ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Saturday, December 31, 2016

কাল্পনিক সাক্ষাৎকাৰত নিমগ্ন অসমীয়া লেখকৰ উচাত্মিকা, নৱমাধ্যমৰ অৱস্থা ইত্যাদি



বিগত সময়খিনিত যিমানখিনি অসমীয়া লেখা লিখা হ’ল সেই আটাইবোৰেই মূলতে নতুন লেখক নতুন পাঠক সকলক উদ্দেশ্যি লেখা। আজিৰ লিখাখিনি প্ৰবীণ, বিদগ্ধ, লব্দ্ধপ্ৰতিষ্ঠ, মূধাফুটা, স্বনামধন্য, বিশিষ্ট, অমুক-তমুক বঁটাপ্ৰাপ্ত, জ্যেষ্ঠ, জনপ্ৰিয় (অথবা নিজকে সেইবুলি ভবা)- সকলক উদ্দেশ্য কৰি আগবঢ়োৱা হ’ল।

অপ্ৰিয় হ’লেও সত্য যে একধৰণৰ এলিটিজম আপোনালোকে বৰ্তাই আহিছে আৰু পপুলাৰ মাধ্যমসমূহৰ পৰা এক নিৰাপদ দূৰত্বত নিজকে ‘গা-বচাই’ ৰাখিছে। আপোনালোক লেখক, ফচবুকীয়া লেখক হ’বৰ মন নাই। এনেকুৱা নহয় যে আপোনালোকে ইউনিকোড নাজানে। আপোনালোকৰ ভাল লগা বেয়া লগা, দৈনন্দিন জীৱনৰ এটা এটা ডিটেইল আপোনালোকৰ পৰাই আমি গম পাই থাকোঁ- ইউনিকোডৰ ব্যৱহাৰেৰে, ফেচবুকৰ মাধ্যমেৰে। কিন্তু আমি যি খিনি আপোনালোকৰ পৰা নাপাওঁ সেয়া হ’ল আপোনালোকৰ বহুমূলীয়া লেখাবোৰ। পূৰ্বজ সকলৰ লেখা, আন দহজনৰ দ্বাৰা ‘ভাল’ বুলি স্বীকৃত লেখা সমূহ যেতিয়া ইউনিকোডত উপলব্ধ নহয়, তাৰ বিপৰীতে ন-লেখাৰু সকলৰ লেখাৰে নব্য-মাধ্যম যেতিয়া উপচি থাকে, তালৈ চকু দি অসমীয়া সাহিত্যৰ গতি বিধি সম্পৰ্কে নঞৰ্থক, নেতিবাচক, হতাশাসূচক, ‘খালে খালে, ৰসাতলে গ’ল গ’ল’ ধৰণৰ মন্তব্যবোৰ দিবৰ অধিকাৰ আপোনালোকৰ নাথাকে। অলপতে ফেচবুকত লিখিছিলোঁ- “বিশ্বায়নে নহয়, পুঁজিবাদে নহয়, ভ্ৰাম্যমাণ থিয়েটাৰ ধ্বংস কৰিলে অসমৰ সাংস্কৃতিক পৰিমণ্ডলৰ উন্নাসিকতাই”। কথাষাৰৰ মৰ্ম বুজোতাই বুজিব, নুবিজিলে আৰু বহলাই লিখিম কেতিয়াবা। একেটা সুৰতেই ক’ব খোজোঁ- নব্য-মাধ্যমত অসমীয়া কবিতাৰ (অথবা লেখা-মেলাৰ) নিম্নগামী ছবিখন দেখা গৈছে ন-লেখাৰু সকলৰ অপৈণত লেখাৰ কাৰণে নহয়, বৰঞ্চ পৈণত লেখক সকলৰ উচাত্মিকা অথবা উন্নাসিকতাৰ ফলতহে।

আপুনি যদি ফে’চবুকত সক্ৰিয় নহ’লহেতেন, ইউনিকোড যদি আপুনি নাজনিলেহেতেন, তেনেহ’লে কোনো কথা নাছিল। কিন্তু আপুনি জানে। মহান লেখক হিচাপে আপুনি সকলো সময়তে কিছুমান কাল্পনিক সাক্ষাৎকাৰৰ সন্মুখীন হৈ থাকে। সেই কাল্পনিক সাক্ষাৎকাৰত সন্মুখীন হোৱা কিছুমান প্ৰশ্নৰ উত্তৰ আপুনি ফে’চবুকীয়া ৰাইজলৈ আগবঢ়াই থাকে। ধৰক কাল্পনিক সাক্ষাৎকাৰত কোনোবাই আপোনাক সুধিলে “আপুনি এতিয়া কিহত ব্যস্ত?” আপুনি উত্তৰটো ফ’চবুকতে দিলে- “মই মোৰ দ্বিতীয়/ তৃতীয়… উপন্যাসখনৰ কাম হাতত লৈছোঁ”। তাৰ পিছত আপুনি লাহে লাহে সময়ে সময়ে বাকি ডিটেইলখিনিও দি থাকিল- কিহে আপোনাক অণুপ্ৰেৰণা যোগায়, কিহৰ তাগিদাত আপুনি অমুকটো বা তমুকটো লিখিবলৈ বাধ্য হ’ল। নিজৰ লেখা সম্পৰ্কে আপুনি কি ভাবে সেই সকলো কাল্পনিক প্ৰশ্নৰ উত্তৰ আপুনি দি গ’ল। [কাল্পনিক প্ৰশ্ন বুলি এইবাবেই কৈছোঁ যে আমি নাই সোধা সেইবোৰ প্ৰশ্ন, আপুনি নিজে নিজেহে দি গৈ আছে।] কোনোবা সময়ত পাঠকৰ, বন্ধুবৰৰ সৌহাৰ্দ্যত ইমানেই আপ্লুত যে আপুনি নতুনকৈ উপন্যাস এখন লিখিবলৈ মনস্থ কৰাৰ কথা কোৱাৰ লগতে উপন্যাসৰ নায়িকাৰ নাম কি দিলে ভাল হ’ব সেইটোও সুধি পেলালে। যি দিয়ে দিয়ক। বগীতৰা ৰাখক। ৰহিমলা, ৰমিলী প্ৰমিলী যি ৰাখে ৰাখক। আমাক সুধি আছে কিয়? এটা সময়ত মানুহে ‘কামোৰ’ খাবলৈ আৰম্ভ কৰেগৈ।

অমুকত অমুকটো লেখা প্ৰকাশ হ’ব, হৈছে বা হৈছিল বুলি আপোনালোকে খবৰটো প্ৰকাশ কৰে, কিন্তু লেখাটো ইউনিকোডৰ পাঠকলৈ এৰি নিদিয়ে। এখন আলোচনীলৈ পঠোৱা লেখা এটা অন্য এখন প্লেটফৰ্মত প্ৰকাশ কৰাটো যুগুত নহয় বুলি আমিও জানোঁ। কিন্তু প্ৰকাশ হৈ যোৱাৰ এমাহৰ পিছত? দুমাহ, ছমাহ, এবছৰৰ পিছত? যেতিয়া সেই আলোচনীখন পুৰণা হৈ উঁয়ে খায়, যেতিয়া লাইব্ৰেৰীত সেই আলোচনীখনত মকৰাৰ জাল লাগে, যেতিয়া পোৱা-কিলোগ্ৰাম ওজনত বিক্ৰী হয় তেতিয়ালৈ?

যোৱা পাঁচ ছয় বছৰমানৰ ভিতৰতে এচাম উদীয়মান যুৱ-প্ৰতিভাই অসমীয়া ভাষা সাহিত্যলৈ আমূল পৰিৱৰ্তন আনিলে। অসম সাহিত্য সভাৰ দৰে বিয়াগোম অনুষ্ঠানেও বাপ জনমত ভাবিব নোৱাৰা কিছুমান কাণ্ড তেওঁলোকে কৰিলে যাৰ ফলত আজি আপুনি শব্দ (ডট) অৰ্গ নামেৰে এখন অসমীয়া অভিধান অনলাইন পাব পাৰে, অসমীয়া লিপিৰে ইণ্টাৰনেটত অসমীয়া সহিত্যৰ সমল আহৰণ কৰিব পাৰে। ডিজিটেল ইণ্ডিয়াৰ শ্লোগান আৰম্ভ হোৱাৰ আগতেই অসমীয়া যুৱ উদ্যোগীৰ হাতত প্ৰাণ পাইছিল সাহিত্যৰথী ৱেবচাইটে আৰু আপুনি পাইছিল বেজবৰুৱাৰ কৰ্মৰাজিৰ অনলাইন সংস্কৰণ।

তাৰ পিছতো এতিয়াও যদি আমি অসমীয়া গল্প এটা পঢ়োঁ বুলি ভাবোঁ, আমি বিচাৰি হাবাথুৰি খাবলগীয়া হয়। আপোনাৰ যদি নিজা ব্লগ নাই বহুকেইখন অসমীয়া ই-আলোচনী আছে, তাতে দিয়ক। ‘অসমীয়াত কথা বতৰা’ আছে, ‘মুক্ত চিন্তা’ আছে, ‘আখৰুৱা’ আছে। আপুনি যদি নিজে ইউনিকোডত লিখিবলৈ অসুবিধা পায় বা এলেহুৱা, তেনেহ’লে তেওঁলোকলৈ পঠাওক যিয়ে দিনে নিশাই অহৰহ কাম কৰি আছে। তেওঁলোকে আপোনাৰ লেখা এটা ইউনিকোডলৈ ৰূপান্তৰিত কৰি ই-আলোচনীৰ আৰ্কাইভত ৰাখিবলৈ ভালেই পাব। আপুনি পইচা দিবও নালাগে। ইউনিকোডত লিখা মানেই লেখাটো এটা আৰ্কাইভত সংগৃহিত আৰু সংৰক্ষিত হোৱাটোও বুজায়। অসমখন এনেয়েও সহজ-দাহ্য পদাৰ্থ। কেতিয়া ক’ত কেনেকৈ জুই লাগি উঠে একো ঠিক নাই। তেনে ক্ষেত্ৰত আপোনাৰ লেখা এটা অনলাইন আৰ্কাইভ এটাত নতুন পুৰুষৰ ভৱিষ্যতৰ বাবে থৈ দিব পাৰিলে ভাল কথাহে হ’ব।

*
আজিৰ নৱ মাধ্যমৰ সম্প্ৰসাৰণৰ সময়ত আমি দেখি আহিছোঁ যে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া ভাষা প্ৰেমী, সাহিত্য প্ৰেমী সকলে এক যুগন্তকাৰী ভূমিকা গ্ৰহণ কৰিছে। ব্যক্তিগত পৰ্যায়ত লেখা মেলাৰ চৰ্চা অব্যাহত ৰখাৰ লগতে বৈদ্যুতিন মাধ্যমৰ কে’বাখনো ই-আলোচনী আৰু আলোচনাৰ নতুন ক্ষেত্ৰ প্ৰতিষ্ঠা কৰি নতুন পুৰুষে নতুন দিগন্তৰ সূচনা কৰিছে। আজিৰ তাৰিখত নব্য মাধ্যম এটা অপৰিত্যাজ্য পৰিস্থিতি। পৰিৱৰ্তিত সময়ৰ লগে লগে এয়া এক নতুন সম্ভাৱনা আৰু তাৰ লগে লগেই আহি পৰা কাৰিকৰী ব্যৱস্থা তথা এক সমকালীন ভাষা। নব্য মাধ্যমত অসমীয়া সাহিত্য সম্পৰ্কে ইতিমধ্যে বহু চৰ্চা হৈছেই। ভাল বেয়া বহুখিনি কথা আলোচিত হৈছে যদিও আমি সুখী আৰু আশাবাদী। নব্য মাধ্যম ব্যৱহাৰকাৰী সিংহভাগেই হ’ল নতুন প্ৰজন্মৰ যুৱক যুৱতী সকল। সেয়েহে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত থকা প্ৰবীণ সাহিত্যিকৰ সাহিত্য আৰু নবীনৰ চৰ্চাৰ মাজত থকা ব্যৱধানেই এইখন ক্ষেত্ৰতো স্পষ্টভাবে ধৰা দিয়াটো স্বাভাৱিক। কিন্তু ছপা মাধ্যমক অধিক মান্যতা প্ৰদান কৰি নব্য-মাধ্যমক হেয় চকুৰে চোৱাৰ এটা মানসিকতা আছে, যাৰ ফলত কিছু সংখ্যক লব্ধপ্ৰতিষ্ঠ লেখক লেখিকাই বৈদ্যুতিন মাধ্যম ব্যৱহাৰ কৰিলেও ইয়াত লেখা মেলা আগ নবঢ়ায়। অৱশ্যে ক্ৰমাগত ভাবে মানুহে এই নব্য মাধ্যমৰ উপকৰন সমূহকি লেখত ল’বলগীয়া বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছে – যিটো এটা আশাপ্ৰদ ঘটনা। বৰ্তমানৰ তথ্য প্ৰযুক্তিৰ যুগত ইতিমধ্যেই অসমীয়া ভাষা সাহিত্যয়ো বহুখিনি উন্নতি সাধন কৰিছে আৰু প্ৰসাৰো লাভ কৰিছে। কেইটামান উদাহৰণে কথখিনি ফঁহিয়াই দিব।

প্ৰথম, উদাহৰণ স্বৰূপে যি সময়ত অসমীয়া মাধ্যমৰ দুৰাৱস্থা চকুত লগা হৈ আহিছে আৰু অসমীয়া ভাষা কোৱা বা লেখা মানুহৰ সংখ্যা কমি আহিছে বুলি হা-হুতাশ কাঢ়িব লগা পৰিস্থিতি এটাৰ উদ্ভৱ হৈছে, সেই সময়খিনিতে যদি নব্য মাধ্যমলৈ চকু দিয়া যায় তেনেহ’লে দেখা যাব এখন বিপৰীত ছবি।  ইয়াত প্ৰতিদিনেই কোনোৱে নহয় কোনোৱে নতুনকৈ অসমীয়া ভাষাত, অসমীয়া লিপি ব্যৱহাৰ কৰি লিখিবলৈ আৰম্ভ কৰিছে।

দ্বিতীয়, পৰম্পৰাগত মাধ্যমেৰে কাগজে কলমে সাহিত্য চৰ্চা কৰা মানুহবোৰে এটা সময়ত দৈনন্দিন জীৱনৰ ব্যস্ততাৰ অজুহাতত এটা পৰ্যায়ত সাহিত্য চৰ্চা প্ৰায় বাদ দিয়াৰ দৰেই হয়গৈ। কিন্তু বৈদ্যুতিন মাধ্যমৰ প্ৰয়োগ আৰু নব্য মাধ্যমৰ সহজলভ্যতাই বহুখিনি পৰস্পৰ-সংযুক্ত ক্ষেত্ৰ উন্মোচন কৰি দিয়াৰ ফলত দৈনন্দিন ব্যস্ততাৰ অজুহাতত লেখা মেলা বন্ধ হোৱাৰ উপক্ৰম হ’বৰ অৱকাশ আৰু নাথাকিল। আপুনি ঘৰত নাই, কাৰ্যালয়ত অলপ আহৰি পাইছে তাতে লিখক। খেনোৱে বাছে মেট্ৰোৱে যাত্ৰাৰ মাজতো লিখিব পাৰে। অনলাইন আলোচনী এখন অথবা ই-বুক এখনতো পঢ়িবই পাৰে। আপোনাৰ হাতত কাগজ নাই কলম নাই, কম্পিউটাৰত লিখক। কম্পিউটাৰ নাই, মোবাইলতে লিখক।

তৃতীয়তে, পৰস্পৰ সংযুক্ত কিছুমান তথ্য সংগ্ৰহ আৰু তথ্য বিনিময়ৰ ক্ষেত্ৰই আগৰ কালৰ বহুখিনি সমস্যা আঁতৰাই পেলালে। নিজৰ আধা লেখা খছৰা এটা, আধা পঢ়া নিবন্ধ এটা ব্লগ, গুগল ড্ৰাইভ অথবা আন বহুতো ক্লাউড-পদ্ধতিত আপুনি জমা কৰি থ’ব পাৰে যি যিকোনো ঠাইৰে পৰা প্ৰয়োজন সাপেক্ষে উপলব্ধ হৈ থাকিব।

চতুৰ্থতে, পৰম্পৰাগত মাধ্যমসমূহতো ব পদ্ধতি সমূহতো আজিৰ তথ্য প্ৰযুক্তিয়ে প্ৰভাৱ পেলাইছে। ডিটিপি, টাইপ-ছেটিং কৰাৰে পৰা প্ৰুফ ছেকিংলৈকে বহুখিনি কাম আজিকালি তেনেই সহজ হৈ পৰিল। আজিকালি সকলো ছপাকৰা আলোচনী, বাতৰি কাকত আদিয়েও নিজাকৈ ৱেবছাইট ৰাখে, তেওঁলোকৰ সমন্তৰাল ভাবে একোটা অনলাইন উপলব্ধ সংষ্কৰণ উলিয়ায় আৰু লেখা মেলাও এ-মেইল যোগে গ্ৰহণ কৰে। লগতে ফেচবুক আদিত তেওঁলোকৰ পে’জ বা গ্ৰুপ একোটাও থাকে। আজি এই কথা সৰ্বজনবিদিত যে মই কাশ্মীৰৰ পৰা কণ্যাকুমাৰীলৈকে য’তেই নাথকোঁ কিয়, অসমীয়া দৈনিক বাতৰি এখন মই দৈনিক পঢ়িব পাৰোঁ।  

বহুখিনি নতুন ধাৰাৰ লেখাই নব্য মাধ্যমত আত্মপ্ৰকাশ কৰিছে। এই চলিত সময়খিনিতে গ্ৰন্থমেলাত কেইবাজনো নতুন লেখকৰ ভিন্নসুৰীয়া গ্ৰন্থৰ প্ৰকাশ হৈছে যিসকলে লেখক জীৱনৰ পাতনি মেলিছে ফে’চবুকৰ মাধ্যমতে আৰু তেওঁলোকৰ লেখাৰ ধৰণ-কৰণ খিনিও নিৰ্ধাৰিত হৈছে চ’চিয়েল নে’টৱৰ্কিং মাধ্যমে আনি দিয়া কিছু কণ্ডিছন – অৰ্থাৎ পৰিস্থিতিয়ে। এইখিনি নিশ্চয়কৈ ইতিবাচক ঘটনা। আনহাতে পঢ়ুৱৈ নিৰ্মানৰ ক্ষেত্ৰতো আমি এনে বহুজন ব্যক্তিক লগ পাইছোঁ যাৰ কিতাপ পঢ়াৰ অভ্যাস হয়তো বহুত বেছি নাছিল, কিন্তু নব্য মাধ্যমৰ সৈতে যুক্ত হোৱাৰ পিছৰে পৰা তেওঁলোকৰ পঢ়াৰ হাবিয়াস আৰু অভ্যাস দুয়োটাই ক্ৰমাগতভাবে বৃদ্ধি পাব লাগিছে।

ইণ্টাৰনেটৰ ব্যৱহাৰৰ প্ৰথমভাগৰে পৰাই বহুকেইজন বিদেশত থকা উদ্যোগী যুৱকে অসমীয়া ভাষাত অসমীয়া সাহিত্যক সমল হিচাপে লৈ ব্লগৰ আৰম্ভণী কৰিছিল। সাহিত্য ডট অৰ্গৰ দৰে এখন আলোচনীৰ জন্মদাতা ‘অসমীয়াত কথা বতৰা’ ফেচবুক গ্ৰুপৰ জন্মলগ্নতে আছিল কেইজনমান প্ৰবাসী অসমীয়া।  উইকিপেডিয়াৰ অসমীয়া সংষ্কৰণ এটাও আছে আৰু নিতৌ ন ন তথ্যৰ যোগান ঘটিব লাগিছে। আজিৰ তাৰিখত অসমীয়া ইতিহাস, শিল্প আৰু সংস্কৃতি বিষয়ক কে’বাটাও আৰ্কাইভ অনলাইন উপলব্ধ। এনাজৰী ডট কমৰ দৰে অসমীয়া সাহিত্যৰ আৰ্কাইভৰ উদ্যোগ আৰম্ভ হৈছিল এসময়ত দিল্লিত থকা কেইজনমান অসমীয়া যুৱকৰ প্ৰচেষ্টাতেই। তথ্য সংগ্ৰহ আৰু সংৰক্ষণৰ ক্ষেত্ৰত সততে এলেহুৱা বুলি নাম থকা অসমীয়াৰ কেইজনমান যুৱকৰ এনে উদ্যোগে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত একাধিক সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱাটোও এটা গুৰুত্বপূৰ্ণ খবৰ।


এনে সময়ত ছপা মাধ্যমক অধিক মান্যতা প্ৰদান কৰি চৰ্চাৰ এক উচাত্মিকাক প্ৰতিপালন কৰি চলাৰ কোনো যুক্তি নাই।  চিধি বাত। ন' বকৱাচ। 

No comments: