ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, March 31, 2018

পেখু পেখু (আঠ): ডিচিপ্লিন

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ১৮ ফেব্ৰুৱাৰী, ২০১৮]

১) "অ' তুমি ইমান ধুনীয়াকৈ ছবিখন আঁকিছা, ক'ত শিকিছিলা?"
২) "অ' তোমাৰ কবিতাটো ইমান ভাল হৈছে।"
মন কৰক, দ্বিতীয় কথাষাৰত "ক'ত শিকিছিলা?" প্ৰশ্নটো হেৰাল।

ঋষিতুল্য বুলি খ্যাত অসমৰ অন্যতম বৰ্ষীয়ান কবি নীলমণি ফুকনদেৱৰ "অলপ আগতে আমি কি কথা পাতি আছিলোঁ" কাব্যগ্ৰন্থৰ প্ৰথম কবিতাটোৱেই আৰম্ভ হয় এনেদৰে-
"এজন কবিয়ে কৈছিল/ যিসকলে কবিতা নপঢ়ে/ কবিতা তেওঁলোকৰ কাৰণেই..."
সেই অনন্য সুন্দৰ কাব্যাংশক অলপ আছুতীয়াকৈ থৈ আজিৰ আমাৰ বক্তব্য হ'ব- যিয়ে কবিতা নপঢ়ে আচলতে কবিতা তাৰ বাবে নহয়।

কবিতাৰ চৰ্চাও এটা ডিচিপ্লিনৰ অংশ হ'ব পাৰে। এই কথাটো মনি ল'বলৈ এক বুজন সংখ্যক লোক অমান্তি হ'ব। কিন্তু আমি দেখিম যে কবিতাও এটা ডিচিপ্লিন বুলি মানি ল'লে অতীজৰে পৰা চলি অহা ভালেখিনি আহুকলীয়া সমস্যাৰ সমাধান হাততে পোৱা যাব। ডিচিপ্লিন বুলি ইংৰাজী শব্দটোকে ব্যৱহাৰ কৰি চলিছোঁ কাৰণ অণুশাসন, নিয়মানুৱৰ্তীতা আদি শব্দবোৰে ইয়াৰ আংশিক অৰ্থহে প্ৰকাশ কৰাৰ ভয় আছে। এটা জ্ঞান-চৰ্চাৰ পদ্ধতিগত ধাৰকো 'ডিচিপ্লিন' বুলিয়েই কয়। লক্ষণীয় ভাবে বহু পুৰণি কালৰে পৰাই দৃশ্যশিল্প, চাৰুকলা অথবা সুকুমাৰ কলাক কিন্তু আনুষ্ঠনিক শিক্ষালব্ধ এটা ডিচিপ্লিন বুলি আমি সহজভাবেই মানি আহিছোঁ। চিত্ৰশিল্প শিকিবলৈ আমি আৰ্ট স্কুল এখনলৈ গৈ নাম লগাওঁ ঠিকেই। কেৱল কবিতাৰ স্কুলৰ কথা কোনোবাই উলিয়ালেহে আমি জাঙুৰ খাই উঠোঁ।

তথাপিও ছবি অঁকাটো বা মূৰ্তি গঢ়াটো এটা ডিচিপ্লিনেৰী প্ৰেক্টিচ বুলি মানি লোৱাৰ পিছতো বহুখিনি অসুবিধাৰ সন্মুখীন সকলো সৃষ্টিশীল ব্যক্তিয়েই সমানে সন্মুখীন হ'বলগীয়া হয়। প্ৰাত্যহিক জীৱনত তেনে ধৰণৰ দৃষ্টান্ত দেধাৰ। ৰে'লেৰে বা বাচেৰে ক'ৰবালৈ গৈ থাকোতে ব্যক্তি এজনে যদি কথাবতৰাত গম পায় আপুনি এজন দাঁতৰ ডক্টৰ, তেন্তে পোণচাটেই নিশ্চয় তেওঁৰ বেমাৰৰ চিকিৎসা কৰিবলৈ অনুৰোধ কৰি আপোনাৰ আগত মুখখন মেলি নিদিয়েহি। আপুনি এজন অভিযন্তা বুলি জানিলে তেওঁৰ ঘৰৰ সন্মুখৰ ভঙা দলং খন নিৰ্মান কৰিবলৈকো নকয়। কিন্তু যদি গম পায় আপুনি এজন শিল্পী, তৎক্ষণাৎ তেওঁ আপোনাক নিজৰ পোৰ্ট্ৰেইট এখন আঁকি দিবলৈ অনুৰোধ কৰিব। কবি বুলি জানিলেও "মোক লৈ কবিতা এটা লিখিবচোন" বুলি অনুৰোধ কৰাটোও তেনেকৈয়ে সাধাৰণ এটা কথা। এই দুৰ্ভোগৰ সম্ভেদ একাংশ মানুহৰ কাষলৈ কাহানিও নাযায় যিহেতু তেওঁলোকৰ হাতত দুটা ধাৰণা অকাট্য। প্ৰথম, "শিল্পী জনতাৰ বাবে"। দ্বিতীয়, "শিল্প এটা ভগৱান প্ৰদত্ত প্ৰতিভাৰ বস্তু", ইয়াৰ লগত যেনিবা ডিচিপ্লিনৰ কোনো নিকট অথবা দূৰৱৰ্তী সম্পৰ্ক নাই।

এই উদাহৰণখিনিক সাধাৰণীকৰণ কৰি "কিছুমান মানুহ তেনেকুৱা থাকেই আৰু" বুলি এৰি দিব নোৱাৰি কাৰণ সেই একেখিনি মানুহেই ক্ষেত্ৰ এখনৰ মাজৰ ক্ষেত্ৰীয় বিশেষত্বখিনি সম্পৰ্কেও সমানে অৱগত। যেনে ধৰক কোনোবা এজন ব্যক্তি হয়তো মন্দবুদ্ধিৰ যি ডক্টৰ এজনক দেখিয়েই নিজৰ বেমাৰ দেখুৱাব, অথবা বেমাৰ সম্পৰ্কে তেওঁ কি জানে সেয়া গাবলৈ আৰম্ভ কৰে। ধৰক, মানুহজন তেনেকুৱাই। কিন্তু এই কথা নিশ্চিত যে এজন পশুচিকিৎসকৰ সন্মুখত নিজৰ দাঁতৰ অসুখৰ কথা তেওঁ নাপাতে। এজন দাঁতৰ ডাক্তৰৰ সন্মুখতো তেওঁ পেটৰ অসুখৰ কথা নাপাতে। অন্তত: মন্দবুদ্ধিৰ বুলি মানি লৈয়ো ডিচিপ্লিন এটাৰ মাজত থাকিব পৰা সম্ভাৱ্য বিশেষীকৰণখিনি বা স্পেচিয়েলাইজেচনখিনি সম্পৰ্কে তেখেত অৱগত হ'ব বুলি আমি ধাৰণা কৰি ল'ব পাৰোঁ। কিন্তু আপুনি যদি কবি, কবি সম্পৰ্কে আপোনাৰ প্ৰতি এটাই ধাৰণা। আপুনি কি ধৰণৰ চৰ্চা কৰে, আপোনাৰ অধ্যয়ণ অথবা স্পেচিয়েলাইজেচনৰ ক্ষেত্ৰ কি সেই দিশত তেওঁৰ তিলমানো আগ্ৰহ নাথাকিব।

চিত্ৰশিল্পত দেশৰ আগৰণুৱা প্ৰতিষ্ঠান এখনৰ পৰা ডিগ্ৰী লাভ কৰি শিল্পী হিচাপেই কৰ্মৰত এজন শিল্পীৰ কথা জানো, হয়তো আপোনালোকেও তেনে কোনোবা এজনক জানিব। কবিতাৰ বা শিল্পৰ কোনো আলোচনা বা ব্যাখ্যাৰ প্ৰতি চূড়ান্ত অনীহা প্ৰদৰ্শন কৰি চলে। এটা মতাদৰ্শগত স্থিতি হিচাপে সেই স্থিতিৰ প্ৰতি আমাৰ সন্মানেই আছে আৰু থাকিব। আমিও বাৰম্বাৰ কওঁ, অকবিতা বুলি একো নাই, অছবি বুলিও একো নাই। কিন্তু কথা হ'ল শিল্পী হিচাপে তেখেতৰ পৰিচয় অথবা কেৰিয়াৰ কিন্তু গঢ় লৈছে তেওঁ পঢ়ি অহা অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজেৰেহে। মানে কথাটো এনেকুৱাহে হ'লগৈ নেকি যে জীৱিকাৰ বেলা হয়তো মোৰ ডিগ্ৰীটো ব্যৱহাৰ কৰিলোঁ, কিন্তু ডিগ্ৰীটোৰ যি আচল উদ্দেশ্য আছিল, কাৰ্যক্ষেত্ৰত তাক ব্যৱহাৰ কৰিবৰ সময়ত মই তাক নৎস্যাৎ কৰি চলিলোঁ? এটা বিদ্যায়তনিক পদ্ধতিৰ মাজেৰে আহি সৃষ্টিশীল জগতখনতেই নিজৰ পৰিচয় এটা গঢ়ি ল'লোঁ হয়, কিন্তু এই চৰ্চাৰ উত্তৰোত্তৰ অভ্যাসৰ বেলিকা এটা উদাসীনতা প্ৰকাশ কৰি চলিলোঁ?

