দুটা ভয় মনত লৈ এই আলোচনাটোত আগবাঢ়িবলৈ লৈছোঁ- যিহেতু কাহিনী সম্পৰ্কীয়
অলপ কথা পাতিম, সেয়ে এই লেখা এহাতে এটা ‘স্পইলাৰ এলাৰ্ট’, আনহাতে যিহেতু নতুন হিচাপে
ই নতুন নতুন দৰ্শকৰ ওচৰলৈ যাবলৈ বিচাৰিছে, এই সময়ত সমালোচনাত্মক কথা অলপক নিৰ্মাতাবৃন্দই
সহজকৈ গ্ৰহণ কৰিব নে নকৰিব সেই লৈ অলপ দ্বিধা ওপজিছে। সি যি কি নহওক, কথাবোৰ পতাটো
বেয়া নহয়।
চিনেমা শিল্পৰ সৈতে অৱগত ব্যক্তিমাত্ৰেই জানে যে চিনেমা এখনৰ বাবে ট্ৰিটমেণ্ট
কিমান জৰুৰী। লগতে কিমান জৰুৰী ইয়াৰ ধাৰা, বা শৈলী বা genre নিৰ্ণায়ন। সম্প্ৰতি কেইবছৰমানৰ
পৰা বহুখিনি নতুন ধাৰণা আৰু পটভূমিৰ অসমীয়া চিনেমা নিৰ্মাণ হৈ থাকিলেও এই শৈলী সংক্ৰান্তীয়
স্পষ্টতা আমি বৰকৈ দেখা নাই। বহুল চৰ্চিত আৰু সমাদৃত ‘আমিষ’ ছবিখনতো আমি সেই সমস্যাই
পাইছিলোঁ। বিষয়বস্তুলৈ চাই তাৰ ট্ৰিটমেণ্টে অন্য এটা দৃশ্য-ভাষা দাবী কৰিছিল। পাৰিবাৰিক
ড্ৰামা নেৰেটিভ এটাৰ যি বিন্যাস সেই একে বিন্যাসেই চিনেমাৰ একমাত্ৰ ভাষা নিশ্চয় নহয়।
ক্লিচে বা তেনেই অনুমেয় হ’লেও কিছুমান বিষয়বস্তুৱে দাবী কৰা চিনেমেটিক ভাষা প্ৰয়োগ
কৰিবলগা হয়। কাহিনী বা চিত্ৰনাট্য, অভিনয় বা চিনেমেট’গ্ৰাফীত যিমান মনযোগ সচৰাচৰ দি
থকা হয়, সামগ্ৰিক চিনেমাৰ ভাষা বা ইডিয়ম (বাকপ্ৰণালী) সম্পৰ্কে সিমানখিনি ভবা যেন হৈ
থকা নাই। এয়া আমাৰ অনুভৱ। ‘বৰষুণ’ নামৰ এই সময়ৰ চিনেমাখন চাওঁতেও ১৯৯০ চনৰ আমোল পালেকাৰৰ
‘থ’ড়া ছা ৰূমাণী হ’ যায়ে’ চিনেমাখন মনলৈ অনাটো হয়টো পাপ নহয়। এইকাৰণেই নহয় যে, সেইখন
চিনেমাই এটা ভাষিক অৱস্থান লৈ চলিছিল। বহুখিনি সংলাপ ‘টুকবন্দী’ত আছিল, মানে ছন্দোবদ্ধ।
নেৰেটিভ আৰু মিউজিকেল-ৰ মাজৰ এটা সামঞ্জস্য লৈ চিনেমাখনে খেলিছিল। সৰ্ৱশেষত, চিনেমাখনৰ
এটা ভাষা আছিল।
যাদুবাস্তৱতা অসমৰ পৰিপ্ৰেক্ষিতত অত্যন্ত গুৰুত্বপূৰ্ণ। ৰাজনৈতিক, ঐতিহাসিক,
নৃতাত্বিক, সামাজিক আৰু ভৌগলিক কাৰণতেই ই জৰুৰী। আমাৰ দেশত ইতিহাস-লেখনৰ সমস্যা বহুত।
আৰ্কাইভ বা সংগ্ৰহ আৰু সংৰক্ষণৰ অভ্যাস আমাৰ তেনেকৈ নাই। কেৱল লিখিত ইতিহাসেই একমাত্ৰ
ইতিহাস কিয় হ’ব? মুখে মুখে চলি অহা কাহিনী, সাধুকথা, গীত-মাত আদিবোৰ লৈ আমাৰ এটা সমৃদ্ধ
সাংস্কৃতিক ঐতিহ্য আছে। সেই সাংস্কৃতিক উপাদানৰ মাজত নিহিত বাস্তৱতা আৰু সংগ্ৰহশালাই
আমাক আৰু বহুত কিবাকিবি দিব পাৰে। তিলোত্তমা মিশ্ৰই তেওঁৰ ‘কা-মেইখাৰ ঘৰ’ উপন্যাসৰ
আৰম্ভণীখিনিতে মৌখিক ইতিহাসৰ গুৰুত্বক সাব্যস্ত কৰাৰ দিশটো সেয়েহে আমি ভাল পাইছিলোঁ।
সাধুকথা, লোকসাহিত্যৰ আন আন সমল আদি লৈ সমসাময়িক সাহিত্য ভালেখিনি আছে।
কিন্তু চিনেমা আৰু নাটকত তাৰ প্ৰয়োগ আমি বৰকৈ দেখা নাই। একেবাৰে নথকাও নহয়, কিন্তু
যিখিনি আছে সেইখিনিত ভাষাগত আৰু আদৰ্শগত সমস্যা বাৰে বাৰে আমাৰ চকুত পৰিছে। সমস্যাৰ
আধাৰ বিতৰ্কটো হ’ল ফৰ্ম আৰু কণ্টেণ্টৰ সেই যাউতিযুগীয়া মীমাংসিত অথচ চিৰ-অমীমাংসীত
বিতৰ্কটো। ফৰ্মটো বাদ দি বিষয়টো থিয় দি থাকিব পাৰে নে নোৱাৰে? আমি সমস্যাৰ গুৰি হিচাপে
অলপ ভাবি যিটো পালোঁ সেয়া হ’ল- ল’জিক (যুক্তি)। সকলো শিল্পৰে এটা যৌক্তিক আধাৰ থাকে।
অমুক কথাটো কিয় তমুকৰ দৰে হ’ল, কিয় ভুচুকৰ দৰে নহ’ল এনেধৰণৰ এটা যৌক্তিক বিন্যাস শিল্পকৰ্মই
নিজে নিজৰ মাজতেই নিৰ্মাণ কৰি গৈ থাকে। প্ৰতিষ্ঠাপিত বা প্ৰতিৰূপিত
(representational realism) বাস্তৱতাৰ ল’জিক, আমাৰ দৈনন্দিন জীৱনৰ ল’জিকৰ সৈতে নিমিলিবও
পাৰে, আনকি, নিমিলাটোৱেই স্বাভাৱিক। অসমীয়া শিল্পী-সাহিত্যিকৰ কামত এইখিনিতেই দ্বিধা-দ্বন্দৰ
সূত্ৰপাত হয় যেন লাগে। এই সমস্যাৰো গুৰি ‘শিল্পত সমাজ বাস্তৱতা’ শীৰ্ষক আধা-কেচেলুৱা
সমাজবাদী প্ৰচলিত আলোচনাবোৰ যেনেই লাগে। ঠোৰতে আৰু এটা দিশ উনুকিয়াই থ’ব পাৰি। অসমীয়া
চিনেমা আৰু চুটিগল্পৰ এটা অদ্ভূত সম্পৰ্ক আছে। ইটোৰ বিকাৰেৰে সিটো আক্ৰান্ত। অসমীয়া
সমসাময়িক গল্পকাৰে বিশ্বমানৰ শ্ৰেষ্ঠ গল্পটো লিখিম বুলিয়ে গল্প এটা লিখিবলৈ বহে হ’বলা।
সেয়েহে কাহিনীবোৰ কেতিয়াও সম্পূৰ্ণ নহয়গৈ। বিমূৰ্ততা ইমানেই বেছি যে কাহিনীৰ প্ৰাথমিক
দাবীখিনিয়ে তাত নাথাকেগৈ। “শেষ হয়েও শেষ হলো না” এই চুটিগল্পৰ সংজ্ঞাটো অসমত খুবেই
বেছি আক্ষৰিক অৰ্থত লোৱা হ’ল। এই “শেষ হয়েও শেষ হলো না” ধাৰণাটোতেই ভালেখিনি পৰীক্ষামূলক
বা সমসাময়িক চিনেমাও আক্ৰান্ত।
বৰষুণ। কাহিনীটো এটা মৌখিক মীথৰ দৰে। কীংবদন্তী যেন। তেনেই চিনাকি যেন লগা
অথচ অচিনাকি এখন গাঁও। বৰষুণৰ সৈতে জড়িত ভালেখিনি অনুসংগ আছে। ভালেদিন ধৰি গাঁওখনত
বৰষুণ নাই, সেয়ে খেতি-বাতি নাই হোৱা, মাছ বেচি উপাৰ্জন কৰা পৰিয়ালবোৰৰ আহুকাল হৈছে।
উবুৰি খাই থকা বা বাগৰি থকা খালৈ এটাৰ দৃশ্য সেয়েহে অত্যন্ত প্ৰাসংগিক, আৰু চিনেমাখনত
তাক যথাযথ ৰূপত দাঙি ধৰা হৈছে। আৰম্ভণীৰ ফালে বেছ কিছু সময় ধৰি ভেকুলীৰ বিয়া দেখুওৱা
হৈছে। ইমান দীঘলীয়াকৈ দেখুওৱাৰ কাৰণটো পিছলৈ গৈ দৰ্শক ৰাইজে নিজেই বুজি পাব। কাহিনীৰ
কেন্দ্ৰমূলত আছে সকলোৱে বেঙা বোলা বেঙা ল’ৰা এটা আৰু বেঙী নামৰ বেঙী ছোৱালী এজনী। সিহঁত
দুয়োটাৰে সম্পৰ্ক খুব ধুনীয়াকৈ দেখুওৱা হৈছে। এই সম্পৰ্কটোক মৰ্যাদা সহকাৰে বুজি পায়
বেঙাৰ মাকে। নিয়মমতে বেঙা আৰু বেঙীৰেই বিয়াখন হ’বগৈ লাগে। স্পষ্টকৈ ক’লেও নক’লেও সকলোৱে
বুজি পোৱাকৈ উপস্থাপন কৰা হৈছে। কিন্তু এজাক বৰষুণৰ বাবে উত্ৰাৱল হৈ থকা গাঁৱৰ ৰাইজে
কোনোবা এজন বামুণৰ কথামতে বেঙাৰ বিয়া পতাই দিয়ে গাঁৱৰে এজন অবিবাহিত হৈ থকা আন এজন
পুৰুষৰ সৈতে। এজন বুঢ়া মানুহ। যি কেতিয়াও কোনো কথা নকয়, এক কথাত গাঁৱৰ ‘নিমাতী ককা’।
এটা নাভূত নাশ্ৰুত ঘটনা। অদ্ভূত বিয়াখন হ’ল, একমাত্ৰ গাঁওখনৰ ভৱিষ্যতৰ স্বাৰ্থত। তাৰ
পিছতে এজাক বৰষুণ। বৰষুণত মাছ সৰিছে। কিন্তু বৰষুণ আচলতে নহ’ল। সেয়া সপোন। গাঁওখন সেই
একেই আগৰ দৰেই আছে।
চমুৱাই ক’লেও পাঠকে সম্ভৱতঃ বুজি পাইছেই কাহিনীৰ একাংশ। এইখিনিতে আমাৰ ফালৰ
পৰা অলপ সংযোজন আগবঢ়াম কাহিনীটোলৈ। কোনোবা বামুণে আহি ক’লেহি যে দুজন অবিবাহিত পুৰুষৰ
মাজত বিয়া সম্পন্ন হ’লে বিয়া হ’ব। সেইমতে গাঁৱৰ মানুহে কৰিলেও। বেঙাৰ সৈতে সেই ‘নিমাতী
ককা’ৰ বিয়া হ’ল। ইয়াৰ পিছত কাহিনীটো আৰু অলপ আগুৱালে কি ক্ষতি হ’লহেতেন? এই ধৰক, বামুণৰ
কথামতে বিয়াখন হ’ল, কিন্তু বৰষুণ নহ’ল। তাৰ পিছত হঠাতে, ঘটনাক্ৰমে বেঙা আৰু বেঙীৰ এটা
সম্পৰ্ক ঘটিল। বেঙাই হয়তো বেঙীক পলুৱাই নিলে। যিয়েই নহওক, ঠিক সেইদিনাই সঁচা অৰ্থতে
গাঁওখনত বৰষুণ হ’ল। কাহিনীটোৰ এটা সম্ভাৱ্য পৰিক্ৰমা ইয়াত শেষ হ’ল হেতেন। কিজানিবা।
এটা গল্প, এটা কাহিনী শেষ হ’লহেতেন। এখন চিনেমাই এটা পৰিসমাপ্তি পালেহেতেন। তাতোকৈ
ডাঙৰ কথা এটা যাদুকৰী বাস্তৱতাই পোখা মেলিলেহেতেন।
শেষ পৰ্যন্ত কিবা মেজিক এটা হ’বলৈ গৈ গৈ মেজিকটো নহ’লগৈ। বেঙা আৰু বেঙীৰ
মিলন যিহেতু সম্ভৱপৰ নাছিল, সেই সামাজিক প্ৰতীয়মান ল’জিকতে নিৰ্মাতামণ্ডলীয়ে চিনেমাখন
শেষ কৰি থ’লে। এইখিনিতে চিনেমাখনক লৈ আমাৰ ঘাই আপত্তি।
তাৰ পিছৰ কথাখিনি এতিয়া ক’ম। গোটেই চিনেমখন বহুদিন বৰষুণ নোহোৱা এখন গাঁৱৰ
কাহিনী। কিন্তু দেখা গৈছে গাঁওখন গছে-বনে ভৰা গাঁও এখন। কোনোটো দৃশ্যতেই কোনোপধ্যেই
মানি ল’ব নোৱাৰি যে এইখন এখন বৰষুণৰ মুখ নেদেখা গাঁও। ক’তো শুকান মাটি এডৰাও নাই, শুকান
খেতি এডৰাও নাই। জৈৱ-বৈচিত্ৰৰে ভৰা এই অসমত শুকান পৰিৱেশ এটা বিচাৰি উলিওৱাটো ইমান
সাংঘাতিক কাম এটা নাছিল হয়তো। চিৰাল-ফাট দিয়া চোতাল এখন খুব কষ্টসাধ্য নাছিল কিন্তু!
গোটেই চিনেমাখন আন্ধাৰ-আন্ধাৰ। বিশেষ প’ৰ্ট্ৰেইট ভিত্তিক শ্বটখিনিতো ৰিফ্লেক্টৰ হিচাপে
থাৰ্ম’ক’ল এখনো ব্যৱহাৰ কৰা নাই যেন লাগিল। থ্ৰী-পইণ্ট লাইটিং নাই। আজিৰ তাৰিখত, এই
শতিকাত, য’ত ঘৰে ঘৰে ফাইভ-ডি কেমেৰা আৰু ড্ৰোণ, এই সময়ত আৰু এই স্থানত “বাজেট নাছিল”-
এই অজুহাত আচলতে আৰু গ্ৰহণযোগ্য হৈ নাথাকে। একে সময়তে আমি এই সময়ত প্ৰশ্ন কৰোঁ এফ-টি-আই-আই
বা এছ-আৰ-এফ-টি-আইৰ পৰম্পৰাগত ফিল্ম স্কুলিঙক। নন্দনতাত্বিক দিশেৰে এই আন্ধাৰ-আন্ধাৰ
চিনেমেট’গ্ৰাফীয়ে আমাক এখন হৰা-ভৰা/ ভৰপূৰ বৰষুণ-ঘন গাঁৱৰ ইংগীতহে দি থাকিল। ক’তো কোনোপধ্যেই
নালাগিল যে এইখন গাঁৱত বহুকাল ধৰি বৰষুণ নাই। দৃশ্যমান সংৰচনাতো সমস্যা বহুত। মথাউৰীৰ
এটা আনুভূমিক সমতলত এটা দৃশ্য নিৰ্মাণ হৈছে। ওপৰে আকাশ, তলে মাটি। কিন্তু সেই ‘তলে
মাটি’ স্থানত চৰিত্ৰখিনি আহি বহিছেহি, কথাও পাতিছে, সেইবোৰ দেখাও যোৱা নাই। প্ৰথম দৃষ্টিত
এয়া সাংঘাতিক ভাল কম্পোজিছন, কিন্তু বাস্তৱিকতে সমস্যাবহুল।
চিনেমেটিক ভাষা সম্পৰ্কেও অলপ কথা হওক। ব্যক্তিগত ভাৱে আমাৰ সদায়ে প্ৰিয়
লং শ্বট, চিংগল শ্বট কেমেৰা, কণ্টিন্যুৱাছ কেমেৰা। এইখন চিনেমাত এনে ভালেখিনি বুদ্ধিমান
দৃশ্য আছে। কিন্তু গোটেই চিনেমাখনৰ সামগ্ৰিক ভাষাৰ সৈতে সি কেনেকৈ কাম কৰিছে? এইটো
এটা ডাঙৰ প্ৰশ্ন। বহুতখিনি দৃশ্য চিংগল শ্বট, কিন্তু নামঘৰৰ চুকুৱেন্সটো তেনে নহয়।
সমসাময়িক অসমীয়া চিনেমাত কেৱল এখন চিনেমাইহে এই চিনেমেটিক-ডিভাইছটো সাৰ্থকভাৱে ব্যৱহাৰ
কৰিছিল। সেইখন হ’ল জয়ছেং দহোতীয়াৰ ‘হান্দুক’। এইখন চিনেমাত দীৰ্ঘম্যাদী চিংগল শ্বট
বহুত আছে। কিন্তু নামঘৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ দৃশ্যটোত আকৌ প্ৰয়োগ হ’ল মণ্টাজ। ই চিনেমাখনৰ
সামগ্ৰিক ভাষিক সংৰচনাত ব্যাঘাত জন্মাইছে। আৰু দুটামান দিশত আপত্তি থাকিল। বেঙী এটা
কেন্দ্ৰীয় চৰিত্ৰ। কিন্তু চিনেমাখনত শেষ পৰ্যন্ত বেঙীৰ বিষয়ী উপস্থিতিক
(subjectivity) যেন সিমান গুৰুত্ব দিয়া নহ’ল, যিমান দিব লাগিছিল। প্ৰথমৰ পৰা শেষলৈকে
বেঙী কেৱল বেঙী হৈয়েই থাকি গ’ল। ব্যক্তি হিচাপে ওলাই আহিলনে? এটা প্ৰশ্ন। একেদৰেই,
বেঙা আচলতে কিমান বেঙা, আৰু কিয় বেঙা সেইটো লৈয়ো অলপ প্ৰশ্ন ৰৈ গ’ল। তেনেকৈয়ে সেই বৰষুণত
মাছ সৰি সৰি পৰাৰ সপোনটো বেঙাই কিয় দেখিলে সেইটোও এটা প্ৰশ্ন। বেঙাই নেদেখি সেই সপোনটো
‘নিমাতী ককা’ই যদি দেখিলেহেতেন, তেতিয়া কি হ’ল হেতেন? এয়া কোনো সিদ্ধান্ত বা আপত্তি
নহয়, এজন দৰ্শক হিচাপে থিতাতে মনলৈ অহা কিছুমান প্ৰশ্ন মাথোঁ।
ভালেখিনি নঞৰ্থক দিশ উনুকিওৱাৰ পিছতো ক’ম, এইখন এখন উপভোগ্য আৰু লগতে এখন
সমূলাঞ্চে ভাল চিনেমা। চৰিত্ৰায়ন এটা অনন্য দিশ। বেঙাৰ মাক জৰুৰী, নিমাতী বুঢ়া জৰুৰী,
গাঁওবুঢ়াও জৰুৰী। চিনেমাখনত গাঁওবুঢ়াৰ পুতেকৰ চৰিত্ৰ এটা আছে- যি ভিলেইন। পাৰস্পৰিক
সম্পৰ্ক, বাসনা আৰু ইচ্ছাৰ কেতবোৰ দিশ এইখন চিনেমাই খুব ধুনীয়াকৈ ধৰিছে যিবোৰ আন বহু
চিনেমাই উলাই কৰি চলে। গাঁওবুঢ়াৰ পুতেক শেষ পৰ্যন্ত কেৱল ভিলেইন হৈ নাথাকে। সংসাৰৰ
আওভাও বুজি নোপোৱা বেঙাই নিজৰ বিয়াৰ মণ্ডপৰ পৰা এবাৰ বেঙীলৈ ঘূৰি চায়। বেঙীয়েও বেঙালৈ
চায়। সাংঘাতিক দৃষ্টি (Gaze)-ক মূলাধাৰ কৰি কৰা এটা চিকুৱেন্স আছে চিনেমাখনত। এই দৃষ্টিৰ
খেলখনত গাঁওবুঢ়াৰ পুতেকো আছে। এই দৃশ্যটো ইমানেই গুৰুত্বপূৰ্ণ যে ই পপুলাৰ চিনেমাৰ
হিৰো আৰু ভিলেইনৰ বাইনেৰীটোক নস্যাৎ কৰিব খোজে।
অত্যন্ত জটিল, কিন্তু একে সময়তে উপভোগ্য এখন চিনেমা- বৰষুণ। আৰু কেইবছৰমান
যাওক, এইখন চিনেমাৰ ৰিমে’ক কৰিব পৰা যাব। এইষাৰ কথা গুৰুত্বপূৰ্ণ। আজিলৈকে কোনো অসমীয়া
চিনেমাৰ ৰিমে’ক কৰাৰ সম্ভাৱনাৰ কথা আমি কোৱা নাই। এইখন চিনেমাৰ কাহিনীয়ে আৰু ডিটেইলে
সেই ধাৰণাটো মনলৈ আনিছে। মানে এইখন পটেন্সিয়েল এখন চিনেমাই হয়।
আমাৰ সাংস্কৃতিক
পৰিমণ্ডলত বতাহতে উৰি-ঘূৰি ফুৰা বেছিভাগ কথা-বাৰ্তাই কেৱল শুনিবলৈ ভাল বাবেই কৈ
থকা হয়, অথবা কোনোবাই ক’ৰবাত কৈছিল বাবেই তাকে দোহাৰি থকা হয়। “সময়ে বিচাৰ কৰিব”
বোলা কথাষাৰো তেনেকুৱাই। বিশেষকৈ নতুন প্ৰতিভাই স্বীকৃতি নোপৱাৰ প্ৰসংগত
জ্যেষ্ঠজনে কিম্বা সমসাময়িক কোনোবা এজনে উৎসাহ দিবলৈ এনে এষাৰ কথা কয়- নিজৰ অভ্যাস
চলাই গৈ থাকা, সময়ে বিচাৰ কৰিব। কথাষাৰৰ ভিত্তি নথকা নহয়, কিন্তু তাৰ সীমাবদ্ধতা
আছে। সেইখিনি কথাও পাতিবপৰা পৰিৱেশ এটাহে এতিয়া লাগে।
সময়ৰ বিচাৰত উত্তীৰ্ণ
হোৱা উদাহৰণসমূহ সৰ্বজনবিদিত। মহান শিল্পীসকলৰ ক্ষেত্ৰত ভেন গঘৰ নাম বৰকৈ লোৱা হয়,
কেনেকৈ জীৱনকালত বিশেষ কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিলেও পৰৱৰ্তী কালত ভিনচেণ্ট নিজৰ
কৰ্মৰ বলতেই অমৰ হৈ ৰ’ল। ১৮৯০ চনত মৃত্যু হোৱালৈকে মাত্ৰ এখনহে ছবি তেওঁ বেচিব
পাৰিছিল আৰু ১৯১০ চনৰ পিছতহে খ্যাতি লভিবলৈ সক্ষম হৈছিল। বিশ্বজুৰি বিখ্যাত হেৰী
পটাৰৰ লেখিকা জে কে ৰাউলিঙে কিমানবাৰ প্ৰকাশকৰ পৰা প্ৰত্যাখ্যান পোৱাৰ পিছত অৱশেষত
প্ৰকাশৰ মুখ দেখিবলৈ পাইছিলগৈ সেই কাহিনীটোও বহু সময়ত উল্লেখ কৰা হৈ থাকে। ভেন
গঘেই নহয় শিল্পজগতৰ আটাইতকৈ প্ৰভাৱশালী আন্দোলন মনচ্ছায়াবাদৰ পুৰোধা ব্যক্তি ক্ল’ড
মনেয়ে (Claude
Monet) জীৱিতকাল কেৱল তিৰষ্কাৰ আৰু প্ৰত্যাখান পায়েই
কটাইছিল। মৃত্যুৰ পিছতহে যথাযোগ্য স্বীকৃতি পাইছিল। তেনেকৈ আজি আমি শ্ৰেষ্ঠতাৰ
বিচাৰত উচ্চ আসন দি অহা এল গ্ৰেক’ (El Greco),
ভিনচেণ্টৰ সমসাময়িক পল গঁগা (Paul Gauguin), উত্তৰ-মনচ্ছায়াবাদৰ
কালৰে অন্যতম পল চেজাঁ (Paul Cézanne), চেৰা
(Georges-Pierre Seurat), লট্ৰেক (Henri
de Toulouse-Lautrec), অথবা যোহান ভাৰ্মিয়াৰ (Johannes
Vermeer) যি মৃত্যুৰ সময়লৈ সাংঘাতিক আৰ্থিক অনাটনত ভূগিছিল, তেওঁকে ধৰি শিল্পীৰ তালিকাখন যথেষ্ট দীঘল। আলোকচিত্ৰশিল্পী
ভিভিয়ান মেইয়েৰক জীৱিতকালত কোনেও চিনিও নাপালে, নিজৰ পৰিয়ালৰ মানুহেও বুজিয়ে
নাপালে তেখেতে কৰিছিলনো কি!
আমেৰিকান লেখক,
উপন্যাসিক আৰু শিল্পী হেনৰী যোছেফ ডাৰ্গাৰৰ মৃত্যুৰ পিছতহে আৱিষ্কাৰ হৈছিল তেওঁৰ
১৫,১৪৫ পৃষ্ঠাৰ পাণ্ডুলিপি- ‘The Story of the Vivian Girls’। একেধৰণৰ কাহিনী জড়িত
আছে ভালেখিনি আজিৰ দিনৰ পৰিপ্ৰেক্ষিতেৰে নমস্য লেখক সাহিত্যিকৰ সৈতে। ফ্ৰাঞ্জ
কাফকাক আজি এজন চেলিব্ৰিটী যেনেই ধাৰণা হয় কিন্তু বাস্তৱতে কোনো প্ৰকাশকে তেওঁৰ
লেখা প্ৰকাশ কৰিবলৈ খোজা নাছিল। জীৱনৰ শেষ সময়খিনিত তেওঁ আনকি নিজৰ বন্ধু এজনক
তেওঁৰ সমস্ত লেখা পুৰি পেলাবলৈকো কৈছিল। জীৱনৰ শেষৰ ফালে নিজৰ সৃষ্টিৰাজিক পুৰি
পেলাবলৈ বিচৰা আৰু কেইজনমান লেখকৰ কথা গীতাশ্ৰী তামুলীয়ে তেওঁৰ কিতাপ এখনত উল্লেখ
কৰিছিল (“কেতিয়াবা লেখকসকলে নিজেও নিজৰ কিতাপ দাহ কৰিব খোজে। কাফকাই
মৃত্যুশয্যাত পৰি থাকোঁতে তেওঁৰ কিতাপবোৰ পুৰি পেলাব খুজিছিল। জৰ্জ লুই বৰ্হেছে
বাস্তৱিকতেই তেওঁৰ আগবয়সৰ ৰচনাবোৰ ধ্বংস কৰিছিল। মৃত্যুৰ আগে আগে ভাৰ্জিলে তেওঁৰ 'ইনীড'খন পুৰি পেলাব খুজিছিল”-গীতাশ্ৰী তামুলী, 'কিতাপৰ
কাহিনী', "সাহিত্য আৰু সমালোচনা")।
জীৱিতকালত জন কীটছ পাঠক-সমালোচকৰ প্ৰিয়ভাজন নাছিল। এমিলী ডিকিনচন, জেন আষ্টিন, এডগাৰ
এলান পো, হেনৰী ডেভিড থ’ৰু, হাৰমান মেলভিল, চিলভিয়া প্লেথ, এডিথ হ’ল্ডেন-
এখেতসকলো মৃত্যুৰ পিছত জনপ্ৰিয়তা অৰ্জন কৰা ব্যক্তিত্ব। আজিৰ তাৰিখত অত্যন্ত
জনপ্ৰিয় অস্কাৰ ৱাইল্ড মৃত্যুৰ সময়লৈ দেউলীয়া হৈ পৰিছিল। লেখক ষ্টীগ
লাৰ্ছনক জীৱনকালত মানুহে কেৱল এজন সাংবাদিক বুলিয়ে জানি থাকিলে।
যোহান বাচ হেন আজিৰ প্ৰখ্যাত
সংগীতজ্ঞ জীৱিতকালত সিমান খ্যাত নাছিল। সংগীতৰ জগতত তেনেকৈয়ে আছে নিক ড্ৰেক, জেফ
বাকলী আদি নামবোৰ। জন লেলন হয়তো এইটো শাখাত তেনেকৈ নপৰে। কিন্তু তেওঁৰ মৃত্যুৰ
কাহিনীয়ে তেওঁৰ মৃত্যুৰ পিছত যে তেওঁক অনন্য এক জনপ্ৰিয়তাৰ শিখৰলৈ লৈ গ’ল সেইটো
কথা এইখিনিতে উনুকিয়াই থ’ব পাৰি। ইভা কাছিডী, ৰবাৰ্ট জনছন, কাৰ্ট কোবেইন ফ্ৰেডেৰিক
ডেলিয়াছ- আদিৰ নাম আছে এই একেখন তালিকাত। শিল্প-সাহিত্যৰ কথা পাতি আছোঁ হয়,
বিজ্ঞানৰ জগতখনো জানো পৃথক? ১৬৪২ চনতেই মৃত্যুবৰণ কৰা গেলিলিঅ’ গেলিলিৰ কাহিনীবোৰ
আমি প্ৰায় সকলোৱেই জানো। ঊনবিংশ শতিকাতহে তেখেতৰ পুনৰমূল্যায়ন সম্ভৱপৰ হৈ উঠিলগৈ।
তেনেকৈয়ে আহে গ্ৰেগৰ যোহান মেণ্ডেল, আলফ্ৰেড ৱেগনাৰ, আদিৰ নাম।
শিল্পী Urs Fischer-ৰ মমৰ ভাস্কৰ্য
শিল্পী Néle Azevedo-ৰ বৰফৰ ভাস্কৰ্য অধিষ্ঠাপন
এয়া হ’ল বিচাৰক সময়ৰ
কাহিনী। কথাখিনি কিছুমান ক্ষেত্ৰত উৎসাহজনক যেন লাগিলেও কিন্তু আচলতে পশ্বাদগামী।
ভিনচেণ্টৰ কাহিনীটোৱে গোটেই জীৱন দুখকষ্টত থকা এজন আধুনিকতাবাদী সমাজ-বিৱৰ্জিত
শিল্পীৰ ধাৰণাটোক সাৰ-পানী যোগায়। মৰাৰ পিছত ধন-সম্পত্তিৰেই বা কি কাম, মান-যশৰেই
কি কাম? ভালেখিনি অনুপ্ৰেৰণামূলক বা ম’টিভেচনেল কথাবাৰ্তাৰ পাৰ্শ্বজ্যোতি এয়েই যে
যিখিনি হ’ব আচলতে নালাগে সেইখিনিক মান্যতা দিয়া। একেধৰণৰ কথা আমি আগতেও এই শিতানতে
পাতি আহিছোঁ, দুখ কষ্টৰ মাজেৰেও কৃতকাৰ্যতা লাভৰ কাহিনীবোৰে আমাক প্ৰেৰণা দিয়ে হয়,
কিন্তু কৃতকাৰ্যতৰ বাবে দুখ-কষ্ট অথবা দাৰিদ্ৰ্যৰ যাতনা ভূগিবই লাগিব বোলা ধাৰণাটো
অত্যন্ত ৰোমাণ্টিক আৰু বিপদজনক। এনে প্ৰেৰণাৰ প্ৰয়োজন নাই যি প্ৰেৰণাবাণীয়ে
প্ৰকাৰান্তৰে একধৰণৰ দুঃখবিলাস বা মেলাংকলিহে লালন কৰিবলৈ লয়।
যি সময়ত প্ৰতিভা এটাৰ
উন্মেষ ঘটে তাৰ স্বীকৃতি তেতিয়াই লাগিব। সময়ৰ বিচাৰলৈ ৰৈ থাকিলে কথা নিসিজে। সময়ে
বিচাৰ কৰিব বুলি যিখিনি উদাহৰণ দি থকা হয় সেইবোৰ কিছু ব্যতিক্ৰমহে, সেয়া মান্য বা
ষ্টেণ্ডাৰ্ড হ’বলৈ দিব নোৱাৰি। ক্ৰীড়াৰ জগতত খেলুৱৈ এজনে তেওঁৰ আগবয়সতেই যিমান কাম
আছে কৰিব লাগিব। সময়ৰ বিচাৰলৈ ৰৈ থাকিলে শৰীৰে প্ৰতিভাৰ লগ এৰা দিব। লেখা-মেলাৰ
ক্ষেত্ৰতো একে কথা। আৰু বহুতো গুৰুত্বপূৰ্ণ প্ৰসংগ আহি পৰে। ২০০০ চনৰ নাটক এখনৰ
সমালোচনা এটা ২০২০ চনত প্ৰকাশ কৰিলে কাম নিসিজে। সেই সময়ৰ সাংস্কৃতিক চৰ্চাৰ
গতিবিধি আজিৰ তাৰিখত নিমিলিব। যিখন নাটকৰ অভিনয়ৰ আলোচনা কৰা হৈছিল সেইসকল অভিনেতাৰ
কোনোবাজন হয়তো আজিলৈ সিপুৰীও পালেগৈ।
যথাসময়ত প্ৰতিভাৰ
মূল্যায়ণ নোহোৱাৰ আখেজটো অসমতেই আটাইতকৈ বেছি যেন লাগে। কিন্তু এই আখেজটো কেৱল
আখেজ হৈয়ে ৰয়। তাৰ নিৰাময়ৰ কোনো উদ্যোগ আমি দেখা নাপাওঁ আৰু সেইকাৰণেই ‘সময়ে বিচাৰ
কৰিব’ কথাষাৰ অসমৰ বাবে আৰু বেছি ক্ষতিকাৰক। এটা বৌদ্ধিক আন্দোলন চলিবলৈ হ’লে কোন
সময়ত কোনজন ব্যক্তিয়ে কি কথা চিন্তা কৰিছে সেই চিন্তাৰ খতিয়ন সঠিকভাবে ৰ’লেহে তাৰ
সমৰ্থনত কিম্বা তাৰ বিতৰ্কত এটা বৌদ্ধিক বাগধাৰাই বিকাশ লাভ কৰিব পাৰে। চিন্তাৰো সময়
থাকে।
হে প্ৰিয় পাঠক,
আপুনিয়েই দ্ৰষ্টা। দ্ৰষ্টায়েই আচল স্ৰষ্টা। বিচাৰৰ ভাৰ আপোনাৰ। অনুগ্ৰহ কৰি সময়ক
বিচাৰক নাপাতিব। বিশ্বাসহীনতাৰ এটা যুগত বাস কৰি থাকি অন্ততঃ এইখিনি বুজি পাওক যে
সময়কো বিশ্বাস কৰিব নোৱাৰি।
প্ৰাচীন
ভাৰতীয় ধ্ৰুপদী সাহিত্যত পুতলা নাচৰ বহুতো অনুষঙ্গ আছে। বিশেষকৈ শ্ৰীমদ্ভাগৱতত পৰম
ঈশ্বৰক এক পুতলা নাচৰ পৰিৱেশক হিচাপেই উল্লেখ কৰা হৈছে, যিয়ে সত্ব, ৰজঃ, তমঃ- এই তিনিগুণৰ
তিনিডাল সূতাৰে এই জগৎ সংসাৰৰ পুতলা নাচ নিয়ন্ত্ৰণ কৰি থাকে।
ডোক্ৰা শিল্প
(পাঁচ)
মনস্তত্বঃ
এজন সুদক্ষ
প্ৰদৰ্শকৰ হাতৰ পুতলা এজন জীৱন্ত অভিনেতাতকৈ কোনো গুণে কম নহয়। অভিনয় শিল্পত মুখাৰ
ব্যৱহাৰৰ সৈতেও পুতলাক তুলনা কৰিবৰ থল আছে। ব্যক্তিত্ব আৰোপন বা ব্যক্তি গঢ়ি তুলিবৰ
মানসিকতাৰ ফালৰ পৰা পুতলা আৰু মুখাশিল্পৰ ভূমিকা একেই। এখন মুখাই যেনেকৈ এজন ব্যক্তি
বা এটা চৰিত্ৰ বা এটা বিশেষ ভাব আৰু অভিব্যক্তি প্ৰদৰ্শন কৰে তেনেকৈয়ে এটি পুতলায়ো
একে উদ্দেশ্যকে সমাপন কৰে। লোক পৰম্পৰা হিচাপে পুতলা নাচৰ জনপ্ৰিয়তা বিশ্লেষণ কৰি দেখা
যায় যে পুতলাৰ বাহ্যিক নৈৰ্ব্যক্তিক চেহেৰাটোৱেই নহয়, অন্য কিছুমান মনোবৈজ্ঞানিক কাৰণো
ইয়াৰ আঁৰত লুকাই আছে। মনোবৈজ্ঞানিকসকলৰ ভাষাত এষাৰ কথা হ’ল- ইচ্ছাপূৰণ বা wish
fulfillment.
পুতলা
নাচৰ পুতলাই হেনো এই তিনিটা ইচ্ছা পূৰ্ণ কৰে:
১) আমাৰ সকলোৰে আনৰ ওপৰত অধিকাৰ বা কতৃৰ্ত্ব
দেখুৱাবৰ এটা বাসনা থাকে। এজন পুতলা প্ৰদৰ্শক ওজাৰ এই ক্ষমতা যথেষ্ট। কাৰণ দৰ্শকৰ সন্মুখত
জীৱন্ত হৈ নাচি উঠা পুতলাকেইটিৰ ভগৱান সেই ওজাজনেই। তেখেত ইচ্ছামতে সেই পুতলাৰ ওপৰত
নিজৰ কতৃৰ্ত্ব খটুৱাব পাৰে।