ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, October 3, 2020

পেখু পেখু (চৌষষ্ঠি) : ৰাৱণানুগ্ৰহ : প্রাচীন ভাৰতীয় গুহাবোৰত থকা কৈলাশ কঁপোৱা ৰাৱণৰ প্রস্তৰ মূৰ্তি

 ["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২ আগষ্ট, ২০২০] 

এলিফেণ্টা গুহাত ৰাৱণানুগ্ৰহ-ৰ সন্মুখত লেখক

লকডাউনৰ মাত্ৰ কেইদিনমানৰ আগেয়ে মহাৰাষ্ট্ৰলৈ গৈছিলোঁ আৰু সুযোগ পাই দ্বিতীয়বাৰৰ বাবে এলিফেণ্টা গুহালৈ গ’লোঁ। ৰাৱণে শিৱৰ কৈলাশপৰ্ৱত কঁপাই তোলাৰ কাহিনীটোৰ দৃশ্যায়ণে বৰকৈ আকৰ্ষিত কৰে।
 

 ভাৰতৰ ভাস্কৰ্য আৰু চিত্ৰশিল্পৰ পৰম্পৰাত ৰাৱণৰ বিভিন্ন ৰূপ দেখিবলৈ পাওঁ। সেইবোৰৰ কোনোটোৱেই ইটোৰ লগত সিটো নিমিলে। কিন্তু আমোদজনক কথা এয়ে যে যেতিয়াই কোনোবা শিল্পী এজনে ৰাৱণক উপস্থাপন কৰিবলৈ বিচাৰিছে নিজৰ কল্পনাৰ অবাধ স্বাধীনতা যেন গ্রহণ কৰিছে। ৰাৱণ বিভিন্ন পৰম্পৰাত এক বিশেষ মৰ্যাদা সহকাৰে উপস্থিত হৈছে। দৰাচলতে দৃশ্যগত উপস্থাপনৰ দিশেৰে প্ৰভূ শ্ৰীৰামচন্দ্ৰতকৈয়ো এক গুৰুত্বপূৰ্ণ ৰূপতহে যেন আবিৰ্ভাৱ হৈছেহি। ৰাৱণ-দহনৰ সেই বিশালাকায় মূৰ্তিত অগ্নি-সংযোগৰ দৰে এটা spectacular দৃশ্যক কোনে উপেক্ষা কৰি চলিব পাৰে? এক বিশাল নীলা ৰঙৰ মুখাবয়ৱৰ চাৰিওকাসে সৰু সৰু মুখেৰে আবৃত মাজুলীৰ সেই বিখ্যাত সজ্জাটোৰো দৃশ্যগত আবেদন অপৰিসীম। ৰাৱণৰ এটা নিৰ্দিষ্ট আইকন’গ্রাফিক ৰূপ দেখিবলৈ পোৱাটো অসম্ভৱ। তাৰোপৰি এটা শৰীৰৰ ওপৰত দহোটা মূৰক সংস্থান কৰাৰ লেখীয়া সমস্যাটোৰো এটা গুৰুত্ব আছে নিশ্চয়। আমাৰ ডিছপোজেবল থিয়েটাৰ “ৰাৱণ কথা”ৰ (২০০৭) দশম স্কন্ধত এটা চৰিত্রই কয়ঃ

“ৰাৱণৰ দহটা মূৰ একেলগে বহোৱাটো বৰ টান। ভাৰসাম্য কোনোমতেই নৰয়।

এপিনে চাৰিটা, মাজত এটা, আনফালে পাঁচটা – নাই নহ’ল, ঠিক নহ’ল।

মাজতে এটা ডাঙৰকৈ, তাৰ চাৰিওফালে সৰু সৰুকৈ নটা, অথবা

দুয়োফালে চাৰিটা চাৰিটা কৰি আঠটা, তলে উপৰে একোটাকৈ মুঠ হ’লগৈ দহটা

না না নহ’ল নহ’ল ওহোঁ”


 প্রাচীন ভাৰতবৰ্ষৰ শিলত খোদাই কৰা গুহাবোৰত বিদ্যমান ভাষ্কৰ্য শিল্পৰ পৰম্পৰাবোৰত ৰাৱণে শিৱৰ কৈলাশ পৰ্বত কঁপাই তোলাৰ কাহিনীটোৱে এটা বিশেষ গুৰুত্ব পাই আহিছে। সম্ভৱতঃ এই উপকাহিনীৰ দৃশ্যায়ণৰ মাজত থকা নাটকীয়তাই তাৰ প্রধান কাৰণ। ৰাৱণে এবাৰ শিৱৰ মনযোগ আকৰ্ষণ কৰিবলৈ শিৱৰ কৈলাশ পৰ্বতটোকে কঁপাই তুলিছিল। ৰাৱণৰ পৰাক্রমৰ অন্ত নাই। অন্যহাতে শিৱৰো মহিমাৰ অন্ত নাই, কেৱল ভৰিৰ বুঢ়া আঙুলিটোৰে হেঁচুকি ধৰিয়েই যেন কৈলাশ খনক শান্ত কৰিলে।

 

ইলোৰাৰ কৈলাশনাথ কিম্বা ১৬ নম্বৰ গুহাত ৰাৱণানুগ্ৰহ

যদিওবা ৰাৱণ ৰামায়ণখনৰে এটা মূখ্যতম চৰিত্র বাবে আমি ইয়াক এটা বৈষ্ণৱ পাঠ হিচাপেই মানি আহিছোঁ, অগণিত শৈৱ মন্দিৰতো ৰাৱণৰ ৰূপায়ণ আমি দেখিবলৈ পাওঁ। এই ৰাৱণ মূলতে পৌৰাণিক ৰাৱণ, “ৰাৱণ অনুগ্রহ মূৰ্তি” বুলি ইয়াৰ স্বকীয় স্থিতি আছে। উদাহৰণ স্বৰূপে মাত্ৰ এছটা শিলত কাটি উলিওৱা বিশ্বৰ ভিতৰতে আশ্চৰ্যকৰ কৃতি ইলোৰাৰ কৈলাশনাথ মন্দিৰৰ ভিতৰতে (গুহা নম্বৰ ১৬) মুঠতে চাৰিবাৰ ৰাৱণক আমি দেখিবলৈ পাইছোঁ। লঙ্কেশ্বৰ গুহাৰ বেধৰ উত্তৰ ফালে, মূল মণ্ডপত, পিছফালৰ সোঁফালৰ বেৰখনত আৰু মূল মন্দিৰতো আমি ৰাৱণৰ সৈতে বাৰে বাৰে মুখামুখি হৈছোঁ। এইলানি মূৰ্তি ৰাষ্ট্রকূট সাম্রাজ্যৰ ৰজাসকলে ৭৫০-ৰ পৰা ৭৭৫ চনৰ ভিতৰত খোদাই কৰাইছিল বুলি ধাৰণা কৰা হয়।

 

ইলোৰাৰ কৈলাশনাথ কিম্বা ১৬ নম্বৰ গুহাত ৰাৱণানুগ্ৰহৰ পুনৰ উপস্থাপন

শুভ্ৰা যোশীৰ গৱেষণাই কয়, ৰাৱণে কৈলাশ পৰ্বত কঁপাই তোলাই এই জনপ্ৰিয় কাহিনীটোৰ এটা পৰিক্রমা যদি অনুধাৱণ কৰিবলৈ হয় তেনেহ’লে ক’ব লাগিব ই সম্ভৱতঃ যোগেশ্বৰীৰ পৰা খাৰোচালৈ, তাৰ পৰা এলিফেন্টালৈ আৰু তেনেকৈয়ে ইলোৰালৈ গৈছিল। ৰাৱণে কৈলাশ গিৰি কঁপাই তোলাৰ চিত্রকল্প নিৰ্মাণত সততে দেখিবলৈ পোৱা মূল চৰিত্রবোৰ হ’লঃ প্রভূ শিৱ আৰু পাৰ্বতী, গণ চৰিত্ৰবোৰ, দহোটা মূৰ আৰু কুৰিটা বাহুৰে স্বয়ং ৰাৱণ, ছত্ৰধাৰী, পৰিচাৰিকাবোৰ, কেইজনমান অন্যান্য দেৱতা আৰু তাৰ লগতে কেতিয়াবা কেইজনমান সঙ্গীত শিল্পী। স্থান বিশেষে আৰু সময় বিশেষে এই একেটা কাহিনীৰে ভাষ্কৰ্য সুলভ উপস্থাপনৰ ধৰণ কৰণৰ ভিন্নতা আমি দেখিবলৈ পাওঁ।

 

ইলোৰাৰ ২৯ নম্বৰ গুহাত ৰাৱণানুগ্ৰহ

মূলগত ভাবে ফৰ্ম আৰু শাৰীৰিক অবয়ৱবোৰৰ ভিন্নতা আছে। যেনে কেতিয়াবা ৰাৱণৰ শৰীৰটো গুৰুত্বপূৰ্ণ হৈ উঠে আৰু কেতিয়াবা মহাদেৱ শিৱ। তেওঁলোকৰ কৰ্মৰাজি আৰু গতিবিধি তথা সামগ্ৰিক সংৰচনা (composition)-ৰ বেলিকাও ভিন্নতা দেখিবলৈ পাওঁ। যোগেশ্বৰীত আমি কেৱল কিছুমান ৰৈখিক বিন্যাস হে দেখিবলৈ পাওঁ। ৰাৱণ আৰু গণ চৰিত্ৰবোৰৰ উপস্থিতি স্পষ্ট যদিও শিৱ আৰু পাৰ্বতীক স্পষ্ট ভাবে দেখিবলৈ পোৱা নাযায়। খাৰোচাৰ মহেশ নামৰ গুহাটোত একেটা থিমৰে এটা অনুচ্চ ৰিলিফ দেখিবলৈ পাওঁ। পৰ্বতৰ কাৰণে এটা বক্ৰৰেখা পাওঁ যাৰে ইয়াৰ উচ্চতাৰ কিঞ্চিত আভাস পাব পাৰি। অন্যান্য গুহাবোৰত ৰাৱণক পিঠিৰ ফালৰ পৰা দেখা যায়, কিন্তু ইয়াত দেখা যায় সন্মুখৰ ফালৰ পৰা আৰু ৰাৱণে তৰোৱাল এখনো ধাৰণ কৰি আছে। ৰাৱণৰ পোছাক পৰিচ্ছেদত সামাণ্য বাস্তৱিকতাৰ আভাস আছে। এলিফেন্টাৰ ৰাৱণে কৈলাশ পর্বত কঁপোৱাৰ চিত্ৰটোত পাৰ্বতী আছে শিৱৰ সোঁফালে, যিটো এটা অগতানুগতিক দৃশ্য। (এলিফেন্টাৰ প্রথম গুহা, উত্তৰ দেৱাল, আনুমানিক মধ্য ষষ্ঠ শতিকা, ৫২৫-ৰ পৰা ৫৭৫-ৰ ভিতৰত কালাচুৰি ৰজাসকলৰ দ্বাৰা কৃত)। পাৰ্বতীৰ শৰীৰটো ভাঙিছে কিন্তু মূল দেহাটো বুজিব পাৰি। আগৰ উদাহৰণ দুটাৰ তুলনাত এইখিনিত ভাষ্কর্য নির্মাণৰ কুশলতা দেখিবলৈ পোৱা যায়, কিন্তু গতি বা মুভমেন্ট সীমিত। পাৰ্বতীত অর্থাৎ বেকগ্ৰাউণ্ডত যথেষ্টখিনি কাম কৰা হৈছে যদিও মূখ্য চৰিত্ৰবোৰো যেন বেকগ্ৰাউণ্ডৰ লগতে আৱদ্ধ হৈ ৰৈছে।

 

থুৰুভন্নামলাইৰ অন্নামলায়াৰ মন্দিৰত ৰাৱণানুগ্ৰহ

ইলোৰাতেই আমি ৰাৱণে কৈলাশ পৰ্বত কঁপাই তোলাৰ বিষয়বস্তুটোক কেন্দ্র কৰি কৰা শিল্পকর্মৰ শ্ৰেষ্ঠ নিদৰ্শনবোৰ দেখিবলৈ পাওঁ। প্ৰত্নতাত্বিক সমলৰ আধাৰত ইলোৰাৰ প্ৰথম পৰ্যায়ৰ হিন্দু গুহা সমূহ ৫৫০-ৰ পৰা ৬০০ চনৰ মাজৰ, বৌদ্ধ গুহাবোৰ ৬০০-ৰ পৰা ৭৩০-ৰ মাজৰ আৰু শেহতীয়া পৰ্যায়ৰ জৈন আৰু হিন্দু গুহাবোৰ ৭৩০-৯৫০-ৰ মাজৰ সময়ৰ বুলি ঠাৱৰ কৰা হয়। তাৰ মাজত ১৬ নম্বৰ গুহা অর্থাৎ কৈলাশনাথ মন্দিৰৰ ভাষ্কৰ্যটোৱেই আটাইতকৈ বাঙ্ময় আৰু ধ্বনিময়। এই বিষয়বস্তুৰ ভাষ্কৰ্যৰূপ আমি ইলোৰাত দেখাপাওঁ ‘ৰাৱণ-কি-খাই’ (১৪ নম্বৰ গুহা), দশাৱতাৰ (১৫ নম্বৰ গুহা), কৈলাশনাথ (১৬ নম্বৰ গুহা) আৰু ধুমাৰলেনা (২৯ নম্বৰ গুহা)-ত।

 

পট্টডকলৰ বিৰূপাক্ষ মন্দিৰত ৰাৱণানুগ্ৰহ

দশাৱতাৰত এটা অনুচ্চ ৰিলিফ পাটিত (low relief panel) আমি দেখোঁ শিৱই তলৰ ফালে চাই আছে, যেন কোনেনো তেওঁক অসুবিধা দি আছে তালৈ বিৰাট আগ্রহ। ইয়াত শিৱ আৰু পাৰ্বতীৰ আকাৰ ৰাৱণৰ তুলনাত অপ্রত্যাশিতভাবে ডাঙৰ। ‘ৰাৱণ-কি-খাই’ গুহাটোৰ অনুচ্চ পাটিটোৰ সংৰচনা ঘূৰণীয়া (সপ্তম শতিকাৰ আগভাগ, ৬০০-৬৫০ খ্ৰীষ্টাব্দ)। দৃশ্যগত ভাৰসাম্য আৰু গতিময়তা দুয়োটা ক্ষেত্রতে ই দুৰ্বল কিন্তু ৰাৱণৰ হাতবোৰৰ বিন্যাসবোৰত এটা মজা আছে। এটা হাতেৰে মাটিত ভৰসা ৰাখি আছে আৰু অন্য হাত এটা এনেকৈ আৰামেৰে নিজৰ আঁঠুৰ ভাঁজত থৈ দিয়া আছে যেন পর্বত এটা দাঙি ধৰাটো তেওঁৰ কাৰণে কোনো কথাৰ লগৰ কথাই নহয়। বাকী থকা হাতবোৰৰ বিন্যাসে এটা ঘূৰণীয়া ডিজাইন ৰচনা কৰিছে। পার্বতীয়ে শিৱলৈ চাই আছে, শিৱই এহাতেৰে পার্বতীক ধৰি আছে, তেওঁলোক দুয়োজনেই বেচ সুখ সন্তোষেৰে আছে। পৰিচাৰিকাবোৰো যথেষ্ট স্বাভাৱিক ভাবেই আছে যেন তেওঁলোক নিশ্চিন্ত যিহেতু স্বয়ং মহাদেৱ শিৱ তেওঁলোকৰ লগত আছে। ১৪ আৰু ১৫ নম্বৰ গুহাৰ তুলনাত ধুমাৰলেনা গুহাটোৰ ভাষ্কর্য শিল্প গুণ উন্নত, কিন্তু ইয়াতো মুভমেন্ট সীমিত (কালাচুৰি, ষষ্ঠ শতিকা)। কৈলাশনাথ বা ১৬ নম্বৰ গুহাৰ বিখ্যাত ভাষ্কৰ্যটোত আমি দেখিবলৈ পাওঁ উচ্চতম ভাষ্কৰ্যগুণ, মেটেৰিয়েল আন্দাৰষ্টেন্ডিং আৰু স্থানৰ উপযুক্ত ব্যৱহাৰ।

 

কম্বোডিয়াৰ Banteay Srei in Siem Reap

যোগেশ্বৰী, খাৰোচা আৰু ইলোৰাৰ বাজেও বিভিন্ন ঠাইত আমি ৰাৱণে কৈলাশ পৰ্বত তুলি ধৰাৰ চিত্ৰটো দেখিবলৈ পাই আহিছোঁ। সেইবোৰৰ মাজত এটা অন্যত হ’ল পট্টডকলৰ বিৰূপাক্ষ মন্দিৰৰ ৰাৱণৰ মূৰ্তি য’ত ৰাৱণৰ বিৰাট আকাৰৰ তুলনাত শিৱ পাৰ্বতী আৰু তেওঁলোকৰ পৰিচাৰিকাবোৰৰ উপস্থিতি তেনেই নগণ্য।

 

ধুমৰলেনাৰ দৃশ্য

বেলুৰৰ চেন্নাকেশৱ মন্দিৰ

এলিফেণ্টা গুহাত ৰাৱণানুগ্ৰহ



সমুদ্র কাজল শইকীয়া

Rajya Sabha Television (RSTV),

3rd Floor, Talkatora Stadium Annexe Building,

New Delhi – 110001

email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: