[দৈনিক অসম, দেওবৰীয়া চ'ৰা, 17 February, 2019]
ফেব্ৰুৱাৰী প্ৰেমৰ মাহ। গান মানেই প্ৰেম। প্ৰেম বুলিলেই ফুল ফুলাৰ বতৰা। এতিয়া বসন্ত। কিন্তু আমি চকুৰে দেখা ফুলপাহ গানত গোৱা হৈ থকা ফুলপাহৰ সৈতে একেই হ’ব বুলি কোনো কথা নাই। চাক্ষুস অভিজ্ঞতালব্ধ দৈনিক জীৱনত সাক্ষাৎ লাভ কৰা ফুলপাহ শিল্পই উপস্থাপন কৰা ফুলপাহৰ সৈতে একে নহ’বও পাৰে। আৰু এই কথাটোৱেই আমাক ভাবিবলৈ বাধ্য কৰাব যে প্ৰাত্যহিক জীৱনৰ আপাত বাস্তৱতা আৰু শিল্পৰ বাস্তৱতা হুবহু একে নহয়। “সদায় চকুৰে দেখা গছ পাতটিও/ ছবিটিত ভাল হৈ পৰে;/ সদায় কাণেৰে শুনা সৰু কথাটিও/ গীত হলে প্ৰাণ টানি ধৰে...” কবিৰ ব্যাখ্যাই শৈল্পিক প্ৰতিৰূপায়ণ অথবা ৰিপ্ৰেজেণ্টেচনৰ প্ৰতি থকা আমাৰ আনুগত্যা কিম্বা আকৰ্ষণৰ কথাকেই সূচায়। কিন্তু এই ৰিপ্ৰেজেণ্টেচনৰ ব্যতিৰেকেও শিল্পত উপস্থাপিত গছপাতটি কিম্বা ফুলপাহৰ একক, স্বকীয় আৰু অদ্বিতীয় এটা অস্তিত্ব থাকে। সদায়ে তাক তাৰ এটা আপাত বাস্তৱিক অস্তিত্বৰ পৰিপূৰক বুলি উৎস সন্ধান কৰিবৰ প্ৰয়োজন নাথাকে। ছবিৰ গছপাতটি ছবিৰেই গছপাত, গানৰ ফুলপাহ গানৰেই ফুলপাহ বুলি পতিয়ন যাব পাৰিলে শিল্পৰ ৰসগ্ৰহণৰ প্ৰক্ৰিয়াটো আৰু বেছি উজু হৈ পৰে।
কেইটিমান গানৰ কথা ক’ম য’ত আছে নুফুলা ফুলৰ বতৰা। য’ত আছে নথকাৰ থকা। ফুল নুফুলাৰ কথাখিনিয়ে তাৎক্ষণিকভাবে যদি বিৰহৰ ভাৱ এটাৰ উদ্ৰেক কৰে তেনেহ’লে ভুল হ’ব কাৰণ ক’ব খোজা গানকেইটা আচলতে অভাৱ, বিৰহ বা বিষাদৰ বিপৰীতে প্ৰাচুৰ্যৰহে গান।
অত্যন্ত প্ৰভাৱশালী প্ৰথমটো গান বিশ্বৰ সৰ্ৱশ্ৰেষ্ট প্ৰেমৰ গান বুলি তালিকা এখন কৰিলে তাৰ ভিতৰত নিশ্চয় উপৰৰ ফালেই থাকিব। যিহেতু প্ৰেমৰ গান, সেয়েহে ইয়াত ফুলৰ কথা আছে। নতুন বছৰৰ আৰম্ভণীৰ কথা আছে, বৰষুণৰ কথা আছে। গানৰ এটা সহজাত বৈশিষ্ট্য বা চৰিত্ৰ এয়েও যে সকলো সময়তে আপুনি গান এটা মনযোগেৰে নুশুনে, বা শুনিবই লাগিব বুলিও কথা নাই। বেছিভাগ সময়তে অৱচেতন মনতহে গুণগুণনি এটাই অথবা তাৰ কথাংশই দোলা দি যায়। সেই ফালৰ পৰা এই গীতটোত প্ৰেমৰ গান এটাত যিবোৰ শব্দ থাকিব লাগে সেইবোৰ শব্দই আছে। এটা প্ৰেমাকূল আৱহাৱা নিৰ্মাণ কৰিবলৈ যিখিনি উপাদান লাগে সেইখিনিয়েই আছে। কিন্তু সেইখিনি থাকিও নাই। বস্তুখিনি থাকিও যে নাই সেয়াহে কৈ থকা হৈছে। "উদযাপন কৰিবলৈ নতুন বছৰৰ আৰম্ভণীৰ দিনো নহয়... বসন্তৰ প্ৰথম দিনো নহয়, গাবলৈ কোনো গান নাই... আচলতেই এয়া এটা তেনেই সাধাৰণ দিন... এপ্ৰিলৰ বৰষুণ নাই, ফুল ফুলা নাই..." একোৰে একোটো নাই, বৰঞ্চ আজি তেনেই এটা গতানুগতীক বৈচিত্ৰহীন দিন। এনে এটা বৈশিষ্ট্যৰহিত দিনতেই তোমাক মাতিলোঁ বা কল এটা কৰিলোঁ এই কথাটোকে ক’বলৈ যে- তোমাক ভালপাওঁ, I
just called to say I love you...। সেই হিচাপেৰে এইটো এটা নুফুলা ফুলৰ গান, নোহোৱা বৰষুণৰ গান। কিন্তু অন্তৰত প্ৰেমৰ উচ্ছাস ইমানেই আছে যে তাৰ বাবে ফুল ফুলিবৰ বতৰলৈ অপেক্ষা কৰিবৰ প্ৰয়োজনেই নহ’ল। এটা গতানুগতিক দিনটো নুফুলা ফুলৰ উল্লেখেৰেও, কেৱল বাচিক উল্লেখেৰেই প্ৰাপ্তিৰ অনুভৱখিনি এনেকৈয়ে নিৰ্মিত হৈছে।
১৯৮৪ চনৰ ষ্টিভি ৱণ্ডাৰৰ এই গীতটো আজিও এটা শ্ৰেষ্ঠতম গীত বুলিয়েই পৰিগণিত। কিন্তু এদিন আহি গম পালোঁ যে গানটোৰ ৰচয়িতা ষ্টিভি ৱণ্ডাৰ আছিল অন্ধ। গানটোৰ এটা ভিডিঅ' আছে য'ত ক'লা চছমা পিন্ধা ৱণ্ডাৰে টেলিফোনৰ ৰিচিভাৰটো কাণত কাষত ধৰি গানটো গাই আছে। যেতিয়া গম পোৱা যায় যে যে এজন অন্ধ গায়কে ফুল নুফুলাৰ গানটি গাইছে তেতিয়া এই কথাটোত আকৌ এবাৰ পতিয়ন যাবলৈ সহজ হয় যে গানৰ মাজৰ এই ফুল ফুলাৰ অথবা নুফুলাৰ বতৰা বাস্তৱৰ ফুলপাহৰ ফুলা-নফুলাৰ বতৰাতকৈ পৃথকেই হয়।
তেনেকৈয়ে অঞ্জন দত্তৰ বঙালী ভাষাৰ যথেষ্ঠ জনপ্ৰিয় আন এটি গীত আছে। এইটো গীতত আকৌ ফুল নুফুলাৰ কথাতকৈয়ো আৰু এঢাপ আগবাঢ়ি কোৱা হ’ল যে ফুল ফুলিল বা নুফুলিল- সেই কথটোৰেই গুৰুত্ব নাই, “ফুল ফুটুক নাইবা ফুটুক আজ বসন্ত”। বাক্যাংশখিনি আহিছে কবি সুভাষ মুখোপাধ্যায়ৰ কবিতাৰ পৰা- ফুল ফুটুক না ফুটুক/ আজ বসন্ত। এইটো আন এটা নুফুলা ফুলৰ প্ৰাপ্তিৰ গান। তোমাৰ মোৰ আকাশৰ ৰং ফিকা হওক কোনো কথা নাই। ধুমুহা আহক বা নাহক, কোনো কথা নাই। এইখিনি গানে যি কথা প্ৰমাণ কৰে সেয়া হ’ল বাস্তৱিক ফুলৰ উপস্থিতিয়েহে যে প্ৰাচুৰ্যৰ সম্ভেদ আনিব পাৰে তেনে কোনো কথা নাই। গানৰ ফুলেও দিব পাৰে ঐশ্বৰ্যৰ সন্ধান। গানত নুফুলাকৈ থকা ফুলপাহেও বিলাব পাৰে সুৰভি।
ফুল ফুলিছে বুলি কোৱাটো যেনেকৈ গানৰ এটা সহজ উপাদান, ফুল নাই ফুলা বুলি কোৱাটোও তেনেকৈয়ে এটা উপাদান। ৰবীন্দ্ৰনাথৰ গানত "ফুলনিখন এতিয়া তেনেই উদং"
কথাষাৰেও এটা চিত্ৰকল্পৰ সৃষ্টি কৰিছে। হেমন্ত ঋতুৰ গানত গায়কে গাইছে- "ফুলনি আজি তেনেই যে উকা,/ কুলি কেতেকীয়ে নুশুনোঁ মতা,/ কঁহুৱানি সৰি যায় নদীৰ চৰে।" নহয়, এয়াও বিষাহ বা বিৰহৰ গান নহয়। কুলি-কেতেকীত মাত কিম্বা ফুল নাই মানেই
সেয়া বিষাদৰ গান নহয়। বৰঞ্চ এয়া বিষাদ দূৰ কৰাৰ হে প্ৰাৰ্থনা-সংগীত- "যাক অৱসাদ বিষাদ যিবোৰ,/ দিপালিকাৰে কৰা পোহৰ,/ কৰা পোহৰ, পোহৰে নিজৰ,/ শুনোৱা পোহৰৰ
জয়বাণী...।"
তেনেকুৱাকৈয়ে ফইজ আহমদ ফইজৰ তেনেই সহজ প্ৰেমৰ যেন লগা কিন্তু অত্যন্ত জটিল গান এটা আছে- “মুঝ চে পেহলি চি মুহব্বত মেৰে মেহবুব না মাংগ”: আগৰ দৰে আকৌ ভালপোৱাৰ কথা নক’বি সোণ। এহাতে মোৰ পৰা আৰু প্ৰেম নিবিচাৰিবি বুলি প্ৰকাৰান্তৰে প্ৰত্যাখ্যান কৰিও আকৌ গানটো ভৰি আছে প্ৰেমাস্পদৰ সৰস বৰ্ণনাৰে। পোনতে গানটো বিৰহৰ গান নে প্ৰাপ্তিৰ গান
বুজিবলৈ কঠিন। ইমন কল্যাণ ৰাগৰ আধাৰেৰে মেডাম নুৰ জেহানৰ কণ্ঠত গীতটোৱে অসীম
জনপ্ৰিয়তা লাভ কৰিছিল। উৰ্দু ভাষাৰ অন্যন্য সুন্দৰ কথাৰে সৈতে এই গানটোৰ প্ৰভাৱ সুদূৰ-প্ৰসাৰী। আন উদাহৰণ নালাগে, গানটোৰ মাজৰ পৰা "তেৰে আঁখোঁ কে চিৱা
ইছ দুনীয়া মেইন ৰখা ক্যা হেই" বাক্যটোকে ধাৰলৈ আনি মজৰুহ চুলতানপুৰীৰ কলমেৰে সৃষ্টি হৈছিল
আন এটি কালজয়ী গান লতা মংগেশকাৰৰ কণ্ঠত। এই এটি মাত্ৰ বাক্যই যেনেকৈ অনুভৱী
ব্যক্তি এজনক বহু সময় তন্ময় কৰি ৰাখিব পাৰে তেনেকৈয়ে গীতটোৰ বাকী বাক্যাংশবোৰো সমানেই
শক্তিশালী। গানটিয়ে বৰ্ণনা কৰি যায় প্ৰেমাস্পদক আৰু প্ৰেমাস্পদৰ প্ৰতি গীতিকাৰৰ
হাবিয়াসক-
"...তোক পালেই পাম বৈকুন্ঠৰে ধাম
তোৰ দুখৰ মণিটি লৈ
নেলাগে মোক কুবেৰৰো ধান
তোৰ এই মুখনিতে
অনন্ত বসন্তৰে গান
তোৰ দুচকুতেই মোৰ
পূৱা মোৰ দিবাৱসান...।"
কিন্তু ইমান হৃদয় উপচি পৰা প্ৰেমৰ অনুভূতি থকাৰ স্বত্বেও কিয়
গানটোত বাৰে বাৰে কোৱা হৈছে, "আগৰ দৰে আকৌ ভালপোৱাৰ কথা নক'বি সোণ"? কিয় কোৱা হৈছে,
"ভালপোৱাতকৈয়ো আৰু অন্য দুখো আছে সংসাৰত
প্ৰেমৰ সিপাৰেও আছে
অন্য হেঁপাহ এই মৰতত?"
কোৱা হয় ইংৰাজী ভাষাত প্ৰেম-ভালপোৱাৰ বাবে বহুল ব্যৱহৃত "Love" শব্দটোৰ বিপৰীতে
উৰ্দু ভাষাত কেৱল প্ৰেম-ভালপোৱা বুজাবলৈকে ওঠৰটাকৈ শব্দ আছে। উৰ্দু কবিয়ে প্ৰেমৰ
আৰু প্ৰেমিকাৰ গুণ-গান নিৰহ-নিপানীকৈ গাব জানে। কিন্তু গানটোৱে এইখিনিতে মোৰ সলায়- ভালপোৱাতকৈয়ো অন্য দুখৰ কথা যেতিয়া ক'বলৈ আৰম্ভ কৰে।
"অমানিশাই ঢাকি ৰাখিছে আমাক কত শত কাল
চেনেহৰ আঁচলেৰে
ৰাখিব খোজা মানৱতা
প্ৰান্তে প্ৰান্তে
দেখোঁ বজাৰত কেনেকে' বিক্ৰি হোৱা
দেখিছোঁ ছাই হোৱা, তেজতে লুতুৰি পুতুৰি হোৱা
মহাব্যাধিৰ জুহালত
পোৰা মানুহৰ দেহা
পুতিগন্ধময় ক্ষত
বিক্ষত মানুহৰ দেহা"
প্ৰেমাকুল হৃদয়াৱেগৰ উৰ্দ্ধত গীতিকাৰে দেখিছে সমাজৰ অন্ধকাৰাচ্ছন্ন
সময়- "মোৰ
দৃষ্টিয়ে পোনায় সেইফালেও বাট কি যে কৰোঁ, আজিও ধুনীয়া তোৰ মান কোনো নাই পিছে কি যে কৰোঁ।" এটা প্ৰেমৰ গানৰ সলনি ই হৈ উঠিছে সমাজৰ প্ৰতি থকা শিল্পী-চেতনাৰ প্ৰকাশ। কিন্তু এই আপাত প্ৰেমহীনতাত
কোনো দুখ নাই।
ফইজৰ আন এটি অনবদ্য গীত "গুলোঁ মেঁ ৰঙ্গ ভৰে' বাদ-এ-নৌ-বাহাৰ চলে/ চলে ভি আৱ' কি গুলশন কা কাৰোবাৰ চলে " য'ত আছে ফুল ফুলাৰ কামনা। ফুল ফুলি উঠাৰ প্ৰাৰ্থনা
দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ প্ৰখ্যাত গীতটোতো তীব্ৰ- "ফুল ফুলক, ৰ'দৰে ফুল হৃদয় সেউজী ধৰাত"। ফইজৰ গানত যেতিয়া ফুলৰ কামনা শুনিবলৈ পাইছোঁ- তেতিয়া ফইজ জেলত আৱদ্ধ। কাৰাৰুদ্ধ কবিয়ে কামনা
কৰিছে-
ফুলৰ পাপৰি ৰঙাই, বসন্তৰ সুগন্ধিত শীতল
বায়ু বৈ যাওক।
গুছি আহা তুমি, ফুলনি জাতিষ্কাৰ হওক।
ইয়াতো ফুল ফুলা নাই। কেৱল কামনাহে আছে- বসন্তই আহি ফুলে ফুলে
ৰং ভৰাই যোৱাৰ।
ফুল নুফুলাৰ কালতো গানৰ ফুলে আমাক সুবাস দি আহিছে। আনকি গানত নুফুলা ফুলেও
সুবাস বিয়পাইছে, ফুলি মৰহি যোৱা ফুলেও দিছে প্ৰাচুৰ্যৰ সম্ভেদ। হেমাংগ দত্তৰ কবিতাৰ
সূৰ্যটোৰ দৰেই। “ৰাতিয়ে উপহাৰ দিব নোৱাৰে সূৰ্য/ কিন্তু ৰাতিৰ কবিতাই পাৰে”।
ফুল ফুলক। জীৱন প্ৰেমময় হওক।
সমুদ্র
কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
No comments:
Post a Comment