[কাণখোৱাৰ দ্বাৰা প্ৰকাশিত 'দ্ৰষ্টাসত্বা শৃংখলা'ৰ কিতাপ 'শিল্পপাঠ আৰু সাহিত্যদৰ্শন : কাণখোৱাৰ হাতপুথি'-ত সন্নিবিষ্ট]
কেইদিনমানৰ আগতে উপমা আৰু ৰূপকৰ প্ৰয়োগ, এজন সৃষ্টিশীল ব্যক্তিয়ে ল’ব পৰা স্বাধীনতা, ব্যৱহাৰিক-বৈজ্ঞানিক জ্ঞান আৰু নান্দনিক যৌক্তিকতা আদিৰ প্ৰসংগেৰে “পোহৰৰ চিঁয়াহী পৰিছে চিটিকি" বুলি কোৱাতকৈ "ৰাত কি চিয়াঁহী" বুলি দিয়া সাযুজ্যটো কেনেকৈ অধিক গ্ৰহণীয় আৰু মনোগ্ৰাহী সেইখিনি কথা পাতি আছিলোঁ। এইখিনি অনুধাৱনত অলপ সূক্ষ্মতা (nuanced) আৰু বিষয়ী (subjective) অনুভৱৰ দিশ আছিল। কিন্তু তাৰ পিছত আহি যদি চুকাফা আৰু গদাপাণিক এখন ‘অসুস্থ বাছ’ৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেন বুলি কৰা এটা উপস্থাপন আৰু তাক কেন্দ্ৰ কৰি হোৱা বাদ-বিবাদৰ কথা পাতিবলগীয়াত পৰে সেয়া স্থূল আৰু দুৰ্ভাগ্যজনক। আগতে কেইবাবাৰো বিতৰ্কৰ শীৰোনামলৈ অহা কবি নীলিম কুমাৰৰ শেহতীয়া আৰু এটা কবিতাই অলপতে ভালেখিনি খলকনি তুলিলে। কবিতাটোৰ স-পক্ষ আৰু বি-পক্ষ, দুটা ফৈদৰ জন্ম হ'ল আৰু তুমুল ৰণ চলিল। সচৰাচৰ যুঁজত এপক্ষ জিকিলে আনটো পক্ষ হাৰে, কিন্তু এইখন ৰণত দুয়োটা পক্ষই সমানে পৰাজিত। শৈল্পিক আলোচনা, বৌদ্ধিক কচৰৎ কিম্বা ৰাজনৈতিক পৰ্যবেক্ষণ- কোনোটো দিশতে এই সময়ৰ বিতৰ্কই কোনো বাট কাটিবতো নোৱাৰিলেই, বৰঞ্চ সামূহিক-সামাজিক স্তৰত চিন্তাৰ বিপৰ্যয়ক ই যেনেকৈ উদঙালে নন্দনতাত্বিক আৰু মস্তিষ্কৰ বিনিয়োগৰ দিশেৰেও উচ্চস্তৰৰ ভয়াবহ দুৰ্ভিক্ষৰ দিশ এটা উন্মোচিত কৰিলে। ‘মব’, ‘পাব্লিক’ বা গণ উন্মাদনাৰে ভৰা এটা সময় আৰু স্থানত গূঢ়তালৈ নগৈ কেৱল বিতৰ্কৰ বাবেই বিতৰ্ক কৰাৰ কথাখিনি আজি আৰু কোনেও নুবুজাকৈ নাথাকে। এই পৰ্যায়ৰ কথাখিনি আজি আছে কাইলৈ নাই। কিন্তু চিন্তন আৰু মননৰ পৰ্যায়ৰ চৰ্চাৰ বাট এটা বন্ধ হৈ যোৱাটো তাতোকৈ বেছি মাৰত্মক আৰু সুদূৰ-প্ৰসাৰী, এই কথাটোলৈহে অধিক মন দিয়াটো জৰুৰী। ইয়াৰ বাবে গণ উন্মাদনাই দায়ী নে? পাব্লিক নামৰ এই বিমূৰ্ত ধাৰণাটোৰ বৌদ্ধিক ঔদাসিন্যকেই সদায়ে দোষাৰোপ কৰি থাকিম নে? তাৰ পৰা কি লাভ হ'ব? বৌদ্ধিক চাতুৰ্যই অসাধু উদ্দেশ্যৰ হাত ধৰি বাট বুলিলে ঘটিব পৰা বিপদৰ মাত্ৰা বেছি।
সাধাৰণীকৰণ কৰি সম্যকভাৱে আজিৰ সমাজৰ মানুহখিনি (কোনো এক ক্ষেত্ৰ বিশেষে) অশিক্ষিত বুলি কৈ দিয়াটো হয়তো সহজ। ‘পাব্লিক’ যিহেতু আমাৰ এটা আগ্ৰহৰ বিষয়, লগতে ‘Spectator’ বা দ্ৰষ্টা/দৰ্শক/পাঠক-ৰ গুৰুত্বকে স্বীকাৰ কৰি কথা পাতিবলৈ ভালপাওঁ, আমিও সামগ্ৰিকতাৰে গ্ৰহণীয়তা, গ্ৰহনযোগ্যতা বা গ্ৰহণ-পদ্ধতিখিনিৰ কাৰণে এই একেটা কামকেই কৰি আহিছোঁ। অসমীয়া মানুহৰ আবেগ কিম্বা বৌদ্ধিক অনীহাৰ কথা পাতোঁতে আনকি আমিও তইনো কি মানুহ বুলি ওলোটাই কৰা প্ৰশ্নটোৰ সন্মুখীন হৈছোঁ। এই সাধাৰণীকৃত, সামগ্ৰিকতাৰ দৃষ্টিখিনিৰ সমান্তৰালভাৱে এইখিনিক নিয়ন্ত্ৰণ কৰি থকা কাৰকখিনিৰ কথাও সেয়েহে আমি সমানে পাতি থাকিব লাগিব। তাতোকৈ ডাঙৰ কথা, সেইখিনি কথা পাতিবৰ বাবে এটা উপযুক্ত পৰিৱেশ আমাৰ সন্মুখত থাকিব লাগিব।
আৰু অলপ সৰলকৈ ক’বলৈ হ’লে, এজন কবি বা শিল্পীৰ স্বাধীনতাত ব্যাঘাত জন্মাব খোজা অৰাজক উন্মাদ অত্যাচাৰী শক্তিৰ উত্থান ঘটিলে তাৰ বিৰুদ্ধে মাত (দিবই লাগিব) দিবৰ সময়তে সেই শিল্পী বা সেই কবিৰ সৃষ্টিকৰ্মৰ নিৰ্মোহ বিশ্লেষণৰ পৰিৱেশটোকো আমি সংৰক্ষিত কৰিব পাৰিব লাগিব। শিল্পৰ আৰু শিল্প-কথাৰ প্ৰাসংগিক দিশখিনি কিমান জৰুৰী সেই কথা হয়তো আমিয়েই ইমান দিনে সজোৰে কৈ আহিছোঁ। এটা পলিটিকেল অৱস্থানেৰেই কোনখিনি কথা আমি কেতিয়া ক’ত কাৰ বাবে পাতিম (what, when, where, for whom) তাৰ এটা বাচ-বিচাৰ সদায়েই থাকে। কিন্তু তাৰ গইনা লৈ নিম্নমানৰ সৃষ্টি এটাক মহান সৃষ্টিকৰ্মলৈ ৰূপান্তৰিত কৰাৰ প্ৰৱণতাটোও গ্ৰহণযোগ্য হ’ব নালাগে। অন্তত: এইকণ ঠাই আমাৰ থাকিব লাগে যে অমুক কুমাৰৰ তমুক কবিতাটো এটা বেয়া কবিতা, ইয়াৰ অভিপ্ৰায়খিনিও নিজেই ‘অসুস্থ’, কিন্তু তাৰ পিছতো আমি ইয়াৰ পক্ষত ঠিয় দিম কাৰণ, এইখিনি কথা এনেকৈ হ’লেও কোনোবাই কোৱাৰ পূৰ্ণ অধিকাৰ থাকিব লাগে। শেহতীয়াকৈ এই পৰিৱেশটো বিনষ্ট হোৱাৰ উমান পালোঁ। আনকি পৰম পূজ্য গোঁহাই ছাৰেও গণোন্মাদ বাতুলতাৰ কথা ক’বলৈ গৈ (অন্তৰালত থাকিব পৰা অন্যান্য ৰাজনৈতিক অভিপ্ৰায়ৰ কথা ক’বলৈ গৈ) আৰম্ভণীতে কবিতাত যে একো “বেয়া কথা নাই” সেই সম্পৰ্কে দুকথা ক’লে, আৰু সেই দুকথাও কবিতাটোৰ যিমান কাষ চপা তাতকৈ বেছি কবিয়ে দিয়া এটা বিভ্ৰান্তিকৰ কৈফিয়ৎ বা স্পষ্টীকৰণৰহে ওচৰ চপা সেয়া বুজি পালেই গম পাব যে এয়া অসমৰ সৃষ্টিশীল জগতখনৰ বাবে এটা অশনি-সংকেত। কোন ক্ষেত্ৰত কোনখিনি কথা আমি scrutiny কৰিম, আৰু কিয় কৰিম? ক’ত কট্টৰ হ’ম, আৰু ক’ত চেলফ-ৰিফ্লেক্সিভ হ’ম? এই মুহূৰ্তত অখিল গগৈৰ মুক্তিৰ দাবী তোলোঁতেও “যদিও আমাৰ মতৰ অমিল আছে” বুলি বাৰম্বাৰ উল্লেখ (আচলতে প্ৰকাৰান্তৰে তালৈ দৃষ্টি আকৰ্ষণ) কৰিহে কোনোমতে মাত মতা মানুহেও আকৌ কবিতা এটাক মান্যতা দিয়াৰ পথত একান্ত কট্টৰ অৱস্থান গ্ৰহণ কৰিছে য’ত “যদিও” বোলা শব্দটোৰ কোনো স্থান নাই। অথচ হ’ব লাগিছিল ওলোটাটো। মানে, যদি, যদিওবা, হবলা, নেকি আদি অব্যয়খিনি থাকিব লাগে শিল্পৰ আলোচনাত, আৰু এইখিনি বৰ্জিত হ’ব লাগে প্ৰত্যক্ষ ৰাজনীতিত। ঘটিল ওলোটাটো।
অসমীয়া প্ৰতিদিন কাকতত ড০ হীৰেন গোঁহাইৰ “নীলিম কুমাৰৰ কবিতা বিতৰ্ক” সম্পৰ্কীয় টোকা, জুলাই, ২০২০ |
১ জুলাই ২০২০ তাৰিখৰ প্ৰান্তিক আলোচনীত কবিতাটো প্ৰকাশ হয় আৰু প্ৰকাশ হোৱাৰ প্ৰথম সপ্তাহতে ই বিতৰ্কৰ সূত্ৰপাত ঘটায়। কবিতাটোত আছে কি? এজন সুদক্ষ কবিৰ কৃতিত্বৰে নিৰ্মিত এটা চিনেমেটিক পৰিৱেশ আচলতে, তাতোকৈ ভাল, এটা এনিমচন ভিজুৱেলাইজেচনৰ বাবে অত্যন্ত উপযুক্ত পৰিৱেশ। গদ্যধৰ্মী বৰ্ণনাখিনি এনেদৰে আৰম্ভ হয়- “এখন অসুস্থ ছিটিবাছ।/ মহানগৰৰ মাজেদি অহা-যোৱা কৰে/ উশাহত কষ্ট।/ ৰাস্তাৰ কাষত ৰখাই/ কেতিয়াবা অলপ জিৰায়। ক’লা ধোঁৱা উৰুৱায়।/ কেতিয়াবা কৰে ঘেৰ ঘেৰ, যেন শ্বাসনলীৰ মাত”। নক’লেও হ’ব ইয়াত ছিটিবাছখনেই প্ৰটাগণিষ্ট বা কেন্দ্ৰীয় চৰিত্ৰ; আৰু চৰিত্ৰৰ বৰ্ণনাৰেই নেৰেটিভৰ আৰম্ভণী। বৰ্ণনাখিনি আগবাঢ়ে এনেধৰণেৰে- “এখন অসুস্থ ছিটিবাছ।/ খুব লাহে লাহে অহা-যোৱা কৰে/ মহানগৰৰ ব্যস্ততাৰ মাজেদি।/ দৌৰা-দৌৰিৰ এখন মহানগৰ, তিৰবিৰাই থকা/ দুচকুৰ আহ্বানৰ এখন মহানগৰ।/ তাৰ মাজেদি বাট কাটি কাটি ক’লা ধোঁৱা উৰুৱাই/ আহে এখন অসুস্থ ছিটিবাছ।/ যাত্ৰী উঠে আৰু গাড়ীৰ গতি দেখি/ তৎক্ষণাৎ নামি যায়।/ যাত্ৰীৰ গালি খায়/ এখন অসুস্থ ছিটিবাছ”।
এইখিনি বৰ্ণনাৰ পিছতে চৰিত্ৰটোক প্ৰসংগায়িত কৰা হৈছে দুটা ঐতিহাসিক চৰিত্ৰৰ সৈতে সাঙুৰি যাৰ আধাৰতে পাছলৈ বিতৰ্কৰ সূত্ৰপাত ঘটে। “আঠশ বছৰীয়া এজন ড্ৰাইভাৰ।/ পাঁচশ বছৰীয়া এজন হেণ্ডিমেন।/ নাম সুধিলে ড্ৰাইভাৰে কয়- চুকাফা।/ হেণ্ডিমেনে কয় গদাপাণি”।
অসমীয়া কবিতাত নতুন সম্পৰীক্ষণৰ সংযোজনৰ বাবে এইজন কবিৰ গুৰুত্ব আছে। একেজন কবি নীলিম কুমাৰৰেই আগৰ আন এটা বিখ্যাত (কুখ্যাত?) কবিতাত জালিয়ানৱালাবাগৰ দৰে ইতিহাস-খ্যাত নাম বা বিশেষ্যই ইতিহাসৰ অনুসংগৰ পৰা ছিটিকি আহি অন্য মাত্ৰাত ঠিয় দিছিলহি। কিন্তু ইয়াত মন কৰিব, চুকাফা আৰু গদাপাণি দুটা কেৱল বিশেষ্য-পদ নহয়, আঁঠশ বছৰীয়া, পাঁচশ বছৰীয়া, ইতিহাসে দিয়া এখন আজীৱন লাইচেন্স, বুৰঞ্জীৰ একা-বেঁকা ভাবনাৰে মহানগৰৰ মাজেদি- আদিবোৰ উল্লেখেৰে বাছখনৰ ৰূপকটো আৰু উল্লিখিত নামখিনিৰ প্ৰসংগায়িতকৰণ (contextualization) স্পষ্টভাবেই কৰি থোৱা হৈছে। এটা স্পষ্ট ৰূপকৰ বাজে ইয়াত আন কোনো প্ৰতীক, বক্ৰোক্তি, উপমাৰ প্ৰয়োগ নাই। কবিতাটোৰ নাম “এখন অসুস্থ ছিটিবাছ” আৰু আপুনি এহেজাৰবাৰ পঢ়িলেও এই কথাই গম পাব যে বাছখন যে অসুস্থ সেই কথাকেই কোৱা হৈছে। এইখন ব্যস্ত মহানগৰত (‘দৌৰা-দৌৰিৰ এখন মহানগৰ, তিৰবিৰাই থকা/ দুচকুৰ আহ্বানৰ এখন মহানগৰ…’) এইখন বাছ প্ৰকৃততেই অজীণ : বেখাপ্পা, বেমানান, অকাজী। স্বাভাৱিক যে আপুনিও এজন নাগৰিক বাসিন্দা হিচাপে এইখন বাছত উঠিবলৈ নিবিচাৰিব, আৰু কাৰ্যতঃ সেয়া হোৱাৰ কথাকেই কোৱা হৈছে- “যাত্ৰী উঠে আৰু গাড়ীৰ গতি দেখি/ তৎক্ষণাৎ নামি যায়। যাত্ৰীৰ গালি খায়/ এখন অসুস্থ ছিটিবাছ”।
কোনোবা পাঠক সন্মত হওক কিম্বা নহওক, সেয়া পাঠকৰ অধিকাৰ, কিন্তু নেৰেটিভ
নিৰ্মানৰ দিশেৰে ইয়াত কোনো জটিলতা নাই যে বৰ্তমানৰ সময়ত একেবাৰেই অকামিলা বাছখনৰ কথাকেই
কোৱা হৈছে। ব্যক্তিগত স্তৰত আমিও এইখিনি কথাৰ সৈতে সহমত। কেৱল বুৰঞ্জী আৰু ইতিহাসৰ
(দুয়োটা শব্দই ইয়াত আছে) দোহাই দি ম্যাদ উকলি যোৱা, প্ৰয়োজনত নহা সমল একোটাই আমাক বৰ্তমানত
সহায় নকৰে। সামাজিক মাধ্যমৰ চৰ্চাৰ আঁত ধৰি ‘এজন ব্ৰাহ্মণ কবিয়ে আহোমসকলক অপমান কৰিবলৈ
লিখিছে’ বোলা অভিযোগটো অত্যন্ত স্থূল, অশিষ্ট আৰু বৰ্বৰোচিত ব্যাখ্যা আৰু আজিৰ তাৰিখত
এনেকুৱা কথা উঠাটো আমাৰ বাবে দুৰ্ভাগ্যজনক। কিন্তু সেইখিনিৰ বিৰোধিতা কৰিবলৈ গৈ কবিতাটোৰ
ব্যাখ্যা বিকৃত কৰাৰ কোনো কাৰণ নাছিল, আৰু এইখিনি কথাৰ বাবেই এই আলোচনাটোৰ সূত্ৰপাত।
অত্যন্ত দুৰ্ভাগ্যজনকভাবে কবিয়ে নিজেই সমস্যাখিনি গাঢ় কৰি তুলিলে বিতৰ্কৰ প্ৰতিক্ৰিয়া
হিচাপে কবিতাৰ ব্যাখ্যা আগবঢ়াবলৈ গৈ। ব্যাখ্যা বা স্পষ্টীকৰণৰ নামত তেখেতে ক’লে সম্পূৰ্ণ
ওলোটা কথা এটা, আৰু ভালেখিনি পাঠকেও সেইটো কামকেই কৰি থাকিল- কবিতাৰ শৰীৰটোত নিহিত
বাস্তৱতাক একাষৰীয়াকৈ থৈ কেৱল পূৰ্ৱাপৰস্থিত ধাৰণাৰ বশৱৰ্তী হৈ অন্য-স্তৰৰ ব্যাখ্যাৰ
আশ্ৰয় ল’বলৈ আৰম্ভ কৰিলে। ব্যাখ্যাবোৰ এনে হ’বলৈ ল’লে যে ইয়াত চুকাফা আৰু গদাপাণিক
সমাজৰ “চালিকা-শক্তি” হিচাপেহে দেখুৱাবৰ চেষ্টা কৰা হৈছে (দেখুওৱা হৈছে নে দেখুৱাবৰ
“চেষ্টা” কৰা হৈছে?), আজিৰ সমাজখন যে অসুস্থ আৰু ইতিহাসৰ সেই মহান কাণ্ডাৰী সকলৰ প্ৰতি
আজিৰ সমাজখনৰ তীব্ৰ অনীহা সেইটোকহে দৰ্শাবলৈ বিচৰা হৈছে ‘হেনো’।[i]
নীলিম কুমাৰৰ স্পষ্টীকৰণ, প্ৰান্তিক, ১৬ জুলাই, ২০২০ |
কিছুমান স্থূল মানসিকতাৰ, ৰাজনৈতিক-ভাবে উদ্দেশ্য-প্ৰণোদিত, ব্যক্তিগত আক্ৰোশৰ বাহক ধৰ্ষকামী ব্যক্তিৰ আক্ৰমণখিনি বাৰু ভয়ানক হয়েই, কিন্তু এনে গণ-উন্মাদনা আজিকালি খুব সঘনে দেখিবলৈ পোৱা গৈ থাকে আৰু সেইবোৰ ধান খেৰেৰ জুইৰ দৰে দুদিনতে নোহোৱা হৈয়ো যায়। উচ্চস্তৰীয় বৌদ্ধিক আলোচনাক সঘনে ৰাজহুৱা স্তৰত উপলব্ধ কৰাব পাৰিলে হয়তো এচাম ক্ষণিকৰ উন্মাদনাৰ বশৱৰ্তী মানুহৰ শুভ-বুদ্ধি কোনোবা কাললৈ উদয় হ’বগৈ। কিন্তু কবিতাৰ শৰীৰটোৰ পৰা ইয়াৰ মৰ্মক পৃথক কৰি অন্য ব্যাখ্যা দি অভিযোগকাৰী শত্ৰুপক্ষত সন্তুষ্ট কৰিবলৈ যোৱাটো কবিতাৰ বাবে ক্ষতিকাৰক। ই কেইবাটাও স্তৰত যে ক্ষতিকাৰক সেইখিনি কথা আমি এতিয়া চাম।
কবিতাটোৰ দেহবল্লৰীত এই সময়ৰ সমাজখনৰ প্ৰতি সমালোচনা প্ৰত্যক্ষ নহয়।
মহানগৰখন অসুস্থ বুলি ক’তো কোৱা নাই, মহানগৰৰ “মাজেদি” বাছখনহে অসুস্থ। দৌৰা-দৌৰি,
হৰ্ণ, অভাৰটে’ক আদিবোৰ কথা থাকিলেও সেয়া সমূলাঞ্চে নঞাৰ্থক কথা নহয়, মহানগৰ এখনৰ সহজাত
চাৰিত্ৰিক বৈশিষ্ট্যহে। বৰঞ্চ “তিৰবিৰাই থকা দুচকুৰ আহ্বানৰ এখন মহানগৰ” কথাষাৰে এটা
ৰোমাণ্টিচাইজেচনৰহে আভাস দিয়ে। বাছখনৰ বিষয়ে এষাৰো ভাল কথা নাই। মন্থৰ গতি, ঘেৰ ঘেৰ
কৰা এইবোৰতো আছেই, ক’লা ধোঁৱা উৰুওৱাৰ কথাও আছে। মন কৰক, বাছখন জৰাজীৰ্ণ বুলিও কোৱা
হোৱা নাই আনকি। জৰা মানে বাৰ্ধক্য। জৰাজীৰ্ণ কথাষাৰ নিৰ্জীৱ বস্তুৰ ক্ষেত্ৰতো ব্যৱহাৰ
হৈয়েই থাকে, মানে, পুৰণি হৈ অতি শোচনীয় বা ধ্বংসপ্ৰাপ্ত অৱস্থাত থকা। ইয়াত স্পষ্টত:
উল্লেখ কৰা অসুস্থ শব্দটো তাতোকৈ অধিক নঞাৰ্থক। জৰা এটা স্বাভাৱিক পৰিণতি, ব্যাধি নহয়।
ক’লা ধোঁৱাৰ প্ৰদূষণ কেনেকৈ ভাল হ’ব পাৰে? তাতোকৈ ডাঙৰ কথা, বাছ এখনৰ যিটো প্ৰাথমিক
প্ৰয়োজন সেইটোৱেই ই পূৰা কৰিব পৰা নাই : ছাত্ৰ-ছাত্ৰীসকলে স্কুল-কলেজলৈ সময়মতে গৈ নোপোৱা
এখন বাছ। এইখিনি কথাই আচলতেই সাম্প্ৰতিক সমাজ আৰু ইতিহাস-বীক্ষনৰ পদ্ধতিৰ এটা
critique আমাৰ সন্মুখত ঠিয় কৰায়, যাৰ আধাৰত কবিতাটোৱে এটা মান্যতা, ন্যায্যতা বা যুক্তিযুক্ততা
পোৱাৰ থল থাকিলেহেতেন। একমাত্ৰ ইতিহাসে সন্মানীয় বুলি কৈ দিয়াৰ কাৰণেই অতীতৰ সমল কিছুমানকে
আমি বৰ্তমানে অপ্ৰাসংগিক হৈ পৰা স্বত্বেও খামুচি ধৰি থাকিব লাগিব নেকি? এই প্ৰশ্নটো
ইয়াত আছে, আৰু এই প্ৰশ্নটো কৰাৰ অধিকাৰ সকলোৰে আছে। কিন্তু পৰৱৰ্তী কালৰ কবিৰ নিজৰ
ব্যাখ্যাই এই মূলগত বা বুনিয়াদী প্ৰশ্নটোকেই নস্যাৎ কৰি দিলে।
শুদ্ধ-ভুলৰ কথাবোৰ শিল্পৰ জগতত সদায়েই অস্পষ্ট। তথাপি যুক্তিৰ দিশেৰে যদি চাওঁ, কবিতাটো শুদ্ধই আছিল, ব্যাখ্যাখিনিহে ভুল। কবিতাটোৰ ব্যাখ্যা যে ভুল সেয়াই নহয়, ব্যাখাৰ আধাৰখিনিয়েই চূড়ান্ত ভুল। মন কৰিব, সচৰাচৰ ক্ৰমে ক্ৰমে বিতৰ্কই গতি পথ সলায় আৰু তেনেকৈয়ে ড্ৰাইভাৰ, হেণ্ডিমেন আদি শব্দবোৰৰ প্ৰয়োগতহে আপত্তি বুলি এচামে বিতৰ্কখিনিক অন্য ৰূপ দিবলৈ চেষ্টা কৰিছিল। চুকাফা বৰ-অসমৰ জনক বুলি জনা যায়। সেই অৰ্থেৰে চুকাফাক বাছখনৰ মেকানিক বুলি ক’লে আপত্তি নাছিল। চুকাফা হ’ব পাৰে বাছখনৰ নিৰ্মাতা, কিন্তু চালক বা ড্ৰাইভাৰ কেনেকৈ হ’ব? পাঁচশ বছৰৰ আগৰ নিৰ্মাতা এজনৰ আখ্যাটো মানি ল’ব পাৰি, কিন্তু পাঁচশ বছৰৰ পিছত সেই একেজন চালকেই চলাই থকাটো এটা status quo বা স্থিতাৱস্থাহে সূচাব, আৰু যদি সেয়ে হয় “নহয় নহয়, মই চুকাফাক সন্মানৰ চকুৰেহে চাইছোঁ, তেওঁক আজিৰ সমাজখনৰ চালিকা-শক্তি হিচাপেহে দেখুৱাব খুজিছোঁ” বুলি কোৱা কথাষাৰতে স্ববিৰোধ ৰৈ গৈছে। সমাজ-বাস্তৱতা, সামাজিক দায়িত্ববোধ আদিবোৰ কথাই সদায়েই এটা জাতীয়তাবাদী ধাৰণাক সন্তুষ্ট কৰি থাকিব লাগিব বুলি কোনো কথা নাই। চুকাফা, গদাপাণি আদি পৰম পূজ্য, আনকি প্ৰাত:স্মৰণীয় নাম। শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰিবই লাগিব আৰু ইতিহাসৰ পঠনেৰে শিক্ষাও ল’বই লাগিব। কিন্তু পাঁচশ বছৰৰ আগৰ কথা আজি আমি সম্পূৰ্ণকৈ নাজানো, ইতিহাস মানেই ইতি, ই বৰ্তমান নহয়। সমসাময়িকতাক critique কৰিব খোজা কবিতা এটাক বাধ্যত পৰি বা ভয় খাই বা এচাম মানুহক সন্তুষ্টিকৰণৰ কাৰণে অতি-ৰোমাণ্টিক অসাৰ জাতীয়তাবাদী অতীতমুখী অৱস্থানলৈ লৈ যোৱাটো এটা অপৰাধ। কবিতাটো নীলিম কুমাৰে লিখা হ’ব পাৰে, কিন্তু কবিতাটোৰ মৰ্যাদা হানিৰ অধিকাৰ কবিৰ নিজৰে নাথাকে। কাৰো নাথাকে।
এই কাৰবাৰটোত সুহৃদ পাঠক আৰু ‘পাঠক-জনতাৰ প্ৰতি দায়বদ্ধ’ এজন কবিৰ মাজত এটা মজাৰ আদান প্ৰদান ঘটিল। কাৰবাৰটো ঘটিল এহাতে পৃষ্ঠপোষকে (connoisseur) শিল্পৰ ৰেহৰূপ গঢ় দিয়াৰ দৰে বা পপুলাৰ আৰ্টিষ্টে পাব্লিক ডিমাণ্ড মানি চলাৰ দৰে আৰু আনহাতে গৰিষ্ঠসংখ্যক ছাত্ৰই “ইয়াত কবিয়ে কৈছে যে” বোলা এটা শ্ৰুতলিপি মুখস্ত কৰি পৰীক্ষা পাছ কৰাৰ দৰে। দুয়ো ফালৰ পৰাই কবিতাৰ দেহটো নিথৰ হৈ পৰি ৰ’ল অন্যত্ৰ। কবিৰ প্ৰতি হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ গৈ এচামে যেনেকৈ কবিতাটোত একো বেয়া কথা নাই বুলি সাব্যস্ত কৰিবলৈ উঠি পৰি লাগিল সেইখিনিকেই সাৰোগত কৰি কবিয়ে ব্যাখ্যা আগবঢ়ালে। তাৰ পিছত কবিৰ ব্যাখ্যাকেই আকৌ অনুগামী সুহৃদ পাঠকে আঁকোৱালি ল’লে। উদাহৰণ স্বৰূপে “নীলিম কুমাৰৰ কবিতা বিতৰ্ক” শীৰ্ষেৰে সৰু টোকা এটিত ড০ হীৰেন গোহাঁইদেৱেও কবিতাটোতকৈ “মই কবিতাটোৰ নীলিমে স্তানান্তৰত দিয়া ব্যাখ্যা মন দি পঢ়িছোঁ” বুলিহে উল্লেখ কৰি নিজৰ ফালৰ পৰা ৰায় আগবঢ়ালে “…আৰু তাত একো অৱজ্ঞাসূচক কথা দেখা নাই। বৰং তেওঁ এজনক অসমীয়া জাতিৰ গতিপথ
জনা আৰু বাট দেখুৱাওঁতা
আৰু আনজনক সাহস আৰু শৌৰ্যৰে জাতিটোক বিপদৰ মাজত চম্ভালি ৰখা নায়কৰূপেহে কল্পনা কৰিছে
জাতিটো অসুস্থ হৈ পৰা সময়ত। তাত অগৌৰৱৰ কথা একো নাই”। “নীলিমে স্থানান্তৰত দিয়া ব্যাখ্যা”
কথাষাৰলৈ আকৌ মন কৰক।
“ভয় নাই… এতিয়াও
মৈথুন আৰু শস্যৰ
প্ৰয়োজন থকালৈ
থাকিব মানুহ, আৰু
কবিতা থাকিব মানুহৰ
ৰখীয়া হৈ
(নৱকান্ত বৰুৱা, ‘চিৰন্তন ১৯৮২’, ৰত্নাকৰ আৰু অন্যান্য
কবিতা)
নীলিম কুমাৰৰ কবিতাটো, প্ৰান্তিক, ১ জুলাই, ২০২০ |
[i] ১। কবিতাটিক কেন্দ্ৰ
কৰি হোৱা বিতৰ্কৰ আঁত ধৰি এলানি চিঠি পৰৱৰ্তী সংখ্যাৰ প্ৰান্তিক (১৬ জুলাই, ২০২০)-ত
সন্নিবিষ্ট আছে। তাতে ব্যাখ্যাকাৰক কবি-ব্যক্তিৰ ভাষ্যৰো এটা ৰূপ আছে।
২। কবিৰ মৌখিক ভাষ্যৰ এটা ৰূপ এই লিংকত উপলব্ধ-
https://www.facebook.com/bishal.ray.942/videos/940299059769980/
No comments:
Post a Comment