ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Monday, June 25, 2018

পেখু পেখু (চৈধ্য): মৃত্যু-দৰ্শন

[দৈনিক অসম, দেওবৰীয়া চ'ৰা, ২০ মে', ২০১৮]

বেণু মিশ্ৰৰ "মৃত্যু" 


ভালেই হ'ল দে মোৰ লোটাটো ভাগিল
নিতে নিতে পানী অনাৰ লেঠাটো ছিগিল।।

কবীৰৰ এই দোহাফাকি প্ৰখ্যাত চুফি গায়িকা আবিদা পাৰৱীনে গোৱাৰ আগে আগে স্বনামধন্য গুলজাৰৰ কণ্ঠ ভাঁহি আহে- চুফি সন্তসকলৰ মাজত মৃত্যুৰ চিত্ৰকল্পই বৰ সুন্দৰ ৰূপ লয়। তাত দূৰ দূৰলৈকে কোনো দুখৰ চিন নাই। কবীৰৰ কলহটো হ'ল এই ভৌতিক দেহটো। এবাৰ ভাঙিলে জোৰা নালাগে। শৰীৰৰ বাজত জীৱনৰ অস্তিত্ব নাই। এই মৃত্যুৰ ধাৰণাই চিৰকালেই অনুসন্ধিৎসু মানৱ মনক কৌতুহলী কৰি ৰাখিছে। কবীৰৰ ৰচনাৰ অসমীয়া ভাঙনি কৰি থকাৰ মাজতে কবি নৱকান্তই কলম নাসামৰাকৈয়ে উঠি গৈছিল হঠাতে অসুস্থ হৈ পৰা জীয়ৰী জুনুকাৰ কাষলৈ। "জনুকা যি বাটে গুছি গ'ল, তাত বুদ্ধক দিবলৈ/ থোৱা সৰিয়হ এটাও নৰয়..."। কবিয়ে সুঁৱৰিছে, জুলহা কবীৰ, তাঁতী কবীৰলৈ। এদিন হাটৰ পৰা সূতা কিনি উভতি অহি থাকোতে খবৰ পালে যে কবীৰৰ এটি কণ্যা সন্তানৰ জন্ম হৈছে। কান্ধৰ পৰা সূতাৰ বোজাটো নমাই থৈ যি সন্তানক তেওঁ কেতিয়াও দেখা নাই সেই সন্তানৰ অন্তৰত থকা পৰমাত্মাক প্ৰণাম কৰি ক'লে, 'অনহদকা মুছাফিৰ', অসীমৰ বাটৰুৱা...

প্ৰায় সমস্ত দাৰ্শনিক চিন্তাৰ উন্মেষ এইখিনিতেই- শৰীৰ আৰু জীৱাত্মাৰ সম্পৰ্ক আৰু বিৰোধ। জগতবীক্ষা যিয়েই নহওক কিয়, এই কথা সত্য যে এই বীক্ষণৰ কেন্দ্ৰবিন্দু এই শৰীৰটো। এই শৰীৰটোৰ বাজত কোনোবা চিন্তাশক্তিৰ আধাৰ-আত্মা থাকিব পাৰে নে নাই আজিকোপতি তাৰ সন্ধান মানুহে পোৱা নাই। আজি আছে কালি নাই, এই ক্ষণভংগুৰতা, অস্থায়িত্ব, ভৌতিক অৱস্থানক কেন্দ্ৰ কৰিয়েই অথিৰ ধন-জন অথিৰ যৌৱনৰ দৰ্শন। বৈষ্ণৱী সংশয় আৰু কাৰুণ্যৰো উৎস মৃত্যুৱেই। গুৰুজনাৰ মহাপ্ৰয়াণৰ সংবাদ পাই মাধৱে গাইছিল- পৰাণ নিগৰে নদেখিয়া চান্দমুখ। নিজৰ মৃত্যুৰ কল্পনা কৰি নিজৰে শৱযাত্ৰাৰ ব্যংগ কৰি থৈ গৈছে মিৰ্জা গালিবে। মৃত্যুৰ শ্বাস্বত ৰহস্যক আধাৰ কৰিয়েই অগণন সৃষ্টি কৰি গ'ল ৰহস্যবাদী কবিসকলে। খেনোৱে মৃত্যুক দেখিলে ভিলেইনৰ ৰূপত, খেনোৱে আকৌ মৃত্যুক আহ্বান জনালে প্ৰিয়তমৰ ৰূপত। মুঠতে মৃত্যক লৈ মানুহৰ ৰোমাণ্টিচিজমৰ অন্ত নাই। আনহাতে মৃত্যুৰ ধাৰণাৰে জন্ম লোৱা অস্তিত্ববাদী প্ৰপঞ্চক ভেঙুচালি দেখুৱাই চন্দ্ৰধৰ বৰুৱাই ৰচিলে- "কামত বিভোৰ এই বিশাল বিশ্বই মই মৰা গমকে নেপাব"।

ধৰ্মীয় অনুষংগক বাদ দিও যিশু খৃষ্টৰ ক্ৰুছবিদ্ধ ৰূপটোৰ ব্যাপক আদৰৰ আন এটা কাৰণ সম্ভৱত: এয়ে যে ইয়াত এটা মৃত্যুৰ ধাৰণা সংযোজিত হৈ ৰৈছে। যুগে যুগে মানুহক সন্মোহিত কৰি ৰখা আন এক প্ৰতিচ্ছবি হ'ল- "পিয়েটা", মৃত যিশুক কোলাত লৈ মাতৃ মেৰী। অনন্ত আৰু অসীমৰ প্ৰতীক হৈয়ো ঈশ্বৰে অস্থায়িত্বৰ সত্যটোক উদযাপন কৰিবলৈকে যেন বাৰে বাৰে মানৱী অৱতাৰ গ্ৰহণ কৰি মৰিছিল। অলপ গমি চালেই মন কৰিবপাৰি যে হীৰ-ৰাঞ্জা, লেইলা-মজনুৰ দৰে যুগজয়ী প্ৰেমৰ কাহিনীবোৰ আচলতে মৃত্যুৰো উদযাপনৰ কাহিনী। মৃত্যুৱে এইবোৰ কাহিনীত পূৰ্ণতা দিয়ে। মৃত্যু অবাঞ্চিত হৈয়ো এইবোৰ কাহিনীত মৃত্যুৱেই পূজ্য হৈ ৰয়। মৃত্যুৰ ধাৰণাৰে আবিষ্ট হৈ আছে ৰবীন্দ্ৰনাথৰ দেধাৰ সৃষ্টি। লোকায়ত দেহতত্বৰ চৰ্চাৰ পৰা আহৰিত ধাৰণাৰেই ইয়াত মৃত্যু কেতিয়াবা এখন নদী মাত্ৰ- এই পাৰৰ কাম শেষ হ'ল, এতিয়া যাম ইপাৰৰ ঘাটলৈ। এই মৃত্যু ভাৱনাতো কোনো দুখৰ ৰেশ নাই। আছে কেৱল কাম শেষ কৰাৰ তৃপ্তি।
 
গুস্তাভ ক্লিমটৰ "মৃত্যু আৰু জীৱন"
অসমৰ শিল্পী বেণু মিশ্ৰৰো ছবিত মৃত্যুৰ ভাৱনাই আহি ভূমুকি মাৰেহি। ইয়াতো মৃত্যু কেৱল অন্ত নহয়। কেৱল দুখৰ উৎস নহয়। মিশ্ৰৰ মৃত্যু শীৰ্ষক ছবিৰ সংৰচনা আৰু সামগ্ৰিক আৱেদনৰ সৈতে মাৰ্ক ছাগালৰ বিবাহ বাৰ্ষিকী ছবিখনৰ সামগ্ৰিক দৃশগত আৱেদনৰ মিল থকাৰ কথাটো মন কৰিবলগীয়া। তেনেহলে কি, মৃত্যু এক পৰিসমাপ্তি নহৈ এক উদযাপনহে নেকি? 'মৃত্যু' শীৰ্ষক ছবিখনে প্ৰথম দৃষ্টিতে আকৰ্ষণ কৰে তাৰ ৰঙেৰে, কেৰিকেছাৰ ধৰ্মী অবয়ৱেৰে আৰু অভিব্যক্তিৰে। তাৰ পিছতে ই কিছুমান প্ৰশ্নৰ উদ্ৰেক কৰে- সাঁথৰৰ দৰে। হাতত ফুল লৈ অহা পাখিলগা মানুহবোৰেৰে, হাই-কনট্ৰাষ্ট ৰঙৰ সমাহাৰেৰে এয়া কি মৃত্যুৰ উদযাপন? মৃত্যুও আনন্দময় হ'ব পাৰে। মৃত্যুৰ উদযাপন একো নতুন কথা নহয় - যদি চুফি কবি সকলৰ মৃত্যু-চেতনালৈ মনত পেলাওঁ। শান্তিনিকেতনৰ স্নাতক মিশ্ৰ নিশ্চয় ৰবীন্দ্রিয় মৃত্যু-ভাৱনাৰ সৈতেও অপৰিচিত নাছিল। কিন্তু পিছফালৰ এজন পলৰীয়া মানুহে সাঁথৰৰ জন্ম দিয়ে। সেই সাঁথৰৰ মৌচুমী কন্দলীয়ে আগবঢ়োৱা এটা বিশ্লেষণ এনে ধৰণৰ- "মৃত্যু শীৰ্ষক এই ছবিত কথকতাৰ বহুতৰপীয়া অভিব্যঞ্জনা অনুভূত হয়। তৎকালীন সামাজিক-ৰাজনৈতিক আবহাৱাৰ দ্বিধা- সংশয় নৈৰাজ্যৰ ৰেঙনি লাগি থকা 'Death' -অৰ দৃশ্যপটত পাখিলগা প্ৰতিকৃতি দুটাই গোপন ভয়-শংকাৰ ভাবৰ লগতে পলায়নবাদী মনোবৃত্তিৰো আভাস দিয়ে। ফিগাৰ দুটা যেন কোনো দেৱদূতৰ ছদ্মবেশী চয়তানহে! কোলাত মৃত শৰীৰ এটা লৈ মুখমণ্ডলৰ চৌপাশে ফুটি উঠা বলয়ৰে দেবীসদৃশ নাৰী গৰাকী অথবা মানবী সদৃশ দেবীগৰাকীৰ চিত্ৰকল্পটোৱে মাইকেল এঞ্জেল''Pieta' (কুমাৰী মেৰীয়ে মৃত যিশুক কোলাত লৈ থকা ৰূপ) মনত পেলায়। দৃশ্যপটৰ ওপৰত উৰি থকা দেৱদূতৰ ফিগাৰ দুটাই পৰম্পৰাগত কল্পৰূপ ত্যাগ কৰি বৰ্তমানৰ ৰূঢ় কঠিন বাস্তৱৰ সুবিধাবাদী চৰিত্ৰ চয়তানৰ ৰূপত উদ্ভাসিত হৈছে। 'Death' -অৰ ছবিখনত এক অধিবাস্তবিক আৰু মায়াবী বাস্তৱবাদী ৰেশ লাগি আছে। ছবিখনত ভাবগত প্ৰক্ষেপণ একমাত্ৰিক নহয়। ইয়াত মৃত্যু কেৱল একক অৰ্থৰ দ্যোতক নহয়। মৃত্যু সকলোতে ঘটিছে। কায়িক স্তৰত, সাংস্কৃতি, আধিভৌতিক, আধ্যাত্মিক স্তৰত। সকলোধৰণৰ বহুমাত্ৰিক মৃত্যুৰ ৰূপক এই 'Death'!"

সকলোৰে শেষত মৃত্যু সদায়েই দু:খদায়ক। এই সুন্দৰ পৃথিৱীখনলৈ আহি কোনেও নিশ্চয় ইয়াক এৰি থৈ যাবলৈ নিবিচাৰিব। মৃত্যুক লৈ অলেখ ৰহস্যবাদী সৃষ্টিৰ জনক সেই একেজন কবিগুৰুৱেই আকৌ "মৰিতে চাই না আমি সুন্দৰ ভূৱনে" বুলিও কোৱা নাছিল জানো? সেয়েই মৃত্যু- নিৰ্লোভ। এই নিৰ্লোভ শব্দটো হীৰুদাৰ। নিৰ্লোভ মানে যাৰ প্ৰতি লোভ নাথাকে, যাক বিচৰা নাযায়, কামনা কৰা নহয়। কিন্তু আমি জানো, আমি নিবিচাৰিলেও ই অৱশ্যাম্ভাৱী। ইয়াৰ প্ৰয়োজনীয়তাও আছে জীৱনক পূৰ্ণতা দিবৰ বাবে। অন্যথা জীৱনৰ কোনো সংজ্ঞা নাই। জীৱনক সম্পূৰ্ণ কৰিবলৈকে মৃত্যু আহে। মৃত্যু যেনেকৈ কাম্য নহয়, এটা মৃত্যুহীন জীৱনো কিন্তু কাম্য নহয়। এটা মৃত্যুহীন জীৱনৰ বিড়ম্বনা প্ৰকাশ পাই আহিছে বিভিন্ন ভেম্পায়াৰ মুভিত। মৰিব নোৱৰাৰ দুখত অন্তহীন যাতনাৰে জীয়াতু ভোগে ভেম্পায়াৰ চৰিত্ৰবোৰে।
 
মাইকেল এঞ্জেলোৰ "পিয়েটা"
মৃত্যু দু:খদায়ক। অকালতে, অৰ্থাৎ বাৰ্ধক্যপ্ৰাপ্তিৰ আগতেই অস্বাভাৱিক মৃত্যুক কোনোবাই আঁকোৱালি লব’লগা হ'লে সি হৈ পৰে আৰু মৰ্মান্তিক। কিন্তু সেই ক্ষেত্ৰতো মানি ল'বলৈ  আমি বাধ্য যে যিমান দিনলৈকে জীয়াই থকা হ'ল, জীৱনটোৰ পৰিধি সিমানলৈকেহে। অকাল মৃত্যুক মানি ল'বলৈ টান পোৱা সকলেও কেৱল কল্পনাহে কৰিব পাৰে যে মৃতক আৰু কিছুদিন জীয়াই থকা হ'লে অমুকটো হ'লহেতেন, বা তমুকটো হ'লহেতেন। সেইবোৰ সম্ভাৱনাহে, বাস্তৱ নহয়। পূৰ্ণ বয়সত মৃত্যু হোৱাজনৰ জীৱন যেনেকৈ মৃত্যুতে সম্পূৰ্ণ, আধা বয়সত মৃত্যু হোৱাজনৰো জীৱন মৃত্যুতে সম্পূৰ্ণ। সেয়েহে মৃত্যু নিজৰ গৰিমাৰে মহীয়ান। তাৰ ব্যতিৰেকেও মৃত্যুত বিভিন্ন ৰূপেৰে গৰিমাৰ আৰোপন কৰাৰ কিছুমান পৰম্পৰা আমি তৈয়াৰ কৰি লৈছোঁ। ছহিদৰ সংজ্ঞা নিৰূপিত হয় মৃত্যুৰ আধাৰতেই। মৃত্যু নিৰ্লোভ। মৃত্যু কেতিয়াও কাম্য নহয় যদিও দেশৰ  বাবে বা দহৰ হিতৰ বাবে আঁকোৱালি লবলগীয়া হোৱা মৃত্যু “অপৰাজেয়”। “তেনে মৃতক নহ'লোঁ মই কিয়” বুলিওতো গায়কে গায়!

এবছাৰ্ড দৰ্শনৰ হোতা আলবেয়ৰ কেম্যুৰ যেতিয়া গাড়ী দুৰ্ঘটনাত মৃত্যু হৈছিল, তেওঁৰ চোলাৰ জেপৰ পৰা ওলাইছিল সেই একে গন্তব্যস্থানলৈ কাটি থোৱা ৰে’লৰ টিকট। মানে ৰেলেৰে যোৱাহেতেন তেওঁৰ মৃত্যু নঘটিলহেতেন নেকি? এই যে অনিশ্চয়তা আৰু তাৰ বিপৰীতে মৃত্যুৰ অৱশ্যাম্ভাৱীতা, তাকে কেন্দ্ৰ কৰিয়েই কেম্যুৰ উভট দৰ্শন, তাকে লৈয়েই অস্তিত্ববাদৰ যত বাগধাৰা।

সকলো মৃত্যু একে নহয়। প্ৰত্যেকটো মৃত্যুৱেই একক। কিন্তু সকলো মৃত্যুৰেই এটা সাধাৰণ কথা এয়ে যে ই যি ৰূপতেই নাহক কিয় জীৱন, জগত আৰু অস্তিত্ব সম্পৰ্কে ই কাৰোবাক নহয় কাৰোবাক, কিবা নহয় কিবা প্ৰকাৰে ভবাই তোলেই তোলে। শিল্প সম্পৰ্কে কথা পাতোতে আমি বাৰে বাৰে আগবঢ়াই থকা শিল্পৰ সংজ্ঞা সমূহৰ ভিতৰত এটা অন্যতম হ'ল এয়ে যে- শিল্পই সকলো সময়তে কিবা এটা ভাবিবলৈ আমাক বাধ্য কৰে। ই কঢ়িয়াই আনে কিছুমান অমীমাংসিত প্ৰশ্ন। সেই হিচাপেৰেও মৃত্যু এক শিল্প। যি দিয়ে এটা জীৱনক পূৰ্ণতা। হীৰুদাৰ মৃত্যু বিষয়ক সেই বিখ্যাত কবিতাটোৰ তৰল প্ৰসংগান্তৰণ প্ৰায়ে চকুতপৰে। জনপ্ৰিয়স্তৰৰ যিকোনো কৰ্মৰ ক্ষেত্ৰতেই এনে ঘটে। আত্মীয়জনৰ মৃত্যুত মৰ্মাহতজনে কৈ উঠা শুনো- "মৃত্যুক ওচৰৰ পৰা দেখিছোঁ, ইয়াক কেনেকৈ কোনোবাই শিল্প বুলিব পাৰে নাজানো"। ক্ষণিকৰ ব্যক্তিমনৰ এটা প্ৰতিক্ৰিয়াৰে আমি আচলতে মৃত্যু সম্পৰ্কে সমগ্ৰ মানৱ সভ্যতাৰ ভৰন্ত দৰ্শনৰ ঐতিহ্যক নিমিষতে নৎস্যাৎ কৰি পেলাব খোজোঁ নেকি বাৰু? সকলো মানুহ নৱকান্তৰ দৰে নহয় যে সন্তানৰ বিয়োগৰ সৈতে 'অনহদ কা মুছাফিৰ'ৰ সংযোগ এটা বিচাৰি উলিয়াব। যিমানেই মৰ্মান্তিক নহওক কিয়, কোনো মৃত্যুৱেই আমালৈ প্ৰশ্ন কিছুমান এৰি থৈ যাবলৈ নেৰে। হীৰুদাৰ কথাখিনি মেদমুক্ত, সংযত প্ৰকাশ। মিতব্যয়ী দুটা চৰণৰ মাজতেই আচলতে সোমাই আছে মৃত্যু সম্পৰ্কে মানুহৰ চিৰাচৰিত জিজ্ঞাসাৰ ঐতিহ্যৰ নিৰ্যাস। কবিতাও শিল্প। কেৱল ক্ষণিকৰ আবেগেৰে ইয়াৰ মৰ্মৰ অনুধাৱণ সম্ভৱ নহ'বও পাৰে। "মই ভাবোঁ", "মোৰ মতে", "এনে লাগে যেন"- এনে ধৰণৰ ব্যক্তি অনুভূতিৰ পৰা বাজলৈ ওলাই প্ৰসংগ, প্ৰাসংগিকতা আৰু প্ৰসংগায়িতকৰণৰ জৰিয়তে শিল্পলৈ চকু দিয়াটো এইকাৰণেই প্ৰয়োজনীয়।       
মৃত্যুওতো এটা শিল্প
জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য!

সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594


No comments: