ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Tuesday, May 10, 2022

গল্প-গুজৱ (অন্দাজ-এ-গুফতগূ: সাম্প্ৰতিক অসমীয়া গল্পৰ কথা)

['আলাপ', সমাজ-সাহিত্য-সংস্কৃতি বিষয়ক আলোচনী, ষষ্ঠ সংখ্যা, অক্টোবৰ ২০১৯-ডিচেম্বৰ ২০২০-ত প্ৰকাশিত। সম্পাদক- সঞ্জীৱ পল ডেকা] 

কি কথা পাতিম? কথাবোৰ আমি কেনেকৈ পাতিম?

 

শেহতীয়া অসমীয়া গল্প বৰ বিশেষ পঢ়া হোৱা নাই তাৰ পিছতো গল্প সম্পৰ্কে কথা পাতিবলৈ লে সেয়া একপ্ৰকাৰৰ অপৰাধেই হয় দখল নথকা বিষয় এটাৰ বকলা মেলিবলৈ লৈ দায় সাৰিবৰ বাবেই শিৰোনামটোকেই গল্প-গুজৱ ৰখা   গতিকে বুজোতাই নিজগুণেই বুজি যে বিদ্যায়তনিক বা অধ্যয়ণপুষ্ট বিশেষ আলোচনাৰ সমল ইয়াত বিচাৰি পোৱা নাযাব তথাপিও কিছুমান সাধাৰণীকৃত কথা পাতিবই পাৰি লাগিলে সেয়া গুজৱ কিম্বা গছিপেই নহওক কিয় সৃষ্টিশীল জগতখনত গুজৱ-গছিপৰো এটা বিশেষ গুৰুত্ব যে থাকিব পাৰে বা আছে সেই কথা আমি আগতে অন্যত্ৰ পাতি আহিছোঁ বিংশ শতিকাৰ শিল্প সম্পৰ্কে আটাইতকৈ বেছি উল্লিখিত যিটো কাম সেয়া হেনো মাৰ্চেল ডুচ্যঁ 'ফাউণ্টেইন' নামেৰে খ্যাত মূত্ৰাগাৰটো যিবোৰ কথা জনা যায় আৰু শুনা যায় সেয়া 'তো প্ৰদৰ্শিত নোহোৱা, শিল্পীয়ে নিৰ্মাণ নকৰা, পাছলৈ কোনো অস্তিত্ব নথকা বস্তু এটাৰ বিষয়ে গল্প-গুজৱৰ বাহিৰে আচলতে আন একো নহয় একেসময়তেকথকতাশব্দটো অসমীয়া সমসাময়িক গল্পকাৰসকলৰ প্ৰিয় শব্দবোৰৰ এটা কথকতা শব্দটো সম্ভৱত: বঙালীৰ পৰা অহা কেতিয়াবা বাগধাৰাৰ সমাৰ্থক, কেতিয়াবা তাতকৈ অলপ পাতল, কেৱল কথা-পতাৰ অজুহাত যেনেই লাগে বঙালীতএসো গল্প কৰিবুলি লেআহা কথা হওঁবুলিয়ে বুজায় বিভিন্ন সাহিত্য আলোচনীত গল্প-শিল্পৰ শিতানটোৰ নাম অনায়াসেকথা-শিল্পৰখালৈ চাই গল্পক কথা বোলাত যে আপত্তি থাকিব নালাগে তাকেই বুজোঁ কেইবছৰমান আগতে সমসাময়িক অসমীয়া কবিতা সম্পৰ্কে চলি থকা কিছু কথা-বতৰাৰ আধাৰতঅন্দাজ--গুফতগূ : সমসাময়িক অসমীয়া কবিতাৰ গছিপনামেৰে লেখা এটা লিখিছিলোঁ নিবেদন আলোচনীৰ কাৰণে সেইটো দেখি দুই একে গল্প সম্পৰ্কেও তেনেকুৱাই কিবা এটা লিখিবলৈ কৈছিল একধৰণৰকেছ ষ্টাডীনোহোৱাকৈ আলোচনা কৰিবলৈ লে কথাবোৰ শূন্যত ওপঙি থকাৰ দৰে হয় আৰু পদ্ধতিগত সমালোচনাৰ পৰিপন্থী আলোচনা বা সমালোচনাৰ নামেৰে কেৱলএয়া মোৰ ব্যক্তিগত ভাবহে কিন্তু দেইএনেকুৱা ধৰণৰ মনোবৃত্তিৰ আমি বিৰোধিতায়ে কৰি আহিছোঁ তথাপিও সময় সাপেক্ষে কিছুমান কথা সাধাৰণীকৰণ কৰি বই পাৰি এইখিনিতে এই লেখাটোত এই লেখকৰ এটা স্ববিৰোধ সোমাই আছে

 

ছুটিগল্পৰ বিলৈ

 

সাহিত্যৰ প্ৰকৰণসমূহৰ ভিতৰত ছুটি-গল্পই আটাইতকৈ দুৰ্ভগীয়া প্ৰকাশকসকলে গল্পৰ কিতাপতকৈ উপন্যাস ছপাবলৈ বেছিকৈ পচন্দ কৰে কবিতাক লৈ যিমান কথা পতা হয়, যিমান উদযাপন কৰা হয়, উপন্যাসক যিমানখিনি সম্ভ্ৰম প্ৰদান কৰা হয় সিমানখিনি গল্পৰ প্ৰতি দেখা নাযায় সময়ৰ তে কথা-বতৰাৰ ধৰণ সলনি হয় কবিতা কিয় লিখে, কেনেকৈ লিখে এনেধৰনৰ মূলগত প্ৰশ্ন কিছুমান আজিকালি মানুহে সুধিবলৈ প্ৰায় এৰিছেই কিন্তু গল্প কোনে, কিয়, কেনেকৈ লিখে- এনেধৰণৰ আওপুৰণি প্ৰশ্ন মানুহে এতিয়াও সুধিবলৈ এৰা নাই উপন্যাস এখনক উপন্যাস বুলি কৈ দিয়াৰ পিছত আজিলৈকে কোনেও এইখন উপন্যাস নে নহ এই প্ৰশ্নটিও কৰা নাই কিন্তু গল্পকাৰৰ প্ৰতি এই প্ৰশ্নটো এৰা হয় অসমীয়া ছুটি-গল্পৰ জনক যিজন সেইজন বেজবৰুৱাৰো এক বুজন সংখ্যক লেখাৰ মাজত সাধুকথাৰ ধৰণ-কৰণ দেখা পোৱাৰ ফলত সেয়াও গল্প হৈ উঠি নে নুঠিল তাকে লৈ প্ৰশ্ন একোটা উঠা শুনিবলৈ পাওঁ মুঠতে ছুটি-গল্প বোলা ধাৰাটোৱেই আটাইতকৈ বেছি চঞ্চল আৰু চিৰিয়াছ কথাবাৰ্তাৰ মজিয়াৰ পৰা সততে বঞ্চিত বছৰদিয়েক আগে গ্ৰন্থপ্ৰকাশক ৰঞ্জন শৰ্মাৰ সৈতে চিয়েল মিডিয়া আৰু অন্যান্য ভাৰ্ছুৱেল বীনোদনৰ পয়োভৰৰ মাজত সাহিত্যৰ অৱস্থাক লৈ চমুকৈ কথা পাতোতেও তেওঁ উনুকিয়াইছিল যে অন্যমাধ্যম বা নতুন-মাধ্যমৰ প্ৰসাৰৰ পিছত কবিতাৰ ইমান ক্ষতি হোৱা নাই যিমান গল্পৰ হৈছে চৰিওফালে ইমান বাতৰি, ইমান নতুন নতুন ঘটনাৰ বৰ্ণনা ফেচবুক-হোৱাটছআপ আদিৰ মাজেৰে আমাৰ ওচৰলৈ দৈনিক আহিব লাগিছে যে মানুহৰ কাহিনী বা ঘটনা এটাৰ কথা পঢ়াৰ প্ৰাথমিক ইচ্ছাখিনি তেনেকৈয়ে প্ৰশমিত হৈছে মানুহৰ হাতত সময় যেনেকৈ কম হৈ আহিছে তেনেকৈয়ে গল্প এটা পঢ়াৰ হাবিয়াসখিনিও কমি আহিছে তাতকৈ কবিতাত মানুহে এই কাহিনী কথনৰ পৰা আঁতৰত অন্য কিবা এটাৰ সন্ধান পাব পাৰে বুলি মানুহে কবিতাৰ প্ৰতি আগ্ৰহটোক নোহোৱা বলৈ দিয়া নাই সেইবছৰ গুৱাহটীৰ গ্ৰন্থমেলা দুখনত তুলনামূলকভাবে অসমীয়া কবিতাৰ কিতাপ অধিক বিক্ৰী হৈছিল বুলি মানুহে কৈছিল শৰ্মা ডাঙৰীয়াৰ ব্যাখ্যাৰে এয়াও এক কাৰণ আছিল কথাখিনি সম্পূৰ্ণৰূপে সমৰ্থনযোগ্য হওক বা নহওক, ভাবিব পৰা দিশ এটা যে সোমাই আছিল সেয়া হয়

 

সম্ভৱ ফৰ্ম বা গঢ়-গতিৰ দিশৰ পৰাও গল্প নামৰ প্ৰকৰণবিধৰ সন্মুখত বহুধৰণৰ প্ৰত্যাহ্বান আছে ভৌতিক বা কায়িক অৰ্থতে গল্প এটাৰ পঠণৰ সময় কবিতা এটাতকৈ বেছি কবিতা এটা পঢ়ি ভাল লাগিলে আপুনি বাৰে বাৰে পঢ়িব, ৰৈ ৰৈ পঢ়িব, নতুন নতুন মাত্ৰাৰ সন্ধান কৰি তাক আৰু অলপ সময় দিবলৈ বিচাৰিব আৰু ভাল নালাগিলে তাক এৰাই চলা সহজ কিন্তু গল্প এটা পঢ়ি শেষ পৰ্যন্ত ভাল নালাগিলে এনে লাগে যেন সময়খিনি অবাবতে এটা গল্প পঢ়ি ভাল নালাগিল দুটা পঢ়ি ভাল নালাগিল এনেকৈ যদি বাৰে বাৰে একেধৰণৰ অতৃপ্তিকৰ অভিজ্ঞতাৰ সন্মুখীন হোৱা যায় তেনেহলে ছুটিগল্প পঠণৰ প্ৰতি অনীহা জন্মাটো অস্বাভাৱিক নহয় ফৰ্ম বুলি উল্লেখ কৰিছিলোঁ এইবাবেই যে এই গোটেই ঘটনাটো ঘটে গল্পৰ কায়িক কলেৱৰটোৰ কাৰণে উপন্যাসৰ ক্ষেত্ৰত খেলাটো অলপ অন্য ৰকমৰ উপন্যাসৰ কায়িক বিস্তৃতিয়ে আপোনাৰ ভৌতিক আৰু মানসিক দুয়োটা কালকে দীৰ্ঘম্যাদী আগুৰি থকাৰ ফলত তাত এক অন্য ধৰণৰ সম্পৰ্ক স্থাপিত হয় ছুটিগল্পৰ সমস্যাটো কেৱল এইটো নহয় যে কবিতাৰ দৰে ছুটি নহয়, লগতে এইটোও আছে যে উপন্যাসৰ দৰে বিস্তৃতও নহয় কামটোৰ সৈতে আপোনাৰ সম্পৰ্ক এটাই গা কৰি উঠোতে উঠোতে আদবাটতে ঢুকাই থাকে এইখিনি কথাৰ পৰা যিটো বুজা যায়, কম পৰিসৰত পাঠকৰ সৈতে সম্পৰ্ক স্থাপন কৰি এটা অভিজ্ঞতা প্ৰদান কৰাটো গল্পকাৰৰ বাবে যেনেকৈ এটা চেলেঞ্জ, তেনেকৈয়ে সেই একেজন (‘একেজনী’) গল্পকাৰৰ বাবেই দৈনন্দিন জীৱনৰ বিভিন্ন মাধ্যমেৰে আমাৰ মাজলৈ অহৰহ আহি সমাসীন হোৱা বিভিন্ন স্তৰৰ কাহিনী-কথনৰ অভিজ্ঞতাবোৰৰ পৰা কেনেকৈ পৃথক আৰু কিয় পৃথক সেই কথাটো সাব্যস্ত কৰি আগবঢ়াটোও তেনেকুৱাই এটা এৰাব নোৱৰা চেলেঞ্চ এনেবোৰ কাৰণতেই ছুটিগল্পত হোৱা পৰীক্ষানিৰীক্ষাও আচলতে বেছি কবিতা সম্পৰ্কে বেছি সঘনে কথা পাতি থকা হয় বাবে কবিতাত পৰীক্ষা-নিৰীক্ষাৰ কথা বেছিকৈ ওলায় যদিও আচলতে সমসাময়িক সাহিত্যৰ শাখা-প্ৰশাখাৰ ভিতৰত কেতিয়াবা গল্পৰ ক্ষেত্ৰতহে পৰীক্ষা-নিৰীক্ষা বেছিকৈ হৈছে যেন লাগে আৰু সেয়া স্বাভাৱিকতেই বলৈ বাধ্য 

 

পৰীক্ষা-নিৰীক্ষা

 

