ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Sunday, January 24, 2016

ধাৰলৈ অনা অলপ হালধীয়া:The Rabha Pluarility




ৰাভা বুলি কওঁতে আমি কোনজন ৰাভাৰ কথা আচলতে কওঁ?

এডৱাৰ্ড মুংখ, ভিনচেন্ট ভেন গঘ, বিষ্ণু ৰাভা

  • সত্ৰীয়া নৃত্যৰ মূদ্ৰা আৰু তাল-মানৰ সংগ্রাহক আৰু সংকলক ৰাভা?
  • সমাজৰ ধূতি নীতিক উপেক্ষা কৰা উন্মাদপ্ৰায় অবাধ্য ৰাভা?
  • এহাতে বন্দুক আৰু আনহাতে কলম লৈ থকা সেই প্ৰতিমূৰ্তি ৰাভা?
  • যাৰ হাতত হেণ্ডকাফ নাটে বুলি পঘাৰে বান্ধি ৰাস্তাৰে অপমান জনকভাবে টানি নিয়া হৈছিল সেই বিপ্লৱী শিল্পী?
  • নটৰাজৰ নাচ নাচি 'কলাগুৰু'ৰ খ্যাতি অৰ্জন কৰা নৰ্তক ৰাভা?
  • টেম্পেৰা আৰু ৱাছ মাধ্যমৰ সংবেদনাৰে ছবি অঁকা সেই নিপুণ চিত্ৰকৰ ৰাভা?
  • দুৰ্দান্ত প্ৰেমিক ৰাভা?
  • কৃষ্টি শব্দৰ উৎপত্তি যে কৃষ, কৃষি শব্দৰ পৰা - সেই কথা সঁকিয়াই দিয়া গৱেষক ৰাভা?
  • কৃষক আৰু শ্ৰমিকৰ উত্থানৰ বাবে সমাজক জাগ্ৰত কৰি তোলা কমৰেড ৰাভা?


কোনজন? আমি যেতিয়া ৰাভাৰ কথা পাতোঁ, কোনজন ৰাভাৰ কথা পাতোঁ?

কাৰোবাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কাম এটা কৰাটো সহজ কথা নহয়- 

যি কোনো মাধ্যমতেই নহওক কিয়। তাতে যদি বিষ্ণু প্ৰসাদ ৰাভাৰ দৰে এজন ব্যক্তি হয়, যি এটা নিৰ্দিষ্ট সংজ্ঞা বা পৰিচয়ৰ মাজত নিজকে আদ্ধ কৰি ৰাখিবলৈ কেতিয়াও বিচৰা নাছিল - তেনেহ'লেতো আৰু জটিল। যেতিয়া জয় বৰুৱাই জৰ্জ ব্ৰুকৰ চেক্সোফ'নৰ আধাৰত কৰা তেওঁৰ নতুন সাঙ্গিতীক সংৰচনাটো কাম কৰি থকা অৱস্থাতে অলপ শুনালে আৰু গীতভাগৰ আঁৰত থকা বিষ্ণু ৰাভা আৰু গাজীৰাম ৰাভাৰ কাহিনীটো শুনালে - মোৰ নিজৰ সন্মুখত প্ৰথম প্ৰশ্নটোৱেই আছিল- সাহস কৰিব পাৰোনে মই? তাৰ পিছতে ভাবিলোঁ, হয়, মই সাহস কৰিব লাগিব। মোৰ ব্যৱহাৰিক সামৰ্থ্য বা অসামৰ্থ্যৰ প্ৰসঙ্গত নহয়, কিন্তু অন্য কিছুমান প্ৰত্যাহবান আৰু দায়িত্ববোধৰ কথাও এইখিনিতে সাঙোৰ খাই আছে।
 

ইতিহাসৰ পাতৰ পৰা এটা চৰিত্ৰ বা একোটা ঘটনাক লৈ আমি যেতিয়া কিবা এটা কৰিবলৈ বিচাৰোঁ কথাবোৰ সামৰি সুতৰি আনি প্ৰসংগবোৰ সংকুচিত কৰি থোৱাৰ দৰে এটা ঘটনা ঘটে। আমি ইতিহাসৰ সাৰাংশ লিখিবলৈ চেষ্টা কৰোঁ, আমি আমাৰ অধিকাৰবোধ বা কর্তৃত্ব জাগ্ৰত কৰোঁ, আৰু এনেকৈ আচলতে এটা বিশেষ পদ্ধতিত আমি কথাবোৰ নিজৰ সুবিধা মতে সম্পাদনা কৰি জাতত তুলি লওঁ। এই প্ৰৱণতাটোএতিয়া কেনেকৈ প্রত্যাহবান জনাব পৰা যায়?

সত্ৰীয়া নৃত্যৰ মূদ্ৰা আৰু তাল-মানৰ সংগ্রাহক আৰু সংকলক ৰাভা

The present Assamese middle class culture-loving society is largely monochromatic.


অন্য কিছুমান আনুষাঙ্গিক কাৰক আছে যাৰ বাবে এনে এটা সাহস কৰিবলৈ মন মেলিছিলোঁ। জয়ৰ সৈতে কথা পাতোতে এইবোৰ কথা প্ৰায়ে উঠিছিল, আৰু তাৰ যৎসামান্য উল্লেখ নকৰালৈকে এই টোকাটো অসম্পূৰ্ণ হৈ ৰ'ব।


অধুনা মুম্বাই নিবাসী জয় বৰুৱা অসমীয়া সংগীতজগতৰ আটাইতকৈ নিমজ গায়কসকলৰ মাজৰ এজন। কেৱল গাব লাগে কাৰণেই গান গাই জনপ্ৰয়তা অৰ্জন কৰিবখোজা সংখ্যাহীন গায়কৰ ভীৰৰ বিপৰীতে জয় বৰুৱাৰ মাজত দেখা পাওঁ প্ৰকৃত শিল্পী সুলভ মনোবৃত্তি। মাত্ৰ এটা গীতৰ সংৰচনাৰ বাবেই তেওঁ কে'বামাহো সময় লয়। তেওঁক লগ পোৱাৰ পিছত আৰু এলানি আলোচনা আগবঢ়াৰ পিছত বুজিব পাৰিলোঁ যে, গান এটা হৈ উঠাৰ আগতেও গানটো কৰাৰ পদ্ধতি আৰু মাজত সোমাই থকা এজন শিল্পীৰ অভিজ্ঞতা আৰু যাত্ৰাখিনি তেওঁৰ বাবে বেছি গুৰুত্বপূৰ্ণ কথা। এইখিনিতেই তেওঁৰ প্ৰতি মোৰ ভাল লগাখিনিৰ আৰম্ভণী।   

অসমৰ সৰহভাগ সঙ্গীতপ্ৰেমী ৰাইজে অন্যান্য গায়কসকলৰ তুলনাত জয় বৰুৱাক বৰকৈ আঁকোৱালি লোৱা দেখা নাযায়। এইক্ষেত্ৰত জয়ৰ গায়কীৰ গুণ অথবা দোষ ত্ৰুটিৰ কথা এই মুহূৰ্তত ক'বলৈ নাযাওঁ, কিন্তু অন্য কিছুমান কথাহে উনুকিয়াব খুজিছোঁ। সাম্প্ৰতিক অসমৰ মধ্যবিত্তীয় সংষ্কৃতি প্ৰেমী সমাজখন বহুলাংশে একৰঙী, অথবা বিবৰ্ণ। বিশেষ কিছুমান বিষয়কলৈহে এইখন সমাজ সুখী। আধুনিকতাবাদী ধ্যান ধাৰণাৰ পৰা আজিও মুক্ত হ'ব নোৱাৰা এইখন সমাজে অলপমানো ব্যতিক্ৰমী ভংগীমাৰ কিবা এটা সন্মুখলৈ আহিলে তাক আঁকোৱালি ল'বলৈ শিকা নাই। ফলস্বৰূপে ইমানবোৰ ভাষিক গোট, সাংষ্কৃতিক বৈচিত্ৰ্য আৰু বৰ্ণ বৈচিত্ৰ্যৰে ভৰা নৃগোষ্টীৰ সমাৱেশৰ থলী হোৱাৰ পাছতো আমাৰ সমসাময়িক সমাজখন বৰ্ণহীন। আধুনিকতাবাদী জাতীয়তাবাদত সকলো ৰঙ উৱলি যোৱাৰ লেখীয়া। ফলস্বৰূপে এহাতে কোনো ধ্ৰুপদী কলা বা সঙ্গীতৰ উত্থান অসমত পৰিপূৰ্ণকৈ নঘটিল, আৰু অন্যহাতে, উপ-সংষ্কৃতি (চাব-কালচাৰ) বা জনপ্ৰিয় সংষ্কৃতিৰো কোনো অৱকাশ নাথাকিল। এতিয়া অসমৰ সঙ্গীত জগতত একেটাই স্তৰ। [সকলো গায়ক গায়িকাৰে প্ৰিয় শিল্পী জ্যোতি-বিষ্ণু নহ'লে ভূপেন হাজৰিকা। সকলোৱেই অনুপ্ৰেৰণা মাক দেউতাকৰ পৰা পাইছিল। শংকৰদেৱ সকলোৰেই প্ৰাতঃ নমস্য। সকলো গায়িকাই মঞ্চলৈ উঠাৰ আগতে চাদৰ মেখেলা পিন্ধে। পকা বিলাহী বা মুন্নী বদনাম গোৱাৰ আগতে সকলোৱেই অনুষ্টান এটা বৰগীতেৰে আৰম্ভ কৰে।] একেখিনি সাংষ্কৃতিক কৰ্মীয়েই মাফিয়াৰ দৰে সমাজৰ সংষ্কৃতিৰ সকলোবোৰ স্তৰ বা তৰপ দখল কৰি আছে। 'মূলসুতি'ৰ ভব্য গব্য অনুষ্ঠানত যি গায়ক, বাটৰ কাষৰ চেলুন বা চাহ দোকানতো সেই একেজনেই গায়ক। তাৰ পিছতে আছে বিহু। অসমৰ আটাইতকৈ আপুৰুগীয়া এই উৎসৱটো আজিৰ তাৰিখত অসমৰ সাংস্কৃতিৰ পথাৰৰ এটা ভাইৰাছ। পৰিবেশ পৰিস্থিতি উদ্দেশ্য আয়োজন যিয়েই নহওক কিয়, গীত কিন্তু হ'ব লাগিব বিহুসুৰীয়া।
আৰু জয় বৰুৱাই বিহুসুৰীয়া নাগায়।     
[এনেবোৰ কাৰণতেই মিষ্টাৰ ৰাজকুমাৰক প্ৰশংসা কৰিবলৈ আমি বাধ্য হওঁ। তেওঁহে একমাত্ৰ চূড়ান্ত চিত্ৰ-নির্মাতা সাংস্কৃতিক কৰ্মী যিয়ে অসমৰ এই অসমীয়া পৌৰুষিক মধ্যবিত্তীয় একঘেয়ামীৰ পৰা আমাক নিস্তাৰ দিব পাৰিব যেন লাগে।]  

মুম্বাইৰ কালা ঘোৰা শিল্প উৎসৱৰ বাবে "ডিছ্পোজেবল নাৰী" শীৰ্ষক এটি নাট্যানুষ্ঠানৰ প্ৰস্তুতি কৰি থাকোতে (Disposable Womaen, a Disposable Theatre by Kankhowa for the Kala Ghoda festival, Mumbai, 2015) জয় বৰুৱাৰ 'তেজীমলা' শীৰ্ষক অন্য এটা জনপ্ৰিয় গীতৰ দৃশ্যায়ণ কৰিছিলোঁ। আমাৰ পৌৰাণিক কথা - ইতিহাস - লোককথা ভিত্তিক নাটকখনৰ তিনিটা কেন্দ্ৰীয় নাৰী চৰিত্ৰ আছিল ক্ৰমে চিত্ৰলেখা, জয়মতী আৰু তেজীমলা। তাৰ অংশ হিচাপে জয়েও তেজীমলা গীতটী পৰিবেশন কৰিছিল। তেতিয়াৰে পৰাই জয় বৰুৱাৰ লগত এটা নতুন প্ৰকল্পত কাম কৰাৰ গুণা গঁঠা আৰম্ভ হৈছিল।  

 https://www.youtube.com/watch?v=2L02S53uxPo

The cultural aura in Assam is still (in fact, increasingly) modernist in nature. 

কৈছোৱেই, অসমৰ সাংস্কৃতিক পৰিমণ্ডল এতিয়াও (বৰঞ্চ ক্ৰমবৰ্ধমান ৰূপত) আধুনিকতাবাদী। নিজৰ ভাষা-সংস্কৃতিৰ লগত জড়িত হৈ কাম কৰিবলৈ হ'লে কিছুমান অলিখিত বিধান অনুসৰি আপুনি কিছুমান অৱস্থান গ্ৰণ কৰিবই লাগিব - যেনে অতীতত যি আছিল সকলো ভাল... ইত্যাদি। আপুনি জাতীয়তাবাদী হোৱাটো অৱশ্য বাঞ্চনীয়। জাতীয় প্ৰেম ৰু দেশভক্তি জাহিৰ কৰাটো বাধ্যতামূলক। এই বাধ্যবাধকতা সমূহ ইমানেই শক্তিশালী আৰু বহু তৰপীয়া যে তাৰ আঁৰত নিজৰ অস্তিত্বৰ সন্ধান কৰাৰ নামত (জাতীয়তাবাদৰ লগত নিজা অস্তিত্বৰ সন্ধানৰ বিষয়টো যদি সাঙোৰ খাই থকা বুলি মানি লওঁ) আপুনি আচলতে নিজৰ পৰা বহু যোজন আঁতৰতহে অৱস্থান কৰেগৈ। সন্মুখলৈ আগবাঢ়ি যোৱাৰ সলনি আমি বিষাদবোধ আৰু স্মৃতিচাৰণতে পাকঘূৰণি খাই থাকোঁ। "ক'লৈ গ'ল সেই লাচিত বৰফুকন..." বুলি আমি হুঙ্কাৰ দিওঁ, অথবা "আজি আমাৰ মাজত জয়াও নাই, গদাপানিও নাই..." ধৰণৰ কথাৰে চকুলো বোৱাই ভাববিলাসী আমিবোৰে আত্মতৃপ্তি লাভ কৰোঁ।
ওহোঁ, আমি 'ৰাভা' গীতটোক তেনেকৈ এটা শোকগাঁথা, অতীত-ৰোমন্থনৰ ইনিনি বিননি মাত্ৰ হ'বলৈ দিব নোৱাৰোঁ। 

(Thanks to Barnali Baruah for recently making a note in facebook on these aspects)
see Barnali Baruah's Facebook post here

বিষ্ণু প্ৰসাদ ৰাভা এজন মহৎ লোক- এনেধৰণৰ এটা সাধাৰণীকৰণ যদি পৰিহাৰ কৰি চলোঁ তেনেহ'লে কেনে হয়?!  

Bishnu Rabha, oftten iconified with holding a gun on one hand and pen on the other

এতিয়া সমস্যাটো হ'ল, ৰাভাৰ দৰে এক বিশাল ব্যক্তিত্বক কেনেকৈ ধৰি ৰাখিব পৰা যায়? কাৰণ কালক্ৰমত, বিষ্ণু ৰাভা মাত্ৰ এক ব্যক্তি বিশেষ হৈ থকা নাই। দেধাৰ কিংবদন্তী, বিৱৰণ, কল্পনা, দলিল, ইতিহাস, কল্প-ৰচনাৰ মাজেৰে আহি ৰাভা আজি এটা বিশাল শৰীৰ। সাংস্কৃতিক পৰিচয়ৰ লগত জড়িত থকা আজিৰ বা তাহানিৰ প্ৰায় সকলোবোৰ এৰাব নোৱাৰা প্ৰসঙ্গৰ লগতেই কিবা নহয় কিবা প্ৰকাৰে জড়িত হৈ আছে বিষ্ণু ৰাভা আৰু তেওঁৰ অৱদান- ভাষা, সাহিত্য, শিল্প, ৰাজনীতি- সকলোতে। আৰু তাৰপিছত যেতিয়া অসমীয়া (এই অসমীয়া কথাটোৱে বহুসময়ত 'মধ্যবিত্ত' আৰু মূলসুতি' এই দুটা কথাকো সাঙুৰি থাকে) অভিভাৱক সকলে ল'ৰা ছোৱালীক প্ৰতিবছৰে ৰাভাদিৱসৰ অনুষ্ঠানবোৰলৈ ৰাভাসঙ্গীত গোৱাবলৈ অনা নিয়া কৰে, এনে লাগে যেন নিজৰ সংস্কৃতি প্ৰেম বা অসমীয়াত্ব দেখুৱাবলৈ গৈ যেন কোনোবাপ্ৰকাৰে ৰাভাক সৰলীকৰণহে কৰি পেলোৱা হৈছে।    


  

ভিনচেন্ট ভেন গঘ নামৰ প্ৰতিভাধৰ শিল্পীজনক পগলা বুলি কৈ তথাকথিত স্বাভাৱিক সমাজখনৰ পৰা বহিৰ্ভূত কৰা হৈছিল। একেধৰণৰ ঘটনা ঘটিল বিষ্ণু ৰাভাৰ লগত। বহুক্ষেত্ৰতেই ৰাভাক দূৰলৈ থেলি পঠোৱাৰ নজিৰ আছে। কেতিয়াবা দেশদ্ৰোহী বিদ্ৰোহী বুলি, আকৌ জনজাতীয় মূলৰ বুলি। তাৰ পিছত যেতিয়া ৰাভাক আঁকোৱালি লোৱাৰ প্ৰৱণতা আৰম্ভ হ'ল, তেতিয়া দেখা পালোঁ - দূৰত্ব বজাই ৰখাৰ সিও এক প্ৰণালী। এতিয়া কচৰৎ আৰম্ভ হ'ল কেনেকৈ ৰাভাক এটা মিউজিয়ামৰ বস্তুৰ দৰে কাঁচৰ বাকচত সুমুৱাই থ'ব পৰা যায়।



অসমত শিল্পকলাৰ এক নিৰবিচ্ছিন্ন ইতিহাস নাই।

অৱশ্যে এই কথাষাৰ শিল্প ইতিহাসৰ (আৰ্ট হিষ্টৰী) সাধাৰণ আৰু মান্য ধাৰণাৰ পৰাই কোৱা - য'ত পৃথিৱীৰ বাকী সকল কৰ্তা ধৰ্তা বিধাতা সন্তুষ্ট থাকে। এটা সঙ্গীতৰ প্ৰতি এজন দৃশ্য শিল্পীৰ প্ৰতিক্ৰিয়া কেনে হ'ব বা হোৱা উচিত, কেনে ধৰণৰ দৃশ্যভাষা প্ৰয়োগ কৰিলে তাৰ প্ৰতি উচিত বিচাৰ কৰা হ'ব - এইটো নিশ্চয়কৈ এটা প্ৰাথমিক আৰু গুৰুতৰ সমস্যা হৈ উঠিছিল মোৰ সন্মুখত। তাতে যদি সি বিষ্ণু ৰাভাৰ দৰে এক প্ৰবাদ পুৰুষক কেন্দ্ৰ কৰি হয়, তেনেহ'লেতো ঘটনা আৰু জটিল। তেনেই কাষৰীয়া দেশ পশ্চিম বঙ্গৰ সৈতেও যদি তুলনা কৰিবলৈ হয়, দৃশ্যশিল্পৰ ক্ষেত্ৰখনত আমি আজিলৈকে কোনো ক্ৰমবিকাশ বা বিৱৰ্তনৰ খতিয়ান তৈয়াৰ কৰি উলিয়াব নোৱাৰিলোঁ। আমাৰ ইতিহাসক সিদ্ধ কৰিব পৰা এটাই শব্দ- সি হৈছে যাদৃচ্ছিক। সংহতি ৰহিত। ক্ৰমহীনতা। আৰু এই চৰিত্ৰটোৱেই আমাৰ চাৰিওপাশৰ বহুভাষিক, বহুজাতিক পৰিবেশটোৰ লগত ৰজিতা খায়।      




তেনেকৈয়ে ব্যক্তিত্বৰ মাজৰ উন্মাদনা আৰু বহুবৰ্ণিল চৰিত্ৰই মোক ভাৱনাক দিলে এটা আৰম্ভণী। ৰাভাৰ কৰা কেইখনমান নিপুণ চিত্ৰশিল্পৰ ছবি আমি দেখিবলৈ পাইছোঁ - কিন্তু তেনে ধৰণৰ দৃশ্য সংবেদনা আমি যদি তুলি লওঁ, আমি বিচাৰি থকা তেওঁৰ ব্যক্তিত্বৰ উন্মাদনাখিনিক অথবা পৰস্পৰবিৰোধী ঘটনাবোৰৰ সংঘাতক হয়তো ফুটাই তুলিব নোৱাৰিম। ঠিক তেনেহ'লে, ধুৱলি-কুঁৱলি স্মৃতিৰ ৰেঙনি, সৌৰ্য, ওপৰা উপৰিকৈ ঘটা ঘটনাৰ আভাস, স্পৰ্শক্ষম এটা পৃষ্টপট (textured surface) এইবোৰ বিচাৰি মই উভটি চালোঁ উত্তৰ- মনচ্ছায়াবাদী (post-impressionistic)ছবিৰ জগতখনলৈ। তেনেতে মই আবিষ্কাৰ কৰিলোঁ, সেই সময়ৰ অন্য এক প্ৰতিভূ জ্যোতি প্ৰসাদ আগৰৱালা যদি আছিল এজন নিপুণ আৰু মসৃণ মাষ্টাৰ, ৰাভা আছিল খহটা পৃষ্ঠ এখনৰ সৈতে এক বিপুল বৈচিত্ৰ্যৰ সমাহাৰ।    

সেয়েহে ভেন গঘৰ পৰা অলপ হালধীয়া মই ধাৰলৈ আনিলোঁ।
হয়, মোৰ ফালৰ পৰা এয়া ভিনচেন্টৰ প্ৰতিও এটা শ্ৰদ্ধাঞ্জলি।

সেই উন্মাদনা (মেডিকেল অৰ্থত কোৱা হোৱা নাই), সেই ৰঙৰ প্ৰাচূর্য, আৰু একেই ভাবে স্পষ্টকৈ দেখা পোৱা খেতি-পথাৰ, ভোক- অৱসাদ- কৰ্মৰত মানুহৰ সংগ্ৰামৰ সৈতে নিবিড় সম্বন্ধ - এই গোটেইবোৰেই ৰাভা আৰু ভেন গঘক একেলগে সাঙোৰাৰ পক্ষত কৈফিয়ৎ দিয়ে।


এতিয়ালৈকে আলোচ্য গীতটোৰ নেপথ্যত থকা কাহিনীভাগৰ কথা মই কোৱাই নাই- সে বিশেষ ৰাতি বিষ্ণু ৰাভা আৰু গাজী ৰাভাৰ সৈতে কি ঘটিছিল। সেই ঘটনাটো ইমানেই ৰোমহৰ্ষক আৰু স্পৰ্শকাতৰ যে অৱলীলাক্ৰমেই কাণখোৱাৰ ষ্টুডিঅ'ৰ দুৱাৰত আন এজনে আহি টোকৰ মাৰিলেহি- এডৱাৰ্ড মুংখ। গীতৰ কথাভাগ (ইবচন লাল বৰুৱালৈ চেল্যুট) আৰু জয় বৰুৱাৰ গায়কীৰ টেক্সাৰ - দুয়োটাই নিশ্চয়কৈ অভিব্যক্তিবাদী (expressionistic)। এনেকৈয়ে মনচ্ছায়াবাদ আৰু অভিব্যক্তিবাদৰ সনাপোটোকা আৰম্ভ হ'ল।  

Scream, Munch
যিহেতু এচিকুটমান অধিবাস্তৱবাদো (surrealism) অপৰিহাৰ্য আছিল সেয়েহে উৰন্ত বড়ো মহিলা এগৰাকীও আহি সোমালহি - এটা নিচুকণি গীতৰ দৰে, জৰ্জ ব্ৰুকৰ চেক্সোফ'নৰ লগে লগে।  উৰি অহা বড়ো মহিলাগৰাকীয়ে সূৰ্য এটা প্ৰসৱ কৰিলে, সেই সূৰ্যই দিশে দিশান্তৰে ভ্ৰমণ কৰিলে - হাবিয়ে- পথাৰে... মানুহবোৰে মূৰ তুলি তুলি চালে- ল'ৰাই, বুঢ়াই, ৰোৱনিয়ে, দাৱনিয়ে... কিহৰ জানো উৎসৱ, জাকে জাকে দখনা পিন্ধা গাভৰুৱে নাচোনৰ তাল তুলিলে...

a tale of a Bodo woman giving birth to the Sun
   

ইমানবোৰ বিচিত্ৰ চিত্ৰকল্প আৰু বৰ্ণৰ সমাহাৰে কামটো যে খেলি মেলি কৰি নষ্ট কৰি নেপেলাব সেইটো মই জানিছিলোঁ, কাৰণ সঙ্গীতৰ সংৰচনাৰ মাজতেই তাৰ উচনি সোমাই আছিল। প্ৰথমবাৰৰ বাবে সঙ্গীতৰ খচৰাটো জয়ে যেতিয়া মোক শুনাইছিল আৰু মোৰ প্ৰতিক্ৰিয়া জানিব খুজিছিল, তৎক্ষণাত মই একো ক'ব পৰা নাছিলোঁ। কি মনলৈ আহিছিল তেতিয়া? তীব্ৰ বৈপৰীত্য বিশিষ্ট এক নাটকীয় সঙ্ঘাত পাইছিলোঁ। কন্ঠ আৰু চেক্সোফ'ন, জয় বৰুৱা আৰু জৰ্জ ব্ৰুকচ, দুয়ো দুয়োৰে পৰিপূৰক হয় কিন্তু একেসময়তে বিৰোধো আছে। এটাই আনটোক এৰি যেন বাৰে বাৰে আঁতৰি যাব খুজিছে।

আবদ্ধ আৰু সম্প্ৰসাৰণ - এই দুটা বিপৰীত শব্দ মোৰ মনলৈ আহিছিল। 
বন্দিত্ব আৰু মুক্তি।
বৈপৰীত্য- সন্মতি আৰু অসন্মতিৰ এক নাট্যমুহূৰ্ত, - এই বিচিত্ৰতা কম্পোজিচনটোৰ মাজতেই আছিল।

George Brooks and Joi Barua
 আৰু সকলোৰে শেষত থাকিল - কাণখোৱা মেথড, ডিছপোজেবল থিয়েটাৰৰ মেথড- 'ইম্প্ৰ'ভাইজেচন'।  কাম কৰি থকাৰ মাজতে এবাৰ ডিচাঙলৈ বড়ো মানুহ এঘৰলৈ গৈছিলোঁ। মানুহ এজনে কাম কৰি থকাৰ ছবি অলপ লৈছিলোঁ, সেই মানুহজনো আহি ভিডিঅ'টোত সোমালহি। বিশ্বনাথ চাৰিলিৰ পথাৰ এখনত ভুঁই ৰুই থকা মানুহ দুগৰাকীও আহি ইয়াৰ চৰিত্ৰ হ'লহি। আৰু আহিল 'দ-পৰ্বতীয়াৰ সেই ছোৱালী দুজনী হাতৰ মুদ্ৰা আৱাহনী...'। 
Anything and everything just adds on, when you are working with improvisation.

Doorway from Daparbatiya and my rendering after a poem by Nilmoni Phukan in 1998





 


এতিয়া মই কি চফটৱেৰ ব্যৱহাৰ কৰিলোঁ সেইটো নুসুধিলেই ভাল পাম। এজন ফটোগ্ৰাফাৰৰ ছবি এখন চাই তেওঁ কি কেমেৰা ব্যৱহাৰ কৰিছিল সুধিলে তেওঁ বিৰক্ত হোৱাৰ সম্ভাৱনাই বেছি।

Comrade Gajiram Rabha

In an interview with Kasmin Fernandes, TOI, Joi Barua states:

Samudra Kajal Saikia has created the animated music video accompanying the song. Says Joi about the making of the video, "Samudra teaches drama and theatre and is a fantastic animation artist. I was working on the song and hadn't found a way forward on the visual tract. He had gifted me a small animation video he had made himself of my song 'Tejimola'. I was astounded by its wizardry. I knew if there was anyone, it was he who could take this song forward, with its nuances of art, music and heritage intact. It takes around 25 visual animation guys to do something like this, but he did this all by himself. He worked alone, sometimes 16 hour days, for nearly two months to come up with the first draft. I am lucky to have someone like him, who goes so deep into creating a piece of art that will stand the test of time."
http://timesofindia.indiatimes.com/entertainment/hindi/music/news/Assamese-musician-Joi-Barua-collaborates-with-American-saxophonist-George-Brooks/articleshow/50637048.cms

গীতৰ নেপথ্য কাহিনী-

সাম্যৰ যোগেৰে প্ৰকৃতাৰ্থত সমাজত প্ৰগতি আনিব বুলি বিপ্লৱৰ সূচনা কৰা বিষ্ণু প্ৰসাদ ৰাভা আৰু তেওঁৰ বিপ্লৱী সতীৰ্থ সকলৰ শিবিৰৰ ঠিকনা পুলিচৰ আগত ব্যক্ত নকৰিবলৈ কমৰেড্ গাজিৰাম ৰাভাই যথেষ্ট নিৰ্যাতন ভোগাৰ পিচত বন্দী অৱস্থাত নিজৰ জিভা কাটি পেলাইছিল।
বিষ্ণু প্ৰসাদ ৰাভাৰ মতাদৰ্শ সৰ্বসাধাৰণৰ অথবা দেশৰ প্ৰকৃত প্ৰগতিৰ বাবে কিমান অপৰিহাৰ্য আছিল সেয়া গাজি ৰাভাৰ ত্যাগ আৰু বলিদানৰ দৃষ্টিভঙ্গীৰে নিৰীক্ষণ কৰিলেহে হয়তো বুজিব পৰা যাব।


Joi Ft. George Brooks, "Rabha", Pride, Lyrics: Ibson Lal Baruah
Video: Samudra Kajal Saikia, a Kankhowa Creation


a very special round of thanks goes out to : INK talks & Lakshmi Pratury for bringing together
Joi Barua & George Brooks. Moina Goswami, Ratul Goswami & Kushal Mirza. Mixed & Mastered by Abani Tanti at Geet Audiocraft Mumbai. Art, Animation, VFX and Editing: Samudra Kajal Saikia

Media and Other Associated Links:  















Watch in MTV's site:



 or, mtv.tl/RabhaJB 



Sunday, December 27, 2015

যি শিল্পত "হাতেৰে নুচুব" বুলি লেখা নাথাকে...

কুশলী শিল্পী বেণু মিশ্ৰ সম্পৰ্কে যৎকিঞ্চিত

২২ নবেম্বৰ ২০১৫ তাৰিখে বাণ থিয়েটাৰ, তেজপুৰত শ্ৰীযুত বেণূ মিশ্ৰ আৰু শ্ৰীযুত ৰমেন বৰুৱা দেলৈ আগবঢ়োৱা চাতক সন্মান উপলক্ষে লিখিত...


অলপমান ডুখৰীয়া কথাৰেই আৰম্ভ কৰোঁ। শিল্পচৰ্চাৰ প্ৰত্যেক মাধ্যমৰেই একোখন আছুতীয়া জগত থাকে। সেই জগতখনত শ্ৰষ্টা আৰু ৰসগ্ৰাহীৰ উমৈহতীয়া কিছুমান চৰিত্ৰ থাকিলেহে সেই জগতখনৰ উন্নতি সম্ভৱপৰ হয়।  নাট্যজগতৰ সমৃদ্ধিৰ বাবে প্ৰয়োজন যে কেৱল নাট্যকাৰ, পৰিচালক আৰু কলা-কুশলীৰহে তেনে নহয়। তাৰ বাবে প্ৰয়োজন ৰুচিবান দৰ্শকৰো। দৰাচলতে- এই শেহৰটো উপাদান আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হৈ উঠে যিহেতু 'নাট্যজগত সমৃদ্ধিৰ বাবে এটা উপযুক্ত পৰিবেশ' বুলি যদি আমি কওঁ তেনেহ'লে এই উপাদানটোৱেহে সেই পৰিবেশ গঢ় দিয়ে। চলচ্ছিত্ৰৰ পৰিবেশ, সাহিত্যচৰ্চাৰ পৰিবেশ, দৃশ্যকলাৰ পৰিবেশ - এই সকলো ক্ষেত্ৰতে একেটাই কথা। দৰ্শক নেপালে চলচ্ছিত্ৰ এখন অসাৰ। পাঠক অবিহনে সাহিত্য-কৃতি নিৰ্জীৱ মাত্ৰ। এই দৰ্শক, দ্ৰষ্টা, পাঠক, শ্ৰোতাৰ যিটো পক্ষ - সেয়াই গুণগ্ৰাহী আৰু ৰসগ্ৰাহীৰ পক্ষ। সেয়াই সমালোচকৰো পক্ষ। এতিয়া এই যি দুই পক্ষ - স্ৰষ্টাৰ আৰু দ্ৰষ্টাৰ, দুয়ো দুয়োৰে পৰিপূৰকো। এটাই আনটোক সম্পূৰ্ণ কৰে, সংপৃক্ত কৰে। কেৱল সেয়াই নহয়, এটাই আনটোক গঢ়ো দিয়ে। এটা সৃষ্টিকৰ্মই যদি গুণগ্ৰাহীৰ জন্ম দিয়ে, - গুণগ্ৰাহীৰ তাগিদা, আকাঙ্ক্ষা আৰু মান-বিচাৰে সৃষ্টিকৰ্মকো এটা শৰীৰ দিয়ে।  

আধুনিক দৃশ্যশিল্প চৰ্চাৰ জগতখন সম্ভৱ বাকীবোৰ নান্দনিক চৰ্চাতকৈ অধিক স্পৰ্শকাতৰ। এজন শিল্পীৰ সৃষ্টি প্ৰক্ৰিয়াই নিজে সম্পৃক্ত হৈ উঠিবলৈ যেনেকৈ শিল্পীৰ সম্পূৰ্ণ মনোযোগ, অধ্যাৱসায় আৰু জীৱন বীক্ষা দাবী কৰে, তেনেকৈয়ে তাৰ ৰসগ্ৰহণৰ কাৰণে এজন দ্ৰষ্টাৰ ওচৰতো তাৰ প্ৰচুৰ দাবী। চিত্ৰ, বা ভাষ্কৰ্য, বা যিকোনো দৃশ্যশিল্প অনায়াস কৃতি কোনোকালেই নাছিল। সেইবোৰৰ ৰসগ্ৰহণৰ প্ৰক্ৰিয়া সদায়েই আৰু বেছি জটিল। সেইকাৰণেই হয়তো, শিল্প-সাহিত্য আৰু সংষ্কৃতিৰ উৰ্বৰক্ষেত্ৰ বুলি আমি সততে গৌৰৱ কৰি অহা অসম মুলুকতো সৃষ্টিৰ বাকীবোৰ মাধ্যমতকৈ দৃশ্যশিল্পৰ চৰ্চা (সৃষ্টি আৰু ৰসগ্ৰহণ সমন্বিতে) প্ৰসমিত যেন বোধ হয়। স্বকীয় এটা শিল্পভাষাৰ সন্ধান - কনোবাখিনিত যেন আগবাঢ়িব খুজিও বাঢ়িব নোৱাৰা হৈ ৰয়। কলাবীথিকাত মানুহৰ সমাগমো প্ৰতিহত হৈ ৰয়। 'আমি আৰ্ট বুজি নাপাওঁ' বুলি কৈয়েই আমি দায় সাৰি থাকোঁ, আৰু এই আপাত সামান্য কথাষাৰ কোৱাৰ আঁৰত থাকিব পৰা দায়িত্বখিনিও আমি পালন নকৰোঁ। দায়িত্ব? সেয়া বা আকৌ কেনে ধৰণৰ দায়িত্ব? সেই দায়িত্ব মানে ইমানেই যে - কিমান সময় ধৰি আমি এখন ছবি চাবলৈ চেষ্টা কৰোঁ? যিমান সময় ধৰি আমি এখন উপন্যাস পঢ়োঁ, অথবা এখন নাটক বা এখন সিনেমা চাবলৈ আমি যিমান সময় দিওঁ- তাৰ বিপৰীতে এখন ছবি অথবা এটা অবয়ৱ চাবলৈ আমি কিমান নিজস্ব ব্যক্তিগত সময় নিয়োজিত কৰোঁ? কবিতা এটা পঢ়ি একেবাৰতে হৃদয়ঙ্গম কৰিব নোৱাৰিলে আমি যেনেকৈ তাক বাৰে বাৰে পঢ়োঁ, ছবি এখন 'বুজি নাপাওঁ' বা 'ভাল নাপাওঁ' বুলি কোৱাৰ আগতে আমি তাক বাৰে বাৰে চাওঁ নে? কেতিয়াবা বাৰু এনেকুৱাও হয় নে, - যে প্ৰথমবাৰ শুনি ভাল নোপোৱা গান এটা বাৰে বাৰে শুনাৰ পিছত হয়তো ভাল লগা হৈ উঠিছে? আৰু এনেকুৱাও হ'ব পাৰে নেকি, কবিতা এটা হয়তো আপোনাৰ ভাল নালাগিল, বাৰে বাৰে পঢ়িও ভাল নালাগিল, কিন্তু কেনেবাকৈ কোনোবাখিনিত তাৰ কোনোবা এটা অংশ বা সংবেদনা আমাৰ মনত ক'ব নোৱাৰাকৈ ৰৈ গ'ল - আৰু অন্য কোনোবা এটা অসংলগ্ন মুহূৰ্তত অৱচেতনতাতেই হয়তো কিবা এটা অনুভৱ কৰিলোঁ? এখন ছবিৰ লগতো এই একেটা কাৰবাৰ হ'ব নোৱাৰে জানো?        

আৰু এটা প্ৰসংগ উনুকিয়াই লওঁ। শিল্প সচৰাচৰ এটা দ্বৈত চৰিত্ৰৰ লক্ষণেৰে ভূক্তভোগী। সেইমতে শিল্পীও। এহাতে শিল্প সাধনাই বিচাৰে নিভৃতি, অৱসৰ, নিৰলা এটা পৰিবেশ। ঐকান্তিক আৰু অন্তৰঙ্গ পৰিবেশ একোটাত ভাব এটাই ভাষা পায়, ভাষা এটাই প্ৰাণ পায়। নিৰ্জনতা সেই সূত্ৰে এক আকাংক্ষিত বিষয়। কিন্তু তাৰ সমান্তৰাল ভাবে এয়াও সঁচা যে, সামূহিকতাৰ পৰা আঁতৰত একান্ত নিৰ্জনতাত শ্ৰেষ্ঠ শিল্পৰ সৃষ্টি সম্ভৱপৰ নহয়। সমাজৰ উপস্থিতিৰ অবিহনে নিচক ব্যক্তিগত কচৰতেৰে মাত্ৰ শিল্পই উৎকৰ্ষতা নাপায়। সৃষ্টি প্ৰক্ৰিয়াৰ আগতেও যেনেকৈ ই বহল জনজীৱনৰ পৰা সমল আহৰিত কৰিব খোজে, সৃষ্টি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠাৰ পিছতো ই বহল সংখ্যক মানুহক স্পৰ্শ কৰিবলৈ উদবাউল হৈ উঠে। 

বিশ্বৰ শিল্প ইতিহাসলৈ চালে আমি দেখিম যে একো একোটা শিল্প আন্দোলন গঢ়ি উঠিবৰ সময়ত নিভৃত গহন কোণত শিল্প চৰ্চাত নিমগ্ন কিছু সংখ্যক শিল্পীৰ অধ্যৱসায়ৰ লগতে, তদানুৰূপ শিল্প ভাৱনাক বিৰাট জনজীৱনৰ সৈতে যুক্ত কৰিবলৈকো কিছুমান কাৰ্যপন্থা ঘটিব লাগিছে। বিভিন্ন উপাদান নিৰ্ভৰ মাধ্যমে ইটোৱে সিটোৰ পৰিপূৰক হিচাপে কাম কৰি আহিছে - সৃষ্টি আৰু তাৰ সংবেদনাক বহল ক্ষেত্ৰলৈ সম্প্ৰসাৰ কৰিবলৈ। উপাদান নিৰ্ভৰ মাধ্যম বুলি কওতে - তেলৰং আৰু লিথোগ্ৰাফীয়ে হাতে হাত ধৰি আগবঢ়াৰ কথালৈ মন কৰিব পাৰি। 

বেণু মিশ্ৰৰ সম্পৰ্কে ভাবিলেই এইখিনি কথা মনলৈ অহাৰ কাৰণ এয়াই যে, ভিন্নতৰ মাধ্যমেৰে বহুল সংখ্যক মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা খুব কম সংখ্যক শিল্পীৰ মাজৰেই এজন হৈছে বেণু মিশ্ৰ। নিজস্বতা বিশিষ্ট হৈয়ো সাধাৰণ জনমানসৰ সহজাত সংবেদনাক সহজে চুই যাব পৰা গুণখিনিৰ কাৰণেই শিল্পী বেণু মিশ্ৰ শলাগৰ পাত্ৰ। বৰপেটা সত্ৰৰ দুটা মিশ্ৰ পৰিয়ালৰ জ্ঞানচর্চা, সংস্কৃত আৰু সঙ্গীতচৰ্চাৰ বাবে বিখ্যাত এটা পৰিয়ালত জন্ম বেণু মিশ্ৰৰ। সত্তৰৰ দশকত অগ্ৰণী ভূমিকা পালন কৰি অসমৰ শিল্পচৰ্চাৰ জগতখনক টনকিয়াল কৰা শিল্পীসকলৰ এজন বেণু মিশ্ৰ। শান্তিনিকেতনৰ স্নাতক আৰু ১৯৭৬ চনত স্থাপিত হোৱা গৌহাটী আৰ্টিষ্ট গীল্ডৰ প্ৰতিষ্ঠাপক এইজন শিল্পীয়ে নিজাববীয়া শিল্প মনোনিৱেশৰ লগতে শিল্প চৰ্চাৰ এক পৰিবেশ সৃষ্টিতো অৰিহনা যোগাই আহিছে। কলা-সমালোচক মৌচুমী কন্দলীয়ে সঠিক ভাবেই মূল্যায়ণ কৰি উল্লেখ কৰা অনুযায়ী, "বেণু মিশ্ৰৰ শিল্প চেতনাত ফুটি ঊথে সংবেদনা আৰু বৌদ্ধিক মননশীলতাৰ ভাৰসাম্য। তেওঁৰ শিল্পকৰ্ম সমাজ-ইতিহাস-পৰম্পৰা-কলা-সংস্কৃতিৰ বিষয়ে সম্যক ধাৰণা তথা একধৰণৰ ৰাজনৈতিক প্ৰত্যাবৃত্তিৰে (Political Reflexivity) পৰিপূৰ্ণ। অসমৰ আধুনিক কলাৰ বিকাশ আৰু বিৱৰ্তনত তেওঁৰ বিশেষ ভূমিকা আছে। ভাৰতীয় চিত্ৰ পৰম্পৰা, লোকসংস্কৃতিৰ উপাদানৰ পৰা আৰম্ভ কৰি পাশ্চাত্যৰ প্ৰতীকবাদী অথবা অধিবাস্তৱবাদী চিন্তাৰ সংশ্লেষিত চৰিত্ৰ তেওঁৰ শিল্পকৰ্মত ফুটি উঠে। গৌৰীপুৰৰ কুঁহিলা-পুতলা শিল্পই হওক অথবা মাইকেল এঞ্জেল'ৰ সাৱলীল অংকন, ভেন গঘৰ অভিব্যক্তিবাদী অভিঘাত অথবা টাৰ্ণাৰ হুইচ্ছালৰৰ picturesque বৰ্ণচ্ছায়া - এই সকলোবোৰ উপাদানক তেওঁৰ সৃষ্টিয়ে সামৰি লৈছে..."  



কনট্ৰাষ্ট...
আনন্দময় অথচ  বিষাদগ্ৰস্ত জগতখন...
নিয়ম মানিও নিয়ম নমনা জ্যামিতিবোৰ...
চিনাকী অচিনাকী মুখবোৰ...



কনট্ৰাষ্ট - বেণু মিশ্ৰৰ সৃষ্টিৰাজিৰ বাবে এটা পৰিচয় সূচক শব্দ। হাই কনট্ৰাষ্ট, বা তীব্ৰ বৈপৰীত্য এহাতে যদি ফৰ্ম আৰু বৰ্ণৰ সমাহাৰৰ ক্ষেত্ৰত দেখা পাইছোঁ, একে সময়তে বিষয়বস্তুৰ চয়নৰ ক্ষেত্ৰতো দেখা পাইছোঁ। ৰঙীন কেনভাছবোৰ পৰস্পৰ পৰিপূৰক অথচ বিপৰীত ধৰ্মী বৰ্ণৰ সমাহাৰ। ৰঙৰ ঘনত্বতো কনট্ৰাষ্ট। 'চিটিস্কেপ' নামৰ তৈলচিত্ৰখনে আমাৰ দৃষ্টি আকৰ্ষণ কৰে পাতল হালধীয়া ৰঙৰ লগতে ডাঠ নীলা ৰঙৰ সংঘাতৰ বাবে, আৰু পাতলীয়া প্ৰেক্ষাপটত গাঢ়ৰঙী ফিগাৰবোৰৰ বাবে। মৃত্যু শীৰ্ষক ছবিখনতো হালধীয়া আৰু নীলাৰ সঙ্ঘাত। মৌচুমী কন্দলীৰ ভাষাৰে, "ভাৰতীয় আধুনিক কলাৰ অবয়ৱধৰ্মী (figurative) ধাৰাটোৰ এজন শক্তিশালী অংশীদাৰ এই শিল্পীজনৰ চিত্ৰায়নত বলিষ্ঠ ৰেখাৰ সাৱলীল গতি, ফৰ্মৰ সংবেদনা আৰু বৰ্ণ সুষম Harmony পৰিস্ফুট হয়।" বেণু মিশ্ৰৰ ছবি বিপুল জনসমাদৃত হোৱাৰ কাৰণ এইখিনিতেই। ৰঙৰ প্ৰাচুৰ্য থকা ছবিখিনিতো তেওঁ ড্ৰয়িংকে ভেটী কৰি ৰাখিছে। হাই কনট্ৰাষ্টেৰে ড্ৰয়িঙৰ জঁকাটো তেওঁ বান্ধি ৰাখিছে। 



বেণু মিশ্ৰৰ জগতখন সততে আননন্দময় আৰু ষ্ফুৰ্তিবাজ। কবি হীৰেন ভট্টাচাৰ্যৰ খুহুতীয়া পদ্যলানিৰ সৈতে বেণু মিশ্ৰৰ ড্ৰয়িংবোৰ কোনে পাহৰিব- "ফাটেহপুৰ চিক্ৰি/ দুই টকাত বিক্ৰী..."। ৰাজনৈতিক পৰিস্থিতি, মৃত্যু আৰু বিষাদৰ দৰে গভীৰ চেতনাৰ সৈতে যুক্ত হ'বৰ সময়তো শিল্পী মিশ্ৰই তেখেতৰ প্লে'-ফুল-নেছ খিনি পৰিহাৰ কৰা নাই। ৰঙ ৰূপ আৰু ৰেখাৰ এই জগতখনে ইটোৱে সিটোৰ সৈতে পৰস্পৰে সংঘাতত লিপ্ত হৈ খেলা কৰে। এইখিনিতেই বিষয়বস্তুৰ ক্ষেত্ৰতো, ভাবৰ বৈপৰীত্য দেখা পাইছোঁ তেখেতৰ একাধিক কৰ্মত। এই বৈপৰীত্যই কেতিয়াবা কেতিয়াবা ছবি এখনক এটা জটিল সাঁথৰ কৰি পেলাইছে আৰু সেইখিয়েই ব্যংগৰ উৎসও হৈ উঠিছে। ৰঙে ৰূপে প্লে'-ফুল হৈয়ো মিশ্ৰৰ বিষয়বস্তুত আছে মৃত্যু, বিষাদ, ৰাজনৈতিক প্ৰৱঞ্চনা আদি। নীলমণি ফুকনৰ স্মৃতি ৰোমন্থনৰ পৰা আমি এইখিনি কথা জানিব পাৰোঁ- "...এই ডেকা শিল্পীগৰাকীৰ মনত, চেতনাত এটা বিষাদবোধ ক্ৰিয়াশীল হৈ আছে; যিটো কথা তেওঁৰ পৰৱৰ্তী কালৰ, বিশেষকৈ তেওঁৰ দুখন সৰ্বশ্ৰেষ্ঠ ছবিত প্ৰায় মূৰ্ত হৈ পৰিছে। এই কথা তেওঁৰ ছবি 'চেয়াৰ' আৰু 'ডেথ' চোৱা যিকোনো সংবেদনশীল সূক্ষ্মদৰ্শী ৰসিক দৰ্শকৰ চকুত নপৰাকৈ থকা নাই। এটা সাক্ষাৎকাৰত তেওঁ নিজেও কৈছে, - ...মোৰ ভাৱনাত প্ৰায়ে এটা বিষন্ন সুৰ থাকে। হয়তো মই ডাঙৰ হোৱা পৰিবেশ বা মোৰ অভিজ্ঞতা আৰু সামাজিক অৱস্থান সকলোৰে সমাহাৰত বিষন্ন এই চিন্তাৰ জন্ম। দৃশ্যমান জগতৰ এনে সুৰ থকা ঘটনাই মোৰ মনৰ জগতক আলোড়িত কৰাৰ পাছত এক প্ৰক্ৰিয়াৰ জৰিয়তেই মনৰ মাজত একোখন চিত্ৰ অংকুৰিত হয়। ...মানুহ, প্ৰকৃতিৰ মাজত নিহিত চিৰন্তন দুখবোধে মোক বেছিকৈ আলোড়িত কৰে।"


'মৃত্যু' শীৰ্ষক ছবিখনে প্ৰথম দৃষ্টিতে আকৰ্ষণ কৰে তাৰ ৰঙেৰে, কেৰিকেছাৰ ধৰ্মী অবয়ৱেৰে আৰু অভিব্যক্তিৰে। তাৰ পিছতে ই কিছুমান প্ৰশ্নৰ উদ্ৰেক কৰে - সাঁথৰৰ দৰে। হাতত ফুল লৈ অহা পাখিলগা মানুহবোৰেৰে, হাই-কনট্ৰাষ্ট ৰঙৰ সমাহাৰেৰে এয়া কি মৃত্যুৰ উদযাপন? মৃত্যুও আনন্দময় হ'ব পাৰে। মৃত্যুৰ উদযাপন একো নতুন কথা নহয় - যদি চুফী কবি সকলৰ মৃত্যু চেতনালৈ মনত পেলাওঁ। শান্তিনিকেতনৰ স্নাতক মিশ্ৰ নিশ্চয় ৰবীন্দ্রিয় মৃত্যু-ভাৱনাৰ সৈতেও অপৰিচিত নাছিল। কিন্তু পিছফালৰ এজন পলৰীয়া মানুহে সাঁথৰৰ জন্ম দিয়ে।
  
সেই সাঁথৰৰ অন্য বিশ্লেষণ এনে ধৰণৰ- "মৃত্যু শীৰ্ষক এই ছবিত কথকতাৰ বহুতৰপীয়া অভিব্যঞ্জনা অনুভূত হয়। তৎকালীন সামাজিক-ৰাজনৈতিক আবহাৱাৰ দ্বিধা- সংশয় নৈৰাজ্যৰ ৰেঙনি লাগি থকা 'Death' -অৰ দৃশ্যপটত পাখিলগা প্ৰতিকৃতি দুটাই গোপন ভয়-শংকাৰ ভাবৰ লগতে পলায়নবাদী মনোবৃত্তিৰো আভাস দিয়ে। ফিগাৰ দুটা যেন কোনো দেৱদূতৰ ছদ্মবেশী চয়তানহে! কোলাত মৃত শৰীৰ এটা লৈ মুখমণ্ডলৰ চৌপাশে ফুটি উঠা বলয়ৰে দেবীসদৃশ নাৰী গৰাকী অথবা মানবী সদৃশ দেবীগৰাকীৰ চিত্ৰকল্পটোৱে মাইকেল এঞ্জেল'ৰ 'Pieta' (কুমাৰী মেৰীয়ে মৃত যিশুক কোলাত লৈ থকা ৰূপ) মনত পেলায়। দৃশ্যপটৰ ওপৰত উৰি থকা দেৱদূতৰ ফিগাৰ দুটাই পৰম্পৰাগত কল্পৰূপ ত্যাগ কৰি বৰ্তমানৰ ৰূঢ় কঠিন বাস্তৱৰ সুবিধাবাদী চৰিত্ৰ চয়তানৰ ৰূপত উদ্ভাসিত হৈছে। 'Death' -অৰ ছবিখনত এক অধিবাস্তবিক আৰু মায়াবী বাস্তৱবাদী ৰেশ লাগি আছে। ছবিখনত ভাবগত প্ৰক্ষেপণ একমাত্ৰিক নহয়। ইয়াত মৃত্যু কেৱল একক অৰ্থৰ দ্যোতক নহয়। মৃত্যু সকলোতে ঘটিছে। কায়িক স্তৰত, সাংস্কৃতি, আধিভৌতিক, আধ্যাত্মিক স্তৰত। সকলোধৰণৰ বহুমাত্ৰিক মৃত্যুৰ ৰূপক এই 'Death'!" (মৌচুমী কন্দলী)


সংৰচনা বা কম্পোজিচনৰ ক্ষেত্ৰত বেণু মিশ্ৰই জ্যামিতিৰ সহজাত ব্যাকৰণ কেতিয়াও উপেক্ষা কৰা নাই। উলম্ব আৰু আনুভূমিক কেনভাছৰ তাগিদা অনুসৰি তেওঁ কম্পোজিছন ৰচনা কৰিছে। আনহাতে স্বয়ংসম্পূৰ্ণ ড্ৰয়িং সমূহৰ ক্ষেত্ৰত তেওঁ জ্যামিত্ৰিৰ চেতনা আয়ত্ব কৰিছে লোকায়ত শিল্পৰ পৰা- অসমৰ বয়ন শিল্পত দেখা পোৱা মিনিমেলিষ্ট ফৰ্মৰ আৰ্হি তেওঁৰ ড্ৰয়িঙত বিদ্যমান।


মিশ্ৰ এবষ্ট্ৰেক্ট শিল্পী নহয়। কিছু সংখ্যক ষ্টাইলাইজ্ড বা ডিছ্টোৰ্টেড ড্ৰয়িং তেখেতৰ আছে যিবোৰৰ অনুপ্ৰেৰণা নিসন্দেহে লোকশিল্পৰ পৰা আহৰিত। বাকী যিখিনি বাস্তৱ-বাদী ফিগাৰেটিভ অবয়ৱ আছে সেইখিনিও লোকজীৱনৰ আৱেদনেৰে পূৰ্ণ। সেয়েহে বেণু মিশ্ৰৰ ছবিৰ মানুহবোৰৰ মুখবোৰ যেন অচিনাকি হৈও চিনাকি। ক'ৰবাত যেন লগ পাইছোঁ, কেনেবাকৈ যেন চিনি পাওঁ মানুহবোৰক। কোনোবাখিনিত যেন নিচেই আপোন এই মানুহবোৰ। এই মুখবোৰ।  


হাতে হাতে শিল্প, ঘৰে ঘৰে শিল্প...

যদি বুজিবৰ সুবিধাৰ অৰ্থে আমি শিল্পকৰ্মক উচ্চ-শিল্প (হাই আৰ্ট) আৰু জনপ্ৰিয় (পপুলাৰ) বা বহুল-সম্প্ৰসাৰণৰ শিল্প (mass media) বুলি দুটা ভাগ কৰি লওঁ (যদিওবা এনেদৰে কৰা ভাগ-বিভাগ সদায়েই অসুবিধাজনক), তেনেহ'লে ক'ব লাগিব বেণু মিশ্ৰ দুয়োটা ধাৰাৰেই নিৰবিচ্ছিন্ন আৰু সফল কৰ্মী। অসমৰ ক্ষেত্ৰত উচ্চ-শিল্পৰ জগতখন আজিও চালুকীয়া বুলি ক'ব পাৰি। অন্যহাতে জনপ্ৰিয় শিল্পৰ জগতখনো তথৈৱচ। নব্বৈৰ দশকৰ গোলকীকৰণ বা এই শতিকাৰ ডিজিটেল আন্দোলনেও অসমৰ সাংস্কৃতিক পৰিমণ্ডলত দৃশ্যমান সংবেদনাক বিশেষ টনকীয়াল নকৰিলে। সহজকৈ বুজাবলৈ গ'লে - এটা সময়ত হাতেৰে লেখা কিতাপ আলোচনীৰ বেটুপাতৰ যি ওলপ অচৰপ কলাসুলভ কেলীগ্ৰাফী আছিল, আজিলৈ সিও প্ৰায় নোহোৱাই হ'লগৈ। ডিজিটেল আগ্রাসনক ইতিবাচক বুলি গ্ৰহণ কৰিব খুজিলেও এই কথা সত্য যে অসমীয়া লিপিৰ এটা বা দুটা 'ফন্ট' বাদ দি কোনো দৃষ্টিনন্দন 'ফন্ট' আজিলৈকে নোলাল। টাইপ'গ্ৰাফীৰ কোনো প্ৰচলিত চৰ্চা আমাৰ মাজত নাই। হঠাতে জাকে জাকে প্ৰকাশ হ'বলৈ ধৰা অজস্ৰ অসমীয়া ভাষাৰ আলোচনীত সুস্থ কলা-ৰুচিবোধ অৱহেলিত হৈ ৰ'ল। বেটুপাতত মহিলা মডেল এগৰাকীৰ ফটো একোখন লগাই দিয়াতেই কলা-সম্পাদকৰ কাম শেষ হোৱা হ'ল। এনেকুৱা এটা সময়ত বেণু মিশ্ৰক বাৰে বাৰে মনলৈ অনাটো একো অস্বাভাবিক নহয়। 


বেণু মিশ্ৰৰ ড্ৰয়িং সম্পৰ্কে নিলগাই কথা পতাৰ অৱকাশ আছে। অসমৰ লোকজীৱনৰ সমল আহৰণ কৰি তেখেতে নিজস্ব এটা শৈলী উদ্ভাৱন কৰি লৈছিল। মিশ্ৰৰ অবয়ৱ বা ফিগাৰ সমূহ সাৰ্বজনীন বা ইউনিভাৰ্ছেল হৈয়ো সাধাৰণীকৃত নহয়। একোটা স্থান কালৰ সৈতে সেইবোৰ যুক্ত। এনাটমি আৰু সাৰ্বিক আবেদনত বহু জনজাতীয় সমাৱেশৰ এই ভূখণ্ডৰ নৃগোষ্টীয় প্ৰচ্ছায়া জলজল পটপট হৈ আছে। গুৱাহাটীৰ কথাৰ দ্বাৰা প্ৰকাশিত 'কবিতা' আলোচনীৰ পৃষ্ঠা দখল কৰা এলানি পানীৰং আৰু চিঞাহীৰ ড্ৰয়িং যি সকলৰ মনত আছে সেই সকলে বিনা দ্বিধাই স্বীকাৰ কৰিব পানীৰং, চিঞাহী আৰু কলম মাধ্যমত মিশ্ৰৰ দখল কিমান। দ্বিতীয়তে, সেই স্কিল বা কলা-কুশলতাক এক অনন্য দৃশ্যমান আৱেদন দি কেনেকৈ এটা নতুন দৃশ্যভাষা মিশ্ৰই তৈয়াৰ কৰি লৈছিল। তৃতীয়তে এইটোও মনত ৰাখিব কেনেকৈ ছপাশাল নিৰ্ভৰ এটা বহুল প্ৰকাশনৰ মাধ্যমকো চিৰিয়াছ শিল্পভাষাৰ বাবে তেখেতে গুৰুত্ব সহকাৰে লৈছিল।


বেণু মিশ্ৰৰ আটাইতকৈ ডাঙৰ অৱদানটোৱেই হ'ল হাতেৰে স্পৰ্শ কৰা নিষিদ্ধ বুলি ঘোষিত, শুকুলা ৰঙেৰে বোলোৱা গেলেৰীৰ চাৰি-বেৰৰ মাজত আৱদ্ধ উচ্চ-শিল্পৰ সংৱেদনাকো তেখেতে মাহুহৰ হাতে হাতে তুলি দিলে, মানুহৰ ঘৰে ঘৰে বিলাই দিলে - তেখেতৰ সহস্ৰাধিক ইলাষ্ট্ৰেশ্যনেৰে, বেটুপাত-অংকনেৰে, অৱলীলায় কৰা ড্ৰয়িঙেৰে। এই আপাত দৃষ্টিৰে পপুলাৰ বা নিম্নবৰ্গীয় বুলি সততে উপেক্ষিত কৰ্মৰাজিয়েও বিদ্বান সমালোচক সুধীজনৰ দৃষ্টি সমানেই আকৰ্ষণ কৰিলে। কলা সমালোচক মৌচুমী কন্দলীয়ে সেয়ে কয়, "কেনভাছৰ লগতে বেটুপাত সংৰচনা, ইলাষ্ট্ৰেশ্যন, স্কেচ আদি কলাক্ষেত্ৰতো তেওঁৰ স্বকীয় প্ৰতিভা পৰিস্ফুট হৈছে। উল্লেখযোগ্য যে বেটুপাত সংৰচনাৰ ক্ষেত্ৰত অসমত এক নতুন ধাৰা প্ৰৱৰ্তন কৰি এক বৈপ্লবিক পৰিৱৰ্তন অনা শিল্পীগৰাকীয়েই হৈছে বেণু মিশ্ৰ"।


প্ৰবীণ কবি আৰু কলা-আলোচক নীলমণি ফুকনদেৱেও বেণু মিশ্ৰৰ কথা ক'বলৈ গৈ "বেণু মিশ্ৰঃ কিছু স্মৃতিকথা, কিছু ছবিৰ কথা" নামক লেখাটি আৰম্ভ কৰিছে ষাঠিৰ দশকৰ আৰম্ভণিতে মহেন্দ্ৰ বৰা সম্পাদিত 'মণিদীপ'ৰ সাংস্কৃতিকী শিতানত ছপা হোৱা ৰবীন্দ্ৰনাথৰ এটা কবিতাৰ আধাৰত অঁকা 'নিৰ্ঝৰেৰ স্বপ্নভংগ' নামৰ ছবিৰে। তেখেতৰ প্ৰথম কবিতাপুথি 'সূৰ্য হেনো নামি আহে এই নদীয়েদি' (১৯৬৩)-ৰ প্ৰচ্ছদখনো কৰিছিল মিশ্ৰই। তাৰ পিছত ফুকনদেৱৰ ভাষ্য এনে- "কিতাপখন ছপা হৈ ওলোৱাৰ পাছত মিশ্ৰই অঁকা প্ৰায় বিমূৰ্তধৰ্মী এই প্ৰচ্ছদ চিত্ৰখনিয়ে কিছুসংখ্যক বিদ্বান লেখক পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। মহেন্দ্ৰ বৰাই 'মণিদীপ'ৰ এটা সম্পাদকীয়ত প্ৰচ্ছদখনৰ বিষয়ে লিখি মিশ্ৰক উৎসাহিত কৰিছিল। তাৰপাছত, তেওঁৰ প্ৰচ্ছদ চিত্ৰই যোৱা চাৰিটা দশক ধৰি অসমৰ লেখক প্ৰকাশকৰ অসংখ্য গ্ৰন্থ-আলোচনীক এটা শোভন ৰূপ দিছে, কিঞ্চিত পৰিমাণে হ'লেও ছবিৰ লগত সম্পৰ্ক নথকা বা ছবি চোৱাৰ অভ্যাস নথকা পাঠকৰো দৃশ্যগত কল্পনা, চেতনা দৃষ্টি ৰুচিক সমৃদ্ধ কৰিছে; এখন প্ৰচ্ছদ চিত্ৰই বিশেষকৈ মুদ্ৰণ আৰু স্পেচ বা স্থান সম্পৰ্কীয় অনেক সীমাবদ্ধতাৰ মাজত যিমানখিনি কৰিব পাৰে"।


সম্ভৱতঃ কবিতাক জনপ্ৰিয়কৰণত হীৰুদাৰ যি ভূমিকা আছিল, দৃশ্যমান শিল্পক জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত বেণু মিশ্ৰৰ ভূমিকাও তেনেকুৱাই বুলি ক'ব পাৰোঁ। "...বেণু মিশ্ৰই যোৱা চাৰিটা দশকজুৰি কৰা ড্ৰয়িং আৰু চিত্ৰায়ণৰ (Illustration) সংখ্যা হাজাৰৰ ঘৰত। ড্ৰয়িং এতিয়া শিল্পীৰ কেৱল ব্যক্তিগত অনুশীলনৰ বস্তু হৈ থকা নাই, ছবিৰ প্ৰস্তুতিমূলক অঙ্কনো নহয়, - নিজেই বিশিষ্ট এক কলা, সম্পূৰ্ণ ছবি"- এয়া ফুকনদেৱৰ কথা। একেটা সুৰতে এইখিনি কথাও গুৰুত্বপূৰ্ণ- "কল্পনা, উদ্ভাৱনী শক্তি, অঙ্কন দক্ষতা, ইমেজ ৰচনা, বৰ্ণচয়ন আৰু বৰ্ণ প্ৰয়োগেৰে অসমৰ কিতাপ-আলোচনীৰ প্ৰচ্ছদ চিত্ৰক মিশ্ৰই নতুন এটা মাত্ৰা, মৰ্যাদা দিলে। মিশ্ৰৰ আগতে শ্ৰীযুত হেমন্ত মিশ্ৰ ('ৰামধেনু'ৰ প্ৰচ্ছদ) আৰু শ্ৰীযুত ভৱানীভূতি ভট্টাচাৰ্যৰ ('নতুন কবিতা') দুখনমান প্ৰচ্ছদে অসমীয়া কিতাপ আলোচনীৰ প্ৰচ্ছদলৈ এটা নবীনতা আনিছিল। মিশ্ৰই এতিয়ালৈকে হাজাৰখন প্ৰচ্ছদ চিত্ৰ আঁকিছে। মিশ্ৰৰ প্ৰায় প্ৰত্যেকখন প্ৰচ্ছদ চিত্ৰই নয়নাভিৰাম, চিত্তাকৰ্ষক। কোনোখনৰ শিল্পগুণ, সৃজনশীল এটা মূল্যও আছে।" 

সাধাৰণ মানুহৰ সহজাত চিত্ৰকল্পৰ চেতনা, দৃশ্যগত ভাৱনাৰ প্ৰতি বুভূক্ষা আৰু শিল্পক নিজৰ আৰু সমাজৰ দাপোন হিচাপে চাবলৈ যি হাবিয়াস- তাক আজিলৈকে আটাইতকৈ ভালকৈ বুজি পালে বেণু মিশ্ৰই। আমি বুজি পাম কেতিয়া?



সমুদ্ৰ কাজল শইকীয়া, নতুন দিল্লী, ২০১৫

Samudra Kajal Saikia, A 31, 3rd Floor, Gali No. 10, West Vinod Nagar, New delhi 110092

contact: +91 9811375594, email: kankhowa@gmail.com



Monday, December 15, 2014

কৰ্মশালাৰ কৰ্ম-পদ্ধতি আৰু কাৰ্যসূচী - 'অসমীয়াত লেখা-মেলা'

Workshop Work-plan and Schedule
কৰ্মশালাৰ কৰ্ম-পদ্ধতি আৰু কাৰ্যসূচী
Axomiyat Lekha-Mela
অসমীয়াত লেখা-মেলা
An intense and intimate workshop on Creative Writing in Assamese language
for the people living in Delhi, NINE SCHOOLS OF ART, New Delhi
অসমীয়া ভাষাত সাহিত্য চৰ্চাৰ এখনি অনুষ্টুপ আৰু অন্তৰংগ কৰ্মশালা
বয়সৰ সীমা নাই পোন্ধৰ বছৰ বয়সৰ উৰ্দ্ধ আৰু অনুৰ্দ্ধ ভাগলওতা সকলৰ বাবে সুকীয়া ব্যৱস্থা আছে
কৰ্মশালাৰ দিন- ১৯, ২০ আৰু ২১ ডিচেম্বৰ, ২০১৪, সময়- প্ৰতিদিনে বিয়লি ২-ৰ পৰা ৬ বজালৈ
বৰঙণী- ২০০০ টকা
কৰ্মশালাৰ স্থান - NINE Schools of Art, 253, A/3C, 2nd Floor, Shahpur Jat, New Delhi - 110049
যোগাযোগ +91 9811375594, 9910583616, E: nine.schools.of.art@gmail.com
https://www.facebook.com/events/324297901107322/

NINE SCHOOLS OF ART
Samudra Kajal Saikia, Srishti Shreyam, Rahul Bhattacharya, Abha Sheth, Moumita Ghosh

সময় Time
বিষয় বস্তু Theme
বিষয়ৰ চমু বিবৰণ Details of Subject
১৯/ ১২/ ১৪, শুক্ৰবাৰ, প্ৰথম দিন:
"ব্ৰহ্মাণ্ডক মোৰ নমস্কা..."
২-০০ - ২-৩০
পৰিচয় শিতান/ Introduction
নাইন স্কুলছ্ অফ্ আৰ্টৰ পৰিচয় About Nine Schools of Art
২-৩০ - ৩-৩০
কৰ্মশালাৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা
Aims and Objective of the Workshop
বহিৰ্প্ৰদেশত মাতৃভাষা চৰ্চাৰ প্ৰাসঙ্গিকতা 'Mother Tongue' outside the Mother Land
দিল্লীত অসমীয়া সাহিত্য-চৰ্চাৰ খতিয়ান আৰু সম্ভাবনা
Practicing Assamese Literature in Delhi: an account and future prospects
আমি কথা পতাটো কিয় জৰুৰী- যিবোৰ কথা আমি চৰকাৰী অথবা জাতীয়তাবাদী ক্ষেত্ৰত পাতিব নোৱাৰোঁ The importance of generating a dialogue: Matters outside the Nation-State and the Regional Nationalism
৩-৩০ - ৩-৪০
চাহ tea
৩-৪০ - ৪-৪০
অভ্যাস আৰু খচৰা
Exercises, Games and drafts
মাতৃভাষা সম্পৰ্কীয় ব্যক্তিগত লেখন [ঐচ্ছিক শাখা সমূহ- আত্মজীবনীমূলক লেখা, ব্লগ-ৰাইটিং, চিঠি, এক-মিনিটৰ গল্প বা ফ্লেছ-ফিক্চন, প্রশস্তি বা বন্দনা]
Writing about Mother Tongue [elective sections: autobiographical notes, Blog writing, Letter writing, flash fiction, Ode]
৪-৪০ - ৫-১৫
অসমীয়া ভাষাৰ প্ৰয়োগ- ইতিহাস আৰু সঞ্চাৰ Applied Assamese:
History and progression
যুগ সাপেক্ষে গতি-বিধি Progression across the ages
ব্যক্তি বিশেষে গতি বিধি Characteristics of Individual Writers
বাহ্যিক কাৰকৰ প্ৰভাব- বিদেশী মূলৰ প্ৰভাব Outside influences
আর্থসামাজিক কাৰক সমূহ Socio-economic factors
৫-১৫ - ৫-৪৫
উত্তৰ-কৰ্মশালা ফলাফলৰ ৰেহ-ৰূপ সম্পৰ্কে আলোচনা Discussion on the workshop Outcome
৫-৪৫ - ৬-০০
পুণৰীক্ষণ- self evaluation
আলোচনা Discussion
আমাৰ কাপোৰ কাণি ক'লা হ'ল [happily ever after...]
২০/ ১২/ ১৪, শনিবাৰ, দ্বিতীয় দিন,
"কিন কিন হেঙুলীয়াৰ মাজত হঠাত উধাও..."
২-০০ - ২-৩০
পাঠ
Reading
ড০ বাণীকান্ত কাকতি সম্পৰ্কে ড০ মহেশ্বৰ নেওগ
Dr Maheshwar Neog on Dr. Banikanta Kakoty
পাঠ সমীক্ষা [Textual Criticism]
২-৩০ - ৩-৩০
ভাষাৰ সংজ্ঞা ১-
মানুহৰ মুখৰ মাত কথা
What is a Language I:
Spoken words of Human Race

অসমীয়া ভাষাৰ কালিকাঃ জতুৱা ঠাঁচ আৰু অন্যান্য বৈশিষ্ট্য
Characteristics of Assamese Language
প্ৰয়োগ আৰু অপপ্ৰয়োগ Uses: Phrases and Idioms
ভাষাৰ সংজ্ঞা ২ - ফৰ্মৰ নিজস্ব ভাষা
What is a Language II:
Form and Shape

বুজাপৰা- ছবিৰ ভাষা, সঙ্গীতৰ ভাষা, নাটকৰ ভাষা বুলিলে আমি কি বুজোঁ?
What do we exactly mean when we say 'language of art/ music/ theatre?'
ৰূপ আৰু বিষয়বস্তু সম্পৰ্ক Relation between Form and Content
অসমীয়া সাহিত্যত ফৰ্ম সম্পৰ্কীয় পৰীক্ষা নিৰীক্ষা
Formal experiments in Assamese Literature
মাৰ্ক্সবাদী আলোচনা আৰু অন্যান্য সমালোচনাৰ ভূমিকা
Marxist criticism and other aesthetics
৩-৩০ - ৩-৪০
চাহ tea
৩-৪০ - ৪-৪০
অভ্যাস আৰু খচৰা
Exercises, Games and drafts
একেটা বিষয়বস্তুৰ ভিন্ন ফৰ্ম বা ৰূপৰ পৰীক্ষণ
Diverged formal exercise with same given content
৪-৪০ - ৫-১৫
ননচেন্স
Let's Talk Nonsense
ননচেন্স সাহিত্য কি? What is nonsense-Literature?
ননচেন্স সাহিত্যৰ গুৰুত্ব Importance of nonsense in literature
অসমীয়া সাহিত্যত ননচেন্স সাহিত্যৰ অভাব কিয়
How and when the nonsense lost the sense?
৫-১৫ - ৫-৪৫
শিশু সাহিত্য বনাম শিশুৰ সাহিত্য Children Literature v/s Literature for Children
৫-৪৫ - ৬-০০
পুণৰীক্ষণ- self evaluation
আলোচনা Discussion
আমাৰ কাপোৰ কাণি ক'লা হ'ল [happily ever after...]
২১/ ১২/ ১৪, দেওবাৰ, তৃতীয় দিন,
"তামোলৰ ঢকুৱা, জোনাকী পৰুৱা..."
২-০০ - ২-৩০
অনুবাদ-ভাবনা On Translation
তুলনামূলক ভাষা আৰু তুলনামূলক সাহিত্য
Comparative Language and Comparative Literature
সংঘাত আৰু সম্ভাবনা, Conflict and promise
২-৩০ - ৩-৩০
ছন্দ ভাবনা Rhyme-sense
ছন্দহীনতাত অসমীয়া আধুনিকতা - বিপৰ্যয়ৰ অনন্য কাৰণ
The lost rhymes in Assamese Modernism: misfortune
ছন্দ-প্ৰকৰণ- কবিতাৰ দেহবিচাৰ Rhyme patterns: structural analysis of verses
চাৰিজন কবি আৰু বৈচিত্ৰ্য
Four most influential poets and diversity of style
হীৰেন ভট্টাচাৰ্য, নীলমণি ফুকন, বকান্ত বৰুৱা, কেশৱ মহন্ত
Hiren Bhattacharya, Nilamani Phukan, Navakanta Baruah, Keshav Mahanta
৩-৩০ - ৩-৪০
চাহ/ tea
৩-৪০ - ৪-৪০
অভ্যাস আৰু খচৰা
Exercises, Games and drafts
প্রদত্ত ছন্দ প্রকরণেরে ব্যঞ্জণ Rhythmic Games
৪-৪০ - ৫-১৫
লোক সাহিত্য Folklore
সংৰক্ষণ আৰু আৰ্কাইভৰ গুৰুত্ব Achieve
ফর্মর বৈচিত্র - সহজ অথচ অসহজ Variety of forms: easy but not so easy
সামূহিক চেতনা Collective consciousness
৫-১৫ - ৫-৪৫
অসমীয়া সাহিত্যত মেজিক ৰিয়েলিজম আৰু উত্তৰ আধুনিকতাবাদ
Magic realism and Post Modernism in Assamese Literature
৫-৪৫ - ৬-০০
পুণৰীক্ষণ- self evaluation
আলোচনা Discussion
আমাৰ কাপোৰ কাণি ক'লা হ'ল [happily ever after...]

Moderators:
Abha Seth taught at MS University of Baroda and also in at the Jawarharlal Nehru University, New Delhi. She has been exploring roots of the Saptramatrika cult. She has also been writing on contemporary art and visual culture. One of her significant contribution is counted in the book, Towards a New Art History: Studies in Indian Art edited by Parul Dave Mukherji, Shivji K Panikkar and Deeptha Achar.

Rahul Bhattacharya is an independent curator. He is an art critic and writer and was the editor of Art & Deal magazine. He has been curating many exhibitions and residencies across the country. Contemporary performance art is one of his key interest areas.

Moumita Ghosh is a woking artist based in Delhi. She works with children art education and experimented with book making.

Samudra Kajal Saikia has been writing in Assamese periodicals for more than two decades and his repertoire includes cultural criticism, art writing, stories, book reviews, poetry and writings for children. Among the new generation writers he has developed performance text or performance poetry in Assamese language. As a poet he also revived the tradition of rhymes forgotten by the modernist poets, and has written a number of sonnets. He is mostly known for cross genre experimentation, critical insights and black humor in his writings. He has two poetry collections published in Assamese language and one in Bengali. He is also an award winner playwright. 

Srishti Shreyam introduced herself as a story writer in the late 90’s across the Assamese journals and was enlisted as one of the most promising young writers in Satsori Magazine. Her second collection of short stories, ‘Azuhat’ recently got published in Guwahati. She was announcer and news reader in All India Radio and also program manager in news channel DY365. She received a fellowship by Ministry of Culture and currently working a research on Assamese Folktales.