অলপতে
২০১৭ চনৰ দৈনিক অসম সাহিত্য বঁটা আগবঢ়োৱা হ'ল কবি সিদ্ধাৰ্থ শংকৰ কলিতালৈ তেওঁৰ প্ৰথম
আৰু একমাত্ৰ কবিতাৰ সংকলন "পলিথিনৰ ঢোঁৰাকাউৰী"ৰ বাবে। সিদ্ধাৰ্থ শংকৰ সঘনে
কবিতা লিখি প্ৰকাশ কৰি বিপুল জনপ্ৰিয়তা লাভ কৰা কবিসকলৰ এজন নহয়। যি ধৰণৰ কাব্যভাষাই
এই সময়ৰ অসমীয়া কবিতাৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰখন আগুৰি আছে সিদ্ধাৰ্থ তাৰ পৰা আঁতৰত। এনে
ক্ষেত্ৰত এইখন কাব্যসংকলনৰ প্ৰথম সংস্কৰণ অতি কম সময়তে শেষ হৈ দ্বিতীয় প্ৰকাশৰ মুখ
দেখাটোৱে কাব্যপুথিখন পাঠক সমাজে আকোঁৱালি লোৱাটোকেই সূচায়।
সম্প্ৰতি
কেৱল সময়ৰেখাৰ মাপকাঠিৰে শিল্পৰ, চিন্তনৰ কিম্বা মননৰ অগ্ৰগতিৰ খতিয়ন যে ল'ব পৰা নাযায়
সেই কথাটোৱেই বাৰে বাৰে প্ৰমাণিত হ'বলৈ লৈছে। কিন্তু তৎসত্বেও সমালোচনাৰ আন কোনো বলিষ্ঠ
প্ৰণালীতত্বই গা কৰি নুঠাত সেই একেটা সময়-ৰেখা-নিৰ্ভৰ দৃষ্টিকোণতে অসমীয়া সমালোচকবৃন্দ
আৱদ্ধ হৈ ৰৈছে। প্ৰায়ে আপত্তি শুনা যায় যে মহেন্দ্ৰ বৰাৰ "নতুন কবিতা" (১৯৫৬)
আৰু ভৱেন বৰুৱাৰ "ৰূপান্তৰৰ পৰ্ব"ৰ পিছত অসমীয়া কবিতাৰ পৰ্বান্তৰ, যুগবিভাজন
অথবা শ্ৰেণী-বিন্যাসৰ কোনো উদাহৰণ অথবা পদ্ধতিবিধি (মেথ'ড'ল'জী) বহল সংখ্যক পাঠকৰ বাবে
গ্ৰহণযোগ্য হোৱাকৈ দেখা নগ'ল। উদাহৰণ স্বৰূপে বিগত শতিকাৰ শেষ দশকৰ কবিতা আৰু এই শতিকাৰ
প্ৰথম দশকৰ কবিতাৰ মিল বা অমিল কিবা পোৱা গ'ল নে? আজিৰ পৰা ত্ৰিশ বছৰৰ আগৰ যিখিনি প্ৰশ্ন
অসমীয়া কবিতাৰ আলোচনাত সঘনে উত্থাপিত হৈছিল, আজি ত্ৰিশ বছৰৰ পিছতো সেই প্ৰশ্নখিনি একে
ঠাইতে একেদৰেই আছে। অসম আন্দোলনৰ দৰে অসমৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক প্ৰেক্ষাপটক
চিৰকাললৈ সলনি কৰি দিয়াৰ ঘটনায়ো অসমীয়া কবিতাৰ আলোচকক এটা লংগৰ-বিন্দু বা এংকৰ-পইণ্ট
দিব নোৱাৰিলে। আন্দোলনৰ পূৰ্ৱ আৰু উত্তৰকালৰ পৰ্যালোচনাই গা কৰি নুঠিলে আজিলৈকে। নৱকান্তৰ
"হে অৰণ্য, হে মহানগৰ"ত ভেঁজা দি যি এক আধুনিকতাবাদী বাগধাৰাক একালত গা কৰিবলৈ
দিয়া হৈছিল সেইখিনিও বহুলাংশে পশ্চিমীয়া আধুনিকতাবাদৰ সংজ্ঞা আৰু কথা-বাৰ্তাৰ দেশীকৰণৰ
এটা প্ৰচেষ্টাৰ ফচল মাত্ৰ। পৰিৱৰ্তিত সমাজ আৰু অৰ্থব্যৱস্থা, ঔদ্যোগীকৰণ আদিৰ অনুষংগখিনি
অষ্টদশ আৰু উনবিংশ শতিকাৰ ইউৰোপৰ পৰা আনি বিংশ শতিকাৰ শেষাৰ্ধৰ অসমৰ পৰিপ্ৰেক্ষিতত
বাৰে বাৰে প্ৰয়োগ কৰি থকা যে আৰু নাযাব সেয়া ইমানদিনে বুজি উঠিব পৰা হৈছোঁ। আনহাতে
একে সময়তে বৌদ্ধিক দৈন্যতাৰ কাৰণতেই হওক বা অনীহাৰ বাবেই হওক, আধুনিকতাৰ পৰৱৰ্তী সমস্ত
চৰ্চাৰ প্ৰতিয়েই সন্দিহান হৈ থাকি আধুনিকতাতে খোপনি পুতি থাকি এই সময়ৰ ৰচিত অসমীয়া
কবিতাকো আধুনিক কবিতা বুলিয়েই উল্লেখ কৰি থকাটোও দুৰ্ভাগ্যজনক এটা ঘটনা। এনে ক্ষেত্ৰত
সিদ্ধাৰ্থ শংকৰৰ কবিতাৰ কথা আমি কেনেকৈ পাতিম? কোনো পূৰ্বাপৰ নিৰ্মিত প্ৰণালীতত্ব নাথাকিলেও
অন্তত সিদ্ধাৰ্থক নগৰীয়া আৰু যান্ত্ৰিক উপাদানৰ সৈতে কবিতাৰ চৰ্চা কৰাৰ বাবেই
"আধুনিক কবি" বোলাটো যে উচিত নহ'ব সেই কথা মানি লোৱা ভাল।
একালৰ
অসমীয়া সাহিত্যৰ আলোচনী কেন্দ্ৰিক যুগবিভাজন আজিৰ সময়ত আৰু প্ৰায়োগিক হৈ থকা নাই, আৰু
একেদৰে সামাজিক-ৰাজনৈতিক ঘটনা একোটাক ভিত্তি হিচাপে লৈয়ো অসমীয়া কবিতাৰ অগ্ৰগতিৰ পৰ্ব
আলোচনা হোৱা দেখা নাযায়। আনহাতে আজিৰ সময়ত কেইজনমান অগ্ৰজ কবিৰ কবিতাৰ বিপুল জনপ্ৰিয়তা
আৰু পৰিক্ষীত 'গ্ৰহণযোগ্যতা'ৰ ভিত্তিতেহে এই সময়ৰ বুজন সংখ্যক কবিৰ কবিতাক আমি চিনি
পোৱা হ'লোঁ। নিৰ্দিষ্ট কেইটিমান কাব্যভাষাক অসমীয়া কবিতাৰ বোৱতীসুঁতিলৈ ৰূপান্তৰিত
কৰিব পৰা এনে বিশেষ চাৰিজন কবিক আমি প্ৰায়ে 'সোণালী চতুৰ্ভূজ' আখ্যা দিওঁ। সেইসকল যথা-
নৱকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য, অজিৎ বৰুৱা আৰু নীলমণি ফুকন। এই সময়ত চৰ্চা অব্যাহত
ৰখা বুজন সংখ্যক কবিয়েই এই সকলৰ কবিতা পঢ়িছে, এইসকলৰে কোনোবা নহয় কোনোবা এজনৰ দ্বাৰা
অনুপ্ৰাণিত হৈছে। কবিৰ জন্মৰ চন-তাৰিখেৰে অথবা প্ৰকাশিত কবিতাৰ তাৰিখেৰে সময়-ৰেখা নিৰ্ধাৰণ
কৰি পৰ্বান্তৰ চিহ্নিত কৰাটোৱেই যিহেতু একেমাত্ৰ প্ৰণালী হ'ব নোৱাৰে, অগ্ৰজ সকলৰ কাটি
যোৱা বাটেৰে আগবঢ়া সকলক একোটা কাব্যভাষা নিৰ্মাণৰ পদ্ধতিলৈ চকু দি একোটা ঘৰানা অথবা
স্কুলিঙত অন্তৰ্ভূক্ত কৰি কথা পতাটোও এটা পদ্ধতি হ'ব পাৰে।
কবি
মাত্ৰেই ব্যক্তিবিশিষ্টতাৰে চিহ্নিত হ'লেও এটা ভাষাত ৰচিত কবিতাৰ এটা সামগ্ৰিক পৰিচয়
থাকিব পাৰে, বা থাকে। জনপ্ৰিয় স্তৰৰ কিছুসংখ্যক কবিৰ কবিতালৈ চাই এটা মজাৰ কথা অনুধাৱন
কৰা যায়। মজাৰ কথাটো এই যে, আজিৰ তাৰিখত চৰ্চাত নিমগ্ন অধিকাংশ কবিৰ কবিতাৰ মাজত নিহিত
'সুৰ' কিম্বা 'স্বন' যিটো, সেইটোৰ উৎস ওপৰত উল্লেখ কৰি অহা সোণালী চতুৰ্ভূজৰ মাজৰ এজনো
নহয়। অলপ উজাই গৈ আমি পাম দেৱকান্ত বৰুৱাৰ নাম, যাৰ কবিতাৰ মাজৰ লীৰিকেল সুৰ এটাই আজিকোপতি
নতুন নতুন কবিৰ কবিতাৰ মাজতো ধৰা দি কবিতাক এক বহল সংখ্যক পাঠকৰ মাজত জনপ্ৰিয় কৰি ৰাখিছে।
১৯৬৬ চনত কবিতাপুথিত সংকলিত কবিতাৰ "তুমি নুবুজিবা
সখি!/ কিনো বেদনাত/ ষষ্ঠীত প্ৰতিষ্ঠা
কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ/ বিফল সন্ধ্যাত" ধৰণৰ
সুৰ এটা এতিয়াও অসমীয়া কবিতাত সুলভ। "কবিতা এটা লিখাৰ আগেয়ে (অথবা পঢ়াৰ আগেয়ে)
সুৰ এটাই ধৰা দি যায়" জাতীয় কিছু স্বীকাৰোক্তি (?) অথবা ব্যাখ্যা মাজে মাজে শুনিবলৈ
পাই থাকোঁ। কিছু কবিয়েও এইখিনি কথা কৈ আহিছে, কিছু কবিৰ সম্পৰ্কে কিছু সমালোচকেও এই
একেখিনি কথাকেই কৈ আহিছে। এই সুৰৰ মোহত আবিষ্ট কবিকূল আৰু সমালোচকবৃন্দৰ জনপ্ৰিয়তাৰ
বাবেই "কবিতা সুখপাঠ্য হ'ব লাগে" ধৰণৰ মতপোষণৰ মাজেদি এটা "সুখপাঠ্যতা"ৰ
ধাৰণা এতিয়াও আমাৰ মাজত সুখেৰে খাই বৈ জীয়াই আছে। তাকৰীয়া অলপমান কবিহে আছে যাৰ কাৰণে
এই সুৰটো প্ৰথম চৰ্ত নহয়। (মন কৰিব এই 'সুৰ'ৰ ধাৰণাটোৰ লগত কবিতাৰ ছন্দৰ কিম্বা ধ্বনিময়তাৰ
কোনো সংগতি নাই।) এনেকুৱা কেৱল "কিবা জনা নজনা, চিনা নিচিনা সুৰ এটাই মনত দোলা
দি যায়" বুলিয়েই সিদ্ধাৰ্থ শংকৰ কলিতাৰ কবিতাৰ কথা সামৰি থ'ব নোৱাৰি।
জনমানসত
থকা সহজ ধাৰণাৰ বিপৰীতে শব্দৰ অৰ্থত বান্ধ খাই থকাজন কবি নহয়েই, আনকি আৰু এঢাপ আগুৱাই
ক'ব খোজোঁ শব্দৰ মোহত আবিষ্ট হৈ ৰোৱাটোও কবিৰ কাম নহয়। শব্দক এটা নতুন মাত্ৰা দিয়াত,
শব্দক অৰ্থৰ বন্ধনৰ পৰা মুক্তি দিয়াত, শব্দৰ সম্ভাৱনাৰ পৰিসৰ বহলাই নিবলৈ চলোৱা প্ৰচেষ্টাতেইহে
কবিজন কবি হৈ উঠে। "পলিথিনৰ ঢোঁৰাকাউৰী" সংকলনখনৰ প্ৰথমটো কবিতাতে ("চহৰখনলৈ
যেতিয়া সন্ধিয়া নামে") তৰালি শব্দটো কেইবাটাও মাত্ৰালৈ সম্প্ৰসাৰিত হৈছে।
"চহৰখনলৈ যেতিয়া
সন্ধিয়া নামে
আবেগত ভৰ দি
তৰালি বাজি উঠে"
পংক্তিটো
স্বয়ংসম্পূৰ্ণ। সন্ধিয়াৰ সৈতে তৰালিৰ সংযোগখিনি সহজাত ধাৰণাৰে সৈতে পাঠকে নিজে নিজে
বিচাৰি উলিয়াব। কিন্তু তৰালি বাজি উঠাৰ কাৰবাৰটো প্ৰথম চমক। চাক্ষুস অভিজ্ঞতা এটাক
শাব্দিক প্ৰপঞ্চৰ ৰূপত তুলি ধৰাটো এটা চমকেই। এই আলংকাৰিক প্ৰয়োগ নীলমণিৰ 'কিন কিন
হেঙুলীয়া'ৰ দৰে। কিন্তু এইখিনিয়ে শেষ কথা নহয়। এটা দৃশ্যমান জ্যোতিকণাক বাজি উঠাৰ ধ্বনিসংগতি
দিয়া চমকটোতে আৱদ্ধ হৈ থাকিলে পাঠকে ঠগন খাব। কাৰণ সিদ্ধাৰ্থৰ কবিমন একমাত্ৰিক অথবা
সৰলৰৈখিক নহয়। সমান্তৰাল তলৰ সহাৱস্থান সিদ্ধাৰ্থৰ কবিতাৰ চৰিত্ৰ। এই চৰিত্ৰই এটা সুৰ
ধৰি আগ বঢ়া অসমীয়া কবিতা পঢ়ি অভ্যস্ত পাঠকক সন্তুষ্ট নকৰিবও পাৰে। এই একেটা কবিতাতে
"সাগৰলৈ মেলি দিয়ে/ তাইৰ ঢৌ খেলা চুলিটাৰি"-ৰ দৰে দুটা চৰণে কাব্যিক আৰু
তাতোকৈ বেছি লীৰিকেল সুৰ এটা ধৰিবৰ চেষ্টা কৰি আকৌ ক'বলৈ লয়
"কেতিয়াবা
বাইকেৰে উটি আহে
দুজন চেঙেলীয়া"।
আৰম্ভণীতে
আপাত দৃষ্টিত ধৰা পৰা এটা পাৰিৱেশিক বৰ্ণনাৰ অংশ যেন লগা "তৰালি" ক্ৰমশ:
এটা চৰিত্ৰলৈ পৰ্যৱেশিত হৈ উঠে। সেই চৰিত্ৰক কেন্দ্ৰ কৰি আগবাঢ়ে ঘটনাৰ বৰ্ণনা। কবিতাত
মাটিৰ গোন্ধ থাকিব লাগে বোলা এক ধৰণৰে ধূতি-নীতিৰে আক্ৰান্ত অসমীয়া কবিতাৰ মহলত পেষ্টোৰেল
বা গ্ৰামীণ পৰিৱেশৰ আধিপত্যৰ মান্যতা আছে। তেনে ক্ষেত্ৰত আশ্চৰ্যজনকভাবে সিদ্ধাৰ্থৰ
কবিতা নগৰীয়া। জোনৰ পোহৰৰ বিপৰীতে হেল'জেনৰ পোহৰতহে কবিয়ে দেখে খিৰিকীৰে দৃশ্য।
শব্দ আৰু শব্দৰ বিন্যাস চয়নত সিদ্ধাৰ্থ শংকৰ কলিতাই বিশেষ মনযোগ
আৰোপ কৰে। কেতিয়াবা আপাত দৃষ্টিৰে পৰস্পৰ সংযোগৰহিত দুটা শব্দৰ যুগপৎ উপস্থিতিয়ে পাঠকক
কিছু সময়ৰ বাবে থমকি ৰৈ ভাবিবলৈ বাধ্য কৰায়। সিদ্ধাৰ্থৰ কবিতা ৰূপক-ঘন। এইখিনিতে মন
কৰিবলগীয়া যে মেটাফৰ আৰু এলিগ'ৰী- দুয়োটাৰে প্ৰচলিত অসমীয়া ৰূপ- ৰূপক। "পলিথিনৰ
ঢোঁৰাকাউৰী"ৰ কবিতাখিনিত বাচ্যালংকাৰ ৰূপক আৰু এটা আবয়ৱিক ঠগ হিচাপে ৰূপক- দুয়োটাই
সমানে উপস্থিত।
সকলোৰে
শেষত কবিতা শব্দৰ খেল। এই শব্দৰ খেলাখনত ধ্বনিৰ গুৰুত্ব বিশেষভাবে মনকৰিবলগীয়া। আনটো
গুৰুত্বপূৰ্ণ দিশ হ'ল এইবোৰৰ মাজত নিহিত থকা অন্তৰ্পাঠৰ ঘনত্ব। প্ৰতিটো কবিতায়েই পূৰ্ৱাপৰস্থিত
কোনোবা নহয় কোনোবা পাঠৰ অনুষংগ টানি আনে। "খলনৰকাসুৰ" কবিতাটোৰ নীলিম কুমাৰৰ
"নৰকাসুৰ" কবিতাটোৰ সৈতে এটা তুলনামূলক বিশ্লেষণ আগবঢ়াই সুলেখক মৃদুল শৰ্মাই
এই কথা স্পষ্ট কৰি থৈছে যে সিদ্ধাৰ্থৰ কবিতা সৰলৰৈখিক কিম্বা একমাত্ৰিক নহয়
("এটা মিথ্ আৰু দুটা কবিতা", ড: মৃদুল শৰ্মা, গৰীয়সী, ছেপ্টেম্বৰ, ২০১৭)।
এই মাত্ৰাৰ বহুত্বই নাটকীয় সংঘাতৰ সৃষ্টি যেনেকৈ কৰে, তেনেকৈয়ে সৃষ্টি কৰে শ্লেষ আৰু
ব্যংগৰ। কেতিয়াবা প্ৰচলিত কিংবদন্তী বা মীথ আহি তেওঁৰ কবিতাত সোমাইছেহি, আৰু আন সময়ত
তেওঁৰ কবিতাৰ মাজৰ বৰ্ণনাই নিজেই এটা মীথ স্বৰূপ সংবেদনশীলতা পৰিগ্ৰহণ কৰিছে। "চকু",
"পত্নীৰ প্ৰেমিক" আদি কবিতাবোৰ একো একোটা কাহিনীকথন।
কথকতাত
গীতিময়তাতকৈ নাটকীয়তাক আকোঁৱালি লোৱাটো "পলিথিনৰ ঢোঁৰাকাউৰী"ৰ কবিতাসমূহৰ
বৈশিষ্ট্য। নাটকীয়তা বোলোতেও সাধাৰণ অৰ্থত নাটকীয় প্ৰয়োগৰ উপযোগী, নাট্য-চেতনাৰ অনুষংগ
আদিৰ কথা বুজোৱাতকৈ ক'ব খুজিছোঁ যে কবিতা একোটাৰ গঢ়-গতি নিজেই নিজৰ মাজতেই এটা নাট্য
অভিজ্ঞতাৰ আধাৰ। কবিতাৰ পঠনে উৎকণ্ঠা, বিস্তাৰ আৰু সংঘাতৰ মাজেৰে আগবাঢ়ি এক অনন্য অভিজ্ঞতা
প্ৰদান কৰে। "খলনৰকাসুৰ", "সীতা", "শিয়ালৰ পৰমপিতা"ৰ
দৰে কবিতাত দেখ দেখকৈ মীথৰ অনুষংগ আছে। কিন্তু কবিতাকেইটিৰ গঢ়-গতিয়েও মীথৰ কথকতা আৰু
নাটকীয় দ্যুতি পৰিগ্ৰহণ কৰাটোহে অধিক চিত্তাকৰ্ষক ঘটনা। কোনো মীথৰ অনুষংগ নথকাকৈও
"চকু" অথবা "মায়াপুৰী" শীৰ্ষক সমসাময়িক নগৰীয়া কিম্বা মফস্বলীয়
পদ্যসমূহেও নিজৰ মাজতেই এক ধৰণৰ মীথৰেই নিৰ্মাণ কৰি গৈছে। "নৈৰ প্ৰেমিক"
কবিতাৰ বেলকনি, আৰামী চকী, এছটা শিল এইবোৰ থিয়েটাৰী প্ৰপ (প্ৰ'পাৰ্টী) নহয়। এই বস্তু
বা সম্পদসমূহো একো একোটা চৰিত্ৰ। বস্তু, স্থান, সময়, মানুহ, আবেগ আদি মূৰ্ত কিম্বা
বিমূৰ্ত, জৈৱিক কিম্বা অজৈৱিক সমস্ত উপাদানক চৰিত্ৰায়ণ কৰি এখন সমতলত উপস্থাপন কৰিব
পৰাটো এটা বিশেষ দক্ষতা। আৰু সমস্ত কথকতাৰ পৰিসমাপ্তি ঘটে একোটা অপ্ৰত্যাশিত কৃশ বা
সূক্ষ্ম (subtle) সংঘাতত, যিটো সচৰাচৰ একাংকিকা নাটকৰ আৰু ছুটিগল্পৰ বিশেষ বৈশিষ্ট্য
বুলি পৰিগণিত হৈ থাকে। কোনোটো কাহিনী কথনৰ বেলিকায়ে পাঠকে আৰম্ভণীতে অনুমান কৰিব নোৱাৰে
পৰিসমাপ্তি কি হ'বগৈ। সেয়েহে এটা দুটাকৈ "পলিথিনৰ ঢোঁৰাকাউৰী"ৰ কবিতাসমূহ
পঢ়ি গৈ থাকোতে ক্ৰমশ: পাঠকৰ জিজ্ঞাসাও বাঢ়ি গৈ থাকে আৰু প্ৰতিটো কবিতাতেই এটা সংঘাতৰ
বাবে পাঠক-মন উৎসুক হৈ ৰৈ থাকে।
কিন্তু
সকলোৰে শেষত চকুত পৰা বিশেষ চৰিত্ৰিক বৈশিষ্ট্যটো হ'ল শব্দৰ সংঘাতৰ মাজেৰে ধৰা পৰা
এটা শ্লেষ, ব্যংগ অথবা ননচেন্সৰ চেতনা। এখন একক সমতলত কথা পাতিবলৈ যেন কবি নাৰাজ। এই
কথাটোৰেই প্ৰমাণ পাওঁ "নীলা" কবিতাটোৰ সমস্ত দেহভাগ আগবঢ়াৰ পিছত শেষলৈ যেতিয়া
কয়-
"ছে:
নীলাৰ
কথা কৈ কৈ মিছাতে আপোনাক আমনি কৰি আছোঁ
আপুনি
পিছে ইমান একাণপতীয়াকৈ শুনি আছে যে!"
"প্ৰাপ্তিয়ে
কেতিয়াও পলুৱাব নোৱাৰে/ অপ্ৰাপ্তিৰ পিয়াহ" বুলি এটা পৰ্যবেক্ষণ মূলক সিদ্ধান্তৰে
আৰম্ভ কৰা "শিয়ালৰ পৰমপিতা" কবিতাটোৰ আধাৰ মীথ তথা মহাকাব্য। জীৱন আৰু জগতবীক্ষাৰ
কথাৰে ভৰা এই ধৰণৰ কবিতাই মহাকাব্যিক চৰিত্ৰ আৰু পৰিস্থিতিৰ পুনৰ-পাঠ নিৰ্মাণেৰে আধুনিকতাৰ
সৌধ নিৰ্মাণ কৰা নৱকান্ত বৰুৱাৰ দৰে কবিলৈ মনত পেলোৱাটো স্বাভাৱিক। কিন্তু সিদ্ধাৰ্থ
শংকৰৰ কবিতাৰ মাজৰ মহাকাব্যৰ উপস্থিতিয়ে এখন সমতলৰ পৰা অন্য এখন সমতললৈ নিমিষতে গতি
কৰিবৰ সাহস (দু:সাহস) ৰাখে।
"যেতিয়া
মলত্যাগৰ সময়ত সন্মুখীন
হোৱা
চূড়ান্ত জটিলতাই
শিয়ালক সলনি কৰে
ফেউৰালৈ"।
ইয়াৰ
আগলৈকে মানৱ, মহামানৱ, কাব্য, মহাকাব্য, জগত, মহাজগত আদিৰ প্ৰতি সুউচ্চ ধাৰণাৰ সৌধ
নিৰ্মাণ কৰি চলা আধুনিক কবিৰ পক্ষে এই কাৰ্য সম্ভৱপৰ নাছিল।
ভিন্ন
সমতলৰ সংঘাতখিনিয়ে কিছু পাঠকক আৰম্ভণীতে অতৃপ্ত কৰিলেও পিছলৈ এই চৰিত্ৰয়েই বিশেষ আনন্দৰো
যোগান ধৰিব। যিকেইটা কবিতাত এই সমতলৰ বহুত্বৰ অভাৱ সেইকেইটা কবিতাহে পুনৰপঠনত কিছু
পৰিমাণে দুৰ্বল যেন লাগিবগৈ পাৰে। "সীতা" নামৰ কাহিনীটো ব্যক্তিগতভাবে মই
শুনিছিলোঁ ২০০৬ চনত দাক্ষিণাত্যৰ পুৰাতাত্বিক অঞ্চলত ভ্ৰমণৰ কালত। মহাৰাজা ছায়াজী ৰাও
বিশ্ববিদ্যালয়ৰ অধ্যাপক দীপক কাণাল অজস্ৰ মীথ আৰু সাধুকথাৰ ভঁড়াল। তেখেতে শুনাইছিল
লংকাজয়ৰ পিছত সীতাৰ প্ৰত্যাৱৰ্তনৰ কালত বান্দৰ সুন্দৰীসকলৰ মাজত জাগ্ৰত হোৱা ঔৎসুক্যৰ
কাহিনী- সীতা কিমান সুন্দৰী? এই একেটা কাহিনীয়েই আহি সিদ্ধাৰ্থ শংকৰৰ কবিতাত পুনৰকথিত
হৈছেহি। কাহিনীটোৰ মাজেদি সাংস্কৃতিক ভিন্নতা সাপেক্ষে সৌন্দৰ্যৰ ধাৰণাও যে ভিন্ন হয়
তাকেই সূচায়, তাৰ লগতে প্ৰচলিত ক্ষমতাৱন্তৰ সৃষ্ট কাহিনী আৰু ইতিহাস-কথনৰ সমান্তৰাল
ভাবে থাকিব পৰা বা থকা নিম্নবৰ্গীয়ৰ বৈকল্পিক ব্যাখ্যানকো সূচায়। কাহিনীটো নিজেই নন্দনতত্ব
সম্পৰ্কীয় এটা বাগধাৰাৰ প্ৰতিভূ। সৌন্দৰ্যৰ ধাৰণা, সেই ধাৰণাৰ সৈতে প্ৰাসংগিক অনুষংগৰ
সংযুতি আৰু সেই ধাৰণাৰ বাচিক কিম্বা দৃশ্যগত প্ৰতিৰূপায়ণ- এই গোটেইখিনি কথা পাতিবৰ
বাবে এই কাহিনীটোৱে দুৱাৰ মুকলি কৰি দিয়ে। ব্যংগ আৰু হাস্যৰ জৰিয়তে আনন্দদায়ক হ'লেও
পৰ্যাপ্ত সুযোগ থকা সত্বেও এইটো কবিতাত সমতলৰ বহুত্ব অনুপস্থিত হোৱাটোৱে (যিটো কামত
কবি সিদ্ধাৰ্থ আচলতে সিদ্ধহস্ত) আমাক নিৰাশ কৰে।
কবিতাচৰ্চাৰ
সৈতে জড়িত হৈ থকা সময়লৈ চাই কবিৰ কবিতাৰ সংখ্যা তেনেই তাকৰীয়া। সংখ্যাৰ দিশেৰে একেদিনাই
অনেক কবিতা লিখি উলিওৱা কবিযশপ্ৰাৰ্থীৰে ভৰি থকা এই সময়ত সিদ্ধাৰ্থৰ কবিতাৰ প্ৰতি এই
মনোবৃত্তি প্ৰশংসনীয়। পাঠক হিচাপে আমাৰ অনুভৱ হয় একো একোটা শব্দ আৰু শব্দ-বিন্যাসৰ
চয়নৰ আঁৰত কবিয়ে হয়তো যথেষ্ঠ সময়ৰ বিনিয়োগ কৰে। স্বতষ্ফুৰ্ততাক কবিয়ে নাকচ কৰি চলিছে।
অসমীয়া কবিতাৰ সুৰীয়া ধাৰাটোৰ পৰা আঁতৰত বুলি কৈছিলোঁ যদিও শব্দৰ ধ্বনিময়তাৰ প্ৰতি
একান্ত মনোযোগেৰে পাঠৰ ধ্বনিময় অভিজ্ঞতা এইখিনি কবিতাই প্ৰদান কৰে। তাৰ ফলত অত্যন্ত
জটিল ৰূপকৰ ঘনত্বই কোনোবাটো কবিতা বুজিবলৈ টান পালেও পাঠকক পাঠৰ অনন্দৰ পৰা বঞ্চিত
প্ৰতিহত নকৰে। সেই অৰ্থত ক'ব লাগিব "পলিথিনৰ ঢোঁৰাকাউৰী"ৰ কবিতাখিনি ধ্বনিময়
পঠনৰ অভিজ্ঞতা, ৰূপক-ঘন কথকতা আৰু গদ্যময়তাৰ সুষম সংশ্লেষণ।
কিন্তু
কবিতা এটা লিখিবলৈ লৈ তাক এটা শৰীৰ দিবৰ সময়ত কবিয়ে জড়তা অনুভৱ কৰে নেকি সেই শংকাও
মাজে মাজে হয়। যাৰ ফলত কেইটিমান কবিতাৰ কলেৱৰ আৰু অলপ সৰু হ'লে ভাল আছিল যেন লাগিব।
অৱশ্যে সেয়া সাংঘাতিক দোষণীয় একো নহয়। সিদ্ধাৰ্থ শংকৰ কলিতা এই লেখকৰ সমসাময়িক। একে
বয়সৰ আন কবিয়ে যি সময়ত কবি-যশ-কামনাৰে কাকত আলোচনীৰ পাতত কবিতা প্ৰকাশৰ কচৰৎ কৰিছিল
সেই সময়তে সিদ্ধাৰ্থয়ো কবিতা লেখা আৰম্ভ কৰিছিল যদিও নিজকে কবিতাৰ পাঠক হিচাপেহে স্বীকৃতি
দি বেছি ভাল পাইছিল। কেৱল বয়োজ্যেষ্ঠ অগ্ৰজৰ কবিতাহে যে সিদ্ধাৰ্থৰ কণ্ঠস্থ আছিল এনে
নহয়। নিজৰ সমকালীন ন-লেখকৰ কবিতাও সিদ্ধাৰ্থই উদ্দাত্ত কণ্ঠে আওৰাবৰ ক্ষমতা ৰাখিছিল
যিটো আমাৰ মনত এটা বিৰল ঘটনা। ব্যাপক স্তৰত কবিতাৰ অধ্যয়ণ আৰু গৱেষণাৰ মাজেৰে আহি আজি
সিদ্ধাৰ্থ শংকৰে নিজকে কবি হিচাপে নিজকে পৰিচয় দিবলৈ লৈছে। এইখিনিতেই আমাৰ পৰামৰ্শ
এয়ে যে সিদ্ধাৰ্থ শংকৰে কবি হিচাপে আৰু অলপ সঘনে লেখা মেলা কৰিবলৈ লওক। আৰম্ভণীতেই
কৈ আহিছোঁ, এইজন কবিক আধুনিক কবি বুলি উল্লেখ কৰা উচিত নহয়। কবিতা লিখাৰ নামেৰে বিৰাট
দায়িত্ব লৈ তেওঁ বহি থকা নাই। শোণিতপুৰৰ (এতিয়াৰ বিশ্বনাথ জিলাৰ) চতিয়া নামৰ কৃষিভিত্তিক
জীৱন-প্ৰৱাহৰে ভৰপুৰ সৰু অঞ্চলটোৰ বাসিন্দা হৈয়ো নিজকে চহা-জীৱনৰ অনুৰাগী বুলি দেখুৱাবলৈ
তেওঁ যেনেকৈ ধান-গান-বানৰ ছন্দময়তাত আৱদ্ধ হৈ থাকিবলৈ নাৰাজ, একেদৰেই সমাজৰ দায়িত্ববোধ
প্ৰদৰ্শণ কৰাৰো দায়ভাগ লৈ থকা নাই। আজি কবিৰ মজা কৰাৰ মন- এয়াও কবিৰ মেজাজ।
সমুদ্র
কাজল শইকীয়া
Samudra Kajal Saikia
Rajya Sabha
Television (RSTV), 3rd Floor,
Talkatora
Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com,
mobile: +91
9811375594
No comments:
Post a Comment