["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ২০ ছেপ্টেম্বৰ, ২০২০]
এবাৰ ইংৰাজী বিভাগৰ
ছাত্ৰ, সৃষ্টিশীল কামত জড়িত যুৱক এজনক শ্ৰেণীকোঠাত শিক্ষক এজনে কিবা কথা প্ৰসংগত তেওঁৰ
কিবা এটা কথা মেল’ড্ৰামাটিক বুলি ক’লে। ল’ৰাজনে লাজলাজকৈ হাঁহি এটা মাৰিলে। আমাৰে সহপাঠী
বন্ধু এজনে ফিচিঙা-ফিচিঙি কৰি কাণে কাণে ক’লে- সি বুৰ্বকটোৱে মেল’ড্ৰামাটিক-টোক ড্ৰামাটিক
বুলি ভাবি ছাৰে প্ৰশংসা কৰা বুলি ভাবি আছে!
*
কথা
হ’ল এই লঘূকথাৰ মাজত থকা ড্ৰামা আৰু মেল’ড্ৰামাৰ মাজৰ বিভ্ৰান্তিখিনি আমাৰ সাংস্কৃতিক
পৰিমণ্ডলৰ সকলো স্তৰৰ উপাদান আৰু সিবোৰৰ অনুধাৱনৰ পদ্ধতিবোৰত আঁহে-আঁহে সোমাই আছে।
বিশেষকৈ নাটকৰ মানুহৰ বাবে (ধেমেলীয়াকৈ শব্দ এটা ব্যৱহাৰ কৰিবৰ অনুমতি থাকিলে নাট্যকেতু
বুলি ক’ম) এয়া এক ঐতিহাসিক অৰণ্যৰোদন- নাটক মানে আচলতে কি, আন কাৰোবাৰ নকল, কিম্বা
নকলৰ নকল? (মাইমেছিছ শব্দটো ইয়ালৈ আনিলে ই এটা দুহেজাৰতকৈয়ো অধিক কালৰ ইতিহাস বহন কৰিব,
এৰিষ্ট’টলৰ পৰা আৰম্ভ কৰিবগৈ লাগিব)। নাটক মানে মুখা নে মুখ? (নাটকৰ প্ৰতীক যে মুখা
হ’ব নোৱাৰে সেই কথা সজোৰে সাব্যস্ত কৰা বাদল সৰকাৰৰ লেখা আৰু বক্তৃতা আছে)। অভিনয় কেৱল
দৰ্শকৰ বাবে, নে নিজৰ বাবে? অভিনয় মানে কৃত্ৰিমতা নে আচলতে আপোনাৰ অন্তৰতম গহন কোণত
সত্যৰহে সন্ধান? দৈনন্দিন কথাবাৰ্তাত সততে ব্যৱহাৰ কৰি থকা “সি এটা মহা নাটকবাজ”,
“কি নৌটংকী কৰিবলৈ আহিছ”, “সেইজন নেতা নহয় অভিনেতাহে”, “ৰাইজক বাস্তৱৰ পৰা আঁতৰাই ৰাখিবলৈকে
তেৰাসৱে এই নাটকবোৰ কৰে”… এনেধৰণৰ কথাবোৰৰ পৰা হয়তো আমি কোনোদিনেই মুক্তি নাপাম। সম্ভৱত:
নাটক আৰু অভিনয় শিল্পীয়ে আত্ম পৰিচয়, নিজস্ব স্থিতি আৰু “আমিনো কি কৰি আছোঁ” এই মূলগত
কথাখিনিকে লৈ যিমান সমস্যাত পৰে আন কোনো শিল্পৰ শাখাত সমস্যাবোৰ অন্তত: এই প্ৰাথমিক
পৰ্যায়তে ইমান জটিল নহয়।
প্ৰয়োগ
সাপেক্ষে আৰু স্থান-কাল বিশেষে একে কথাৰে ভিন্ন প্ৰয়োগ থাকিবই পাৰে। কোনো কথাৰেই চূড়ান্ত,
চৰম কিম্বা পৰম এটা মাত্ৰ মতলৱ যে নাথাকে সেই কথা জানো আৰু মানো। সেই দিশেৰে সাধাৰণ
কথাবাৰ্তাৰ এই ‘নাটকবাজী’-ৰ ধাৰণাখিনি মানি ল’বও পাৰি। কাৰণখিনি বুজিছোঁ বাৰু, তাৰ
দ্বাৰা নাটকক বা অভিনয়ক শিল্প হিচাপে বা জীৱনৰ সাধনা হিচাপে লোৱা ব্যক্তিসকলক তাচ্ছিল্য
কৰিবলৈ যে প্ৰয়োগ কৰা হোৱা নাই তাকো বাৰু মানি ল’লোঁ। তাৰ পিছত, পৰৱৰ্তী স্তৰত আন এটা
সমস্যা আহে। বিশ্লেষণ, ব্যাখ্যা, আলোচনা-সমালোচনা আদিত যদি নাটকীয়তা বোলা হয় তাৰ মানেতো
কি বুজিব লাগিব সেই সম্পৰ্কে আমি স্পষ্ট নহয়। আচলতে একেদৰেই স্পষ্ট নহয় কাব্যিকতা,
গীতিময়তা, গদ্যময়তা, গল্পধৰ্মীতা, উপন্যাসোপম এইখিনি শব্দকলৈয়ো। ইবোৰৰ মাজত অৱশ্যে
‘উপন্যাসোপম’ অলপ স্পষ্ট, সম্ভৱ ই বিস্তৃতি আৰু সামগ্ৰিকতাকে আঙুলিয়ায়। কিন্তু নাটকীয়তা
শব্দটো ঠিক কেতিয়া সদৰ্থক আৰু কেতিয়া নঞৰ্থক সেয়া বুজাটো অলপ মুস্কিল। এতিয়া কোনোবাই
স্পষ্টীকৰণ দি ক’ব আমাক সুধৰাব যে নাটকীয়তা ‘ইতি’ আৰু অতিনাটকীয়তাহে ‘নেতি’, আৰু এইখিনিতেই
আমাৰ আপত্তি যে অতিনাটকীয়(/তা) বুলি কোনো শব্দৰ অস্তিত্ব আচলতে থাকিবই নালাগিছিল।
এজন
অভিনেতা বা নাটকশিল্পী (প্ৰিয় শব্দ- নাট্যকেতু)-ক গোটেই জীৱন লাগি যায় এই বিশেষভাৱে
প্ৰয়োগ হৈ থকা ‘নাটকীয়তা’ৰ ধাৰণাটোৰ পৰা নিজকে মুক্ত কৰাত। মঞ্চত, দৰ্শকৰ সন্মুখত বা
কেমেৰাৰ সন্মুখত কেনেকৈ স্বাভাৱিক হৈ থাকিব পাৰি এই স্বাভাৱিকতাৰ অনুশীলনতে যুগ যায়।
সি যি কি নহওক, আচলতে অলপ কথা পাতিবৰ মন আছিল অসমীয়া কবিতা আবৃত্তিৰ কিছুমান সমসাময়িক
চৰিত্ৰ আৰু বৈশিষ্ট্যক লৈ। আবৃত্তি-ৰ আচল সংজ্ঞা কি বা ইয়াৰ ইতিহাস সম্পৰ্কে আমি খুব
অৱগত নহয় যদিও কবিতাৰ আবৃত্তিত সচৰাচৰ দেখা পোৱা চৰিত্ৰ কিছুমানে শ্ৰোতা-দৰ্শকক বাৰুকৈয়ে
বিৰক্ত কৰা পৰিলক্ষিত যে হয় সেই সম্পৰ্কে কিছু কথা পাতিবই পাৰি। কণ্ঠ প্ৰয়োগত কৃত্ৰিমতা,
উচ্চাৰণত অনাৱশ্যক আৱেগ আদিৰে সৈতে ভালেখিনি আবৃত্তিয়ে কবিতা এটাক কাব্যৰসিকৰ কাষ চপাই
অনাতকৈ অধিক দূৰলৈহে ঠেলি পঠোৱাৰ নজিৰ আছে। এনেবোৰ দোষৰ এটা কাৰণ হিচাপে কোনোকোনোৱে
এই অভিযোগটো আনে যে অসমীয়া নাটক কৰা মানুহে কবিতাৰ আবৃত্তি কৰাৰ ফলত এইবোৰত অতিনাটকীয়তাই
সহজে দেখা দিয়ে। অভিযোগটো সহজে মানি ল’বলৈ টান আৰু একাধিক দিশেৰে এটা সমস্যাবহুল মন্তব্য।
অসমীয়া কবিতা-আবৃত্তিক আক্ৰমণ কৰিবলৈ গৈ প্ৰকাৰান্তৰে অসমীয়া নাট্যচৰ্চাৰ পৰম্পৰাকহে
আঘাত কৰা হ’ল নেকি? ইয়াৰ মানে অসমীয়া অভিনেতা সকল অতিনাটকীয়তাৰ দোষেৰে দোষী বুলিয়ে
বুজোৱা নহ’ল জানো? একেদৰেই, এই সমস্যাটো কেৱল অসমতহে কিয় হয়? ভালেখিনি হিন্দী আৰু উৰ্দু
ভাষাৰ অভিনেতাই কবিতা পাঠ কিম্বা আবৃত্তি কৰাৰ দৃশ্য-শ্ৰাব্য সমল আমি দেখিছোঁ বা শুনিছোঁ।
‘ডেড প’য়েটছ চ’চাইটী’ৰ দৰে সাহিত্যক ভিত্তি কৰি নিৰ্মিত চিনেমাত ৰবিন উইলিয়ামছৰ দৰে
অভিনেতাক কবিতা পাঠ কৰা শুনিছোঁ। জোহৰা ছেহগেল, সুৰেখা চিক্ৰী, নাছিৰুদ্দিন শ্বাহ,
মনোজ বাজপেয়ী, মানৱ কৌল আদি অগণিত অভিনেতাই কবিতা পঢ়িছে। যথাসম্ভৱ বাস্তৱিকতা অনুসৰণ
কৰি কৰা আবৃত্তি যেনেকৈ শুনিছোঁ পৰিস্থিতিসাপেক্ষে আৱেগ আৰু অভিব্যক্তিক অধিক গুৰুত্ব
দি কৰা মঞ্চনাটৰ চৰিত্ৰ বজাই ৰখা আবৃত্তিও তেনেদৰেই শুনিছোঁ। নাটক আৰু নাট্যকৰ্মীকে
কেন্দ্ৰ কৰি নিৰ্মিত, এটা নাট্যৰূপৰ পৰা পুনৰনিৰ্মিত ‘নটসম্ৰাট’ৰ দৰে চিনেমাত নানা
পাটেকাৰৰ কণ্ঠৰে আবৃত্তি শুনিছোঁ। বিষয়বস্তুৰ দিশেৰেও মননশীল, চিন্তনশীল, আৱেগিক, বৈপ্লৱিক
সকলো ধৰণৰ কবিতাৰে আবৃত্তি অভিনেতাসকলে কৰিছে। কিন্তু কোনো অভিনেতাৰ কণ্ঠতেই অসমীয়া-কবিতা-আবৃত্তিৰ
বেলা দেখা পোৱা ‘অতিনাটকীয়’ বুলি অভিহিত হৈ থকা এই কৃত্ৰিম প্ৰয়াসখিনি আমি দেখা নাই।
গতিকে নাটকৰ মানুহে কবিতা আবৃত্তি কৰাত দোষ দেখাটো এটা বিড়ম্বনাই হয়।
অসমীয়া-আবৃত্তিত
কিন্তু এই সমস্যাটো এদিনীয়া নহয়। দীৰ্ঘকাল ধৰি কিছুমান বিৰক্তিকৰ পাঠৰ পৰম্পৰা এটা
কেনেকৈনো চলি থাকিবলৈ পাইছে এই কথা ভাবিলে ওলোটা কথা কিছুমানহে মনলৈ আহিবলৈ লয়। সাধাৰণতেই
কৈ থকা হয় অসমীয়া ভাষাটো হেনো লয়যুক্ত বা সুৰীয়া ভাষা, মেল’ডী বা লীৰিকেল ভাষাটোৰেই
এটা গুণ। বেছিখিনি অসমীয়া কবিতাৰো ই এক সাধাৰণ লক্ষণ। প্ৰশ্ন হয়, কথাখিনি ভুল নেকি?
নহ’লেনো বাৰু ইতিমধ্যেই লয়যুক্ত ভাষা এটাত ৰচিত, ইতিমধ্যেই সুৰীয়া কাব্য এটাত আকৌ ওপৰিঞ্চি
লয় যুক্ত কৰি পাঠ কৰিবৰ প্ৰয়োজন ক’ত আছিল? তাৰমানে শব্দখিনিত হয়তো জোৰ নাই যাৰ বাবে
ডিঙিৰ সিৰ ফুলাই পৰ্যমানে জোৰ দি কবিতাটো পঢ়িবলগা হৈছে। তাৰমানে কবিতাটো অত্যন্ত দুৰ্বল
নেকি যে আৱেগ-অনুভূতিখিনি ই নিজাকৈ বহল কৰিবলৈ অক্ষম, যাৰ বাবে কণ্ঠ-প্ৰক্ষেপনত কৃত্ৰিমতা
আনি হ’লেও আৱেগৰ ঢল বোৱাই ইয়াক পাঠ কৰিবলগা হৈছে? ‘আজি মোৰ ভাল লগা কবিতা এটা পঢ়িবলৈ
ওলাইছোঁ’ বুলি আচলতে কবিতাটো ভাল লগা বুলি জোৰকৈ প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি থকা হয়
নেকি?
আবৃত্তি
কেনেকুৱা হ’ব লাগে বা ইয়াৰ পদ্ধতিবোৰ কি কি এই সম্পৰ্কে ভিন্নমত আছে আৰু থকাটো স্বাভাৱিক।
তাৰে কেইটিমান প্ৰশ্ন চিৰন্তন। কেতিয়া পৰিৱেশন এটাক পাঠ বোলা হয়, আৰু ঠিক কেতিয়া ইয়াক
আবৃত্তি বোলা হয়? আবৃত্তি যিহেতু কণ্ঠ আৰু শ্ৰৱণৰ কলা সেয়ে ইয়াত আবৃত্তিকাৰকৰ শৰীৰী
সঞ্চালন কিম্বা মুখাবয়ৱৰ অভিব্যক্তি থকাটো এটা দোষ নেকি? খেনোৰ মতে আবৃত্তি হ’বলৈ হ’লে
কবিতাটো মুখস্ত হোৱাটো প্ৰথম চৰ্ত, কাৰণ চাই পঢ়া মানেই সেয়া পাঠহে, আবৃত্তি নহয়। কিন্তু
মনত ৰখা ভাল যে বহুখিনি শিল্পচৰ্চাৰেই বিধি-বিধানবোৰ আচলতে নিৰ্মিত হয় প্ৰতিযোগিতামূলক
ক্ষেত্ৰবোৰত। স্কুল-কলেজ আদিত আবৃত্তিৰ কিছুমান প্ৰতিযোগিতা থাকে আৰু আমি জানো যে প্ৰতিযোগিতা
মানেই কিছুমান নিয়ম থাকিব লাগিব যাতে তাৰ ভিত্তিত বিচাৰকমণ্ডলীয়ে বিচাৰ কৰিব পাৰে।
এই প্ৰতিযোগিতাৰ আওতাৰ বাহিৰত সেইখিনি নিয়মাৱলীৰ সাধাৰণতেই একো কাম নাথাকে। অসমীয়া
একাংক নাটকৰ সমগ্ৰ চৰ্চাটোৱেই প্ৰতিযোগিতা কেন্দ্ৰিক হোৱাৰ ফলত কেনেকৈ কালক্ৰমত প্ৰতিযোগিতা-সমিতিবোৰৰ
নিৰ্ধাৰিত নিয়ম বা বিধি-বিধানবোৰে অসমীয়া নাটকৰ চৰ্চাকেই সামগ্ৰিকভাৱে ক্ষতিগ্ৰস্থ
কৰাইছে তাৰ এক বিস্তৃত আলোচনা আমি অন্যত্ৰ কৰিছোঁ।
আচলতে
পাঠেই আবৃত্তি, আবৃত্তিয়েই পাঠ। এটা ভাল পাঠক আবৃত্তি বোলা হ’ব পাৰে, ইয়াত কবিতাটো
চাই পঢ়িছে নে মুখস্ত মাতিছে সেইবোৰ প্ৰশ্ন আচলতেই অৱান্তৰ। আবৃত্তিকাৰে ৰেডিঅ’ জকীৰ
পৰা শিকিব পাৰে, অভিনেতাৰ পৰা শিকিব পাৰে, বজাৰত ৰৈ মানুহৰ গতি-বিধি চাই থাকিও শিকিব
পাৰে। কোনে কি ক’ৰ পৰা শিকিব আৰু ক’ৰ পৰা নিশিকিব সেয়া নিৰ্ধাৰণ কৰি দিব কোনেও নোৱাৰে।
ষ্টুডিঅ’ত কণ্ঠ বাণীৱদ্ধ কৰা শিল্পী দুই ধৰণৰেই আছে, এভাগে পাণ্ডুলিপিৰ কাগজখিলা উলটোৱাৰ
শব্দটো বা অনাৱশ্যক শ্বাস-প্ৰশ্বাসৰ শব্দ যাতে নিয়ন্ত্ৰণত থাকে তাৰ বাবে অত্যন্ত সাৱধানে
পৰ্যমানে শৰীৰী সঞ্চালন পৰিহাৰ কৰি জঠৰ হৈ থাকি ভাল পায়; আনটো ভাগে কণ্ঠৰ অভিব্যক্তি
প্ৰকাশৰ বাবে অংগী-ভংগী কৰি পাঠ কৰিবলৈকে পছন্দ কৰে। যেনেকৈ কৰিলে সমল কবিতাটোৰ প্ৰতি
সুবিচাৰ কৰা হয়, তেনেকৈয়ে কৰা উচিত। ইয়াত আন সকলো কথাই গৌণ। পাঠ আৰু আবৃত্তিৰ মাজত
এটা পাৰ্থক্য অৱশ্যে থাকে। এটা ভাল পাঠে আবৃত্তিৰ মৰ্যাদা পাব পাৰে। কেনেবাকৈ পাঠ কৰাটো
বেয়া হ’লেও সি অন্তত: পাঠেই। কিন্তু এটা বেয়া আবৃত্তিও অন্তত: আবৃত্তিয়েই বুলি ক’বলৈ
টান পাম।
সমুদ্র
কাজল শইকীয়া
Rajya Sabha
Television (RSTV),
3rd Floor,
Talkatora Stadium Annexe Building,
New Delhi –
110001
email: kankhowa@gmail.com, mobile: +91 9811375594
No comments:
Post a Comment