ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, March 31, 2018

পেখু পেখু (এঘাৰ): ডিছপোজেবল জনতা (এক): "আপুনি সকলোকে সুখী কৰিব নোৱাৰে"

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ১ এপ্ৰিল ২০১৮]

শিল্পীয়ে আৰু শিল্পকৰ্মই যেনেকৈ এক বিশেষ পৰ্যায়ৰ ৰসবোধৰ জন্ম দিয়ে, তেনেকৈয়ে পাঠক তথা দ্ৰষ্টাৰ ইচ্ছা অভিৰুচি আৰু ৰসাস্বাদনৰ প্ৰক্ৰিয়াবোৰেও শিল্পী এজনক গঢ় দিয়ে। পাঠক আৰু দ্ৰষ্টাৰ প্ৰতিক্ৰিয়াৰ বাবে শিল্পী সদা সচেতন হৈ থাকিবই লাগে। কিন্তু কথা হ'ল কিমানখিনিলৈকে এজন শিল্পীয়ে দৰ্শকৰ কথা শুনিব পাৰে? "মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ" বুলি গীতিকাৰ ভূপেন্দ্ৰই গাইছিল যদিও প্ৰতিজন শ্ৰোতাই 'অমুকটোহে কৰিব লাগে', 'তমুকটোহে কৰিব লাগে' বুলি কোৱা প্ৰতিটো কথাই যদি তেওঁ শুনি গ'লহেতেন তেনেহ'লে শিল্পীয়ে জীৱনত কিবা কৰি উঠিব পাৰিলেহেতেননে সেইটো এটা ডাঙৰ প্ৰশ্ন। দ্ৰষ্টা, দৰ্শক বা পাঠক বুলি কওতে বেছিভাগ সময়তেই এটা ধাৰণাকহে বুজাই থকা হয়। নহ'লেবা দৰ্শক বুলি কওতে কোনখিনি মানুহক বুজোৱা হয়? পাঠকেই বা কোন? কথাখিনি আৰু অলপ বহলাই লৈ গ'লে, যদি জনতাৰ কণ্ঠ আমি শুনিব লাগে, তেনেহ'লে কোনখিনি মানুহেৰে এই জনতাৰ শৰীৰটো নিৰ্মিত? এনেধৰণৰ কথা উঠিলেই আমাৰ বাৰে বাৰে মনলৈ আহে ঈছপৰ সেই বাপেক-পুতেক আৰু গাধৰ কাহিনীটোলৈ, আৰু একে সময়তে মনলৈ আহে ভুপেন খখৰৰ ছবি এখনলৈ।
"You Can't Please All"

“আপুনি সকলোকে সুখী কৰিব নোৱাৰে”, ভুপেন খখৰৰ এখন বিশাল আকাৰৰ চাৰিচুকীয়া তেল ৰঙৰ ছবি। ছবিখনৰ বেছিভাগ ঠাই আগুৰি আছে এটা নগৰীয়া অঞ্চলৰ কিছুমান বিক্ষিপ্ত দৃশ্যাংশৰে, ছবিখনৰ সোঁফালে প্ৰায় লাইফ-চাইজৰ এটা নগ্ন পুৰুষৰ শৰীৰ আছে যি বেলকনিত ভেজা দি সন্মুখৰ নগৰখনলৈ চাই আছে। শেঁতা নীলা, ছাঁইৰঙ আৰু সেউজীয়াৰে বোলোৱা চবিখনৰ সংৰচনাত বিভিন্ন চৰিত্ৰ আৰু বস্তুৰে ভৰি আছে। ওপৰৰ বাওঁফালে এখন ছাইৰঙী আকাশ, ঘৰবোৰৰ খিৰিকীয়েদি দেখা পোৱা লাইট আদিত সন্ধিয়াবেলাৰ আভাস এটা পৰিস্ফুত। অলপ মন কৰি চালেই দুটা পুৰুষ চৰিত্ৰৰ সৈতে এটা গাধৰ একোটা কম্পোজিচন তিনিঠাইত বেলেগে বেলেগে দেখা যায়। নগ্ন চৰিত্ৰটোৱে যিফালে চাই আছে সেইফালে অৱস্থিত গাধৰ পিঠিত বহি থকা চৰিত্ৰদুটাক বাটত থিয় হৈ থকা আন দুজন মানুহে আঙুলি টোঁৱাই কিবা কৈ আছে। বিভিন্ন স্থানত বিভিন্ন আকাৰত আচলতে সেই দুই পুৰুষ আৰু গাধৰ চৰিত্ৰকেইটা একেকেইটা চৰিত্ৰই। এই চৰিত্ৰকেইটাই হ'ল ঈছপৰ সাধুৰ সেই বাপেক, পুতেক আৰু গাধটো- মানুহৰ কথা শুনি শুনি মানুহক সন্তুষ্ট কৰিবলৈ গৈয়েই যাৰ অথন্তৰ ঘটিছিল। ছবিখনৰ এঠাইত মানুহ এজনে বেঁকা হৈ গাঁড়ী ঠিক কৰি আছে, অন্য স্থানত ঘৰবোৰত মানুহবোৰৰ সমাবেশ ঘটিছে, যেনিবা বিয়লি বেলাৰ আড্ডা। ঘৰৰ ভিতৰত কথা পাতি থকা মানুহখিনিৰ সময় আৰু এঠাইত গছৰ পৰা ফল পাৰি থকা মানুহ এজন- একে সময়ৰ কথা নহ'বও পাৰে। পুৰুষজনক আমি পিছফালৰ পৰা দেখা পাওঁ, গতিকে অঞ্চলটোৰ দৃশ্যখিনি আমি তেওঁৰ পৰিপ্ৰেক্ষিতেৰেই দেখিছোঁ বুলিব পাৰি। বৰ্ণনামূলক সংৰচনাৰ ছবিৰ এইটৱেই বৈশিষ্ট্য যে দ্ৰষ্টাই বহুসময়লৈকে ৰৈ ৰৈ ইয়াক চাব পাৰে আৰু বিভিন্ন অংশৰ পৰা বিভিন্ন ধৰণৰ কাহিনী-কথনৰ আমোদ লব’পাৰে। ছবিখনৰ দৃশ্যগত ব্যাখ্যাৰ মাজত একে সময়তে বিভিন্ন স্থানৰ প্ৰতিৰূপ যেনেকৈ আছে একেস্থানতে বিভিন্ন সময়ৰ বৰ্ণনাও তেনেকৈয়ে সোমাই আছে। ছবিখনৰ মাজেৰে কাহিনীকথনৰ ধৰণটো ৰেণছাঁৰ আগভাগৰ ছবিসমূহৰ সৈতে ৰিজাব পাৰি। এই বৰ্ণনাৰ মেজাজটো যেনেকৈ এহাতে পৰম্পৰাগত মিনিয়েচাৰ ছবিৰ বৰ্ণনাধৰ্মিতাৰ নিচিনা, ৰং আৰু চৰিত্ৰৰ ৰূপায়ণৰ সময়ত ট্ৰিটমেণ্টখিনিক আকৌ পপ আৰ্টৰ সৈতে সাঙুৰিহে কথা পাতিব পাৰি।  
"You Can’t Please All" ছবিখন ১৯৮১ চনত বৰোডাত অঁকা হৈছিল আৰু সম্পূৰ্ণ কৰিবলৈ সময় লাগিছিল প্ৰায় পাঁচ মাহ। খখৰক ছবি এখন সম্পূৰ্ণ কৰিবলৈ বহুত সময় লাগিছিল আৰু একে সময়তে বহুত ছবি প্ৰস্তুত কৰাটো তেওঁৰ দস্তুৰ নাছিল। পোণতে এঙাৰেৰে কেনভাছত নক্সাটো কৰি লৈ সৰু বা মধ্যমীয়া তুলিকাৰে কাম আৰম্ভ কৰি শেষৰ ফালে ৰঙৰ প্ৰলেপক তেওঁ গুৰুত্ব দিয়ে। তেওঁৰ মতে ৰঙেইহে ছবিখন সম্পূৰ্ণ কৰে। শেষৰ ফালে ৰঙৰ টিউবেৰে পোণপটীয়াকৈয়ে ৰং লগাই ৰঙৰ ঘনত্ব সৃষ্টি কৰে। ভূপেন আছিল এমেচাৰ শিল্পী। সেই সময়ত ভূপেন খখৰৰ শিল্পভাষা আছিল ভাৰতীয় শিল্পৰ জগতত একেবাৰেই নতুন। আজি ভূপেন খখৰক যেনেকৈ ভাৰতৰ এজন অন্যতম প্ৰভাৱশালী শিল্পী বুলি মনা হয়, একে সময়তে ভূপেন খখৰৰ ছবিত স্কিল বা কৌশল-দক্ষতাৰ অভাৱৰ বাবে সেয়া একো শিল্পই নহ'ল বুলি ভেঙুচালিও দেখা যায়। হেনৰী ৰুছো আৰু ডেভিড হকনিৰ সৈতে মাজে মাজে খখৰক ৰিজোৱা হ'লেও তেওঁৰ দৃশ্যৰূপৰ বৰ্ণনাৰ পদ্ধতি একক আৰু স্বকীয় বুলিলেহে উচিত বিচাৰ কৰা হ'ব। ভুপেনৰ ছবিবোৰ ছবি হলগৈ নে নাই, কলাৰ ক্ষেত্ৰত কুশলতা জুখিবৰ মাপকাঠি কি হবগৈ পাৰে, সুন্দৰৰ ৰূপায়ণ নহৈ এনে ধৰণৰ আপচু, আচহুৱা দৃশ্যৰূপ নিৰ্মাণেৰে শিল্পৰ ভৱিষ্যৎ কি হবগৈ পাৰে, জীৱন জগতৰ বিৰাট বিৰাট বিষয়বস্তুক বাদ দি দৈনন্দিন জীৱনৰ এই আপাত তুচ্ছ কাৰ্যকলাপৰ এনে নিতান্তই গতানুগতিক উপস্থাপনেৰে শিল্পৰ বিষয়বস্তুৱে কোন দিশেৰে গতি কৰিব আদি হাজাৰটা প্ৰশ্নৰ প্ৰত্যাহ্বানৰ উপৰিও ভূপেন খখৰৰ সন্মুখত এটা ডাঙৰ প্ৰসংগই থিয় দি ৰৈছিল- সেয়া হ'ল তেওঁৰ বিষয়ী অৱস্থান অথবা ব্যক্তি পৰিচয়টো। ভূপেন খখৰ আছিল এজন সমকামী, আৰু সমকামিতাই গঢ় দিয়া তেওঁৰ ব্যক্তিপৰিচয়ক ঢাকি ৰাখি শিল্পৰ উপস্থাপনো তেওঁৰ দৰে এজন শিল্পীৰ বাবে সম্ভৱপৰ নাছিল। কিন্তু এখন বিপৰীতকামী ৰক্ষণশীল সমাজৰ মাজত বাস কৰি তেওঁ নিজৰ সমকামী পৰিচয়টোক ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ ক্ষেত্ৰতো আছিল বহুখিনি বাধা। সেয়েহে এই ছবিখনৰ সন্মুখৰ ভাগত থকা নগ্ন পুৰুষ শৰীৰটো, যি আচলতে ভূপেন খখৰ নিজে, আৰু পশ্চাৎ পটৰ বৰ্ণানাখিনিৰ মাজৰ যি মিল অথবা বিৰোধ, সম্পৰ্ক অথবা সংঘাত, সেইখিনিক চমুৱাই এনেকৈয়ো কব’পাৰি যে ই হ'ল- "মোৰ আৰু পৃথিৱীৰ"। এজন অন্তৰ্মুখী মানুহৰ ব্যক্তিমনৰ অন্তৰ্ভাগ বনাম বহিৰ্বিশ্ব। বাহিৰৰ পৃথিৱীখনৰ সৈতে কেনেকৈ মুখামুখি হ'ম, অথবা বাহিৰৰ পৃথিৱীখনলৈ কেনেকৈ ওলাই আহি কি ৰূপত নিজকে আত্মপ্ৰকাশ কৰিম, এই প্ৰশ্নখিনিৰ পৰাই জন্ম হ'ল এই পেইণ্টিংখন। মন কৰক বেলকনিখনতে কাপোৰ আৰু গাৰু পাৰি থোৱা আছে। মানে সেইখিনি পুৰুষজনৰ বিশ্ৰামৰো ঠাই। সেয়েহে বেলকনিখন চৰিত্ৰটোৰ অভ্যন্তৰ আৰু বাহ্যিকতাৰ মধ্যৱৰ্তী স্থল। টিমথী হেইমেনে ভূপেন খখৰৰ সম্পৰ্কীয় তেওঁৰ গ্ৰন্থত উল্লেখ কৰিছে যে "এই ছবিখন সম্পুৰ্ণ কৰাৰ কিছুদিনৰ পিছতেই খখৰে প্ৰকাশ কৰিছিল যে সেই নগ্ন চৰিত্ৰটো তেওঁ নিজে, আৰু এইছবিখনে তেওঁৰ সমকামী হিচাপে বাহিৰলৈ ওলাই অহাটোকেই প্ৰকাশ কৰিছে"। কেনেকৈ সমাজৰ বিভিন্ন স্তৰৰ বিভিন্না জনৰ মতামত আৰু ইচ্ছা অভিৰুচিৰে আমি নিজস্ব পৰিচয়টোক লৈয়ো নিয়ন্ত্ৰণৰ মাজেৰে চলিবলগীয়া হয় সেইটোৰ আঁত ধৰিয়েই ছবিখনত আহি সোমালহি ঈছপৰ সাধুৰ সেই চৰিত্ৰকেইটাও। 
Detail

১৯৮৫-৮৬ চনত বৰোডাত সময় কটোৱা আৰু ভূপেন খখৰক ব্যক্তিগত ভাবে জনা ব্ৰিটিছ শিল্পী ডেক্সটাৰ ডালউডে (Dexter Dalwood) কয়- বেলকনিৰ সেই নাঙঠ শৰীৰটো অভ্যন্তৰীণভাবে সন্মুখত দেখুওৱা সমাজখনৰ পৰা পৃথক আৰু একে সময়তে এই বৈপৰিত্যৰ এটা অভিন্ন অংগ। এই জটিল জীৱনৰ সমাৱেশেই আধুনিক ভাৰতৰ ছবি। ডালউডৰ ভাষাত- "This way of combining complex emotional feelings, within an image which attempts to present a whole nervous-system, I find to be incredibly inspiring – and liberating".
এই ছবিখন অঁকাৰ সময়তে, অৰ্থাৎ ১৯৮১ চনত মুম্বাই আৰু দিল্লীত হোৱা "Place for People" নামৰ এলানি প্ৰদৰ্শণীত ছবিখন পোণপ্ৰথমে প্ৰদৰ্শিত হয়। সমসাময়িক আৰু ব্যক্তি-বিষয়ৰ উপাদানসমূহৰ প্ৰতিকী উপস্থাপন তথা বিমূৰ্ত ৰূপায়ণৰ পৰা ফালৰি কাটি আহি এটা নতুন ধৰণৰ শিল্পভাষাক সন্মুখলৈ তুলি অনাৰ হেতুকে এইলানি প্ৰদৰ্শণীক ভাৰতীয় শিল্পৰ আধুনিকপৰ্ৱৰ এক পৰিৱৰ্তন সূচক মাইলৰ খুটি বুলি মনা হয়। গুলাম মহম্মদ শ্বেইখ আৰু সুধীৰ পটৱৰ্ধনকে সাঙুৰি এই প্ৰদৰ্শণীখনকেই বৰোডা স্কুলৰো আৰম্ভণী বুলি কোৱা হয়। সদ্যহতে পেইণ্টিংখন আছে লণ্ডনৰ টেট সংগ্ৰহশালাত । ২০১৬ চনত টেট মডাৰ্ণ গেলেৰীত ভূপেন খখৰৰ এখন প্ৰদৰ্শণী অনুস্থিত হয় যাৰ শিৰোনাম এই আলোচিত ছবিখনৰ নামেৰেই ৰখা হয়- "আপুনি সকলোকে সুখী কৰিব নোৱাৰে"।  
বহুল প্ৰচলিত ঈছপৰ সাধু এটাৰ দ্বাৰা ছবিখন আৰু বিশেষকৈ ছবিখনৰ শীৰোনামটো অনুপ্ৰাণিত। চমুকৈ কাহিনীটো এনেকুৱা, এবাৰ এহাল বাপেক পুতেকে গাধ এটা লৈ বজাৰলৈ গৈ আছিল। বাটতে মানুহ এজনে দেখি ক'লে, "কেনে মূৰ্খ মানুহ, যদি খোজকাঢ়িয়েই যায়, গাধটোনো লগত কিহলৈ আছে?" তাকে শুনি বাপেকে পুতকক গাধটোৰ ওপৰত বহুৱাই আগবাঢ়িল। এইবাৰ আন এজন বাটৰুৱাই তাকে দেখি ক'লে, "ল'ৰাটো কেনে নিৰ্দয়। বুঢ়া বাপেকক খোজ কাঢ়িবলৈ দি নিজে আৰামেৰে গাধৰ পিঠিত উঠি গৈছে"। তাকে শুনি এইবাৰ বাপেক গাধৰ পিঠিত উঠি ল'ৰাটোক খোজ কাঢ়িবলৈ দিলে। পিছে আকৌ কথা শুনিবলগীয়া হ'ল, "কেনে নিৰ্দয় বাপেক। নিজে আৰামেৰে গৈ সৰু ল'ৰাটোকনো এনেকৈ খোজ কঢ়াব লাগেনে?" এতিয়া কৰে কি? এইবাৰ বাপেক পুতেক দুয়ো গাধৰ পিঠিত উঠি ল'লে। তাকে দেখি এইবাৰ আন এজন বাটৰুৱাই ক'লে, "কেনে নিৰ্দয় মানুহ চোৱা। নিৰ্বোধ গাধটোক এনেকৈ কষ্ট দিব নাপায় দেই!" কিংকৰ্তব্যবিমূঢ় হৈ এইবাৰ বাপেক পুতেক দুয়ো বাঁহ এডালত গাধটোক বান্ধি লৈ কান্ধত ওলোমাই আগবঢ়াত লাগিল। এনেকৈ যাওতে সাকোঁ এডাল পাৰ হ'বৰ পৰত গাধটোৱে ভয় খাই ঠেং এটা জোকাৰ মাৰি দিয়াত পুতেকে হাতটো এৰি দিয়ক, আৰু গাধটো গৈ পৰকগৈ পানীত। এই গোটেই ঘটনাটো পিছে পিছে আহি থকা বুঢ়া মানুহ এজনে দেখি আছিল। তেওঁ ক'লে- "আপুনি সকলোকে সুখী কৰিবলৈ গ'লে শেষত কাকোৱেই সুখী কৰিব নোৱাৰিবগৈ"।
এমেচাৰ শিল্পী ভূপেন খখৰে জীৱিকা নিৰ্বাহ কৰিছিল বেংকৰ কৰ্মচাৰী হিচাপে আৰু মাজে মাজে বৰোডাৰ আৰ্ট স্কুলৰ শিল্পী সকলৰ লগত যোগাযোগ ৰাখি নিজাববীয়াকৈ শিল্পৰ সাধনা কৰিছিল। তেওঁৰ কামত শিল্প-নৈপুন্য বা কুশলতা নাই- এই অভিযোগটোৰ তেওঁ কেইবাবাৰো সন্মুখীন হবলগীয়া হৈছে। কিন্তু তেওঁৰ হোজা বা অপটু হাতৰ যি কাম সেয়েই সময়ত এটা নতুন শিল্পভাষা হিচাপে পৰিগণিত হ'ল। প্ৰসিদ্ধ শিল্প ইতিহাসবিদ গীতা কাপুৰেও এসময়ত ফঁহিয়াই দেখুৱাইছে যে ভূপেন খখৰৰ হাতৰ যি কৌশল-ৰহিত সৰলতা, সেই সৰলতা আচলতে ভূপেনে নিজে ইচ্ছাকৃতভাৱে আঁকোৱালি লোৱা এটা সিদ্ধান্ত। লগতে আৰু এটা গুৰুতৰ বিযয় হ'ল যৌনতা আৰু সমকামিতাৰ দিশটো । আধা বয়স পাৰ হৈ যোৱালৈকে ভূপেন খখৰ যে সমকামী আছিল সেই কথাটোক ৰাজহুৱাকৈ ব্যক্ত কৰিব পৰাকৈ তেওঁ সামৰ্থ্য গোটাব পৰা নাছিল। সেয়েহে এই আলোচিত ছবিখনত দেখা পোৱা এই বিৰাট আকাৰৰ নগ্ন পুৰুষ চৰিত্ৰটো যে ভুপেন খখৰ মানুহজন নিজে আৰু এই ছবিখন যে ভূপেন খখৰ মানুহজন নিজৰ নিভৃত অন্তৰমহলৰ পৰা বাহিৰৰ পৃথিৱীখনলৈ ওলাই অহাৰো এটা সুস্পষ্ট ইংগিত সেই কথাখিনি গুৰুত্বপূৰ্ণ।  
সি যি কি নহওক এই বাপেক পুতেক আৰু গাধৰ কাহিনীটো আগলৈ আমি বহুবাৰ উল্লেখ কৰিব লাগিব। কাৰণ জনতা, জনগণ, ৰাইজ এই কথাখিনি আমি অত্যন্ত ৰোমাণ্টিক ৰূপত ব্যৱহাৰ কৰি থাকোঁ। এটা ৰাজনৈতিক দলে নিৰ্বাচনী জয়ৰ পিছতে ঘোষণা কৰে যে ৰাইজে বিচাৰিছে বাবেই আমি জয়ী হৈছোঁ। লগে লগে আমাৰ মনত এই প্ৰশ্নটোৱেই উদয় হয় যে ৰাইজে বিচাৰিছে হয়, কিন্তু কোন শ্ৰেণীৰ ৰাইজে? শিল্পী হেনো ৰাইজৰ ওচৰত দায়বদ্ধ হৈ থাকিব লাগে। হয় বাৰু। কিন্তু কোন শ্ৰেণীৰ ৰাইজৰ কথা কোৱা হৈছে সেই সন্দৰ্ভত আমি স্পষ্ট হৈ আছোনে? ৰাইজৰ কথামতে অথবা ৰাইজে বিচৰামতে যদি সঁচাকৈয়ে আমি চলিবলগীয়া হয় তেনেহলে’সেই বাপেক-পুতেক আৰু গাধৰ কাহিনীটোৰ নিচিনা নহ'বগৈনে বাৰু?

সমুদ্র কাজল শইকীয়া
email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: