ছোৱালীৰ কাপোৰ, ছোৱালীৰ ফটো
আৰু অসমীয়া মৰেল পুলিচৰ বিতৰ্কৰ দেহবিচাৰ
[কাণখোৱাৰ ‘দ্ৰষ্টাসত্বা শৃংখলা’ৰ কিতাপ ‘দ্ৰষ্টা’-ৰ পৰা। পৃষ্ঠা : ২০৫]
চ’চিয়েল মিডিয়াত আঁচল মালাকাৰৰ ফটো |
“…to take a photograph is to participate in another person's mortality, vulnerability, mutability. Precisely by slicing out this moment and freezing it, all photographs testify to time's relentless melt.”
― Susan Sontag, On Photography
Kankhowa, Ophelia, Santiniketan and Delhi, 2003, 2004 |
১
শ্বেইক্সপীয়েৰৰ
হেমলেট নাটকৰ অ'ফেলিয়া চৰিত্ৰটোৰ আধাৰত বহুকাল আগতেই এলানি নাটকীয় পৰিৱেশনাৰ আয়োজন
কৰিবলৈ লৈ দেখিছিলোঁ যে যুৱৰাজ হেমলেটৰ প্ৰেমিকা তেনেই কমবয়সীয়া অ'ফেলিয়াই পিতৃ, ভাতৃ
আৰু প্ৰেমিকৰ দ্বাৰা আৰোপিত বাধ্যবাধকতা আৰু আচহুৱা আচৰণৰ মাজত নিজৰ মানসিক ভাৰসাম্য
হেৰুৱাই পেলাই এটা সময়ত পানীত পৰি মৰিবলগীয়া হোৱা কাৰবাৰটোৱে জনন পৰিচয় আৰু লিংগ-বৈষম্য
সম্পৰ্কীয় বহুখিনি কথা পাতিবলৈ আমাক অৱকাশ দিয়ে। কাণখোৱাৰ ডিছপোজেবল থিয়েটাৰৰ চৰ্চাৰ
মাজেৰে শান্তিনিকেতন, দিল্লী আৰু বৰোডাত মুঠতে চাৰিটা ভিন্ন পৰিৱেশত ভিন্ন ৰূপত পৰিৱেশন
কৰোতে বহুখিনি কথাই সলনি হৈছিল যদিও এটা উঠি অহা নাৰী-মনৰ সন্মুখত পুৰুষতন্ত্ৰই জাপি
দিয়া বোজা আৰু বাধ্যবাধকতাৰ দিশখিনি প্ৰায় একেই আছিল। সেয়েহে ২০০৭ চনৰ ফেব্ৰুৱাৰী মাহত
বৰোডাৰ মহাৰাজা সায়াজীৰাও বিশ্ববিদ্যালয়ৰ চাৰুকলা বিভাগত আয়োজিত "জেণ্ডাৰ এণ্ড
চেক্সুৱেলিটী ইন ডিছিপ্লিনেৰী পেৰাডাইমছ" বিষয়ক সমসাময়িক চিন্তনৰ কৰ্মশালাখনত
সাঙুৰি কৰা পৰিৱেশনটোৱে এক বিশেষ প্ৰাসংগিকতা পাইছিল[i]।
প্ৰেম, উন্মাদনা, ব্যাৰ্থতা আৰু মৃত্যুৰ দৰে কিছুমান মানৱীয় বিষয়বস্তুৰ দিশেৰে অ'ফেলিয়াৰ
চৰিত্ৰটোৱে শিল্পৰসিকৰ মন টানে। মিলেই (Sir John Everett Millais)-ৰ এখন প্ৰি-ৰাফেলাইট
পৰ্যায়ৰ বিখ্যাত ছবি আছে (১৮৫১-৫২) য'ত ফুল-পাতেৰে ভৰা জলাশয় এটাত মৃত অ'ফেলিয়াৰ শৰীৰ
ওপঙি আছে। ৰোমাণ্টিক পেইণ্টিং হৈয়ো তাৰ বিষয় মূলত: মৃত্যু। হোমেন বৰগোহাঞিৰ অ'ফেলিয়া
শীৰ্ষক কবিতাৰো শাৰী এনেধৰণৰ- "জীৱন এক দু:স্বপ্ন মাথোঁ, মৃত্যু? সিও নিস্ফল আশ্বাস![ii]"
Millais, Ophelia |
লিংগ
বৈষম্য আৰু যৌনতা সম্পৰ্কীয় আলোচনাবোৰৰ মাজতে আমি সন্মুখীন হওঁ চাৱনি বা গে'জ
(Gaze) বিষয়টোৰ সৈতে। সেই দিশেৰে কিছুমান কথা ভাবিবলৈ বাধ্য হৈছিলোঁ, মিলাইৰ অ'ফেলিয়া
নামৰ পেইণ্টিং-খন ইমান জনপ্ৰিয় কিয়? ইয়াৰ বিষয় মৃত, চকু জাপ খোৱা, আৰু সেয়েহে ই আপোনালৈ
ওভোতাই চাব নোৱাৰে সেইবাবেই নেকি? পানীত ওপঙি থকা দেহটোৱে চকু মেলি যদি আপোনালৈ চালেহেতেন
তেনেহ'লে এতিয়াৰ এই মৃত-চাৱনিটোৱে দ্ৰষ্টাক দিয়া সন্তুষ্টি বা আৰামখিনি পোৱা নগ'লহেতেন
নেকি? চক্ষুদানৰ ফটোগ্ৰাফেৰে আৰম্ভ হোৱা দূৰ্গোৎসৱৰ সমস্ত আয়োজন গৈ থৈ পানীত ওপঙি থকা
বিসৰ্জিত প্ৰতিমাৰ ফটোগ্ৰাফেৰে কিয় শেষ হয়? বিষয়ৰ চাৱনিৰ মাজত থকা বিষয়ীসত্বাই দ্ৰষ্টাৰ
দ্ৰষ্টাসত্বাক জোকাৰি যোৱাৰ ভয় এটা থাকে নেকি?[vii]
প্ৰতিমা বিসৰ্জনৰ জনপ্ৰিয় ছবি |
কালক্ৰমত
একপ্ৰকাৰৰ ধুনপেচৰ উৎসৱলৈ পৰ্যবসিত হোৱা অসমৰ সৰস্বতী পূজাৰ দিনা দামী চাদৰ-মেখেলা
আৰু শাৰী পিন্ধি সাজি কাচি নাৰী-সূলভ সম্ভ্ৰম আৰু সংযমৰ খোজ-কাটলেৰে সলাজ সলাজ চাৱনিৰে
কেমেৰালৈ চোৱা হেজাৰ হেজাৰ ছোৱালীৰ মাজত শাৰী আৰু চাদৰ-মেখেলাত পুৰুষতন্ত্ৰই আৰোপ কৰি
ৰখা নৈতিক বিধি-বিধানক সমূলি নৎস্যাৎ কৰি একান্তই দুষ্টালিৰে ভৰা আৰু লাজৰ পৰিৱৰ্তে
একধৰণৰ ফেপেৰী পাতি ধৰা আঁচল মালাকাৰৰ চকুহালিৰ চাৱনিটোহে পৌৰষিক সমাজখনৰ বাবে বেছি
বিপদজনক আছিল নেকি?
চলিত ২০২০ বৰ্ষৰে সৰস্বতী পূজাৰ দিনা যোৰহাটৰ জে বি কলেজৰ চৌহদত এজনী ছোৱালীয়ে ঠায়ে ঠায়ে কটা জিন্স আৰু শাৰীৰ সংমিশ্ৰণেৰে ‘আচহুৱা’ যেন লগা সাজ এজোৰ পিন্ধি ফটো উঠিলে আৰু নিমিষতে ফটোখন সামাজিক মাধ্যমত ‘ভাইৰেল’ হৈ পৰাৰ লগতে ই তুমূল বিতৰ্কৰ সূত্ৰপাত কৰিলে। আনফালে সেই একেটা দিনতে, একত্ৰিশ জানুৱাৰী, মহাত্মা গান্ধীৰ মৃত্যুতিথিত দিল্লীৰ জামিয়া মিলিয়াৰ ওচৰত শান্তিপূৰ্ণ সমদল এটালৈ দিন-দুপৰতে হিন্দুত্ববাদী ল’ৰা এজনে পুলিচৰ সন্মুখতে বন্দুক জোকাৰি জোকাৰি আতংকৰ সৃষ্টি কৰিছিল, বন্দুক টোঁৱাই গুলি কৰি ছাত্ৰ এজনক আহতও কৰিছিল। কথাষাৰ উল্লেখ কৰি থ’লোঁ, একাধিক কাৰণত পাছলৈ ইয়াৰ অনুষংগ আলোচনাৰ মাজলৈ আহি পৰিব পাৰে। সি যি কি নহওক, সৰস্বতী পূজাৰ দিনা এনে আচহুৱা কাপোৰৰ পৰিধানে সকলোৰে চকু কপালত উঠালে যদিও বিতৰ্কলানিক ইন্ধন বেছিকৈ যোগালে অসমীয়া সাজ-পাৰ, অসমীয়া নাৰীৰ মৰ্যাদা, অসমীয়া পৰম্পৰা, নাৰীৰ চাল-চলনত স্থান-কাল-পাত্ৰৰ বিচাৰ ইত্যাদি বিষয়বোৰৰ আলোচনাই। পাব্লিক স্তৰত সততে হোৱাৰ দৰে কিছু মন্তব্যই সীমা চেৰাই যোৱাটো স্বাভাৱিকেই আছিল, এই সময়ৰ নৰিভাষাৰে ই নতুন স্বাভাৱিক (new normal)। দুৰ্ভাগ্যজনকভাবে ‘স্বাভাৱিক’ সেই সীমা চেৰাই যোৱা মন্তব্যবোৰত ছোৱালীজনীৰ নৈতিক বাচ-বিচাৰ, শালীনতাবোধৰ আলোচনাৰ লগতে চৰিত্ৰৰ প্ৰতি প্ৰশ্ন আৰু ‘মাহেকীয়া হৈ আছে নেকি’ ধৰণৰ একান্তই লৈংগিক দৃষ্টিৰে আক্ৰোশমূলক আক্ৰমণো চলিল। এখন নাৰীবিদ্বেষী পুৰুষতান্ত্ৰিক সমাজত আলোচনাৰ পৰ্যায় কেনে হ’ব পাৰে তাৰ কিছু কথা অনুমেয়। কথাখিনি বেছি দিনৰ নহয় বাবে কিছু কথা এতিয়াও অসমীয়া সমাজত সতেজ হৈয়ে আছে। সেয়েহে সকলো মন্তব্য বা অলোচনা বহলাই লেখাটো দীঘল নকৰিলেও হ’ব। আক্ৰমণাত্মক মন্তব্যখিনি আমাৰ বাবে আপত্তিজনকতো হয়েই, এজনী সৰু ছোৱালীয়ে কিবা সাজ এটা পিন্ধিলে তাকে লৈ হৈ চৈ কৰি সময় নষ্ট কৰাৰ প্ৰয়োজন নাই বোলা কিছু মন্তব্যও ওলাল সেইখিনিও আমাৰ বাবে আপত্তিজনক। জনৈকা সেই ছোৱালীজনীৰ নাম আঁচল মালাকাৰ আৰু তাই এগৰাকী সমসাময়িক নৃত্য তথা ফেশ্বন জগতত প্ৰৱেশ কৰিবলৈ আগ্ৰহী বুলিও গম পোৱা গ’ল। তেওঁৰ নৃত্যৰ জগতত পূৰ্ৱৰ কৃতিত্বৰ কথাও প্ৰকাশ পালে। এইখিনিতে, এহাতে তেওঁক সমৰ্থন আৰু সাহস যোগাবলৈ গৈ এখন বিশেষ জগতত নিজৰ কৃতিত্ব সাব্যস্ত কৰাৰ পিছতহে তেওঁ সেইখিনি কৰাৰ সাহস পাইছে বুলি তেওঁৰ সপক্ষে যিখিনি যুক্তি দিয়া হ’ল, সেয়াও অসুবিধাজনক; আনহাতে “তাই এজনী সৰু ছোৱালী” কথাষাৰেও বহুখিনি গুৰুতৰ কথাক তল পেলাই আলচিবৰ বাট বন্ধ কৰি দিয়ে। আঁচল নামৰ ছোৱালীজনীয়ে যি কামটি কৰিলে তাৰ বিৰুদ্ধাচৰণ আমি বাৰু কৰিমেই, কিন্তু এই বিৰুদ্ধাচৰণ কৰা মানুহখিনিৰেই এই দুটা আপত্তিজনক দিশৰ কথা আগতে অলপ পাতি লোৱা যাওক।
আমি
নিজকে ডাঙৰ বুলি ভাবি শিশু আৰু কিশোৰৰ প্ৰতি আমি কেনে মনোভাৱ পোষণ কৰিম সেয়া এটা জটিল
মনস্তাত্বিক বিষয়। নিজৰ বিচাৰ বিবেচনাৰে নিজৰ ইচ্ছাৰে পৰিধান কৰি ৰাজহুৱা স্থানত অৱতীৰ্ণ
হোৱা এই চৰিত্ৰটোক সেই চৰিত্ৰটোৰ একান্ত নিজা বিষয়ী অৱস্থানেৰেই বিচাৰ কৰা উচিত। শিশুনাটক,
শিশুৰ চিনেমা, শিশুৰ কাৰণে কৰা গীত-মাত আদিত সেয়েহে আজিও বহুখিনি আসোঁৱাহ দেখা যায়।
কেইদিনমানৰ আগতে তেনেই কম বয়সীয়া চোৱালী এজনীয়ে কা বিৰোধী আন্দোলনৰ সুৰেৰে শাসকীয় দল,
মূখ্যমন্ত্ৰী গৃহমন্ত্ৰী আদিৰ বিৰুদ্ধে উদ্দাত্ত কণ্ঠেৰে দিয়া ভাষণ সদৃশ বক্তব্য অলপমান
‘ভাইৰেল’ হৈছিল। সেইখিনিতো ৰাইজে আপত্তি দৰ্শাইছিল যে শিশুটিক শিশু হৈয়েই থাকিবলৈ দিয়া
উচিত, এই বয়সতে ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা উচিত নহয়। কথাখিনিত বিতৰ্কৰ অৱকাশ থাকিব,
আৰু সেইমতেই শিশুটিৰ বক্তব্য স্বতস্ফুৰ্ত আৰু কোনেও শিকাই দিয়া নাছিল বুলিও যুক্তি
ওলাইছিল। কিন্তু শিশুটিৰ কথাখিনিৰ মাজত “আমি ইমান সৰু সৰু ল’ৰাছোৱালীয়েও এইখিনি কথা
বুজি পাইছোঁ, তেওঁলোক ইমান ডাঙৰ ডাঙৰ মানুহেও এইখিনি কথা বুজি নাপায় নে?” এনেধৰণৰ ভাষ্য
এটা আছিল যিটো আচলতেই এটি শিশুৰ বক্তব্য বুলি মানিবলৈ টান পাওঁ। উৎপল বৰপূজাৰীৰ বহুপ্ৰশংসিত
এখন সাৰ্থক চিনেমা “ঈশ্বু”তো মাটি-বাৰীৰ কাজিয়াত লিপত ডাঙৰলৈ চাই সৰু ল’ৰা এটাই “তেওঁলোকে
জেওৰা এখনকলৈ এনেকৈ কিয় কাজিয়া কৰিছে, আমিতো মাৰ্বল গুটিটোকলৈ এনেকৈ কাজিয়া নকৰোঁ কেতিয়াও”
ধৰণৰ সংলাপ এটি প্ৰক্ষেপ কৰিছিল- যিটো আমি অলপ আচহুৱা পাইছিলোঁ। কাৰণ শিশু এটিয়ে নিজে
নিজকে শিশু বুলি কাহানিও নাভাবে আৰু ডাঙৰৰ সৈতে তুলনা কৰি নিজকে চাবলৈ সততে নিবিচাৰে।
তেওঁলোকে নিজকে ডাঙৰ বুলিয়েই ভাবে। ডাঙৰ বুলি যদি নাভাবে, অলপ শুদ্ধ কৰি কওঁ, নিজকে
এটা পৰিপূৰ্ণ সত্বা বুলিয়েই ভাবে। এনেবোৰ কাৰণতে অলপ পলিটিকেলী কাৰেক্ট হৈ আজিকালি
শিশুৰ বাবে আয়োজিত অনুষ্ঠান আদিত শিশুক শিশু বা চিণ্ড্ৰেণ বুলি অভিহিত কৰাৰ বিপৰীতে
তেওঁলোকৰ স্বয়ংসম্পূৰ্ণ ব্যক্তিসত্বাক সন্মান জনাই ইয়ং-এডাল্ট (young adult) কথাষাৰ
ব্যৱহাৰ কৰা হয়। অসমীয়া ছোৱালী বা নাৰী সম্পৰ্কীয় লেখা এটা শিশু সম্পৰ্কীয় কথাখিনি
ইমান বহলাই উল্লেখ নকৰিলেও হ’লহেতেন। কিন্তু নাৰী যেনেকৈ সমাজত মাইনৰ, শিশুও মাইনৰ।
এই মাইনৰ কথাষাৰ সংখ্যাবাচক একেবাৰেই নহয়। এই একেটা কাৰণতেই হিন্দু মুছলমান সম্পৰ্কীয়
বিতৰ্কত এই দেশত মুছলমান সকল মাইনৰ হয় নে নহয় সেই চৰম অপ্ৰীতিকৰ বিতৰ্কৰ কোনো মীমাংসা
আমাৰ হাতত নাই, কিন্তু সংখ্যাবাচক যুক্তিখিনিয়ে হাৰ মানিবলৈ বাধ্য হয় সেই একেটা কাৰণতেই।
মাইনৰ কথাষাৰৰ অসমীয়া অনুবাদ ‘সংখ্যালঘূ’ হোৱাটোৱেই বিভ্ৰান্তিকৰ। সেয়া যদি বুজি উঠা
যায়, তেনেহ’লে মানিবলৈ টান নহয় যে সংখ্যাগৰিষ্ঠ হৈয়ো সমাজত কিছুমান শ্ৰেণী বা গোট চিৰকাল
সংখ্যালঘূ হৈ থাকি যায়।
এতিয়া এই একেটা সময়তে এই আঁচল নামৰ ছোৱালীজনীক “তাই এজনী সৰু ছোৱালী” বুলি যেনেকৈ ছোৱালী-মানুহৰ কাপোৰত বেছিকৈ নজৰ দিয়া দিয়া ধূতি-নীতিৰে আৱদ্ধ ৰক্ষণশীলতাৰ বিৰোধীয়েই হওক লাগিলে, এচাম ব্যক্তিয়ে তাইক “ক্ষমা” কৰি দিবলৈ যেনেকৈ চেষ্টা কৰিছে, একেদিনাই দিল্লীত পুলিচৰ সন্মুখতে বন্দুক উলিয়াই হুংকাৰ দিবলৈ সাহস কৰা ল’ৰাজনকো “সি এটা সৰু ল’ৰা” বুলি চৰকাৰী পক্ষ, সোঁপক্ষ, ভক্ত-পক্ষই “ক্ষমা” কৰি দিবলৈ বিচাৰিছে। দুৰ্ভাগ্যজনকভাবে দুদিন পিছতে দিল্লীৰ পঞ্চাশ দিন ধৰি একেৰাহে ধৰ্মঘট অৱস্থান কৰি থকা ঠাইত “এই দেশত কেৱল হিন্দুৰ কথাহে চলিব” বুলি হাতত বন্দুক লৈ হুংকাৰ দি পুলিচৰ হাতত কৰায়ত্ব হোৱা আৰু এজন ল’ৰাৰ খবৰ আহিল, সেইজনো হেনো কিছুমানৰ মতে “সি এটা সৰু ল’ৰা”। সেয়েহে “সৰু ল’ৰাহে” আৰু “সৰু ছোৱালীহে” এই দুইটা কথাকেই নাকচ কৰা যাওক। কথাত কথা বাঢ়ে বুলিয়েই এই সময়তেই বাতৰিৰ শীৰোনামত থকা কুখ্যাত নিৰ্ভয়া কাণ্ডৰ অভিযুক্ত সকলৰ ফাঁচীৰ প্ৰসংগত অভিযুক্ত সকলৰ এজন “মাইনৰ” হোৱা বাবেই “ক্ষমা” ভীক্ষাৰ কথাখিনি উলিয়াব লাগে নে নাজানো। আইনী, মানৱ-অধিকাৰ-প্ৰাসংগিক বহুতো মেৰপাক আহি পৰিব যিবোৰ সন্দৰ্ভত স্পষ্ট মত দিবলৈ আমি উপযুক্ত নহয়। সি যি কি নহওক, আঁচলক “সৰু ছোৱালী” বুলিলে তাইৰ/তেওঁৰ ব্যক্তিসত্বাক ন্যায্যতা দিয়া নহয় আৰু সেয়েহে আগলৈ কথা পতাৰ বাট নৰয় বাবে এই উল্লেখটোৰ বিৰোধিতা যেনেকৈ কৰিছোঁ, একে সময়তে এই উল্লেখটোৰ অন্তৰালত সোমাই থকা “ক্ষমা-দান”ৰ অধিকাৰটোৰোৰ বিৰোধিতা কৰিছোঁ। তাই/তেওঁ যি কৰিছে তাক সমালোচনা কৰাখিনিক বিৰোধিতা কৰিবলৈ গৈ আপুনিও যদি “ক্ষমা”হে প্ৰদান কৰিছে, তেনেহ’লে আপুনিও সেই একেটা ৰক্ষণশীল পক্ষৰ দৰেই আন কোনোবা ব্যক্তিসত্বাৰ ওপৰত এটা আধিপত্য বিস্তাৰ কৰি বহি আছে। সেই ছোৱালীজনীক ক্ষমাদান কৰিবলৈ হ’লে আপুনি তেওঁতকৈ ওপৰৰ এটা অৱস্থানত অধিস্থিত হৈ থাকিব লাগিব।
আঁচল নামৰ ছোৱালীজনীক “সৰু ছোৱালীহে” বুলি সমৰ্থন দিয়াৰ বিৰুদ্ধে এইখিনি কথা যেনেকৈ ওলাল তেনেকৈয়ে তাই কোনোবা এটা নৃত্যৰ অনুষ্ঠানত সৰ্ৱভাৰতীয় পৰ্যায়ত ৰাণাৰ্ছ-আপ হোৱা আৰু সেই কৃতিত্বৰে এয়া তাইৰ আহৰিত অধিকাৰ বোলাটোতো আমাৰ আপত্তি আছে। ছোৱালীজনীৰ কৰ্মক্ষেত্ৰ বা আগ্ৰহৰ ক্ষেত্ৰখনত (কণ্টেমপৰেৰী ডেন্স, মডেলিং, ফেশ্বন ইত্যাদি) সাজপাৰকলৈ পৰীক্ষা নিৰীক্ষা চলেই, চলিবই আৰু চলাটো উচিতো- এইখিনি অকাট্য যুক্তি। কিন্তু এই সময়ত আমাৰ কথা হ’ল, এইখিনি কথা পোহৰলৈ নহাহ’লে, মানে ছোৱালীজনী কোন, নাম কি, কি কৰে এইখিনি কথা নাজানিলেও, জনৈকা গাভৰু, কোনোবা ৰমণী, ক’ৰবাৰ ছোৱালী এজনী তাই হৈ থকা হ’লে আমাৰ স্থিতি সলনি হ’লহেতেন নেকি? হ’ব নালাগিছিল। হ’ব নালাগে। সেই ব্যক্তিগৰাকী আঁচল কৰ্মকাৰ নহৈ ক, খ কিম্বা ঘ হ’লেও আমাৰ স্থিতি একেই হোৱা উচিত। কিয় আৰু কেনেকৈ সেয়া এতিয়া আমি পাতিম।
৩
অসমীয়া ছোৱালীৰ ব’ডি লেংগুৱেজ
নাৰী-সংক্ৰান্তীয়
বিষয়ত এজন পুৰুষ লেখকে লিখিবলৈ যাওঁতে কিছুমান বিপদৰ আশংকা সদায়েই থাকে। এটা ভয়
mansplaining-ৰ, আনটো ভয় অধিক ‘সহানুভূতিশীলতা’ প্ৰদৰ্শণৰ। তথাপি এজন পুৰুষ দ্ৰষ্টা
(Male Onlooker) হিচাপেই অলপমান ব্যক্তিগত-পৰ্যবেক্ষণ এইখিনিতে উল্লেখ কৰিবলৈ লৈছোঁ।
সৰস্বতী পূজাৰ সময়ত ভাইৰেল হোৱা (সুৰাৰ বিপনীত চাদৰ-মেখেলাৰে সৈতে গাভৰুৰ) বিতৰ্কিত ফটোখন |
৪
আঁচলৰ
ফটোখন অসুবিধাজনক হ’বৰে কথা। অসমীয়া সত্বা, অসমীয়া মানুহ, অসমীয়া সংস্কৃতিবান, অসমীয়া
কবি-শিল্পী-সাহিত্যিক আদিয়ে দেখি দেখি বা চাই চাই অভ্যস্ত নাৰীৰ শৰীৰৰ নাৰীসুলভতাখিনি
এইখিনিত নাই। কোনোবা সূৰ্যাস্তৰ সময়ৰ আকাশলৈ চাই থকা নাৰীৰ চিল্যুৱেট, হাতত এপাহ ফুল
লৈ থকা কোনোবা আমন-জিমন নাৰীৰ অবয়ৱ, ৰহস্যময়তাক প্ৰতিনিধিত্ব কৰিবলৈ বিচৰা নিজৰ মুখ
ঢাকি তোলা একোখন চেলফি- এইবোৰৰ যি নন্দনতত্ব তাৰ সম্পূৰ্ণ বিপৰীত মেৰুত থিয় দি ৰ’ল
আঁচল মালাকাৰৰ সৰস্বতী পূজাৰ ফটোখন। ইয়াত ‘তাই’ তলমূৰ কৰি নাথাকিল, কেমেৰালৈ পিঠি দি
এটা ৰহস্যময়তাকো প্ৰশ্ৰয় নিদিলে। ইয়াত তাই চুলি লিৰিকি বিদাৰি ঠিক কৰি থকা নাই, চাহৰ
বা শাৰীৰ আঁচল ঠিক কৰি থকা নাই, নিজেই নিজৰ মাজতে হেৰাই থকাৰ এটা ইংগিত ইয়াত নাই।
“ৰহিমলা ওৰণিৰ ফাঁকেৰে” বোলা গানৰ ভিডিঅ’ত আঁচলৰ ফটোখন ব্যৱহাৰ কৰিব নোৱাৰি, আঁচলৰ
দৃষ্টিত পপীয়া তৰা নখহিল। আঁচলৰ চেলাউৰীকোঁচা অলপ ওপৰলৈ উঠা। চেলাউৰী ওপৰলৈ উঠোৱা মানেই
এটা প্ৰশ্ন সোধা। আঁচলৰ ফটোখনলৈ চাওক, বাৰে বাৰে চাওক। উঠোৱা চেলাউৰীৰে, স্পষ্ট চকুজুৰিৰে,
তেওঁ আপোনালৈ চাই আছে। দ্বিধা, ভয়, শংকা, সংকোচ- এইবোৰৰ একো নাই সেই চাৱনিত। তাৰ বিপৰীতে
মেকুৰী এজনীক খেদা ধৰিলে কিছু দূৰ দৌৰি গৈ উভতি চাই যেনে ধৰণৰ ফেপেৰী পাতি ধৰা চাৱনি
এটা মেকুৰীজনীয়ে দিয়ে, তেনেকুৱা এটা চাৱনিহে তাত আছে। আঁচল মালাকাৰৰ সৰস্বতী পূজাৰ
দিনৰ ছবিখন অসমীয়া সংৰক্ষণশীল সমাজৰ প্ৰতি ওলোটাই ফেপেৰীপতা এখন ছবিয়েই হয়, আৰু সমস্ত
বিতৰ্কৰ মূল কাৰণ এইটোৱেই হয়। এজনী তেনেই কমবয়সীয়া ছোৱালী ইমান সাহসী কেনেকৈ হ’ব পাৰে?
সমাজৰ আচল প্ৰশ্ন এইটোহে। ৰাইজৰ সনস্যাৰ আচল উৎস কপ্পোৰজোৰ নহয়, Gaze-হে।
সৰস্বতী পূজা আৰু সাজ-পাৰ, চ’ছিয়েল মিডিয়াৰ ফটো-কলাজ |
৫
অসমৰ
পৰিপ্ৰেক্ষিতত সমস্ত সামাজিক-সাংস্কৃতিক আয়োজনৰ ভিতৰত দুভাগী পূজা আটাইতকৈ বেছি অস্পষ্ট
আৰু ব্যতিক্ৰমী, সেয়া হ’ল বিশ্বকৰ্মা পূজা আৰু সৰস্বতী পূজা। সৰস্বতী পূজা ঠিক কেতিয়াৰ
পৰা ছোৱালীবোৰে সাজি কাচি যোৱাৰ এটা উৎসৱলৈ পৰিণত হ’ল তাৰ ইতিহাস আন কোনোবাই হয়তো লিখিব।
কিন্তু এয়া সত্য যে আজিৰ তাৰিখত সৰস্বতী পূজা বুলিলেই সাজোনে কাচোনৰ ছোৱালী আৰু খিচিৰি
(বা ভোগ)। ভক্তি কিম্বা সাংস্কৃতিক পৰম্পৰাৰ আন কোনো অনুষংগ ইয়াত নাই বুলিলেও ভুল নহয়।
সৰস্বতী যিহেতু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সেয়েহে গ্ৰন্থ বা কিতাপ পূজন বা কুইজ আৰু
বিতৰ্কৰ দৰে অনুষ্ঠানৰ আয়োজন ঠায়ে ঠায়ে হৈছে, হ’ব পাৰে। কিন্তু বিপুল জনমানসত ই এটা
ফুলকুমলীয়া বয়সৰ ছোৱালীবোৰৰ সাচোন-কাচোনৰহে যে এটা অনুষ্ঠান সেই কথাটো আমি মানিবলৈ
বাধ্য। এই দিনটোত ছোৱালীবোৰে চাদৰ-মেখেলা পিন্ধে। আটাইতকৈ দামী সাজযোজ এই দিনটোতে পিন্ধা
হয়। এই সাজোন কাচোনৰো আকৌ চৰ্তটো হ’ল, ফটোজেনিক (Photogenic)[x]
হ’ব লাগিব। সেই হিচাপেৰে সৰস্বতী পূজাৰ উদযাপন আচলতে এটা কেমেৰা-ফ্ৰেইণ্ডলী উৎসৱ। চুজান
চ’ন্তাজে (Susan Sontag)[xi] তেওঁৰ “অন ফটোগ্ৰাফী” কিতাপখনৰ
আলোচনালানিত কেনেকৈ ফটোগ্ৰাফে মুহূৰ্তৰ ওপৰত মানুহৰ অধিকাৰবোধৰ মনস্তত্বত প্ৰ্ভাৱ পেলায়
আৰু ফটোগ্ৰাফীৰ ব্যাপক প্ৰচলনে পৰিব্ৰাজন বা টুৰিজমৰ দৰে অভিজ্ঞতাকো অন্য মাত্ৰালৈ
নি অৱস্থাপিত কৰিলে তাৰ বিশদ ব্যাখ্যা দিয়াৰ দৰে এই সৰস্বতী পূজাৰ পৰম্পৰাটোকো শেহতীয়া
দুটামান দশকত মোবাইল ফটোগ্ৰাফীয়ে সম্পূৰ্ণ নতুন ৰূপত যে গঢ়ি তুলিলে সেয়া স্বীকাৰ কৰিব
পাৰি।
১) চাদৰ মেখেলা অনিবাৰ্য
২) অসমীয়া ছোৱালীয়ে পাটৰ কাপোৰ পিন্ধিব
লাগিব
৩) ছোৱালীজনী দেখাত বগা হ’ব লাগিব
৪) ফটোজেনিক হোৱাটো বাধ্যতামূলক
৫) নাৰীসুলভ স্বভাৱ (লাজ, ভয়, সংকোচ)
থাকিব লাগিব।
চ’চিয়েল মিডিয়াত আঁচল মালাকাৰৰ ফটো |
সেয়ে
আমি উদ্দেশ্যপ্ৰণোদিতভাবেই সেই জে বি কলেজৰ ছোৱালীজনীৰ পক্ষত। আজিৰ পৰা দুবছৰৰ আগতে
মদৰ দোকানৰ পৰা চাদৰ মেখেলা নে শাৰী পিন্ধি মদ কিনিবলৈ যোৱা ছোৱালীকেইজনীৰ পক্ষত যেনেকৈ
আছিলোঁ, আজিও তেনেকৈয়ে এই ছোৱালীজনীৰ পক্ষত থাকিবলৈ ভাল পাম। এই ছোৱালীজনীয়ে যদি জেবি
কলেজৰ গৰিমা হানি কৰিছে বুলি ভাবিছে, তেনেহ’লে ইউটিউবত জেবি কলেজ বুলি লিখি বিচাৰি
চালেই আগৰ বছৰবোৰৰ সৰস্বতী পূজাৰ ভিডিঅ’ দেখা পাব। সেইবোৰত বিচাৰি ফুৰক জেবি কলেজৰ
গৰিমা। ইতিমধ্যেই, ইতিপূৰ্ৱেই সৰস্বতী পূজা যদি সাজোন-কাচোনৰ দিন হৈ উঠিছেই, আজি এজনী
বিশেষ ছোৱালীক লৈ ইমান আপত্তি কিয়? এই ছোৱালীজনী, কোনোবা কৰ্মকাৰ, এজনী পাৰফৰমাৰ। মই
ক’বলৈ বিচাৰিম এগৰাকী পাৰফৰমেন্স আৰ্টিষ্ট। তেওঁৰ ফটোখিনিত, তেওঁৰ কামখিনিত, সম্পূৰ্ণৰূপত
এটা পাৰফৰমেন্স আৰ্টৰ চৰিত্ৰ সোমাই আছে। যদি সাজোন-কাচোনেই সৰস্বতী পূজাৰ মৰ্ম হয়,
তেনেহ’লে এয়ে হওক- এনে এটা বাৰ্তা তাৰ মাজত আছে। তাই যেনেকৈ মন যায়, যি মন যায় কিবা
এটা কৰিলেই যেনিবা। তাত আপোনালোকৰ আপত্তি কিয়? হাতত পিষ্টল এটা লৈ ৰাস্তাত দিনৰ পোহৰতে
সকলোৰে সন্মুখতে (পুলিচৰ সন্মুখতে) কাৰোবাক গুলিয়াবলৈ সাহস কৰিলে হয়তো আপোনালোকে ভাল
পালেহেতেন (আজি ৩০ জানুৱাৰী, ২০২০-ত এইখিনি কথা লিখি আছোঁ), এই একেটা দিনতে। কিন্তু
তেওঁ সেইটো নকৰে। এই টিকটক আৰু ইনষ্টাগ্ৰাম প্ৰজন্মকলৈ মই আশাবাদী। আমি কৰিব নোৱাৰা
কামবোৰ এওঁলোকে কৰি আছে। আমি সততে কৰিবলৈ পাহৰি থকা প্ৰশ্ন কিছুমান এওঁলোকে কৰি আছে,
সামাজিক বৃত্তৰ পৰিধিবোৰ বাহিৰৰ ফালে থেলি আছে নিৰন্তৰ।
[i] Participating and presenting a paper in the National level workshop on Gender and Sexuality
in the Disciplinary Paradigms,
organized by the Department of Art History and Aesthetics, M S University of
Baroda, Jan 9-11, 2007, an experimental theatrical performance (Kankhowa’s
Disposable Theatre) named Ophelia was also guided,
contextualized and visualized along with a series of site specific
installation.
[ii] হোমেন বৰগোহাঞি, “অ’ফেলিয়া”। হৈমন্তী।
[iii] 'Tis in my memory locked,/ And
you yourself shall keep the key of it.- Ophelia. (Hamlet, Act 1 Scene 3).
[iv] If thou dost marry, I’ll give
thee this plague for thy dowry. Be thou as chaste as ice, as pure as snow, thou
shalt not escape calumny. – Hamlet (Hamlet,
Act 3 Scene 1)
[v] (Notes from our own account on
the experience of Ophelia): If we
search for the HOW and WHY behind Ophelia’s immense popularity these issues
would spring up at the first hand; gaze, body, representation, gender,
sexuality, madness.
First
of all a simplistic answer is: the character of Ophelia is ever fulfilling some
basic needs of “visual arts” through the history. It satisfies the established
overarching patriarchal hegemony of painting. In all these visuals what is
Ophelia, reclining woman, and nothing. So more than who is Ophelia, what is
Ophelia is a more relevant question in this case.
Definitely
Ophelia is not only an object. It is portrayal of a character from Shakespeare.
Character, dramatic character, itself already means somebody personified and
subjectified. So, in one sense all these visual depictions are essentially
repersonified and resubjectified. But an intense observation can prove that,
Ophelia as a theme of painting actually satisfies some particular genre of
tradition. For example, like any other genre of visual depictions, mother and
child, still life, landscape, portrait; reclining woman is also just a genre.
As thematic, its appropriation in painting is understandable under these
following categories:
1. reclining woman
2. sleeping beauty
3. female body
4. nude
5. melancholia and madness
6. imagery of death
7. under water, etc.
[vi] Steven Bercoff imagines a secret
love life of Ophelia and recreates some secret love letters within Hamlet and
Ophelia. In November 2004, Doug Huff premieres his play Ophelia in United States. So a reviving tendency towards the character
of Ophelia is also visible in our times.
There is no 'true' Ophelia
for whom feminist criticism must unambiguously speak, but perhaps only a Cubist
Ophelia of multiple perspectives, more than the sum of all her parts. Elain
Showalter, Representing Ophelia: women, Madness and the
Responsibilities of Feminist Criticism (in Shakespeare
& The Question of Theory), p. 238.
[vii] (Notes from our own account on
the experience of Ophelia):
Destruction of a gaze:
Now
another question: why a spectator feels comfortable in front of a painting done
on Ophelia? By no means has it carried any comfort ability in its thematic.
Under the pressure of the social system, and because of the effects of some
kind of verbal masochism of love affair a teen aged girl becomes mad and
consequences to death. But in both its thematic and visual representation a
spectator feels comfortable.
Most
of the cases, Ophelia’s face does not look back to a spectator. Her eyes are
either shut down to show her death, or, they are downward signifying her
melancholic mood. If the eyes of any Ophelia figure looks back to you, the
spectator, it is again not self-asserting at all. Those eyes are lost in
themselves indicating either her innocence or her insanity. So as a spectator
you have not to confront any other’s gaze. You are not bound to apologize
yourself in front of some other’s gaze. Some other’s gaze does not yet seizes
you, but you can easily seize that particular other’s body and simply can you
move from one painting to another.
So
clearly, portraying Ophelia means killing an object’s gaze, the object you are
looking at.
Now
what does this destruction of an object’s gaze mean? It means the power of the
subject over the object. Secondly it means it is ready to satisfy somebody’s
masochistic pleasure. This destruction of gaze is highly satisfactory to the
male-dominant system in the history of modern painting, because at the first
gaze before the object in the picture speaks something, a spectator speaks out:
she is mad, she is innocent, and she is dead…
Now leave Ophelia paintings
and come to Goddess Durga’s idol. Gaze is most important matter in case of a
frontal iconic Goddess figure. She is ever self-asserting through gaze.
Wherever you are standing in the crowd in a puja Mandapa, she is looking at you with all her
blessings. In every Durga puja season, in almost all the newspaper and
periodicals of Bengal, there come photographs showing the artisans of Kumartuli
village, the icon makers at work. The most famous photograph is: showing the
final touch of the artist upon the Goddess’s eyes. The other famous photograph
we come across frequently is of immersion. The idol is floating on water
surface on the tenth day: Bijoya
Dashami. That Bisarjan or Goddess immersion is very much
auspicious ceremony for the worshippers. But along with that, the popularity of
the reproduced image of the floating or drowning Goddess in water in the
popular publications has another psychological aspect also. This is the only
photograph of the Goddess where the goddess is not staring at you constantly.
Now you are free. The criminal within you is no more seized by the goddess –
this psychological aspect is to be counted. So, we can say, in the photograph
of goddess immersion, actually the gaze of the Goddess is destroyed, which were
given in the photograph of Kumartuli artisans. The victory of the spectator’s
power gaze is somehow declared.
[viii] Butler, Judith (1990). Gender Trouble. New York: Routledge
[ix] দ্ৰষ্টব্য : Christy Adair. “Women And Dance”, in
Cultured bodies — the social construction
of the body.
pp
24-39| Part of the Women in Society Series List (ed CG) book series
https://link.springer.com/chapter/10.1007/978-1-349-22374-9_3
আৰু
Judith
Lorber and Patricia Yancey Martin, “The Socially Constructed Body”, in Insights From Feminist Theory 1.
https://www.sagepub.com/sites/default/files/upm-binaries/16568_Chapter_8.pdf
[x] Photogenic: (especially of a person) looking
attractive in photographs or on film.
[xi] “A way of certifying experience, taking
photographs is also a way of refusing it—by limiting experience to a search for
the photogenic, by converting experience into an image, a souvenir. Travel
becomes a strategy for accumulating photographs.” ― Susan Sontag, On Photography
No comments:
Post a Comment