["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২৬ এপ্ৰিল, ২০২০]
আগৰ লেখাতেই অসমীয়া মানুহৰ আবেগ সম্পৰ্কে কথা পাতিবলৈ লৈ দেখিছিলোঁ
যে কথাবোৰ সহজ নহয়। অসমীয়া মানুহ আবেগিক- এই কথাষাৰ মানি ল’ম নে নল’ম সেইটোৱেই প্ৰধান
প্ৰশ্ন। আবেগিক হয় বুলি মানি লৈ তাৰ কাৰ্য্যকাৰণ অনুধাৱন কৰিবলৈ গৈ বা এক অৰ্থত আবেগৰ
দেহ-বিচাৰ কৰিবলৈ গৈ শাৰীৰিক স্বাস্থ্য, মানসিক স্বাস্থ্য আৰু সামাজিক স্বাস্থ্যৰ সৈতে
সম্পৰ্কীত কিছু ভয়ানক দিশ উন্মোচিত হৈছিল। কিন্তু অসমীয়া মানুহ (বা শিল্পী) আবেগিক
নহয় বুলি ধৰি ল’লেও কথাখিনি শেষ নহয়। কাৰণ আবেগিক নহ’লেও আবেগৰ উদযাপন এটা আমাৰ মাজত
আছেই। সেয়েই এই লেখাৰ বিষয় মূলত: আবেগ আৰু আবেগৰ বিষয়। এই বাক্যটোত “বিষয়” শব্দটো দুবাৰ
উল্লিখিত হোৱাটো ইচ্ছাকৃত। এটা বিষয়ৰ মানে হ’ল কেন্দ্ৰবস্তু, কণ্টেণ্ট বা বিষয়বস্তু,
আৰু আনটো ব্যক্তিসত্বা সম্পৰ্কীয়। কাৰণ ঘূৰিপকি গৈ অসমীয়া গীত-মাত আৰু বিষয়ীসত্বাৰ
কথালৈকে বাট পোনাবলৈ বাধ্য হওঁ।
আবেগ
আৰু অতি আবেগৰ চৰম অভিব্যক্তি অসমীয়া সাংস্কৃতিক উপাদানৰ মজ্জাগত বুলিয়ে ক’ব লাগিব।
“বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ” বুলি নিসৰ্গৰ ৰূপ বৰ্ণনা কৰি গৈ থাকিও শেষৰ ফালে গীতিকাৰে
আক্ষেপ প্ৰকাশ কৰে- “মোৰ হ’ব নে এনে দিন বাজিব ভঙা বীণ…” বুলি। তাকে নকৰিলে গীতটো সম্পূৰ্ণ
নহ’লহেতেন নেকি? হ’লহেতেন। কিন্তু হৃদয়াবেগৰ সৈতে যুক্ত কৰি গীতটোক তেনেকৈয়ে এটা ‘মানৱীয়
স্পৰ্শ’ দিবলৈ চেষ্টা কৰা হ’ল। প্ৰকৃতিৰ সুন্দৰতম দৃশ্যয়ো মানুহৰ মনলৈ বিষাদৰ বতৰা
কঢ়িয়াই আনে- কথাষাৰ কোনোবাই কৈছিল। নোহোৱাও নহয়। আজিকালিৰ কথা বৰকৈ নাজানো, কিন্তু
এটা সময়লৈকে মঞ্চত হাঁহি হাঁহি শেষত কন্দি পেলাব পৰা স্কিল বা দক্ষতা থকাগৰাকীয়েই শ্ৰেষ্ঠ
অভিনেত্ৰী বুলি পৰিগণিত হৈছিল। আমাৰ পেহী এগৰাকীয়ে টিভিৰ সন্মুখত চিনেমা চাবলৈ বহিলে
নে’ম-কাষ্টিং আৰম্ভ হোৱাৰে পৰাই চকুপানী নিগৰাবলৈ আৰম্ভ কৰে বুলি আমি সৰুতে ৰগৰ কৰিছিলোঁ।
মানে চিনেমা এখন চাবলৈ বহিছোঁ যেতিয়া চিনেমাখনেতো আৰু কন্দুৱাবই, এনেকুৱা এটা ধাৰণাই
খুটি পুতি বহি আছিল।
নতুন
অসমীয়া সংগীতে শ্ৰোতাক নিৰাশ কৰিছে আটাইতকৈ বেছি। ভালেখিনি নতুন গান শুনিবলৈ লৈ মন
কৰিছোঁ যে বাক্য এটা আৰম্ভ হৈ ক’ৰবাত শেষ হ’ব বুলি ৰৈ থকোঁতেই যায়, বাক্যটো আৰু শেষ
নহয়গৈ। অৱগুণ্ঠন, মধুযামিনী এনেধৰণৰ কিছুমান শুনিবলৈ ভাল লগা শব্দৰ সমষ্টিৰ বাদে গানবোৰত
একো নাই। অতিমাত্ৰা মেল’ডী আৰু আবেগৰ মোহেৰে সৰ্বত্ৰ আচ্ছন্ন হৈ থাকে। এই আবেগৰ আতিশয্যৰ
কিন্তু পৰীক্ষামূলক আৰু ইতিবাচক প্ৰয়োগো তেনেকৈ চকুত নপৰে। ধৰি লওক গান মানেইতো আৰু
কেৱল ইয়াৰ কথাখিনি নহয়। কথাংশক উপেক্ষা কৰিবৰ জোখাৰে কেৱল শব্দৰ সমন্বয়েৰে উদ্ভট বা
এবচাৰ্ড বা ননচেন্স গানৰো সৃষ্টি যদি হ’লহেতেন তেনেহ’লে আমি কথাবোৰ অন্য ধৰণেৰে পাতিবলৈ
ভাল পালোঁহেতেন। নৱকান্তৰ “যাযাবৰ ধূমকেতু নাগাচাকি খুমটাই/ হাৰাকিৰি পানীপট বন্দী
হাতেমতাই”ক লৈ কোনেও গান কৰা নাই। একেদৰেই, আবেগৰ আতিশয্যৰ কথা যে কৈ আছোঁ এয়া সঁচাই
আবেগ নে? যদি আবেগৰ মাত্ৰাধিক্যৰ কথাটো সঁচা, তেন্তে আবেগৰ জোৰত ‘আধুনিক গীত’ আখ্যাটোৱে
আগুৰি থকা গীত নিৰ্মাণৰ কৌশল আৰু গঢ়টোকো কেতিয়াও তচ-নচ কৰি পেলোৱা আমি দেখা নাই। তাৰমানে
এই নতুন গীতিকাৰ-সুৰকাৰ-গায়ক সকলো আচলতে শৃংখলাবদ্ধ। প্ৰিল্যুড-ইণ্টাৰল্যুড বা মুখৰা-অন্তৰা
সকলো নিজৰ স্থানতেই সুকলমে আছে। আবেগে আহি সেইবোৰ মহতীয়াই নিব পৰাহি নাই। সংগীত এটা
টেকনিকেল আৰু ব্যৱহাৰিক কলা। সুৰ-তাল-মান আৰু এটা গঠণৰ মাজতহে ই বিৰাজ কৰে। তেন্তে
অত্যন্ত আবেগিক যেন লগা বস্তুবোৰো আচলতে পৰিশীলিত পদ্ধতিগত ব্যৱস্থা একোটাৰ মাজেৰেহে
বৰ্তি আহিছে। ইয়াক আবেগ বুলি কোৱা উচিত হ’ব নে নাই? আচলতে আবেগ বুলি নকৈ আবেগৰ উদযাপন
বুলি ক’লে কথাখিনি বেছি সহজ হ’ব।
আমাৰ
উপপাদ্য হ’ল- আবেগৰ আতিশয্য নহয়, বিষয়হীনতাহে অসমীয়া গানৰ মূল সমস্যা। গান বা সংগীত
টেকনিকেল বুলি কওতে টেকনিক যে বিষয়ৰ লগত ঐকান্তিক ভাবে সংগতি থকা বস্তু সেইটো বুজি
পাবলৈ বেছি সংখ্যক কলাকুশলীয়েই অপাৰগ। এই বিষয় শব্দটো সনাপোটোকাকৈ ইয়াৰ সৈতে সংশ্লিষ্ট
কেউটা অৰ্থই বহন কৰি চলিছে। প্ৰথমটো বিষয় মানে কণ্টেণ্ট। বিষয়বস্তু। কণ্টেণ্ট আৰু ফৰ্ম
যে পাৰস্পৰিক নিৰ্ভৰশীল দুটা দিশ সেয়া বুজি উঠাৰ সামৰ্থ বহুতৰে নাই। দ্বিতীয়টো বিষয়
হ’ল সত্বা। আপুনি গীটাৰখন বজাবলৈ হয়তো শিকিলে কিন্তু এই প্ৰশ্নটো হয়তো কৰা নাই, গীটাৰৰখন
কোনে বজাই আছে। গীটাৰৰখন মই বজাই আছোঁ। যেতিয়াই যি ৰূপতে গীটাৰখন নবজাওঁ কিয়, লাগিলে
আনে আন ক’ৰবাত আন কোনোবাই আন কোনোবা সময়ত বজোৱা ৰূপ এটাক নকল কৰি বা অনুকৰণ কৰিয়েই
নবজাওঁ কিয়, এই মুহূৰ্তত মই বজাই আছোঁ যেতিয়া এই মুহূৰ্তত এই বাদনত মই মানুহজন সোমাই
আছোঁ। এই “মই”জনৰ উপস্থিতি যদি বিচাৰি পোৱা নাযায় তেনেহ’লে যিমানেই কুশলী বাদ্যযন্ত্ৰী
নহওক কিয়, ই এটা কৃত্ৰিম আৰু প্ৰানহীণ কচৰৎ হৈ ৰ’বলৈ বাধ্য।
এনে
কথাও নহয় যে আধুনিক অসমীয়া গানত বৈচিত্ৰ্য একেবাৰেই নাই। প্ৰেম আৰু প্ৰকৃতিৰে পৰা দেশ
দুনীয়াৰ হাজাৰ সমস্যালৈকে বহু কথা বহু প্ৰশ্ন অসমীয়া আধুনিক গানলৈ আহিছে। সম্ভৱ “মই
কোন” এই প্ৰশ্নটোৱেই আতাইতকৈ কঠিণ প্ৰশ্ন, আৰু সেইবাবেই দুনীয়াৰ বহু প্ৰশ্ন কৰিও সকলোৱে
সততে এৰি চলা প্ৰশ্নটো এইটোৱেই- মই কোন? অত্যন্ত কুশলী, ফিনিছ প্ৰডাক্ট, শ্ৰুতিমধুৰ
এই গানবোৰ নিৰ্মাণৰ আঁৰত যথেষ্ঠ কষ্টস্বীকাৰ কৰাৰ পিছতো বুজা যায় এয়া আচলতে নিজকে নিজে
প্ৰশ্ন সুধিবলৈ এলাহ কৰা এচাম এলেহুৱাৰ কাম। সেয়েহে ইমানপৰে যাক আমি আবেগ বুলি বুজি
আহিছিলোঁ সেই আবেগ আচলতে এলেহুৱা আৰু অসাধুৰ আশ্ৰয়থলী। এনেকৈ এনেকুৱা আবেগ এটা ঢালি
গান এটা কৰিলে এইখিনি “পাব্লিকে খাব” বোলা এটা ধাৰণাৰ উজু বাটৰহে পথিক এইসকল। এইসকল
আবেগিক একেবাৰেই নহয়।
সমুদ্র
কাজল শইকীয়া
Rajya Sabha
Television (RSTV),
3rd Floor,
Talkatora Stadium Annexe Building,
New Delhi –
110001
mobile: +91 9811375594
No comments:
Post a Comment