["দৈনিক অসম"ৰ দেওবৰীয়া চ'ৰাত প্ৰকাশিত, ১৩ মাৰ্চ, ২০২২]
পাৰভেজ কবিৰ, ব্যাখ্যাচিত্ৰ |
এজন গৱেষক তথা চলচ্ছিত্ৰ নিৰ্মাতাই তথ্যচিত্ৰ এখন নিৰ্মাণ কৰিবলৈ লৈছিল, ‘নেলীত আচলতে ঘটিছিল কি’ নামেৰে। তাৰ কেন্দ্ৰীয় চৰিত্ৰ বাস্তৱ পাটগিৰীক বাদ দি আটাইবোৰ চৰিত্ৰই আছিল সেই সময়ৰ ইতিহাসৰ পাতৰ পৰা উঠি অহা। পৰিচালকৰ নিজৰ ভাষাৰেই এইখন আছিল এখন ডকু-ফিকচন। কিন্তু ফিকচন বুলি কোনো কল্পনাৰ ৰহণ ইয়াত নাছিল। কেৱল কাহিনীটো আগবঢ়াই নিবৰ সুবিধাৰ বাবে আৰু দৰ্শকৰ বাবে আৰু অধিক কমিউনিকেবল কৰিবৰ বাবে তেওঁ এই এটা মাত্ৰ চৰিত্ৰ নিৰ্মাণ কৰি লৈছিল। কাৰণ পৰিচালকৰ এটা মূখ্য যৌক্তিক আধাৰ এয়ে আছিল যে এজন ধাৰাভাষ্যকাৰে ধাৰাবিৱৰণী দি যোৱাটো ডকুমেণ্টৰী মেকিঙৰ এটা উৱলি যোৱা পদ্ধতি। তথ্যচিত্ৰও যে শিল্প, ডকুমেণ্টৰিও যে চিনেমা- সেই কথা উলাই কৰা নচলে।
তথ্যচিত্ৰখনৰ বিষয়বস্তু যিহেতু যথেষ্ঠ স্পৰ্শকাতৰ আৰম্ভণীৰে পৰাই নিৰ্মাতাই বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। নব্বৈ মিনিটৰ চিনেমাখনৰ অসম্পূৰ্ণ অৱস্থাতে সত্তৰ মিনিটৰ এটা ‘ডাৰেক্টৰ্ছ কাট’ তেখেতে যোৱাবছৰ চেপ্তেম্বৰ মাহত গুৱাহাটী প্ৰেছ ক্লাবত এমুঠি বচা বচা ব্যক্তিৰ আগত পৰিৱেশন কৰিছিল। সুধীজনৰ দিহা-পৰামৰ্শ তেওঁ বৰকৈ আশা কৰিছিল যদিও ঘটনা হিতে বিপৰীত হোৱাৰ দৰে হ’ল। সঁচা ঘটনাৰ আধাৰত বৰ্ণনা এটা নিৰ্মাণ কৰোঁতে এটা কাল্পনিক কাহিনী আহি কেনেকৈ সোমালহি সেয়া এক তুমুল বিতৰ্ক আৰু ককৰ্থনাৰ কেন্দ্ৰবিন্দু হৈ উঠিল। কেইজনমান মৃত সঁচা ব্যক্তিৰ চৰিত্ৰক যে বাস্তৱিক কাৰণতেই পুনৰনিৰ্মাণ কৰিবলগা হৈছিল সেইটো বাৰু সকলোৱে বুজি লৈছিল। কিন্তু যিসকল জীৱিত ব্যক্তিৰ সাক্ষাৎকাৰ সন্নিবিষ্ট কৰা হৈছিল তাৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি কেইগৰাকীয়েই যে বাদ পৰি ৰৈছিল সেই কথাটোত বিতৰ্ক গৈ তুংগত উঠিল। পৰিচালকগৰাকীয়ে কৈফিয়ৎ দি দি ভাগৰি গ’ল। এতিয়ালৈ জীৱিত ব্যক্তিসকলৰ ভিতৰত অশীতিপৰ বৃদ্ধ জ্ঞান ভড়ালী আৰু মাৰিফা নামৰ মৰণমুখী শয্যাশায়ী মহিলা এগৰাকী- এওঁলোক দুজনেই যে আটাইতকৈ বেছি ‘অ’থেণ্টিক’ সমল সেই কথানো কোনে নাজানে? এইখন যে সম্পূৰ্ণ তথ্যচিত্ৰখন নহয়, সেই দুই পুৰোধা ব্যক্তিৰ সান্নিধ্যৰ সৈতেই যে তথ্যচিত্ৰখনৰ মোখনি মাৰিবলৈ পৰিকল্পনা কৰি আছে, বিভিন্ন অসুবিধাৰ বাবে যে সেই কাম সম্পূৰ্ণ হৈ উঠাগৈ নাই- পৰিচালকে এইবোৰ কথা যিমানেই কৈ কৈ ভাগৰিল; উপস্থিত সমালোচকবৃন্দ সিমানেই তেওঁক জবাবদিহি কৰি কৰি নাভাগৰিল।
পৰিচালকজন নাছোৰবান্দা। সেই ঘটনাই তেওঁক টলাব নোৱাৰিলে। বহু দিন ধৰি কৰি থকা এই কামটো তেওঁ মাজতে এৰি দিব নোৱাৰে। পুৰ্ণ উদ্যেমৰে তেওঁ আকৌ কামত লাগিল।
জ্ঞান ভড়ালী আৰু মাৰিফাক লগ কৰাটো
যেনেকৈ সহজ কথা নাছিল, তেওঁলোকৰ মুখৰ কথা উলিয়াব
পৰাটোও বৰ মুখৰ কথা নাছিল। অশেষ কষ্টৰে যত্নৰে পৰিচালকে জ্ঞান ভড়ালীক তেওঁ নিজৰ
প্ৰকল্পৰ কথা ক’লে। তেওঁ কোনো আগ্ৰহ প্ৰকাশ নকৰিলে। তথাপি
হতোদ্যম নহৈ পৰিচালকে তেওঁ কাক কাক লগ কৰিলে, কোন কোন মানুহে
কি কি কথা ক’লে কৈ গ’ল। লাগে লাগে এজন
এজন মানুহৰ ব্যাখ্যা ভড়ালীয়ে নাকচ কৰি গ’ল। গোটেই
প্ৰকল্পটোৱেই এনে হ’ল যেনিবা সমূলাঞ্চে ভুলৰ ওপৰতেই আধাৰিত
হৈ ৰৈছে এতিয়ালৈকে। যি কেইজন মৃত ব্যক্তিৰ কথা ওলাল তেওঁলোক হেনো আচল ঘটনাৰ আগতেই
ঢুকাইছিল। এই ঘটনাৰ সৈতে কোনো সংগতি নাই। বাকী কেইজনৰ কেইজনমান আচলতে পিছতহে
মাটি-বাৰী কিনি নেলীত ঘৰ কৰিছিলহি। তাৰে কোনোবাজনে আসৈ
মাতিছে, কোনোবাজনে হয়তো সঁচা কিবাই কৈছে কিন্তু পৰিচালকে
ভুলকৈ বুজিছে। তেন্তে আচলতে ঘটিছিলনো কি, আপুনিয়ে কওক। নাই,
নকয়। জ্ঞান ভড়ালীয়ে মুখ নোখোলে। মাৰিফা তেনেই অলৰ বুঢ়ী। কোনো কথাৰেই
কোনো প্ৰতিক্ৰিয়া দেখুৱাবলৈ নিবিচাৰে। এই নিৰ্লিপ্ততাক কেনেকৈ ভঙা যায়? ভড়ালীয়ে এনেকৈ অভিযোগ কৰিছে যে বুলি কিবা এটা কয়। তেতিয়া তেওঁ মূৰ দুপিয়াই
বুজায়- তেওঁ ঠিকেই কৈছে। ভড়ালীয়ে তেনেকৈ আপত্তি কৰিছে বুলি পৰিচালকে কিবা এটা কয়।
তেতিয়া মাৰিফাই মূৰ দুপিয়াই বুজায়- তেওঁ ঠিকেই কৈছে। এতিয়া পৰিচালক পৰিল সমস্যাত।
তেন্তে ইমানদিনে তেওঁ ভুলৰ উপৰি ভুলকেই চয়ন কৰি আহিছিল নেকি?
[ইয়াৰ পিছত যদিহে বাস্তৱ পাটগিৰীক লৈ পৰিচালকে কাম আগুৱাই নিছে, তেনেহ’লে আশাকৰোঁ আমি সোনকালেই ডকুমেণ্টৰীখন চাবলৈ পাম। পৰিচালকগৰাকীলৈ আমাৰ শুভেচ্ছা থাকিল।]
সমুদ্ৰ
কাজল শইকীয়া
kankhowa@gmail.com, +91 9811375594
No comments:
Post a Comment