[শাব্দিক (সাহিত্য আৰু সমালোচনাৰ হাতপুথি) নামৰ গ্ৰন্থখনৰ পাতনিটো]
বৈঠকী সমালোচনা- প্ৰথমে এই কথাষাৰৰ এটা প্ৰস্তাৱ উত্থাপন কৰিবলৈ বিচাৰিছিলোঁ। আচলতে Popular Criticism কথাষাৰহে মনলৈ আহিছিল, কিন্তু তাক হুবহু ব্যৱহাৰ কৰিবলৈ অসুবিধা পোৱাৰ দুটা ঘাই কাৰণ আছে। সমালোচনা বা Criticism বুলিলেই যে নেতিবাচক বা নঞৰ্থক ধাৰণা কিছুমান হে সাধাৰণ মানুহে মনত পালি থাকে সেইখিনি সমস্যাৰ কথা বাৰু সদ্যহতে নিলগাই থৈছোঁ, সেই সম্পৰ্কে ব্যাখ্যা বা কৈফিয়ৎ ভালেখিনি হৈ গৈছে। এতিয়া Popular শব্দটোৰ অসমীয়াকৰণতো সমস্যা আছে, Popular Criticism বোলোঁতেও মই বুজাব খোজা দিশটো আৰু ইতিমধ্যে প্ৰচলিত দিশখিনিতকৈ অলপ সুকীয়া।
পপুলাৰ শব্দটোৰ সাধাৰণ প্ৰতিশব্দ হিচাপে ‘জনপ্ৰিয়’ শব্দটো ব্যৱহাৰ কৰা হয়। জনপ্ৰিয় শব্দটোত ‘প্ৰিয়’ অংশটো লাগি থকাৰ বাবেই অলপ অসুবিধাত পৰোঁ আৰু সেয়েহে আমি মাজে মাজে অনুবাদ নকৰাকৈ পপুলাৰ বুলি কৈয়েই আৰাম পাওঁ। পপুলাৰ বুলিলে যিটো মনলৈ আহে সেইটো জনতাৰ সকলোৰে প্ৰিয় নহ’বও পাৰে, কিন্তু প্ৰচলিত। সেয়েহে জনপ্ৰচলিত বা এনে ধৰণৰ কিবা এটা শব্দ থাকিলেহে সুবিধা হ’লহেতেন বেছি। সেয়ে জনসমাদৃত শব্দটোৱেও আহুকাল লগাব পাৰে। সহজ কথাত জন-গণই প্ৰিয় বুলি আদৰি লৈছে নে নাই সেইটো কথা নহয়, কিন্তু ই ‘চলে বেছি’, বহুল স্তৰত (মাছ (Mass) লেভেলত) ইয়াৰ প্ৰচলন- এই অৰ্থটোতহে পপুলাৰ কথাটোৰ বেছি সংগতি থকা যেন লাগে। জনগণৰ প্ৰিয় হ’লেহে যে কিবা সমল এটা ‘চলিব’, কিম্বা, খুবকৈ ‘চলিলেহে’ যে কিবা এটা জনগণৰ প্ৰিয় বুলি পৰিগণিত হ’ব তেনেকুৱা একো কথা নাই। পপুলাৰ কথাষাৰক সংজ্ঞাবদ্ধ কৰাটো যে উজু নহয় তাৰ বাবে যদি উদাহৰণ দিব লাগে তেনেহ’লে কওঁ, অসমৰ সংগীত জগতত কুসুম কৈলাশ পপুলাৰ, আৰু একেটা সময়তে ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠকৰ যুটিও পপুলাৰ। শ্বাহৰুখ খানে দৌৰি গৈ ট্ৰেইনত গৈ থকা কাজলৰ হাতখন ধৰিব খোজা দৃশ্যটো যদি এটা পপুলাৰ ‘ইমেজ’ তেনেহ’লে সত্যজিৎ ৰায়ৰ পথেৰ পাঁচালীৰ অপু-দূৰ্গাৰ ৰেল-দৰ্শনৰ দৃশ্যটোও পপুলাৰ। কিন্তু সেইবুলিয়ে কেৱল ‘পপুলাৰ’ কথাষাৰৰ আঁত ধৰিয়েই এই গোটেইখিনি সমলকে একেটা সমতলত উপস্থাপন কৰিব পৰা যাব নে নাযাব? এই প্ৰশ্নটোৰ মাজত অথন্তৰৰ সম্ভাৱনাই বেছি। হয়তো কথাখিনি বুজাব পাৰিছোঁ। যদি নাই পৰা, তেনেহ’লে কওঁ, এইখিনি সময়ত জুবিন গাৰ্গ পপুলাৰ আৰু মিষ্টাৰ ৰাজকুমাৰো পপুলাৰ। কিন্তু জুবিন গাৰ্গো জনপ্ৰিয় আৰু মিষ্টাৰ ৰাজকুমাৰো জনপ্ৰিয় হয় নে নহয় এই প্ৰশ্নত আমাৰ অলপ হ’লেও খো-খোৱাবই লাগিব।
সেই গ’ল পপুলাৰ-ক কেনেকৈ অসমীয়াকৰণ কৰিম তাৰ এটা দিশ। এতিয়া আন এটা গুৰুতৰ দিশ আহি পৰিল, পপুলাৰ ক্ৰিটিচিজম বুলি মই প্ৰস্তাৱ ৰাখিবলৈ খুজিছিলোঁ কিবা এটা, কিন্তু সচৰাচৰ পপুলাৰ শব্দটোৱে ইতিমধ্যেই বিভিন্ন স্তৰৰ বাগধাৰাত নিজস্ব কিছুমান ‘ঐতিহ্য’ বহন কৰি আনি আজিৰ অৱস্থানত উপনীত হোৱাৰ ফলত পপুলাৰ ক্ৰিটিচিজম বুলি মই বুজাব খোজা কথাখিনিক আন কিবা ধৰণেৰেহে বুজাবলৈ চেষ্টা কৰিব পাৰে। সাধাৰণতে পপুলাৰ ক্ৰিটিচিজম বুলিলে পপুলাৰ কালচাৰৰ সমল সমূহক কেন্দ্ৰ কৰি আলোচনাকেই বুজি থকাটো স্বাভাৱিক। কিন্তু আমি অলপ বেলেগকৈহে এইখিনি সমালোচনাক চিহ্নিত কৰিব খুজিছিলোঁ। এইখিনি কথাই সমালোচনাৰ পদ্ধতি, পদ্ধতিবিধি (মন কৰক পদ্ধতি আৰু পদ্ধতিবিধি দুটা বেলেগ কথা, এটা মেথ’ড আনটো মথ’ড’ল’জী) সম্পৰ্কীয় কথাখিনি সন্মুখলৈ আনে।
‘সাহিত্য’ শব্দটোৰ প্ৰয়োগৰ বিৰোধিতা কৰি আগতেও ৰাইজৰ ৰোষত পৰি থৈছোঁৱেই। সাহিত্য সদায়েই অভিজাত সম্পদ। অসমৰ ক্ষেত্ৰত সি আৰু বেছি। লগতে সৰ্বগ্ৰাসী। এনেয়ে নাটক, গীত আদিবোৰ যেনিবা ‘মাইনৰ’ সমল, তাৰ পিছত ‘-সাহিত্য’ উপসৰ্গ এটা লগাই লৈ (নাট্য-সাহিত্য, গীতি-সাহিত্য আদি) সিবোৰক জাতত তুলি লোৱা হয়। আন নালাগে গল্পকো গল্প-সাহিত্য বুলি কৈ তাৰ আভিজাত্যখিনি বঢ়াই লোৱাৰ চল আছে। এইবোৰে কিন্তু সকলোকে সামৰি লোৱাৰ (অল ইনক্লুছিভ) দৰে এটা ইতিবাচক দিশ নেদেখুৱায়। বব ডিলান নামৰ গায়ক-গীতিকাৰ এজনে সাহিত্যৰ নবেল বঁটা পোৱাৰ লেখীয়া ঘটনা কম, তাৰ ঠাইত প্ৰসিদ্ধ আৰু আটাইতকৈ প্ৰভাৱশালী নাট্যকাৰ এজনে উপন্যাসৰ বাবেহে অকাডেমি বঁটা পোৱাৰ নজিৰ আছে। সাংস্কৃতিক সমালোচক হিচাপেহে কিবা যদি কৰিব পাৰোঁ কৰিবলৈ আগ্ৰহটো আছিল বেছি, পপুলাৰ কালচাৰৰ সমলখিনিকহে মন দি চাবলৈ বেছি মন। সাহিত্য শব্দটোৱে বহন কৰি চলা অভিজাত বা এলিট ক্ষেত্ৰখনলৈ এটা পপুলাৰ দৃষ্টিকোণ আনিব পাৰি নেকি সেইটোহে প্ৰশ্ন।
সমালোচনাৰ কিমানটা ধাৰা আছে বা থাকিব পাৰে
সেই সম্পৰ্কেও কোনো স্পষ্ট মত বা ‘স্কুল’ নাই। সময়ৰেখাৰে সচৰাচৰ এৰিষ্ট’ট’লৰ পয়েটিক্স
বা ভৰত মুণিৰ নাট্যশাস্ত্ৰ আদিৰ আঁত ধৰি চলি অহা ধ্ৰুপদী আৰু মধ্যযুগীয় সমালোচনাৰ ঐতিহাসিক
গুৰুত্ব আছে। পৰৱৰ্তী কাললৈ ৰেণেছাঁ সমালোচনা, ঊনবিংশ শতিকাৰ ৰোমাণ্টিক সমালোচনা, নতুন
সমালোচনা, বিংশ শতিকাৰ তত্ব আদিবোৰৰ আধাৰেৰে সমালোচনাৰ পদ্ধতি আৰু প্ৰকাৰ-ভেদৰ এটা
পৰম্পৰা আছে। সময়ৰেখাভিত্তিক প্ৰকাৰভেদৰ বাহিৰে নন্দনতাত্বিক (Aesthetic) সমালোচনা,
যৌক্তিক বা তাৰ্কিক (Logical) সমালোচনা, তথ্যীয় আৰু বৈজ্ঞানিক সমালোচনা (factual),
অভিজ্ঞতাবাদী বা অনুভৱবাদী (empirical), সদৰ্থক (Positive), নেতিবাচক (Negative), গঠণমূলক
(Constructive), ধ্বংসাত্মক (Destructive), ব্যৱহাৰিক (Practical), তাত্বিক
(Theoretical), নৈতিক (Moral) সমালোচনা… এনেধৰণেৰে আৰু বিভিন্ন শ্ৰেণীবিভাজনৰ ৰেহ-ৰূপ
চকুত পৰে। মজাৰ কথা যে শ্ৰেণীবিভাজনৰো শ্ৰেণীবিভাজন থাকিব পাৰে যিহেতু একো একোটা শ্ৰেণীবিভাজনৰ
নিৰ্দিষ্ট আধাৰ বা ভিত্তি থাকে যি আন এটা শ্ৰেণীবিভাজনৰ পদ্ধতিতকৈ পৃথক।
সৌৰভ কুমাৰ চলিহাৰ গল্প সম্পৰ্কে ড০
হীৰেন গোঁহায়ে ‘তাড়ীখানাৰ গল্প’ বোলা কথা এষাৰ কেনেকৈ বহুবাৰ বহুলোকে উদ্ধৃত কৰাৰ ফলত
কথাষাৰৰ আচল মানেটো লুকাই ৰৈছিল সেই কথা পংকজ জ্যোতি মহন্তই[ii]
অলপতে কৈছিল। কেইদিনমানৰ আগতে উনুকিয়াইছিল আৰু দেখুৱাইছিল যে মানুহে কৈ থকাৰ দৰে মূল
কথাষাৰ চলিহাৰ সকলো গল্প সম্পৰ্কে ইমান নেতিবাচক নাছিল। চলিহাৰেই আন গল্পৰ সৈতে তুলনামূলক
বিচাৰেৰেহে কথাখিনি আহিছিল আৰু “আনহাতে সৌৰভ কুমাৰ চলিহাৰ বহুকেইটা গল্পক হীৰেন গোহাঁইয়ে
যেনেদৰে বন্দনা কৰি মূল্যায়ন কৰিছে, তেনেদৰে কোনেও আজিলৈকে কৰা নাই” বুলি মহন্তই দৰ্শাইছে।
এইখন কিতাপৰ সংকলনত বিতোপন গগৈৰ বিশেষ সহযোগ
আছে। বেটুপাতৰ ভিতৰৰ বকলাত ব্যৱহৃত শিয়ালী পালেগৈ
ৰতনপুৰ-ৰ পাণ্ডুলিপিৰ ছবি মানস প্ৰতিম নেওগৰ পৰা প্ৰাপ্ত। ভিতৰভাগত অনুপম শইকীয়া,
সুৱাগমণি শইকীয়া, প্ৰদ্যুম্ন কুমাৰ গগৈ, ময়ূৰ ৰাজবংশী আৰু চন্দন বেজবৰুৱাৰ ছবি ব্যৱহাৰ
কৰিছোঁ। ভালেকেইটা লেখা মনোহৰ দত্ত ডাঙৰীয়াৰ তাগিদা আৰু উৎসাহৰ ফলত হৈ উঠিছিল। তেখেতৰ
প্ৰতি কৃতজ্ঞতাৰ ভাষা নাই।
স কা শ
নতুন দিল্লী, ২০২০
[i] স্বাধীনতা বাইদেউ, দৰং কলেজ, ১৯৯৭-২০০০
[ii] “বহুতো ব্যক্তিয়ে কৈ থাকে
যে “হীৰেন গোহাঁইয়ে সৌৰভ কুমাৰ চলিহাৰ গল্পক তাড়ীখানাৰ গল্প বুলি কৈছিল”। এই কথাটো
শুদ্ধ নহয়। প্ৰকৃততে বাক্যটো কি আছিল? বাক্যখিনি আছিল— “সৰ্বশেষ সংকলন—‘এহাত ডাবা’—তাৰে
দুটামান গল্প তাড়ীখানাৰ গল্প-গুজবতকৈ অলপহে উচ্চ স্তৰৰ। সেইবোৰ সংকলনত সুমোৱাৰ কাৰণ
নিশ্চয়—‘গভীৰ’ বা ‘মহৎ’ কলাৰ ধাৰণাৰ প্ৰতি মুখ ভেঙুচালি কৰাৰ স্পৃহা। এই ক্ষেত্ৰত আমিও
অবিচল গোঁৱাৰামিৰে সিহঁতক আওকাণ কৰিবলৈ বাধ্য।...
...‘ৰাতিৰ ৰেল’... পৰাভৱ,
পলায়ন আৰু বৈৰাগ্যৰ অনুভূতিত অভিষিক্ত মৰ্মস্পৰ্শী গল্প। অপূৰ্ব জীৱনৰ আকস্মিক বেদনাবিধুৰ
উপলব্ধি ইয়াৰ বক্তব্য।...”
কথাখিনি বুজি নোপোৱাসকলক
জনাও যে ‘ৰাতিৰ ৰেল’টো সৌৰভ কুমাৰ চলিহাৰ এটা গল্পৰ নাম। যিটো গল্প চলিহাৰ ‘এহাত ডাবা’
নামৰ গল্পপুথিখনত আছে। আৰু ‘এহাত ডাবা’ও হৈছে সেইখন পুথিত থকা আন এটা গল্পৰ নাম। সেইখন
সৌৰভ কুমাৰ চলিহাৰ তৃতীয়খন গল্পপুথি। সেই বাক্যটোত হীৰেন গোহাঁইয়ে ‘ৰাতিৰ ৰেল’ গল্পটোক
এনেদৰেই বন্দনা কৰিছে। কেৱল এইটো গল্পই নহয়, পৃথক পৃথক সময়ত আন কি কি বন্দনা কৰিছে
তাৰ দুটামান উদাহৰণ তলত দিম। অৰ্থাৎ, কথাটো হ’ল, হীৰেন গোহাঁইয়ে সৌৰভ কুমাৰ চলিহাৰ
গোটেই গল্পবোৰক তাড়ীখানাৰ গল্প বুলি কোৱা নাই। শ্ৰেষ্ঠ সাহিত্য সমালোচকসকলৰ এজন ৰূপে
সেই কথা তেওঁ কোৱা বুলি ভবাটো চলিহাৰ গল্প, অসমীয়া গল্প, আৰু অসমীয়া সাহিত্য-সমালোচনা
লেখাবোৰৰ সৈতে সমুলি পৰিচয়হীনতাকে সূচায়। আনহাতে, জুবিন-হিমন্তৰ কেইজনমান সম্পূৰ্ণ-অন্ধ-ফেন
থকাৰ দৰে চলিহাৰো দুজনমান তেনে ফেন আছে। যি কি নহওক, সৌৰভ কুমাৰ চলিহাৰ যি
দুটামান গল্পক হীৰেন গোহাঁইয়ে
তাড়ীখানাৰ গল্প-গুজবতকৈ অলপহে উচ্চ স্তৰৰ বুলি কৈছিল, তাত সৌৰভ কুমাৰ চলিহাই কি লিখিছিল?
সেয়া উমান পাবলৈ তাৰে দুটামান বাক্য তলত দিলোঁ—
“আবে হুচত থাকিবই যদি নোৱাৰ,
খাৱ কিয়”—আৰফানে কৈছে; “ব, ৰ, প্ৰফেচাৰ মানুহ—”, জগদীশে কৈছে; আৰু...
“তহঁতে কি বুজ চালা চু_____
ভাই, তহঁতৰ কোনটো চালাই কি বুজ?”
“আবে চু______ভাইহঁত, এইৰকম
ফাল্টু মাৰামাৰি কৰ কিয়! মাৰামাৰিয়েই যদি কৰিব লাগে—” আৰু চকু এটা কোঁচাই হাত এখন দাঙি
ধৰিছে, ক্লিক কৰি এটা শব্দ হৈছে,......
এনেবোৰ কথাৰ সম্পৰ্কে আনেও
বক্তব্য প্ৰকাশ কৰিছিল। তেনে আন এটা বক্তব্য আছিল— “কোনো অভিধানত নথকা ভদ্ৰ সমাজত
‘অসভ্য’ বুলি কোৱা এই শব্দবোৰ ব্যৱহাৰ কৰাৰ আগতে খ্যাতিসম্পন্ন লিখকসকলে সাহিত্য আৰু
সমাজৰ নিবিড় সম্পৰ্ক আৰু শালীনতাৰ কথা পাহৰি যোৱা উচিত নহয়।”
সেই “এহাত ডাবা” নামৰ গল্পপুথিখনৰ
আন এটা গল্পৰ নাম “হাঁহিচম্পা”। আন এটা প্ৰবন্ধত সেই গল্পটোৰ সম্পৰ্কে হীৰেন গোহাঁইয়ে
লিখিছে— “‘হাঁহিচম্পা’ গল্পৰ অসাধাৰণ নৈৰ্ব্যত্তিক কথকতাৰে এনে এটা পৰিণতিত সামৰণি
পেলোৱা হৈছে য’ত বাৎসল্যভাৱত নিমগ্ন পিতৃৰ চেতনাত ভয়াৱহভাৱে উদয় হৈছে তেওঁৰ অনবৰত কলকলাই
হাঁহি থকা সন্তানৰ জন্মগত মানসিক অক্ষমতা।”
সেই একেখন পুথিৰে আন এটা
গল্প হৈছে “বীণা কুটিৰ”। সেই গল্পটোৰ সম্পৰ্কে হীৰেন গোহাঁইয়ে লিখা এটা পেৰাগ্ৰাফৰ
এটা বাক্য হ’ল— “‘বীণা কুটিৰ’ত যিটো অবিস্মৰণীয়ভাৱে অথচ কিছু একদেশদৰ্শীভাৱে ফুটাই
তোলা হৈছে।”
সেইদৰে “এহাত ডাবা” নামৰ
গল্পপুথিখনৰ “এহাত ডাবা” নামৰ গল্পটোৰ সম্পৰ্কেও তেওঁ লিখিছে অসাধাৰণ দক্ষতাৰে। জীৱনৰ
কিছুমান এৰাব নোৱৰা জটিল বাস্তৱক সৌৰভ কুমাৰ চলিহাই এই কেইটামান গল্পৰ মাজেৰে কেনে
বিস্ময়কৰভাৱে ফুটাই তুলিছে, সেয়া প্ৰকাশ কৰোঁতে হীৰেন গোহাঁইয়ে যি শব্দ-সজ্জা ব্যৱহাৰ
কৰিছে, সেয়া পঢ়ি অসমীয়া শব্দৰ প্ৰতি মোহ থকা প্ৰতিজন মানুহ বিমুগ্ধ হ’ব।
সৌৰভ কুমাৰ চলিহাৰ দ্বিতীয়খন
গল্পপুথি “দুপৰীয়া”ত সন্নিবিষ্ট এটা গল্প “সিহঁতেও পাহাৰ বগালে”। হীৰেন গোহাঁইয়ে লিখিছিল—
“‘সিহঁতেও পাহাৰ বগালে’ত মানুহৰ জীৱনত থকা চেষ্টা, উদ্যম আৰু ধৈৰ্যৰ স্বাভাৱিক ভূমিকাৰো
কাব্যিক ৰূপায়ণ ঘটিছে।”
সৌৰভ কুমাৰ চলিহাই জ্ঞানপীঠ
পাবৰ বাবে হীৰেন গোহাঁইয়ে উদ্যোগ লৈছিল, কিন্তু তেওঁৰ গল্পবোৰৰ ইংৰাজী অনুবাদ সঠিক
নহ’ল। সৌৰভ কুমাৰ চলিহাৰ অসমীয়া গল্পসমূহৰ যি অৱস্থিতি, যি বিৰল প্ৰকাশ — সেয়া ইংৰাজীত
ফুটি নুঠিল, সঠিক অনুবাদ কৰিব পৰা অসমীয়া নোলাল। ফলত সেই উদ্যোগ কামত নাহিল।
শেষত প্ৰশ্ন হ’ল— সেই দুটামান
গল্প তাড়ীখানাৰ গল্প-গুজবতকৈ অলপহে উচ্চ স্তৰৰ বুলি কোৱাটো উচিত আছিল নে নাছিল? বহুতো
মানুহে সাহিত্য, সংগীত এনেবোৰ সুষমা কলাত অশ্লীলতা, অভদ্ৰতা, যৌনতা আদি অহাটো নিবিচাৰে।
ই কেৱল অসমৰে বিতৰ্কিত বিষয় নহয়, আন্তঃৰাষ্ট্ৰীয় স্তৰতো এনে বিতৰ্ক পূৰ্বতে বহু হৈ
গৈছে বুলি আগতে পঢ়িবলৈ পাইছোঁ। বাস্তৱটোক প্ৰকাশ কৰাৰ নামতো এনেবোৰ কথা এনেধৰণে প্ৰকাশ
কৰাটোত তেওঁলোক ঘোৰ বিৰোধী। তেওঁলোকৰ মত যিয়েই নহওক, এজন সাধাৰণ পাঠক ৰূপে ধাৰণা কৰোঁ
যে কিছু ইংগিতপূৰ্ণভাৱে এইবোৰ প্ৰকাশ কৰাটো কোনো অনিষ্টকাৰক কথা নহয়। কিন্তু তাত লেখকৰ
অসাধাৰণ গুণ প্ৰতিভাত হৈ উঠিব লাগে, নহ’লে সি সাহিত্য নহয়, সি সাধাৰণ হৈ পৰে। উদাহৰণস্বৰূপে
দুবাৰ বুকাৰ বিজয়ী আৰু এবাৰ নোবেল বিজয়ী একমাত্ৰ ব্যক্তি জে এম কোৱেৎজীৰ “ডিচগ্ৰেছ”
নামৰ ক্ষুদ্ৰকায় উপন্যাসখনত বহুকেইটা যৌন নিৰ্যাতনৰ খোলা খোলা ঘটনা আছে। সেই দৃশ্যবোৰ
আৰু গোটেই উপন্যাসখনে পাঠকৰ মন-মগজু সম্পূৰ্ণ ঘোদালি পেলায়; কিন্তু সেই দৃশ্যসমূহত
যৌনতা প্ৰকাশেই নাপায়। গতিকে, সেই দুটামান গল্প তাড়ীখানাৰ গল্প-গুজবতকৈ অলপহে উচ্চ
স্তৰৰ বুলি কোৱাটো উচিত নে অনুচিত সেয়া আনে নিজে নিজে বিচাৰ কৰি চাব; ইয়াত ক’ব বিচৰা
মূল কথাটো হ’ল— হীৰেন গোহাঁইয়ে সৌৰভ কুমাৰ চলিহাৰ গল্পবোৰ তাড়ীখানাৰ গল্প বুলি কোৱা
নাই, সৌৰভ কুমাৰ চলিহাৰ তৃতীয় গল্পপুথিখনত থকা দুটামান গল্প তাড়ীখানাৰ গল্প-গুজবতকৈ
অলপহে উচ্চ স্তৰৰ বুলিহে কৈছিল, আনহাতে সৌৰভ কুমাৰ চলিহাৰ বহুকেইটা গল্পক হীৰেন গোহাঁইয়ে
যেনেদৰে বন্দনা কৰি মূল্যায়ন কৰিছে, তেনেদৰে কোনেও আজিলৈকে কৰা নাই”।
-পংকজ জ্যোতি মহন্ত (৭ মে’, ২০২০), ফে’চবুক