মস্তিষ্কৰ কছৰৎ ব্যতিৰেকে যিহেতু কবিতা নহয়, সেয়েহে কবিতাও এটা ডিচিপ্লিনৰেই অংশ। যদি যুক্তিৰ খাতিৰত, অথবা গণতান্ত্ৰিক দেশৰ সামূহিক চেতনাৰ তাগিদাত মানিও লোৱা হয় যে "কবিতা হৃদয়াবেগৰ স্বতষ্ফুৰ্ত প্ৰকাশ", তেনেহ'লেও এইখিনিত আহি অন্তত: আমি থমকি ৰ'বলগা হ'বই যে এই প্ৰকাশ ঘটিছে এটা ভাষাৰ লিখিত ৰূপৰ মাজেৰে। ভাষটোৰ যেনেকৈ এটা ব্যাকৰণ আৰু এটা ইতিহাস আছে, তাৰ লিখিত লিপিটোৰো এটা নিজস্ব ঐতিহ্য আছে। এই ভাষা, এই লিপি, দস্তুৰমত আমাক শিকোৱা হৈছে আৰু তাক অন্তত: আকাশৰ পৰা সৰি পৰা বস্তু এটা বুলি আমি মানি নলওঁ। কবিতাৰ আধাৰ শব্দ, আৰু প্ৰকাশৰ মাধ্যমটো ভাষা- এই কথাটোৱেওতো এটা ডিচিপ্লিনেৰী চৰ্চাকেই সাৰোগত কৰিব। এতিয়া কবিতাৰ চৰ্চা এটা ডিচিপ্লিনেৰী প্ৰেক্টিচ বুলিলে কি কি অসুবিধা দূৰ হ'ব সেইসমূহলৈ চোৱা যাওক।

ক) কবিতাৰ দুৰ্বোধ্যতাৰ অভিযোগটো কোনে কৰে, কাৰ বিৰুদ্ধে?

আধুনিক কবিতা দুৰ্বোধ্য বুলি অভিযোগ এটা প্ৰায়ে শুনি থাকোঁ, অথবা কবিতাত দুৰ্বোধ্যতাক লৈ লেখা মেলাও পাই থাকোঁ। অভিযোগটো কোনে কাৰ প্ৰতি কৰে বুজা কঠিণ। বহুসময়ত অসাৰো। সমস্যাটো ঘটে কবিতাক স্থবিৰ বস্তু এটা বুলি ভাবি থকাৰ ফলত। কবিতাৰ চৰ্চাৰো নিজস্ব এটা গতি আছে। মানুহৰ জৈৱিক-সামাজিক-সাংস্কৃতিক ক্ৰমবিৱৰ্তনৰ লগত কবিতাৰো বিৱৰ্তন ঘটিব আৰু ই জটিলৰ পৰা জটিলতৰ হৈ গৈ থাকিব। আজিৰ পৰা কবিতাক আমি যেনেদৰে বুজিছিলোঁ (মানে কবিতা বুলিলে আমি যি বুজিছিলোঁ) আজিও তাকে বুজি থাকিম বুলিতো আৰু কথা নাই। সেয়েহে এই সকলোখিনি আলোচনাৰেই আৰু কোনো প্ৰাসংগিকতাই নাথাকিব যদিহে ইয়াক আমি মানি লওঁ যে কবিতাও এটা ডিচিপ্লিন। দিন যোৱাৰ লগে লগে একো একোটা ডিচিপ্লিন হিচাপে পদাৰ্থ বিজ্ঞান, চিকিৎসা শাস্ত্ৰ, স্থাপত্য-বিদ্যা, দৰ্শন সকলোৱেই জটিলতৰ হৈ গৈ আছে আৰু ই এক স্বাভাৱিক প্ৰক্ৰিয়া। আকৌ একেটা সময়তে, জটিলতা মানে আচলতে বহু সময়তেই প্ৰসংগ-অনুষংগ আৰু ঐতিহাসিক ভাবে সমৃদ্ধ হৈ থকা ইয়াৰ পশ্চাদপট- ব্যক্তি বিশেষ হিচাপে হয়তো আমি যাৰ বিষয়ে আমি অৱগত নহওঁ। ব্যক্তি হিচাপে সেয়া আমাৰ একক অস্তিত্বৰহে সমস্যা। কবিতাৰ সমস্যা নহয়। এটা ডিচিপ্লিনৰ সমস্যা নহয়। এটা চৰ্চাৰ আসোঁৱাহো নহয়। কোনোদিনে বিজ্ঞান নপঢ়া মানুহ এজনে হঠাতে আহি যদি কয় "মই আপেক্ষিকতাবাদ বুজি নাপাওঁ" তেনেহ'লে সেইটো সেই মানুহজনৰহে সমস্যা। আইনষ্টাইনৰ সমস্যা নহয়। পদাৰ্থ বিজ্ঞানৰ সমস্যা নহয়। সেয়েহে আচলতে কবিতা যি নপঢ়ে, তাৰ বাবে নহয়েই।

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা মানৱৰ প্ৰগতিৰ বাবে আৰু সৰ্বসাধাৰণৰ জীৱন-যাত্ৰাৰ উৎকৰ্ষৰ বাবেই। কিন্তু তাৰ মানে এইটো নহয় যে সৰ্ব-সাধাৰণ বুলিলে যাক বুজোঁ সেই প্ৰতিজন মানুহেই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সকলো তত্ব অনায়াসে বুজি পাব। কবিতাও জনতাৰ বাবে, সকলোৰে বাবে। তাৰ মানে এইটোও নহয় যে সকলোৱে ইয়াক চৰ্চা নকৰাকৈয়ে বুজি পাবলৈ সক্ষম হ'ব।

২) সৌজন্যতাৰ বিৰাগ, ক্লিছে আৰু ঐতিহ্য :  

অলপতে যাজ্ঞসেনীক চুলি মেলি ৰাখিবা নে নেৰাখিবা বুলি অনুৰোধ কৰি কোনোবা এজন কবিয়ে কবিতা এটা লিখিলে, সেই প্ৰকাশভংগীত কেনেকৈ কাৰ অনুকৰণ অথবা চৰ্বিত চৰ্বন ঘটিল তাকে লৈ অলপ উৎকণ্ঠাৰ সৃষ্টি হ'ল পাঠক সমাজৰ মাজত। কবিতা পঢ়িবলৈ লৈয়েই বহুঠাইত বহুবাৰ বহুধৰণেৰে শুনি অহা বাক্যাংশ, চিত্ৰকল্প, প্ৰতীক, মূৰ্চ্ছনাৰ চৰ্বিত চৰ্বন আমি নতুন কবিৰ মাজত দেখা পাই থাকোঁ যাক ক্লিছে (Cliché) বুলি কওঁ। নদীয়েহি নামি অহা সূৰ্য এটাৰ চিত্ৰকল্প লিখি পেলাওতে একান্ত নিজা অনুভূতি বুলি ভাবি থাকিলেও আমি এই সৌজন্যতাখিনি প্ৰকাশ কৰিবলৈ টান পাওঁ যে নীলমণি নামৰ এজন অগ্ৰজ কবিৰ কবিতাৰ ব্যপক প্ৰচলনে হয়তো আমাৰ অৱচেতনাত তেনেধৰণৰ চিত্ৰ-ৰূপ একোটাৰ সাঁচ কাটি থৈছে। মৃত্যু এক শিল্প বুলি ক'লে তৎক্ষণাৎ আমি জানো যে এই উপলব্ধিটো কেনেকৈ কাৰ মাজেৰে কোন বাটেৰে আহি এইখিনি পাইছেহি। আজি ফাগুণৰ পুৱাবেলাতে প্ৰথম বৰষুণজাকত মাটিৰ পৰা ওলোৱা সেমেকা গোন্ধটোৱে মোৰ মনলৈ যি অনুভৱ আনিছে সেয়া হয়তো মোৰ একান্তই স্বকীয়, নিজস্ব, একক অনুভৱ (এইখিনিতো ই কিমানদূৰ মৌলিক হ'ব পাৰে তাত প্ৰশ্ন থাকিব!)। এই মৌলিক বুলি ধৰি লোৱা অনুভূতিখিনিক আপুনি যে ভাষাৰে প্ৰকাশ কৰি তাক কবিতা নাম দিলে, সেইটো কিমান স্বতন্ত্ৰ কাৰবাৰ? গতিকে এটা ঐতিহ্যৰ নিৰ্মাণৰ ধাৰা য'ত আৱৰ্তমান, পূৰ্ৱসূৰী আৰু উত্তৰসূৰীৰ প্ৰভাৱ-বিস্তাৰ আৰু অণুকৰণৰ এটা নিৰন্তৰ প্ৰক্ৰিয়া য'ত ঘটিব লাগিছে, য'ত দোপত দোপে ঢাপত ঢাপে উৎকৰ্ষৰ হাবিয়াস বিদ্যমান, তাক এটা ডিচিপ্লিন বুলি নকৈ আৰু কি বুলি ক'ম? সেয়েহে এতিয়া আমি কবিতাক এটা ডিচিপ্লিন বুলি মানি ল'লে কবিতাত চৌৰ্যবৃত্তি, কুম্ভীলক-বৃত্তি আদিক কেন্দ্ৰ কৰি চলি থকা অৰিয়া-অৰিৰ খেলখিনিৰ পৰা পৰৱৰ্তী স্তৰলৈ গৈ অণুকৰণ, অণুসৰণ, পুনৰ্পাঠ নিৰ্মাণ, অন্তৰ্পাঠ বা সহ-পাঠ, বিনিৰ্মাণ, প্ৰসংগায়িতকৰণ আদি অন্যান্য গুৰুত্বপূৰ্ণ কথাখিনি পাতিব পৰা হ'ম।   

৩) পাঠকৰ নিৰ্মাণ অথবা কাব্যৰ ৰসাস্বাদনৰ পদ্ধতিসমূহ :

কবিতাক এটা ডিচিপ্লিন বুলি মানি ল'লে, কবি বা লেখকৰ সুবিধা যিমান হয়, আচলতে পাঠকৰ সুবিধা হয় বেছি। শিল্পৰ আৰু কাব্যৰ ৰসাস্বাদানৰ বিভিন্ন পদ্ধতিৰ ভিতৰত আটাইতকৈ প্ৰাথমিক কথাটোৱেই হ'ল- চোৱাটো। পেখু। চাওক। পঢ়ক। এয়ে প্ৰথম স্বৰ্ত। কবিয়ে কি ক'ব খুজিছে, কাক কেতিয়া কিয় ক'ব খুজিছে, সেই প্ৰসংগ সংগতি সমূহ তাৰ পিছত স্তৰে স্তৰে আহি থাকিব। বিষয়বস্তুটোৰ এটা ঐতিহাসিক  প্ৰেক্ষাপটেৰে তালৈ চাব পাৰি নেকি? যদি পাৰি, কবিতা এটা ডিচিপ্লিন। কবিতাটোৰ ফৰ্ম, আৰ্হি অথবা তাৰ শাৰীৰিক অবয়ৱটোৰ মাজেৰে কিবা এটা ব্যক্ত হৈছে নেকি যাক আমি আন এটা কবিতাৰ আৰ্হিৰ সৈতে ৰিজাই চাই কিবা এটা বুজিবলৈ চেষ্টা কৰি আছোঁ? যদি সেয়ে হয়, কবিতা এটা ডিচিপ্লিন।

"কবিতাৰ স্কুল" বুলি ফলক এখন আঁৰি থোৱা ক'ৰবাত শিল-বালি-ইটাৰ ঘৰ এটা থাকক বা নাথাকক, ঐতিহাসিকভাবে সিদ্ধ সমজুৱা চেতনাৰ স্তৰত কবিতাৰ স্কুল এখন কিন্তু আছেই আছে। সদৌ শেষত আপুনি যি বস্তুটো পঢ়ি আছে সেইটোক যে কবিতা বুলি কয় আপুনি কেনেকৈ গম পালে? এটা জ্ঞান-চৰ্চা-পদ্ধতিৰ মাজেৰে আহিয়েইতো এই সম্ভেদ আপোনাৰ ওচৰ পাইছেহি। তেন্তে, কবিতা এটা ডিচিপ্লিনেই হয়।



সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001

email: kankhowa@gmail.com, mobile: +91 9811375594


No comments: