ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Sunday, April 26, 2020

পেখু পেখু (সাতাৱন্ন) : ইয়াতকৈ বেদনা লাগে নে অ’ জানমণি (বিষয় আবেগ : আবেগ আৰু ‘বিষয়’)

["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২৬ এপ্ৰিল, ২০২০]


আগৰ লেখাতেই অসমীয়া মানুহৰ আবেগ সম্পৰ্কে কথা পাতিবলৈ লৈ দেখিছিলোঁ যে কথাবোৰ সহজ নহয়। অসমীয়া মানুহ আবেগিক- এই কথাষাৰ মানি ল’ম নে নল’ম সেইটোৱেই প্ৰধান প্ৰশ্ন। আবেগিক হয় বুলি মানি লৈ তাৰ কাৰ্য্যকাৰণ অনুধাৱন কৰিবলৈ গৈ বা এক অৰ্থত আবেগৰ দেহ-বিচাৰ কৰিবলৈ গৈ শাৰীৰিক স্বাস্থ্য, মানসিক স্বাস্থ্য আৰু সামাজিক স্বাস্থ্যৰ সৈতে সম্পৰ্কীত কিছু ভয়ানক দিশ উন্মোচিত হৈছিল। কিন্তু অসমীয়া মানুহ (বা শিল্পী) আবেগিক নহয় বুলি ধৰি ল’লেও কথাখিনি শেষ নহয়। কাৰণ আবেগিক নহ’লেও আবেগৰ উদযাপন এটা আমাৰ মাজত আছেই। সেয়েই এই লেখাৰ বিষয় মূলত: আবেগ আৰু আবেগৰ বিষয়। এই বাক্যটোত “বিষয়” শব্দটো দুবাৰ উল্লিখিত হোৱাটো ইচ্ছাকৃত। এটা বিষয়ৰ মানে হ’ল কেন্দ্ৰবস্তু, কণ্টেণ্ট বা বিষয়বস্তু, আৰু আনটো ব্যক্তিসত্বা সম্পৰ্কীয়। কাৰণ ঘূৰিপকি গৈ অসমীয়া গীত-মাত আৰু বিষয়ীসত্বাৰ কথালৈকে বাট পোনাবলৈ বাধ্য হওঁ।  
 
কাণ্ডিনস্কি-য়ে সংগীত আৰু আবেগক দৃশ্যৰে ধৰি ৰাখিবৰ চেষ্টা কৰিছিল
আবেগ আৰু অতি আবেগৰ চৰম অভিব্যক্তি অসমীয়া সাংস্কৃতিক উপাদানৰ মজ্জাগত বুলিয়ে ক’ব লাগিব। “বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ” বুলি নিসৰ্গৰ ৰূপ বৰ্ণনা কৰি গৈ থাকিও শেষৰ ফালে গীতিকাৰে আক্ষেপ প্ৰকাশ কৰে- “মোৰ হ’ব নে এনে দিন বাজিব ভঙা বীণ…” বুলি। তাকে নকৰিলে গীতটো সম্পূৰ্ণ নহ’লহেতেন নেকি? হ’লহেতেন। কিন্তু হৃদয়াবেগৰ সৈতে যুক্ত কৰি গীতটোক তেনেকৈয়ে এটা ‘মানৱীয় স্পৰ্শ’ দিবলৈ চেষ্টা কৰা হ’ল। প্ৰকৃতিৰ সুন্দৰতম দৃশ্যয়ো মানুহৰ মনলৈ বিষাদৰ বতৰা কঢ়িয়াই আনে- কথাষাৰ কোনোবাই কৈছিল। নোহোৱাও নহয়। আজিকালিৰ কথা বৰকৈ নাজানো, কিন্তু এটা সময়লৈকে মঞ্চত হাঁহি হাঁহি শেষত কন্দি পেলাব পৰা স্কিল বা দক্ষতা থকাগৰাকীয়েই শ্ৰেষ্ঠ অভিনেত্ৰী বুলি পৰিগণিত হৈছিল। আমাৰ পেহী এগৰাকীয়ে টিভিৰ সন্মুখত চিনেমা চাবলৈ বহিলে নে’ম-কাষ্টিং আৰম্ভ হোৱাৰে পৰাই চকুপানী নিগৰাবলৈ আৰম্ভ কৰে বুলি আমি সৰুতে ৰগৰ কৰিছিলোঁ। মানে চিনেমা এখন চাবলৈ বহিছোঁ যেতিয়া চিনেমাখনেতো আৰু কন্দুৱাবই, এনেকুৱা এটা ধাৰণাই খুটি পুতি বহি আছিল।
 
সংগীতৰ আবেগক ভিত্তি কৰিয়েই অংকিত হৈছিল ৰাগমালা পুথিচিত্ৰ
নতুন অসমীয়া সংগীতে শ্ৰোতাক নিৰাশ কৰিছে আটাইতকৈ বেছি। ভালেখিনি নতুন গান শুনিবলৈ লৈ মন কৰিছোঁ যে বাক্য এটা আৰম্ভ হৈ ক’ৰবাত শেষ হ’ব বুলি ৰৈ থকোঁতেই যায়, বাক্যটো আৰু শেষ নহয়গৈ। অৱগুণ্ঠন, মধুযামিনী এনেধৰণৰ কিছুমান শুনিবলৈ ভাল লগা শব্দৰ সমষ্টিৰ বাদে গানবোৰত একো নাই। অতিমাত্ৰা মেল’ডী আৰু আবেগৰ মোহেৰে সৰ্বত্ৰ আচ্ছন্ন হৈ থাকে। এই আবেগৰ আতিশয্যৰ কিন্তু পৰীক্ষামূলক আৰু ইতিবাচক প্ৰয়োগো তেনেকৈ চকুত নপৰে। ধৰি লওক গান মানেইতো আৰু কেৱল ইয়াৰ কথাখিনি নহয়। কথাংশক উপেক্ষা কৰিবৰ জোখাৰে কেৱল শব্দৰ সমন্বয়েৰে উদ্ভট বা এবচাৰ্ড বা ননচেন্স গানৰো সৃষ্টি যদি হ’লহেতেন তেনেহ’লে আমি কথাবোৰ অন্য ধৰণেৰে পাতিবলৈ ভাল পালোঁহেতেন। নৱকান্তৰ “যাযাবৰ ধূমকেতু নাগাচাকি খুমটাই/ হাৰাকিৰি পানীপট বন্দী হাতেমতাই”ক লৈ কোনেও গান কৰা নাই। একেদৰেই, আবেগৰ আতিশয্যৰ কথা যে কৈ আছোঁ এয়া সঁচাই আবেগ নে? যদি আবেগৰ মাত্ৰাধিক্যৰ কথাটো সঁচা, তেন্তে আবেগৰ জোৰত ‘আধুনিক গীত’ আখ্যাটোৱে আগুৰি থকা গীত নিৰ্মাণৰ কৌশল আৰু গঢ়টোকো কেতিয়াও তচ-নচ কৰি পেলোৱা আমি দেখা নাই। তাৰমানে এই নতুন গীতিকাৰ-সুৰকাৰ-গায়ক সকলো আচলতে শৃংখলাবদ্ধ। প্ৰিল্যুড-ইণ্টাৰল্যুড বা মুখৰা-অন্তৰা সকলো নিজৰ স্থানতেই সুকলমে আছে। আবেগে আহি সেইবোৰ মহতীয়াই নিব পৰাহি নাই। সংগীত এটা টেকনিকেল আৰু ব্যৱহাৰিক কলা। সুৰ-তাল-মান আৰু এটা গঠণৰ মাজতহে ই বিৰাজ কৰে। তেন্তে অত্যন্ত আবেগিক যেন লগা বস্তুবোৰো আচলতে পৰিশীলিত পদ্ধতিগত ব্যৱস্থা একোটাৰ মাজেৰেহে বৰ্তি আহিছে। ইয়াক আবেগ বুলি কোৱা উচিত হ’ব নে নাই? আচলতে আবেগ বুলি নকৈ আবেগৰ উদযাপন বুলি ক’লে কথাখিনি বেছি সহজ হ’ব।
 
শ্ৰীলংকাৰ কোনেশ্বৰম মন্দিৰত সংগীতশিল্পী ৰাৱণ
আমাৰ উপপাদ্য হ’ল- আবেগৰ আতিশয্য নহয়, বিষয়হীনতাহে অসমীয়া গানৰ মূল সমস্যা। গান বা সংগীত টেকনিকেল বুলি কওতে টেকনিক যে বিষয়ৰ লগত ঐকান্তিক ভাবে সংগতি থকা বস্তু সেইটো বুজি পাবলৈ বেছি সংখ্যক কলাকুশলীয়েই অপাৰগ। এই বিষয় শব্দটো সনাপোটোকাকৈ ইয়াৰ সৈতে সংশ্লিষ্ট কেউটা অৰ্থই বহন কৰি চলিছে। প্ৰথমটো বিষয় মানে কণ্টেণ্ট। বিষয়বস্তু। কণ্টেণ্ট আৰু ফৰ্ম যে পাৰস্পৰিক নিৰ্ভৰশীল দুটা দিশ সেয়া বুজি উঠাৰ সামৰ্থ বহুতৰে নাই। দ্বিতীয়টো বিষয় হ’ল সত্বা। আপুনি গীটাৰখন বজাবলৈ হয়তো শিকিলে কিন্তু এই প্ৰশ্নটো হয়তো কৰা নাই, গীটাৰৰখন কোনে বজাই আছে। গীটাৰৰখন মই বজাই আছোঁ। যেতিয়াই যি ৰূপতে গীটাৰখন নবজাওঁ কিয়, লাগিলে আনে আন ক’ৰবাত আন কোনোবাই আন কোনোবা সময়ত বজোৱা ৰূপ এটাক নকল কৰি বা অনুকৰণ কৰিয়েই নবজাওঁ কিয়, এই মুহূৰ্তত মই বজাই আছোঁ যেতিয়া এই মুহূৰ্তত এই বাদনত মই মানুহজন সোমাই আছোঁ। এই “মই”জনৰ উপস্থিতি যদি বিচাৰি পোৱা নাযায় তেনেহ’লে যিমানেই কুশলী বাদ্যযন্ত্ৰী নহওক কিয়, ই এটা কৃত্ৰিম আৰু প্ৰানহীণ কচৰৎ হৈ ৰ’বলৈ বাধ্য।
 
জনপ্ৰিয় সংগীতৰ ইতিহাস গ্ৰন্থৰ বেটুপাতৰ ছবি
এনে কথাও নহয় যে আধুনিক অসমীয়া গানত বৈচিত্ৰ্য একেবাৰেই নাই। প্ৰেম আৰু প্ৰকৃতিৰে পৰা দেশ দুনীয়াৰ হাজাৰ সমস্যালৈকে বহু কথা বহু প্ৰশ্ন অসমীয়া আধুনিক গানলৈ আহিছে। সম্ভৱ “মই কোন” এই প্ৰশ্নটোৱেই আতাইতকৈ কঠিণ প্ৰশ্ন, আৰু সেইবাবেই দুনীয়াৰ বহু প্ৰশ্ন কৰিও সকলোৱে সততে এৰি চলা প্ৰশ্নটো এইটোৱেই- মই কোন? অত্যন্ত কুশলী, ফিনিছ প্ৰডাক্ট, শ্ৰুতিমধুৰ এই গানবোৰ নিৰ্মাণৰ আঁৰত যথেষ্ঠ কষ্টস্বীকাৰ কৰাৰ পিছতো বুজা যায় এয়া আচলতে নিজকে নিজে প্ৰশ্ন সুধিবলৈ এলাহ কৰা এচাম এলেহুৱাৰ কাম। সেয়েহে ইমানপৰে যাক আমি আবেগ বুলি বুজি আহিছিলোঁ সেই আবেগ আচলতে এলেহুৱা আৰু অসাধুৰ আশ্ৰয়থলী। এনেকৈ এনেকুৱা আবেগ এটা ঢালি গান এটা কৰিলে এইখিনি “পাব্লিকে খাব” বোলা এটা ধাৰণাৰ উজু বাটৰহে পথিক এইসকল। এইসকল আবেগিক একেবাৰেই নহয়।     


সমুদ্র কাজল শইকীয়া

Rajya Sabha Television (RSTV),
3rd Floor, Talkatora Stadium Annexe Building,
New Delhi – 110001
mobile: +91 9811375594


পেখু পেখু (ছাপন্ন) : মন কেনেবা কেনেবা কেনেবা কৰিছে চা (বিষয় আবেগ)

["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ১২ এপ্ৰিল, ২০২০]


সকলো উক্তিৰে একোটা প্ৰতি-উক্তি থাকে। তেনেই সাধাৰণীকৃত বা সাৰ্বজনীন বুলি ভাবি থকা কথা একোটাৰো। “অসমীয়া মানুহ সোৰোপা” এনে এষাৰ কথাৰ খণ্ডন মাজে মাজে দেখা যায়, তাৰ কাৰ্য-কাৰণ বিশ্লেষণৰ প্ৰয়াসো দেখা গৈ থাকে। তেনেকুৱাই আন এষাৰ সততে শুনা সাধাৰণীকৃত কথা হ’ল- অসমীয়া মানুহ আবেগিক। কথাষাৰ সামাজিক, ৰাজনৈতিক কাৰ্যকলাপৰ বেলিকাও শুনা যায়, সৃষ্টিশীল কৰ্মৰ ক্ষেত্ৰতো উল্লিখিত হয়। কিন্তু আবেগিক বুলি কৈ দিয়াতেই ক্ষান্ত নাথাকি আবেগ মানেনো কি, আবেগৰ পৰিভাষা কি, কেনেকৈ কিহে ইয়াক নিয়ন্ত্ৰিত কৰে এইবোৰৰ চৰ্চা বৰকৈ দেখা পোৱা নাই। আবেগ কি ইয়াৰ শৰীৰতাত্বিক(Physiological), স্নায়বিক(Neurological) বা জ্ঞানীয়(Cognitive) শাখাৰ নিজা নিজা তত্ব আৰু ব্যাখ্যা আছে। আবেগ যিহেতু মনজগতৰ বস্তু সেয়ে মনস্তাত্বিক ব্যাখ্যাতো থাকিবই থাকিব, লগতে সামাজিক ব্যাখ্যাও নিশ্চয় থাকিব। বিশদ ব্যাখ্যা বা আলোচনা বিশেষজ্ঞৰ পৰা বিচাৰিম। কিন্তু সাধাৰণ দ্ৰষ্টা বা পৰ্যবেক্ষক হিচাপে কথাবোৰ অলপ ভাবিবলৈ ল’লে যিখিনি দিশ সন্মুখলৈ আহি পৰে সেয়া একেবাৰেই সুখপ্ৰদ কথা নহয়। শিল্পী-সাহিত্যিক বা সৃষ্টিশীল ক্ষেত্ৰত নিয়োজিত সকলো মানুহেই অনুভূতিপ্ৰৱণ আৰু সচৰাচৰ আবেগিক বুলি প্ৰচলিত কথা এষাৰ প্ৰায় সকলোৱেই মানি লয়। আপাত দৃষ্টিৰে কথাখিনি আপত্তিজনক নহয় আৰু শিল্পী আবেগিক হোৱাটোক সহানুভূতি আৰু সন্মানৰ মিশ্ৰিত দৃষ্টি এটাৰেই চোৱা হৈ থাকে। কিন্তু এই আবেগ স্বতষ্ফূৰ্ত আৰু স্বাভাৱিক নে? যাক আবেগ বুলি বুজি আহিছোঁ সেয়া আচলতেই আবেগ নে? এই সদ্যহতে বুজি থকা আবেগ আৰু আবেগিক চৰিত্ৰক আমি ক’ব নোৱৰাকৈয়ে এটা ক্লিচেৰ ৰূপতহে লালন কৰি আহিছোঁ নেকি সেইটো এটা ডাঙৰ প্ৰশ্ন। এইখিনিৰে পৰা আমি চাবখোজা দৃষ্টান্তখিনি আবেগ হয় বুলি আৰু আচলতে ভাবি থকাৰ দৰে আবেগ নহয় বুলি দুধৰণেৰে আলোচনাটো আগবঢ়াই নিবলৈ চেষ্টা কৰিম।   
এডৱাৰ্ড মুংখৰ ‘মৃত্যুশয্যাৰ কাষত’

গান বা কবিতা এটা, ছবি বা চিনেমা এখন আবেগিক কেনেকৈ হয়? তাৰ বিষয়বস্তু বা বক্তব্যই যে শেষ কথা তেনে নহয়। উপস্থাপন শৈলী, ৰং-ৰূপ-বাক এইবোৰৰ ফৰ্মেল দিশখিনিয়েও আবেগ বহন কৰি চলিব পাৰে। সাধাৰণ দ্ৰষ্টাই আমি এবষ্ট্ৰেক্ট আৰ্ট বুজি নাপাওঁ বুলি সততে এৰাই থৈ অহা বিমূৰ্ত চিত্ৰৰ পৰ্বটোলৈ অলপ মনোনিৱেশ কৰিলে দেখা পাব কেনেকৈ মাত্ৰ এটা এটা ৰঙৰ উপস্থিতিৰে আবেগৰ উপস্থাপন কৰিছিল। মাৰ্ক ৰ’থক’ৰ ছবিত থকা কেৱল ৰং এটাও আবেগিক। ৰেখাৰ গতি, ৰঙৰ তীব্ৰতা এইবোৰেও দ্ৰষ্টাৰ মন উদ্বেলিত কৰিব পাৰে, আবেগিক কৰি তুলিব পাৰে। কলাকৃতি এটাই কি ক’ব খুজিছে সেয়েই শেষ কথা নহয়, এটা আবেগৰ জৰিয়তে কেনেকৈ এই শিল্প-দৰ্শন এটা অভিজ্ঞতালৈ পৰ্যবেশিত হৈছে সেইটোহে গুৰুত্বপূৰ্ণ কথা।
 
ভেন গঘৰ ‘ডিপ্ৰেছন’
কিন্তু অসমীয়া সাংস্কৃতিক পৰিমণ্ডলৰ উপাদানসমূহক কিহে আবেগিক পৰিচয়টো দিয়ে? এইখিনিতেই মন কৰিব যে এইখিনি আলোচনা সাধাৰণীকৃত। আবেগিক মনেই কেৱল জানো দু:খ-বিলাস আৰু ভাব-বিলাস? আবেগ আৰু অনুভূতি বেলেগ, ব্যাখ্যাসূচক আৰু আলংকাৰিক হোৱাটোও পৃথক। কাম এটা আবেগিক হোৱা আৰু অভিব্যক্তিবাদী হোৱাৰ মাজতো সূক্ষ্ম প্ৰভেদ আছে। অভিব্যক্তিবাদী নোহোৱাকৈয়ো কাম এটা আবেগিক হ’ব পাৰে। আমাৰ বেছিভাগ কামেই হয় আলংকাৰিক নহয় ব্যাখ্যাসূচক। এই ব্যাখ্যাৰো কেন্দ্ৰমূলত প্ৰায়েই থাকে বিষাদগ্ৰস্থতা, অতীতপ্ৰীতি, কিবা এটা হেৰাই যোৱাৰ আকূল আকুতি, শৈশৱৰ ৰোমন্থন, নি:সংগতা, নৈৰাশ্য, অপ্ৰাপ্তি ইত্যাদি। অৱসৰপ্ৰাপ্ত নীতি-আদৰ্শ-পৰায়ণ আদহীয়া ব্যক্তি কিম্বা গাঁৱৰ পৰা চহৰলৈ গৈ এৰি অহা গাঁৱলৈ মনত পেলাই থকা ব্যক্তি অসমীয়া গল্পত তেনেই সুলভ। মাজতে অলপ ধেমেলীয়া সুৰেৰে হ’লেও কথা এষাৰ উনুকিয়াইছিলোঁ যে প্ৰতিজন অসমীয়া গায়কৰে সাধাৰণ বিষয়বস্তু আন যিয়েই নহওক এৰি অহা দিনবোৰ, সোণালী শৈশৱ বা ল’ৰালি বিষয়ক এটা অন্তত: গান প্ৰত্যেকেই গোৱাটো যেন বাধ্যতামূলক। চকুপানী, জোনাকী ৰাতি আৰু বিৰহ-বিষাদেৰে চৌচৌৱাই থকা অসমীয়া কবিতাৰ কথা নক’লোৱেই বা। পৰিৱেশনৰ বেলিকাও, “আজি মই কবিতা এটা আবৃত্তি কৰিবলৈ ওলাইছোঁ, কবি অমুক” বুলি কোৱাৰ পিছতে আবৃত্তিকাৰৰ দেহে মুখে অদ্ভূত পৰিৱৰ্তন ঘটিবলৈ লয়, কোষ্ঠকাঠিণ্য হোৱা মানুহৰ দৰে সিৰা-উপসিৰা-ভ্ৰূ-হনু কোঁচ খাই আহে, হঠাত মাতটো সলনি হৈ কৃত্ৰিম ৰূপ এটা লয়। কবিতাৰ মাজৰ আবেগ আৰু আবৃত্তিকাৰৰ অভিব্যক্তিৰ আবেগ কোনে কাৰ লগত ফেৰ মাৰিব পাৰে তাৰ যেন প্ৰতিযোগিতা চলিবলৈ লয়। ইয়াৰ আগতে দুটা খণ্ডৰ লেখাত এইবছৰৰ ‘ভাৰংগম’ত চাবলৈ পোৱা দুখন অসমীয়া নাটকত প্ৰত্যক্ষ কৰা আবেগৰ আতিশয্যৰ কথা উল্লেখ কৰি আহিছিলোঁ। মঞ্চত অভিনেতাৰ বিকট চিঞৰ, কথাই কথাই কাৰোবালৈ মনত পৰি শোকাকুল হৈ পৰা নায়িকা- এইবোৰ চিত্ৰকল্পই আমাৰ শিল্পীকৰ্মীবৃন্দ (তথা দৰ্শক) সততে আবেগিক হোৱাটোক বুজায় নে ইয়াক কেৱল অতিশয়োক্তি, অতিৰঞ্জন বা অত্যুক্তিৰ পৰ্যায়তে চাই থ’ম সেয়াও এক প্ৰশ্ন।     
মাৰ্ক ৰ’থক’


শাৰীৰিক স্বাস্থ্য : মানসিক স্বাস্থ্য : সামাজিক স্বাস্থ্য

সৃষ্টিশীলতাৰ কৰ্মীসকল আবেগিক বুলি ধৰি ল’লে এই আবেগিক চৰিত্ৰৰ কেতবোৰ কাৰকলৈ মন কৰিব পাৰোঁ যিখিনি সন্তোষৰ কথা একেবাৰেই নহয়। আবেগ মনৰ বস্তু যদিও ই শৰীৰটোৰ মাজতেই লালিত হয়। এনেয়ে মন বেয়া লগা, মন কেনেবা কেনেবা কৰা, কাৰোবালৈ মনত পৰা এইবোৰৰো শৰীৰতত্ব আছে। তেনেকৈ নিউৰ’লজিষ্টে নিজা ব্যাখ্যা আগবঢ়াব। সাধাৰণ জ্বৰ-কাঁহ-পানীলগা বা পেটৰ অসুখৰ দৰে কাৰণত দেহাটো দুৰ্বল হৈ থকা এইবোৰেইও প্ৰকাৰান্তৰে মানুহক সাময়িক ভাবে হ’লেও ভাবাকূল কৰি ৰাখে। সৰুসুৰা শাৰিৰীক অসুস্থতাই লেখা মেলাত সহায় কৰাৰ দৰে কথা এষাৰ হোমেন বৰগোহাঞিদেৱেও ক’ৰবাত উল্লেখ কৰিছিল। এইখিনি কথাই এনেকৈয়ো ভাবিবলৈ বাধ্য কৰায় যে কেনেবাকৈ সামূহিকভাবে আমি শাৰিৰীক ভাবেই আচলতে অসুস্থ নেকি? জলীয়-বাতাবৰণৰ বাবে আমাৰ পৰিৱেশত বহুতকে গোটেই বছৰটোত কাঁহ-পানীলগাই লগ নেৰে। যিকোনো দুজন অসমীয়া মানুহ লগ হ’লে প্ৰথম কথাটো বতৰ সম্পৰ্কীয় হয়, আজি বৰষুণ দিব হ’বলা, এইকেইদিন যিহে গৰম পৰিছে- ইত্যাদি; দ্বিতীয় কথাটোৱেই পেটত “গেছ হোৱা” সম্পৰ্কীয় ওলায়। খাদ্যাভাসৰ ফলতেই ভালেখিনি মানুহৰ পেটৰ সমস্যা ঢেৰ আৰু এনেকুৱা সমস্যাত জীৱনৰ প্ৰতি অনীহা, বিষাদ, হতাশা এইবোৰে মানুহক সততে আগুৰি ধৰে। এইবোৰ সৰু-সুৰা অসুস্থতাৰ পৰা কেন্সাৰৰ দৰে ‘ডাঙৰ’ বেমাৰো যে আমাৰ দৰে ঠাইবোৰত বেছি সেয়া নক’লোৱেইবা। এতিয়া সাধাৰণতেই ‘খেয়ালী’ মনৰ হয় বুলি ভাবি থকা ভালেখিনি সৃষ্টিশীল ব্যক্তি নিজৰ স্বাস্থ্য সম্পৰ্কীয় কথাত সচেতন নহয়। সৃষ্টিশীল কৰ্মত আবেগ, বিৰহ আৰু বিষাদৰ যি পয়োভৰ বা “ইমোচনেল অত্যাচাৰ” তাৰ আঁৰত এইবোৰো কাৰক বুলি কোনোবাই চাব খুজিলে আমি আচৰিত নহ’ম।  (কিন্তু এতিয়া প্ৰশ্ন হ’ল, শাৰিৰীক অসুস্থতাৰ কালত বিশ্ব-শিল্পত যুগজয়ী কাম সৃষ্টি কৰি থৈ যোৱা ইগন শ্বিলৰ পৰা ফ্ৰিডা কাহলোলৈকে দেধাৰ উদাহৰণ আমি দেখিছোঁ। আমাৰ শিল্পীৰ শাৰিৰীক অসুস্থতাই কৰ্মত সেই নান্দনিক উত্তৰণৰ বাট দেখুৱাবগৈ পাৰে নে নোৱাৰে তাৰ বাবে অন্য ব্যাখ্যাৰ প্ৰয়োজন হ’ব)।
 
ফ্ৰিডা কাহলোৰ ‘ভগ্ন স্তম্ভ’
ফ্ৰিডা কাহলোৰ ‘দুজনী ফ্ৰিডা’


দ্বিতীয় যিটো কাৰক মনলৈ আহিছে সেয়া আৰু ভয়ানক। সাধাৰণ জনমানসত শিল্প তথা কলা-কুশলীৰ প্ৰতি থকা অপৰিসীম শ্ৰদ্ধা, অনুৰাগ আৰু সন্মানৰ সমান্তৰালকৈ এটা অন্ধকাৰ দিশ আছে। সৃষ্টিশীল সমাজখন সদায়ে মূলসুতিৰ (আধুনিকতাবাদী) সমাজৰ পৰা ‘আউটকাষ্ট’। বৰ্জিত, নিৰ্বাসিত। এজন শিল্পী-কবি-গায়কে সাধাৰণ মানুহৰ পৰা দুটাই আশা কৰিব পাৰে: প্ৰশংসা কিম্বা তিৰস্কাৰ। নিজৰ অক্ষমতাৰ, কিহবাৰ  হীনমন্যতা বা যিকোনো কাৰণতেই হওক ব্যক্তি এজনক উপলক্ষ্য কৰি ঠাট্ট-মস্কৰা কৰাটো আমাৰ সামাজিক অভ্যাসৰ মাজৰে এটা। এনে কাৰণতেই সৃষ্টিশীল ব্যক্তিসকলে একেসময়তে দুটা সত্বা বহন কৰি চলে- এটা অন্তৰ্মুখী, যিটোত সকলোৰে পৰা নিলগৰ থাকি একান্তমনে নিজৰ কাম কৰি যাবলৈ ভাল পায়; আনটো বহিৰ্মুখী, যিটোৱে মানুহৰ সান্নিধ্য আৰু সংস্পৰ্শ বিচাৰে। এই দ্বৈত-ব্যক্তিত্বৰ অন্তৰ্মূলৰ দ্বন্দ কেতিয়াবা খুবেই পীড়াদায়ক। কলা-সংস্কৃতিৰ সৈতে জড়িত ব্যক্তিসকলৰ ক্ষেত্ৰত তেনেই সুলভ অন্তৰ্মুখী চৰিত্ৰ কিম্বা নাৰ্চিছিজম যিমানেই স্বাভাৱিক নহওক কিয়, সেয়া মানসিক স্বাস্থ্যৰ এটা অন্ধকাৰ দিশৰো প্ৰতিনিধি হ’ব পাৰে।
 
‘জোকাৰ’ চিনেমাৰ ষ্টিল

ডমিয়েৰৰ ছবিত ৰোগশয্যা


সি যি কি নহওক, এটা দৃশ্য হয়তো আপোনালোক সকলোৰে পৰিচিত। ধৰক ঘৰৰ কাষৰে সৰু ল’ৰা এটাই গান গায়। বয়সত ডাঙৰ দুজনমান হয়তো আছে যিয়ে বাটে-ঘাটে য’তেই লগ পায় ল’ৰাটোৰ হাতত থাপ মাৰি ধৰে আৰু “তই কিনো গান গাৱ শুনোচোন, গান এটা গা” বুলি নেৰানেপেৰাকৈ ধৰে আৰু গান এটা নোগোৱালৈকে হাতখন এৰি নিদিয়ে। এনেধৰণৰ ৰেগিং সকলো সৃষ্টিশীল ব্যক্তিৰ ওপৰতেই চলে। ঘৰৰ ভিতৰে-বাহিৰে, বাটে-ঘাটে আমি সকলোৱেই এনেধৰণৰ ৰং-চোৱা অত্যাচাৰ বা bully-ৰ চিকাৰ হৈ আহিছোঁ। দেখাত সাধাৰণ যেন লগা এনেবোৰ ঘটনাই ব্যক্তিবিশেষৰ মনত কেনে বিৰূপ প্ৰতিক্ৰিয়া পেলাব পাৰে তাৰ কোনো নিৰ্দিষ্টতা নাই। সমাজত যে ধৰ্ষকামী বা চেডিষ্ট মানুহৰ আকাল নাই সেয়া শেহতীয়া ৰাজনৈতিক-সামাজিক ঘটনাক্ৰমেও বাৰুকৈয়ে উদঙাই আহিছে। বিগত বৰ্ষৰ আটাইতকৈ চৰ্চিত টড ফিলিপ্স পৰিচালিত “জোকাৰ” নামৰ চিনেমাখনত এইটো দিশ বৰ সুন্দৰকৈ দৰ্শাইছে। মন কৰিব যে এটা পৰ্যায়ৰ পিছত মই কবিতা লিখোঁ বা ছবি আকোঁ বুলি কোৱাৰ লগে লগেই সন্মুখৰ মানুহজনে পোনছাটেই “মোক লৈ কবিতা এটা লিখি দিয়ানা” বা “মোৰ ছবি এখন আঁকি দিয়ানা” বুলি কোৱা আপাত-সৰল কথাবোৰো অত্যাচাৰৰ দৰেই হয়গৈ। ফলত এটা সময়ৰ পিছত সৃজনীশীল ব্যক্তিসকলে লোকচক্ষুৰ পৰা পলবলৈ লয়। ব্যক্তিয়ে বুজি উঠে যে শলাগৰ শৰাই যিমানেই নাথাকক ব্যক্তি হিচাপে তেওঁ অচলতে একান্ত অকলশৰীয়া। এতিয়ালৈকে পাতি থকা কথাখিনি সকলো ব্যক্তিৰ বাবেই প্ৰযোজ্য। তাতে সেই ব্যক্তি যদি নাৰী, দলিত বা আন সামাজিক ‘মাইনৰ’ হয় তেনেহ’লে তাত যে কিমান কি ঘটে সেয়া ভাবিবলৈকো সাহসে নুকুলায়। মই কৰি ভালপোৱা কামটোক, যিটো ভাল কাম বুলি জানো – আন দহে ভাল বুলি শলাগেও, সেইটো কামো মই কৰি ভাল পাওঁ বুলি সাধাৰণ জীৱনত যেতিয়া মুখ খুলি ক’বলৈ সাহস গোটাব নোৱৰা পৰিৱেশ এটাৰ সৃষ্টি হয় তাত নৈৰাশ্য, হতাশা আৰু আস্থাহীনতাই আগুৰি ধৰাটো স্বাভাৱিক। এনেকুৱাত অতীতলৈ মনত পেলোৱাটো এটা সহজ পলায়ণৰ বাট।
 
এডৱাৰ্ড মুংখৰ ‘ৰোগাক্ৰান্ত শিশু’
এইখিনিও “হয়তো” কাৰক বুলি উল্লেখ কৰি থ’লোঁ। কিন্তু ইয়াৰ ব্যতিৰেকেও অসমীয়া সাংস্কৃতিক-শৈল্পিক উপাদানৰ মাজৰ “ইমোচনেল অত্যাচাৰ”ৰ আন এটা বিশেষ কাৰণ আছে যিটো “নিৰ্ঘাত”। সেয়া আগলৈ আলোচনা কৰিম।   


সমুদ্র কাজল শইকীয়া

Rajya Sabha Television (RSTV),
3rd Floor, Talkatora Stadium Annexe Building,
New Delhi – 110001
mobile: +91 9811375594

পেখু পেখু (পঁচপন্ন) : মহামাৰী, বেমাৰ, মৃত্যু, শৰীৰ


["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২৯ মাৰ্চ, ২০২০]
লক্ষ্মীধৰ শৰ্মা মাত্ৰ পয়ত্ৰিছ বছৰত ঢুকাইছিল নেকি? জ্যোতিপ্ৰসাদ আঠছল্লিছত?
মৃত্যু বিষয়ক আন এটি লেখা। হীৰুদাৰ “মৃত্যু-শিল্প” আৰু বেণু মিশ্ৰৰ “মৃত্যু” সম্পৰ্কে আগতে “পেখুপেখু” শিতানতে কথা পাতি আহিছোঁ। বিশ্বশিল্পত মোৰ অতিকে প্ৰিয় দুগৰাকী শিল্পী স্পেনিছ ফ্লু মহামাৰীত মৰিছিল, ঈগন শ্বিল আৰু গুস্তাভ ক্লিম্ট।
 
Christina's world
শিল্পত আজিকোপতি আটাইতকৈ বেছি প্ৰাধান্য পোৱা বিষয়বস্তু কি বুলি সুধিলে স্পষ্ট একক উত্তৰ হয়তো পোৱা নাযাব। কিন্তু জীৱন-জগত-প্ৰেম-প্ৰকৃতি-আনন্দ-যন্ত্ৰণা এনেকৈ বিভিন্ন পৰ্যায়ত ভাঙি গৈ থাকিলে হয়তো ওলাবগৈ যে মানৱ শৰীৰ চিৰকালেই এক পৰম কৌতুহল। ডা-ভিঞ্চিৰ মানৱী অৱয়বৰ অধ্যয়নখিনি কোনো জীৱবিজ্ঞানী বা চিকিৎসাশাস্ত্ৰীতকৈ কোনোগুণে কম নাছিল। কলাশিক্ষাত মডেল ষ্টাডীকেই আটাইতকৈ গুৰুত্বসহকাৰে লোৱা হৈ আহিছে। মানৱশৰীৰৰ এই অধ্যয়ণ কেইবাটাও দিশেৰে গুৰুত্বপূৰ্ণ। কেতিয়াবা শৰীৰটো কেৱল শৰীৰ, কেতিয়াবা যিকোনো মানৱীয় অনুভূতিৰ বাৰ্তাবাহক প্ৰতীকী ৰূপ। মানুহ হিচাপে মানুহৰ মুখমণ্ডল কিবা শৰীৰী ৰূপতেই মানুহে আটাইতকৈ বেছি অভিব্যক্তি বিচাৰি পায়। কেতিয়াবা জোনটোতে কাৰোবাৰ মুখ এখন দেখা বা মুনিচুনি বেলিকা মথাউৰীৰ ওপৰৰ গছ এজোপাক মানুহ এজন ৰৈ যেন লাগি যোৱা- এই সকলোবোৰৰ এটাই অৰ্থ : মানৱী শৰীৰৰ মাধ্যমেৰে অভিব্যক্তি এটাৰ সন্ধান কৰা কিম্বা বিচাৰি পোৱা। কলাক অত্যন্ত আদৰ্শায়ন কৰা বা ভাববিলাসৰ কিবা এটা বুলি ভাবি থকাৰ বিৰোধিতা কৰি আমি প্ৰায়ে কৈ আহিছোঁ যে আচলতে শিল্পকলা, বিশেষকৈ দৃশ্যকলা একান্তই ব্যৱহাৰিক, বস্তুগত, প্ৰায়োগিক, ভৌতিক, ইন্দ্ৰীয়গ্ৰাহ্য অস্ত্বিত্বহে। বস্তুগত অস্তিত্বৰ শিপাৰে দৃশ্যকলা নাই। আপুনি চাব পাৰে, চুই চাব পাৰে, মানুহে হাতেৰে নিৰ্মাণ কৰে আৰু এনেবোৰ প্ৰায়োগিক কাৰণতেই শিল্পকলাক প্লাষ্টিক আৰ্ট, তেকটাইল বা স্পৰ্শক্ষম বোলা হৈ থাকে। মানৱ শৰীৰ যিহেতু শিল্পৰ অভ্যাসৰ কেন্দ্ৰমূলৰ বস্তু, এই শৰীৰৰ যন্ত্ৰণা, মৃত্যু, অত্যাচাৰ, মহামাৰী এইবোৰ বিষয়ে শিল্পৰ ইতিহাসত বিশেষ গুৰুত্ব পাই আহিছে। মৃত্যুৰ বিভীষিকা কেতিয়াবা একান্তই ডেকুমেণ্টেচনৰ ৰূপত শিল্পৰ মাজলৈ আহিছে, কেতিয়াবা অধিবাস্তৱবাদৰ নিচিনা কল্পনাশ্ৰয়ী দৃশ্যগত আৱেদন লৈ আহিছে, আকৌ কেতিয়াবা প্ৰচণ্ড পৰ্যায়ৰ ডাৰ্ক-হিউমাৰৰ ৰূপ লৈ আহিছে।


যন্ত্ৰণাগ্ৰস্থ শৰীৰ শিল্পত সদায়ে উপস্থিত। অৱনীন্দ্ৰনাথৰ ছবিৰ আগ্ৰাৰ ৰেড ফ’ৰ্টৰ পৰা মৃত্যু শয্যাত থকা চাহজাহানৰ তাজমহলৰ প্ৰতি কাতৰ চাৱনি, অথবা ইংৰাজ শাসনকালত ৰামকিংকৰ, জয়নুল আবেদিন, চিত্তপ্ৰসাদ বা সোমনাথ হোড়ৰ বংগৰ দুৰ্ভিক্ষৰ ছবিখিনিয়ে চিৰকাল আমাৰ মন আকৰ্ষণ কৰি যাব। কেইখনমান ছবি আছে, অত্যন্ত জনপ্ৰিয় আৰু ৰোমাণ্টিক কল্পনাৰে ভৰা, দৃশ্যগত মানৱীয় কল্পনাক বিভিন্ন পৰ্যায়ত উদ্বুদ্ধ কৰিব পৰা ছবি। কিন্তু সেইখিনি ছবিৰো অন্তৰালৰ কাহিনীয়ে কয় অন্য কথা। যেনে ধৰক আমেৰিকান পেইণ্টাৰ আনড্ৰিউ ৱেইথৰম “ক্ৰিষ্টিনাৰ পৃথিৱী, ১৯৪৮” ছবিখন আজিলৈকে অত্যন্ত প্ৰভাৱশালী ছবি হৈ আছে। ছোৱালী এজনী সন্মুখভূমিত(foreground) পথাৰত পৰি দূৰৈৰ পৃষ্ঠভূমিৰ (background) ঘৰটোলৈ চাই আছে। আকাংক্ষা, হেঁপাহ, দূৰত্ব, ঘৰ, নি:সংগতা আৰু এনেকৈয়ে আৰু ভালেখিনি প্ৰসংগৰ অৱতাৰণা হ’বই পাৰে। কিন্তু বহুতেই নাজানে যে এই যে ছোৱালীজনী মটিত বাগৰি আছে তাই স্নায়ু-সংক্ৰান্তীয় এটা বেমাৰত আক্ৰান্ত, আৰু কেনেবাকৈ চুচৰি-বাগৰি নিজৰ ঘৰটোলৈ আগুৱাই আছে। এণ্ট’নিও ৱাটিঅ’ৰ “পিয়েৰট, ১৭১৯” ছবিখনত এগৰাকী পাৰফৰ্মাৰক জঠৰভাবে দেখা যায়। পৰিৱেশন বা পাৰফৰমেন্স আমাৰ প্ৰিয় বিষয় বাবে ছবিখনক লৈ আমি আগ্ৰহী, বিভিন্ন সময়ত ছবিখন ব্যৱহাৰো কৰিছোঁ। কিন্তু বহু পলমকৈহে পঢ়িবলৈ পাইছিলোঁ যে ইয়াৰ কেন্দ্ৰীয় চৰিত্ৰ, বা যি নায়ক, তেওঁ আচলতে “Gigantism” নামে এক ৰোগেৰে আক্ৰান্ত, অসুস্থ, সেয়েহে জঠৰ আৰু শৰীৰী উপস্থাপনেৰে বিকৃত।

Watteau’s Pierrot

শিল্পত মানৱ শৰীৰ সম্পৰ্কে যিসকল আগ্ৰহী তেওঁলোকে ঈগন শ্বিলক কেতিয়াও পাহৰিব নোৱাৰে। মানুহৰ শৰীৰ ইয়াত অত্যন্ত স্পৰ্শকাতৰ ৰূপত উপস্থাপিত হয়। ঈগন শ্বিলৰ শৰীৰবোৰ খুবেই অভিব্যক্তিবাদী আৰু এনেয়ে বাগৰ সলাই থকা নগ্ন দেহাই হওক, ইৰোটিক ড্ৰয়িঙেই হওক কিম্বা বিষাদ-যন্ত্ৰণাৰ ছবিয়েই হওক, এইবোৰে দ্ৰষ্টাৰ অন্তৰকোণত জোকাৰনি তুলি যায়। ১৯১৮ চনৰ “পৰিয়াল” শীৰ্ষক ছবিখনো তেনেকুৱাই। বিংশ শতিকাৰ আৰম্ভণীৰ ফালৰ স্পেনীছ ফ্লু-ত প্ৰায় পঞ্চাছ কোটি মানুহৰ দেহত ভাইৰাছ বিয়পিছিল আৰু তাৰে দহ কোটিমান মানুহ মৰিছিল। সেইখিনি সময়তে হোৱা বিশ্বযুদ্ধত নিহত মানুহৰ সংখ্যাতকৈয়ো এয়া বেছি। অত্যন্ত জটিল সময় এটা মানৱ সভ্যতাই পাৰ কৰি আহিছে। এহাতে যুদ্ধৰ বিভীষিকা, গণহত্যাৰ আখৰা, ৰাষ্ট্ৰৰ অৱদমন, মহামাৰী সকলো একেসময়তে চলিছিল। স্পেনীছ ফ্লু-ত জ্বৰ, বমি, বিষ আৰু পেটচলা হয়, কিছুলোক নিমোনিয়াত ভোগে। গালত ক’লা দাগ পৰে, শৰীৰ নীলা পৰি যায়, হাওঁফাওত যেন কিবা ভৰি পৰিছে- অম্লজান নাপাই উশাহত মানুহে কষ্ট খায়। আন যিকোনো ফ্লুৱে যেনেকৈ শিশু আৰু বৃদ্ধক বেছিকৈ আক্ৰান্ত কৰে তাৰ বিপৰীতে ১৯১৮-ৰ ফ্লুৱে ভালেখিনি ডেকা-ডেকেৰী সুস্থ-সবল শৰীৰক ধৰাশায়ী কৰি পেলাইছিল। আমাৰ অন্যতম প্ৰিয় শিল্পীৰ মাজৰ এজন ঈগন শ্বিলৰ মৃত্যুও এনেকৈয়ে হৈছিল। এই “পৰিয়াল” ছবিখন আচলতে অসম্পূৰ্ণ আৰু শ্বিলৰ জীৱনৰ শেষকালৰ ছবিবোৰৰ মাজৰ এখন। ইয়াৰ বিষয়ত শ্বিল নিজে আছে পৰিবাৰ এডিথৰ সৈতে আৰু লগত অজন্মা শিশু। ছয় মাহৰ গৰ্ভধাৰণ কালত স্পেনীছ ফ্লু-ত পত্নী এডিথৰ মৃত্যু হৈছিল আৰু তাৰ তিনি দিনৰ পিছত শ্বিলৰো দেহাৱসান ঘটিছিল।  

Egon_Schiele, Die_Familie, 1918

এতিয়া বিশ্বজুৰী ক’ৰ’ণা ভাইৰাছ (ক’ভিড ১৯) মহামাৰীৰ সন্ত্ৰাস চলি থকাৰ সময়তে পিএটাৰ ব্ৰুগেলৰ পেইণ্টিং বাৰে বাৰে মনলৈ আহিছে। ফ্লেমিছ ৰেণেছাঁৰ এইজন শিল্পীৰ ছবিৰ সংৰচনা অত্যন্ত জটিল আৰু অধিবাস্তৱবাদ নামৰ ধাৰণা এটাৰ প্ৰচলণ হোৱাৰ কেইবা-শতিকাৰ আগে সৌ তাহানিতেই এক অনন্য দৃশ্যগত বাস্তৱতাক ৰূপায়িত কৰিছিল। ১৫৬২ চনৰ “মৃত্যুৰ বিজয়” বিষয়ক ছবিখনত দেখা যায় এক মৃত্যুৰ উপত্যকা য’ত সমাজৰ সকলো স্তৰৰ সকলো শ্ৰেণীৰ মানুহ মৃত্যুমুখী। আনকি গছবোৰো, পানীৰ মাছবোৰো।

The Triumph of Death

১৩৪৭-১৩৫১ চনৰ সময়খিনিৰ “Black Death” বুলি জনাজাত কালটো এটা সময়ত শিল্পত সততে দেখা দিয়া বিষয় আছিল। ৩০ শতাংশতকৈ অধিক ইউৰোপীয় জনসংখ্যা সেইসময়তে মহামাৰীত মৃত্যুৰ কৱলত পৰিছিল। ভেনিছত যদি ষাঠি শতাংশ মৰিছিল, পেৰিছত বাস কৰা আধাখিনি মানুহেই শেষ হৈ গৈছিল। তমোময় জ্বৰত ভূগি আৰু তেজ বমি কৰি সংক্ৰমিত মানুহবোৰে সংক্ৰমনৰ দুদিনৰ পৰা সাতদিনৰ ভিতৰত মৃত্যুক আঁকোৱালি লৈছিল। The Chronicles of Gilles Li Muisis-ৰ মিনিয়েচাৰ ছবি এখনত ৰৈছে বেলজিয়ামৰ টুৰনাইত সমূহীয়া মৃতদেহ সৎকাৰৰ এই দৃশ্য সেই ভয়ংকৰ মহামাৰীৰ সাক্ষী। তেনেই কম ঠাইতে থেপাথেপিকৈ মানুহৰ দেহবোৰ কবৰ দিবলৈ অনা মানুহবোৰৰ মুখাবয়বৰ অভিব্যক্তিলৈ মন কৰিলে দেহ মন জোকাৰি যায়।  

Tournai Citizens Burying the Dead During the Black Death, 14th century

মধ্যযুগত “ডেনছ মেকাব্ৰে” বুলি বিষয় এটাই অছিল যাৰ আক্ষৰিক অনুবাদ- মৃত্যুৰ নৃত্য। “Black Death” সম্পৰ্কতে অংকিত পোন্ধৰ শতিকাৰ ইটালীৰ জিয়াক’ম’ ব’ৰ্লোনি ডি বাৰ্চিছৰ “মৃত্যুৰ নৃত্যৰ সৈতে মৃত্যুৰ বিজয়” নামেৰে জনাজাত ছবিখনেও মৃত্যুৰ উদযাপন কৰে। সমাজৰ বিভিন্ন স্তৰৰ মানুহে নৰ-কংকালৰ সৈতে হাতে হাতে ধৰি কৰা নৃত্যৰ এই ছবি যেনেকৈ উপভোগ্য, তেনেকৈয়ে ভয়াবহ। 

Dance of death

আৰ্ণল্ড ব’কলিনৰ “প্লেগ, ১৮৯৮” ছবিখন যুদ্ধ, মহামাৰী আৰু মৃত্যুৰ প্ৰতি থকা তেওঁৰ বিশেষ আগ্ৰহক প্ৰকাশ কৰে আৰু কোৱা হয় এইখন ছবি হেনো ১৮৯৮ চনৰ মুম্বাইৰ প্লেগৰ দ্বাৰা অনুপ্ৰাণিত। ইংগিতধৰ্মী শিল্পী হিচাপে ব’কলিনে ইয়াত মৃত্যুক পাখি-লগা এটা জীৱক বাহন হিচাপে লৈ পৰিভ্ৰমী থকা বুলি দেখুৱাইছে।

The Plague

অসমীয়া সমাজত “চিঞৰ” ছবিখনৰ বাবে নৰৱে’ৰ অভিব্যক্তিবাদী এডৱাৰ্ড মুংখৰ জনপ্ৰিয়তা আছে। মুংখো স্পেনীছ ফ্লু-ৰ চিকাৰ হৈছিল, কিন্তু মৃত্যু মুখত পৰাৰ পৰা বাচিছিল। “স্পেনিছ ইনফ্লুয়েঞ্জাৰ পিছত আত্ম-প্ৰতিকৃতি” নামেৰে এখন নিজৰ অবয়ৱ তেওঁ আঁকিছিল ১৯১৯ চনত, মৃত্যুক তেনেই ওচৰৰ পৰা দেখাৰ পিছৰ অভিজ্ঞতা এয়া। মুংখে স্কেচ্ছ আৰু ছবিৰ এটা শৃংখলাই কৰিছিল য’ত মৃত্যুৰ ওচৰ চপা মুহূৰ্তৰ অধ্যয়ণ আছে। সৌভাগ্যক্ৰমে ১৯১৯-ৰ গ্ৰীষ্মকাললৈ মহামাৰীত আক্ৰান্ত মানুহবোৰ হয় মৰিল, নহয় নিজৰ প্ৰতিৰোধ ক্ষমতা আয়ত্ব কৰিলে, মুঠতে মহামাৰীৰ অৱসান ঘটিল। ইয়াৰ বাহিৰেও মুংখে মাতৃগৰ্ভৰ পৰাই আক্ৰান্ত চিফিলিছ ৰোগী শিশু আৰু মাতৃৰ দৰে বিষয়ক লৈয়ো ছবি আঁকিছে। এই ছবিখনৰ বিষয়বস্তু ইমানেই পীড়াদায়ক যে ছবিখন মুকলি কৰাৰ সময়ত মুংখ সমালোচনাৰ সন্মুখীন হ’বলগাত পৰিছিল।  

Self-Portrait with the Spanish Flu 1919


সমুদ্র কাজল শইকীয়া

Rajya Sabha Television (RSTV),
3rd Floor, Talkatora Stadium Annexe Building,
New Delhi – 110001
mobile: +91 9811375594