ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Monday, September 12, 2016

ফৰ্ম আৰু কণ্টেন্ট (পাঠ - ১)

অলপতে ফেচবুকত দেখা পোৱা দুজন ব্যক্তিৰ ভিন্ন বিষয়ক পৰস্পৰ সম্পৰ্ক নথকা দুটা আপডেটেৰে কথা আৰম্ভ কৰিব খুজিছোঁ। প্ৰথমটো সৌমিত্ৰ যোগীৰ। আপডেটটো হুবহু তুলি দিয়া হ'ল _

“ৰজা বিক্ৰমাদিত্যৰ ৰাজসভাৰ নৱৰত্নৰ অন্যতম হ'ল কালিদাস। কালিদাসৰ কাব্যপ্ৰতিভাত ঈৰ্ষান্বিত বাকী কবিসকলৰ পৰা তেওঁ সদায়ে একাষৰীয়া হৈ থাকিবলগা হৈছিল। পৰিস্থিতি এনেকুৱা আছিল যে ৰাজসভাত কালিদাস নোহোৱা সময়ত বাকী কবিসকলে ৰজাক বিভিন্ন কথা লগায়। বহুতে আনকি এনেকৈও ক'ব খোজে যে কালিদাসৰ আচলতে প্ৰতিভা বুলি একো বস্তুৱেই নাই। তেওঁ ওপৰতে এনেই চলি আছে। এনেকুৱা কথা শুনি শুনি ৰজা বিক্ৰমাদিত্য এসময়ত বৰ বিৰক্ত হ'ল। কাৰ কিমান প্ৰতিভা আছে পৰীক্ষা কৰি চাবলৈ ৰজাই আটাইকে এখন নদীৰ পাৰলৈ লৈ গ'ল। নদীৰ পাৰত এটুকুৰা কাঠ পৰি আছিল। ৰজাই কাঠটুকুৰালৈ চাই ক'লে - হে কবিসকল, আপোনালোকে আপোনালোকৰ কাব্যপ্ৰতিভাৰে এই দৃশ্যটো বৰ্ণনা কৰকচোন। কালিদাসক বাদ দি আটাইকেইজন কবিয়ে বেলেগে বেলেগে উচ্চাৰণ কৰিলে - শুষ্কং কাষ্ঠং তিষ্ঠতি অগ্ৰে।। ইয়াৰ অৰ্থ হ'ল - শুকান কাঠডাল সন্মুখত পৰি আছে। এটা তেনেই সাধাৰণ বাক্য। কিন্তু কালিদাসে তেনেকৈ বৰ্ণনা নকৰিলে। তেওঁ ক'লে - নীৰস তৰুবৰ পূৰতঃ ভাতি।।

এই বাক্যটোৰো অৰ্থ একেটাই। কিন্তু কালিদাসে “শুষ্কং” অৰ্থাৎ শুকান শব্দটোৰ পৰিৱৰ্তে “নীৰস”, “কাষ্ঠং” অৰ্থাৎ কাঠৰ পৰিৱৰ্তে তৰুবৰ, “তিষ্ঠতি” অৰ্থাৎ সন্মুখত বুজাবলৈ “পূৰতঃ” আৰু “অগ্ৰে” অৰ্থাৎ পৰি আছে বুলি নকৈ প্ৰকাশ তথা পৰিস্ফুট হৈ আছে অৰ্থত ভাতি ব্যৱহাৰ কৰিছে। সংস্কৃত বুজি নোপোৱা মানুহেও নিজেই তুলনা কৰি চাব পাৰিব কোনটো বাক্যত সাংঘাতিক ভাবঘন শ্ৰুতিমাধুৰ্য আছে। কালিদাসৰ বাক্যটোত থকা ভাষাৰ মাধুৰ্য আৰু সৌন্দৰ্যবোধ আগৰ বাক্যটোৰ সৈতে তুলনাই নহয়। ৰজাই পুনৰবাৰ কালিদাসৰ কাব্যপ্ৰতিভাকে মুকলিকৈ শলাগিলে”।

আনটো আপডেট হ'ল মৃণাল জ্যোতি গোস্বামীৰ।

এখন নাটক অথবা চিনেমাৰ বিষয়ে লোচনা কৰোঁতে মি কোন কেইটা দিশ বিবেচনা কৰিম! এই লোচনাত মূল বক্তব্য তথা কাহিনীৰ স্থিতি কিমান শতাংশ ৰু বাকী কলাত্মক দিশসমূহৰ স্থিতি কিমান?? কেৱল কাহিনী বা বিষয়বস্তু চাই কলাত্মক দিশসমূহ ওকান কৰি মন্তব্য কৰাটো কিমান সমিচীন?? ৰু ডিজাইন কৰিবলৈ বুলি কৰা কামখিনি কিমান যুগুত??
সম্প্ৰতি এখন চিনেমা, কেইবাখনো নাটক সম্পৰ্কে লোচনা হৈ থকা দেখি প্ৰশ্ন কেইটা মনলৈ হিল। মতামত শা কৰিলোঁ ৰাইজৰ”

*
সাধাৰণতে ফেচবুকত সৰুকৈ আপডেট একোটা দিওতেও তাৰ আঁৰত কিছুমান উদ্দেশ্য থাকে। যদিওবা ই সকলোৰে বাবে উপলব্ধ এক মুকলি মঞ্চ, লেখা এটা আগবঢ়াওতে তাৰ টাৰ্গেট অ'ডিয়েঞ্চ মনত ৰখাই হয়। সৌমিত্ৰ যোগীৰ বাবে সেই টাৰ্গেট অ'ডিয়েঞ্চ নিশ্বয় আছিল ন-লেখক সকল। কথা এষাৰ কওতে আমি কেনেকৈ ক'ম। লেখা এটা লিখোতে কোনখিনি কথালৈ ধ্যান ৰাখি তাক কেনেকৈ কলেৰিজীয় ধাৰণাৰে “best possible words in best possible order”-ৰ জৰিয়তে সুৱলাকৈ লিখিম- এইটো এটা প্ৰাথমিক প্ৰশ্ন সকলোৰে বাবে। কালিদাসৰ কাহিনীটো আমাৰ মাজত বহুল প্ৰচলিত আৰু তাৰ সাৰমৰ্ম বুজিবলৈ আমাৰ অসুবিধাও নহয়। আপাতদৃষ্টিৰে চাবলৈ গ'লে কথাখিনিৰ লগত দ্বিমত বা বিৰোধ থকাৰো কথা নাহে। কিন্তু আলোচনা তাৰ পৰা আৰু এঢাপ আগলৈ যাব পাৰে, যোৱাটো উচিত। কালিদাসৰ কবি প্ৰতিভাক উচ্চাসন দিবৰ বাবেই কোৱা হ'ল যে “নিৰস তৰুবৰ পুৰত ভাটি” কথাষাৰ “সুষ্কং কাষ্ঠং তিষ্ঠতি অগ্ৰে”তকৈ শ্ৰেষ্ঠ। কিন্তু শ্ৰেষ্ঠত্বৰ বিচাৰ পঠন পদ্ধতি আৰু পাঠকৰ অৱস্থানৰ ওপৰতেইহে নিৰ্ভৰ কৰে।

অলপ কাকতলীয় ভাবেই সৌমিত্ৰ যোগীৰ এই আপডেটটো দেখাৰ মাত্ৰ দুদিনমানৰ আগতে দিল্লীৰ এখন ডিজাইন ইনষ্টিটিউটলৈ পাঠদানৰ বাবে গৈছিলোঁ। কেন্দ্ৰীয় বিষয় আছিল “তথ্য সংগ্ৰহ, সংকলণ আৰু উপস্থাপন পদ্ধতি”। প্ৰথম দিনাই গৈ ম এই কালিদাসৰ কাহিনীটোৰেই আলোচনা কৰিলোঁ- ছাত্ৰছাত্ৰী সকলক বুজাবৰ বাবে যে ভাষাৰ সঠিক প্ৰয়োগ 'উপস্থাপন' আৰু 'পৰিবেশন'ৰ বাবে কিমান বেছি গুৰুত্বপূৰ্ণ। কিন্তু পিছদিনা গৈ কলা ইতিহাসত কেনেকৈ যুগে যুগে মানুহৰ বুজা-পৰা আৰু বোধৰ বিৱৰ্তন ঘটি আহিছে, কেনেকৈ ফৰ্ম আৰু কন্টেন্টৰ সাতামপুৰুষীয়া বিতৰ্কখনেই নতুন নতুন ৰূপ পাই আহিছে সেইবোৰ কৈ আগদিনাৰ কথাখিনিকে - মানে কালিদাসৰ উপকাহিনীটোকেই খণ্ডন কৰিলোঁ।

কথা হ'ল ভাষাটো শুনিবলৈ শুৱলা হোৱাটোৱেই শেষ কথা নহয়। কেনেকৈ ক'ম - সেইটো যদি ফৰ্ম হয়, কি ক'ম বা কিহৰ কথা ক'ম সেইটো হ'ব কন্টেন্ট। এতিয়া দুইটা প্ৰসংগ পৰস্পৰ পৰিপূৰক। পৰস্পৰ নিৰ্ভৰশীল। এপাহ ফুলৰ কথা আমি যেনেকৈ ক'ম, একুৰা জুইৰ কথা বা মানুহৰ বিষ্ঠাৰ কথা আমি তেনেকৈ নকওঁ। এসময়ত ৰঘূনাথ চৌধাৰীয়ে যেনেকৈ এপাহ গোলাপৰ কথা বৰ্ণনা কৰিছিল - “কাৰ পৰশত ফুলিলি বান্ধৈ...” বুলি আৰম্ভ কৰি, সেই একেটা ভাষাবোধ বা সংবেদনাৰে আমি নিশ্চয় সমুখত পৰি থকা শুকান কাঠ এটুকুৰাক বৰ্ণনা নকৰোঁ। এই দৃষ্টিভংগীৰে চাবলৈ গ'লে “শুষ্কং কাষ্ঠং” বাক্যাংশটো “নিৰস তৰুবৰ” বাক্যাংশতকৈ বেছি ৰজিতা খোৱা। নিৰ্বিবাদে ক'ব লাগিব কালিদাসৰ ভাষাজ্ঞান, শব্দচয়নৰ দক্ষতা, আৰু কাব্যিক প্ৰতিভা বাকী সকলতকৈ অধিক আছিল। কিন্তু বিষয়বস্তুৰ অনুধাৱন আৰু তাৰ সঠিক উপস্থাপনৰ বেলিকা তেওঁ সফল নহ'ল বুলিও কোনোবাই ক'ব পাৰে। কথা হ'ল দৃষ্টান্ত এটাক আমি কেনেকৈ চাম আৰু কোন অৱস্থানৰ পৰা পৰ্যবেক্ষণ কৰিম।  

সুকান্তই “ক্ষুধাৰ ৰাজ্যে পৃথিবী গদ্যময়” বুলি কৈ কবিতাক ছুটি দি দিয়াৰ পিছত কবিৰ কবিতাৰ ভাষা কেনেকুৱা হৈ থাকিব? গ্রাম্য প্রকৃতিৰ মাজত বহি লিখা ৰমন্যাসিক কবিকূলৰ সুন্দৰৰ উপাসনা কৰা কবিতাৰ ভাষাই প্ৰযুজ্য হৈ থাকিবনে সাম্প্ৰতিক মহানগৰৰ কবিতাতো?

কালিদাসৰ কাহিনীটোৰ সাৰমৰ্মখিনিয়েই চূড়ান্ত বিচাৰ হোৱা হ'লে “ৰিক্লাইনিং ৱ'মেন” নামেৰে একে বিষয়বস্তুৰে অঁকা ৰেণোৱা, পিকাছো আৰু এগন শ্বিল্ডৰ ছবিবোৰ দেখিবলৈ একেই হ'ল হেতেন। এফ এন চুজাৰ ছবিবোৰ বিভৎস বুলি কেতিয়াবাই প্ৰত্যাখিত হ'লহেতেন।
 
ৰেণোৱা
পিকাছো 

এগন শ্বিল্ড

এফ এন চুজা

প্ৰায় ডেৰ-দুই দশকমানৰ আগতেই শ্ৰদ্ধাৰ নীলমণি ফুকন ছাৰক লগ পাইছিলোঁ। যিমানবাৰেই লগ পাইছিলোঁ সিমানবাৰেই তেখেতে আমাক উৎসাহ দিবলৈকে আমাৰ লেখাক প্ৰশংসা কৰি কৈছিল - "তোমাৰ লেখা ভাল পাইছোঁ কাৰণ তাত কন্টেন্ট আছে। কন্টেন্টটো নেৰিবা। কন্টেন্টহে আচল।" সমসাময়িক লেখকৰ লেখা মেলাত ফৰ্ম সম্পৰ্কীয় পৰীক্ষা নিৰীক্ষা দেখি তেখেতে অসন্তুষ্টি প্ৰকাশ কৰিছিল। ছাৰৰ লগত কথাখিনি আধৰুৱা হৈ থাকিল এইবাবেই যে মই তেতিয়া ওভটাই ধৰি সুধিব নাজানিলোঁ - ছাৰ আপুনি কন্টেন্ট বুলি আচলতে কি বুজাব খুজিছে? 

আমাৰ চলতি বিশ্বাসত কন্টেন্ট বা বিষয়বস্তুক সদায়ে অগ্ৰাধিকাৰ দিয়া হয় - অথচ আমাৰ ধাৰণাই নাই কন্টেন্ট মানে আমি আচলতে বুজোঁ কি। সাহিত্যৰ ক্ষেত্ৰত এই সমস্যাটো গুৰুতৰ তিনিটা কাৰণত। প্ৰথম কাৰণটো অৱশ্যাম্ভাৱী। সাহিত্য যিহেতু ভাষা নিৰ্ভৰ, আমি যিহেতু ভাষাৰেই চিন্তা কৰোঁ, পূণৰীক্ষণ বা মূল্যায়ণো যিহেতু ভাষাৰ জৰিয়তেই হয় সেয়েহে ভাষা-নিৰ্ভৰ শিল্প, মানে সাহিত্য, খুব সহজতে "বিষয়বস্তুটোনো কি" এই প্ৰশ্নটোৰ সন্মুখীন হয়। আৰু একেই কাৰণতেই "বিষয়বস্তুটো এই" বুলি থাওকতে উত্তৰ এটা উলিয়াই লৈ সন্তুষ্টি লাভ কৰাৰ প্ৰৱণতা এটাও থাকে। দ্বিতীয় কাৰণটো বিদ্যায়তনিক বিভ্ৰান্তি। সাহিত্যৰ শ্ৰেণীকোঠাত “ইয়াত কবিয়ে এইবুলি ক'ব খুজিছে যে” বুলি যি পাঠদান কৰা হয় তাত কবিয়ে কি ক'ব খুজিছে - মানে বিষয়টোনো কি সেইটোৱেই গুৰুত্বপূৰ্ণ হৈ থাকে। ফৰ্ম সম্পৰ্কীয় কথা বতৰা বৰ বিশেষ নহয়। তৃতীয় কাৰণটো হ'ল আধাসিজা বাওঁগন্ধী লেখাবোৰ। (এইখিনিতেই মই আকৌ গালি খোৱাৰ সম্ভাৱনা পূৰামাত্রাই আছে!)। “লেখকৰ সামাজিক দায়বদ্ধতা” জাতীয় লক্ষ লক্ষ চৰ্বিত চৰ্বনত কেৱল আলোচনা কৰি থকা হ'ল কিয় খাটি খোৱা মানুহৰ কথা কোৱা উচিত। সোঁ গন্ধী লেখাবোৰৰ কথা নক'লোৱেই বা - সৰ্বশেষত দেশপ্ৰেম সমাজপ্ৰেম জাতিপ্ৰেম প্ৰমাণ কৰি দিব পাৰিলেই লেঠা শেষ। ফৰ্ম আৰু কন্টেন্টৰ দ্বৈতবিৰোধী ভাবেৰে চাবলৈ গ'লে কিজানি শংকৰদেৱেই আছিল আটাইতকৈ কন্টেন্ট নথকা লেখক। মানুহক হৰি নাম ল'বলৈ কোৱাৰ বাহিৰে তেওঁৰ লেখাত অন্য বিষয়বস্তু একো নাই। সৰ্বভাৰতীয় পৰ্যায়ত পূৰ্বসূৰী আৰু সমসাময়িক লেখক কবি সকলৰ মাজত তুলনামূলক বিচাৰ কৰিলেও বিষয়বস্তুৰ (যদি তাকেই কণ্টেণ্ট বুলি মানি থাকো) মান বা গুণাগুনেৰে শঙ্কৰদেৱ তলৰ ফালেই থাকিব। (যদি কবীৰ আদিৰ কথা মনত পেলোৱা যায়)। এইখিনি কথালৈ আকৌ উভটি আহিম।   

দৃশ্য শিল্পৰ ক্ষেত্ৰত ফৰ্ম আৰু কণ্টেন্ট সম্পৰ্কীয় এইখিনি কথা বুজিবলৈ বেছি সুবিধা হয়। কাৰণ বস্তুগত আৰু ব্যৱহাৰিক কলাকৌশলৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবেই দৃশ্যশিল্পত বিষয়বস্তুতকৈ ৰূপ, টেকনিক বা কৌশল, পদ্ধতি, উপাদান, পৰিস্থিতি, স্থান আৰু কাল বেছি গুৰুত্বপূৰ্ণ হৈ থাকে। মাটিৰে মূৰ্তি নিৰ্মান কৰিবৰ সময়ত শিল্পীয়ে মাটিৰ গুণাগুণ নোহোৱা কৰি নেপেলায়। তেওঁ জানে যে তেওঁ মাটিৰ লগত খেলি আছে আৰু তেওঁ সেইমতেই মাটিক ব্যৱহাৰ কৰাৰ যথাসাধ্য কৌশল আয়ত্ব কৰি লয়। তেনেকৈয়ে খোদাই কৰি কৰা মূৰ্তিত দেখিব আপুনি ধাতৱ চিজেলৰ দাগ। পানীৰঙৰ ছবিত দেখিব পানীয়ে অৱলীলাক্ৰমে সৃষ্টি কৰা টেক্সাৰ আৰু তেল ৰঙৰ ছবিত দেখিব খহটা ব্ৰাছৰ আঁচোৰ। ৰামকিংকৰ বেইজ সম্পৰ্কে কথা পাতিলে এইখিনি কথা বুজাবলৈ সুবিধা হয়। অলপতে “সুজাতা” নামেৰে লেখা এটি লিখিছিলোঁ, মুক্ত চিন্তা আলোচনীৰ বাবে।

“ফৰ্ম আৰু কন্টেন্টৰ দ্বন্দাত্মক বাগধাৰা শিল্পৰ ক্ষেত্ৰত অলপ সুকীয়া। "স্ৰষ্টাই কি বুজাব খুজিছে" সুৰীয়া এটা আওপুৰণি পদ্ধতিৰে শিল্পৰ ৰসবিচাৰ সাহিত্যপাঠত আজিও চলি আছে। যিমানেই সমালোচিত নহওক সেয়া চলিয়েই থাকিব যেন লগা হৈছে আৰু সাহিত্যৰসিক কিছু পৰিমাণে সিবোৰত সুখীও হয়। কিন্তু প্লাষ্টিক শিল্পত সেয়া একেবাৰেই অবান্তৰ হৈ থাকে। শিল্পত কন্টেন্ট সদায়ে নিহিত থাকে অন্যত্ৰ। কেতিয়াবা যদি পটভূমিত, কেতিয়াবা আকৌ নিচক এটা স্পৰ্শানুভূতিত অথবা একান্ত পদাৰ্থ বা বস্তুৰ গুণাগুণত...”। [দ্রষ্টব্য- “সুজাতা]

ৰামকিংকৰ বেইজৰ সুজাতা নামৰ ভাষ্কৰ্যটোৰ বিষয়ে যদিও লেখাটো আচলতে বহুকাল আগতে লেখা এটা কবিতাৰ পশ্চাদপটহে। 'সুজাতা' কবিতাটোলৈ চালেও দেখিব কবিতাটোৰ শাৰীৰীক অবয়ব উলম্ব। দুটা বা তিনিটা শব্দতকৈ একে শাৰীত বেছি শব্দ নাই। কবিতাটোক 'ভিজুৱেল পয়েট্ৰি বুলি নকওঁ, কিন্তু তাৰ উলম্ব অবয়ৱে লনি শীৰ্ণদেহি সুজাতাৰ ৰূপকেই অণুকৰণ কৰে। 

কবিতা এটা পঢ়োতে তাৰ শাৰীৰিক ৰূপটোৰো এটা বিশেষ গুৰুত্ব আছে। নীলমণি ফুকনৰ কবিতায়েই এই কথাটো আমাক আটাইতকৈ বেছি ভালকৈ অনুধাৱন কৰালে। দুটা শাৰীৰ মাজৰ ব্যৱধানখিনি য'ত এৰাই চলিব নোৱাৰা। শব্দতকৈ নৈশব্দ য'ত অধিক বেছি বাঙ্ময়। প্ৰসঙ্গান্তৰ হৈ যোৱাৰ বিপদ সম্ভাৱনা থাকিলেও কৈ থওঁ - অসমীয়া ভাষাত লেখা মেলা কৰা সকলৰ ভাষা লেখনৰ দৃশ্যগত ভাগটোত অধিক সংবেদনশীল হোৱাৰ অৱকাশ আছে। কাৰণ সেই তাহানিৰে "হেমকোষ" প্ৰণেতাৰে পৰা আজিলৈকে সমস্ত ভাষাবিদে বানান উচ্চাৰণ সাপেক্ষ বুলি কৈ থাকিলেও আমি জানোঁ যে অসমীয়া ভাষাৰ বানান প্ৰকৰণ বিসঙ্গতিপূৰ্ণ আৰু ই উচ্চাৰণ নিৰ্ভৰ নহয়। "বাচ-বিচাৰ" আৰু "বাছ-বিছাৰ" এই দুটাৰ উচ্চাৰণত আমি খাৰ খোৱা জিভাৰে একো তফাৎ উলিয়াব নোৱাৰোঁ। এই ক্ষেত্ৰত আমি কিহৰ ভৰষা কৰোঁ? শব্দ এটাৰ বানান সুধিলে আপুনি সততে কি কৰে? আমি বেছিভাগেই এবাৰ কাগজ এখনত লিখি চাওঁ। হয়তো আপোনেলোকেও তাকেই কৰে। সঠিক বানানটো কি হ'ব তাত খু দুৱনি থাকিলে এবাৰ লিখি চালেই আমি গম পাওঁ যে- এইটো দেখোন ভুল বানান। মানে ইয়েই এটা ইঙ্গিত যে আমি দৃশ্যগত ভাবেহে শব্দবোৰৰ বানান মনত ৰাখোঁ। অন্য ভাষাত হ'লে তেওঁলোকে এবাৰ উচ্চাৰণ কৰি চালেহেতেন আৰু উচ্চাৰণেই নিৰ্ধাৰণ কৰিলে হেতেন প্ৰথম চ  হ'ব নে দ্বিতীয় ছ হ'ব। কবিতা এটা কাগজত লিখি তাৰ পিছত ছপা হৈ ওলাওতেও আমাৰ উৎকন্ঠাৰ সীমা নাথাকে কিয়? আমি উদ্গ্ৰীৱ হৈ থাকোঁ- ছপা আখৰত বা কেনেকুৱা দেখাইছে? ডি টি পি কৰাৰ পিছত শাৰীবোৰৰ মাজত সঠিক ব্যৱধান বা সংৰক্ষিত হৈছে নে নাই! এই কাৰণটোতেই আমি ৰচনাৱলীত সংগৃহীত কবিতা পঢ়ি সেই মজাটো নাপাওঁ - যিটো মজা আমি পাই থৈছিলোঁ কবিৰ প্ৰথম প্ৰকাশিত কাব্যপুথিখনত। প্রান্তিক আলোচনীৰ কবিতাৰ পৃষ্ঠাটো ভাল নাপাইছিলোঁ। ছপা হোৱাৰ পিছত কবিতা একোটাৰ দৈহিক গঢ় কেতিয়াবা বেলেগ হৈ ওলাইছিল। সেয়েহে এটা সময়ত কবিতা পঠোৱাটোকেই বন্ধ কৰি দিছিলোঁ। 

পদাৰ্থৰ গুণ আৰু সহজাত ধৰ্মৰ কথা বিমূৰ্ত শিল্পৰ উত্থানৰ কালতেই মানুহে বেছিকৈ ভাবিবলৈ আৰম্ভ কৰিছিল। উত্তৰ আধুনিকতাৰ মাজেদি আহি সমসাময়িক (কণ্টেপৰেৰী) পৰ্যায় পোৱা শিল্পচিন্তাতো আগবাঢ়ি গৈ কোনোবাখিনি পালেগৈ। সকলো কথাই কোৱা হৈ গৈছে, নতুনকৈ আৰু আমি ক'ব পৰা নতুন কথা একো নাই- এয়া সৌ তাহানিতেই হৰ্হে লুই বৰ্হেই কৰি যোৱা অনুভৱ। এতিয়া উত্তৰ-আধুনিকতাবাদৰ নাম শুনিলেই সাত জাপ মাৰি সেইবোৰ পশ্চিমৰ ধাৰণা - আমি তেনেকৈ নাভাবোঁ বুলি কোৱা মানুহো আমাৰ মাজতে ওলাব। কিন্তু তেওলোকক উত্তৰ দিবলৈ বাণীকান্ত কাকতিৰ এইষাৰ কথাই যথেষ্ঠ-

...সাহিত্যৰ ক্ষেত্ৰত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্ৰতিধ্বনি মাথোন। পূৰ্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্ৰতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে...
ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

যদি কন্টেন্ট বা বিষয়বস্তুৱেই শেষ কথা হ'ল হেতেন তেনেহ'লে এই ক্ষেত্ৰত কি হ'ব - য'ত সকলো কথাই কোৱা হৈ গৈছে বুলি মানি লৈছোঁ? তেনেহ'লে আমি এতিয়া কি কৰি থাকিম?

এইখিনিতেই মৃণাল জ্যোতি গোস্বামীৰ প্ৰশ্নটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমাৰ সচৰাচৰ চলি থকা ধাৰণাত ফৰ্ম আৰু কন্টেণ্টক নিলগাই চাব খোজাৰ প্ৰৱণতা এটা আছে বাবেই বেছি আহুকাল হয়। সম্ভৱ মৃণালে এই কথাটোলৈকে ইঙ্গিত কৰিব খুজিছে। হয়তো তেওঁ কিবা এটা বেলেগ মেথডলজী বিচাৰিছে।

*
এতিয়া আকৌ আহোঁ শ্ৰীমন্ত শংকৰদেৱ বুলি জ্ঞাত ব্যক্তিজনৰ কৰ্মৰাজিলৈ। ফৰ্মৰ মাজেৰে প্ৰতিভাত হোৱা কন্টেন্টখিনিৰ বাবেহে তেখেত পূজ্য, ভাষিক ব্যাখাৰে বিষয়বস্তুৰ বাবে নহয়। সেয়েহে উদ্দেশ্যপ্ৰণোদিত ভাবেই ভাওনাৰ কন্টেন্টক 'অংকীয়া নাট'ৰ কন্টেন্টতকৈ আমি বেছি গুৰুত্ব দিব খোজোঁ। অংকীয়া নাট বুলিলে আমি বুজিম সাহিত্যকৰ্মখিনিক। ভাওনা বুলিলে বুজিম তাৰ পৰিবেশনক। কেনেকৈ এটা স্বকীয় আংগিকে গা কৰি উঠিছিল, কেনেকৈ সি তাৰ উদ্দেশ্যসিদ্ধিত সফল হৈছিল - সেইখিনিলৈহে দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিম। আৰু তেনেকৈয়ে দেখিম কোনখিনিত শংকৰদেৱ অদ্বিতীয়। সম্ভৱতঃ মোৰ এই কথাত আপোনালোকেও সহমত জনাব যে - কীৰ্তন ঘোষাত লিখিত থকা কথাখিনিতকৈ বহুত বেছি কথা তেখেতে ক'লে - ঘোষা-পাঠেৰে, নামেৰে, শ্রৱণ কীৰ্তনেৰে- মুঠতে পাৰফৰ্মেন্সেৰে। সমাজখন তেখেতে বান্ধিলে সাহিত্য কৃতিৰে নহয় _ আঙ্গিকেৰে আৰু ব্যৱহাৰিক প্ৰয়োগেৰে। ফৰ্মেৰে। ফৰ্মৰ মাজেৰে গা কৰি উঠা কণ্টেন্টেৰে।

বহু ক্ষেত্ৰত ফৰ্ম কি আৰু কন্টেন্ট কি বুলি বেলেগে চাব নোৱাৰি। কেতিয়াবা ফৰ্মটোৱেই কণ্টেন্ট হৈ উঠে। যি বোৰ কৃতি কৰ্মত ফৰ্ম আৰু কন্টেন্ট পৰস্পৰ সংপৃক্ত _ সেইবোৰেই শ্ৰেষ্টত্বৰ বিচাৰত কালোত্তীৰ্ণ হৈ আহিছে।  ফৰ্ম আৰু কন্টেন্টৰ সামঞ্জস্যৰ কওতে মনলৈ আহিছে - অজিৎ বৰুৱাদেৱৰ ব্ৰহ্মপুত্ৰ কবিতাটো। কবিতাটোৰ গঢ় গতি, গঠণ, কলেৱৰ তেখেতৰেই আনবোৰ কবিতাৰ দৰে নহয়। ব্ৰহ্মপুত্ৰ নদীৰ গতিপথ আৰু প্ৰকৃতিৰ দৰেই আগবাঢ়িছে কবিতাটো।

অসমীয়া কবিতাৰ আন দুজন প্ৰাতঃস্মৰণীয় কবি হীৰেণ ভট্টাচাৰ্য আৰু নীলমণি ফুকনৰ জনপ্ৰিয় কবিতা দুটা লোৱা যাওক। দুয়োটা কবিতাৰে বিষয়বস্তু মৃত্যু। কিন্তু দুয়োটাতে মৃত্যুক কৰা সম্বোধন কিমান যে পৃথক...

ভুলতে তোমাক বিচনাখনত
খেপিয়াই ফুৰিছিলোঁ,
তুমি যে পৰ্বতটোৰ নামনিত
তিলফুল হৈ
হালি জালি ফুলি আছা।
(নীলমণি ফুকন)

মৃত্যুওতো এটা শিল্প.
জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য!'
(হীৰেণ ভট্টাচাৰ্য)

দুয়োটা কবিতাই ব্যাখ্যাৰে বা বৰ্ণনাৰে বুজিবলৈ চোৱাটো প্ৰায় অসম্ভৱ। শব্দচয়ণৰ মাজত থকা চেতনাৰ অণুৰণনখিনিক বাদ দি কবিয়ে কি ক'ব খুজিছে বা ইয়াৰ বিষয়বস্তু কি সেইবোৰ আলোচনা কৰি থাকিলে কবিতাখিনিত ৰস বুলি একোৱেই নাথাকিবগৈ।

শুনা মতে নীলমণি ফুকনে আঠাইশ শাৰীৰ কবিতা এটা কাটি কুটি শেষত দুশৰীয়া কবিতা কৰিছিল।

হৰিৎ প্ৰান্তৰত হঠাৎ বাজি উঠিল ঘন্টা
জুই নুনুমুৱা চিতাৰ ওপৰত এতিয়া সন্ধ্যা

কিহৰ প্ৰয়োজনত, কি কাৰণত সেইখিনি কৰিবলগা হৈছিল? একেটা বিষয়বস্তু আঠাইশ শৰীয়া কবিতা এটা হৈ থাকিলে কি ক্ষতি হ'লহেতেন? এনেবোৰ উদাহৰণে ফৰ্মৰ গুৰুত্ব কোনখিনিত তাকেই বাৰে বাৰে ভাবিবলৈ বাধ্য নকৰায়নে?  

এতিয়া উভটি আহোঁ মৃণালৰ প্ৰশ্নখিনিলৈ। নাটক আৰু চিনেমাৰ কথা আহিলে কথাবোৰ আৰু বেছি জটিল। প্ৰায় ডেৰ দশকমানৰ আগতেই নাটক যে কেৱল সাহিত্য মাত্ৰ নহয় _ এক সামগ্ৰিক শিল্প সেই কথা ক'বলৈ গৈ মানুহৰ ৰোষত পৰিছিলোঁ। আমি শ্বেইকছপীয়েৰৰ নাটকৰ কাহিনীবোৰ জানোঁ, গীৰিশ কাৰ্ণাডৰ নাটকৰ কথাভাগ জানোঁ। সেইবোৰৰ সাহিত্যগুণ ম্পর্কে আমি কথা পাতোঁ - কাৰণ সেই চৰ্চাৰ এটা পৰিবেশ আমাৰ ক্লাছৰুমবোৰে তৈয়াৰ কৰি থৈছে। কিন্তু আমি কথা নাপাতো নাটকৰ প্ৰডাকচন সম্পৰ্কে। শিল্পৰ সামগ্ৰিকতা সম্পৰ্কে কথা পাতিব পৰাকৈ আমাৰ নাই নক্সা, নাই মেথড'লজী, নাই দক্ষতা। অভিনয় সম্পৰ্কে বিশ্লেষণ কৰিবৰ মাপকাঠি নথকাৰ ফলত আমি কৈ থওঁ _ “অমুকৰ অভিনয় যথাযথ”। চাক্ষুস অভিজ্ঞতাক গুৰুত্ব দিব নজনাৰ ফলত কৈ থওঁ “দৃশ্যসজ্জা ভাল আছিল”। এটাও সংলাপ নথকা নাটক এখন আমি কেনেকৈ চাম? উপভোগ কৰিব পাৰিম নে? কোনো কাহিনী নথকা চিনেমা এখন আমি উপভোগ কৰিবলৈ সমৰ্থবান হ'মনে?

ফর্মৰ বাহিৰত আমি কন্টেন্ট বিচাৰি ফুৰোঁ। তাৰ পিছত প্ৰশ্নবোৰ আমিয়েই কৰোঁ, আৰু উত্তৰবোৰো আমিয়েই জানোঁ।



সমুদ্ৰ কাজল শইকীয়া
+91 9811375594















Monday, August 22, 2016

সুজাতা


Ramkinkar Baij, Sujata
ৰামকিঙ্কৰ বেইজৰ ভাষ্কৰ্য সম্পৰ্কে একে আষাৰতে একো কথাই ক'ব নোৱাৰি অগত্যা বাধ্য হৈ যদি কিবা চমুকৈ ক'ব লগাই হয় তেনেহ'লে সেয়া হ'ব প্ৰাণ প্ৰাচুৰ্য, সংঘাতময় নাটকীয়তা, গতিময়তা, স্পৰ্শানুভূতি আৰু সকলোৰে ওপৰত একধৰণৰ বলিয়ালি ভৰা প্ৰতিবাদী সত্বা এতিয়া কথা হ'ল 'চাওতাল পৰিবাৰ', 'মিল কল', 'ধান ঝাড়াই' আদি অগণন ভাষ্কৰ্যৰ ক্ষেত্ৰত এই উল্লেখ কৰি অহা বৈশিষ্ট্য সমূহ যি ভাবে পৰিষ্ফুট, ভাৰতবৰ্ষৰ প্ৰথমটো মুক্তাঙ্গণ ('পেন এয়াৰ) বা পৰিৱেশিক (এনভাইৰণমেন্টেল) ভাষ্কৰ্য সুজাতাৰ ক্ষেত্ৰত তেনেদৰে নহয় এইখিনিতেই অনুভূত হয় সুজাতাৰ ভাষ্কৰ্যটোৰ মাজত এক অদ্ভূত যাদু ৰামকিংকৰৰ সুজাতা সম্পৰ্কে ক'বলৈ গ'লে সমান্তৰালভাবে বহুখিনি কথা ক'ব লাগিব, আৰু একেবাৰে এৰাব নোৱাৰাকৈ ক'ব লগীয়া কথাখিনি হ'- ফৰ্মৰ ত্ৰিমাত্ৰিকতা আৰু গতিময়তাৰ অনুভৱ, শিল্পৰ পাৰিৱেশিক উপস্থাপন, শিল্পৰ উদ্দেশ্য, কন্টেন্ট বা বিষয়বস্তুৰ স্বনিৰ্ভৰ অস্তিত্ব আৰু সকলোৰে শেষত এটা অস্তিত্বই অৱধাৰিত ভাবেই দাবী কৰা এটা প্ৰতিবাদ আৰু কিছু সম্ভাৱনাৰ সত্বা  
Ramkinkar Baij, Santhal Family
ফৰ্ম আৰু কন্টেন্টৰ দ্বন্দাত্মক বাগধাৰা শিল্পৰ ক্ষেত্ৰত অলপ সুকীয়া "স্ৰষ্টাই কি বুজাব খুজিছে" সুৰীয়া এটা আওপুৰণি পদ্ধতিৰে শিল্পৰ ৰসবিচাৰ সাহিত্যপাঠত আজিও চলি আছে যিমানেই সমালোচিত নহওক সেয়া চলিয়েই থাকিব যেন লগা হৈছে আৰু সাহিত্যৰসিক কিছু পৰিমাণে সিবোৰত সুখীও হয় কিন্তু প্লাষ্টিক শিল্পত সেয়া একেবাৰেই অবান্তৰ হৈ থাকে শিল্পত কন্টেন্ট সদায়ে নিহিত থাকে অন্যত্ৰ কেতিয়াবা যদি পটভূমিত, কেতিয়াবা আকৌ নিচক এটা স্পৰ্শানুভূতিত অথবা একান্ত পদাৰ্থ বা বস্তুৰ গুণাগুণত সুজাতা যিহেতু ভাষ্কৰ্যটিৰ নাম, এক শীৰ্ণ দেহী লনি ৰমণীৰ ৰূপ, শীৰত পৰমান্নৰ মলা, আৰু যি দিশে ধাৱমান সেই দিশে আমি দেখা পাইছোঁ ধ্যানমগ্ন গৌতম বুদ্ধ, গতিকে ভাষ্কৰ্যটোৰ বিষয়বস্তু সম্পৰ্কে আমাৰ মনত একো সন্দেহ থাকিব নালাগে বৌদ্ধ কাহিনীৰ সুজাতাৰ কাহিনীয়েই এই সুজাতাৰো কাহিনি - আক্ষৰিক বা সাহিত্যিক অৰ্থত এয়ে ইয়াৰ বিষয় কিন্তু এটা শিল্প কৰ্ম হিচাপে কথাখিনি সেইখিনিতেই শেষ নহয় আৰু এইখিনি কথা ক'বৰ বাবেই এই লেখাটো এনেকৈ পাতনি কৰিব লগা হ'
 
Ramkinkar Baij, Mill Call
ৰবীন্দ্ৰনাথৰ সাধনাৰ থলী শান্তিনিকেতনৰ কলাভবন চৌহদত ৰামকিংকৰৰ কে'বাটাও মুক্তাঙ্গণৰ ভাষ্কৰ্য সিঁচৰিত হৈ আছে সঙ্গীত ভবন আৰু কালোবাড়ী বা ব্লেক হাউচৰ ওচৰতে ওখ ওখ ইউকেলিপ্টাচ গছৰ মাজত দণ্ডায়মান হৈ আছে সুজাতাৰ মূৰ্তি কাঁকড় (সৰু সৰু শিলৰ টুকুৰা), চিমেন্টেৰে গঢ়া খহটা পৃষ্ঠভাগেৰে এটা শীৰ্ণকায় উলম্ব নাৰী মূৰ্তি গছ এজোপা বাঢ়ি অহাৰ যি গতি তাৰ লগত এই উলম্ব ৰূপটোৰ বাঢ়ি অহাৰ মিল আছে - দূৰৰ পৰা এটা পলকত চালে ওখ গছ এডাল যেনেই লাগিব পাৰে নাতিদূৰৈত প্ৰকাণ্ড আকাৰৰ বুদ্ধৰ মূৰ্তি, তাৰো অলপ আঁতৰত গান্ধীৰ মূৰ্তি
 
Ramkinkar Baij, Sujata
সুজাতাৰ ভাষ্কৰ্যটো এটা একক মানৱ দেহ, উলম্ব, দণ্ডায়মান চাওতাল ফেমিলীৰ দৰে জটিল আৰু নাটকীয় সংৰচনা (কম্পোজিচন) ইয়াত নাই সেই হিচাপত ই স্থিৰ, দৃঢ়, অলৰ অচৰ কিন্তু আগবাঢ়ি থকা বাঁওহাত আৰু পাছলৈ থকা সোঁহাতৰ কিলাকুটিৰ ভাঁজদুটাৰ মাজতে এনে এক ছন্দ সোমাই আছে যে ইয়াক চিৰ চলমান অনুভূত হয় সামান্য স্পাইৰেলৰ পথেৰে দেহৰেখাৰ গতিও অনুভূত হয় স্থিতি আৰু গতিৰ কিমান সূক্ষ্ম পৰ্যবেক্ষণ থাকিলে এই দেহগতিৰ ছন্দ তুলিব পাৰি সেয়া ভাবিলে আচৰিত লাগে, আৰু সেইখিনিতেই ৰামকিংকৰৰ পৰিচয়
তেনেকৈয়ে ৰৈ থাকিও গৈ থাকে, গৈ থাকিও ৰৈ থাকে সুজাতা

এতিয়া অলপ অতীতলৈ উভটি গ'লে ভাল হ' শান্তিনিকেতনৰ মুক্তাঙ্গণত থকা ভাষ্কৰ্যবোৰৰ ভিতৰত এইটোৱেই আছিল প্ৰথম চন ১৯৩৫ গতিকে স্বাভাবিক যে সুজাতাৰ গতিৰ দিশে তেতিয়া গৌতম বুদ্ধৰ ভাষ্কৰ্যটো থকাৰ কথাও নাই এতিয়া দেখা মানুহৰ কল্পনা কৰিবলৈ অলপ অসুবিধাই হ', কিন্তু সঁচা যে তেতিয়া এই ইউকেলিপ্টাচ গছবোৰো নাছিল আছিল দূৰ দূৰলৈকে বিস্তীৰ্ণ প্ৰান্তৰ বীৰভূমৰ ৰঙা মাটি এইবোৰতকৈয়ো ডাঙৰ কথা ভাষ্কৰ্যটো সুজাতা নামৰ চৰিত্ৰটোক লৈ কৰাও হোৱা নাছিল সি আছিল জয়া আপ্পাস্বামী নামৰ সেই সময়ত শান্তিনিকেতনত থকা এগৰাকী শিল্পীৰ প্ৰতিকৃতি মাথোন



ৰামকিংকৰ আছিল সদা অস্থিৰ, অবাধ্য আৰু খেয়ালী শিল্পী - বঙালীত ক'লে ক্ষেপা যেতিয়া শান্তিনিকেতনত পৰম্পৰাগত টেম্পেৰা আৰু পানী ৰঙৰ ছবিৰ হে চৰ্চা চলিছিল তেওঁ কৰিছিল তেল ৰঙৰ ছবি যেতিয়া বাকীসকল শিল্পীয়ে ভাৰতীয় পৰম্পৰা পুণৰোদ্ধাৰৰ নামত কেৱল দেশীয় পদ্ধতিৰ চৰ্বিত চৰ্বনকে আৰ্ট বুলি ভাবিছিল তেতিয়া তেওঁ কিউবিজম, চুৰিয়েলিম, এক্সপ্ৰেছনিজম একো বাদ নিদিয়াকৈ যেতিয়াই যি মন যায় তাকেই কৰি গৈছিল এই উন্মাদনাৰ বাবে তেওঁ বাৰে বাৰে ৰোষতো পৰিছিল কিন্তু প্ৰতিভা, নিষ্ঠা আৰু সামৰ্থ্যৰ জোৰত তেওঁ এটা এটা বাধা নিষেধ অতিক্ৰমী অনাগত দিনৰ বাবে বাট মোকোলাই গৈ থাকিল সুজাতাৰ কথাও তেনেকুৱাই তেতিয়ালৈকে ভাষ্কর্য আছিল কেৱল ষ্টুডিঅ' প্ৰেক্টিচ মুকলি আকাশৰ তলত মূৰ্তিটো সাজি উলিওৱাৰ পিছত সেই সময়ৰ অধ্যক্ষ মাষ্টৰ মশাই নন্দলাল আহি মূৰ্তিটো দেখি প্ৰশংসা কৰিলে হয় কিন্তু তৎক্ষণাত মূৰ্তিটো তাৰ পৰা আঁতৰাই দিবলৈ নিৰ্দেশ দিলে নন্দলালৰ ভয় আছিল গুৰুদেৱ ৰবীন্দ্ৰনাথে দেখিলে কি ক'? ৰবীন্দ্ৰনাথ আহিল দেখিলে তেওঁ ক'লে- ভাল হৈছে, যি কৰিছ ভাল কৰিছ এতিয়া এনেকুৱা দূৰ্দান্ত কামেৰে গোটেই চৌহদ ভৰাই দে পাৰিবি গোটেই চৌহদ ভৰাই ভাষ্কৰ্য কৰিব? এয়াই ভাৰতবৰ্ষত এনভাইৰণমেণ্টেল স্কাল্পচাৰৰ আৰম্ভণীৰ কাহিনী ৰবীন্দ্ৰনাথৰ স্পিৰিটৰ সৈতে ৰামকিংকৰৰ মনোবৃতিৰ কোনোবাখিনিত মিল আছিল - ঘৰৰ মাজত আৱদ্ধ থাকি এজনেও ভাল পোৱা নাছিল ৰবীন্দ্ৰনাথেও মাত্ৰ এদিন স্কুললৈ গৈ পলাই আহি আৰু কেতিয়াও স্কুলৰ চাৰিবেৰৰ ভিতৰলৈ সোমোৱা নাছিল প্ৰকৃতি আৰু চাৰিপাশৰ মানুহৰ মুক্তিৰ গানেই আছিল দুয়োজনৰ সৃষ্টিৰ উপজীব্য নাৰীমূৰ্তিটোৰ শীৰত পৰমান্নৰ মলা এটা দি সুজাতা নামকৰণ কৰাৰ পৰামৰ্শ ৰবীন্দ্ৰনাথৰেই আছিল চাৰিওপাশে গছ লগাই পৰিবেশটো সজাই তোলাৰ পৰামৰ্শ নন্দলালৰ আছিল আৰু তেনেকৈয়ে থিয় হ'ল আজিৰ সুজাতা
 
Ramkinkar Baij


শিল্পৰ উদ্দেশ্য সম্পৰ্কে ৰামকিংকৰ আছিল স্পষ্ট জীৱিত কালতেই তেওঁ চৰ্চিত আৰু চেলিব্ৰিটি হৈ উঠিছিল যদিও নিজৰ জীৱন যাপনৰ সৰলতা আৰু আপোচবিহীন মতাদৰ্শৰ বাবে আৰ্থিক অনাটনৰ মাজেৰে জীৱন কটাব লগা হৈছিল শিল্পক হাই আৰ্ট বা এলিট চৰ্চা হিচাপে গণ্য কৰিবলৈ তেওঁ কাহানিও মান্তি নহ' সমসাময়িক সমালোচক বা শিল্পী সমাজে বাৰে বাৰে নৎসাৎ কৰিব খোজা তেখেতৰ কাম ভাল পাইছিল সেই অঞ্চলেদি সদায়ে অহা যোৱা কৰা চাওতাল মজদুৰ বনুৱা সকলে তেওঁলোকৰ সহজাত জীৱনবোধেৰে আৰু কালৰ বুকুত সমসাময়িক সমালোচক নিপাতে গৈ ৰামকিংকৰেই হৈ থাকিল যুগান্তপুৰুষ বাৰিষা যেতিয়া ঘৰৰ চালেৰে পানী সৰকে তেতিয়া অইল পেইন্টিং কৰা কেনভাছ এখনেৰেই তেওঁ ঘৰৰ উৰুখা ছাদ ঢাকি থৈছিল সেই অইল পেইন্টিঙৰ কি যে অতুলনীয় দাম - সেইবোৰলৈ তেওঁৰ কাণষাৰ নাই দুষ্টালী ভৰা ধেমালীৰে সৈতে তেওঁ মাথোঁ কয় - হওক দে তেল ৰঙৰ প্ৰলেপ দিয়া আছে যেতিয়া সেই ছবি সৰকি পানী আৰু নপৰে শিল্প এনেয়েতো একো কামত নাহে এতিয়া অন্ততঃ শিল্প কিবা এটা উদ্দেশ্যত লাগিছে ধেমালী হ'লেও তেখেতৰ মজ্জাত সোমাই আছিল এই বিশ্বাস- শিল্প জীৱনৰ বাবে
 
Black House
পাছলৈ ব্লেক হাউচ নামেৰে জনাজাত ক'লা ৰঙৰ ঘৰ এটা সজা হৈছিল বিভিন্ন সভ্যতাৰ ভাষ্কৰ্যৰ অধ্যয়ণৰ দৃষ্টান্ত হিচাপে তাতেই হোষ্টেলৰ দৰে ছাত্ৰ সকল থাকিছিল মাষ্টৰমশাই নন্দলালৰ ইচ্ছা আছিল ঘৰটোক এটা মিউজিয়ামলৈ পৰিণত কৰাৰ কিন্তু ৰামকিংকৰৰ কথা আছিল - মিউজিয়াম এটা মৃত বস্তু তাত প্ৰাণ নাই শিল্পনো কিহলৈ যদি তাত প্ৰাণেই নাই এতিয়া যেনেকৈ আছে তেনেকৈয়ে ভাল- তাত ল'ৰাহঁত আছে এটা জীৱন আছে সিহঁতে শিল্প চুই চাই তাৰ স'তে জীৱন নিৰ্বাদ কৰি শিল্প শিকিছে মিউজিয়াম পাতি তাক আকৌ এটা মৰা বস্তুলৈ পৰ্যবাসিত কেহেলৈ কৰিব লাগিছে? ব্লেক হাউচ মিউজিয়াম নহ' আজিও তাত চূড়ান্ত বৰ্ষৰ ছাত্ৰ সকল থাকে

প্ৰথা ভঙাত ওস্তাদ ৰামকিংকৰৰ প্ৰত্যেকটো কামেই কিবা নহয় কিবা ভাঙিছে ছবি ফ্ৰেমৰ চাৰিটা সীমা ভাঙি ওলাই আহিব পাৰিব লাগিব ভাষ্কৰ্য চাৰিবেৰৰ মাজৰ ওখ পেডেষ্টেলৰ পৰা নামি বাজলৈ ওলাই আহিব পাৰিব লাগিব শান্তিনিকেতনৰ স্থায়ী শিক্ষকতাৰ পদত ৰামকিংকৰে নিযুক্তি পাইছিল ১৯৩৫ চনত সেই বছৰতেই চাৰিবেৰৰ ভিতৰৰ অভ্যাসৰ পৰম্পৰা ভাঙি বাজলৈ ওলাই আহিছিল সুজাতা - মুকলি আকাশৰ তললৈ মুষ্টিমেয় কেৱল এক সংখ্যক মানুহৰ সম্পত্তি হৈ নাথাকি ওলাই আহিছিল সকলোৰে বাবে চফিষ্টিকেটেড মসৃণ পৃষ্ঠৰ পৰিৱৰ্তে ভাষ্কৰ্যৰ গা খহটা কৰি ৰাখিছিল কাঁকড়ে - সেইখিনি ঠাইৰ ৰঙামাটিৰ যি বৈশিষ্ট্য স্থান আৰু কালৰ যি বৈশিষ্ট্য শিল্পৰ গাত সেয়া বিৰাজমান   

আজীৱন গান্ধীবাদী ৰামকিংকৰ আছিল অহিংসাৰ সাধক বুদ্ধৰো অনুগত বুদ্ধয়ো ঘৰ এৰিছিল বুদ্ধয়ো ভাঙিছিল বোধিদ্ৰুমৰ বাট সেইফালেই আছিল যি ফালে সুজাতাই পায়সৰ বাতি লৈ গৈছিল 




ষোল্ল বছৰৰ আগৰ কথা শান্তিনিকেতনত প্ৰথম ভৰি দিয়াৰ দিনাই সুজাতাৰ ভাষ্কৰ্যটো দেখি বহুপৰ ৰ লাগি চাই ৰৈছিলোঁ কি সন্মোহনী শক্তি আছিল নাজানোঁ- ততাতৈয়াকৈ সিদ্ধান্ত লৈছিলোঁ - মই ইয়াতেই থাকিব লাগিব, এয়াই মোৰ বাবে উপযুক্ত ঠাই তাৰ পিছত প্ৰায় দহদিনমানলৈকে সুজাতাৰ স্কেচ কৰিছিলোঁ, স্টাডি কৰিছিলোঁ প্ৰতিদিনে বেলেগ বেলেগ সময়ত দিনৰ বিভিন্ন সময়ত বেলেগে বেলেগে পোহৰ পৰে বিচাৰি চাইছিলোঁ এই সুস্থিৰ যেন লগা বস্তু এটাতো এনেকৈ গতিৰ আভাস কেনেকৈ আহে?

মাজে মাজে দুশাৰী এশাৰীকৈ কবিতা এটাও লিখিছিলোঁ সেই তেতিয়া অঁকা ছবিখিনি গৰুক খুৱালোঁ ["অন্ততঃ শিল্প কিবা এটা উদ্দেশ্যত লাগিল, জীৱনৰ উদ্দেশ্যত"কবিতাটো উঁইপোকে খালে স্মৃতিয়ে যিমান সহযোগ কৰে সিমানখিনিকে সম্বল হিচাপে লৈ এটা পুণৰ লেখনৰ চেষ্টা কৰিছিলোঁ অলপতে-

Replica of Sujata
সুজাতা

বিৰিখৰ
আঁৰে আঁৰে
ৰঙা মাটিৰ
কাঁকড় গছকি
আগবাঢ়ে
সুজাতা
শীৰত পৰমান্নৰ মলা
যেনিয়ে পৰে খোজ তাইৰ
বোধিদ্ৰুমৰ বাট
সেই যি প্ৰথম
বাজলৈ ওলাল
শিল্প
মুকলি আকাশৰ তললৈ
ওলাল শিল্প
মানুহৰ সান্নিধ্য বিচাৰি
মুক্তিৰ সন্ধানত শিল্প
আৰু 'দেখি নাই ফিৰে'
শীৰত লৈ পৰমান্নৰ মলা
ৰৈ থাকিও গৈ থাকি
গৈ থাকিও ৰৈ থাকি
কি কৈ থাকিল
সুজাতাই
সত্যান্বেষনৰ
আলোকপ্ৰপাতৰ প্ৰত্যাসী
পৰমান্ন
শীৰত তুলি
স্থিতি গতিৰ দ্যোতনাত সুজাতা
ধাৱমান সুজাতা স্থিতপ্ৰাজ্ঞ সুজাতা