য়ুৱেট গিলবাৰ্টে আঁৰ কাপোৰৰ আঁৰেৰে গ্ৰহণ কৰা দৰ্শকৰ অভিবাদন। তুলোজ লট্ৰেক |
কেবাৰে (cabaret) নৰ্তকী তথা অভিনেত্ৰী গৰাকীয়ে আঁৰকাপোৰখন হাতেৰে আঁতৰাই সন্মুখৰ দৰ্শকলৈ চাই আছে। অভিনয় আৰম্ভ হোৱাৰ আগেয়ে কৌতুহলবশতঃ দৰ্শক কিমান হৈছে চাব খুজিছে, নে অভিনয়ৰ শেষত দৰ্শকৰ অভিবাদন গ্ৰহণ কৰিছে? যিয়েই নহওক, দুয়োটা প্ৰসংগতেই ই অভিনেতা আৰু অভিনীত চৰিত্ৰৰ মাজৰ এটা সন্ধিক্ষণ। চৰিত্ৰ ৰূপায়ণৰ পৰা অভিনেতাৰ আপোন সত্বালৈ উভতি আহিবৰ পৰৰ এটা বাট। নিজৰ গান, নৃত্য আৰু অভিনয়ৰ মাধ্যমেৰে দৰ্শকৰ সৈতে সংযোগ স্থাপনৰ ব্যতিৰেকেও আত্মপৰিচয়ৰ সৈতে, আভিনেতাজন এটা চৰিত্ৰ হিচাপে নহৈ কেৱল অভিনেতা হিচাপেই দৰ্শকৰ সৈতে মুখামুখি হ'বৰ এটা হাবিয়াস। এক ফুট বাই ডেৰ ফুট মানৰ আকাৰৰ কাৰ্ডবোৰ্ডত গুৱাছ টেকনিকেৰে খৰতকীয়া হাতেৰে তুলোজ লট্ৰেকে (Toulouse-Lautrec) অঁকা য়ুৱেট গিলবাৰ্ট নামৰ মুলা ৰৌজ (Moulin Rouge) কেবাৰে গায়িকা, অভিনেত্ৰী গৰাকীয়ে আঁৰ কাপোৰ আঁতৰাই দৰ্শকৰ মুখামুখি হোৱা ছবিখনে আমাক সদায়েই আকৰ্ষিত কৰি আহিছে।
উত্তৰ-মনচ্ছায়াবাদী (পোষ্ট ইম্প্ৰেছনিজম) কালৰ অন্যতম শিল্পীসকলৰ এজন তুলোজ লট্ৰেক (১৮৬৪-১৯০১)। অফুৰন্ত কৰ্মশক্তি, অসাধাৰণ দক্ষতা, ৰং আৰু তুলিৰ অভূতপুৰ্ৱ ব্যৱহাৰেৰে তেওঁ আমাৰ চিৰকালৰ প্ৰিয় শিল্পীসকলৰ মাজৰ এজন হৈ ৰৈছে। এই সকলোবোৰৰ উপৰিও বিষয়বস্তু হিচাপে উনবিংশ শতিকাৰ শেষাৰ্ধৰ পেৰিছৰ বেলে, চাৰ্কাছ, কেবাৰে আদি পাৰফৰমেন্স জগতৰ ইটো সিটো দিশৰ খতিয়ন তুলি ধৰাটোৱেও আমাক বিশেষভাৱে আকৃষ্ট কৰে। বেলে নৃত্যৰ পৰিৱেশনা, ছোঁঘৰৰ প্ৰস্তুতি আদিক বিষয়বস্তু হিচাপে লৈ অজস্ৰ সৃষ্টি কৰি যোৱা আনজন জনপ্ৰিয় উত্তৰ মনচ্ছায়াবাদী শিল্পী হ'ল এডগাৰ্ড ডেগা (Degas)। বহুতো কাৰণত সাংস্কৃতিক পৰিৱেশনাৰ প্ৰতিৰূপায়ণে অনন্য নন্দনিক প্ৰশ্নৰ অৱতাৰণা কৰে। সেইসমূহৰ মাজত এটা উপলব্ধি এয়ে যে এই প্ৰতিৰূপায়ণ (Representation) আন এটা প্ৰতিৰূপায়ণৰ প্ৰতিৰূপায়ণ। মানে, ছবি বা শৈল্পিক উপস্থাপন মানেই সহজতে ভাবি থকাৰ দৰে কেৱল এটা বিম্বৰ প্ৰতিবিম্ব নহৈ আন এটা প্ৰতিবিম্বৰহে প্ৰতিবিম্ব। আপুনি যদি এজন অভিনেতাৰ অৱয়ব এটা চাই আছে, সি ফটোগ্ৰাফেই হওক অথবা পেইণ্টিঙেই হওক, তেন্তে সেই অবয়ৱটো এজন অভিনেতাৰ প্ৰতিৰূপায়ণ হোৱাৰ আগতেই সেই অভিনেতাজন আকৌ আন এটা চৰিত্ৰৰ প্ৰতিৰূপায়ণকাৰী অভিনেতা। একেসময়তে অভিনেতাজনৰ নিজা বিষয়ী (Subjective) উপস্থিতিটোতো আছেই। এনেকৈয়ে বিষয়ৰ আৰু সত্বাৰ ঘনত্ব বাঢ়ি গৈ থাকি এটা সময়ত ই প্ৰতিৰূপায়ণৰ প্ৰতিৰূপায়ণৰ প্ৰতিৰূপায়ণৰ প্ৰতিৰূপায়ণৰ… এক অসীম ৰূপ লয়গৈ। কোনে কাক প্ৰতিৰূপায়িত কৰি আছে অথবা কোনটো সত্বা কোন অস্তিত্বৰ প্ৰতিফলন এই প্ৰশ্নটো এনে এটা সাঁথৰলৈ ৰূপান্তৰিত হয়গৈ যাক চুলি কাটিবলৈ সোমোৱা চেলুন এখনত মুখামুখিকৈ থকা দুখন আইনাত প্ৰতিবিম্বিত হোৱা অন্তহীন প্ৰতিবিম্বৰ বিন্যাসৰ লগতহে ৰিজাব পাৰি। শিল্পকৰ্ম এটা অনুধাৱনৰ ক্ষেত্ৰত শিল্পবস্তু আৰু দ্ৰষ্টাৰ স্থানিক দূৰত্ব, দ্ৰষ্টা আৰু দৃশ্যৰ পাৰস্পৰিক সম্পৰ্ক আদিৰ কথা আলোচনা কৰোঁতে বৃটিছ শিল্প ইতিহাসবিদ ডেভিদ কেৰিয়াৰেও এনে ধৰণৰ এটা পাৰস্পৰিক মুখামুখী আইনাত প্ৰতিবিম্বিত অন্তহীন বিন্যাসৰ অনুষংগ টানি আনিছিল।
প্ৰতিৰূপায়ণ আৰু বিষয়ী উপস্থিতিৰ এই জটিল অথচ মজাৰ দিশটোক বাদ দি পাৰফৰমেন্সৰ দৃশ্যগত উপস্থাপনৰ আন এটা চিত্তাকৰ্ষক কথা এয়ে যে এই সমূহে সদায়ে এটা মুহূৰ্তক ধৰি ৰাখিব খোজে আৰু যিটো মুহূৰ্ত নিৰন্তৰ পৰিৱৰ্তনশীল। মঞ্চত উপবিষ্ট অভিনেতাৰ পোৰ্ট্ৰেইট এখন চাই থাকোতে আমি জানো যে এই অভিব্যক্তি মুহূৰ্তৰ- এই আছে, এই নাই। সেই অভিনেতায়েই গ্ৰীণ ৰুমত প্ৰসাধন কৰি থকা কালৰ ছবি এখনো যদি চাই থাকোঁ, তেতিয়াও জানো যে এই মুহূৰ্তটোৱেই শেষ কথা নহয়। কিবা হ'বলৈ গৈ আছে। কিবা এটা ঘটিবলৈ গৈ আছে। পৰিৱেশৰ বা মুহূৰ্তৰ এই ক্ষণস্থায়ীত্ব বা ক্ষণভংগুৰতাৰ ধাৰণাখিনিৰ বাবেও হয়তো লট্ৰেকৰ ছবিখিনি সততে চিত্তাকৰ্ষক। মন কৰিবলগীয়া যে পৰিৱেশন কলাৰ উপাদানসমূহ ব্যাপক আৰু অভ্যাসবোৰ বিস্তৃত- য'ত কোনো কথাকেই সাধাৰণীকৃত কৰিব নোৱাৰি। এজন গায়কৰ অভিজ্ঞতা, অভিনেতা বা চাৰ্কাছৰ খেল দেখুওৱাওতাজনতকৈ সমূলি পৃথক। কিন্তু সকলো পৰিৱেশনৰে কিবা যদি সাধাৰণ ধৰ্ম আছে তেনেহ'লে তাৰ মাজত এটা হ'ল পৰিবেশক আৰু দৰ্শকৰ মাজৰ সম্বন্ধটো, আৰু আনটো হ'ল ইয়াৰ ক্ষণিক আয়ুস। সকলো পাৰফৰমেন্সেই শেষ হৈ যায়। এবাৰ ঘটি যোৱা ঘটনাটোক আকৌ দুনাই পাব নোৱাৰি। গিলছ ডিল্যুজ নামৰ অতি প্ৰভাৱশালী দাৰ্শনিকজনেও সেয়েহে “লজিক অব চেন্স” গ্ৰন্থত কৈছিল- অভিনয়টো কৰাৰ মুহূৰ্ততে সি অতীত হৈ যায়। অভিনেতাৰ বাবে ভৱিষ্যৎ থাকিব পাৰে, নহ'লে অতীত। বৰ্তমান নাথাকে। একেখিনি কথাকেই আমি কবিতাৰেই কৈছোঁ একাধিক বাৰ।
“অতীত আৰু ভৱিষ্যতৰ মাজৰ এডাল সৰু ৰেখাৰ ওপৰত মোৰ অৱস্থান।
অতীত অতীত হৈ যায়, ভৱিষ্যৎ ভৱিষ্যৎ হৈয়ে ৰয়, আৰু নাই কোনো বৰ্তমান।।“
(ডিছপোজেবল সূৰ্য আৰু অন্যান্য চনেট)।
ভিনচেন্ট ভেন গঘ, পল চেজান আৰু গঁগাৰ দৰেই উত্তৰ মনচ্ছায়াবাদী শিল্পী হিচাপে লট্ৰেক বহুল সমাদৃত। কেৱল এজন চিত্ৰশিল্পীয়েই নহয়, একাধাৰে ব্যাখ্যাচিত্ৰকাৰী, পোষ্টাৰ নিৰ্মাতা, লিথোগ্ৰাফাৰ, ব্যংগচিত্ৰকাৰ আৰু গ্ৰাফিক শিল্পী হিচাপে এক বহল পৰিসৰৰ দৰ্শকক লট্ৰেকে আকৰ্ষণ কৰিব পাৰিছিল। আজীৱন দুৰাৰোগ্য ব্যাধিয়ে কোঙা কৰি ৰখা লট্ৰেকৰ শৰীৰৰ উৰ্দ্ধাংশ প্ৰাপ্তবয়স্কৰ হ'লেও নিম্নাংশ বিকাশ নোহোৱাত ভৰি দুটা অস্বাভাৱিক ভাবে ছুটি হৈ ৰ'ল। চিকিৎসা বিজ্ঞানত পাছলৈ এই বেমাৰৰ উপসৰ্গক লট্ৰেক চিণ্ড্ৰম বুলিয়েই জনা যায়। ফ্ৰান্সৰ পেৰিছত মুলা ৰৌজ কেবাৰে প্ৰতিষ্ঠা হোৱাৰ পিছত তুলোজ লট্ৰেকে এই কেবাৰেতে নিয়মিয়াকৈ ছবি আঁকিবলৈ লয়। কেবাৰেৰ দৰ্শকৰ মাজৰ এখন বিশিষ্ট আসন লট্ৰেকৰ বাবে সংৰক্ষিত হোৱাৰ উপৰিও কেবাৰেৰ মলিকপক্ষই নিয়মিয়াকৈ লট্ৰেকৰ ছবি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছিল। সেই সময়ৰ চেলিব্ৰিটী হৈ উঠা য়ুৱেট গিলবাৰ্ট আছিল লট্ৰেকৰ নিয়মীয়া বিষয়বস্তুসমূহৰ মাজৰ এটা। গিলবাৰ্টক লৈ অগণন স্কেচ্ছ লট্ৰেকে কৰিছে। চিত্ৰশিল্পী হিচাপে ৰং আৰু তুলিৰ ব্যৱহাৰৰ সিদ্ধহস্ততাৰ লগতে পাৰফৰমেন্সৰ পৰিবেশৰ সৈতে শিল্পীৰ এৰাব নোৱৰা সংযোগ, এজন কেৰিকেচাৰিষ্ট হিচাপে থকা অভিব্যক্তি প্ৰকাশত দখল – এই সকলোখিনি মিলি লট্ৰেকৰ অংকিত গিলবৰ্টৰ ছবি সমূহে অনন্য ৰূপ পাইছে।
আঁৰকাপোৰ আঁতৰাই দৰ্শকৰ সৈতে মুখামুখি হোৱা কেবাৰে পৰিবেশকৰ ছবিখনৰ অৰ্হি অনুকৰণ কৰি আমিও এলানি ছবি কৰিছিলোঁ। ডিয়েগ' ভেলজকুৱেজৰ অসাধাৰণ মাষ্টাৰপিচ “লা মেনিনাছ”, হৰ্হে লুই বৰ্হেৰ শ্বেইক্সপীয়েৰক কেন্দ্ৰ কৰি লিখা এটি ছুটিগল্প আৰু লট্ৰেকৰ ছবিখনৰ সংমিশ্ৰণেৰে ২০০৭ চনত অঁকা মিশ্ৰ মাধ্যমৰ ছবি এখনৰ প্ৰতিলিপি এই আলোচনাতে সাঙুৰি দিয়া হ'ল।
Title: The Performer, medium: Acrylic, size: 3"X 2.5", year: 2006, Artist: Samudra Kajal Saikia |
সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor, Talkatora Stadium Annexe Building, New Delhi – 110001, email: kankhowa@gmail.com, mobile: +91 9811375594