ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Monday, May 13, 2019

পেখু পেখু (পয়ত্ৰিশ): গান শুনাৰ আনন্দ আৰু বিহুমেলাৰ দেহবিচাৰ


অসমীয়া মানুহ যে স্বভাৱতে সংগীতপ্ৰেমী তাত একো দ্বিধা নাই। পৰম্পৰাগত লোকসাংস্কৃতিক উপাদানসমূহতো আছেই, আধুনিক অসমীয়া সংগীতৰ জয়যাত্ৰাও যে অব্যাহত আছে আৰু থাকিব তাতো দ্বিমত নাই। কিন্তু অলপ যুক্তিৰ খাতিৰত আৰু নান্দনিক বাস্তৱতালৈ চকু দি এই কথাটোও মানিব লাগিব যে সাম্প্ৰতিক অসমীয়া সংগীতৰ চৰ্চাৰ পাৰিপাৰ্শ্বিকতাৰ সৈতে অসমীয়া মনৰ সংযোগটো অলপ আচহুৱা। গোলকীকৰণ আৰু ডিজিটেলাইজেচনৰ পৰৱৰ্তী কালত অসমীয়া সংগীতৰ সৃষ্টি, পৰিৱেশন, প্ৰসাৰ আৰু উপভোগৰ ধৰণ কৰণ যে যথেষ্ট আসোঁৱাহপূৰ্ণ-  কেইবাটাও দিশেৰে এই নিৰ্বচন সিদ্ধ কৰিব পাৰি। সেই সমূহৰ ভিতৰত আন যিকোনো সাংস্কৃতিক উপাদানৰ ক্ষেত্ৰতেই ক’ব পৰা কথাষাৰ- ইয়াতো প্ৰযোজ্য যে স্ৰষ্টা কিম্বা শিল্পী-লেখক-কেন্দ্ৰিক কথকতাৰ পৰিৱৰ্তে উপভোগ কিম্বা দৰ্শক-শ্ৰোতাৰ দিশেৰে ইয়াৰ উপভোগৰ দিশসমূহক লৈ কোনোধৰণৰ সমালোচনাত্মক বৌদ্ধিক চৰ্চাৰ পৰিৱেশ আমাৰ মাজত নাই। সাংস্কৃতিক সমালোচনাৰ প্ৰয়োজনীয়তা এইখিনিতেই। সংগীত সম্পৰ্কীয় সকলো কথাবতৰাতেই সংগীতৰ নিৰ্মাণ আৰু আনকি তাৰ উপভোগৰ পদ্ধতিবোৰ যে মূলগতভাবে প্ৰযুক্তিগত বা টেকনিকেল- সেই কথাসমূহ ক’তো পতা নহয়। সৰ্বগ্ৰাসী সাহিত্যপ্ৰেমী সমালোচনা পদ্ধতিয়ে গান বিষয়ক সকলো কথা বতৰা কেৱল গীতিকাৰৰ কথাংশৰ ওপৰতে নিৰ্ভৰশীল কৰি ৰাখে। বাকী গায়ক কিম্বা অন্যান্য কলাকুশলী সম্পৰ্কীয় কথাখিনিও জাতিয়তাবাদী কিম্বা অসমীয়াত্বৰ উদযাপনৰ খতিয়ন তুলি ধৰাতেই আৰম্ভ হৈ তাতে শেষ হৈ থাকে। 

এজন গায়কে গান গাইছে আৰু সন্মুখত বহি কোনোবাই শুনিছে- গান শুনাৰ এই প্ৰাথমিক পৰিৱেশটোৱেই এতিয়া সুদূৰ পৰাহত। বিগত তিনিটা দশকত এই পৰিৱৰ্তন আটাইতকৈ খৰতকীয়া। আজি এই মুহূৰ্তত যিকোনো গান সম্পৰ্কে কথা পাতিবলৈ হ’লে আপোনাৰ আধাৰ হ’ব কিছুমান ইলেক্ট্ৰনিক সা-সৰঞ্জাম, বৈদ্যুতিন জন-সংযোগ মাধ্যম কিম্বা ইণ্টাৰনেট আশ্ৰিত সঁজুলি। সেয়ে যদি নহয় তেন্তে হ’ব লাগিব কিছুমান লাইভ কনচাৰ্ট। সেই লাইভ সমূহৰো প্ৰযুক্তিগত মাধ্যমৰ ওপৰত নিৰ্ভৰশীলতা আছে। আজিৰ গায়কে মাইক্ৰ’ফ’ন নহ’লে গান নাগায়, আৰু গাবও নোৱাৰে। এইটোৱেই মূল কথা। যি মূহূৰ্ততে আপুনি হাতত মাইক্ৰ’ফ’নটো তুলি লৈছে আপুনি সেই মাইক্ৰ’ফ’ন আৰু তাৰ সৈতে জড়িত হৈ থকা চিষ্টেমবোৰৰ দাবীখিনিও পূৰণ কৰি চলিবলৈ বাধ্য। বিংশ শতিকাৰ “লাইভ”ৰ ধাৰণা আৰু একবিংশ শতিকাৰ “লাইভ”ৰ অভিজ্ঞতাৰ মাজত আছে বিস্তৰ প্ৰভেদ। জয়ন্ত হাজৰিকাৰ সুৰবাহিনীৰ গান পৰিৱেশনৰ ধৰণ কৰণ, তাৰ উপভোগ্যতা, পাৰিৱেশিক বিশিষ্টতা- এইবোৰ এতিয়াৰ প্ৰজন্মই নাজানে। ভূপেন হাজৰিকা কিম্বা হেমাংগ বিশ্বাসে ৰেডিঅ’ কিম্বা বিৰাট মঞ্চ ব্যতিৰেকেও কেনে পৰিৱেশত গীত পৰিৱেশন কৰিছিল তাৰ অভিজ্ঞতা এই প্ৰজন্মই নাজানিব। চহৰমুখী, পুঁজীবাদ আগ্ৰাসী, ক্ৰমাৎ বিচ্ছিন্ন আধুনিকতাৰ পৰৱৰ্তী জনজীৱনলৈ সেই পুৰণি পৰিৱেশ ওভোতাই অনাটো সম্ভৱো নহ’ব। যদি এইখিনি কথা সত্য তেনেহ’লে বিংশ শতিকাত গান আৰু সংগীত সম্পৰ্কে পাতি থকা কথাৰ ধৰণ-কৰণ খিনিৰেই এতিয়াও এই সময়ৰ গীত-মাত সম্পৰ্কে আমি কেনেকৈ কথা পাতি থাকিব পাৰিম? নতুন সময়ৰ গানৰ সৃষ্টি আৰু পৰিৱেশনৰ নতুন পদ্ধতি যদি আহি পৰিছে তাৰ উপভোগৰো নতুন পদ্ধতি আহি পৰিছে, আৰু সেই সম্পৰ্কীয় যিকোনো কথকতাৰ বাবেও নতুন পদ্ধতি আমাৰ মাজলৈ আহিব লাগিছিল। শিল্প নিৰ্মাণ আৰু উপভোগৰ এটা বিস্তৰ ‘পেৰাডাইম শ্বিফ্ট’ৰ আঁত ধৰি কেতবোৰ নতুন মেথ’ড’ল’জীৰো যে প্ৰয়োজন সেই কথা আমাক কোনে আহি বুজাই দিবহি?     

এতিয়া আমি আধুনিক অসমীয়াৰ সংগীতপ্ৰেম (আৰু সংস্কৃতিপ্ৰেম) তথা ব্যৱহাৰিক দিশত দেখা দিয়া পৰিস্থিতি-প্ৰপঞ্চ যে সমানুপাতিক নহয় সেই কথা মনত ৰাখিয়ে কেইটিমান দিশলৈ চকু দিম। আধুনিক অসমীয়া সংগীতৰ পথাৰলৈ আটাইতকৈ বেছি সাৰ-পানী যোগোৱা উপাদান হৈছে বিহুৰ সময়ত সমগ্ৰ অসমজুৰি অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়া বা চমুকৈ ‘বিহুমেলা’ বা 'ফাংচন' সমূহ। এয়েই সময় আৰু এয়েই পৰিৱেশ যিয়ে অসমৰ কলা-কুশলীক ভাত-পানী যোগায়। কিন্তু এই মুহূৰ্তত দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচৰা কথাটো হ’ল- বিৰোধাভাসপূৰ্ৱকভাবে বিগত কেইবাটাও দশক জুৰি যিখন ক্ষেত্ৰ অসমীয়া সংগীতৰ স্ৰজন আৰু বিকাশৰ বাবে আটাইতকৈ প্ৰশস্ত ক্ষেত্ৰ সেইখন ক্ষেত্ৰ অৰ্থাৎ ‘বিহুমেলা’ গান শুনিবৰ উপযুক্ত বা সুচল ক্ষেত্ৰ কোনোপধ্যেই নহয়। বিহুমেলা-কেন্দ্ৰিক অসমীয়া গানৰ চৰ্চা ভুল ক্ষেত্ৰ এখনত ভুল দিশে গৈ থকা এটা ভুল চৰ্চাৰ দৃষ্টান্ত। কদা-কাশ্চিৎ দুই এটা উদ্যমক বাদ দি সুস্থ গান শুনিব পৰা অনুষ্ঠানৰ আয়োজন খুব কমেইহে হয়। বিহুমেলাৰ দৰে অনুষ্টুপ আৰু একেসময়তে সকলোকে সন্তুষ্ট কৰিবলৈ বিচৰা ধৰণৰ খিচিৰি সাংস্কৃতিক আয়োজনত চাউণ্ড চিষ্টেমৰ বিসংগতিৰে পৰা আৰম্ভ কৰি ৰভা-পৰলাৰ অ-বিজ্ঞানসন্মত স্থাপত্যই এটা সন্তুষ্টিজনক বাতাবৰণৰ সৃষ্টি কৰিব নোৱাৰে। এই কাৰিকৰী বিসংগতিখিনি নান্দনিক বিসংগতিৰো কাৰক। সংগীতপ্ৰেমী বুলি পৰিচয় দিব খোজা এই সমাজখনে সংগীতৰ প্ৰায়োগিক আৰু ব্যৱহাৰিক উপভোগ্যতাতকৈ অন্যান্য আনুসংগিক দিশ কিছুমানতহে প্ৰাধান্য দি আহিছে। এই পাৰ্শ্বদিশ সমূহৰ ভিতৰত গান এটাত থকা বিহুসুৰীয়া উপাদানৰ পৰা আৰম্ভ কৰি গায়িকাৰ সাজ-পোছাক বা গায়কৰ ব্যক্তি-চৰিত্ৰলৈকে বহুকথাই সোমাই পৰে। কেৱল উহ্য থাকে গান শুনাৰ সুস্থ পৰিৱেশ এটা কেনেকৈ পাব পাৰি সেই কথাখিনি।

অসমৰ গাঁও আৰু ক্ষুদ্ৰ-নগৰ অঞ্চলবোৰত এটা সময়ত বিহুমেলাসমূহৰ গুৰুত্ব আৰু প্ৰাসংগিকতা আছিল অন্য ধৰণৰ। পৰম্পৰাগত লোকায়ত বিনোদনৰ মাধ্যমসমূহ জামৰি আহিছিল আৰু নতুন বিনোদনৰ মাধ্যমখিনি অসমৰ সাধাৰণ ৰাইজৰ বাবে হাততে পোৱাতে নাছিল। একেদৰে সাংস্কৃতিক আয়োজন একোটা ব্যয়বহুল আৰু কাৰিকৰী ব্যৱস্থা নিৰ্ভৰ হোৱাৰ বাবে একেটা আয়োজনৰে পৰা যিমান পাৰি সিমান ফায়দা উঠোৱাৰ মানসিকতা এটা আছিল। লগতে যিহেতু ৰাজহুৱা উদ্যোগত দান বৰঙণীৰে আয়োজনটো সম্পূৰ্ণ হয় সেই একেটা আয়োজনে সকলো স্তৰৰ মানুহকে একে সময়তে সন্তুষ্ট কৰাৰ দায়িত্ব এটাও ল'ব লগাত পৰিছিল। একেদৰেই এনে অনুষ্ঠানে সংস্কৃতিৰ সংজ্ঞা নিৰূপণ কৰাৰ দায়িত্ব এটাও লৈছিল। ফলত একেখন মঞ্চতে বৰগীত, সত্ৰীয়া নৃত্যৰ পৰা চাহ বাগানৰ জুমুৰলৈকে সকলো সামৰিবলগীয়াত পৰিছিল। এই বিহুমেলাবোৰ হৈ পৰিছিল "বৈচিত্ৰ্যৰ মাজত ঐক্য"ৰ দৰে আদৰ্শক সাৰোগত কৰা বিৰাট ৰাষ্ট্ৰীয় সাংস্কৃতিক প্ৰজ্ঞাপণমূলক (প্ৰপাগণ্ডা) আয়োজনবোৰৰেই একো একোটা সৰু সৰু মেকেট বা জুমুঠি। দূৰদৰ্শন বা আকাশবাণীৰ সৈতে বিহুমেলাৰ আদৰ্শগত পাৰ্থক্য নাই। এই বিহুমেলাসমূহে কৰিব পৰা আটাইতকৈ ভাল কামটো আছিল গাঁৱে ভূঞে চুকে কোণে সোমাই থকা প্ৰতিভাখিনিক সন্মুখলৈ লৈ অনাটো। যিকোনো সাংস্কৃতিক কৰ্মীকে একোখন প্লেটফৰ্ম লাগে। এই বিহুমেলাই আছিল সেই প্লেটফৰ্ম।

কিন্তু এতিয়া সময় সলনি হ'ল। নতুন নতুন বিনোদনৰ মাধ্যম আজি মানুহৰ হাতে হাতে। সংস্কৃতি চৰ্চাৰ বাবে উপযুক্ত বিকল্প পৰিৱেশ গঢ়ি তোলাটো এতিয়া ইমান কষ্টকৰ নহয়। আনহাতে চৰ্চাৰ বাহুল্য আৰু প্ৰতিযোগিতায়ো অন্য স্তৰত পেছাদাৰীত্ব দাবী কৰিবলৈ লৈছে। পেছাদাৰীত্বৰ বাবে প্ৰথম চৰ্তটোৱেই হ'ল বিশেষীকৰণ বা স্পেচিয়েলাইজেচন। এনে নতুন পৰিৱেশত আচলতে অ'ৰ অলপ ত'ৰ অলপ সানমিহলি উপাদানেৰে সমৃদ্ধ বিহুমেলাই বৰ সুস্থ পৰিৱেশ এটাৰ অৰিহণা নোযোগায়। আধুনিক নৃত্য আৰু বিহুসুৰীয়া আধুনিক গীত বুলি দুবিধ আচহুৱা বস্তুৱেই কথাখিনিৰ যথাৰ্থতা প্ৰমাণ কৰিবলৈ যথেষ্ট। যিখিনি পুৰণি বিহুমেলা ইতিমধ্যেই এটা ঐতিহ্যৰ ৰূপ লৈছেগৈ সেইখিনি বাৰু একে ৰূপতে থাকক। কিন্তু নতুনকৈ আকৌ একেটা আৰ্হিৰে বিহুমেলাৰ জন্ম হোৱাৰ কোনো কাৰণ নাই। বৰঞ্চ ইপ্সিত বিষয়ৰ চৰ্চাৰ বাবে সুকীয়া অনুষ্ঠানৰহে আয়োজন হোৱা উচিত। যদি সংগীতানুষ্ঠান ৰাইজে বিচাৰিছে, তেনেহ'লে সংগীত পৰিৱেশন আৰু উপভোগ্যতাৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানসন্মতভাবে কেৱল সংগীতানুষ্ঠানৰেই আয়োজন হওক। তাত আকৌ যাদুখেল দেখুওৱা, লাইটৰ বাল্ব চোবাই খাব পৰা, বা কমেডী কৰিব পৰা আন প্ৰতিভাক আগবঢ়াবৰ প্ৰয়োজন নাথাকে। গান শুনিম বুলি অহা ৰাইজে গানকে শুনক। আনকি বন্তি প্ৰজ্বলনো নালাগে, সম্বৰ্দ্ধনাৰ দৰে আয়োজনো নালাগে। এনে হ'লে আয়োজক খিনিয়েও অলপ কামৰ কাম কৰিবলৈ সুবিধা পাব। কাক কাক গামোছা নিপিন্ধালে ঠেহ লাগিব বা কাৰ জীয়েকে আধুনিক নৃত্য নাচিব পাৰে সেইবোৰৰ হিচাপ নিকাচত ব্যস্ত হোৱাৰ পৰিৱৰ্তে তেওঁলোকে সংগীতৰ অনুষ্ঠানৰ কাৰ্যসূচীত আৰু তাৰ সময়ানুৱৰ্তিতাত মনোনিৱেশ কৰিব পাৰিব। আধুনিক গীতৰ অনুষ্ঠান পাতিছে যদি তাত জোৰ কৰি সংস্কৃতি বা ঐতিহ্যৰ দোহাই দি বৰগীত এটা সুমুৱাবহি নালাগে। বৰগীতৰ অনুষ্ঠান পাতিলে বৰগীতৰেই অনুষ্ঠান হওক। শাস্ত্ৰীয় সংগীত হ'লে শাস্ত্ৰীয় সংগীতৰেই হওক। চাউণ্ড চিষ্টেমবোৰ ভাল হওক। বহি লৈ মন দি গান শুনিব পৰা পৰিৱেশটোৱে গুৰুত্ব পাওক। এই পৰিৱেশটোৰ উত্তৰণ নঘটালৈকে আজিকালি ভাল গান শুনিবলৈকে নোপোৱা হ'লোঁ বুলি হামৰাও কাঢ়ি থাকি লাভ নহ'ব।         

একেধৰণৰ কিছুকথা "বিশেষজ্ঞতা" শীৰ্ষক আলোচনা এটাতো আগতে পতা হৈছিল (দেওবৰীয়া চ'ৰা, দৈনিক অসম, ৪ নৱেম্বৰ ২০১৮), য'ত মূল পৰ্যবেক্ষণটো আছিল- আমাৰ মাজত কোনো বিষয়ৰে একনিষ্ঠ চৰ্চাৰ প্ৰতি চৰম বিৰাগ। এটা বিশেষ মাধ্যমত উৎকৰ্ষলাভৰ বাবে যি এক বিশেষীকৃত পৰিৱেশৰ প্ৰয়োজন হয়, সেই বিশেষীকৰণৰ পৰা আমি সদায়েই আঁতৰি ৰৈছোঁ। সংখ্যাগত জনতাৰ মাজৰ জনপ্ৰিয়তাক শৈল্পিক চৰ্চাৰ এটা মাপকাঠি বুলি গ্ৰহণ কৰাৰ ফলতেই এই অন্তৰায়। এটা গানেই হওক, এখন চিনেমাই হওক, এটা কবিতাই হওক- তাক যেতিয়া জনপ্ৰিয়তাৰ মাপকাঠিৰে মান্যতা দিবলৈ চেষ্টা কৰা হ'ব তেতিয়া সেই চৰ্চাৰ আপোন মৰ্যাদা ক্ষুন্ন হোৱাটোৱেই স্বাভাৱিক। জনতা দৰ্শকে শিল্পীক ভষ্মধূলাত ফু মাৰি সকলো সমস্যা নিমিষতে বাজিমাৎ কৰি দিব পৰা যাদুকৰী বাবাজীৰ ৰূপতহে বিচাৰে। আমাৰ চৌপাশৰ যিখিনি চৰ্চাৰ মঞ্চ আছে সেইখিনি কোনো দিশৰ পৰাই একাগ্ৰ বিশেষজ্ঞ শিল্পীৰ চৰ্চাৰ থলী নহয়।

পৰিণতি বুলিবলৈ এইটোৱেই হয়গৈ যে, অজস্ৰ শিল্পী কলাকুশলীৰ অজস্ৰ সৃজনীশীল কৰ্ম চাৰিওফালে দেখা পোৱাৰ পিছতো সেইবোৰৰ সম্পৰ্কে কাৰো একো কথা পাতিবলৈ নাথাকেগৈ। সেয়ে কথাবোৰ আৰু আগবঢ়াৰো কোনো সম্ভাৱনা নৰয়।

[সংকলন- শিল্পপাঠ আৰু সাহিত্যদৰ্শন : কাণখোৱাৰ হাতপুথি]

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594