ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Sunday, November 25, 2018

পেখু পেখু (পঁচিশ) এটা ধোঁৱাই থকা ঘৰ, আঁচোৰ পৰা শৰীৰ

অংকন দত্তৰ ধোঁৱাই থকা ঘৰটো


[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ১৮ নৱেম্বৰ ২০১৮]
মহানগৰত, বিশেষকৈ ৰাজধানী চহৰত লোকশিল্প, জনজাতীয় সংস্কৃতি, পৰম্পৰাগত কৃষ্টি আদিৰ প্ৰদৰ্শনৰ উৎসৱসমূহ সদায়েই যন্ত্ৰণাদায়ক। অধ্যয়ণ, সংৰক্ষণ আৰু প্ৰসাৰ আদিলৈ চাই এইবোৰৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰিলেও একে সময়তে এইবোৰ প্ৰসংগ-চ্যুত এটা ভিন্ন স্থান কালৰ মাত্ৰাত উপস্থাপিত হৈ কেতিয়াবা অশান্তিদায়কো হৈ উঠে। দিল্লীৰ ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰৰ চৌহদত অনুষ্ঠিত হৈ যোৱা এইবাৰৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈও এই পৰস্পৰবিৰোধী অনুভূতিখিনিয়েই বহুতৰ মনলৈ অহাটো স্বাভাৱিক। অহুকাণে পহুকাণে কাণত আহি পৰা এক জনৈক পৰিদৰ্শকৰ মন্তব্য- "নৰ্থ ইষ্ট মানে কি আমি এতিয়াও আমাক জাপি পাচি খৰাহীৰেই নিজকে পৰিচয় দি থাকিম নেকি?" এই কথাষাৰ প্ৰায় অৱশ্যাম্ভাৱী। এনে এটা পাৰিপাৰ্শ্বিকতাত উৎসৱটিৰ সৈতে সংযুক্ত উত্তৰ পূৰ্ৱাঞ্চলৰ শিল্পীৰ শিল্পকলাৰ প্ৰদৰ্শনীখনৰ এক বিশেষ গুৰুত্ব ৰ'ল আৰু ইয়াৰ বিশেষ কৃতিত্বৰ দাবী কৰে কিউৰেটৰ ৱাহিদা আহমেদে। কিউৰেচন এটা জটিল কাম আৰু শিল্পকলাৰ মতাদৰ্শগত প্ৰক্ষেপণ, পৰিকাঠামো নিৰ্মাণৰ পৰা আৰম্ভ কৰি শিল্পবস্তুৰ স্থানিক পৰিবেশন, পোহৰৰ ব্যৱস্থা আদি কাৰিকৰী দিশলৈকে আটাইবোৰ সাঙুৰি সামগ্ৰিক প্ৰয়াসেৰেহে ই সম্ভৱপৰ হৈ উঠে। প্ৰতীতী নিৰ্মাণত কিউৰেটৰৰ গুৰুত্ব যিমান, বস্তু ব্যৱস্থাপনা মজদুৰীৰ পৰ্যায়তো গুৰুত্ব সিমানেই। শিল্প প্ৰদৰ্শণীৰ নামটোৱেই এটা গুৰুতৰ ভূমিকা বহন কৰে কিয়নো আাগন্তুক দ্ৰষ্টাৰ মনত ইয়ে এটা পূৰ্ৱ-ধাৰণাৰ নিৰ্মাণ কৰিব পাৰে। এইখন প্ৰদৰ্শনীৰ নাম "Blurred Perimeter" (ধূসৰ পৰিধি?) ৰাখি ৱাহিদা আহমেদে এটা স্থিতি স্পষ্ট কৰিছে যিটো ইমানদিনে ভাৰতবৰ্ষৰ মেইনষ্ট্ৰীম আৰু মেইনলেণ্ড বুলি থকা ধাৰণাৰ পৰিপ্ৰেক্ষিততহে অসমক প্ৰক্ষেপণ কৰাৰ বিৰক্তিকৰ পৰম্পৰাটোক নৎস্যাৎ কৰিবলৈ বিচাৰিছে। এইটোও বৰ সহজ কথা নহয়। আহমেদ এগৰাকী শিল্পকলাৰ সংগ্ৰাহক আৰু কলাবিথিকা এখন পৰিচালনা কৰে। যিবোৰ কাৰকে সমসাময়িক কলাৰ ধাৰণাবোৰক জন্ম দিয়ে আৰু ইয়াৰ গতিবিধি নিৰ্ণয় কৰি চলে সেই সমূহক সমূলি প্ৰত্যাখ্যান কৰি এটা ৰেডিকেল অৱস্থান গ্ৰহণ কৰাটো তেওঁৰ বাবে সহজ নহয়। মন কৰিবলগীয়া যে বহু সময়ত ৰেডিকেল বুলি আখ্যা পোৱা বহুখিনি সমল আচলতে আধুনিক আৰু সাম্প্ৰতিক কলাৰ কিছুমান এজেঞ্চীৰ বাগধাৰাই স্বীকৃতি দিয়া নিদিয়া পৰিসৰৰ মাজতেহে ৰেডিকেল হৈ ৰয়। তাতে আকৌ এই মুহূৰ্তত আমি কথা পাতি থকা আয়োজনটো সাক্ষাৎ নেহেৰুবাদী আধুনিকতাবাদী এটা আয়োজন, 'ত উত্তৰপূৰ্ৱাঞ্চলক তাৰ পৰম্পৰাগত পৰিচয়ৰ আহিলা সমূহেৰেই 'বিশ্ব'ৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰা হয় আৰু এইখন মঞ্চৰ তাগিদা অনুসৰী সেয়াই কাম্য। এনে এখন মঞ্চত Perimeter বা পৰিধি ৰেখাডালকেই Blurred বুলি উল্লেখ কৰাটোৱেই এটা উল্লেখযোগ্য পদক্ষেপ। আৰু ইয়াৰ বাবেই উৎসৱ-পৰিসৰটোৰ আনবোৰ বিপনী আৰু উপাদানতকৈ এইখন প্ৰদৰ্শনী একক আৰু আছুতীয়া হৈ থিয় দি ৰৈছে।
 
প্ৰদৰ্শনীস্থলত বিশিষ্ট অতিথি ড কপিলা বাৎসায়ন, IIC সঞ্চালক অশোক বাজপেয়ী, মনিষ পুস্কালেৰ সৈতে কিউৰেটৰ ৱাহিদা আহমেদ
দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল, এটা পৰম্পৰাগত প্ৰতিনিধিত্বমূলক শিল্প-সংস্কৃতি প্ৰদৰ্শনৰ পৰিৱেশৰ মাজত এইখন শিল্প-প্ৰদৰ্শনীয়ে উত্তৰপূৰ্ৱাঞ্চলৰ পৰা কেইজনমান বাচকবনীয়া নতুন প্ৰজন্মৰ শিল্পীক তুলি ধৰিছে যিসকল স্বতন্ত্ৰতা, নিজস্বতা আৰু নতুনত্বৰ বাৰ্তাবাহী। মুষ্টিমেয় লব্ধপ্ৰতিষ্ঠ কেইজনমান শিল্পীৰ জৰিয়তে উত্তৰ-পূৱৰ শিল্পক প্ৰতিনিধিত্ব কৰাৰ পৰিৱৰ্তে এইকেইজন উদীয়মান শিল্পীৰ ওপৰত আস্থা ৰখাৰ বাবে আৰু একেসময়তে আমাক সমসাময়িকতাৰ আভাস দিয়াৰ বাবেও কিউৰেটৰ ৱাহিদা আহমেদ ধন্যবাদৰ পাত্ৰ।
ডিটেইল, ধৰ্মেন্দ্ৰ প্ৰসাদৰ শিল্পকৰ্ম
অংকন দত্তৰ ধোঁৱাচাং
 
ধৰ্মেন্দ্ৰ প্ৰসাদৰ শিল্পকৰ্ম
দা ৰাজা ফাউণ্ডেচন আৰু ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰৰ যৌথ উদ্যোগত IIC Experience 2018 আয়োজনৰ অংশ হিচাপে নতুন দিল্লীত ২৭ অক্টোবৰৰ পৰা ১০ নৱেম্বৰলৈকে হৈ যোৱা এই Blurred Perimeter নামৰ প্ৰদৰ্শনীখনৰ শিল্পী সকল হ'ল থ্ৰংকিউবা য়িমছুংগ্ৰু (নাগালেণ্ড), ত্ৰেইবৰ মাওলং (মেঘালয়), চাওবা থিয়াম (মণিপুৰ), কম্পী ৰিবা (অৰুণাচল), মৃন্ময় দেববৰ্মা (ত্ৰিপুৰা), শিশিৰ থাপা (চিক্কিম), থ্লানা বাজিক (মিজোৰাম) আৰু অসমৰ অংকন দত্ত, ধ্ৰুবজিৎ শৰ্মা, ধৰ্মেন্দ্ৰ প্ৰসাদ, অৰ্পিতা দে। ভিন্ন শিল্পীৰ ভিন্ন সোৱাদৰ কাম ইয়াত থাকিলেও সমসাময়িক ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিয়ে আনি দিয়া উদ্বিগ্নতা আৰু মানৱ শৰীৰত তাৰ ৰৈ যোৱা আঁচোৰেই ইয়াত এটা ঘাইকৈ চকুত লগা দিশ হৈ ৰৈছে। ৰাজা ফাউণ্ডেচনৰে বঁটা প্ৰাপ্ত কবি নীলিম কুমাৰৰ বিজ্ঞাপন কবিতাটোৰ (ইংৰাজী ৰূপটো) প্ৰদৰ্শনী চৌহদৰ বেৰত সন্নিবিষ্ট কৰাটোও লক্ষণীয়। এই আলোচনাটিত কেইজনমান নিৰ্বাচিত শিল্পীৰ কামৰ কথা উল্লেখ কৰিম।
 
প্ৰদৰ্শনীৰ প্ৰস্তুতি কালত শিল্পী 
এটা ধোঁৱাই থকা ঘৰ। কেঞ্চি বাতামৰ অসম আৰ্হিৰ মিনিয়েচাৰ ঘৰ এটা সাজিছে অংকন দত্তই। ঘৰটোৰ ভেণ্টিলেটৰবোৰেদি ধোঁৱা ওলাই থাকে। সেই ধোঁৱাত আকৌ মাজে মাজে ধূনাৰ গোন্ধ, মাজে মাজে পোৰা চুলি অথবা পোৰা ফটাকানিৰ গোন্ধ। কামটো মূলত: এটা ভাস্কৰ্য সদৃশ যদিও ঘৰটোত ধোঁৱাৰ সংযোজনে তাক এটা প্ৰতিস্থাপনৰ লগতে কিছু পৰিমানে পৰিৱেশনৰ ওচৰ চপাই আনিছে। ঘৰৰ অনুষংগ অংকনৰ আন এটা কামৰ লগতে ধৰ্মেন্দ্ৰ প্ৰসাদৰ কামৰ মাজতো আছে। এটা অস্থায়ী বাসস্থানৰ আৰ্হি নিৰ্মান কৰি তাতে গুলি সূতাৰে সী উলিয়াইছে ঘৰৰ সৈতে জড়িত কিছুমান নিতান্তই দৈনন্দিন আৰু আপাত তুচ্ছ প্ৰসংগ। ইনষ্টলেচনধৰ্মী এই কামটোৰ ভিতৰলৈ দৰ্শক সোমাই যাবও পাৰে, বহিব পাৰে, বাগৰ সলাবো পাৰে। সেইভাবে ঘৰ আৰু আমাৰ শৰীৰটোক এখন সমতলত ৰাখিবলৈ চেষ্টা কৰা এই কামটোৱে দৰ্শকক শিল্পকৰ্মটোৰ সৈতে শাৰীৰিকভাবে এটা সম্পৰ্ক স্থাপনৰ আহ্বান জনায়। ঘৰ, শৰীৰ, ৰাজনৈতিক আৰু মানসিক সংঘাতজনিত স্থানচ্যুতি, অস্তিত্বৰ অস্থিৰতা, হিংসাৰ দ্বাৰা আঘাতপ্ৰাপ্ত শৰীৰ এইবোৰ প্ৰসংগই এইখিনি শিল্পীৰ কামত দোলা দি যায় আৰু অসম তথা উত্তৰ-পূৱ ভাৰতৰ সমসাময়িকতাক এইবোৰে সূচিত কৰিব পাৰে। বিশেষকৈ অংকনৰ কামত ব্যৱহৃত উপাদান সমূহেও তাকেই সূচায়। কলাৰ জগতৰ প্ৰচলিত আৰু তুলনামূলক ভাৱে স্থায়ী মাধ্যম সমূহৰ বিপৰীতে অস্থায়ী আৰু সহজতে পাব পৰা সমলৰ ব্যৱহাৰ মন কৰিবলগীয়া। ধোঁৱাচাং নামেৰে আন এটি কামত অংকন দত্তই বস্তু থ'বলৈ ব্যৱহাৰ কৰা শুকান লাওৰ খোলাকে ধৰি বহুখিনি ঘৰুৱা আচবাবৰ ব্যৱহাৰ কৰাটো এটা সচেতন প্ৰয়োগ। ঘৰুৱা আচবাবৰ ভিতৰতে বেটাৰীযুক্ত টৰ্চ কেইটিমানত ছাঁইৰ প্ৰলেপ সানি তাত কাটি উলিওৱা মুখাবয়ৱ কেইটিমান আছে যাৰ প্ৰক্ষেপন লেপি থোৱা মাটিত পৰে। পোৰ্ট্ৰেইট কেইটা গুপ্তহত্যাৰ সময়ৰ নিৰুদ্দিষ্ট কেইজনমান ব্যক্তিৰ বুলি শুনিবলৈ পাইছোঁ। ধোঁৱাচাং নামটোৰ আক্ষৰিক প্ৰয়োগ আৰু আক্ষৰিক ইংগিতখিনি যথেষ্ট আকৰ্ষণীয় আংগিক আৰু লগতে ভাবোদ্দীপক। একেদৰেই ধ্ৰুৱজিৎ শৰ্মাৰ পেইণ্টিং আৰু ভিডিঅ' আৰ্ট দুয়োটাতে শৰীৰ এটা কেন্দ্ৰীয় বিষয়। কিন্তু এই শৰীৰ স্থান কালৰ উৰ্ধৰ এটা অনামী শৰীৰ নহয়. বৰঞ্চ ধ্ৰুৱজিতৰ ছবিৰ শৰীৰবোৰ এটা বিষয়ী অৱস্থান নিৰ্মিত কৰা কেতবোৰ উপাদানেৰে খোদিত তৰপীয়া শৰীৰ। প্ৰদৰ্শনীত সন্নিবিষ্ট তেওঁৰ ভিডিঅ' আৰ্টটোতো দেখা যায় এটা মানৱী শৰীৰৰ ৰূপান্তৰ ঘটি তাৰ উপাদানখিনিৰেই অন্যত্ৰ এজুপি পুষ্পিত গছে গা কৰি উঠে। পুনৰ জী উঠাৰ বাসনা, নতুনকৈ জীৱন লাভৰ বাসনা, নিজকে নি:শেষ কৰি দি এটা অন্য সম্ভাৱনাৰ বাবে বাট এৰি দিয়াৰ প্ৰৱণতা আদি বহুতো অব্যক্ত কথকতাৰ ই জন্ম দিব পাৰে। অৰ্পিতা দে'ৰ ফেব্ৰিক আৰু পানীৰঙৰ প্ৰয়োগখিনিত নতুনত্ব আছে আৰু সমসাময়িক বহুতো শিল্পীৰ তুলনাত একক হৈ থিয় দিব পৰা।
 
ধ্ৰুৱজিৎ শৰ্মাৰ পেইণ্টিং 
আটাইখিনি কাম সম্পৰ্কে আলোচনা কৰিবলৈ হ'লে লেখাটোৱে বহল অবয়ৱ ল'বগৈ। সকলো শিল্পীৰ কামেই আছিল সতেজ আৰু প্ৰাণৱন্ত। বিশেষভাবে আকৰ্ষণীয় আছিল মণিপুৰৰ চাওবা থিয়ামৰ পাৰফৰমেঞ্চৰ ভিডিঅ'টো। জন্ম, প্ৰকৃতি আৰু মানৱ দেহৰ চিৰন্তন ৰহস্যখিনিক কেন্দ্ৰ কৰি আগবঢ়া এই কামটোৱে যিকোনো দৰ্শককে নিবিষ্ট চিত্তে মগ্ন কৰি ৰাখিবৰ সামৰ্থ ৰাখিছিল।  

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: