ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, March 31, 2018

পেখু পেখু (সাত): ধৰ্ম, বিশ্বাস, ধৰ্ম-বিশ্বাস



[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ৪ ফেব্ৰুৱাৰী, ২০১৮]

বিশ্বাস কথাষাৰ কেইবাতৰপীয়া। কোনোবাখিনিত বিশ্বাসকে ভৰসা কৰি মানুহ জীয়াই থাকে। এই বিশাল বিশ্বজগত, ইয়াৰ সৃষ্টি-ৰহস্য অথবা ইয়াৰ গতিবিধিয়ে মানৱ মনত অনন্ত ৰহস্যৰ উদ্ৰেক কৰে। সেই বিশালতা আৰু অনন্তৰ বিপৰীতে আকৌ ক্ষুদ্ৰাতিক্ষুদ্ৰ বস্তু, অবয়ৱ বা পৰিঘটনায়ো একেই ৰহস্যৰ জন্ম দিয়ে। উল্কাটো বা ধূমকেতুটো যেনেকৈ ৰহস্যৰ উৎস, সৰি পৰা গছৰ পাতখিলাও তেনেকৈয়ে ৰহস্যৰ উৎস। সহস্ৰ আলোকবৰ্ষৰ দূৰৈৰ জ্যোতিষ্কটোৰ পৰা কুমজেলেকুৱাটোলৈকে সকলোৱেই জন্ম দিয়ে ৰহস্যৰ। অস্তিত্বৰ সূত্ৰৰে, অথবা গতিবিধিৰ সূত্ৰৰে। কোনোবাখিনিত কেনেবাকৈ কিবা এটা পৰম শক্তি, এটা চালিকা শক্তি নিশ্চয়কৈ থাকিব লাগিব- এই সকলো অস্তিত্ব আৰু সকলো পাৰফৰমেন্সৰ আঁৰত। এই বোধৰ পৰাই ভয়, শংকা, কৌতুহল আদি সকলোৰে নিৰসন বিচাৰি মানুহে বিচাৰি পালে ভগৱান। প্ৰকৃতি আৰু বিশ্বজগতৰ ৰহস্যৰ সন্মুখত অৱনত মানুহে নিজৰ জীৱন ধাৰণৰ কৌশলসমূহ অভিযোজনা কৰি গৈ থাকোতে জনম দি ল'লে কিছুমান ৰিচুৱেল। এই আচৰণ বিধি সমূহ আৰু সেই ভগৱানৰ ধাৰণাটো- দুয়োটা হাতে হাত ধৰি আগুৱাই যোৱাৰ পৰিণতিত জন্ম হ'ল ধৰ্ম।

আজি আমি ধৰ্মৰ বিশ্বাস আৰু ঈশ্বৰৰ বিশ্বাস- দুয়োটা কথাকেই সনাপোটোকাকৈ ব্যৱহাৰ কৰোঁ যদিও দুয়োটা কথাৰ মাজত পাৰ্থক্য আছে। প্ৰশ্ন উঠিব পাৰে, ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ নকৰা ব্যক্তি এজনৰ পক্ষে ধাৰ্মিক হোৱাটো সম্ভৱনে? আমাৰ মতে সম্ভৱ। কেনেকৈ সেয়া আমি পাছলৈ ব্যাখ্যা কৰিম। তেনেকৈয়ে অধাৰ্মিক মানুহ এজনে ঈশ্বৰত আস্থা ৰাখিব পাৰিবনে? আস্তিকতা আৰু নাস্তিকতাকলৈ অজস্ৰ বিতৰ্ক হৈ গৈছে, হৈ আছে আৰু হৈ থাকিব। এই বিতৰ্কৰ আৱৰ্ততে সমগ্ৰ বিশ্বজুৰি ৰক্তপাত কিমান ঘটিল তাৰ কোনো হিচাপ নাই। ইমানতে অৱসান ঘটক বুলি মানৱ মনে বাৰে বাৰে কামনা কৰাৰ পিছতো এই ৰক্তক্ষয়ী বাদানুবাদ কমক চাৰি বাঢ়িবহে লাগিছে দিনে দিনে। এই সময়তে চলি থকা উচ্চ সদনৰ শীতকালীণ বৈঠকতো উত্থাপিত পৰিসংখ্যাৰ পৰা এই কথাই প্ৰতিপন্ন হ'ল যে বিগত বৰ্ষটোত সাম্প্ৰদায়িকতা-ভিত্তিক সংঘাত আৰু ৰক্তপাতৰ সংখ্যা বহুখিনি বৃদ্ধি পালে। সি যি কি নহওক, অস্তিকতা বা নাস্তিকতা সম্পৰ্কে আলোচনা কৰাটো আমাৰ উদ্দেশ্য নহয়। কেৱল উল্লেখ কৰিব খুজিছোঁ ভগৱান, ধৰ্ম আৰু বিশ্বাসৰ ধাৰণাখিনিক লৈ কথা পাতোতে ৰৈ যোৱা কিছুমান আসোঁৱাহ। 

ধৰ্ম-ভিত্তিক আৰু ধৰ্মৰ সৈতে সাঙোৰ খাই থকা সাম্প্ৰদায়িকতাৰ ভিত্তিত যেতিয়াই খেলিমেলিৰ সৃষ্টি হয়, বিভিন্ন পক্ষৰ মত অমতৰ মাজতে এটা পক্ষৰ সজোৰ আৰু প্ৰায় অকাট্য যেন লগা যুক্তিয়ে মূৰ দাঙি উঠে যে বিশ্বাস বস্তুটো এজন ব্যক্তিৰ নিজা বস্তু। বিস্বাস বস্তুটো হয়তো ব্যক্তিগত, কিন্তু সেইবুলিয়ে ভগৱানত বিশ্বাস আৰু ধৰ্মত বিশ্বাস- এই দুটা বস্তুও কিমান দূৰলৈকে ব্যক্তিগত হ'ব পাৰে? এইটোৱেই আমাৰ প্ৰশ্ন।

সামাজিক প্ৰাণী হিচাপে মানুহে গোট বান্ধি থাকে, আৰু গোট সাপেক্ষেই জন্ম হয় আচৰ অনুষ্ঠান, উৎসৱ পাৰ্ৱন ইত্যাদি। সৃষ্টি আৰি স্ৰষ্টাক লৈ থকা ৰহস্যৰ ধাৰণাখিনিৰ আধাৰতে যি ধৰ্ম আৰু ঈশ্বৰৰ জন্ম সেয়া এটা বিশেষ গোট, সম্প্ৰদায়, সমূহ, গোষ্ঠীৰ সমূহীয়া আৰু উমৈহতীয়া আচাৰৰ অংশ মাত্ৰ। সম্প্ৰতি, আধুনিক জীৱন যাত্ৰাই মূলগত ভাবে ছিন্নমূল কৰি পেলোৱা আধুনিক মনে সততে এই কথাটো পাহৰি পেলোৱাটো স্বাভাৱিক। এটা সম্প্ৰদায়ৰ জীৱন-যাত্ৰাৰ মাজত থাকি, তাৰ দৈনন্দিন ৰীতি নীতিৰ সৈতে সাঙোৰ খাই থাকি, যি ধৰ্মীয় বিশ্বাসক আমি লালন কৰি থাকোঁ, কিবা সূত্ৰে সেই সম্প্ৰদায়ৰ প্ৰাত্যহিক সংস্পৰ্শৰ পৰা আঁতৰলৈ গুছি অহাৰ পিছতো সেই একেখিনি বিশ্বাসৰ অভ্যাসক একেধৰণেই লালন কৰিব পাৰোঁনে? যদি পাৰোঁ, তাৰ যৌক্তিকতা আছে নে? উত্তৰটো আচলতে- "নাই"। আজিৰ পৃথিৱীত এক বুজন সংখ্যক মানুহেই আচলতে গৃহহীন। ৰাজনৈতিক, অৰ্থনৈতিক, ভৌগলিক আদি বিভিন্ন কাৰণত যেনেকৈ একাংশ মানুহ ভগনীয়া আৰু পৰবাসী, সাধৰণ জীৱিকাৰ তাড়না, উচ্চশিক্ষাৰ হাবিয়াস আদিৰ কাৰণত নিজা সিদ্ধান্তৰ পৰিণতিতো একাংশ মানুহ আজি পৰবাসী। এই পৰবাসী মানুহে কোনজন ভগৱানক বুকুত কঢ়িয়াই লৈ ফুৰিব সেয়া আচলতে এটা প্ৰশ্ন। এই প্ৰশ্নটো আমি আজিলৈকে কৰা নাই। কিন্তু এই প্ৰশ্নটো নকৰালৈকে ধৰ্ম সম্পৰ্কীয় মূলগত ধাৰণাখিনিৰ পৰা আমি আৰু বেচি ফালৰি কাটি গৈ থাকিম।

আমি পাহৰি যোৱা উচিত নহয় যে সকলো ধৰণৰ ধৰ্মীয় ৰীতি নীতি বা উপকৰণৰ আঁৰতেই আছে একোটা সামাজিক তাগিদা। স্বাধীনতা উন্মুখ মানৱ মনৰ বান্ধোন খুলি বাৰে বাৰে পলাব খোজা সেই মানুহেই কিন্তু সমাজ পাতি ঘৰ সাজি পৰিয়াল কৰি বাস কৰি ভাল পোৱা মানুহ। এই দ্বৈতবিৰোধ মানুহৰ মাজত সদায়েই থাকিব। এহাতে মুক্তিৰ হাবিয়াস, আনহাতে বান্ধোনত থাকি নিজৰ সুবিধাৰ পৰিবেশ এটা তৈয়াৰ কৰি লোৱাৰ অভ্যাস। জনে প্ৰতি মনটোৰ দৰে এই ভিন্নতাখিনিক একত্ৰে ৰাখিবৰ বাবেই বিভিন্ন আচাৰ অনুষ্ঠানৰ প্ৰয়োজন হয়। প্ৰয়োজন হয় ৰীতি নীতিৰ। এটা প্ৰাৰ্থনা লাগিল যাক সমস্বৰে সকলোৱে মিলি একে লগে গাব। এটা অনুষ্ঠান লাগিল য'ত সকলোৱে লগে ভাগে অংশীদাৰ হ'ব। এটা বিশ্বাস লাগিল, যাক সকলোৱে একান্তে স্বীকাৰ কৰি ল'ব। আমি এইখিনিকেই পাৰফৰমেটিভিটি বুলি কওঁ। এই সামাজিকতাৰ প্ৰয়োজনতেই ধৰ্মৰ জন্ম। এই সামাজিক প্ৰয়োজনক পাহৰি গৈ তাক কেৱল বিশ্বাস বুলি এটা বিমূৰ্ত ৰূপ দিয়াৰ লগে লগেই খেলিমেলিখিনিৰ সৃষ্টি। ধৰ্মক নৃতাত্বিক পৰম্পৰা-অভ্যাসৰ পৰা পৃথক কৰি চোৱাৰ পক্ষপাতী আমি নহওঁ। ৰাস্তাইদি গৈ থাকোতে ভীড়ৰ মাজত মানুহ এজনক খুন্দা এটা মাৰিলেও মুখেদি অকস্মাতে "অহ কৃষ্ণ!" বুলি যদি ওলাই যায়, তাৰ মানে এইটো নহবও পাৰে যে মই ঈশ্বৰ বিশ্বাসী। "ঈশ্বৰৰ কৃপাত ভালে আছোঁ" বুলি কোৱা কথা এষাৰ চেকুলাৰ হ'ব পাৰে, ই এটা ভাষিক সংস্কৃতিৰ অংশ। এই সংস্কৃতি কোনোবা একালত ধৰ্মৰ পৰা আহৰিত হ'লেও ই আৰু ধৰ্মৰ সৈতে একেধৰণৰেই সংপৃক্ত হৈ নেথাকিবও পাৰে। মই নাজানো, কোনে জানে- এনে ভাবত "God knows" বুলি ক'লে সেইটোক এটা ধৰ্মীয় ষ্টেটমেণ্ট বুলি ভবাৰ অৰ্থ নাই। সেয়েহে, গাঁৱৰ ঘৰৰ বা নাম ঘৰৰ পৰম্পৰাৰ মাজত ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ নামৰ তিনিজন ভগৱানৰ কৃপাত সৃষ্টি, স্থিতি আৰু প্ৰলয় সংঘটিত হৈ আছে বুলি এটা বিশ্বাসৰ অন্য সত্যতা আছে। তাৰ পৰা শত যোজন আঁতৰত জীৱিকাৰ তাড়নাত বা অন্য কাৰণতেই হওক, কোনোবাই যদি আধুনিক নগৰীয়া জীৱন কটাইছে, দিনৰ দিনটো বিজ্ঞান আৰু প্ৰযুক্তিয়ে আনি দিয়া উপকৰণ সমূহৰ মাধ্যমেৰে কৰ্মৰত হৈ থাকি সেই বিশ্ব-চৰাচৰৰ একেটা ব্যাখ্যাকে অখণ্ড বুলি যদি ধৰি থাকে, তেনেহ'লে সেইটো সমূলি অন্য কথা এটা হৈ পৰিব। সেয়েহে, আমাৰ বাবে ধৰ্মৰ অস্তিত্ব সেইখিনিলৈকেহে, যিখিনিলৈকে এটা সামাজিক তাগিদা আছে। এই তাগিদা সামাজিক একত্ৰিকৰণৰ হ'ব পাৰে, সৃংখলাবদ্ধকৰণৰ হ'ব পাৰে বা সামূহিক শক্তিৰ উৎপাদনমুখিতাও হ'ব পাৰে। সেই স্তৰৰ একেখিনি বিশ্বাসৰ ধাৰণাকেই ব্যক্তিগত স্তৰলৈ লৈ অনাটো বৰ বেছি যুক্তিসংগত নহ'ব। ধৰ্ম এটা আহিলা মাত্ৰ। বিশ্বাসটো এটা অন্য বস্তু। ভগৱানো অন্য বস্তু। অন্যথা, মাছ মাংস খাই ভাল পোৱা কিন্তু মংগলবাৰে নোখোৱা, সঘনাই হনুমান চালিছা পঢ়ি গৌৰৱ কৰা অনেক মানুহৰ সন্মুখীন হৈছোঁ যিখিনি মানুহে ৰাতিৰ আকাশৰ অগণন তাৰকাৰাশিলৈ চাই এবাৰো ভাব বিভোৰ হোৱা নাই। নদীৰ পাৰত বহি প্ৰৱাহমান জলৰাশিলৈ চাই জীৱনত হয়তো এবাৰো জগতৰ ঘটনা প্ৰৱাহক লৈ একো প্ৰশ্ন তুলি পোৱা নাই। কৌতুহল আৰু বিস্ময়ৰ বাবে অলপো সময় ব্যয় কৰিব নোৱৰা মানুহে ভগৱানৰ নামোচ্চাৰণ কৰি সময় ব্যয় কৰাৰো মানে নাই। দা-ৰে মানুহ ঘপিয়াই বা বোমাৰে মানুহ উৰুৱাই ভগৱানৰ নাম লোৱা মানুহখিনিৰ কোনো ভগৱান নাই।

আমি ধৰ্মৰ সৈতে সাঙুৰি ৰখা বহুখিনি ৰিচুৱেলৰ আকৌ এটা ধৰ্ম-নিৰেপেক্ষ বা চেকুলাৰ দিশো আছে। কথাষাৰ বহলাবলৈ গ'লে বহুত কথা ওলাব। থোৰতে বুজিবলৈ হ'লে আমি সেই ৰিচুৱেল সমূহৰ পাৰফৰমেটিভিটিৰ দিশটোলৈ চকু দিবলৈকে ক'ম। তেনেকৈয়ে প্ৰাৰ্থনাৰো এটা অন্য অৱস্থান আছে, অন্য পাৰফৰমেটিভিটি আছে। প্ৰাৰ্থনা মানেই ভগৱানৰ বন্দনা বুলি ভাবি থকা সকলে তাক মানৱ মনৰ আকূতি বুলিও এবাৰ গমি চাব পাৰে। আমাৰ বিচাৰেৰে প্ৰাৰ্থনা আজি আমি ধৰ্ম বুলিলে যাক বুজোঁ সেই ধৰ্মৰ আৱিস্কাৰৰ আগতে অন্য বস্তুৱেই আছিল। চুফি বা ভক্তিবাদ আদিৰ দৰে কিছুমান প্ৰান্তীয় কিছুমান চৰ্চাই তাক আকৌ ধৰ্মৰ কঠোৰ বান্ধোনৰ পৰা মোকলাই এটা বহল পৰিসৰলৈ লৈ আনিবলৈ চেষ্টা কৰাৰ উদাহৰনো আমি দেখিছোঁ। সদ্যহতে মোখনি মাৰিবলৈ নেটিভ আমেৰিকান জনজাতি 'উটে' সকলৰ এটা প্ৰাৰ্থনা আগবঢ়ালোঁ-

পৃথিৱীৰ পাঠ

পৃথিৱী, মোক দিয়া নৈ:শব্দৰ পাঠ
পোহৰৰ সৈতে শান্ত ঘাঁহবোৰৰ দৰে।
পৃথিৱী, মোক দিয়া যন্ত্ৰনাৰ পাঠ
স্মৃতিয়ে কষ্ট দিয়া প্ৰাচীণ শিলবোৰৰ দৰে।  
পৃথিৱী, মোক দিয়া বিনম্ৰতাৰ পাঠ
নতুনকৈ ফুলা অমায়িক ফুলবোৰৰ দৰে।  
পৃথিৱী, মোক দিয়া শুশ্ৰূষাৰ পাঠ
মাতৃয়ে যেনেকৈ সন্তানক পালন কৰে।
পৃথিৱী, মোক দিয়া সাহসৰ পাঠ
অকলে থিয় হৈ ৰোৱা গছজোপাৰ দৰে।
পৃথিৱী, মোক দিয়া সীমাবদ্ধতাৰ পাঠ
মাটিত বগুৱা বাই যোৱা পৰুৱাটোৰ দৰে।
পৃথিৱী, মোক দিয়া মুক্তিৰ পাঠ
অকাশত বিচৰণ কৰা চিলনীৰ দৰে।
পৃথিৱী, মোক দিয়া সমৰ্পণৰ পাঠ
শীতত সৰি পৰা গছ পাতখিলাৰ দৰে।
পৃথিৱী, মোক দিয়া পুনৰ্জন্মৰ পাঠ
বসন্তত গজালি মেলা গুটিটোৰ দৰে।
পৃথিৱী, মোক দিয়া পাহৰণিৰ পাঠ
গলি যোৱা বৰফে যেনেকৈ নিজকে পাহৰে।
পৃথিৱী, মোক দিয়া মমতাৰ পাঠ
বৰষুণত শুকান পথাৰে কান্দে যেনেদৰে।
 

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594
    

No comments: