ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Wednesday, September 7, 2011

Death_a poem for Irom Sharmila in Assamese


মৃত্যু
(ইৰম শর্মিলাৰ প্রতি)

সমুদ্র কাজল শইকীয়া

মৃত্যু, তই তেনেই নিশকতীয়া হ'লি এথোন
তোৰ কোলাত আশ্রয় লব'লৈকে টান।
অথবা অতিকে কঠিণ তোৰ আকোৰগোজালি,
পৃথিৱীৰ আটাইতকৈ ধুনীয়া ছোৱালীজনীকে সাবটি ল'ব নোৱাৰিলি।
মৃত্যু, হে'ৰ অনন্তৰ অপৰাজেয় বীৰ
ভাৰতীয় সেনাবাহিনীৰ সন্মুখত তই তেনেই লজ্জিত আৰু নতশিৰ; 
তোৰ নিজৰ বচন ফাকি আওৰাব নোৱাৰ আজি ভাৰত ৰাষ্ট্রযন্ত্রৰ ভয়ত।
মৃত্যু, যদিহে তোৰ ভাও নির্ভৰ কৰে মানুহৰ চকুপানীৰ ওপৰত,
এইবাৰ তোৰ অভিনয় হ'ব বৃথা, আমি আৰু নাকান্দোঁ তিলমাত্র।
আজি তই মনুষ্যত্বৰ ইতিহাসৰ পৃষ্ঠাৰ এটা ক্ষুদ্র দাগ মাত্র।

মৃত্যু, নাকেৰে উজাই পেটলৈকে নিয়া এডাল কৃত্রিম খাদ্যনলীতে তই আবদ্ধ।
আজি সময়ো সেয়ে স্তব্ধ।
ইউনিফর্ম পৰিহিত মানুহবোৰহে আজি মাথোঁ সশ্চল,
আচলতে যাৰ আত্মাৰ মৃত্যুৰো হৈ গৈছে বহুকাল।


শান্তিৰ সুবাস_ ইৰম শর্মিলাৰ কবিতা Irom Sharmila's Fragrance of Peace

শান্তিৰ সুবাস 
ইৰম শর্মিলাৰ কবিতা



জীৱনৰ সমাপ্তিত
মোৰ এই নিষ্প্রাণ দেহাটো
লৈ যাবা দেই
কুব্রু পিতাৰ মাটিত থাপি দিবাগৈ।

কুঠাৰেৰে কাটি কোৰেৰে খান্দি সকলো প্রকাৰে
নিঃশেষিত কৰা মোক
মোৰ মৃতদেহ জ্বলন্ত শিখাৰ মাজৰ ছাই হৈ ৰওক
আত্মা পূর্ণ হৈ ৰ'ব মোৰ প্রতিবাদী অন্তর্সত্বাৰে

নিশ্চয় শুকাই নিঃশেষিত হব বর্হিসত্বা মোৰ,
মাটিৰ তলতে পচি যাওক মোৰ শৰীৰ
ভবিষ্যৎ প্রজন্মৰ প্রয়োজনত কোনো উপাদেয় হৈ উঠক
মোৰ এই শৰীৰ ভাবীকালৰ খনিজাত ধাতু হৈ উঠক।

মোৰ জন্মস্থান কাংলেইৰ মাটিৰ পৰা
অনাগত যুগ যুগান্তৰলৈ
শান্তিৰ সুবাস মই বিয়পাই দিম
বিশ্বজুৰি ই বিয়পি পৰিব এদিন।