এই পৰীক্ষা-নিৰীক্ষা কথাষাৰতো অলপমান সমস্যা আছে আমি এক বিশেষ ধৰণৰ থিয়েটাৰ বা পাৰফৰমেন্স কৰোঁ যাক কওঁডিছপোজেবল থিয়েটাৰ পাৰফৰমেন্স আৰ্ট সম্পৰ্কীয় আমাৰ দীৰ্ঘকালীণ যোগাযোগৰ ফলত অনেকেই যেনেকৈ আমাক পাৰফৰমেন্স আৰ্টিষ্ট বুলি পৰিচয় দি আহিছে তেনেকৈয়ে থিয়েটাৰৰ ক্ষেত্ৰৰ মানুহে আমাৰ চৰ্চাক পৰীক্ষামূলক থিয়েটাৰ বা এক্সপেৰিমেণ্টেল থিয়েটাৰৰ কৰ্মী বুলি চিনি পাই আহিছে আৰু বাৰে বাৰে এইএক্স্পেৰিমেণ্টেলশব্দটোৰ বিৰোধিতা কৰি আহিছোঁ কাৰণটো , আমাৰ বিচাৰে সকলো থিয়েটাৰেই, আচলতে সকলো শিল্পই এক্সপেৰিমেণ্টেল গল্প, কবিতা, নাটক- সকলোৰে ক্ষেত্ৰত “ephemeral” কথাষাৰ প্ৰযোজ্য জীৱন জগতৰো একে কথা এটা জীৱন এবাৰহে জীয়াব পাৰি এখন নাটক এবাৰহে কৰিব পাৰি আৰু এটা গল্প এবাৰহে লিখিব পাৰি এটা গল্পৰ এজন কথকে একেটা গল্পকে হাজাৰবাৰ লেও সেই হাজাৰবাৰেই গল্পটো নতুন আগৰবাৰৰ কথনৰ সময়, স্থান আৰু শ্ৰোতাৰ অৱস্থান যিহেতু পৃথক, গল্পটোও সেইভাবেই পৃথক বুদ্ধই বা হেৰাক্লিটাচেও একেখন নদীতে দুবাৰ ভৰি দিব নোৱৰাৰ দৰে এটা শিল্পবস্তুক না দুবাৰ নিৰ্মাণ কৰিব পাৰি, না দুবাৰ তাৰ ৰসাস্বাদন একেৰূপতে সম্ভৱ পাৰে এনে ক্ষেত্ৰত প্ৰতিটি শিল্পবস্তুৱেই প্ৰতি মুহূৰ্ততে যে নতুন- এই কথাটো মানি লোৱাটো ভাল এটা মুদ্ৰাৰ দুপিঠি থকাৰ দৰে এইখিনি কথাৰো দুপিঠি আছে প্ৰথমতেই, শিল্পত পৰীক্ষা-নিৰীক্ষা কথাষাৰ শুনিলেই নাক-সিঙটোৱাৰ স্বভাৱ থকাসকলক সঁকিয়াই দিয়ে যে শিল্প মানেই পৰীক্ষা-নিৰীক্ষা, যিহেতু প্ৰতি পদে পদে নতুন একেটা সময়তে ইয়াত এইষাৰ কথাও সোমাই আছে যে, “পৰীক্ষা-নিৰীক্ষাবুলি কৈ আপুনি আচলতে একো নতুন কথা প্ৰতিপন্ন নকৰে সকলো শিল্পই যদি পৰীক্ষামূলক তেন্তে অমুকৰ অমুকটো কাম পৰীক্ষামূলক বুলি কোৱাৰ কোনো অৰ্থ নাথাকে সেয়েহে অসমীয়া গল্পকাৰেও পৰীক্ষা-নিৰীক্ষা বাদ দি গল্প লিখাই ভাল এইখিনি কথাৰ সূত্ৰেৰে বৰ্হেছৰ বৰ্ণনাত যে পীয়েৰ মিনাৰ্ড নামৰ লেখকজনে ছাৰ্ভেন্টিছেডন কিখোটেলিখাৰ চাৰিশ বছৰৰ পিছত একেখন কিতাপ একে ৰূপতে, একে নামেৰে, একে কাহিনীৰে, বাক্য-হৰফ-পৃষ্ঠা সমস্তবোৰ একেধৰণেৰে ৰাখি আকৌ এবাৰ লিখি উলিয়াইছিল সেইখিনি কথালৈ মনত পেলাওক বৰ্হেছে প্ৰশ্ন এটা এৰি থৈ গৈছিল আজিৰ পৰা এশবছৰ আগতেই সম্পূৰ্ণ একে ৰূপত এটা শিল্পকৰ্মক পুনৰনিৰ্মাণ কৰিলেও সেই শিল্পকৰ্মটো আগৰ শিল্পকৰ্মটোৰ সৈতে আচলতে হুবহু একে হৈ থাকে নে নেথাকে? সম্ভৱ আজিলৈকে শিল্পৰ জগতত যিমানখিনি পৰীক্ষা-নিৰীক্ষা হৈছে, সেইখিনিক শিল্পীসকলে নিজে পৰীক্ষা-নিৰীক্ষা বুলি কমেইহে কৈছে তেওঁলোকে যি কৰিছে স্বাভাৱিকতাৰে কৰিছে, প্ৰয়োজনত কৰিছে, কৰিব লাগে কাৰণে কৰিছে পৰীক্ষা-নিৰীক্ষা বুলি কৈছে পাঠকে, দ্ৰষ্টাই, দৰ্শকে, গ্ৰাহকে, সংগ্ৰাহকে, প্ৰদৰ্শকে, বিতৰকে, বিনিয়োগকাৰীয়ে, পৃষ্ঠপোষকে, বিশ্লেষকে, সমালোচকে তেই পৰীক্ষা-নিৰীক্ষা স্বাভাৱিকতাৰে হোৱা নাই তেই স্ববিৰোধী দুটা স্থিতিয়ে একত্ৰে মূৰ দাঙি উঠে : কাগজে কলমে পৰীক্ষা-নিৰীক্ষাৰ উচ্ছসিত প্ৰশস্তি আৰু আড্ডাৰ কথাবাৰ্তাত পৰীক্ষানিৰীক্ষাৰ প্ৰতি বিৰূপ মন্তব্য

 

ফৰ্ম এটা ভাল শব্দ

 

পৰীক্ষানিৰীক্ষা কথাষাৰে বাৰে বাৰে মনত পেলাই দিয়ে যে শিল্প সদায়েই ফৰ্মেল নিৰ্মাণ ফৰ্ম সম্পৰ্কে আমি ভাবিবই লাগিব, কথা পাতিবই লাগিব কিন্তু অসমীয়া সমালোচনাৰ ধাৰা টনকীয়াল নোহোৱাৰ বাবেও ফৰ্ম সম্পৰ্কীয় স্বচ্ছ আৰু অঁহীয়াঅঁহী আলোচনা চকুত নপৰে গ্ৰন্থ-পৰিচয়তে আৱদ্ধ থকা লেখাবোৰে লেখকৰ ব্যক্তি-পৰিচয়ৰ বৰ্ণনা, কোনে কেতিতায় পৰা গল্প-লিখিবলৈ আৰম্ভ কৰিছে ইত্যাদি কথাতে আৰম্ভ হৈ তাতেই শেষ হৈ থাকে আমাৰ এটা ধাৰণা এনে যে অসমৰ সাংস্কৃতিক পৰিমণ্ডলত যেতিয়াই বৌদ্ধিক দিশটোলৈ খেনোৱে চকু দিয়ে তেতিয়াই দেখিব যে তাতফৰ্মবস্তুটো সাংঘাতিক বেয়া কিবা এটা বুলি চিহ্নিত হি আছে একালৰ প্ৰগতিশীল বৌদ্ধিক মহলৰ বদান্যতাতফৰ্ম নহয়, কণ্টেণ্টটোহে আচলএনেকুৱা ধাৰণা এটা চলি থকাৰ ফলত ফৰ্ম সম্পৰ্কে ঐকান্তিকতাৰে কোনোবাই চৰ্চা কৰিব খুজিলেও সেই সম্পৰ্কে কথা পাতিবলৈ যেন ভয় এতিয়া হে সুধী পাঠকবৃন্দ, আপোনালোকেই কওক ফৰ্ম সম্পৰ্কে থকা প্ৰচণ্ড ঘৃণাৰ এই পৰিৱেশত যদি কোনোবাই কয় সমসাময়িক অসমীয়া গল্পত যথেষ্ট পৰীক্ষা-নিৰীক্ষা হৈছে, তেনেহলে সেই পৰীক্ষা-নিৰীক্ষাৰ আধাৰ কি? ফৰ্ম মানে শৰীৰ কথা-বতৰাত শৰীৰটোৰেই যদি অস্তিত্ব নাই, যদি কেনিও দেহচৰ্যাৰ পৰিৱেশ নাই, বস্তুৰ অস্তিত্বই থাকিব?

 

অসমীয়া গল্পৰ মাইলৰ খুঁটি বুলি পৰিগণিত গল্প কেইটাক বাদ দি কিম্বা কেনেবাকৈ অসমীয়া বিভাগৰ পাঠ্যপুথিত অন্তৰ্গত হোৱা সৌভাগ্যৱান গল্পখিনিৰ বাহিৰে আন কোনো গল্পৰে কোনো সবিস্তাৰ আলোচনা আমাৰ চকুত নপৰে  এতিয়া বিপাঙত পৰে গল্পকাৰসকল এহাতে শব্দ, বাক্য, হৰফ, বৰ্ণনা, বিস্তাৰ- সামগৃক দেহনিৰ্মাণৰ মোহত তেওঁলোক আৱদ্ধ, আনহাতে সেই কামত ন্যস্ত বলৈকো কোনোবাখিনিক দ্বিধাগ্ৰস্থ এই দ্বিধাগ্ৰস্থতা অসমীয়া গল্পৰ পাতে পাতে ওপৰত ৰঞ্জন শৰ্মাই কোৱা কথাখিনিলৈ যদি মনত পেলায়, কেৱল কাহিনী এটা কোৱাৰ আগ্ৰহেই যদি গল্প হৈ থাকিলেহেতেন তেন্তে আজিকালি মানুহে চিয়েল মিডিয়া আৰু বিভিন্ন সংবাদ মাধ্যমেৰে অহৰহ আমদানি হৈ থকা বাস্তৱ বা ৰহন-সনা বাস্তৱৰ কাহিনীবোৰক পঢ়ি-শুনি-দেখিয়েই সন্তুষ্ট হৈ বেলেগে আকৌ গল্প এটা পঢ়োঁ বুলি কিতাপ এখন মেলি কিয়? এই কথাখিনিয়েও কয় যে কাহিনীকথনৰ পৰা উৰ্দ্ধত কিবা এটা তাত থাকিব লাগিব সেয়া এটা পাঠৰ অভিজ্ঞতা সেই অভিজ্ঞতাখিনিও নিৰ্মিত হয় ফৰ্মৰ জৰিয়তে এই সূত্ৰে দুটামান প্ৰপঞ্চ তলত উল্লেখ কৰিম

 

স্থিতিকাল

 

আদৰ্শ গল্প এটা কিমান দীঘল লাগে? প্ৰশ্নটো অবান্তৰ যেন লাগিব পাৰে, বা ইয়াৰ স্পষ্ট উত্তৰ নাথাকিবও পাৰে কিন্তু নেৰেটজীৰ সৈতে ইয়াৰ দৈৰ্ঘ্য, গল্পপাঠৰ কাল নিৰ্ভৰ বিস্তৃতিৰ এটা সম্পৰ্ক নিশ্চয় আছে কেৱল যে পৰিৱেশন কলাতহে সময়ৰ কথা থাকে তেনে নহয় শেষ বিচাৰত গল্প-পাঠো পাৰফৰমেন্স অসমত একাংকিকা নাটক এখনৰ আদৰ্শ সময়কাল ত্ৰিশ মিনিটৰ পৰা পঞ্চলিছ মিনিট কোনোবা কেইখনমান প্ৰতিযোগিতা আয়োজক সমিতিয়ে বান্ধি দিয়া লিখিত নিয়মৰ পিছৰ পৰা এইয়ালৈকে সেয়ে অলিখিত নিয়মো হৈ ৰৈছে ভাওনাখনৰ সময়কাল গোটেই ৰাতিটো জুৰি থাকে, কেতিয়াবা দুৰাতি, কেতিয়াবা তিনিৰাতি ওজাপালিৰ একেটা ফৰ্মেই ইয়াৰ পৰিৱেশনৰ স্থান-কাল-প্ৰসংগ অনুযায়ী নিজৰ ম্যাদ নিৰ্ধাৰণ কৰি লয় বিয়া-সবাহ বা মনসা-পূজাৰ আয়োজনৰ সৈতে সংগতি ৰাখি কেতিয়াবা অনুষ্টুপ, কেতিয়াবা নিশাজোৰা বিস্তৃতিৰ বাহক এই প্ৰতি ক্ষেত্ৰতে দৰ্শক-দ্ৰষ্টা-উপভোক্তাৰ একধৰণৰ মানসিক প্ৰস্তুতি জড়িত হৈ থাকে ওৰে-ৰাতি চলিবলগীয়া এটা নেৰেটিভ যদি আধা ঘণ্টাতে শেষ হৈ থাকে সি দৰ্শকক অসন্তুষ্ট কৰিবই পাৰে আনহাতে আধা ঘণ্টাৰ পৰিৱেশন এটাক যদি জোৰ কৰি গোটেই ৰাতি উৰাই-ঘূৰাই গাই থাকি মানুহক জোৰ কৰি টোপনি ক্ষতি কৰাই বহুৱাই ৰখা হয় তাতো দৰ্শক ক্ষুন্ন হোৱাটো স্বাভাৱিক এই সময়ৰ অসমীয়া গল্পৰ সৈতেডিউৰেচন”(স্থিতিকাল) এই কথাখিনি অত্যন্ত প্ৰাসংগিক যথেষ্ট ভাল লেখকৰ ভাল গল্পও কেতিয়াবা পাঠকে কাহিনীৰ মাজলৈ সোমাব পৰাৰ আগেয়েই শেষ হৈ থাকে কোনোবাটো কাহিনীকথনৰ বাবে যি বিস্তৃতি থাকিব লাগিছিল সেই বিস্তৃতি যদি গল্পটোৰ কলেৱৰে কঢ়িয়াব নোৱাৰে তেন্তে গল্পপাঠৰ আমেজ বিঘ্নিত হয় ওলোটাকৈ, দুপৃষ্ঠা বা তিনিপৃষ্ঠাতে সাঙুৰি পৰা নিটোল পৰা গল্প এটা যেতিয়া আঠ বা বাৰ পৃষ্ঠালৈকে টানি নি তাক শিথিল কৰি পেলোৱা হয় সিও পাঠকক বিৰক্তহে কৰে     

 

উপমা, ৰূপক, ৰিজনি, সাদৃশ্য, সাযুজ্য আদিৰে অত্যন্ত ঘনত্ব বিশিষ্ট গল্প এটাই সাধাৰণতে দীঘলীয়া স্থিতিকাল দাবী নকৰে মেজিক ৰিয়েলিজম বা বিকল্প কথকতাৰ নামেৰে একাংশ গল্পকাৰ অত্যাধিক ভাবোচ্ছাসৰহে চিকাৰ হৈ পৰে এনেকুৱা গল্পও পঢ়িবলৈ পাওঁ একেটা অনুচ্ছেদতে কথকৰ চাৰি-পাঁচবাৰমান কিবা নহয় কিবা বস্তু এটা দেখি আন কিহবালৈ মনতেই পৰি থাকে এই ধৰক খিৰিকীখন খোলা আছে, সেই দেখি কিবা এটা মনত পৰিল; পৰ্দাখন লৰি থকা দেখি কিবা এটা মনত পৰিল; ভাঁহি অহা আজানৰ শব্দয়ো কিবা এটালৈ মনত পেলাই দিলে কথাই কথাই এনেধৰণৰ সাযুজ্যই নিয়ন্ত্ৰণহীন ভাবাৱেগকহে দৰ্শায় আনহাতে পাঠকৰ পঠণাভিজ্ঞতাত বাধা প্ৰদান কৰে মন কৰিবলগীয়া যে সমসাময়িক শিল্পই বা কবিতায়ো বস্তুক বস্তু হিচাপেই সি তাৰ নিজগুণে অৱস্থান কৰাটোকে বেছি গুৰুত্ব দিয়ে চিত্ৰশিল্পীয়ে শিল এছটা আঁকিলে সেই ছবিখনৰ মানে মাথোঁ শিল এছটা তাৰ বাহিৰে একো নহয় যি দেখা গৈছে তাৰ বাহিৰত আন মানে বিচাৰি ফুৰাটো হাস্যকৰএই ছবিখনত এই অমুক বস্তুটোটোৰ মানে কিবুলি আক্ষৰিক অৰ্থেৰে ৰিজনি বিচাৰি ফুৰা মানুহক লৈ শিল্পীকূল সদায়ে বিৰক্ত হৈ আহিছে এনে সময়ত বস্তুত দ্ৰষ্টাৰ বিষয়ী আৱেগ আৰোপ কৰাৰ ৰোমাণ্টিকতা সমসাময়িক অসমীয়া গল্পৰ নতুন পৰিচয় হৈ উঠিছে বিকল্প কথকতা নিৰ্মাণৰ প্ৰয়াসেই হওক, কাব্যিকতা আৰোপনৰ চেষ্টাই হওক বা -সৰলৰৈখিক নেৰেটিভ নিৰ্মাণ কিম্বা কথক বা চৰিত্ৰৰ মনোজগতৰ অৱলীলাক্ৰমক ধৰি ৰাখিবৰ চেষ্টাই হওক : কাৰ্যত এই পদ্ধতিয়ে পাঠৰ অভিজ্ঞতা অৱসাদময় কৰি তোলে দুটা বা তিনিটা পেৰেগ্ৰাফ পঢ়াৰ পিছতে আপুনি অত্যন্ত ভাগৰুৱা অনুভৱ কৰে কাব্যিকতা এটা জোৰ কৰি আয়ত্ব কৰা বস্তু নহয় একেসময়তে গল্পত চিনেমেটিক কোৱালিটি, গীতিময়তা বা কাব্যিকতাৰ দৰে কথাবোৰ কৈ থকা হয় যদিও সেইবোৰে সকলো সময়তে আক্ষৰিক অৰ্থবোৰ নুসূচায় অন্যথা আজিলৈকে অসমীয়া গল্পতচিনেমেটিক কোৱালিটী কথা যিমান শুনা সেই অৰ্থৰে অসমতেই আটাইতকৈ বেছি বিশ্বমানৰ চিত্ৰনাট্যকাৰৰ আবিৰ্ভাৱ ঘটিব লাগিছিল কাব্যিক গুণ আয়ত্ব কৰিলেও গদ্য আৰু গল্প ফৰ্মৰ দিশেৰে পেৰাগ্ৰাফৰ গঢ় গতিৰে আৱদ্ধ হৈ থাকে কবিতা এটাৰ কায়িক গঠণে বিৰতি বা শব্দহীনতাকো কবিতাটোৰ শৰীৰৰ এৰাবনোৱৰা অংগ কৰি ৰাখে বিশেষকৈ উত্তৰ-নিলমণি-ফুকন পৰ্যায়ত এই বিৰতি আৰু নৈ:শব্দই অধিক গুৰুত্ব পালে কবিতাটোৰ শাৰী বা চৰণটো যিমান গুৰুত্বপূৰ্ণ তাৰ মাজৰ খালী ঠাইখিনিও সমানেই গুৰুত্বপূৰ্ণ অসমত গ্ৰন্থ প্ৰকাশৰ ব্যৱস্থাটো শোচনীয় হোৱাৰ ফলত কাকত-আলোচনী নিৰ্ভৰ হৈ থাকি গল্প লিখা সকলে, গল্প এটা প্ৰকাশৰ বাবে পঠোৱাৰ পিছত সম্পাদক বা টাইপ-ছেটিং আৰু লে’-আউট কৰা গ্ৰাফিক ডিজাইনাৰসকলৰ সৈতে কোনো সম্পৰ্ক ৰখাৰ ব্যৱস্থা নথকা এটা পৰিৱেশত গল্পৰ কথাখিনি আগবাঢ়োতে তাৰ মাজত বিৰতি, পেৰাগ্ৰাফ আৰু পৃষ্ঠাৰ ডিজাইন সম্পৰ্কে ভাবিবলৈ পোৱাৰ অৱকাশ নাথাকে আনকি কবিতা সম্পৰ্কেও ভালেখিনি মানবিশিষ্ট আলোচনীত কবিতাৰ চৰণৰ মাজৰ খালীঠাইখিনি লেখকৰ ইচ্ছাৰ বিৰুদ্ধেই নোহোৱা কৰি প্ৰকাশ কৰাত আমি বহুবাৰ ক্ষুন্ন হৈছোঁ এই সকলোবোৰেই নেৰেটজীৰ অংগ এইবোৰো ফৰ্মৰ কথা দেহটো এনেকৈয়ে নিৰ্মাণ হয়, অথচ আমি আজিলৈকে এইখিনি কথা ভাবিবলগীয়া কথা বুলিয়ে ভবা নাই আনহাতে গল্পকাৰে ভাবি গৈ আছে, গল্পকাৰৰ চৰিত্ৰই ভাবি গৈ আছে, পঢ়ি থাকোতে পাঠকে ভাবি গৈ আছে, যথাসময়ত প্ৰয়োজনীয় বিৰতিখিনি নাপাই পাঠক ক্লান্ত হৈ গৈ আছে দাৰ্শনিক ভেটি নিৰ্মাণৰ আকাংক্ষা যেতিয়া ভাবোচ্ছাসৰ নামান্তৰ হৈ উঠে তেন্তে সেইটো এটা নান্দনিক আৰু বৌদ্ধিক বিপৰ্যয়

 

ভাষা

 

ভাষিক চৰ্চাৰ ক্ষেত্ৰতো বহু ভাষিক জনগোষ্ঠীৰ সমাৱেশৰ অসমৰ দৰে এখন ঠাইত ভাষিক পৰীক্ষা-নিৰীক্ষা আচলতে যিমানেই হয় সিমানেই কম ভাষিক গোষ্ঠীয় ভিন্নতাক বাদ দিও ঠায়ে ঠায়ে একেটা ভাষাৰে প্ৰয়োগ ভিন্ন তাৰ পিছতো বঙলুৱা প্ৰয়োগ বা বঙালী ভাষাৰ সাহিত্যকৃতিৰ অনুকৰণৰ ফলত সঘনে দেখা দিয়া বঙলুৱা প্ৰয়োগেও অসমীয়া গল্পপাঠত বিঘিনি ঘটায় বঙালী সাহিত্যকৃতি অসমীয়া গল্পকাৰৰ বাবে ইজি এক্সেছ অন্যাৱশ্যকভাৱে আমদানীকৃত কথকতাৰ ধৰণ-কৰণেও পাঠকক সমানেই বিৰক্ত কৰে নতুন প্ৰজন্ম যে সেই সম্পৰ্কে সচেতন নহয় তেনে নহয় কিন্তু যেতিয়া একোটা জনজাতীয় পটভূমি গল্পৰ মাজলৈ সোমাই আহে, একোটা আঞ্চলিক ভাষিক প্ৰয়োগে যেতিয়া আহি অসমীয়া গল্পৰ মাজত ভূমুকি মাৰেহি তেতিয়া এটা হিতে-বিপৰীত ৰূপেও ধৰা দিয়েহি ভৱিষ্যতে কোনো সমালোচকে লিখিবলগীয়াঅমুকৰ গল্পত অমুক-অমুক সচেতনতা আছেবোলা অনাগত বাক্যটোৰ বাবেই যেন কিছুমান কাম কৰি থকা হৈছে পৰিশেষত একোটা পলিটিকেল কাৰেক্টনেছৰ ধাৰণাক তৃপ্ত কৰাৰ ইচ্ছাটোৱে গল্প কোৱাৰ প্ৰাথমিকতাখিনিক গ্ৰাস কৰা যেন লাগে যাৰ ফলত পৰিৱেশটো হৈ উঠে শ্বাসৰূদ্ধ হাজাৰটা ধূতি-নীতি আৰু বাধ্যবাধকতাৰে ভৰা অসমৰ সাংস্কৃতিক পৰিমণ্ডলতযি মন যায় কৰ, যেনেকৈ মন যায় তেনেকৈ কৰএই বাক্যটোও যে কোনেও কাকো নকয়- এয়াও তাৰেই পৰিণতি   

 

চৰিত্ৰ | সংলাপ | বৰ্ণনা

 

গল্পত চৰিত্ৰ নিৰ্মাণ এটা কেন্দ্ৰীয় প্ৰসংগ আৰু অত্যন্ত কঠিণ প্ৰক্ৰিয়া বহুতো গল্পকাৰৰ বাবে চৰিত্ৰই প্ৰধান আৰু বহুতক লিখিবলৈ অনুপ্ৰাণিত কৰে চৰিত্ৰ এটাৰ বৈশিষ্ট্যখিনিয়েই বহুতো নাট্যকাৰৰ বাবেও প্ৰাথমিক উৎসাহখিনি চৰিত্ৰ এটাৰ পৰাই আহে, বহুতো অভিনেতাই বিশ্বাস কৰে চৰিত্ৰটোৰ প্ৰতিসুবিচাৰকৰিব পৰাটোৱেই অভিনয় শিল্পৰো প্ৰাথমিক ধৰ্ম অসমীয়া ভাষাত লিখামেলা কৰি থকা বিৰাট সংখ্যক লেখকৰ সম্পৰ্কে এষাৰ সাধাৰণীকৃত কথা বই পাৰি যে তেওঁলোকৰ বেছিভাগেই স্মল-টাউন, বা মফস্বল অঞ্চলৰ বাসিন্দা আৰু দৈনন্দিন জীৱনৰ চৰিত্ৰ একোটা সেইবোৰ অঞ্চলৰ পৰাই উঠি আহে এই অঞ্চলবোৰৰ অৰ্থনৈতিক স্থৱিৰতা আৰু ৰাজনৈতিক কথাবাৰ্তাবোৰো একেঠাইতে বছৰৰ পিছত বছৰ ধৰি পাক-ঘূৰণি খাই থকাৰ দৰে হয় এয়ে কাৰণ যদিও নাজানো, অসমীয়া গল্পৰ চৰিত্ৰসমূহ সাধাৰণতেই মাত্ৰাবিহীন, গতিহীন আৰু পূৰ্ৱানুমান-সম্ভৱ হয় আদৰ্শবান শিক্ষক, আৰ্থিক অনাটনেৰে বিপৰ্যস্ত লেখক-শিল্পী, দুখুনী তিৰোতাবোৰ, কিবাকিবি কাৰণত গাঁৱৰ পৰা চহৰলৈ আহি কথাই কথাইলৈ মোৰ সোণালী অতীতবুলি গাঁৱলৈ মনত পেলাই হা-হুতাশ কঢ়িয়াই ফুৰা চৰিত্ৰবোৰ এতিয়াও অসমীয়া গল্পত পাতে পাতে নাটকে চিনেমাই কথাখিনি একে সৰু সময়ৰ ঘটনা   এটাত কেতিয়াবা চলি যায় কিন্তু দীঘলীয়া সময়ৰ কাহিনীত চৰিত্ৰৰ যদি বিস্তাৰ নঘটে তেনেহলে সেইটো এটা সমস্যা

 

নাটকত এটা ঘাই সমস্যা , অতি প্ৰভাৱশালী পৰিচালকৰ নাটকতো কেতিয়াবা যদি নাটকখনত পাঁচটা চৰিত্ৰ থাকে সেই পাঁচোটায়েই একেধৰণৰ কথা কয়, একেধৰণৰ ব্যৱহাৰ কৰে অথচ আমি জানো যে প্ৰতিজন মানুহ ভিন্ন আৰু একক, কোনো দুজন মানুহৰ ব্যৱহাৰ হুবহু একে নহয় এটা পৰিস্থিতিত কোনে কি ভাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া সমূলি পৃথক সেয়েহে কেতিয়াবা অভিনয় আদিত চৰিত্ৰায়ণৰ বাবে কিছুমান সহজ পন্থা আৱলম্বন কৰা হয় ধৰাহওক, এটা চৰিত্ৰক তাৰ নিৰ্দিষ্টতা দিবৰ বাবে এটা মুদ্ৰাদোষ (মেনাৰিজম) ধৰাই দিয়া বা, চৰিত্ৰটোৰ কিছুমান ভাল-লগা বেয়া লগাৰ দিশ নিৰ্ধাৰণ কৰি লোৱা সকলো ঠিকেই আছে কিন্তু এজন ব্যক্তিৰ মুদ্ৰাদোষ গোতেই জীৱন ধৰি একে থাকিব বুলি কোনো কথা নাই ভাল-লগা বেয়া লগাবোৰো সলনি হৈ থাকে সৰুতে বেঙেনা খাই বেয়া পোৱা ৰাটোৰো এটা বয়সৰ পিছত বেঙেনা প্ৰিয় খাদ্য হৈ উঠিবই পাৰে কিন্তু গল্প-কথনত সততে যিটো দেখা যায় সেইমতে যেনিবা চৰিত্ৰ অপৰিৱৰ্তনীয় ইয়াত জীৱন স্থৱিৰ হৈ যায়

 

সংলাপৰ কথা উল্লেখ কৰিলোৱেই দৈনন্দিন জীৱনৰ কথ্য ভাষা আৰু লিখিত ভাষাৰ দ্বন্দটো সদায়েই আছে গল্প লিখাটো যিমানেই অনায়াস আয়ত্বাধীন নহওক, অন্তত: সংলাপৰ সময়ত ভাষাৰ প্ৰয়োগ আৰু একে বহাতে লিখি থকা দুটা বা ততোধিক চৰিত্ৰৰ নিৰ্মাণৰ বেলা সংলাপৰ বৈচিত্ৰ্য ৰক্ষা কৰাটো বৰ সহজ কথা নহয় সংলাপৰ এই অসুবিধাখিনিৰ কাৰণেই অসমীয়া গল্পকাৰে অধিক বৰ্ণনাৰ আশ্ৰয় লয় যেন লাগে কিন্তু আকৌ বৰ্ণনাও আধিক্যও এটা পৰ্বত গৈ বিৰক্তিৰ উৎস হৈ উঠে কামৰ খাতিৰতেই, মানে কেতিয়াবা ইলাষ্ট্ৰেচন-ছবি আঁকিবৰ বাবেই নতুন গল্প কিছুমান আমাৰ হাততো পৰেহি কোনোবাটো গল্প তুলি লৈ দেখোঁ প্ৰথমটো পেৰেগ্ৰাফত বৰ্ণনা দ্বিতীয়টোতো বৰ্ণনা তাৰপিছত তৃতীয়টো অনুচ্ছেদতো যেতিয়া বৰ্ণনাই চলি থাকে তাৰ পিছত আৰু গল্পটো পঢ়িবলৈ ধৈৰ্য নাথাকে কোৱা-বাহুল্য যে সম্পূৰ্ণ উদ্দেশ্যপ্ৰণোদিতভাবে যদি কোনোবাই বৰ্ণনাৰ আধিক্যৰে এটা অন্য যাত্ৰাৰ অভিজ্ঞতা দিব খুজিছে, অথবা পুনৰাবৃত্তিৰ দ্বাৰা এটা ছন্দৰ চেতনা গঢ় দিব খুজিছে তেতিয়াহলে কথাখিনি লহেতেন অন্য    

 

ঐতিহ্য

 

গল্প এটা কেতিয়া কেনেকৈ পাগত উঠে তাৰ কোনো ধৰাবন্ধা ব্যাখ্যা নাথাকে শিল্প এটা কেতিয়া শিল্প হৈ উঠে সেয়াই ব্যাখ্যাৰ অতীত অসমীয়া ভাষাতেই দেধাৰ বৈচিত্ৰ্যময় উদাহৰণ আছে নিজৰ গল্পকাৰৰ সত্বাটোক অধিক প্ৰাধান্য দিবলৈ অগ্ৰাহ্য কৰা সৌৰভ কুমাৰ চলিহাৰ দৰে একেটা ধাৰাতে খামুচি নাথাকি বিচিত্ৰতাৰে কাহিনী কৈ যোৱা মানুহ সদায়ে একোটা মনোগ্ৰাহী বৰ্ণনাৰে গল্পৰ আৰম্ভণী কৰা বুলি নাম থকা চৈয়দ আব্দুল মালিকে কোনো বৰ্ণনা নথকা কেৱল সংলাপ বা কথোপকথনৰ মাজেৰেই কাহিনী এটা ফুটি উঠাকৈ গল্প লিখিছে সততে অসমীয়া মধ্যবিত্ত সমাজৰ প্ৰাত্যহিকতাৰ কথাৰ কাহিনীত কোৱা বুলি মানুহে কৈ থকা ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পত সকলো স্তৰৰ অৰ্থনৈতিক শ্ৰেণীৰ শিশু, বৃদ্ধ, মহিলা, পুৰুষ চৰিত্ৰৰ সমাৱেশ ঘটিছে গল্প লিখিবলৈ লে ঢেৰ দেশী-বিদেশী গল্প পঢ়িবলাগিব বুলি কোনো কথা নাই অসমীয়া ছুটিগল্পৰ ইতিহাসটো নিজেই যথেষ্ট সমৃদ্ধ 

 

পাতি থকা কথাখিনি সৃষ্টিশীল কৰ্মত নিয়োজিত ব্যক্তিসকলে সদায়ে সন্মুখীন হৈ অহা ব্যৱহাৰিক দিশৰ কথা কিন্তু এই সকলোবোৰৰ উৰ্দ্ধত যি ৰয় সেয়া গল্পৰ প্ৰতি থকা আমাৰ সামগ্ৰিক মনোবৃত্তি আৰু সেইকাৰণেই গল্প-পাঠৰ লগে লগে গল্পৰ সমালোচনা চৰ্চাৰো প্ৰয়োজনীয়তা অনুভৱ কৰোঁ সমালোচনাৰ নামেৰে থুলমুল লেখক-পৰিচিতি, কিতাপ প্ৰকাশ হোৱাৰ সময়ৰ প্ৰমোচনেল লেখা আৰুঅমুকৰ লেখা মননশীল আৰু তমুকৰ লেখাত সামাজিক দায়বদ্ধতা আছেধৰণৰ দায়সৰা মন্তব্যৰে ভৰা সমালোচনা আমাক আৰু নালাগে এইখিনি কথা ক্ষতিকাৰক সঁচা যে সমালোচকে সৃষ্টিশীল লেখকক আঙুলি টোঁৱাই একো নিৰ্দেশ নিদিয়ে বা সমালোচনা পঢ়ি কোনেও গল্প লিখিবলৈকো নাযায় কিন্তু আমি কোনবোৰ কথা কেনেধৰণেৰে পাতিম, তাৰ এটা পৰিৱেশ এইবোৰে নিশ্চয় সৃষ্টি কৰে 

 

নেৰেটিভিটি আৰু নেৰেটজী দুয়োটাই অতি ব্যাপক দিশ যিকোনো মানৱীয় শৈল্পিক প্ৰকাশতেই নেৰেটিভ সোমাই আছে তেনেহলে গল্প লিখকৰ আৰ্হিপাঠ কেৱল গল্পই লাগিব বুলি ভাবি থকাটো এটা ভ্ৰান্ত ধাৰণা হিন্দুস্থানী ৰাগসংগীত বিমূৰ্তধৰ্মী আধুনিক গানৰ দৰে ইয়াত কোনো কাহিনীৰ বৰ্ণনা কৰা নহয় কিন্তু তথাপিও সেই সংগীতৰ প্ৰাৰম্ভণী, বিস্তাৰ আৰু নিসি (উচ্চাংগ) মিলি সমূলাঞ্চে নেৰেটিভ এটা নিৰ্মাণ কৰে সেই বিমূৰ্ত অভিজ্ঞতাৰ আধাৰতো আকৌ চিত্ৰিত হয় ৰাগমাল পেইণ্টিং ৰাগমালা মিনিয়েচাৰ পেইণ্টিং সমূহে ৰাগ একোটাৰ আধাৰত অন্য এটা সুকীয়া আৰু স্বতন্ত্ৰ নেৰেটিভ নিৰ্মাণ কৰে অত্যন্ত চহকী প্ৰাচীন ভাৰতীয় স্থাপত্যশিল্পও অজস্ৰ নেৰেটিভ ভাস্কৰ্যৰে ভৰি থকা একো একোটা পূৰ্ণাংগ নেৰেটিভ, নেৰেটিভৰ মাজত অন্য নেৰেটিভক সাঙুৰি নতুন নতুন পাঠে কালাতিক্ৰম কৰি গৈ থাকে আনুভূমিক বা উলম্ব পেনেল ৰিলিফ এটাই যদি কাহিনী একোটা কয়, একক কম্পোজিচনৰ ৰিলিফ এটায়ো কাহিনী একোটাকেই কয় মূল কথাটো হৈ ৰয় কোনে কাহিনীটো কেনেকৈ খুজিছে আৰু শুনোতাই কেনেকৈ শুনিব বিচাৰিছে কেতিয়াবা গোটেই মহাভাৰতখন গাবলৈ তেজন বাই বা শাওলী মিত্ৰৰ দৰে এগৰাকী ব্যক্তিয়েই যথেষ্ঠ, কেতিয়াবা এটা মাত্ৰ অৰ্কেষ্ট্ৰাৰ বাবে এহেজাৰজন বাদ্যযন্ত্ৰী লাগে পটচিত্ৰ, ফাড়-পেইণ্টিং, পুথিচিত্ৰ এনে কোনো শৈল্পিক পৰম্পৰা নাই নেৰেটিভ নাই অনাখৰী কবীৰাই যদি মানুহৰ মুখে কথা আৰু কাহিনী কৈ গৈছে, ওজাপালিৰ ওজায়ো আজিও কাহিনী কৈ গৈ আছে দেশৰ চৰকাৰে নিজৰ নেৰেটিভ নিৰ্মাণ কৰি গৈ আছে, বিদ্ৰোহীয়ে নিজৰ নেৰেটিভ নিৰ্মাণ কৰি গৈ আছে কোলাহলৰ মাজত পুৰুষত্বৰ শক্তিবৰ্ধক দৰৱ বেচা মানুহে, ৰাস্তাৰ কাষৰ যাদুকৰে, চলন্ত চিটিবাচৰ ভিতৰত মূৰৰ চুলি বৃদ্ধি কৰাব পৰা ঔষধ বেচা দোকানীয়ে অহৰহ কাহিনী কৈ গৈ আছে তাৰ মাজৰ পৰা যদি খোজা কাহিনী এটা আমি কেনেকৈ সেয়া শিকি নোৱাৰোঁ আৰু গল্পৰ নামেৰে চলি থকামধ্যমীয়ামানৰ গল্প কিছুমানৰ পৰিৱেশখিনিৰেই আমি চৰ্বিত-চৰ্বন কৰি থাকোঁ এই কৃত্ৰিমভাবে নিৰ্মিত পৰিৱেশটোক সুস্থ বুলি নিশ্চয় নোৱাৰি  কাহিনী সকলোৰেই আছে কেৱল অসমীয়া গল্পকাৰৰ কাহিনী শেষ হৈ আহিছে

 

গল্পকাৰৰ আত্মতোষ আৰু অজুহাত

 

বিশেষকৈ কবি আৰু দৃশ্যকলাৰ শিল্পীসকলৰ আত্মপ্ৰীতি সৰ্বজনবিদিত শিল্পীৰ চেল্ফ-পোৰ্ট্ৰেইটৰ এটা ঐতিহাসিক খতিয়ন আছে কিন্তু আজিকালি আৰু চেল্ফ-পোৰ্ট্ৰেইটৰ মোহাগ্ৰস্থ শিল্পী পাবলৈ টান এটা সময়ত "কবি মই" বা "মই কবি" বুলি কবিতা লিখাৰো ট্ৰেণ্ড এটা আছিল যিটো আজিলৈ নোহোৱা হোৱাৰ দৰেই কিন্তু গল্প লেখোতাৰ গল্পকাৰসত্বা ক্ৰমাগতভাবে বৃদ্ধি পাইছে এই আত্মপ্ৰীতি কেতিয়াবা আমনিদায়ক বিশেষকৈ 'চিয়েল মিডিয়াৰ জৰিয়তে দেখা আত্মপ্ৰকাশৰ আতিশয্যত "কাল্পনিক সাক্ষাৎকাৰত নিমগ্ন অসমীয়া লেখক" বুলি লেখা এটাই লিখিছিলোঁ এই দিশটো দেখি যে কোনেও একো নোসোধাকৈয়ে সকলো যেন কিবা এটা স্পষ্টীকৰণ দিবলৈ ব্যগ্ৰ হৈ ৰৈছে কাৰোবাৰ ওচৰত যেন জবাবদিহি কোনোবাই কোনেও একো নোসোধাকৈ যদি "মই মুক্ত বিহংগৰ দৰে" বুলি কয়, তৎক্ষণাৎ মনলৈ অহা প্ৰশ্ন দুটা ', ) কোনে সুধিছে? ) তাৰমানে আচলতে মুক্ত নহয় নেকি? এইখিনি কথাৰ সৈতে কিন্তু চাবজেক্টিভিটী বা বিষয়ী-অৱস্থানৰ কথাখিনি একে নহয় কথাখিনি জটিল

 

নিজৰ গল্পকাৰ কিম্বা লেখক-সত্বাক আঁৰকাপোৰেৰে ঢাকি ৰাখিব খুজি প্ৰকাৰান্তৰে নিজকে আটাইতকৈ বেছি 'চেলিব্ৰেট' কৰি ' কিজানি সৌৰভ কুমাৰ চলিহাই শেষৰ ফালে এটাতকৈ অধিক বিশেষ সংখ্যাৰ আলোচনীৰ বাবে লিখা লেখাত কেনেকৈ কম সময়ত সম্পাদকৰ এৰাব নোৱৰা তাগিদাতহে কোনোমতে লিখি উলিয়াইছে সেইখিনি কথাৰ উল্লেখ আছে এই কাৰবাৰটোৱে এই সময়ৰ গল্পকাৰসকললৈকো এটা অজুহাতৰ দস্তুৰ এৰি থৈ ' গল্পকাৰসকল সততেই অজুহাতপ্ৰেমী শাৰদীয় সংখ্যাৰ উপন্যাসিকা বা উপন্যাসোপম গল্পটোও হেনো শেষ মুহূৰ্তত খৰধৰকৈ লিখি উলিয়াব লগাত পৰিল গল্পটো বা লেখাটো পাগত নুঠাৰ সেয়া এটা কাৰণ এতিয়া আমাৰ ফালৰ পৰা আকৌ দুটা প্ৰশ্ন ) যদি খৰধৰকৈয়ে লিখি উলিয়াইছিল তেন্তে সেই একে ৰূপতে বছৰ দিয়েক পিছত সংকলণ হিচাপে একেটা গল্পকে প্ৰকাশ কৰিলে কিয়? ) আপুনি জানেই দেখোন আপুনি গল্পকাৰ, অমুক আৰু তমুক সম্পাদকে আপোনাৰ পৰা গল্প বিচাৰিবই তেনেহ'লে শেষ মুহূৰ্তত খৰধৰকৈ লিখি উলিওৱাৰ অজুহাতটো কিয়?

 

আচলতে গল্পকাৰেই নহয়, গল্পৰসিক পাঠক বা গল্পৰ প্ৰকাশকেও এই "শেষ মুহূৰ্ত" বা "খৰধৰ" কথা কয় কিন্তু সৃষ্টিশীলতাৰ পথাৰখনত কোন কামটো খৰধৰকৈ নহয়? শেষ ৰাতি নোশোৱাকৈ গৱেষণাপত্ৰ লিখি উলিওৱা ছাত্ৰ-ছাত্ৰী দেখিছোঁ‌; ডেড-লাইনৰ আগে আগে কাম কৰা সংগীতজ্ঞ দেখিছোঁ‌, নাট্যকাৰ দেখিছোঁ চৰকাৰী কাম-কাজ ভিতৰৰ পৰা দেখিছোঁ‌, ব্যৱসায়িক কাম নিজে উদ্যোগ লৈ দেখিছোঁ কিন্তু কাম হৈ যোৱাৰ পিছত কাৰো একো অজুহাত নাই এই সকলোখিনি উদাহৰণৰ ভিতৰত চাবলৈ 'লে অসমীয়া গল্পকাৰৰ হাততেই আটাইতকৈ বেছি অফুৰন্ত সময় এটা শাৰদীয় বতৰ যোৱাৰ পিছত পিছৰটোলৈ এবছৰ সময় অন্তত কোনোবছৰে পূজা বা বিহু হঠাতে কেলেণ্ডাৰ বহিৰ্ভূত সময়ত আকাশৰ পৰা আহি পৰাহি নাই গতিকে খৰধৰৰ কোবত যদি গল্পটো বেয়া ', সেইটো এটা বেয়া গল্প, আৰু আপুনি এজন বেয়া গল্পকাৰ কথা ইমানেই

 

অসমীয়া গল্প সম্পৰ্কে মনলৈ অহা টোকা হিচাপে ওপৰৰ কথাখিনি লিখি ৰাখিছিলোঁযদিও কথাখিনি ৰাজহুৱা কৰাটো সঠিক ' নে নাই সেয়া ঠাৱৰ কৰিবলৈকে বহুত সময় 'লোঁ অত্যাধিক নঞৰ্থক সুৰেৰে কথা পাতিবলৈ ভাল নাপাওঁ আনহাতে অসমীয়া লেখকক জোকাই লোৱাৰ দুঃসাহসখিনিও গোটাবলৈ টান কেনেকৈ কি কাৰণত নাজানো, কিন্তু প্ৰায়বোৰ অসমীয়া গল্প লেখকেই চিনেমা সম্পৰ্কে লিখামেলা কৰে গতিকে তেওঁলোক বিশ্ব চিনেমাৰ চমঝদাৰ অতি সম্প্ৰতি অসমীয়া গল্পৰ আধাৰত নাট্যপৰিৱেশনাও হৈছে নতুন মাত্ৰা যোগ হৈছে শাৰদীয় সংখ্যাৰ বঙালী আলোচনীও তেওঁলোকে প্ৰচুৰ পঢ়ে, তেওঁলোকে কয়, গল্প পঢ়িলেও বুজি পাওঁ গতিকে এনেকুৱা পৰিৱেশত অসমীয়া গল্পৰ স্থিতাৱস্থা ধৰণৰ কথা 'বলৈ 'লে খুজি কিল খোৱাৰ দৰেহে হয় কেইটিমান অনবদ্য গল্প সৃষ্টি হোৱাৰ কথাও নকৈ নোৱাৰি কিন্তু যিহেতু কোনো গল্প কিম্বা গল্পকাৰৰ নামোল্লেখ নোহোৱাকৈ কিম্বা কোনো "কেছ ষ্টাডী" নোহোৱাকৈ কথাখিনি "অসমীয়া ছুটিগল্প" বুলিয়ে আগবাঢ়িছিল এইখিনিতে আৰু এটা প্ৰশ্ন প্ৰাসংগিক হৈ উঠে এটা বছৰৰ সমস্ত দৈনিক আৰু সাপ্তাহিক কাকতৰ সাহিত্য পৃষ্ঠা, বিশেষ পৰিপুৰিকা, পষেকীয়া, মাহিলী আৰু তিনি বা চাৰিমহীয়া সাহিত্য আলোচনী, এই সকলোবোৰৰ শাৰদীয় আৰু বসন্ত বিশেষ সংখ্যাবোৰ, লগতে 'ৰবাৰ স্মৃতিগ্ৰন্থবোৰ, নিজে প্ৰকাশকক পইচা দি উলিওৱা কিতাপবোৰ - এই সকলোখিনি মিলাই যদি ন্যুনতম এহেজাৰ গল্পও বছৰৰ ফচল বুলি ধৰা হয় তাৰ মাজৰ পৰা উৎকৃষ্ট পাঁচটা গল্পই সাম্প্ৰতিক অসমীয়া গল্পৰ গতিবিধিক প্ৰতিনিধিত্ব কৰিব নে বাকী - পঁচানব্বৈটা গল্পই কৰিব? এইটো চিৰকালৰ অমীমাংসিত প্ৰশ্নবোৰৰ মাজৰে এটা এতিয়া সেই বিশেষ পাঁচটালৈ চকু নিদি আন অবিশেষ --পঁচানব্বৈটালৈহে কিয়নো চকু দিলোঁবুলি মোক আপোনালোকে ভেনামাখি বুলিলেও উপায় নাই


সমুদ্ৰ কাজল শইকীয়া 




Monday, February 7, 2022

(নান্দীমুখ) চ’ৰাঘৰীয়া সমালোচনা (Advocating a Pop-Criticism)

 [শাব্দিক (সাহিত্য আৰু সমালোচনাৰ হাতপুথি) নামৰ গ্ৰন্থখনৰ পাতনিটো] 

বৈঠকী সমালোচনা- প্ৰথমে এই কথাষাৰৰ এটা প্ৰস্তাৱ উত্থাপন কৰিবলৈ বিচাৰিছিলোঁ। আচলতে Popular Criticism কথাষাৰহে মনলৈ আহিছিল, কিন্তু তাক হুবহু ব্যৱহাৰ কৰিবলৈ অসুবিধা পোৱাৰ দুটা ঘাই কাৰণ আছে। সমালোচনা বা Criticism বুলিলেই যে নেতিবাচক বা নঞৰ্থক ধাৰণা কিছুমান হে সাধাৰণ মানুহে মনত পালি থাকে সেইখিনি সমস্যাৰ কথা বাৰু সদ্যহতে নিলগাই থৈছোঁ, সেই সম্পৰ্কে ব্যাখ্যা বা কৈফিয়ৎ ভালেখিনি হৈ গৈছে। এতিয়া Popular শব্দটোৰ অসমীয়াকৰণতো সমস্যা আছে, Popular Criticism বোলোঁতেও মই বুজাব খোজা দিশটো আৰু ইতিমধ্যে প্ৰচলিত দিশখিনিতকৈ অলপ সুকীয়া।  

পপুলাৰ শব্দটোৰ সাধাৰণ প্ৰতিশব্দ হিচাপে ‘জনপ্ৰিয়’ শব্দটো ব্যৱহাৰ কৰা হয়। জনপ্ৰিয় শব্দটোত ‘প্ৰিয়’ অংশটো লাগি থকাৰ বাবেই অলপ অসুবিধাত পৰোঁ আৰু সেয়েহে আমি মাজে মাজে অনুবাদ নকৰাকৈ পপুলাৰ বুলি কৈয়েই আৰাম পাওঁ। পপুলাৰ বুলিলে যিটো মনলৈ আহে সেইটো জনতাৰ সকলোৰে প্ৰিয় নহ’বও পাৰে, কিন্তু প্ৰচলিত। সেয়েহে জনপ্ৰচলিত বা এনে ধৰণৰ কিবা এটা শব্দ থাকিলেহে সুবিধা হ’লহেতেন বেছি। সেয়ে জনসমাদৃত শব্দটোৱেও আহুকাল লগাব পাৰে। সহজ কথাত জন-গণই প্ৰিয় বুলি আদৰি লৈছে নে নাই সেইটো কথা নহয়, কিন্তু ই ‘চলে বেছি’, বহুল স্তৰত (মাছ (Mass) লেভেলত) ইয়াৰ প্ৰচলন- এই অৰ্থটোতহে পপুলাৰ কথাটোৰ বেছি সংগতি থকা যেন লাগে। জনগণৰ প্ৰিয় হ’লেহে যে কিবা সমল এটা ‘চলিব’, কিম্বা, খুবকৈ ‘চলিলেহে’ যে কিবা এটা জনগণৰ প্ৰিয় বুলি পৰিগণিত হ’ব তেনেকুৱা একো কথা নাই। পপুলাৰ কথাষাৰক সংজ্ঞাবদ্ধ কৰাটো যে উজু নহয় তাৰ বাবে যদি উদাহৰণ দিব লাগে তেনেহ’লে কওঁ, অসমৰ সংগীত জগতত কুসুম কৈলাশ পপুলাৰ, আৰু একেটা সময়তে ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠকৰ যুটিও পপুলাৰ। শ্বাহৰুখ খানে দৌৰি গৈ ট্ৰেইনত গৈ থকা কাজলৰ হাতখন ধৰিব খোজা দৃশ্যটো যদি এটা পপুলাৰ ‘ইমেজ’ তেনেহ’লে সত্যজিৎ ৰায়ৰ পথেৰ পাঁচালীৰ অপু-দূৰ্গাৰ ৰেল-দৰ্শনৰ দৃশ্যটোও পপুলাৰ। কিন্তু সেইবুলিয়ে কেৱল ‘পপুলাৰ’ কথাষাৰৰ আঁত ধৰিয়েই এই গোটেইখিনি সমলকে একেটা সমতলত উপস্থাপন কৰিব পৰা যাব নে নাযাব? এই প্ৰশ্নটোৰ মাজত অথন্তৰৰ সম্ভাৱনাই বেছি। হয়তো কথাখিনি বুজাব পাৰিছোঁ। যদি নাই পৰা, তেনেহ’লে কওঁ, এইখিনি সময়ত জুবিন গাৰ্গ পপুলাৰ আৰু মিষ্টাৰ ৰাজকুমাৰো পপুলাৰ। কিন্তু জুবিন গাৰ্গো জনপ্ৰিয় আৰু মিষ্টাৰ ৰাজকুমাৰো জনপ্ৰিয় হয় নে নহয় এই প্ৰশ্নত আমাৰ অলপ হ’লেও খো-খোৱাবই লাগিব। 

সেই গ’ল পপুলাৰ-ক কেনেকৈ অসমীয়াকৰণ কৰিম তাৰ এটা দিশ। এতিয়া আন এটা গুৰুতৰ দিশ আহি পৰিল, পপুলাৰ ক্ৰিটিচিজম বুলি মই প্ৰস্তাৱ ৰাখিবলৈ খুজিছিলোঁ কিবা এটা, কিন্তু সচৰাচৰ পপুলাৰ শব্দটোৱে ইতিমধ্যেই বিভিন্ন স্তৰৰ বাগধাৰাত নিজস্ব কিছুমান ‘ঐতিহ্য’ বহন কৰি আনি আজিৰ অৱস্থানত উপনীত হোৱাৰ ফলত পপুলাৰ ক্ৰিটিচিজম বুলি মই বুজাব খোজা কথাখিনিক আন কিবা ধৰণেৰেহে বুজাবলৈ চেষ্টা কৰিব পাৰে। সাধাৰণতে পপুলাৰ ক্ৰিটিচিজম বুলিলে পপুলাৰ কালচাৰৰ সমল সমূহক কেন্দ্ৰ কৰি আলোচনাকেই বুজি থকাটো স্বাভাৱিক। কিন্তু আমি অলপ বেলেগকৈহে এইখিনি সমালোচনাক চিহ্নিত কৰিব খুজিছিলোঁ। এইখিনি কথাই সমালোচনাৰ পদ্ধতি, পদ্ধতিবিধি (মন কৰক পদ্ধতি আৰু পদ্ধতিবিধি দুটা বেলেগ কথা, এটা মেথ’ড আনটো মথ’ড’ল’জী) সম্পৰ্কীয় কথাখিনি সন্মুখলৈ আনে। 

‘সাহিত্য’ শব্দটোৰ প্ৰয়োগৰ বিৰোধিতা কৰি আগতেও ৰাইজৰ ৰোষত পৰি থৈছোঁৱেই। সাহিত্য সদায়েই অভিজাত সম্পদ। অসমৰ ক্ষেত্ৰত সি আৰু বেছি। লগতে সৰ্বগ্ৰাসী। এনেয়ে নাটক, গীত আদিবোৰ যেনিবা ‘মাইনৰ’ সমল, তাৰ পিছত ‘-সাহিত্য’ উপসৰ্গ এটা লগাই লৈ (নাট্য-সাহিত্য, গীতি-সাহিত্য আদি) সিবোৰক জাতত তুলি লোৱা হয়। আন নালাগে গল্পকো গল্প-সাহিত্য বুলি কৈ তাৰ আভিজাত্যখিনি বঢ়াই লোৱাৰ চল আছে। এইবোৰে কিন্তু সকলোকে সামৰি লোৱাৰ (অল ইনক্লুছিভ) দৰে এটা ইতিবাচক দিশ নেদেখুৱায়। বব ডিলান নামৰ গায়ক-গীতিকাৰ এজনে সাহিত্যৰ নবেল বঁটা পোৱাৰ লেখীয়া ঘটনা কম, তাৰ ঠাইত প্ৰসিদ্ধ আৰু আটাইতকৈ প্ৰভাৱশালী নাট্যকাৰ এজনে উপন্যাসৰ বাবেহে অকাডেমি বঁটা পোৱাৰ নজিৰ আছে। সাংস্কৃতিক সমালোচক হিচাপেহে কিবা যদি কৰিব পাৰোঁ কৰিবলৈ আগ্ৰহটো আছিল বেছি, পপুলাৰ কালচাৰৰ সমলখিনিকহে মন দি চাবলৈ বেছি মন। সাহিত্য শব্দটোৱে বহন কৰি চলা অভিজাত বা এলিট ক্ষেত্ৰখনলৈ এটা পপুলাৰ দৃষ্টিকোণ আনিব পাৰি নেকি সেইটোহে প্ৰশ্ন।   

সমালোচনাৰ কিমানটা ধাৰা আছে বা থাকিব পাৰে সেই সম্পৰ্কেও কোনো স্পষ্ট মত বা ‘স্কুল’ নাই। সময়ৰেখাৰে সচৰাচৰ এৰিষ্ট’ট’লৰ পয়েটিক্স বা ভৰত মুণিৰ নাট্যশাস্ত্ৰ আদিৰ আঁত ধৰি চলি অহা ধ্ৰুপদী আৰু মধ্যযুগীয় সমালোচনাৰ ঐতিহাসিক গুৰুত্ব আছে। পৰৱৰ্তী কাললৈ ৰেণেছাঁ সমালোচনা, ঊনবিংশ শতিকাৰ ৰোমাণ্টিক সমালোচনা, নতুন সমালোচনা, বিংশ শতিকাৰ তত্ব আদিবোৰৰ আধাৰেৰে সমালোচনাৰ পদ্ধতি আৰু প্ৰকাৰ-ভেদৰ এটা পৰম্পৰা আছে। সময়ৰেখাভিত্তিক প্ৰকাৰভেদৰ বাহিৰে নন্দনতাত্বিক (Aesthetic) সমালোচনা, যৌক্তিক বা তাৰ্কিক (Logical) সমালোচনা, তথ্যীয় আৰু বৈজ্ঞানিক সমালোচনা (factual), অভিজ্ঞতাবাদী বা অনুভৱবাদী (empirical), সদৰ্থক (Positive), নেতিবাচক (Negative), গঠণমূলক (Constructive), ধ্বংসাত্মক (Destructive), ব্যৱহাৰিক (Practical), তাত্বিক (Theoretical), নৈতিক (Moral) সমালোচনা… এনেধৰণেৰে আৰু বিভিন্ন শ্ৰেণীবিভাজনৰ ৰেহ-ৰূপ চকুত পৰে। মজাৰ কথা যে শ্ৰেণীবিভাজনৰো শ্ৰেণীবিভাজন থাকিব পাৰে যিহেতু একো একোটা শ্ৰেণীবিভাজনৰ নিৰ্দিষ্ট আধাৰ বা ভিত্তি থাকে যি আন এটা শ্ৰেণীবিভাজনৰ পদ্ধতিতকৈ পৃথক।

 অসমীয়াত ‘কামৰ কাম’ নাই হোৱা বুলি হামৰাও কঢ়া আৰু ‘ভালেখিনি কাম হৈছে’ বুলি গৌৰৱান্বিত হোৱা দুয়োটা কাণ্ড সণ্ঢালনিকৈ চলি আহিছে। এইটোক ‘দুৱৰা চিণ্ড্ৰ’ম’ বুলি ক’ব পাৰি। শ্বে’কছপীয়েৰৰ ‘হেমলেট’ত হেমলেট চৰিত্ৰৰ মানসিক দ্বন্দক লৈ চিকিৎসা আৰু মনোবিজ্ঞানৰ কিছুমান ব্যাখ্যা যেনেকৈ আছে তেনেকৈয়ে সেই নাটকৰে এটা চৰিত্ৰ অ’ফেলিয়াৰ নামেৰেও মেডিকেল চাইন্সত ‘অ’ফেলিয়া চিণ্ড্ৰ’ম’ বুলি শব্দ (Term) এটাই আছে। ঈডিপাছৰ নামেৰে ‘ঈডিপাছ কমপ্লেক্স’ বুলি যে কথা এষাৰ আছে নক’লেও চলে, সকলোৱে জানে। [অসমীয়া সাহিত্য-শিল্পৰ কোনো চৰিত্ৰ বা উপাদান মেডিকেল-চাইন্স (বা অন্য যিকোনো ডিছিপ্লিন) পাইছেগৈ বুলি আমি আজিলৈকে জ্ঞাত নহয়! মণিমুগ্ধ, ইতিভেন, শেৱালি, সুন্দৰ কোঁৱৰ- এইবোৰৰ চাৰিত্ৰিক ব্যাখ্যাই অন্য ডিচিপ্লিনতো কিবা সহায় কৰিব পাৰে নেকি? নোৱাৰে নেকি?]। তেনেকৈ আগদিনা এষাৰ কথা কৈ পাছদিনা সম্পূৰ্ণ ওলোটা সুৰেৰে কথা এষাৰ কোৱাৰ এই লক্ষণটোক যতীন্দ্ৰনাথ দুৱৰাক সুঁৱৰি ‘অতীতক নাযাবা পাহৰি’ আৰু ‘অতীতক যোৱাহে পাহৰি’ বুলি একেজন মানুহেই কোৱাটোলৈ চাই ‘দুৱৰা চিণ্ড্ৰ’ম’ বুলি অভিহিত কৰিব পাৰি। ‘সমালোচকৰ কাম নাই’ আৰু আনকি ‘সৃষ্টিশীল কামত ব্যৰ্থ হৈহে সমালোচক হ’ল’ বুলিও ইতিকিং কৰা একেখিনি মানুহেই আকৌ ‘অসমত সমালোচনা সাহিত্যৰ কদৰ নাই’ বুলি হামৰাও যে কাঢ়ে, এয়াও ‘দুৱৰা-চিণ্ড্ৰ’মে’ই হয়।

 এবাৰ ক্ৰিটিকেল ৰাইটিঙৰ শ্ৰেণীকোঠাত মোৰ পাঠ এটা পৰিৱেশনৰ শেষত অধ্যাপকে সেয়া ‘ইডিঅ’চিংক্ৰেটিক’ বুলি কৈছিল। বহু সময়লৈকে বুজি পোৱা নাছিলোঁ সেয়া প্ৰশংসা আছিল নে ঠাট্টা। পাছলৈ বুজিলোঁ ঠাট্টাই আছিল। পদ্ধতিগত সমালোচনাই ইডিঅ’চিংক্ৰেছীক (idiosyncrasy) বৰ ভাল চকুৰে নাচায়। অসমৰ জনপ্ৰিয় স্তৰত কথাটো আকৌ ওলোটা। এটা বংশগতি (জিনিঅ’ল’জী) অনুসৰণ কৰি উত্তৰোত্তৰ চিন্তা-চৰ্চাৰ অগ্ৰগতিতকৈ হঠাতে আকাশৰ পৰা সৰি পৰা ধৰণৰ কথা কিছুমানেহে ইয়াত চাহিদা পায়। সেই কাৰণেই এতিয়াও ‘মই ভাবোঁ’, ‘মোৰ মতে’ এনেবোৰ কথাৰেই অসমীয়া সমালোচনা আগুৱাই (নে ৰৈ) আছে। ‘এয়া কেৱল মোৰ ব্যক্তিগত মতহে দেই’ বোলা এটা কৈফিয়ৎ-সুৰীয়া দায়সৰা বাক্যৰে সমালোচনাৰ সমস্ত ধাৰাকেই কাষৰীয়া কৰি থোৱা হয়। মই ভাবোঁ, মোৰ মতে- এনে ধৰণেৰে কথা পতাৰ এই লক্ষণ বা দোষটোক ‘মই যেতিয়া অমুক চনত কটন কলেজত আছিলোঁ’ এনেধৰণৰ বাক্যৰে জীৱনৰ আধাখিনি লেখা আৰম্ভ কৰা ‘গদ্যৰ সাধনা’ কৰা লেখকজনক সুঁৱৰি ‘বৰগোহাঞি-চিণ্ড্ৰ’ম’ নাম দিব পাৰি। বিংশ আৰু একবিংশ শতিকাৰ সন্ধিক্ষণত এই ‘বৰগোহাঞি-চিণ্ড্ৰ’ম’টোৱেই ব্যাপক মহামাৰীৰ ৰূপ লৈছিল (আৰু দুৰ্ভাগ্যজনকভাবে তাৰ প্ৰভাৱ এতিয়ালৈকে আছে)।

 ‘কোনোবাই এবাৰ কৈছিলে’ (অলপ পাতলীয়া সুৰতেই হবলা), যে আমাৰ ইয়াত চিনেমা অভিনেতাবোৰ যেনেকুৱা ফ্ৰান্সত হেনো দাৰ্শনিক সকল তেনেকুৱা- চেলিব্ৰিটী। সঁচা-মিছা নাজানো। অত্যন্ত জটিল, প্ৰসংগ-সংগতিৰে গধূৰ তেওঁলোকৰ লেখাবোৰতো কিন্তু হাস্য আৰু উদ্ভট সংযোজন প্ৰায়ে লক্ষ্য কৰোঁ। কিন্তু ফৰাছী দাৰ্শনিকৰ কিতাপ এখনৰ পৰা কথা এষাৰ উদ্ধৃত কৰিবলৈ ল’লে দেখোঁ- শেহৰ ফালে টীকা চাবলগীয়া হয়। টীকাৰ ভিতৰতো আকৌ টীকা আছে, প্ৰসংগৰো আকৌ প্ৰসংগান্তৰ আছে। এটা সৰু বাক্যৰে পম খেদি চাৰিখনমান কিতাপ (কিতাপ নহ’লেও সেইবোৰৰ খা-খবৰ) খুচৰিবলগীয়া হয়। কোনোবাটো হৰফৰ মাজৰ বাক্যাংশ এটা যদি আন এখন কিতাপৰ প্ৰত্যক্ষ উদ্ধৃতি নহয় তেনেহ’লে আকৌ অন্য ক’ত কেতিয়া কোনে কি প্ৰসংগত পূৰ্ৱে উদ্ধৃত কৰিছিল সেই প্ৰসংগই আহি কথাষাৰত আচোৰ পেলায়হি। এষাৰ কথা দুবাৰ ক’লে দুয়োবাৰতে তাৰ একে মানে নোলাবও পাৰে, তেনেক্ষেত্ৰত, একেটা উদ্ধৃতি দুঠাইত থাকিলে দুয়োটাৰে প্ৰাসংগিক মানে একে নোহোৱাটোৱেই স্বাভাৱিক। এই অনুসন্ধানবোৰ অলপ ডিটেক্টিভগিৰীৰ দৰে এডভেন্সাৰ থকা, কিন্তু কষ্টকৰ। তাতকৈ আমাৰ ইয়াতে ভাল, ‘কোনোবাই এবাৰ কৈছিলে’ বুলি কৈ থ’লেই লেঠা ছিগে।

  দিলীপ বৰাৰ গৱেষণা পদ্ধতি, বিতৰ্ক আৰু সিদ্ধান্ত নামৰ কিতাপ এখন আছে। গৱেষণাৰ সৈতে জড়িত-সকলৰ বাৰু কথাই নকওঁ, লিখিবলৈ বিচৰা যিকোনো ন-লেখাৰুৱেই এইখন কিতাপ পঢ়ি চাব পাৰে। এনে কাম তাকৰীয়া। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক বিভাগীয় প্ৰধান আৰু বিদ্যায়তনিক ক্ষেত্ৰৰ অগ্ৰণী ব্যক্তিৰ দ্বাৰা লিখিত এইখন এখন বিদ্যাতনিক চৰ্চাৰেই হাতপুথি। কিন্তু অত্যন্ত উজু ভাষাৰে আৰু এটা মুকলি দৃষ্টিভঙ্গীৰে এনেকৈ লিখা হৈছে যে যিকোনো সাধাৰণ পাঠকেই এইখন একে বহাতে পঢ়িব পাৰে। পদ্ধতিবিধি সম্পৰ্কে সহজ ব্যাখ্যাৰ লগতে ভালেখিনি ব্যৱহাৰিক সমস্যা আৰু বিতৰ্কজনক কথাৰ সম্ভাৱ্য সমাধান ইয়াত আছে। কৃপাবৰ-পন্থী নিভাঁজ অসমীয়া ব্যংগ-স্ৰোতৰ লেখক ধনবৰো এই একেজনেই বাবে চাগৈ লেখকে ভূ পায়- এটা আপাত-দৃষ্টিৰে-বিৰক্তিকৰ আৰু একান্তই টেকনিকেল বিষয়ৰ কিতাপখনকো সমস্ত বিদ্যায়তনিক স্বত্ব মানি চলিও কেনেকৈ মনোগ্ৰাহী কৰি তুলিব পৰা যায়।       

 অসমীয়াত সমালোচনা সাহিত্যৰ [আচলতে বুজোৱা হৈ থাকে সাহিত্য সমালোচনা (যি ক্ষেত্ৰত সাহিত্য সমালোচনা আৰু সমালোচনা সাহিত্য দুটা ভিন্ন কথা হ’লে অমি ভাল পালোঁহেতেন)] অভাৱ বুলি আনি থকা অভিযোগটো সম্পূৰ্ণ সঁচা নহয়। যিটো নাই সেইটো হ’ল, কালচাৰেল ক্ৰিটিচিজম (Cultural Criticism)। নাটক সম্পৰ্কীয় লেখা এটা তুলি লৈ আৰম্ভণীতেই ভৰত-মুণিৰ নামটো দেখাৰ পিছত আগলৈ আৰু পঢ়িবলৈ মন নোযোৱা হয়। সংগীত সম্পৰ্কীয় লেখা এটা ‘সংগীত মানৱ সভ্যতাৰ আদিম আৰু প্ৰাচীন…’ বুলি আৰম্ভ হ’লে সেয়া আৰু পঢ়া নাযায়। অলপ বিচাৰিলে নাই নাই বুলিও সাহিত্য-সমালোচনা ভালেখিনি পোৱা যায়। কিন্তু সেইবোৰৰ বেছিভাগেই ‘নিয়মমাফিক’ লেখা (বেজবৰুৱা আচলতে কবি নাছিল, কিন্তু সেই সময়ত ‘সাহিত্যিক’ হ’বলৈ হ’লে কবিতা লিখাটো ‘নিয়ম’ আছিল, সেয়ে তেওঁ দুই-এটা কবিতা লিখিছিল- এয়া এগৰাকী সাহিত্যৰ অধ্যাপকে ক্লাছৰুমত কৈছিল[i])। কবিতা বুলিলে ‘মমতাৰ চিঠি’তে আৰু গল্প বুলিলে ‘মহিম বৰা’তে সেইবোৰৰ আঁত লাগি ধৰে তাৰ পিছত আৰু টোলোঠা নুঘূৰেহে নুঘূৰে। কিজানিবা ‘সাহিত্য-সমালোচক’ হ’বলৈ হ’লে কিছুমান কথা কোৱাটো জৰুৰী বা সেই ‘নিয়ম’, যেনে অসমীয়া কবিতাত এলিয়টৰ প্ৰভাৱ- ইত্যাদি। দুটা দশকৰ আগৰ এখন কিতাপত যি এহালিচা বৈ থোৱা আছিল, হাজাৰ উত্থান-পতনৰ মাজেদি পাৰ হৈ অহাৰ পিছত এতিয়াও সেই একে একোহালিকে বোৱা হৈ আছে। সাহিত্য-সমালোচনা- এই বিয়াগোম শব্দযুগল দেখিয়েই একাংশ ‘সাধাৰণ পাঠকে’ ভয় খায়, আৰু আন এচামে বাৰে বাৰে কিতাপ একোখন তুলি লৈ একেখিনি কথাকে দেখিও আধাপঢ়াতে সামৰে। এনেকুৱাত সমসাময়িকতাৰ বুজ ল’বলৈ হ’লে ফে’চবুকীয়া চিঞৰ-বাখৰ, কাজিয়া-পেচাল, গল্প-গুজৱ সেইখিনিয়েই ভৰসা হৈ ৰোৱাটোত আচৰিত হ’বলগীয়া নাই। 

সৌৰভ কুমাৰ চলিহাৰ গল্প সম্পৰ্কে ড হীৰেন গোঁহায়ে ‘তাড়ীখানাৰ গল্প’ বোলা কথা এষাৰ কেনেকৈ বহুবাৰ বহুলোকে উদ্ধৃত কৰাৰ ফলত কথাষাৰৰ আচল মানেটো লুকাই ৰৈছিল সেই কথা পংকজ জ্যোতি মহন্তই[ii] অলপতে কৈছিল। কেইদিনমানৰ আগতে উনুকিয়াইছিল আৰু দেখুৱাইছিল যে মানুহে কৈ থকাৰ দৰে মূল কথাষাৰ চলিহাৰ সকলো গল্প সম্পৰ্কে ইমান নেতিবাচক নাছিল। চলিহাৰেই আন গল্পৰ সৈতে তুলনামূলক বিচাৰেৰেহে কথাখিনি আহিছিল আৰু “আনহাতে সৌৰভ কুমাৰ চলিহাৰ বহুকেইটা গল্পক হীৰেন গোহাঁইয়ে যেনেদৰে বন্দনা কৰি মূল্যায়ন কৰিছে, তেনেদৰে কোনেও আজিলৈকে কৰা নাই” বুলি মহন্তই দৰ্শাইছে।  

 “সাহিত্য সমালোচক” এটা সাংঘাতিক ভাৰী শব্দ, আমাৰ দুৰ্বল শৰীৰে এনে শব্দৰ ভাৰ ব’ব নোৱাৰে। আমি চলৌপাতী লেখক। ছপা-মাধ্যমৰ উচাত্মিকা অলপ আঁতৰাই থৈ এই কথা স্বীকাৰ কৰা ভাল যে চ’চিয়েল মিডিয়াত প্ৰতিনিয়ত ঘটি থকা অজস্ৰ দৰকাৰী-অদৰকাৰী কথা-বতৰা বাক-বিতণ্ডাৰ মাজতো ভালেখিনি ‘চিৰিয়াছ’ কামো ছেগা-চোৰোকাকৈ হ’লেও হৈ আছে, প্ৰয়োজন কেৱল পতানটো এৰি ধানটো খুটিওৱাৰহে। ফে’চবুকৰ ‘আখৰুৱা’ নামৰ এটা গ্ৰুপৰ কিছুমান আলোচনাৰ আঁত ধৰি এবাৰ খেলাৰ ছলেৰে একেটা কবিতাৰে পাঁচ ধৰণৰ পাঁচটা সমালোচনা আগবঢ়াইছিলোঁ, লেখাখিনি লিখি উলিওৱা হৈছিল একেদিনাই একেবহাতে। সেইকেইটা আছিল ফৰ্মেল বা ৰূপগত, ঐতিহাসিক, উত্তৰ-আধুনিক, নাৰীবাদী আৰু মাৰ্ক্সীয় বা সমাজবাদী। এই ঘটনাটোৱেই সাক্ষ্য যে এইবোৰ লেখা প্ৰথম দৃষ্টিত চিৰিয়াছ যেন লাগিলেও এইবোৰৰ বেছিভাগেই আচলতে ধেমালিৰ ছলেৰে বা একোটা খেলা হিচাপেহে লেখা। [কেৱল চাকৰী-প্ৰাপ্তি আৰু ডিগ্ৰী লাভৰ প্ৰয়োজনত চলি থকা নিষ্প্ৰাণ বিদ্যায়তনিক প্ৰাতিষ্ঠানিক ৰীতি-নীতিৰ পৰা বাহিৰলৈ উলিয়াই আনি সমালোচনা-সাহিত্যৰ জনপ্ৰিয়কৰণ বা ‘গণমুখী’ কৰি তোলাৰ আন্দোলন এটাৰো আৱশ্যক নেকি?]। সমালোচনাৰ বিদ্যায়তনিক অধ্যয়ন আৰু চৰ্চাৰ সৈতে আমি প্ৰত্যক্ষভাবে জড়িত নহওঁ। ভালেখিনি লেখাই ভাৰ্চুৱেল জগতৰ কিছুমান আলোচনা আদিৰ আঁত ধৰি আগবাঢ়িছিল আৰু সেই সূত্ৰেই প্ৰায়ে কথাবোৰে নিৰ্দিষ্ট সুসংহত গঢ়-গতি এটা লোৱাৰ বিপৰীতে নিজৰমতেহে আগবাঢ়ি গৈ থকা ধৰণৰ হয়। কেতিয়াবা এটা কথা ক’বলৈ গৈ আন এটা কথাহে ক’বলৈ আৰম্ভ কৰি দিয়া হয়। ঘৰুৱা আড্ডাত যেনেকৈ সদায়ে প্ৰায়ে একেখিনি কথাই ওলায়, তেনেকৈয়ে এইবোৰতো বাৰে বাৰে একেখিনি প্ৰসংগ আৰু একেখিনি উদ্ধৃতিয়েই ভূমুকি মাৰেহি। সেই অৰ্থেৰেই এয়া বৈঠকী (চ’ৰাঘৰীয়া) সমালোচনা।   

 শ্ৰেণীবিভাজন বা থূপকৰণৰ সমস্যাখিনি আগৰখন কিতাপৰ পাতনিত পাতি আহিছোঁ। পলস কিতাপখনত থকা এজন অন্ধ মানুহে ক্ৰিকেট খেলৰ ধাৰাবিৱৰণী দিয়াৰ কাহিনীটো ‘চাবজেক্টিভিটী’ থূপৰ বাবে অতি ব্যাখ্যাসূচক আছিল, কাৰণ কেনেকৈ স্তৰে স্তৰে পৰ্য্যায়ক্ৰমে বিষয়ৰ বিষয়ী-অৱস্থান সলনি হৈ গৈ থাকে ই তাকেই দৰ্শায়। কাণখোৱাৰ কিতাপৰ এইলানি “দ্ৰষ্টাসত্বা শৃংখলা”ত এই প্ৰসংগটোৰ ইমানেই পুনঃপৌনিক উল্লেখ আছে যে এই শৃংখলাটোক Subjectivity Series বুলিও নামকৰণ কৰিবপৰা গ’লহেতেন। গোটেই শৃংখলাটোৰ আটাইকেইখন কিতাপ যে ইখনৰ সৈতে সিখন সাঙোৰ খোৱা সেই কথাটোৰ বাবেই এইকণ উল্লেখ কৰি থ’লোঁ। 

এইখন কিতাপৰ সংকলনত বিতোপন গগৈৰ বিশেষ সহযোগ আছে। বেটুপাতৰ ভিতৰৰ বকলাত ব্যৱহৃত শিয়ালী পালেগৈ ৰতনপুৰ-ৰ পাণ্ডুলিপিৰ ছবি মানস প্ৰতিম নেওগৰ পৰা প্ৰাপ্ত। ভিতৰভাগত অনুপম শইকীয়া, সুৱাগমণি শইকীয়া, প্ৰদ্যুম্ন কুমাৰ গগৈ, ময়ূৰ ৰাজবংশী আৰু চন্দন বেজবৰুৱাৰ ছবি ব্যৱহাৰ কৰিছোঁ। ভালেকেইটা লেখা মনোহৰ দত্ত ডাঙৰীয়াৰ তাগিদা আৰু উৎসাহৰ ফলত হৈ উঠিছিল। তেখেতৰ প্ৰতি কৃতজ্ঞতাৰ ভাষা নাই।   

                                

স কা শ

নতুন দিল্লী, ২০২০

 

Mural: Samudra Kajal Saikia, As a part of Namada Bachao Andolan, Dharavi Village, MP



[i] স্বাধীনতা বাইদেউ, দৰং কলেজ, ১৯৯৭-২০০০

[ii] “বহুতো ব্যক্তিয়ে কৈ থাকে যে “হীৰেন গোহাঁইয়ে সৌৰভ কুমাৰ চলিহাৰ গল্পক তাড়ীখানাৰ গল্প বুলি কৈছিল”। এই কথাটো শুদ্ধ নহয়। প্ৰকৃততে বাক্যটো কি আছিল? বাক্যখিনি আছিল— “সৰ্বশেষ সংকলন—‘এহাত ডাবা’—তাৰে দুটামান গল্প তাড়ীখানাৰ গল্প-গুজবতকৈ অলপহে উচ্চ স্তৰৰ। সেইবোৰ সংকলনত সুমোৱাৰ কাৰণ নিশ্চয়—‘গভীৰ’ বা ‘মহৎ’ কলাৰ ধাৰণাৰ প্ৰতি মুখ ভেঙুচালি কৰাৰ স্পৃহা। এই ক্ষেত্ৰত আমিও অবিচল গোঁৱাৰামিৰে সিহঁতক আওকাণ কৰিবলৈ বাধ্য।...

...‘ৰাতিৰ ৰেল’... পৰাভৱ, পলায়ন আৰু বৈৰাগ্যৰ অনুভূতিত অভিষিক্ত মৰ্মস্পৰ্শী গল্প। অপূৰ্ব জীৱনৰ আকস্মিক বেদনাবিধুৰ উপলব্ধি ইয়াৰ বক্তব্য।...”

কথাখিনি বুজি নোপোৱাসকলক জনাও যে ‘ৰাতিৰ ৰেল’টো সৌৰভ কুমাৰ চলিহাৰ এটা গল্পৰ নাম। যিটো গল্প চলিহাৰ ‘এহাত ডাবা’ নামৰ গল্পপুথিখনত আছে। আৰু ‘এহাত ডাবা’ও হৈছে সেইখন পুথিত থকা আন এটা গল্পৰ নাম। সেইখন সৌৰভ কুমাৰ চলিহাৰ তৃতীয়খন গল্পপুথি। সেই বাক্যটোত হীৰেন গোহাঁইয়ে ‘ৰাতিৰ ৰেল’ গল্পটোক এনেদৰেই বন্দনা কৰিছে। কেৱল এইটো গল্পই নহয়, পৃথক পৃথক সময়ত আন কি কি বন্দনা কৰিছে তাৰ দুটামান উদাহৰণ তলত দিম। অৰ্থাৎ, কথাটো হ’ল, হীৰেন গোহাঁইয়ে সৌৰভ কুমাৰ চলিহাৰ গোটেই গল্পবোৰক তাড়ীখানাৰ গল্প বুলি কোৱা নাই। শ্ৰেষ্ঠ সাহিত্য সমালোচকসকলৰ এজন ৰূপে সেই কথা তেওঁ কোৱা বুলি ভবাটো চলিহাৰ গল্প, অসমীয়া গল্প, আৰু অসমীয়া সাহিত্য-সমালোচনা লেখাবোৰৰ সৈতে সমুলি পৰিচয়হীনতাকে সূচায়। আনহাতে, জুবিন-হিমন্তৰ কেইজনমান সম্পূৰ্ণ-অন্ধ-ফেন থকাৰ দৰে চলিহাৰো দুজনমান তেনে ফেন আছে। যি কি নহওক, সৌৰভ কুমাৰ চলিহাৰ যি

দুটামান গল্পক হীৰেন গোহাঁইয়ে তাড়ীখানাৰ গল্প-গুজবতকৈ অলপহে উচ্চ স্তৰৰ বুলি কৈছিল, তাত সৌৰভ কুমাৰ চলিহাই কি লিখিছিল? সেয়া উমান পাবলৈ তাৰে দুটামান বাক্য তলত দিলোঁ—

“আবে হুচত থাকিবই যদি নোৱাৰ, খাৱ কিয়”—আৰফানে কৈছে; “ব, ৰ, প্ৰফেচাৰ মানুহ—”, জগদীশে কৈছে; আৰু...

“তহঁতে কি বুজ চালা চু_____ ভাই, তহঁতৰ কোনটো চালাই কি বুজ?”

“আবে চু______ভাইহঁত, এইৰকম ফাল্টু মাৰামাৰি কৰ কিয়! মাৰামাৰিয়েই যদি কৰিব লাগে—” আৰু চকু এটা কোঁচাই হাত এখন দাঙি ধৰিছে, ক্লিক কৰি এটা শব্দ হৈছে,......

এনেবোৰ কথাৰ সম্পৰ্কে আনেও বক্তব্য প্ৰকাশ কৰিছিল। তেনে আন এটা বক্তব্য আছিল— “কোনো অভিধানত নথকা ভদ্ৰ সমাজত ‘অসভ্য’ বুলি কোৱা এই শব্দবোৰ ব্যৱহাৰ কৰাৰ আগতে খ্যাতিসম্পন্ন লিখকসকলে সাহিত্য আৰু সমাজৰ নিবিড় সম্পৰ্ক আৰু শালীনতাৰ কথা পাহৰি যোৱা উচিত নহয়।”

সেই “এহাত ডাবা” নামৰ গল্পপুথিখনৰ আন এটা গল্পৰ নাম “হাঁহিচম্পা”। আন এটা প্ৰবন্ধত সেই গল্পটোৰ সম্পৰ্কে হীৰেন গোহাঁইয়ে লিখিছে— “‘হাঁহিচম্পা’ গল্পৰ অসাধাৰণ নৈৰ্ব্যত্তিক কথকতাৰে এনে এটা পৰিণতিত সামৰণি পেলোৱা হৈছে য’ত বাৎসল্যভাৱত নিমগ্ন পিতৃৰ চেতনাত ভয়াৱহভাৱে উদয় হৈছে তেওঁৰ অনবৰত কলকলাই হাঁহি থকা সন্তানৰ জন্মগত মানসিক অক্ষমতা।”

সেই একেখন পুথিৰে আন এটা গল্প হৈছে “বীণা কুটিৰ”। সেই গল্পটোৰ সম্পৰ্কে হীৰেন গোহাঁইয়ে লিখা এটা পেৰাগ্ৰাফৰ এটা বাক্য হ’ল— “‘বীণা কুটিৰ’ত যিটো অবিস্মৰণীয়ভাৱে অথচ কিছু একদেশদৰ্শীভাৱে ফুটাই তোলা হৈছে।”

সেইদৰে “এহাত ডাবা” নামৰ গল্পপুথিখনৰ “এহাত ডাবা” নামৰ গল্পটোৰ সম্পৰ্কেও তেওঁ লিখিছে অসাধাৰণ দক্ষতাৰে। জীৱনৰ কিছুমান এৰাব নোৱৰা জটিল বাস্তৱক সৌৰভ কুমাৰ চলিহাই এই কেইটামান গল্পৰ মাজেৰে কেনে বিস্ময়কৰভাৱে ফুটাই তুলিছে, সেয়া প্ৰকাশ কৰোঁতে হীৰেন গোহাঁইয়ে যি শব্দ-সজ্জা ব্যৱহাৰ কৰিছে, সেয়া পঢ়ি অসমীয়া শব্দৰ প্ৰতি মোহ থকা প্ৰতিজন মানুহ বিমুগ্ধ হ’ব।

 

সৌৰভ কুমাৰ চলিহাৰ দ্বিতীয়খন গল্পপুথি “দুপৰীয়া”ত সন্নিবিষ্ট এটা গল্প “সিহঁতেও পাহাৰ বগালে”। হীৰেন গোহাঁইয়ে লিখিছিল— “‘সিহঁতেও পাহাৰ বগালে’ত মানুহৰ জীৱনত থকা চেষ্টা, উদ্যম আৰু ধৈৰ্যৰ স্বাভাৱিক ভূমিকাৰো কাব্যিক ৰূপায়ণ ঘটিছে।”

সৌৰভ কুমাৰ চলিহাই জ্ঞানপীঠ পাবৰ বাবে হীৰেন গোহাঁইয়ে উদ্যোগ লৈছিল, কিন্তু তেওঁৰ গল্পবোৰৰ ইংৰাজী অনুবাদ সঠিক নহ’ল। সৌৰভ কুমাৰ চলিহাৰ অসমীয়া গল্পসমূহৰ যি অৱস্থিতি, যি বিৰল প্ৰকাশ — সেয়া ইংৰাজীত ফুটি নুঠিল, সঠিক অনুবাদ কৰিব পৰা অসমীয়া নোলাল। ফলত সেই উদ্যোগ কামত নাহিল।

শেষত প্ৰশ্ন হ’ল— সেই দুটামান গল্প তাড়ীখানাৰ গল্প-গুজবতকৈ অলপহে উচ্চ স্তৰৰ বুলি কোৱাটো উচিত আছিল নে নাছিল? বহুতো মানুহে সাহিত্য, সংগীত এনেবোৰ সুষমা কলাত অশ্লীলতা, অভদ্ৰতা, যৌনতা আদি অহাটো নিবিচাৰে। ই কেৱল অসমৰে বিতৰ্কিত বিষয় নহয়, আন্তঃৰাষ্ট্ৰীয় স্তৰতো এনে বিতৰ্ক পূৰ্বতে বহু হৈ গৈছে বুলি আগতে পঢ়িবলৈ পাইছোঁ। বাস্তৱটোক প্ৰকাশ কৰাৰ নামতো এনেবোৰ কথা এনেধৰণে প্ৰকাশ কৰাটোত তেওঁলোক ঘোৰ বিৰোধী। তেওঁলোকৰ মত যিয়েই নহওক, এজন সাধাৰণ পাঠক ৰূপে ধাৰণা কৰোঁ যে কিছু ইংগিতপূৰ্ণভাৱে এইবোৰ প্ৰকাশ কৰাটো কোনো অনিষ্টকাৰক কথা নহয়। কিন্তু তাত লেখকৰ অসাধাৰণ গুণ প্ৰতিভাত হৈ উঠিব লাগে, নহ’লে সি সাহিত্য নহয়, সি সাধাৰণ হৈ পৰে। উদাহৰণস্বৰূপে দুবাৰ বুকাৰ বিজয়ী আৰু এবাৰ নোবেল বিজয়ী একমাত্ৰ ব্যক্তি জে এম কোৱেৎজীৰ “ডিচগ্ৰেছ” নামৰ ক্ষুদ্ৰকায় উপন্যাসখনত বহুকেইটা যৌন নিৰ্যাতনৰ খোলা খোলা ঘটনা আছে। সেই দৃশ্যবোৰ আৰু গোটেই উপন্যাসখনে পাঠকৰ মন-মগজু সম্পূৰ্ণ ঘোদালি পেলায়; কিন্তু সেই দৃশ্যসমূহত যৌনতা প্ৰকাশেই নাপায়। গতিকে, সেই দুটামান গল্প তাড়ীখানাৰ গল্প-গুজবতকৈ অলপহে উচ্চ স্তৰৰ বুলি কোৱাটো উচিত নে অনুচিত সেয়া আনে নিজে নিজে বিচাৰ কৰি চাব; ইয়াত ক’ব বিচৰা মূল কথাটো হ’ল— হীৰেন গোহাঁইয়ে সৌৰভ কুমাৰ চলিহাৰ গল্পবোৰ তাড়ীখানাৰ গল্প বুলি কোৱা নাই, সৌৰভ কুমাৰ চলিহাৰ তৃতীয় গল্পপুথিখনত থকা দুটামান গল্প তাড়ীখানাৰ গল্প-গুজবতকৈ অলপহে উচ্চ স্তৰৰ বুলিহে কৈছিল, আনহাতে সৌৰভ কুমাৰ চলিহাৰ বহুকেইটা গল্পক হীৰেন গোহাঁইয়ে যেনেদৰে বন্দনা কৰি মূল্যায়ন কৰিছে, তেনেদৰে কোনেও আজিলৈকে কৰা নাই”।

-পংকজ জ্যোতি মহন্ত (৭ মে’, ২০২০), ফে’চবুক