ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Saturday, August 31, 2013

কৃষ্ণ গোঁসাই


[The story originally published in Dainik Asom Puja special magazine, published from Guwahati, in Assamese language, titled as Krishna Gosain (Lord Krishna) October 2010. This is the first story of the triptych Actor: Agony: Ecstasy. The working title of the film making project is: The Importance of Being Krishna.]
 

 এই কাহিনীৰ আটাইবোৰ চৰিত্ৰ আৰু ঘটনা সম্পূৰ্ণ কাল্পনিক। কোনোবাখিনিত বাস্তৱ চৰিত্ৰৰ স'তে কিবা মিল থাকিলে অথবা কোনো কথাই কাৰোবাক আঘাত দিলে সেয়া একান্তই কাকতালীয় সম্পৰ্ক হ'ব।


 
চৰিত্ৰ
Character

'লৈকে যায়, যি কামতেই যায়, ৰতনে থলামুৰি বা লপা থপা একোটা নোখোৱাকৈ উভটি অহাৰ প্ৰমাণ নাই। ঘৰলৈ উভটি অহাৰ পিছত ঘৰতো কাৰোবাৰ ভুকু, কাৰোবাৰ কাণচেপা, কাৰোবাৰ অবাইচ গালি গালাজে তাৰ কাৰণে অপেক্ষা কৰি থাকে। কিনো কুক্ষণত জন্ম হৈছিল সেয়া গাঁওখনৰ আটাইবোৰ মানুহৰে কৌতুহলৰ বিষয়।

কাৰণ কি বুলি সুধিলে উত্তৰ দিবলৈ অসুবিধা। তাৰ গুণ গৰিমা বখানিবলৈ গ'লে এখন মহাভাৰত হ'ব। তাৰ নামটোতেই মানুহৰ আপত্তি। ৰতন। স্কুলত মতা নাম ৰত্নকান্ত। আজিৰ দিনতনো বাৰু কোনোবাই এনেকুৱা নাম ৰাখেনে? লগৰ মখাৰ নাম যেতিয়া মাধুৰ্যমণ্ডিত, অনুৰাগ, অনুভৱ, বৈদুৰ্য, অম্লান, প্লাৱন, গৌৰৱ, সীমান্ত, সেই ক্ষেত্ৰত এই ল'ৰাটোৰ নাম কি? ৰত্নকান্ত। নামটো কোনে বা ৰাখিছিল কোনেও নাজানে। দ্বিতীয়তে চেহেৰাটো। কছাৰীৰ নিচিনা ওখহা গাল দুখন (ক্ষমা কৰিব, গাঁৱৰ মানুহে কয় দেখিহে সেইবুলি কৈছোঁ), এই মাত্ৰ যেন টোপনিৰ পৰাহে উঠি আহিছে তেনেকুৱাকৈ ফুলি থকা চকু দুটা, ছুটি ছুটি কৈ কটা ছুলি খিনিৰে ৰবাব টেঙা যেন দেখা মুখখন দেখিলেই এনেকুবা লাগে যেন _ ছেহ, আজিৰ দিনটো বৰবাদ হ'ল। যদিওবা তাৰ মুখ দেখাৰ পিছত ক'তো কাৰো কোনো এক্সিডেন্ট হোৱা নাই, কোনো বেমাৰত পৰা নাই, তথাপি বহুতে তাক কুলক্ষণীয়া বুলিয়াই ভাবে। যিদিনা সি বৰঠাকুৰৰ দোকানৰ পৰা তেল আনিবলৈ যায়, তেলৰ বটলটো বাটতে পৰি ভাগে। যিদিনা সি পাৰৰ বাহটো খুলিবলৈ যায়, সেইদিনাই পাৰ এজনী বোন্দাই থপিয়াই নিয়ে। দোকানৰ পৰা কণী আনিবলৈ পাছিলে সেই কণী সজে সজে ঘৰ পোৱাৰ কোনো আশা নেথাকে। তথাপি যিয়ে য'তে পাৰে তাক কামলৈ পঠিয়ায়। ঘৰৰ মানুহৰ কথা নক'লোৱেই জানিবা। তিনি আলিৰ কাষৰ পাণ দোকানখনৰ কাষত কেৰম খেলি থকা ল'ৰাবোৰক ঘুটখা, উইল্স ফ্লেক্স সিহে আনি দিব লাগে। তাৰো কোনো আপত্তি নাই। আনৰ উপকাৰত লাগিব পাৰিলে যেন তাৰ জীৱন সাৰ্থক।

ৰতনক কোনোবাই কামত লগোৱা দেখিলে মাকে খেদা মাৰি যায়। হেজাৰ হওক মাকজনী হৈ ল'ৰাটোৰ অপমান সহি থাকে কেনেকৈ। আৰু পঢ়া শুনা? স্কুলত নাম লগাবৰ পৰত তাৰ কাণ সমনীয়া কোন কোন আছিল সঠিক কৈ কোৱা টান। স্কুলত প্ৰতিজন মাষ্টৰে প্ৰতিদিনে প্ৰতিটো শ্ৰেণীতে ৰতনৰ উদাহৰণ এবাৰ নহয় এবাৰ দিবই দিবই। একেটা ক্লাছতে বাৰে বাৰে ফে'ল কৰিলে কি হ'ব পাৰে তাৰ উদাহৰণৰ কাৰণে ৰতনতকৈ ভাল আৰু কি হ'ব পাৰে? সেই ফালৰ পৰা চাবলৈ গ'লে ৰতন এটা নামজ্বলা ছাত্ৰ। বেচ পপুলাৰ।

ৰতনে আনি দিয়া পানখনত চূণ ধপাতৰ হিচাপটো কেতিয়াও ঠিকে নেথাকে। মই গান্ধীজীৰ দৰে হ' _ এই কথাটো তাৰ মনত থাকে, কিন্তু গান্ধীজীৰ দৰে হৈ কি কৰিম, সেই কথাটো কেতিয়াও তাৰ মনত নেথাকে। আজিলৈকে সি কোনোখন নেওতাৰ কোনোটো অংশই মুখস্ত মাতিব পৰা নাই। পাঁচে সাতে বাৰ হ'লে সাতে পাঁচেও কেনেকৈ বাৰ হ'ব পাৰে সেয়া সি নুবুজে।

কিন্তু সেই ৰতনৰেই কিছুমান কথা মনত ৰাখিব পৰা শক্তি দেখিলে অবাক হ'বলগীয়া হয়। কোন সকামত কাৰ ঘৰৰ বাৰীৰ পৰা কলৰ পাত কাটি আনিব লাগিব সেই কথাটো সি কেতিয়াও পাহৰা নাই। আজিলৈকে বিহু নাম জুৰিবৰ পৰত তাৰ কেতিয়াও খোকোজা লগা নাই। ভাওনাৰ বচন যে ভাৱৰীয়াতকৈ আগতে তাৰ মুখস্ত হয় সেই কথাটো সকলোৱে জানে। সি বৰ প্ৰাণ ঢালি শুৱলাকৈ গাব পাৰেঃ আলি কাণৰ কদমজুপি হাতে ঢুকি পায়, তাতে বহি চিৰি কৃষ্ণই মুৰুলী বজায়। আজি আপোনালোকক সেই ৰতনৰ কথাকেই ক'ম।

প্ৰেক্ষাপট
Background

এই ল'ৰাটো কাললৈ জন্মিল। ই বংশৰ নাম নুমুৱাব
ৰতনক লৈ বকুলী বুঢ়ীৰ বহুত চিন্তা। অৱশ্যে কথাটো অলপ গণ্ডগোলীয়া। কোনোবাই আকৌ কয়, ৰতনৰ লেই লেই ছেই ছেই অৱস্থা দেখি বকুলী বুঢ়ী হেনো আচলতে খুশ্। আচল সত্য যিয়েই নহওক কিয়, যি কোনো মুহূৰ্ততে, যি কোনো কথাতে বকুলী বুঢ়ীৰ মুখত ৰতনৰ নাম এবাৰ নহয় এবাৰ ওলাবই ওলাব।

বকুলী বুঢ়ী (যদিওবা মুখৰ সন্মুখত বকুলী বুঢ়ীক বুঢ়ী বুলিবৰ সাধ্য ভূ ভাৰস্তত কাৰো নাই) আৰু ৰতনহঁতৰ দুখন চোতাল এখন জেওৰা। দেখিলেই অনুমান কৰিব পাৰি, এসময়ত সেইখিনিত এখন চোতালেই আছিল। ৰতনৰ ককাৱকহঁতৰ দিনতে কিছুমান অৰিয়াঅৰি হৈছিল। সেয়া আজিও তেনেকৈয়ে আছে। ইঘৰৰ লগত সিঘৰৰ খোৱাপানীটোপাৰো ইফাল সিফাল নহয়। জেওৰাখনৰ ইপাৰৰ ৰিঙি সিপাৰে নুশুনি। আমেৰিকাৰ পৰা আফগানিস্থান যিমান দূৰৈত, এইখন জেওৰাৰ ইপাৰ আৰু সিপাৰৰ মাজৰ ব্যৱধাৰ খিনি তাত কৈ বহু বেছি।

তথাপি ৰতনক লৈ বকুলী বুঢ়ীৰ ইমান আগ্ৰহ কিয়? কোনেও নেজানে। আচলতে আজি কেইদিনমানৰ পৰা বকুলী বুঢ়ীৰ নিজৰ ফেমিলী হিস্ট্ৰী সম্পৰ্কে সচেতনতা বৃদ্ধি পাইছে। যদিওবা জেওৰাখনৰ ইফালে এখন বেলেগ দেশ আৰু সিপাৰে এখন বেলেগ দেশ, আচলতে পৰিয়াল যে একেটাই, সেই কথাটোনো কেনেকৈ পাহৰা যায়? তেজৰ সম্পৰ্ক ক'লৈ যাব? জেওৰাখনৰ ইপাৰে হোৱা এটা অঘটনে সিপাৰৰ তেজতো চেকা বহুৱাব, সেই কথাটো খাটাং। সেয়েহে বকুলী বুঢ়ী চিন্তিত। ৰতন এটা তেজৰ দাগ। জানিবা এটা মছিব নোৱাৰা দাগ। এটা কলঙ্ক।লোকৰ কথা আমি বৰ বেছিকৈ নেভাবোঁ, কিন্তু এই ল'ৰাটো, এই খটাসুৰটোৱে বংশৰ নাম নুমুৱাব, এই কথাটো লেখি দিলোঁ, মনত ৰাখিবি। এই কথাষাৰ বকুলী বুঢ়ীয়ে কিমানৰ আগৰ কিমান বাৰ কৈছে তাৰ লেখ লোৱাটো অসম্ভৱ। কথাই কথাই বকুলী বুঢ়ীয়ে লেখি দিয়ে। সেই লেখি দিয়াবোৰ মছি পেলাবৰ সাধ্য কাৰো নাই।

 
 
স্থান আৰু কাল
Time and space

আঁহততলী গাঁও।
মাধৱদেৱৰ তিথিলৈ পাঁচদিন আছে। তাৰ মানে গাঁৱৰ বছেৰেকীয়া ভাওনাখনলৈ পাঁচদিন বাকী। পাঁচদিন? এৰা পাঁচদিন। তাৰ মানে গোটেই গাঁওখন উখল মাখল হ'বৰ হ'ল। এইবাৰ কাষৰখন গাঁৱৰে বঁহততলীৰ পৰা দাদুল আহিছে ভীমৰ ভাও দিবলৈ আৰ অনন্য আহিছে কৃষ্ণ নাচিবলৈ। তাৰ মানে ভাওনাখন ভালেই হ'ব। এনেয়ে বঁহততলীৰ ভাওনা এইখন গাঁৱৰ মানুহে চাই বৰ এটা ভাল নাপায়। কিন্তু বাচকবনীয়া দুই এজন ভাৱৰীয়াই আহি যেতিয়া এইখন গাঁৱৰ নামঘৰত ভাও দিয়েহি সেয়া অলপ বেলেগ ধৰণৰ হয়। গোটেই ভাওনাখনেই থন ধৰি উঠে। মুঠৰ ওপৰত এইবাৰ ভাওনাখন ভালেই হ'ব, সেই কথাটো খাটাং। কিন্তু কেনা লাগিল অন্য এটা কথাতহে।

প্ৰত্যেক বছৰে মাধৱ দেৱৰ তিথিৰ দিনাখন এইখন গাঁৱত বছেৰেকীয়া ভাওনাখন হয়। মূল ভাওনাখন হোৱাৰ আগতে সন্ধিয়া পৰত মাধৱ দেৱৰ ভোজন বাহাত নাটখনি হয়। মানে যুগে যুগে ধৰি হৈ আহিছে। ঠিক কেতিয়াৰে পৰা হৈ আহিছে সেয়া কাৰো মনত মাই। কিন্তু এই নিয়মৰ আজিলৈকে কোনো হেৰ ফেৰ হোৱা নাই। ৰাতিৰ মূল ভাওনাখন মহাপুৰুষীয়া ভাওনাও হ'ব পাৰে, কাল্পনিক নাটো হ'ব পাৰে, সেয়া যিয়েই নহওক কিয়, ভোজন বিহাৰখন ঠিক মতে হ'বই লাগিব। আৰু সেয়া হয়ো। আখৰা, মানে ৰিহাৰ্চেল ঠিক মতে হওক বা নহওক, ভোজন বিহাৰ নাটখনি সদায়ে ধুনীয়াকৈ হয়। ৰাতিপুৱাই পদুমনি বিলৰ পৰা তৰুন, জিন্টু, পোনা বা অন্য কোনোবাই গৈ পদুমৰ ফুল তুলি আনে। জীৱন হৰকান্তই তাৰ কাৰনে বেলেগে কলৰ পাত কাটে। মাহ চাউলৰ পাতখন দেখিলেই গোটেই গাঁৱৰ ৰাইজে বুজি পায়, এই পাতখন কোনে কটা, কাৰ বাৰীৰ পৰা কটা। গোটেই বছৰটো ধৰি যেন গাঁৱৰ মানুহবোৰে এই ভোজন বিহাৰখনৰ কাৰণেই অপেক্ষা কৰি থাকে। এই নাটখনৰ বেলিকা এবাৰ মূৰটো দুৱাব পাৰিলেই যেন জীৱনটো সাৰ্থক। গাঁৱখনত বাকীবোৰ যিয়েই হৈ থাকক বা নেথাকক কিয়, ভোজন বিহাৰত এবাৰ মূৰটো দুৱাব পাৰিলে সেয়াই হৈ উঠে অন্য মহিমা।

ভোজন বিহাৰ নাটখনৰ কথা আপোনালোকে হয়তো জানেই। অথবা নেজানে।  নাটখনত শ্ৰীকৃষ্ণই গোপশীশুৰ স'তে বনভোজ খাবলৈ যায়। কিমান যে কি ধেমালী! গোটেই গাঁৱৰ আটাইবোৰ সৰু সৰু ল'ৰা ছোৱালীৰে গোপশিশু হৈ নাচিবৰ মন। স্বয়ং শ্ৰীকৃষ্ণৰ লগত নাচিবলৈ পালে কাৰ নো ভাল নেলাগিব বাৰু? সকলোবোৰ মাক বাপেক নিজৰ সন্তানটোক গোপ শিশু ৰূপে সজাই তোলাৰ সপোনত বিভোৰ। কাৰোবাৰ কিবা বিশেষ মনোবাঞ্চা থাকিলে সেই বিশেষ মূহূৰ্তটোত, যেতিয়া শ্ৰীকৃষ্ণই গোপশীশুৰ স'তে নাচে, কিবা এটা আগ কৰিব পাৰিলে মনোবাঞ্চা পূৰণ হ'ব পাৰে বুলি ভাবে। আচলতে মনোবাঞ্চা পূৰণ হয়ো। হেজাৰ হওক, সেই বিশেষ মুহূৰ্তটোতেই গোটেইখন গাঁৱৰ ৰাইজৰ সেৱা আৰু আশীৰ্বাদ আহি থূপ খায়হি। মুঠ কথা, যি কোনো শিশু থিয় দঙা হবৰে পৰা ঘৰে ঘৰে মাথোঁ একেটাই সপোন থাকে, কেনেকৈ এইবাৰ ভোজন বিহাৰ নাটখনত নচুৱাব পৰা যায়। অৱশ্যে এইবোৰ সপোন ল'ৰা সন্তানৰ ক্ষেত্ৰতহে প্ৰযোজ্য। ছোৱালী সন্তানবোৰৰ কথা মই বৰ এটা নেজানোঁ।
 

কাহিনী
The story

এইবেলি এটা সমস্যা। গাওঁখনত এই সমস্যাই আগে কেতিয়াও দেখা দিয়া নাই। সমস্যাটোৰ কথা কোৱাৰ আগতে গাওঁখন, গাওঁখনৰ ভাওখন, আৰু পৰম্পৰাগত ভোজন বিহাৰখনৰ এটা বিশেষ কথা কৈ লওঁ। গাওঁ খনৰ যি কোনো মানুহেই ইয়াত ভাও ল'ব পাৰে। কোনেও নুসোধে সেই ভাও লোৱা জন  কোঁচ নে কলিতা। উচ্চ বংশীয় নে নীচ কুলীয়া। ইয়াৰ বাবে কোনো ভাৱৰীয়া কম্যুনিটি নাই। এই কথাটো মই ভাৰতবৰ্ষৰ অন্যান্য ঠাইতো কে'বাবাৰো কৈছোঁ। এই কথাটোৱেই আমাৰ গাঁৱৰ গৌৰৱ। কোনেও আজিলৈকে সোধা নাই সেই ভীমৰ ভাও লোৱাটোৰ জাত কি। দুৰ্যোধনৰ ভাও লোৱাটোৰেই বা জাত কি। সি ব্ৰাহ্মণ নে সূদিৰ। আমাৰ গাঁৱৰ মানুহে কেৱল বিচাৰে পাৰফৰমেঞ্চ। কোনে কেনেকুৱা ভাও দিছে, বা দিব পাৰে। সি যিয়ে নহওক কিয়। সেই ভাও লোৱা জন হ'ব পাৰে কোনোবা কলেজৰ প্ৰফেচাৰ, কোনোবা বেঙ্কৰ মেনেজাৰ, কোনোবা পাণ দোকানৰ দোকানী অথবা অন্য কোনোবা। সেয়াই আমাৰ গাঁৱৰ গৌৰৱ।

কিন্তু ভোজন বিহাৰ নাটখনৰ বেলিকা কথাটো অলপ বেলেগ ধৰণৰ। গাঁওখনৰ যি কোনো শিশুৱেই গোপশিশুৰ ৰূপত অৱতীৰ্ণ হ'বপাৰে। নাচিব পাৰে। শ্ৰী কৃষ্ণৰ স'তে ধেমালি কৰিব পাৰে। কিন্তু স্বয়ং কৃষ্ণ হ'ব নোৱাৰে। আজিলৈকে শ্ৰীকৃষ্ণৰ নাচটো গোঁসাইঘৰৰ ল'ৰাবোৰেই নাচি আহিছে। এইবেলি মথুৰা গোঁসাইৰ সৰুটো ল'ৰাই কৃষ্ণ নচাৰ কথা আছিল। কিন্তু কেইদিনমানৰ পৰা তাৰ গাটো ভাল নহয়। তাতেই গাঁৱৰ আটাইৰে চিন্তা। গা বেয়া মানে একেবাৰে বিচনাত। গোঁসায়ে ৰাইজৰ আগত অভয় দি কৈছে বোলে চিন্তাৰ কোনো সকাম নাই, ভগৱন্তই স্ব-ইচ্ছাই ভাল কৰি দিব। গাঁৱৰ ৰাইজে এবাৰ আঁঠু ল'লেই হ'ল। কিন্তু দিন বাঢ়ি আহিছে। অসুখ কমক চাৰি বাঢ়িছেহে। শেষত শুনিবলৈ পোৱা গ'ল তেজপুৰৰ পৰা গোঁসাইৰ ঘৰৰ সম্পৰ্কীয় ল'ৰা এটাক মতাই অনা হ'ল কৃষ্ণ নাচিবলৈ। এই কথাটোতেই গাঁৱৰ আধাখিনি মানুহ জাঙুৰ খাই উঠিল। গোটেই গাঁওখনত কিবা কৃষ্ণ নাচিব পৰা ল'ৰাৰ আকাল হ'লনে যে তেজপুৰৰ পৰা কৃষ্ণ নচা ল'ৰা মগাই অনাব লগা হ'ল! এৰা, যুক্তিৰে কথা। বাকী আধাখিনি মানুহৰ কোনো আপত্তি নাই। গোঁসাই ঘৰৰ নহ'লে কৃষ্ণ নচা যে নিয়ম নাই। নিয়মৰ উলংঘা কৰা যায় কেনেকৈ? এৰা এই কথাও অকাট্য।

পৰহিলৈ ভাওনা। আজি সন্ধিয়া সিদ্ধান্ত লোৱা হ'ল যে এইবেলি ভোজন বিহাৰৰ কৃষ্ণ নাচিব অন্য ল'ৰাই। কিন্তু কোনে? সকলোৱে জানে যে এইখন গাঁৱৰ প্ৰতিটো শিশুৱেই কৃষ্ণ নাচিব জানে। মাকৰ পেটতেই শিকি আহে কেনেকৈ কৃষ্ণ নাচিব লাগে। কোনখন বাজানাত কেনেকৈ ঠেউকি ৰাখিব লাগে। কিন্তু ধুনীয়া দেখনীয়াৰ ল'ৰা এটা লাগে। কাক কৃষ্ণ সজা যায়? আলোচনা বিলোচনা চলি থাকিল। নামঘৰটো ভৰি আছে মানুহেৰে। আন কোনোকালেই আখৰাৰ সময়ত ইমান ভীৰ দেখা নাযায়। দিন কাল সলনি হৈছে। গাঁওখনত কৃষিজীৱী মানুহ বুলিবলৈ কেইঘৰমানহে আছে। আটাইৰে কাম কাজ সলনি হৈছে। মানুহে আৰু আগৰৰ দৰে সময় উলিয়াব নোৱাৰে। সময় উলিয়াব পাৰিলেও টেলিভিচন, কম্পুটাৰ, মোবাইল ফোন এইবোৰৰ লগত ব্যস্ত হৈ থাকোতেই যায়। দোষ অৱশ্যে কাকো দিব নোৱাৰি। সি যি কি নহওক আজি দেখিয়েই ভাল লাগি গৈছে যে নামঘৰটো মানুহেৰে ভৰি পৰিছে। আচলতে ভৰি পৰিবৰে কথা, এইবেলি ভোজন বিহাৰত কোনে কৃষ্ণ নাচিব সেই বিতৰ্কৰ উত্তেজনাই সকলোকে চুইছে। কথাৰ মাজতে হৰকান্তই গলহেকাৰি এটা মাৰি মাত দিলেঃবাৰু ৰাইজ এটা সিদ্ধান্ত জানিবা ল'লোৱেই। কিন্তু কৃষ্ণ নাচিবলৈ আগবাঢ়ি আহিবনো কোন। সেয়াওটো এটা কথাৰ লগৰ কথা   আখৰা কৰি আলপ জিৰনি লওঁ বুলি বহি থকা ল'ৰাবোৰৰ ফালে চাই সি সুধি পেলালেঃতহঁতে নিজেই ডিচিছন ল চোন বাৰু। চাওঁ। ক কোন কৃষ্ণ হ'বি? হাত তোল। যাৰেই নিজৰ ওপৰত বিশ্বাস আছে যে মই কৃষ্ণ নাচিব পাৰিম, ময়েই আটাইতকৈ ভাল নাচোঁ, হাত তোল। চাওঁচোন কাৰ কিমান আত্ম বিশ্বাস আছে

'ৰাবোৰে নিতাল মাৰিলে। আগবাঢ়ি আহিবলৈ সকলোৰে মনতে ভয়। কাইলৈ যে সাক্ষাৎ গোঁসাই সাজিব লাগিব, সেয়া জানো সহজ কথা। হঠাতে এটা ল'ৰাই হাত দুয়োটা দাঙি চিঞৰ মাৰি উঠিলে।মই নাচিম, মই কৃষ্ণ নাচিম

সকলোৰে চকু কপালত উঠিল। হৰকান্তই জিভা কামুৰি ধৰিলে। এচাম মানুহে গিৰ্জনি মাৰি হাঁহিলে। ল'ৰাটোৰ পিছফালে থিয় হৈ থকা তপনে তাৰ দীঘল হাতেৰে ল'ৰাটোৰ গালত বোন্দাচৰ এটা বহুৱাই দিলেঃচুপ থাক, কৃষ্ণ নচাটো কি পানী মিঠৈ?
 

উপকাহিনী
Sub text

অতুলৰ মন ভালে নাই। আৰু কেইদিনমানৰ পিছতে মাধৱ দেৱৰ তিথি, আৰু সি আছেহি সুদূৰ প্ৰান্তত। ইমানেই দূৰনিত যে যাওঁ বুলিলেও সময়ত গৈ সি ঘৰ ওলাবগৈ নোৱাৰে। ভাৰতবৰ্ষৰ ইংৰাজে সাজি থৈ যোৱা মেপ খনক আনুভূমিক ভাবে সমানে সমানে ভাগ কৰিবলৈ যদি লোৱা হয়, তেতিয়া আটাইতকৈ দীঘল ৰেখা যিডাল হ'ব, সেই ৰেখাডালৰ ইমূৰত তাৰ গাওঁখন আৰু সিমূৰত সি। অসম আৰু গুজৰাত।নাজানোঁ কি কুক্ষণতনো গুজৰাতলৈ আহি বিজনেছ চোৱাৰ কথা ভাবিলোঁ, সি ভাবিলে।

অতুলৰ কথা ক'বলৈ গ'লেও বৰ ভাল কথা ক'বৰ কোনো সুবিধা নাই। কোনোমতে টানি টুনি সংসাৰখন চলাই আহিছিল। পৈত্ৰিক সম্পত্তি বুলি যি এডোখৰ মাটি আছিল সেয়াও দুভাগ হোৱাৰ পিছত আচলতেই নিজৰ বুলিব পৰা মাটি তেনেই তাকৰীয়া। তাৰে বছৰটো নুজুৰে। এনেয়েও অৱশ্যে খেতি বাতিত সি ইমান পাকৈত নহয়। বিজনেছৰ প্ৰতি তাৰ এটা মোহ সৰুৰে পৰাই আছিল। দেউতাকো আছিল এটা দোকানী। বিজনেছ বুলিলেই তাৰ মনলৈ, তাৰ মনলৈ কিয়, তাৰ দৰেই আন বহুতৰ মনলৈকে, পাণ দোকানখনৰ কথাকেই আহে। তথাপি দেউতাকৰ লগত বহুতো কথাত বিৰোধ থকাৰ বাবে দেউতাকৰ পাণ দোকাণখন সি নচলালে। কেইদিনমান ইলেক্ট্ৰিচিয়ানৰ কাম কৰিলে, কেইদিনমান হোটেল এখন চলালে, কেইদিনমান কাপোৰৰ দোকান এখনত চেলচ্মেন হিচাপে থাকিলে, কেইদিনমান ভাড়া মৰা গাড়ী এখনৰ দালালী কৰিলে তাৰ পিছত অৱশেষত আকৌ দেউতাকৰ পুৰণা দোকানখনত থকা ধোঁৱা আৰু ছাইৰে ভৰা শ্ৰীকৃষ্ণৰ কেলেণ্ডাৰখন বিচাৰি উলিয়াই নতুনকৈ ধূপ ধূনা জ্বলাই এখন পাণ দোকানকেই খুলিলে।

আচলতেই অতুল দুৰ্ভগীয়া। যি কামতেই সি হাত দিয়ে সেই কামটো নচলে। হোটেলৰ বিজনেছ কৰাৰ সময়ত সি দেখিলে যে আমাৰ অঞ্চলটোৰ মানুহৰ বাহিৰত খোৱাৰ অভ্যাস নাই। অভ্যাস নথকাটোতো দূৰৰেই কথা, বাহিৰত হোটেলত খানা খোৱাটো এটা বেয়া কথা বুলিয়েই ভবা হয়। কাপোৰৰ দোকানত থাকোতে সি বুজিলে, আমাৰ অঞ্চলৰ মানুহৰ বৰ এটা বজাৰ সমাৰ কৰাৰ চখ নাই। ৰঙ উৱলি যোৱা, ঘঁহনি খাই খাই এফাল উদং হোৱা একেটা গেঞ্জিকেই মানুহে যুগ যুগ ধৰি পিন্ধি থাকে। বিহুৱে পাৰ্বণে কিবা উপহাৰ দিবৰ থাকিলেও গামোচাখনেই সাৰ। হাইদৰাবাদৰ পৰা মগাই অনা গামোচাবোৰ বেচাতো কোনো প্ৰফিট নাই। ভাড়াতীয়া গাড়ীৰ দালাল হৈ থাকোতে সি দেখিলে, এই অঞ্চলৰ মানুহবোৰৰ কোনো ক'লৈকো নাযায়। বিলাসিতা কি বস্তু এইবোৰ মানুহে নাজানে, দুবেলা দুমুঠি খাই থাকিব পাৰিলেই মানুহবোৰ খুশ। কোনোবা সম্বন্ধীয় মানুহ মৰিলে দহা কাজ খাবলৈ যোৱা, কাৰোবাৰ বিয়া খাবলৈ যোৱাক বাদ দি এই অঞ্চলৰ মানুহবোৰ নিজৰ ঘৰ এৰি ক'লৈকো নাযায়। আৰু সেইবোৰ কামৰ বাবে গাড়ী ভাৰা কৰাৰ কোনো সকাম নাই। ফলত ভাড়া গাড়ীৰ দালালী কৰা বিজনেছো নচলিল। বাকী থাকিল ইলেক্ট্ৰিচিয়ানৰ কাম। কিন্তু এতিয়া চকু মুদি ওপৰলৈ শিলগুটি এটা মাৰিলে যাৰ মূৰতেই পৰিব সেয়েই এটা ইলেক্ট্ৰিচিয়ান। পঢ়া শুনা কৰি ঘৰতে বহি থকে প্ৰতিটো ল'ৰাই ইলেক্ট্ৰিচিয়ানৰ কাম কৰে, খেতি বাতিত কোনো লাভৰ আশা নেদেখা প্ৰতিটো ল'ৰায়েই ইলেক্ট্ৰিচিয়ানৰ কাম কৰে, তাৰ মাজত চাৰভাইভ কৰাটো কিমান মুস্কিল আপোনালোকে জানেই। গতিকে শেষত গৈ থৈ পাণ দোকান এখনেই সাৰ হ'ল। সি দেখিলে, আন যিয়েই নহওক, আমাৰ মানুহে পাণ আৰু তামোল খাবই খাব। পাণ তামোল খাওক বা নেখাওক, দোকানখনৰ কাষত কেৰম বা লুডু খেলাৰ বৈঠক এখন বহুৱাবই। সেই অজুহাততে এটা নহয় এটা কাষ্টমাৰ অন্ততঃ পোৱা যাব। আন একো বিক্ৰী নহ'লেও গুটখা বিচাৰি অহা মানুহ ওলাবই। লাগিলে গুটখা খাই পইচা পিছত দিম বুলি কৈ  কেতিয়াও আৰু সেই ৰাস্তাইদি ভূমুকি নামাৰকেই।

সকলোবোৰ সহি থাকিব পৰা গ'লহেতেন, যদি ঘৰখনত অলপ শান্তি থাকিলে হেতেন। ৰাতিপুৱা চকু মোহাৰিয়েই জেওৰাৰ সিপাৰে বকুলী বুঢ়ীক দেখাৰ যন্ত্ৰনাটো যে কি হ'ব পাৰে সেয়া মই ভাষাৰে বুজাব নোৱাৰোঁ। অ', মই ক'বলৈ পাহৰিছিলোৱেই, অতুল ৰতনৰ বাপেক।
প্ৰসংগ
Context

পুৰণা চিনাকি বন্ধু এজনে অতুলক বাৰে বাৰে সোঁৱৰাই আছিল যে এই আঁহততলীত কোনো কাম কৰি চাৰ্ভাইভ কৰা সম্ভৱ নহয়। যদি সঁচায়ে বিজনেছ কৰিবৰ মন আছে, এবাৰ অন্ততঃ বাহিৰৰ পৃথিৱীখন চাই লোৱাটো জৰুৰী। পৃথিৱীখন সঁচায়ে বহু আগবাঢ়ি গৈছে যি বোৰ আমি ভাবিবও নোৱাৰোঁ। সেই বন্ধুটোৰেই নেৰানেপেৰা আগ্ৰহত আৰু অতুলৰো নতুন কিবা এটা কৰাৰ চখত অতুল আহি গুজৰাত পালেহি। বিজনেছ যদি শিকিবলৈ হয়, পইছা পাতিৰ লেন দেন কেনেকৈ হয় সেয়া যদি চাবলৈ হয়, কৰ্মসংস্কৃতি কাক বোলে সেয়া যদি চাবলৈ হয় গুজৰাতলৈ এবাৰ অহাটো জৰুৰী। সেয়ে অতুল সাঁচতীয়া টকা ভাঙি গুজৰাত পালেহি।

গুজৰাতলৈ আহি অতুলে কি কি দেখিলে সেয়া বাৰু অন্য কেতিয়াবালৈ ক'ম।  কিন্তু কেইদিনমান আহমেদাবাদত থকাৰ পিছতেই সি বুজিলে, সকলোবোৰ ঠিকেই আছে, সকলোবোৰ ভাল, কিন্তু সেয়া এইডোখৰ ঠাইতেই ভাল। অসমত তাৰ গাওখনত এইবোৰ নচলিব। আৰু গুজৰাতৰ নিগাজীকৈ থাকি বিজনেছ কৰিবলৈ তাৰ একেবাৰেই মন নাই। প্ৰথমতে কোনোটো বস্তুৱেই তাৰ ভাল লগা নাছিল। কেনেকৈনো ভাল লাগিব, গুজৰাতৰ মানুহে কেনেকৈ খাব লাগে, কি খাব লাগে একো নেজানে। কিন্তু লাহে লাহে লাহে তাৰ সকলোবোৰ ভাল লাগিবলৈ আৰম্ভ কৰিছিল। সি লাহে লাহে দেখিবলৈ আৰম্ভ কৰিছিল কেনেকৈ দুবেলা দুমুঠি খাবলৈ নোপোৱা মানুহেও গণেশ চতুৰ্থীৰ সময়ত উত্তাল হৈ নাচে। কেনেকৈ দুখন মাৰুটি একেলগে পাৰ হ'ব নোৱাৰা গলিটোকে ভেটি ধৰি একোখন বিয়া-বাৰু সম্পন্ন হয়। হিমেশ ৰেশমিয়াৰ গানত কেনেকৈ একেলগে উত্তাল হয় কোটিপতি আৰু সৰ্বহাৰা।

কিন্তু মাধৱ দেৱৰ তিথি যে সন্মুখত! সেই কথাটো কেনেকৈ পাহৰা যায়?

পেটুৱা গণেশক দেখি অতুলৰ হাঁহি উঠি যায়। এটা ঠেক গলিতে বিয়া পাতি সুখী হোৱা মানুহবোৰক দেখি অতুলৰ দয়া ওপজে। বাঘৰ পিঠিত উঠি বহি থকা জয় আম্বেক দেখি অতুলে চিন্তা কৰে, এইজনা বাৰু কোন দেৱীৰ প্ৰতিমা?

এবাৰ অতুলৰ বন্ধুটোৱে অতুলক বৰোদা নামৰ চহৰখন দেখুৱাবলৈ নিছিল। তাতেই সি দেখিছিল এটা বিৰাট কোলাহল। শিল্পকলাৰ অনুষ্ঠান ফেকাল্টি অব্ফাইন আৰ্টছৰ কিছুমান ল'ৰাছোৱালীক সি ৰাস্তাত শ্লোগান দি থকা দেখিছিল। ৰাজনৈতিক প্ৰতিবাদবোৰৰ প্ৰতি তাৰ কোনোদিনেই কোনো আগ্ৰহ নাছিল। কিন্তু সেই ল'ৰা ছোৱালীবোৰৰ মুখত এফাকি গান শুনি সি এখন্তেক থমকি ৰ'ল।দিন দাহাড়ে আঙ্গণ মে তেৰি মচি হ্যেই কেইছি হলচল, জাগো ৰে মনোৱা, জাগনা হোগা আজ নেহি তো কাল। অতুলৰ খুব চিনাকি চিনাকি যেন লাগিল গানটো। সি এখন্তেক ৰৈ ৰৈ শুনিলে।

কৌতুহলৰ বশবৰ্তি হৈ সি সন্ধান ল'লে। এইবোৰ কি, ইমানবোৰ মানুহ ৰাস্তাত কিয়?

কোনোবা ছাত্ৰই হেনো ভগৱানৰ অশালীন ছবি আঁকিছিল। তাতেই কোনোবা মানুহৰ আপত্তি। ল'ৰাটোক হেনো পৰীক্ষাৰ মাজৰ পৰা উঠাই নি জেলত সুমুৱালেগৈ। কথাটো শুনি অতুলৰ হাঁহি উঠিল। মানুহবোৰৰ যেন কোনো কাম কাজ নাই। কোনে কোন ভগৱানক কেনেকৈ আঁকিছে সেইটোকে লৈ ইমানখন ঘটনা। কোনোবা জে'ললৈ গৈছে, কোনোবাই চাকৰী হেৰুৱাইছে, কোনোবাই ৰাজপথত চিঞৰি মৰিছে।

কিন্তু সেইদিনাই ৰাতি শোৱাপাটীত দীঘল দি অতুলৰ মনলৈ বহুত চিন্তা আহিল। ভগৱান আচলতে দেখিবলৈ কেনেকুৱা? অতুলৰ দেউতাকে, মানে ৰতনৰ ককাৱকে, পুৰণা পাণ দোকানখনত এখন শ্ৰীকৃষ্ণৰ ছবি থকা কেলেণ্ডাৰ আঁৰি থৈছিল। দেউতাকৰ লগত হেজাৰ বিৰোধ থকা স্বত্বেও অতুলে নতুন দোকানখন খুলিবৰ পৰত সেই ছবিখনকেই বিচাৰি বিচাৰি উলিয়াইছিল। আৰু আজিও আচলতে সেইখন দোকানত সেইখন ছবিতেই চাকি বন্তি জ্বলোৱা হয়। ইমান বছৰে চাকি বন্তি জ্বলোৱাৰ পিছত, সেই ছবিখন ধোঁৱা আৰু ছাইৰে ভৰি পৰিছে। কোনেও নেজানে সেই ছবিখন অৰিজিনেলি কেনেকুৱা আছিল। অতুলেও নেজানে। আজিহে সি হঠাৎ ভাবিলে সেই ছবিখনৰ কথা। সি বুজি নাপালে কথাটো, ইমান দিনে সি কেৱল প্ৰাৰ্থনা হে গাই আহিছে। কোনোদিনেই আচলতে মূৰ তুলি চোৱা নাই। সেই ছবিখনত আচলতে কি আছে। আজি যদি কোনোবাই তাক সোধে তই সদায়ে ৰাতিপুবাই শুই উঠিয়েই প্ৰাৰ্থনা কৰা ভগৱানজন দেখিবলৈ কেনেকুৱা, সি উত্তৰ দিব নোৱাৰে। সি ৰাতি বহু পৰলৈকে ভাবিলে কথাটো, এৰাতো, আমি, আমাৰ গাঁৱৰ মানুহবোৰেতো কোনোদিনেই ভবা নাই, ভগৱান আচলতে দেখিবলৈ কেনেকুৱা! কিন্তু অতুলে ভাবিলে আৰু এটা কথা, ভগৱান দেখিবলৈ কেনেকুৱা সেয়া দেখোন সকলোৱে জানে। ভগৱান শ্ৰীকৃষ্ণৰ গাৰ বৰণ নীলা। মূৰত মৈৰাৰ পাখি। পীত বৰণ, মানে হালধীয়া ধূতি, হাতত বাঁহী। গাঁৱৰ ভাওনাখনৰ শ্ৰীকৃষ্ণটোৰ কথাহে বাৰে বাৰে তাৰ মনলৈ আহিল। যিয়েই নহওক এখন ছবিতো মনলৈ আহিল! কিন্তু সেইখন ছবি এই বাকীবোৰৰ লগত দেখোন একেবাৰেই নিমিলে। সেই কেলেণ্ডাৰৰ ছবিখনো নিমিলে। উৰিষ্যাৰ জগন্নাথ সি দেখিছে। সেয়া নিমিলে। দক্ষিণ ভাৰতীয় কিছুমান ভগৱান সি দেখিছে। সেইবোৰ নিমিলে। উত্তৰ ভাৰতীয়, মানে চ'লি আৰু ঘাগৰা পিন্ধা ছোৱালীবোৰ তাৰ কল্পনাৰ ৰাধা বা যশোদাজনীৰ লগত নিমিলে। সেইদিনা ৰাতি সি খুব অস্থিৰে কটালে। আচলতে গোটেই ৰাতি সি শুবকে নোৱাৰিলে। মাধৱৱ দেৱৰ তিথিলৈ তাৰ বৰকৈ মনত পৰিবলৈ ধৰিলে।

ৰতনৰ কথাও তাৰ মনলৈ আহিল। ৰতন যে গায়, কদমৰ গছলৈ নুঠিবা গোঁসাই ঐ, কদমৰ চনকা ডাল...। হাঁহি উঠিল, স্বয়ং শ্ৰীকৃষ্ণ যেন ঘৰৰ কাষৰ অঘাইটং ল'ৰাটোহে। কদমৰ চনকা ডালে বাৰু ভগৱন্তৰ কি অপকাৰ সাধিব? এই ৰতন ল'ৰাটোক লৈ অতুলৰ দুশ্চিন্তা বহুত। গোটেই গাঁৱৰ মানুহে তাক লপা থপা দিয়ে। কিয় যে ল'ৰাটো এনেকুৱা হ'ল, কেতিয়া বা তাৰ মতিগতি কামৰ লায়কৰ হ'ব। অতুলে ঘৰ এৰি অহাৰ সময়তো ৰতনে জেদ ধৰিছিল, অঁকৰামি কৰিছিল। তাৰ মনত পৰি বেয়া লাগিল যে ঘৰ এৰিবৰ পৰত ৰতনৰ গালত বোন্দাচৰ এটা সোধাইহে সি বাটলৈ ওলাই আহিছিল।

ব্যক্তিগত জীৱনত অতুল যিয়েই নহওক কিয়, সি যিমানেই সফল বা ব্যৰ্থ নহওক কিয়, বছৰৰ এটা বিশেষ সময়ত গোটেইখন গাঁৱৰ মানুহে তাৰ কথা ভাবে। মহাভাৰত সম্পৰ্কীয় নাট থাকিলে সি সদায়ে নকুল হয়, কাল্পনিক নাটত সি প্ৰায়ে ঋষি মুনি হয়, কেতিয়াবা অৱশ্যে পাৰ্বতীৰ ভাওও সি ধুনীয়াকৈ দিয়ে। গাঁৱৰ ভাওনাখনত সি সদায়ে এটা অবিচ্ছেদ্য অংগ। যদিওবা তাৰ মনৰ মাজত বিৰাট হেঁপাহ আছে এদিন নহয় এদিন ভীম অথবা বালি- সুগ্ৰীৱৰ ভাও দিয়াৰ।

কিন্তু সি আজি ৰাতি বহুত কথা ভাবি ভাবি পাৰ নেপালে, শ্ৰীকৃষ্ণ আচলতে দেখিবলৈ কেনেকুৱা? কেশৱ মাষ্টৰৰ পুতেকৰ নিচিনা, গোঁসাই ঘৰৰ চনুৰ নিচিনা, ভীৰ গাঁৱৰ দাদুলৰ নিচিনা, জামুগুৰিহাটৰ তৰুনৰ নিচিনা, কেলেণ্ডাৰত দেখা ছাই আৰু ধোঁৱাৰে ঢকা সেই কেতিয়াও কোনেও মন নিদিয়া ছবিখনৰ নিচিনা, মানুহে সততে পেস্ৰাব কৰা ঠাইত মানুহে আৰু পেস্ৰাব নকৰক বুলি ভগৱানৰ ছবি এখন আঁৰি দিয়া ঠাইত থকা ফটোখনৰ নিছিনা, নে ফাইন আৰ্টচ্ফেকাল্টিৰ সেই ল'ৰাটোবে অঁকা ছবিখনৰ নিচিনা? যিয়েই নহওক কিয় মাধৱ দেৱৰ তিথিৰ কথাটো মনলৈ অহা মাত্ৰই সি বুজি উঠিলে, ইমান দূৰণিত ঘৰ সংসাৰ এৰি থকাৰ কোনো মানে নাই। পিছদিনাই সি ৰেলৰ টিকট কাটো ৰে'লত জপিয়াই উঠিলে।

ৰে'লত ঘৰৰ অভিমুখে আহি থাকোতেই সি ফোনত খবৰ পালে, এইবাৰ গোঁসাই ঘৰৰ কোনো ল'ৰা ভোজন বিহাৰ নাটৰ কৃষ্ণ হোৱা নাই। এইবাৰ গোঁসাই ঘৰৰ বাহিৰৰ অন্য জাতৰ, অন্য এটা ল'ৰাহে কৃষ্ণ হ'ব। সেই কৃষ্ণটো আৰু কোনো নহয়। অতুলৰ ল'ৰা, কোনেও কোনো কামতেই ভাল নোবোলা, আটায়ে লপাথপা দিয়া ৰতন। ৰত্নকান্ত।
 
ক্লাইমেক্স
Climax

আঁহততলী গাঁৱখনৰ বিশেষত্ব এয়েই যে, হেজাৰ বাধা বিঘিনিৰ মাজতো ইয়াৰ মাধৱ দেৱৰ তিথিটো বা সেই তিথিৰ দিনা ভোজন বিহাৰ নাটখনি ম্লান নপৰে। কোনেও ভাবিবও পৰা নাছিল যে অতুলৰ পুতেক ৰতনে ইমান ধুনীয়াকৈ নাচিব পাৰিব। সি নাচি উঠাৰ পিছত ঘামত জুৰুলি জুপুৰি হৈ আহি যেতিয়া মণিকুটৰ কাষত চাহ একাপ খাও বুলি বহিলেহি একে একে আহি গোটেই গাঁৱৰ মানুহ আহি তাৰ ভৰিত পৰিলেহি। এৰা, এয়া কোনো নৰমনিষ নহয়। এয়া যে স্বয়ং কৃষ্ণ গোঁসাই! চাহকাপ অহাত পলম হোৱা দেখি শ্ৰীকৃষ্ণই তামোল এখনকে মুখত ভৰালে। তেনেতে একে একে আহি গোটেই গাঁৱৰ ৰাইজে ৰতন ওৰফে শ্ৰীকৃষ্ণৰ ভৰি চুই  প্ৰণাম কৰিলেহি। ভগৱন শ্ৰীকৃষ্ণৰ সমস্যা এটা হ'ল, চোবাই থকা তামোলখনৰ পিক পেলাবলৈ উঠি যাবও নোৱাৰা হ'ল, ভৰিত পৰি সেৱা কৰিবলৈ অহা মানুহৰ যে অন্ত নাই! ৰতনে গোটেই কাৰবাৰটোত বেচ মজা পালে। মাজতে আহিল বকুলী বুঢ়ী। বকুলী বুঢ়ীৰ দুগালত বান্ধ নমনা চকুপানীৰ সোঁত। বকুলী বুঢ়ীয়ে কঁপা কঁপা মাতেৰে গাই গ'ল, ব্ৰহ্মা আদি কৰি জীৱ যত, মায়া শয্যা মাঝে আছয় ঘুমটি যাই, তুমি সে চৈতন্য সনাতন... আমাৰ ৰতনে কথাবোৰ একো বুজি নেপালে। ৰতনৰ চৰণৰ ধূলি গোটেই গাঁওবাসীয়ে ল'লে। বকুলী বুঢ়িয়েও ল'লে। সেইখিনি সময়য়তে সি দেখিলে, দেখি নিজৰ চকুকেই বিশ্বাস যেন কৰিব নোৱাৰিলে। ক'ৰবাৰপৰা ভুটুংকৈ আহি অতুল, মানে তাৰ পিতাকেও আহি তাৰ ভৰি চুই সেৱা কৰিলেহি। 


উপসংহাৰ
Epilogue

বেলি বহুত হ'ল, কিন্তু ৰতনৰ শোৱাপাটী এৰিবৰ মন নাই। ভাওনাৰ পিছৰ দিনা সকলোৰে এনেকুৱাই অৱস্থা হয়। মাকে কে'বাবাৰো জগাই দিলেহি, তাৰ উঠিবৰ মন নাই। আজি অলপ বেলিলৈকে শোৱাৰ মন। তামুলী খুৰাদেউ আহি ঘৰ উলালেহি। তামুলীৰ ডাঙৰটো ল'ৰা লোকেল মদ খাই কিবা অজান বেমাৰত পৰি মৰিল। তামুলীয়ে আহি গোচৰ দিলেহি, ক'লে যে,কি হ'ল, ৰতনৰ দেখোন উম ঘাম নাই। বাপেক অতুলে আহি শুই থকা ৰতনৰ গালত এটা বোন্দাচৰ বহুৱালে,তামুলীৰ ডাঙৰটো ল'ৰা যে ঢুকাইছিল সেয়া পাহৰিলি হ'বলা। উঠ, কলৰ পাত কাটিবৰ দায়িত্ব তোৰ নাছিল জানোঁ?


April 22, 2009
  

No comments: