বিদ্যায়তনিক চৰ্চাত সাহিত্য বিভাগীয়
কিছু সমস্যাৰ কথা পাতিম, সেয়ে স্বাভাৱিকতে কিছু লোক ক্ষুন্ন হোৱাৰ সম্ভাৱনা থাকিব।
কিন্তু কথাবোৰ আমি পাতিবই লাগিব। যিকোনো বিষয়তে বিষদ অধ্যয়নৰ অন্তৰ্মূললৈ যাবলৈ হ’লে
বিভাগীয়, শাখাগত, শৃংখলাভিত্তিক চৰ্চাসমূহৰ একাণপটীয়া চৰ্চা যেনেকৈ জৰুৰী তেনেকৈয়ে
এটা নিৰ্দিষ্ট সময়ত বিভাগীয় চৰ্চাৰ পদ্ধতিসমূহৰ সীমাবদ্ধতাও বুজি উঠাটো জৰুৰী। সেয়েহে
শেহতীয়াকৈ, আচলতে শেহতীয়াকৈ বুলিব পৰা আৰু হৈ থকা নাই, বিগত শতিকাৰ দ্বিতীয়াৰ্ধত ঘাইকৈ
পোষ্ট-ষ্ট্ৰাকচাৰেলিজমৰ ধাৰণাসমূহৰ উত্থানৰ পিছৰ পৰা, অধ্যয়নৰ শাখাসমূহে শিপা বহলাই
আন্তঃশাখা অধ্যয়নৰ ফালে ক্ৰমাগতভাবে ধাৱমান হ’ল। ইয়াৰ ফলত মানৱিকী হওক বা বিজ্ঞানশাখাসমূহেই
হওক, বহুখিনি উপকৃত হৈছে। এটা শাখাৰ বিশেষীকৃত অধ্যয়নৰ পদ্ধতিবিধি আন এটা শাখাই আহৰণ
কৰি তাক প্ৰয়োগ কৰি লাভৱান হৈছে। কিন্তু এনে উদাহৰণো চকুত পৰে যে এই আন্তঃশাখাৰ ধাৰণাতো
কেৱল এটা ধাৰণামাত্ৰ হৈ ৰৈছে। বিদ্যায়তনিক চৰ্চাৰ পদ্ধতিবিধিৰ ধূতি-নীতিত গৱেষক-ছাত্ৰ
এনেকৈ আৱদ্ধ হৈ পৰে যে আহৰণ কৰা বিদ্যাৰ গণ্ডীৰ পৰা তেওঁলোক আৰু ওলাব নোৱাৰে। কিছুমান
বিদ্যা অভ্যাসত পৰিণত হয়, আৰু অভ্যাস সোমায়হি স্বভাৱত, আৰু সেই গুণেই ‘কুকুৰে নেৰে
ছাই’ হৈ ৰয়গৈ কথাবোৰ। ইয়াৰ সমান্তৰালকৈ আছে আৰু জটিলতৰ প্ৰসংগ, সেয়া হ’ল আনুষ্ঠানিক
হায়াৰ্কি— ক্ষমতাৰ বিন্যাস, মদগৰ্বীতাৰ স্তৰীভূত সামাজিক গাঁথনি। নিজৰ ডিচিপ্লিন বা বিভাগৰ মৰ্যাদা আৰু কৰ্তৃত্ব আনটোৰ ওপৰত
ন্যস্ত কৰাৰ এক প্ৰভূত্ববাদী পৰম্পৰা সকলোতে বিৰাজমান। কলা বা মানৱিকী শাখাৰ ওপৰত বিজ্ঞানশাখাৰ
প্ৰভূত্ব তেনে এক উদাহৰণ। নতুনকৈ স্থাপন হোৱা প্ৰায়োগিক বিদ্যাসমূহ, সৃষ্টিশীল ব্যৱহাৰিক
বিভাগসমূহৰ প্ৰতি আগৰে পৰা প্ৰতিস্থিত বিভাগসমূহে উন্নাষিকতাৰে চাই আহিছে। এনে হোৱাৰ
ফলত আন্তঃবিভাগীয় পদক্ষেপসমূহ বহু সময়ত কেৱল এটা প্ৰস্তাৱিত ধাৰণাহে হৈ ৰয়গৈ। এই সকলোবোৰ
চালি জাৰি চাই আমাৰ এয়ে বক্তব্য যে আমাৰ প্ৰচলিত সাহিত্য অধ্যয়ন, সাহিত্য সমালোচনা,
সাহিত্যৰ পাঠদান– এই সমগ্ৰ প্ৰক্ৰিয়াখিনিৰ মূলগত স্তৰলৈ গৈ তাৰ আমূল পৰিৱৰ্তন অচিৰেই
সাধন কৰাটো বাঞ্চনীয়। অসমত ‘সাহিত্য’ সদায়েই উচ্চসীন অৱস্থানত অধিস্থিত আৰু নিম্ন-উচ্চ
সমস্ত স্তৰৰ শিক্ষাৰ অধিকাৰীয়েই ইয়াক বেচ সমীহেৰে চায়। এয়া সকলোতেই হয় যদিও অসমত বুলি
বিশেষ উল্লেখ কৰাৰ এটা কাৰণ আছে, আৰু সেয়া হ’ল অসমীয়া আধুনিকতাবাদৰ প্ৰপঞ্চটোকেই গঢ়
দিছিল আলোচনীকেন্দ্ৰিক এটা যুগবিভাজনে। কিন্তু সেই অচিলৰে ‘সাহিত্য’ৰ উন্নাষিকতা বৰ্তি
থকাটো বৰ সুখদ কথা নিশ্চয় নহয়।
এইখিনি আলোচনা কৰি থকাৰ সময়খিনিত,
দুৰ্ভাগ্যজনক আকস্মিক মৃত্যুৰ মুহূৰ্তৰে পৰা গায়ক, সুৰকাৰ, গীতিকাৰ জুবিন গাৰ্গ সম্পৰ্কে
বিভিন্ন কথাবতৰাৰ পৰিৱেশ এটাৰ মাজত আমি আছোঁ। এই কথা সঁচা যে জীৱিতকালতে অসমত শিল্পী
সাহিত্যিক সকলে যথাযোগ্য গুৰুত্ব তথা মনযোগ লাভ নকৰে আৰু কেৱল আমি মৃত্যুৰ পিছতহে মনত
পেলাওঁ বোলা কথাষাৰ অন্ততঃ জুবিন গাৰ্গৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। ১৯৯২ চনত বাণিজ্যিকভাবে
আত্মপ্ৰকাশ কৰা প্ৰথম সময়খিনিৰ পৰাই এইজন শিল্পীব্যক্তি জনপ্ৰিয়তাৰ শীৰ্ষত, আৰু এই
তেওঁ সামাজিক স্তৰত চৰ্চাৰ মধ্যমণি হৈ থকা কথাটো তিনি দশকতকৈও অধিক কাললৈকে বাহাল থাকিল।
অভূতপূৰ্ৱ প্ৰতিভা আৰু অধ্যাৱসায়ৰ লগতে অদম্য কৰ্মস্পৃহাৰে তেওঁ দি গৈছে এক অভিলেখকাৰী
অনন্য দৃষ্টান্ত। আমি অন্যত্ৰ উল্লেখ কৰিছোঁ যে নিজৰ ক্ষেত্ৰভূমিত জুবিন গাৰ্গ এনে
এজন অক্লান্ত কৰ্মী যি কোনোদিনেই কৰ্মবিৰতি বা চেবাটিকেল লীভ নল’লে। কিন্তু যথাসময়ত
শিল্পীয়ে ইপ্সিত মনযোগ লাভ নকৰাৰ অভিযোগটো যে অলপ আগেয়ে খণ্ডন কৰিছিলোঁ, সি কিমান সঁচা?
শিল্পী হিচাপে তেওঁৰ কৃতকৰ্মৰ সঠিক মূল্যায়ন যেন নহ’ল, এই কথা সকলোৱে অনুভৱ কৰিছে আৰু
জীৱিত কালতেই কি কাৰণতনো তেখেতৰ সাহিত্যকৃতিয়েই হওক বা সংগীতকৰ্মখিনিয়েই হওক যথাযোগ্য
মূল্যায়ন লাভ নকৰিলে তাকে লৈ সমস্বৰে আক্ষেপ উঠিবলৈ লৈছে। এই আক্ষেপৰ এটা লক্ষ্য হৈছে
সৃষ্টিশীল আৰু চিন্তাশীল দুয়োখন সমাজৰে উচ্চস্তৰীয় অৱস্থানত থকা ব্যক্তিসকলৰ উন্নাষিকতা।
তেনেই কম বয়সতে অভূতপূৰ্ৱ জনপ্ৰিয়তা যুৱক এজনক গুৰুত্ব সহকাৰে ল’বলৈ আছিল আজিৰ তিনিদিশকৰ
আগৰ সমাজখন নাৰাজ। শংকৰীকাল আৰু আধুনিকতাবাদৰ উত্থানৰ কালৰ বিৰাট বিৰাট মহৎ সাহিত্যৰ
অধ্যয়নৰ পৰা মূৰ তুলিবলৈ সময় নোপোৱা বিদ্বৎ মহলৰ বাবে জুবিন গাৰ্গ আছিল আউট-অফ-চিলেবাছ
বিষয়। এই অভিযোগবোৰ বা আক্ষেপখিনি মিছা নহয়। জীৱনৰ প্ৰায় অৰ্ধশতিকা গৰকা বয়সৰ কবি এজনকেই
আজিও নবীন কবি বুলি আলোচনা কৰা হৈ থাকে। আজিও সমসাময়িক বা নতুন কবিৰ কবিতা বিষয়ক কবিতাৰ
আলোচনা জীৱন নৰহৰ নামোল্লেখতে শেষ হয়, ই এক অপ্ৰিয় সত্য। অভিনেতা এজনেও ‘অমুক এজন ভাল
অভিনেতা’ বুলি সন্মানকণ পাবলৈ হ’লে জীৱনৰ ভাটীবয়সলৈ ৰ’বলগা হয় যেতিয়ালৈ তেওঁৰ শৰীৰে
আৰু লগ নিদিয়া হয়গৈ। সেয়েহে এতিয়া বিয়োগৰ পৰৱৰ্তী কালছোৱাত জুবিন গাৰ্গ চৰ্চা ব্যাপক
হাৰত হ’ব বুলি ভবা হৈছে, যিটো হ’বও, আৰু লগতে আলোচনা-সমালোচনাই নতুন মৰ্যাদাৰে ন-ৰূপ
ল’ব বুলিও ভবা হৈছে— এই দ্বিতীয়টো কথাতহে আমি অলপ সন্দিহান। মূল কেৰোণটি বিদ্যায়তনিক
সীমাবদ্ধতা সম্পৰ্কীয়, বাগধাৰাৰ প্ৰকৰণ সম্পৰ্কীয় আৰু পদ্ধতি-বিধি প্ৰসংগত বৌদ্ধিক
অনীহা সম্পৰ্কীয়। অমুক কামটো কিয় হোৱা নাই, তমুকে কিয় স্বীকৃতি পোৱা নাই এই অভিযোগবোৰ
থাকিবই, কিন্তু খেনোৱে যদি আগ্ৰহ প্ৰকাশ কৰেও, তেওঁৰ সন্মুখত যে যথোচিত পদ্ধতিবিধিৰ
(মেথ’ড’ল’জী) পৰীক্ষিত আৰু নিৰীক্ষিত আৰ্হি নাই আৰু কথা পাতিবত বাবে প্ৰয়োজন হ’ব পৰা
পাৰিভাষিক শব্দভাণ্ডাৰ মজুত নাই সেই কথাটোও স্বীকাৰ কৰি লোৱা ভাল।
তুমুল কথা-বতৰা, স্মৃতিচাৰণ, শ্ৰদ্ধাঞ্জলি
জ্ঞাপন আদিৰ মাজতে এই সময়ত জুবিন গাৰ্গ নামক সত্বাটোৰ সম্পৰ্কে কথা পাতিবলৈ যাওঁতে
এটাই কথা ভাবিছোঁ— যাতে কথাবোৰ চৰ্বিত-চৰ্বন মাত্ৰ নহওক। যেনেকৈ কেৱল এজন গায়ক বা গীতিকাৰ
বা সুৰকাৰেই নাছিল, তেনেকৈ অন্যান্য সামাজিক আৰু ৰাজনৈতিক প্ৰসংগেৰেও জুবিন গাৰ্গৰ
উপস্থিতি বহুধাবিভক্ত। এনে ক্ষেত্ৰত এনে কিবা কথা এষাৰ বিচাৰি আছিলোঁ যাৰ মাজেৰে এই
ব্যক্তিত্বৰ চাৰিত্ৰিক বৈশিষ্ট্যক সাঙুৰি ল’ব পাৰি। বিন্দুতে সিন্ধুৰ দৰে এনে কি কথা
আছে যাৰ দ্বাৰা সেই ব্যক্তিত্বৰ আৰু সেই সুবিশাল কৰ্মভাণ্ডাৰক চিহ্নিত কৰিব পৰা যাব?
এনেকৈ ভাবি যি এষাৰ কথা মনলৈ আহে সেয়া হ’ল— জুবিন এটা পেৰাডাইম শ্বিফট (Paradigm
Shift)। ইয়াত জুবিন এক ব্যক্তিতকৈ অধিক এক পাৰিভাষিক অভিধা।
ঘৰুৱা ৰসাল আলোচনাত আমি প্ৰায়েই কওঁ
যে অসমত কোনোবাই ওপৰলৈ শিলগুটি এটা দলি মাৰি দিলে যাৰ মূৰতে পৰিব সিয়েই এজন শিল্পী।
কথাষাৰ মিছা নহয়। কোনোবা ছোৱালী এজনীয়ে যদি বিহু নাচিব নাজানে তেন্তে সেয়া এটা ‘টাবু’
(taboo)। জ্যোতিসংগীত এফাঁকি বা বিহুনাম এফেৰি জুৰিব পৰাটো যিকোনো এজনৰ বাবেই প্ৰায়
বাধ্যতামূলক। অন্ততঃ স্কুল-কলেজীয়া দিনত কবিতা প্ৰায় সকলোৱেই লিখে। সাংস্কৃতিক চৰ্চাৰ
প্ৰতি ধাউতি আমি অসম আৰু বংগত যিমান ব্যাপক হাৰত দেখিছোঁ অন্যান্য ঠাইত ইমান নাই দেখা।
সৃষ্টিশীল জগতখনত অসমৰ এক বৰ্ণাঢ্য ইতিহাস আছে আৰু জনসমাজত তাৰ প্ৰতি সন্মান আৰু আনুগত্যও
অপৰিসীম। এনে পৰিৱেশত এই কথা সহজেই অনুমেয় যে এই বিস্তৰ কালচাৰেল প্ৰডাকচনৰ মাজত নতুন
কাম, পৰীক্ষা-নিৰীক্ষা আদি ভালেখিনি আছে। বিগত শতিকাৰ শেষৰটো দশকৰ আৰম্ভণিতে জুবিন
গাৰ্গৰ উত্থনো আছিল আমাৰ বাবে নতুন সোৱাদ। পৰীক্ষা নিৰীক্ষাৰে নতুন নতুন সম্ভাৱনাৰ
বাট তেওঁ অহৰহ মুকলি কৰি গৈ আছিল। কিন্তু এইখিনিতেই কথাখিনি ৰৈ নাযায়। ৰৈ নাযায় এইবাবেই
যে জুবিন গাৰ্গে কেৱল কিবা অলপ নতুনত্বৰ আমদানিয়েই কৰা নাছিল, বৰঞ্চ মূলগতভাবে সাংস্কৃতিক
চৰ্চাৰ ভিতৰে বাহিৰে মূলগত স্তৰতেই তেওঁ এক বিস্তৰ পৰিৱৰ্তন সাধন কৰিলে আৰু সেয়াও অনাগত
চিৰকালৰ বাবে। গান এটা শুনি কিবা নতুন এটা বিচাৰি পোৱাতেই কথাটো নাথাকি যিটো ঘটিল সেয়া
হ’ল আধুনিক গান সম্পৰ্কে আমাৰ সামগ্ৰিক ধাৰণাটোৱেই সলনি হৈ থাকিল। জুবিনোত্তৰ কালৰ
আমাৰ সাংস্কৃতিক বীক্ষণ জুবিনপূৰ্ব কালৰ লগত নিমিলে। এই যে মূলগত ভেঁটীটোৰেই আমূল পৰিৱৰ্তন—
সেয়াই পেৰাডাইম শ্বিফট।
পেৰাডাইম শ্বিফট কথাষাৰ আগৰে পৰাই
আছিল যদিও ব্যাপকভাবে প্ৰচলিত হ’বলৈ ল’লে ১৯৬২ চনৰ থমাচ কুন (Thomas Kuhn) নামৰ বিজ্ঞানৰ
দাৰ্শনিক আৰু ইতিহাসবিদজনৰ আলোচনা The Structure of Scientific Revolutions-ৰ
পিছৰ পৰা। আমি সাধাৰণভাবে বিজ্ঞান বুলিলে যি বুজি থাকোঁ সিও এটা পৰ্যায়ৰ পিছত এক প্ৰকাৰৰ
দৰ্শনেই। গণিতশাস্ত্ৰও দৰ্শন। আমাৰ সাধাৰণ জনমানসতহে ধাৰণা এটা বা তত্ব এটা হঠাতে আকাশৰ
পৰা সৰি পৰা বস্তু এটা বুলি ভাবি থকা হয়; এক ক্ষণজন্মা প্ৰতিভাধৰে চমৎকাৰিত্বৰে বাজিমাৎ
কৰি দিব পাৰে বুলি সাব্যস্ত কৰি ভাল পায়। কিন্তু আচলতে বিজ্ঞানেই হওক, দৰ্শনেই হওক
বা শিল্পচৰ্চাই হওক— এই সমস্তৰ এটা ক্ৰমবিৱৰ্তনৰ ইতিহাস থাকে। এটা ধাৰণাৰ আলমত তাৰ
পৰৱৰ্তী ধাৰণাই গঢ় লয়, এটা পূৰ্বাপৰস্থিত ধাৰণাৰ বিৰোধিতাৰে বিদ্ৰোহেৰে নতুন ধাৰণাই
মূৰ দাঙি উঠে। বহুসময়ত এটা ৰৈখিক গতিৰে এইবোৰ অধ্যয়ন কৰিবলৈ আমাৰ সুবিধা হ’লেও এইবোৰ
আচলতে জটিল আৰু অ-সৰলৰৈখিক। ধাৰণাৰ নিৰন্তৰ বিকাশ, সম্প্ৰসাৰণ তথা সংঘাত আৰু বিৱৰ্তনৰ
এই খেলখনত উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ কাম বহুতো থাকিব। মাইলৰ খুঁটি (প্ৰকৃততেই ইতিহাসৰ
যাত্ৰাপথক চিহ্নিত কৰিব পৰাকৈ) বুলিব পৰা কাম দেধাৰ। বৈপ্লৱিক পৰিৱৰ্তনৰ আকাংক্ষা কৰা
ক্ষুৰধাৰ কিছু কাম আছে যাৰ বাবে আৰু এটা শব্দসন্ধি আমি পাওঁ— কাটিং এজ্জ (Cutting
edge)।
কিন্তু পেৰাডাইম শ্বিফট তাকহে কোৱা
হয় যি ভেঁটীটোকেই সলাই পেলাবলৈ সক্ষম হয়। অতীজৰে পৰা মানুহে ভাবি আহিছিল পৃথিৱীখন স্থিৰ
আৰু সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে। এই জিঅ’চেণ্ট্ৰিক ভাৱনাৰ যুক্তিগত কাৰণো আছিল যিহেতু
সমস্ত পাৰ্থিৱ জীৱকূলে জন্মৰ পৰা আমৃত্যু পূৱা সূৰ্যোদয় আৰু সন্ধ্যা সূৰ্যাস্ত দেখি
আহিছে। তাৰপিছতে কপাৰনিকাছে সাব্যস্ত কৰিলে যে বিশ্বজগতৰ কেন্দ্ৰমূলত পৃথিৱীখন নাই,
সূৰ্যই পৃথিৱীক নহয় পৃথিৱীয়েহে সূৰ্যক প্ৰদক্ষিণ কৰে। এই এটা ধাৰণা কেৱল ধাৰণাৰ পৰিৱৰ্তন
নাছিল, কেৱল নতুন নতুন লগা ধাৰণা এটা নাছিল। এই ধাৰণা অভূতপূৰ্ৱ, কিন্তু এয়াই জৰুৰী
কথা নহয় যে ই পূৰ্ৱে অ-ভূত। ই জৰুৰী এইবাবে যে জগত দৰ্শনৰ সামগ্ৰিক ভেঁটীটোকে সলাই
পেলালে এনেকৈ যে ই কেৱল বিজ্ঞানচৰ্চাতে আৱদ্ধ নাথাকিল। বিজ্ঞান চৰ্চাৰ পৰা বিজ্ঞান-মনষ্কতালৈ,
তাৰ পৰা ঈশ্বৰ-বিশ্বাসলৈ আৰু তাৰ পৰা শিল্প-সাহিত্যলৈ— সমস্ত স্তৰলৈ ঘটালে এনে এক পৰিৱৰ্তন
যাৰ পৰা আৰু উভতি যাব নোৱাৰি। আৰু এই ঘটনাটো ঘটিল চিৰকাললৈ। এইটো এটা আমূল পৰিৱৰ্তনৰ
উদাহৰণ।
জুবিন এফেক্ট
জুবিন একেক্ট বুলি জুবিন অনুৰাগীসমূহৰ
কথাকে কৈ থ’বলৈ বিচৰা নাই, অথবা প্ৰতিখন গাঁও আৰু চহৰতে যে অতিকমেও এজন হ’লেও ‘জুনিয়’ৰ
জুবিন’ আছেই আছে— এইখিনিতে সামৰি থ’বলৈও বিচৰা নাই। পেৰাডাইম শ্বিফট হ’বলৈ হ’লে বস্তুটো
বা ধাৰণাটোৰ উৎস বা অৱস্থানতকৈ বেছি জৰুৰী তাৰ সমান্তৰাল আৰু পৰৱৰ্তী কাণ্ডকাৰখানাবোৰ।
উপসৰ্গ, অনুষংগ, ‘পাৰ্শ্বজ্যোতি’— এই সমস্ত সাঙুৰি যি পৰিঘটনাই ৰূপ লয় তাৰ আধাৰতহে
পেৰাডাইম শ্বিফট চিহ্নিত হয়। সেয়েহে জুবিন গাৰ্গৰ গান, জুবিন গাৰ্গৰ গীতিকবিতা আদি
কেন্দ্ৰীভূত বিষয়ৰ আলোচনাৰ সমান্তৰালভাবে জনমানসত জুবিন-সত্বাৰ প্ৰভাৱ আৰু অনুৰণনখিনিও
সাঙোৰ খাই আহিব। সংস্কৃতিপ্ৰেমী অসমীয়া মধ্যবিত্ত পৰিয়ালত মন নাথাকিলেও শিশু বা কিশোৰ
এজনক হাৰমনিয়ামখন লৈ চা-ৰে-গা-মা গাবলৈ বাধ্য কৰা হয়, আৰু কেনেবাকৈ সেই উঠি অহা ব্যক্তি
যদি আগ্ৰহী হৈয়ো উঠে, সন্মুখত মেট্ৰিক পৰীক্ষা আছে বুলি সমস্ত চৰ্চাক কেৱল ‘এক্সট্ৰা
কেৰিকুলাৰ’ অভ্যাস বুলি একাষৰীয়া কৰি থোৱা হয়, এই চিৰাচৰিত ব্যৱস্থাটোৰ প্ৰতিও জুবিন
প্ৰপঞ্চই আনিলে এক প্ৰত্যাহ্বান। গান, সংগীত, শিল্প নিজেই এক কেৰিকুলাম, ‘এক্সট্ৰা’
কেৰিকুলাম নহয়, এই কথাৰ সাব্যস্ত কৰাতো আছে জুবিন গাৰ্গৰ এক অনবদ্য অৱদান। উত্তৰজুবিন
কালত “তুমি গান গোৱা বুলি জানিলোঁ বাৰু, পিছে তুমি কি কৰা”, “তুমি অভিনয় কৰা ভাল কথা,
কিন্তু তুমি কি কৰা” এই প্ৰশ্নবোৰ আৰু কোনেও নকৰে (অন্ততঃ নকৰে বুলি ধাৰণা কৰা হৈছে)।
গান এটা গাওঁতে মঞ্চত কেনেকৈ ঠিয় হ’ব লাগিব, কাক কেনেকৈ সম্বোধন কৰিব লাগিব এই সকলোবোৰ
কথাৰ কিছুমান অলিখিত বিধান বহুকালৰ পৰা চলি আহিছিল। উত্তৰজুবিনীয় বিবেচনাত এইবোৰ সকলো
কথাকেই প্ৰশ্ন কৰিবলৈ আমি সুবিধা এটা পাইছোঁ। হাজাৰত নহ’লেও অন্ততঃ শ-ৰ ঘৰত এনে ব্যক্তি-সংখ্যা
ওলাব যি নিজৰ জীৱনকালত প্ৰথমবাৰৰ বাবে ডাঙৰ ৰূপালী পৰ্দাত চিনেমা এখন চাবলৈ বিচাৰিছে।
চিনেমাৰ ইতিহাস শ-বছৰৰো অধিক পুৰণি, সিমানেই তাৰ সৈতে যুক্ত হাবিয়াসখিনিৰ। কিন্তু সেই
হাবিয়াসৰ নবীকৰণখিনি এই বহল স্তৰত বৰ সহজ কথা নাছিল।
ৰূপ আৰু বিষয় (Form and content)-ৰ
দৰে এটা চিৰ দুদুল্যমান প্ৰসংগতো জুবিন গাৰ্গৰ সমস্ত কৰ্মৰ খতিয়নে এনে কিছুমান নতুন
দিশৰ উন্মোচন কৰে আৰু এনে কিছুমান দৃষ্টান্ত আমাৰ সন্মুখত মেলি ধৰে যিখিনি ইয়াৰ আগতে
হয়তো তেনেকৈ চাবলৈ অৱকাশ পোৱা নাছিলোঁ। কৰ্মসংস্কৃতিৰ প্ৰতি থকা আমাৰ মনোভাৱখিনি জুবিনপূৰ্ৱক
আৰু জুবিনোত্তৰ কালত পৃথক। সততা, নৈতিকতা আৰু মানৱতা— এনে বিমূৰ্ত ধাৰণাখিনিক লৈও এতিয়া
আমাৰ কথা-বতৰাবোৰ অলপ পৃথক। সেই যে প্ৰাচীন প্ৰশ্নটো, যুদ্ধভূমিত মৃত্যুমুখী এক শিশু
সন্মুখত থাকোঁতে এজন শিল্পীৰ সৎ, নৈতিক, মানৱীয়, দায়বদ্ধ অৱস্থান কি হ’ব? এই প্ৰাচীন
অথচ অৰ্বাচীন প্ৰসংগবোৰো জুবিন গাৰ্গ নামৰ সত্বাটোৱে স্পৰ্শ কৰি থৈ গৈছে। সেয়েহে ‘অসমীয়া
আধুনিক গীত’ বোলা এই বিশাল কলেৱৰৰ ধাৰাটোক যে চালুকীয়া বয়সতেই জুবিন নামৰ যুৱক এজনে
সমূলাঞ্চে সলনি কৰি পেলাইছিল— কেৱল সেই কথাৰ আধাৰত আমি ‘পেৰাডাইম শ্বিফট’ কথাষাৰ ব্যৱহাৰ
কৰা নাই। আমাৰ এই সময়ৰ সামগ্ৰিকতাত, প্ৰাত্যহিকতাৰ গতানুগতিকতাৰ পৰা আনুষ্ঠানিক সামাজিক
বাহুল্যলৈকে, ঐকান্তিক নিভৃত ব্যক্তি-মানসৰ পৰা বিৰাট সমজুৱা অৱচেতন-বোধলৈকে, সমস্ত
স্তৰতে যি প্ৰভাৱ বিস্তাৰ আৰু বিস্তৰ পৰিৱৰ্তন সাধন— এইখিনিলৈ চাইহে আমি এই কথাষাৰ
ব্যৱহাৰ কৰিছোঁ : পেৰাডাইম শ্বিফট।
জুবিন চিনড্ৰ’ম (Syndrome)
এইখিনিতে জুবিন গাৰ্গৰ গীতিসাহিত্য
সম্পৰ্কে কথা পাতিবলৈ বিচাৰিছোঁ। ‘একো নাই হোৱা’ এই অভিযোগৰ বিপৰীতে এতিয়ালৈ বহু বেছি
কাম হৈ গৈছে। কালিলৈকে যদি একো কাম নাই হোৱাটো এটা সমস্যা আছিল, আজি হঠাতে বহুত বেছি
কাম হৈ যোৱাটো এটা সমস্যা হৈ উঠিছে।
বহুধাবিভক্ত প্ৰতিভাৰ আকৰ জুবিন যে
বাদ্যযন্ত্ৰী বা গায়ক বা সুৰকাৰ মাত্ৰ নহয়, সমান্তৰালভাবে এজন কবিও সেই কথা অনস্বীকাৰ্য।
তেতিয়ালৈ ভূপেন হাজৰিকাৰ প্ৰভাৱ প্ৰায় প্লান পৰি আহিছিল যেতিয়া জুবিন গাৰ্গৰ উত্থান
ঘটিছিল। সেই সময়ত কি চলি আছিল? চেনাই, লাহৰী, কপৌফুল; নহ’লেবা জোনাকী ৰাতি, বেদনা,
বিৰহী চেতনাৰ বিক্ৰম আৰু সংমিশ্ৰণ (পাৰ্মুটেচন আৰু কম্বিনেচন)। শিল্প-সাহিত্য-সংস্কৃতিত মানুহে
সদায়ে নতুন কিবা এটা বিচাৰে বোলা কথাষাৰ সদায় শুদ্ধ নহয়, বৰং মানুহে পৰিচিত শব্দ-চয়ন
আৰু চিনা-জনা মেজাজ একোটাৰে উদযাপন কৰিবলৈ ভাল পায়। সেই সময়খিনিতে জুবিনে ন-কৈ সোঁৱৰালে
গানৰ লগে লগে গীতৰ মৰ্যাদা। গানবোৰ গীত আৰু গীতবোৰ কবিতা, এই বোধটো আজি আমি বুজি উঠাটো
জৰুৰী। এই কামটো সেই সময়ত জুবিনে কৰিছিল যি সময়ত কথাবোৰ অসমৰ শ্ৰোতা-ৰাইজে পাহৰিবলৈ
আৰম্ভ কৰিছিল। গান মানে কেৱল এটা অনুভৱ নহয়, গানে কথা কয়, এই কথাটোলৈকে জুবিনৰ উত্থানে
আমাক ঘূৰাই আনিছিল।
এইখিনিতেই অলপ স্ব-বিৰোধ। ইমানখিনি
জুবিন-প্ৰশংসাৰ মানে এইটো নহয় যে আমি অন্ধভাবে জুবিন অনুৰাগী। জুবিন গাৰ্গৰ সামগ্ৰিক
গীতিসাহিত্যৰ পৰ্যবেক্ষণে আমাক ভালেখিনি আসোঁৱাহ চকুত পেলায়। মন কৰিবলগীয়া কথা এয়ে
যে কবি হিচাপে কবি জুবিন আৰু গীতিকাৰ হিচাপে জুবিনৰ মাজতো অলপ সূক্ষ্ম তফাৎ আছে। কবি
জুবিন বহুত বেছি স্পষ্ট। এই স্পষ্টতা ইমানেই বেছি যে এইখিনিক বিচাৰ কৰিবলৈ অসমীয়া সাহিত্য-বাগধাৰা
আজিও প্ৰস্তুত নহয়। উপমা মানে কি, ৰূপক মানে কি এইবোৰ সাহিত্যিক অলংকাৰৰ ব্যাখ্যাতেই
নিমজ্জিত থকা সাহিত্য-বিভাগীয় অধ্যয়নৰ পদ্ধতিবিধিয়ে জুবিন গাৰ্গৰ কবিতাৰ মাজত থকা স্পষ্টবাকক
কেনেকৈ নিৰীক্ষণ কৰিব সেইটো এটা কৌতুহলৰ বিষয়।
“মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি/ তহঁতে বুজি নাপাবি”,
এয়া গদ্য, নে পদ্য, নে সংলাপ?
“খোজ কাঢ়িব পাৰ যদি আহিবি
মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত”
এনে ধৰণৰ
ভাষিক প্ৰয়োগ অসমীয়া কবিতাত বিৰল। গদ্যধৰ্মী আৰু কঠুৱা কথাৰে গীতৰ নিৰ্মান কৰা ফঈজ
আহমদ ফঈজৰ দৰে কিছু মিল ওলাব পাৰে। অত্যন্ত সংক্ষিপ্ত ৰূপত, নক’লেও নহয় যি— সিমানখিনিহে
কথাৰে ‘দোহা’ ৰচনা কৰা কবীৰৰ কথাও মনলৈ আনিব পাৰি। বজাৰত ৰৈ থকা কবীৰাইয়ো কয়, যদি নিজৰ
ঘৰখন জ্বলাই দি তাৰ জ্বলন্ত জোৰ লৈ আহিব পাৰ, তেতিয়াহে মোৰ লগত আহিবি।
গানৰ সময়ত গায়কৰ অন্তৰালত থকা গীতিকাৰ
জুবিন গাৰ্গ কবি জুবিন গাৰ্গতকৈ বহুত বেছি শিথিল। অনন্য প্ৰতিভাধৰ হিচাপে বা এক প্ৰ’ডিজীৰ
ৰূপত জুবিন গাৰ্গৰ (নিজা কামখিনিৰ কথা কৈছোঁ) গানখিনিৰ আঁৰৰ গীতখিনিৰ বিশেষ দক্ষতা
আছে শব্দচয়নত। আমি প্ৰতিনিয়ত ব্যৱহাৰ কৰি থকা শব্দবোৰকে অন্য মাত্ৰা দিয়াৰ লগতে জুবিনে
এনে কিছুমান শব্দৰ প্ৰয়োগ কৰি গৈছে যিবোৰ হয়তো আমি ইমানদিনে ভবাই নাছিলোঁ। পপুলাৰ সংগীতৰ
অগতখনত ‘অহোৰাত্ৰি অনাবিল স্বপ্ন প্ৰতাৰিত’-ৰ দৰে শব্দচয়ন আৰু গায়কীত তাৰ ইমান অনায়াস
প্ৰয়োগ আছিল এটা অভূতপুৰ্ৱ ঘটনা। এটা এটা শব্দৰ বাবেও হয়তো নিজকে পঢ়া-শুনাৰ লগত জড়িত
বুলি দাবী কৰা ব্যক্তিয়েও অভিধানৰ আশ্ৰয় ল’বলগীয়া হয়, সেই শব্দবোৰ জুবিন গাৰ্গে অনায়াসে
এৰি দিছিল বিপুল জনসাধাৰণৰ মাজত। কিন্তু পাহৰিলে নচলিব যে কেৱল ভকেবুলাৰী বা শব্দসম্ভাৰেৰে
ভাষা নহয়। বৈয়াকৰণিক বাক্যগাঁঠনিৰেহে ভাষাই বাট বুলে। অৱশ্যে এই কথাও অনস্বীকাৰ্য যে
শিল্পই নিজকে স্বাধীন কৰি ৰাখিবলৈ বিচাৰে আৰু সেই সূত্ৰেই শিল্পত সকলো শব্দই আভিধানিক
হ’ব আৰু সকলো বাক্যই বৈয়াকৰণিক ভাবে সিদ্ধ হ’বই লাগিব বুলি কোনো কথা নাই। পয়েটিক লাইচেন্স
বোলা কথাষাৰ এইবাবেই প্ৰচলিত। কিন্তু শৈল্পিক স্বাধীনতা বা কাব্যিক স্বাধীনতাৰ সীমাৰেখাডাল
কোনখিনিত ই এক ডাঙৰ প্ৰশ্ন। নিশ্চয় কোনো স্বাধীনতাই অবাধ হ’ব নোৱাৰে। এইখিনিতেই জুবিন
গাৰ্গৰ সামগ্ৰিক গীত-চৰ্যাৰ ঘাই সমস্যাটো আছে। যিটো গুণ জুবিন গাৰ্গৰ চাৰিত্ৰিক বৈশিষ্ট্য
বুলি পৰিগণিত হ’ব পাৰে, সেই একেটা চৰিত্ৰই কিন্তু এটা দোষো।
যদি প্ৰশংসাৰে চাবলৈ যাওঁ, তেন্তে
জুবিন গাৰ্গৰ গীত আৰু কবিতাৰ কেইটামান বিশেষ গুণ আছে, গীততকৈ কবিতাত অধিক, সেয়া হ’ল
তেওঁৰ শব্দবোৰ ধাৰাল আৰু সামগ্ৰিক গাঁঠনি আঁটিল। জুবিনৰ কবিতাবোৰ অত্যন্ত মিতব্যয়ী,
মেদহীন। অপ্ৰয়োজনীয় শব্দ তাত একো নাই। কবিতাবোৰ স্পষ্টবাক। কল্পনা আৰু ভাৱনাৰ মায়াজালতকৈ
বেছি স্পষ্টতাৰে সৈতে একোটা বক্তব্য উপস্থাপন সেইবোৰত অধিক— যিটো অসমীয়া কবিতাৰ জগতখনত
এক দুৰ্লভ গুণ। অসমীয়া কবিযশপ্ৰাৰ্থীসকলে এই মেদহীন কাব্যৰীতি অধ্যয়ন কৰিলে ফলৱান হ’ব।
কবিতা এটাক গঢ় দিয়াৰ জুবীনীয় পদ্ধতিটো ভাস্কৰ্য নিৰ্মাণৰ ডিডাক্টিভ পদ্ধতিটোৰ দৰে।
কাঠ বা শিলত মূৰ্তি গঢ়োঁতাই যেনেকৈ অপ্ৰয়োজনীয় অংশবোৰ কাটি কাটি কেৱল নহ’লেই নোহোৱা
অংশবোৰ ৰাখেগৈ, ঠিক তেনেকুৱাই। আমি বুজাবখোজা কথাখিনিৰ শ্ৰেষ্ট উদাহৰণ এইটোৱেই—
অধৰ নিথৰ পৰশ জঠৰ
দুচকু পাথৰ
এয়াই চাগে’ তুমি…
মই সুখী।।
মন কৰক এই ‘সুখানুভৱ’ নামৰ সৰু কবিতাটোৰ
শব্দবোৰ নিজে নিজৰ জোৰেৰে ঠিয় দি আছে, বাক্যনিৰ্মাণত কোনো ক্ৰিয়া নাই। মেদহীনতাৰ ইয়াতকৈ
চৰম দৃষ্টান্ত আৰু নাই। সংক্ষিপ্তকৰণৰ সেই চৰমতম সীমালৈকে জুবিন গাৰ্গ গৈছিল য’ত আনকি
বাক্য এটা নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হোৱা আটাইতকৈ প্ৰয়োজনীয় উপাদান ক্ৰিয়াপদকো তেওঁ পৰিহাৰ
কৰি চলিছিল। উক্ত কবিতাফাকি এটা সযত্নে কাটি উলিওৱা ভাস্কৰ্যৰ দৰেই সুগঢ়ী। ইয়াৰ ব্যতিক্ৰম
কি হ’লহেঁতেন?
অধৰ নিথৰ হৈ আছে। পৰশ হৈ ৰৈছে জঠৰ।
দুচকু পাথৰ হৈ পৰিছে। —এনেকুৱাই কিবা। এই হৈ আছে, হৈ ৰৈছে, হৈ পৰিছে— আদিবোৰ ক্ৰিয়াৰ
অৱলুপ্তি সচেতন, সুচিন্তিত, সাৱধানী আৰু সাৰ্থক প্ৰয়োগ।
কবিতাৰ বিপৰীতে গীতসমূহত কিন্তু জুবিন
গাৰ্গে বহুখিনি শিথিলতা দেখুৱালে। কবিতাৰ ক্ষেত্ৰত যিখিনি এটা প্ৰশংসনীয় গুণ বুলি দেখুৱালোঁ,
গীতৰ ক্ষেত্ৰত সেইটোৱেই এটা আঁসোৱাহ হৈ উঠিল। অপ্ৰয়োজনীয় শব্দবিলাস আৰু বিভ্ৰান্তিকৰ
শব্দ-সন্ধি জুবিন গাৰ্গৰ গানত তেনেই সুলভ। ননচেন্সৰ নন্দনতত্বই কিছুমান বিসংগতিক বা
উদ্ভট সংযোজনক এক অনন্য মাত্ৰা দিয়ে আৰু তাৰ যৌক্তিক ভেঁটী অন্যভাবে নিৰ্মাণ কৰে। কোনোবাই
যেতিয়া গায়, “দিনবোৰ আমাৰ মৃত হৰিণৰ বেঁকা শিং যেন হ’ল”, তেতিয়া আমি কোনেও প্ৰশ্ন কৰা
নাই ই কি কথা বুলি। “গোহালিক গিলিলে হেৰামৰ
কাঠে পঘাই গিলিলে গৰু” বা “হাত সাৱতি ৰান্ধনি পলাই যায় পাছে পাছে খেদে চৰু” বোলা কথাবোৰত আমাৰ কোনেও আপত্তি কৰা নাই। “বাঘৰে চাগৰে হালখন জুৰিলো কাঁৰশলা সাপৰে লৰোঁ, ভালুক বপুৰাই আলিৰ পাহ
কাঁটে বান্দৰেও চাৰে গৰু” বোলাতো কাৰো আপত্তি
নাই। কিন্তু “মোৰ গানত আছে বৰষাৰ অনল” এইখিনি কথাত আমাৰ আপত্তি আছে। কাৰণ, উদ্ধৃত বাকীকেইটা
স্তৱকত, উদ্ভট আৰু অবাস্তৱৰ এটা যৌক্তিক আধাৰ নিৰ্মিত হৈ আছে যাৰ মাজত কথাখিনি খাপ
খাই যায়। কিন্তু ‘আশা’ গীতটোত সেয়া নহয়। ‘বৰষাৰ অনল’ কথাষাৰৰ আগৰ বাক্যবোৰ আৰু পিছৰ
বাক্যবোৰো যৌক্তিক। বৈপৰীত্য নাই। অনল মানে জুই। বৰষাৰ অনল কেনেকুৱা বস্তু? এতিয়া কোনোবাই
ক’বই পাৰে যে বাৰিষায়ো জুই লগাবই পাৰে। হয় পাৰে। সেইকাৰণেই আমি পপুলাৰ হিন্দী চিনেমাৰ
“টিপ টিপ বৰছা পানী, পানী নে আগ লগায়ী” শুনি ভাল পাওঁ। কাৰণ তাত থকা যৌক্তিক আধাৰটো
স্পষ্ট। কিন্তু ‘আশা’ গানটোত “মোৰ গানত
আছে বৰষাৰ অনল” আৰু তাৰ ঠিক পৰৱৰ্তী
শাৰী “সেমেকা শীতৰ ৰ’দালি কোমল” দুয়োটাৰ মেজাজ ভিন্ন। এই কথা এইবাবেই কৈছোঁ যে গীতটোৰ বাকী
গোটেইখিনিয়েই যৌক্তিক। “মৃত হৰিণৰ বেঁকা শিং” বুলি কোৱা আগতে আমাক প্ৰস্তুত কৰি লোৱা
হৈছিল “মৌন কোলাহল”-ৰ দৰে উদ্ভট শব্দচয়নেৰে। সেয়েহে ‘বৰষাৰ অনল’ আমাৰ বিচাৰেৰে অসাৱধানী
আৰু অতি-উচ্ছাসী প্ৰয়োগ। তেনে আন এক উদাহৰণ হ’ল, “আগত সুৰুযৰ দিবাস্বপ্ন” (গীত, “ৰৈ
ৰৈ বিনালে”)। দিবাস্বপ্ন মানে যদি দিনতে কলাঘুমটিত দেখা সপোন হয়, তাৰমানে দিন হৈ আছে,
আৰু দিন হ’বলৈ হ’লে সূৰ্যও আছেই। “আগত জোনাকৰ দিবাস্বপ্ন” বুলিলে হয়তো অন্য এটা মানে
ওলালেহেঁতেন। হয়, ইয়াক ভুল বুলিব পৰাও নাযায়, কাৰণ অৰ্থৰ দিশেৰে আৰু সামগ্ৰিক অনুভৱৰ
দিশেৰে সকলো ঠিকেই আছে। কিন্তু ই যে এক শিথিল প্ৰয়োগ আৰু অসাৱধানী কাৰবাৰ সেইটো কিন্তু
হয়।
কবিতাৰ ক্ষেত্ৰত উচ্চ-প্ৰশস্তি কৰি
অহা এষাৰ কথা এইবাৰ গীতৰ ক্ষেত্ৰত চাম। সংক্ষিপ্তকৰণৰ নামেৰে বাক্য নিৰ্মাণৰ প্ৰাথমিকতাখিনিকো
বৰ্জন কৰা প্ৰক্ৰিয়াটো ঘটিল চৰম সীমাত। দুটা গীতৰ পৰা উদাহৰণ দিম।
দোকমোকালি মোৰ পঢ়াশালি
ইংৰাজী অংক তপিনাত এছাৰি
---
দেউতাৰ ৰঙা চকু
একে কোবে মাৰ বুকু
পঢ়া টেবুলত ভাগৰৰ টোপনি
আইৰ নিচুকনি
মৰমৰ বুলনি
‘পাখি পাখি এই মন’ গানটোৰ এই কথাবোৰ
ক্ৰিয়াপদ ৰহিত। “ইংৰাজী অংক তপিনাত
এছাৰি” বুলোঁতে বা “দেউতাৰ ৰঙা চকু একে কোবে মাৰ বুকু” বুলোঁতে যাৰ যি বুজিবৰ আছে নিজগুণে বুজি ল’ব লাগিব।
দ্বিতীয়টো উদাহৰণ আকৌ ‘ৰৈ ৰৈ বিনালে’ৰ
পৰা—
অহোৰাত্ৰি অনাবিল স্বপ্ন প্ৰতাৰিত
বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত
ইয়াতো একেই। ক্ৰিয়াপদৰহিত শব্দচয়ন
মাত্ৰ। যাৰ যেনেকৈ যি বুজিবৰ আছে নিজগুণে বুজি লওক।
এইখিনি হৈছে জুবিন গাৰ্গৰ গীত আৰু
কবিতাৰ একক, স্বকীয় চাৰিত্ৰিক বৈশিষ্ট্য। কিন্তু এই বৈশিষ্ট্যতাখিনিয়ে এইটোকো সূচায়
নেকি, যে বাক্য এটা সম্পূৰ্ণ কৰি তোলাত কিবা সীমাবদ্ধতা আছিল? ব্যক্তি হিচাপেও জুবিন
বহ্বল্কী নাছিল। সামাজিক স্তৰত জনপ্ৰিয় আন সকলৰ সৈতে তেওঁৰ এইটো এটা একক তফাৎ যে মই
আজি বেছি কথা নকওঁ বুলি এঘণ্টা জুৰি ভাষণ জুৰা ‘হিপ’ক্ৰীট’ জনপ্ৰিয়সকলৰ বিপৰীত মেৰুত
তেওঁৰ অৱস্থান। মিতভাষ কবি জুবিনৰ যেনেকৈ চাৰিত্ৰিক বৈশিষ্ট্য, মিতভাষ ব্যক্তি জুবিনৰো
চৰিত্ৰ। নক’লেই নোহোৱা কথাবোৰহে তেওঁ কৈছিল, ছুটি ছুটি বাক্যৰে, কেতিয়াবা কেইটামান
মাত্ৰ বাক্যৰে। জীৱনৰ শেষ কাম, মৃত্যুৰ পিছত ৰিলীজ হোৱা তেওঁৰ কাহিনীৰে নিৰ্মিত চিনেমাখন
‘ৰৈ ৰৈ বিনালে’ৰ এষাৰ জনপ্ৰিয় সংলাপৰ বাক্যগাঁঠনিলৈ চাওক— “আৰ্টিষ্টৰ এটাই পলিটিক্স,
সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়”। চিনেমাখনৰ সংলাপ লেখক জুবিন গাৰ্গেই হওক বা ৰাহুল গৌতম
শৰ্মাই হওক, এইখিনি কথা কোৱাৰ যিটো নক্সা সেইটো একান্তই জুবিনীয়। অন্যথা পৰপৰাগত অসমীয়া
কথোপথনত থাকিব পৰা সম্ভাৱনাখিনি আছিল এনে—
“আৰ্টিষ্টৰ এটাই পলিটিক্স (থাকে/ থাকিব পাৰে/ হ’ব পাৰে),
সদায় ৰাইজৰ লগত (থাকে/ থাকিব লাগে),
ৰজাৰ লগত (নাথাকে/ থাকিব নালাগে) নহয়”
এইটোকে এটা চিনড্ৰ’ম বুলিছোঁ, জুবিন
চিনড্ৰ’ম! চিনড্ৰ’মৰ অসমীয়া হ’ব লক্ষণ, লক্ষণৰ ইতি আৰু নেতি দুটা দিশ থাকে, কিন্তু
চিনড্ৰ’ম বুলোঁতে ঘাইকৈ চিকিৎসা-বিজ্ঞানৰ কথালৈহে যিহেতু বেছিকৈ পোণায়, সেয়েহে সেই
নেতিবাচক দিশবোৰলৈকো চাবলৈ আমি বাধ্য।
অলপ ননচেন্স সম্পৰ্কে
মাজতে অলপ ননচেন্সৰ কথা কৈ থওঁ। ননচেন্স
সাহিত্যৰ যুগদ্ৰষ্টা লুইছ কেৰলৰ এলিচৰ ‘অজান দেশ’ৰ চিৰিজটোতেই এলিচ আৰু হাম্প্টি ডাম্প্টিৰ
কথোপকথনত এই কথাষাৰ আছিল, আচলতে প্ৰশ্ন, শব্দবোৰ ইমান খেলিমেলি, কেনেকৈ একেটা শব্দৰে
ইমানবোৰ বিভিন্ন কথা বুজাব পাৰা? “When I use a word,’ Humpty Dumpty said in
rather a scornful tone, ‘it means just what I choose it to mean — neither more
nor less.’
’The question is,’ said Alice,
‘whether you can make words mean so many different things.’
’The question is,’ said Humpty
Dumpty, ‘which is to be master — that’s all.” (Lewis Carroll, Through the
Looking Glass).
কেৰলৰ এলিচ নাথাকিলে হয়তো আমাৰ নৱকান্তৰ
ৰতনপুৰলৈ যোৱা শিয়ালীও নাথাকিলহেঁতেন। এইটোনো কি কবিতা হ’ল, কেৱল ছন্দৰ মিল থাকিলেই
কবিতা হ’ব পাৰেনে বোলা প্ৰশ্ন এষাৰৰ আঁৰত আমি কবিতা এটা পালোঁ, এটা উদ্ভট কবিতা। সঁচা
ক’বলৈ গ’লে এইটো কবিতাই মোৰ সমগ্ৰ জীৱন কালত আগুৰি থকা এক অন্যতম শ্ৰেষ্ঠ কবিতা। প্ৰথম
দুশাৰী এনে—
যাযাবৰ ধুমকেতু নাগাচাকি খুমতাই
হাৰাকিৰি পাণিপথ বন্দী হাতেমতাই…
(নৱকান্ত বৰুৱা, ‘শিয়ালী পালেগৈ ৰতনপুৰ’)
এয়াও কেৱল শব্দসমষ্টি। ক্ৰিয়পদ ব্যতিৰেকে।
আভিধানিক যুক্তি, ব্যাকৰণিক যুক্তি বা বাস্তৱিক জিৱনৰ অনুভূত সমস্ত বাস্তৱৰ বাস্তৱিকতাৰ
যুক্তিৰ উৰ্ধতো কিবা থাকিব পাৰে, কিন্তু তাতো থাকে কিছুমান শৈল্পিক যুক্তি। ‘যাযাবৰ
ধুমকেতু’ৰ মাজত সেই শৈল্পিক শৈলীগত বা ধাৰাভুক্ত যৌক্তিক আধাৰ অক্ষুন্ন আছিল।
ননচেন্সক আটাইতকৈ সুন্দৰভাবে ব্যাখ্যা
কৰিছিল The Logic of Sense নামৰ গ্ৰন্থখনত ডেল্যুজে (Gilles Deleuze)। কেৱল অৰ্থহীনতা,
অবুজ অবাস্তৱ শব্দসমষ্টি বুলিয়ে কৈ থ’লে ননচেন্স কি বুজা নাজায়, আৰু ডেল্যুজে ব্যাখ্যা
কৰে যে nonsense একেবাৰে ‘meaning-less’ নহয়, ই নতুন অৰ্থ
জন্মাই তোলে। সেই দিশেৰে ই ‘অৰ্থৰ অভাৱ’ নহয়, ‘অৰ্থ উৎপাদনৰ এটা বিশেষ পদ্ধতি’। ডেল্যুজে Lewis Carroll-ৰ উদাহৰণ দি কয়— Carroll-ৰ “nonsense literature”-ত শব্দবোৰ অদ্ভুত, কিন্তু সিহঁত
ভাষাৰ নিয়ম ভঙ্গ কৰি নতুন pattern,
নতুন relation, নতুন meaning-effect সৃষ্টি
কৰে। “Sense exists only because
nonsense is there at its boundary.” অৰ্থাৎ অৰ্থৰ চূড়ান্ত সীমাত য’ত শব্দ, বাক্য, বস্তু, অনুভৱৰ normal logic ভাঙে তাতেই nonsense জন্মে, আৰু ঠিক সেই
স্থানৰ পৰা নতুন sense উৎপন্ন হয়। Sense যদি নিয়ম, Nonsense
হ’ল সেই নিয়মক নুবুজাকৈ ভাঙি নতুন
নিয়ম সম্ভৱ কৰি তোলা শক্তি। এইকাৰণতেই
“নিয়ম ভঙাৰ নিয়ম ইযে নিয়মাকাংক্ষী বাটৰ” কথাখিনিয়ে এক শৈল্পিক স্বাধীনতাৰে গ্ৰহণযোগ্যতা
লাভ কৰিছিল, কোনেও সোধা নাছিল আৰ্তনাদৰ নদীত কোনো ঘাটৰ ক্ৰন্দন মানে কি।
জুবিনোত্তৰ অসমীয়া গীতিসাহিত্য
সমসাময়িক অসমীয়া গীতৰ সম্ভাৱনা আৰু
সমস্যাক লৈ আমি ভালেকেইটা আলোচনা অন্যত্ৰ আগবঢ়াইছোঁ। ‘অসমাপিকাত নিৰুদ্দিষ্ট বিষয়’
শিৰোনামৰ এক দীঘলীয়া আলোচনাত আমি দেখুৱাইছিলোঁ যে কেনেকৈ সমসাময়িক অসমীয়া গীতৰ কথাখিনিৰ
পৰা সমাপিকা ক্ৰিয়াপদৰ বিলুপ্তি ঘটিল।[i]
একালত কোনোবাই যদি লিখিছিল “যৌৱন বাসনাৰ ৰিক্তোপকূল পূৰ্ণ কৰে উন্মত্ত বানে”, আজিৰ
কোনোবাই এই একেটা বাক্য লিখিলে লিখিব “যৌৱন বাসনাৰ ৰিক্তোপকূল পূৰ্ণ উন্মত্ত বানে”,
‘কৰে’ বোলা ক্ৰিয়াপদটো আৰু নাথাকে। ঠিক ভুল বোলাও নাযায়, অৰ্থ মোটামুটি একেই থাকিব,
কিন্তু বাক্যৰ গাঁঠনিৰ সামগ্ৰিক পৰিচয়টো এনেকৈ ক্ৰমাগতভাবে সলনি হ’বলৈ লৈছে। কবিতাৰ
সংক্ষিপ্তকৰণ বা মেদবৰ্জনৰ দিশেৰে কথাবোৰ চাবলৈ বিচাৰিলেও কিছুমান প্ৰয়োগ সকলো সময়তে
সফল হ’বই বুলি কোনো কথা নাই। আমাৰ দ্বিতীয়লানি আলোচনা আছিল ‘শৈল্পিক স্বাধীনতা’ সম্পৰ্কীয়,
য’ত কেৱল অসাৱধানী আৰু অজ্ঞানতাজনিত প্ৰয়োগক যে সকলো সময়তে মান্যতা দিয়াটিও উচিত নহয়
তাকেই দঢ়াইছিলোঁ। মজাৰ কথা যে এই লেখাটো লিখি থকাৰ সময়তে আজিয়েই নতুন সংগীতকাৰ এজনে
নতুন গীতিকাৰ এজনৰ গান এটা শুনাই থৈ গ’ল— বাৰিষাৰ পৰিৱেশ এটাৰ বৰ্ণনা, ‘নিয়ৰৰ নুপূৰ-ধ্বনি’
শুনিছে হেনো। বাৰিষাৰ ৰাতিপূৱা শীতকালৰ নিয়ৰ? ব’হাগ মাহৰ কপৌ আৰু নাহৰ ফুলৰ বৰ্ণনাৰ
মাজতে চতিয়না ফুলৰ সুবাস ভাঁহি অহাৰ কবিতা এটাৰ উদাহৰণ আমি আগতে ব্যাখ্যা কৰি আহিছোঁ।
বিভ্ৰান্তিকৰ শব্দচয়ন আৰু চিত্ৰকল্পৰ সমাৱেশ এতিয়া তেনেই সহজলভ্য, যাক ‘ননচেন্স’ৰ প্ৰয়োগ
বুলিও কোৱা নাযায়। সাধাৰণভাবে ইয়াকে বিচাৰিম যে গীতিসাহিত্য অধ্যয়ন কৰা সাহিত্যিকসকলে
অলপ অচৰপকৈ গান শুনিবলৈ লওক, আৰু গানৰ সৈতে জড়িত ব্যক্তিসকলে অলপকৈ হ’লেও সাহিত্য পঢ়িবলৈ
লওক।
আমাৰ সেমেকা জলবায়ুত মানুহৰ পানীলগা
মাতভঙা জ্বৰ-কাঁহ লাগিয়েই থাকে। এটা পপুলাৰ কৌতুকেই আছে যে ডাক্তৰেও কয় এনেকুৱা জ্বৰ
ঔষধ খালে এসপ্তাহতে ভাল হ’ব, আৰু ঔষধ নাখালে ভাল হওঁতে সাতদিনমান লাগিব। মানে কিছুমান
ৰোগৰ উপসৰ্গ বা চিনড্ৰ’ম উপেক্ষা কৰিব পৰা ধৰণৰ। কথাষাৰ হয়, কিছুমান কথা এৰাই চলিব
পাৰি। কিন্তু ৰোগ এটাই যেতিয়া মহামাৰীৰ ৰূপ লয় তেতিয়া কিন্তু এই কথা নৰজে। এপিডেমিক
বা পেনডেমিকৰ ৰূপ ল’লে সৰু সুৰা বুলি ভাবি থকা চিনড্ৰ’ম এটাকো গুৰুত্ব সহকাৰে ল’বলৈ
আমি বাধ্য। অসমৰ সাংস্কৃতিক পৰিমণ্ডলত য’ত প্ৰতিনিয়ত গান লিখিত হয় আৰু প্ৰযোজিত হৈ
বুজন সংখ্যাত ৰাজহুৱা ক্ষেত্ৰত প্ৰচাৰিত হয়, সেই সমস্ত গানৰ গুৰুভাগতেই যেতিয়া একেখিনি
সমস্যা আমাৰ চকুত পৰিবলৈ লয়, তেতিয়া সৰু সমস্যা এটা আৰু সৰু হৈ নাথাকেগৈ।
বিদ্যায়তনিক চৰ্চাত পেৰাডাইম শ্বিফটৰ কামনা
সৃষ্টিশীল কাম এটাক লৈ বৌদ্ধিক আলোচনাৰ
পৰিৱেশ এটা আমাৰ মাজত নাই বুলি প্ৰায়ে হামৰাও কাঢ়ি থকা দেখা যায়। বেছিভাগ কথাই অভিযোগসুৰীয়া—
অমুকটো কিয় হোৱা নাই, তমুকটো কিয় হোৱা নাই, এনেধৰণৰ। কিন্তু কিবা কাম এটা হ’বলৈ হ’লে
কেনেকৈ হ’ব লাগিব তাৰ এটা ‘মডেল’ বা আৰ্হিও সন্মুখত থাকিব লাগিব, যিটো আমাৰ নাই। এটা
নিৰবিচ্ছিন্ন ইতিহাস চৰ্চা আৰি সাংস্কৃতিক সমালোচনাৰ ধাৰা নথকাৰ ফলতে এনে হৈছে, কোনোবাই
গীত আৰু সংগীত সম্পৰ্কে আলোচনা কৰিবলৈ বিচাৰিলেও নিৰুপায়। পাণবজাৰৰ কিতাপৰ দোকানত অসমীয়া
গীতিসাহিত্য সম্পৰ্কীয় কিতাপ বৰ বেছি কমো নহয়। অলপতে ভালেকেইখন কিতাপ আনি চকু ফুৰাই
চালোঁ। ইয়াৰে প্ৰায় সকলোখিনিয়েই অসমীয়া সাহিত্য বিভাগৰ ছাত্ৰ-শিক্ষক-গৱেষকৰ ৰচনা। সকলো
ৰচনাৰ নক্সা বা পেটাৰ্নখিনিও প্ৰায় একেই। অনলাইন আৰ্কাইভ কিছুমানৰ পৰাও গীতিসাহিত্য
সংক্ৰান্তীয় গৱেষণাপত্ৰ কেইবাখনো ডাউনলোড কৰি পঢ়িবলৈ চেষ্টা কৰিলোঁ। কোনোবাই জ্যোতিপ্ৰসাদৰ
গীতত সমাজ চেতনাৰ কথাই লিখক বা আন কোনোবাই পাৰ্বতিপ্ৰসাদৰ গীতত প্ৰকৃতিৰ কথাকেই লিখক,
বিংশ শতিকাৰ শেষৰ সময়ৰ সমলেই হওক বা দুটা শতিকাৰ সন্ধিক্ষণৰ সমসায়িকতাৰ কথাই হওক, সকলো
আলোচনাই আৰম্ভ হয় সংগীত মানে কি সেই প্ৰাচীণতম সংজ্ঞাটোৰ পৰা। আদিম যুগৰ গুহামানৱ অথবা
মানুহে যেতিয়া কৃষিকৰ্ম শিকিবলৈ লৈছিল সেই যুগৰ কথাৰ পৰা প্ৰতিটো লেখা আৰম্ভ হয়। এই
হেন আধুনিকতাৰ সংজ্ঞাকো কাহানিবাই চেৰাই থৈ অহা এক সময়ত অসমীয়া সমসাময়িক গীত সম্পৰ্কে
পঢ়িবলৈ বহোঁতে আদিম সভ্যতাত কেনেকৈ সংগীতৰ উৎপত্তি হৈছিল সেই কথা আমাক কিহলৈ লাগে?
বিদ্যাতনিক চৰ্চা সমসাময়িকতালৈ এতিয়াও
অহাই নাই। অৰুণ শৰ্মাৰ ‘আহাৰ’তে, এক পাঠ-ভিত্তিক আলোচনাতে অসমীয়া নাট্য-আলোচনা আৰম্ভ
আৰু শেষ। তাৰ পাৰিৱেশিক পৰিৱেশনাৰ দিশবোৰৰ কথা সুদূৰ পৰাহত। অসমৰ নৃত্য সম্পৰ্কে অলপ
পঢ়িবলৈ বিচাৰিছিলোঁ, কিন্তু নৃত্য বাদ্য সকলোবোৰ হয় সত্ৰীয় সংস্কৃতি নহয় লোক-সংস্কৃতি—
এই দুইৰ সমলৰ আধাৰতে এতিয়াও আৱদ্ধ। কাৰণ? কাৰণ সিবোৰৰ অধ্যয়ণৰ বাবে একোটা আৰ্হি সহজলব্ধ।
কিন্তু জনজীৱনক প্ৰতিনিয়ত স্পৰ্শ কৰি থকা আৰু ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক সকলো স্তৰতে
প্ৰভাৱিত কৰি থকা সমসাময়িক কোনো চৰ্চাকেই আলোচনাৰ কেন্দ্ৰ কৰি ল’বলৈ কোনো আৰ্হি আজিলৈকে
প্ৰস্তুত নহ’ল। লোকনাথ গোস্বামীৰ এই কথাখিনিলৈ মন কৰক, “সংগীতৰ বিষয়ে এতিয়ালৈকে যিমান বিলাক আলাপ-আলোচনা হোৱা
দেখা গৈছে, প্ৰায়বিলাক আলাপ-আলোচনাই প্ৰধানতঃ লোক, সত্ৰীয়া বা
ধ্ৰুপদী সংগীতৰ ওপৰতে কেন্দ্ৰীভূত বুলিব পাৰি। আধুনিক সংগীত অথবা আধুনিক সংগীতৰ
বিষয়ে খুবেই কম চিন্তা-চৰ্চা হয়। সহজ অৰ্থত ক’বলৈ গ’লে আধুনিক গানৰ ক্ষেত্ৰত
গুৰুত্ব কিছু কম দিয়া হয়। অথচ আমি আটায়ে দেখিছোঁ যে সমাজত সাম্প্ৰতিক কালত এই
আধুনিক সংগীত অৰ্থাৎ আধুনিক গীত-মাত-নৃত্যৰ চৰ্চা, সমাদৰ, অনুশীলণেই
আটাইতকৈ বেছি হয়। বৰ্তমান সমাজত ইয়াৰ চৰ্চা তথা পৰিৱেশনাৰ ব্যাপ্তিৰ লগে লগে সেই
সম্পৰ্কে চিন্তাশীল বৌদ্ধিক সমাজখনে যথেষ্ঠ গুৰুত্বসহকাৰে চিন্তাচৰ্চা কৰাটো অতীৱ
প্ৰয়োজনীয় বুলি ভবাৰ থল আছে। কিয়নো লোক, সত্ৰীয়া তথা শাস্ত্ৰীয় সংগীতৰ বিপৰীতে আধুনিক সংগীতৰ
সৈতে আধুনিক সমাজ-জীৱনৰ সম্পৰ্ক অতি নিকট আৰু গভীৰ। আধুনিক সংগীত আধুনিক মূল্যবোধৰ
ধাৰক-বাহক। আধুনিক সংগীত মানে আধুনিক সমাজ জীৱনৰ প্ৰতিচ্ছবি কিম্বা প্ৰতিফলক, বাস্তৱমুখী”।[ii]
এইখিনি কথাই আমাক এইটোকে বুজায় যে,
অনতিপলমে অসমীয়া সাহিত্য বিভাগবোৰৰ পাঠদান, পঠন প্ৰক্ৰিয়া, গৱেষণা পদ্ধতি— এই সকলোবোৰতে
এটা পেৰাডাইম শ্বিফট লাগে। এটা মূলগত, ভেঁটিটোকেই সলাই দিব পৰা পৰিৱৰ্তন নহ’লে সাংস্কৃতিক
চৰ্চাৰ কোনো আলোচনা বা ব্যাখ্যা আমি পাম বুলি আশা কৰি থাকি লাভ লাই। বহু পৃষ্ঠা ভৰাই
ওলাই থকা কিতাপবোৰ আচলতে পৰীক্ষাত নম্বৰ পাবৰ বাবে লিখা ‘প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা
কৰা’ ৰচনা কিছুমানহে। এই আলোচনাৰ আৰম্ভণীতে জুবিন গাৰ্গৰ নামৰ সৈতে জড়িত হ’ব পৰা আটাইতকৈ
শক্তিশালী অৰু উপযুক্ত কথাষাৰ পেৰাডাইম শ্বিফট বুলি যে কৈছিলোঁ, আজিৰ সময়ত জুবিন গাৰ্গ
সম্পৰ্কে আলোচনাৰ পৰিৱেশ এটা তৈয়াৰ কৰিব পৰাকৈ বিদ্যায়তনিক চৰ্চাৰ মহলবোৰতো এটা পেৰাডাইম
শ্বিফট লাগে। প্ৰয়োজন হ’লে সাহিত্য বিভাগবোৰ সাংস্কৃতিক চৰ্চাৰ বিভাগবোৰৰ সৈতে যুক্ত
হওক। প্ৰয়োজন সাপেক্ষে ৰাজনীতি, সমাজশাস্ত্ৰ সকলোৰে পদ্ধতিবিধিৰ সংশ্লেষণ হওক। আদিম
গুহামানৱে কেনেকৈ সংগীতৰ জন্ম দিছিল সেই কথাৰ পৰা বিদ্বানসকল অলপ সমসাময়িকতালৈ আহক।
সমুদ্ৰ কাজল শইকীয়া
kankhowa@gmail.com, +91 9811375594
[i] উল্লিখিত প্ৰসংগখিনি
আমাৰ ‘অসমীয়া সংগীতৰ ইতিহাসত বিষয়ীসত্বাৰ সন্ধান (Subjectivity in the History of Assamese Music)’- এনে বিষয়বস্তুৰে কৰি অহা এক প্ৰকল্পৰ অংশ। আগৰ দুটামান আলোচনা এনে—
‘অসমাপিকাত
নিৰুদ্দিষ্ট বিষয়: সমসাময়িক অসমীয়া গীত আৰু বিষয়-সংকট’, মাজুলী মহাবিদ্যালয়ত অনুষ্ঠিত
‘সমসাময়িক অসমীয়া সাহিত্য: এটি সমালোচনাত্মক অধ্যয়ন’ শীৰ্ষক, সাহিত্য
অকাডেমিৰ উদ্যোগত, অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ, মাজুলী মহাবিদ্যালয়ৰ সহযোগত, ৩০ এপ্ৰিল, ২০২২ তৰিখে
আয়োজিত আলোচনা-চক্ৰত পঠিত কাকত। পাছলৈ সমাজ-সাহিত্য-সংস্কৃতি বিষয়ক আলোচনী 'আলাপ', অষ্টম সংখ্যা, জানুৱাৰী-জুন
২০২৫-ত প্ৰকাশিত।
‘গতিৰ অগতি, লয়ৰ বিলয়, ছন্দৰ দ্বন্দ: (Speed Ramping/ Time Remapping) সমসাময়িক অসমীয়া গীত-সংগীতৰ চৰিত্ৰবিচাৰ’, গুৱাহাটী
মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে প্ৰকাশিত 'একবিংশ শতিকাৰ অসম', সম্পাদনা ড০
স্মৃতিৰেখ ভূঞা
‘POETIC LICENSE : বিশ্বাস আৰু সংশয়’, দৈনিক অসমৰ দেওবৰীয়া চ'ৰা, ‘পেখু-পেখু’ স্তম্ভত প্ৰকাশিত, ৫ জুলাই, ২০২০।
[ii] লোকনাথ গোস্বামী, ‘অসমীয়া আধুনিক সংগীতৰ ইতিহাস’, আগলিকা, পৃষ্ঠা- ৯
