ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Thursday, November 28, 2013

কৃতি আৰু প্ৰত্যাশা/ এমুঠি নতুন কবিৰ কবিতা

কৃতি আৰু প্ৰত্যাশা/ এমুঠি নতুন কবিৰ কবিতা
আখৰুৱা গ্রুপৰ অক্টোবৰ (২০০১৩) মাহৰ কবিতা


নতুন কবিসকলৰ কথা ক'বলৈ যোৱাৰ আগতে দুষাৰ কথা উনুকিয়াই থ'ব খুজিছোঁ। প্ৰথমষাৰ কথা আচলতে ড হীৰেন গোঁহাই দেৱে তৎকালীণ অসমীয়া নতুন কবি সম্পৰ্কে কৰা এক মন্তব্য। "... কিন্তু পৰিতাপৰ বিষয় যে অসমত এতিয়াও কেৱল হৃদয়ৰ ঐশ্বৰ্যৰে কবিতাৰ বেদী ওপচাবলৈ চেষ্টা চলি আছে। বিশেষকৈ ডেকাচামৰ ভালেমান কবিৰ কবিতাত এনে দৃষ্টিকোণ দেখা যায়। ফলত ক'ৰবাত কেতিয়াবা যদি তেওঁলোকৰ কবিতাত হঠাতে অভিনৱ অনুভূতি-উপলব্ধিয়ে বিজুলিয়াই গৈছে, বেছিভাগ ক্ষেত্ৰতে চকুত পৰে আমনি লগা পুনৰাবৃত্তি, যান্ত্ৰিক নিৰ্জীৱ বহুব্যৱহৃত বাক্যাংশ(cliche)ৰ বোজা, আৰু অসাৱধান তথা অসফল পৰীক্ষা। কেৱল হৃদয়ৰ ওপৰত নিৰ্ভৰ কৰিলে এনেবোৰ বিফলতা তেওঁলোকৰ নিজৰ চকুতে নপৰিব।" (ড হীৰেন গোঁহাই, কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা)। ১৯৮৬ চনৰে লেখা যদিও কথাখিনি এতিয়াও সমানে প্ৰাসঙ্গিক, আৰু ইন্টাৰনেট সাহিত্য-চৰ্চাৰ ক্ষেত্ৰত ই আৰু বেছিকৈ মনলৈ আহিছে।

দ্বিতীয় কথাটোৰ বাবে অলপ ব্যক্তিগত অভিজ্ঞতাৰ পাতনিৰ প্ৰয়োজন। ১৯৯৭ চনৰ কথা, আমি তেতিয়া বৰোদাৰ এম এছ ইউনিভাৰ্ছিটিৰ এটা ছাত্ৰ আন্দোলনৰ লগত জড়িত। গুজৰাতৰ বহুখিনি শিক্ষানুষ্ঠানত গৈৰিকীকৰণে দ-লৈকে শিপাইছিল যদিও ফেকাল্টি অব ফাইন আৰ্টছ আছিল ৰাজনৈতিক প্ৰভাৱৰ পৰা বহুখিনি মুক্ত। বিভিন্ন ঘটনাৰ ঘনঘটাত 'আপত্তিজনক' আৰু অশ্লীল ছবি অঁকাৰ অপৰাধত এজন ছাত্ৰক 'মৰেল-পলিচিং' কৰি থানালৈ লৈ যোৱা হৈছিল আৰু ছাত্ৰ সপক্ষে থিয় দিয়া সেই সময়ত দায়িত্বত থকা ডীন গৰাকীক বিভিন্ন অভিযোগ আনি নিলম্বিত কৰা হৈছিল। সুদক্ষ শিক্ষক আৰু সুবক্তা বুলি জনাজাত তৎকালীন আন্দোন-বিৰোধী পূৰ্বৰ ডীন এগৰাকীয়ে দায়িত্বভাৰ গ্রহণ কৰি এবাৰ ছাত্ৰসকলক আন্দোলন স্থগিত ৰাখিবলৈ পৰামৰ্শ দিছিল। সেই বক্তৃতাত বহু ছাত্ৰ ছাত্ৰী মুগ্ধ হৈছিল, বহুতৰ সাময়িক ভাবে মত পৰিৱৰ্তনো হৈছিল। তেনেতে আমাৰ আন্দোলনৰ এক অন্যতম নেতাই আমাক কৈছিল, "এজন ভাল বক্তাৰ পৰা সম্ভাব্য বিপদ এইটোৱেই যে তেওঁ কেনেকৈ আৰু কিমান ধুনীয়াকৈ কথাবোৰ কৈছে সেইখিনিতেই আমি মুগ্ধ হৈ থাকোঁ। কি কথা কৈছে বা কথাৰ মৰ্মখিনি কি সেইবোৰলৈ সোমাবলৈ আমি পাহৰিয়ে থাকোঁ। ভাল কথা ক'ব জনা মানুহে শ্ৰোতাৰ এই দুৰ্বলতাখিনি জানে আৰু সেইমতেই তেওঁলোকে শ্ৰোতাক সহজে পৰিচালিত কৰে"। ("The danger of a good speaker is that we are mesmerized by his way of speaking instead of thinking about the content of his speech. More than what he is speaking we focus on how he is speaking.")  

এই একেখিনি কথাই ভাষাৰ দখল থকা লেখক বা কবিৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব পাৰে। ভাষাৰ প্ৰয়োগ বা ফৰ্মৰ মনোগ্ৰাহিতাৰ মাজতে আমি ইমানকৈ নিমজ্জিত হৈ থাকো যে আচলতে ক'ব খোজা কথাখিনিৰ প্ৰতি আমি আওকাণ কৰি গুছি যাওঁ। এইখিনিতেই সতৰ্ক হোৱাটো পাঠকৰ দায়িত্ব।


বিভিন্ন সাংস্কৃতিক বিষয়ত মাজে মাজে লেখা মেলা কৰি আহিছোঁ যদিও কবিতাৰ প্ৰসংগ ওলালে মই প্ৰায়ে মৌনতাই আৱলম্বন কৰোঁ। সাংষ্কৃতিক সমালোচনাতহে মোৰ ৰাপ বেছি। কবিতা ৰচনা এটা জটিল প্ৰক্ৰিয়া, আৰু কবিতাৰ বিচাৰ কৰাটো আৰু বেছি কঠিণ তথা প্ৰায় দুৰূহ এটা কাম। দায়িত্বভাগৰ কথা নকলোৱেই বা। জীৱিত কবিৰ ক্ষেত্ৰত এই কাম আৰু অলপ কঠিণ এইবাবেই যে ঘূৰি পকি ছেগা চোৰোকাকৈ হ'লেও এটা সমালোচনা বা প্ৰশস্তিয়ে কবিক প্ৰভাৱিত কৰাৰ এটা সম্ভাৱনা থাকি যায়। এই কথাকেই সাৰোগত কৰি সমালোচকৰ ভূমিকাক লৈ মাজে মাজে কথা উঠি থাকে। সকলোৰে শেষত কাঠিণ্যৰ চূড়ান্ত পৰ্যায়টো আৰম্ভ হয় যেতিয়া নতুন কবিৰ কবিতা সম্পৰ্কে লিখিব লগীয়া হয়। কাৰণ কবিতা সম্পৰ্কে লেখা মেলা কেৱল সেই কবিতাৰ বাচ-বিচাৰতে শেষ হৈ নাযায়। তাৰ লগতে কবিৰ ভৱিষ্যৎ, সামগ্ৰিক ভাবে কবিতাৰেই ভবিষ্যৎ গঢ় গতি সাঙোৰ খাই থাকে।

এহাতে যেনেকৈ কবিমনা উদ্যোগী ন-লেখকৰ অপৈণত লেখাক তোষামোদ কৰা উচিত নহয় তেনেকৈয়ে আনহাতে ন-উদ্যমক বুঢ়া আঙুলিৰে হেঁচুকি ৰাখিবলৈ চেষ্টা কৰাটোও পাপ। এইখিনিতেই ধৰ্ম-সংকট আৰম্ভ হয় সমালোচকৰ। নতুন কবিৰ মন চঞ্চল, প্ৰত্যাশী বা অত্যুৎসাহী হোৱাটো অস্বাভাৱিক নহয়। কেৱল কবিতাই নহয়, যি কোনো ধৰণৰ সৃষ্টিৰ ক্ষেত্ৰতেই কাম এটাই পূৰ্ণতা পাবলৈ সময় আৰু অধ্যাৱসায়ৰ প্ৰয়োজন হয়। সময়ৰ কথাটো বেচ তলকিব লগীয়া। কথাটো ফল ধৰি পূৰঠ হৈ পকিবলৈ সময় লগাৰ দৰেই। কথাটো ফঁহিয়াই বুজাবলৈ এজন চিত্ৰশিল্পীৰ ছবি অঁকাৰ ধৰণটোলৈ আঙুলিয়াম। এজন শিল্পী যিমানেই সিদ্ধহস্ত নহওক কিয়, বা যিমানেই মনযোগেৰে না-আঁকক কিয়, খুব বেছি জুপি জুপি ফিগাৰ এটা আঁকিলে তাত এনাটমি ভুল হোৱাৰ সম্ভাৱনা খুবেই প্ৰৱল যদিহে তেওঁ মাজে মাজে মূৰ দাঙি বা দূৰলৈ গৈ ছবিখন বাৰে বাৰে নাচায়। শিল্পীৰ ষ্টুডিও'লৈ আপোনালোক যদি যায় তেতিয়াহ'লে দেখিব, কেনভাচ থোৱা ইজেলৰ সন্মুখত তেওঁলোকে অফুৰন্ত শূণ্যস্থান থৈ দিয়ে- যাতে নিৰ্দিষ্ট দূৰত্বৰ পৰা আঁকিব লগীয়া কেনভাচখন বা আঁকি থকা ছবিখন তেওঁ বাৰে বাৰে চাব পাৰে। যিকোনো বস্তুৰে সামগ্ৰিকতা অনুধাৱণ কৰিবলৈ হ'লে এটা দূৰত্ব বা ব্যৱধান জৰুৰী - এই কথাটোকেই জোৰেৰে বুজাব খুজিছোঁ।

এতিয়া কবিতা এটা লিখাৰ ক্ষেত্ৰৰ এই দূৰত্বটো কেনেকৈ নিৰ্ধাৰণ কৰা যাব? নিশ্চয় সময়েৰে। কবিতে এটা লেখাৰ সময়ত তাৰ ভাবৰ আৱেশে আমাক আচ্ছন্ন কৰি ৰাখে। সেই মুহূৰ্তত কবিতাটো আমাৰ ভালেই লাগে। কাৰণ আমি সেই আৱেশৰ মাজতেই আছোঁ। সেই আৱেশৰ পৰা মুক্ত হৈ আপেক্ষিকভাবে হ'লেও নৈৰ্ব্যক্তিক অৱস্থান এটা ল'বলৈ অথবা নিজৰ পৰা ওলাই 'বাহিৰত' থিয় দি কবিতাটোলৈ চাবলৈ নিশ্চয় সময়ৰ আৱশ্যক। সেয়েহে ইন্টাৰনেটত কবিতা চৰ্চা সম্পৰ্কে আমি বাৰে বাৰে দোহাৰি থকা কথাটো হ'ল কিবা এটা লিখি লগে লগে আপডেট দিয়াটো সমীচীন নহয়। ব্যক্তিগত আপডেট আৰু কবিতাৰ মাজত পাৰ্থক্য আছে। 

আকৌ আহোঁ ন-কবি সম্পৰ্কে মন্তব্য কৰাৰ ক্ষেত্ৰত হোৱা ধৰ্ম-সঙ্কটৰ কথালৈ। এই ক্ষেত্ৰত জ্যেষ্ঠসকলে দুই ধৰণৰ স্থিতি লোৱা দেখা যায়। উৎসাহী আৰু বিসম্বাদী। উৎসাহী ভাগটোৰ লোকসকলে সকলোকে লিখি থাকিবলৈ অণুপ্ৰেৰণা যোগায়। "ভুলে শুদ্ধই লিখি থাকা, লিখি থকাটোহে আচল কথা, লিখিবলৈ নেৰিবা" - এই ধৰণৰ কথাৰে তেওঁলোকে সকলোকে সন্তুষ্ট কৰে আৰু 'অণুপ্ৰাণিত' কৰে। নতুন কবিৰ বাবে এই ভাগটো প্ৰিয় হৈ উঠে। অন্য বিসম্বাদী ভাগটোৱে পোণছাটেই কৈ দিয়ে - "বেয়া হৈছে, নিলিখিবা, এনেকৈ হকে বিহকে লিখি থকাৰ ফলত তোমাৰ লগতে আন দহ জনৰ ক্ষতি হে হৈছে"।  নতুন কবিয়ে এই ভাগটো বেয়া পায়। কিন্তু কালক্ৰমত এই নেতিবাচক মন্তব্য যে উপকাৰহে কৰে সেইটোও কিন্তু বুজি উঠে। আখৰুৱা গ্ৰুপত অক্টোবৰ মাহত প্ৰকাশ হোৱা কবিতাখিনি পঢ়ি বুজা যায় এইসকল লেখকক লেখিবলৈ নেৰিবা বুলি কৈ লাভ নাই। এই সকলে পৃথিৱীলৈ একঠা খাম বুলি আহিছে, গতিকে তেওঁলোকে লিখিবই। আৰু একেটা চৰ্ততেই নিলিখিবা বা বেয়া লিখিছা বুলি ক'বৰো কোনো ৰাস্তা নাই। আচল কথাটো এতিয়া কৈয়েই দিয়া উচিত বুলি ভাবিছোঁ। শ্ৰী মনোহৰ দত্ত ডাঙৰীয়াই নেৰানেপেৰাকৈ অনুৰোধ কৰি থকাত এইখিনি কবিতা সম্পৰ্কে লিখিম বুলি কথা দিছিলোঁ। কিন্তু "খুব ভাল খুব ভাল আৰু লিখি থাকা" বুলি কৈ অথবা "বেয়া লেখা, আৰু নিলিখিবা" বুলি কৈয়েই একে আষাৰতে দায়িত্ব সামৰি থ'ম বুলি ভাবিছিলোঁ। সেয়া হৈ নুঠিল।


অক্টোবৰ মাহৰ (২০১৩) আখৰুৱা গোটৰ কবিতাখিনি পঢ়ি বুজি উঠিলোঁ সমসাময়িক ন-কবিৰ কবিতা সম্পৰ্কে দুৰ্ভাৱনাৰ কোনো থল নাই। এইসকল কবি কেৱল হৃদয়ৰ প্ৰেম-বাৰ্তা প্ৰেৰণতে মত্ত হৈ থকা নাই। অগ্ৰজ কবিৰ অনুকৰণত একেটা ফৰ্মৰ বিৰক্তিকৰ পুণৰাবৃত্তিতো তেওলোক বান্ধ খোৱা নাই। এহাতে যদি সমসাময়িক বাস্তৱতাক লৈ কবিৰ প্ৰত্যক্ষ প্ৰতিক্ৰিয়া আছে, তাৰ সমান্তৰাল ভাবে সেই সমাজ বাস্তৱতাৰ এক অতিবাস্তৱীয় ৰূপো আছে য'ত চেতন আৰু অৱচেতনে অৱলীলাক্ৰমে খেলা কৰিছে। শৈশৱ-যৌৱনৰ স্মৃতি ৰোমন্থন আছে, মানবীয় অনুভূতিৰ মৰ্যাদাৰ অনুধাৱন আছে, কোনোবাখিনিত এটা দায়িত্ববোধো আছে। প্ৰেম আৰু প্ৰকৃতিতো থাকিবই। 

বহল ভাবে অক্টোবৰ মাহৰ আখৰুৱা গোটৰ কবিতাখিনি চাৰিটা ভাগত ভগাব পাৰি- উদ্ভট বা এবছাৰ্ড বা অতিবাস্তৱবাদী, প্ৰকৃতি আৰু প্ৰেম বিষয়ক, সম্পৰ্ক আৰু ব্যক্তিমানস,  আৰু সমাজ-মানুহ-সময় বিষয়ক। বুজিবলৈ অসুবিধা নহ'ব যে এই বিভাজন আলোচনাৰ সুবিধাৰ্থেহে কৰি লোৱা।

এই প্ৰথম ভাগটোক সূচিত কৰিবলৈ কিবা অভিধা এটা বিচাৰি আছিলোঁ। এই এবছাৰ্ড শব্দটোৰ উৎস বিচাৰি আলবেয়ৰ ক্যেম্যুৰ দৰ্শনৰ বাটেৰে নগ'লেই ভাল হ'ব। ভাবগত বিচাৰতকৈ ই এক ধৰণৰ ফৰ্মেল বিভাজনহে। অতিবাস্তবীয় (চুপেৰ-ৰিয়েলিষ্ট) উপাদানেৰে এইখিনি কবিতাই এক অন্য অনুভূতিৰ জাগ্ৰত কৰে। কল্পনা আৰু বাস্তৱৰ মাজৰ সীমাৰেখাডাল এইখিনি কবিতাত বিচাৰি পাবলৈ টান। যুক্তি আৰু অযুক্তিৰ বিতৰ্কৰ উৰ্ধত ই সাব্যস্ত কৰিবলৈ বিচাৰে অন্য এক নান্দনিক যুক্তি।

এই বাস্তৱতাৰ বাবে কেৱল যে অতিবাস্তৱবাদী বা প্ৰতীকবাদী পশ্চিমীইয়া কবিকূলৰ কথাহে মনত পেলাব লাগিব এনে নহয়। আমাৰ লোকায়ত প্ৰাচীন সাহিত্যও এনে আপাত-উদ্ভট বাস্তৱতাৰে ভৰি আছে। এইখিনিতেই "কবীৰাই কয়" নামেৰে নৱকান্ত বৰুৱাই কৰা কবীৰৰ দোহা আৰু গীতৰ ভাঙণিৰ পাতনিতে উল্লেখ কৰা কিছু কথা উল্লেখ কৰিব পাৰি- "গুহ্য তত্ত্ব প্ৰকাশক উদ্ভট বৰ্ণনাৰ ৰীতি বিভিন্ন সাধন সম্প্ৰদায়ত প্ৰচলিত। সেইবোৰ প্ৰায় সাঁথৰৰ দৰে। চৰ্যাপদত আছে - 'ৰুখেৰ তেন্তেলি কুন্ভীৰে খাই' (গছৰ তেতেলি ঘৰিয়ালে খায়)। আমাৰ ভকতীয়া ফকৰা কিছুমানত আমি প্ৰহেলিকাৰ দৰেই ব্যৱহাৰ পাওঁ-

হাঁহে নিলে হাপাক খেদি
                শিয়াল থাকিল চাই
জুইশালৰ পোৰামাছে
                বোন্দাক পেলালে খাই।।
বা
'পানী মৰে পিয়াহত অগ্নি মৰে জাৰত'

এনে ধৰণৰ অবাস্তৱ আৰু আপাতদৃষ্টিত অবান্তৰ চিত্ৰকল্পবোৰে ধৰ্মীয় তত্ব বুজাওক বা নুবুজাওকেই - একোটা আকৰ্ষণীয় ৰহস্যময় ভাব মনলৈ আনি দিয়ে। সেইবিলাক জ্ঞান সন্ধানীৰ আধ্যাত্ম প্ৰহেলিকা বা শিশুৰ মনোজগতৰ বিচিত্ৰ অনুভূতি জগোৱা সাঁথৰৰ দৰে। কবিৰৰ ক্ষেত্ৰত সেইবোৰৰ বিস্তাৰ অলপ বেছি, ৰহস্যবাদৰ ইপাৰে সিপাৰে, দুয়োপাৰে সিহঁতৰ স্থিতি।"


কৌশিক বিশ্বাস, পলাশ বৰা আৰু হীৰকজ্যোতি বৈশ্যৰ কবিতাখিনিয়ে এই অতিবাস্তৱতাৰ নিৰ্মান কৰিবলৈ চেষ্টা কৰে। কৌশিক বিশ্বাসে যেতিয়া লিখে
                "তেওঁৰ বুকু কুৰুকি কুৰুকি মই গৈ থাকিলো 
                গৈ থাকো মানে বাট দীঘল হৈ গৈ থাকিল
                কিযে আলৈ-আথানি মোৰ ওৰে গাত আন্ধাৰৰ চেকা 
                কোনোবাখিনিত ৰৈ নিজকে নিজে গৈ থকা চালোও

                মনে মনে জুকিয়ালো
                মই দেখোন য'তেই আছো তাতেই আছো"

কোনোবাখিত এক সপোন-সদৃশ বাস্তৱতাৰ ইঙ্গিত পাওঁ। আৰু সেইবাবেই "গৈ থাকো মানে বাট দীঘল হৈ গৈ থাকিল" জাতীয় উদ্ভট যুক্তিতো আমি ক'ব নোৱাৰাকৈয়েই পতিয়ন যাওঁ। পলাশ বৰাৰ কবিতাই পোণপটিয়াকৈয়েই সাধুকথাৰ অবাস্ত বাস্ত জগতখনৰ কথা ইছাৰা কৰিছে। ইয়াতো আছে এক সপোন সদৃশ কাল-বিভ্ৰান্তি ("ঠিক কেতিয়া ক'ব নোৱাৰোঁ"), সাধু কথাৰ সাদৃশ্যৰ লগতে ইয়াত সাঙোৰ খাই আছে সাধু শুনাৰ মনস্তত্বও। শ্ৰোতাৰ মনৰ ব্যাকুলতা ব্যাগ্ৰতা বা উৎসুকতা আগবাঢ়ি গৈ থাকে "চাগৈ...", হেতেন..." কিজানিবা..." আদিবোৰেৰে। ইয়াতো পূর্বস্থ ধাৰণাৰ ভেটিতে অথবা মনৰ একোণত সঞ্চিত হাবিয়াসৰ ফলতে কবিয়ে কয়, "মই ভাবিছিলোঁ - সি ৰাতিৰ সাধু ক'ব চাগে, শিয়াল অথবা কাণখোৱাৰ সাধু দেখুৱাব চাগে..."। এই ব্যগ্ৰতাত একধৰৰণৰ শিশু-সুলভ সৰলতাৰ প্ৰকাশ পাইছে যিটো শেহলৈ আহি মুখ থেকেছা খাই পৰিছে। কোৱা বাহুল্য যে "এঙাৰ ক'লে নদী" আৰু "বনৰীয়া গোন্ধ" সেই সাধু-আকাংক্ষী শিশু-সুলভ মনৰ ইপ্সিত নিশ্চয় নাছিল। তেনেকৈয়ে "অন্য এটা জোন" আৰু "নিষিদ্ধ ছবি"ৰ উল্লেখে হেঁপাহৰ ছন্দপতনৰ বাট আৰু সুদৃঢ কৰি তুলিলে। ইমানপৰে আমি বুজি উঠিছোঁ যে হেপ্পী এন্ডিং ধৰণৰ সাধুকথা ই নহয়। "মোক নিষিদ্ধ গলিটোত এৰি সি পলাইছিল" এইখিনিতেই কবি বাস্তৱলৈ আহি মুখ থাকেচা খাই পৰে। 

                ঠিক কেতিয়া ক'ব নোৱাৰো ৰাতিয়ে হাতত ধৰি মোক লৈ আহিল ৰাতিৰ বুকুলৈ
                মই ভাবিছিলো- সি ৰাতিৰ সাধু ক'ব ক'ব চাগে শিয়াল অথবা
                কাণখোৱাৰ সাধু দেখুৱাব চাগে' ৰাতিৰ বতাহৰ ৰং

                সি মোক নদীৰ পাৰলৈ নিছিল এঙাৰ ক'লা নদীখনত সি নাঙঠ হৈ গা ধুইছিল
                বনৰীয়া গোন্ধ এটা মোৰ নাকত লাগিছিল

                মাটি খান্দি সি উলিয়াই আনিছিল অন্য এটা জোন
                দেখুৱাইছিল অন্য এক পোহৰৰ ৰং হাতৰ তলুৱাত দেখুৱাইছিল নিষিদ্ধ ছবি

                সি অশ্লীল হাঁহি এটাৰে মোৰ হাতত ধৰিছিল নিঃসংকোচে টুকুৰিয়াইছিল বেশ্যাৰ দুৱাৰ
                মোক নিষিদ্ধ গলিটোত এৰি সি পলাইছিল

হীৰকজ্যোতি বৈশ্যৰ দুয়োটা ছুটি কবিতা এই ভাগতে পৰে। এপিগ্ৰামিক ধৰণৰ দুয়োটা কবিতাই পূৰঠ আৰু সংযত। ফ্লেছ ফিকচনৰ দৰে ইহঁতে ঠিতাতে এটা জোকাৰণি দি যায়। "স্বগতোক্তি- এতিয় শিয়াল হ'ব নোৱাৰিলে পিছত বাঘ হোৱা মস্কিল" এক নিৰ্মম বাস্তৱৰ প্ৰকাশ। নিগনিৰ দৌৰত যেতিয়া গোটেই সমাজখনেই নিমজ্জিত, এটাৰ পিছত এটাকৈ আপোচৰ ওচৰতে ব্যক্তি মানস সমৰ্পিত তেনে সময়ত কবিয়ে ইয়াতকৈ বেছি আৰু কি আশা কৰিব পাৰে? 

                বেলি লহিয়াইছে বাঘবোৰৰ ভোক বাঢ়িছে শিয়ালবোৰ ক্ৰমাৎ দিহাদিহি হৈছে সি তাৰ লেলাউতিৰে         লেলাউতি পখালিছে হাবি এৰি লৰ মাৰিছে

                স্বগতোক্তি- এতিয় শিয়াল হ'ব নোৱাৰিলে পিছত বাঘ হোৱা মস্কিল।

অন্যটি কবিতা "ঈশ্বৰ ক'ত" একেধৰণেৰেই এক আত্মবোধনৰ ফচল। উপলব্ধিৰ ঘনত্বই কবিৰ ভাষাকো দিছে ঘনত্ব। এয়া অসমীয়া কবিতাৰ বাবে আশাপ্ৰদ বতৰা। হীৰকজ্যোতিৰ পৰা আৰু বহুতো আশা কৰিছোঁ।

                যি নখেৰে তাই নিজৰ গা খজুৱাই, সখীৰ ওকণি চায়, আৰু শত্ৰুক খামুচি মাৰে,                                নিশ্চয়কৈ সেই নখতেই সোমাই আছে তাইৰ অতদিনৰ মহান ঈশ্বৰ!! [ঈশ্বৰ ক'ত?]



মৌচুমী বৰিৰ 'সাঁকো", মালবিকা ব্ৰহ্মৰ "আহিনীয়া পৰশ", ভাবিতা দাসৰ "ভাৱনাৰ এটি স্তৱক", জ্যোতি পি চি শইকীয়াৰ "নদী নাছিল তাত" ভাষাগত ভাবে নিমজ, সহজ পাঠ্য। খন্তেকীয়া পঠন-সুখ থাকিলেও কবিতা হিচাপে মনত ৰৈ যাবলৈ হ'লে ইয়াত কোনোবাখিনিত কিবা এটাৰ অভা ৰৈ গ'ল। কিন্তু মৌচুমী বৰিৰ আন এটা কবিতা "সোঁৱৰণ" এঢাপ আগবঢ়া। শূন্যতাৰ চেতনা ছন্দিত হৈ পাঠকৰ মনক চুই যাব পৰা সামৰ্থ্য ইয়াত আছে। মৌচুমীৰ তৃতীয়টো কবিতা "জাৰ নামিছে"ৰ উৎকৰ্ষতা আৰু খোজ আগবঢ়া। "ধোঁৱাবৰণীয়া আকাশ" আৰু "জুই আঙঠাৰ" মাজেৰে আত্মনিগ্ৰহ আৰু উষ্মাভৰা আশাৰ এক দ্যোতনা প্ৰকাশত ই সফল।

              দোপালপিটা এজাক বৰষুণে আজি জাৰ নমালে। 
                জাৰ পাই জোনবায়ে গাত নিহালীখন ল'লে। 
                কাতিৰ আবেলিটোৰ ধোঁৱাবৰনীয়া আকাশখনত দেখা পালোঁ এটুকুৰা জুই-অঙঠা! 
                আজি ৰাতি বোলে তৰাবোৰে জুই ধৰিব আৰু জুহালত বহি গাব জাৰৰ দিনৰ গান!!
                                                                                ["জাৰ নামিছে"]

অজন্তা কুকিৰ কবিতা "কবি" সম্পৰ্কেও একে কথাই ক'ব পাৰি। এই কবিতা সম্পৰ্কে আৰু এটা গুৰুত্বপূণ কথা হ'ল পৰষ্পৰ সংপৃক্ত ভাব আৰু ভাষাৰ প্ৰয়োগ। কবি সম্পৰ্কে তাখেতৰ কল্পনা বা ধাৰণা আৰু তাক প্ৰকাশ কৰা ভঙ্গী দুয়োটাই ইটো সিটোৰ পৰিপূৰক যেন লাগিছে আৰু এয়ে সুস্থ কবিতাৰ লক্ষণ।

অলপ আগতে যি 'কোনোবাখিনিত কিবা এটা ৰৈ যোৱা'ৰ কথা উল্লেখ কৰিছিলোঁ, জাহ্নু ভৰদ্বাজৰ "স্বপ্নময়তা"ই সেই কাব্যগুণ কিছুদূৰ গ্ৰহণ কৰিছে। একো একোটা চিত্ৰকল্পৰ লগত ব্যক্তিগত সম্পৰ্কৰ এটা ৰেঙণি আৰু এটা উপাদানৰ লগত আন এটা স্মৃতি আৰু প্ৰকৃতিজাত উপাদানৰ সংযোগ স্থাপনৰ প্ৰয়াস মন কৰিবলগীয়া। জাহ্নুৰ "অভাগা" তাতোকৈয়ো ভাল লগা। "স্বপ্নময়তা"ৰ ক্ষেত্ৰত ভাবৰ সমন্বয়ৰ ক্ষেত্ৰত অলপ উজুটি খাবলগীয়া হৈছে যিটো এই কবিতাত নাই। এই কবিতাত উপস্থাপন ৰীতি কম্পেক্ট। ইন্দ্ৰনীল গায়নত "ঠিকনা" এইখিনিতে উল্লেখ কৰিব পাৰি। "শব্দহীন ঠিকনা ক'ৰবাত ৰিণি ৰিণি শুনো" আৰু "নিঃসংগতা হেঁনো তেওঁৰ প্ৰিয় সংগী" - এই বাক্যাংশখিনি খুব বেছি 'প্ৰেডিক্টেবল' বা সঘনে শুনি থকা বাবেই ছাগৈ বৰকৈ পাঠকৰ মন টানি নধৰে। কিন্তু "কি হেৰুৱাইছে আপুনি…???", এইখিনিতে য'ত কবিতাটোৰ যতি পৰিছে, তাত এটা ভাব-ছন্দৰ অণুৰণন ৰৈ গৈছে। পূৰ্ণিমা বৰুৱাৰ "প্ৰিয় বন্ধু, তোমালৈ" নামটি যেনে, কবিতাটিও তেনে, এখন ব্যক্তিগত চিঠি উপম। অনুভূতিৰ সৰল প্ৰকাশ আৰু কথকতাই পাঠকক মুগ্ধ কৰে।

মালবিকা ব্ৰহ্মৰ "গতি", সাৰদা শ্ৰেষ্ঠাৰ "বাস্তৱ" আৰু নিৰ্জন নিৰৱ বৰফুকনৰ "মা" সুখপাঠ্য আৰু উমাল। একোটা উপলব্ধি বা বোধৰ স্বতষ্ফুৰ্ত প্ৰকাশেই এইখিনি লেখাৰ সঞ্জীৱনী।

মনোহৰ দত্তৰ গীতিকাৰৰ সত্বাটো তেখেতৰ প্ৰায়বোৰ কবিতাতেই বিচাৰি পোৱা যায়। তেখেতে পৰ্যমানে সহজ ভাষাৰে নিয়াৰিকৈ কথা ক'বলৈ বিচাৰে। তেখেতৰ "বান্ধোনহীন স্বৰ"ও সেই সৰলতা আৰু গীতিময়তাৰ প্ৰকাশ। আইৰ কোলাৰ উম, পিতাইৰ হাতৰ আঙ্গুলি, শৈশৱৰ খেলপথাৰ, বন্ধুৰে ওমলা সময়, পথাৰৰ মায়া, সৰিয়হ ফুলৰ শোভা, যৌৱনৰ পাহাৰীয়া বতাহ, ঘৰ এটি সজাৰ কচৰৎ - এনেকৈ এটি এটি কৈ তেওঁ জীৱনৰ গতিৰ স'তে এটি এটি বান্ধনৰ খতিয়ল লৈ গৈ আছে। এহাতে মানবীয় স্পৰ্শ আনহাতে দৃশ্যময়তা -দুয়োটাই আমাক লৈ গৈ আছে। আৰু নাটকীয়তাৰেই এটা সময়ত এটা 'কনফ্লিক্ট' বা নাটকীয় সঙ্ঘাতৰ সন্মুখীন কৰাইছে, "এদিন নিজম পৰে সকলো সুৰীয়া গান"। এইখিনিতে এটা কথা মনলৈ আহিল। "সোণালী স্বৰবোৰে কান্দে বান্ধোনহীন স্বৰ বিচাৰি" বুলি নকৈ "বান্ধোন হেৰোবা স্বৰ" বুলি কোৱা হ'লে কিজানি অৰ্থটোৱেই বেলেগ হৈ গ'ল হেতেন।  


নিশাংক মিলনৰ "সেউজী পাতৰ কাহিনী"য়ে সাৱলীল ভাষাৰে বৰ্ণাইছে এক মৰ্মষ্পৰ্শী কাহিনী। অনুন্নত, অৱদমিত চাহ বনুৱা শ্ৰেণীৰ দৈনন্দিন জীৱনৰ বতৰা ইয়াত আছে। ক'তো কোনো কৃত্ৰিমতা নাই, কথনভঙ্গীত ক'তো উজুটি খাব লগীয়া নাই। ছুটিগল্প সদৃশ পৰিণতিৰ নাটকীয়তাই সকলোৰে মন চুই যাব বুলি অগাধ বিশ্বাস আছে। নিশাংক মিলনে যদি সততাৰে সৈতে এনেকুৱা কবিতা লিখি গৈ থাকে তেনেহ'লে আমি উপকৃত হ'ম। ভূপেন হাজৰিকাৰ "এন্ধাৰ কাতিৰ নিশাতে" বুলি নিচুকণি ধৰ্মী গীতটিৰ যি মৰ্মান্তিক আবেদন তদ্ৰুপ এক আবেদন এই কবিতাটোতো আমি পাইছোঁ। দুখীয়াৰ দুখ বৰ্ণন, নিম্নবৰ্গৰ কথা আদি অসমীয়া কবিতাত দুষ্প্ৰাপ্য নহয়। কিন্তু ভবাই তুলিব পৰা সামৰ্থ্য সকলোৰে নাথাকে। মনোজগতত জোকাৰণি তোলাৰ লগতে মস্তিষ্কক ভাবিবলৈ বাধ্য কৰা কবিতা আমাক লাগে।

চাৰ্জেন আৰ মেগোৰ "এদিন হ'লেও মই জুই হৈ জ্বলিম"ত সততাৰ অভাৱ হয়তো নাই। স্পষ্টবাদীতাও এক গুৰুত্বপূৰ্ণ উপাদান। কিন্তু আগতে এবাৰ উনুকিয়াই অহাৰ দৰেই কবিতা হিচাপে সি যদি পাঠকৰ মনৰ একোণত ঠাই বিচাৰি উলিয়াবলৈ সমৰ্থ নহয় তেতিয়াহ'লে তাৰ প্ৰভাৱ ক্ষণস্থায়ী হোৱাটোৱেই স্বাভাবিক। কবিতাৰ শিৰোনাম - এদিন হ'লেও মই জুই হৈ জ্বলিম- কথাষাৰত যি ব্যঞ্জনা আছে সি সামগ্ৰিক ভাবে কবিতাটোত খৰ্ব হোৱা যেন লাগে। পাঞ্জাবী বিপ্লবী কবি পাশ বা অৱতাৰ সিং সান্ধুৰ কবিতা পঢ়িলে মেগো উপকৃত হ'ব। কবিগৰাকীলৈ এই এটা সস্নেহ পৰামৰ্শ থাকিল।

ধান পথাৰ আৰু সেউজীয়াৰ পয়োভৰেৰে ভাৰাক্ৰান্ত অসমীয়া কবিতাৰ আওতাত নিৰ্জন নিৰৱ বৰফুকনৰ "এ টি এম"ৰ দৰে কবিতাই মাজে মাজেহে ভুমুকি মাৰে। নগৰীয়া জীৱনৰ নৈৰাজ্য, সমসাময়িক বাস্তৱতা আৰু যান্ত্ৰিকতাৰ তিক্ততাই এই কবিতাৰ উপজীব্য।  

ফুল তৰা পখিলাৰ গানৰ বিপৰীতে বাস্তৱতাৰ সৈতে মুখামুখি কৰি দিব পৰা কবিতা সংখ্যাত তাকৰ হ'লেও অসমীয়া কবিতাত সি একেবাৰে দুষ্প্রাপ্য নহয়। নিশাংক মিলনৰ "বুলেটবোৰ যদি অলপ কোমল হ'লহেতেন..." আৰু মৈত্ৰেয়ী পাটৰৰ "আৰু এটা বিষ্ফোৰণৰ আশংকাত" - দুয়োটা কবিতাই ৩০ অক্টোবৰক কেন্দ্ৰ কৰি বা লক্ষ্য কৰি লিখা। মৈত্ৰেয়ীৰ কবিতাই আমক ব্যক্তিগত জীৱনৰ হা-হুতাশ, হৃদয়-সৰ্বস্ব কল্পনা বিলাস আৰু সহজলভ্য কবিতাংশ বা বাক্যাংশৰ ক্লিচ্ছে (cliche)-ৰ পুণৰাবৃতিৰ পৰা আঁতৰাই অনাৰ চেষ্টা কৰিছে সঁচা, কিন্তু ইয়াতো বহু কথা থাকি যায়। ইয়াত সেউজীয়া নাই, সশস্ত্ৰ দুৰ্ভাৱনা আছে। ইয়াত পথাৰ আৰু ধান নাই, বৰঞ্চ মৃতদেহ, শগুণ আৰু আশংকাৰ আঙঠা আছে। সমাজ পৰিবৰ্তনৰ উচ্চবাচ্য না শ্লোগানো ইয়াত নাই। আছে ভয়গ্ৰস্থতাৰ ক্লষ্ট'ফবিয়া। ("কিজানিবা মুক্ত আকাশৰ তলতে নিনাদিত হয় আৰু এটা বন্দীত্বৰ ঘোষণা", "দুৰ্ভাৱ্নাই কুৰুকি খাব খোজে সাহসৰ হাড়")। কেইবছৰমানৰ পৰা মৈত্ৰেয়ী পাটৰৰ কবিতাৰ উত্তৰণ আমি লক্ষ কৰি আহিছোঁ। তেওঁৰ শ্ৰেষ্ঠতম কবিতাবোৰৰ মাজৰ এই কবিতাই হয়তো স্থান নাপাব। কিন্তু ভাবৰ পূৰ্ণতা আৰু প্ৰকাশৰ বলিষ্ঠতা ইয়াত আছে। কবিৰ ৰাজনৈতিক (আদৰ্শগত) স্থিতি এইখিনিতে এক গুৰুত্বপূৰ্ণ প্ৰসংগ। এটা অৱস্থাৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ স্বাভাৱিক আৰু গুৰুত্বপূৰ্ণ হ'লেও সেয়ে শেষ কথা নহয়। কবিতা পূৰঠ হ'বলৈ যেনেকৈ সময়ৰ প্ৰয়োজন, ভালপোৱাই মৰ্যাদা পাবলৈ যেনেকৈ বহুকাল ৰ'ব লগা হয়, ধান পকালৈ যেনেকৈ বাট চাব লগা হয় - দায়বদ্ধতাৰ প্ৰকাশ পাবলৈকো সময়ৰ প্ৰয়োজন হয়। 

প্ৰত্যক্ষ ভাবে হয়তো কোনো সম্পৰ্ক নাই, কিন্তু এই মুহূৰ্তত হঠাতে মনলৈ অহা কথা এটা উল্লেখ কৰিব খুজিছোঁ। পীট ছিগাৰৰ এটা বিখ্যাত গান আছে Where have all the flowers gone; গানটোৰ প্ৰতিটো স্তৱকে বাৰে বাৰে সোধা হয়
                Oh, when will they ever learn?
                Oh, when will they ever learn? 
এটা পৰিবেশনাত পীট ছিগাৰে নিজে কৈ উঠে - এই গীতটোৰ সম্পৰ্কে মোৰ একমাত্ৰ আপত্তি এয়ে যে কথাখিনি নিৰ্দিষ্ট নহয়। আমি বাৰু কেতিয়া শিকিম বা কেতিয়া বুজি পাম বুলি কোই দিবলৈ আচলতে তেনেই সহজ। কিন্তু আমি সঁচাকোইয়েনো কিহৰ সম্পৰ্কে কথা পাতি আছোঁ?




সমুদ্র কাজল শইকীয়া
Samudra Kajal Saikia
Kathputlee Arts & Films,
13, Patparganj Industrial area, New Delhi, 110092

email: kankhowa@gmail.com, mobile: 9811375594     


1 comment:

shreyamcreations said...

Sincere, informative, beautiful.