ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Sunday, November 25, 2018

পেখু পেখু (পঁচিশ) এটা ধোঁৱাই থকা ঘৰ, আঁচোৰ পৰা শৰীৰ

অংকন দত্তৰ ধোঁৱাই থকা ঘৰটো


[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ১৮ নৱেম্বৰ ২০১৮]
মহানগৰত, বিশেষকৈ ৰাজধানী চহৰত লোকশিল্প, জনজাতীয় সংস্কৃতি, পৰম্পৰাগত কৃষ্টি আদিৰ প্ৰদৰ্শনৰ উৎসৱসমূহ সদায়েই যন্ত্ৰণাদায়ক। অধ্যয়ণ, সংৰক্ষণ আৰু প্ৰসাৰ আদিলৈ চাই এইবোৰৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰিলেও একে সময়তে এইবোৰ প্ৰসংগ-চ্যুত এটা ভিন্ন স্থান কালৰ মাত্ৰাত উপস্থাপিত হৈ কেতিয়াবা অশান্তিদায়কো হৈ উঠে। দিল্লীৰ ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰৰ চৌহদত অনুষ্ঠিত হৈ যোৱা এইবাৰৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈও এই পৰস্পৰবিৰোধী অনুভূতিখিনিয়েই বহুতৰ মনলৈ অহাটো স্বাভাৱিক। অহুকাণে পহুকাণে কাণত আহি পৰা এক জনৈক পৰিদৰ্শকৰ মন্তব্য- "নৰ্থ ইষ্ট মানে কি আমি এতিয়াও আমাক জাপি পাচি খৰাহীৰেই নিজকে পৰিচয় দি থাকিম নেকি?" এই কথাষাৰ প্ৰায় অৱশ্যাম্ভাৱী। এনে এটা পাৰিপাৰ্শ্বিকতাত উৎসৱটিৰ সৈতে সংযুক্ত উত্তৰ পূৰ্ৱাঞ্চলৰ শিল্পীৰ শিল্পকলাৰ প্ৰদৰ্শনীখনৰ এক বিশেষ গুৰুত্ব ৰ'ল আৰু ইয়াৰ বিশেষ কৃতিত্বৰ দাবী কৰে কিউৰেটৰ ৱাহিদা আহমেদে। কিউৰেচন এটা জটিল কাম আৰু শিল্পকলাৰ মতাদৰ্শগত প্ৰক্ষেপণ, পৰিকাঠামো নিৰ্মাণৰ পৰা আৰম্ভ কৰি শিল্পবস্তুৰ স্থানিক পৰিবেশন, পোহৰৰ ব্যৱস্থা আদি কাৰিকৰী দিশলৈকে আটাইবোৰ সাঙুৰি সামগ্ৰিক প্ৰয়াসেৰেহে ই সম্ভৱপৰ হৈ উঠে। প্ৰতীতী নিৰ্মাণত কিউৰেটৰৰ গুৰুত্ব যিমান, বস্তু ব্যৱস্থাপনা মজদুৰীৰ পৰ্যায়তো গুৰুত্ব সিমানেই। শিল্প প্ৰদৰ্শণীৰ নামটোৱেই এটা গুৰুতৰ ভূমিকা বহন কৰে কিয়নো আাগন্তুক দ্ৰষ্টাৰ মনত ইয়ে এটা পূৰ্ৱ-ধাৰণাৰ নিৰ্মাণ কৰিব পাৰে। এইখন প্ৰদৰ্শনীৰ নাম "Blurred Perimeter" (ধূসৰ পৰিধি?) ৰাখি ৱাহিদা আহমেদে এটা স্থিতি স্পষ্ট কৰিছে যিটো ইমানদিনে ভাৰতবৰ্ষৰ মেইনষ্ট্ৰীম আৰু মেইনলেণ্ড বুলি থকা ধাৰণাৰ পৰিপ্ৰেক্ষিততহে অসমক প্ৰক্ষেপণ কৰাৰ বিৰক্তিকৰ পৰম্পৰাটোক নৎস্যাৎ কৰিবলৈ বিচাৰিছে। এইটোও বৰ সহজ কথা নহয়। আহমেদ এগৰাকী শিল্পকলাৰ সংগ্ৰাহক আৰু কলাবিথিকা এখন পৰিচালনা কৰে। যিবোৰ কাৰকে সমসাময়িক কলাৰ ধাৰণাবোৰক জন্ম দিয়ে আৰু ইয়াৰ গতিবিধি নিৰ্ণয় কৰি চলে সেই সমূহক সমূলি প্ৰত্যাখ্যান কৰি এটা ৰেডিকেল অৱস্থান গ্ৰহণ কৰাটো তেওঁৰ বাবে সহজ নহয়। মন কৰিবলগীয়া যে বহু সময়ত ৰেডিকেল বুলি আখ্যা পোৱা বহুখিনি সমল আচলতে আধুনিক আৰু সাম্প্ৰতিক কলাৰ কিছুমান এজেঞ্চীৰ বাগধাৰাই স্বীকৃতি দিয়া নিদিয়া পৰিসৰৰ মাজতেহে ৰেডিকেল হৈ ৰয়। তাতে আকৌ এই মুহূৰ্তত আমি কথা পাতি থকা আয়োজনটো সাক্ষাৎ নেহেৰুবাদী আধুনিকতাবাদী এটা আয়োজন, 'ত উত্তৰপূৰ্ৱাঞ্চলক তাৰ পৰম্পৰাগত পৰিচয়ৰ আহিলা সমূহেৰেই 'বিশ্ব'ৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰা হয় আৰু এইখন মঞ্চৰ তাগিদা অনুসৰী সেয়াই কাম্য। এনে এখন মঞ্চত Perimeter বা পৰিধি ৰেখাডালকেই Blurred বুলি উল্লেখ কৰাটোৱেই এটা উল্লেখযোগ্য পদক্ষেপ। আৰু ইয়াৰ বাবেই উৎসৱ-পৰিসৰটোৰ আনবোৰ বিপনী আৰু উপাদানতকৈ এইখন প্ৰদৰ্শনী একক আৰু আছুতীয়া হৈ থিয় দি ৰৈছে।
 
প্ৰদৰ্শনীস্থলত বিশিষ্ট অতিথি ড কপিলা বাৎসায়ন, IIC সঞ্চালক অশোক বাজপেয়ী, মনিষ পুস্কালেৰ সৈতে কিউৰেটৰ ৱাহিদা আহমেদ
দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল, এটা পৰম্পৰাগত প্ৰতিনিধিত্বমূলক শিল্প-সংস্কৃতি প্ৰদৰ্শনৰ পৰিৱেশৰ মাজত এইখন শিল্প-প্ৰদৰ্শনীয়ে উত্তৰপূৰ্ৱাঞ্চলৰ পৰা কেইজনমান বাচকবনীয়া নতুন প্ৰজন্মৰ শিল্পীক তুলি ধৰিছে যিসকল স্বতন্ত্ৰতা, নিজস্বতা আৰু নতুনত্বৰ বাৰ্তাবাহী। মুষ্টিমেয় লব্ধপ্ৰতিষ্ঠ কেইজনমান শিল্পীৰ জৰিয়তে উত্তৰ-পূৱৰ শিল্পক প্ৰতিনিধিত্ব কৰাৰ পৰিৱৰ্তে এইকেইজন উদীয়মান শিল্পীৰ ওপৰত আস্থা ৰখাৰ বাবে আৰু একেসময়তে আমাক সমসাময়িকতাৰ আভাস দিয়াৰ বাবেও কিউৰেটৰ ৱাহিদা আহমেদ ধন্যবাদৰ পাত্ৰ।
ডিটেইল, ধৰ্মেন্দ্ৰ প্ৰসাদৰ শিল্পকৰ্ম
অংকন দত্তৰ ধোঁৱাচাং
 
ধৰ্মেন্দ্ৰ প্ৰসাদৰ শিল্পকৰ্ম
দা ৰাজা ফাউণ্ডেচন আৰু ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰৰ যৌথ উদ্যোগত IIC Experience 2018 আয়োজনৰ অংশ হিচাপে নতুন দিল্লীত ২৭ অক্টোবৰৰ পৰা ১০ নৱেম্বৰলৈকে হৈ যোৱা এই Blurred Perimeter নামৰ প্ৰদৰ্শনীখনৰ শিল্পী সকল হ'ল থ্ৰংকিউবা য়িমছুংগ্ৰু (নাগালেণ্ড), ত্ৰেইবৰ মাওলং (মেঘালয়), চাওবা থিয়াম (মণিপুৰ), কম্পী ৰিবা (অৰুণাচল), মৃন্ময় দেববৰ্মা (ত্ৰিপুৰা), শিশিৰ থাপা (চিক্কিম), থ্লানা বাজিক (মিজোৰাম) আৰু অসমৰ অংকন দত্ত, ধ্ৰুবজিৎ শৰ্মা, ধৰ্মেন্দ্ৰ প্ৰসাদ, অৰ্পিতা দে। ভিন্ন শিল্পীৰ ভিন্ন সোৱাদৰ কাম ইয়াত থাকিলেও সমসাময়িক ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিয়ে আনি দিয়া উদ্বিগ্নতা আৰু মানৱ শৰীৰত তাৰ ৰৈ যোৱা আঁচোৰেই ইয়াত এটা ঘাইকৈ চকুত লগা দিশ হৈ ৰৈছে। ৰাজা ফাউণ্ডেচনৰে বঁটা প্ৰাপ্ত কবি নীলিম কুমাৰৰ বিজ্ঞাপন কবিতাটোৰ (ইংৰাজী ৰূপটো) প্ৰদৰ্শনী চৌহদৰ বেৰত সন্নিবিষ্ট কৰাটোও লক্ষণীয়। এই আলোচনাটিত কেইজনমান নিৰ্বাচিত শিল্পীৰ কামৰ কথা উল্লেখ কৰিম।
 
প্ৰদৰ্শনীৰ প্ৰস্তুতি কালত শিল্পী 
এটা ধোঁৱাই থকা ঘৰ। কেঞ্চি বাতামৰ অসম আৰ্হিৰ মিনিয়েচাৰ ঘৰ এটা সাজিছে অংকন দত্তই। ঘৰটোৰ ভেণ্টিলেটৰবোৰেদি ধোঁৱা ওলাই থাকে। সেই ধোঁৱাত আকৌ মাজে মাজে ধূনাৰ গোন্ধ, মাজে মাজে পোৰা চুলি অথবা পোৰা ফটাকানিৰ গোন্ধ। কামটো মূলত: এটা ভাস্কৰ্য সদৃশ যদিও ঘৰটোত ধোঁৱাৰ সংযোজনে তাক এটা প্ৰতিস্থাপনৰ লগতে কিছু পৰিমানে পৰিৱেশনৰ ওচৰ চপাই আনিছে। ঘৰৰ অনুষংগ অংকনৰ আন এটা কামৰ লগতে ধৰ্মেন্দ্ৰ প্ৰসাদৰ কামৰ মাজতো আছে। এটা অস্থায়ী বাসস্থানৰ আৰ্হি নিৰ্মান কৰি তাতে গুলি সূতাৰে সী উলিয়াইছে ঘৰৰ সৈতে জড়িত কিছুমান নিতান্তই দৈনন্দিন আৰু আপাত তুচ্ছ প্ৰসংগ। ইনষ্টলেচনধৰ্মী এই কামটোৰ ভিতৰলৈ দৰ্শক সোমাই যাবও পাৰে, বহিব পাৰে, বাগৰ সলাবো পাৰে। সেইভাবে ঘৰ আৰু আমাৰ শৰীৰটোক এখন সমতলত ৰাখিবলৈ চেষ্টা কৰা এই কামটোৱে দৰ্শকক শিল্পকৰ্মটোৰ সৈতে শাৰীৰিকভাবে এটা সম্পৰ্ক স্থাপনৰ আহ্বান জনায়। ঘৰ, শৰীৰ, ৰাজনৈতিক আৰু মানসিক সংঘাতজনিত স্থানচ্যুতি, অস্তিত্বৰ অস্থিৰতা, হিংসাৰ দ্বাৰা আঘাতপ্ৰাপ্ত শৰীৰ এইবোৰ প্ৰসংগই এইখিনি শিল্পীৰ কামত দোলা দি যায় আৰু অসম তথা উত্তৰ-পূৱ ভাৰতৰ সমসাময়িকতাক এইবোৰে সূচিত কৰিব পাৰে। বিশেষকৈ অংকনৰ কামত ব্যৱহৃত উপাদান সমূহেও তাকেই সূচায়। কলাৰ জগতৰ প্ৰচলিত আৰু তুলনামূলক ভাৱে স্থায়ী মাধ্যম সমূহৰ বিপৰীতে অস্থায়ী আৰু সহজতে পাব পৰা সমলৰ ব্যৱহাৰ মন কৰিবলগীয়া। ধোঁৱাচাং নামেৰে আন এটি কামত অংকন দত্তই বস্তু থ'বলৈ ব্যৱহাৰ কৰা শুকান লাওৰ খোলাকে ধৰি বহুখিনি ঘৰুৱা আচবাবৰ ব্যৱহাৰ কৰাটো এটা সচেতন প্ৰয়োগ। ঘৰুৱা আচবাবৰ ভিতৰতে বেটাৰীযুক্ত টৰ্চ কেইটিমানত ছাঁইৰ প্ৰলেপ সানি তাত কাটি উলিওৱা মুখাবয়ৱ কেইটিমান আছে যাৰ প্ৰক্ষেপন লেপি থোৱা মাটিত পৰে। পোৰ্ট্ৰেইট কেইটা গুপ্তহত্যাৰ সময়ৰ নিৰুদ্দিষ্ট কেইজনমান ব্যক্তিৰ বুলি শুনিবলৈ পাইছোঁ। ধোঁৱাচাং নামটোৰ আক্ষৰিক প্ৰয়োগ আৰু আক্ষৰিক ইংগিতখিনি যথেষ্ট আকৰ্ষণীয় আংগিক আৰু লগতে ভাবোদ্দীপক। একেদৰেই ধ্ৰুৱজিৎ শৰ্মাৰ পেইণ্টিং আৰু ভিডিঅ' আৰ্ট দুয়োটাতে শৰীৰ এটা কেন্দ্ৰীয় বিষয়। কিন্তু এই শৰীৰ স্থান কালৰ উৰ্ধৰ এটা অনামী শৰীৰ নহয়. বৰঞ্চ ধ্ৰুৱজিতৰ ছবিৰ শৰীৰবোৰ এটা বিষয়ী অৱস্থান নিৰ্মিত কৰা কেতবোৰ উপাদানেৰে খোদিত তৰপীয়া শৰীৰ। প্ৰদৰ্শনীত সন্নিবিষ্ট তেওঁৰ ভিডিঅ' আৰ্টটোতো দেখা যায় এটা মানৱী শৰীৰৰ ৰূপান্তৰ ঘটি তাৰ উপাদানখিনিৰেই অন্যত্ৰ এজুপি পুষ্পিত গছে গা কৰি উঠে। পুনৰ জী উঠাৰ বাসনা, নতুনকৈ জীৱন লাভৰ বাসনা, নিজকে নি:শেষ কৰি দি এটা অন্য সম্ভাৱনাৰ বাবে বাট এৰি দিয়াৰ প্ৰৱণতা আদি বহুতো অব্যক্ত কথকতাৰ ই জন্ম দিব পাৰে। অৰ্পিতা দে'ৰ ফেব্ৰিক আৰু পানীৰঙৰ প্ৰয়োগখিনিত নতুনত্ব আছে আৰু সমসাময়িক বহুতো শিল্পীৰ তুলনাত একক হৈ থিয় দিব পৰা।
 
ধ্ৰুৱজিৎ শৰ্মাৰ পেইণ্টিং 
আটাইখিনি কাম সম্পৰ্কে আলোচনা কৰিবলৈ হ'লে লেখাটোৱে বহল অবয়ৱ ল'বগৈ। সকলো শিল্পীৰ কামেই আছিল সতেজ আৰু প্ৰাণৱন্ত। বিশেষভাবে আকৰ্ষণীয় আছিল মণিপুৰৰ চাওবা থিয়ামৰ পাৰফৰমেঞ্চৰ ভিডিঅ'টো। জন্ম, প্ৰকৃতি আৰু মানৱ দেহৰ চিৰন্তন ৰহস্যখিনিক কেন্দ্ৰ কৰি আগবঢ়া এই কামটোৱে যিকোনো দৰ্শককে নিবিষ্ট চিত্তে মগ্ন কৰি ৰাখিবৰ সামৰ্থ ৰাখিছিল।  

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

Tuesday, October 23, 2018

গ্ৰন্থন সমস্যা, গণ-পাঠক আৰু সেৱাদাতা লেখক


["নিয়মীয়া বাৰ্তা", ১০ মাৰ্চ, ২০১৮]
"কিতাপ চামুচ, কেঁচী, হাতুৰী আৰু চকাৰ নিচিনা। এবাৰ আৱিষ্কাৰ হোৱাৰ পাছত ইয়াৰ উৎকৰ্ষ সাধন কৰিব নোৱাৰি। আৱিষ্কাৰ হোৱাৰে পৰা চামুচ এখন একে গঢ়তে আছে। প্ৰাগৈতিহাসিক চকা আৰু আজিৰ চকাৰ মাজত বিশেষ পাৰ্থক্য নাই। কিতাপৰ কোনো বিকল্প ওলালেও ই কিতাপৰ দৰেই হ'ব লাগিব। চিনেমা, টেলিভিশ্যন, ইণ্টাৰনেট একোৱেই কিতাপৰ স্থান ল'ব নোৱাৰে।" ইটালীৰ লেখক উমবাৰ্টো ইক' আৰু ফৰাচী চিত্ৰনাট্য লেখক জাঁ ক্লডে কেৰিয়াৰৰ এটা কথোপকথনৰ আধাৰত গীতাশ্ৰী তামুলীৰ "সাহিত্য আৰু সমালোচনা" গ্ৰন্থৰ শেষ নিবন্ধটো হ'ল "কিতাপৰ কাহিনী"। তাতে উমবাৰ্টো ইক'ই কোৱা এই কথাখিনি আছে। যিমান যি প্ৰত্যাহ্বান আহিলেও কিতাপ আছে আৰু থাকিব তাৰ ঘোষণাই আছে লেখাটোত। হাজাৰটা আহুকালৰ মাজতো অসমীয়া কিতাপেও নিজৰ জয়যাত্ৰা অব্যাহত ৰাখিছে। কিন্তু গ্ৰন্থ প্ৰকাশনৰ উদ্যোগটো কিমান কি সমস্যাৰে জৰ্জৰিত আৰু গ্ৰন্থ প্ৰকাশনৰ এটা সুচল পৰিৱেশৰ অভাৱত লেখক সকল কেনেকৈ কিমান আপোচৰ মাজেৰে চলিবলগীয়া হয় সেয়া আমি দেখি আহিছোঁ।  

গ্ৰন্থমেলাৰ বতৰত অন্য এখন কাকতত "প্ৰকাশক কাক বোলে" শীৰোনামেৰে আলোচনা এটা আগবঢ়াইছিলোঁ য'ত আমাৰ কেন্দ্ৰীয় বক্তব্য আছিল যে কিতাপৰ পাণ্ডুলিপি এটাক ছপা ৰূপত উলিয়াই দিয়াজনকেই প্ৰকাশক বোলা নহয়। "প্ৰকাশক মানে Curator; প্ৰকাশক মানে Connoisseur; প্ৰকাশক মানে Archivist; প্ৰকাশক মানে Strategist; প্ৰকাশক মানে Researcher; প্ৰকাশক মানে Manager; প্ৰকাশক মানে Conceptual Guide; প্ৰকাশক মানে Investor; প্ৰকাশক মানে Producer, Promoter, 'Pro'Claimer... আৰু বহুত কিবাকিবি। লেখাখিনি হয়তো লেখকৰ, কিন্তু কিতাপ আকাৰে প্ৰকাশ হৈ ওলোৱাৰ পিছত কিতাপখন আচলতে প্ৰকাশকৰহে"। কিন্তু তেনে আদৰ্শ প্ৰকাশক একোজন অসমত বিচাৰি উলিওৱাটো প্ৰায় অসাধ্য। গ্ৰন্থ প্ৰকাশন এটা বৌদ্ধিক কচৰৎ আৰু প্ৰকাশকজনো লেখকৰ সৈতে সমানে সমানে চিন্তন প্ৰক্ৰিয়া এটাৰ অংশীদাৰ। এই বৌদ্ধিক দিশটোৰ সৈতে যে অসমৰ স্বঘোষিত 'প্ৰকাশক' সকল যুক্ত নহয় সেই কথা আমি অভিজ্ঞতাৰ পৰাই দেখি আহিছোঁ। অন্য ব্যৱহাৰিক দিশটোতো থকা অপেশাদাৰী অভ্যাস, দায়িত্বগ্ৰহণৰ দিশত থকা হেমাহি আদিৰ ফালৰ পৰাও প্ৰকৃতাৰ্থত প্ৰকাশক এজনৰ অভাৱ আমি অনুভৱ কৰি থাকোঁ। অসমত অসমীয়া ভাষাৰ কিতাপৰ বিক্ৰীবাৰ্তাৰ কথা যিমান পতা হৈ থাকে, কিতাপ পঢ়াৰ অভ্যাসৰ কথা যেনেকৈ পতা হৈ থাকে তেনেকৈ কিন্তু প্ৰকাশন পদ্ধতিটোত থকা সমস্যাখিনিৰ কথা পতা নহয়। লেখক এজনে কোনোমতে নিজৰ উদ্যোগত কিতাপ এখন মুদ্ৰণৰ ব্যৱস্থা কৰিলেও তাৰ পিছত আহিব পৰা অৱশ্যাম্ভৱী সমস্যাটোৰ পৰা হাত সাৰিবৰ কোনো বাট নাথাকে। সেইটো হ'ল গ্ৰন্থ পৰিবেশন বা বিতৰণৰ সমস্যাটো। কিতাপ এখন মুদ্ৰণ কৰি বন্ধাই থ'লেইতো নহ'ব, সেইখন মানুহৰ হাতত পৰিবগৈও লাগিব। লেখকে যদি নিজা খৰছত কোনোমতে কিতাপ এখন ছপাই উলিয়ায়ো, সেইখন লৈ এতিয়া মানুহৰ ঘৰে ঘৰে বেচি ফুৰিবগৈতো নোৱাৰে, অথবা, দোকানে দোকানে বিতৰণ কৰিবও নোৱাৰে। যদি তেওঁ পাৰেও সেইটো আচলতে তেওঁৰ কাম নহয়। কিন্তু গ্ৰন্থৰ পৰিবেশক এজন ক'ত পোৱা যায় এতিয়া? গ্ৰন্থ প্ৰকাশনৰ এটা মতাদৰ্শ নোহোৱাকৈ, এটা পদ্ধতিবিধি অনুসৰণ কৰি চিন্তন-প্ৰক্ৰিয়া নথকাকৈ কেৱল কিতাপ এখন ছপাই দিয়াজন যেনেকৈ প্ৰকাশক নহয়, কিতাপ এখনৰ দহটা কপি বিক্ৰী কৰি দিয়াজনো পৰিবেশক বা বিতৰক নহয়। সেইজনক খুব বেছি কোৱা হ'ব পাৰে এজন দোকানীহে। এইবোৰ দিশলৈ চায়েই ক'ব পাৰি অসমত গ্ৰন্থ প্ৰকাশনটোৱেই আটাইতকৈ বেছি উদ্ভট আৰু আচহুৱা উদ্যোগ। প্ৰকৃতাৰ্থত প্ৰকাশকৰ অভাৱৰ পিছতো ইয়াত গ্ৰন্থ প্ৰকাশ হৈ থাকে, কোনো বিতৰণকাৰী নোহোৱাকৈয়ে উৎপাদনৰ উদ্যোগটো চলি থাকে। এইখিনিলৈকে আছিল প্ৰাককথন। আজিৰ আলোচনাত অন্য এটা দিশহে উনুকিয়াবলৈ বিচাৰিম।

গ্ৰন্থ প্ৰকাশনৰ উদ্যোগটোৰ অসুবিধাৰ কাৰণেই বুজন সংখ্যক লেখকে জীৱন পাত কৰিবলগীয়া হয় বাতৰি কাকত আৰু আলোচনীৰ পাতত লিখা মেলা কৰি। গ্ৰন্থিত কৰা বা গাঁঠি থোৱা কথাষাৰৰ পৰাই হয়তো "গ্ৰন্থ" শব্দটো আহিছে। এনেদৰে কাকতে আলোচনীয়ে প্ৰকাশ হোৱা লেখা অলপকে একেলগে গাঁঠি বেছিভাগ লেখকে গ্ৰন্থ প্ৰকাশ কৰে। কিন্তু গ্ৰন্থৰ নিৰ্মাণ এটা স্বয়ংসম্পূৰ্ণ কলা হিচাপে মানি ল'লে কেৱল লেখা অলপ থুপাই থোৱাটোকেই গ্ৰন্থ বোলা নাযাব। কিন্তু পৰিস্থিতি এনেকুৱা হয়গৈ যে তাকে নকৰিলে গত্যান্তৰ নাথাকেগৈ। এনেয়েও আৰম্ভণীৰে পৰাই অসমীয়া সাহিত্যৰ সামগ্ৰিক চৰিত্ৰটো আলোচনী-কেন্দ্ৰিক বুলি কথা এষাৰৰ প্ৰচলন আছে। একোটা আদৰ্শ বা একোজন ব্যক্তিৰ নামেৰে যুগবিভাজন হোৱাৰ পৰিৱৰ্তে অসমীয়া সাহিত্যৰ যুগবিভাজনৰ পদ্ধতিটোও আলোচনী-কেন্দ্ৰিকেই, যথা, অৰুণোদয় যুগ, জোনাকী যুগ, আৱাহন যুগ আদি। নি:সন্দেহে কাকত আলোচনীৰ ব্যাপক প্ৰচলনে, কাকত আলোচনীৰ নিৰ্ভৰশীলতাই লেখক সকললৈ বিস্তৰ সুবিধাও আগবঢ়াই আহিছে। কিতাপ এখন প্ৰকাশ কৰাটো যিহেতু পানীমিঠৈ নহয়, কাকত এখনতে লিখি নিজৰ লেখা-লিখিৰ হাবিয়াসখিনি পূৰণ কৰিব পৰা যায়। তাৰোপৰি কাকত আলোচনীত লিখি পাঠকৰ মতামত আদি সংগ্ৰহ কৰি পিছত তাক কিতাপ আকাৰে সজাই তুলিবলৈ লওঁতে পৰিমাৰ্জনা কৰিবৰ বা পুনৰ্সম্পাদনা কৰাৰ অৱকাশটোও থাকিল। এইখিনি হ'ল ভাল দিশ। কিন্তু কাকত আলোচনীৰ নিৰ্ভৰশীলতাই লেখক এজনলৈ আনি দিয়া কিছুমান অসুবিধাৰ দিশো আছে সেইখিনি উনুকিয়াবলৈহে আজি কলম মেলি লৈছিলোঁ।

প্ৰকাশৰ মাধ্যম বা ক্ষেত্ৰ এখনৰ চৰিত্ৰই লেখা এটাৰো চাৰিত্ৰিক বৈশিষ্ট্যক প্ৰভাৱিত কৰে। এটা প্ৰকাশনৰ উদ্যোগ হিচাপে কাকত আলোচনীৰ কেলেৱৰটোৰ প্ৰভাৱ ইয়াত গুৰুত্বপূৰ্ণ। বাতৰি কাকত এখনত সুদীৰ্ঘ গৱেষণা পত্ৰ এখন প্ৰকাশ কৰাৰ থল নাথাকে। একেদৰেই নিৰন্তৰ সমসাময়িকতাত অৱস্থান কৰা গণ মাধ্যমৰ অংশ হিচাপেও ইয়াৰ চাৰিত্ৰিক বৈশিষ্ট্যই লেখকৰ মনস্তত্বক গঢ় দি গৈ থাকে। সমসাময়িকতাৰ ভিত্তিতহে ইয়াত লেখা এটাই মান্যতা পায়। লেখা এটাক সময়সাপেক্ষ বুলি দাবী কৰিবৰ দায়িত্ব এটা লেখকৰ কান্ধত আপোনা-আপুনি আহি পৰেহি তাৰ লগতে আহি পৰে আন এটা তাগিদা- সেয়া হ'ল লোকচক্ষুৰ সন্মুখত বৰ্তি থাকিবৰ তাগিদা। ফলত সকলো সময়তে বাতৰি কাকত আৰু আলোচনীয়ে জন্ম দিয়া অথবা লালন পালন কৰি থকা লেখকে নিৰন্তৰ বিচাৰি ফুৰে ব্যতিক্ৰমী ভাব-ভাষা। এই ব্যতিক্ৰমৰ সন্ধানটো আপাত দৃষ্টিত এটা ভাল কথা যেন লাগিলেও বেছিভাগ সময়ত সি সাৰমৰ্মহীন লেখন অভ্যাসৰো জন্মদাতা। কি কামটো কৰা উচিত আৰু কি কথাটো পতা উচিত আদিবোৰ কথাতকৈ বেছি গুৰুত্বপূৰ্ণ হৈ উঠে লেখাটো গণ-পাঠকে (Mass-reader) আদৰি ল'ব নে নল'ব সেইটোহে। কাকত আলোচনী সমূহত ৰাজনীতিৰ পৰা ক্ৰীড়ালৈকে, কৃষিৰ পৰা বিনোদনলৈকে যিমানেই শিতান নাথাকক কিয়, পৰিশেষত কিন্তু সমস্ত শিতানেই সমসাময়িকতাৰ দাবীৰ ওচৰত নতশিৰ হ'বলৈ বাধ্য। একান্তই বিদ্যায়তনিক চৰ্চাৰ বাবে উৎসৰ্গিত শিতান বা পৃষ্ঠা এটা যদি ক'ৰবাত থাকেও সেই শিতানটোও কিন্তু এই সমসাময়িকতাৰ দাবীৰ পৰা উৰ্ধত নহয়। প্ৰকৃতাৰ্থত গৱেষণামূলক বা বিদ্যায়তনিক চৰ্চাত নিবিষ্ট লেখক এজনৰ তাগিদা অপূৰ্ণ হৈয়েই ৰয়। কলেৱৰৰ দিশেৰে শব্দসংখ্যাই যদি লেখকক এফালে আৱদ্ধ কৰিবলৈ বিচাৰে, আনফালে কাকতখনৰ জনমুখী বা পপুলাৰ চৰিত্ৰটোৱেও লেখকক নিজৰ বাটেৰে আগবঢ়াত অসুবিধাৰ সৃষ্টি কৰে। এইখিনি কাৰক বেছিভাগ সময়ত অলক্ষিতেই থাকি যায়। বহুকাল ধৰি কাকতে-পত্ৰই লেখা মেলি কৰি থকা লেখক এজনে এটা সময়ত নিজেই বুজিব নোৱাৰা হৈ ৰয় যে কোনবোৰ কাৰকৰ দ্বাৰা তেওঁ প্ৰভাৱিত হৈ আহিছে।

লেখক এজনে যেতিয়া কয় "মই মোৰ নিজৰ বাবে লিখোঁ", অথবা, "মই মোৰ মনৰ তৃপ্তিৰ বাবে লিখোঁ", তেতিয়াও তেওঁ হয়তো নিজেই গম পোৱা নাই যে নিজৰ মনৰ তৃপ্তিৰ কথা কৈ থাকোঁতে আচলতে তেওঁ অন্য এজন পাঠকৰ তৃপ্তিহে পুৰাই আছে। তেওঁ সজ্ঞানে নহ'লেও অন্তত: অৱচেতনাত জানে যে তেওঁৰ মুখেৰে "মই মোৰ মনৰ তৃপ্তিৰ বাবে লিখোঁ" বুলি শুনিবলৈ ক'ৰবাত পাঠক এজন ৰৈ আছে। কেৱল যে লেখকে লেখা এটা লিখি উলিওৱাৰ পিছতহে তাৰ পাঠক থাকিব পাৰে তেনে নহয়। লেখা এটা লিখাৰ আগতেও সেই অদ্যাপি অলিখিত পাঠটোৰ পাঠক এজন আগৰে পৰাই ৰৈ আছেই। কিছুমান পাঠকৰ অস্তিত্ব লেখকৰ অস্তিত্বৰ পূৰ্বৱৰ্তী।

গ্ৰন্থ প্ৰকাশনৰ উদ্যোগটো সুচল বা তনকীয়াল নোহোৱাৰ ফলত হ'ব পৰা অসুবিধা বহুতেই আছে। লেখক এজনৰ স্বকীয় পৰিচয় এটা কিতাপ এখনৰ মাধ্যমেৰেই হয়। এখন কিতাপৰ প্ৰকাশৰ পিছত দ্বিতীয়খন কিতাপৰ প্ৰকাশৰ সময়ত এটা গুণগত উত্তৰণৰ তুলনামূলক বিচাৰৰো বাট মুকলি হয়। এনে বহুখিনি অসুবিধাৰ ভিতৰত কিন্তু লেখা প্ৰকাশৰ মাধ্যম হিচাপে গণমুখী মাধ্যমৰ তাগিদাই গঢ় দিয়া লেখকৰ আভ্যন্তৰীণ চৰিত্ৰটোহে অধিক গুৰুতৰ বিষয়। যিকোনো এটা বিষয়তেই অধ্যয়ণ কৰিবলৈ লৈ অসমীয়া ভাষাৰ পাঠক এজনে সমল পুথিৰ অভাৱৰ কথা দৰ্শায়। এজনে অমুকটো বিষয়ত 'চিৰিয়াছ' চৰ্চাৰ অভাৱৰ কথা কৈ থাকোঁতেই আনফালে অন্য এজনে তমুকটো বিষয়তো বিষদ আলোচনা পাবলৈ নাই বুলি গোচৰ তোলা শুনো। কাকত আলোচনীৰ তাগিদা সমূহ (আৰু সেইসমূহৰ পাঠক-সমাজৰ ক্ষণিক এক্তিয়াৰবোৰ) পুৰণ কৰি গৈ থকা একোজন "চাৰ্ভিছ প্ৰভাইডাৰ"ৰ ভূমিকা পালনৰ পৰা লেখক সকল ওলাই আহিব নোৱৰালৈকে এই অভাৱ-অভিযোগবোৰ চলিয়েই থাকিব। লেখক এজনৰ লেখক জীৱনৰ সুস্থ উত্তৰণৰ বাবেই গ্ৰন্থ উদ্যোগটো সুচল হোৱাটো বাঞ্চণীয়।   


সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

পেখু পেখু (চৌবিশ): বিশেষজ্ঞতা (Specialization) আৰু ডিছপোজেবল জনতা


[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ৪ নৱেম্বৰ ২০১৮]
সৃষ্টিশীল আৰু চিন্তাশীল জগতখনত আমি সদায়ে পৰিধি বহল কৰাৰ কথাকেই কৈ আহিছোঁ। কেনেকৈ নতুন নতুন সম্ভাৱনাৰ দিশ উন্মোচন কৰাৰ প্ৰয়োজন আছে, কেনেকৈ মাধ্যমগত সীমাবদ্ধতাখিনি অতিক্ৰম কৰি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ সম্প্ৰসাৰণ সম্ভৱ, কেনেকৈ আজি যে মাল্টি-ডিছিপ্লিনেৰি আৰু ক্ৰছ-ডিছিপ্লিনেৰী চৰ্চাৰ সময় আহি পৰিছে সেইখিনি কথাই আমি পাতি আহিছোঁ। এই "পেখু পেখু" স্তম্ভতেই হয়তো মন কৰিছে যে বেছিভাগ চিত্ৰকৰ ডালিয়ে কৰা চিনেমা, কবি হীৰুদাই অঁকা ছবি, চিত্ৰকৰ ভূপেন খক্কৰে লিখা ছুটিগল্প আদিৰ কথাই সঘনে উল্লেখ হৈ আহিছে। সকলো সময়তে ৰেডিকেল (এই শব্দটোৰ অসমীয়া অনুবাদ দুৰূহ), ধূতি-নীতি বিৰোধী, স্বতন্ত্ৰ আৰু 'যি মন যায়' ধৰণৰ শৈল্পিক সৃষ্টিৰ আমি পোষকতা কৰোঁ। কিন্তু তথাপি একোটা ডিছিপ্লিন বা বিষয়-ক্ষেত্ৰৰ গুৰুত্ব বুজি পোৱাৰ প্ৰয়োজনীয়তাখিনিৰ বাবে "ডিছিপ্লিন" নামেৰে এটা আলোচনা আগবঢ়াইছিলোঁ। একে ধৰণেৰে আজি অলপ বিশেষীকৰণ আৰু বিশেষজ্ঞতা সম্পৰ্কে অলপ কথা পাতিব খুজিছোঁ।

স্থূল দৃষ্টিৰে চাবলৈ গ'লে বাৰটা মাহত তেৰটা পাৰ্বনৰ দেশ অসমত সকলো সময়তে মানুহ সাংস্কৃতিক কাৰ্যকলাপতেই ব্যস্ত থাকে। গাঁৱে ভূঞে প্ৰতিভাৰ কোনো আকাল নাই। বহিৰ্ৰাজ্যলৈ ওলাই আহিলে এইবোৰ কথা আৰু চকুত পৰে। কাৰণ অন্য ৰাজ্যত আমি দেখা মতে সকলোৱে সকলো জানিবই লাগিব বুলি কোনো কথা নাই। কিন্তু অসমত হ'লে ডেকা-বুঢ়া নিৰ্বিশেষে সকলোৱে অন্তত: বিহুটো এপাক নাচি দেখুৱাব পাৰিবই লাগিব। ওপৰলৈ শিল এটা দলিয়াই দিলে যাৰ মূৰতেই পৰিব সিয়েই হয়তো কবিতা লিখে, গান গায়, বিতৰ্ক কৰে বা গীটাৰখন বজায়। এইবোৰ ক'ত কৰে? ঘৰৰ ভিতৰত গোপনেতো নকৰে। কৰে ৰাজহুৱা মঞ্চত। তাৰ মানে এইবোৰ চৰ্চাৰ বাবে দেধাৰ অনুষ্ঠান প্ৰতিষ্ঠানেৰে চাৰিওপাশ ভৰি আছে। সংস্কৃতিক চৰ্চাৰ এটা নদন বদন পৰিৱেশেৰে আমি পৰিৱেষ্টিত। এতিয়া মন কৰক, এইখিনি কথা 'স্থূল দৃষ্টিৰে' চকুত পৰা বুলিহে উল্লেখ কৰি আহিছিলোঁ। এনে এটা পৰিৱেশৰ পিছতো যিকোনো চৰ্চাৰ ক্ষেত্ৰতেই প্ৰায় সকলো চৰ্চাকাৰীয়েই 'উপযুক্ত পৰিৱেশৰ অভাৱ' বুলি হামৰাও কাঢ়ি থকা দেখা যায় কিয় সেইটো এটা গুৰুত্বৰ প্ৰশ্ন। আপুনি ধৰক বৰগীত গায়। কিন্তু গাব ক'ত? বিহুমেলাত? বিহুমেলা জানো বৰগীত গোৱাৰ ঠাই? বৰগীতৰ বাবে এটা সুকীয়া অনুষ্ঠান, লোকগীতৰ বাবে এটা সুকীয়া অনুষ্ঠান, আধুনিক গীতৰ বাবে এটা সুকীয়া অনুষ্ঠান কিয় আমাৰ মাজত নাই? প্ৰশ্নটোৰ আঁত ধৰিয়েই আমি দেখা পাওঁ যে আচলতে আমাৰ মাজত কোনো বিষয়ৰে একনিষ্ঠ চৰ্চাৰ প্ৰতি চৰম বিৰাগ। এটা বিশেষ মাধ্যমত উৎকৰ্ষলাভৰ বাবে যি এক বিশেষীকৃত পৰিৱেশৰ প্ৰয়োজন হয়, সেই বিশেষীকৰণৰ পৰা আমি সদায়েই আঁতৰি ৰৈছোঁ। সংখ্যাগত জনতাৰ মাজৰ জনপ্ৰিয়তাক শৈল্পিক চৰ্চাৰ এটা মাপকাঠি বুলি গ্ৰহণ কৰাৰ ফলতেই এই অন্তৰায়। এটা গানেই হওক, এখন চিনেমাই হওক, এটা কবিতাই হওক- তাক যেতিয়া জনপ্ৰিয়তাৰ মাপকাঠিৰে মান্যতা দিবলৈ চেষ্টা কৰা হ'ব তেতিয়া সেই চৰ্চাৰ আপোন মৰ্যাদা ক্ষুন্ন হোৱাটোৱেই স্বাভাৱিক। জনতা দৰ্শকে শিল্পীক ভস্মধূলাত ফু মাৰি সকলো সমস্যা নিমিষতে বাজিমাৎ কৰি দিব পৰা যাদুকৰী বাবাজীৰ ৰূপতহে বিচাৰে। আমাৰ চৌপাশৰ যিখিনি চৰ্চাৰ মঞ্চ আছে সেইখিনি কোনো দিশৰ পৰাই একাগ্ৰ বিশেষজ্ঞ শিল্পীৰ চৰ্চাৰ থলী নহয়। 'ৰাইজেই বিচাৰ কৰিব'- ধৰণৰ কথাবোৰ আচলতে ৰেটৰিক। তাহানিতেই অসমীয়া কবিতাৰ কাহিনী ক'বলৈ গৈ মহেশ্বৰ নেওগে উল্লেখ কৰিবলৈ বাধ্য হৈছিল- “গণপ্ৰাণেৰে হ’লেও গণভোটৰ দ্বাৰা কবিতাৰ মূল্য নিৰ্ণয় কৰিব নোৱাৰি। লোকৰঞ্জনো সাহিত্যৰ নিৰ্ভুল জোখকাঠি নহয়" (১৯৫৮)।

অলপ টেঙা, অলপ জ্বলা, অলপ মিঠা এনেকৈ কেইবাটাও সোৱাদযুক্ত বস্তুৰে চাট ধৰণৰ খাদ্যৰ জনপ্ৰিয়তা বহুত। ইয়াৰ ভাল কথা কেইবাটাও। সকলো সোৱাদ কম দামতে একত্ৰে পাব পাৰি। দ্বিতীয়তে, বাটে পথে এইবোৰ তেনেই সুলভ। তৃতীয়তে কাৰোবাৰ কোনোবাটো বিশেষ সোৱাদৰ প্ৰতি বিশেষ অনুৰাগ নাথাকিলেও আনবোৰ সোৱাদৰ বাবে কাম চলি যায় আৰু। কিন্তু এতিয়া কথা হ', দিনৰ পিছত দিন ধৰি অথবা একেটা দিনতো প্ৰতি সাঁ‌জতে আপুনি চাট খাই জীয়াই থাকিব পাৰিবনে? বহুতো সোৱাদৰ লগে লগে বহুতো খাদ্যমূল্যৰ ভিটামিন আদি তাত একত্ৰে পোৱা যায় বুলি ধৰি ল'লেও জীয়াই থাকিবলৈ সেয়াই একমাত্ৰ ভক্ষ্য হ'ব পাৰেনে? নোৱাৰে। বিভিন্ন সময়ত, বিভিন্ন প্ৰয়োজনত আমাক বিশেষ বস্তু কিছুমান বিশেষভাবে লাগে। বিশেষীকৰণ সেইকাৰণেই লাগে। কিন্তু অসমৰ সাংস্কৃতিক পৰিমণ্ডলত চৌদিশে কেৱল চাট আৰু চাট। কোনোটো বস্তুৰেই কোনো বিশেষীকৃত উপলব্ধি নাই, চৰ্চাও নাই, তাগিদাও নাই। এই কাৰণতেই অসমৰ অন্যতম জনপ্ৰিয় আৰু মান্য আলোচনী হ'ল "প্ৰান্তিক", আৰু যিকোনো উপলক্ষ্যতেই সাংস্কৃতিক চৰ্চাৰ পেডেষ্টেল হ'ল "বিহুমেলা", নহ'লে "সাংস্কৃতিক সন্ধিয়া"। মানি ল'বলৈ টান পালেও এই কথা সত্য যে প্ৰান্তিকো চাট, সাংস্কৃতিক সন্ধিয়াবোৰো চাট। প্ৰান্তিকত পাতত কবিতা প্ৰকাশ পোৱা ন-লেখকে একধৰণৰ মান্যতা লাভ কৰা দেখা যায়। এইটো এটা দুৰ্ভাগ্য। কাৰণ মূলত: প্ৰান্তিক এখন বাৰ্তালোচনী, a newsletter, সাহিত্যৰ অথবা কবিতাৰ আলোচনী নহয়েই। সেয়েহে অলপ ৰগৰৰ সুৰেৰেই আমি ক'বলৈ বাধ্য যে অসমীয়া এটা কেৱল চাট খাই খাই পেট বেয়া কৰি নৰিয়াত পৰি থকা জাতি।

এখন সভাত মাজত থিয় হৈ ছোৱালী এজনীয়ে গীত পৰিৱেশন কৰাৰ আলোকচিত্ৰ এখন দেখি আমাৰ প্ৰথম প্ৰতিক্ৰিয়া আছিল- ইমানবোৰ মানুহে বেৰি-কুৰি ধৰি অকলশৰীয়া ছোৱালীজনীক এনেকৈ ৰেগিং কৰি আছে কিয়? সভা এখনৰ মাজত প্ৰাসংগিক হওক বা নহওক, প্ৰাসংগিক হ'লেও পৰিৱেশনযোগ্য এটা পৰিস্থিতি থাকক নাথাকক, কেৱল আমাৰ সাংস্কৃতি-প্ৰেম সাব্যস্ত কৰিবৰ বাবেই কাৰোবাক গীত এটা গোৱাবই লাগিব বুলি কোনো কথা নাথাকে। সভাখন যদি পতা হৈছে কিবা এটা বিশেষ উদ্দেশ্যে এটা বিশেষ বিষয়ৰ আলোচনাৰ বাবে, তেন্তে সেই সভাখনত সেই বিশেষ বিষয়টোৰ আলোচনাই হওক। তাত আকৌ গান এটা নালাগে। যদি আপোনালোকে গান ভাল পায় তেনেহ'লে গানৰ বাবে এটা সুকীয়া পৰিৱেশৰ সৃষ্টি কৰক আৰু মন প্ৰাণ ভৰি গানকেই শুনক। নাটক এখন মঞ্চস্থ হোৱাৰ আগতে সুদীৰ্ঘ উন্মোচনী অনুস্থান এটাৰ প্ৰয়োজনীয়তা নাথাকে। নাটক কৰাই নাটককেই কৰক, চাওঁতাই চাওক। মনপুতি চাওক, একাগ্ৰতাৰে চাওক। আশাৰ বাতৰি এয়ে যে এই সময়তে চিনেমা বিষয়ক চৰ্চাক কেন্দ্ৰ কৰি "বিষয় চিনেমা" আৰু নাটক, চিত্ৰ আৰু ভাষ্কৰ্য বিষয়ক "সংস্কৃতি" নামেৰে নতুন দুখন আলোচনী প্ৰকাশ হৈছে। অলপমান সামাজিক ৰাজনৈতিক খবৰ, অলপ ক্ৰীড়া, অলপ বিনোদন এনেকৈ আঙুলিৰ মূৰেৰে চেলেকি খাব পৰা সংবাদ ভিত্তিক আলোচনীৰ পৃষ্ঠাবোৰৰ বিপৰীতে আশাকৰোঁ এইখিনি নতুন মঞ্চত একোটা বিষয়ৰ বিশদ কথা-বতৰাৰ পৰিৱেশ এটা উন্মোচিত হ'ব।

সভা-সমিতি আৰু আনুষ্ঠানিকতাই এনে এক চূড়ান্ত পৰ্যায় পাইছেগৈ যে এই বছৰৰে বিশ্ব পৰিৱেশ দিৱসৰ উদযাপনৰ সৈতেও এখন সাংস্কৃতিক সন্ধ্যাৰ আয়োজন কৰা হৈছিল। এই সময়ৰ আন এটা বিপৰ্যয়ৰ খবৰ এয়ে যে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচুৰ সম্ভাৱনা বহন কৰা খেলুৱৈ হিমা দাস এই লেখাটো লিখি থকাৰ সময়ত সম্বৰ্ধনাৰ দৰে অনুষ্ঠান সমূহত ঘূৰি ফুৰি নিজৰ অনুশীলনৰ প্ৰতি আওকাণ কৰাৰ খবৰ আহিছে। খেলুৱৈয়ে মূলত: সময় আৰু মনযোগ নিৱেশ কৰক খেলপথাৰত, সাংস্কৃতিক অনুষ্ঠানত কিয়? ড হীৰেন গোঁহাই যে অসমীয়া ভাষাত সমালোচনাৰ ক্ষেত্ৰত এজন অগ্ৰণী ব্যক্তি আমি সকলোৱে জানো। দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ অনুষ্টুপ আয়োজন এটাত নিজৰ বক্তব্য আগবঢ়াবলৈ গৈ তেখেতে ঈষৎ খেদ প্ৰকাশেৰেই কৈছিল, বেছিভাগ সময়তেই মই জনপ্ৰিয় মাধ্যমৰ লেখক হিচাপেই কাম কৰি আহিছোঁ। জনপ্ৰিয় স্তৰৰ কৰ্মী হোৱাৰ সীমাবদ্ধতাখিনি সকলো মানুহে সমানে উপলব্ধি কৰি উঠিবগৈ নোৱাৰে।

জনতাৰ সন্তুষ্টিকৰণ সন্মুখত ৰাখি চলিলে কোনো চৰ্চায়েই সঠিক পথেৰে আগুৱাব নোৱাৰিব। কাৰণ জনতাই সদায়ে নিজৰ তোষামোদ বিচাৰে। এটা বস্তুৰে জনতা সন্তুষ্ট কেতিয়াও নহয়। জনতাক সুন্দৰ শ্ৰুতিমধুৰ গীতেৰে মুগ্ধ কৰিম বুলি ভাবিলেও জনতাই তাত মাটিৰ গোন্ধ আৰু সমাজ দায়বদ্ধতা বিচাৰিব। এনেকৈ জনতাই কি বিচাৰে সেই কথা প্ৰাধ্যান্য দি চলিলে কথাবোৰ ঘূৰি পকি গৈ আকৌ সেই ঈছপৰ সাধুৰ বাপেকে পুতেকে মিলি গাধ বেচিবলৈ বজাৰলৈ যোৱাৰ ঘটনাটোৰ দৰেহে হ'বগৈ।



সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV),
3rd Floor, Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

Monday, October 15, 2018

পেখু পেখু (তেইশ): ইলাষ্ট্ৰেচন


[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ১৪ অক্টোবৰ, ২০১৮]
কবি, লেখক আদিয়ে অঁকা ছবি, অথবা মূলত: এমেচাৰ শিল্পীৰ সৃষ্টিকৰ্ম সম্পৰ্কে আগৰ আলোচনা এটাত "অমুকৰ ছবি ইলাষ্ট্ৰেচনধৰ্মী হ'লেও" বুলি উল্লেখ কৰি তাৰ প্ৰশংসনীয় দিশৰ কথা উল্লেখ কৰা হৈছিল। এই উল্লেখটোৰ আঁত ধৰিয়েই এগৰাকী সুহৃদ পাঠকে প্ৰশ্ন তুলিছিল- "ইলাষ্ট্ৰেচনধৰ্মী হ'লেও" বুলি উল্লেখ কৰাৰ মানে কি? ইলাষ্ট্ৰেচনধৰ্মী হোৱাটো বেয়া নেকি? উত্তৰটো থোৰতে দিবলৈ হ'লে শিল্পৰ চৰ্চা আৰু ৰসাস্বাদনৰ পদ্ধতিবোৰৰ মাজত ই এটা দুৰ্বল দিশ হিচাপেই পৰিগণিত হয়। এতিয়া কিয় আৰু কেনেকৈ সেইখিনি কথা অলপ জটিল। সমানেই জটিল, ছবি এখনক কেতিয়া কেৱল পেইণ্টিং বুলি কোৱা হয় আৰু কেতিয়া তাক ইলাষ্ট্ৰেচন বুলি কোৱা হয় সেইখিনি কথাও।


ইলাষ্ট্ৰেচনৰ প্ৰতিশব্দ হিচাপে সঘনে ব্যৱহৃত অসমীয়া শব্দ "ব্যাখ্যাচিত্ৰ"ই স্পষ্টত: ইংগিত দিয়ে যে ই মূলত: কিবা এটাৰ ব্যাখ্যা কৰে। এই ব্যাখ্যাটো সচৰাচৰ হয় "অন্য"। ইয়াৰ মানেই হ'ল ইলাষ্ট্ৰেচন এটাই কেৱল ছবি হিচাপে নিজেই নিজৰ পৰিচায়ক হিচাপে থিয় দিয়াতকৈও অন্য কিবা এটাত ভেঁজা দিহে থিয় হয়। অসমৰ দেধাৰ বাতৰি কাকত আৰু আলোচনীত প্ৰকাশিত অসংখ্য গল্প আৰু কবিতাৰ সৈতে সংলগ্ন ছবি দেখা যায়। সেইখিনি সচৰাচৰ সংযুক্ত লেখাটোৰ পৰিপূৰক বুলিয়ে পৰিগণিত হৈ আহিছে। ইয়াতোকৈ অপ্ৰিয় সত্যটো এয়ে যে ছবিৰ ভূমিকা আজি পৰ্যন্ত হৈ ৰৈছে কেৱল সাজ-সজ্জাৰ আচবাব হিচাপে, কাকতৰ পৃষ্ঠা এটা দৃষ্টিনন্দন কৰি তোলাৰ ওপৰিঞ্চি সমল ৰূপে নিজকে পৰিচয় দিয়াত। কিন্তু শিল্প কেৱল ডেকৰেচন মেটেৰিয়েল নহয়। দৃষ্টিনান্দনিকতা শিল্পৰ একমাত্ৰ চৰ্ত নহয় (আচলতে কোনো চৰ্তয়েই নহয়)। আৰু অলপ বহলাই নিলে, ঠিক 'সুখপাঠ্যতা' যেনেকৈ কবিতাৰ প্ৰথম চৰ্ত নহয় (আচলতে কোনো চৰ্তয়েই নহয়)। কিন্তু নিজৰ অৱস্থান আৰু পৰিস্থিতিৰ সাপেক্ষে ইলাষ্ট্ৰেচনে (অথবা অলপ বহলাই ইলাষ্ট্ৰেচন-ধৰ্মী শিল্পই) শিল্প আৰু ডিজাইনৰ মধ্যৱৰ্তী অৱস্থান এটাত নিজৰ পৰিচয় দিবলৈ বাধ্য। এতিয়া ডিজাইন শব্দটো আহি পৰাত কথাখিনি বুজিবলৈ অলপ সহজো হ'ল, অলপ জটিলো হ'ল। শিল্প আৰু ডিজাইনৰ পাৰ্থক্যটো কি? শিল্প ডিজাইন নহয় নে ডিজাইন শিল্প নহয়? বুজিবলৈ অসুবিধা হ'ব নালাগে যে শিল্প বুলি এই লেখাত মূলত: সুকুমাৰ কলা বা চাৰু কলাৰ ফালেই ইংগিত কৰা হৈছে। ডিজাইন আৰু চাৰুকলাই বহুখিনি উপাদান আৰু ধৰ্ম উমৈহতীয়াকৈ বহন কৰি চলিলেও ডিজাইনৰ প্ৰাথমিক সংজ্ঞাই কয় যে ই সকলো সময়তে কিবা নহয় কিবা এটা উদ্দেশ্য সিদ্ধি কৰে। চকী এখনৰ ডিজাইন মানে তাত কাটি উলিওৱা ফুল পাতৰ নক্সাক নুবুজায়। বুজায় চকীখনকেই। কেনেকৈ চাৰিটা খুটাৰ ওপৰত চকীখন থিয় হৈ আছে, আৰু কেনেকৈ চকীখন মানুহ এজন বহিবৰ বাবে উপযুক্ত। চকী এখনত বহাৰ লগে লগেই যদি মানুহ এজন ধুপুচকৈ সৰি পৰে তেনেহ'লে যিমানেই কাৰুকাৰ্য-খচিত নহওক লাগিলে চকীখনৰ ডিজাইন ভাল বুলিব পৰা নাযাব। মানে এই কথাটো স্পষ্ট হ'ল যে অলংকৰণ কাৰুকাৰ্যই ডিজাইন নহয়।

ইলাষ্ট্ৰেচন-ধৰ্মী বা ইলাষ্ট্ৰেটিভ বুলোঁতে ডিজাইন আৰু অলংকৰণ (Ornamentation) দুয়োটা শব্দই আহি সোমালেহি। এহাতে ই প্ৰতিশ্ৰুতি দিয়ে যে ই আন কিবা এটাক ব্যাখ্যা কৰিব, সেয়ে ব্যাখ্যাচিত্ৰ। অন্যহাতে একে সময়তে আমাৰ কাকত আলোচনীৰ পাত লুটিয়াই যি দেখা পাওঁ সেয়া হ'ল ই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰাৰ দায়িত্ব লয়, সেই হিচাপেৰে ই অলংকৰণ। শিল্পকলা হিচাপে ছবি এখনৰ অৱস্থান কিন্তু ইয়াৰ পৰা অনেক দূৰত। বৰঞ্চ এটা ব্যাখ্যাই কয় যে শিল্পকলাৰ কোনো ব্যৱহাৰিক উদ্দেশ্য থাকিব নালাগিব। ১৯১৭ চনৰ মাৰ্চেল ডুচ্যঁৰ সেই 'কুখ্যাত' মূত্ৰাগাৰটোলৈ মনত পেলাওক য'ত তেওঁ বজাৰৰ পৰা মূত্ৰাগাৰ এটা কিনি আনি ছদ্মনামেৰে ছহী এটা কৰি এইটোৱেই মোৰ শিল্পকৰ্ম বুলি কলাবিথীকাত প্ৰদৰ্শন কৰিবলৈ বিচাৰিছিল। মূত্ৰাগাৰটো আছিল ইতিমধ্যেই যান্ত্ৰিকভাবে উৎপাদিত এটা ব্যৱহাৰ্য সামগ্ৰী। যেতিয়ালৈকে তাক ব্যৱহাৰৰ সম্ভাৱনা আছিল তেতিয়ালৈকে সি কেৱল এটা ব্যৱহাৰ্য বস্তু। যি মুহূৰ্ততে তাৰ ব্যৱহাৰৰ উপযোগীতাখিনি বিলোপ কৰা হ'ল তেতিয়াহে তাক শিল্প বুলিব পৰা হ'ল। মূত্ৰাগাৰ আৰু ব্যৱহাৰ্যতাৰ প্ৰসংগতে মনলৈ অহা আন এটা উদাহৰণ দি থওঁ। ২০১২ চনত গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তত পষেকযোৰা এলানি 'পাব্লিক আৰ্ট আৰু পাৰফৰমেন্স'-ৰ আয়োজন কৰা হৈছিল। সেই সময়তে গুৱাহাটীৰ অংগ নৰ্থ-ইষ্ট নামৰ সমূহ (collective) এটাই আমবাৰী, পল্টনবজাৰ আদি কেন্দ্ৰীয় ঠাইখিনিত কিছুমান ৰাজহুৱা পেচাবঘৰ সংস্থাপন কৰিছিল। কলপটুৱা, তামোলৰ ঢকুৱাৰ দৰে সহজে প্ৰাপ্ত প্ৰাকৃতিক উপাদানেৰেই তেওঁলোকে ৰাতিটোৰ ভিতৰতে সকলো সৰঞ্জাম তৈয়াৰ কৰি তেৰ নে পোন্ধৰটামান স্থানত তেনেকুৱা অনুষ্টুপ পেচাবঘৰ সংস্থাপন কৰিছিল। ৰাতিপূৱাই সেইখিনি দেখি বাটৰুৱা অবাক। কিন্তু পেচাবঘৰলৈ সোমাই মানুহে দেখে যে সেইখিনি পেচাবঘৰেই হয়, কিন্তু পেচাব কৰিবৰ বাবে উপযুক্ত নহয়। সেই সময়ত "অংগ সমূহ"ৰ শিল্পী সকলৰ ভাষ্য আছিল যে- আমি এইখিনি শিল্প হিচাপেহে যিহেতু সংস্থাপন কৰিছোঁ, আমি বিচাৰোঁ মানুহে আহি চাবহে পাৰিব, কিন্তু ব্যৱহাৰ কৰিব নোৱাৰিব।               


ব্যৱহাৰযোগ্যতা বা প্ৰায়োগিক দিশ সমূহ পৰিহাৰ কৰি শিল্পই ইয়াৰ নিজৰ প্ৰয়োজনীয়তা অন্য এটা নন্দনতত্বৰ স্তৰত সাব্যস্ত কৰিবলৈ বিচাৰে। মানৱীয় আৱেদন, অনুভূতি আদিবোৰ দিশতো আছেই, তাৰ লগে লগে ই জন্ম দিব খোজে একধৰণৰ চিন্তন প্ৰক্ৰিয়াৰ, এটা বাগধাৰাৰ। শিল্পৰ মাজত নিহিত থকা সেই বিৰাট সম্ভাৱনীয়তাক সংকুচিত কৰি তাক কেৱল ব্যাখ্যাচিত্ৰ হিচাপে গ্ৰহণ কৰাতো নিশ্চয় সজ কথা নহ'ব।

কিন্তু শিল্পক তাৰ ব্যৱহাৰিক দিশখিনিৰ পৰা উন্মুক্ত কৰিবলৈ বিচৰাটো এটা আধুনিকতাবাদী প্ৰপঞ্চ বুলিব পৰা যাব নেকি? কাৰণ আমাৰ সমস্ত শৈল্পিক ঐতিহ্যই দেখোন ইলাষ্ট্ৰেচনধৰ্মী। পুথিচিত্ৰসমূহ আচলতে একো একোটা কাহিনীৰ ব্যাখ্যাচিত্ৰ। সমগ্ৰ বিশ্বতে সমাদৃত প্ৰাক ৰেণেছাঁ যুগৰ গোটেইখিনি দৃশ্যগত উপাদানেই আচলতে ব্যাখ্যা-সূচক। আৰু এঢাপ আগুৱাই প্ৰশ্ন কৰিব পাৰি কোনখিনি ছবিনো ব্যাখ্যাসূচক নহয়? যিকোনো দৃশ্যমান উপস্থিতিয়েই দেখোন কিবা নহয় কিবা কাহিনী একোটা কয়। একক ব্যক্তিবিশেষৰ মুখাবয়বে যেনেকৈ কিবা এটা ক'বলৈ বিচাৰে, নিসৰ্গ দৃশ্য এটায়েও কাহিনী এটা ব্যক্ত কৰিবলৈকে বিচাৰে। কেৱল যে নেৰেটিভ বা বৰ্ণনাধৰ্মী দৃশ্য-শৃংখলা এটাইহে যে কাহিনী কয় তেনেতো নহয়। তেনেহ'লে যিকোনো ধৰণৰ দৃশ্যগত নিৰ্মাণ, বা সকলো ধৰণৰ শিল্পকেই কিহবাৰ নহয় কিহবাৰ ইলাষ্ট্ৰেচন বুলি সামৰি থ'ব পৰা যাব নেকি? এইখিনি কথাই আলোচনাৰ পৰিসৰ বহল কৰি নিব আৰু অন্যত্ৰ আলোচনাৰ প্ৰয়োজন হ'ব।


কিন্তু বিশেষকৈ চিত্ৰশিল্পৰ ন-শিকাৰু সকলে পাঠগ্ৰহণ কৰোঁতে লে'-আউট এটা কৰোতেই ছবিখন খুব বেছি ইলাষ্ট্ৰেচনধৰ্মী হৈ গৈ আছে নেকি এই সন্দহটোৰ সন্মুখীন হয়। সহজভাবে বুজিবলৈ হ'লে ইলাষ্ট্ৰেচনধৰ্মী হোৱাৰ অসুবিধাটো হ'ল এয়ে যে দৃশ্যগত মাধ্যম হিচাপে চিত্ৰ এখনৰ কাম হ'ল দৃশ্যগত ৰূপটোৰেই যিমান দূৰ সম্ভৱ সংযোগ স্থাপন কৰাটো যিটোত ইলাষ্ট্ৰেচনধৰ্মীতা এটা আসোঁৱাহ। ছবি এখন চাই কিবা এটা অনুভৱ কৰাটোতকৈ যদি তাৰ আনুসংগিক কাহিনীবোৰেহে আহি ভীৰ কৰেহি সেয়া নিশ্চয় দৃশ্যগত আবেদনৰ বাবে এটা নেতিবাচক দিশ। অসমৰ পৰিপ্ৰেক্ষিতত এইখিনি কথালৈ বিশেষভাবে মন দিয়াটো উচিত। কাৰণ, কেৱল অসমীয়া ভাষা আৰু সাহিত্যই যে আলোচনীকেন্দ্ৰিক তেনে নহয়, পৰ্যাপ্ত কলা-বিথীকা আৰু সংগ্ৰহশালা নথকাত আৰু সৰ্বোপৰি নিয়মিত ছবি চোৱাৰ এটা অভ্যাস নথকাৰ ফলত কাকত-আলোচনীৰ ইলাষ্ট্ৰেচনৰ জৰিয়তেই আমাৰ দৃশ্যগত সংবেদনশীলতাখিনিয়েও গা কৰি উঠে। ছবি এখনক কেৱল ছবিৰ মৰ্যাদাৰে চোৱাৰ অভ্যাসটো সেয়েহে আমাৰ মাজত এতিয়াও গা কৰি উঠিবগৈ পৰা নাই। ছবিখন চোৱাৰ আগেয়েই সেয়েহে ইয়াৰ মানে বা অৰ্থটোনো কি, কি বুজাব খোজা হৈছে আদিবোৰ প্ৰশ্নই ভীৰ কৰেহি। আৰু কাহিনীটো বুজি ল'লেই দ্ৰষ্টা তৃপ্ত, নুবুজিলেই পয়মাল। এনে পৰিস্থিতিত আমি বাৰে বাৰি দোহাৰিবৰ প্ৰয়োজন আছে যে ছবিখনক প্ৰথমতে কেৱল ছবি হিচাপেই চাবলৈ শিকাটো অধিক জৰুৰী। অন্যথা কোনো শিল্পকেই সেই মাধ্যমটোৰ মাধ্যমগত মৰ্যাদাৰ চকুৰে চাবলৈ আমি অপাৰগ হৈ ৰ'ম। ছবিক সাহিত্যৰে, নাটকক সাহিত্যৰে, চিনেমাক সাহিত্যৰে ব্যাখ্যা কৰি গৈ থাকিলে আমি আৰু আগুৱাব নোৱাৰিম। এই সময়ত চৰ্চাৰ শিখৰত থকা ৰীমা দাসৰ "ভিলেজ ৰকষ্টাৰ্ছ" চিনেমাখনৰ প্ৰতি ৰাজহুৱা স্তৰৰ প্ৰতিক্ৰিয়াখিনিয়েও এই একেটা সমস্যাৰেই ইংগিত দি আছে। চিনেমাখনক এখন চিনেমা হিচাপে তাৰ চিনেমেটিক ভাষাৰেই অনুধাৱণ কৰাৰ পৰিৱৰ্তে 'অসমৰ গ্ৰাম্য-জীৱনৰ ছবি তুলি ধৰা হৈছে', 'দাৰিদ্ৰ্য পীড়িত এটা পৰিয়াল দেখুওৱা হৈছে' আদি ধৰণেৰে বাৰে বাৰে পতিয়ন নিয়াবলৈ চেষ্টা কৰা হৈ আছে যেন চিনেমাখন চিনেমা নহয়, অন্য কিবা কাহিনী এটাৰ বা পৰিস্থিতি এটাৰ ইলাষ্ট্ৰেচন বা ব্যাখ্যাচিত্ৰ মাত্ৰ। সেই সূত্ৰেই সেই ব্যাখ্যাত ক'ত কি কেৰোণ ৰৈ গৈছে, পোহৰ আৰু শব্দৰ সমস্যা, কাহিনী কথনৰ ধাৰাবাহিকতাৰ সমস্যা আদিবোৰ মানুহে খুঁতিনাতি মাৰি চাবলৈ লৈছে। যেনিবা সেইখন যে সৰ্বাংগসুন্দৰ এখন স্বয়ংসম্পূৰ্ণ চিনেমা সেইটো মানি ল'বলৈ আমি অপাৰগ। এইটো এটা সমস্যা।   

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV),
3rd Floor, Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

Thursday, October 4, 2018

গেজেককৈ উভতি ধৰা কথাবোৰ আৰু মনোজ নেওগৰ কবিতা


[মনোজ নেওগৰ "এজন ৰঙৰ মিস্ত্ৰি" কিতাপৰ পাতনি। চেপ্তেম্বৰ, ২০১৮]

"I see not only the eye of an other; I see also that he looks at me." That is, what is SEEN is not only a thing, a dead object, but also a responding subject, an intention even. If a LOOK can be seen, then empiricism and all the reductionisms that are associated with it are destroyed. But a look CAN be seen, not only the face, but another face's glance at my face. 

[Jaques Derrida,
Derrida quotes Scheler in his essay "Violence and Metaphysics: An Essay on the Thought of Emmanuel Levinas”, Writing and difference.]

শিল্প আৰু সাহিত্যৰ জগতখনৰ বেছিভাগ কথাই পেৰাডক্সিকেল, আৰু কিছুমান পেৰাডক্স সকলো যুগতে একেই থাকে। কবিতাৰ আলোচনা আৰু সমালোচনাৰ প্ৰয়োজন নাই বোলা এটা মত আৰু তাৰ বিপৰীতে সমালোচনাৰ প্ৰয়োজন নাই বোলা মতটো একেখন সমতলতে বিৰাজ কৰে। আপোন স্থিতি অনুসৰি কথাবোৰে মোৰ লয়। আৰু কথাবোৰ বুলি যেতিয়া কোৱাই হ'ল আৰু কথাৰ কথাকেই আমি পাতি আছোঁ‌, সেয়েহে কথা পতাৰ প্ৰয়োজনীয়তা নাই বুলিবৰ আৰু অৱকাশ নৰয়গৈ। ইয়াৰ পিছত আহে দ্বিতীয় স্তৰৰ সমস্যাটো। সম্ভৱতঃ কবিতা সম্পৰ্কেই আটাইতকৈ বেছি কথা পতা হৈ থাকে। প্ৰায়ভাগ লেখকৰে লেখক জীৱনৰ আৰম্ভণী কবিতাৰে হয়, সাহিত্য চৰ্চাৰ লগত পেশাদাৰীত্বৰে জড়িত নোহোৱা এজন 'সাধাৰণ' মানুহেও কোনোবা এটা মুহূৰ্তত হ'লেও শব্দৰ নিৰ্মাণৰ খেলাখন উপভোগ কৰিব পাৰে। তাতে দৈনিক বাতৰি কাকততো পৃষ্ঠা ভৰাই কবিতা প্ৰকাশ কৰা হয় যেতিয়া কবিতাৰ চৰ্চাৰ বিপুল উৎসাহ যে এই দেশত আছে সেয়া বুজিবলৈ টান নহয়। এতিয়া কবিতা আৰু কবিতা সম্পৰ্কীয় কথাবতৰাৰ এটা সুচল পৰিবেশ আমাৰ মাজত আছে, আৰু তেনেকৈ সুস্থ পৰিবেশ এটা আমাৰ মাজত আজিও গঢ়ি নুঠিল বোলা অভিযোগখিনি- এই দুইখিনি কথায়ো এটা পেৰাডক্সৰ ৰূপ লৈ আমাৰ মাজত বৰ্তি আছে। সম্ভৱ চৰ্চা কৰিলেই নহ'ব, চৰ্চাৰ স্তৰ, গুণগত মান আৰু পদ্ধতিবিধি বা মেথ'ড'ল'জী সম্পৰ্কেও সচেতন হোৱাটো যে আৱশ্যক সেইখিনি কথাই এইবোৰ বিৰোধাভাসেৰে ভৰা প্ৰপঞ্চই আঙুলিয়াই দেখুৱায়। আজি মনোজ নেওগৰ কবিতা সম্পৰ্কে দু আষাৰ কথা পাতিম বুলি লৈয়েই এইখিনি সমস্যাৰ সন্মুখীন হৈছোঁ‌। নেওগৰ কবিতা আমি কেনেকৈ চাম? কি ভাষাৰে কথা পাতিম? (সাহিত্যৰ) কেনেকুৱা ঐতিহাসিক প্ৰেক্ষাপটত তাৰ বিচাৰ কৰিম? চাৰিওফালে হেজাৰ কথাবতৰাৰ ভীৰ থাকিলেও এনেকুৱা এটা এটা মুহূৰ্তত উপলব্ধি কৰোঁ‌ যে আচলতে আমাৰ হাতত কথাবোৰ আগুৱাই লৈ যাব পৰাকৈ আচলতে কোনো আৰ্হিপাঠ নাই, পদ্ধতি-বিধান নাই, একোটা পূৰ্ৱনিৰ্মিত অৱস্থান নাই। মনোজ নেওগৰ দুটামান কবিতাৰ উদ্ধৃতি দি অমুক কবিতাটো মননশীল, তমুকটোত মাটিৰ গোন্ধ আছে বা ভুচুকটোত সামাজিক দায়বদ্ধতা প্ৰকাশ পাইছে বুলি কৈ থ'লেই হ'লহেতেন। কিন্তু তাত কবিজনৰ প্ৰতি কোনো সুবিচাৰ নহয়। পাঠকে একো সমল বিচাৰি নাপায়। পৰিশেষত কথাবোৰে কোনো বাট বিচাৰি নাপাই একেখিনি ঠাইতে ঘুৰ্মুটিয়াই থাকেগৈ।

মনোজ নেওগৰ কবিতা সম্পৰ্কে আগতে কেনেধৰণৰ আলোচনা হৈছে নাজানো। সমসাময়িক কোনো কবি সম্পৰ্কেই বৰ বিশেষ কথা পতা হোৱা নাই। এইটো এটা উমৈহতীয়া অভিযোগ। এই সময়ৰ চৰ্চাকাৰী সকলক একোটা সময়ৰ বিভাজনৰ পদ্ধতিৰে কেনেকৈ চাব পাৰি তাকে লৈ দুই এটা প্ৰয়াস মাজে মাজে দেখা যায় যদিও কোনো বলিষ্ঠ সমালোচনাত্মক বিশ্লেষণ আমাৰ চকুত পৰা নাই। পৰ্বান্তৰৰ নামত কোনে কোন সময়ত কবিতা লিখিবলৈ লৈছে, কোনে কবিতা লিখিবলৈ এৰিলে আদিবোৰ কথাৰ সিপাৰে কবিতা সম্পৰ্কীয় আঁহফলা আলোচনা আৰু চকুত নপৰে। পূৰ্ৱসূৰী কেইজনমান পুৰোধা কবিৰ নামৰ সৈতে সাঙোৰ খায়েই যেন অসমীয়া কবিতা সম্পৰ্কীয় আলোচনাখিনিও স্তিমিত হৈ ৰ'ল। সি যি কি নহওক, এটা ঐতিহ্যময় ইতিহাসৰ মাজেদি আহি আমি আজি মনোজ নেওগৰ দৰে এজন কবিক পাওঁ। দুটা শতিকাৰ সন্ধিক্ষণ, দেশৰ নিৰ্মাণৰ পৰৱৰ্তী স্তৰৰ পৰিচয়ৰ ৰাজনীতিৰ ঘনঘটা আৰু গোলকীয় অৰ্থনীতিয়ে আনি দিয়া এটা নিৰন্তৰ পৰিৱৰ্তনশীল সামাজিক ব্যৱস্থাৰ মাজত কবিৰ বিৰাজ। সুখৰ খবৰ এয়ে যে এইজন কবিয়ে প্ৰতিটো কবিতাৰ মাজত নিজেই নিজৰ কথনৰ প্ৰেক্ষাপট অংকন কৰি চলিছে।

Momentum

মনোজ নেওগ কবিজনৰ মাজত এজন কথক সোমাই আছে। এই সময়ৰ অসমীয়া কবিতা অলপ বহল ভাবে দুটা ভাগত ভগাব পাৰি। এচাম কবি কাহিনীকাৰ। কাহিনী কথনৰ আমেজেৰে তেওঁলোকে এটা পৰিৱেশ তুলি ধৰি নাটকীয় পৰিস্থিতি একোটাৰ সৃষ্টি কৰে। আনটো ভাগত থাকিল সেই সকল কবি যি সকলে একোটা চিত্ৰকল্প নিৰ্মাণত অধিক গুৰুত্ব দিয়ে, অথবা এটা মানসিক স্থিতি বা মুড নিৰ্মাণ য'ত ঘাই কথা হৈ থাকে। মনোজ নেওগ এই প্ৰথমটো ভাগৰ কথাশিল্পী। সেইটো হিচাপেৰে তেওঁ নৱকান্ত বৰুৱা, কেশৱ মহন্ত, বিপুলজ্যোতি শইকীয়া, জ্ঞান পূজাৰী আৰু ৰফিকুল হোছেইনৰ দৰে কবি সকলৰ পথৰ পথিক।

বিশেষকৈ ৰফিকুল হোছেইনৰ কবিতাৰ মাজৰ অভিব্যক্তিবাদী প্ৰকাশ, আৰু চেগা চোৰোকাকৈ অধিবাস্তৱতাৰ অনুভৱ মনোজ নেওগৰ কবিতাৰ মাজত অনুভূত হয়। অধিবাস্তৱতা (Surrealist) বোলোঁতে যোৱা ৰাতি কথা পাতি যোৱা, ডিঙিত চিন্থেটিক গামোচা এখন আঁৰি অহা কৱন্ধ এটাৰ কথা কোৱা ৰফিকুল হোছেইনৰ "জৰাসন্ধ" এটা উৎকৃষ্ট উদাহৰণ বুলিব লাগিব। তেনেকৈয়ে অভিব্যক্তিবাদী প্ৰকাশৰ বাবে তলৰ উদাহৰণখিনিয়েই সদ্যহতে যথেষ্ট-
‘ভগা টোকাৰিত বান্ধিনো আনিছ কাৰ
জ্বলা জুপুৰিৰ চিঞৰ
(ৰফিকুল হোছেইন, ব'ৰাগী)
আৰু
"জুইৰ মাজত এটি শিশু কান্দিছেনে বাৰু চিঞৰিছে সি
নে বোবা হ'ল নে হেৰুৱালে সি
ডিঙিৰ মৌপিয়া মাতষাৰি তাৰ
সি পালেনে ঘূৰাই নে হেৰুৱালে এইমাত্ৰ
আকাশ এখন, সৰিয়হনী এডৰা, এজাৰ গছৰ মৌ এবাহ
আৰু নদীৰ দৰে জোনাক আৰু জোনাকৰ দৰে ৰ
আৰু ভেটফুলা বিলখন
ডঁৰিকণা মাছ এটি
(ৰফিকুল হোছেইন, অৰণ্য কথাঃতৃতীয় ভাগ)

এই সময়ৰ বেছিভাগ কবিৰ কবিতাত দেখা পোৱা অত্যাধিক আবেগৰ লিকটিয়া আঠা অথবা অত্যুৎসাহৰ জোৱাৰৰ পৰা যে অভিব্যক্তিবাদী চৰ্চা পৃথক তাৰ এটি আভাস দিবৰ বাবেই এইখিনি কথা টানি আনিবলগীয়াত পৰিল। অভিব্যক্তিবাদ (Expressionism) শিল্পৰ এটা অন্যতম প্ৰভাৱশালী আৰু শক্তিশালী ধাৰা। অভিব্যক্তিবাদে চকুৰ সন্মুখৰ ৰেটিনেল বাস্তৱতাৰ যথাদৃষ্ট বাস্তৱতাৰ প্ৰতিৰূপায়ণৰ পৰা এঢাপ আগুৱাই তাৰ অভিব্যক্তিক গুৰুত্ব দিয়ে। এইখিনি প্ৰসংগ ইমানেই গুৰুত্বপূৰ্ণ যে ইয়েই প্ৰকাৰান্তৰে প্ৰতীকবাদ, চিত্ৰকল্পবাদ আৰু অধিবাস্তৱবাদ আদিৰ কাৰণেও এটা বাটকটীয়া চৰ্চা-ধাৰা হিচাপে পৰিগণিত হ'ব পাৰে। সেয়েহে মনোজ নেওগৰ কবিতা পঢ়োঁতে পাঠক নিৰ্লিপ্ত আৰু উদাসীন (indifferent) হৈ থাকিব নোৱাৰে। হৃদয় আৰু মস্তিষ্কত তেওঁৰ কবিতাই এনেকৈ জোকাৰণি তোলে যে কবিৰ কবিতাই সৃষ্টি কৰা এটা নাটকীয় পৰিৱেশৰ তেওঁ অভিন্ন অংগ হৈ পৰে। এই বিশেষ কাৰ্যটো কবি মনোজ নেওগে কেনেকৈ সাধন কৰিছে, অথবা ইয়াৰ বাবে কাৰক সঁজুলি সমূহ কি কি এতিয়া অলপ সেইবোৰলৈ চোৱা যাওক।

ৰূপক, নিৰ্মিত সমাস আৰু যৌথ শব্দৰ বিন্যাস এটা উল্লেখনীয় দিশ। ৰূপকৰ সুচল ব্যৱহাৰে কেইটিমান কবিতাৰ ঘনত্ব বঢ়াইছে। মন কৰিবলগীয়া যে শব্দ সংযোগৰ বিন্যাসৰ ক্ষেত্ৰত কবিয়ে আন বহুতো কবিতকৈ পৃথকভাবে নিজৰ বাটেৰে আগুৱাইছে। যিটো সময়ত পূৰ্ৱানুমান সম্ভৱপৰ অত্যন্ত স্বাভাৱিক (predictable and obvious) ৰূপক আৰু উপমাৰ চৰ্বিত চৰ্বনেৰে অসমীয়া কবিতা ভাৰাক্ৰান্ত সেই সময়ত মনোজ নেওগে নিজৰ কথন পদ্ধতি নিজে নিৰ্মান কৰি চলিছে। শব্দ চয়ন একান্ত ঘৰুৱা। যিটো পৰিৱেশৰ মাজেৰে কবিতাটোৰ বাস্তৱতা নিৰ্মিত হৈছে তাত এই শব্দবোৰ এলিয়েন একেবাৰেই নহয়। গ্ৰাম্য অসমীয়া ভাষাৰ আমেজেখিনিয়ে অনন্য ৰসৰ সৃষ্টি কৰিছে।

মনোজ নেওগৰ কবিতাখিনিত অভিব্যক্তিবাদী টান এটাই পাঠকক নিবিষ্ট কৰি ৰাখে। নেওগৰ কবিতা সম্পূৰ্ণৰূপে অভিব্যক্তিবাদীও নহয়, অধিবাস্তৱবাদীও নহয়। কিন্তু এই দুইটাৰে নিৰ্যাসখিনি ইয়াত উপলব্ধ। ব্যক্তিগত ভাবে কবিক লগ পোৱা নাই। তেওঁৰ সৃষ্টিৰ সৈতেও আমাৰ সংযোগ দীৰ্ঘদিনীয়া নহয়। কিন্তু অনুমান কৰিবলৈ অসুবিধা নহয় যে অভিনয়, নাটৰচনা বা সামগ্ৰিকভাবে কবিৰ নাট্যশিল্পৰ সৈতে সম্পৰ্ক জৰুৰ আছে। অভিব্যক্তি প্ৰকাশত এনে নাটকীয় উপাদান অন্যথা সম্ভৱপৰ নহ'লহেতেন।  

ৰূপক নিৰ্মাণ আৰু শব্দ চয়নত সৃষ্টি কৰা সামঞ্জস্য আৰু সংঘাত (Harmony and Contrast), তাৰ লগে লগে অভিব্যক্তিবাদী টানৰ সমান্তৰালকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কবিৰ পৰিৱেশ নিৰ্মাণৰ কুশলতা। এই কুশলতাৰ বাবেই কথকৰ কোনোটো কাহিনীৰ কোনোটো চৰিত্ৰই নিৰালম্ব নহয়। চৰিত্ৰৰ অৱস্থানৰ পৰিপ্ৰেক্ষিতত একোটা পশ্বাদপট নিৰ্মিত হৈ চলিব লাগিছে নিৰন্তৰ। আৰু এতিয়ালৈকে উল্লেখ কৰি অহা আটাইকেইটা দিশকে সাঙুৰি আগবাঢ়িছে কবিৰ নেৰেটিভ। উদ্ধৃত দিশকেইটা সবল নোহোৱাহ'লে কবিতাত নেৰেটিভ নিৰ্মাণ এটা জটিল বিষয়। নেৰেটিভৰ গুৰুত্ব থাকিলেও পৰিশেষত আমি জানো যে কবিতা গল্প নহয়, কবিতা নাটকো নহয়। নেৰেটিভে আনিব খোজা গতি আৰু সঞ্চাৰৰ সমানে সমানে ৰূপকৰ ব্যৱহাৰ আৰু অভিব্যক্তিৰ শক্তিশালী টানখিনিয়ে সমগ্ৰ কবিতাটোৰ ভৰবেগ (Momentum)-ৰ জন্ম দিছে। এই ভৰবেগেই মনোজ নেওগৰ কবিতাৰ মূল কথা।    
কথকতা (Narrativity)

আগতে উল্লেখ কৰি অহা অসমীয়া কবিতাৰ দুটা ধাৰা- এটা নেৰেটিভ, আনটো ছবি-ধৰ্মী, এই দুইটাৰে সাধনা কৰা সকলৰ বাবে সুকীয়া প্ৰত্যাহ্বান থাকে। প্ৰথমটো ধাৰাৰ সমস্যা এয়ে যে ইয়াত বাৰে বাৰে একেটা ধৰণৰে কথকতা আগবঢ়াই নিব নোৱাৰি। কেশৱ মহন্তৰ "সোণজিৰা মাহীৰ নাড়ী" বাৰে বাৰে লিখিব পৰা কবিতা এটা নহয়। সেয়েহে সেইটো এটা ঐতিহাসিক সৃষ্টি। নৱকান্ত বৰুৱাৰ "ৰাৱণ"ৰ ক্ষেত্ৰতো একে কথা। বাৰে বাৰে সমস্তৰীয় নেৰেটিভ প্ৰায় অসম্ভৱ। কিন্তু কবিতা নিৰ্মাণৰ আনটো ট্ৰেণ্ড, এটা মুড সৃষ্টি কৰা, হয়তো বাৰে বাৰে সম্ভৱ। একক মুহূৰ্তৰ অনুভৱ এটা, কবিৰ ব্যক্তি মনৰ প্ৰতিফলন একোটা হয়তো বাৰম্বাৰ বিভিন্ন ৰূপত প্ৰতিফলিত হ'ব পাৰিলেহেতেন। সেয়েহে নেৰেটিভ কবিতাৰ গঢ় গতি বহুলাংশে নিৰ্ধাৰণ কৰি দিয়ে তাৰ বিষয়বস্তু বা কণ্টেণ্টে। মনোজ নেওগৰ কবিতাৰ এইটোৱে বৈশিষ্ট্য যে পোনে পোনেই তেঁওৰ কবিতাই পাঠকক কণ্টেণ্টলৈ লৈ যায়। প্ৰতিটো কবিতাতেই কবিৰ কিবা ক'বলগা আছে। এই ক'বলগীয়াখিনি আছে বাবেই কবি কথক। এই ক'বলগীয়া কথাখিনিয়ে দাবী কৰাৰ হেতুকেই এই কথকতাৰ নিৰ্মাণ।

নন্দ কাইটি নামৰ জনৈক ব্যক্তিৰ পৰিচয় আৰু তেওঁৰ সৈতে কবিৰ ব্যক্তিগত সম্বন্ধৰ বৰ্ণনাৰে "নন্দ-কাইটি" এটা অপূৰ্ৱ কবিতা আৰু আমি কৈ অহা কথাখিনিৰ বাবে ই এটা ভিত্তি অধ্যয়নৰ সমল (case study) হ'ব পাৰে। ইমান পৰে কৈ অহা নেৰেটিভ নিৰ্মাণৰ কথাখিনিত সংযোগ কৰিবলগীয়া আন এটা দিশ হিচাপে চাব লাগিব কবিয়ে কেনেকৈ নেৰেটিভক এটা বহল পৰিসৰৰ (lager context) সৈতে সংযুক্ত কৰিছে।
কবিতাটোৰ প্ৰথম দুটা চৰণ-
"ঘটবোৰ গৈ-ঘট হোৱাৰ আগলৈকে মাটিয়েই আছিল মাটিক
মাটিৰ পৰা পৃথক কৰিছিল এজন মাটিৰ ঈশ্বৰে"
এই দুয়োটা চৰণেই সমনে শক্তিশালী। এজন চহা ব্যক্তিৰ সৈতে কবিৰ আশৈশৱ সম্বন্ধৰ কথা ক'বলৈ গৈয়ো কবিৰ কবিতাৰ আৰম্ভণী এটা বিৰাট প্ৰেক্ষাপটেৰে আৰম্ভ হৈছে। আমি কৈ অহা লাৰ্জাৰ কণ্টেক্সট এইখিনিয়েই। একে সময়তে চৰিত্ৰৰ বাবে প্ৰেক্ষাপট নিৰ্মাণো এইখিনিয়েই।
"তেনে এটা ঘটত নন্দকাইটিয়ে ক'লী গাইৰ গাখীৰৰ পোহ
দি জীৱন পুহিছিল
নন্দ-কাইটিৰ দৈ ঘট নহ'লে বোলে ভোগালীৰ ভোগ অসাৰ"  
এইখিনিতে চৰিত্ৰৰ প্ৰৱেশ। "গাখীৰৰ পোহ দি জীৱন পোহা" কথাষাৰলৈ মন কৰক। বস্তু, ব্যক্তি আৰু জীৱনৰ অনন্য অনুভৱ ব্যতিৰেকে এনে কথন সম্ভৱপৰ নহয়।

"সময় বেলা সঠিককৈ মনত নাই
নন্দ-কাইটিৰ জেংখৰি হাতত ওলমি অহা ঘটটো আছিল
মোৰ জীৱনৰ বিস্ময়কৰ পাঠ"
নাটকীয় (এৰিষ্টটলৰ) পিৰামিড সম্পৰ্কে যিসকল অৱগত তেওঁলোকে বুজিব পাৰিব কেনেকৈ এই কবিতাতো এটা পিৰামিড ক্ৰমশ: নিৰ্মাণ হ'ব লাগিছে। বিষয়বস্তুৰ কেন্দ্ৰবিন্দু বা এংকৰ-পইণ্ট কেনেকৈ ঘনীভূত হ'ব লাগিছে।  

"ভোগালীৰ নামত পেটলৈকে চুঁচি খোৱা ঘটটো
চেৰা সময়ত ঘৰৰ পিছফালে পৰি থাকিল!"
এইখিনিত বুজিবলৈ অসুবিধা নহ'ব আমি ইমান পৰে কৈ অহা ঘনত্বৰ কথাখিনি। এই দুটা চৰণ ইমানেই স্বয়ংসম্পূৰ্ণ যে এই দুটা চৰণক সুকীয়াকৈয়ো এটা পূৰ্ণাংগ কবিতাৰ ৰূপ দিব পাৰি। ভোগালীত পেট ভৰাই খায়। ইয়াত ব্যাখ্যাটো আকৌ পেটলৈকে চুঁচি খোৱাহে হ'ল। এইটোও এটা শব্দই অনি দিয়া বিষয়গত সংঘাতৰ নমুনা। লগতে নোকোৱাকৈ ৰৈ যোৱা ইংগিতটো এয়ে যে খাওতাৰ পেট ভোগালীত ভৰিছে, যাৰ ফলস্বৰূপে ঘটটো উদং হৈছে। কৰ্মৰ ভিত্তিত কৰ্তাৰ অৱস্থান সলনি হৈছে। তাৰ পিছত ভোগালী পাৰ হৈ যোৱাৰ সময়ত ঘটটো ঘৰৰ পিছফালে পৰি থকাৰ কথাখিনিয়ে যিকোনো পাষাণ হৃদয়ৰ পাঠকৰো মন টানিব। এই টেজেডি-ধৰ্মী বৰ্ণনাখিনিৰ যি অভিব্যক্তি, তেনে ধৰণৰ অসংখ্য অভিব্যক্তিৰে ভৰি আছে মনোজ নেওগৰ কবিতা। বস্তুৰ গুৰুত্ব, তাৰ সৈতে সময়ৰ সংযোগ, সময়ৰ সৈতে বস্তুৰ পৰিৱৰ্তিত সংজ্ঞা এই গোটেইখিনি কথা সাঙুৰি এই দুটা মাত্ৰ চৰণেই আনি দিছে এক বিশাল বাগধাৰাৰ সম্ভাৱনা। একে সময়তে মন কৰক "চেৰা সময়" কথাষাৰ। তেনেকৈয়ে আগতে উল্লেখ কৰি অহা "জেংখৰি হাত"। জেং খৰিৰ দৰে ক্ষীণ হাত। এনেদৰেই শব্দচয়ণৰ ঘনত্বৰে আগবাঢ়িছে কবিতা। 

"ল'ৰালিৰ ল'ৰামতীয়া কথা-
অঁকৰা ভাৱনাত ঘহি-পিহি লোৱা ঘটটো
ঘটভঙা খেলত কাণি-মুনি কোবাই ভাঙিব নোৱৰা ঘটটো
ঘটে-ঘটে গছৰ গুৰিত পানী ঢলা ঘটটো
ঘটটো আছিল মোৰ ওমলাঘৰ টিঘিল-ঘিলোৱাৰ লগ"
ঘট এটাৰ আত্মপৰিচয়ৰ বহুত্বখিনি এনেকৈয়ে উদ্ঘাটিত হ'বলৈ লয়। পৰীক্ষামূলক নাটকৰ কৰ্মশালাত যেনেকৈ বস্তু এপদক 'প্ৰপ' (prop/ property) হিচাপে ব্যৱহাৰ কৰি তাৰ ব্যৱহাৰ্যতাৰ বহুত্বক উন্মোচিত কৰি গৈ থকা হয়, এইখিনি পঢ়ি তেনেকুৱাই লাগিল। এই বহুত্বৰ উদযাপনৰ লগে লগে আহিছে "ঘটে-ঘটে গছৰ গুৰিত পানী ঢলা ঘটটো"ৰ দৰে ধ্বনিৰ পুনৰাবৃত্তিৰ অৰ্থাৎ অনুপ্ৰাসৰ আমেজখিনি।

"...এদিন উবুৰি ঘটটোত/ এঙাৰৰ আঙুলিয়ে আঁকি দিছিলোঁ দুটা চকু" বুলিয়ে এইবাৰ সংযোজিত হ'ল আৰোপিত পৰিচয়। ঘটটোৱেই নন্দকাইটি। বস্তুৱেই মানুহ। "পো, বোৱাৰী আনকি দহজন জ্ঞাতিয়ে মিলি চুঁচি যোৱা এজন মানুহ/ অন্তিমৰ সময়ত ঘৰৰ পিছফালে পৰি আছিল/ - নন্দ-কাইটি" বুলি যেতিয়া কবিতাটোৰ শেষৰ ফালে পাওঁ তেতিয়া তৎক্ষণাৎ মনত নপৰাকৈ নাথাকে আগতে উল্লেখ কৰি অহা সেই ঘটটো, যিটো "চেৰা সময়ত ঘৰৰ পিছফালে পৰি থাকিল"। জীৱন ভোগালী। ভোগালী জীৱনৰ শেষত ঘটটো পৰিয়ে ৰয়। হাজৰ মানুহে হাজাৰ ধৰণেৰে কৈ কৈয়ো কৈ শেষ নোহোৱা সেই কথাষাৰ। সন্ত কবিৰৰ "ভালেই হ'ল মোৰ লোটাটো ভাগিল, বাৰে বাৰে পানী অনাৰ লেঠাটো ছিগিল", অথবা নীলমণিৰ "মাটিৰ মানুহ আকৌ মাটি হ'ব, সেই পুৰণি কথাটোৰ দৰে"ৰ দৰে।

বৰ্হেছে ক'বৰ দৰে সকলো কথাই কোৱা হৈ গৈছে, নতুনকৈ ক'বলৈ আচলতে আৰু একো নাই। কিন্তু কথা এষাৰ কি পৰিস্থিতিত কেনেকৈ কোৱা হৈছে সেইখিনি কথাৰ গুৰুত্ব সদায়েই থাকিব। নন্দ-কাইটি নামৰ চৰিত্ৰটোৰ সৈতে কবিৰ আশৈশৱ সম্পৰ্ক, সেই সম্পৰ্কৰ স্মৃতি আৰু তাৰ সৈতে জীৱন-বোধৰ যি অপৰূপ চয়ন এই কবিতাটোৰ আছে সি কবিতাটোক অনবদ্য কৰি তুলিছে।

পলিটিক্স

অনুৰূপ কুশলতা আৰু আবেদনেৰে ভৰা আন এটা কবিতা "ৰজাৰ গোৰোহা"ত কবিৰ মাকৰ ফটা গোৰোহাৰ বৰ্ণনা পাওঁ।
"... মাৰ ভৰি দুখন কিমান দিন ভালকৈ মন কৰা নাছিলোঁ কেতিয়া যে এযোৰ
চেন্দেলৰ নামত জুখিছিলোঁ এবেগেতীয়া জোখ
ইকৰা বেৰ লিপিবলৈ গোবৰ মাটি ফেনেকা ভৰি দুখন
গৰকাত নাচি থকা ভৰি দুখন
পুৱাৰ চোতালত সোঁতাৰ সাঁচত জিলিকি থকা ভৰি দুখনৰ গোৰোহাত
কঁচিয়াই থোৱা মাছৰ দেহৰ দৰে আঁক..."
দৈনন্দিন দিনৰ পৰিশ্ৰমে কোঙা কৰি অনা চহা জীৱনৰ  শৰীৰবোৰলৈ চকু দিবলৈ আহৰি কাৰো নাথাকে। তাৰ মাজতো কেনেকৈ সৰু সুৰা বিষ যন্ত্ৰনাক উপেক্ষা কৰি কেনেকৈ জীৱনক আগুৱাই লৈ গৈ থাকিব পাৰি তাৰেহে কচৰৎ চলি থাকে। "-সহজ কথা অ', মাথোঁ দোপ দিলে বিষ এটাই গেজেককৈ উভটি ধৰে..."।

এইখিনিতে মন কৰিব যে এতিয়ালৈকে উল্লেখ কৰি থকা দুয়োটা কবিতাতেই শৈশৱ আৰু স্মৃতিৰ এটা সংযোগ থাকিলেও সেয়া কিন্তু এই সময়ৰ আন বহুতো নতুন কবিতাত দেখা পোৱা স্মৃতিকাতৰতা বা অতীত-বিলাসৰ পৰা পৃথক। কাৰণ এই মাকৰ ফটা গোৰোহাৰ কথাখিনিয়েও অৱলীলাক্ৰমে অন্য এটা মোৰ লৈছে যাৰ ফলত কেৱল আৱেগ আৰু ব্যক্তিগত অনুভৱৰ স্তৰতেই কবিতাখিনি আৱদ্ধ নাথাকি অন্য এক স্তৰলৈ উত্তীৰ্ণ হৈছে। আৰম্ভণীতে আপত দৃষ্টিৰে কবিতাটো মাকৰ ফটা গোৰোহাক কেন্দ্ৰ কৰি লিখা এটা আবেগিক প্ৰকাশ যেন লাগিলেও "ৰজাৰ গোৰোহা" আচলতে এটা ৰাজনৈতিক কবিতা। সাধাৰণ পৰিশ্ৰমী মানুহৰ শক্তিক ব্যাখ্যান কৰি লিখা কবিতাৰ সংখ্যা কমি গৈ থকা এটা সময়ত মনোজ নেওগৰ এইটো কবিতা এটা শক্তিশালী উপস্থিতি-   
"কৃষকৰ গোৰোহা ফাটে
শিল-বালি মাটিৰ সৈতে একাকাৰ মজদুৰ
তোৰ দেউতাৰ দৰে গঞা মানুহৰ গোৰোহা ফাটে
সেয়েহে ভৰি চেলেকা এচামে
আমাৰ দৰে মানুহৰ মাজৰ পৰা কাকো ৰজা পতা নাই
কাৰণ সিহঁতৰ জিভা কটা যোৱাৰ ভয়"

কথাখিনিয়ে কবিতাটোৰ স্তৰ ভিন্ন মাত্ৰা (dimension)-লৈ আগবঢ়াই দিছে। সৰ্বসাধাৰণ মানুহৰ অৱস্থা আৰু তাত নিহিত থাকিব পৰা শক্তিখিনিৰ কথা উনুকিওৱাৰ লগতে সমসাময়িক ৰাজনীতিত থকা আৰ্থিক আভিজাত্যৰ আধিপত্য, পৰিয়ালকেন্দ্ৰিকতা আদি কথাৰো ইংগিত দিয়ে, যিহেতু দেখা মতে "আমাৰ দৰে মানুহৰ মাজৰ পৰা কাকো ৰজা পতা নাই"। কথাখিনি আগবঢ়াই নিলে এনেকৈয়ো ক'ব পাৰি যে গণতন্ত্ৰৰ সংজ্ঞাটোৰ প্ৰতিয়েই ই এক ভ্ৰূকুটি। সকাহ এইখিনিতেই যে, জনসাধাৰণ বঞ্চিত হৈ ৰোৱা কথাখিনিৰ নেতিবাচক উল্লেখতেই কবিতাটো শেষ নহৈ শেষ হৈছে এটা 'ব্লেডৰ দৰে ধাৰ' থকা উৎপ্ৰেক্ষাৰে-

"চুই চা - চুই চা
ফটা গোৰোহাত ব্লেডৰ দৰে ধাৰ!"

