ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Sunday, November 17, 2013

নীলপৱন

Image collected from various sources

আইকণিক নীলপৱন

"চিত্ৰ ভাষ্কৰ্য প্ৰকৃততে প্ৰকৃতিৰ অনুকৰণ নহয়। প্ৰকৃতিক নতুন ৰূপত চোৱাৰ প্ৰচেষ্টাহে।"[1]

এই কথাষাৰতেই নীলপৱন বৰুৱাৰ শিল্প মানসৰ শাহটো সোমাই আছে। সংখ্যাহীন বিপুল সৃষ্টি সম্ভাৰৰ মাজেৰে তেওঁ নতুনকৈ চাইছে পৃথিৱীখন। এইখন নিসৰ্গৰ পৃথিৱী, এটা চৰাইৰ পৃথিৱী, এজনী হৰিণাৰ পৃথিৱী। এইখন ৰঙ আৰু ৰেখাৰ পৃথিৱী। এক গতিময় পৃথিৱী। কিন্তু সকলোৰে শেষত এইখন মানুহৰ পৃথিৱী। সেয়ে গতিময়। আৰু সেই একেটা কাৰণতেই ই দশানণ ৰাৱণৰো পৃথিৱী, মুখ আৰু মুখাৰো পৃথিৱী। সেয়ে হেজাৰ হেজাৰ সৃষ্টিকৰ্মৰ প্ৰায় আটাইবোৰেই ফিগাৰেটিভ। যি অলপমান বিমূৰ্ততা আছে, সেয়াও ফিগাৰেটিভ বিকৃতিৰেই বিস্তাৰণ বুলিব পাৰি।

অসমৰ শিল্পজগতত শিল্পী বুলিলেই যিটো অবয়ৱ মানসচক্ষুত ভাঁহি উঠে সেয়া নীলপৱনৰ। এটা ইমেজ। এটা ব্যক্তিত্ব। ৰসাল মুখ, সপোন তিৰবিৰ চকু। অসমৰ শিল্পকলাৰ আধুনিকতাৰ পৰ্বটোৰ আধাতকৈ বেছি ক্ষেত্ৰ জুৰি আছে নীলপৱনে। এক বিশিষ্ট জীৱন শৈলী, চেতনাৰ সামগ্ৰিকতা, পৰ্যবেক্ষণৰ বহুমাত্ৰিকতা এই আটাইবোৰ মিলি নীলপৱন এক সম্পূৰ্ণ শিল্পী। এজন সম্পূৰ্ণ শিল্পী বুলি কোৱাৰ পিছত নীলপৱন বৰুৱা সম্পৰ্কে আৰু একো ক'বলৈ বাকী নাথাকে। এই সম্পূৰ্ণতাৰ বাবেই তেওঁ এক আইকণিক ইমেজ। সম্ভৱ কেৱল আধুনিকতাৰ কালৰ কথা ওলালেই নহয়, সমকালীনতাৰ অতীত কাললৈকে তেওঁ এটা আইকণ হৈয়েই ৰ'ব। অসমীয়া দৃশ্য-শিল্পৰ ক্ষেত্ৰত চেলিব্ৰিটি শিল্পী নাই। কিন্তু কাৰোবাৰ কথা যদি ক'বলৈ হয়, তেনেহ'লে সেয়া নীলপৱনেই।
 
Image collected from various sources
অসমীয়াত চেলিব্ৰিটি (দৃশ্য)-শিল্পী কিয় নাই তাৰ কাৰণ ধেৰ। অসমৰ দৃশ্যশিল্পৰ কথা যেতিয়াই পাতিবলৈ আৰম্ভ কৰোঁ আমাক হতাশা, দুৰ্ভাৱনা আৰু খণ্ডিত ইতিহাস চেতনাই গ্ৰাস কৰি আহে। বহুখিনি নেতিবাচক কথাই জুমুৰি দি ধৰে। দ্ৰষ্টা (স্পেক্টেটৰ) বা দৰ্শকৰ অভাৱ, জনজীৱনৰ পৰা শিল্পচেতনাৰ বিলুপ্তি, বৌদ্ধিক আৰু বিদ্যায়তনিক চৰ্চাৰ প্ৰতি অনীহা এই গোটেইবোৰ প্ৰসংগই একেলগে মূৰ দাঙি উঠে। তাৰ লগতে শিল্পীমহলৰো দায়িত্বৰ কথা আহে। এই দায়িত্ব অলপ অন্য ধৰণৰ। "শিল্পীৰ সামাজিক দায়বদ্ধতা" জাতীয় বহুল ব্যৱহৃত, আৰু ব্যৱহাৰ হৈ হৈ ধাৰ-চোক নোহোৱা ক্লিচ্চে হৈ পৰা কথাখিনিৰ বাহিৰে অন্য এক দায়িত্ববোধৰ কথাহে উনুকিয়াব খুজিছোঁ। এই দায়িত্ব পালন কৰা তেনেই উজু আৰু একেসময়তে আটাইতকৈ কঠিন। অনলস অবিশ্ৰান্ত ভাবে নিজৰ কাম কৰি যোৱাটোৱেই এজন শিল্পীৰ প্ৰমুখ আৰু প্ৰধান চৰ্ত, আৰু এই চর্তৰ মাজতেই আছে মই উনুকিয়াব খোজা দায়িত্বৰ নব্বৈ শতাংশ।

সংখ্যাগত কাৰণটোও কেতিয়াবা গুৰুত্ব দিবলগীয়া হয়। ভূপেন হাজৰিকা চেলব্ৰিটি তেওঁৰ সংখ্যাতীত কৰ্মৰ মাজেৰে। আজিৰ তাৰিখত জুবিন চেলিব্ৰিটি কাৰণ হাজাৰে হাজাৰে তেওঁ গান গায়েই গৈ আছে। শচীন চেলিব্ৰিটি কাৰণ তেওঁ শেষ পৰ্যন্ত খেলি গৈ আছিল। অসমীয়া চিনেমা নিৰ্মাতাৰ ক্ষেত্ৰত চেলিব্ৰিটি নাই, কাৰণ চাৰি-পাঁচখনৰ বেচি চিনেমা নিৰ্মাণ অসমত আজিলৈকে কাৰো দ্বাৰা সম্ভৱ হোৱা নাই। কোনোবা অসমীয়া নিৰ্মাতাই জীৱনকালত ডেৰশখন চিনেমা নিৰ্মাণ কৰা, সত্তৰ আশীখনমানৰ চিত্ৰনাট্য ৰচনা কৰা আৰু অজস্র আনৰ চিনেমাত সহযোগী হিচাপে কাম কৰাৰ কথা স্বপ্নৰো অগোচৰ। ছবি বা ভাষ্কৰ্যৰ ক্ষেত্ৰতো একে কথা। গোটেই জীৱন ধৰি হেজাৰে হেজাৰে ছবি নিৰবিচ্ছিন্ন ভাবে আঁকি যোৱা শিল্পী অসমত নাই। সাম্প্ৰতিক পৰিস্থিতি হতাশাজনক বুলি হামৰাও কাঢ়ি থকা হেজাৰে হেজাৰে আছে। কিন্তু হেজাৰ প্ৰত্যাহবানকো নেওচি, প্ৰতিকুলতাৰ মাজতো নিজৰ সাধনা অব্যাহত ৰখা কোনোবা যদি আছে- সেয়া হ'ল নীলপৱন। সেই কাৰণেই কৈছোঁ, অসমৰ দৃশ্যশিল্পৰ ক্ষেত্ৰত চেলিব্ৰিটিৰ পৰ্যায়ত থ'ব পৰা কোনোবা যদি আছে সেয়া নীলপৱন। এহাতে তেওঁ ইতিপূৰ্বেই ৰোপিত হোৱা অসমীয়া শিল্পৰ ইতিহাসত আধুনিকতাৰ বীজখিনি লালন পালন কৰি গ'ল, অন্যহাতে মানুহৰ মাজত এক বাংময় ছন্দময় ৰঙ আৰু ৰেখাৰে এক সংবেদন সৃষ্টি কৰি গৈ থাকিল। তেওঁৰ ছবিৰ দৃশ্যময়তাই এক সীমিত সংখ্যক লোককহে মোহিত নকৰে। তেওঁৰ দৃশ্যময়তাত মোহিত লোকৰ সংখ্যাও তুলনামূলক ভাবে বেছি। 

Image collected from various sources

ফৰ্ম আৰু নীলপৱন  

নীলপৱনৰ শিল্প-চেতনাৰ ভেটিত ইটা বালি সদৃশ দুটা প্রধান উপাদান- শান্তিনিকেতনৰ পৰা আহৰিত শিল্পশিক্ষা আৰু লোকশিল্পৰ প্ৰতি থকা তেওঁৰ আগ্ৰহ আৰু আনুগত্য। ইয়াৰ লগতে চিমেন্টৰ দৰে যোগ হৈছে তেখেতৰ নিজস্ব জীৱনবীক্ষা, স্বকীয় সত্বা। প্ৰথমটো উপাদানেৰে তেখেতৰ স্থানৰ ব্যৱহাৰৰ ধাৰণাখিনি সুদৃঢ়। নীলপৱনৰ ছবি সদায়ে ভৰন্ত আৰু ভৰপক। শূন্যস্থানৰ সম্যক বিভাজনত তেওঁ সিদ্ধহস্ত। ভৰা স্থান আৰু শূণ্যস্থানৰ অসমতুলতাত সৃষ্টি হোৱা টেনচন তেখেতৰ ছবিত নাই। এক স্থৈৰ্য, এক প্ৰশান্তি আৰু তেনেকৈয়ে এক আটিল বান্ধোন তেওঁৰ ফৰ্মৰ মাজত বিদ্যমান। একেবাৰে "সাৱধানী অসাৱধান" ৰংবোৰো বা ৰেখাবোৰো কেতিয়াও শিথিল হৈ ছিটিকি নপৰে। বিদ্যায়তনিক এনাটমি, পৰিপ্রেক্ষিত আদিলৈ ভেঙুচালি কৰি তেখেতৰ ফৰ্ম আৰু ফিগাৰবোৰে গা কৰি উঠে যদিও পাকৈত শিপিনীৰ একোহালি বোৱনিৰ দৰেই সিবোৰ পৰষ্পৰ সংপৃক্ত হৈ থাকে।

Image collected from various sources

এই হুজুগতে আকৌ ব্যক্তিত্বৰ কথা ওলাব। কথাখিনি ঠিক তেনেকুৱাই যেনেকৈ কবিতাৰ ক্ষেত্রত আমি নীলমণি ফুকনৰ কথা কওঁ। ফুকনৰ কবিতাৰ কথা পাতোতে যেনেকৈ কবিজনৰ ব্যক্তিত্বৰ কথা অৱধাৰিত ভাবে ওলাই পৰে তেনেকৈয়ে নীলপৱনৰ ব্যক্তিত্বৰ কথাও ওলায়। মানুহজনৰ সন্মুখত থিয় দিলে বা তেওঁক দেখিলেই যেনে এটা শান্ত সমাহিত ভাব আহি পৰে, তেওঁৰ ছবিয়েও তেনে এটা অনুভৱেই দিয়ে। উন্মাদনা, অস্থিৰতা, বিহ্বলতা, আকুলতাক বুকুত সামৰিও তেওঁ স্থিতপ্ৰজ্ঞ। সুন্দৰতা সম্পৰ্কে তেওঁৰ নিজৰ ধাৰণা আৰু কৰণীয়বোধখিনি এইখিনিতে উনুকিয়াব লাগিব। "... নিজক জীয়াই ৰাখিবলৈ পৰিশ্ৰম কৰা, খাদ্য সংগ্ৰহ, ঘৰ-দুৱাৰ বন্ধা আদি কামসমূহ স্বাভাৱিক তাড়নাত মানুহে কৰিবই লাগে, কিন্তু এইবিলাকৰ উপৰিও সাধাৰণ দৈনন্দিন জীৱনৰ উৰ্ধত নিজক, দহক লগতে প্ৰকৃতিকো নতুন ৰূপত সজাই পৰাই তোলাত মানুহৰ অতিৰিক্ত প্ৰাণ শক্তিৰ প্ৰমাণ পোৱা যায়। ... এটা সুন্দৰ মানৱ শৰীৰ বিচাৰ হোৱাৰ দৰে এই বিচাৰ হ'ব লাগিব। অকল সুন্দৰ হ'লেই নহ'ব, বিদ্বান হ'ব লাগিব। অকল বিদ্বান হ'লেই নহ'ব, সেই বিদ্যাৰ আৰ্জিত ফলেৰে সজ চৰিত্ৰবান হ'ব লাগিব। কৰ্মঠ স্বাস্থ্যবান হ'ব লাগিব। আৰু মানৱ সমাজৰ কামত আহিব লাগিব। ত্যাগ পৰোপকাৰ আদিও থাকিব লাগিব। আকৌ সকলো থাকিও সুন্দৰ নহ'লে সকলো গুণেই মোলান পৰি যায়। সজোৱা-পৰোৱা সুন্দৰ পৰিপাটি অৱস্থা এটাই এটুকুৰা স্থান জিলিকাই তোলাৰ দৰে ধুনীয়া পৰিপাটিকৈ সাজ-পাৰ কৰা, দাঢ়ি-চুলি কাটি সুন্দৰ হৈ থকা দেহাৰ আকৰ্ষণেই বেলেগ..."।[2]

Image collected from various sources

নীলপৱনৰ শিল্পচেতনাৰ ভেটিৰ দ্বিতীয়টো সমল লোকশিল্পই দিলে তেওঁক স্বাচ্ছন্দ্য। ইমান পৰে কৈ অহা সুস্থিৰতা, দৃঢ়তা আৰু প্ৰশান্তি-বোধৰ আন্তৰালত দেখোঁ এক উন্মাদনা। অৱশ্যে লোকশিল্প সম্পৰ্কে আমি কিছুমান ভুল ধাৰণা লৈ থাকোঁ। অলপ ৰোমান্টিক হৈয়েই আমি লোকশিল্পৰ প্ৰশস্তি গাবলৈ আৰম্ভ কৰোঁ আৰু প্ৰাণ-প্ৰাচুৰ্য, বৈচিত্ৰ আদিৰ কথা কৈ পেলাওঁ। কিন্তু কথাষাৰ তেনে নহয়। নীলপৱন বৰুৱায়েও এইখিনি কথা জানিছিল। ("... আচলতে কৃষিজীৱী সমাজ বৰ ৰক্ষণশীল, তেওঁলোকৰ পৰম্পৰাগত আচাৰ ব্যৱহাৰ, আহাৰ বিহাৰ শিল্প আদিতো সেই ৰক্ষণশীলতাই ঠাই লয়..."[3]।) লোকশিল্পৰ উন্মাদনা আৰু আধুনিক শিল্পীৰ উন্মাদনা একে নহয়। কিন্তু দৃশ্যগতভাবে আহৰিত বুজাপৰাই লোকশিল্পই এক উন্মাদনাকেই প্ৰৰোচিত কৰে। লোকশিল্প নিজে ফ্ৰি-হেণ্ড নহয়, কিন্তু আধুনিক শিল্পীক সি ফ্ৰি-হেণ্ড হ'বলৈকে উৎসাহিত কৰে। এই ফৰ্মৰ ক্ষেত্ৰত ফ্ৰি-হেণ্ড হোৱা আৰু ভাববস্তুৰ ক্ষেত্ৰতো উন্মুক্তমনা হোৱাৰ লাচতে নীলমণি ফুকনদেৱে তেওঁক পিকাছোৰ কৰ্মপদ্ধতিৰ লগত ৰিজাইছিল। "পিকাছোৰ এষাৰ কথাৰ প্ৰতিধ্বনি কৰি কথা প্ৰসঙ্গত বৰুৱাই আমাক কৈছিল- মই বিচাৰি নুফুৰোঁ, মই পাওঁ। বিচাৰিলে নেপাওঁ। কিন্তু বিচাৰি থাকিলেহে নিবিচৰাকৈ পাওঁ। তেওঁ আঁকিবলৈ ল'লে তেওঁ ক'ব নোৱাৰাকৈ, ৰেখা ৰঙ ইমেজ আহি ওলায়হি, স্বয়ংক্ৰিয় ভাবেই সিবোৰে চিত্ৰপটখনত স্থান লয়, গঢ়ি উঠে, গঢ় লয়, ফুটি উঠে, নিজক প্ৰকাশিত কৰে। কেতিয়াবা কিবা এটা আঁকিবলৈ গৈ কিবা এটা আঁকেগৈ। সম্ভৱতঃ ইয়ো এটা কাৰণতে সমসাময়িক আমাৰ বহু চিত্ৰকৰৰ তুলনাত তেওঁৰ ছবি বহুদূৰলৈ যান্ত্ৰিকতাৰ পৰা মুক্ত।"[4]

Image collected from various sources

ফৰ্মৰ আটিল বান্ধোন, ভাবৰ স্বাধীনতাৰ লগতে ব্যক্তিমানসৰ ছন্দ একত্ৰ হোৱাৰ ফলত তৃতীয়তে যিটো পোৱা গ'ল সেয়া হ'ল ৰেখাৰ বলিষ্ঠতা আৰু ৰঙৰ উম। হেজাৰ হেজাৰ ড্ৰইং আৰু ছবিৰ ভিতৰত ক'তো নিস্তেজতা নাই। সকলোবোৰেই উমাল আৰু ছান্দিক। সকলোবোৰতে কিবা এটা ঘটি থাকে। উম বা ছন্দৰ লগতে এই পৰিশিষ্ট ভাগটো- এই যেন কিবা এটা ঘটি আছে- এই ভাবটো- আমাৰ ভাল লগা অন্যতম দিশ। স্থানিক সুস্থিৰতাৰ মাজতো এক গতিময়তা আৰু ঘনঘটাত ছবিবোৰ চঞ্চল। একক বিষয় যেনে একোখন পোৰ্ট্ৰেইট বা এটা জন্তু বা এখন মুখাও যদি তেওঁ আঁকিছে - তাৰ মাজতো কিবা এটা ঘটি আছে। এই ঘটনা ঘটাৰ অনুভূতিখিনিৰ উৎস সন্ধান কৰিলে পাম তেওঁৰ অন্যান্য পাৰফৰ্মিং ফৰ্মৰ প্ৰতি অনুৰাগ আৰু যোগাযোগ।  "মুখাচিত্ৰ আধুনিক কলালৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব তেওঁৱেই লৈছিল"।[5]

Image collected from various sources

শিল্পভাষা নিৰ্মাণ

যিটো সময়ত আৰু যিবোৰ কাৰণত যেনেকৈ নীলপৱন বৰুৱাই নিজৰ শিল্পভাষা নিৰ্মাণ কৰিলে সেয়া আপাতদৃষ্টিত স্পষ্ট হ'লেও তেনেই সহজ নাছিল। শিল্পৰ ক্ৰমবিৱৰ্তনৰ ইতিহাস অসমত নেলাগে ভাৰতবৰ্ষৰ ক'তো সৰলৰৈখিকতো নহয়েই নিৰবিচ্ছিন্নও নহয়। পুৰণি পুথিচিত্ৰৰ ধাৰাটোৰ পৰা আধুনিকতাৰ পৰ্বটোলৈ বা সমকালীণ স্তৰলৈকে একেলেথাৰিয়ে বকলা মেলাৰ কোনো পোণ বাট নাই। অন্যহাতে অসমৰ জলবায়ু আৰু লোকায়ত মনস্তত্ব দৃশ্যত কাৰু-কৃতিৰ সংৰক্ষণৰ অনুকূল নহয়। এহাতে যেনেকৈ সেমেকা জলবায়ুৱে বস্তুগত অস্তিত্বক সহজে নষ্ট কৰে, অন্যহাতে তেনেকৈ চাক্ষুস অভিজ্ঞতা আৰু উপলব্ধিৰ বৈৰাগ্যও এই মুলুকত আছে। কিন্তু সমান্তৰাল ভাবে আৰু এটা কথা মন কৰিবলগীয়া যে পৰিবেশ্য কলাৰ কদৰ অসমত অধিক। বিভিন্ন পৰিবেশ্য কলাৰ সমাহাৰ অতীতত যেনেকৈ আছিল আজিও তাৰ বহুল আদৰ নোহোৱা হৈ যোৱা নাই। নাট-ভাওনা আৰু অন্যান্য ব্যৱহাৰ্য বস্তু-নিৰ্মাণৰ পদ্ধতি আৰু সৌন্দৰ্যবোধক অনুধাৱন কৰি অসমৰ মাটি-পানীৰ লগত মিলি যাব পৰাকৈ এটা শিল্পভাষ নিৰ্মাণ কৰি লোৱাৰ ক্ষেত্ৰত বহুকেইজন পুৰোধা শিল্পীয়ে চেষ্টা কৰি গৈছে। কিন্তু নীলপৱন বৰুৱাৰ শিল্পভাষেই এইক্ষেত্ৰত আটাইতকোই বেছি ফলপ্ৰসু যেন লাগে। পূৰ্বজ শিল্পীকূলৰ দৰে তেওঁ শান্তিনিকেতন আৰু পশ্চিমবংগৰ শিল্পৰ সংস্পৰ্শলৈ আহিলেও বেঙ্গল স্কুলৰ ৰিভাইভেলিষ্ট ঘৰানাক আঁকোৱালি নল'লে। শান্তিনিকেতন স্কুলৰ শিল্পসত্বাৰ মজ্জাভাগহে তেওঁ গ্ৰহণ কৰিলে। সেই মজ্জাভাগেৰে তেওঁ জুমুঠিটো তৈয়াৰ কৰি তাত ৰহণ সানিলে অসমীয়া লোকশিল্পীৰ তুলিকা। এইখিনিতেই বৰুৱাদেৱৰ কৃতিত্ব।

দেশপ্ৰেম, জাতীয়প্ৰেম আৰু লোকপ্ৰেমেৰে উদ্বুদ্ধ হোৱা অসমীয়া শিল্পীৰ তালিকাখন হয়তো দীঘল, কিন্তু সিদ্ধহস্ততাৰ প্ৰসংগ আহিলে সেই তালিকাখন তেনেই ছুটি। কোনোৱে যদি দেশীয় বা জাতীয় বিষয়বস্তু বাচি লৈছে - কিন্তু ফৰ্মটো হয়তো বাহিৰৰ পৰা আহৰণ কৰা। অসমীয়া বিহুৱতী, ৰোৱনি দাৱনি, বা তাঁতশালৰ ছবি এখন আঁকিলেই সেয়া অসমীয়া ছবি হৈ যাবনে বাৰু? নিশ্চয় নহয়, যদিহে অসমীয়া শৈলীত তাক অঙ্কণ কৰা নহয়। কিন্তু অসমীয়া শৈলী বুলি কিবা বস্তু আছে জানো? পুৰণি পুথিচিত্ৰ এখন বিচাৰি উলিয়াই ধূলি মাকতি জাৰি জোকাৰি তাৰ অণুকৰণত কিবা কৰিলেই হ'বনে? নহয়, তেতিয়াও নহয়। গতিকে বুজাত একো অসুবিধা নহয় যে পদ্ধতিটো যথেষ্ট জটিল। টেকনিকৰ অধ্যাৱসায়ৰ লগতে ই এক বৌদ্ধিক চৰ্চাৰো কথা। এই দুয়োটা দিশৰ অৰ্থাৎ ব্যৱহাৰিক আৰু বৌদ্ধিক চৰ্চাৰ সমতুলনত উত্তীৰ্ণ হোৱাৰ ফলতহে সৃষ্টি হৈছে নীলপৱনৰ চিত্ৰভাস।

Image collected from various sources


১৯৯৭ চনমানতেই নীলপৱন বৰুৱাদেৱক কিছুসময়ৰ বাবে ঘনাই লগ পাইছিলোঁ। তেনে সময়তেই তেওঁৰ "অন্য এক গতি" নামৰ কিতাপখনৰ খচৰা নে প্ৰুফ কিবা এটা পৰ্যায় চলি আছিল। এইখন কিতাপেই তেওঁৰ শিল্পমানসত প্ৰৱেশ কৰাৰ বাট মুকলি কৰি থৈছে। অনুৰাগী বা শিল্পৰসিকতো বাদেই, শিল্প ঐতিহাসিক আৰু তাত্বিকৰ বাবেও এইখন এক আপুৰুগীয়া সমল কাৰণ কে'বাটাও জটিল দিশৰ সম্ভাব্য ইঙ্গিত ইয়াত পোৱা যাব। আধুনিক শিল্পক লোকায়ত অভ্যাসৰ লগত সাঙোৰাৰ প্ৰয়াস, চাৰু কলা আৰু কাৰু কলাক একত্ৰে বিচাৰ কৰাৰ পদ্ধতি[6] - এনেবোৰ দিশে অসমীয়া চৰ্চাৰ কাৰনে সম্ভাব্য দিশবোৰ মুকলি কৰে। 

Image collected from various sources


সমুদ্র কাজল শইকীয়া
Samudra Kajal Saikia
Kathputlee Arts & Films,
13, Patparganj Industrial area, New Delhi, 110092

email: kankhowa@gmail.com, mobile: 9811375594     



[1] (নীলপন বৰুৱা, "সাংস্কৃতিক প্ৰকল্পত শিল্প-শিল্পী আৰু শিল্প-বীথিকা", অন্য এক গতি, নটসূৰ্য ফণী শৰ্মা সোঁৱৰণী সমিতি, অসম, ১৯৯৮, পৃ- ২৩)

[2] # (নীলপৱন বৰুৱা, "সাংস্কৃতিক প্ৰকল্পত শিল্প-শিল্পী আৰু শিল্প-বীথিকা", অন্য এক গতি, নটসূৰ্য ফণী শৰ্মা সোঁৱৰণী সমিতি, অসম, ১৯৯৮, পৃ- ২২

[3] # (নীলপৱন বৰুৱা, "অসমৰ পৰম্পৰাগত শিল্পকলা আৰু ইয়াৰ ভৱিষ্যৎ", অন্য এক গতি, নটসূৰ্য ফণী শৰ্মা সোঁৱৰণী সমিতি, অসম, ১৯৯৮, পৃ- ২৬

[4] # নীলমণি ফুকন, "ছবি কেৱল ছবি", শিল্পকলা দৰ্শন, বুক হাইভ, প্রথম প্রকাশ, ১৯৯৮

[5] # মৌচুমী কন্দলী, "অসমৰ শিল্পকলাৰ ইতিহাসঃ আধুনিক যুগ", বিংশ শতাব্দী আৰু অসম, সোণালী জয়ন্তি উদ্‌যাপন সমিতি, দেৱৰাজ ৰয় মহাবিদ্যালয়, সম্পাঃ গীতাশ্ৰী তামুলী, হেম ফুকন, ২০০০, পৃ, ৮১

[6] # "নিৰহ নিপানিকৈ চাৰু কলাৰ কথা ক'বলৈ গ'লে আমাৰ ক্ষেত্ৰখন বৰ সংকুচিত হৈ পৰিব আৰু অসমৰ কৃষিজীবী পৰম্পৰাত কাৰু আৰু চাৰু শিল্প একাকাৰ হৈ আছে। নিলগাই পৃথক পৃথক ভাবে ইয়াক চোৱা টান।"(নীলপৱন বৰুৱা, "অসমৰ পৰম্পৰাগত শিল্পকলা আৰু ইয়াৰ ভবিষ্যৎ", অন্য এক গতি, নটসূৰ্য ফণী শৰ্মা সোঁৱৰণী সমিতি, অসম, ১৯৯৮, পৃ- ২৭)

No comments: