ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Tuesday, May 31, 2022

পেখু পেখু (চৌৰাশী) : ‘বৰষুণ’ আৰু যাদু বাস্তৱতা

     ["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ৩ এপ্ৰিল, ২০২২]



অসমীয়া চিনেমাৰ শেহতীয়া বতৰৰ বাতৰি যথেষ্ঠ ভাল। একমুখী পাৰিবাৰিক কাহিনী আৰু বিনোদনসৰ্বস্ব ট্ৰিটমেণ্টৰ পৰা ফালৰি কাটি আহি অসমীয়া সমসাময়িক চিনেমাই নতুন নতুন বাটৰ সন্ধান কৰিছে আৰু ফলশ্ৰুতিত বিগত কেইবছৰমানত আমি ভালেকেইখন অগতানুগতিক চিনেমা লাভ কৰিলোঁ। এই আশাপ্ৰদ খবৰ-লানিৰ শেহতীয়া সংযোজন কৃষ্ণকান্ত বৰা পৰিচালিত বৰষুণ। অলপতে বিভিন্ন স্থানত কেইবাটাও প্ৰদৰ্শনী হৈ যোৱা এইখন চিনেমাক লৈ দৰ্শকৰ উৎসাহজনক প্ৰতিক্ৰিয়াই সূচায় কেনেকৈ দৰ্শকে চিনেমাখনক আঁকোৱালি লৈছে। চলচ্ছিত্ৰ মহোৎসৱত সমাদৃত হোৱাতকৈয়ো বেছি জৰুৰী এয়ে যে এইখন চিনেমাৰ অগতানুগতিক কাহিনী, অনবদ্য অভিনয় আৰু উপস্থাপন শৈলীয়ে প্ৰথম দৰ্শনতে দৰ্শক একোজনৰ মন জয় কৰিব পাৰিছে।   

দুটা ভয় মনত লৈ এই আলোচনাটোত আগবাঢ়িবলৈ লৈছোঁ- যিহেতু কাহিনী সম্পৰ্কীয় অলপ কথা পাতিম, সেয়ে এই লেখা এহাতে এটা ‘স্পইলাৰ এলাৰ্ট’, আনহাতে যিহেতু নতুন হিচাপে ই নতুন নতুন দৰ্শকৰ ওচৰলৈ যাবলৈ বিচাৰিছে, এই সময়ত সমালোচনাত্মক কথা অলপক নিৰ্মাতাবৃন্দই সহজকৈ গ্ৰহণ কৰিব নে নকৰিব সেই লৈ অলপ দ্বিধা ওপজিছে। সি যি কি নহওক, কথাবোৰ পতাটো বেয়া নহয়। 

চিনেমা শিল্পৰ সৈতে অৱগত ব্যক্তিমাত্ৰেই জানে যে চিনেমা এখনৰ বাবে ট্ৰিটমেণ্ট কিমান জৰুৰী। লগতে কিমান জৰুৰী ইয়াৰ ধাৰা, বা শৈলী বা genre নিৰ্ণায়ন। সম্প্ৰতি কেইবছৰমানৰ পৰা বহুখিনি নতুন ধাৰণা আৰু পটভূমিৰ অসমীয়া চিনেমা নিৰ্মাণ হৈ থাকিলেও এই শৈলী সংক্ৰান্তীয় স্পষ্টতা আমি বৰকৈ দেখা নাই। বহুল চৰ্চিত আৰু সমাদৃত ‘আমিষ’ ছবিখনতো আমি সেই সমস্যাই পাইছিলোঁ। বিষয়বস্তুলৈ চাই তাৰ ট্ৰিটমেণ্টে অন্য এটা দৃশ্য-ভাষা দাবী কৰিছিল। পাৰিবাৰিক ড্ৰামা নেৰেটিভ এটাৰ যি বিন্যাস সেই একে বিন্যাসেই চিনেমাৰ একমাত্ৰ ভাষা নিশ্চয় নহয়। ক্লিচে বা তেনেই অনুমেয় হ’লেও কিছুমান বিষয়বস্তুৱে দাবী কৰা চিনেমেটিক ভাষা প্ৰয়োগ কৰিবলগা হয়। কাহিনী বা চিত্ৰনাট্য, অভিনয় বা চিনেমেট’গ্ৰাফীত যিমান মনযোগ সচৰাচৰ দি থকা হয়, সামগ্ৰিক চিনেমাৰ ভাষা বা ইডিয়ম (বাকপ্ৰণালী) সম্পৰ্কে সিমানখিনি ভবা যেন হৈ থকা নাই। এয়া আমাৰ অনুভৱ। ‘বৰষুণ’ নামৰ এই সময়ৰ চিনেমাখন চাওঁতেও ১৯৯০ চনৰ আমোল পালেকাৰৰ ‘থ’ড়া ছা ৰূমাণী হ’ যায়ে’ চিনেমাখন মনলৈ অনাটো হয়টো পাপ নহয়। এইকাৰণেই নহয় যে, সেইখন চিনেমাই এটা ভাষিক অৱস্থান লৈ চলিছিল। বহুখিনি সংলাপ ‘টুকবন্দী’ত আছিল, মানে ছন্দোবদ্ধ। নেৰেটিভ আৰু মিউজিকেল-ৰ মাজৰ এটা সামঞ্জস্য লৈ চিনেমাখনে খেলিছিল। সৰ্ৱশেষত, চিনেমাখনৰ এটা ভাষা আছিল।   

যাদুবাস্তৱতা অসমৰ পৰিপ্ৰেক্ষিতত অত্যন্ত গুৰুত্বপূৰ্ণ। ৰাজনৈতিক, ঐতিহাসিক, নৃতাত্বিক, সামাজিক আৰু ভৌগলিক কাৰণতেই ই জৰুৰী। আমাৰ দেশত ইতিহাস-লেখনৰ সমস্যা বহুত। আৰ্কাইভ বা সংগ্ৰহ আৰু সংৰক্ষণৰ অভ্যাস আমাৰ তেনেকৈ নাই। কেৱল লিখিত ইতিহাসেই একমাত্ৰ ইতিহাস কিয় হ’ব? মুখে মুখে চলি অহা কাহিনী, সাধুকথা, গীত-মাত আদিবোৰ লৈ আমাৰ এটা সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আছে। সেই সাংস্কৃতিক উপাদানৰ মাজত নিহিত বাস্তৱতা আৰু সংগ্ৰহশালাই আমাক আৰু বহুত কিবাকিবি দিব পাৰে। তিলোত্তমা মিশ্ৰই তেওঁৰ ‘কা-মেইখাৰ ঘৰ’ উপন্যাসৰ আৰম্ভণীখিনিতে মৌখিক ইতিহাসৰ গুৰুত্বক সাব্যস্ত কৰাৰ দিশটো সেয়েহে আমি ভাল পাইছিলোঁ। 

সাধুকথা, লোকসাহিত্যৰ আন আন সমল আদি লৈ সমসাময়িক সাহিত্য ভালেখিনি আছে। কিন্তু চিনেমা আৰু নাটকত তাৰ প্ৰয়োগ আমি বৰকৈ দেখা নাই। একেবাৰে নথকাও নহয়, কিন্তু যিখিনি আছে সেইখিনিত ভাষাগত আৰু আদৰ্শগত সমস্যা বাৰে বাৰে আমাৰ চকুত পৰিছে। সমস্যাৰ আধাৰ বিতৰ্কটো হ’ল ফৰ্ম আৰু কণ্টেণ্টৰ সেই যাউতিযুগীয়া মীমাংসিত অথচ চিৰ-অমীমাংসীত বিতৰ্কটো। ফৰ্মটো বাদ দি বিষয়টো থিয় দি থাকিব পাৰে নে নোৱাৰে? আমি সমস্যাৰ গুৰি হিচাপে অলপ ভাবি যিটো পালোঁ সেয়া হ’ল- ল’জিক (যুক্তি)। সকলো শিল্পৰে এটা যৌক্তিক আধাৰ থাকে। অমুক কথাটো কিয় তমুকৰ দৰে হ’ল, কিয় ভুচুকৰ দৰে নহ’ল এনেধৰণৰ এটা যৌক্তিক বিন্যাস শিল্পকৰ্মই নিজে নিজৰ মাজতেই নিৰ্মাণ কৰি গৈ থাকে। প্ৰতিষ্ঠাপিত বা প্ৰতিৰূপিত (representational realism) বাস্তৱতাৰ ল’জিক, আমাৰ দৈনন্দিন জীৱনৰ ল’জিকৰ সৈতে নিমিলিবও পাৰে, আনকি, নিমিলাটোৱেই স্বাভাৱিক। অসমীয়া শিল্পী-সাহিত্যিকৰ কামত এইখিনিতেই দ্বিধা-দ্বন্দৰ সূত্ৰপাত হয় যেন লাগে। এই সমস্যাৰো গুৰি ‘শিল্পত সমাজ বাস্তৱতা’ শীৰ্ষক আধা-কেচেলুৱা সমাজবাদী প্ৰচলিত আলোচনাবোৰ যেনেই লাগে। ঠোৰতে আৰু এটা দিশ উনুকিয়াই থ’ব পাৰি। অসমীয়া চিনেমা আৰু চুটিগল্পৰ এটা অদ্ভূত সম্পৰ্ক আছে। ইটোৰ বিকাৰেৰে সিটো আক্ৰান্ত। অসমীয়া সমসাময়িক গল্পকাৰে বিশ্বমানৰ শ্ৰেষ্ঠ গল্পটো লিখিম বুলিয়ে গল্প এটা লিখিবলৈ বহে হ’বলা। সেয়েহে কাহিনীবোৰ কেতিয়াও সম্পূৰ্ণ নহয়গৈ। বিমূৰ্ততা ইমানেই বেছি যে কাহিনীৰ প্ৰাথমিক দাবীখিনিয়ে তাত নাথাকেগৈ। “শেষ হয়েও শেষ হলো না” এই চুটিগল্পৰ সংজ্ঞাটো অসমত খুবেই বেছি আক্ষৰিক অৰ্থত লোৱা হ’ল। এই “শেষ হয়েও শেষ হলো না” ধাৰণাটোতেই ভালেখিনি পৰীক্ষামূলক বা সমসাময়িক চিনেমাও আক্ৰান্ত।  

বৰষুণ। কাহিনীটো এটা মৌখিক মীথৰ দৰে। কীংবদন্তী যেন। তেনেই চিনাকি যেন লগা অথচ অচিনাকি এখন গাঁও। বৰষুণৰ সৈতে জড়িত ভালেখিনি অনুসংগ আছে। ভালেদিন ধৰি গাঁওখনত বৰষুণ নাই, সেয়ে খেতি-বাতি নাই হোৱা, মাছ বেচি উপাৰ্জন কৰা পৰিয়ালবোৰৰ আহুকাল হৈছে। উবুৰি খাই থকা বা বাগৰি থকা খালৈ এটাৰ দৃশ্য সেয়েহে অত্যন্ত প্ৰাসংগিক, আৰু চিনেমাখনত তাক যথাযথ ৰূপত দাঙি ধৰা হৈছে। আৰম্ভণীৰ ফালে বেছ কিছু সময় ধৰি ভেকুলীৰ বিয়া দেখুওৱা হৈছে। ইমান দীঘলীয়াকৈ দেখুওৱাৰ কাৰণটো পিছলৈ গৈ দৰ্শক ৰাইজে নিজেই বুজি পাব। কাহিনীৰ কেন্দ্ৰমূলত আছে সকলোৱে বেঙা বোলা বেঙা ল’ৰা এটা আৰু বেঙী নামৰ বেঙী ছোৱালী এজনী। সিহঁত দুয়োটাৰে সম্পৰ্ক খুব ধুনীয়াকৈ দেখুওৱা হৈছে। এই সম্পৰ্কটোক মৰ্যাদা সহকাৰে বুজি পায় বেঙাৰ মাকে। নিয়মমতে বেঙা আৰু বেঙীৰেই বিয়াখন হ’বগৈ লাগে। স্পষ্টকৈ ক’লেও নক’লেও সকলোৱে বুজি পোৱাকৈ উপস্থাপন কৰা হৈছে। কিন্তু এজাক বৰষুণৰ বাবে উত্ৰাৱল হৈ থকা গাঁৱৰ ৰাইজে কোনোবা এজন বামুণৰ কথামতে বেঙাৰ বিয়া পতাই দিয়ে গাঁৱৰে এজন অবিবাহিত হৈ থকা আন এজন পুৰুষৰ সৈতে। এজন বুঢ়া মানুহ। যি কেতিয়াও কোনো কথা নকয়, এক কথাত গাঁৱৰ ‘নিমাতী ককা’। এটা নাভূত নাশ্ৰুত ঘটনা। অদ্ভূত বিয়াখন হ’ল, একমাত্ৰ গাঁওখনৰ ভৱিষ্যতৰ স্বাৰ্থত। তাৰ পিছতে এজাক বৰষুণ। বৰষুণত মাছ সৰিছে। কিন্তু বৰষুণ আচলতে নহ’ল। সেয়া সপোন। গাঁওখন সেই একেই আগৰ দৰেই আছে। 

চমুৱাই ক’লেও পাঠকে সম্ভৱতঃ বুজি পাইছেই কাহিনীৰ একাংশ। এইখিনিতে আমাৰ ফালৰ পৰা অলপ সংযোজন আগবঢ়াম কাহিনীটোলৈ। কোনোবা বামুণে আহি ক’লেহি যে দুজন অবিবাহিত পুৰুষৰ মাজত বিয়া সম্পন্ন হ’লে বিয়া হ’ব। সেইমতে গাঁৱৰ মানুহে কৰিলেও। বেঙাৰ সৈতে সেই ‘নিমাতী ককা’ৰ বিয়া হ’ল। ইয়াৰ পিছত কাহিনীটো আৰু অলপ আগুৱালে কি ক্ষতি হ’লহেতেন? এই ধৰক, বামুণৰ কথামতে বিয়াখন হ’ল, কিন্তু বৰষুণ নহ’ল। তাৰ পিছত হঠাতে, ঘটনাক্ৰমে বেঙা আৰু বেঙীৰ এটা সম্পৰ্ক ঘটিল। বেঙাই হয়তো বেঙীক পলুৱাই নিলে। যিয়েই নহওক, ঠিক সেইদিনাই সঁচা অৰ্থতে গাঁওখনত বৰষুণ হ’ল। কাহিনীটোৰ এটা সম্ভাৱ্য পৰিক্ৰমা ইয়াত শেষ হ’ল হেতেন। কিজানিবা। এটা গল্প, এটা কাহিনী শেষ হ’লহেতেন। এখন চিনেমাই এটা পৰিসমাপ্তি পালেহেতেন। তাতোকৈ ডাঙৰ কথা এটা যাদুকৰী বাস্তৱতাই পোখা মেলিলেহেতেন।   

শেষ পৰ্যন্ত কিবা মেজিক এটা হ’বলৈ গৈ গৈ মেজিকটো নহ’লগৈ। বেঙা আৰু বেঙীৰ মিলন যিহেতু সম্ভৱপৰ নাছিল, সেই সামাজিক প্ৰতীয়মান ল’জিকতে নিৰ্মাতামণ্ডলীয়ে চিনেমাখন শেষ কৰি থ’লে। এইখিনিতে চিনেমাখনক লৈ আমাৰ ঘাই আপত্তি। 

তাৰ পিছৰ কথাখিনি এতিয়া ক’ম। গোটেই চিনেমখন বহুদিন বৰষুণ নোহোৱা এখন গাঁৱৰ কাহিনী। কিন্তু দেখা গৈছে গাঁওখন গছে-বনে ভৰা গাঁও এখন। কোনোটো দৃশ্যতেই কোনোপধ্যেই মানি ল’ব নোৱাৰি যে এইখন এখন বৰষুণৰ মুখ নেদেখা গাঁও। ক’তো শুকান মাটি এডৰাও নাই, শুকান খেতি এডৰাও নাই। জৈৱ-বৈচিত্ৰৰে ভৰা এই অসমত শুকান পৰিৱেশ এটা বিচাৰি উলিওৱাটো ইমান সাংঘাতিক কাম এটা নাছিল হয়তো। চিৰাল-ফাট দিয়া চোতাল এখন খুব কষ্টসাধ্য নাছিল কিন্তু! গোটেই চিনেমাখন আন্ধাৰ-আন্ধাৰ। বিশেষ প’ৰ্ট্ৰেইট ভিত্তিক শ্বটখিনিতো ৰিফ্লেক্টৰ হিচাপে থাৰ্ম’ক’ল এখনো ব্যৱহাৰ কৰা নাই যেন লাগিল। থ্ৰী-পইণ্ট লাইটিং নাই। আজিৰ তাৰিখত, এই শতিকাত, য’ত ঘৰে ঘৰে ফাইভ-ডি কেমেৰা আৰু ড্ৰোণ, এই সময়ত আৰু এই স্থানত “বাজেট নাছিল”- এই অজুহাত আচলতে আৰু গ্ৰহণযোগ্য হৈ নাথাকে। একে সময়তে আমি এই সময়ত প্ৰশ্ন কৰোঁ এফ-টি-আই-আই বা এছ-আৰ-এফ-টি-আইৰ পৰম্পৰাগত ফিল্ম স্কুলিঙক। নন্দনতাত্বিক দিশেৰে এই আন্ধাৰ-আন্ধাৰ চিনেমেট’গ্ৰাফীয়ে আমাক এখন হৰা-ভৰা/ ভৰপূৰ বৰষুণ-ঘন গাঁৱৰ ইংগীতহে দি থাকিল। ক’তো কোনোপধ্যেই নালাগিল যে এইখন গাঁৱত বহুকাল ধৰি বৰষুণ নাই। দৃশ্যমান সংৰচনাতো সমস্যা বহুত। মথাউৰীৰ এটা আনুভূমিক সমতলত এটা দৃশ্য নিৰ্মাণ হৈছে। ওপৰে আকাশ, তলে মাটি। কিন্তু সেই ‘তলে মাটি’ স্থানত চৰিত্ৰখিনি আহি বহিছেহি, কথাও পাতিছে, সেইবোৰ দেখাও যোৱা নাই। প্ৰথম দৃষ্টিত এয়া সাংঘাতিক ভাল কম্পোজিছন, কিন্তু বাস্তৱিকতে সমস্যাবহুল।

 


চিনেমেটিক ভাষা সম্পৰ্কেও অলপ কথা হওক। ব্যক্তিগত ভাৱে আমাৰ সদায়ে প্ৰিয় লং শ্বট, চিংগল শ্বট কেমেৰা, কণ্টিন্যুৱাছ কেমেৰা। এইখন চিনেমাত এনে ভালেখিনি বুদ্ধিমান দৃশ্য আছে। কিন্তু গোটেই চিনেমাখনৰ সামগ্ৰিক ভাষাৰ সৈতে সি কেনেকৈ কাম কৰিছে? এইটো এটা ডাঙৰ প্ৰশ্ন। বহুতখিনি দৃশ্য চিংগল শ্বট, কিন্তু নামঘৰৰ চুকুৱেন্সটো তেনে নহয়। সমসাময়িক অসমীয়া চিনেমাত কেৱল এখন চিনেমাইহে এই চিনেমেটিক-ডিভাইছটো সাৰ্থকভাৱে ব্যৱহাৰ কৰিছিল। সেইখন হ’ল জয়ছেং দহোতীয়াৰ ‘হান্দুক’। এইখন চিনেমাত দীৰ্ঘম্যাদী চিংগল শ্বট বহুত আছে। কিন্তু নামঘৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ দৃশ্যটোত আকৌ প্ৰয়োগ হ’ল মণ্টাজ। ই চিনেমাখনৰ সামগ্ৰিক ভাষিক সংৰচনাত ব্যাঘাত জন্মাইছে। আৰু দুটামান দিশত আপত্তি থাকিল। বেঙী এটা কেন্দ্ৰীয় চৰিত্ৰ। কিন্তু চিনেমাখনত শেষ পৰ্যন্ত বেঙীৰ বিষয়ী উপস্থিতিক (subjectivity) যেন সিমান গুৰুত্ব দিয়া নহ’ল, যিমান দিব লাগিছিল। প্ৰথমৰ পৰা শেষলৈকে বেঙী কেৱল বেঙী হৈয়েই থাকি গ’ল। ব্যক্তি হিচাপে ওলাই আহিলনে? এটা প্ৰশ্ন। একেদৰেই, বেঙা আচলতে কিমান বেঙা, আৰু কিয় বেঙা সেইটো লৈয়ো অলপ প্ৰশ্ন ৰৈ গ’ল। তেনেকৈয়ে সেই বৰষুণত মাছ সৰি সৰি পৰাৰ সপোনটো বেঙাই কিয় দেখিলে সেইটোও এটা প্ৰশ্ন। বেঙাই নেদেখি সেই সপোনটো ‘নিমাতী ককা’ই যদি দেখিলেহেতেন, তেতিয়া কি হ’ল হেতেন? এয়া কোনো সিদ্ধান্ত বা আপত্তি নহয়, এজন দৰ্শক হিচাপে থিতাতে মনলৈ অহা কিছুমান প্ৰশ্ন মাথোঁ।    

 

ভালেখিনি নঞৰ্থক দিশ উনুকিওৱাৰ পিছতো ক’ম, এইখন এখন উপভোগ্য আৰু লগতে এখন সমূলাঞ্চে ভাল চিনেমা। চৰিত্ৰায়ন এটা অনন্য দিশ। বেঙাৰ মাক জৰুৰী, নিমাতী বুঢ়া জৰুৰী, গাঁওবুঢ়াও জৰুৰী। চিনেমাখনত গাঁওবুঢ়াৰ পুতেকৰ চৰিত্ৰ এটা আছে- যি ভিলেইন। পাৰস্পৰিক সম্পৰ্ক, বাসনা আৰু ইচ্ছাৰ কেতবোৰ দিশ এইখন চিনেমাই খুব ধুনীয়াকৈ ধৰিছে যিবোৰ আন বহু চিনেমাই উলাই কৰি চলে। গাঁওবুঢ়াৰ পুতেক শেষ পৰ্যন্ত কেৱল ভিলেইন হৈ নাথাকে। সংসাৰৰ আওভাও বুজি নোপোৱা বেঙাই নিজৰ বিয়াৰ মণ্ডপৰ পৰা এবাৰ বেঙীলৈ ঘূৰি চায়। বেঙীয়েও বেঙালৈ চায়। সাংঘাতিক দৃষ্টি (Gaze)-ক মূলাধাৰ কৰি কৰা এটা চিকুৱেন্স আছে চিনেমাখনত। এই দৃষ্টিৰ খেলখনত গাঁওবুঢ়াৰ পুতেকো আছে। এই দৃশ্যটো ইমানেই গুৰুত্বপূৰ্ণ যে ই পপুলাৰ চিনেমাৰ হিৰো আৰু ভিলেইনৰ বাইনেৰীটোক নস্যাৎ কৰিব খোজে।

 

অত্যন্ত জটিল, কিন্তু একে সময়তে উপভোগ্য এখন চিনেমা- বৰষুণ। আৰু কেইবছৰমান যাওক, এইখন চিনেমাৰ ৰিমে’ক কৰিব পৰা যাব। এইষাৰ কথা গুৰুত্বপূৰ্ণ। আজিলৈকে কোনো অসমীয়া চিনেমাৰ ৰিমে’ক কৰাৰ সম্ভাৱনাৰ কথা আমি কোৱা নাই। এইখন চিনেমাৰ কাহিনীয়ে আৰু ডিটেইলে সেই ধাৰণাটো মনলৈ আনিছে। মানে এইখন পটেন্সিয়েল এখন চিনেমাই হয়।     

 


 সমুদ্ৰ কাজল শইকীয়া kankhowa@gmail.com, +91 9811375594

No comments: