ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, October 3, 2020

পেখু পেখু (তেষষ্ঠি) : স্ক’প’ফিলিয়া : ছোৱালীৰ ফটো

 ["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ১৯ জুলাই, ২০২০] 

সৰ্বগ্ৰাসী ৰূপত বেটুপাতত ছোৱালীৰ ফটো

নব্বৈ দশকৰ শেষৰ ফাললৈকে হয়তো ডিজিটেল প্ৰিণ্টিং প্ৰযুক্তি আহি পৰিছিল। সেয়া আছিল মহা আনন্দৰ সময়। এতিয়া খুব কম সময়তে কম আয়াসতে বহুৰঙী ছবি এখন প্ৰিণ্ট কৰি উলিওৱাটো সম্ভৱ হৈ উঠিল। পৰম্পৰাগত ছপা পদ্ধতি আছিল অত্যন্ত জটিল আৰু কষ্টকৰ। লিথ’গ্ৰাফী যিয়ে কৰিছে সি জানে শিল এছটা ঘঁহি ঘঁহি চাফা কৰি এটা এটাকৈ তৰপে তৰপে দৃশ্যৰ নিৰ্মাণ কৰি তাক সাৱধানতাৰে অফছেট ছপা কৰি উলিওৱাটোৱে কায়িক মানসিক দুয়োটা  দিশেৰেই যথেষ্ট মনযোগৰ দাবী কৰে। গোটেই পদ্ধতিটোত বহুখিনি ঘটনা আৰু দুৰ্ঘটনাৰো সম্ভাৱনা থাকে, সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আপুনি নিশ্চিতও হ’ব নোৱাৰে শেষ ফল কি ওলাবগৈ। বতৰৰো কথা আছে, জলবায়ুৰ আৰ্দ্ৰতায়ো লিথ’গ্ৰাফীত প্ৰভাৱ পেলায়। লিথ’গ্ৰাফী কেৱল এটা উদাহৰণহে। কিন্তু ডিজিটেল প্ৰযুক্তিয়ে এটা টিলিকতে সকলো সমস্যা দূৰ কৰিলে, আনকি বাই-কালাৰ বা ফ’ৰ-কালাৰ বোলা ধাৰণাখিনিও শেষ কৰিলে। এটা বা দুটা ৰঙেই হওক বা অজস্ৰ ৰং আৰু টোনৰ সমাৱেশেই হওক, কোনো কথা নাই। অসমীয়া কিতাপ আৰু আলোচনীৰ বেটুপাতবোৰ ৰংচঙীয়া হ’বলৈ ল’লে এই ডিজিটেল প্ৰযুক্তিৰ কৃপাতে। কিন্তু প্ৰযুক্তিয়ে কাৰিকৰী সুবিধাখিনিহে দিলে, নান্দনিক চৰ্চাখিনিতো আৰু দিব নোৱাৰে! সেয়ে যিকোনো অঞ্চলৰ বাচ আস্থানৰ কাষৰ কিতাপ আৰু কাকতৰ দোকানখনলৈ চকু দিয়েই আপুনি দেখিবলৈ ল’লে অজস্ৰ ছোৱালীৰ প’ৰ্ট্ৰেইটৰ একো একোটা গেলেৰী। মায়া আলোচনীৰ বেটুপাতত ছোৱালীৰ ফটো। ৰহস্য, ত্ৰিশূল, বিষ্ময় আৰু মাত্ৰ কেইটামান সংখ্যা ওলাই বন্ধ হৈ যোৱা অগণিত আলোচনীৰ বেটুপাতবোৰত- ছোৱালীৰ ফটো। মাহেকীয়া আলোচনী হ’লে বাৰটা মাহতেই ছোৱালীৰ ফটো। পূজা সংখ্যাত ছোৱালীৰ ফটো, বিহু সংখ্যাত ছোৱালীৰ ফটো। মহিলাৰ আলোচনী হ’লেতো আৰু কথাই নাই, ছোৱালীৰ ফটো। ৰাজনীতি, সমাজ, সংস্কৃতি সকলো সামৰি লোৱা আলোচনীখনৰো বেটুপাতত- ছোৱালীৰ ফটো। তাৰ পিছত আহিল সকলোকে সমানে ব্যস্ত কৰি ৰখা সামাজিক মাধ্যম। ইয়াতো কোনোবাই কবিতা এটা আপলোদ কৰিছে- লগত ছোৱালীৰ ফটো। কোনোবাই গূঢ় তথ্যভিত্তিক কিবা আলোচনা এটা আগবঢ়াইছে, তাতো প্ৰাসংগিক হওক বা নহওক, লগত গাঁঠি দিছে একোখন- ছোৱালীৰ ফটো। চাৰিওফালে ইমানেই ছোৱালীৰ ফটো যে ইয়াৰ মাজত আকৌ ‘Boys Locker Room’-ৰ দৰে এটা কেলেংকাৰীৰ স্থানেই থাকিব নালাগে। 

হাতে হাতে ডি-এছ-এল-আৰ কেমেৰাৰ পিছতে আকৌ অত্যাধুনিক স্মাৰ্টফোন হোৱাৰ পিছৰে পৰা অজস্ৰ স্বঘোষিত ফটোগ্ৰাফাৰৰ জন্ম হ’ল যাৰ প্ৰিয় বিষয়- ছোৱালীৰ ফটো। মোবাইল ফটোগ্ৰাফী মোৰ ‘হবি’ বুলি ঘোষণা কৰা ছোৱালী একোজনীৰ এলবাম খুচৰি চালেও দেখা যায় বেছিভাগতে বিষয় ফটোগ্ৰাফাৰ নিজে। কাৰোবাক চোৱাৰ আনন্দখিনিৰ বাবে মনোবিজ্ঞানত এটা শব্দ আছে- স্ক’প’ফিলিয়া (Scopophilia)। পুৰুষতান্ত্ৰিক সমাজ এখনত য’ত নন্দনতত্বৰ মূল আধাৰ নাৰীৰ প্ৰতি পুৰুষৰ দৃষ্টিয়েই প্ৰধান হৈ থাকে, তাত নাৰীৰ প্ৰতি নাৰীৰ দৃষ্টিনিক্ষেপো সেই একেটা মনস্তত্বৰ দ্বাৰাই প্ৰভাৱিত হৈ থাকে। নিজকে কিমান আকৰ্ষণীয় কৰি প্ৰক্ষেপ কৰিব পাৰি- এয়াই নাৰী-বিষয়ৰ এক মূলগত সংগ্ৰাম হৈ ৰয়। এই আকৰ্ষণীয় হৈ উঠাৰ ধাৰণা আৰু পদ্ধতিখিনিও বজাৰ সংস্কৃতিয়ে নিৰ্ধাৰণ কৰি দিয়া কিছুমান সৌন্ধৰ্যৰ সংজ্ঞাৰে আৱদ্ধ। ইয়াৰ ফলতে এই অজস্ৰ ফটোবোৰ্ত দেখা পোৱা মুখবোৰৰ আঁৰত ব্যক্তি একোগৰাকীক বিচাৰি পাবলৈ টান হয়। এই ফটোবোৰ কেৱল ফটো। তেজ মঙহৰ ব্যক্তি নহয়। সুসজ্জিত গাল-ওঁঠ-চুলি স্পৰ্শাতীত। চকুবোৰ ৰিক্ত।   

এটা সময় আছিল যেতিয়া অসমীয়া কিতাপৰ বেটুপাতত অসমীয়া আখৰৰ কলাসুলভ বিন্যাস বা টাইপ’গ্ৰাফী দেখা পোৱা গৈছিল। ডিজিটেল প্ৰিণ্টিং পদ্ধতিয়ে কম্প্যুটাৰত লিখা ৰূপটোক হুবহু উলিয়াই দিব পৰা কৰি দিলত অসমীয়া টাইপ’গ্ৰাফীৰ গোটেই চৰ্চাখিনিয়ে নোহোৱা হ’ল। আন নালাগে ফ্লেক্স প্ৰিণ্টিঙৰ বদান্যতাত হাতেৰে লিখা বেনাৰ-পোষ্টাৰো নোহোৱা হ’ল। বিগত দুটা দশকত অসমীয়া লিপি সংক্ৰান্তীয় সমস্ত চৰ্চা কেৱল ইউনিকোড কেন্দ্ৰিক। পে’জমেকাৰৰ দৰে একোটা চফটৱেৰে সঁহাৰি দিব পৰা একোটা ফণ্ট কিম্বা যিকোনো অনলাইন মাধ্যমত লিখিব পৰা একোটা ইউনিকোড ফণ্ট- এই দুটা কথাৰ বাহিৰে অসমীয়া ফণ্ট সম্পৰ্কীয় চৰ্চা একো চকুত পৰা নাই। হাজাৰ হাজাৰ মানুহে দৈনিক অহৰহ লিখা মেলাৰ চৰ্চা কৰি থকাৰ পিছতো আজিও যদি অলপ বিকল্পৰ সন্ধান কৰিবলৈ বিচাৰোঁ অসমীয়া আখৰৰ কোনো বৈচিত্ৰ্য নাই, কোনো ডিজাইনাৰ ফণ্ট নাই, কোনো ষ্টাইলাইজড ফণ্ট নাই। হাতেৰে লিখাৰ অভ্যাসখিনি বাৰু গ’লেই, কাৰিকৰী দিশেৰেও কিছুমান দিশৰ চৰ্চা আগ নাবাঢ়িল। দৃশ্যগত সমস্ত নন্দনতত্ব কেৱল সংকুচিত হৈ থাকিল- ছোৱালীৰ ফটোত। জৈৱ বৈচিত্ৰ্য, সঘন ৰাজনৈতিক পট-পৰিৱৰ্তন, বানপানীৰ দৰে এশ-এটা প্ৰাকৃতিক দুৰ্যোগ, জাতি-জনগোষ্টীৰ বৈচিত্ৰ্য আৰু সংঘাত- এনে সীমা-সংখ্যাহীন বিষয়বস্তু সন্মুখতে থকাৰ পিছতো দৃশ্যায়ণৰ নন্দনতত্ব কেৱল ৰ’লগৈ- ছোৱালীৰ ফটোত। 

ৰিপ্ৰেজেণ্টেচন আৰু ডকুমেণ্টেচনৰ মোহ এটা মানুহ মাত্ৰেই থাকে। “সদায় চকুৰে দেখা গছপাতটিও ছবিটিত ভাল হৈ পৰে” ধাৰণাটো প্ৰাচীন আৰু স্থায়ী। সন্মুখত থকা মানুহজনক ফটোত বা কেনেকুৱা লাগে বুলি কৌতুহল এটা মানুহে পুহি ৰাখে। সূৰ্যাস্তৰ দৃশ্য এটা উপভোগ কৰি থাকোঁতেই এইখিনি সময়ক আৱদ্ধ কৰি ৰাখিব পাৰি নেকি বুলি এটা বাসনাও জাগ্ৰত হোৱাটো প্ৰায় সহজাত প্ৰবৃত্তি। নিজেই নিজৰ ছবি এখন চাবলৈ বিচৰাৰ বাসনা এটাও আছে। নিজৰ পিক্ট’ৰিয়েল উপস্থাপনৰ মাজতেই অনেকে আত্মানুসন্ধানৰ বাট বিচাৰি উলিয়ায়। কিন্তু দৃশ্যক আৱদ্ধ কৰাৰ মুহূৰ্তটো উন্নত প্ৰযুক্তিৰ জোৰত যিমানেই অনায়াস হৈ নুঠক, ই ইমান সহজ আৰু সাধাৰণ কথা জানো? সামান্য আঙুলিৰ ছাপ আৰু এটা ক্লিক- তাতেই ছবিখন আৱদ্ধ হয়। কিন্তু এই ক্ষণিকৰ অভিজ্ঞতাতে সোমাই থাকিব পাৰে বিস্তৰ দাৰ্শনিক ভাৱনা। 

লিথ'গ্ৰাফী কৰ্মশালাত চন্দন বেজবৰুৱা_ ২০১৪ চন

সৌৰভ কুমাৰ চলিহাৰ ষ্টুডিঅ’ত নামৰ গল্পটোলৈ মনত পৰে। কেমেৰা আৱিষ্কাৰৰ পিছত কেমেৰাটোকে মানুহৰ চকুৰ দৰে বুলি ভাবিবলৈ লোৱাৰ দৰেই, চকুটোকে কেমেৰাটো বুলিও ভাবিবলৈ লোৱা যায়। “…কিন্তু মই ভাবিছোঁ বহুদিন আগৰ এটা ঘটনা, ঊনৈশ শতিকাৰ শেষৰ পিনে, পেৰিচৰ কাষত, য’ত মানুহ এজনী খুন কৰা হৈছিল; তাইৰ আখিপটত হেনো পোৱা গৈছিল ছুৰি দাঙি মাৰিবলৈ উদ্যত হোৱা তাইৰ হত্যাকাৰীৰ সুস্পষ্ট প্ৰতিবিম্ব! আজি আমি জানো যে সেই কথা সঁচা হ’ব নোৱাৰে; কিন্তু”। ফটোগ্ৰাফাৰ এজনে ফটো এখন ক্লিক কৰাৰ মুহূৰ্ত এটা, অৱলীলাক্ৰমে এটা মুহূৰ্তৰ ভিতৰতে আহি সোমায়হি অজস্ৰ জটিল মুহূৰ্তৰ খণ্ডচিত্ৰ। এহাল চকু, এটা ক্লিক, এখন ছবিতেই কথাখিনি শেষ হৈ নাথাকে। “ক’লা কাপোৰৰ তলত মোৰ মূৰটো সুমুৱাই মই দেখিছোঁ, এইমাত্ৰ তোমাৰো চকু মুদ খালে। ‘চকুটো… ইমান অপূৰ্ৱ এটা সঁজুলি’, লিঅ’নাৰ্ড’ ডা ভিন্সিয়ে আচৰিত হৈ কৈছিল, ‘আত্মাৰ খিৰিকী, যিটো আলমেৰে প্ৰধানত: আমাৰ বোধশক্তিয়ে উপলব্দ্ধি কৰিব পাৰে প্ৰকৃতিৰ অসংখ্য কীৰ্তিৰাশি পৰম পূৰ্ণভাৱে…’। ইমান অপূৰ্ৱ এটা সঁজুলি, মই প্ৰথম মুহূৰ্ততে ভাবিছিলোঁ, তোমালোক মোৰ ষ্টুডিঅ’ত সোমোৱাৰ লগে লগে- নহয়, মই মাথোঁ ভাবিছিলোঁ, ‘ইমান অপূৰ্ব’, নিছক কোনো সঁজুলিৰ কথা মোৰ মনলৈ অহা নাছিল। মোৰ জীৱনৰ আলম যদি কেমেৰাৰ সলনি কবিতা হ’লহেতেন, মই হয়তো ক’লোঁহেতেন, ইমান অপূৰ্ৱ এটা কবিতা, এটা অনুভূতি, সূক্ষ্ম, ক’লা ছোঁৱৰৰ তলত দুখিলা শেঁতা সোণৰ পাত, তাৰ মাজত দুটা স্বচ্ছ নীলাভ হ্ৰদ, দ, শান্ত, সীমাহীন, য’ত যুগ যুগ ধৰি আমালৈ আত্মহত্যাৰ আহ্বান, তাৰ মাজেৰে মোৰ বিস্ময়বিমুগ্ধ মুখৰ অকনমানি এখনি ছবি…”

  

সমুদ্র কাজল শইকীয়া

Rajya Sabha Television (RSTV),

3rd Floor, Talkatora Stadium Annexe Building,

New Delhi – 110001

email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: