ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Wednesday, March 10, 2021

পেখু পেখু (ঊনসত্তৰ): পেন’ফ্স্কী আৰু আইকন’লজী : শিল্প অনুধাৱনৰ তিনিটা স্তৰ

  ["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ১ নৱেম্বৰ, ২০২০]

Van Eyck, Arnolfini Portrait

কলা ইতিহাসৰ ইতিহাসত পেন’ফ্‌স্কী (Erwin Panofsky, ১৮৯২-১৯৬৮) আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিসকলৰ মাজৰ এজন হৈ থাকিল তেওঁৰ আইকন’ল’জী বিষয়ক তত্ব আৰু পদ্ধতিৰ বাবে। আইকন’গ্ৰাফী (iconography) শব্দটো হয়তো শিল্পৰ সৈতে সম্যক পৰিচয় থকা আমাৰ দেশৰ প্ৰায়ভাগ ব্যক্তিয়ে জানে, অথবা অন্ততঃ এই সম্পৰ্কে শুনিছে। আইকন’গ্ৰাফী শব্দৰ মূল যিহেতু ‘আইকন’, অথবা প্ৰতিমা, সেয়েহে প্ৰতিমা অধ্যয়নৰ সৈতেই ই যুক্ত- এই কথা বুজিবলৈ কঠিণ নহয়। অত্যন্ত সহজভাবে ক’বলৈ গ’লে মূৰ্তি এটা আমি কেনেকৈ চিনি পাম? হাতত ত্ৰিশূল, মূৰত জঁটা, ডিঙিত সৰ্পমালা, কঁকালত বাঘৰ ছাল থাকিলে সেয়া শিৱ- এয়া আমি বুজি পাওঁ। হাতত ধনু-কাঁড় ল’লে সেয়া ৰাম, তাৰ ঠাইত বাঁহী বজাই থকা থাকিলে পীতাম্বৰ (পীত+অম্বৰ > হালধীয়া ধূতি) শ্যামবৰণ অবয়ৱটো কৃষ্ণ। পুথি, গীত-মাত, কিম্বা চিত্ৰিত কিম্বা খোদিত বিবৰণ – সকলোতে এই বৰ্ণনাসমূহ চিনাক্ত কৰি উলিয়াবৰ এয়ে উপায়। এয়াই আইকন’গ্ৰাফী- প্ৰতিমা অধ্যয়নৰ বিষয়। কিন্তু এই আইকন’ল’জীটো (iconology) আকৌ কি? এয়া বুজিবলৈ পেন’ফ্‌স্কীৰ শিল্প-অধ্যয়নৰ তিনিতৰপীয়া পদ্ধতিটোলৈ এবাৰ ভুমুকিয়াব লাগিব।

 

Hans Holbein the Younger, The Ambassadors

জাৰ্মানীত নাজী উত্থানৰ পিছৰ কালত জাৰ্মান-ইহুদী কলা-ইতিহাসবিদ আৰৱিন পেন’ফ্‌স্কীৰ কলাইতিহাস সম্পৰ্কীয় প্ৰায়ভাগ কাম সম্পন্ন হয় আমেৰিকাত। ইউৰোপীয় ৰেণেছাঁ আৰু আগকালৰ নেডাৰলেণ্ডৰ চিত্ৰশিল্প তেখেতৰ চৰ্চাৰ ঘাই বিষয় আছিল। ‘Studies in Iconology: Humanist Themes in the Art of the Renaissance’ (১৯৩৯), ‘Meaning in the Visual Arts’ (১৯৫৫), আৰু ‘The Life and Art of Albrecht Dürer’ (১৯৪৩) তেওঁৰ আটাইতকৈ উল্লেখনীয় কাম। শিল্পকৰ্মৰ মানে-নিৰূপণৰ ক্ষেত্ৰত তেওঁৰ সবিস্তাৰ কামৰ প্ৰভাৱ অপৰিসীম, একেদৰে শিপকৰ্ম দৰ্শনৰ অভিজ্ঞতাৰে ইতিহাস আৰু সমাজ অধ্যয়নৰ পদ্ধতি কিছুমানো তেওঁ আগবঢ়াই থৈ গৈছে।

 

Erwin Panofsky, Studies in Iconology


চমুকৈ, সাংস্কৃতিক আৰু কলা ইতিহাসত প্ৰচলিত থকা ঐতিহাসিক আৰু সামাজিক প্ৰেক্ষাপটত, লিখিত বা মৌখিক পূৰ্বাপৰ প্ৰচলিত বৰ্ণনা আদিৰ সহযোগত, ব্যক্তিৰ অনুধাৱণ আৰু ব্যাখ্যা নিৰ্ণয়ৰ এক পদ্ধতিয়েই হৈছে- আইকন’ল’জী। আইকন’গ্ৰাফী আৰু আইকন’ল’জীৰ মাজৰ প্ৰভেদখিনি অতি সূক্ষ্ম আৰু পেন’ফ্‌স্কীয়ে যেনেধৰণৰে এই দুই পদ্ধতিৰ পৃথকীকৰণ কৰি ব্যাখ্যা আগবঢ়াইছে, কিছুসংখ্যক বিশ্লেষকে আকৌ দুয়োটা শব্দকে সাঙুৰি শেহতীয়াকৈ আইকন’ল’জী শব্দটোকেই ব্যৱহাৰ কৰিবলৈ সুবিধা পায়। কলা ইতিহাসৰ ইতিহাস একপ্ৰকাৰৰ অৰ্থ-নিৰূপণৰ ইতিহাস : history of meaning making, সময়ে সময়ে মানৱসৃষ্ট দৃশ্যগত ৰূপবোৰৰ অৰ্থৰ সন্ধান আৰু তাৰ পদ্ধতি নিৰ্ণয় কৰিবৰ বাটবোৰৰ সন্ধান নিৰন্তৰ চলি আহিছে। দৃশ্যগত ৰূপ এটাৰ অন্তৰ্নিহিত ‘মানে’ বা ‘অৰ্থ’ নিৰ্ধাৰণৰ বাবে পেন’ফ্‌স্কীৰ পদ্ধতিটোৰ এটা ঐতিহাসিক আৰু সুদূৰপ্ৰসাৰী গুৰুত্ব আছে এইবাবেই যে ইয়াত দৃশ্যৰূপটোকো এটা ‘পাঠ’ (text) হিচাপে গণ্য কৰাৰ বাট মুকলি হয়। ৰূপ-অধ্যয়নৰ লগে লগে একো একোটা ৰূপ-ক চিহ্ন হিচাপে পৰিগণিত কৰাৰ এটা পদ্ধতিৰ ইংগিতেৰে বিংশ শতাব্দীৰ আটাইতকৈ প্ৰভাৱশালী চৰ্চা চিহ্নবিজ্ঞানৰ শাখাসমূহৰ ই কাষ চাপি আহে।

 


পেন’ফ্‌স্কীৰ প্ৰথমটো স্তৰ বা খণ্ডত আছে ‘প্ৰাথমিক’ বা ‘স্বাভাৱিক’ বিষয়বস্তু : ইয়াত শিল্পকৰ্ম এটা মনযোগেৰে কেৱল চোৱা হয়, ইয়াৰ ৰূপগত দিশবোৰলৈ লক্ষ্য কৰা হয়। এয়া প্ৰাক-ৰূপনিৰ্ণায়ক, বা প্ৰি-আইকন’গ্ৰাফিক বৰ্ণনাৰ পৰ্যায়। ছবিত ৰং আৰু ৰেখাৰ বিশেষ প্ৰয়োগ; যদি ভাস্কৰ্যৰ কথা কোৱা হয় তেন্তে মাটি কিম্বা ব্ৰ’ঞ্জৰ বিশেষ অবয়ৱসমূহলৈ ধ্যান দিয়াটোৱে প্ৰথম কথা। প্ৰতিনিধিত্বমূলক উপস্থাপনত কি দৰ্শোৱা হৈছে- মানুহ, গছ, পাহাৰ, কলহ, জীৱ-জন্তু সেয়া আমাৰ চকুত পৰিব। লগতে চকুত পৰিব কেনেকৈ দৰ্শোৱা হৈছে- মানুহ হ’লে আনন্দ, বিষাদ, উত্তেজনা এনে কি অৱস্থানত অৱয়বটোক তুলি ধৰা হৈছে- ইত্যাদি। তেনেকৈয়ে নিসৰ্গ কিম্বা ঘৰৰ ভিতৰৰ দৃশ্যাংশ হ’লে দিনৰ সময়, বতৰ, পোহাৰ আদিৰ আভাসে এটা পৰিৱেশৰ আভাস দিব। এইখিনি কেৱল চকুৰে চোৱা আৰু আতি-গুৰি আন একো নাজানিলেও কেৱল চকুৰে চায়েই উপলব্ধি কৰাৰ কথা।

 

Painting by Albrecht Durer

দ্বিতীয়টো ‘পৰম্পৰাগত’ বিষয়বস্তুৰ স্তৰ : ইয়াত পেন’ফ্‌স্কীয়ে ৰাখিছে আইকন’গ্ৰাফীক বিশ্লেষণক। কেৱল চকুৰে দেখি বুজিবপৰাখিনিৰ বাহিৰেও আন কিছুমান দিশ আছে সেয়া ইয়াত উন্মোচিত হয়। এইখিনিতেই ৰূপ আৰু বিষয়বস্তুৰ এটা প্ৰভেদ বা সম্পৰ্কৰ প্ৰসংগও আহি পৰিব। পথালিচকুৱা দুঠেঙীয়া অবয়ৱটো মানুহ বা মানৱীয় বুলি আমি প্ৰথম চাক্ষুস স্তৰতেই গম পালোঁ। এতিয়া কথা হ’ল সেই অবয়ৱটোৰ এটা পৰিচয় আছে। অবয়ৱটো হয় ৰামচন্দ্ৰৰ, নহলে’বা কিজানি মহাদেৱৰ, অথবা হৰি, যদু, মধু কাৰোবাৰ। প্ৰথম স্তৰৰ প্ৰশ্নটো যদি আছিল অবয়ৱটো কিহৰ, দ্বিতীয় স্তৰৰ প্ৰশ্নটো হ’লগৈ অবয়ৱটো ‘কাৰ’(?)। পেন’ফ্‌স্কীৰ কেন্দ্ৰীয় সমলসমূহ যিহেতু ৰেণেছাঁৰ শিল্পকলাসমূহ আছিল, সেই ক্ষেত্ৰত সেইবোৰৰ সৈতে যুক্ত প্ৰাচীন পাঠসমূহৰ বিশেষ গুৰুত্ব আছিল। প্ৰাচীন ভাৰতীয় শিল্পৰ ক্ষেত্ৰতো একে কথা। ভাৰতীয় শিল্প বুজিবলৈ হ’লে প্ৰাচীন শিল্পশাস্ত্ৰ সমূহকে ধৰি ৰামায়ণ, মহাভাৰত আৰু তদানুৰূপ আন আন পাঠ সমূহৰ সম্যক ধাৰণা জৰুৰী। এই পাঠসমূহে আমাক সহায় কৰিব ছবিখনৰ বা মূৰ্তিটোৰ বিষয়বস্তু কি। কোৱা হয়, কোণাৰ্কৰ নট-মণ্ডপ আদিৰ মূৰ্তিসমূহ বুজিবলৈ হ’লে ভাৰত নাট্যমৰ দৰে পৰিৱেশনধৰ্মী চৰ্চা আৰু ভৰতৰ নাট্যশাস্ত্ৰৰ ধাৰণা থকাটো জৰুৰী। বিষয় এটা বুজি উঠিবলৈ হ’লে তাৰ উপস্থাপন পদ্ধতি আৰু তাৰ আশে-পাশে উপস্থাপিত অন্যান্য উপাদানসমূহলৈ চকু দিবলগা হয়। যেনে শিৱৰ মূৰ্তিটো আমি শিৱৰ বুলি জানিম ত্ৰিশূলডাল দেখি। বিষ্ণুক চিনি পাম শংখ-চক্ৰ-গদা-পদ্মক দেখি। এহাতে আগৰে পৰা থকা পাঠ-সমীক্ষা আৰু সংগোপাংগ উপাদানসমূহৰ অৱস্থান- এইখিনিয়েই আইকন’গ্ৰাফীৰ গুৰুত্বপূৰ্ণ অধ্যয়নৰ দিশ।  

 

Sandro Botticelli, The Birth of Venus (c. 1484–1486)

শেষ বা তৃতীয় পৰ্যায়ৰ যিটো পদ্ধতি সেইটোৱেই হৈছে পেন’ফ্‌স্কীয়ে গুৰুত্বসহকাৰে ব্যাখ্যা কৰিব খোজা আইকন’ল’জিকেল বিশ্লেষণ, ইয়াতে উন্মোচিত হ’ব শিল্পবস্তুৰ অন্তৰ্নিহিত অৰ্থখিনি (intrinsic meaning or content)। আইকন’গ্ৰাফীক বিশ্লেষণ বাহ্যিক পাঠ বা আনুষংগিক ব্যাখ্যা বা বিৱৰণৰ ওপৰত আধাৰিত। তাৰ ঠাইত আইকন’ল’জিক বিশ্লেষণ হ’ল দ্ৰষ্টাৰ বিষয়ী (বা ব্যক্তিসত্বাৰ) ফচল। এইখিনিত যে পদ্ধতি বুলি নিলিখি ফচল বুলি লিখিলোঁ সেইটোলৈ মন কৰক। এই স্তৰটো আচলতে অনুসন্ধানতকৈয়ো অনুসন্ধানৰ পৰিণতিৰ স্তৰহে- এই কথা পাছলৈ গিলবাৰ্টে (Creighton Gilbert, ১৯৫২) ব্যাখ্যা কৰিছে। প্ৰাথমিক স্তৰৰ দৃশ্যগত অভিজ্ঞতা, দ্বিতীয় স্তৰৰ আনুষংগিক ব্যাখ্যা আৰু বিবৰণ সংশ্লেষণ কৰাৰ পিছত প্ৰসংগ-সংগতি আৰু অভিজ্ঞতাৰ চয়নেৰে দ্ৰষ্টা এটা সাৰ্বিক সিদ্ধান্তত উপনীত হ’বগৈ পাৰিব।  

 

ভাৰতীয় মিনিয়েচাৰ, ‘জায়া’ হিচাপে দূৰ্গা

আচলতে বৰ্ণনা আৰু বিৱৰণ কথাখিনিৰ পৰা সংশ্লেষণ আৰু বিশ্লেষণ কথাখিনিৰ যি প্ৰভেদ, আইকন’গ্ৰাফী আৰু আকণ’লজীৰ প্ৰভেদখিনিও সিমানেই। প্ৰথমটোৱে বাহিৰৰ উপাদানবোৰেৰে এটা সংগতি বিচাৰি ফুৰে, দ্বিতীয়টোৱে সেইবোৰৰ চয়ন কৰি এটা অনুধাৱনৰ বাট মোকোলায়। আইকন’গ্ৰাফী জ্ঞাত জগতখনৰ (known world) এটা জ্ঞাত তত্ব (known principle)। সেই হিচাপেৰে আকণ’লজীৰ মাজত এটা আৱিষ্কাৰৰ প্ৰৱণতা আছে।   

 

Erwin Panofsky

পেন’ফ্‌স্কীৰ আইকন’লজীৰ ব্যাখ্যা কেইবাটাও কাৰণত পাছলৈ একাংশ সমালোচকে অগ্ৰাহ্য কৰে। যিখিনি সমলক লৈ পেন’ফ্‌স্কীয়ে ব্যাখ্যা আগবঢ়ায়, সেই ৰেণেছাঁ কালৰ বিৱৰণধৰ্মী (ডেস্ক্ৰিপ্টিভ, নেৰেটিভ), অবয়ৱ-নিৰ্ভৰ (ফিগাৰেটিভ) শিল্পৰ ক্ষেত্ৰত হয়তো এইখিনি কথাৰ গুৰুত্ব অপৰিসীম। কিন্তু আধুনিক শিল্প, বিশেষকৈ বিমূৰ্ত শিল্পৰ বেলিকা কথাখিনি একেধৰণেৰে প্ৰয়োগ কৰিবপৰা হ’বগৈনে- এই প্ৰশ্নটো উঠিল। ৰূপগত দিশবোৰক গুৰুত্বহীন কৰি দি দৃশ্যৰূপৰ প্ৰতীকী আৰু পাঠ-সমীক্ষাৰ চয়নেৰে দৃশ্যলব্ধ অভিজ্ঞতাক অৱহেলা কৰা হ’ল নেকি বুলিও সন্দেহ উঠিবলৈ ল’লে (Jan Gerrit Van Gelder, ১৯৪৬)। শিল্পবস্তুৰ অনুধাৱনৰ বাবে সামাজিক, ঐতিহাসিক সমস্ত সমলৰ চয়ন কৰাৰ পদ্ধতিটোৰ পিছতো সামাজিক ইতিহাসবিদসকলৰো একাংশই পেন’ফ্‌স্কীক তেওঁৰ তাত্বিক মতাত্ববাদ (dogmaticism)-ৰ বাবে পৰিহাৰ কৰিবলৈ বিচাৰিলে।

 

কিন্তু কেইবাটাও কাৰণত পেন’ফ্‌স্কীৰ আইকন’লজীৰ ব্যাখ্যা গুৰুত্বপূৰ্ণ হৈ ৰ’ব। আনকি, সমগ্ৰ ইতিহাসতেই ই ব্যাপক প্ৰভাৱশালী এটা তাত্বিক আধাৰ হৈ ৰৈছে। দৃশ্যক কেৱল এক চাক্ষুস অভিজ্ঞতা বুলিয়ে মানি নাথাকি ইয়াৰ যে এটা বিষয়বস্তুগত আধাৰ আছে সেই দিশটো আঙুলিয়াই দি পেন’ফ্‌স্কীয়ে আচলতে ফৰ্ম আৰু কণ্টেণ্ট সম্পৰ্কে আকৌ এবাৰ জুকিয়াই ভাবিবলৈ আজিও সুযোগ দিয়ে। এটা এটা দৃশ্যৰূপে যে তাৰ প্ৰতীকী অৰ্থ বহন কৰি চলে এই কথাৰ গুৰুত্বৰে প্ৰতিটো বস্তুকেই একোটা চিহ্ন (sign আৰু symbol) হিচাপে চাবলৈ সুযোগ দিয়ে যিটো ভাষাবিজ্ঞানৰ চিহ্নতত্বৰ দৰে এটা বিস্তৰ-প্ৰভাৱশালী জ্ঞানশাখাৰ কাষ চাপি আহে। আন এজন স্বনামধন্য কলাইতিহাসবিদ গম্ব্ৰিচ্ছে (Ernst Gombrich) ক’বৰ দৰে, “আইকন’লজীৰ এই উদীয়মান শাখাটোৱে দৃশ্যৰ প্ৰতি সেই কামটোকেই কৰিবগৈ যিটো ভাষাতত্বই শব্দৰ প্ৰতি কৰিলে” (১৯৮৭)। কলা ইতিহাস কিম্বা সাংস্কৃতিক ইতিহাসৰ আটাইতকৈ চৰ্চিত প্ৰায়বোৰ দিশতেই এইদৰে পেন’ফ্‌স্কীৰ ব্যাখ্যা গুৰুত্বপূৰ্ণ হৈ ৰ’ল, যেনে : ফৰ্ম আৰু কণ্টেণ্ট (form and content), শব্দ আৰু দৃশ্য (word and image), উপস্থাপন আৰু ব্যাখ্যা (representation and interpretation), প্ৰসংগ আৰু সংগতি (reference and context), চিহ্ন আৰু প্ৰতীক (sign and symbol) ইত্যাদি। সৰ্বোপৰি যিটো কথাৰ বাবে পেন’ফ্‌স্কীক আমি এটা বিশেষ সন্মান দিব খোজোঁ সেয়া হ’ল- আইকন’গ্ৰাফীৰ পৰম্পৰাগত ধাৰণা বা চৰ্চাত কেৱল আছিল পুঁথি-পাজিৰ পৰা আহৰিত তথ্য আৰু জ্ঞানৰ সন্ধান। “কোনটো কি” এই প্ৰশ্নই শেষ কথা আছিল। কিন্তু আইকন’লজীৰ স্তৰটোৱে দ্ৰষ্টা এজনৰ ব্যক্তিসত্বাৰ এটা ইংগিত বহন কৰিলে। আমাৰ প্ৰিয় বিষয় দ্ৰষ্টাসত্বা, বা স্পেক্টেটৰছিপৰ (spectatorship) এটা আভাস এইখিনিতে আছে।   

 

 

 

            

      

 

সমুদ্র কাজল শইকীয়া

Rajya Sabha Television (RSTV),

3rd Floor, Talkatora Stadium Annexe Building,

New Delhi – 110001

email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: