ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Wednesday, September 7, 2011

শান্তিৰ সুবাস_ ইৰম শর্মিলাৰ কবিতা Irom Sharmila's Fragrance of Peace

শান্তিৰ সুবাস 
ইৰম শর্মিলাৰ কবিতা



জীৱনৰ সমাপ্তিত
মোৰ এই নিষ্প্রাণ দেহাটো
লৈ যাবা দেই
কুব্রু পিতাৰ মাটিত থাপি দিবাগৈ।

কুঠাৰেৰে কাটি কোৰেৰে খান্দি সকলো প্রকাৰে
নিঃশেষিত কৰা মোক
মোৰ মৃতদেহ জ্বলন্ত শিখাৰ মাজৰ ছাই হৈ ৰওক
আত্মা পূর্ণ হৈ ৰ'ব মোৰ প্রতিবাদী অন্তর্সত্বাৰে

নিশ্চয় শুকাই নিঃশেষিত হব বর্হিসত্বা মোৰ,
মাটিৰ তলতে পচি যাওক মোৰ শৰীৰ
ভবিষ্যৎ প্রজন্মৰ প্রয়োজনত কোনো উপাদেয় হৈ উঠক
মোৰ এই শৰীৰ ভাবীকালৰ খনিজাত ধাতু হৈ উঠক।

মোৰ জন্মস্থান কাংলেইৰ মাটিৰ পৰা
অনাগত যুগ যুগান্তৰলৈ
শান্তিৰ সুবাস মই বিয়পাই দিম
বিশ্বজুৰি ই বিয়পি পৰিব এদিন। 



No comments: