যোৱা শতিকাৰ শেষাৰ্ধটো অন্ত্যেষ্টিক্ৰিয়াৰ যুগ। লেখকৰ মৃত্যুঘোষণা কৰা হ’ল।
চিন্তা চৰ্চাৰ ৰেডিকেল হোতা সকলে ক্ৰমে এটা এটা প্ৰচলিত বাদ মতবাদ সকলোৰে মৃত্যুঘোষণাত
উঠি পৰি লাগিল। এনে সময়ত সমালোচকৰো মৃত্যুঘোষণা হৈ গৈছে নেকি? হৈছে। এসময়ৰ সমালোচনাক
চিৰিয়াছ চৰ্চা হিচাপে লোৱা লোকৰ ক্ৰমাগত বিলুপ্তিৰ দিশলৈ চায়ো কথাষাৰ উত্থাপিত হৈছে,
আনফালে সমসাময়িক (Contemporary) কলাচৰ্চাত পৰম্পৰাগত ধাৰণাৰ সমালোচকৰ আৰু প্ৰয়োজন নাই
বুলিও মূৰ্দাবাদ ধ্বনিত হৈছে। “The Death of the Critic” (২০০৭) গ্ৰন্থত সামাজিক ক্ষেত্ৰত
ৰ’নান মেকডনল্ডে William Empson, F.R. Leavis বা Lionel Trilling-ৰ দৰে সমালোচক যে
আজিকালি দেখিবলৈ নোহোৱা হৈ আহিছে সেই কথাকেই কৈছে। সঁচা কথা যে সকলো সময়তেই সমালোচক
সকল তুচ্ছ তাচ্ছিল্যৰ পাত্ৰ হৈ আহিছে। কেতিয়াবা হাৰেমত থকা নপুংসকৰ লগত তেওঁলোকক তুলনা
কৰা হৈছে যি সকলো দেখে, সকলো জানে কিন্তু নিজে একো কৰিব নোৱাৰে, আন কেতিয়াবা আকৌ চলচ্ছিত্ৰ
সমালোচক সকলৰ উদাহৰণ দৰ্শোৱা হৈছে যি চিনেমাৰ ভাল বেয়া সকলোখিনি দেখুৱাই দিব পাৰে কিন্তু
নিজে হাতে কামে লাগিবলৈ গৈ একোখন ফ্লপ চিনেমাহে কৰি উঠিছে।
কিন্তু আজিৰ তাৰিখত সমালোচকক লৈ তুচ্ছ তাচ্ছিল্য কৰিবলৈ অসুবিধা হোৱা হ’ল
এই কাৰণেই যে সৃষ্টিশীল আৰু চিন্তাশীলৰ মাজৰ পৰম্পৰাগত ব্যৱধান কম হৈ আহিল। বিশেষকৈ
শিল্পৰ জগতত আজি শিল্পীয়েই সমালোচক, আৰু সমালোচকেই শিল্পী। আশ্চৰ্যকৰ প্ৰখৰ গতিত কলাৰ
জগতত ঘটা মূলগত পৰিৱৰ্তনবোৰৰ মাজত এটা হ’ল এই যে কলাৰ সমালোচনা এজন দৰ্শক, পাঠকৰ কাম
হৈ থকাৰ পৰিৱৰ্তে এটা অংশগ্ৰহণকাৰী কাৰ্যপন্থাহে হৈ উঠিল (a participatory
activity rather than a spectator sport)।
সমসাময়িক শিল্পকলাৰ জগতৰ এজন সমালোচক, কিউৰেটৰ ৰাহুল ভট্টাচাৰ্যক আলপতে
লগ পাওতে জনালে যে এটা পাব্লিক আৰ্ট প্ৰকল্পৰ বাবে তেওঁ নিমন্ত্ৰিত হৈছে। বিভিন্ন ঠাইত
এনে ধৰণৰ সামূহিক উদ্যোগ বোৰত সক্ৰিয় ভাবে অংশগ্ৰহণ কৰি অহা ভট্টাচাৰ্যৰ বাবে এয়া একো
নতুন কথা নাছিল, কিন্তু এটা উত্তেজনা আৰু আনন্দৰ বিষয় আছিল এয়ে যে এইবাৰ তেওঁক এজন
সমালোচক, লেখক, ঐতিহাসিক বা গৱেষক হিচাপে মতা হোৱা নাই, মতা হৈছে এজন শিল্পী হিচাপেহে।
শিল্প সমালোচনাৰ লগে লগে শিল্পকৰ্ম নিৰ্মাণৰ ক্ষেত্ৰতো ৰাহুল ভট্টাচাৰ্যই বিগত কেইবছৰমানৰ
পৰা সক্ৰিয় হৈ আহিছে যদিও এয়াই তেওঁৰ শিল্পী হিচাপে প্ৰথম স্বীকৃতি। সমসাময়িক শিল্পৰ
জগতখনত যে সমালোচক আৰু শিল্প-স্ৰষ্টাৰ মাজৰ সীমাৰেখাখিনি যে ক্ৰমশ: মচ খাই আহি শেষ
হৈ পৰিছে এই এই ঘটনাটো তাৰেই সূচক।
এটা সময় আছিল যেতিয়া শিল্পীয়ে শিল্প কৰে, সমালোচকে লিখে, কলাবিথিকা আৰু
যাদুঘৰে কিউৰেট কৰে। কিন্তু এতিয়াৰ দৃশ্যপটখন বেলেগ। এতিয়া শিল্পী নিজেই সমালোচক, নিজেই
এজন দাৰ্শনিক, নিজৰ কামৰ নিজেই কিউৰেটৰো। আধুনিকতাবাদী কালৰ সেই হোজা সহজ সৰল
(innocent) শিল্পীজন, অথবা সমাজবহিৰ্ভূত অহৌবলিয়াজন (mad) আজি আৰু নাই। ‘মোৰ কামৰ কথা
মোৰ কামে নিজেই ক’ব’ বুলি দায় সৰাৰ পৰিবৰ্তে আজিৰ শিল্পী সকল সবাক। সমসাময়িক ভাৰতীয়
শিল্পৰ ক্ষেত্ৰত পৰিস্থিতিটো গৈ গৈ এনে এটা পৰ্যায় পালেগৈ যে আজি এজন চিত্ৰকৰে আৰু
ছবি আঁকিবলৈকে বাদ দিছে, এজন ভাষ্কৰে অবয়ব গঢ়িবলৈকে এৰিছে। বৰঞ্চ তেওঁলোকে কথা পাতিবলৈ
পালেইহে যেন বেছি সুখী। [সময় আৰু স্থান সাপেক্ষে আমি ইচ্ছাকৃত ভাবে কেতিয়াবা অৱস্থান
সলনি কৰোঁ। একেটা সময়তে বিভিন্ন সময়ৰ সহাৱস্থান সম্ভৱপৰ। ভাৰতৰ দিল্লী আদি মেট্ৰ'পলি
সমূহত বৌদ্ধিক চৰ্চা এনে এক তুংগত উঠিছেগৈ যে কলা অভ্যাসে ক্ৰমশ: মেলানি মাগিছে আৰু
তাৰ স্থান লৈছে দাৰ্শনিক কথা-বাৰ্তাৰ চৰ্বিত চৰ্বনে। আমি তাৰ বিৰোধিতা কৰোঁ। আনহাতে
অসমৰ প্ৰসংগ উঠিলে আমি কওঁ যে বৌদ্ধিক কথা-বাৰ্তাৰ উন্মেষ ঘটিবলৈ যিহেতু এতিয়াও বাকি
- এয়ে সময় আমি অলপ কথা পতাটো জৰুৰী। আহক কথা পাতোঁ।]
আধুনিকতাবাদে কবি শিল্পী সকলক সমাজ বহিৰ্ভূত কৰি ৰাখিয়েই বিৰাট তৃপ্তি লভিছিল
আৰু সৃষ্টিশীল মানুহবোৰেও সেই সুযোগ লৈ নিৰাপদ অৱস্থান এটা গ্ৰহণ কৰিছিল। হয় তেওঁলোক
আছিল পগলা নহ’লে তেওঁলোক দুনীয়াৰ আও ভাও একো বুজি নোপোৱা হোজা বেছেৰা মানুহ। সৃষ্টিশীলতাৰ
পৰা বৌদ্ধিকতাৰ এটা ব্যৱধান বৰ্তাই ৰখাৰ এটা হাবিয়াস দেখা গৈছিল। কিন্তু ক্ৰমাগত ভাবে
সৃষ্টিশীল মানুহখিনিয়ে সেই অৱস্থান পৰিহাৰ কৰিলে। ছবি এখন মানে কেৱল এটা বস্তু নহয়,
ই উদ্ৰেগ কৰে এটা আলাপৰ, কথা বাৰ্তাৰ, চিন্তনৰ, এটা আলোচনাৰ। কবিতা মানেতো কেৱল এমুঠি
শব্দৰ ফুলদানি নহয়, ই এটা বাকধাৰাক সোচ্চাৰ কৰি দিব পৰা এটা শক্তি। বুদ্ধিশীল জীৱ মানুহৰ
অনুভৱ আৰু বোধ দুটা পৃথক বস্তু আৰু হৈ নাথাকিল। এনে স্থলত কবি-শিল্পী সকলে সমাজবহিৰ্ভূত
উন্মাদৰ ভাও দিয়াৰ অৱকাশ নাই। মানুহ মাত্ৰেই য’ত এটা ৰাজনৈতিক জীৱ (Political
Animal) তাত হোজা বা সৰল (Innocent) বুলি একো নাই – এই কথাটো ক্ৰমশ: প্ৰতীয়মান হৈ গৈ
থাকিল। মনৰ ভাব বুলি ভাবি থকা কথাখিনিকো কেইটামান শব্দৰ আকাৰ দিয়াটো এটা বৌদ্ধিক কাৰবাৰ।
কাগজ এখিলাত এঙাৰেৰে টনা দাগ কেইটাও এক বৌদ্ধিক কছৰৎ। ক্ৰমাগতভাবে, দৃশ্যশিল্পৰ দৃশ্যমান
গুণটোতকৈ এজন দ্ৰষ্টাক সি কেনেকৈ কোন দিশেৰে কিমান দূৰলৈকে ভবাই তুলিব পৰাৰ সামৰ্থ্য
ৰাখে সেইটোহে বেছি গুৰুত্বপূৰ্ণ হৈ উঠিল। কাব্যশিল্পৰ ক্ষেত্ৰতো শব্দচয়নৰ কুশলতা অথবা
শ্ৰুতিমাধুৰ্যৰ পৰম্পৰাগত ধাৰণাৰ পৰিৱৰ্তে আন কিছুমান প্ৰসংগই হে প্ৰাধান্য পাই থাকিবলৈ
ল’ব বুলি ভবা গৈছিল। (মন কৰিব, ভবা গৈছিল।) নহ’লেনো বাৰু 'সমপংক্তিক সমিল যৌগিক মাত্ৰাবৃত্ত'
ছন্দোবদ্ধ কবিতাবোৰে কি দোষ কৰিছিল যে এটা সময়ৰ পিছৰে পৰা কবিকূলে সেইফালে কেৰাহিকৈও
নোচোৱা হ’ল?
মন কৰা উচিত যে এক ধৰণৰ সমল বা আহিলা ব্যৱহাৰ কৰাৰ লগে লগে তাৰ লগত সংপৃক্ত
কিছু দায়িত্বও আহি পৰে। নাটক বা পাৰফৰ্মেন্স এটাত মানুহৰ তেজ দেখুৱাবলৈ ৰঙীন পানী ব্যৱহাৰ
হৈছে নে সঁচা তেজ ব্যৱহাৰ হৈছে সিয়েই পৰিবেশকৰ স্থিতিৰ সূচক হৈ উঠে। আমাৰ নাটকীয় পৰিবেশন
এটাত সংগীতৰ অংশত জড়িত হোৱাৰ সময়ত সন্দিপ সমদ্দাৰ নামৰ শিল্পীজনে কোৱা কথা এষাৰ প্ৰায়ে
মনত পৰে। তেখেতৰ পৰা গীটাৰ বাদন শিকিবলৈ আগ্ৰহী মহিলা এগৰাকীক উদ্দেশ্য কৰি তেখেতে
কৈছিল- “বাদ্যযন্ত্ৰ এটা বজোৱাটো তেনেই সহজ। আপুনি হয়তো তেনেই কম দিনতে গীটাৰ বজাবলৈকো
শিকি যাব। কিন্তু ইনষ্ট্ৰুমেণ্ট এটা শিকাৰ লগতে ইনষ্ট্ৰুমেণ্টটোৰ ইতিহাসটোও জানি লোৱাটোহে
বেছি জৰুৰী। যেনে মই হাতত লৈ থকা এইখন গীটাৰ ফ্লেমেংক’ গীটাৰ। ফ্লেমেংক’ৰ পৰা কেনেকৈ
কোনটো বাটেৰে আহি এইখন মোৰ হাতত পৰিলহি সেই ইতিহাস মই জানোঁ”। কবিতাতো একে কথা। এক
ধৰণৰ কাব্যভাষা প্ৰয়োগৰ লগে লগে তাৰ ঐতিহাসিক ভাবে সিদ্ধ চিন্তন-প্ৰণালীও অৱধৰিত ভাবে
আহি পৰে আৰু তাৰ পৰা পলায়ণ কৰাৰ বাট নাথাকে। কিন্তু সম্প্ৰতি অসমীয়া সাহিত্যৰ জগতত
চিন্তন পৰিহাৰ কৰাৰ এক ইডিঅ'চিনক্ৰেটিক মনোবৃত্তি প্ৰকাশ কৰাৰ হাবিয়াসটো আঁতৰ হোৱা
নাই, যিটো হতাশাজনক। কিছু পূৰ্বসূৰী 'ৰথী মহাৰথী'য়ে নিৰ্ধাৰণ কৰা এটা কাব্যভাষা প্ৰয়োগেৰে
কবিতা একোটা লিখি উলিয়াবৰ পৰত নতুন কবিকূল যেন একেবাৰেই চিন্তিত নহয় যে এই কাব্যভাষা
এটা ঐতিহাসিক গতিপথৰহে ফচল। দেখাত হয়তো তেনেই সুচল যেন লাগে, কিছুমান খণ্ডবাক্য বা
বাক্যাংশ দেখাতে স্বাভাৱিক যেন লাগে, চিত্ৰকল্প নিৰ্মাণৰ কিছু প্ৰক্ৰিয়া সহজাত
(Innate) যেন লাগে, ভাষাৰ প্ৰয়োগো নিভাঁজ অসমীয়া কালিকা যেন লাগে। কিন্তু গমি চালেই
বুজা যায় যে সেইবোৰ এটা এটা পৰ্যায়ত একো একোটা কাব্যজিজ্ঞাসাৰ সচেতন নিৰ্মিতিৰ ফচলহে।
মহেন্দ্ৰ বৰাদেৱৰ "নতুন কবিতা"ৰ অনবদ্য অৱতৰনিকাটোৰ এইখিনি কথালৈ
মন কৰক- "সিহঁত (নতুন কবিতা) এক ঐতিহাসিক বিৱৰ্তনৰ স্বাভাৱিক পৰিণতি। সিহঁতৰ গাত
নতুন মূল্যবোধৰ স্বাক্ষৰ আছে। মানৱীয় মূল্যবোধ গতিশীল। নতুন কিছুমান মূল্যবোধে দৃষ্টিভংগী
আৰু ৰুচিৰ পৰ্ৱৰ্তন ঘটায়। পুৰণি প্ৰকাশ-ভংগীৰে নতুন দৃষ্টিভংগী প্ৰকাশ কৰিব নোৱাৰি।"
আকৌ একে ধৰণেৰে ই এইচ গমব্ৰিচে কোৱাৰ দৰেই এইষাৰ কথাও মন কৰক - "শিল্প যদিহে কেৱল
অৰু মূলত: ব্যক্তিগত দৃষ্টিৰ বহিৰ্প্ৰকাশেই হ'লহেতেন শিল্পকলাৰ কোনো ইতিহাস নাথকিল
হেতেন।" ই এইচ গমব্ৰিচ। [If art were only, or mainly, an expression of personal
vision, there could be no history of art.] এইখিনি কথাৰ পিছত আচলতে ইডিঅ'চিনক্ৰেচীৰ
কোনো স্থান থকিব নালগিছিল। তাৰ পিছতো অসমীয়া সাহিত্যৰ পৰিমণ্ডলত ইডিঅ'চিনক্ৰেচীৰ বিস্তৰ
পয়োভৰে কি সূচায়? দায়িত্বহীনতা, ৰাজনৈতিক স্থিতিহীনতা নে পলায়নবাদিতা?
ঐতিহ্যৰ মোহ, সোণালী চতুৰ্ভূজ আদি
অসমৰ ক্ষেত্ৰত সমস্যা এটা হ'ল বহুখিনি বস্তু আৰম্ভ হোৱাৰ আগেয়েই শেষ হৈ
যায়। আধুনিকতা অসমলৈ আহিবলৈ নাপালেই, বিশ্বৰ পৰিপ্ৰেক্ষিতত সি শেষেই হৈ গ'ল। 'সমালোচনা'
মানে কেৱল যে এটা শিল্পকৰ্ম সম্পৰ্কে দিয়া ভাল-বেয়া মন্তব্য মাত্ৰ নহয়, বৰঞ্চ ই নিজেই
এক কলা, এটা Praxis, ইয়াৰো এক স্বকীয় গতিধাৰা আছে, ৰসবোধ আছে, সেই কথা উপলব্ধ হৈ উঠাৰ
আগেয়েই সমালোচকো "মৃত্যুমুখী" হ'ল।
এই মুহূৰ্তত কমল কুমাৰ তাঁতীৰ ভূমিকাটোৱেই আমাক আটাইতকৈ বেছি আপ্লুত কৰিছে
যেতিয়া আজিৰ তাৰিখত কবিতা লিখি থকা নতুন কবি সকলক লৈ তেখেত আশাবাদী বুলি বাৰে বাৰে
ঘোষণা কৰিছে। ইতিমধ্যেই ছেগা চোৰোকাকৈ তেখেতে কেইজনমান যুৱ কবি সম্পৰ্কে মন্তব্য প্ৰকাশ
কৰিবলৈ আৰম্ভ কৰিছে আৰু বুজাই যায় যে এই চেগা চোৰোকা বন্তব্য বা মন্তব্যলানিয়েই অদূৰ
ভৱিষ্যতে এটা সমালোচনাৰ ৰূপ ল’বগৈ। কিন্তু অসমীয়া কবিতাৰ ‘পৰ্বান্তৰ’ কথাষাৰৰ প্ৰতি
তেখেতৰ বিশেষ আগ্ৰহ দেখা পাইছোঁ যিটোত অলপ আঁসোৱাহ ৰৈ গৈছে। কাৰণ মহেশ্বৰ নেওগ দেৱে
“সঞ্চয়ন”ৰ পাতনিত ‘অসমীয়া কবিতাৰ কাহিনী’ লিখাৰ দৰে অথবা মহেন্দ্ৰ বৰাদেৱে “নতুন কবিতা”ৰ
‘অৱতৰণিকা’ত কৰাৰ দৰে যুগবিভাজন, পৰ্বান্তৰ আদিবোৰ অতিসাম্প্ৰতিক কবিৰ সম্পৰ্কে লিখিবৰ
সময়তো সমানেই গুৰুত্ব পূৰ্ণ হৈ নাথাকিবও পাৰে। সমস্যাটো কোনখিনিত বুজিবলৈ কৈ থওঁ যে
অলপতে জ্যোৎস্না কলিতাৰ কবিতা সম্পৰ্কে আলচিম বুলি লৈ তাঁতীয়ে এটা আলোচনাত কবিতাটো
প্ৰকাশ হোৱাৰ সময়খিনি আৰু সেই সময়ত দেখা দিয়া নতুন প্ৰতিভাধৰ সকলৰ সম্ভাৱনা আদিৰ বিষয়ে
ইমানেই সবিস্তাৰে লিখিলে যে পৰিশেষত আলচিম বুলি মনস্থ কৰা কবিতাটোৰ সম্পৰ্কে খুব কমেইহে
পঢ়িবলৈ পোৱা গ'ল। যুগ বিভাজন আৰু পৰ্বান্তৰৰ পাক-চক্ৰত পৰি যাতে কলাৰ ফৰ্মেল বিশ্লেষণ
অন্তৰ্হিত হৈ নাযায় সেইটোও এটা মন দিবলগীয়া কথা। যুগ বিভাজনৰ কথা উঠিলেও তাৰ পদ্ধতি
সম্পৰ্কেও প্ৰশ্ন উঠা উচিত। ইতিহাস লেখনৰ নতুন বীক্ষা আৰু পদ্ধতি-বিধিৰ (Methodology)
যে প্ৰয়োজন হৈ উঠিছে সেই কথাকেই বাৰে বাৰে দোহাৰিব খুজিছোঁ। ৰাজনৈতিক স্থিতিহীনতা আমাৰ
মানত সাম্প্ৰতিক অসমীয়া কবিৰ এক গুৰুতৰ সমস্যা। তাৰ লগে লগে কবিতাৰ দেহনিৰ্মাণৰ বেলা
উজু পথ নিৰ্বাচন এক বিৰক্তিকৰ প্ৰক্ৰিয়া বুলিও অনেকে ক’ব খোজে। যদি সেয়ে হয়, অসমীয়া
কবিতাৰ পৰ্বান্তৰ নিৰীক্ষণ, একো একোজন কবিৰ অৱস্থান নিৰূপণ আদিৰ প্ৰয়াসতকৈ কবিতাৰ অঁহিয়া
অঁহি ৰূপগত (Formal) বিশ্লেষণহে বেছি ফলপ্ৰসু এক্সাৰ্চাইজ হ’ব যেন লাগে।
আটাইতকৈ ভাল কথাটো হ’ল কমল আৰু প্ৰাঞ্জল শৰ্মা বশিষ্ঠ দুয়োজনেই সমসাময়িক
কবি আৰু দুয়োজনেই কথা পাতিবলৈ আগ্ৰহী। হয়তো কেৱল কবি হিচাপে একে পৰিচয় বহন কৰি মৰিবলৈ
দুয়োজনেই নাৰাজ। কমল এজন প্ৰৱন্ধকাৰ আৰু গৱেষকো। কবিতাৰ শিৰোনাম “এটা উত্তৰ ঔপনিবেশিক
কবিতা” বুলি ৰাখি সমসাময়িক আইডেণ্টিটি পলিটিক্সৰ অভিধা তেওঁ স্পষ্টকৈ গ্ৰহণ কৰিছে।
প্ৰাঞ্জল নিৱন্ধকাৰো, গল্পকাৰো। সৃষ্টিশীল আৰু চিন্তাশীল মানুহৰ ক’লা বগা বিভাজনটো
এই সময়ে আৰু যে স্বীকাৰ নকৰে সেই কথাটোৰে স্বাক্ষৰ এই দুটা নাম।
কিন্তু তাৰ পিছতো কথা বাৰ্তাত যেতিয়া কিছুমান সামন্তীয় ধূতি-নীতি আৰু ৰক্ষণশীলতাৰ
বিচৰণ দেখা পাওঁ তেতিয়াই হতাশ হ’বলগীয়া হয়। উদাহৰণ স্বৰূপে সমসাময়িক কবিতাৰ ‘অৱক্ষয়’
সম্পৰ্কে ‘উদ্বিগ্নতা’ যে একো নতুন কথা নহয় সেয়া ইতিমধ্যেই প্ৰমাণ কৰি আহিছোৱেই। এতিয়া
এই পৰিস্থিতিকে আঙুলিয়াই দেখুৱাবৰ কাৰণে যি 'অকবিতা' নামেৰে এক নতুন পৰিভাষাৰ সৃষ্টি
কৰা হ’ল সি কোনো বাকধাৰাকেই জন্ম দিয়া দেখা নগ’ল। নতুন কবিসকল অসমীয়া কবিতাৰ গৌৰৱপূৰ্ণ
ঐতিহ্যৰ প্ৰতি অনুগত নহয় বুলি বাৰে বাৰে কৈ থকাৰ ফলত কথাখিনিয়ে একধৰণৰ ৰক্ষণশীলতাৰ
সুৰহে ক্ৰমশ: গ্ৰহণ কৰিছে। এই সময়ৰ কবিতা বেয়া বুলি ক’লে আগৰ অন্য এক সময়ৰ কবিতাক ভাল
বুলি মান্যতা প্ৰদান কৰা হয়। যদি সেয়ে হয় তেনেহ’লে সেয়া সবিশেষ সবিস্তাৰে আলোচনা হোৱা
উচিত। এই মনোবৃত্তিতকৈ যোৱা শতিকাৰ মধ্যভাগৰ মহেন্দ্ৰ বৰাৰ ‘নতুন কবিতা’ সংকলণৰ কালৰ
মনোবৃত্তিয়েই দেখোন বেছি নতুনতৰ আছিল – “পৰিশেষত ক’বলগীয়া এয়ে যে, চিন্তাৰ বিশালতা আৰু আংগিকৰ বৈচিত্ৰ্যই ক্ৰমবিকাশৰ
শেষত কবিতাৰ শীৰ্ষবিন্দু চুইছে বুলি ক’লে সত্যৰ অপলাপ হ’ব। বুৰঞ্জীৰো অপব্যাখ্যা হ’ব।
জীৱন্ত কবিতাৰ বিকাশ ঘটিবই। নতুন নতুন প্ৰতিভাৰ সংস্পৰ্শত কবিতাৰ পৰিৱৰ্তন নিতৌ হ’ব”
[মহেন্দ্ৰ বৰা, অৱতৰণিকা, নতুন কবিতা, ১৯৫৬]।
সম্প্ৰতি অসমীয়া কবিতা সম্পৰ্কে কথা উঠিলেই কেইজন মান প্ৰাত:স্মৰণীয় কবিৰ
নাম আমি লওঁ আৰু কবিতা সম্পৰ্কীয় যিকোনো কথাই সেই কেইটিমান নামক কেন্দ্ৰ কৰিয়েই ঘূৰ্মুটিয়াবলৈ
লয়। সেই কবিকূলৰ সৈতে এই সময়ৰ কবিকূলৰ এটা কালনিৰ্ভৰ আৰু স্থান নিৰ্ভৰ দূৰত্ব নিৰ্মাণ
হোৱাটোৱেই ইয়াৰ সূচক। ইতিহাসত ঘটি যোৱা ঘটনা এটাৰ পৰিণাম বখানিবলৈ যেনেকৈ সহজ, ঘটি
থকা ঘটনা এটাৰ ৰেহ-ৰূপ আৰু তাৰ পৰিণাম কল্পনা কৰাটো যে সিমানেই কঠিন তাক নিশ্চয় বহলাবৰ
প্ৰয়োজন নাই। সমসাময়িক, উদীয়মান, নবীন, নতুন কবি সম্পৰ্কে আলোচনাৰ অভাৱৰ কথাখিনি নতুন
নহয়, জোৰ কৰি উত্থাপন কৰা বিষয়ো নহয়। "খালৈৰ মাছকে জুলুকিৰে ধৰা"ৰ দৰে এটা
উপমা প্ৰয়োগ কৰি মুষ্টিমেয় কবিৰ কবিতাকে সমল হিচাপে লৈ প্ৰভাত বৰাই "আশীৰ পৰৱৰ্তী
অসমীয়া কবিতা" নামেৰে এটা সুন্দৰ আলোচনা আগবঢ়াইছিল [দ্ৰষ্টব্য- "যথাৰীতি]।
এনে ধৰণৰ আলোচনা আজিও পাবলৈ টান। এই মুহূৰ্ততো গ্ৰন্থমেলাৰ বাকৰিৰ পৰা যুৱ-লেখক কে’বাজনেও
শেহতীয়া অসমীয়া কবিতাৰ সমালোচনামূলক গ্ৰন্থ বিচাৰি হাবথুৰি খাই খবৰ জনাইছে । এতিয়া
এই আলোচনা হোৱা নাই বুলি কোৱা সমস্যাটোৰ লগতে যিখিনি আলোচনা হৈছে তাৰ মাজতো সোমাই থকা
কিছুমান আঁসোৱাহৰ কথা ক'ব লাগিব। অৰিন্দম বৰকটকীয়েও 'নতুন প্ৰজন্মৰ কবিতা' (২০০৪। জুন
২০১৩-ৰ 'প্ৰকাশ' আলোচনীত সংযোজন সহ প্ৰকাশিত) লেখাত উল্লেখ কৰা কথখিনিলৈ মন কৰক-
"...সমীৰ তাঁতীৰ কবিতাই কাহানিবাই 'শোকাকুল উপত্যকা'ৰ গণ্ডী পাৰ হৈ তাৰ পিছত প্ৰতিখন
সংকলনতেই নতুন নতুন পৰীক্ষা নিৰীক্ষাৰে অসমীয়া কবিতাক চহকী কৰিছে। কিন্তু এতিয়াও আমি
যুদ্ধভূমিৰ কবিজনতেই তেওঁক সীমাবদ্ধ কৰি ৰাখিব বিচাৰোঁ।" আকৌ, "...একে ধৰণেৰে
জীৱন নৰহেও "টাৰি-ৰি" (১৯৯৯)ৰ দৰে সংকলন লিখি উলিয়াইছে, ...কিন্তু এতিয়াও
আমি পকাধানৰ কবিজনকে বিচাৰি ফুৰোঁ। পাঠক আৰু সমালোচকৰ এই স্থবিৰ মানসিকতাত ভৱিষ্যতৰ
অসমীয়া কবিতা বুলি অধিক কিবা আশা কৰিব পাৰি নে?"
মানে সাৰাংশ উলিয়াবলৈ গ'লে, এহাতে আছে আলোচনা-বিলোচনা নাই বুলি এটা অভিযোগ
আৰু আনহাতে আছে যিখিনি কথা বতৰা হৈছেও তাত ৰৈ গৈছে এক স্থিতৱস্থাৰ মোহগ্ৰস্থতা। এই
দুয়োটা প্ৰসংগৰে প্ৰতি সমান্তৰাল ভাবে দৃষ্টি আকৰ্ষণ কৰাটো জৰুৰী।
সহজে উপলব্ধ সমলৰ ভিত্তিতে কথা পাতি থকাটো আলোচক, সমালোচক বা গৱেষক কাৰো
বাবেই তৃপ্তিৰ কথা হ’ব নোৱাৰে। ত্বৎস্বত্বেও তেনে এটা পৰিবেশৰ সৃষ্টি কিয় হৈছে সি এক
গুৰুতৰ প্ৰশ্ন। কেনেবাকৈ অসমীয়া কবিতা সম্পৰ্কে কথা বতৰাত যিমানেই সমস্যাৰ কথা উনুকিয়াই
নাথাকোঁ কিয়, পদ্ধতিগত আলোচনাৰ বেলিকা আচলতে আমি এটা সুবিধাজনক আলস্যৰ পৰিবেশ বা ‘কমফ’ৰ্ট
জ’ন’ হে তৈয়াৰ কৰি লৈছোঁ নেকি?
সি যি কি নহওক, দৈনিক জনমভূমিত প্ৰকাশিত এটা সাক্ষাৎকাৰত নীলিম কুমাৰে নতুন
কবি সকলে পূৰ্বজ কবি সকলক নাজানে বুলি আক্ষেপ প্ৰকাশ কৰি কৈছিল যে এতিয়ৰ নতুন প্ৰজন্মৰ
এনে বহু যুৱ-কবিক তেখেতে লগ পাইছে যিয়ে হীৰেণ ভট্টাচাৰ্য, অজিৎ বৰুৱা বা নীলমণি ফুকনৰ
নামেই শুনা নাই। নীলমণি ফুকনৰ জন্মদিনৰ দিনা তেখেতে আকৌ এবাৰ ঘোষণা কৰিলে যে “নীলমণি
ফুকনৰ কবিতা নপঢ়াকৈ কোনো কবি হ’ব নোৱাৰে”। কথাখিনি শুনিবলৈ ভাল, সহমত পোষণ কৰাৰ যুক্তিও
আছে। কিন্তু আমি দেখি অহা অসমীয়া নতুন কবিৰ কবিতাৰ সংকট এইখিনি কথাৰ লগত নিমিলে। বৰঞ্চ
সম্পূৰ্ণ বিপৰীত ভাবে, জনদিয়েক ‘চুপাৰষ্টাৰ কবি’ৰ কবিতাৰ অধিক পঠন আৰু তাৰ ফলশ্ৰুতিত
কিছু বাচিক আৰু আংগিক চৰ্বিত চৰ্বন হে সাম্প্ৰতিক অসমীয়া কবিতাৰ সংকট। প্ৰায় ডেৰ দুই
দশকমানৰ আগতেই বাতৰি কাকতৰ পৃষ্ঠাভৰাই দেধাৰ কবিতা প্ৰকাশ কৰাৰ এটা জোৱাৰ উঠিছিল। তেতিয়া
আমি কলেজীয়া কেইজনমানে ধেমালীৰ ছলেৰে কিছুমান খেল খেলিছিলোঁ। এটা খেল আছিল যে কবিতাৰ
পৃষ্ঠাটোত য'তেই "সেউজীয়া" শব্দটো আছে ত'তেই এটা আঁক মাৰিব লাগিব। তেতিয়া
গোটেই পৃষ্ঠাটোৱেই ফুলাম হৈ উঠিছিল। এসময়ত কেনেবাকৈ সেউজীয়া শব্দটো অসমীয়া কবিতাৰ বাবে
অপৰিহাৰ্য যে হৈ উঠিছিল এই ঘটনা তাৰেই প্ৰমাণ। কেনেকৈ বহুল ব্যৱহৃত শব্দ, বাক্যাংশ
আৰু উপমাৰে সমসাময়িক কবিতা ভাৰাক্ৰান্ত এয়া তাৰেই প্ৰমাণ। ক্লীছে সম্পৰ্কে সচেতন নহ’লে
কবিতাৰ উত্তৰণৰ বাট নাথাকিব। কবিতা এটা লিখাৰ পিছত এইটো কিয় এনেকৈ লিখা হ'ল আৰু কিয়
তেনেকৈ লিখা নহ'ল - এই সৰু প্ৰশ্নটো কৰিলেই বহুখিনি কথা উদ্ৰেক হ'ব। নৱকান্ত – হীৰেণ
- অজিৎ - নীলমণি – এই সোণলী চতুৰ্ভূজৰ কবিতা নপঢ়াকৈ কোনো যুৱ কবিয়ে যদি সঁচাকৈয়ে কবিতা
লিখিবলৈ আগবাঢ়িছে তেনেহ’লে ব্যক্তিগত ভাবে মই সেই কবিৰ কবিতা পঢ়িবলৈ আগ্ৰহী। ঐতিহ্যৰ
প্ৰতি আনুগত্য আৰু সম্ভ্ৰম যদি কবিতা আৰু শিল্পৰ ইপ্সিত হয়, ঐতিহ্যক মষিমূৰ কৰি এক
ৰেডিকেল মানৱ চিন্তনৰ পদ্ধতি উদ্ৰেক কৰাৰ দায়িত্বও কিন্তু কবিতাৰ আৰু শিল্পৰেই। কিন্তু
আমাৰ সমালোচনাই অথবা কথা বাৰ্তাই তাৰ অপেক্ষা নাৰাখে।
একেসুৰীয়া কথাৰ চৰ্বিত চৰ্বন বা অতি বেছি ক্লীছেৰ প্ৰয়োগ আৰু আত্মতৃপ্তিয়ে
কৰিছে কি কবিতা এটাক এটা ডিছকোৰ্ছ হিচাপে গা কৰি উঠিবলৈ সুবিধা কৰি দিয়া নাই। সমালোচনা
আৰু কথা বাৰ্তা জৰুৰী বুলি যেতিয়াই কৈছোঁ তেতিয়াই মনত ৰখা উচিত যে এই কথা-বাৰ্তা সৃষ্টিশীল
কাম এটাৰ মাজেৰেও হ'ব পাৰে। প্ৰতিজন কবিয়ে আৰু শিল্পীয়েই শিল্পকৰ্ম বাদ দি সমালোচনা
সাহিত্য লিখিবলৈ আৰম্ভ কৰক সেই কথা কোৱা হোৱা নাই। পৰফৰ্মেন্স এটাৰ পাঠ (text) বুলিলে
এটা নিৰ্দিষ্ট সময় আৰু স্থান সাপেক্ষে ঘটি থকা ঘটনা এটাই পাঠ। সি নিৰ্ভৰ কৰে পঢ়োতাৰ
ওপৰত। পাঠ মানে কেৱল লিখিত শব্দ সমষ্টিয়েই নহয়। সাম্প্ৰতিক কবিতায়ো কেৱল এটা কবিতা
হৈ নাথাকি তাৰ উৰ্ধলৈ গৈ এটা পাঠ নিৰ্মাণ কৰিছে নে নাই সেইটো এটা গুৰুত্বপূৰ্ণ কথা
হৈ উঠিছে আজিৰ তাৰিখত।
উদাহৰণ হিচাপে অজিৎ বৰুৱাৰ কবিতাখিনিয়েই একোটা সমালোচনা (Critique) বুলি
ল'ব পাৰি। তেখেতৰ পদ্যৰ পাছৰ কাব্য" বা অন্যান্য গদ্যলানিৰ কথা কোৱা হোৱা নাই।
অসমীয়া কবিতা বহুলাংশে লীৰিকেল। যুগ বিশেষে বা ব্যক্তিবিশেষে কাব্যৰীতিত বিস্তৰ ব্যৱধান
থাকিলেও লীৰিকেল গুণটো এটা উমৈহতীয়া চৰিত্ৰ। দ্বিতীয়তে পপুলাৰ আৰু মাছ পৰ্যায়ত সমালোচনাত্মক
কথা-বাৰ্তাৰ কিছুমান ধূতি নীতিয়েও আমাৰ কাব্য-বীক্ষা সীমিত কৰি ৰাখিছে। যেনে কবিতাত
মাটিৰ গোন্ধ (?) থাকিব লাগে, কবিতাত সামজিক দায়বদ্ধতাৰ প্ৰকাশ ঘটিব লাগে, ইত্যাদি।
এনে কথাবাৰ্তাৰ ভাসমান পৰিস্থিতিতেই প্ৰণৱ কুমাৰ বৰ্মনৰ দৰে কবিৰ জন্ম আৰু জনপ্ৰিয়তা
লাভ। কিছু লোকে অলপ ৰেডিকেল সুৰ এটা শুনা পালেও তেওঁৰ কবিতা সমূহ সামগ্ৰিক ভাবে লীৰিকেল
আৰু মাজৰ পৰা এশাৰী দুশাৰী তুলি আনি উদ্ধৃতি দি প্ৰেমপত্ৰ লিখিব পৰা ধৰণৰ।
"দুখৰ অৰণ্য নাথাকিলে
ক'ত আহি জিৰাবহি সুখৰ চৰাই !"
"নিজক হেৰুৱাবলৈ কিবা জানো অজুহাত লাগে ?
নিজক ওভোতাই পাবলৈ আমাৰ কতযে অজুহাতৰ সন্ধান !!"
"হৃদয়খন শিল কৰি ৰাখি
কি লাভ ?
তুমিতো আইনাৰ ঘৰত নাথাকা!!"
"তুমি মোৰ ৰ'দঘাই দিনৰ উমাল উম
তোমাৰ ভালপোৱাৰ সমাধিত চিৰকাল শুম।"
"বৰষুণৰ দিনবোৰত তোমালৈ
মনত পেলাম আৰু অকলে তিতিম..."
"দুখৰ পতাকাতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান !!"
বিস্তৰ জনমানসক লক্ষ্য কৰি ল’বলৈ হ’লে কবিতাত এক ধৰণৰ এলিটিজম বৰ্তাই ৰখা
যে আৰু সম্ভৱ নহয় সেই কথা স্বীকাৰ কৰোঁ। কিন্তু সেই জনমূখীতাই দাবী কৰে অধিক দায়িত্ববোধ
আৰু কছৰৎ। তাৰেই অভাৱত উৎপন্ন হোৱা ক্লীছেৰ কথা ভাবিয়েই এসময়ত এচাম মুষ্টিমেয় মানুহৰ
মাজতে কবিতাৰ চৰ্চা থকা উচিত নেকি বুলি হীৰেণ গোঁহায়েও কথাষাৰ উলিয়াবলৈ বাধ্য হৈছিল।
মাছ (Mass) কালচাৰ বা জনপ্ৰিয় কৃষ্টিৰ প্ৰসংগৰ আওতাত আলোচনা কৰিবলৈ কথাখিনি মনে প্ৰাণে
বিচাৰিলেও অলপ অসুবিধা ৰৈ যায়, কবিতা যে মূলগত ভাৱে সম্ভ্ৰান্ত আৰ্টেই! তাৰ পিছতো কবিতা বিষয়ক কথাবাৰ্তা সাহিত্যৰ আওতাতে
নাথাকি অন্যান্য সাংস্কৃতিক পৰিমণ্ডলৰ পৰিপ্ৰেক্ষিততো বিশ্লেষিত হওক আমি তাকে বিচাৰোঁ।
মাল্টিডিছিপ্লিনেৰী অধ্যয়ণৰ কথাবোৰ কেৱল বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক পৰিমণ্ডলতে আৱদ্ধ
হৈ নাথাকক।
সমান্তৰাল ভাবে স্বীকাৰ্য যে অসমীয়া ভাষাৰ, সাহিত্যৰ আৰু বিশেষকৈ কবিতাৰ
লেখন পঠনত জৰিত মানুহখিনিয়েই এটা বিশেষ শ্ৰেণীৰ অন্তৰ্ভূক্ত আৰু এই শ্ৰেণীটো ম'ন'লিথিক
(Monolithic)। ইয়াত বৰগীত গোৱা, 'অসমীয়া আধুনিক গীত' গোৱা আৰু বিহু 'গীত' গোৱা গায়ক
একেজনেই। অপৰপক্ষত, উচ্চ আৰু নিম্ন সকলো পৰ্যায়ৰ গীত শুনি মূৰ দুপিওৱা শ্ৰোতাও
(Spectator) আচলতে একেজনেই। ইয়াৰ মাজতে এলিট আৰু পপুলাৰ বুলি দুটা বিভাজন কৰাটো কিমানদূৰ
সম্ভৱপৰ সেয়া এক জটিল প্ৰশ্ন। এটা মূলসুঁতিত অৱস্থান কৰি পপুলাৰ পৰ্যায়লৈ গমণ কৰাৰ
পৰিণতিখিনিও কেতিয়াবা হাস্যকৰ কেতিয়াবা অস্বস্তিকৰ। অসমৰ আটাইতকৈ জনপ্ৰিয় আৰু প্ৰভাৱশালী
(জনসংখ্যাৰ ফালৰ পৰা) কবিজন সম্ভৱ আমাৰ আটাইৰে মৰমৰ হীৰুদা। সেই সূত্ৰে হীৰুদাৰ উত্তৰসূৰীও
দেধাৰ। জনপ্ৰিয় হোৱাৰ কিছুমান আইৰণি হীৰুদাৰ কবিতায়ো ভালেকৈয়ে ভূগিছে। উদাহৰণ স্বৰূপে
“মৃত্যুওতো এটা শিল্প” এই বাক্যংশই সম্ভৱ অসমীয়া ভাষাত আটাইতকৈ বেছি বাৰ আটাইতকৈ বেছি
ভাবে ভুলকৈ ব্যাখ্যা (মিছইণ্টাৰপ্ৰিটেচন) হোৱা কবিতা। মুখ ফুটাই নক’লেও হ’ব যে আমি
“বিষ্ময়” নামৰ অসমৰ জনপ্ৰিয় আলোচনীখন এটা বিশেষ কাৰণত শেষ পৃষ্ঠাৰ ফালৰ পৰাহে পঢ়িবলৈ
আৰম্ভ কৰোঁ। বহুদিনৰ আগতে দেখা মনত আছে “বিষ্ময়”ৰ শেষ পৃষ্ঠাত আছে অৰ্ধ-উন্মুক্ত বক্ষৰে
সৈতে মেডোনাৰ ফটো এখন। তাৰ তলতে এটা কেপচন – “আৱৰণ খুলি হৃদয় জুৰায়”। হীৰুদাৰ কবিতাই
এনেকৈয়ে স্থানন্তৰত বেলেগ বেলেগ মাত্ৰা পাই আহিছে। জনপ্ৰিয় হোৱাৰ আইৰণি এইখিনিতেই।
প্ৰায় একে ধৰণেৰেই কলকাতাত এখন যৌনোদ্দীপক সুৰসুৰণি তোলা হোৰ্ডিঙত লিখা দেখা পাইছিলোঁ
ৰবীন্দ্ৰ সংগীতৰ একাংশ – “চক্ষে আমাৰ তৃষ্ণা, তৃষ্ণা আমাৰ বক্ষ জুড়ে”।
ধেমালী বাদ দি, বৰ্মনক পপুলৰ ভাগত ৰাখিবলৈ যাওতে সমস্যাটো হ'ল সেই একেখিনি
মানুহেই 'অসমীয়া কবিতাৰ কাহিনী'ৰ ইপ্সিত স্পেকটেটৰ। ফলত জনমুখীতা অথবা মাছ-কালচাৰ আৰু
পপুলাৰ-কালচাৰৰ আওতালৈ আচলতে সেইবোৰ সোমাবৰ বাট নাথাকিল। আনহাতে ঘটনা ক্ৰমে ঘটিল কি,
"তুমি কি খাই ভাল পোৱা পেপচি নে মিৰাণ্ডা" বুলি প্ৰশ্ন কৰা একধৰণৰ পুৰুষতান্ত্ৰিক
আৰু পৌৰুষিক কথন ভংগী কেতিয়া কেনেকৈ অসমীয়া নতুন কবিৰ মাজলৈ আমদানিকৃত হ'ল সেয়া লীৰিকেল
ভাবলুকতাৰ মাজতে লুকাই থাকিল। এসময়ত "আমেৰিকা আমাৰ বাবে ঘৃণণীয় শব্দ" বুলি
এক ৰাজনৈতিক স্থিতি গ্ৰহণ কৰি তাৰ পিছত আকৌ সাম্প্ৰদায়িক আৰু সৰ্বগ্ৰাসী
(totalitarian) দলীয় ৰাজনৈতিক প্ৰপাগণ্ডা গ্ৰহণ কৰাৰ স্থিতিস্থাপকতাও লীৰিচিজমৰ আঁৰত
ঢাক খাই থাকিল।
এই দৃশ্যৰ বিপৰীতে দেখা গৈছিল অজিৎ বৰুৱাৰ কবিতাই এটা লীৰিকেল গুণ ৰহিত
ক্ৰিটিক আগবঢ়াই থৈ গ'ল কবিতাৰ মাধ্যমেৰেই। যদি কবিতাৰ পঠনে পাঠকক এক্ষন্তেক ৰৈ কাব্যধাৰাৰ
ইতিহাস আৰু সমসাময়িকতাক লৈ এবাৰো ভাবিবলৈ বাধ্য কৰায় তেন্তে তাতেই এটা ক্ৰিটিক সোমাই
আছে। এইখিনিতেই আৰু অলপ কথা উনুকিয়াই থওঁ। অলপতে প্ৰাঞ্জল শৰ্মা বশিষ্ঠৰ কে'বাটাও কবিতা
একেলগে পঢ়িছিলোঁ। তেতিয়াও বিচাৰি আছিলোঁ- কবিতাখিনিৰ
মাজেৰেই কিবা এটা ক্ৰিটিক তেওঁ সচেতনে অথবা অজানিতেই আগবঢ়াব খুজিছে নেকি? বিপ্লৱ নাই।
‘কবিৰ সামাজিক দায়বদ্ধতা থাকিব লাগে’ জাতীয় ধূতিনীতি পালন কৰি কৰা তৰল বিপ্লৱৰ আস্ফালন
নাই। প্ৰতিবাদী কাৰ্যসূচীত দেৱাল লিখন সম্ভৱ নহয়। প্ৰেমৰ কবি বুলি খ্যাত হোৱাৰ দুৰ্বাৰ
বাসনাও কবিৰ নাই। তেওঁৰ কবিতাবোৰ unquotable, মাজৰ পৰা এশাৰী দুশাৰী উদ্ধৃতি দি প্ৰেমপত্ৰ
লিখিব নোৱাৰি। তেখেতে প্ৰকাশ কৰিব খোজা এখন
কিতাপ নীলমণি ফুকনৰ প্ৰতি উৎসৰ্গিত হ’লেও এটা জিনিঅ’ল’জি পোহপাল দিবৰ সচেতন প্ৰয়াসো
নাই। প্ৰাঞ্জল শৰ্মা বশিষ্ঠৰ কবিতাত একোৱেই নাই। সমসাময়িক কবি হিচাপে নিজকে প্ৰতিষ্ঠা
কৰাৰ যেন কোনো খৰখেদা নাই। বৰঞ্চ সহজ কথা এষাৰ সহজ ভাবে কেনেকৈ ক’ব পাৰি তাৰেই কছৰৎ।
ক’ম ক’ম বুলি ভাবি থকা কথা এষাৰ কেনেকৈ ক’ম? এয়ে হয়তো কবিতাৰ মৰ্ম। এতিয়া সমস্যাটো
হ'ল এইখিনি কবিতাক লৈ কথা পাতিবলৈ আমাৰ হাতত সমালোচনাৰ কোনো মাপকাঠিও নাই।
অলপতে এজন তৰুণ কবিৰ প্ৰথমখন কিতাপৰ পাতনিত প্ৰাঞ্জল শৰ্মা বশিষ্ঠই আগবঢ়োৱা
কিছু কথা এইখিনিতে তুলি দিয়াটো উচিত বুলি ভাবিলোঁ। কাৰণ এইখিনি কথাতেই সমসাময়িক অসমীয়া
কবিতাৰ গোটেই ছবিখন নিয়াৰিকৈ সাঙোৰ খাই আছে। "ক’ব খোজা কথাখিনি সাম্প্ৰতিক অসমীয়া
কবিতা সম্পৰ্কীয় এটা ইতিবাচক মন্তব্যৰে আৰম্ভ কৰিবলৈ ভাল পালোঁহেঁতেন ... কিন্তু আমাৰ
প্ৰতীতি সংশয়ৰ ছায়াত ভালেখিনি আন্ধাৰছটীয়া" বুলি কৈ প্ৰাঞ্জলে লিখিছে -
"প্ৰথম কথা, আমাৰ বহু ৰথী ক্লান্ত ǀ সাঁতোৰবিদসকলে গতিপথৰ
একোটা মূৰত সাউৎকৈ একোটা ওলোটা খৰ মাৰি অহা বাটেৰে উভতি যোৱাদি এই ৰথীসকলেও একো একোটা
ওলোটা খৰ মাৰি ওভতনি বাট লৈছে ǀ একোটা ওলোটা খৰ
দৃষ্টিনন্দন, তথাপি সি ওলোটা খৰেই ǀ চিনাকি বাটতে তেওঁলোকে
ৰথ-চালনা কৰি আছে ǀ দ্বিতীয়তে, বহু তৰুণ সেনাই অস্ত্ৰ-চালনাৰ
পাঠ আয়ত্ব কৰিছে আন্ধাৰত, অস্ত্ৰ-চালনাও কৰিছে সেই আৰ্ণ’ল্ডে কোৱা ধৰণে আন্ধাৰতে ǀ দুয়োটা
কথাৰ বাবে আমি সমাজখনকে দায়ী কৰোঁ ǀ আমাৰ সমাজত এতিয়া
কেইবাটাও সমস্যা ǀ মানুহে নিজা নিজা বৃত্তত বাস কৰাটো এতিয়া
এটা ডাঙৰ সমস্যা হৈ থকা নাই ǀ নিজা নিজা বৃত্তবোৰ
সৰু হৈ অহাৰ পাছতো সেইবোৰ সুন্দৰ বুলি সোনকালে আশ্বস্ত হ’ব পৰাটোহে এতিয়া ডাঙৰ সমস্যা
হৈ উঠিছে ǀ এই সমস্যাই উৎকৰ্ষ আহৰণৰ প্ৰচেষ্টা বহুপৰিমাণে
ব্যাহত কৰিছে ǀ বৃত্তবোৰ সঁচাকৈয়ে সুন্দৰ বুলি আনক বুজাবলৈ
চেষ্টা কৰাটো সহজ হোৱাটোও হৈ উঠিছে আন এটা সমস্যা ǀ তৃতীয়
সমস্যা এটাও আছে ǀ অযুক্তিকৰ, হেঁচা মাৰি ধৰা ধৰণৰ নীতি-নিয়ম,
প্ৰাধিকৰণ আদিৰ বিপক্ষে বা প্ৰতিৰোধকল্পে বিখণ্ডনৰ পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজন নুই কৰিব
নোৱাৰি, কিন্তু তেনে কৰিবলৈ যাওঁতে যুক্তিপূৰ্ণ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল হৈ ৰোৱাটো
দৰকাৰী ǀ পিছে আমাৰ সমাজত কি হৈছে— এটা অনাহক উলাই
আৰু পেংলাইৰ পৰিৱেশ গঢ়ি উঠিছে ǀ তৃতীয় সমস্যাটোৰ
সৃষ্টি হৈছে ইয়াৰ ফলতেই ǀ যুক্তি-অযুক্তিৰ
বিচাৰ সৰু সৰু বৃত্তবোৰৰ পৰা কৰা সম্ভৱনে ?" [উৎস- সাগৰ সৌৰভৰ "ৰঘুমলা",
২০১৬, কিতাপৰ পাতনি]
কথাখিনিত আচলতে নতুন বুলিবলৈ একো নাই। প্ৰাঞ্জলৰ কথাখিনিৰ সৈতে আমি সহমত।
কিন্তু নতুন কবিৰ সংখ্যাৰ মাত্ৰাধিক্য আৰু সেইসমূহৰ তৰলতাত এচাম মানুহৰ উদ্বিগ্নতা
বেজবৰুৱাৰ দিনৰে কথা। অন্তত: অসমীয়া কবিতাৰ ইতিহাসত এই একেটাই পৰিস্থিতি সকলো সময়তেই
আছিল। ‘বাঁহী’ কাকতলৈ কবিতাৰ নামত অহা ৰোমাণ্টিক কবিতাৰ অত্যাচাৰ সম্পৰ্কে বেজবৰুৱাই
কোৱা কথাখিনিলৈ মন কৰক- “লেখাৰু সকলৰ পৰা কবিতাৰ
নামত চলাব খোজা ইমান পদ্য প্ৰবন্ধ বা অপ্ৰবন্ধ আহে যে তাক কি কম৷ পুৱা তেওঁ তেওঁৰ ডাক
মেলিলেই এবুৰি-আদবুৰি তেনে বস্তুক তেওঁ মুলাকাত দিবলগীয়াত পৰে৷ একো একো দিনা এনে কাৰ্য্যৰ
বঢ়াবঢ়ি ইমান হয় যে বেজাইৰ কথা হৈ উঠেগৈ (বেজবৰুৱা-গ্ৰন্থাৱলী, দ্বিতীয়, পৃ. ১৮৬৪)৷”
ড০ অঞ্জল বৰাই “কৃপাবৰ বৰুৱাৰ দৃষ্টিত কবি আৰু কবিতা” নামৰ এটি আলোচনাত
কবি আৰু কবিতা সম্পৰ্কে বেজবৰুৱাৰ বক্তব্য তিনিটি লেখাৰ আলমত আগবঢ়াইছে। ‘কবি-বিভ্ৰাটৰ
ফুৰফুৰণি’ (পৃ. ১৪৭৮-৮১) নামৰ ৰচনাখনত লম্বাই শৰ্মা নামৰ চৰিত্ৰই বৰবৰুৱা নামৰ এজনক
কৈছে- “কবিতা লেখাটো তেওঁৰ বায়ু বেমাৰৰ নিচিনা, … বোলে লেখে লেখক, তাত কাৰো হানি-বিঘিনি
নাই৷ কিন্তু তেওঁৰ সেই নৰিয়া নে খোচৰা ব্যাধিটো লোকৰ গাত তেওঁ লগাবলৈ যায় কিয়? বাটৰ
বাটৰুৱাক ধৰি তেওঁ তেওঁৰ কবিতা শুনাবলৈ যায় কিয়? এইটো ন্যায়তঃ, ধৰ্ম্মতঃ লোকৰ ওপৰত
বলাত্কাৰ নহয় নে?” আকৌ আজি যেনেকৈ চ’চিয়েল মিডিয়াত নিৰ্বিচাৰে কবিৰ সংখ্যা বাঢ়িব লাগিছে
বুলি অভিযোগ উঠে, ঠিক তেনেকৈয়ে সেই কালতে চৰিত্ৰটোৱে কৈছে - “ডাঙৰীয়াই জানে দেখি কওঁ
যে আজিকালি আমাৰ দেশত মাহেকীয়া কাকত বঢ়াৰ লগে লগে কবিতাৰ এপিডেমিকও বাঢ়ি আহিছে৷ এঙে
বোলে মই কবি, বেঙে বোলে মই কবি, আৰু দেখাক দেখি চেঙেও বোলে মই বা কবি নহম কেলৈ?”
তাহনিতে ‘বাঁহী’ কাকতলৈ অহা ডেকাল’ৰাবিলাকৰ
‘প্ৰেম কবিতা’বিলাকৰ বিষয়ত বেজবৰুৱায়ো কৈছিল “উঠি অহা ‘মন্দকবি যশঃ প্ৰাথী’ ডেকাসকলে
কবিতা লিখিবলৈ হেপাহ কৰিছে লেখক৷… কিন্তু এনে অনেক বিষয় আছে, যিবোৰ বিষয়ে তেওঁলোকে
লেখিবলৈ চেষ্টা কৰিলে কিছু দূৰ কৃতকাৰ্য্য কিজানি হ’বও পাৰে৷ --- তাকে নকৰি যদি তেওঁলোকে
কাৰ আৰ্হি লৈ কব নোৱাৰোঁ কোন গাভৰুৱে তেওঁলোকক নঙলামুখত দেখি বেকাকৈ চাই গ’ল, কোনে
তেওঁলোকৰ জলপানত গুৰ অকণমান পেলাই দিওঁতে মিচিকিয়াই হাঁহি মাৰি তেওঁলোকক আধামৰা কৰি
থৈ গ’ল, এইবোৰ বখানি কবিতা বুলি পদ্য লেখি নিজৰ সময় আৰু শক্তিৰ অপব্যয় কৰি থাকে, তেন্তে
ঠিক কৈছোঁ-ডেকা কালৰ এই শ্ৰেণীৰ কবিতা মই কাঠ-সংস্কাৰ কৰিলোঁ (বেজবৰুৱা-গ্ৰন্থাৱলী,
দ্বিতীয়, পৃ. ১৮৬৪)৷”
১৯৮৬ চনতে লেখা “কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা”ত ড০ হীৰেন গোঁহাই দেৱে
তৎকালীণ অসমীয়া নতুন কবি সম্পৰ্কে মন্তব্যটিয়েও একে কথাকেই কয়, "... কিন্তু পৰিতাপৰ
বিষয় যে অসমত এতিয়াও কেৱল হৃদয়ৰ ঐশ্বৰ্যৰে কবিতাৰ বেদী ওপচাবলৈ চেষ্টা চলি আছে। বিশেষকৈ
ডেকাচামৰ ভালেমান কবিৰ কবিতাত এনে দৃষ্টিকোণ দেখা যায়। ফলত ক'ৰবাত কেতিয়াবা যদি তেওঁলোকৰ
কবিতাত হঠাতে অভিনৱ অনুভূতি-উপলব্ধিয়ে বিজুলিয়াই গৈছে, বেছিভাগ ক্ষেত্ৰতে চকুত পৰে
আমনি লগা পুনৰাবৃত্তি, যান্ত্ৰিক নিৰ্জীৱ বহুব্যৱহৃত বাক্যাংশ(cliche)ৰ বোজা, আৰু অসাৱধান
তথা অসফল পৰীক্ষা। কেৱল হৃদয়ৰ ওপৰত নিৰ্ভৰ কৰিলে এনেবোৰ বিফলতা তেওঁলোকৰ নিজৰ চকুতে
নপৰিব।"
হয়তো এই একেখিনি পৰিস্থিয়েই আগলৈকো সকলো সময়তে দেখা পাই থাকিম। কিন্তু সেইবুলিয়ে
হুমুনিয়াহ কাঢ়ি থকাতেই কথা শেষ হ'ব নোৱাৰে। এতিয়ালৈকে পাতি থকা কথাখিনিত বহুখিনি প্ৰসংগ
অনুষংগ সোমাই আছে। আটইখিনি কথা একেলগে পাতিবলৈ গ’লে খেলিমেলিহে হ’ব। কথা হ’ল, সাম্প্ৰতিক
অসমীয়া কবিতাই আমাক এক ধৰণৰ অতৃপ্তি দিয়াটো হয় নে নহয়? উত্তৰ – হয়। কিন্তু এই কথা প্ৰমাণিত
যে সকলো যুগতে কথাটো একেই। কিন্তু এই সময়ত মধ্যমগত বৈচিত্ৰ্য আৰু বাক-প্ৰকাশৰ বিস্তৰ
সুবিধাৰ ফলত এক এৰাব নোৱাৰা ধামখুমীয়াৰ সৃষ্টি হৈছে।
কথাখিনি ইমান জটিল নহ’লহেতেন, লিখিবলৈ বহি নিজেই নিজৰ মাজতে জোটা-পোটা খাব
লগীয়া অৱস্থা এটা নহ’ল হেতেন যদিহে “মমতাৰ চিঠি” অথবা “সাগৰ দেখিছা” সম্পৰ্কে “ইয়াত
কবিয়ে ক’বলৈ বিচাৰিছে যে” বুলি আৰম্ভ কৰি এবকলা লিশ্লেষণ কৰিবলৈ বহিলোহেতেন। সমল নিৰ্বাচন
(material) আৰু পদ্ধতি-বিধি (Methodology) দুয়োটা কথাই সেইকাৰণে অতি বেছি গুৰুত্বপূৰ্ণ
কাৰবাৰ আৰু মূলগতভাবে ৰাজনৈতিক।
সমসাময়িক অৱস্থা এটাক লৈ কথা পাতিবলৈ সদায়ে সকলো সময়তে অসুবিধা হয়। প্ৰখৰ
দূৰদৃষ্টি আৰু বিচক্ষণ পৰ্যবেক্ষণ ক্ষমতা ব্যতিৰেকে সি সম্ভৱ নহয়। কিন্তু তাৰ লগে লগে
আৰু কিছুমান সমস্যাৰ কথা পাতিব লাগিব যিখিনি আৰু বেছি জটিল হৈ উঠিব পাৰে যদিহে পাতি
থকা কথাখিনি সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কীয় হয়। শিল্পকৰ্ম এটাৰ পৰা দ্ৰষ্টা বা
দৰ্শকৰ স্থানিক দূৰত্ব এটা গুৰুত্বপূৰ্ণ বিষয়। কবিতা ৰচনা যেনেকৈ এটা জটিল প্ৰক্ৰিয়া,
তেনেকৈয়ে কবিতাৰ বিচাৰ কৰাটো আৰু বেছি কঠিণ তথা প্ৰায় দুৰূহ এটা কাম। দায়িত্বভাগৰ কথা
নকলোৱেই বা। সকলোৰে শেষত কাঠিণ্যৰ চূড়ান্ত পৰ্যায়টো আৰম্ভ হয় যেতিয়া একেবাৰে নতুন কবিৰ
কবিতা সম্পৰ্কে লিখিব লগীয়া হয়। কাৰণ কবিতা সম্পৰ্কে লেখা মেলা কেৱল সেই কবিতাৰ বাচ-বিচাৰতে
শেষ হৈ নাযায়। তাৰ লগতে কবিৰ ভৱিষ্যৎ, সামগ্ৰিক ভাবে কবিতাৰেই ভবিষ্যৎ গঢ় গতি সাঙোৰ
খাই থাকে। ঘূৰি পকি ছেগা চোৰোকাকৈ হ'লেও এটা সমালোচনা বা প্ৰশস্তিয়ে কবিক প্ৰভাৱিত
কৰাৰ এটা সম্ভাৱনা থাকি যায়। এই কথাকেই সাৰোগত কৰি সমালোচকৰ ভূমিকাক লৈ মাজে মাজে কথা
উঠি থাকে। এইখিনি কথাকে জুকিয়াই চাবলৈ বাধ্য হৈছিলোঁ যেতিয়া ফে’চবুকৰ ‘আখৰুৱা’ নামৰ
দল এটাৰ কবিসকলৰ কবিতাৰ পৰ্যালোচনা কৰিবৰ দায়িত্ব ভাৰ এটা মূৰ পাতি লৈছিলোঁ। (দ্ৰষ্টব্য-
“কৃতি আৰু প্ৰত্যাশা/ এমুঠি নতুন কবিৰ কবিতা, আখৰুৱা গ্রুপৰ অক্টোবৰ (২০১৩) মাহৰ কবিতা”)।
এহাতে যেনেকৈ কবিমনা উদ্যোগী ন-লেখকৰ অপৈণত লেখাক তোষামোদ কৰা উচিত নহয় তেনেকৈয়ে আনহাতে
ন-উদ্যমক বুঢ়া আঙুলিৰে হেঁচুকি ৰাখিবলৈ চেষ্টা কৰাটোও পাপ। এইখিনিতেই ধৰ্ম-সংকট আৰম্ভ
হয় সমালোচকৰ। এই ক্ষেত্ৰত জ্যেষ্ঠসকলে দুই ধৰণৰ স্থিতি লোৱা দেখা যায়। উৎসাহী আৰু বিসম্বাদী।
উৎসাহী ভাগটোৰ লোকসকলে সকলোকে লিখি থাকিবলৈ অণুপ্ৰেৰণা যোগায়। "ভুলে শুদ্ধই লিখি
থাকা, লিখি থকাটোহে আচল কথা, লিখিবলৈ নেৰিবা" - এই ধৰণৰ কথাৰে তেওঁলোকে সকলোকে
সন্তুষ্ট কৰে আৰু 'অণুপ্ৰাণিত' কৰে। নতুন কবিৰ বাবে এই ভাগটো প্ৰিয় হৈ উঠে। অন্য বিসম্বাদী
ভাগটোৱে পোণছাটেই কৈ দিয়ে - "বেয়া হৈছে, নিলিখিবা, এনেকৈ হকে বিহকে লিখি থকাৰ
ফলত তোমাৰ লগতে আন দহ জনৰ ক্ষতি হে হৈছে"।
নতুন কবিয়ে এই ভাগটো বেয়া পায়। কিন্তু কালক্ৰমত এই নেতিবাচক মন্তব্যই যে উপকাৰহে
কৰে সেইটোও কিন্তু বুজি উঠে। এই সকলোবোৰ বিপদৰ কথা জানি বুজিও কমল কুমাৰ তাঁতী আৰু
প্ৰাঞ্জল শৰ্মা বশিষ্ঠই সমসাময়িক অসমীয়া কাবি সকলৰ বাবে লিখিবলৈ মনস্থ কৰাটো আজিৰ তাৰিখত
এটা গুৰুত্বপূৰ্ণ ঘটনা।
সমসাময়িক কবিকূল যেনেকৈ দিগভ্ৰান্ত আৰু স্থিতিহীন বুলি বাৰে বাৰে অভিযোগ
উঠিছে, তেনেকৈয়ে অসমীয়া কবিতাৰ সাম্প্ৰতিক অৱস্থান সম্পৰ্কে লিখিবলৈ বহিও এই নতুন লেখকসকল
দ্বিধাগ্ৰস্থ আৰু সন্দিহান। কবিসকল যদি ভূক্তভোগী হৈছে এটা বিকল্প কাব্যভাষা নিৰ্মাণৰ
বিফলতাত, সমালোচক বৃন্দ দ্বিধাগ্ৰস্থ হ’বলগীয়া হৈছে সমালোচনা সাহিত্যৰ এট নিৰবিচ্ছিন্ন
ধৰা-প্ৰবাহৰ অভাৱত। অধুনা প্ৰচলিত চ’চিয়েল মিডিয়া আৰু আন আন বৈদ্যুতিন ক্ষেত্ৰৰ ব্যাপক
সম্প্ৰসাৰণৰ কালত সমালোচকৰ স্থিতি, পৰিচিতি আৰু দায়িত্ব সকলোখিনিয়েই দ্ৰুতগতিত সলনি
হ’ব লাগিছে। এটা বিশেষ পৰ্যায়ৰ পিছত চ’ছিয়েল মিডিয়াৰ কবিতাক যেনেকৈ অগ্ৰাহ্য কৰা নাযায়,
চ’ছিয়েল মিডিয়াৰ সমালোচনাকো আৰু অগ্ৰাহ্য কৰা নাযাব। ৰামধেনু, বাঁহী, জোনাকী, আৱাহণ
আহি আলোচনী কেন্দ্ৰিক যুগ বিভাজনৰ পাছত কোনো কোনোৱে অতি-সম্প্ৰতিক যুগটোক গৰীয়সী, সাতসৰী
বা প্ৰকাশ আলোচনীৰ নামেৰে চিহ্নিত কৰিবলৈ মাজে মাজে বিচাৰিলেও আচল কথাটো এইটোহে যে
এই যুগ চ’ছিয়েল মিডিয়াৰ যুগ। কথাষাৰ সকলোৱে মানি ল’বলৈ টান পালেও সামূহিক চেতনাৰ কথা
(Collective Consciousness) যিয়ে গুৰুত্ব সহকাৰে লয় তেওঁলোকে কথাষাৰৰ মৰ্ম বুজি পাব।
সমালোচকৰ মৃত্যু সম্পৰ্কে বহুকেইটা আলোচনা দেখিছোঁ য'ত নব্য মাধ্যমৰ সম্প্ৰসাৰণ,
ছপা মাধ্যমৰ হ্ৰাস হৈ অহা জনপ্ৰিয়তা, সমসাময়িক বিনোদন মাধ্যমৰ পৰিৱৰ্তিত মনোবৃতি, বিজ্ঞাপন
নিৰ্ভৰ প্ৰচাৰ-প্ৰাস যন্ত্ৰৰ গতি বিধি আদি বহুখিনি কাৰণৰ কথা কোৱা হৈ থাকে। এইখিনিৰ
লগতে দাৰ্শনিক পৰ্যায়তো কথাখিনি জুকিয়াই চোৱাটো জৰুৰী। পুঁজিবাদী কাৰচাজিৰে নব্য মাধ্যামে
আনি দিয়া এক সৰ্বব্যাপী গণতন্ত্ৰৰ পৰ্যায়ত আজি আমি কথা পাতি আছোঁ। ফে’চবুকত একাউণ্ট
থকা প্ৰতিজন মানুহেই নিজৰ পৃষ্ঠাত নিজৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰ লাভ কৰে। ৰাজহুৱা
স্তৰত কথা এষাৰ প্ৰকাশ কৰাৰ আগতে আপাত দৃষ্টিত (মন কৰিব, আপাত দৃষ্টিতহে) কোনো সম্পাদনা
কৰ্তৃপক্ষৰ ওচৰত সৈমান হৈ থাকিব লাগিব বুলি কোনো কথা নাই। লেখক, সমালোচক, চিন্তাশীল,
কবি সকলোৱেই এই পৰিস্থিতিৰ বিস্তৰ মুনাফা আদায় কৰিব পাৰিব লাগিছিল। খেনোৱে কৰিছেও।
যিটো সময়ত প্ৰতিজন ব্যক্তিয়েই কবি, প্ৰতিজন মানুহেই সমালোচক, সেই সময়ত এক বিশেষ প্ৰকাশনৰ
প্ৰকশিত লেখাকহে অধিক মান্যতা দিয়া হ'ব আৰু নব্য-মাধ্যমত প্ৰকাশিত কথা বাৰ্তাক মাইনৰ
(Minor) হিচাপে গণ্য কৰা হ'ব এই মনোভাব আৰু গ্ৰহণযোগ্য হৈ থকা নাই। সেয়েহে "নিম্নবৰ্গীয়"
সমলৰ প্ৰতি দৃষ্টি আকৰ্ষণৰ এটা প্ৰয়োজনীয়তা আহি পৰিছে। আলোচনা-সমালোচনাৰ ক্ষেত্ৰত কোনখিনি
সমলক কেন্দ্ৰ কৰি কথা আগবাঢ়িছে সেইটো সদায়েই এটা তাৎপৰ্যপূৰ্ণ প্ৰসংগ। আৰু এই সমল নিৰ্বাচনৰ
আঁত ধৰিয়েই সময়ে সময়ে মূৰ দাঙি উঠে এক ধৰণৰ যাজকতন্ত্ৰ (hierarchy) আৰু প্ৰভূত্ববাদ
(hegemony)। সততে কোৱা হয় অসমীয়া সাহিত্যত যুগবিভাজন আলোচনী কেন্দ্ৰিক। জোনাকী যুগ,
ৰামধেনু যুগ আদিয়েই উদাহৰণ। সেই সূত্ৰেই সময়ে সময়ে গৰীয়সী, প্ৰকাশ, সাতসৰী আদি আলোচনীক
কেন্দ্ৰ কৰি আলোচনাৰ সূত্ৰপাত ঘটি অহা আমি দেখা পাই আছোঁহক। তেনেকৈয়ে আমি স্বীকাৰ কৰোঁ
বা নকৰোঁ অসমীয়া কবিতাৰো এক ধৰণৰ 'মেইন ষ্ট্ৰীম' নিৰ্মাণ হৈ আহিছে। ৰৈখিক ইতিহাস লেখনৰ
গইনা লৈয়ো কবিতাৰ পৰ্বান্তৰ বিচাৰৰ পৰম্পৰাই ইয়াত অৰিহণা যোগাই আহিছে। এই গোটেই পৰিস্থিতিটোত
ক'বলৈ গ'লে দেধাৰ কাকত, পত্ৰিকা আৰু অন-লাইন মিডিয়াত সিঁচৰতি হৈ থকা কবিতা আৰু অন্যান্য
লেখালানিক মাইনৰ বা 'সংখ্যালঘূ' বুলি ক'ব লাগিব। মন কৰিব যে 'সংখ্যালঘূ' শব্দটো এটা
ৰাজনৈতিক পৰিভাষা আৰু ডিল্যুজিয়ান ব্যাখ্যা অনুসৰী কওঁ যে ইয়াৰ ইংগিত সংখ্যাবাচক একেবাৰেই
নহয়। অসমৰ লব্ধপ্ৰতিষ্ঠ আলোচনী এখনত প্ৰকাশ হোৱা দহটা কবিতাৰ বিপৰীতে একেটা মাহতে অনলাইন
চ'ৰাত যদি এহেজাৰ কবিতাও প্ৰকাশ হয় তেতিয়াও সিবোৰ সংখ্যালঘূৱেই হৈ থাকিব। সেই সূত্ৰেই
সেইবোৰ - গৌণ, সামান্য, ক্ষুদ্রতৰ, অপ্রধান, তুচ্ছ, লঘুতৰ, উপেক্ষণীয়, নিম্নতৰ। কিন্তু
অন্যান্য ৰাজনৈতিক ক্ষেত্ৰত ঘটি থকা পৰিঘটনা কিছুমান কবিতাৰ ক্ষেত্ৰতো ঘটি থকে। এমুঠি
'নিষ্ঠাবান' বুলি অভিহিত চিন্তক বা অভ্যাসকাৰীক বাদ দি বিশাল জনমানসত কিন্তু সেই দেধাৰ
'মাইনৰ' সম্প্ৰচাৰে অহৰহ ক্ৰিয়া কৰি থাকে আৰু সণ্ঢালনিকৈ সিহে এটা যুগৰ সামূহিক চেতনাক
(Collective Consciousness) প্ৰতিনিধিত্ব কৰি থাকে। ফেচবুকত কবিতা লিখিবলৈ লোৱা তেনেই
কোমল বয়সীয়া লেখক এজনৰ পৰাও অমি কিবা এটা শিকিবলৈ নিবিচাৰোঁ জানোঁ? এই কথাষাৰৰ গুৰুত্ব
যদি উপলব্ধি কৰা যায় তেনেহ'লে সম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে যিকোনো কথা পতাৰ আগেয়েই
আমি পাতিব লাগিব সমালোচনাৰ সংকট সম্পৰ্কে আৰু পদ্ধতিগত (Methodological) আসোঁৱাহখিনিৰ
সম্পৰ্কে।
কিন্তু তাকে কৰিবলৈ যাওতে কিছুমান পেৰাডক্স চকুত পৰে যিখিনিয়ে সকলো পৰ্যায়তে
আমাৰ কথা-বাৰ্তৰ্খিনিক একেখিনি ঠাইতে পাকঘূৰণি খুৱাই থাকে। এই মুহূৰ্তত লিখি থকা কথাখিনিক
এটা গছিপ বুলিবলৈকে ভাল পাম। সৃষ্টিশীল জগতখনত গছিপৰ এটা বিৰাট ভূমিকা আছে। সমসাময়িক
অসমীয়া কবিতাৰ জগতখনত এক শ্বাসৰূদ্ধ পৰিস্থিতিৰ উদ্ভৱ হৈছে। প্ৰায় সকলো পৰ্যায়তে সকলো
কথাই অনিৰ্ণিত। কবিতাৰ গতি পথ, মান, বৈশিষ্ট্য এইবোৰৰ লগে লগে সমালোচনাৰ পৰ্যায় আদি
সকলোবোৰ গুৰুত্বপূৰ্ণ অনুষংগৰ উৰ্ধত আটাইতকৈ অসুবিধাৰ সৃষ্টি কৰি থকা উপকৰণটো হৈছে
এক ধৰণৰ অসহিষ্ণুতা। কোনোবাই নতুন কবিয়ে ভাল কবিতা লিখিছে বুলিলে এচাম অসহিষ্ণু হৈ
উঠে, অসমীয়া কবিতৰ ক্ষেত্ৰত ভাল সমালোচনাৰ অভাৱে দেখা দিছে বুলিলেও আন এচাম দাং খাই
উঠে। পাঠক, সমালোচক, কবি সকলোকে সাঙুৰি এক বুজন সংখ্যক লোক যে সমসাময়িক অসমীয়া কবিৰ
মনোবৃতি (attitude) আৰু কবিতাৰ ৰেহৰূপকলৈ বৰ সুখী নহয় সেয়া বুজা গৈছে।
এই গোটেইখিনিৰ কাৰণ হিচাপে অনেকেই নব্য-মাধ্যমৰ প্ৰসাৰকে জগৰীয়া কৰিব খোজে।
কিন্তু নব্য-মধ্যম যে অপৰিত্যাজ্য আৰু তাৰ সদ্ব্যৱহাৰৰো নজিৰ আছে সেই কথা অন্যত্ৰ আলোচনা
কৰিছোঁ। নব্য মাধ্যম সমস্যা নহয়। সমালোচকৰ মৃত্যু অথবা সমালোচনাৰ অৱসানো সমস্যা নহয়।
সমস্যটো হ'ল একেটা সময়তে বিভিন্ন সময়ৰ সহৱস্থানক অস্বীকাৰ কৰাটোতহে। সাহিত্যক ঐতিহাসিক
ফচল বুলি ভবাৰ সমান্তৰাল ভাবে ব্যক্তি মনৰ বহিৰ্প্ৰকাশ বুলি কৈ দায় সাৰিব খোজা ইডিঅ'চিনক্ৰেটিক
ধাৰণাও আছে। কবিতা মনৰ আবেগ নে নিৰ্মাণ সেই লৈ দ্বন্দ এতিয়াও সক্ৰিয়। এনে বহুধাবিভক্ত
সময়ত কবিতা লিখি থকা মানুহখিনিয়ে নিজেই এটা বাক-পৰিবেশ নিৰ্মাণ কৰিবলৈ সক্ষম হ'ব নে?
“গণপ্ৰাণেৰে হ’লেও
গণভোটৰ দ্বাৰা কবিতাৰ মূল্য নিৰ্ণয় কৰিব নোৱাৰি। লোকৰঞ্জনো সাহিত্যৰ নিৰ্ভুল জোখকাঠি
নহয়। সুমেৰু-কুমেৰুৰ পদাৰ্থ বা প্ৰকাশবৃত্তি গ্ৰহণত দৈন্য নাহে; কিন্তু অহা ঐশ্বৰ্য
সাৰ্থক হয় স্বৰূপ কবিত্বৰ পৰশমণিৰ পৰশত, নহ’লে সি হয় কুম্ভীলকৰ বিত্ত। অ’ৰ এচটা ত’ৰ
এচটা ইটাৰে মানুহে দেৱাল নাগাঁথে। সমালোচনাতংক আত্মপ্ৰতাৰণা, আত্মশুদ্ধিৰ পথৰ চীনৰ
প্ৰাচীৰ। আনফালে সমালোচনা মানে ৰাধা-কৃষ্ণৰ বৃন্দাৱনী মাৰ্কা আবীৰৰ বামাৰলীও নহয়, নতুবা
অত্যাধুনিক আলকতৰাৰ প্ৰস্ৰৱণো নহয়। সকলো ক্লেদ অৱসাদৰ পৰা মুক্তি কাব্যবাণীৰ কাম্য”।
মহেশ্বৰ নেওগ [অসমীয়া
কবিতাৰ কাহিনী, সঞ্চয়ন, ৩১ ডিচেম্বৰ ১৯৫৮]