৰে ই এটা স্বত:ষ্ফুৰ্ত প্ৰতিবাদো। 

আমাৰ আগৰ লেখাখিনিত আমি ভাগে ভাগে দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ যে ডুচ্যঁ- এই এজন মাত্ৰ মানুহ কেনেকৈ প্ৰতিস্থাপন কলা, পাৰফৰমেন্স আৰ্ট, কনচেপচুৱেল আৰ্ট আদি ভালেখিনি নতুন ধাৰাৰ শিল্প অভ্যাসৰ উন্মেষৰ সৈতে যুক্ত। ষ্ট্ৰীট আৰ্ট আৰু সামগ্ৰিকভাবে পাব্লিক আৰ্টৰ সম্পৰ্কীয় কথাবাৰ্তাতো ডুচ্যঁৰ নাম বাৰে বাৰে একেদৰেই উল্লিখিত হয় যদিও ডুচ্যঁক এজন পাব্লিক আৰ্টৰ শিল্পী বুলিলে ভুল কৰা হ'ব। তেনেহ'লে সংযোগটো কোনখিনিত? সংযোগটো তিনিটা মূলগত ধাৰণাৰে স্থাপন কৰা যায়।
প্ৰথম, ডুচ্যঁৰ উপলব্ধ সমল বা Found Object-ৰ ধাৰণাটো।
দ্বিতীয়, শিল্প একধৰণৰ প্ৰৰোচনা বা উচতনি (Provocation)
তৃতীয়, স্ৰষ্টা আৰু দ্ৰষ্টাৰ পাৰস্পৰিক সংযোগটোৱেহে শিল্পৰ অনুধাৱনলৈ এক মাত্ৰা আনে, এই ধাৰণাটো।

Venduto (বিক্ৰীত)। অনামী ষ্ট্ৰীট আৰ্ট। 
উপলব্ধ সমল আৰু অভিযোজনা

পাব্লিক আৰ্ট বুলি যি এক তুলনামূলক ভাবে নতুন কলাচৰ্চাৰ ধাৰাই আমাৰ সময়ত গঢ় লৈ উঠিল তাৰ এটা বিশেষ দিশ এয়ে যে ইয়াত শিল্পীয়ে প্ৰাপ্ত পৰিস্থিতি সাপেক্ষে, উপলব্ধ সামগ্ৰীক ব্যৱহাৰ কৰি নিৰ্দিষ্ট স্থান আৰু কালৰ পৰিপ্ৰেক্ষততে এক শিল্পভাষ নিৰ্মাণৰ চেষ্টা কৰে। অন্যত্ৰ আমি পাব্লিক আৰ্ট সম্পৰ্কে বিস্তাৰিত আলোচনা কৰিছোঁ। পাব্লিক আৰ্ট বুলিলে ৰাজহুৱা স্থানত সাধাৰণ জনগণৰ বাবে সহজে উপলব্ধ হ'ব পৰা, কলাবীথিকাৰ বাহিৰৰ শিল্প চৰ্চাকে সহজ ভাবে বুজিব পাৰি। সেই অৰ্থত কেতিয়াবা কোনোবা প্ৰসংগত ৰাজহুৱা স্থানৰ প্ৰতিমূৰ্তি একোটাও পাব্লিক আৰ্টৰ নমুনা হৈ উঠিব পৰাৰ সম্ভাৱনা থাকে যদিও সমসাময়িক অৰ্থত সি অন্য। শিল্পীয়ে ব্যক্তিগত ষ্টুডিঅ'ৰ নিভৃত কোণত ছবি এখন আঁকি বা মূৰ্তি এটা সাজি তাক আনি ৰাজগুৱা স্থানত সংস্থাপন কৰি দিলেই সি পাব্লিক আৰ্ট নহ'বও পাৰে। পাব্লিক আৰ্ট হৈ উঠিবলৈ হ'লে তাৰ প্ৰাথমিক বিচাৰখিনিয়েই হ'ব সি সেই নিৰ্দিষ্ট স্থান আৰু কালৰ তাগিদা বা চাহিদাৰ সৈতে কিমানখিনি সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে সেইখিনিহে। সেয়েহে এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ শৈল্পিক পৰিভাষাটো হ'ল- অভিযোজনা বা ইম্প্ৰোভাইজেছন (Improvisation)ইম্প্ৰোভাইজেছন শব্দটোৱে কিবা এটাক উত্তীৰ্ণ কৰি লোৱাটো বুজায়। ইয়াৰ অসমীয়াকৰণ কৰি আমি সততে ব্যৱহাৰ কৰি থকা শব্দটো "অভিযোজনা", এইটো শব্দই আকৌ ইংৰাজী ইম্প্ৰোভাইজেচনৰ লগতে Adaptation শব্দটোকো সাঙুৰিও লয়। নাট্যশিল্পৰ সৈতে জড়িত, বিশেষকৈ পৰীক্ষামূলক থিয়েটাৰৰ সৈতে যুক্ত সকলৰ বাবে ই এটা জৰুৰী প্ৰসংগ। ছত্তিশগড়ৰ তেজনবাইক এবাৰ পাণ্ডৱানী পৰিবেশন কৰি থকা দেখাৰ সৌভাগ্য হৈছিল। পাণ্ডৱানীত পঞ্চপাণ্ডৱৰ কাহিনী গীতেৰে মাতেৰে বৰ্ণনা কৰা হয়। কাৰবাৰটো অলপ আমাৰ ওজাপালিৰ লেখিয়াই। ওজা স্বৰূপ তেজনবাইয়ে হাতত বীণ এখন লৈ গীত মাত পৰিৱেশন কৰি আছে, লগতে পালি-ৰ দৰে অন্যান্য কুশীলৱই সংগত কৰি গৈ আছে। বৰ্ণনাৰ মাজতে তেজনবাইয়ে বাওঁহাতেৰে বীণখন দাঙি ধৰি সোঁহাতটো এনেকৈ টানিলে যেন অৰ্জুনে গাণ্ডীৱত গূণহে টানিছে। মাজতে বীণখন শূণ্যত এনেকৈ ঘূৰালে যেন সেইটোৱেই ভীমৰ গদা। এই যে বীণখনেই সময়ত অৰ্জুনৰ গাণ্ডীৱ হৈ পৰিল, পিছ মুহূৰ্ততে সিয়েই আকৌ ভীমৰ গদা হৈ পৰিল- এয়াই ইম্প্ৰোভাইজেছনৰ নমুনা। গৌতম হালদাৰে যেতিয়া মাইকেল মধূসুদন দত্তৰ সুদীৰ্ঘ "মেঘনাদ মধ কাব্য"খন একক অভিনয়েৰে পৰিৱেশন কৰে, তেতিয়া তেওঁৰ দেহত থকা উত্তৰীয়খনৰ বাদে আন একো প্ৰ'প বা সমল নাথাকে। এই উত্তৰীয়খনেই সময়ে সময়ে অন্য অন্য অৰ্থ গ্ৰহণ কৰি গৈ থাকে। এটা ৰাজহুৱা স্থানত ইতিমধ্যেই স্বাভাৱিক ভাবে উপলব্ধ বস্তু এপদকো, যি বস্তুপদ ইতিমধ্যেই সেই স্থানৰ এক অংগ হৈ আছে, ই এক অনন্য মাত্ৰা দিব পাৰে।  পূৰ্ৱাপৰ স্থিত ব্যৱহাৰ বা প্ৰয়োগৰ উৰ্ধলৈ গৈ তাত ই এটা অন্য অৰ্থ বা মানে সংযোগ কৰিব। আমি ডিছপোজেবল থিয়েটাৰ "অ'ফেলিয়া"  কৰিবৰ সময়ত হেমলেটৰ দূৰ্গ এলচিনোৰ সাজিবৰ বাবে ব্যৱহাৰ কৰিছিলোঁ শ্ৰেণীকোঠাৰ চকীবোৰ। "অ'ফেলিয়া"ৰ পৰিবেশন আছিল "জেণ্ডাৰ আৰু চেক্সুৱেলিটী" বিষয়ক এখন বিদ্যায়তনিক কৰ্মশালাৰ অংশ। যিহেতু বিদ্যায়তনিক কথাবাৰ্তা চলি আছিল, সেয়েহে তাৰ ক্ষমতাৰ দিশবোৰৰ সৈতে সংগতি ৰাখি ইতিমধ্যেই উপলব্ধ আটাইতকৈ সহজতে পাব পৰা শ্ৰেণীকোঠাৰ সামগ্ৰী চকীবোৰকে প্ৰতিস্থাপনৰ বাবে ব্যৱহাৰ কৰাটো আছিলো যুক্তিসংগত। উপলব্ধ সামগ্ৰীৰ অভিযোজনা বা পুনৰব্যৱহাৰৰ ই এক উদাহৰণ।

ষ্ট্ৰীট আৰ্ট আৰু তাতোকৈ বহল অৰ্থত পাব্লিক আৰ্টৰ নান্দনিকতা বহুলাংশে নিৰ্ভৰ কৰে প্ৰাপ্তবস্তু আৰু পৰিস্থিতি একোটাক কেনেকৈ শিল্পীয়ে ন ৰূপ দিছে তাৰ ওপৰত। ষ্ট্ৰীট আৰ্টৰ চুপাৰ-ষ্টাৰ বাংকছীৰ (Banksy) কাম যি সকলে দেখিছে তেওঁলোকে ভালকৈয়ে জানে কেনেকৈ তেওঁ বেৰত ইতিপূৰ্বেই লাগি থকা দাগ একোটাকো তেওঁ নিজৰ শিল্পত পুনৰ-প্ৰয়োগ কৰে।

মাৰ্চেল ডুচ্যঁ, Prière de toucher, ১৯৪৭, (অনুগ্ৰহ কৰি স্পৰ্শ কৰক), ফোম ৰবৰ আৰু ক'লা ভেলভেট।
মাৰ্চেল ডুচ্যঁ, Prière de toucher, ১৯৪৭, (অনুগ্ৰহ কৰি স্পৰ্শ কৰক), ফোম ৰবৰ আৰু ক'লা ভেলভেট।
উচতনি (Provocation)

স্বাভাৱিকতেই উচতনিমূলক বা প্ৰৰোচনামূলক- কথাষাৰ নঞৰ্থক বুলিয়েই পৰিগণিত হয়। কিন্তু শিল্পৰ ক্ষেত্ৰত সি নঞৰ্থক নহ'বও পাৰে। বিশেষকৈ ডাডা প্ৰৰোচক (Dadaist Provocateur) সকলৰ পিছৰ পৰা উচতনিয়ে এক অনন্য গুৰুত্ব পালে শিল্পৰ জগতত। শিল্পৰ উদ্দেশ্য যে চকুক বা মনৰ পুৰ্বাপৰ ধাৰণাক তৃপ্তি দিয়া নহয়, বৰঞ্চ অসুবিধাত পেলাই প্ৰশ্ন কৰিবলৈ বাধ্য কৰাটোহে সেই কথা আমি আৰম্ভণীৰ ফালেই উল্লেখ কৰি আহিছোঁ। ডাডা সকলে ছবি আঁকি বা মূৰ্তি সাজি কাৰোবাক ড্ৰয়িং ৰুম সজাবলৈ সহায় কৰা নাছিল। বৰঞ্চ অদ্ভূত অদ্ভূত কাণ্ড কাৰখানা কৰি প্ৰচলিত শিল্পৰ দৰ্শকক শ'লঠেকতহে পেলাইছিল। একো একোটা চমকৰ সৃষ্টি কৰি "এইমখাই কেৱল চমকহে সৃষ্টি কৰিব জানে" বুলি মানুহৰ গালি শপনি খাইছিল যদিও আমি আজি জানো যে তেনেকৈয়ে আধুনিক আৰু উত্তৰ আধুনিক কালৰ বাবে বহুখিনি প্ৰশ্নৰ জন্ম তেওঁলোকে তেনেকৈয়ে দি থৈ গৈছিল। এই প্ৰৰোচনাক ভিত্তি কৰিও শিল্পৰ অনুধাৱনৰ বাট এটা মোকোলাব পাৰি। শিল্পত উচতনি ভাল। উকা পাত এখিলাই লেখক এজনক উচতনি দিয়ে কিবা এটা লিখিবলৈ। পকা আম এটাই যেনেকৈ মোক খা মোক খা কৰি সৰু ল'ৰা এটাক মাতে, উকা কেনভাচ এখনেও শিল্পীক মোক আঁক মোক আঁক কৰি মাতে। পস্ৰাৱ কৰিবলৈ গৈ যথাস্থানত এটা মূত্ৰাগাৰ দেখা নোপোৱাত সেই উকা স্থানখিনিও সেই জনৈক ব্যক্তিক এটা উচতনিয়েই দিছিল কিবা এটা কৰিবলৈ। তৎক্ষনাত ডুচ্যঁলৈ মনত পেলাই সেই জনৈক ব্যক্তিয়ে, অজ্ঞাত শিল্পীয়ে তাকেই কৰিছিল, দেৱালখনত লিখি উলিয়াইছিল- Duchamp was here!

Sophia Kosmaoglou নামৰ এক গৱেষকে "আত্মসচেতন শিল্পী আৰু শিল্পৰ ৰাজনীতি" বিষয়ক গৱেষণাপত্ৰত ১৯৪০-ৰ পৰা ১৯৭০-লৈকে সময়খিনিত ৰাজহুৱা ক্ষেত্ৰত শিল্পৰ এটা মৌলিক আৰু বৈপ্লৱিক বিস্তাৰ চকুত পৰে বুলি কৈ উল্লেখ কৰে যে- "it took the form of protest, confrontation and provocation"এই নতুন বিস্তাৰনত শিল্পক প্ৰতিবাদ, সমুখ-সংঘাত আৰু এটা প্ৰৰোচনা হিচাপে চোৱাৰ দিশটোলৈ মন কৰক। ই বিশ্বব্যাপী দেখা দিয়া এটা প্ৰপঞ্চ বুলিয়ে তেওঁ দৰ্শাইছে : "This was an international phenomenon and ranged from groups like Cobra, the Lettrists and the Situationist International in Paris to the Art Workers’ Coalition in New York; the Gutai Art Association, Butoh and Angura theaters in Japan; COUM Transmissions, Artists’ Placement Group and the Film-makers’ Co-op in London. There was Fluxus, the Viennese Actionists, Gustav Metzger’s auto-destructive art, Gordon Matta-Clark’s building cuts and Richard Long, Michael Heizer and Robert Smithson’s forays into the landscape" .

পাব্লিক আৰ্ট সম্পৰ্কে কথা উঠিছে যেতিয়া পাব্লিক আৰ্টৰ ক্ষেত্ৰতেই এই উচতনি কিমান গুৰুত্বপূৰ্ণ তালৈ মন কৰিব। শিল্পৰ ক্ষেত্ৰত এটা নিজস্ব শিল্পভাষা নিৰ্মাণ কৰি ল'ব পৰাটো ডাঙৰ কথা। কিন্তু নিজস্ব শিল্পভাষা সম্পৰ্কে অত্যাধিক মোহগ্ৰস্থ আধুনিকতাবাদী শিল্পীয়ে পাব্লিক আৰ্টৰ চৰ্চা কৰিবলৈ গৈ প্ৰায়ে অসুবিধাত পৰে। কাৰণ ষ্টুডিঅ'ৰ ভিতৰত কেনভাচত অঁকা ছবি এখনকে ৰাজহুৱা স্থানৰ দেৱাল এখনত হুবহু আঁকি দিলেই সি পাব্লিক আৰ্টৰ তাগিদাসমূহ পুৰণ কৰিব নোৱাৰে। যিকোনো কামতেই পৰিকল্পনা আৰু লে'-আউট কৰাটো আৱশ্যকীয় যদিও অত্যাধিক পৰিকল্পনাই প্ৰায়ে পাব্লিক আৰ্টৰ ক্ষেত্ৰত অসুবিধাৰহে চেষ্টা কৰে। কাৰণ আপুনি বন্ধঘৰৰ ভিতৰত হাতত কাগজ কলম লৈ হয়তো কিবা এটা পৰিকল্পনা কৰিলে, কাৰ্যক্ষেত্ৰত নিৰ্দিষ্ট স্থান আৰু কালত সি যে হুবহু সেই ৰূপতেই তাৰ ইপ্সিত অৰ্থ প্ৰকাশ কৰিবগৈ তাৰ কোনো মানে নাই। সেয়েহে ইম্প্ৰোভাইজেছন অথবা অভিযোজনাৰ সহায় আপুনি ল'বই লাগিব। সেয়েহে পাব্লিক আৰ্টৰ শিল্পীয়ে বেছিভাগ সময় ন্যস্ত কৰে সেই নিৰ্ধাৰিত স্থানত তেওঁ লাভ কৰিব পৰা এটা প্ৰ''কেচন বা উচতনি বা প্ৰৰোচনাৰ বাবে। ঠাইডোখৰে তেওঁৰ শিল্পীমনত কেনে অনুভূতিৰ সঞ্চাৰ কৰিছে? তাত উপলব্ধ কোনবস্তু বস্তুৱে তেওঁক কেনেকৈ আহ্বান কৰিছে? কোন পৰিস্থিতিটোত এজন ব্যক্তি হিচাপে তেওঁক কেনেকৈ প্ৰতিক্ৰিয়া কৰিবলৈ প্ৰৰোচিত কৰিছে? এই প্ৰৰোচনাই যি শিল্পৰ জন্ম দিয়ে, সেই শিল্পয়েই শ্ৰেষ্ঠতৰ হৈ উঠিবলৈ বাট বিচাৰি উলিয়ায়।

থিয়েটাৰৰ আৰু পাৰফৰমেন্সৰ এই স্থান-কাল ভিত্তিক প্ৰৰোচনাক অগ্ৰাধিকাৰ দিবৰ বাবেই আমাৰ ডিছপোজেবল থিয়েটাৰৰ বেলিকাও পূৰ্ৱলিখিত পাণ্ডুলিপি আমাৰ বাবে গৌণ হৈ ৰয়। ঠাই এটুকুৰাত এটা নিৰ্দিষ্ট সময়ত আমি নিৰ্মাণ কৰিব পৰা এটা ঘটনাৰ যথাসাধ্য প্ৰস্তুতিয়েই আমাৰ বাবে মূখ্য আহিলা হৈ থাকে। সেয়েহে ডিছপোজেবল থিয়েটাৰ এবাৰ কৰি তাক আকৌ অন্য এটা স্থানত একে ৰূপতে কৰিব নোৱাৰি। কাৰণ স্থান সলনি হোৱা মানেই সেই নিৰ্দিষ্ট স্থানৰ প্ৰাসংগিকতাখিনিও সলনি হৈ যোৱা। আনকি একেটা স্থানতেই দ্বিতীয় এবাৰো কৰিব নোৱাৰি। কাৰণ সময় সলনি হৈ যোৱাৰ লগে লগে পূৰ্ৱৰ সময়খিনি আকৌ ঘূৰাই পাব নোৱাৰি। এই যে এটা স্থানত, এটা সময়ত মাত্ৰ এবাৰেইহে ইয়াক কৰিব পাৰি, সেই কাৰণেই আমাৰ থিয়েটাৰৰ নাম - ডিছপোজেবল থিয়েটাৰ।

ডুচ্যঁই সেই কুখ্যাত "ফাউণ্টেইন, ১৯১৭" কামটোৰ কেইবছৰমানৰ পিছতেই শিল্পৰ নামত বস্তু উৎপাদন কৰিবলৈ বাদ দিছিল। বস্তুৰ পৰা শিল্পক মুকলি কৰি দিয়াৰ পিছত কি ৰ'লগৈ? এটা প্ৰৰোচনা, এটা উচতনি। এটা বস্তুৱে, এটা পৰিস্থিতিয়ে কেনেকৈ এজন শিল্পীক কিবা এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ প্ৰৰোচিত কৰিব পাৰে সেই কথা আমি পাতি আহিছোঁ। শিল্পীয়ে সৃষ্টি কৰাৰ ধাৰণাটোক ডুচ্যঁই নাকচ কৰিছিল। ইম্প্ৰোভাইজেছন বা অভিযোজনাৰ দিশটোলৈ মন কৰিলে এনেকৈয়ো ভাবিবৰ থল ওলায় যে শিল্পীয়ে যি কৰে সেয়া কেৱল ক্ৰিয়া নহয়, সেয়া প্ৰতিক্ৰিয়াও। আমাৰ ডিছপোজেবল থিয়েটাৰ প্ৰকল্প "HouseHOLD"ত সেয়েহে এজন অভিনেতাই দৰ্শকৰ সন্মুখলৈ আহি নিজৰ পৰিচয় দিছিল এনেকৈ- "I am not an Actor, I am a reactor" . বস্তুৱে শিল্পীক প্ৰৰোচিত কৰাৰ দৰে শিল্পবস্তুটোৱে প্ৰৰোচিত কৰে দ্ৰষ্টাক- কিবা এটা ভাবিবলৈ। যি শিল্পই ভাবিবলৈ বাধ্য নকৰে, আৰু এঢাপ আগুৱাই গৈ "যি শিল্পত চমক নাই" সেই শিল্পক শিল্প বুলিয়েই গণ্য কৰিবলৈ ডুচ্যঁই টান পাইছিল। এইখিনি কথাতেই শিল্পত সমসাময়িকতাৰ দায়িত্ব সম্পৰ্কীয় দিশ এটাও সাঙোৰ খাই পৰিল। ১৯৪৬ চনত ডুচ্যঁই কোৱা কথা এইখিনি-
"এই দেশত (আমেৰিকাত) বা একেধৰণে ফ্ৰান্সতো আজি যদি শিল্প ব্যৰ্থ হৈছে, তেন্তে সেয়া হৈছে কাৰণ ইয়াত এটা বিপ্লৱৰ সত্বা নোহোৱা হৈছে, নতুন শিল্পী সকলৰ মাজত নতুন চিন্তাৰ উন্মেষ নঘটা হৈছে। এওঁলোকে পূৰ্ৱসূৰী সকলক অতিক্ৰম কৰিবলৈ বিচাৰিলেও আগৰ সকলে কৰি যোৱা কামৰ বাটেৰেই বাট বুলিছে। যিয়েই নহওক, শিল্পত একদম-সঠিক (পাৰফেকচন) বুলি একো নাই। যিকোনো এটা সময়তেই এইটো এটা শৈল্পিক জড়তাহে যেতিয়া এজন উত্তৰসূৰীয়ে পৰম সন্তুষ্টিৰে পূৰ্ৱসুৰী সকলে এৰি থৈ যোৱাৰ পৰা সেই একেখিনি কামকেই আকৌ আৰম্ভ কৰে।" 
অক্টাভিঅ' পাজৰ "আগৰণুৱাৰ অৱনমন" শীৰ্ষক লেখাৰ মাজতো একে ধৰণৰ উদ্বিগ্নতাৰ সুৰ শুনিবলৈ পোৱা যায়। 

ডুচ্যঁৰ কাম সমূহ শিল্প হয় নে নহয় সেই সম্পৰ্কে হাজাৰটা বিতৰ্ক হৈ গৈছে, আৰু হয়তো হৈ থাকিব। আমাৰ অসমৰ পৰিপ্ৰেক্ষিততো এনে বিতৰ্কৰ শেষ নাই। উদাহৰণ স্বৰূপে কবিতা আৰু অকবিতাৰ বিতৰ্ক আজিকালি প্ৰায় সকলো সময়তেই এটা তুংগত থকা বিতৰ্ক। এইখিনিতেই জৰ্জ ডিকিয়ে কোৱা এইখিনি কথা প্ৰণিধানযোগ্য-
"শিল্পকৰ্ম এটাৰ শাৰীৰিক অৱয়ব এটা থাকিবই লাগিব বুলিও কোনো কথা নাই যদিও ইয়াৰে বহুখিনিৰ আছে। উদাহৰণ স্বৰূপে, কবিতা এটা শাৰীৰিক বস্তু নহয় (ইয়াক হাতেৰে চুব নোৱাৰি), কিন্তু নি:সন্দেহে ই শিল্প। আৰু অলপ আগবাঢ়ি গৈ ক'ব লাগিব পাৰফৰমেন্সৰ কথা বা ইম্প্ৰোভাইজেচন নৃত্যৰ কথা। এইবোৰ মানৱসৃষ্ট, আৰু এইবোৰেই শিল্প "।

"Here Comes Everybody"-ৰ লেখক ক্লে' শৃংকীৰ ভাষাত- “The stupidest possible creative act is still a creative act.”  ডুচ্যঁই নিজেই কোৱা এইখিনি কথালৈকো মনত পেলাব পাৰি - "মোৰ মনত এয়ে যে, শিল্প ভাল, বেয়া অথবা নিস্পৃহ হ'ব পাৰে, কিন্তু, যি বিশেষণেই নলগাওঁ কিয়, আমি ইয়াক শিল্প বুলিয়েই ক'ব লাগিব, আৰু মনলৈ অহা বেয়া অনুভৱ এটা যেনেকৈ বেয়া হ'লেও সিও এটা অনুভৱেই, তেনেকৈয়ে বেয়া শিল্প এটাও আচলতে শিল্পয়েই।"  ডুচ্যঁৰ "দ্য ক্ৰিয়েটিভ এক্ট" নামৰ বক্তৃতাটোৰ অনুবাদ আগৰ লেখাত আমি আগবঢ়াইছিলোঁ। আনকি যিটো কাম শিল্প নহয়, অথবা বিশেষ বিচাৰত শিল্প হৈ নুঠিলগৈ, তেতিয়াও সেই কামটোৰ মাজতেই ই শিল্প হ'ল নে নহ'ল সেই সম্পৰ্কে কথা পাতিবৰ বাবে এটা প্ৰৰোচনা থাকেই থাকে। চ'ফিয়া কোছমাওগ্লৌ নামৰ গৱেষকে উল্লেখ কৰিছে- "The ubiquitous question “Yes, but it is art?” is usually a provocation for a debate about what art is, in apparent ignorance of the fact that if works of art serve any purpose at all, it is to keep posing this question anew . আণ্ড্ৰে ফ্ৰেছাৰৰ উদ্ধৃতিৰে কয়- শিল্পৰ সংজ্ঞা এনেকৈ দিয়া হয় যে "when it exists for discourses and practices that recognize it as art, value and evaluate it as art, and consume it as art” .

ডাডাবাদী প্ৰৰোচক হিচাপে শিল্পৰ প্ৰৰোচনাৰ দিশটো ডুচ্যঁই আক্ষৰিক অৰ্থতো ব্যৱহাৰ কৰিছে। বিশেষকৈ এটা নাৰী স্তনৰ আকৃতিৰ ভাস্কৰ্য নিৰ্মান কৰি "অনুগ্ৰহ কৰি স্পৰ্শ কৰক" (Please Touch) নাম ৰখা কামটোলৈ মনত পেলাব পাৰি। কিন্তু তাৰ বাহিৰেও বহল অৰ্থত ডুচ্যঁৰ শিল্পী সত্বাই নিহিত হৈ আছে প্ৰৰোচনাৰ প্ৰবৃতিত। জোচেফ বয়েজেও ডুচ্যঁৰ প্ৰৰোচক চৰিত্ৰৰ কথা উল্লেখ কৰিছে । পিটাৰ বাৰ্গাৰে ডুচ্যঁৰ প্ৰৰোচনাক মূল্যায়ণ কৰিছে এনেদৰে-
“Duchamp’s provocation through the readymades not only unmasked the art market where the signature means more than the quality of the work. It radically questions the very principle of art and bourgeois society, according to which the individual is considered the creator of a work of art. By inserting the mass-produced into the art context, a gesture legitimated to the signature of the author, Duchamp negates the category of individual creation, undermining the bourgeois conception of genius.”

কাৰেঙৰ লিগিৰী: Defining Spaces into Spaces, ৰবীন্দ্ৰ ভৱন, ২০০৩
স্ৰষ্টা আৰু দ্ৰষ্টা

পাব্লিক আৰ্টৰ চৰ্চাৰ ক্ষেত্ৰত ডুচ্যঁৰ পৰা পোৱা তৃতীয়টো ফলৱৰ্তী সমল হ'ল স্ৰষ্টা আৰু দ্ৰষ্টাৰ মাজৰ এৰাব নোৱাৰা সম্পৰ্কৰ ধাৰণাটো। ডুচ্যঁৰ ধাৰণাত দ্ৰষ্টাৰ উপস্থিতিয়েহে শিল্পকৰ্ম এটাৰ আচল মানে নিৰ্ধাৰণ কৰে। এনেকৈ দ্ৰষ্টাৰ উপস্থিতিক প্ৰাধান্য দিবলৈ গৈ শিল্পীৰ স্ৰষ্টা হিচাপে থকা অহং ভাৱখিনিক তেওঁ ধূলিৰ লগত মিলাই দিছিল।

পাব্লিক আৰ্টৰ বহুকেইজন স্বনামধন্য শিল্পীক আমি আজি জানো যদিও সেই সমূহত বিশেষ স্থান আৰু কাল সাপেক্ষে শিল্পই কেনেকৈ দ্ৰষ্টাৰ লগত এটা সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে সেই কথাটোহে গুৰুত্বপূৰ্ণ হৈ থাকে। কলা-বীথিকাকেন্দ্ৰিক অথবা ষ্টুডিঅ' ভিত্তিক শিল্প অভ্যাসৰ সৈতে ইয়াৰ মূলগত পাৰ্থক্য এইখিনিতেই। সেইকাৰণেই বহুখিনি পাব্লিক শিল্পীয়ে "অজ্ঞাত" (Annonymous) হৈ থাকি কাম কৰিবলৈ ভাল পায়। আজিৰ প্ৰখ্যাত বাংকছী বহু কাললৈকে এটা বুজিব নোৱাৰা সাঁথৰৰ দৰে ৰহস্য হৈ আছিল। আনকি যিসকল শিল্পী অজ্ঞাত হৈ নাথাকে তেওঁলোকৰ ক্ষেত্ৰতো এটা অনামী চৰিত্ৰই কাম কৰে। কলা-বীথিকালৈ শিল্প উপভোগ কৰিবলৈ গ'লেই কাম এটা চোৱাৰ আগেয়ে শিল্পীনো কোন সেইটোহে চোৱা হয়। শিল্পতকৈ শিল্পৰ নামেহে অগ্ৰাধিকাৰ পাই আহিছে। পাব্লিক আৰ্টৰ ক্ষেত্ৰত এইটো ওলোটা হৈ পৰে। কামটো আগতে চকুত পৰে, তাৰ পিছত বিশেষভাবে অনুসন্ধিৎসু একোজনৰ বাবেহে শিল্পীজন গুৰুত্বপূৰ্ণ হয়গৈ।

দৰ্শক কোন? শিল্প কাৰ বাবে? স্ৰষ্টাক হয়তো চিনি পাব পাৰোঁ, দ্ৰষ্টাৰ পৰিচয় কি হ'? কোনে ক'ৰ পৰা কেনেকৈ চাই আছে? এইখিনি শিল্পৰ সৈতে জড়িত হৈ থকা চিৰাচৰিত কৌতুহল। পাব্লিক আৰ্টৰ ক্ষেত্ৰত দৰ্শক কোন এই প্ৰশ্নটোআৰু বেছি গুৰুত্বপূৰ্ণ আৰু জটিল। কাৰণ বীথিকাৰ দৰ্শকৰ এটা নিৰ্দিষ্ট শ্ৰেণীক সংজ্ঞায়িত কৰিব পাৰিলেও এই ক্ষেত্ৰত দ্ৰষ্টা বা দৰ্শকৰ শ্ৰেণীটো আৰু বেছি বহল হৈ গৈ থাকে। ইয়াত বাটৰ কাষেদি পাৰ হৈ যোৱা সমাজৰ যিকোনো শ্ৰেণীৰ, যিকোনো বয়সৰ, যিকোনো জীৱিকাৰ, যিকোনো জনন-পৰিচয়ৰ ব্যক্তি বিশেষেই দ্ৰষ্টা হ'ব পাৰে। ব্যক্তিবিশেষ যেনেকৈ দ্ৰষ্টা, সামাজিক সমূহ একোটাও যে একে সময়তে দ্ৰষ্টা- এই কথাটো ইয়াত প্ৰকট। 

অসমৰ সাংস্কৃতিক জগতখনত দ্ৰষ্টাবাদ সম্পৰ্কে বৰ বেছি কথা বতৰা আমাৰ চকুত পৰা নাই। ২০০৩ চনত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্মশতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ ৰবীন্দ্ৰভৱনত "কাৰেঙৰ লিগিৰী" নাটকখনৰ এটা ইনষ্টলেচন আৰু পাৰফৰমেন্স ভিত্তিক অভিযোজনা কৰিছিলোঁ । প্ৰচেনিয়াম মঞ্চৰ আৰ্হিটোৱে দিয়া গতানুগতিক দৰ্শক আৰু অভিনেতাৰ ব্যৱধানটোক ইয়াত নোহোৱা কৰিবলৈ চেষ্টা কৰা হৈছিল। পৰিবেশন এটাত কৰ্তা আৰু দ্ৰষ্টা দুটা ভিন্ন পক্ষৰ ৰূপত অৱতীৰ্ণ হৈ তেনেকৈয়ে ৰৈ যোৱালৈ চাই সেই মানসিক ব্যৱধানক ভেঙুচালি কৰিবলৈকে দৰ্শক আহি বহিব পৰা চকী সমূহত মুখা কিছুমান থৈ দি কোৱা হৈছিল- চকীসমূহ ইতিমধ্যেই ভৰি আছে, এতিয়া আপোনালোক বহিবলৈ ঠায়েই নাই। এই অভিযোজনাটোৰ সময়তেই ইনষ্টলেচন আৰ্ট আৰু পাৰফৰমেন্স সম্পৰ্কে অসমৰ কাকত আলোচনীত আমি কিছু কথা লিখিছিলোঁ। দৈনিক জনসাধাৰণ কাকতৰ দেওবৰীয়া পৰিপুৰিকা "ইত্যাদি", অসমীয়া প্ৰতিদিন কাকতৰ "সম্ভাৰ" আদিত প্ৰকাশিত সেই লেখাসমূহে আমাৰ বাবে এক শ্ৰেণীৰ দৰ্শকক প্ৰস্তুত কৰি লোৱাটো সহায়ক হৈছিল। "ইত্যাদি"ত মাৰ্চেল ডুচ্যঁ সম্পৰ্কে কিছু কথা লিখিছিলোঁ, আৰু সেয়াই আছিল ডুচ্যঁৰ সৈতে আমাৰ প্ৰথম সংযোগ। কলাৰূপ এটা নিৰ্মাণৰ সময়খিনিত শিল্পীসমূহৰ যেনেকৈ এটা প্ৰস্তুতি-পৰ্ব আছে, যেনেকৈ অভিনেতাজন বা শিল্পীজন স্তৰে স্তৰে প্ৰস্তুত হৈ উঠে, দৰ্শক এজনৰো তেনেকৈয়ে কাম এটা দৰ্শনৰ বাবে প্ৰস্তুত হৈ উঠিবৰ প্ৰয়োজন থাকে।  

পাব্লিক আৰ্টৰ "দৰ্শক কোন" এই প্ৰশ্নটোৰ পৰাই পাব্লিক আৰ্টৰ "পাব্লিক" মানেনো কি এই প্ৰশ্নটোৰো সন্মুখীন হ'বলগীয়া হয়। দেখা যায় যে এই পাব্লিক (জনতা, ৰাইজ, জনগণ, জনসাধাৰণ)-ৰ ধাৰণাটোও স্থানু নহয়। শিল্পীয়ে উদ্দেশ্য কৰা জনতা, শিল্পকৰ্মটোৱে সংজ্ঞায়িত কৰিব খোজা জনতা দুয়োটা পৃথক হ'বও পাৰে। আনকি সময়ৰ সৈতে আৰু পৰিস্থিতি সাপেক্ষেও এই সংজ্ঞা সলনি হৈ গৈ থাকিব পাৰে। কিন্তু সি যি কি নহওক, শিল্পৰ মানেটো যে ওলাবগৈ দৰ্শকৰ উপস্থিতিত আৰু দৰ্শকৰ সক্ৰিয় সহযোগতহে- সেই প্ৰাথমিক ধাৰণাটোক আগবঢ়াই থৈ গৈছিল মাৰ্চেল ডুচ্যঁয়েই। 

অভিযোজনা, প্ৰৰোচনা আৰু দ্ৰষ্টা সম্পৰ্কীয় কথাখিনিৰ বাহিৰেও পাব্লিক আৰ্টৰ সৈতে ওত:প্ৰোত ভাবে সংযুক্ত হৈ থকা আৰু দুটা দিশ - Intervention আৰু Subversion সম্পৰ্কে আগতে আমি ইনষ্টলেচন আৰু পাৰফৰমেন্স বিষয়ক দুটা লেখাত উল্লেখ কৰি আহিছোঁ বাবে পুনৰাই উল্লেখ নকৰিলোঁ। 


 

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594



[i] An "anti-phallic statement" by Duchamp according to Amelia Jones. On November 29, 1994, art historian Amelia Jones gave a lecture at the Walker Art Center entitled, “The Duchampian Phallus.” Jones introduced her book, Postmodernism and the Engendering of Marcel Duchamp.

[ii] Ophelia, a Disposable Theatre by Kankhowa, during the National level workshop on Gender and Sexuality in the Disciplinary Paradigms, organized by the Department of Art History and Aesthetics, M S University of Baroda, Jan 9-11, 2007.
[iii] Sophia Kosmaoglou, THE SELF-CONSCIOUS ARTIST AND THE POLITICS OF ART: FROM INSTITUTIONAL CRITIQUE TO UNDERGROUND CINEMA, Thesis submitted in partial fulfilment of the requirements for the degree of Doctor of Fine Art at Goldsmiths, University of London, June 2012, pp.7

[iv] HouseHOLD, a disposable Theatre by Kankhowa (Samudra Kajal Saikia) inside KNMA (Kiran Nadar Museum of Modern Arts, New Delhi), on 27th November 2011.

[v] Marcel Duchamp, New York, 1946

[vi] See- Octavio Paz, Los hijos del limo ("The decline of the avant-garde"), 1974

[vii] George Dickie, Art and the Aesthetic: An Institutional Analysis , Cornell University Press, 1974, p. 34, trans. fr. Barbara Turquier and Pierre Saint-Germier, in "The New Institutional Theory of Art", Traces No. 17, 2009, p. 215.

[viii] See- Clay Shirky, "Here Comes Everybody"

[ix] The Creative Act, April of 1957, Marcel Duchamp spoke at the Convention of the American Federation of Arts in Houston, Texas. A decade later, Aspen Magazine recorded Duchamp reading the paper. The full transcript, found in Robert Lebel’s 1959 tome Marcel Duchamp (public library).

[x] Sophia Kosmaoglou, THE SELF-CONSCIOUS ARTIST AND THE POLITICS OF ART: FROM INSTITUTIONAL CRITIQUE TO UNDERGROUND CINEMA, Thesis submitted in partial fulfilment of the requirements for the degree of Doctor of Fine Art at Goldsmiths, University of London, June 2012, pp 37

[xi] Fraser, Andrea (2005). From the Critique of Institutions to an Institution of Critique. Artforum 44, No. 1, September 2005, p. 103

[xii] Joseph Beuy's statement on the 'Silence of Marcel Duchamp', in 'Death keeps me awake', interview with Achille Bonito Oliva, 1986; as quoted in Energy Plan for the Western man, by Four Walls Eight Windows, New York, 1993, pp. 169-170

[xiii] Peter Burger. See- Amelia Jones' lecture at the Walker Art Center entitled, “The Duchampian Phallus.” Jones introduced her book, Postmodernism and the Engendering of Marcel Duchamp.

[xiv] One site-specific architectural installation performance on Jyoti Prasad Agarwala's Birth centenary celebration in Rabindra Bhavana, Guwahati, 26th Oct 2003: KARENGAR LIGIRI: DEFINING SPACES INTO SPACES.