[Dainik Asam, 28 April, 2019]
অনুপম কৌশিক বৰাৰ “বৰনদী ভটিয়ায়” চোৱাৰ
মজাটোৱেই বেলেগ। এই যে “বেলেগ”, এই কথাটোৱেই আমাৰ মনত এটা মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি
কৰিছিল। আশা কৰোঁ বেছিসংখ্যক দৰ্শকৰ মনতে এনে হ’ব। এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা।
কেৱল চিনেমা চোৱাৰ ক্ষেত্ৰতে নহয়, যিকোনো শিল্পৰূপৰ বাবেই আমি কিছুদিনৰ পৰা বাৰে বাৰে
দোহাৰি থকা কিছুমান সিদ্ধান্ত এইখিনিতে পুনৰ সন্মুখলৈ গুছি আহে।
চিনেমাখনে কাহিনী এটা ক’ব খোজে। কাহিনীটো
নিজেই কেইবাটাও কাহিনীৰ গুণিতক। অলপ সৰলীকৰণ কৰি চাবলৈ গ’লে কাহিনী এটা নিটোল ভাবে
কৈ যাব পৰাটোৱেই চিনেমা নিৰ্মাতাৰ প্ৰথম আৰু ঘাই দায়িত্ব তথা প্ৰত্যাহ্বান, ঠিক যেনেকৈ
চৰিত্ৰ এটাক বিশ্বাসভাজন প্ৰত্যয়ী ৰূপত দাঙি ধৰিব পৰাটোৱেই অভিনেতাৰ প্ৰথম চৰ্ত। কাহিনী
শুনি (চাই) ভাল পোৱা ৰাইজে বৰনদী ভটিয়ায়ৰ কাহিনীত মজা পাবই। কিন্তু তাৰো আগবাঢ়ি চিনেমাখনে
আন কিছুমান বস্তু আমালৈ এৰি থৈ যায়। চিনেমাখনৰ উৎকৰ্ষতা এইখিনিতেই। বৰনদী ভটিয়ায়-ৰ
কাহিনীটো নিজেই এটা কাহিনী কেৱল নহয়, বৰঞ্চ এটা কাহিনীকথনৰ কাহিনী। কাহিনী এটা কৈ যোৱাতকৈও
কাহিনীটো কেনেকৈ ক’ম সেই কথাটোক আগলৈ লৈ অনাটো চিনেমাখনৰ কৃতিত্ব। মাজুলী চিনেমাখনৰ
পটভূমি, আৰু একপ্ৰকাৰে মাজুলী কেন্দ্ৰীয় বিষয়বস্তুও। কিন্তু মাজুলী সম্পৰ্কে থকা আমাৰ
সহজ ধাৰণাখিনি ই নস্যাৎ নকৰিলেও মাজুলী সম্পৰ্কে বিশেষ বেছি কথাও নকয়। সাংস্কৃতিক প্ৰাণকেন্দ্ৰ
অথবা বানপানীৰ অনুষংগখিনি সামান্যভাবেহে আহিলেও দৰ্শকৰ সামূহিক স্মৃতিৰ কোঠালিত সেইবোৰ
আছেই বুলি ধৰি লৈ তাৰ আগৰ পৰা কথাবোৰ আগবাঢ়ে। সেই হিচাপেৰে বৰনদী ভটিয়ায় এক ধাৰণাবাদী
বা কনচেপচুৱেল আৰ্ট। কেইবাটাও কাহিনীৰ সংযোজনেৰে এখন চিনেমাৰ নিৰ্মাণ আৰু নতুন কথা
হৈ থকা নাই। ইয়াৰ আগতে ভাস্কৰ হাজৰিকাৰ “কথানদী”, সান্তনা বৰদলৈৰ “মাজৰাতি কেতেকী”
অথবা ৰীমা বৰাৰ “বকুল”ৰ সোৱাদ অসমৰ ৰাইজে পাই থৈছে। কিন্তু তথাপি “বৰনদী ভটিয়ায়”ৰ ক্ষেত্ৰত
অসৰলৰৈখিক আৰু কথকতাৰ বহুত্বখিনি অলপ পৃথক। প্ৰটাগনিষ্ট-কেন্দ্ৰিক নেৰেটিভৰ ধাৰণাটো
চিনেমাত চিৰকালেই প্ৰভাৱশালী হৈ থাকিলেও প্ৰটাগনিষ্ট-ৰ ধাৰণাটোৱে ইয়াত প্ৰাধান্য নাপায়।
সেয়েহে চিনেমাখনৰ নিৰ্মাতাসকলে ইয়াৰ সাৰাংশ বা চিনপছিছ লিখিবৰ পৰত কেনেধৰণৰ অসুবিধাৰ
বা সন্মুখীন হৈছিল- এনে কথাত কৌতূহল জাগে। ঠিক প্ৰটাগনিষ্ট নহয় কিন্তু কেন্দ্ৰীয় চৰিত্ৰ
মৌকণে বেজী-গুলিৰে ফুল বাচি থকালৈ চাই এনে লাগে যেন মৌকণেই এই কাহিনীগুচ্ছক সী গৈ আছে।
কনচেপচুৱেল আৰ্ট কথাষাৰ ইচ্ছাকৃতভাবেই
উল্লেখ কৰিছিলোঁ কাৰণ ইয়াত শিল্পদৰ্শনৰ তাৎক্ষণিক আনন্দখিনিয়েই শেষ কথা হৈ নাথাকে।
সাময়িক আনন্দপ্ৰদানৰ উৰ্দ্ধলৈ গৈ দ্ৰষ্টাৰ মনক কিছুমান প্ৰশ্নৰ উদ্ৰেক কৰিবলৈ শিল্প
উদ্যত হৈ ৰয়। তাকে কৰিবলৈ যাওতে শিল্প নিৰ্মাণৰ আৰু শিল্প অনুধাৱনৰ কিছুমান মূলগত পদ্ধতি
আৰু উপাদানক ইয়াত পৃথক পৃথক কৈ তুলি ধৰা হয়। মঞ্চৰ অভিনয় বনাম ৰূপালী পৰ্দাৰ অভিনয়ৰ
ধৰণ-কৰণৰ প্ৰভেদ তথা চিনেমাত নাটকীয়তা আৰু নাট্য উপাদানৰ সচেতন প্ৰয়োগ তেনে এটি বিষয়।
অসমীয়া চিনেমাৰ অভিনয়ত অতিনাটকীয়তা এটা পুৰণি গুৰুতৰ অভিযোগ। তাৰ বিপৰীতে আৰু অলপ আগবাঢ়ি
গৈ সচেতন ভাবে নাটকীয়তাৰ প্ৰয়োগ কিন্তু আন এটা মজাৰ বিষয়। পূৰ্ৱস্থিত এটা নাট্যৰূপক
চিত্ৰনাট্যৰূপ দিয়াটো নতুন কথা নহয় আৰু ইচ্ছাকৃতভাবেই নাটকীয় সংবেদনশীলতাক ব্যৱহাৰ
কৰাৰো দেধাৰ উদাহৰণ আছে। এই দিশেৰে ইয়াৰ আগতে “ৰ’দৰ চিঠি” নামৰ চিনেমা এখনে মানুহক
বিৰক্ত কৰিছিল। “বৰনদী ভটিয়ায়”ত নাটকীয় উপাদানৰ সূক্ষ্ম (Subtle) প্ৰয়োগে দৰ্শকক আনন্দ
দিব। তেনেদৰেই, এটা বিশেষ গানৰ দৃশ্যাংশত মাজুলীবাসী বিভিন্ন ব্যক্তিৰ মুখাবয়ব এখনৰ
পিছত এখনকৈ আহিবলৈ ধৰে- এটা কলাজৰ দৰে। মূল কাহিনীটোৰ সৈতে ইয়াৰ পোনপটীয়া সংযোগ বিচাৰিবলৈ
গ’লে ভুল কৰা হ’ব। সকলোতে যুক্তি নাখাটে। চিনেমাখনৰ নিজস্ব গতিৰ যুক্তিৰেহে ইয়াক চাব
লগিব। একেদৰেই একোটা আকস্মিক মৃত্যুৰ দৃশ্যত ক’তো কেনিও শোকৰ চিন চাব নাই। মৃত্যুৰ
দৰে এটা জটিল আৰু চৰম গভীৰ বিষয়তো হাঁহিৰ খোৰাকহে যোগায় এই চিনেমাখনে। এনে কেতবোৰ দিশেৰে
চাবলৈ গ’লে “বৰনদী ভটিয়ায়” আচলতে এখন ননচেন্স ফিল্ম।
ধাৰা, শৈলী, ৰীতি, প্ৰকাৰ কিম্বা
genre চিনেমাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ এইবাবেই যে এটা এটা genre-এ একো একোধৰণৰ
বিশেষ সংবেদনশীলতাৰ দাবী কৰে। দ্ৰষ্টাৰ প্ৰত্যাশা যেনেকৈ সেই অনুযায়ী বাঢ়িবলৈ লয়, নিৰ্মাণ
কৌশল আৰু নন্দনতাত্বিক সমল-সঁজুলি সমূহেও সেইমতেই গঢ়-গতি ল’বলৈ আৰম্ভ কৰে। এতিয়া প্ৰশ্নটো
হ’ল “বৰনদী ভটিয়ায়” কেনেকুৱা চিনেমা এই প্ৰশ্নটোৰ উত্তৰ কেনেকৈ দিম? কি genre-ৰ চিনেমা?
চিনেমাখন নিৰ্মাণ হোৱাৰ পৰত আৰু নিৰ্মাণ হৈ যোৱাৰ পিছতো মাজুলীৰ পটভূমিত চিনেমা এখন
হৈ আছে বুলি খবৰ প্ৰচাৰ হৈ আছিল আৰু কিছুমান নিৰ্মীয়মান অৱস্থাৰ স্থিৰচিত্ৰও আমি চাবলৈ
পাই আছিলোঁ। মাজুলীৰ পটভূমিত বুলি কোৱাৰ লগে লগেই চিৰিয়াছ চিৰিয়াছ ভাব এটা আহিয়েই যায়।
প্ৰিমিয়াৰ শ্ব’ এটা হৈ যোৱাৰ পিছত সাধাৰণ ৰাইজৰ বাবে ৰীলিজ দিবৰ পৰত নিৰ্মাতাসকল অলপ
অসুবিধাত পৰিল। প্ৰথম দৰ্শনৰ দৰ্শক সকলৰ একাংশৰ প্ৰতিক্ৰিয়া মিশ্ৰিত আছিল। কাৰণ সাংঘাতিক
চিৰিয়াছ কাহিনী এটা চাবলৈ গৈ তেওঁলোকে হেনো গোটেই সময় জুৰি হাঁহি হাঁহি উপভোগ কৰি এটা
‘ফীল গুড’ ফেক্টৰ লৈহে হলৰ পৰা ওলাই আহিল। অনুপম কৌশিক বৰাৰ লগত এবাৰ এই সম্পৰ্কত কথাও
হৈছিল যে নতুনকৈ ৰীলিজ হ’বলগীয়া চিনেমাখনৰ পোষ্টাৰৰ আবেদনটো কেনেকুৱা হোৱা উচিত? যিকোনো
চিনেমাৰে প্ৰম’চনৰ স্তৰত ই এক জটিল সমস্যা। কাৰণ পোষ্টাৰ এখনে আন একো নক’লেও অন্তত:
চিনেমাখন কোন জাতৰ সেই কথাটো কৈ দিয়ে। পোষ্টাৰখন চায়েই আপুনি গম পায় চিনেমাখন কল্পবিজ্ঞানৰ
নে সামাজিক ড্ৰামা নে থ্ৰীলাৰ নে হাস্য-ব্যংগৰ। পোষ্টাৰ এখনত চকু পৰা মাত্ৰেই চিনেমাখন
চাবলৈ আপোনাৰ মানসিক প্ৰস্তুতি আৰম্ভ হৈ যায়।
এই প্ৰশ্নটো “বৰনদী ভটিয়ায়”ৰ বাবে
বেছি জটিল আছিল এই কাৰণেই যে চিনেমাখনে এটা নিজস্ব একক শৈলীৰ নিৰ্মাণ কৰি চলে। সম্পূৰ্ণ
নিজস্ব ধৰণেৰে ইয়াৰ আগতে সাৰ্থক ভাবে এটা শৈলীগত প্ৰশ্ন তুলি ধৰি আমাক চমৎকৃত কৰিব
পৰা অসমীয়া চিনেমা আছিল জয়চেং দহোতীয়াৰ “হান্দুক”। বৰনদীত হাস্যৰসৰ উপাদান সৰ্বত্ৰ
ভৰি আছে আৰু সেইবোৰৰ ঘাইকৈ দুটা প্ৰকৃতিৰ। এটাৰ প্ৰকৃতি ননচেন্স আনটোৰ ব্যংগ। ননচেন্স
খিনি বিষয়বস্তুৰ ফালৰ পৰাও আৰু চিনেমেটিক উপস্থাপনৰ দিশেৰেও। চিনেমাখনৰ টাইটেল চং-টোৰ
মাজতেই অধিবাস্তৱবাদৰ নিচিনা দৃশ্যকল্প আছে এনেধৰণেৰে-
“আকাশত ওলমে
ডাঁৱৰৰ টোপোলা
ক'লা দাঁত নিকটাই
বৰষুণ বতিয়ায়…”
কিছুমান উপাদান থাকিলেও ননচেন্স সাহিত্যৰ
ক্ষেত্ৰত ব্যৱহৃত ননচেন্স অভিধাটো ইয়াত হুবহু ৰূপত হয়তো উল্লেখ কৰিব পৰা নাযাব। ইয়াত
ননচেন্স হাস্যৰ অনুভৱখিনি বহু পৰিমাণে কাষ চাপি যায় ডাৰ্ক হিউমাৰ আৰু ব্লেক কমেডীৰ
ফালে। হাঁচি এটা মাৰিয়েই মানুহ এজন মৰি যায়। তাৰ পিছত আপুনি অপেক্ষা কৰি ৰয় পৰৱৰ্তী
হাঁচিটো বা কোনে মাৰে। প্ৰটাগনিষ্ট সাধাৰণতে সৰ্বগুণাকৰ “ভাল মানুহ” হোৱাৰ বিপৰীতে
সহজ সৰল দেখনীয়াৰ কেন্দ্ৰীয় চৰিত্ৰ মৌকণ (দৰথী ভৰদ্বাজ) আকৌ “কুলক্ষণীয়া”। ব্যংগৰ মূল
আধাৰটোক সমাজ বাস্তৱতা বা সমালোচকী দৃষ্টি বুলি নকৈ জনমানসত স্বাভাৱিকতাৰে সঘনে দৃশ্যমান
আৰু ক্ৰমে গৃহীত হ’বলৈ লোৱা ক্লিচে কিম্বা পাল্প বুলি ক’লেহে বেছিকৈ শুৱাব। গায়ক হ’বলৈ
মন কৰা ল’ৰাই কাব্যিক কাব্যিক যেন লগা নাম লৈ পপুলাৰ গায়ক হয়গৈ, মঞ্চত গায়ক উঠাৰ লগে
লগেই “বিহু লাগে বিহু লাগে” বুলি দৰ্শকে চিঞৰ ধৰে। ইয়াৰ আগতে “লোকেল কুংফু” শৃংখলাৰ
চিনেমা দুখনে অসমীয়া চিনেমালৈ পাল্প (Pulp) কমেডীৰ অনুভৱ এটা আনিছিল। মন কৰিবলগীয়া
যে লোকেল কুংফুৰ পৰিচালক কেনী বসুমতাৰী “বৰনদী ভটিয়ায়”ৰ এজন অভিনেতা সকলৰ এজন। একেদৰেই
মূলত: সামাজিক মাধ্যমত মিষ্টাৰ ৰাজকুমাৰৰ ভিডিঅ’ চিনেমাবোৰৰ সপক্ষে বিপক্ষে বিভিন্ন
প্ৰতিক্ৰিয়াই সঘনে স্থান পাবলৈ লওতে আমি ভাল পাইছিলোঁ এই কথাটোতে যে কেনেবাকৈ অসমৰ
স্থবিৰ আৰু ম’ন’লিথিক সাংস্কৃতিক পৰিমণ্ডলত পপুলাৰ আৰু “অন্য”(other) স্তৰৰ সমল সম্পৰ্কে
কথা পাতিবৰ সুবিধা এটাই লাহে লাহে গা কৰি উঠিছে। চিৰিয়াছ চিনেমা নিৰ্মাণৰ পৰম্পৰাগত
ভাবে বন্দিত ‘বাস্তৱবাদী’ দিশে আগ নাবাঢ়ি অন্য বাট লোৱাৰ বাবে নিৰ্মাতাৰ দু:সাহসক স্বীকাৰ
কৰিবই লাগিব। উল্লেখ কৰি থওঁ যে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীত প্ৰশিক্ষিত অনুপম
কৌশিক বৰাই ছবিও আঁকে, লিখা মেলাও কৰে। বহুআয়তনিক শিল্পচৰ্চাৰ অভিজ্ঞতা এনেকৈয়ে ফলপ্ৰসু
হয়। ইমানকালে অসমীয়া চিনেমাৰ ক্ষেত্ৰত নাটকৰ মানুহে চিনেমাৰ পথাৰত ভৰি থোৱাৰ ফলত মাধ্যমগত
অনুভৱত অনুবাদৰ বাবে ঘটা অথন্তৰখিনি অনুপমে নিৰাময় কৰিব পাৰিছে যেন লাগিল।
অনুপম কৌশিক বৰাৰ ৰচিত, প্ৰযোজিত আৰু
পৰিচালিত চিনেমা “বৰনদী ভটিয়ায়”, (In Love, By the River) ৮ মাৰ্চ ২০১৯-ত ৰিলীজ হোৱাৰ
কথা আছিল যদিও পিছুৱাই অহা মে’ মাহৰ তিনি তাৰিখে ছবিগৃহত মুক্তি পাব। দৰথী ভৰদ্বাজ, অনুপম কৌশিক বৰা, কেনী বসুমতাৰী,
সোণমণি শৰ্মা, কৌশিক নাথ, হিমাংশু গগৈ, ৰাজীৱ নাথ, মণিষা ভূঞা, দিগন্ত কোঁৱৰ আদি মেটমৰা
কলাকুশলীৰ দ্বাৰা অভিনীত মৌকণ, জয়, তপন, ভাস্কৰ, লুইত আৰু সীমান্তৰ এই কাহিনী (অথবা
কাহিনীগুচ্ছ) মুম্বাই ফিল্ম উৎসৱ (MAMI), ২০১৮-ৰ অ’ফিচিয়েল চিলেকচন আৰু ব্ৰহ্মপুত্ৰ
উপত্যকা ফিল্ম উৎসৱ, ২০১৮-ৰ সামৰণিৰ চিনেমা আছিল।
অধিকাংশ দৰ্শকেই চিনেমাখন আঁকোৱালি
ল’ব বুলি বিশ্বাস আছে। তাৰ মাজতো কিছুমানক হয়তো হতাশ কৰিব- যিটো স্বাভাৱিক। কিন্তু
ভাল পোৱা বেয়া পোৱাৰ ব্যক্তিগত স্তৰখিনিৰ সিপাৰে এই কথাও সত্য যে চিনেমাখনে বিভিন্ন
দিশেৰে দৰ্শক এজনক ভাবকুল কৰি তুলিবলৈ সক্ষম হ’ব। অসমৰ সাংস্কৃতিক পৰিমণ্ডলৰ উপলব্ধ
সমল সমূহক লৈ মাজে মধ্যে লেখা মেলা কৰি থাকোঁতে আমি প্ৰায়ে এটা সমস্যাৰ সন্মুখীন হওঁ।
ক’ব খোজা কথা বা পতি থকা বিষয়খিনিৰ অনুপাতে উপযুক্ত সমল প্ৰায়ে বিচাৰি পোৱা নাযায়।
একোটা তত্ব, বিশ্লেষণ কিম্বা আলোচনা আগবঢ়াই নিবৰ বাবে সন্মুখত সেই আলোচনাৰ বাবে উপযুক্ত
সমল নাথাকিলে সিদ্ধান্তখিনিয়েই বিভ্ৰান্তিকৰ হৈ ৰয়। আনহাতে চিনেমা বুলিলেই সদায়ে বিশ্ববন্দিত
ক্লাছিক সমূহ কিম্বা শিল্প বুলিলেই মহৎ শিল্পী সকলৰ উদাহৰণকে লৈ সদায়ে কথা পাতি থাকিব
নোৱাৰি। শিল্পদৰ্শন সম্পৰ্কীয় কিছু কথা পাতিবলৈ লৈ সন্মুখত যদি ব্যাখ্যাৰ বাবে উপযুক্ত
সমল নাথাকে কথাখিনিও আধৰুৱা হৈ ৰয়। “বৰনদী ভটিয়ায়” চিনেমাখন চাই উঠি তৎক্ষণাৎ এই কথাটোৱেই
মনলৈ আহিছিল যে এতিয়া আমি পাতিবখোজা কথাবোৰ পাতিবলৈ সমল এটা হাততে পালোঁ। চিনেমা নিৰ্মাণ,
কাহিনী কথন আৰু সামগ্ৰিকভাবে শিল্প সম্পৰ্কেই “বৰনদী ভটিয়ায়”-এ কেইটিমান বিষয়বস্তু
আমাৰ সন্মুখলৈ ইচ্ছাকৃতভাবেই তুলি ধৰে। চিনেমা বিষয়ক কিছুমান কথা বহলাই পতাৰ অৱকাশ
আছে আৰু তেনে কিছুমান বিষয়ৰ প্ৰতি “বৰনদী ভটিয়ায়”-এ হয় বিশেষ ভাবে আমাৰ দৃষ্টি আকৰ্ষণ
কৰে, নহয় আগলৈ হ’ব পৰা সম্ভাৱ্য আলোচনাত এইখন চিনেমাৰ প্ৰসংগ ঘূৰি ঘূৰি অহাৰ সম্ভাৱনা
ৰাখে। চিনেমা-কথকতা-নিৰ্মাণ প্ৰসংগ, চিনেমা-বাস্তৱতাৰ ধাৰণাৰ পুনৰনিৰ্মান প্ৰসংগ, কেমেৰাৰ
বাবে অভিনয় তথা ৰূপালী পৰ্দাত মঞ্চাভিনয়ৰ উপযোজন, চিনেমাত পোৰ্ট্ৰেইট আৰু লেণ্ডস্কেপৰ
প্ৰয়োগৰ ধৰণ, চিনেমাত ৰীতি কিম্বা শৈলী, চিনেমাৰ
গান, Literary Pun আৰু চিনেমাত ইয়াৰ প্ৰয়োগ, এমেচাৰ প্ৰয়াসৰ সাম্প্ৰতিক স্থিতি তথা
ক'লাব'ৰেচন আৰু প্ৰায়োগিক কলাৰ অভিযোজনা আদি হ’ল তেনে কিছুমান সম্ভাব্য বিষয়।
সমুদ্র
কাজল শইকীয়া
Rajya Sabha Television (RSTV), 3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
No comments:
Post a Comment