ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Thursday, January 18, 2024

আক্ষৰিক আৰু প্ৰসংগ সংগতি : ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ আৰু আমাৰ অভিজ্ঞতা

 

[বি বৰুৱা কলেজৰ অসমীয়া বিভাগৰ পত্ৰিকা 'আলোক', ২০২৩-ত প্ৰকাশিত, ISSN 2250-124X, সম্পাদক- গীতাশ্ৰী তামুলী।]

 

Images are not only visual. They're also auditory, they involve sensuous impressions, bundles of information that come to us through our senses, and mainly through seeing and hearing: the audio-visual field. 

W. J. T. Mitchell 


বিভিন্ন সৃষ্টিশীল মাধ্যমৰ আন্তঃসম্পৰ্ক আমাৰ এটা আগ্ৰহৰ বিষয়। শিল্প অনুধাৱন কিম্বা ৰসাস্বাদনৰ কিছুমান মৌলিক প্ৰশ্ন সকলোতে একে। অথবা এনেকৈ ক’ব পাৰি, এটা মাধ্যম বা চৰ্চা-ধাৰাৰ পৰা আহৰিত কিছু বিচাৰ-পদ্ধতিয়ে আন এটা মাধ্যমৰ কৰ্মকো পৰ্যবেক্ষণ কৰিবলৈ আমাক সহায় কৰিব পাৰে। 

আক্ষৰিক মানে কি এইখিনিৰ পৰাই আৰম্ভ কৰা যাওক। আভিধানিক অৰ্থেৰে কোনো শব্দ, বাক্য বা পাঠৰ স্পষ্ট, সহজবোধ্য, পোনপটীয়া অৰ্থ৷ অন্তৰ্নিহিত বা প্ৰাসংগিক অৰ্থ কিম্বা উপমা ৰূপক আদিৰ ব্যতিৰেকে যি যিভাবে আছে সেয়াই। অনুবাদ, অভিযোজনা আৰু প্ৰতিৰূপায়ন (representation) সম্পৰ্কীয় কথাবতৰাত ইয়াক সদৰ্থক আৰু নঞৰ্থক দুইভাবে প্ৰয়োগ কৰি থাকোঁহক। সদৰ্থক এনেকৈ হ’ব যদি কোনোবাই কথাষাৰত জোৰ দিবলৈ বিচাৰিছে- অমুক কথাষাৰৰ মানেটো আক্ষৰিক অৰ্থতেই তমুকটো। ইয়াত বুজিব লাগিব অমুক মানে তমুকেই হয়, আন একো নহয়, আৰু সেইটোকেই ন দি ক’বলৈ বিচৰা হৈছে। আৰু নঞৰ্থক প্ৰয়োগ কেতিয়া হ’ব? যেতিয়া কথাৰ সুৰটো এনে হ’ব- অমুকক আমি আক্ষৰিক অৰ্থতহে তমুক বুলি বুজোঁ। কিন্তু তাৰ আচল মানেটো (আচলতে মানেখিনি) অন্য ক’ৰবাতহে। মানে, কিবা এটা বস্তু মানে বুজিবলৈ আক্ষৰিক মানেখিনিয়েই যথেষ্ঠ নহয়। তেনেহ’লে মানেখিনি ক’ত লুকাই থাকে? 

আমি শিল্প ইতিহাসৰ ছাত্ৰ। শিল্প ইতিহাস হৈছে ঐতিহাসিক আৰু শৈলীগত প্ৰেক্ষাপটত নান্দনিক বস্তু আৰু দৃশ্যগত প্ৰকাশৰ অধ্যয়ন। সেয়েহে বস্তুৰ মানে বা অৰ্থ নিৰূপণ আমাৰ এটা নিয়মিত অভ্যাস: meaning making practice। সেই সূত্ৰে গম পাওঁ ‘আক্ষৰিক’ কথাষাৰৰ নঞৰ্থক প্ৰয়োগেই বেছি। এটা লিখিত বা সাহিত্য-পাঠক এটা দৃশ্যগত পাঠলৈ ৰূপান্তৰ কৰিবৰ বেলিকা এই আক্ষৰিক কথাষাৰ সঘনাই উচ্চাৰিত হয়। কবিতা এটাক ছবিৰে বুজাব পাৰিনে? উপন্যাস এখনক চিনেমাৰ ৰূপ দিব পাৰিনে? পাৰি। এনে দৃষ্টান্ত আমাৰ মাজত তেনেই তাকৰ নহয়। এটা মাধ্যমৰ পৰা অন্য এটা মাধ্যমলৈ ৰূপান্তৰ নিৰন্তৰ ঘটি আহিছে। আনকি একেটা মাধ্যমতে একোটা কামৰ পুনৰ-ৰূপায়ন বা প্ৰতিৰূপায়নো হৈ আহিছে। সেয়েহে, এজন চিত্ৰশিল্পীয়ে যদি সাহিত্য বা আন মাধ্যমৰ শিল্পৰ আধাৰত যদি কাম এটা কৰিবলৈ লয় সেই ক্ষেত্ৰত সেই কামটো কিমান ‘আক্ষৰিক’ এই প্ৰশ্নটো আহি পৰে। অতি বেছি আক্ষৰিক দৃশ্যায়নক ব্যাখ্যাচিত্ৰ বা ইলাষ্ট্ৰেটিভ বুলি বুজাই থকা হয়। এতিয়া এখন পেইণ্টিঙৰ কল্পনা কৰক। বহুক্ষেত্ৰত ইলাষ্ট্ৰেটিভ আৰু আক্ষৰিক সমাৰ্থক। ধৰাহওক এটা কবিতাত ৰোমাণ্টিক পুৰুষ কবিয়ে জোন, তৰা, ফুল আৰু প্ৰেমিকা-নাৰীৰ কথা কৈছে, তাৰ দৃশ্যগত ৰূপটোত যদি আমি সেই জোন, তৰা, ফুল আৰু নাৰীকেই উপস্থাপন কৰা দেখিবলৈ পাওঁ তেন্তে তাক আক্ষৰিক উপস্থাপন বুলি ক’ব পাৰোঁ। এনে হ’লেই এই পেইণ্টিং খনক ইলাষ্ট্ৰেটিভ বোলা হয়। কোনোবাই যদি কথাই কথাই কয় “that painting is more of an illustration” তাৰমানে বুজিব লাগিব সেয়া পেইণ্টিংখনৰ প্ৰশংসা নহয়, বৰঞ্চ এটা কটাক্ষ যে- পেইণ্টিংখন নিজে এখন ছবি হৈ উঠাৰ সলনি এটা ব্যাখ্যাচিত্ৰহে হৈ ৰ’ল। তাৰমানে ব্যাখ্যাসূচক হোৱাটো বেয়া নেকি? 

[এইখিনিতে কৈ থওঁ, অতি বেছি আক্ষৰিক ৰূপান্তৰ সম্ভবেই নহয়। “কিছুমান উপমা বা ৰূপকৰ বাস্তৱিকতা আমি কেতিয়াও পৰীক্ষা কৰিবলৈ নাযাওঁ কাৰণ আমি জানো আৰু মানিয়ে লওঁ যে এয়া কেৱল শৈল্পিক নিৰ্মাণৰে অংগ। “জোন যেন মুখনি” এটা উপমা আৰু “চান্দমুখ” এটা ৰূপক। কিন্তু সঁচাকৈ জোনৰ দৰে মুখ এখন কল্পনা কৰকচোন। পূৰ্ণিমাৰ জোনৰ দৰে সম্পূৰ্ণ গোল মুখৰ কোনোবা থাকিলে তাক হাম্পটী-ডাম্পটী যেনহে দেখাব, নহ’লেবা কাঁচিজোনৰ লেখীয়া হ’লে তাকে দেখি কবি নিজেই ভয়তে দূৰলৈ পলাব। ইয়াক কোনোবাই চিত্ৰকল্প বুলি কৈ থাকিলেও ই আচলতে চিত্ৰকল্প নহয় : চিত্ৰীয় (pictorial) বা দৃশ্যগত (visual) সাযুজ্য ইয়াত নাই, ই এটা ধাৰণা-কল্পহে] 

কিছুদিন আগতে নীলমণি ফুকনৰ দুটা কবিতাক গীত হিচাপে পৰিৱেশন কৰা হৈছিল। দুয়োটা গীতৰে ভিডিঅ’ ৰূপ আমি দিবলৈ চেষ্টা কৰিছিলোঁ। এই মুহূৰ্তত জয় বৰুৱাৰ দ্বাৰা সুৰাৰোপিত আৰু পৰিৱেশিত ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ গীতটোৰ প্ৰসংগতে আমাৰ আলোচনাখিনিৰ পাতনি মেলিছোঁ। পোনতেই কৈ লওঁ এই গানটোৰ প্ৰতি আমাৰ আগ্ৰহৰ কাৰণখিনি কি। অতি সাম্প্ৰতিক অসমীয়া গানক লৈ আমাৰ বহু ওজৰ-আপত্তি থাকিলেও ইতিহাসত অসমীয়া গীতিসাহিত্যৰ ধাৰাটো বেচ টনকীয়াল। মই অৱশ্যে ‘গীতিসাহিত্য’ অভিধাটো পৰিহাৰ কৰি কেৱল গীত বুলিবলৈহে ভাল পাওঁ। নিৰ্মলপ্ৰভা বৰদলৈ, নৱকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য আদি ভালেমান কবিৰ গীতৰ সৈতে থকা সম্পৰ্ক সৰ্বজনবিদিত। কিন্তু ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ গীতিসাহিত্য বা গীত নহয়। কবিতা হিচাপে লিখা এটা পাঠ, যাক পৰৱৰ্তি সময়ত গীতলৈ ৰূপান্তৰ কৰা হৈছে মাত্ৰ। এনে উদাহৰণো তাকৰীয়া নহয়। কবিতা হিচাপে লিখা নৱকান্তৰ ‘এটা প্ৰেমৰ পদ্য’ক চৈয়দ চাদুল্লাৰ সুৰেৰে আৰু ৰাজেন গোহাঁইৰ কণ্ঠেৰে গীত হিচাপে শুনিবলৈ পাওঁ। হীৰুদাৰ ৰচিত গীত ভালেখিনি আছে যদিও তেওঁ লিখা বহুখিনি কবিতাকো গীতৰ ৰূপেৰে সজাইছে কেইবাজনেও। ‘সুগন্ধি পখিলা’ৰ বহু কবিতাৰ গীতৰ ৰূপ দিছে জোনটি দাসে৷ নীলমণি ফুকনে কেতিয়াও গীত লিখা নাই। কবিতাক গীতৰ ৰূপ দিয়াটো এটা কষ্টকৰ কাম। তাতে নীলমণি ফুকনৰ কবিতাৰ ক্ষেত্ৰত ই এটা ডাঙৰ প্ৰত্যাহ্বান হৈ উঠে প্ৰতিকী ঘনত্ব আৰু ভাবৰ জটিলতা কিম্বা বিমূৰ্ততাৰ বাবে। তাৰ পিছতো কেইজনমান ব্যক্তিয়ে ফুকনৰ কবিতাকো সুৰাৰোপ কৰি পৰিৱেশন কৰাৰ সাহস দেখুৱাইছে। তৰালী শৰ্মাৰ কণ্ঠেৰে ‘তুমি আছা জোনাকি’ অনেকেই শুনিছে।

অসমীয়া আধুনিক গীতৰ এটা ঘাই সমস্যা এয়ে যে ই চৰিত্ৰগত দিশেৰে মেল’ডী-প্ৰধান আৰু ৰোমাণ্টিক। ধ্বনিপ্ৰধান দিশটো ইয়াত তেনেই উপেক্ষিত। দ্বিতীয়তে বিষয়বস্তুৰ দিশেৰেও প্ৰেম, বিৰহ আৰু প্ৰকৃতিৰ বাহিৰে আন কোনো বিষয়ে অসমীয়া আধুনিক গীতত ভূমুকি নামাৰেহি। সকলোবোৰ কেৱল কিছুমান সংগতিৰহিত শব্দসমষ্টি, কাৰো কোনো বিষয়ী অৱস্থান (Subject position) নাই। কাৰো যেন আৰু একো ক’বলগীয়া নাই। কেনেবাকৈ যদি ৰাজনৈতিক বা সামাজিক কোনোবাটো প্ৰসংগ আহিও পৰে, মেল’ডী-প্ৰধান বা সুৰীয়া স্বভাৱটোৱে কথাৰ ধাৰ অথবা চোকটো নমনীয় কৰি তোলে। ৰোমাণ্টিক মেল’ডীত অভ্যস্ত শ্ৰোতা-ৰাইজেইও আন কোনো সম্পৰীক্ষণ গ্ৰহণ কৰা দেখা নাযায়। অথচ আমি জানো যে শিল্পচৰ্চাত Genre, শৈলী বা ধাৰা আৰু তাৰ লগতে পদ্ধতি এটা অতি গুৰুত্বপূৰ্ণ প্ৰসংগ। অসমীয়া আধুনিক গানৰ ছাতিটোৰ তলত কোনো Genre-ভিত্তিক পৰিক্ষণৰ অৱকাশ নাই। গান আৰু কবিতা দুয়োটাৰে প্ৰতি জনমানসত ধাৰণা তেনেই স্থূল। এনে ক্ষেত্ৰত কবিতাক গান কৰিবলৈ লৈয়ো সকলো সময়তেই মেল’ডীৰ প্ৰতি আসক্তিটোৱে আগুৰি ধৰেই। এনে পৰিপ্ৰেক্ষিতত এদিন যেতিয়া জয় বৰুৱাই গোৱা গানটো শুনিলোঁ তৎক্ষণাত এইখিনি চিন্তায়েই মূৰত খেলাই গ’ল। এয়া দেখোন সম্পূৰ্ণ পৃথক। জয় বৰুৱাই ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ কবিতাটোক গানলৈ ৰূপান্তৰ কৰোঁতে সহায় ল’লে হাৰ্ড-ৰকৰ ওচৰ চপা এটা ধাৰা। গায়কীও সম্পূৰ্ণ পৃথক- গায়ন আৰু আবৃত্তিৰ মাজৰ এটা অৱস্থান। লগেলগেই মনলৈ আহিল- এই গানটোৰ প্ৰতি আমাৰো এটা প্ৰতিক্ৰিয়া জনোৱাটো জৰুৰী। সেয়েহে সম্পূৰ্ণ নিজা উদ্যোগতে তাৰ দৃশ্যায়নৰ পৰিকল্পনা আৰম্ভ কৰিলোঁ। কবিতাটো এনে- 


টোপনিতো তেওঁ মোক খেদি ফুৰিছিল

তেওঁ বাৰু এতিয়া ক’ত আছে

 

আছেনে বাৰু তেওঁৰ মুখত

সেই উভলি পৰা এজোপা গছ

 

ওঁঠ দুখনত আছেনে বৈ

পানী ৰঙা হোৱা দুখন নৈ

 

আছেনে বাৰু তেওঁৰ দুচকুত

সেই দুটা ক’লা ঘোঁৰা

 

আজিও মোৰ নিতৌ নিশা

কলিজা গচকি ৰয় 

টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ কবিতাটো নীলমণি ফুকনৰ আটাইতকৈ জটিল কবিতাবোৰৰ মাজৰ এটা। তেনেই সহজ ভাষাৰ হৈয়ো ই জটিল ইয়াৰ প্ৰতিকী ঘনত্বৰ বাবে। এতিয়া এই কবিতাটো গান কৰা হ’ল আৰু সেই গানটোৰ দৃশ্যায়ন কৰিবলৈ লৈ কোনখিনি প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হ’ল সেইখিনিলৈ চাওঁ আহক-

 

১) মানে বা অৰ্থ নিৰ্ধাৰণ।

শিল্পকলাৰ ৰসাস্বাদানৰ (methods of art appreciation) এই মূলগত প্ৰশ্নটোৱেই হ’ল প্ৰথম প্ৰত্যাহ্বান। টোপনিতো তেওঁ মোক খেদি ফুৰিছিল বুলি কওঁতে তেওঁ মানে কোন? পুৰুষ নে মহিলা? অতীতকালৰ বাক্য হ’লেও এই অতীতটো কিমান দূৰৰ অতীত? তেওঁ বাৰু এতিয়া ক’ত আছে- এই প্ৰশ্নটোৱে ইংগিত দিয়ে সেই ‘তেওঁ’জনৰ অভাৱ কবিয়ে অনুভৱ কৰিছে। সেই দিশেৰে ইয়াত এটা ৰোমাণ্টিক আবেগ নিহিত আছে। কিন্তু তেতিয়া কি হ’ব যদি ধৰি লওঁ যে ই কেৱল ৰোমাণ্টিক কবিতা এটা নহয়, বৰঞ্চ এটা ৰাজনৈতিক চেতনাৰ কবিতাহে? আছেনে বাৰু তেওঁৰ মুখত সেই উভলি পৰা এজোপা গছ মানে কি? পানী ৰঙা হোৱা দুখন নৈ কিহৰ প্ৰতীক? তেওঁৰ দুচকুত সেই দুটা ক’লা ঘোঁৰাই কিহৰ ইংগিত দিয়ে? এইখিনি প্ৰতীক বা চিত্ৰকল্পৰ উৎস কি? ক’ৰ পৰা আহি কোন দিশেৰে এইখিনি শব্দ এই কবিতাটোত সোমাইছেহি? 

নীলমণি ফুকনৰ কবিতা সম্পৰ্কে অসম বিশ্ববিদ্যালয়ৰ ডিফু পৰিসৰৰ অসমীয়া বিভাগত এটা দীঘলীয়া বক্তৃতা আগবঢ়াইছিলোঁ। তাৰ মূল তাৰ্কিক ভিত্তিটো আছিল যে আধা শতিকাৰো আগৰে পৰা চলি অহা, মহেন্দ্ৰ বৰাৰ ‘নতুন কবিতা’ত উল্লিখিত জনতাৰ কবি আৰু নিৰ্জনতাৰ কবি বিভাজনটোৰেই আজিও কবিকূলক চাই থকাৰ প্ৰৱণতাটো এৰিবৰ হ’ল। নীলমণি ফুকনৰ কাব্যচৰ্চাৰ বিৱৰ্তনলৈ মন কৰিলেই বুজিব পাৰি যে নিৰ্জনতাৰ কবি বুলিয়েই বহুলাঞ্চে আখ্যায়িত হৈ থাকিলেও আচলতে নীলমণি ফুকনৰ কবিতাবোৰ, বিশেষকৈ সত্তৰৰ পিছৰ কবিতাবোৰ, নিৰ্জনতাৰ পৰা জনতাৰ কোলাহললৈ একপ্ৰকাৰৰ প্ৰতিক্ৰিয়া। নিৰ্জনতাৰ পৰা ওলাবলৈ বাট বিচৰাৰ একধৰণৰ ওকমুকনি। উদাহৰণ স্বৰূপে এইখিনি পঢ়ক-

“মই নিজকে যেতিয়া এটা নীৰন্ধ্ৰ ধাতুৰ বাকচত

বন্ধ কৰি থওঁ

নেলীত পুতি থোৱা ল’ৰা-ছোৱালীবোৰে

যেতিয়া চিয়ঁৰি উঠে

মৃত দেউতাই মনে-মনে আহি যেতিয়া মোক সোধেহি

ননী – এই লাওখোলাটো কাৰ” 

[অলপ আগতে আমি কি কথা পাতি আছিলোঁ, কবিতা- ৪]

এইখিনি কথা এজন নিৰ্জনতাৰ কবিৰ কথা কেনেকৈ হ’ব পাৰে? নেলীত পুতি থোৱা ল’ৰাছোৱালীবোৰৰ চিঁয়ৰে কোনোবা নিৰ্জনতাত ধ্যানস্থ একক ব্যক্তিৰ ইংগিত নিদিয়ে। নিৰ্জনতা আৰু ঋষি- এই দুয়োটা সংযোগকে এই দৃষ্টান্তই নাকচ কৰে। অলপ মন দি চালেই বুজিব পাৰি যে কেৱল ব্যক্তিগত প্ৰেমৰ কবিতাএ সংখ্যা তেনেই তাকৰ, বৰঞ্চ দেশ, সমাজ আৰু জীৱন জগতৰ দাৰ্শনিক প্ৰশ্নখিনিয়ে ব্যতিব্যস্ত কৰি ৰখাৰ মুহূৰ্তৰ খতিয়নহে দেখোন নীলমণি ফুকনৰ কবিতাত অধিক।  দ্ৰষ্টাসত্বা আৰু বিষয়ী অৱস্থানেৰে, কবিতাৰ বিচাৰেৰে এই পৰ্যবেক্ষনে মোক ভাবিবলৈ অনুমতি দিলে যে ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ কিজানিবা এটা ৰাজনৈতিক ওকমুকনিৰ কবিতা।

সমাজ বাস্তৱতাৰ প্ৰসংগেৰে নীলমণি ফুকনৰ কথা পাতি আছোঁ যদিও তেওঁ প্ৰগতিশীল শিবিৰৰ সৈতে প্ৰত্যক্ষভাবে জড়িত ব্যক্তি নাছিল। কিন্তু ছাত্ৰাৱস্থাত তৃতীয় বৰ্ষলৈকে তেওঁ প্ৰগতিশীল দলীয় কাৰ্যকলাপত জড়িত হৈছিল। সমালোচক অৰিন্দম বৰকটকীৰ সৈতে এক কথোপকথনত তেওঁ স্বীকাৰ কৰে- “কিন্তু মই যে আৰম্ভণীতে ছাত্ৰ ফেডাৰেশ্বনত আছিলোঁ সেই কথাটোক আজিও মই সম্পদ বুলি গণ্য কৰোঁ। মাজতে সেই প্ৰভাৱ স্তিমিত হৈছিল কিন্তু পৰৱৰ্তী সময়ত পুনৰ আহি পৰিল”। বৰকটকীয়ে নীলমণি ফুকনৰ সৈতে কথোপকথনত যেতিয়া আগবাঢ়ে তেতিয়া ফুকনৰ প্ৰথমখন কবিতাপুথি প্ৰকাশ হোৱাৰ পঞ্চাশ বছৰ সম্পূৰ্ণ হৈছে। “কিন্তু আপোনাৰ কবিতাৰ চিত্ৰকল্প সমাজ বাস্তৱৰপৰা আঁতৰৰ নহয়” বোলা কথাষাৰৰ সঁহাৰিত ফুকনে স্পষ্টভাবে স্বীকাৰ কৰে- “নহয়। সকলো বাস্তৱ নিৰ্ভৰ”। ফুকনৰ কবিতাৰ অংশ “কলঙেদি উটি আহে মুণ্ডহীন/ এজনী ছোৱালী” আন্দোলনৰ ভৰপক সময়ৰ এটা সঁচা ঘটনাৰ সাক্ষ্য, গোলাঘাটৰ ধনশিৰি নদীৰ বাঢ়নী পানীয়েদি উটি অহা এটা শ-ৰ কথা। “কাৰণ বিয়াল্লিশ ঘণ্টা মোৰ মৃতদেহটো গুৱাহাটীৰ পদপথত পৰি আছিল” তেনেদৰেই আন এটা সঁচা ঘটনাৰেই দলিল, মহাবীৰ পাৰ্কৰ ওচৰৰ পদপথৰ কথা। ‘নৃত্যৰতা পৃথিৱী’ সংকলনত আন্দোলনৰ সময়ৰ কথা, নেলীৰ ঘটনাৰ উল্লেখৰ কথা যেনেকৈ কবিয়ে নিজেই উল্লেখ কৰিছে, ‘অলপ আগতে আমি কি কথা পাতি আছিলোঁ’-ত আলফাৰ সময়ৰ কথাখিনি সোমাই পৰিছেহি সেই কথাও কৈছে। কবিয়ে নিজেই কোৱা কথাৰ একাংশ- “বাস্তৱৰ লগত সম্পৰ্ক যে মোৰ আগৰ কবিতাত নাছিল তেনে নহয়, সেয়া ভবেনে (ভবেন বৰুৱা) দেখুৱাই থৈছে কেনেকৈ ই তলিত পৰি থাকে। কিন্তু ১৯৭৮ চনমানৰপৰা কিছুমান ওপৰৰ বস্তু আহিল, কথাবোৰ স্পষ্ট হৈ পৰিল”।

ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰবোৰক সামূহিকতাৰ সৈতে প্ৰত্যক্ষভাবে জড়িত হৈ কাম কৰিব নোৱৰাৰ গ্লানিখিনিয়ে কবিক পীড়া দি আহিছিল। এনেকৈ কেনেবাকৈ ভাবিব পাৰি নেকি, যে কবিয়ে উল্লেখ কৰা ‘তেওঁ’ আচলতে কোনো ব্যক্তি বিশেষ নহয়েই, বৰঞ্চ মানুহ আৰু সমাজৰ প্ৰতি এক চেতনা, যি চেতনাই টোপনিতো অহৰহ খেদি ফুৰিছে? 


২) চাবজেক্ট বা বিষয় তথা বিষয়ী অৱস্থান।

এইটো দ্বিতীয় ঘাই প্ৰত্যাহ্বান। দুখৰ কথা যে “ইয়াত কবিয়ে ক’বলৈ বিচাৰিছে যে”- এনে বাক্যৰেই আজিও অসমীয়া কবিতাৰ শ্ৰেণীকোঠাত পাঠদান কৰি থকা হয়। পাঠক, দ্ৰষ্টা, উপভোক্তা, গ্ৰাহক, শ্ৰোতা, দৰ্শক- এই পক্ষটো যে অত্যন্ত জৰুৰী এটা প্ৰসংগ সেয়া পাহৰি থকা যায়। এতিয়া এই কবিতাটোৰ বিষয়/বিষয়ী কোন? কবি নীলমণি ফুকন এজন বিষয়। পাঠক হিচাপে মই এজন বিষয়। এই মুহূৰ্তত আমি কেৱল কবি আৰু কবিতা লৈ কথা পাতি থকা নাই। কবিতাটোক এটা গান কৰা হ’ল, আৰু সেই গানটোহে আমাৰ উপলক্ষ্য যদি হয় তেন্তে এই মুহূৰ্তত জয় বৰুৱা আন এজন গুৰুত্বপূৰ্ণ বিষয়। জয় বৰুৱাই গানটো কৰিছিল ৰাউল কৌশিক ফাউণ্ডেছনৰ উদ্যোগত মনগীত নামৰ এটা অনুষ্ঠানত, সেই অনুষ্ঠানটোও এটা বিষয়। গানটোৰ লগতে কণ্ঠত সহযোগ কৰিছিল শংকুৰাজ নামৰ এজন গায়কে আৰু বাদ্যযন্ত্ৰ গীটাৰক এক অনন্য মাত্ৰাত সংযোগ কৰিছিল মনস্কাম মহন্তই। সেইসকলো একো একোটা বিষয়। তাৰ পিছত আহিল অগণিত ব্যক্তিবিশেষ যিয়ে গানটো দেখিছে শুনিছে- সেই সকলোবোৰেই মনৰ মাজত একোটা নিজাববীয়া ৰূপ বা ফৰ্ম গঢ়ি লৈছে। সেই সকলোবোৰেই একো একোজন বিষয়। এতিয়া কাম এটা কৰিবলৈ হাতত লৈ কোনজন বিষয়ক প্ৰাধান্য দিয়া উচিত- এইটো এটা জটিল প্ৰশ্ন। 


৩) ফৰ্ম আৰু কণ্টেণ্ট।

এইটো তৃতীয় প্ৰত্যাহ্বান। এইটো যাউতিযুগীয়া এটা তাৰ্কিক সমস্যা। কোনটো প্ৰধান, ফৰ্ম নে কণ্টেণ্ট। ৰূপবাদী এটা ধাৰাই ৰূপ বা গঠনৰ দিশটোক অধিক গুৰুত্ব দিয়ে আৰু সমাজবাদী এটা ধাৰাই কৈ থাকে যে কণ্টেণ্ট বা বিষয়বস্তুখিনিহে আচল। কিন্তু কথাবোৰ এইখিনিতেই শেষ হৈ নাযায়। বহুসময়ত দেখা যায় যে ফৰ্মটোৰ মাজতেই কণ্টেণ্টটো সোমাই থাকে। কেতিয়াবা যদি কি কথা কোৱা হৈছে সেইটো গুৰুত্বপূৰ্ণ, আন কেতিয়াবা আকৌ কথা একোষাৰ কেনেকৈ কোৱা হৈছে সেই কথন পদ্ধতি বেছি গুৰুত্বপূৰ্ণ হৈ উঠে। অলপ ডিডাক্টিভ বা বিয়োগাত্মক দৃষ্টিৰে বিচাৰ কৰি চালে ওলাই পৰে যে কেৱল ফৰ্মৰ কথা কৈ থাকিলে কোনো শিল্পবস্তুৰ সাৰমৰ্ম নৰয়গৈ, সি হৈ পৰে কেৱল সাময়িক ষ্টাইল, ৰূপ বা প্ৰদৰ্শনমূলক চমক মাত্ৰ। এই একেটা বিয়োগাত্মক পদ্ধতি কণ্টেণ্টক প্ৰাধান্য দিয়া শ্ৰেণীটোৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব পাৰি। কণ্টেণ্টক যদি ৰূপৰ পৰা নিলগাই চোৱা যায়, তেন্তে কি ক’ব খোজা হৈছে, এইখিনি কথাৰ সাৰাংশ উলিয়াই কেৱল কথাৰেই সকলো কৈ পেলাব পাৰি দেখোন। তেন্তে আমাক কবিতা, গান, নাটক, চিনেমা- এইবোৰ কিহলৈ লাগে? আৰু মানুহে কি ক’ব খোজে? সৰ্ৱে ভৱন্তু সুখিন- বুলি মানুহে মানুহৰ বাবে ক’বখোজা সকলো কথা দেখোন সেই তাহানিৰ উপনিষদৰ দিনতেই কোৱা হৈ গৈছে। তেতিয়াহ’লে এতিয়া আমাৰ আৰু নতুন একো কথা ক’বলগা নৰ’লগৈ নেকি? সাহিত্যত (তথা শিল্পত) যিমান যি ক’ব পাৰি সকলোবোৰ কোৱা হৈ গৈছে বুলি এশতিকাৰ আগতেই হৰ্হে লুই বৰ্হেছে যেনেকৈ কৈছিল, আমাৰ বাণীকান্তইয়ো তেনেকৈয়ে কৈ গৈছে। তেনেহ’লে আজি কোৱা কথা এষাৰ্ক – তেখেতে এষাৰ নতুন কথা ক’লে- এনেকৈ আমি কিয় কওঁ? সম্ভৱ, এয়া ফৰ্ম আৰু কণ্টেণ্টৰ পাৰস্পৰিক সম্পৰ্ক আৰু বুজা-পৰাৰ বাবেই সম্ভৱ।


ওপৰত উল্লিখিত তিনিটা দিশ, তিনিটা প্ৰশ্ন, তিনিটা প্ৰত্যাহ্বান যিকোনো কলাকৃতিৰ অনুধাৱন, ৰূপান্তৰ কিম্বা পুনৰনিৰ্মানৰ বাবেই কেন্দ্ৰীয় প্ৰসংগ। ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ কবিতাটোক গান কৰাৰ পিছত, সেই গানটোক এখন এনিমেচনৰ জৰিয়তে কৰা দৃশ্যমান-চিনেমালৈ ৰূপান্তৰ কৰোঁতে এইখিনি প্ৰশ্নই স্বাভাৱিকতে জুমুৰি দি ধৰিছিল। এনিমচন নিজেই এটা বিশাল বিষয়। এতিয়া কোনটো পদ্ধতি ব্যৱহাৰ কৰিলে কবিতাটোৰ প্ৰতি, গানটোৰ প্ৰতি (আৰু লগতে ইয়াৰ অগণিত পাঠক তথা শ্ৰোতাৰ প্ৰতি) সুবিচাৰ কৰা হ’ব? ৰঙৰ চয়ন কেনেকৈ কৰা যাব? এইখিনি বাৰু যিকোনো কামৰ সময়তেই বিচাৰ্য বিষয়। কিন্তু এই বিশেষ কামটোৰত কোনটো কথাই বিশেষভাবে ভাবিবলৈ বাধ্য কৰাইছিল? আৰম্ভণীতে আলোচনা কৰি অহা কথাখিনিয়ে একোবাৰ আমাক থমকি ৰ’বলৈ বাধ্য কৰাইছিল। কবিতাটোৱে আৰু গানটোৱে দৃশ্য-ৰূপান্তৰত, মাধ্যমগত সম্প্ৰসাৰণত, কি বিচাৰে- তাত লিখিত ভাষ্যখিনিৰ হুবহু অৰ্থাৎ আক্ষৰিক বৰ্ণনা নে তাৰ উৰ্দ্ধত অন্য এক ইণ্টাৰপ্ৰিটেচন বা ব্যাখ্যা? এজন ব্যাখ্যাকাৰক হিচাপে মোৰ স্বাধীনতা কিমানখিনি থাকিব? অতি বেছি যৌক্তিক চিন্তায়ো কেতিয়াবা অসুবিধা দিয়ে। কিছুমান ৰূপ বা ধাৰণাৰ সৃষ্টি হয় অৱলীলাক্ৰমে। বিজ্ঞান, পৰিসংখ্যা বা গণিতৰ দৰে শিল্পৰ বিচাৰ-পদ্ধতি নহয়। অৱলীলাক্ৰমে অহা বা অৱচেতনাৰ প্ৰসংগ নীলমণিয়েই নতুন কবিসকলক নতুনকৈ আৰু আটাইতকৈ ভালকৈ শিকাই থৈ গৈছে।



এনেধৰণৰ অনুবাদ, ৰূপান্তৰ, মাধ্যমান্তৰ কাম অতি বেছি হুবহু হোৱাটো সচৰাচৰ কাম্য নহয়। কৈয়েই আহিছোঁ যে ইলাষ্ট্ৰেটিভ বা আক্ষৰিক- এইখিনি কথাক বৰকৈ সদৰ্থক ৰূপত ব্যৱহাৰ কৰা নাযায়। কিন্তু ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ কবিতাটোৰ চৰিত্ৰটোৱেই সোমাই আছে ইয়াত ব্যৱহৃত প্ৰতিকী চিত্ৰকল্পসমূহত। উভলি পৰা গছ, ক’লা ঘোঁৰা, ৰঙা হোৱা নদী- এই ইমেজাৰীখিনি আঁতৰাই দিলে কবিতাটোত হাঁড়-ছাল কিম্বা আত্মা একো নাথাকিবগৈ। তেন্তে কি কৰা যায়? উভলি পৰা গছ বুলোঁতে উভলি পৰা গছ আঁকিবই লাগিব? ক’লা ঘোঁৰা বুলোঁতে ক’লা ঘোঁৰাই আঁকিব লাগিব? ৰঙা নদী? নদীখন ৰঙাই হ’ব লাগিব? গত্যান্তৰ নাই?

কিছুমান অভিধা বা ব্যাখ্যাই এনেকৈ পাঠক-আলোচকৰ মাজত সমাদৰ পায় যে সেইবোৰ কথাই একোজন লেখকক বা পাঠক বিচাৰ কৰাৰ (মান)দণ্ডস্বৰূপ হৈ ৰয়। নীলমণি ফুকনৰ ক্ষেত্ৰত নিৰ্জনতা শব্দটোৰ প্ৰয়োগৰ কথা কৈ আহিছোঁ। তেনেকৈয়ে এসময়ত প্ৰতীকৰ প্ৰয়োগৰ কথা কৈয়েই সকলোখিনি সামৰি থোৱা হৈছিল, আৰু আজিও তেখেতৰ কবিতাত নিহিত দৃশ্যমান-দৃশ্যগত দিশটোৰ কথাকে কৈ থকা হয়। এয়া নিশ্চয় ভুল নহয়, কিন্তু আমাৰ বিচাৰেৰে চিত্ৰকল্প, দৃশ্যগত দিশ আদিৰ কথা যিমানেই ঘাই বুলি কৈ থকা নহওক কিয়, আচলতে নীলমণি ফুকনৰ কবিতাৰ গূঢ়তৰ কথাটো হল ইয়াৰ নিৰ্মাণৰ আৰু পঠনৰ অভিজ্ঞতা। সদৌ শেষত সংহতি কিম্বা অৰ্থ কিম্বা বক্তব্য সকলোকে চেৰ পেলাই যিটো গুৰুত্বপূৰ্ণ হৈ ৰয় সি হল অভিজ্ঞতা। অৰ্থ বা মানেৰ সন্ধান কৰোঁতে কৰোঁতে আমি কৰিবলৈ লোৱা কাম এটাৰ নিৰ্মান স্তৰত বা দৰ্শনৰ পৰ্যায়ত অভিজ্ঞতাৰ দিশটো আওকান কৰাটো নিশ্চয় উচিত নহ’ব।  

এনিমেচন ভিডিঅ’টি ইউটিউবত উপলব্ধ। ভিডিঅ’ নিৰ্মানত উক্ত সমস্যাখিনিক কেনেকৈ কিমানখিনিলৈকে মীমাংসা কৰিব পাৰিলোঁ, পাৰিলোঁ নে নোৱাৰিলোঁ, সেইখিনি কথা আজি নকওঁ। এইটো আলোচনাৰ উদ্দেশ্য নিজৰ কামৰ মূল্যায়ন বা খতিয়ন নহয়। কেৱল, এটা সৃষ্টিশীল কামৰ পুনৰসৃষ্টি, ফৰ্মৰ ৰূপান্তৰন, মাধ্যমগত বিচ্ছ্যুতি আদিৰ সময়ত কেনেধৰণৰ প্ৰশ্ন সন্মুখলৈ আহি পৰিব পাৰে সেইখিনিকহে অলপ জুকিয়াই চাবলৈ চেষ্টা কৰিলোঁ। সৰুৱেই হওক ডাঙৰেই হওক, (সফল বা বিফল), যিকোনো কামৰ অভ্যাসৰ বেলিকা এনেকৈ প্ৰশ্নবোৰে যে আগুৰি ধৰেহি- এই প্ৰশ্নবোৰতেই শিল্পৰ চৰ্চাৰ গুৰুত্বখিনি সোমাই থাকে। অন্যথা যিকোনো শিল্পবস্তু- কেৱল বস্তু।

 




টোকা

টোপনিতো -The CHASED’

ৰাউল কৌশিক নাথ ন্যাসৰ উদ্যোগত আয়োজিত মনকবিতা নামক সাংস্কৃতিক প্ৰকল্পৰ অন্তৰ্গত এটা প্ৰয়াস। জ্ঞানপীঠ প্ৰাপক বৰেণ্য কবি নীলমণি ফুকনৰ এটি কবিতাক গীতৰ ৰূপত সজাই তুলিছে জয় বৰুৱাই। ভিডিঅ' পৰিকল্পনা কাণখোৱাৰ।

জয় বৰুৱা- কণ্ঠ, সংৰচনা, সংগীত প্ৰযোজনা, শংকুৰাজ কোঁ‌ৱৰ- অতিথি কণ্ঠ আৰু পিয়ানো, মনস্কাম মহন্ত- গীটাৰ, ইবচন লাল বৰুৱা- মিশ্ৰণ আৰু মাষ্টাৰ, অনুবাদ- প্ৰিয়ংকু শৰ্মা

[youtube link: https://youtu.be/RkbRfyvPIYA, আৰু https://youtu.be/YDcOVANKGAY]

 

পাদটীকা

১) সমুদ্ৰ কাজল শইকীয়া, পেখু পেখু (বাষষ্ঠি): POETIC LICENSE : বিশ্বাস আৰু সংশয় ["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ৫ জুলাই, ২০২০]

২) ৰাউল কৌশিক নাথ ফাউন্ডেচনৰ উদ্যোগত নীলমণি ফুকন দেৱৰ দুটা কবিতাৰ গীতৰ আকাৰে সজোৱা হয়। ‘ইয়াৰ পৰাই পানী’ৰ সুৰাৰোপ কৰে শংকুৰাজ কোঁৱৰে আৰু কণ্ঠদান কৰে শংকুৰাজৰ সৈতে মৈত্ৰেয়ী পাটৰে

[youtube link: https://youtu.be/Rmy881Hrnic]

৩) ‘অসমাপিকাত নিৰুদ্দিষ্ট বিষয়: সমসাময়িক অসমীয়া গীত আৰু বিষয়-সংকট’, সাহিত্য অকাডেমিৰ উদ্যোগত, অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ, মাজুলী মহাবিদ্যালয়ৰ সহযোগত, ৩০ এপ্ৰিল, ২০২২ তৰিখে আয়োজিত আলোচনা-চক্ৰত সমসাময়িক অসমীয়া গীত আৰু সাহিত্যৰ বিশদ আলোচনা আগবঢ়াইছিলোঁ।

৪) ‘দ্ৰষ্টাসত্বাৰ পৰিপ্ৰেক্ষিত নিৰ্মাণ আৰু কবি নীলমণি’ শীৰ্ষক আলোচনাটি ৯ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে অসম বিশ্ববিদ্যালয়, ডিফু চৌহদৰ অসমীয়া বিভাগত আগবঢ়োৱা হৈছিল। ‘নিৰ্জনতা, জনতা আৰু কবি নীলমণি’ নামেৰে পিছলৈ লিখি উলিয়ইছিলোঁ।

৫) প্ৰসংগ- মহেন্দ্ৰ বৰা, অৱতৰণিকা, নতুন কবিতা, ১৯৫৬, পৃষ্ঠা ১১।

৬) ‘তেখেত নিৰ্জনতাৰ কবি বুলি জনাজাত। এক গভীৰ বিষাদ তেওঁৰ কবিতাত ৰিণি-ৰিণিকৈ বাজি থাকে”- বিজনলাল চৌধুৰী, ‘অসমীয়া কবিতাত মানুহ’, নতুন সাহিত্য চিন্তা, নতুন সাহিত্য পৰিষদ, ১৯৮৬, পৃষ্ঠা- ৭৬।

৭) অৰিন্দম বৰকটকী, ‘কবি নীলমণি ফুকন’, অনুবন্ধ, পৃষ্ঠা- ১৬৭-৬৮।

 

সমুদ্ৰ কাজল শইকীয়া