[প্ৰস্তাৱনা খণ্ড | দৈনিক অসম, দেওবৰীয়া চ'ৰা, ২২ অক্টোবৰ ২০১৭]
সৃষ্টিৰ
জগতখন চিন্তাৰো জগত। সৃষ্টিশীল মানুহ মাত্ৰেই হয় বলিয়া নহয় আবেগিক বুলি প্ৰতিপন্ন কৰি
থকা সমাজ এখনত এই কথাষাৰকে বুজাবলৈ কেতিয়াবা যুঁজিব লগা হয়। সৃষ্টি অৰু চিন্তাৰ জগতখনত
“অৱস্থান গ্ৰহণ” আটাইকৈ জৰুৰী প্ৰসংগ সমূহৰ এটা। কোন সমল কোন অৱস্থানৰ পৰা নিৰীক্ষণ
কৰি থকা হৈছে, অথবা কোন কথাষাৰ কোনটো অৱস্থানত ৰৈ কোৱা হৈছে তাৰ ভিত্তিতে তাৰ ন্যয্যতা,
প্ৰাসংগিকতা আৰু অৰ্থ বা মানে নিৰ্ভৰ কৰে। এইটো কথাও সঁচা যে একে সময়তে আপুনি হয়তো
কেইবাখনো যুঁজত অৱতীৰ্ণ হ’বলগীয়া হয়। যুদ্ধ অনুযায়ী ৰণনীতি নিৰ্ধাৰিত হয়। এখন যুদ্ধৰ
ৰণনীতিয়ে আন এখন যুদ্ধত কেতিয়াবা সহায় কৰিব পাৰে, কিন্তু সময়ত সিয়ে অসুবিধাতো পেলাব।
এইখিনি কথা যদি বুজিবলৈ অসুবিধা নহয় তেনেহ’লে আপুনি বুজি পাব আজি এটা অৱস্থানৰ পৰা
কোৱা এষাৰ কথা, মই – মানে কওতা বিষয় জনে কাইলৈ হয়তো অন্য এখন যুদ্ধৰ পৰিপ্ৰেক্ষিতত
বা অন্য এটা অৱস্থানৰ ভিত্তিত নাকচ কৰিবও পাৰোঁ।
অসমৰ
শিল্প, সাহিত্য আৰু সাংস্কৃতিক জগতখনৰ এটা বুনিয়াদী সমস্যা এয়েই যে ইয়াত সকলো ধৰণৰ
চৰ্চায়েই সৰলৰৈখিক আৰু চিন্তা ভাবনাৰ দিশৰ পৰা জঠৰ। ইমানবোৰ বাৰেবৰণীয়া ভাষিক আৰু সাংস্কৃতিক
গোষ্ঠী আৰু বৈচিত্ৰ্যৰ সমাহাৰ হোৱাৰ পিছতো, ভৌগলিক দিশতো ইমান তাৰতম্য লক্ষণীয় হোৱাৰ
পিছতো, ইমানখিনি জটিল ৰাজনৈতিক ঘটনাৰ উত্থান পতনৰ মাজেৰে আগবাঢ়ি অহাৰ পিছতো অসমৰ সাংস্কৃতিক
আৰু বৌদ্ধিক পৰিমণ্ডলত আৱৰ্তমান জঠৰতা আৰু একমুখীতা কেৱল ৰহস্যজনকেই নহয়, হতাশাজনকো।
অসমীয়া কবিতা বা সৃজনীশীল লেখামেলাৰ জগতখনত যেনেকৈ একধৰণৰ নৈৰাশ্যৰ সুৰ শুনা যায়, নাটক
আৰু চলচ্চিত্ৰ আদিৰ ক্ষেত্ৰতো এখোজ আগবাঢ়ি দুখোজ পিছুৱাই অহাৰ দৰে এটা অৱস্থা আমাৰ
চকুত পৰে। এনে ক্ষেত্ৰত বিদ্যায়তনিক আৰু বৌদ্ধিক চৰ্চাৰ জগতখনত ৰৈ যোৱা আঁসোৱাহখিনি
যে উপেক্ষণীয় নহয় সেয়া বুজিবলৈ কঠিণ নহয়।
এইখিনিতে
এই কথাও সত্য যে সাধাৰণীকৰণেৰে কোনো ক্ষেত্ৰ বা সমল-বিশেষৰ সম্পৰ্কেই কথা পতা উচিত
নহয়। উদাহৰণ স্বৰূপে অসমীয়া কবিতাৰ সাম্প্ৰতিক ৰেহ ৰূপ বুলি একেটা পাচিতে সকলো সমলক
সামৰি থ’ব নোৱাৰি, থোৱা উচিতো নহয়। তথাপিও একো একোটা সময়ত একো একোটা সামগ্ৰিক চৰিত্ৰগত
বৈশিষ্ট্যই আহি চকুত ধৰা দিয়েহি যাৰ আধাৰত আমি কিছু কথা পাতিব পাৰোঁ, আৰু সেইখিনি কৰা
হৈ থাকে কোনোবা বাটেদি উৎকৰ্ষৰ সন্ধান পোৱা যায়েই বা – সেই হেঁপাহেৰে। একেবাৰে প্ৰাথমিক
পৰ্যায়ত তাৰ বাবে যি প্ৰয়োজন – সেয়া হ’ল কথা পাতিব পৰা এটা পৰিবেশ। এটা সুস্থ বিতৰ্ক
জন্ম দিব পৰা পৰিবেশ – বিৰোধিতা আৰু মতান্তৰৰ মাজেৰে এটা বাগধাৰক আগুৱাই লৈ যাবৰ মানসিকতা।
আৰম্ভণীতে
উল্লেখ কৰা সমস্যাটোলৈ উভতি আহোঁ। এই বছৰতে মাৰ্চেল ডুচ্যঁৰ (Marcel Duchamp) আটাইতকৈ বেছি চৰ্চিত “ফাউণ্টেইন, ২০১৭” নামৰ শিল্পকৰ্মটোৰ(?)
এশ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে অসমীয়া “প্ৰকাশ” আলোচনীত ধাৰাবাহিক ভাবে এলানি লেখা
আগবঢ়াই আহিছোঁ। ডুচ্যঁ নামৰ শিল্পীজনে মুত্ৰাগাৰ এটা বজাৰৰ পৰা কিনি আনি তাতে R.
Mutt ছদ্মনামেৰে ছহী এটা কৰি কলাবীথিকাৰ ভিতৰত প্ৰদৰ্শন কৰিব খুজিছিল। এই কাৰবাৰটোৱে
শিল্পকলাৰ জগতখনত শিল্পৰ চৰিত্ৰ, শিল্পীৰ ভূমিকা, নন্দনতত্ব আৰু শিল্পৰ ৰাজনীতি আদি
সকলো দিশতে কথাবাৰ্তাত এনে জোকাৰণি তুলিলে যে তাৰ পিছৰে পৰা আজিকোপতি পৰিৱৰ্তিত শিল্পচৰ্চাৰ
জগতখনত ইয়েই আটাইতকৈ বেছিকৈ উচ্চাৰিত কৰ্ম হৈ ৰ’ল। সি যি কি নহওক, ডুচ্যঁ আছিল কনচেপচুৱেল
আৰ্ট বা প্ৰতীতি শিল্পৰ পূৰ্ৱসূৰী আৰু তেওঁ শিল্পক কেৱল এক চাক্ষুস অভিজ্ঞতাতে আৱদ্ধ
কৰি ৰখাৰ বিৰোধিতা কৰি ইয়াক এক চিন্তন আৰু মননৰ এক চৰ্চা হিচাপে গঢ়ি তুলিবলৈ বিচাৰিছিল।
আমি আৰম্ভণীতে কৈ অহাৰ দৰে এইখিনিতে অসমীয়া ভাষাত কলা সমালোচনা লিখিবৰ বেলিকা দুই ধৰণেৰে
যুঁজিবলগীয়া হয়। এটা স্তৰত অসমৰ অগণন অগ্ৰণী শিল্পীবৃন্দ আৰু তেওঁলোকৰ অৱদানৰ প্ৰতি
সন্মান জনায়ো আমি মানি ল’বলৈ বাধ্য যে অসমত
আজিলৈকে দৃশ্যশিল্পৰ চৰ্চাৰ উপযুক্ত পৰিবেশ এটাই গঢ় লৈ নুঠিল। কেৱল ব্যৱহাৰিক চৰ্চায়েই
নহয়, কলা সম্পৰ্কীয় কথাবতৰাৰ পৰিবেশ এটাও ইয়াত সুচল নহয়। আমি শব্দক যিমান গুৰুত্ব দিওঁ,
দৃশ্যক সিমান নিদিওঁ। নাটকো আমাৰ বাবে সাহিত্য – শব্দৰ খেল। নাটক যে আচলতে চকুৰে চাবলগীয়া,
চাই আৰু কৰি অভিজ্ঞতা লাভ কৰিবলগীয়া কিবা এটাহে সেইটো পাহৰণিতে থাকে। সামান্য পঢ়া শুনা
কৰা মানুহ মাত্ৰেই অসমীয়া মূধাফুটা কবি সকলৰ নাম জানিবই, কিন্তু এজনমানো চিত্ৰকৰ বা
ভাস্কৰৰ নাম জানিব বুলি আশা কৰিব নোৱাৰোঁ। চিনেমা বুলিলেও ইয়াত কেৱল সাহিত্য-আশ্ৰিত
কাহিনীটোকেই বুজা হয়। কাহিনীটো কেনেকুৱা, বা সংলাপৰ মাজেৰে কেনে ধৰণৰ মেছেজ দিবলৈ চেষ্টা
কৰা হৈছে তাৰ আধাৰতে চিনেমা-শিল্পক বুজিবৰ চেষ্টা কৰা হৈ থাকে। এনে এটা পৰিস্থিতিত
আমি বাৰে বাৰে দঢ়াই দঢ়াই মনত পেলাই থাকিবলগীয়া হৈ থাকে চাক্ষুস অভিজ্ঞতাৰ গুৰুত্ব কোনখিনিত।
শিশু এটাই শব্দ এটা ক’বলৈ আৰম্ভ কৰাৰ বহু আগেয়েই যে শিকে চকুৰে চাবলৈ আৰু চাই চিনি
পাবলৈ – সেই আপ্তবাক্যষাৰকে সাৰোগত কৰি আমি কথা ক’বলৈ চেষ্টা কৰি থাকোঁ।
চকুৰে
চোৱা, চাই উপলব্ধি কৰা, বস্তুৰ দৃশ্যগত ৰূপ, দৃষ্টিলব্ধ আবেদন আদিবোৰৰ পৰা এঢাপ ওপৰলৈ
গৈ প্ৰতীতি শিল্পই এই কথা প্ৰতিপন্ন কৰিবলৈ আৰম্ভ কৰিলে যে এই দৃশ্যৰূপ নিৰ্মাণেই শিল্পীৰ
শেষ দায়িত্ব নহয়, বৰঞ্চ এটা বৌদ্ধিক প্ৰশ্ন জাগ্ৰত কৰিব পৰাটোহে শিল্পৰ উদ্দেশ্য। আমি
এইখিনি কথা কেতিয়া পাতিম? সেয়েহে কৈছিলোঁ যে একে সময়তে হয়তো আমি কেইবাখনো যুদ্ধত অৱতীৰ্ণ
হৈ থাকিবলগীয়া হয় আৰু সেই যুঁজবোৰ কেতিয়াবা পৰস্পৰ-বিৰোধী যেন লগাটোও অস্বাভাৱিক নহয়।
আমি হয়তো নিখুঁতকৈ (চকুৰে দেখা হুবহু ৰূপত) প্ৰতিকৃতি এখন বা নিসৰ্গ দৃশ্য এটাকে আঁকিবলৈ
শিকা নাই। তাতোকৈ ডাঙৰ কথা, ছবি অঁকাটোনো কিয় জৰুৰী সেইটোও বুজি উঠা নাই। তেনে ক্ষেত্ৰত
শিল্পৰ ইতিহাসত যুগৰ পিছত যুগ অতিক্ৰম কৰি অহা চিন্তা-চৰ্চা সমূহৰ কথা পাতিবৰ সাহস
কৰিম নে? আকৌ আগতে কৈ অহাৰ দৰে, এইখিনিতো মনলৈ আনিব লাগিব যে সাধাৰণীকৰণ কৰি কথা পতা
উচিত নহয়। যি সময়ত এহাতে উন্নত মানৰ কলা বীথিকা নাই, মানুহৰ নিয়মীয়াকৈ ছবি চোৱাৰ অভ্যাস
নাই আদিবোৰ কথা পাতি আছোঁ, সেই সময়তে আনফালে হয়তো দৃশ্যগত আন আন মাধ্যম সমূহত সমসাময়িক
চিন্তা চৰ্চায়ো আমাৰ এই একেখন সমাজতে ভূমুকি মাৰিছেহি।
এটা
সময়ত মাধ্যমগত বা ক্ষেত্ৰগত বৈশিষ্ট্যসমূহ একাকাৰ হৈ যায়। উদাহৰণ স্বৰূপে চিত্ৰকৰ আৰু
দ্ৰষ্টাৰ পাৰস্পৰিক সম্পৰ্কটোৰ কথা যদি পাতিবলৈ যাওঁ, সেই একেখিনি কথাকে এজন কবি আৰি
কবিতাৰ পাঠকৰ সম্পৰ্কে পাতিবলৈ যাওতে অসুবিধা ক’ত? তেনেকৈয়ে, দায়বদ্ধতা, সততা আদিৰ
সৈতে সাঙোৰ খাই থকা বিষয়খিনিও নট্যকৰ্মী এজন, বা সাংবাদিক এজন, বা গায়ক এজনৰ ক্ষেত্ৰত
একেধৰণেৰেই প্ৰযোজ্য হ’ব পাৰে। এইখিনি কথা যদি বুজি পাওঁ তেনেহ’লে মাল্টিডিছিপ্লিনেৰী
চিন্তা চৰ্চাৰ বাটত আমাৰ কোনো জঠৰতা থাকিব নালাগে।
এইলানি
লেখাত আমি সাহিত্য, শিল্পকলা, কৃষ্টি আৰু বিদ্যায়তনিক ক্ষেত্ৰৰ বিভিন্ন দিশ সম্পৰ্কে
আলোচনা কৰিম। এইলানি আলোচনাৰ এটা আধাৰ হ’ল সাধাৰণ জনমানসত চলি থকা কিছুমান ধাৰণাৰ আঁৰত
লুকাই থকা বৈকল্পিক সত্যাসত্যৰ উন্মোচন কৰা। জনমানসত চলি থকা বুলি কওতেই এটা অসুবিধা
ৰৈ গৈছে যে কথাখিনি সাধাৰণীকৰণ কৰাৰ লেখীয়া হ’ব নেকি? এই সম্ভাৱ্য বিপদৰ কথা জানিও
কথাখিনি পতাটো যে জৰুৰী সেই কথাৰ গুৰুত্বটো উপলব্ধি কৰিয়েই আগবাঢ়িছোঁ। বৈকল্পিক সত্যাসত্য
বুলি নো কি বুজাব খোজা হৈছে? দুটামান উদাহৰণ থাউকতে দি থওঁ। শিল্প সাহিত্যৰ কথা পাতোতেই
একধৰণৰ ‘সত্যৰ অনুসন্ধান’ বা ‘পৰম সত্য’ৰ কথা কোৱা হৈ থাকে। কিন্তু কি এই সত্য? ভিন্ন
স্কুল অফ থট বা মতাদৰ্শৰ ভিন্নতাৰ লগে লগে এই সত্যৰ ধাৰণাও সলনি হয় বা তাৰ ব্যাখ্যাৰো
ৰূপান্তৰ ঘটে। নানা মুণিৰ নানা মতৰ দৰে ব্যক্তি বিশেষে ধাৰণা ভিন্ন হোৱাৰ কথাটো নক’লোৱেই
বা। যদি সেয়ে হয়, তেনেহ’লে এই ‘পৰম সত্য’ৰ ধাৰণাটো ক’ৰ পৰা আহিল? এইখিনি কথা আমি হয়তো
ভাবি চোৱা নাই। সততে শুনা যায় যে লেখকৰ সামাজিক দায়বদ্ধতা থাকিব লাগে, লেখাত মাটিৰ
গোন্ধ থাকিব লাগে। নি:সন্দেহে শলাগনীয় কথা। কিন্তু এই কথাষাৰৰ অত্যাধিক চৰ্বিত চৰণে
যে অতি সম্প্ৰতি অসমীয়াত লেখা মেলাক উজ্জীৱিত কৰাৰ সলনি কোনোবাখিনিত সংকুচিত কৰিহে
ৰাখিছে সেই কথা আমাৰ চকুত নপৰাকৈ থকা নাই। একে সময়তে কোনোবাই যদি আমাৰ ওলোটাই বাট আগচি
ধৰে – লেখকৰ যে সমাজৰ প্ৰতি দায়বদ্ধতা থাকিব লাগে এজন নাপিতৰ, এজন কৃষকৰ, এজন শিক্ষকৰ,
এজন দিন হাজিৰা কৰা মানুহৰ থাকিব নেলাগে নেকি? তেতিয়া আমি কি ক’ম? এয়া যৎসামান্য উদাহৰণহে
মাত্ৰ। মূল কথা হ’ল, আমি বাৰে বাৰে উপলব্ধি কৰা কথাটো হ’ল যে পাতিবলগীয়া কথাখিনি নাপাতি
আমি যেন মূল কথাখিনিৰ পৰা ফালৰি কাটি আহি অন্য কথা কিছুমান কথাহে পাতি থাকোঁ যিখিনি
কথাই আমাৰ চিন্তন বা মনন – কোনোটো দিশলৈকে কোনো অৰিহনা নোযোগায়। সেয়েহে, আমি কি কথা
পতা উচিত, আৰু পাতি আছোঁ কি - এই প্ৰশ্নটোৰ আঁত ধৰিয়েই এই লানি লেখাৰ সূত্ৰপাত।
অসমীয়া
ভাষাত শিল্প, সাহিত্য বা সাংস্কৃতিক দিশত উপযুক্ত সহায়ক পুথিৰ অভাৱৰ অভিযোগটো বৰকৈ
শুনা যায়। এইখিনিটো “স্ৰষ্টা” আৰু “দ্ৰষ্টা” দুয়োটা কথাই গুৰুত্বপূৰ্ণ। ছবি এখন কেনেকৈ
আঁকিব লাগে, কবিতা এটা কেনেকৈ লিখিব লাগে, চিনেমা এখন কেনেকৈ কৰিব লাগে তাৰ বাবে যে
আমাৰ ভাষাত মান্য সহায়ক গ্ৰন্থ নাই সেইটোতো এটা সমস্যা হয়েই, কিন্তু কেনেকৈ চাব পাৰি,
কেনেকৈ পঢ়িব পাৰি আৰু কেনেকৈ উপভোগ কৰিব পাৰি সেই দিশতো আমাৰ দিক-প্ৰদৰ্শক আলোচনাৰ
যে অভাব – এইটো কথা আৰু বেছি গুৰুতৰ। এই অভিযোগখিনি বহুকাল ধৰি শুনি আহিছোঁ আৰু দেশৰ
বিভিন্ন ঠাইত বিভিন্ন কৰ্মশালাৰ সৈতে জড়িত হৈ বুজি পাইছোঁ যে কেৱল অসমৰ ক্ষেত্ৰতেই
নহয়, সমগ্ৰ দেশৰ ক্ষেত্ৰতেই প্ৰাথমিক সমস্যাখিনি আচলতে একেই। সেয়েহে উজুকৈ বুজিবলৈ
হ’লে, এইলানি আলোচনা আৰ্ট এপ্ৰিচিয়েচন বা শিল্পকলাৰ ৰসাস্বাদন সম্পৰ্কীয় প্ৰাথমিক সমল
হৈ উঠিব পাৰে বুলিও আশা কৰিব পাৰোঁ।
মাধৱদেৱৰ
“ভোজন বাহাৰ” নাটত শিশু কৃষ্ণই গোপশিশু সকলক বনভোজলৈ লৈ গৈ বিভিন্ন মায়াবী দৃশ্য দেখুৱাই
কয় – পেখু পেখু। চোৱাঁ চোৱাঁ। সেই দৃশ্য চাবলৈ যাওতেই দুষ্ট কৃষ্ণই গোপশিশুৰ ভাগৰ আহাৰ
চুৰ কৰি খায়। কোনে কাক কি কেনেকৈ ক’ত কিয় কেতিয়া চাবলৈ কৈছে সেইটো এটা জটিল অংক। 'কেৱল
চাইহে আছোঁ' বুলি কোৱাটোও এটা জটিল ৰাজনৈতিক কাৰবাৰ। 'এনেয়ে চোৱা' বুলি একো নাই। 'চকুৰ
পচাৰতে চোৱা' আৰু 'ৰ লাগি চোৱা' যেনেকৈ দুটা কথা, 'চাই চাই হেঁপাহ নপলোৱা' বা 'নয়ন
ভৰি চোৱা' আৰু 'চকুপাৰি দেখিব মন নোযোৱা'ও দুটা বেলেগ কথা। 'বাট চাই ৰোৱা'টো আন এটা
কথা, 'ৰ চাই ল’ম' বা 'ৰ চাইহে আছোঁ' বোলাটো আকৌ আন এটা কথা। কথা পতাটো জৰুৰী বাবেই
আমি কথা পাতিম। কিন্তু কথা পতাৰ আগে পিছে 'চাই-চিতি লোৱা'টোও সমানেই জৰুৰী। পেখু পেখু।
No comments:
Post a Comment