[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ১৮
মাৰ্চ, ২০১৭]
কি কথাটোৰ সৈতে কোন কথাটোক ৰিজাম সেই বোধটোৰ অভাৱৰ কথা আমি কেইবাবাৰো পাতিছোঁ।
এদিন আমি বন্ধুকেইজনমানে পথাৰৰ আলিয়েদি খোজকাঢ়ি থাকোঁতে এজনে অকণমানি ছাগলী পোৱালী
এটা কোলাত তুলি লৈ হঠাৎ কৈ উঠিল- মূৰ্খ ছাগলী! বন্ধুজন আছিল হিন্দীভাষী আৰু ছাগলীক
মূৰ্খ বুলি ভবাৰ এটা প্ৰচলন আছে। তেতিয়া আন এজন বন্ধুৱে তৎক্ষণাৎ ক'লে, ছাগলী মূৰ্খ
বুলি কোনে ক'লে? অন্য এটা জীৱৰ বুদ্ধিৰ তুলনাত আন এটা জীৱৰ বুদ্ধিৰ তুলনা কেনেকৈ হ'ব?
এটা ছাগলীতকৈ আন এটা ছাগলী হয়তো মূৰ্খ হ'বও পাৰে। এটা হাতী বেছি বুদ্ধিমান, আন এটা
নহয় বুলি হয়তো ক'ব পৰা যাব। কিন্তু হাতী জ্ঞানী আৰু ছাগলী মূৰ্খ বুলি আমি কেনেকৈ জানিলোঁ?
তুলনাৰ বিচাৰত তোলোতে দুটা বস্তুৰ এই বৈসাদৃশ্য বা আসোঁৱাহটোকেই আমি সংগতিৰ বিসংগতি
(Analogical Disorder) বুলি উল্লেখ কৰি চলিম। আগৰ মানদণ্ড অথবা মাপকাঠি সম্পৰ্কীয় আলোচনাতো
এই কথা উনুকিওৱা হৈছিল যে এক লিটাৰ গাখীৰৰ মাপ লোৱা বটল এটাৰে এক কেজি চাউলৰ ওজন জুখিবলৈ
বিচাৰিলে খেলিমেলি হোৱাৰ বাহিৰে আৰু আন একো নহ'বগৈ। কিন্তু এই মূৰ্খতাৰেই পৰিব্যাপ্ত
হৈ ৰৈছে অসমৰ সাংস্কৃতিক পৰিমণ্ডল।
আইনষ্টাইনৰ নামেৰে সুন্দৰ কথা এষাৰৰ প্ৰচলন আছে। "প্ৰত্যেকজনেই প্ৰতিভাধৰ।
কিন্তু এটা এটা মাছক যদি গছত বগাব পৰা সামৰ্থ্যৰে প্ৰতিভাৰ বিচাৰ কৰিবলৈ যাওঁ তেনেহ'লে
মাছটোৱে পৰৱৰ্তী গোটেই জীৱন নিজকে এটা জধামূৰ্খ বুলি ভাবিয়েই পাৰ কৰিবলগাত পৰিব"
(Everybody is a Genius. But If You Judge a Fish by Its Ability to Climb a Tree,
It Will Live Its Whole Life Believing that It is Stupid)। যদিহে সমস্ত জীৱজন্তুক একত্ৰে গছ বগাবলৈ দি পৰীক্ষা
কৰা হয় তেনেহ'লে নিশ্চিতভাবে বান্দৰেই শ্ৰেষ্ঠত্বৰ আসনখন লাভ কৰিবগৈ। সংগতি স্থাপন,
ৰিজনি, তুলনা অথবা মাপকাঠি নিৰ্ধাৰণৰ বেলিকা এইখিনি কথাৰ স্পষ্টতা থকাটো ভাল।
এই সময়ত আত্মপ্ৰকাশ কৰি জনপ্ৰিয়তা লাভ কৰা অসমীয়া পপুলাৰ পৰ্যায়ৰ সংগীতশিল্পী
কুসুম কৈলাশৰ গানৰ কথা আলোচনা কৰিবলৈ গৈয়ো যেতিয়া তাত থাকিব লগীয়া অথচ উহ্য থকা
"সামাজিক দায়বদ্ধতা" আদি ধৰণৰ বস্তুৰ বিচাৰ কৰিবলৈ গৈ খেনোৱে তেওঁক ভূপেন
হাজৰিকাৰ সৈতে ৰিজনি দিবলৈ আৰম্ভ কৰি দিয়ে তেতিয়া এই সংগতিৰ বিসংগতি কথাষাৰেই আমাৰ
মনলৈ আহে। এই সময়ৰ অসমীয়া পপুলাৰ সাংস্কৃতিক উপাদানক আমি কেনেকৈ বিচাৰ কৰিম? এইটো এটা
গুৰুতৰ প্ৰশ্ন এইবাবেই যে ইয়াৰ বাবে আমাৰ হাতত কোনো নিৰ্ভৰযোগ্য মাপকাঠি নাই। ফলত পাৰ্ৱতী
প্ৰসাদ বৰুৱাৰ গানৰ কথা পাতোতে আমি যি ভাব ভাষাৰ প্ৰয়োগ কৰোঁ, কুসুম কৈলাশ সম্পৰ্কে
কথা পাতিবলৈ যাওতেও একেধৰণৰ ভাব ভাষাৰেই প্ৰয়োগ কৰিবলৈ যাওঁতেই কেৰোণটো লাগে।
কথা হ'ল, এজন শাস্ত্ৰীয় গায়কৰ সৈতে এজন এজন লোকগীতৰ গায়কৰ তুলনা কাহনিও
কৰিবই নোৱাৰিম নেকি? উত্তৰটো হ'ব পাৰিম। কিন্তু তাৰ আগতে আমাৰ নিজৰ তুলাচনীখন, মানদণ্ডডাল
বা মাপকাঠিডাল নিজেই নিৰ্দ্ধাৰণ কৰি ল'ব লাগিব। সংগতি স্থাপন কৰিবৰ সময়তো কোন পৰিপ্ৰেক্ষিতত
তাৰ যুক্তিযুক্ততা আছে সেইখিনি কথা সাব্যস্ত কৰিব পাৰিব লাগিব।
ক'তো কোনো সমস্যাৰ সৃষ্টি নকৰাকৈয়ো এই সময়ত এটা সমস্যাবহুল চৰিত্ৰ হৈ উঠিছে
মিষ্টাৰ ৰাজকুমাৰ নামৰ মানুহজন আৰু তেওঁৰ কামসমূহ। অসমীয়া সাংস্কৃতিক চৰ্চালৈ সংকট
আৰু বিপৰ্যয় কঢ়িয়াই আনিছে বুলি বুজন সংখ্যক লোকে হামৰাও কাঢ়ি মৰিছে। ৰাজকুমাৰৰ চিনেমা
বুলি প্ৰচলিত (আচলতে ইউটিউব ভিডিঅ') উপাদান সমূহ অসমীয়া চিনেমাৰ বাবে ক্ষতিকাৰক। আমিও
দেখিছোঁ কিছুমান ক্ষতিকাৰক উপাদান, কিন্তু সেইখিনি মিষ্টাৰ ৰাজকুমাৰৰ 'চিনেমা' নহয়,
সেইখিনি হ'ল মিষ্টাৰ ৰাজকুমাৰক কেন্দ্ৰ কৰি আগবঢ়া কেতবোৰ বিচাৰ পদ্ধতিহে। চ'চিয়েল মাধ্যমৰ
বিভিন্ন ছেগাচোৰোকা মত মতান্তৰৰ ব্যতিৰেকেও কিছুদিন আগতে যথেষ্ট কষ্ট কৰি লেখা সুদীৰ্ঘ
আলোচনা এটা আমাৰ চকুত পৰিল। বহলাই লিখা সেই আলোচনাটোৰ মূল তাৰ্কিক ভিত্তিটো হ'ল এই
যে অসমীয়া চিনেমাৰ এটা গৌৰৱোজ্জল ইতিহাস আছে। জ্যোতিপ্ৰসাদৰ জয়মতীৰ পৰা ভালেখিনি নায়ক
মহানায়কৰ কৃচ্ছ্ৰসাধনাৰ মাজেৰে আহি আজিৰ অসমীয়া চিনেমাই এই অৱস্থাত উপনীত হৈছেহি। এতিয়া
যদি মিষ্টাৰ ৰাজকুমাৰে অসমীয়া চিনেমাক প্ৰতিনিধিত্ব কৰিবলৈ হয় তেনেহ'লে সেয়া মহা সাংঘাতিক
কথা হ'ব। কথাটো এইখিনিতেই। হয়, মহা সাংঘাতিক কথা হ'ব মানে আচলতে হ'লেই। কাৰণ ইণ্টাৰনেটৰ
জৰিয়তে প্ৰসাৰ বাবে ডিজিটেল মাধ্যমত কৰা কৰা এটা ব্যক্তিগত প্ৰয়াসকো "চিনেমা"
বুলি ধৰি লৈ চিনেমাৰ সৈতে আৰু একেকোবেই গৈ জ্যোতিপ্ৰসাদকো সাঙুৰি অনাটো এটা অথন্তৰেই।
মিষ্টাৰ ৰাজকুমাৰ আচলতে আমাৰ বাবে ক্ষতিকাৰক নহয়েই, বৰঞ্চ উক্ত আলোচনাটোৱে কৰিব পৰা
ক্ষতিহে বহুত বেছি। কাৰণ "অসমীয়া চিনেমা" বুলি এটা ধাৰা (যদি তেনে কিবা ধাৰা
আছেও) এটাৰ আলোচনাৰ পৰম্পৰাগত পদ্ধতিটোৰ সৈতে মিষ্টাৰ ৰাজকুমাৰকো সাঙুৰি তেওঁৰ কামসমূহক
চাব পৰা অন্য দৃষ্টিসমূহ মষিমূৰ কৰি পেলোৱা হ'ল। উল্লিখিত আলোচনাটোক লৈ আমাৰ সমস্যা
বহুত। অসমীয়া সাংস্কৃতিক উপাদানক বিচাৰ কৰিবৰ বাবে আমাৰ হাতত এটাই জাতীয়তাবাদী মাপকাঠি
আছে। ৰাজকুমাৰৰ কাম চাবৰ সময়ত সেই মাপকাঠিডালক লৈয়েই কিছু প্ৰশ্ন উত্থাপন কৰিবৰ সুযোগ
আছিল। সেই সুযোগ গ্ৰহণ কৰা নহ'ল কিয়? ফিল্ম শব্দটো আহিছিল ফটোগ্ৰাফীৰ ৰীল বা সেই নিগেটিভখনৰ
পৰা। কালক্ৰমত সকলো ধৰণৰ চিনেমাকেই ফিল্ম বুলি কৈ থকা হ'লোঁ। মুভী, ফিল্ম, চিনেমা আদি
শব্দবোৰ এটা আনটোৰ সমাৰ্থক হৈ পৰিল। তথাপি লক্ষ্য, উদ্দেশ্য, পদ্ধতি অথবা প্ৰসাৰ আৰু
দৰ্শনৰ মাধ্যমৰ দিশৰ পৰাও ইণ্টাৰনেটৰ প্ৰসাৰৰ বাবে নিৰ্মিত ডিজিটেল ছবি এখনৰ সৈতে বায়'স্কোপ,
পেনোৰামা, ৰূপালী পৰ্দা আদিবোৰৰ বিস্তৰ ব্যৱধান আজিও আছে। ফৰ্ম, কাৰিকৰী দিশ আদিৰ লগতে
নন্দনতাত্বিক দাবীৰ ফালৰ পৰাও সেইবোৰ অন্য। এনে ক্ষেত্ৰত এটা ইউটিউব ভিডিঅ'ক থিয়েটাৰৰ
বিশালাকায় ৰূপালী পৰ্দাৰ বাবে নিৰ্মিত এখন পূৰ্ণাংগ চিনেমাৰ পৰম্পৰাৰ সৈতে ৰিজাবলৈ
যোৱাটোও এটা সংগতিৰ বিসংগতিয়েই নহ'ল জানো?
অসমীয়া জাতীয়তাবাদী সাংস্কৃতিক আবেগৰ এটা দোধোৰ-মোধোৰ মাপকাঠিক বাদ দি হয়তো
আন বহুখিনি দিশ বিচাৰিলেই পোৱা গ'ল হেতেন মিষ্টাৰ ৰাজকুমাৰক ফঁহিয়াই চাবৰ বাবে। থিতাতে
মনলৈ অহা তেনে কেইটিমান দিশ এনে হ'ব পাৰে-
ক) এটা পপুলাৰ সংস্কৃতিৰ
(Popular Culture) উপাদান হিচাপে এই সময়ৰ ইউটিউব ভিডিঅ'ৰ গতি বিধি।
খ) নব্য-মাধ্যমৰ
(New Media) প্ৰসাৰ, চৰ্চা আৰু সমসাময়িক গতিবিধি।
গ) ক্ৰমপ্ৰসাৰমান
বহুল জন মাধ্যমৰ (Mass Culture) অতিসাম্প্ৰতিক দিশ সমূহ।
ঘ) নব্য-গণ মাধ্যম
হিচাপে চ'চিয়েল নে'টৱৰ্কিঙৰ সম্ভাৱনা আৰু প্ৰয়োগ।
ঙ) প্ৰাতিষ্ঠানিক
সাংস্কৃতিক বুজাপৰাৰ বাহিৰত গণমানসত বিকল্প (Alternative) নন্দনতত্বৰ স্পৃহা।
চ) উপ-সাংস্কৃতিক
উপাদানৰ প্ৰসাৰ আৰু বিস্তাৰ (Subculture)।
ছ) পেৰাচিনেমা
(Peracinema)? ট্ৰেছ ফিল্ম (Trash Film)? Genre সম্পৰীক্ষণ সম্পৰ্কীয় কথা বাৰ্তা।
...ইত্যাদি।
হয়তো আন বহুখিনি কথা পাতিবৰ থল আছিল। কিন্তু সেইখিনি কৰা নহ'ল। এই মুহূৰ্তলৈকে
কোনেও কৰা নাই। কাৰণ তাৰ বাবে চকু মেলি চাব লাগিব। অলপ কষ্টও কৰিব লাগিব নিজাববীয়াকৈ।
মাৰ্চেল ডুচ্যঁই তেওঁৰ "সৃষ্টিশীল কৰ্ম" শীৰ্ষক বক্তৃতাত কোৱা এইখিনি কথা
মানি চলিব পাৰিলে ভাল- "শিল্প ভাল, বেয়া অথবা নিস্পৃহ হ'ব পাৰে, কিন্তু, যি বিশেষণেই
নলগাওঁ কিয়, আমি ইয়াক শিল্প বুলিয়েই ক'ব লাগিব। মনলৈ অহা বেয়া অনুভৱ এটা যেনেকৈ বেয়া
হ'লেও সিও এটা অনুভৱেই, তেনেকৈয়ে বেয়া শিল্প এটাও আচলতে শিল্পয়েই"। এইখিনি কথা
বিশ্বাস কৰা যিকোনো ব্যক্তিয়েই মানি ল'ব যে মিষ্টাৰ ৰাজকুমাৰৰ শিল্প শিল্প হ'লগৈ নে
নাই, চিনেমাখন চিনেমাৰ লেখীয়া হ'লগৈনে নাই সেইবোৰ আলোচনাৰ আৰু কোনো গুৰুত্ব নেথাকেগৈ।
এনেবোৰ কাৰণতেই যিকোনো সাংস্কৃতিক উপাদানৰ গ্ৰহণযোগ্যতাৰ দিশটোতকৈ আমাৰ
দ্ৰষ্টা-পক্ষৰ গ্ৰহণ ক্ষমতাৰ দিশটোৱেহে আমাৰ মনত বেছি কৌতুহলৰ জন্ম দিয়ে। কি কাৰণত
মানুহ এজনে ভালে বেয়াই, সামৰ্থ্য থাকক বা নাথাকক নিজৰ মতে কাম এটা কৰি উলিয়াই আত্মতুষ্টি
লাভ কৰিব নোৱাৰিব? সাংস্কৃতিক বিচাৰবোধৰ নাম লৈ সময়ে সময়ে আমি আমাৰ "অন্য"(Other)-ৰ
প্ৰতি অসহিষ্ণুতাখিনিকহে আচলতে প্ৰকাশ কৰি থকা নাই নে?
আগ্ৰহী কোনোবাই বিচাৰিলে এতিয়া এই "অন্য"ৰ ধাৰণাটো টানি বহলাই
লৈ গৈ থাকিব পাৰিব। 'মূলসূঁতি'ৰ অসমীয়া বুলি থকা ধাৰণাটোৰ মাজত যদি অলপ মান খাপ খাই
নপৰা বিধৰ অন্য এটা আহি সোমায়হি, তাত দেখা পাওঁ অসহিষ্ণুতা। কবিতা বুলি থকা এটা ধাৰণাৰ
লগত খাপ খাই নপৰাকৈ অন্য এটা আহি সোমালেহি দেখোঁ তাক অকবিতা বুলি ঘোষণা কৰাৰ অসহিষ্ণুতা।
অসমীয়া ছোৱালীয়ে এনেকৈ খোজকাঢ়িব লাগে বুলি থকা ধাৰণাটোতকৈ ফালৰি কাটি অন্যধৰণেৰে যদি
কোনোবাই খোজ কাঢ়িলে, তাতো অসহিষ্ণুতা। মুঠতে আমাৰ মাজত প্ৰচলিত সামগ্ৰিক বিচাৰৰ এটাই
মাপকাঠি থাকিব লাগিব। বিহুগীতো শুনিম আমি জাতীয়তাবাদী এখন তুলাচনীৰে, চিনেমা চাবলৈ
দৰ্শককো মাতিম সেই একেখন জাতীয়তাবাদী তুলাচনীৰে। এই একৰৈখিক, একমুখী স্থাপত্যটোৰ ভিতৰত
অন্য বুলি কোনো Genre থাকিব নোৱাৰিব।
মিষ্টাৰ ৰাজকুমাৰ নিজে সচেতন নহ'লেও তেওঁৰ কাম কৰাৰ নক্সাটোলৈ চাই তাক এটা
Genre-ৰ ভিতৰতে আলোচনা কৰিব পৰাৰ থল আছিল। এইখিনিতে অলপ আগতে আমি কৈ অহা ভিন্ন ধাৰাৰ
দুটা বস্তুৰ ৰজিতা খুৱাই আলোচনা কৰিবলৈ বিচাৰিলে সেয়া সম্ভৱ হ'ব নে নহ'ব তাৰ এতা উদাহৰণ
দিম। কোৱাই হৈছিল যে সেয়া সংগতিৰ বিসংগতি নঘটাকৈ কৰাটো সম্ভৱ হ'ব যদিহে তুলাচনীখনৰ
চৰিত্ৰ ঠিক কৰি লোৱা হয়। এই Genre শব্দটোৱে এতিয়া আমাক সহায় কৰিব। আমাৰ তাৰ্কিক যুক্তিটো
হ'ল ঠিক যি কাৰণত মিষ্টাৰ ৰাজকুমাৰক গ্ৰহণ কৰিবলৈ ৰুচিশীল অসমীয়া সমাজ নাৰাজ, ঠিক সেই
কাৰণতেই সেই একেখন সমাজেই আচলতে জয় বৰুৱাৰ গানকো আকোঁৱালি ল'বলৈ নাৰাজ। মিষ্টাৰ ৰাজকুমাৰ
আৰু জয় বৰুৱাক একেখন সমলতলৈ আনি আলোচনা কৰিবলৈ গ'লেও আকৌ সেই একেই সংগতিৰ বিসংগতিয়ে
দেখা দিব। কিন্তু ইয়েই আকৌ আমাৰ তাৰ্কিক যুক্তিক সাব্যস্ত কৰাত সহায়ক হ'ব। অসমীয়া আধুনিক
গীত বুলি যি এটা ধাৰণা আমি তৈয়াৰ কৰি লৈছোঁ, জয় বৰুৱা তাত খাপ নাখায়। অসমীয়া গায়ক হ'বলৈ
হ'লে যিখিনি বিধি বিধানৰ মাজেদি যাব লাগে তাৰ মাজেদি যাবলৈ জয় বৰুৱা আকৌ নাৰাজ। জয়
বৰুৱাই বিহু নাগায়। বিহুসুৰীয়া আধুনিক গীতো নাগায়। চেঙেলীয়া ল'ৰাই ছোৱালী জোকোৱাৰ পৰ্যায়ৰ সুৰসুৰণিৰ প্ৰেমৰ গীতক প্ৰেমৰ
গীত বুলিবলৈ টান পায়। আমাৰ গান শুনাৰ অভ্যাসক সন্তুষ্ট কৰিব পাৰিলেও নোৱাৰিলেও তেওঁৰ
গীতৰ এটা নিজস্ব Genre আছে যিটো অসমীয়া শ্ৰোতাৰ বাবে অন্য। এইখিনি কথা অলপ সূক্ষ্মভাবে
মন কৰিলে হয়তো মানি ল'বলৈ টান নহ'ব যে মিষ্টাৰ ৰাজকুমাৰৰ প্ৰতি অসমীয়া ৰুচিবানৰ বিৰাগখিনি
আচলতে ৰাজকুমাৰৰ কাৰিকৰী পাৰদৰ্শিতাৰ অভাৱ নহয়। ভাল টেষ্ট বা বেয়া টেষ্ট-ৰ বিচাৰখিনিও
নহয়। অসমীয়া সংস্কৃতিলৈ এটা ভাবুকি বুলি কৈ থকা হৈছে যদিও সেয়াও আচল কথা নহয়। আচল কথাটো
অন্য। আচল কথাটো হ'ল, অসমীয়া সাংস্কৃতিক দ্ৰষ্টাৰ সন্মুখত ৰাজকুমাৰ "অন্য"
(Other)। আৰু আমি স্বভাৱতেই "অন্য"ক ঘৃণা কৰি বৰ্তি থকা জাতি।
এই সময়ত "অন্য" সম্পৰ্কীয় কথা বাৰ্তা বাঢ়িছে আৰু চিন্তাৰ প্ৰসাৰো
ঘটিছে। কিন্তু এটা বিশেষ মতাদৰ্শৰ দ্বাৰা প্ৰৰোচিত একাংশ ব্যক্তিৰ দ্বাৰা ইমান দিনে
প্ৰচলন থকা "অসম শংকৰ-আজানৰ দেশ" বোলা কথাষাৰৰো বিৰোধিতা দেখিবলৈ পোৱা গৈছে।
শংকৰ-কেন্দ্ৰিক একৰৈখিক "অসমীয়া"ৰ সংজ্ঞাটোত আজান ফকীৰ হৈ ৰ'ব "অন্য"।
সংগতিৰ বিসংগতি সম্পৰ্কে লিখিবলৈ বহিছিলোঁ যদিও কথখিনি শেষ হ'লগৈ "অন্য"ত।
সমুদ্র
কাজল শইকীয়া
No comments:
Post a Comment