মনোজ নেওগৰ ভাব ভাষা উমাল। প্ৰায় আটাইবোৰ কবিতাতে একধৰণৰ  উষ্মা অনুভৱ কৰা যায়। এই অনুভৱৰ প্ৰাৱল্যৰ ফালে চকু দিয়েই অভিব্যক্তিবাদৰ কথাখিনি আমি আৰম্ভণীতে উল্লেখ কৰিছিলোঁ। তেনে কেইটিমান উদাহৰণ তলত দিয়া হ'ল-
"...বৰ কষ্টকৰ এই সময়
দাৰুণ বৰষুণৰ এই ৰাতিবোৰ
শীত-গ্ৰীষ্মৰ দোমোজাত এই ঋতুৰ চৌহদ
ঘিট-মিট আন্ধাৰৰ পোছাক পিন্ধি
অতবেলি জুপুকা লাগি বহি আছিলোঁ মই
শুনি আছিলোঁ, দূৰ অৰণ্যৰ পোতাশাল জিনি ৰিণি-ৰিণি ভাঁহি
আহিছিল চিঞৰ
-আই মোৰ তেজে কুটকুটাই...
[আত্মলিপি]
*
"...জীয়া সময় শামুকভঙা ঠোঁটৰ যাঠী
এপাতৰ দৰে টোৱাই আহিছিল

মই বাধা দিব পৰা নাই
পলাব পৰা নাই
মৃত-মৃত-"
[শীতকালৰ শামুক]
*
"প্ৰিয় দেশ বুলিলে মনত পৰে
মোৰ তেজত আদিম পৃথিৱীৰ গান..."
[নোম]
*
"টং কৈ মাৰিলে ক'ৰবাত, মেৰুদণ্ডৰ মাজেদি গ'ল সোঁত
তলকিবলৈ নহ'ল দৰ্জী নে কবিৰ ভাৱনা
নে চফল তেজৰ উকি-"
[মিছেছ বৰুৱাৰ ব্লাউজ আৰু এটা উত্তৰ আধুনিক কবিতা]
*
"দিনটোৰ হাবিয়াস চুঁচি তেঁও গাঁঠি আনিছিল
খাজুৰী বেণীডাল
উশাহ উছাহৰ প্ৰথম স্বৰত উমলি আছিল
মৌনতাৰ চিফুং"
[পাঠৰ অন্তত]
*
"টিপৌকলি তুলসী পুলিটো তেতিয়ালৈ
অৱশ হৈ পৰেগৈ
যেন এই দেশৰ অপুষ্টিত ভূগি থকা এটা
অৰ্ধমৃতপ্ৰায় শিশু-"
[উদযাপন]
*
"...বেলি নুমালেই আন্ধাৰৰ চৌকাত ফুটি দিম একুৰা
চণ্ডালৰ মুখৰ জুই

(আপুনি জানেনে
উপনৈত ওপঙে কাৰ কপাল ফুটা শৰীৰৰ ছাঁ)..."
[চণ্ডালৰ মুখৰ জুই]
*
"...চোৱা, বতাহক ফেপেৰী পাতি ঋতু ধৰ্ষিতা পাতবোৰ
কিদৰে কঁপি আছে"
[সূতা]
*
"...কুঁহিলাৰ খেলনা ভগাদি ঘৰ ভাগিছিল
পানীৰ সোঁতেদি তেজ
এখন নদীৰ নৈ:শব্দ আজিও মোৰ বুকুত
অতিদৃষ্টিৰ এটা কান্দোন..."
[নৈ পৰীয়া ল'ৰা]

কথক কবিৰ বক্তব্য আৰু বিষয়ৰ প্ৰতি থকা অগাধ আনুগত্যৰ বাবেই মনোজ নেওগৰ কবিতাত হৃদয়াবেগৰ জোৱাৰে ক্লিচেৰ পয়োভৰ ঘটোৱাহি নাই। এটা ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিৰ পৰা ফালৰি কাটি গৈ কবিৰ কোনোটো কবিতাই বতাহত ওপঙি থকা নাই। শ্লেষ, ব্যংগ, বক্ৰোক্তি আৰু হাস্যৰসৰ প্ৰয়োগেৰে আগবাঢ়িছে ৰাজনৈতিক নেৰেটিভ। এদিনীয়া হুজুগ, এদিনীয়া আবেগৰ প্ৰতিকী জাতীয় চেতনাৰে সমাজৰ ভেটি গঢ়িব খোজা কুটিল প্ৰপঞ্চক ভিত্তি কৰিয়েই ৰচিত হৈছে "এজন ৰঙৰ মিস্ত্ৰি"ৰ কথকতা, যিটো মনোজ নেওগৰ সংকলনখনৰো শিৰোনাম। কবিতাটোৱে প্ৰতীকি সামাজিক আবেগক যেনেকৈ কটাক্ষ কৰিছে, তেনেকৈয়ে মূৰ্তি বা আইকণ কেন্দ্ৰিকতাৰ অন্ধকাৰ দিশটোও উদঙাই দেখুৱাইছে। তাৰ লগতে ৰং শব্দৰ অৰ্থৰ বিস্তাৰনৰ সৈতে সাঙুৰিছে বহুধা বিভক্ত দিশ। এই ৰং কেতিয়াবা চহৰখনে বিচাৰি থকা ৰং, কেতিয়াবা জীৱনৰ কল্পনাৰ ৰং আৰু কেতিয়াবা পুঁজিবাদে জুখি মাখি আটকীয়া কৰি অনা পণ্যদ্ৰৱ্য ৰং।  

কিছুসংখ্যকৰ বাবে কবিতা এতিয়াও এটা ফুলকুমলীয়া বস্তু, সুন্দৰৰ সাধনাৰ নামত যি মন টানিব পৰা মধুৰ শব্দৰ সমষ্টি মাত্ৰ। প্ৰতীকী আৰু ৰূপক-আশ্ৰিত আবেদন কবিতাৰ এক অনন্য সাৰকথা হৈয়ো কেনেকৈ ই সত্যৰ মুখামুখি কৰায় সেইটোহে গুৰুত্বপূৰ্ণ কথা। সেই বাবেই নদী কেৱল নাৰী, জীৱন আদি শব্দৰ সহায়ত বৰ্নিত বিমূৰ্ত অনুষংগৰ বাহক হৈত্থকা নাই, তেঁও দেখিছে- "পানীৰ সোঁতেদি তেজ"। নাৰী এইজন কবিৰ সন্মুখত তেজ মঙহৰ মানুহ, বিমূৰ্ত ধাৰণা এটা নহয়। বাঁহী বজোৱা কৃষ্ণৰ বিপৰীতে ৰাধাই আহি যেতিয়া এইজন কবিৰ কবিতাত ধৰা দিছেহি, ধৰা দিছেহি প্ৰকৃতিৰ সেই নিৰ্মম ভুলটোক লৈ। "ৰজস্বলা নাৰী"ৰ কথা অসমীয়া কবিতাত দুৰ্লভ নহয়, কিন্তু মনোজ নেওগৰ কবিতাত আহি সোমাইছেহি "ৰাধাৰ তলপেটৰ বিষটো"।  

"...মাহেকীয়া সময়ৰ তলপেটৰ বিষত কুঁজা হৈ আছিল ৰাধা..."

"...তলপেটৰ বিষত কুঁজা হৈ পৰা নাৰীয়ে পাহৰি যায়
চকুৰ কাজল , চুলিৰ শৃংগাৰ..."

"...বৰবাদ সময়ত বুকুত ফুলি উঠে দুটা বিষপানীৰ বেলুন
তলপেটৰ বিষত কুঁজাহৈ পৰা নাৰীৰ বাবে স্পৰ্শ , চুমা সকলোবোৰ নৰক..."
[ৰাধাৰ তলপেটৰ বিষটো]

নৈ পৰীয়া ল'ৰাৰ কাহিনীৰ পৰা পোন্ধৰ আগষ্টত ফুটপাথত পতাকা বিক্ৰি কৰা ল'ৰাটোৰ পতাকা বিক্ৰি হ'লেই মাছ কিনি নিবৰ হেঁপাহকণলৈকে, সকলোখিনিয়েই এটা এটা সমাজবাস্তৱতাৰ আধাৰত ঠিয় দি থকা কথকতা। ঐতিহাসিক ছবছৰীয়া আন্দোলন আৰু তাৰ পৰৱৰ্তী কালখিনিত ঘটি যোৱা অজস্ৰ খেলিমেলিৰে ভৰা ৰাজনৈতিক খণ্ডিত অভিজ্ঞতাই জুৰুলা কৰা আজিৰ প্ৰজন্মৰ মাজত কেইবাটাও স্তৰত ৰৈছে মোহভংগৰ অভিজ্ঞতা। এই মোহভংগৰ অভিজ্ঞতাই আনি নিয়া নৈৰাজ্য আৰু হতাশাৰ চিন কবিতাখিনিৰ আঁহে আঁহে ৰৈছে।
"...জানেনে, আজি কালি জাতি-ধৰ্ম-দেশৰ
দোহাই দি কোৱা কথাবোৰ ষ্টেচনত বিক্ৰী হোৱা
মুমফলিৰ দৰে একেই
অত্যাধিকত কেৱল বদহজম..."
[কথা, কবিতা আৰু ফফৌ ফৌ বেঙেনাৰ...]
*
"...তুলসীৰ তলে কি চৰে

মৃগ নহয়
কঙাল খেতিয়কৰ চাকোলা চিঞৰ"
[উদযাপন]
*
"...ফুটপাথৰ ওপৰত পতাকা বিক্ৰি কৰি থকা
এটা সৰু ল'ৰা
মোৰ প্ৰায়বোৰ প্ৰশ্নৰ সহায়ত উত্তৰ দি
অন্তিমত থেৰো গেৰোকৈ ক'লে
'গোটেইখিনি বিকিব পাৰিলে
আজি ঘৰলৈ মাছ নিম'
[উদযাপন (পোন্ধৰ আগষ্ট)]

এই মোহভংগৰ সময়খিনিত কবিৰ হাতৰ কলমটোও আকাশ কুসুম হৈ থাকিব নোৱাৰে। অদম্য যন্ত্ৰনাত, মানৱীয় তেজ-মঙহৰ শৰীৰি যন্ত্ৰনাত, হাতৰ কলমটোও কাতৰ। আগতে উল্লেখ কৰি অহা নন্দ-কাইটিৰ ঘটটোৰ দৰে কবিৰ কলমটোও নিষ্প্ৰাণ নহয়। একো-একোটা বস্তু, একো-একোটা জীৱন্ত শৰীৰ। ডেৰিডাই কোৱাৰ দৰেই, আপুনি বস্তু এটালৈ চাই আছে মানে বস্তুটোৱেও আপোনালৈ চাই আছে।
... কেতিয়াবা সঁচাই মোৰ এনেলাগে
কবিতা লিখিবলৈ চুব খোজা মোৰ কলমটো
আৰু ঋতুকালীন সমস্যাত ভূগি থকা এজনী নাৰী , একেই...
চুই দিলেই জপিয়াব বহিব যেন ফুটুকানিত জখমী বাঘিনীৰ খং...
[ৰাধাৰ তলপেটৰ বিষটো]

কবিতাপুথিখনত সংকলিত প্ৰায় ষাঠিটা কবিতাত পাঠকে বৈচিত্ৰ্যময় অভিজ্ঞতাৰ সন্মুখীন হ'ব। এক বিশেষ শৈলীৰ অভ্যাসেৰে স্বকীয় আৰু একক আত্মপৰিচয় প্ৰতিষ্ঠা কৰাৰ হাবিয়াসখিনিৰ পৰা এইজন কবি মুক্ত। বৰঞ্চ বিষয়বস্তুৰ বৈচিত্ৰ্য আৰু সেই বৈচিত্ৰ্যৰ তাগিদা অনুসৰণ কৰি ফৰ্মৰ বৈচিত্ৰ্যও এইজন কবিয়ে আঁকোৱালি লৈছে। কবিতাপুথিখনৰ নামটো "এজন ৰঙৰ মিস্ত্ৰি"- শুনিবলৈ অলপ আচহুৱা, ঠিক হৃদয় উদ্বেলিত কৰি তুলিব পৰা বিধৰ "কাব্যিকতা" ইয়াত নাই। এই ৰুক্ষতা কবিৰ উদ্দেশ্যপ্ৰণোদিত যেনেই লাগে। কবিতাটোৱে লৈ অনা বাস্তৱতাৰ ৰূঢ়তাক হয়তো কাব্যিক কাব্যিক যেন লগা ফুলাম জোনাকী নামেৰে দৰ্শাব পৰা নগ'লহেতেন। কাহিনীকথনৰ প্ৰয়োজনত স্বাভাৱিক গতিৰেই যেতিয়া য'ত ইংৰাজী শব্দ আহি পৰিছে, তাক কবিয়ে কৃত্ৰিমতাৰে ভাষান্তৰ কৰিবলৈ চেষ্টা কৰা নাই। যথা সম্ভৱ নেচাৰেলিষ্টিক কৰি ৰখাত ই সহায়ক হৈছে। "মিছেছ বৰুৱাৰ ব্লাউজ আৰু এটা উত্তৰ আধুনিক কবিতা", "নোম", "জেঠি", "টুথপেষ্ট", "অঞ্জলী হোটেলৰ ছিঙৰা" আদি কবিতাৰ শিৰোনামবোৰে স্পষ্টত: ইংগিত দিয়ে যে সচেতন ভাবেই এইখিনি কবিতা "জোনাকী ৰাতি" বা "বুকুৰ বেদনা" জাতীয় সুৰসুৰনিৰ পৰা আঁতৰত। এহাতে নন্দ কাইটি, লিলৌ আইতাৰ সৈতে কবিয়ে যেনেকৈ মুখামুখি কৰাইছে, তেনেকৈয়ে আনহাতে মিছেছ বৰুৱাৰ সৈতেও তেওঁ মুখামুখি কৰাইছে। যিসকল নতুন কবিয়ে কেৱল "সুখপাঠ্যতা"ৰ নামত "কিবা সুৰ এটাই আহি মনত দোলা দি যোৱা" ধৰণৰ সুৰীয়া ভাষাপ্ৰয়োগৰ চৰ্চাতেই নিবিষ্ট হৈ ৰৈছে তেওঁলোকে মনোজ নেওগৰ কবিতা পাঠ কৰিলে উপকৃত হ'ব। সমূহীয়াকৈ পাঠৰ ব্যৱস্থা থাকিলেতো আৰু ভাল। মনোজ নেওগৰ কবিতাত নিহিত থকা নাটকীয়তাখিনিয়ে পৰিৱেশন বিচাৰে। কবিতাই জীৱন্ত শৰীৰ এটা বিচৰাৰ কথাখিনি সঁচা।    

যোৰহাটৰ "শব্দ"ই প্ৰকাশ কৰি আগবঢ়াই দিয়া এই কিতাপখন অসমীয়া পাঠকে আদৰি নোলোৱাৰ কথাই নাই। আমাৰ এইখিনিও বিশ্বাস যে এইখন পুথি হাতত পৰাৰ পিছত কবি মনোজ নেওগৰ প্ৰতি অসমীয়া কবিতাৰ পাঠকৰ প্ৰত্যাশা বাঢ়িবলৈ ল'ব।



সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV),
3rd Floor, Talkatora Stadium Annexe Building,
New Delhi – 110001

email: kankhowa@gmail.com, mobile: +91 9811375594