ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, October 3, 2020

পেখু পেখু (আঠষষ্ঠি) : গদ্য : সাধনা, ৰীতি আৰু ভাৱনা

 ["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ৪ অক্টোবৰ, ২০২০] 

গদ্য মানে কি বুজিবলৈ আটাইতকৈ উজু বাট এয়ে যে- যি পদ্য নহয়। ইয়াত কথাভাগ ‘স্বাভাৱিক গতি’ৰে ভাষাৰ নিয়মিত ব্যাকৰণেৰে আগবাঢ়ে (a natural flow of speech)। কিন্তু এই স্বাভাৱিক গতিৰো ধৰণকৰণ আৰু পদ্ধতিবিধি আয়ত্ব কৰাটো কঠিণ। সুন্দৰ, সাৱলীল কিম্বা অন্য ধৰণেৰে ক’বলৈ গ’লে, এক বিশেষ উদ্দেশ্য সন্মুখত ৰাখি আয়ত্বাধীন কৰিব খোজা এক গদ্যৰীতিৰ সাধনা জীৱনৰেই সাধনা হৈ উঠে। পদ্য বুলোঁতে মূলতঃ ছন্দনিৰ্ভৰতাৰ কথাকেই বুজা হৈ থাকে যদিও ছন্দিত গদ্য বুলিও কিবা থাকিব পাৰে নে নোৱাৰে? পদ্যক পদ্য বুলিবলৈ এৰি যেতিয়াৰ পৰা কবিতা বুলিবলৈ ল’লোঁ তেতিয়াৰে পৰা আৰু এটা সমস্যা ওলাল। কাৰণ আধুনিক অমিত্ৰাক্ষৰ কবিতাৰ জনপ্ৰিয়তাৰ পিছৰে পৰা গদ্য সম্পৰ্কে দিয়া সংজ্ঞাসূচক ব্যাখ্যাখিনি কবিতায়ো আত্মসাৎ কৰি থ’লে- ‘কথনৰ স্বাভাৱিক গতি’। সেয়েই এলিয়টৰ ভাষাৰে, পদ্যৰ পৰা গদ্যৰ প্ৰভেদ স্পষ্ট কিন্তু কবিতাৰ পৰা গদ্যৰ পাৰ্থক্যখিনি ধূসৰ। উপনিষদ বা ৰামায়ণ আদি উদাহৰণ সন্মুখত ৰাখি সাহিত্যৰ ইতিহাস পদ্যৰ পৰাই আৰম্ভ হোৱাটো এটা মজাৰ কথা। কিন্তু কালক্ৰমত গদ্যৰ বিস্তাৰ আৰু প্ৰসাৰ বাঢ়িবলৈ ল’লে এইকাৰণেই যে কেৱল সাহিত্য বোলা চন্দ্ৰতাপখনৰ তলতেই নহয়, তাৰ বাহিৰতো বিভিন্ন ব্যৱহাৰ্য ক্ষেত্ৰত গদ্যৰ প্ৰায়োগিক ব্যৱহাৰ বাঢ়ি আহিল। গল্প, উপন্যাস, প্ৰবন্ধ আদি সাহিত্যৰ গদ্য ৰূপবোৰতো আছেই, তাৰ বাহিৰেও সততে সাহিত্য আলোচনাৰ আওতালৈ নোসোমোৱা একোখন আৱেদন পত্ৰ, ব্যক্তিগত চিঠি, বাতৰি, নিমন্ত্ৰণী পত্ৰ আদিবোৰো ৰূপগতভাবে গদ্যই। অসমীয়া ভাষাত কথাই কথাই ‘সাহিত্য’ উপসৰ্গ ব্যৱহাৰ কৰাৰ প্ৰৱণতা এটা আছে যিটোক আমি বাৰম্বাৰ কটাক্ষ কৰি আহিছোঁ- যেনে কাব্যসাহিত্য, গদ্যসাহিত্য, নাট্যসাহিত্য ইত্যাদি। ইয়াৰ ভিতৰত গদ্যসাহিত্য সংযুতিৰহে এটা বিশেষ মানে থাকিব পাৰে- যেনিবা গদ্যৰ সাহিত্যিক মূল্যখিনিক প্ৰাধান্য দিবখোজা হৈছে। অন্যথা কাব্যসাহিত্য ধৰণৰ কথাবোৰ তেনেই অৰ্থহীন।

 

image: Samudra

ভাষাৰ সাধনা আৰু সাহিত্যৰ সাধনা একে নহয়। ভাষাতত্ব আৰু সাহিত্যতত্ব পৃথক জ্ঞানশাখা যদিও দুয়োটাৰ মাজত সম্পৰ্ক আছে। অসমীয়া ভাষাৰ ইতিহাসকাৰসকলে বহু পুৰণি কালৰে পৰা ভাষাৰ বিকাশৰ আঁচ টানিব যদিও আধুনিক অসমীয়া ভাষাৰ ইতিহাস বহুত বেছি পুৰণি নহয়। বিশেষকৈ এই সময়ত আমি ব্যৱহাৰ কৰি থকা ভাষাটো আজিও এক নিৰ্মীয়মান অৱস্থাতে আছে বুলি ধৰি ল’লে বহু কথাতে সুবিধা হয়। (কিজানিবা সকলো ভাষাৰ ক্ষেত্ৰতে এই কথা খাটে। ভাষা স্থানু নহয়, ক্ৰম-বিৱৰ্তনশীল)। ভাষাতাত্বিক আলোচনা আমাৰ ভাষাত কম হ’লেও একেবাৰে নোহোৱা নহয়, অন্ততঃ ভাষাবিজ্ঞানৰ বিদ্যায়তনিক চৰ্চাৰ ক্ষেত্ৰ এখন আছেই। সাহিত্যৰ বিভিন্ন ধাৰা, প্ৰকাৰ আদিৰ আংগিক কিম্বা ঐতিহাসিক প্ৰেক্ষাৰো আলোচনা হয়। কিন্তু কেৱল গদ্য সম্পৰ্কীয় কথা সততে চকুত নপৰে। কোনোবা লেখক বিশেষৰ একক বা স্বকীয় লেখন পদ্ধতিৰ কথা পতা হৈ থাকোঁতেও তাক বিষয়বস্তুৰ চয়ন, বৰ্ণনাভংগী বা ব্যক্তিগত ষ্টাইলৰ দিশেৰে দু-আষাৰ কথা পতা হৈ থাকে যদিও কেৱল গদ্যৰীতিৰ পৰিপ্ৰেক্ষিতেৰে কৰা আলোচনা আমাৰ মাজত আজিও অভাৱ। গদ্য সম্পৰ্কে বিশেষভাৱে ধ্যান আকৰ্ষণ কৰিবলৈ সুদীৰ্ঘকাল ধৰি চেষ্টা চলোৱা এই সময়ৰ লেখকজন নিশ্চয়কৈ শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি। ‘গদ্যৰ সাধনা’ নামেৰে ৰচনাৰ উপৰিও আন কেইবাঠাইতো তেখেতে গদ্যৰ সাধনা যে জীৱনৰেই সাধনা সেই কথা উল্লেখ কৰিছে। নিজেও বাৰম্বাৰ নিজৰ ক্ষেত্ৰত গদ্যৰ চৰ্চাৰ কথা কৈ এই সাধনাৰ উত্তৰণ আৰু বিকাশৰ কথা কৈছে। আটাইতকৈ উল্লেখযোগ্য যে নিজৰ কথনৰীতিত ব্যক্তিপৰিচয়ৰ প্ৰত্যক্ষ উপস্থিতিৰ লগে লগে ‘নিমজ, পৰিষ্কাৰ আৰু সতেজ গদ্য’, ‘লেখকে নিলিখে কিয়’, ‘কেনেকৈ লিখা উচিত’ এনেধৰণৰ বহুসংখ্যক লেখাৰ মাজেৰে একধৰণৰ ‘লেখক-সত্বা’ক প্ৰতিষ্ঠা কৰিছে। বৰগোহাঞিদেৱ এই সময়ৰ আটাইতকৈ প্ৰভাৱশালী লেখক। ছটা দশকৰো অধিক কাল ধৰি অনলস গদ্যৰ চৰ্চা কৰা বৰগোহাঞিদেৱে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নতুন লেখকৰ সৃষ্টি কৰাৰ লগে লগে সহজ সাৱলীল এক ধৰণৰ কথন-ৰীতিকো অসমীয়া লেখা-মেলাৰ জগতখনত প্ৰতিষ্ঠা কৰিলে। সেয়েহে সাম্প্ৰতিক অসমীয়া গদ্য সম্পৰ্কে কথা পাতিলে হোমেন বৰগোহাঞি নামটো আহি পৰাটো যেনেকৈ তেনেই স্বাভাৱিক, তেনেকৈয়ে বৰগোহাঞিদেৱৰ কৰ্মৰাজিসম্পৰ্কে কথা পাতিবলৈ ল’লে তেখেতৰ গদ্যৰীতিৰ প্ৰসংগটো উত্থাপিত হোৱাটোও অৱশ্যাম্ভাৱী।

 

Nezine.com আলোচনীৰ উদ্যোগত আজি কেইবামাহো ধৰি এলানি অনলাইন আলোচনা চলি আহিছে। একো একোজন ব্যক্তি তথা বিষয়ক অত্যন্ত নিষ্ঠাৰে আগবঢ়োৱা মূল্যায়নভিত্তিক আলোচনা আমি উপভোগ কৰিবলৈ পাইছোঁ যাৰ প্ৰভাৱ অনাগত ভৱিষ্যতে অপৰিসীম হৈ ৰ’ব। চৌদিশৰ অৰাজকতা আৰু হতাশাগ্ৰস্থতাৰ মাজত এয়া ইতিবাচক খবৰ। একেসময়তে ‘অমুকটো বিষয়ত কাম হোৱা নাই’, ‘তমুকৰ মূল্যায়ন আজিও নহ’ল’ এনেকৈ হামৰাও কাঢ়ি থকাৰ আমাৰ যি বদ-অভ্যাস এটা আছে তাক নেওচি গৈ এটা বিশ্লেষণ আৰু ৰসাস্বাদনৰ (appreciation) আধাৰত এই অনুষ্ঠানখিনি আয়োজিত হয়। ৩০ আগষ্ট ২০২০ তাৰিখে (বিয়লি চাৰি বজাৰ) ‘হোমেন বৰগোহাঞিৰ সাহিত্য আৰু কৰ্মৰাজি’ বিষয়ক আলোচনাটিত বৰগোহাঞিৰ গল্প-উপন্যাস, সাংবাদিক জীৱন আদি বিভিন্ন প্ৰসংগৰ লগতে স্বাভাৱিকতে সন্নিবিষ্ট হ’ল ‘বৰগোহাঞিৰ গদ্য’ প্ৰসংগটি আৰু এই সম্পৰ্কে দু-আষাৰ আগবঢ়োৱাৰ দায়িত্ব ন্যস্ত হ’ল বক্তাকেইজনৰ মাজত কণিষ্ঠতম লেখক-আলোচক কৌস্তুভ ডেকাৰ ওপৰত। তিনি ঘণ্টাৰো অধিক সময় ধৰি চলা ঘনত্বপূৰ্ণ আলোচনালানিত সাব্যস্ত হ’ল যে দশকৰ পৰা দশক ধৰি নিৰলস কাম কৰি অহা বৰগোহাঞিৰ বিষয়বস্তুৰ বৈচিত্ৰ্য, কৰ্মক্ষেত্ৰ আৰু অভিজ্ঞতাৰ বিস্তাৰ একেবাৰতে সামৰি লোৱাটো সম্ভৱেই নহয়। গদ্য প্ৰসংগত ক’বলৈ গৈ কেনেকৈ বৰগোহাঞিয়ে বিশ্বসাহিত্যৰ বিভিন্ন বিষয়, সমসাময়িক ৰাজনীতি আদিৰে পৰা চৰিত্ৰ, স্বাস্থ্য বা প’জিটিভ থিংকিঙৰ দৰে জীৱনবোধলৈকে বৈচিত্ৰ্যময় গদ্যৰ (আচলতে বিষয়ৰ) চৰ্চা কৰিছে সবিস্তাৰে উল্লেখ কৰাৰ লগতে (‘এখন ৰচনা যদি টনি মৰিচনৰ বিষয়ত তাৰ পিছৰখনেই হয়তো প্ৰফুল্ল দত্তগোস্বামী বিষয়ক’) কেনেকৈ এইজন লেখক আৰু চিন্তকে গদ্যৰ সাধনাক বিশেষভাৱে গুৰুত্ব দি আহিছে তাৰ উল্লেখ কৰিলে। শেষৰ ফালে তেনেই চমুকৈ বৰগোহাঞিৰ গদ্যৰ সমালোচনাত্মক দৃষ্টি এটাও তেওঁ ধাৰণ কৰিছে যদিও সময় কিম্বা কলেৱৰৰ হিচাপেৰে সেয়া বাকী ৰসাস্বাদান আৰু প্ৰশংসাৰ অংশখিনিৰ তুলনাত তেনেই চমু। ডেকাৰ ব্যাখ্যামতে বৰগোহাঞিয়ে চিত্ৰিত কৰিবখোজা লেখকজন সদায়েই ‘মধ্যবিত্ত চহৰীয়া পুৰুষ’, লগতে ‘যথেষ্ঠ বৈচিত্ৰ্যহীন’। দ্বিতীয়তে, আমি যদিও তেখেতে এক লেখকৰ সত্বাক প্ৰতিষ্ঠা কৰাৰ কথা কৈ আহিছোঁ, কৌস্তুভ ডেকাৰ বিশ্লেষণেৰে এই সত্বাটোৱে উত্তৰ-ঔপনিৱিশিকতাবাদী চৰ্চাকে ধৰি অন্যান্য সমসাময়িক অৱস্থানক প্ৰতিফলিত নকৰে। সেই অৰ্থৰে এক বহুতৰপীয়া ‘হাইব্ৰীড’ সত্বা নিৰ্মাণৰ অৱকাশ থকা স্বত্বেও ই একমাত্ৰিক আৰু বৈচিত্ৰ্যহীন হৈ ৰয়। সেয়ে বৰগোহাঞিৰ গদ্য আত্মজৈৱনিক আৰু ব্যক্তিসত্বাৰ উপস্থিতিৰে ভৰা হ’লেও ইয়াক বিষয়ী অৱস্থানৰ দিশেৰে ব্যাখ্যা কৰিবলৈ অসুবিধা ৰ’ব।

 

হোমেন বৰগোহাঞিৰ গদ্য, গদ্য-ৰীতি আৰু তেখেতৰ গদ্য-ভাৱনা কিম্বা গদ্য-দৰ্শন সম্পৰ্কীয় কথাত অলপ সমালোচনাত্মক অৱস্থান নল’লে নহয়। কেনেবাকৈ আমাৰ মাজত এতিয়াও সমালোচনা অভিধাটোক নঞৰ্থক বা নেতিবাচক দৃষ্টিৰে চাই অহাৰ ফলত ভালেখিনি কথা পাতিবলৈ এতিয়াও সুচল পৰিৱেশৰ সৃষ্টি হোৱা নাই। কিন্তু এজন লেখক যদি দশকৰ পিছত দশক ধৰি প্ৰভাৱশালী হৈ ৰয়, অগণিত অনুগামীৰ সৃষ্টি কৰি যদি এক যুগস্ৰষ্টা নায়কত পৰিণত হয় তেন্তে সামূহিক উত্তৰণ আৰু বিৱৰ্তনৰ স্বাৰ্থতেই তেনে লেখকৰ প্ৰতি এক (ক্ৰিটিকেল বা) সমালোচনাত্মক বীক্ষণৰ অপেক্ষা সদায়েই থাকিব।

 

আত্মপৰিচয়কলৈ সচেতন (সেয়াও ব্যক্তিগত, ৰাজনৈতিক নহয়) আধুনিক দৃশ্যশিল্পীবৃন্দৰ সৈতে বৰগোহাঞিৰ গদ্যভাৱনাক ৰিজাবলৈ বিচাৰিলে এম এফ হুছেইনৰ কথা হয়তো মনত পেলাব পাৰি, কিন্তু নীলাপৰ্ৱ, আফ্ৰিকানপৰ্ৱ, ঘনকবাদীপৰ্ৱ এনেকৈ বিস্তাৰ ঘটা পিকাছোক ৰিজাব নোৱাৰি। বৰগোহাঞিয়ে জীৱনত পাঁচখনকৈ আত্মজীৱনীয়েই লিখিছে। সেইসমূহৰ একত্ৰ সংকলনো আকৌ পৃথককৈ ওলাইছে। কেৱল সেয়ে নহয়, বাকীবোৰ লেখাও কেৱল ৰূপগতভাবেহে যে Personal-essay সেয়েই নহয়, সেইসমূহো স্বভাৱগতভাৱে আত্মজৈৱনিক। যিমানেই জটিল কিম্বা গভীৰ বিষয় নহওক কিয় ভাঙি-পাতি সাৱলীলভাৱে কৈ যাব পৰাটো তেওঁৰ গদ্যৰ এক চৰিত্ৰ বাৰু হয়েই, তাৰ লগতে আত্মজীৱনীমূলক আৰ্হিটোৱেও পাঠকৰ সহজতে মন টানি ধৰে। কেতিয়াবা প্ৰতিটো লেখাই “মই যেতিয়া অমুক চনত কটন কলেজত আছিলোঁ”- এনেধৰণৰ সুৰেৰে আৰম্ভ কৰাৰ প্ৰৱণতাই পাঠকক বিৰক্ত নকৰাও নহয়। এই অত্যাধিক আত্মপ্ৰীতিক এক দোষ বুলিব পাৰি নে নোৱাৰি নাজানো, কিন্তু সীমাবদ্ধতা বুলিবই লাগিব। অন্তত: তেখেতে নিজে বিশেষ মনযোগ আকৰ্ষণ কৰিবলৈ বিচৰা ‘গদ্যৰ সাধনা’ৰ প্ৰসংগেৰেই কথাখিনি বিসংগতিপূৰ্ণ। এজন লেখকৰ পঞ্চাশ বা ষাঠিৰ দশকৰ লেখাবোৰ মূলত: আত্মজীৱনীমূলক, সাৱলীল আৰু মনোগ্ৰাহী। সত্তৰৰ দশকৰ লেখাখিনিৰো মূল চৰিত্ৰ একেই। আশী দশকৰ লেখা, নব্বৈ দশকৰ লেখা কিম্বা একবিংশ শতিকাৰ দুয়োটা দশকৰ লেখাখিনিৰো পদ্ধতি মূলগতভাবে একেই। ব্যক্তিগত স্মৃতিচাৰণ ধৰণৰ লেখাবোৰক আক্ষৰিক অৰ্থতেই আত্মজৈৱনিক বোলা যাব। ৰাজনীতি-বিষয়ক যিখিনি লেখা সেইখিনিও আত্মজৈৱনিক। সাহিত্য-সংক্ৰান্তীয় লেখাবোৰতো ব্যক্তিগত অভিজ্ঞতাৰ বৰ্ননাৰে আত্মজীৱনীমূলক সুৰ এটা বিৰাজমান হৈ থাকে, আৰু স্বাস্থ্য, কিম্বা খেল অথবা হতাশা-মৃত্যুভয় বিষয়ক লেখা একোটাও আৰম্ভ কিম্বা শেষ হয় ব্যক্তিগত অভিজ্ঞতাৰ স্মৃতিচাৰণেৰে। যদি দশকৰ পিছত দশক ধৰি, বিষয়ৰ পৰা বিষয়ান্তৰলৈ লেখক এজনৰ লেখন-পদ্ধতি(কথন-পদ্ধতি)ৰ আৰ্হি একেটাই ৰয় তেন্তে তাক গদ্যৰ সাধনা বুলিবলৈ কঠিণ : কিয়নো ইয়াত উত্তৰণ, বিৱৰ্তন কিম্বা ‘সাধনা’ৰ পৰিৱৰ্তে যিটো প্ৰতিভাত হয় সেয়া হ’ল একধৰণৰ পদ্ধতি পৰীক্ষিত হৈ উঠাৰ পিছত অনুভৱ কৰা (নিজেই নিজকে অনুকৰণ কৰা) এটা মোহাচ্ছন্নতা বা Comfort Zone, আৰু নতুন পৰীক্ষণৰ বাবে অনীহা। 

 

বৰগোহাঞিৰ গদ্যৰ সন্মোহনীশক্তিৰ আধাৰ হৈছে গদ্যক পাঠকৰ সৈতে এটা কথোপকথনৰ দৰে ধাৰণ কৰাটো। মুখামুখিকৈ কথা পাতি থকাৰ দৰে গদ্যৰ সোঁতখিনি ক’তো খোকোজা নলগাকৈ বৈ যায়। ইয়াৰ লগে লগে আৰু এটা চমৎকাৰিতা আছে সেয়া হ’ল প্ৰসংগৰ পৰা প্ৰসংগান্তৰলৈ অবাধ বিচৰণ। বিভিন্ন লেখকৰ উদ্ধৃতি, সৰু সৰু ঘটনা আৰু সেই ঘটনাসমূহৰ ব্যাখ্যা আদিৰ anecdotal (এই শব্দটো কৌস্তুভ ডেকায়ো উল্লেখ কৰিছে) উপস্থিতিত পাঠকে চুম্বকীয় আকৰ্ষণ কৰে ঠিকেই কিন্তু ই বহুখিনি গদ্যৰ সামগ্ৰিক সৌধ নিৰ্মাণৰ দিশটো দুৰ্বল কৰি পেলায়। কেইটিমান গদ্যই প্ৰমাণ দিয়ে- এষাৰ কথা ক’বলৈ গৈ অপ্ৰাসংগিক যেন লগা আন এষাৰ কথাৰ উদ্ধৃতিৰেহে কথাখিনি আৰম্ভ কৰাটো লেখকৰ এটা দস্তুৰ। এয়া এক স্ব-বিৰোধ। কাৰণ গদ্য সংক্ৰান্তীয় একাধিক লেখাত লেখকে নিজেই অপ্ৰয়োজনীয় শব্দ তথা প্ৰসংগৰ বাহুল্যবৰ্জিত, পৰিস্কাৰ, কংক্ৰীট পদ্ধতিৰ পোষকতা কৰে। গদ্য আৰু গদ্যৰ সাধনা সংক্ৰান্তীয় লেখাখিনিৰ বিপৰীতে বৰগোহাঞিৰ নিজৰ গদ্যৰীতিক সাঙুৰি কথাপাতিবলৈ এইখিনিতেই অসুবিধা। ৰুছো কেনেকৈ ভলতেয়াৰৰ গদ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল সেই কাহিনীখিনি হয়তো কোৱা হ’ল, কিন্তু ভলতেয়াৰৰ গদ্যৰীতি মানেনো আচলতে কি, কি বিশেষ মথ’ড বা পদ্ধতিয়ে এই ৰীতিক এক বিশেষ অৱস্থান দিলে, অথবা ইয়াৰ ভাষাতাত্বিক বিশ্লেষণ কেনে এইবোৰ কথাৰ কোনো উল্লেখ কৰা নহ’ল।  

 

গোটেই জীৱন গদ্যৰ সাধনা কৰি গ’লেও বৰগোহাঞিক পদ্ধতিগত গদ্যৰ সাধক বুলি ক’ব নোৱাৰি। ক’ব পাৰি গদ্যৰ সাধনাৰ প্ৰতি বিশেষ মনযোগ আকৰ্ষণ কৰিবলৈ বিচৰা এজন খেয়ালী বা মেজাজি (idiosyncratic) লেখক। বৰগোহাঞিৰ গদ্য বিষয়ক লেখাখিনিৰ গূঢ়তা আৰু তাৎপৰ্য অনুধাৱণ কৰি গদ্যৰীতিৰ বৈচিত্ৰ্য বা ভিন্নমাত্ৰাৰ চৰ্চাৰ অনুসন্ধান কৰিবলৈ অন্যান্য গদ্যকাৰসকলৰ কৰ্মত দৃষ্টিপাত কৰাটো বেছি ফলদায়ক হ’ব। বৰগোহাঞিয়ে ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ৰ দৰে গ্ৰন্থৰ সম্পাদনাৰ দৰে গুৰুদায়িত্বপূৰ্ণ কামো ভালেখিনি কৰিছে, সিবোৰত (পাতনি আদি) তেখেতৰ গদ্যৰ সোৱাদ সুকীয়া। কিন্তু বৰগোহাঞিৰ গদ্যৰীতি বুলিলে সেইসমূহ সতকাই মনলৈ নাহে। আত্মজীৱনীমূলক লেখা বা পাৰ্ছনেল ৰচনাৰ ধাৰাটো অসমীয়া সাহিত্যত নতুন নহয়। ভূমিষ্ঠ নহৈ নৌকাস্থ হোৱা বেজবৰুৱাৰ দিনৰে পৰা অসমীয়া গদ্যত ব্যক্তিগত ৰচনা বিদ্যমান, ৰচনাক কথোপকথন বা এটা ডাইলগ হিচাপে গণ্য কৰাটোও অতি পুৰণি। বৰগোহাঞিৰ লেখাত চেঞ্চ-অফ-হিউমাৰ ভৰি ভৰি থাকিলেও সৰ্বাংগে ব্যাংগ বা চেটায়াৰ নাই বুলিবই পাৰি। তেখেতৰ প্ৰকৃতাৰ্থত চলচ্ছিত্ৰ সমালোচনা বা নাট সমালোচনা আদি বৰকৈ চকুত নপৰে। ব্যক্তিগত অভিজ্ঞতাৰে বৰ্ণিত লেখাবোৰক একাষৰীয়া কৰি থ’লে ৰাজনৈতিক লেখাও তাকৰ পৰিব। গ্ৰন্থ-অধ্যয়ণ, পাণ্ডিত্য তথা অধ্যাৱসায়ৰ দিশেৰে এক অপ্ৰতিদ্বন্দ্বী ব্যক্তিত্ব হোৱাৰ পিছতো, পৃষ্ঠায়ে প্ৰতি দেধাৰ দেশী-বিদেশী লেখকৰ উদ্ধৃতি সন্নিবিষ্ট কৰিলেও সেই সমূহৰ পাদটীকা, গ্ৰন্থপঞ্জী, নিৰ্ঘণ্ট সম্বলিত বিদ্যায়তনিক অভ্যাসৰ নিদৰ্শন থকা বৰগোহাঞিৰ কিতাপ বিৰল। সাৱলীল গতি বাণীকান্ত কাকতিৰো আছিল মহেশ্বৰ নেওগৰো আছিল। নেওগৰ ‘পাঠ সমীক্ষা’ৰ দৰে এখন বিদ্যায়তনিক গুৰু-বিষয়ৰ কিতাপো অনায়াসে ক’তো খোকোজা নলগাকৈ পঢ়ি যাব পাৰি। “ক বুলিব নেজানে ৰত্নাৱলী পঢ়ে”ৰ আঁৰৰ মজাৰ কাহিনীভাগৰ দৰে বিভিন্ন উদ্ধৃতি আৰু দৃষ্টান্তৰ ‘এনিকডোটেল’ উপস্থিতি সেইবোৰতো বিদ্যমান। প্ৰসংগৰ পৰা প্ৰসংগান্তৰণো ঘটিছে। সত্ৰীয়া নৃত্য বিষয়ক গ্ৰন্থত সূত্ৰধাৰীৰ পাগুৰীত কাগজ ব্যৱহাৰ কথাটো উল্লেখ কৰিবলৈ গৈ চীনদেশত কাগজৰ উৎপত্তিৰ পৰা ভাৰত তথা অসমলৈ কাগজৰ আগমন, ‘কাগদ/কাঘজ’ শব্দৰ ব্যুৎপত্তিকে ধৰি কাকতী আৰু কাগতি উপাধিৰ সৃষ্টিলৈকে বহু ফালৰি কাটি অহা কথাৰ সমাৱেশ ঘটিছে। কিন্তু কথাবোৰ অত্যন্ত অঁহীয়া-অঁহী, ঘনতা-বিশিষ্ট। শিথিল একেবাৰেই নহয়। অসমীয়া কবিতাৰ সংকলন ‘সঞ্চয়ন’ৰ অৱতৰণিকাৰ এটা মাত্ৰ দফা যিমান ৰসাল, গদ্যৰ যি নিটোল নিৰ্মাণ, অপ্ৰয়োজনীয় এটাও শব্দ নথকাকৈ ইয়াৰ যি ঘনত্ব সেয়া পঢ়ি আকৌ এবাৰ বৰগোহাঞিৰ গদ্যৰীতিলৈ মনত পেলালে এনে লাগিব যেন এই এটা মাত্ৰ পেৰেগ্ৰাফত লিখা কথাখিনি লিখিবলৈ কিজানিবা এই-ব্যক্তিগত-কথনৰীতিয়ে তিনিটামান পৃষ্ঠা ল’লেহেতেন। সততে কবি বুলিয়ে বন্দিত নৱকান্ত বৰুৱা কিম্বা নীলমণি ফুকনেও কথা-পতাৰ লেখীয়া নিজস্ব গদ্যৰ পদ্ধতি উদ্ভাৱন কৰিছে। গদ্যৰীতিৰ বৈচিত্ৰ্যৰ এটা বহল বিস্তাৰ দেখা পোৱা যাব হীৰেন গোহাঁইৰ ৰচনাৰাজিত। ‘নতুন সমালোচনা’ সংক্ৰান্তীয় লেখা এটাৰ ভাষাৰ পৰা ‘উৰণীয়া হাঁহৰ মাত’ৰ দৰে আত্মজীৱনীমূলক কিতাপ এখনৰ ভাষা সমূলি পৃথক। সাহিত্য সমালোচনা, ৰাজনৈতিক ব্যংগ-কটাক্ষ, লঘূৰচনা কিম্বা স্মৃতিচাৰণ- বিষয়ভেদে আৰু সময়ভেদে গদ্যৰীতিয়ে ন ন ৰূপ লৈছে। প্ৰকৃত গদ্যৰীতি সম্পৰ্কীয় আলোচনাৰ বাবে ভাষাতত্বৰ জ্ঞান অপৰিহাৰ্য। অখিল গগৈ সম্পাদিত ২০০০ চনত প্ৰকাশিত ‘ড হীৰেন গোহাঁই : জীৱন আৰু কৰ্মৰ সমালোচনাত্মক মূল্যায়ন’ শীৰ্ষক গ্ৰন্থত ড মদন শৰ্মাৰ ‘হীৰেন গোহাঁইৰ গদ্যশৈলী’ নামেৰে আলোচনা এটা আছে। গদ্যৰীতি সম্পৰ্কীয় এনে বিশ্লেষণ সততে চকুত নপৰে।             

      

 

সমুদ্র কাজল শইকীয়া

Rajya Sabha Television (RSTV),

3rd Floor, Talkatora Stadium Annexe Building,

New Delhi – 110001

email: kankhowa@gmail.com, mobile: +91 9811375594

No comments: