অংগ নৰ্থ ইষ্ট-ৰ ৰাজহুৱা স্থানৰ শিল্প |
[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ২২ এপ্ৰিল ২০১৮]
শিল্পী এজনে শিল্পকৰ্ম এটা কৰি ৰাইজৰ মাজলৈ উলিয়াই দিবৰ বেলিকা জনতা সম্পৰ্কে
নতুনকৈ ভাবিবলৈ বাধ্য হয় । কাম এটা কৰিবৰ পৰত অথবা কৰি উঠি যেতিয়া ভবা হয় এই কামটোনো
কাৰ বাবে, তেতিয়াহে অনুভৱ কৰা যায় যে ‘ৰাইজ’ বা ‘জনতা’ বা ‘জনসাধাৰণ’ যিয়েই বোলা নহওক
কিয়, তাৰ স্থিৰ আৰু পূৰ্ব-নিৰ্ধাৰিত একক সংজ্ঞা এটা আচলতেই নাই। বৰঞ্চ সেই শিল্পীৰ
কৰ্মৰ অৱস্থান সাপেক্ষেহে (এইখিনিতে এই অৱস্থান কথাষাৰ মন কৰিব) সেই দ্ৰষ্টা ৰাইজৰ
অৱস্থান নিৰ্ধাৰিত হয়। প্ৰসংগ এটা বহুকাল ধৰি একেধৰণেৰে চলি থাকিলে এটা সময়ত তাৰ কিছুমান
ৰূপ সৰ্বসন্মতিসাপেক্ষ বা সৰ্বজনগ্ৰাহ্য যেন লগা হৈ উঠে। সেয়েহে চিত্ৰকলা (মানে চিত্ৰপটত
এটা দৃশ্যৰূপ নিৰ্মাণ কৰা), ভাস্কৰ্য (মানে একোটা ত্ৰিমাত্ৰিক অবয়ব নিৰ্মাণ কৰা) আদিৰ
পৰম্পৰাগত অভ্যাসৰ সৈতে জড়িত থকা ব্যক্তিসকলে বৰ দকৈ নাভাবিলে এনেবোৰ সমস্যাৰ পৰা সাময়িকভাবে
গা সাৰি থাকিব পাৰে। (আকৌ কৈছোঁ, সাময়িক ভাবেহে)। মানে প্ৰতিকৃতি এটা কৰি উঠাৰ পিছত
ষ্টুডিঅ'ত বহি শিল্পী এজনে "এই ছবিখন কাৰ বাবে কৰা হৈছে" - এই প্ৰশ্নৰ সন্মুখীন
হ'বও পাৰে, নহ'বও পাৰে। নিভৃত কোণত ব্যক্তিগত পৰ্যায়ত কৰা শিল্পৰ চৰ্চা - যাক ষ্টুডিঅ'
প্ৰেক্টিচ বুলিও জনা যায় - তাৰ ক্ষেত্ৰত ইপ্সিত দৰ্শক বা দ্ৰষ্টাৰ প্ৰশ্নটো এৰাই চলিব
পাৰি। কিন্তু সমস্যাটো গুৰুতৰ হৈ উঠে যিয়ে পাব্লিক আৰ্টৰ চৰ্চা কৰে সেই সকলৰ বাবে।
মন কৰিব, কবিতাও এক প্ৰকাৰৰ ষ্টুডিঅ' প্ৰেক্টিচ। সচৰাচৰ বন্ধ ঘৰত, নিজৰ
মনৰ মাজত, ব্যক্তিগত টোকাবহীত কবিতা এটাৰ খচৰা প্ৰস্তুত হয়। কিন্তু এই কৰ্মও কাক উদ্দেশ্যি
কৰা হৈছে সেই প্ৰশ্নৰে কবিকুল চিৰ উদ্বিগ্ন হৈ ৰয়। সেয়েহে এজন কবি নীলমণিয়ে "এজন
কবিয়ে কৈছিল/ যিসকলে কবিতা নপঢ়ে/ কবিতা তেওঁলোকৰ কাৰণেই..." বুলি কবিতাক মুকলি
কৰি দিবলৈ বিচাৰিছিল। আন এজন কবি হীৰুদাই কবিতা এটা লিখাৰ আগমুহূৰ্তলৈকেহে নিজৰ হৈ থাকে বুলি নিৰ্মাণৰ
স্বত্বটোৰ পৰাই হাত সাৰিবলৈ বিচাৰিছিল।
এনেয়েও শিল্পৰ কোনো সংজ্ঞা নাই, ধৰা বন্ধা নিয়ম নাই। পাব্লিক আৰ্ট বুলিলেতো
এই কথা আৰু বেছি ব্যাপক। নীতি নিয়ম নাই বুলি ধৰিলেও ছবি, ভাস্কৰ্য বা ছপাশিল্প আদিৰ
মাধ্যমগত ভাবে কিছু সীমাবদ্ধতা থাকে আৰু সেই সূত্ৰেই কিছু সাধাৰণ চৰিত্ৰগত বৈশিষ্ট্যও
নিৰ্ধাৰণ কৰিব পৰা হৈ উঠেগৈ। কিন্তু পাব্লিক আৰ্ট সেইবোৰৰ পৰাও মুক্ত। ইয়াৰ ৰূপ কি
হ'ব বা কি হ'ব লাগিব তাৰ কোনো নিশ্চয়তা নাই। মাথোঁ এটাই ইয়াৰ চৰিত্ৰগত বা কেন্দ্ৰীয়
কণচাৰ্ণ যে ই পাব্লিকৰ বাবে, অথবা পাব্লিকৰ দ্ৱাৰা, নহ'লেবা পাব্লিকৰ মাজৰ কিবা এটা।
পাব্লিক কথাটোৱেইহে ইয়াৰ এটা এৰাব নোৱাৰা প্ৰসংগ। ইয়াত আপুনি ছবি আঁকিবই লাগিব বুলি
কোনো কথা নাই। মূৰ্তি নগঢ়িবও পাৰে। আনকি প্ৰতীতি শিল্প, ইণ্টাৰেক্টিভ, সহযোগী আৰু ভাব-আদান-প্ৰদানৰ
উত্থানৰ পৰৱৰ্তী কালত শিল্প বুলিলেই কোনো ধৰণৰ দৃশ্যৰূপ একোটাৰ সৃষ্টি কৰিব লাগিব বুলিও
কোনো কথা নাই। দৈহিকতা (Physicality) বা বস্তুগুণ (Materiality) সম্পূৰ্ণৰূপে পৰিহাৰ
কৰিও আপুনি পাব্লিক আৰ্ট কৰিব পাৰে। এটা কাৰ্টেজীয়ান অপসাৰণ পদ্ধতিৰে এটা এটাকৈ শিল্পৰ
বৈশিষ্ট্য নৎস্যাৎ কৰি কৰি গৈ থাকিলে সকলো বাদ দিয়াৰ পিছত যিটো একান্তই এৰাব নোৱাৰাকৈ
ৰয়গৈ সেইটো হ'লগৈ- পাব্লিক। গতিকে এনে ক্ষেত্ৰত আপুনি পাব্লিক সম্পৰ্কে নভবাকৈ কেনেকৈ
থাকিব? যদি আপোনাৰ শিল্প পাব্লিকৰ বাবে, কোন শ্ৰেণীৰ পাব্লিকৰ কথা আপুনি বুজাব খুজিছে?
যদিহে সেয়া পাব্লিকৰ দ্ৱাৰা কৃত বুলি ক'ব খুজিছে, তেনেহ'লে কোনখিনি পাব্লিকৰ কথা কোৱা
হৈছে? যদিহে ই পাব্লিকৰ মাজত অৱস্থিত, তেনেহ'লে কোন পাব্লিকৰ বাবে ই উপলব্ধ আৰু কাৰ
বাবে নহয়? পাব্লিক বুলোতে পাব্লিকৰ সংজ্ঞা কি? আৰু অলপ বিশেষ ভাবে সুধিব খুজিলে সুধিব
পাৰি পাব্লিকৰ বহুতো সংজ্ঞাৰ মাজত কোনটো সংজ্ঞা আপুনি তুলি লৈছে? চকুৰ সন্মুখত দেখি
থকা সংখ্যাগতভাবে অনেক মানুহৰ সমষ্টিয়েই পাব্লিক নহ'বও পাৰে। কাৰণ পাব্লিক কেতিয়াবা
চকুৰ সন্মুখত দেখা পোৱা এটা শাৰীৰিক সমষ্টি, কিন্তু একে সময়তে ই এটা ধাৰণা। সকলো সময়তে
এই বস্তুগত, বা শৰীৰী উপস্থিতি আৰু সেই ধাৰণাটো একে নহবও পাৰে। আমাৰ অভিজ্ঞতাই কয় যে
প্ৰকৃতপক্ষে সেয়া বেছিভাগ সময়তে একে নহৈ বেলেগ বেলেগ হোৱাটোহে স্ৱাভাৱিক।
পাব্লিক আৰ্ট কাক বোলে সেই সম্পৰ্কে আমি অন্য ঠাইত লিখিছোঁ, ইয়াত বহলাবলৈ
নাযাওঁ। ২০১০-ৰ পৰা ২০১২ চনৰ সময়খিনিত পাব্লিক আৰ্টৰ গতিবিধি সম্পৰ্কে অধ্যয়ণ কৰিবলৈ
গৈ পাব্লিক মানেনো কি এই কথাটোক লৈ বিভিন্ন দৃষ্টিকোণেৰে চিন্তা কৰিবলৈ বাধ্য হৈছিলোঁ।
বিশেষকৈ পাব্লিক আৰু প্ৰাইভেট, ৰাজহুৱা আৰু ব্যক্তিগত - এই বৈপৰিত্যকলৈয়ো ভাবিবলৈ বাধ্য
হৈছিলোঁ। সেই সূত্ৰেই এলানি ধেমেলীয়া ব্যংগচিত্ৰও কৰিছিলোঁ। ধৰক ক-ই ৰাস্তাৰ কাষৰ বেৰ
এখনত পেচাব কৰি আছে, খ-ই আহি সেইটো বেয়া কাম বুলি বাধা দিলে। ক-ই খঙেৰে উত্তৰ দিলে-
"এইখন তোৰ বাপেৰৰ বেৰ নেকি? এইখন পাব্লিক বেৰ, মই যি খুছি তাকেই কৰিম"। তুলুঙা
ৰগৰ হ'লেও মন কৰিবলগীয়া কথাটো হ'ল এটা স্তৰত পাব্লিক বা ৰাজহুৱা সম্পদ সম্পৰ্কে মানুহৰ
ধাৰণা কেনেকুৱা। এইটো স্তৰত ৰাজহুৱা কথাষাৰে ব্যক্তিমনকো উন্মুক্ত স্বাধীনতাৰ আভাস
দিছে। ইয়াৰ অৰ্থ হ'ল, ৰাজহুৱা সম্পদ এটাৰ ক্ষেত্ৰত ব্যক্তিৰ অধিকাৰ বোধ থাকিব পাৰে
যিটো হয়তো অন্য ব্যক্তি-বিশেষৰ ব্যক্তিগত সম্পদৰ ক্ষেত্ৰত নাথাকিলে হেতেন। কিন্তু এনেকৈয়ে
উদাহৰণ সাপেক্ষে স্তৰে স্তৰে পাব্লিক, ৰাজহুৱা আদিৰ ধাৰণাবোৰ সলনি হৈ গৈ থাকিব। যেনেকৈ
কৌতুকটোৱে ৰাজহুৱা বেৰৰ কথাটোৰে ব্যক্তি-স্বাধীনতাৰ কথা বুজাইছিল, ৰাজহুৱা প্ৰেক্ষাগৃহ
বা সভাঘৰ এটা বুজাওতে কিন্তু সেই একেধৰণৰ স্বাধীনতাৰ কথা নুবুজাব। আকৌ, ৰাজহুৱা কথাষাৰ
কেতিয়াবা ব্যক্তিগত কথাষাৰৰ বিপৰীতে যেনেকৈ ব্যৱহাৰ হৈ থাকে, তেনেকৈয়ে কেতিয়াবা আকৌ
চৰকাৰী কথাষাৰৰ বিপৰীতেও ব্যৱহাৰ হয়। ৰাজ্যিক চৰকাৰী পৰিবহণ (বাচ) আৰু ৰাইজৰ পৰিবহণৰ
ধাৰণাটোতে এই কথা স্পষ্ট। আনহাতে অন্যত্ৰ আকৌ যি চৰকাৰী সিয়েই ৰাজহুৱা, ৰাইজৰ, জনতাৰ,
সাৰ্বজনীন। কৰ্পোৰেট চেক্টৰৰ বিপৰীত অৰ্থত চৰকাৰী আৰু ৰাজহুৱা একাকাৰ হৈ পৰে। গতিকে
দেখা গ'ল যে 'পাব্লিক'ৰ স্থিৰ সংজ্ঞা একোটা আচলতেই থাকিব নোৱাৰে।
তুলনামূলকভাৱে পাব্লিক আৰ্ট এটা নতুন চৰ্চা। ভালেখিনি নতুন প্ৰজন্মৰ শিল্পীয়ে
স্থান-বিশেষ শিল্প আৰু পাব্লিক আৰ্টৰ প্ৰতি আজিকালি আগ্ৰহী হৈ উঠিছে। এনে ক্ষেত্ৰত
অলপ নতুন ধৰণৰ চৰ্চাৰ সৈতে যুক্ত হ'বলৈ পাই পাব্লিক কথাষাৰকো বহুতেই কল্পনাপ্ৰসূত ৰূপ
এটাত ব্যৱহাৰ কৰিবলৈ লয়। আপুনি এজন শিল্পী আৰু পাব্লিক স্থান এটাত আপুনি শিল্পনিৰ্মাণত
ব্যস্ত। আপুনি বিচাৰিছে নিৰ্মাণ প্ৰক্ৰিয়াটোৱেই ইয়াত মূখ্য আৰু সেই সময়ত ৰাইজে আহি
আপোনাৰ সৈতে সম্পৰ্ক স্থাপন কৰকহি। এতিয়া আপুনি কৰ্মৰত অৱস্থাত তিনিজন মানুহে আহি আপুনিনো
কি কৰিছে বুলি চাই, কথা পাতি এইবোৰ ফাল্টু কাম বুলৈ আপোনাক তুচ্ছ-তাচ্ছিল্য কৰি থৈ
গ'ল আৰু দুজন মানুহে ভূয়সী প্ৰশংসা কৰিলেহি। বাকী পাঁচপন্নজন মানুহ কাষেদি পাৰ হৈ গ'ল
যি এবাৰৰ বাবে আপোনালৈ ঘূৰিও নাচালে। এতিয়া আপোনাৰ পাব্লিকৰ সংজ্ঞাক সিদ্ধ কৰিব কোনটো
শ্ৰেণীয়ে? তাচ্ছিল্য কৰি যোৱা তিনিজনে, প্ৰশংসা কৰা দুজনে, নে নিৰ্বিকাৰ পাঁচপন্নজনে?
এতিয়া আন এটা প্ৰশ্ন। এই বাটেদি পূৱা ন বজাত চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ কৰ্মীসকল
কামলৈ যায় আৰু তেওঁলোকক উদ্দেশ্যি আপুনি কামটো হাতত লৈছিল। হয়, সেই সকলেই আপোনাৰ ইপ্সিত
পাব্লিক। কিন্তু সেই বাটেদিয়েই সেই সময়তেই এজন চাফাই কৰ্মীয়ে ঝাৰু দি পাৰ হৈ গৈছিল,
সৰু ল'ৰা এটায়ো হাফ পেডেল মাৰি মাৰি সেইখিনিতে চাইকেল চলোৱা শিকি আছিল যি আপোনাৰ কামটো
এখন্তেক ৰ লাগি চাইছিল। এই ঝাৰুৱালাজন আৰু সেই সৰু ল'ৰাটো আপোনাৰ পাব্লিকৰ অন্তৰ্ভূক্ত
হয় নে নহয়? এনেকুৱা আৰু অজস্ৰ প্ৰশ্ন তুলিব পৰা যাব। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল
যে এনেধৰণৰ প্ৰশ্নৰ বুজন সংখ্যকেই যুক্ত হৈ আছে পাব্লিক মানে কি সেই সংজ্ঞাটোৰ সৈতে।
সামাজিক চিন্তনত, শিল্প-সংস্কৃতি আৰু সাহিত্যত জনতাৰ উল্লেখৰ এক সুকীয়া
মৰ্যাদা আছে। জনগণ, জনতা, জনসাধাৰণৰ কথা কোৱা অথবা তাক সম্বোধন কৰা মানেই সেই কাৰ্যক
সমীহৰ চকুৰে চোৱা যায়। আমাৰ শিল্প সমালোচনাৰ ধাৰাটো আধাকেচেলুৱা। ইয়াত সামাজিক দায়বদ্ধতা
শিল্পৰ মান নিৰূপণৰ এক মাপকাঠি। সেয়েহে জনতাক উদ্দেশ্যি কিবা এটা কোৱা অথবা জনতাৰ কণ্ঠস্বৰ
প্ৰতিধ্বনিত হোৱা- এই দুটা কথাৰ বিশেষ গুৰুত্ব ইয়াত আছে। কিন্তু শিল্প সম্পৰ্কীয় প্ৰায়
সমস্ত আলোচনাতেই জনতা আৰু জনগণৰ উল্লেখটো কৰিয়েই আলোচকে দায় সামৰে। যদি জনগণৰ কণ্ঠস্বৰৰ
কথা কোৱা হৈছে সেই জনগণৰ সংজ্ঞা কি, আৰু কেনেকৈ সি প্ৰতিভাত হৈছে সেইবোৰ ফঁহিয়াই আলচিবৰ
সদিচ্ছা বৰকৈ দেখা নাযায়। কিন্তু শিল্পীয়ে সেয়া ভাবিবই লাগিব, অন্যথা উপায় নাই।
হয়, এই মুহূৰ্তত এইখিনি কথা মই পাব্লিকৰ বাবে লিখি আছোঁ, আৰু আপোনাৰ বাবে
লিখি আছোঁ, আপুনি- যি এইখিনি পঢ়ি আছে। এই মুহূৰ্তত আপুনিয়ে মোৰ পাব্লিক।
সমুদ্র
কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile:
+91 9811375594
No comments:
Post a Comment