ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Monday, March 18, 2019

পেখু পেখু (একত্ৰিশ): নাট-কথা


[দৈনিক অসম, দেওবৰীয়া চ'ৰা, 3 March, 2019]

অসমৰ দৰে এখন ঠাই য'ত দিনটোৰ আধাখিনি সময় লোডশ্বেডিঙে অন্ধকাৰাচ্ছন্ন কৰি ৰাখে তাত অভিনেতাৰ উচ্চ বিদ্যুৎশক্তি চালিত স্পটলাইটৰ প্ৰতি ইমান মোহ কিয়? এই দেশত য'ত ঘৰ নিৰ্মিত হয় কাঠ বাঁহ অথবা মাটি লেপা ইকৰা খাগৰিৰে তাত অভিনেতাৰ চৰ্চা প্ৰেক্ষাগৃহমুখী কিয়? অভিনয়, কিম্বা যিকোনো শিল্পৰে মূল যদি হয় আপোন সত্বাৰ সৈতে মুখামুখি হোৱা, তেনেহ'লে নাট্যশিল্পৰ প্ৰতীক হিচাপে আজিও মুখা কিয়? যিবোৰ নাটক আমি দেখি আছোঁ, যিবোৰ আমি কৰি আছোঁ সেইবোৰ নাটক আমাৰ নাটক হয় জানো? আমাৰ নিজৰ নাটক হ'বলৈ হ'লে সেই নাটকৰ ভাষা কি হ'ব (ভাষা মানে ইয়াত নিশ্চয় অসমীয়া, হিন্দী, ইংৰাজী আদিৰ কথা কোৱা হোৱা নাই)?

অসমৰ সৰু বৰ অঞ্চলবোৰত সাংস্কৃতিক কাৰ্যকলাপ আগতকৈ হ্ৰাস পাইছে অথবা মান নিম্নগামী হৈ আহিছে বুলি অভিযোগ কিছুমান শুনিবলৈ পাই থকা যায় যদিও এতিয়াও ভালেখিনি শিল্পী আৰু কলাকুশলীয়ে নিৰবিচ্ছিন্ন ভাবে কাম কৰি আহিছে। ভাৰতবৰ্ষৰ অন্যান্য ঠাইৰ তুলনাত আজিও সংখ্যাগতভাবে অসমৰ অঞ্চলসমূহত সাংস্কৃতিক আৰু শৈল্পিক কাৰ্যকলাপ যথেষ্ঠপৰিমাণে সুলভ। কিন্তু নিৰবিচ্ছিন্নভাবে কৰি যোৱাটো এটা প্ৰাথমিক চৰ্ত হ'লেও সেয়ে শেষ কথা নহয়। অভিনয় কৰাই অভিনয় কৰি আছে, নচাই নাচি আছে, গোৱাই গাই আছে। কিন্তু আমি কি কৰি আছোঁ, আমি কি কৰা উচিত এনেধৰণৰ প্ৰশ্ন কিছুমান সন্মুখলৈ আহি নপৰালৈকে কৰি থকা কামখিনিয়ে বিশেষ তাৎপৰ্য বহন কৰিব নোৱাৰে। সম্প্ৰতি দুটামান দৃষ্টান্তই এইখিনি প্ৰশ্নক আমাৰ সন্মুখত তুলি ধৰি নতুন চিন্তাৰ খোৰাক যোগাইছে। 
 
তত্ত্বান্বেষীৰ "হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল"


মৰিগাঁৱৰ চৰাইবাহীৰ সোনাই পাৰত ১৬ আৰু ১৭ ফেব্ৰুৱাৰী (২০১৯) তাৰিখে অনুষ্ঠিত হৈ যায় তত্ত্বান্বেষীৰ "হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল"। পথাৰৰ মাজত অনুষ্টুপীয়া অথচ মনোগ্ৰাহী আয়োজনত দিনৰ পোহৰতে কৰা এইখিনি নাট্যাভিনয়ৰ খবৰ প্ৰীতম যোগীৰ জৰিয়তে পাই আপ্লুত হৈছিলোঁ যদিও সোঁশৰীৰে অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰিলোঁ। তাৰ কেইদিনমানৰ পিছতে নলবাৰীৰ কৈঠালকুছিত তিনিদিনীয়াকৈ উদযাপিত'ল সুনাগৰ উদ্যোগত "পথাৰ নাট মেলা"। ইয়াটো তিনি দিন ধৰি চলিল পথাৰৰ মাজত নাটক। দিনৰ পোহৰত। সম্পূৰ্ণ অনুষ্ঠানত থাকিব নোৱাৰিলেও পৰিবেশটো দৰ্শনৰ অভিজ্ঞতা হ’ল।

এতিয়া এই প্ৰয়াসখিনিক কেৱল ব্যতিক্ৰমী কিম্বা পৰীক্ষামূলক বুলি কৈ থ'লেই অন্যায় কৰা হ'ব যদিহে এইখিনি প্ৰয়াসে আনি দিয়া বাগধাৰাখিনি আগবঢ়াই নিব পৰা নাযায়। ব্যতিক্ৰম কিহত? এই ব্যতিক্ৰমৰ প্ৰাসংগিকতা কোনখিনিত? পৰীক্ষামূলক যদি সেয়া কিহৰ পৰীক্ষা? পৰীক্ষাৰ ফলাফল বা অনুসিদ্ধান্ত কি?

অসমত চলি থকা সমসাময়িক নাট্যচৰ্চাৰ তিনিটা ধাৰাৰ কথা আমি আগতে পাতিছোঁ। এটা হ'ল অঞ্চলে অঞ্চলে অনুষ্ঠিত হৈ থকা সদৌ অসম ভিত্তিক প্ৰতিযোগিতা সমূহৰ উদ্যোগ আৰু সমৰ্থনত চৰ্চিত হৈ থকা একাংকিকা নাটকসমূহ। বিস্তৰ চৰ্চাই গাঁৱে ভূঞে অলেখ কলাকুশলীক জন্ম দি আগবঢ়াই অনা এই প্ৰতিযোগিতাকেন্দ্ৰিক একাংকিকা নাটকৰ পৰম্পৰাক উলাই কৰিব পৰা নিশ্চয় নাযায়। কিন্তু ত্বৎসত্বেও প্ৰতিযোগিতামূলক ব্যৱস্থা এটাৰ অন্তৰ্গত হৈ ৰোৱাৰ ফলতেই এই পৰম্পৰাই বহুখিনি সীমাবদ্ধতাৰ মাজতে নিজকে আৱদ্ধ কৰি ৰাখিলে। এইখিনি কথা আমি অন্যত্ৰ ফঁহিয়াই বিশদভাবে আলোচনা কৰিছোঁ। দ্বিতীয়টো ভাগত থাকিল সততে এমেছাৰ বুলি চিহ্নিত এচাম কৰ্মীৰ নাট্যচৰ্চা। বিভিন্ন প্ৰেক্ষাগৃহত সময়ে সময়ে অনুষ্ঠিত নাটকসমূহ। একাংকিকাৰ চৰ্চাৰ পয়োভৰৰ অনুপাতে তাৰ আলোচনা সমালোচনা প্ৰায় নাই বুলিবই পাৰি। এমেছাৰ নাট্যচৰ্চা সমূহৰ দুই এখনৰ বাতৰি প্ৰতিবেদনৰ লেখীয়াকৈ অলপ অচৰপ কথা ওলায়। কিন্তু এটা দাৰ্শনিক ভিত্তিৰে সমালোচনাত্মক বাগধাৰা তেনেকৈ চকুত নপৰে। তৃতীয়টো ভাগত ৰ'ল ব্যৱসায়িক ভিত্তিত একালত শ্ৰীবৃদ্ধি লাভ কৰি এটা সুকীয়া পৰিচয় লাভ কৰা ভ্ৰাম্যমাণ নাটকখিনি। এই তিনিওটা ভাগতেই বছৰি হৈ থকা চৰ্চাৰ সংখ্যা তাকৰীয়া নহয়। কিন্তু এইবোৰৰ চৰ্চাই কেনেধৰণৰ কথাবতৰাৰ সুযোগ আমাৰ মাজলৈ অনি দিব পাৰিছে সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰসংগ।

নাটক মানে কেৱল আঁৰকাপোৰ, হেলোজেন আৰু স্পটলাইট, উইংছ, গ্ৰীণৰুম আৰু প্ৰেক্ষাগৃহ নহয়। প্ৰচেনিয়াম নামেৰে জনাজাত এটা গঠণৰ পৰা নাটকক বাহিৰলৈ উলিয়াই আনি চোৱাটো আজিও অত্যন্ত জৰুৰী হৈ আছে। আজিও বুলি এইবাবেই কোৱা হ'ল এইকাৰণেই যে এই বিষয়ত কথাবতৰা আগতেও হৈছে। নাটক এটা জীৱন চৰ্চা। নাটক এটা দৰ্শন প্ৰণালী। আমি কেনে ধৰণৰ নাটক কৰিম, অথবা কোনখিনি নাটক আমাৰ নাটক হ'ব এইখিনি প্ৰশ্নৰ অৱতাৰণা কৰি পশ্চিমীয়া নাট্যচৰ্চাৰ প্ৰভাৱেৰে আমাৰ মাজলৈ অহা প্ৰচেনিয়াম আৰ্হিটোক সমূলি নৎস্যাৎ কৰি পৰম্পৰাগত আৰু পশ্চীমীয়া আধুনিক নাটকৰ পৰিৱৰ্তে এই সময়ৰ আমাৰ নাটক এটা তৃতীয় ধাৰাৰহে হ'ব লাগিব বুলি কথা তুলিছিল বাদল সৰকাৰে। এই তৃতীয় থিয়েটাৰৰ প্ৰস্তাৱৰ ভিত্তিত যিখিনি কথা আলোচিত হ'ল তাত প্ৰাধান্য পালে অভিনেতা আৰু দৰ্শকৰ প্ৰত্যক্ষ যোগাযোগৰ দিশখিনিয়ে। নাটক মঞ্চৰ পৰা নামি আহিল বাটলৈ, বজাৰলৈ। বিগত শতিকাৰ সত্তৰৰ দশকটো অত্যন্ত গুৰুত্বপূৰ্ণ এইবাবেই যে প্ৰায় সমান্তৰালভাবে বহুখিনি নতুন চিন্তাৰ উন্মেষ ঘটিবলৈ লৈছিল। উত্তৰগঠণবাদী চিন্তা চৰ্চাই যেনেকৈ আধুনিকতাবাদী ভিত্তিমূলখিনিক প্ৰশ্ন কৰিবলৈ লৈছিল তাৰ প্ৰভাৱ সকলোতে পৰিছিল। বাদল সৰকাৰৰ থিয়েটাৰৰ ভাষা সম্পৰ্কীয় চিন্তা আৰু সম্পৰীক্ষণৰ দৰেই ৰিছাৰ্ড শ্বিখনাৰৰ আৰম্ভ হৈছিল পাৰ্ফৰমেটিভ চাৰ্কুমষ্টেন্সৰ অন্বেষন। আনফালে কানহাইলালে আগবঢ়াই নিলে নাটকক জীৱনৰ সৈতে সংপৃক্ত কৰি নাট্যচৰ্চা। শুক্ৰাচাৰ্য ৰাভায়ো গোৱালপাৰাৰ ৰামপুৰত আগবাঢ়াই আনিলে অন্য এটা পৰিৱেশ। মাজতে হিমাংশু প্ৰসাদ দাসেও নাটকক আনি সুমুৱালেহি মহানগৰৰ ছিটিবাছৰ ভিতৰত। নাটক কেৱল নাটক হৈ নাথাকি হৈ পৰিল একধৰণৰ দৰ্শন-চৰ্যা। ইয়াৰ পিছত নাটকৰ সৈতে জড়িত মানুহখিনিয়ে নাটকক কেৱল পৰম্পৰাগত ধাৰণাটোৰ মাজেৰেই চাই থাকিবলৈ আৰু নাৰাজ। তেওঁলোকে পৰিৱেশন কলাৰ সমস্ত উপাদান আৰু সেইবোৰৰ মৰ্ম অধ্যয়ণ কৰি সম্প্ৰসাৰণ ঘটাবলৈ ল'লে পাৰ্ফৰমেন্স ষ্টাডিজ নামেৰে অন্য এটা সমান্তৰাল জ্ঞানশাখা।

নাটক কৰি থকাটো যিমান জৰুৰী, নাটকৰ কথা পাতি থকাটোও সমানেই জৰুৰী।ক্থাওকতে উল্লেখ কৰি থওঁ যে নীলোৎপল বৰুৱাৰ “শুক্ৰাচাৰ্য ৰাভা- যাত্ৰা আৰু মাত্ৰা” নামেৰে শুক্ৰাচাৰ্য ৰাভাৰ থিয়েটাৰী দৰ্শন, সম্পৰীক্ষা, যাত্ৰা আৰু মাত্ৰা সম্বন্ধীয় গ্ৰন্থ এখন প্ৰকাশ পায় বাদুংদুপ্পা প্ৰকাশনৰ দ্বাৰা। কেৱল শুক্ৰাচাৰ্য কিম্বা বাদুংদুপ্পা নহয়, বৰঞ্চ পাৰফৰমেন্স সম্পৰ্কীয় বহুতো আনুষংগিক দিশক সামৰি অনা অসমীয়া ভাষাত এইখন এখন অনন্য আৰু একক গ্ৰন্থ।

চৰাইবাহীৰ সোনাই পাৰতত্ত্বান্বেষীৰ "হোলোং" হওক কিম্বা কৈঠালকুছিৰ সুনাগৰ "পথাৰৰ নাট" হওক, এইখিনি উদ্যোগে কৰিলে কি আগলৈ কথা পাতিব পৰাকৈ আমাৰ সন্মুখলৈ সমল অলপ আগবঢ়াই দিলে। প্ৰথম, ইমান দিনে নাটক সম্পৰ্কে কথাবাৰ্তা যিখিনি পতা হৈ আছিল তাৰ গুৰুভাগ "নাট্যসাহিত্য" আখ্যা দি কেৱল নাটকৰ কাহিনী, সংলাপ আৰু মূল (বাচিক) কণ্টেণ্ট খিনিৰ মাজতে আৱদ্ধ আছিল। এইবাৰ এইখিনি উদ্যোগে কণ্টেণ্টৰ লগে লগে পৰিৱেশনৰ ফৰ্ম (আংগিক) সম্পৰ্কেও আমাক ভাবিবলৈ বাধ্য কৰালে। দ্বিতীয়, পৰিৱেশনৰ আনন্দ, দৰ্শনৰ আমোদ প্ৰমোদৰ লগে লগে এটা পৰিৱেশন পদ্ধতি যে একপ্ৰকাৰৰ দৰ্শন চৰ্চা সেই কথাও সাব্যস্ত কৰিলে। তৃতীয়, পৰিৱৰ্তীত আৰ্থ-সামাজিক প্ৰেক্ষাপটত "আজিকালি নাটক চাবলৈ মানুহ নাহে" বুলি হামৰাও কাঢ়ি থকা সময়ত নাটক চাবলৈ যদি মানুহ নাহে নাটককেই মানুহৰ মাজলৈ লৈ যোৱা যাওক- এনে এটা মনোবৃত্তিৰে নতুন সম্ভাৱনাৰ উন্মেষ ঘটালে।

পৰিৱেশন কলা অথবা পৰিৱেশ্য কলা- এই দুয়োটা পৰিভাষাৰে ব্যুৎপত্তিগত মূল হৈছে পৰিৱেশ শব্দটো। সেয়েহে পৰিৱেশ শব্দটোকলৈ বিশেষ চিন্তা-ভাবনা নকৰাকৈ কেৱল ইয়াৰ চৰ্চাৰ পৰম্পৰাগত পদ্ধতিখিনিৰেই চৰ্বিত চৰ্বন কৰি গৈ থকাটো নিশ্চয়কৈ গ্ৰহণীয় নহয়। এই ক্ষেত্ৰত হোলোং আৰু পথাৰৰ নাটে নাটকৰ উপস্থাপনৰ ক্ষেত্ৰত পৰিৱেশৰ কথাখিনিক পুনৰ প্ৰসঙ্গায়িতকৰণ কৰি অলপ কথা পতাৰ সুযোগ আনি দিলে। এটা ব্যৱহাৰিক কলাৰূপ হিচাপে ইয়াৰ পিছত আহিব আন জটিলৰ পৰা জটিলতৰ প্ৰসংগখিনি। প্ৰচেনিয়াম মঞ্চৰ ‘সফল’ নাট এখনকে আনি হুবহু ৰূপত ইয়াতো উপস্থাপন কৰা হ’ব নেকি? অভিনয়ৰ মেথ’ড বা পদ্ধতি কেনে হ’ব? অভিনেতাৰ প্ৰস্তুতি-প্ৰক্ৰিয়া কেনে হ’ব? অসমৰ গাওঁ বা অসমৰ পথাৰ বুলি কথা কওতেও তাতো বিস্তৰ ব্যৱধান আছে। স্থানিক ভাষিক সাংস্কৃতিক সামূহিক স্মৃতিয়ে এইখিনি পৰিৱেশন পদ্ধতিক কেনেকৈ প্ৰভাৱিত কৰিব? উজনিৰ গাঁও এখনৰ দৰ্শকৰ সৈতে অভিনেতাৰ সাক্ষাৎ অভিজ্ঞতাক নামনিৰ গাঁও এখনৰ দৰ্শকৰ সৈতে হোৱা অভিজ্ঞতাৰ সৈতে কেনেকৈ ৰিজাব পৰা যাব? অনুষ্টুপ আৰু ক্ষণস্থায়ী আয়োজনবোৰেই প্ৰাধান্য পাই থাকিব নে দীৰ্ঘম্যাদী এটা আন্দোলনৰ ৰূপত আগবাঢ়ি যাব পৰাকৈ এইবোৰৰ সাংগঠনিক ৰননীতি একোটায়ো গা কৰি উঠিব? নব্য-উপস্থাপন-ৰীতিয়ে নাট্যকাৰসকলকো নাট ৰচনাৰ কৌশল সম্পৰ্কে নতুনকৈ ভাবিবলৈ বাধ্য কৰাব নেকি?

নতুন পুৰুষে কথাবোৰ পাতিবলৈ আৰম্ভ কৰিছে। প্ৰশ্নবোৰ কৰিবলৈ আৰম্ভ কৰিছে। কথাৰে আৰু কামেৰে।
 
সুনাগৰ উদ্যোগত "পথাৰ নাট মেলা"

সুনাগৰ উদ্যোগত "পথাৰ নাট মেলা"

তত্ত্বান্বেষীৰ "হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল"


সমুদ্র কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: