["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ১৫ নৱেম্বৰ, ২০২০]
বিশ্বজুৰি চলা নাট্যচৰ্চাৰ এটা তুমুল বাতাবৰণৰ সৈতে বিগত শতিকাৰ সত্তৰৰ দশকটোৰ এটা বিশেষ সংযোগ দেখা পাওঁ। নাজানো, কথাখিনিৰ যৌক্তিক আধাৰ আছে নে নাই, কিন্তু বিশেষ কেইটিমান পৰ্যবেক্ষণেৰে সেই সত্তৰৰ দশকটোৰ প্ৰতি আমাৰ এক বিশেষ কৌতুহল আছে আৰু তাৰে আধাৰতে অলপ নট-আড্ডা মেলিবলৈ বহিছোঁ।
Peter Schumann |
ইতিহাসত একেসময়তে বিশ্বৰ
বিভিন্ন প্ৰান্তত একেধৰণৰ বা সমমাপিক চিন্তাৰ উন্মেষ অৱলীলাক্ৰমেই ঘটিব পাৰে- এই কথাটো
আপোনালোকে মানে নে?
Peter Brook |
পিটাৰ শ্বুমন (Peter
Schumann) নামৰ এজন ব্যক্তিয়ে এটা অভিনৱ পুতলা নাচৰ পদ্ধতি উলিয়ালে- ব্ৰেড এণ্ড পাপেট
থিয়েটাৰ। আক্ষৰিক অনুবাদেৰে হয় : পাওৰুটি আৰু পুতলাৰ থিয়েটাৰ। এই আক্ষৰিক অনুবাদটো
জৰুৰী আছিল এইবাবেই যে সঁচাকৈয়ে খাদ্যসামগ্ৰীৰে সেই পুতলানাচৰ পুতলাসমূহ তৈয়াৰ কৰা
হৈছিল। আমি যি খাদ্য খাওঁ সেই খাদ্যৰে আমাৰ দেহটো নিৰ্মিত। দেহ (Body) নাট্যৰ প্ৰধানতম
অংগ। পুতলাৰো প্ৰাণ আছে। তেন্তে পুতলাৰো শৰীৰ খাদ্যৰে গঢ়া হ’ব লাগিব… এনেকুৱা এটা ব্যাখ্যা
শুনিবলৈ পাইছিলোঁ। [প্ৰসংগতঃ বিভিন্ন ভাৰতীয় পৰম্পৰাতো পুতলা-নাচৰ পৰিৱেশকে কেনেকৈ
পুতলাকো জীৱন্ত শৰীৰ হিচাপে মানে, কেনেকৈ পুতলাক শোৱণী কোঠাত ৰাখে বা পুতলা পুৰণি হ’লে
এনেয়ে পেলাই নিদি তাক যে বিধানমতে সৎকাৰ কৰে
এইখিন কথাৰ উল্লেখ জীৱন পানিৰ পুতলা সম্পৰ্কীয় কিতাপখনত আছে]। সি যি কি নহওক, শ্বুমনৰ
থিয়েটাৰী কৰ্মৰ এটা ঘাই দিশ আছিল কম্যুনিটি- সামাজিকতা, সামূহিকতা আৰু পৰস্পৰিক আদান
প্ৰদান ["anarchic, noncommercial, participatory and politically charged
approach to art."]। ষাঠিৰ দশকতে, ১৯৬৩-ত শ্বুমনে ব্ৰেড এণ্ড পাপেট থিয়েটাৰৰ কাম
আৰম্ভ কৰিলেও তেওঁৰ ‘Puppen und Masken’ কিতাপখন ওলাইছিল ১৯৭৩ চনত।
Eugenio Barba |
অন্তৰাষ্টীয় আন্তৰ্জাতিক
এটা প্ৰকল্প হাতত লৈ আমি সচৰাচৰ অভ্যস্ত থকা ৰূপায়ণবোৰৰ পৰা সমূলি পৃথককৈ পিটাৰ ব্ৰুকে
(Peter Brook) পৰিৱেশন কৰি উলিয়ালে ‘মহাভাৰত’- বিশ্বৰ নাট্যজগততে ই এক মাইলৰ খুটি হৈ
ৰ’ল। ব্ৰুকৰ মহাভাৰতৰ কাম আৰম্ভ হৈছিল সত্তৰৰ দশকৰ মাজভাগত। ইউজিনিঅ’ বাৰ্বা (Eugenio
Barba) আন এটা উল্লেখনীয় নাম। দ্ৰষ্টাসত্বা সম্পৰ্কীয় প্ৰশ্নখিনিক সন্মুখলৈ লৈ অনাত
বাৰ্বাৰ ভালেখিনি অৱদান আছে। বাৰ্বাৰ ‘চাৰিজন দ্ৰষ্টা’ (Four Spectators) নামৰ লেখা
এটাৰ অনুষংগেৰেই আমিও ‘ষড়দ্ৰষ্টা’ নামেৰে এটা লেখা লিখিছিলোঁ। সেই বাৰ্বাই আৰু তেওঁৰ
দ্বাৰা প্ৰতিষ্ঠিত ডেনমাৰ্কৰ অ’ডিন টিয়েট্ৰেটে (Odin Teatret) ‘থিয়েটাৰ-বাৰ্টাৰ’ বা
বিনিময়-প্ৰথাৰ-থিয়েটাৰ বুলি এটা অভিনৱ পদ্ধতি উদ্ভাৱন কৰে য’ত সামূহিকতা আৰু সমাজৰ
কাষলৈ থিয়েটাৰক লৈ যোৱাৰ প্ৰয়াসখিনি আৰু এঢাপ আগবাঢ়িল। এয়া ১৯৭৪ চনৰ কথা। একে দশকতে,
বাৰ্বাই International School of Theatre Anthropology (ISTA) প্ৰতিষ্ঠা কৰে (১৯৭৯
চনত), যিটো থিয়েটাৰী ইতিহাসৰ আন এক মাইলৰ খুঁটি। অভিনেতা আৰু দৰ্শকৰ মাজৰ সম্পৰ্কটো
কেনেকৈ আৰু বেছি পোনপটীয়া আৰু ঘনিষ্ঠ কৰিব পাৰি তাৰ সন্ধানতে তেওঁ আৰম্ভ কৰিছিল থাৰ্ড
থিয়েটাৰ। পিটাৰ ব্ৰুক আৰু ইউজেনিও বাৰ্বা আজিৰ তাৰিখতো জীৱিত থকা পশ্চিমৰ জগতৰ শেষ
দুজন ‘মাষ্টাৰ’ বুলিও ঠাই বিশেষে উল্লিখিত আছে।
Antonin Artaud |
‘দা ড্ৰামা ৰিভিউ’ৰ সম্পাদক
আৰু পৰিৱেশন অধ্যয়নৰ (পাৰফৰমেন্স ষ্টাডীজ) অন্যতম অগ্ৰগণ্য প্ৰৱক্তা ৰিচাৰ্ড শ্বেখনাৰে
(Richard Schechner) আৰম্ভ কৰিছিল নিজৰ এটা ধাৰা, নাম থ’লে এনভাইৰণমেণ্টেল থিয়েটাৰ (পাৰিৱেশিক
থিয়েটাৰ?)। গৱেষণাৰ বাবে আহি অযোধ্যাৰ ৰামলীলাও তন্ন তন্নকৈ অধ্যয়ন কৰিলে আৰু লিখি
উলিয়ালে ‘Performative Circumstances from the Avant Garde to Ramlila’। কেৱল থিয়েটাৰতে
আৱদ্ধ নাথাকি পাৰফৰমেন্সৰ বহল আৰু জটিল পৰিসৰবোৰলৈ তেওঁৰ গৱেষণা বিস্তাৰিত হ’ল। লিখি
উলিয়ালে ‘Essays on Performance Theory’ ১৯৭৬ চনত। তেখেতৰ ‘Environmental Theater’
কিতাপখনৰো প্ৰকাশকাল ১৯৭৩। একেদৰে ‘Theatres, Spaces, and Environments’ প্ৰকাশ হয়
১৯৭৫ চনত আৰু ‘Ritual, Play, and Performance’ ১৯৭৬ চনত।
Stanislavsky |
ভাৰতবৰ্ষতো দুই অবিস্মৰণীয়
নাম- চফদৰ হাছমী আৰু বাদল চৰকাৰ। দিল্লীত বাটৰ নাট কৰি এটা নতুন জাগৰণ আনি আনকি ৰাজপথত
চৰকাৰী গুণ্ডাৰ হাতত মাৰ খাই ছহিদ হ’ল হাছমী। হাছমী আছিল জন নাট্য মঞ্চৰ (চমুকৈ ‘জনম’)
সহযোগী প্ৰতিষ্ঠাপক, সময়- ১৯৭৩, আৰু তেওঁ ‘ইপ্তা’ অৰ্থাৎ Indian People's Theatre
Association (IPTA)-ৰ সৈতেও সক্ৰিয় হৈ আছিল এই সত্তৰৰ দশকতেই। ৭৫ আৰু ৭৭-ৰ ‘জৰুৰীকালীন’
অৱস্থাৰ আগেও আৰু পাছেও তেওঁ আছিল ৰাজনৈতিক আৰু সাংস্কৃতিকভাবে সক্ৰিয়। ১৯৭৮-ৰ নৱেম্বৰত
২ লক্ষাধিক শ্ৰমিকৰ বাবে পৰিৱেশন কৰা হাছমীৰ পৰিচালনাত থকা ‘জনম’-এ সত্তৰৰ দশকৰ পৰা
আশীৰ দশকত তেওঁৰ মৃত্যু ঘটাৰ সময়লৈকে মফস্বলীয় অঞ্চল, ফেক্টৰীৰ কৰ্মী আৰু শ্ৰমিক সকলৰ
বাবে প্ৰায় চাৰি হেজাৰ পৰিৱেশন কৰে।
Jerzy Grotowski |
বংগত থাৰ্ড থিয়েটাৰ বা তৃতীয়
ধাৰাৰ থিয়েটাৰৰ প্ৰৱৰ্তন কৰিলে ১৯৭২ চনত পদ্মশ্ৰী সন্মানিত তথা ১৯৭১ চনত জৱাহৰলাল নেহৰু
ফিল’শ্বিপেৰে সন্মানিত বাদল চৰকাৰে। ১৯৭৮ চনত প্ৰকাশ পায় চৰকাৰৰ কিতাপ ‘The Third
Theatre’ আৰু তেখেতৰ আজাদ স্মাৰক বকৃতালানিও পাছলৈ সংকলিত হয়। ষাঠিৰ শেষৰ ফালে তেওঁ
গঢ় দিয়া ‘শতাব্দী’ নাট্যদলৰ কামকাজবোৰে পক ধৰে সত্তৰৰ দশকত। নাটক বুলি ক’লে যি এটা
ধাৰণা সতকাই মনলৈ আহে- এটা প্ৰেক্ষাগৃহ, মেক-আপ, কষ্টিউম, জিলিকি থকা লাইট- এইবোৰৰ
পৰা এই দুয়োজনৰে ধাৰণাৰ নাট্যচিন্তা পৃথক। সেই প্ৰচেনিয়ামৰ বক্ৰৰেখাই টানি দিয়া পৃথকীকৰণক
কেনেকৈ ভাঙিব পাৰি- সেয়াই আছিল কছৰৎ।
Bertolt Brecht |
চৰকাৰৰ সৈতে হাছমীৰ কিবা
প্ৰত্যক্ষ সংযোগ বিচাৰি পোৱা টান। কিন্তু একে সময়তে একেধৰণেৰে থিয়েটাৰৰ স্থাপত্যক ভঙাৰ
অভ্যাস চলিছিল। মজাৰ কথা, মন কৰিব, থিয়েটাৰ কথাষাৰে এটা স্থাপত্যক বুজায়। সেই স্থাপত্যক
পিটাৰ শ্বুমনে ভাঙিছে, পিটাৰ ব্ৰুকে ভাঙিছে, ইউজেনিঅ’ বাৰ্বাই ভঙিছে,দ ৰিচাৰ্ড শ্বেখনাৰে
ভাঙিছে। এইখিনি উদাহৰণত কাৰোবাৰ সৈতে কাৰোবাৰ সংযোগ নিশ্চয় আছিল। ব্ৰুকৰ সৈতে বাৰ্বাৰ,
বাৰ্বাৰ সৈতে ব্ৰুকৰ সংযোগ আছে। কিন্তু বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰায় একে সময়ত যুগপৎ
একেধৰণৰ চিন্তাৰ উন্মেষ যে অৱলীলাক্ৰমেই ঘটিছিল এইটো এটা লক্ষণীয় বিষয়।
Richard Schechner |
পূৰ্ৱসূৰী ‘নাট্যকেতু’ প্ৰভাৱশালীসকলৰ
প্ৰভাৱ বাৰু আছেই। তাৰ ভিতৰত স্তানিশ্লাভস্কী (Konstantin Stanislavski) আৰু তেওঁৰ
মেথ’ড কিম্বা চতুৰ্থ দেৱালৰ ধাৰণাখিনিতো থাকিবই; পোলেণ্ডৰ জাৰ্জী গ্ৰটষ্কী (Jerzy Grotowski)
আৰু তেওঁৰ Poor Theatre (দুখীয়া থিয়েটাৰ), জাৰ্মানীৰ বাৰ্টোল্ট ব্ৰেখটৰ (Bertolt
Brecht) এপিক থিয়েটাৰ আৰু এলিয়েনেচন থিয়’ৰী তথা এণ্টনিন আৰ্ত্যুৰ (Antonin Artaud)
থিয়েটাৰ অব ক্ৰুৱেলিটী, অগষ্টো বোৱালৰ (Augusto Boal) ‘Theatre of the Oppressed’ এইখিনিয়ে
নিশ্চয়কৈ এইখিনি চিন্তক আৰু কৰ্মীক অহৰহ থেলা দি আহিছিল আৰু আহিছে।
Safdar Hashmi |
আজিৰ তাৰিখতো গুৰুত্বপূৰ্ণ
ভালেখিনি থিয়েটাৰ আৰু পাৰফৰমেন্সৰ চিন্তাচৰ্চা সত্তৰৰ দশকত কেনেকৈ ঘটিছিল- সেয়া আমাৰ
এটা পৰম কৌতুহলৰ বিষয়। কেইবাটাও কাৰ্যকাৰণ কিম্বা প্ৰাসংগিকীকৰণৰ ইংগিত আমি যুগপৎ ফঁহিয়াই
চাব পাৰোঁ। সেইখিনি সময় আছিল আধুনিকতাবাদ শিথিল হৈ পৰাৰ সময়। ইতিমধ্যেই লেখকৰ মৃত্যু
ঘোষিত হৈছে (লেখকৰ ঠাইত কিম্বা লেখকৰ লগতে স্ৰষ্টা, নিৰ্মাতা, শিল্পী, অভিনেতা ইত্যাদি
বুলি পঢ়ক) আৰু লেখকৰ ঠাইত পাঠকৰ (পাঠকৰ ঠাইত কিম্বা পাঠকৰ লগতে দৰ্শক, শ্ৰোতা, উপভোক্তা,
দ্ৰষ্টা ইত্যাদি বুলি পঢ়ক) গুৰুত্বই বৃদ্ধি পাইছে। একৰ ঠাইত বহুত্বৰ গুৰুত্ব বাঢ়িছে।
ভাষাতাত্বিক আৰু দাৰ্শনিক সমস্ত চিন্তাৰ চয়ন হ’বলৈ লৈছে- সজ্ঞানে অথবা অজানিতে। কিন্তু
এইবোৰৰ লগতে বিশেষ কিবা ৰাজনৈতিক বা সামাজিক ঘটনাৰ সংযোগ আছে নেকি? সেয়াও প্ৰশ্ন। প্ৰান্তীয়
ঘটনা কিছুমানৰ ৰাজনৈতিক প্ৰসংগৰ যুগপৎ সংযোগ চকুত পৰে। যেনে, নক্সাল ইতিহাসে যেনেকৈ
১৯৬৭-ৰ পৰা আৰম্ভ হৈ সত্তৰৰ দশকত গুৰুত্ব আকৰ্ষণ কৰে, সমান্তৰালভাবে বাদল চৰকাৰৰ ‘শতাব্দী’ও
প্ৰতিষ্ঠা হয় ১৯৬৭ চনত আৰু অধিক সক্ৰিয় হৈ উঠে সত্তৰৰ দশকটোত। সত্তৰৰ দশকত চফদৰ হাছমীৰ
সক্ৰিয়তা আৰু ইন্দিৰা গান্ধীৰ জৰুৰীকালৰ কলংকিত অধ্যায়ৰ সম্পৰ্কখিনি বুজি পাবলৈ কঠিন
নহয়। কিন্তু প্ৰান্তীয় উদাহৰণবোৰৰ ব্যতিৰেকেও সমগ্ৰ বিশ্বতে যুগপৎ ৰাজনৈতিক দৃশ্যপটো
সলনি হয় নেকি?
Badal Circar |
গুজৰাতৰ পীপলছ থিয়েটাৰ লেবৰেট’ৰী
(চমুকৈ পিটিএল) নামৰ এটা অনুষ্ঠানৰ সৈতে আমি যুক্ত, ইয়ো কাণখোৱাৰ এক সতীৰ্থ সংগঠন।
পিটিএলৰ তৰফৰ পৰা অলপতে ইউজিনিঅ’ বাৰ্বাৰ অ’ডিন টিয়েট্ৰেটৰ কৰ্মী জুলিয়া ভাৰ্লেইৰ (Julia
Varley) সৈতে অলপতে অলপ কথা পতাৰ সুযোগ মিলিছিল। সত্তৰৰ দশকৰ (আমাৰ পৰ্যবেক্ষণেৰে)
এই থিয়েটাৰী অভ্যুত্থান সম্পৰ্কীয় প্ৰশ্নত হয়তো তেখেত ইমান প্ৰস্তুত নাছিল। কিন্তু
তাৰ পিছতো তেখেতে এটা দিশ উল্লেখ কৰিলে, সেইটো হ’ল- ১৯৬৮-ৰ ঘটনাৱলী : Well, you
must have heard when one talks about 1968 and all the changes that happened.
Odin Teatret started in 1964. Obviously, this movement of young people that
involved mostly students and workers in factories, it created a very big social
change. এইখিনি জুলিয়াৰ কথা। “1968 had a big effect on the whole word,
politically, socially but also culturally in the behavior of people. So it is
not only a question of social or political but it has very much to do with the
culture. How you behave. …And a lot of young people afterwards began to meet,
work together and to create an alternative to what existed before and to think
that the alternative revolution was possible. …Certainly social movement was a
consequence of 1968 and all the changes had an effect in believing that what
one was doing, all these changes, all these proposals, all these alternatives
was possible.”
Peter Schumann and Bread and Puppet Theatre |
ষাঠিৰ দশকত পিটাৰ শ্বুমনৰ
সৈতে কাম কৰি পাছলৈ ১৯৭৬ চনৰ পৰা বাৰ্বাৰ অডিন থিয়েট্ৰেটৰ সৈতে যুক্ত হৈ সুদীৰ্ঘকাল
আন্তৰ্জাতিক-বহুজাতিক-বহুভাষিক মহলত সক্ৰিয় হৈ ৰোৱা জুলিয়াই ‘দা গ্ৰেট ডিপ্ৰেছন’ৰ সময়খিনিৰো
উল্লেখ কৰি কয়- “I remember when I was in Milan in all this political period, it
was in 1977-78 that the depressions started to effect and the depression meant
closing of spaces and things started to not be so possible and open and full of
open future.”
অসমত নাট্যকেতুৰো অভাৱ নাই,
নাট্যচৰ্চাও দেধাৰ। ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক কিম্বা ভৌগলিক ঘটনাৰো কোনো পাৰাপাৰ
নাই। কিন্তু তাৰ পিছতো আৰু তাৰ মাজতো চৰ্বিত-চৰ্বনক বাদ দি নতুন চিন্তা কমেইহে দেখা
পোৱা যায়। অৱশ্যে বিগত কিছুবছৰত দেখা পোৱা বিকল্প চিন্তনৰ কিছু কথা আমি লিখি আহিছোঁ-
যেনে পথাৰৰ নাট, হোলোং ইত্যাদি। কিন্তু এটা দাৰ্শনিক ভিত্তি নিৰ্মাণ কৰিব নোৱৰালৈকে,
এটা সমলোচনাৰ ধাৰা আৰু পদ্ধতিবিধি গঢ় নিদিয়ালৈকে এই চৰ্চাবোৰে কোনো ইতিহাস ৰচিব নোৱাৰিবগৈ।
সমুদ্র কাজল শইকীয়া
Rajya Sabha
Television (RSTV),
3rd Floor, Talkatora
Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com, mobile: +91
9811375594
No comments:
Post a Comment