["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২৩ আগষ্ট, ২০২০]
সহজকৈ
বুজিবলৈ হ’লে সৌজন্য প্ৰকাশ বা সৌজন্যতা সুজনতা কথাষাৰৰেই অন্যৰূপ, আভিধানিক অৰ্থেৰে-
শিষ্টাচাৰ, নম্ৰতা, সৌজন্য, ভদ্ৰতা, বিনয়, অনুনয়, শিষ্টতা, অমায়িকতা, শালীনতা, সদাচাৰ,
ভব্যতা, সুশীলতা, সৌজন্যতা, সুজনতা, সুনীতি, সদাচৰণ, শ্লীলতা, বিনম্ৰতা। শৈল্পিক-সাংস্কৃতিক
আৰু সামাজিক স্তৰত ইয়াৰ প্ৰায়ভাগ প্ৰয়োগে আচলতে বুজাই থাকে কৃতজ্ঞতা স্বীকাৰ
(courtesy)। শব্দটোৰ ভুল প্ৰয়োগো সঘনে দেখোঁ। ক প্ৰতিষ্ঠানটোৱে খ অনুষ্ঠানটো আয়োজন
কৰিলে ঘোষণা কৰি থকা শুনো- “আহি আছে ক-ৰ সৌজন্যত”- ইত্যাদি। কিন্তু ক যদি প্ৰত্যক্ষভাবে
খ-ৰ আয়োজকেই হয় তেন্তে তাত সৌজন্য কথাষাৰ নাখাটে। কথাষাৰ গৈ থৈ নিজেই নিজকে কৃতজ্ঞতা
দিয়াৰ দৰে হয়গৈ। সি যি কি নহওক, অমুকৰ বদান্যতাত, তমুকৰ অনুদানত, ভুচুকৰ পৰা প্ৰাপ্ত
বা সংগৃহীত সমলৰ সহায়ত আদিবোৰ সূচাবৰ ক্ষেত্ৰতেই ‘সৌজন্যত’ বুলি কোৱা হৈ থাকে। ব্যৱহাৰিক
আৰু প্ৰায়োগিক দিশেৰে সৌজন্যতা প্ৰকাশ মানে এটা প্ৰসংগ-সংগতিক সাব্যস্ত কৰাকেই বুজায়,
যেনে ইয়াৰ অন্তৰ্নিহিত অৰ্থটো ওলায় : এই কথাষাৰ অমুক প্ৰসংগত তমুকৰ পৰা আহৰিত। সকলো
দিশৰে পৰাই সকলো স্তৰতে সৌজন্যতা ইতিবাচক কথা। শ্ৰদ্ধা, কৃতজ্ঞতা, আন্তৰিকতা আদিৰ সূচক
এইষাৰ কথাই সাংস্কৃতিক উৎপাদ আৰু ইয়াৰ প্ৰক্ৰিয়াসমূহৰ বাবে এটা সুস্থ বাতাবৰণৰ (কালচাৰেল
ইক’চিষ্টেম) সৃষ্টি কৰে।
মিলে (Millet)-ৰ অনুকৰণত
ভেন গঘ।
লোকৰ
পিঠাৰে বিহু
সৌজন্যতাৰহিত
নিৰ্মাণ বা প্ৰস্তুতি যদি হয় তাৰ বাবে আন এটা প্ৰচলিত শব্দ আছে- কুম্ভীলকবৃত্তি। সাহিত্য,
শিল্প আৰু সংস্কৃতিৰ প্ৰতি অসমীয়াৰ আগ্ৰহ আৰু ব্যস্ততা অতুলনীয়। কিন্তু এইবোৰৰ নিৰ্মাণ
পদ্ধতি বা প্ৰস্তুতি পৰ্বত আনৰ পৰা আহৰিত সমলখিনিৰ প্ৰতি থাকিবলগীয়া সৌজন্যতাবোধৰ অভাৱখিনিয়ে
বাৰুকৈয়ে হতাশ কৰে। কি কাৰণত একোজন পূৰ্বসূৰী কৰ্মী বা আনকি সহকৰ্মীৰো পূৰ্ৱস্থিত কৰ্মক
স্বীকাৰ কৰা, তাক সন্মান কৰা, তাৰ প্ৰতি এটা কৃতজ্ঞতা প্ৰদৰ্শন কৰাৰ প্ৰতি সৃষ্টিশীল
ব্যক্তিসকল আঁতৰি ৰয় সেই কথা বুজিবলৈ টান। সঘনে চৰ্চা হৈ থকা, আৰু গল্প-গুজৱ তথা বিতৰ্কৰ
জৰিয়তে চৰ্চাবোৰো সঘনে চৰ্চাৰ মাজলৈ আহি থকা কবিতাৰ উদাহৰণেৰেই বুজিব পাৰি। ক্লিচে
বা চৰ্বিত-চৰ্বন সম্পৰ্কে আমি বাৰম্বাৰ কথা পাতি আহিছোঁ। আজিৰ তাৰিখত হাজাৰ ব্যক্তিৰ
দ্বাৰা দেধাৰ কবিতা লিখি থকা হৈ আছে যদিও তাৰ ভালেমান কবিতাই পঢ়িলে লাগে যেন এইখিনি
কথা আগতে ক’ৰবাত পঢ়িছোঁ। একেখন সমাজৰে অংশ আৰু একেখিনি পাঠ্য-সমলৰ অভিজ্ঞতাৰে পুষ্ট
হৈ আহিছোঁ বাবে এয়া তেনেই স্বাভাৱিক যে ভালেখিনি ভাব-ভাষাৰ মিল থাকিবই। কিন্তু ফৰ্ম
বা আৰ্হি আৰু উপস্থাপন শৈলীবোৰো কেতিয়াবা এটা আনটোৰ সৈতে গোটে গোটে মিলি যায়। এই মিলি
যোৱাখিনি দুটা কাৰণত হয়। এটা অসাৱধানতাজনিত কাৰণত, আনটো ইচ্ছাকৃত। কিন্তু দুয়ো ক্ষেত্ৰতেই
সৌজন্যতাৰ প্ৰসংগটো অপৰিহাৰ্য। সৌজন্যতা প্ৰকাশৰ ক্ষতিকাৰক দিশ একো নাই, কিন্তু ইয়াৰ
কিছুমান ওপৰিঞ্চি প্ৰাপ্তিহে আছে, সেই ওপৰিঞ্চি প্ৰাপ্তিখিনিৰ কথাই আজি ক’ম।
ওপৰিঞ্চি
প্ৰাপ্তি
সন্ধিয়াৰ
বৰ্ণনাৰ কবিতা এটাত যদি কোনোবাই লিখে “কিন কিন হেঙুলীয়া পৰিৱেশটোৱে মন উৰুৱাই নিলে”
তেন্তে মন উৰুৱাই নিয়া পৰিৱেশটোৰ বাবে যি দৃশ্যকল্পটি ব্যৱহাৰ হৈছে আমি জানো যে সেয়া
এজন প্ৰতিষ্ঠিত কবিৰ হাত ধৰিহে অহা সমল। ‘চুলি মেলা যাজ্ঞসেনী’, ‘চুলি নেমেলিবা যাজ্ঞসেনী’
এনেধৰণৰ কিমান বাক্য কিমানবাৰ পঢ়িবলৈ পালোঁ ঠিক নাই। ভালেমান কবিতাত সূৰ্য হেনো নামি
আহিল এই নদীয়েদি। এতিয়া প্ৰশ্ন উঠে, প্ৰত্যক্ষ বা পৰোক্ষ ভাবে, দেখ-দেখকৈ বা শুনা-নুশুনাকৈ
আন কাৰোবাৰ কথাৰ সুৰ এটা আহি যদি আপোনাৰ কথাত ধৰা দিয়েহি তেন্তে সেয়া অপৰাধ নেকি? একেবাৰেই
নহয়। এই অনাহক অপৰাধবোধখিনিৰ পৰা নিজকে মুক্ত কৰি লোৱাটো প্ৰথম কৰণীয়। এজনৰ মুখৰ কথা আহি আন এজনৰ মুখত ধৰা দিবহি পাৰে,
এয়া স্বাভাৱিক, এয়া হোৱা উচিতো। ভাষাৰ নিৰ্মাণ এনেকৈয়ে হৈছিল। প্ৰবাদ-প্ৰৱচনৰে পৰা
ভাষাৰ কালিকালৈকে সকলোবোৰ এনেকৈয়ে সৃষ্টি হৈছিল। আনকি বহুসময়ত ইচ্ছাকৃতভাবেই এনে কৰা
যায়। চাৰ্ভেণ্টিছৰ ডন কিখ’টে চাৰিশবছৰৰ পিছত হুবহু একে ৰূপতে পীয়েৰ মিনাৰ্ড নামৰ লেখক
এজনে (কাল্পনিক) একো সালসলনি নকৰাকৈ লিখি উলিওৱাৰ গল্প এটা বৰ্হেছৰ লেখাত আছে- এই উদাহৰণ
আগতে দিছোঁ। শ্বে’কছপীয়েৰৰ নাটকৰ কাহিনীবোৰ প্ৰায় আটাইবোৰেই আগৰে কাহিনী- নতুনকৈ তেওঁ
একো লিখা নাই। নতুন কাহিনী শংকৰদেৱেও অংকীয়া নাটত লিখা নাই। গতিকে আনৰ সমল এটাক নিজৰ
কৰি লোৱাৰ কথাটোত কোনো অপৰাধ নাথাকে, কেৱল মনযোগখিনি দিবলগীয়া হয় এই ‘আত্মসাৎ’
(appropriation) কৰাৰ পদ্ধতিটোত মই মানুহজন কোনখিনিত কেনেকৈ সোমাই আছোঁ সেইখিনিত।
সৌজন্যতা
প্ৰকাশ কৰাটো সদায়ে জৰুৰী নেকি? সৌজন্যতা প্ৰকাশ কৰাৰ পদ্ধতিখিনি কি কি?
মিলে (Millet)-ৰ অনুকৰণত
ভেন গঘ।
বিদ্যায়তনিক
লেখকসকলক নতুনকৈ ক’বলগীয়া একো নাই, কিয়নো, বিদ্যায়তনিক গৱেষণা শিক্ষাৰ আঁতিয়ে গুৰিয়ে
উৎস-সন্ধান, গ্ৰন্থপঞ্জী-নিৰ্মাণ, কালানুক্ৰম-চয়ন আদিবোৰেই ঘাই কথা। গদ্যলেখকে সহজেই
পাদটীকা (footnote) বা শেহৰ টীকা (endnote) সন্নিবিষ্ট কৰিব পাৰে, নহ’লে কথাৰ মাজতেই
উৎসৰ সবিশেষ বহলাই লিখিব পাৰে। সমস্যাটো হয় সৃষ্টিশীল কৰ্ম এটাত। ইয়াতো কেতবোৰ পদ্ধতি
আছে যিবোৰ বাধ্যতামূলক নহ’লেও পূৰ্ৱ-পৰীক্ষিত। “পূৰ্ৱ কবি অপ্ৰমাদী” বুলি শংকৰদেৱে
অগ্ৰজজনৰ সৌজন্যতা প্ৰকাশৰ উদাহৰণটো সৰ্বজনবিদিত। লালন ফকিৰৰ প্ৰায়বোৰ গীততে “লালনে
কয়” বুলি নিজৰ নামৰ ভণিতা থকাৰ সলনি “সিৰাজ সাইয়ে কয়” বুলি উল্লেখেৰে তেখেতৰ গুৰুক
acknowledge কৰি যোৱাৰ নজিৰ আছে। কিছুমান কবিয়ে পোনপটীয়াকৈ নহ’লেও আওপকীয়াকৈ এটা সূত্ৰ
বা ইংগিত এৰি থৈ যায়। বিচাৰোঁতাই নিজে বিচাৰি উলিয়াব বুলি। জগদীশ স্বামীনাথনৰ ছবিৰ
কথা নীলমণি ফুকনে অন্যত্ৰ উল্লেখ কৰিছে, আৰু আলোচকেও তাৰ সৈতে “কিন কিন হেঙুলীয়া”ৰ
এটা দেখা-নেদেখা সম্পৰ্ক স্থাপন কৰিছে। “মিলিব লাগে, মিলাব লাগে, ৰবীন্দ্রনাথেও ক’লে”
ধৰণেৰে ভূপেন হাজৰিকাৰ গীতে কিছু উদাহৰণ দিয়ে। “আমি অসমীয়া নহওঁ দুখীয়া, বুলি সান্ত্বনা
লভিলে নহʼব” বুলি গাওঁতেও
আমি জানো যে ইয়াৰ প্ৰথমৰ কথাভাগ উৰ্দ্ধকমাৰ ভিতৰত থকা কথা। “জোনবা’য়ে নক’লেও ৰবি ঠাকুৰে
ক’ব” (জোৱাৰ)- এনে ধৰণৰ স্পষ্ট ৰূপৰ সৌজন্যতা নৱকান্ত বৰুৱাৰ ভালেখিনি কবিতাত আছে।
নৱকান্তৰ কবিতাৰ আঁহে আঁহে প্ৰসংগ সংগতি ইমানেই স্পষ্টভাবে উল্লেখ আছে যে তাত আকৌ পৃথককৈ
ভণিতাৰ প্ৰয়োজনেই নৰয়। কবিতাত গদ্যধৰ্মীতাৰ প্ৰয়োগেও দিছিল তেখেতক কথাবোৰ ভাঙি-পাতি
কোৱাৰ সুযোগ। “কনফুচিয়াচে সুৰা পিয়লাত টেঙাৰ সোৱাদ পায়” (বুদ্ধপূৰ্ণিমা)- বাক্যটো পঢ়াৰ
পিছত সেয়া পাঠকৰ দায়িত্ব বিচাৰি উলিওৱাৰ- কনফুচিয়াচে সুৰা পিয়লাত কিয় টেঙাৰ সোৱাদ পায়।
একেদৰে, একেটা কবিতাতে যেতিয়া পাওঁ “এই পৃথিৱীতে, চন্দ্ৰালোকত, বেলিৰ জ্যোতিত/ মানিমুণি
শাক, আমিও জীয়াই আছোঁ” (বুদ্ধপূৰ্ণিমা), তেতিয়া উল্লেখ নাই, কিন্তু আমি জানিব লাগিব
এয়া ভৈৰৱচন্দ্ৰ খাটনিয়াৰৰ মানিমুণি শাক। যি বিষয় আৰু ক্ষেত্ৰত এই কবিতাৰ কথাখিনিয়ে
পৰিভ্ৰমণ কৰিছে সেই সূত্ৰেৰেই এই অনুষংগ স্পষ্ট। এই সমস্ত আকাৰ-ইংগিত ব্যতিৰেকেও গদ্যত
যদি পাদটীকা থাকিব পাৰে কবিতাত কিয় থাকিব নোৱাৰিব? অজিৎ বৰুৱা এই ক্ষেত্ৰত আছিল একাঠি
চৰা। নিজৰ কবিতাৰ ব্যাখ্যা, আহৰিত সমলৰ খতিয়ন, উৎস-সন্ধান, সৃষ্টি-কাহিনী আদিৰে সৈতে
“পদ্যৰ পাছৰ কাব্য” নামেৰে পূৰ্ণাংগ কিতাপ এখনকেই লিখি উলিয়ালে। আমি নিজেও যিমানখিনি
কবিতাৰ কিতাপ প্ৰকাশ হৈছে সকলোতে পাদটীকাৰে সৈতে পৰিশিষ্ট সন্নিবিষ্ট কৰিছোঁ।
ওপৰৰ
উদাহৰণখিনিয়ে এটা কথা সাব্যস্ত কৰে যে সৃষ্টিশীল কামৰ মাজতে সোমাই থকা সৌজন্যতাৰ ধাৰণাখিনি
এজন বিদ্যায়তনিক গৱেষকে বুজাৰ ধৰণেৰে নহ’লেও চলে। কবিতা এটাৰ মাজতে “বিষয় বিষধৰ বিষে
জৰজৰ বুলি উল্লেখ থাকিলে তাৰ উৎস আমি সহজভাবেই বুজি পাওঁ। এতিয়া ন-শিকাৰু, নতুন লেখক
সকলৰ প্ৰতি এই প্ৰশ্নটোৱেই ৰয় যে কথা এষাৰ কওঁতে, বিশেষ সমল একোটা ব্যৱহাৰ কৰোঁতে কোন
বাটেদি কাৰ হাত ধৰি আহি এইখিনি কথাই ধৰা দিছেহি সেই সম্পৰ্কত তেওঁলোক সচেতন হৈ ৰয় নে
নাই। কাৰোবৰ অনুপ্ৰেৰণা, প্ৰভাৱ, ‘ছাঁ’, প্ৰতিধ্বনি আদিবোৰ স্বীকাৰ কৰিবলৈ কিবা অসুবিধা
হয় নেকি? যদি হয়, কিয় হয়?
চেৰা (Seurat)-ৰ অনুকৰণত
ৰাহুল ভট্টাচাৰ্যৰ 'The impressions Project', a performative video
কাৰ্য-কাৰণ
সৃষ্টিশীল
কৰ্মত ‘মৌলিকতা’ সম্পৰ্কীয় বিভ্ৰান্তিকৰ কিছুমান ধাৰণাই ইয়াৰ বাবে দায়ী। বিভ্ৰান্তিকৰ
বুলি এইবাবেই কৈছোঁ যে আচলতেই মৌলিক চিন্তাৰ প্ৰকাশ বেছিভাগ কামতেই দেখা নাযায়, কিন্তু
তাৰ পৰিৱৰ্তে সৌজন্যতা প্ৰকাশৰ অনীহাৰ ফলত কিছুমান অসাধুতাহে সততে আমাৰ দৃষ্টিগোচৰ
হৈ থাকে। এচাম সহজ আৰু নিকা ভাবাপন্ন লেখক-শিল্পীয়েও ভাবিবলৈ লয় যে কেনেবাকৈ অমুক কামটো
কৰি থাকোঁতে তমুকৰ প্ৰভাৱৰ কথা স্বীকাৰ কৰিলে কিজানিবা মৌলিকতাৰ প্ৰসংগত প্ৰশ্ন উঠিব
আৰু “মোৰ” সৃষ্টিশীলতাকেই কাঠগড়াত থিয় কৰোৱা হ’ব। কিন্তু কাৰ্যক্ষেত্ৰত ঘটনাটো ঘটে
ওলোটা। মৌলিকতাৰ সাৰশূন্য প্ৰশ্নটোতকৈ কুম্ভীলকৰ অপযশ যে অধিক ক্ষয়ংকৰী সেই কথা তেওঁলোকে
মুহূৰ্তৰ বাবে পাহৰি থাকে। কথাখিনি অলপ বহলাই নিলে উন্মোচিত হয় আমাৰ বৌদ্ধিক আৰু মনন
চৰ্চাৰ আৰু অলপ ভয়ানক দিশ। আমাৰ দেশত সমস্ত
চৰ্চাকাৰীয়েই ইতিহাসৰ গতিপথৰ পৰা বিচ্ছিন্ন হৈ একোটা নিৰ্জন দ্বীপ হৈ ৰোৱাৰ প্ৰৱণতা
পুহি ৰাখে। সমাজৰো এয়ে ধাৰণা যে সৃষ্টিশীল ব্যক্তিসকল ‘প্ৰতিভাশালী’। এই প্ৰতিভা বা
টেলেণ্ট কথাষাৰ আমি বেয়া পোৱাৰ কাৰণ এয়ে যে এটা ঐতিহাসিক গতিৰে আহি আহিহে সত্বা এতাৰ
বিকাশ ঘটে, নিৰন্তৰ অধ্যাৱসায় আৰু অশেষ কষ্ট স্বীকাৰেৰেহে যে সৃষ্টিকৰ্ম এটা সম্ভৱপৰ
হৈ উঠে সেইখিনি কথা এই প্ৰতিভা শব্দটোৱে গ্ৰাস কৰি থৈ দিয়ে। দাৰ্শনিক চৰ্চা, বিজ্ঞান,
শিল্প সকলো ক্ষেত্ৰৰেই বিকাশৰ এটা ঐতিহাসিক ভিত্তি থাকে। পশ্চিমীয়া জ্ঞান যাত্ৰাৰ আধাৰত
যিকোনো কথা পাতিবলৈ গ’লে আমি আজিও প্লেটো আৰু এৰিষ্টটলৰ প্ৰসংগই আহি অৱধাৰিত ভাবেই
বাৰম্বাৰ ভুমুকি মৰা দেখিবলৈ পাওঁ। ইয়াৰ অৰ্থই এয়ে যে এটা চিন্তাৰ আঁত ধৰি, কেতিয়াবা
তাৰ অনুসৰণ আৰু অনুকৰণেৰে আৰু কেতিয়াবা তাৰ বিৰোধ আৰু বিতৰ্কৰে পৰৱৰ্তী চিন্তন-প্ৰক্ৰিয়াখিনি
আগবাঢ়ে। এনে ক্ষেত্ৰত কোনো প্ৰভাৱ নথকাকৈ, কোনো পূৰ্ৱসূৰীৰ অনুষংগ নথকাকৈ এজন বিৰাট
প্ৰতিভাধৰ শিল্পী বা চিন্তক আকাশৰ পৰা সৰি পৰাৰ দৰে “মৌলিক” বুলি ভাবি থকাটোও বাতুলতা,
সেইভাবে সেইৰূপে কোনোবাই নিজকে চং সাজিবলৈ যোৱাটোও মুৰ্খামী।
মানে (Manet) -ৰ অনুকৰণত
ৰাহুল ভট্টাচাৰ্যৰ 'The impressions Project', a performative video
এইবোৰ
কথাৰ বিপৰীতে সৌজন্যতাই আনি দিয়ে অফুৰন্ত সুবিধা।
১)
সৌজন্যতা যদি প্ৰসংগ-সংগতি হয়, ই আপোনাৰ কামটোক এটা পূৰ্ৱসূত্ৰ আৰু ‘সন্দৰ্ভ’ প্ৰদান
কৰে। সেই দিশেৰে ইয়াক এটা ঐতিহাসিক প্ৰেক্ষাপট দিয়ে।
২)
আপোনাৰ কামটোত ‘প্ৰৱেশ’ কৰিবলৈ দৰ্শক, পাঠক, শ্ৰোতাক এটা ওপৰিঞ্চি সূত্ৰ (Clue) প্ৰদান
কৰে।
৩)
আপোনাৰ কবিতাটোৰ নিজা এটা মূল্য আছে, নিজা বোধগম্যতা আৰু ৰসাস্বাদনৰ পদ্ধতি আছে। তাৰ
লগতে এই সৌজন্যতাই আনি দিয়া মাত্ৰা এটা যদি যোগ হয়, ৰসাস্বাদানৰো আৰু এটা মাত্ৰা বাঢ়িল।
৪)
আপুনি লিখা কবিতা এটা আপোনাৰ নামেৰে প্ৰকাশ হ’ল, আপোনাৰ নিজা পাঠক আছে, সুহৃদজন (বা
পপুলাৰ ভাষাত ফেন-ফলোৱাৰ) আছে। এই সৌজন্যতা বা উদ্ধৃতিৰ স্বীকাৰেৰে আপুনি আৰু এজন ব্যক্তিৰ
জনপ্ৰিয়তা আৰু গ্ৰহণীয়তাখিনিকো নিজাকৈ সাঙুৰি ল’লে।
৫)
আপোনাৰ নামেৰে সৈতে প্ৰকাশ হোৱা ক্ষেত্ৰখনৰ বাহিৰেও যাৰ প্ৰতি কবিতাটো উৎসৰ্গিত, বা
যাৰ সৌজন্যতা স্বীকাৰ কৰা হৈছে তেওঁৰ নামৰ সৈতে জড়িত ক্ষেত্ৰ একোখনৰ বাবেও আপোনাৰ কবিতাটো
হৈ থাকিল একোটা সংগ্ৰহযোগ্য সমল, বা আৰ্কাইভেল মেটেৰিয়েল।
এই
গোটেইখিনিয়ে প্ৰমাণ কৰে যে সৌজন্যতা প্ৰদৰ্শনত সকলো দিশেৰেই লাভেই লাভ। ‘মুনাফা হি
মুনাফা’, ‘ফায়দা হি ফায়দা’।
এই
সমস্তখিনি ওপৰিঞ্চি পাওনা একাষৰীয়া কৰি হে নতুন লেখক, নতুন শিল্পী, আপোনালোকে চৌৰ্যবৃত্তিকহে
আঁকোৱালি লয় কিয়?
সমুদ্র
কাজল শইকীয়া
Rajya Sabha
Television (RSTV),
3rd Floor,
Talkatora Stadium Annexe Building,
New Delhi –
110001
email: kankhowa@gmail.com, mobile: +91 9811375594
No comments:
Post a Comment