ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Friday, October 3, 2025

জুবিন গাৰ্গ ফেনামেনন

 

জুবিন গাৰ্গ এটা ফেনামেনন, প্ৰপঞ্চ। একক ব্যক্তিপৰিচয়ৰ উৰ্দ্ধত কিছু লোক যেতিয়া একোটা পৰিঘটনাত পৰিণত হয় তেতিয়া পাতিবলৈ বহু কথা ওলায় আৰু কথাবোৰ পতাও উচিত। কেনেকৈ কি কি পদ্ধতিতে জুবিন গাৰ্গ নামটো অসমৰ সাংস্কৃতিক, সামাজিক, সামূহিক, ৰাজনৈতিক জীৱনৰ এটা অৱিচ্ছেদ্য অংগ হৈ উঠিল সেয়া পৰ্যবেক্ষণ কৰাটো আজি জৰুৰী। সাংস্কৃতিক সমালোচনাৰ পৰিভাষা আমাক এইখিনিতেই লাগে। শ্ৰেণী, বয়স অথবা গোষ্ঠীগত পৰিচয় অতিক্ৰমি অসমৰ প্ৰতিজন ব্যক্তিৰ দৈনন্দিন জীৱনৰ ব্যক্তিগত স্মৃতিত জুবিন নামতো আজি এনেকৈ আঁহে আঁহে শিপাই গ’ল যাৰ দৃষ্টান্ত অতীজতো নাছিল, আৰু সম্ভৱ অনাগত দিনবোৰতো আৰু কেতিয়াও নঘটিব। আৰু এই কথাষাৰ একেবাৰেই অতিশয়োক্তি নহয়। আজিৰ পৰা বাৰ তেৰ বছৰমান আগতেই আমি ‘জুবিন গাৰ্গৰ সন্ধানত’ শীৰ্ষক এটা অলোচনা আগবঢ়াইছিলোঁ। সেই সময়তো তেওঁ অত্যন্ত জনপ্ৰিয় আৰু সৰ্বজনবিদিত নাম, অবিসম্বাদী একছত্ৰী সম্ৰাট বুলিলেও ক্ষতি নাই। জুবিন গাৰ্গক সন্ধান কৰিব নালাগে, তেওঁৰ উপস্থিতি ইমানেই অপ্ৰতিৰোধ্য আৰু অনুপেক্ষণীয় যে আপুনি বিচাৰিলেও বা নিবিচাৰিলেও দিনটোত এই নামটোৰ সৈতে এবাৰ নহয় এবাৰ সাক্ষাৎ ঘটিবই। এটা বিশেষ কণ্ঠ ক’ৰবাৰ পৰা ভাঁহি নহাকৈ আপুনি বজাৰলৈ যাব নোৱাৰে, বাচত উঠিব নোৱাৰে, কাৰোবালৈ ফোন কল এটাও কৰিব নোৱাৰে। এনে এটা নামৰ পৰিচয়ক লৈ লেখা এটাৰ শিৰোনামত যদি ‘সন্ধানত’ বোলা কথাষাৰ থাকে তেন্তে বুজিব লাগিব ইংগিতসূচক বিৰোধাভাস সেইখিনিতেই আছে। লেখাটো লিখাৰ বহু পলমকৈ ব্যক্তিগত ব্লগৰ যোগেদি ২০১৭ চনৰ জানুৱাৰী মাহত পুনৰপ্ৰচাৰ কৰোঁতে ই ভালেমান দৰ্শক-শ্ৰোতা-পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। লেখাটো নি আন এজনে ‘ক’ত হেৰাই গ’ল জুবিন গাৰ্গ’ নামেৰে অন্যত্ৰ প্ৰকাশ কৰিছিল, যদিওবা সলনি কৰা শীৰোনামটো ভাল পোৱা নাছিলোঁ। আজি সেই লেখাটোৰ উল্লেখ এইবাবেই কৰিলোঁ কাৰণ লেখাটোৰ ধৰণ আছিল সাংস্কৃতিক সমালোচনাৰ। সমালোচনাৰ নামত নিন্দাবাদ নহয়, অনাহক প্ৰশস্তিও নহয়, বৰঞ্চ এজন সাংস্কৃতিক কৰ্মীৰ কৰ্মযাত্ৰাৰ এটা অধ্যয়ন। আজি হঠাৎ জুবিন গাৰ্গ আৰু নাই বোলা কথাষাৰ প্ৰচাৰ হোৱাৰ লগে লগে সমগ্ৰ অসম জুৰি যি অসহনীয় শূন্যতাৰ সৃষ্টি হৈছে- এই সময়তেই মানুহে আকৌ এবাৰ অনুধাৱন কৰিবলৈ বিচাৰিব কেনেকৈ সফলতা আৰু বিফলতাৰ, প্ৰশস্তিৰ আৰু নিন্দাৰ, সমৰ্থনৰ আৰু সংঘাতৰ মিশ্ৰণৰ মাজেৰেও কেনেকৈ এটা ব্যক্তিত্ব এটা বিৰাট প্ৰপঞ্চ হৈ উঠিব পাৰে। 

উত্তৰ হিচাপে থাওকতে মনলৈ অহা এটা দিশত আছে এজন ব্যক্তিৰ কৰ্মস্পৃহা আৰু উদ্যম। অসমত সাংস্কৃতিক ক্ষেত্ৰত বৰকৈ কাম কৰাৰ সুযোগ নাই বুলি আমি কৈ থাকোঁ। গান, অভিনয়, ছবিৰে পেট নভৰে বোলা কথাষাৰ প্ৰায় আপ্তবাক্য। নাই নাই কৰি থকাটো আমাৰ পুৰণি দস্তুৰ। তেনে পৰিৱেশতেই জুবিন গাৰ্গে কেইবাহাজৰো (৩৬ হাজাৰ?) গান গালে, ৪৪ খন চিনেমাত সংগীত পৰিচালনা কৰিলে, ৪০ টামান ভাষাত চৰ্চা কৰিলে। এয়া অদম্য কৰ্মস্পৃহা নহয় যদি কি? লগতে এয়াও মন কৰিবলগীয়া যে ‘অনামিকা’ নামৰ এলবামটিৰে আত্মপ্ৰকাশ কৰাৰ সময়ৰ পৰা আজিলৈকে প্ৰায় ৩৩-টা বয়সৰ এই কৰ্মজীৱন আছিল নিৰবিচ্ছিন্ন আৰু সমানে ত্বৰাম্বিত। কেৱল প্ৰতিভাই জুবিনক জুবিন কৰা নাই, কৰিছে তাৰ লগতে থকা কৰ্মস্পৃহা আৰু উদ্যমে। যিকোনো ক্ষেত্ৰৰ কৰ্মীয়েই জীৱনত কৰ্মবিৰতি লয়, তাৰ পিছত আকৌ কৰ্মলৈ প্ৰত্যাৱৰ্তন কৰে। কিন্তু জুবিনৰ ক্ষেত্ৰত কৰ্মবিৰতি নাই, জুবিন গাৰ্গে কেতিয়াও চাবাটিকেল (sabbatical) লোৱা নাই। কেৱল সেয়ে নহয়, তিনিটা দশক ধৰি তেওঁৰ কণ্ঠৰ মাধুৰ্য আৰু তাৰ প্ৰতি গুণগ্ৰাহীৰ আগ্ৰহ একেই থাকিল যিটো প্ৰায় দুৰ্লভ এটা গুণ। সকলো কণ্ঠশিল্পীৰেই কণ্ঠৰ আৱেদন আৰু তাৰ প্ৰতি শ্ৰোতা-ৰাইজৰ আন্তৰিকতাৰ তাৰতম্য ঘটে। লতা মংগেশকাৰৰো আগবয়সৰ মাত আৰু শেষৰ ফালৰ মাতৰ তাৰতম্য আছে। ভূপেন হাজৰিকাৰ গানসমগ্ৰলৈ চালে আগবয়স, মাজ বয়স আৰু শেসবয়সৰ তিনিটামান টেক্সাৰ অনুভৱ কৰা যায়। একেবাৰে শেহতীয়াকৈ জুবিন গাৰ্গৰো কণ্ঠলৈ কিছু বয়সগত পৰিৱৰ্তন আহিবলৈ লৈছিল যদিও তাৰ আৱেদন আৰু গায়কীৰ মেজাজত সাংঘাটিক তাৰতম্য ঘটা নাই। জনপ্ৰিয়তাৰ মাপকাঠিতো তিনিটা দশক ধৰি তাৰ মান কেতিয়াও অৱনমিত হোৱা দেখা নগ’ল- যিটো সঁচাকৈয়ে বিৰল।    

কৰ্মস্পৃহাৰ সৈতে সাঙোৰ খাই থকা আনটো দিশ- উদ্যম। মৃত্যুৰ সময়লৈ ব্যক্তিজনৰ বয়স হ’লেগৈ বাৱন্ন। পঞ্চাশোৰ্ধৰ ব্যক্তি এজনক সচৰাচৰ আদহীয়া ব্যক্তি বা প্ৰৌঢ় বুলিয়েই কোৱা হয়। কিন্তু জুবিন সেই চেঙেলীয়া ল’ৰাজনেই হৈ থাকিল, ‘দূৰন্ত তৰুণ’! যাৰ ফলত আমি কাৰো মুখত “শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়া”- এনেধৰণৰ সম্বোধন শুনিবলৈ পোৱা মনত নপৰে। এটি পাঁচবছৰীয়া শিশুৰ বাবেও জুবিন, অশীতিপৰ বৃদ্ধা এগৰাকীৰ বাবেও জুবিন। সকলোৰে বাবে এটাই সম্বোধন। যেন ঘৰৰে, পৰিয়ালৰে, নিকটতম কোনোবা এজন। যাক একান্তকৰণে ভাল পাব পাৰি, আৰু সেই ভালপোৱাৰ সূত্ৰেৰেই গালিও পাৰিব পাৰি। এই নিকট-সন্নিধি সম্ভৱপৰ হৈ উঠাৰ এটা অন্যতম কাৰণ আছিল জুবিনৰ মাজত চিৰ-আৱৰ্তমান তাৰুণ্য।   


কেইবাহাজৰ গান গোৱা, আৰু প্ৰায় প্ৰতিটো গীতেই শ্ৰোতাই আঁকোৱালি লোৱা গায়ক এজনৰ কোনটো গান আটাইতকৈ জনপ্ৰিয় এই প্ৰশ্নটো অবান্তৰ। তথাপি বহুল উল্লেখ, বাৰম্বাৰ কৰা পুণৰ-পৰিৱেশন আৰু শ্ৰোতাৰাইজৰ ‘বিপুল দাবী’ আদিলৈ চাই তেনেকুৱা এটা মাত্ৰ গানৰ কথা যদি ক’বই লাগে তেন্তে সি হ’ব- মায়াবিনী। গানটোৰ নিৰ্মাণৰ সময়ত (২০০১) জুবিন গাৰ্গৰ কেৰিয়াৰ আৰু জনপ্ৰিয়তা তুংগত। অসমীয়া আধুনিক গীতৰ সহজাত শ্ৰোতাৰ আকাংক্ষিত মেল’ডী ইয়াত আছে যাৰ বাবে সকলোৱে ইয়াক সহজেই আঁকোৱালি ল’লে, তাৰ লগতে এইটোও সত্য যে ইয়াৰ সুৰ আৰু বাদ্যযান্ত্ৰিক সংযোজন জুবিনৰ পৰৱৰ্তী কালৰ অসমীয়া ভূপালি আশ্ৰিত ট্ৰেণ্ডটোৰ পৰাও ই পৃথক। মেল’ডীপ্ৰধান হোৱাৰ বাহিৰে আন অসমীয়াত্ব গীতটোত নাই। পশ্চিমীয়া পপ আৰু ৰক ধাৰাৰ হাত ধৰিয়েই জুবিন গাৰ্গে প্ৰাথমিক জনপ্ৰিয়তাখিনি আয়ত্ব কৰিছিল। এবাৰ দিল্লীৰ এটা পৰিৱেশনত তেখেতে এই গানটো স্পেনীছ গীটাৰ বাদনৰ এটা পৰম্পৰাৰ অনুৰণন সংযোজন কৰি পৰিৱেশন কৰিছিল। এই গানটো এটা ট্ৰেঞ্জিচন। পাছলৈ ৰক বা পপ ধাৰাৰ গানতকৈ বিহুসুৰীয়া বা অসমীয়া প্ৰচলিত গীতৰ ধাৰাটোতেই তেওঁ বেছিকৈ গান গাবলৈ ল’লে। 

উত্তৰ-ভূপেন্দ্ৰ যুগত অসমীয়া গীতৰ জগতলৈ এক পীড়াদায়ক বিপৰ্যয় নামি আহে- সেয়া হ’ল গীতৰ কথাংশ, যাক বহুতেই গীতিসাহিত্য বুলি উল্লেখ কৰে সেই ক্ষেত্ৰখনত। ব্যক্তিচেতনা কিম্বা সামূহিক চেতনা- দুয়োটাৰেই অনুপস্থিতিয়ে অসমীয়া সমসাময়িক গীতক কেৱল কাণখনে শুনি আৰাম পোৱা কিছুমান শব্দৰ সমষ্টিলৈ পৰ্যৱেশিত কৰিলে। কেৱল ফুল, তৰা, পখিলা, জোনাক, ফাগুন আদিবোৰ শব্দৰেই সমষ্টি হ’লগৈ গান- এয়া কেৱল মোৰ কথা নহয়, বহু দিনৰে পৰা সততে শুনি থকা অভিযোগ। জুবিন গাৰ্গো এই সমালোচনাৰ পৰা পৃথক নহয়। গায়ক শিল্পীৰ বিষয়ীসত্বাৰ দিশেৰে চালে সহস্ৰাধিক গীতৰ মাজত জুবিন গাৰ্গ বোলা তেজ-মঙহৰ মানুহজনক অথবা সামাজিক, পাৰিবাৰিক পৰিৱেশে জন্ম দিয়া সত্বাটোক কিন্তু বিচাৰি উলিয়াবলৈ কঠিন হ’ব। সম্পূৰ্ণৰূপে একক সৃষ্টি সমূহৰ সমান্তৰালভাবে তেওঁ হাজাৰ হাজাৰ গীত গাই গৈছে পৰিস্থিতি আৰু পৰিৱেশৰ তাগিদাত, আৰু সেই অৰ্থৰে তেওঁ ভূমিকা পালন কৰিবলগা হৈছিল এজন চাৰ্ভিছ প্ৰভাইডাৰৰ। সেয়েহে সেই সমূহত তেখেতৰ বিষয়ী সত্বাৰ উপস্থিতি বিচাৰি নোপোৱাটো স্বাভাৱিক বুলিয়েই সকলোৱে গণ্য কৰিবলৈ ল’লে, আৰু কোনেও যেন সেই কথাৰ কোনো দাবীও নুতুলিলে। এজন শিল্পীৰ শিল্পকৰ্মৰ মাজেৰে তেওঁৰ জীৱনচৰ্যা, দৰ্শন বা বাস্তৱিক খতিয়ন বিচাৰি উলিওৱাৰ খেলখন সেয়ে এই ক্ষেত্ৰত অলপ দুৰূহ। কিন্তু এইখিনিতেই আকৌ সেই ফৰ্ম আৰু কণ্টেণ্টৰ যাউতিযুগীয়া বিতৰ্কলানি উঠি আহে। কেৱল কি মুখৰ কথাই কথা? কেৱল গীতৰ কথাইহে কথা কয় নে গানৰ পৰিৱেশন শৈলী, গায়কী পদ্ধতি, পৰিস্থিতি আদিয়েও কথা কয়? সাংস্কৃতিক সমালোচনাৰ প্ৰয়োজনীয়তা এইখিনিতেই। কেৱল সাহিত্যকেন্দ্ৰিক আলোচনাৰে সকলো পোৱা নাযায়। সি যি কি নহওক, গায়ক সুৰকাৰ হোৱাৰ লগতে গীতিকাৰ হিচাপেও সামগ্ৰিকতাত জুবিনৰ গীতবোৰে উৎকৃষ্টতাৰ দাবী কৰিব নোৱাৰিলেও কিছুমান প্ৰশংসনীয় দিশৰ সম্ভেদ দিয়ে। তাৰে এটা হ’ল, তৎক্ষনাৎ শ্ৰোতাক আকৃষ্ট কৰি বহু সময়লৈ মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰা কিছু বাক্যাংশৰ নিৰ্মাণৰ অতুলনীয় ক্ষমতা। জুবিনৰ কাব্যিক আৰু লীৰিকেল বাক্যাংশবোৰে নিমিষতে শ্ৰোতাৰ মনত এনেকৈ সাঁচ বহুৱাই যাব পাৰে যে গীতৰ সামগ্ৰিকতালৈ মানুহে বৰকৈ মন নকৰিলেও গান শুনাৰ যি অভিজ্ঞতা – সেই অভিজ্ঞতাত কোনো বিঘিনি নঘটে। এই ‘মায়াবিনী’ গীতটোৰো মাজৰ এষাৰ কথা- “ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন” ইয়াৰ এটা উদাহৰণ। এই কথাষাৰৰ এনে এক মোহিনী শক্তি আছে যে এবাৰ শুনিয়েই ইয়াৰ প্ৰেমত পৰিব পাৰি। ইয়ে হৈ উঠে গীতটোৰ হাইলাইট। ইয়েই গায়ক-গীতিকাৰৰো ষ্টেটমেণ্ট হৈ উঠে। কেনেবাকৈ অলপ আগেয়ে শিল্পত শিল্পীৰ যি বিষয়ীসত্বাৰ উপস্থিতিৰ কথা কৈ আছিলোঁ সেয়া এইখিনিতে বিচাৰি পোৱা যেন লাগে। দুৰন্ত তৰুণ, চিৰসেউজ, চিৰযৌৱনা আৰু কোনো ‘গুৰু-গোঁসাই নমনা’ ধৰণৰ মেজাজী শিল্পীজনাৰ এয়ে যেন নিজা কথা- ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন। এইবোৰ কাৰণতেই কিজানি এইটোৱেই জুবিন গাৰ্গ নামৰ শিল্পীজনৰ আটাইতকৈ প্ৰভাৱশালী আৰু গুৰুত্বপূৰ্ণ গান। প্ৰত্যাহ্বান নেওচি সশক্তিৰে আগুৱাই যোৱাৰ যি এক যৌৱনোচ্ছল মেজাজ জুবিনীয় সৃষ্টিৰাজিয়ে বহন কৰে, সেই কথাটোৰ বাবেই সমাজৰ সকলো স্তৰৰ মানুহৰ বাবে তেওঁ চিৰদিন বুকুৰ কুটুম হৈ থাকিব। 

সদায়ে খেয়ালী মেজাজ এটা বহন কৰি থকা, ব্যতিক্ৰমী আচৰণ কৰি ভাল পোৱা জুবিন গাৰ্গ বোলা ব্যক্তিজনৰ জীৱনৰ সমাপ্তি আকৌ ঘটিলগৈ ছিংগাপুৰৰ সাগৰ এখনত ঘটা এটা সংঘটনাত। জীৱন্তে যেনেকৈ মানুহজন এটা মীথ হৈ উঠিছিল, যেনেকৈ বিচিত্ৰ গল্প-গুজৱেৰে এটা প্ৰপঞ্চৰ শৰীৰ নিৰ্মাণ কৰিছিল, মৃত্যুটোৱেও যেন তাকেইহে সংপৃক্ত কৰিলে। পৰিৱেশন শিল্প এক শৰীৰী অভ্যাস। বাৰ্ধক্যৰ কালত কণ্ঠশক্তি লোপ পাই, হাস্পতালত বহুকাল শয্যাগত হৈ থাকি মৃত্যু হোৱাৰ কাহিনীটো কিজানিবা এই ব্যক্তিত্বৰ সাঁচটোত নিমিলিলহেতেন। মৃত্যৰ খবৰ পোৱাৰ অত্যন্ত দুখৰ এই দিনটোত কথাবোৰ এনেকৈয়ো মনলৈ আহিছে।        

 এই যে প্ৰাণোচ্ছল উদ্যমেৰে ভৰা সৃষ্টিৰাজিৰে তিনিটা দশক ধৰি অসমৰ সকলো ক্ষেত্ৰতে বিৰাজমান হৈ থাকি জুবিন গাৰ্গ নামটো- ই এক অনুপেক্ষণীয় প্ৰপঞ্চ হৈ উঠিল। কোনেও বিচাৰিলেও এৰাই চলিব নোৱৰা এটা প্ৰসংগ। এই হিচাপেৰে জুবিন আমাৰ নৈমিত্তিক অভ্যাসত পৰিণত হ’ল। এই অভ্যাসেই সোমাই পৰিল আমাৰ শৰীৰী স্মৃতিশক্তিত। সদায়ে পূৱা ছয় বজাত শুই উঠা মানুহ এজনে ঘড়ীত এলাৰ্ম দিবৰ প্ৰয়োজন নহয় নিৰ্দিষ্ট সময়ত টোপনিৰ পৰা সাৰ পাবলৈ। সদায় একেটা পাকঘৰতে কাম কৰি থকা ৰান্ধনীয়ে চেনীৰ বৈয়ামটো তুলি আনিবলৈ চকুৰে বৈয়ামটো ক’ত আছে বুলি চলাথ কৰিবলগীয়াত নপৰে। দৈনন্দিন অভ্যাসত শৰীৰে মস্তিষ্কৰ অবিহনেও কিছুমান আচৰণ নিজাববীয়াকৈ কৰে। শৰীৰী স্মৃতি বুলি মই ইয়াকে বুজাব খুজিছোঁ। মস্তিষ্কতকৈ বেছিকৈ অসমীয়া মানুহে জুবিন গাৰ্গৰ সৈতে সম্পৰ্ক স্থাপন কৰে হৃদয়েৰে। তাতোকৈ বেছিকৈ ই এতিয়া এটা শৰীৰী স্মৃতিৰ অংগ।

 

এই বছৰতে ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উদযাপনৰ ঢৌ উঠিছে চাৰিওফালে। তেনে ধামখুমীয়াতে আমাৰ কাণত আহি পৰিলহি এই দুঃসম্বাদ- জুবিন গাৰ্গ আৰু নাই। এই দুটা বিৰাট-কায় প্ৰপঞ্চৰ তুলনাত্মক কথাবতৰা অলপ হ’লেও ওলাবই। কথাষাৰ কেনেবাকৈ জুবিন গাৰ্গে যেন জানিছিল, আৰু সেই বাবেই তেওঁ তেওঁক ভূপেন হাজৰিকাৰ সৈতে সাঙুৰি কথা পাতিবলৈ খুজিলে বৰ বেছি ভাল পোৱা নাছিল যেন লাগে। এটা সাক্ষাৎকাৰত ভূপেন হাজৰিকাৰ সৈতে তেওঁক কোনোবাই তুলনা কৰাৰ কথাখিনি তেওঁ এৰাই চলিবলৈ বিচাৰিছিল। তথাপি প্ৰসংগান্তৰত তুলনামূলক কথাবোৰ ওলায়েই থাকিব। দুয়োজনৰেই কৰ্মৰ কলেৱৰ বিৰাট। দুয়োজনেই ধুমুহাক প্ৰত্যাহ্বান জনোৱা ব্যক্তি, এজনে যদি কয় ধুমুহাত থৈ যাম মোৰ গতি, আনজনে কয় ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন। দুয়োজনেই চিৰতৰুণ, দুৰ্দান্ত তৰুণ। গতিকেই এই তুলনা অৱশ্যাম্ভাৱী। শেষ বয়সলৈ ভূপেন হাজৰিকাৰ গানৰ সাৰ্বিক প্ৰভাৱ অসমীয়া সমাজত স্তিমিত হৈ আহিছিল। তেনে সময়তে জুবিন গাৰ্গৰ উত্থানে অসমৰ সাংস্কৃতিক পৰিমণ্ডললৈ নতুন জোৱাৰ লৈ আনিছিল। আজি শতবৰ্ষ উদযাপনৰ সময়খিনিত নতুন প্ৰজন্মই নতুনকৈ ভূপেন হাজৰিকাক আৱিষ্কাৰ কৰিবলৈ মন মেলিছে যেন আমাৰ অনুভৱ হৈছে। সেয়েহে এই সময়খিনিত একালত ভূপেন হাজৰিকাই ‘সবাৰ হৃদয়ে ৰবীন্দ্ৰনাথ চেতনায় নজৰুল’ বুলি গোৱাৰ দৰে এনেকৈ ক’বলৈ মন গৈছে যে আজি অসমীয়াৰ Cerebral-স্মৃতিত যদি ভূপেন হাজৰিকা তেন্তে Somatic-স্মৃতিত আছে জুবিন গাৰ্গ।    

[এই লেখাটো জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ দিনাই লিখা হৈছিল, ১৯ চেপ্তেম্বৰ ২০২৫ তাৰিখে সমীক্ষণ-ৰ মূখ্য সম্পাদক দিগন্ত ওজাৰ অনুৰোধত। ১ অক্টোবৰ তাৰিখৰ সমীক্ষণ আলোচনীত প্ৰকাশিত।

পৰৱৰ্তী কালত সন্নিবিষ্ট হোৱা গ্ৰন্থ- 

"জুবিন গাৰ্গ— গীত গোৱা দার্শনিকজন"

সম্পাদক: ড° ধ্রুবজ্যোতি দাস, উজ্জ্বল বৰা

প্রথম প্রকাশ  ১৪/১২/২০২৫

প্রজ্ঞা মিডিয়াহাইপ পাব্লিকেশ্বন, হাউছ নং ২, হেমচন্দ্ৰ বৰুৱা পথ, উজান বজাৰ, গুৱাহাটী-৭৮১০০১

Zubeen Garg: Geet Guwa Darshonikjon: A collection of articles in Assamese on the life and works of legendary singer Zubeen Garg, edited by Dr Dhrubajyoti Das and Ujjal Borah, and published by Ujjal Borah, on behalf of Pragya Mediahype Publica-tion, Uzanbazar, Guwahati-781001, Assam.

ISBN 978-93-49560-05-5]  

  

সমুদ্ৰ কাজল শইকীয়া

kankhowa@gmail.com, 9811375594

No comments: