অণুগল্প সাহিত্যৰ এটা নতুন ধাৰা বুলি কিমান দিনলৈ কৈ থাকিব লাগিব সেয়া এটা প্ৰশ্ন। খুব সুনিৰ্দিষ্ট ব্যাখ্যা ইয়াৰ নাই তথাপি অণুগল্প মানে কি সেয়া বুজিবলৈ কঠিন নহয়। নিৰ্দিষ্ট সংজ্ঞানো কাৰ আছে? চুটিগল্পৰ আছিল জানো? নে কবিতাৰ কিম্বা কবিতাৰ কোনোবাটো শাখাৰেই আছে? সেয়ে অণুগল্প মানে কি প্ৰশ্নটোতকৈ অণুগল্পৰ বৈশিষ্ট্য বা চৰিত্ৰসমূহ কি কি সেই প্ৰশ্নৰ ন্যায্যতা অধিক। ই কি হয় সেইটোতকৈ ই কি নহয় সেইখিনি প্ৰশ্ন আৰু ব্যাখ্যা আচলতে আৰু অধিক যুক্তিসংগত। অণুগল্প সম্পৰ্কে অসমীয়া পাঠকৰ মনত কৌতুহল দেখি থাকোঁ। অলপ গমিলেই বুজিব পাৰি যে এই কৌতুহল প্ৰকৃততে এই সময়ৰ অণুগল্প লেখক সকলে নিজৰ কৰ্মৰ যোগেদি সাব্যস্ত কৰিব নোৱৰা এটা অস্তিত্বৰেই পৰিচায়ক। অণুগল্প এতিয়া একেবাৰেই নতুন হৈ থকা নাই। অসমীয়াত অণুগল্প কিতাপ আকাৰে প্ৰকাশ হোৱাৰো বছৰ কেইটিমান হ’ল। আধুনিকতাবাদৰ সময়ছোৱাৰ দৰে আজিৰ তাৰিখত সাধাৰণতে দৰ্শক-পাঠকে ফৰ্ম এটাৰ সংজ্ঞা বা অস্তিত্বক লৈ বৰকৈ প্ৰশ্ন কিম্বা বিতৰ্ক কৰিবলৈ ভাল নাপায়। আজিৰ ‘দ্ৰষ্টা’ই গল্প-উপন্যাস-আত্মজীৱনী-বুৰঞ্জীৰ লগে লগে নিউজ-মিডিয়াৰ হে’ডলাইন, বাটৰ কাষৰ হোৰ্ডিং, দেৱালত লিখি থোৱা ধাতু-দৌৰ্ৱল্য নিৰাময়ৰ সমাধানৰ বাবে দিয়া ফোন-নাম্বাৰ, ফে’চবুকৰ আপডেট, টুইটাৰৰ টুইট সকলো দৃষ্টিগোচৰ কৰে। কিন্তু তেনে ক্ষেত্ৰত অণুগল্প যেন অবুজ সাঁথৰ : এফালে ক্ৰমবৰ্দ্ধমান জনপ্ৰিয়তা আৰু আনফালে ক’ৰবাত যেন কিবা এটা অসন্তুষ্টি, অথবা বিৰক্তি। চুটিগল্পৰ ইতিহাসৰ আৰম্ভণীতেও এনে সন্দেহ বা অনাস্থা আছিল। কিন্তু আজিৰ তাৰিখত এনে সন্দেহ অনাস্থা সততে দেখা নাযায়। এই অনাস্থাজনিত কৌতুহল এইসময়ৰ (অসমীয়া) অণুগল্প লেখকসকলৰ ব্যৰ্থতা বুলিবলৈ ভাল পাম।
ভূপেন হাজৰিকা সম্পাদিত
‘বিন্দু’
সততে
পছিমৰ পৰা আহৰিত সমস্ত নতুন ‘বাদ’ বা সৃষ্টিশীল ফৰ্মৰ অভ্যুত্থানৰ সময়তেই কেনেকৈ কাৰ
হাত ধৰি আমাৰ দেশলৈ (এই ‘আমাৰ দেশ’ যিকোনো দেশেই হ’ব পাৰে যেন লাগে) আহিল তাৰ ব্যাখ্যাৰ
লগে লগে ই কোনো নতুন কথা নহয়, আমাৰ দেশত ই অতীজৰে পৰা (এই ‘অতীজ’-টো সাধাৰণতেই বুৰঞ্জীয়ে
ঢুকি নোপোৱা এটা সময় হয়!) আছিল তাৰ এটা সমান্তৰাল নেৰেটিভে মূৰ দাঙি উঠে। ৰমন্যাসবাদৰ
দৰে, চুটিগল্পৰ দৰে, অণুগল্পৰ ক্ষেত্ৰতো সেয়ে হ’ল। কেনেকৈ ঈছপৰ সাধু, পঞ্চতন্ত্ৰৰ কথাবোৰ,
মুখে মুখে চলি অহা চুটি চুটি কাহিনীবোৰৰ প্ৰচলণ আমাৰ মাজত আগৰে পৰাই আছিল তাৰ উদাহৰণ
দাঙি ধৰা হয়। এই দিশেৰে এটা ৰিভাইভেলিষ্ট বা পুনৰোত্থানবাদী জাতীয়তাবাদী প্ৰৱণতাই পুৰণি
প্ৰচলনবোৰৰ আৰ্হিৰে ন-কৈ কচৰৎ কৰাৰ বাট এটাও মোকলায়। তাৰ পিছতো প্ৰায়ে সমসাময়িকতাৰ
প্ৰসংগেৰে পছিমীয়া আমদানিখিনিয়েই অধিক গুৰুত্বপূৰ্ণ হৈ থাকে। নতুন ফৰ্ম, ধাৰা, শৈলী,
বিচাৰ একোটাৰ ক্ষেত্ৰত আৰু এটা গুৰুত্বপূৰ্ণ দিশ হ’ল যে ইয়াৰ একোজন ‘জন্মদাতা’ক মান
ধৰা হয়। এই জন্মদাতাৰ ধাৰণাটো আক্ষৰিক অৰ্থৰ নহ’বও পাৰে, কিন্তু তাৰ দ্বাৰাই এটা ঐতিহ্যৰ
নিৰ্মাণ হয়, এটা ঐতিহাসিক প্ৰেক্ষাপট নিৰ্মিত হয়, আৰু এনেকৈয়ে ‘ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল’
হৈ ৰোৱাৰ বাট এটা ওলায়। ইয়াৰ আন এটা কাৰ্যকৰী দিশ হ’ল- জন্মলগ্নৰে পৰা আজিকোপতি ই কেনেকৈ
কিমান দূৰ বাট বুলিলে, কিমান চ্যুতি-বিচ্যুতি ঘটিল, কিমান বৈচিত্ৰ্যক আঁকোৱালি ল’লে
তাৰ এটা গৱেষণামূলক অধ্যয়নৰ বাট মোকলাই দিয়ে। এটা অৰ্থৰে ‘ক্লাছিক’ কথাষাৰৰ গুৰুত্ব
এইখিনিতেই। বেজবৰুৱাৰ চুটিগল্পৰ মান সম্পৰ্কে বিতৰ্ক থাকিলেও অসমীয়া চুটিগল্পৰ জন্মদাতা
হিচাপে থকা বিভূষণখিনিৰে বেজবৰুৱাৰ গল্পসমূহে এটা ক্লাছিক চৰিত্ৰ দাবী কৰে। তেনেকৈয়ে
মূল্যায়ণ আৰু সমালোচনাৰ ভিন্ন-মতৰ অৱকাশ ৰাখিও আমি মানি চলিবলৈ বাধ্য যে অসমীয়া চনেট
হিচাপে হেমচন্দ্ৰ গোস্বামীৰ “প্ৰিয়তমাৰ চিঠি”, অসমীয়া কথা-কবিতা হিচাপে যতীন্দ্ৰনাথ
দুৱৰাৰ “মগনীয়াৰ” একো একোটা ক্লাছিক। তেনেকুৱাকৈ অসমীয়া অণুগল্পৰ ক্লাছিক কোনটো? অসমীয়া
অণুগল্পৰ জন্মদাতা কোন?
আজিৰ
তাৰিখত আচলতে প্ৰশ্নখিনি অবান্তৰ। কিন্তু এইখিনি প্ৰশ্নই এপ্ৰিচিয়েচন আৰু ক্ৰিটিচিজমৰ
কিছুমান পুৰণি ধাৰা বা পদ্ধতিক সহায় আগবঢ়াব পাৰে বুলিয়েই প্ৰশ্নখিনিৰ অৱতাৰণা কৰা হ’ল।
অন্যথা আজিৰ তাৰিখত সামাজিক মাধ্যমত জনপ্ৰিয় হৈ উঠা ‘মীম’ এটা দেখি আমি প্ৰশ্ন নকৰোঁ-
প্ৰথম ‘মীম’ কোনে কৰিছিল, এটা ৰাজনৈতিক ভাষণ বা এখন টেলিভিচন-চিৰিয়েলৰ এটা ডাইলগ জনপ্ৰিয়
হোৱা দেখি তাতে সংগীত সংযোজন কৰি এটা আমোদজনক ৰূপ দিয়াটো বা তাক পুনৰাভিনয় কৰি দৰ্শকক
আমোদ দিয়াটো কেতিয়া কোনে প্ৰথমবাৰৰ বাবে কৰিছিল?
অণুগল্পৰ
প্ৰথমটো কথাই হ’ল ইয়াৰ কলেৱৰ, খেনোৰ মতে ইয়াৰ শব্দসংখ্যা এশৰ পৰা তিনিশ হ’ব লাগে, খেনোৰ
মতে শব্দসংখ্যাৰ কোনো কথা নাই। কিন্তু অলপমান দীঘল হ’লেই সমস্যা যে ‘বিষ্ময়’-যুগৰ
‘এক মিনিটৰ গল্প’ৰ সৈতে ই জঁট-পকাবগৈ পাৰে। অণুগল্প সম্পৰ্কীয় আলোচনাত ১৯৭০ চনৰ এপ্ৰিল
মাহত ড° ভূপেন হাজৰিকাৰ সম্পাদনাত প্ৰকাশ পোৱা তেতিয়াৰ ত্ৰিশ পইচা মূল্যৰ
অসমৰ প্ৰথমখন ক্ষুদ্ৰতম আলোচনী ‘বিন্দু’লৈ মনত পেলোৱা ভাল হ’ব। হাজৰিকাই আলোচনীখনৰ
আঠটা খণ্ড সম্পাদনা কৰিছিল। প্ৰথম সংখ্যাটোতে প্ৰকাশ পোৱা তিনিটা গল্প আছে, তিনিওটাই
অনবদ্য। মাইক্ৰ’-মিনি আলোচনীখনৰ পৰিপ্ৰেক্ষিতেৰে ‘এটি দীঘল গল্প’ বুলি ভৱেন্দ্ৰনাথ
শইকীয়াদেৱৰ সন্নিবিষ্ট হোৱা ‘সুবাস’ গল্পটোৰ শব্দসংখ্যা মুঠেই ৩৩৫ মানহে। বৰ্ণনা (ডিটেইল),
চৰিত্ৰৰ নিৰ্মাণ, সংঘাত (শ্ৰেণীগত) এই সকলোবোৰ সাঙুৰি এটা গল্পত থাকিবলগা আটাইবোৰ গুণেই
ইয়াত আছে। কলেৱৰে এটা গল্পপঠনৰ অভিজ্ঞতাত কোনো বাধা আৰোপ কৰা নাই। এইটোৱেই অসমীয়া অণুগল্পৰ
ইতিহাসৰ এটা ক্লাছিক। একে সংখ্যাৰ ‘বিন্দু’ৰে প্ৰথমটো গল্প ড০ উপেন কাকতিৰ
‘কেঁচা হালধিৰ দাগ’ মাত্ৰ ৭৭-টা শব্দৰ আৰু শেষৰটো গল্প পবিত্ৰ কুমাৰ ডেকাৰ ‘উত্তৰণ’
তাতোকৈ কম, তেনেই ৩৬-টা শব্দতেই সম্পূৰ্ণ। সেই হিচাপেৰে ‘Twitterature’ ধৰণৰ শব্দৰ
প্ৰচলণৰ বাবে এতিয়াৰ চ’চিয়েল মিডিয়াৰ যুগৰ সৃষ্টি যেন ধাৰণা হ’লেও অণুগল্প আখ্যাটো
ব্যৱহাৰ নকৰাকৈয়ো flash fiction, microfiction, short shorts, minisagas, dribble,
drabble আদিৰ ধাৰণাটো আৰু তাগিদাটো আনকি অসমৰ ক্ষেত্ৰতেই অতিকমেও পঞ্চাশ বছৰ পুৰণি।
‘মাইক্ৰোমিনি’ শব্দটোৰ প্ৰয়োগ ‘বিন্দু’-ৰ বেটুপাততে আছে, আৰু ‘মিনি সম্পাদকীয়’তো আছে
এনেকৈ- “পৃথিৱীৰ ক্ষুদ্ৰতম আলোচনী; আলোড়নী মাইক্ৰোমিনি বিন্দুৰ জন্ম সেয়েহে”।
জনপ্ৰিয়
স্তৰত অমুকটো শিল্প হয় নে নহয়, তমুকটো কবিতা হ’ল নে নহ’ল- এনে ধৰণৰ গুণগত মান সম্পৰ্কীয়
বিতৰ্কৰ কোনো শেষ নাই। এনে সময়ত “শিল্পীয়ে যদি ইয়াক শিল্প বুলিয়ে গণ্য কৰিছে, তেন্তে
ই শিল্পই হয়”- এই কথাষাৰে ভালেখিনি সকাহ দিয়ে। বিশেষকৈ পাৰফৰমেন্স আৰ্টৰ ক্ষেত্ৰত এইখিনি
সমস্যা আটাইতকৈ বেছি। ১৯৯৫ চনত ফলা অমিতাৰ এফাল ককালৰ ওচৰত ধৰি মুখখন হাঁ কৈ মেলি ৰুমানা
হুছেইন মুম্বাইৰ এন-চি-পি-এৰ চৌহদত ৰৈ আছিল। এইটোক এটা শিল্প নহ’ল বুলি দাবী কৰিবৰ
বা এইটোনো কেনেকৈ এটা শিল্প হ’ব পাৰে বুলি প্ৰশ্ন কৰিবলৈ অধিকাৰ নিশ্চয় সকলোৰে আছে।
গীত-মাত-অভিনয়ৰ সংমিশ্ৰণেৰে কৰা কাম এটাক যদি পাৰফৰমেন্স আৰ্ট বোলা হৈছে তেন্তে তাক
থিয়েটাৰ বুলি কিয় কোৱা নহ’ল, অন্তত: এক্সপেৰিমেণ্টেল থিয়েটাৰ কিয় নুবুলিলোঁ? সাহিত্য
কিম্বা শব্দ-আশ্ৰিত শিল্পৰ মাজত এনেকুৱা সমস্যাবোৰ অণুগল্পৰ ক্ষেত্ৰত অধিক। ফ্লেছ ফিকচন
(অসমীয়াত অণুগল্প শব্দটোৱেই অধিক জনপ্ৰিয়তা পাইছে) শেহতীয়া সম্পৰীক্ষা বুলি এতিয়াও
কোৱা হৈ আছে, কিন্তু অৰ্ণেষ্ট হেমিংৱে, ফ্ৰাঞ্জ কাফকা, এণ্টন চেকভ, অ' হেনৰী আদিকে
ধৰি যিমানবোৰ উদাহৰণ খুচৰিলেই পোৱা যায় তালৈ চাই ইয়াক শেহতীয়া ধাৰা বা শৈলী বুলি কৈ
থকাৰ মানে নাই। কেনেবাকৈ দৃশ্যশিল্প, সাংস্কৃতিক চৰ্চা বা গণ-শিল্পৰ সমলসমূহৰ তুলনাত
সাহিত্যৰ আওতাত থকা অভ্যাসখিনি সম্পৰীক্ষাৰ দিশেৰে আজিৰ তাৰিখত অধিক স্থৱিৰ, সংজ্ঞায়িত
আৰু এলিট হৈ থকা যেন লাগে। অসমৰ ক্ষেত্ৰত সেয়া আৰু অধিক। সাহিত্যৰ প্ৰতিষ্ঠিত ধাৰা
সমূহে আজি আৰু অস্তিত্ব বা আত্ম-পৰিচিতিৰ সংকটত নুভোগে। উপন্যাস এখন বেয়াই হওক বা ভালেই
হওক, সেয়া উপন্যাসেই। গল্পক লৈ এতিয়ালৈকে অগল্প বুলি কোৱা কোনেও শুনা নাই। বৰ্ণনাৰ
বাহুল্য পৰিহাৰ কৰা চুটি গল্পৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল যদিও, এই সময়ৰ সৰহভাগ
অসমীয়া গল্পত বৰ্ণনাৰ বাহুল্যই পাঠকক আমনি লগোৱাৰ বহু অভিযোগ আমি পাই থাকিলেও সেয়া
গল্পই। কল্পনাৰ ৰহণ চৰিলে তাক উপন্যাসোপম বা গল্প-সদৃশ বুলিবৰ বাট থাকিব পাৰে কিন্তু
আত্মজীৱনীখন আত্মজীৱনীয়েই। কিন্তু এই সময়ৰ অসমীয়া অণুগল্পই কেইটিমান আত্ম-পৰিচয়ৰ সংকট
সন্মুখত ঠিয় কৰায়। অণুগল্পৰ চাৰিত্ৰিক বৈশিষ্ট্য কি বা অণুগল্প কেনে হ’ব লাগে তাৰ সম্পৰ্কে
বোধৰ অভাৱেই ইয়াৰ কাৰণ। এনে এবিধ অণুগল্প এনে যে, ৰসবোধ বা চেন্স-অফ-হিউমাৰৰ আভাস দিবলৈ
গৈ ই ইমানেই খুহুতীয়া হৈ ৰয় যে ইয়াক এটা কৌতুক নুবুলি অণুগল্প কিয় বুলিম বুলি এটা প্ৰশ্ন
মনলৈ আহে। তেনেকৈয়ে সামাজিক দায়িত্ববোধৰ পৰিচয় দিবলৈ গৈ আমি কি কৰা উচিত বা কি কৰা
অনুচিত তাৰ ব্যাখ্যাই ইমানকৈ জুমুৰি দি ধৰে যে দুশাৰী-তিনিশাৰীৰ গোটাচেৰেক লেখাক অণুগল্প
নুবুলি কোনোবা মহৎ-লোকৰ-বাণী যেনহে লগা হয়গৈ। সামান্য পিছলিলেই অণুগল্পৰ বিপদ সেয়েই।
‘বিন্দুতে
সিন্ধু’ অণুগল্পৰ গুৰিকথা। কিন্তু কেৱল অণুগল্পৰে নহয়। আমাৰ প্ৰৱাদ-প্ৰৱচনবোৰৰো সেয়ে
সাৰকথা আছিল। তেনেকৈ সংক্ষিপ্তকৰণো অণুগল্পৰ একক চৰিত্ৰ নহয়। জাপানী হাইকুৰ কথা যেনেকৈ
আমি জানো, তেনেকৈ দুশাৰী-তিনিশাৰীৰ হীৰুদাৰ ‘জোনাকী-মন’ আমি পঢ়ি আহিছোঁহক। বৰ্হেছ বা
বাৰ্থৰ গল্প পঢ়ি অহাৰ পিছত আমি জানো যে কাহিনীৰ বৰ্জন কিম্বা বৰ্ণনাৰ বৰ্জনো অণুগল্পৰ
একক চৰিত্ৰ নহয়। তেনেহ’লে অণুগল্পৰ একক চৰিত্ৰ বুলি একোৱেই নাথাকিলগৈ দেখোন!
তেন্তে
বিশেষ কি গুণে আমাৰ চেতনাক জোকাৰি যাব, অথবা কি কথাই কিছুসময় আমাক তন্ময়াচ্ছন্ন কৰি
ৰাখিব, কিম্বা কিহৰ বাবে আমি আগলৈয়ো বাৰে বাৰে এই ঠাইলৈ উভতি আহিবলৈ বাধ্য হ’ম- হে
অণুগল্পকাৰ, এই অনুসন্ধানৰ দায়িত্ব আপোনাৰ।
সমুদ্র
কাজল শইকীয়া
Rajya Sabha
Television (RSTV),
3rd Floor,
Talkatora Stadium Annexe Building,
New Delhi –
110001
No comments:
Post a Comment