জুইখেল
বৰ্ণালী বৰগোহাঁই
প্ৰকাশক: আখৰ প্ৰকাশ,
প্ৰথম প্ৰকাশ: নৱেম্বৰ
২০১৬
বেটুপাত: প্ৰদীপ
নাথ
অংগসজ্জা: মৃণাল
আকাশ মেধি
স্বত্ব: ৰিহাবৰ্ণা
মেধি
মূল্য: ৬০।০০ টকা
‘সুখপাঠ্যতা’ ভাল
সাহিত্যৰ প্ৰথম চৰ্ত বুলি যি সকলে ভাবে, তেওঁলোকৰ বাবে বৰ্ণালী বৰগোঁহাইৰ “জুইখেল”
নি:সন্দেহে এখন ভাল কবিতাৰ কিতাপ। সুখপাঠ্যতাৰ সংজ্ঞা সম্পৰ্কে স্থানান্তৰত কাৰো কাৰো
সৈতে আমাৰ বিৰোধ থাকিলেও এই কথা মানিবই লাগিব যে সুখপাঠ্যতাৰ আঁৰত থাকে নৈপুণ্য (skill),
কছৰৎ আৰু বোধৰ পূৰ্ণতা। বৰ্ণালী বৰগোহাঁইৰ কবিতা এইখিনি বস্তুৰ দাবীদাৰ।
“মোৰ কুমলীয়া জীউ”
সম্ভৱত: আটাইতকৈ স্পৰ্শকাতৰ কবিতা। নিজৰ সন্তানক সম্বোধি কৰা মাতৃত্বৰ এটা জীয়া অনুভৱ
ইয়াত আছে। তুলনা কৰাটো সম্ভৱ উচিত নহ’ব, কিন্তু এই কবিতাটো পঢ়িবৰ পৰত বাৰে বাৰে মৌচুমী
ভৌমিকৰ “তোৰই জন্য” নামৰ গীতটোলৈ বাৰে বাৰে মনত পৰিছিল। নিজৰ সন্তানৰ প্ৰতি ভয়, দ্বিধা,
শংকা আৰু উৎকণ্ঠাই ইয়াৰ উপজীৱ্য। কবিৰ এনে ধৰণৰ বৰ্ণনাশ্ৰয়ী একো একোটা কবিতাৰ কলেৱৰ
আৰু গঢ়-গতিয়ে এক অনন্য পঠনৰ অভিজ্ঞতা প্ৰদান কৰে আৰু সেইখিনিতেই নাটকীয়তা বিদ্যমান
বুলি ক’ব খোজোঁ। বিশেষকৈ দুটমান কবিতা যেনেধৰণেৰে আগবাঢ়িছে কোনোবা আগ্ৰহী নাট্যকৰ্মী
থাকিলে তাক মঞ্চায়ণৰ বাবেও অভিযোজনা কৰিবলৈ আগবাঢ়ি আহিব পাৰে। ছুটি গল্পয়ো এটা কাহিনী
কয়, নাটকেও এটা কাহিনী কয় বাবে সচৰাচৰ ছুটিগল্পৰ সৈতে নাটকৰ সান্নিধ্য মানুহে বেছিকৈ
অনুভৱ কৰে। কিন্তু আমাৰ বিচাৰত আচলতে নিৰ্যাসৰ ফালৰ পৰা নাট্যশিল্প কবিতাৰহে বেছি ওচৰ
ছপা। জিণ্টু ভট্টাচাৰ্যই ৰফিকুল হোচেইনৰ “ৰাধা-নৈ-পানী”ৰ নাট্যৰূপ দিবৰ সময়ত লিখা এটা
লেখাত এইখিনি কথা পাতিছিলোঁ।
নিজৰ ৰাজনৈতিক আৰু
মতাদৰ্শগত স্থিতি সম্পৰ্কে স্পষ্টতা এইজন কবিৰ বিশিষ্টতা। অনাহক বৈষ্ণৱী বিনয়ৰ বিপৰীতে
কবিয়ে পাতনিতে ঘোষণা কৰিছে “মই নিজকে কবি বুলি বিশ্বাস কৰোঁ। সেইবাবেই কবিতা লিখোঁ।”,
আৰু নিজৰ শব্দৰ সাধনাৰ দায়িত্বও স্বীকাৰ কৰিছে। এইগৰাকী কবি তথাকথিত ‘পৰীক্ষা-নিৰীক্ষা’ৰ
মেৰপেচলৈ নোসোমোৱাকৈ চিধা ভাষাৰে চিধা কথা ক’বলৈকে ভালপোৱা মানুহ। সেয়েই হয়তো “কবিতাবোৰক
কেতিয়াও গৱেষণাগাৰত তুলি দিয়া নাই। শব্দৰ শৰীৰবোৰক টুকুৰা-টুকুৰকৈ কাটি চোৱা নাই। চাব
নোৱাৰোঁ। কাৰণ কলিজাৰ তেজেৰে কবিতাবোৰক জীয়াইছোঁ” বুলি তেখেতে উল্লেখ কৰিছে। “লিখিম
বুলি ভাবি থকা কথাবোৰ” শিৰ্ষক কবিতাটোৱেই এইখিনি কথা প্ৰতীত কৰিবলৈ উৎকৃষ্টতম।
খণ্ডিত দৃষ্টিৰে
চালে কবিৰ যুদ্ধ বিষয়ক কবিতাটোৱে হয়তো নতুন একো কথা কোৱা নাই, কিন্তু তথাপিও ই নতুন
ই উদ্ৰেক কৰা কেইটামান মুলগত প্ৰশ্নৰ কাৰণে। যুদ্ধ আকাংক্ষিত হ’ব নোৱাৰে। সৃষ্টিশীল
সংবেদনশীল মানুহে চিৰকালেই যুদ্ধৰ বিৰোধিতা কৰি আহিছে। “যুদ্ধ কিয় কৰে মানুহে/ যুদ্ধৰ
অতলত কি শান্তি শুই থাকে/ নে ভোকাতুৰ মানুহৰ ভাত” বুলি সেই প্ৰাচীণ প্ৰশ্নটোকে সাৰোগত
কৰিও যুদ্ধৰ প্ৰয়োজনীয়তা কেনেকৈ বাৰে বাৰে আহি পৰে সেই কথা কবিয়ে কৈছে। এইখিনিতে কবিৰ
স্থিতি সম্পৰ্কে কথা আহি পৰে। এই যুদ্ধৰ প্ৰয়োজনীয়তাৰ বোধ কিন্তু ৰাষ্ট্ৰবাদী, সৰ্বগ্ৰাসী,
প্ৰভূত্ববাদী যুদ্ধোন্মাদ সকলৰ যুদ্ধৰ প্ৰয়োজনীয়তাতকৈ বহুত পৃথক। চুবুৰীয়া দেশ এখনৰ
প্ৰতি ঘৃণাসূচক দুটা কথা উদ্দাত্ত কণ্ঠেৰে ঘোষণা কৰাটোৱেই যি সময়ত এই দেশত দেশপ্ৰেমৰ
মাপকাঠি, সেই সময়ত যুদ্ধ বিষয়ক বোধৰ নতুন উন্মেষৰ প্ৰয়োজনীয়তা আছে। সীমা অথবা শত্ৰুপক্ষৰ
ঘৃণাৰ ব্যতিৰেকে ইয়াত কোৱা হৈছে “যুদ্ধ মানে অধিকাৰ”। সেইখিনিতেই আন দহটা যুদ্ধবিৰোধী
কবিতাতকৈ এই কবিতা বেলেগ।
একেধৰণেৰেই “জুইখেল”
শীৰ্ষক কবিতাটোও ‘সামাজিক দায়বদ্ধতা’ প্ৰকাশ কৰা আন বহুতো সৰলৰৈখিক কাব্য-বিন্যাসতকৈ
পৃথক। সত্য আৰু সত্যৰ বীক্ষণ সম্পৰ্কে এক সমাজ দৰ্শন ইয়াত আছে। চিমুলাক্ৰা অথবা সাদৃশ্যৰ
ৰজ্জুত যেতিয়া ৰাজনৈতিক মুহূৰ্ত এটাই বিভ্ৰান্তিকে আচ্ছাদন হিচাপে আঁকোৱালি ল’বৰ উপক্ৰম
হয়, তেনে এক মুহূৰ্ততেই এনে কবিতাৰ জন্ম।
“মই জানোঁ
পুৰি যোৱা মানেই
ছাই নহয়
মই জানোঁ
জুইবোৰ নিজৰ গাত
নলগালৈকে
মানুহবোৰে তাক জুইখেল
বুলিয়ে কয়” ।।
কবিতাখিনিৰ কলেৱৰ
আৰু অলপ সৰু হ’বৰ থল আছিল। বাক্যব্যয়ৰ ক্ষেত্ৰত আৰু অলপ সংযমী হ’লে কবিৰ কবিতাই আৰু
অলপ পৰিপক্কতা পাব। এজন অভ্যাসকাৰী হিচাপে এইখিনিতে কবিৰ দ্বিধা-দ্বন্দৰ কিছু কথা আমি
অনুভৱ কৰিব পাৰোঁ। কেতিয়াবা সংক্ষিপ্তকৰণৰ ফলত কবিতাই সুখপাঠ্যতা হেৰুৱায়। কেতিয়াবা
কবিতাৰ সাৰভাগ একে থাকিলেও অধিম সংযমে বাক-ভংগী অথবা কবিৰ ব্যক্তিগত কাব্যভাষাৰ কালিকাটো
হেৰুওৱাৰ উপক্ৰম হয়। কিন্তু বৰ্ণালী বৰগোহাঁই নামৰ কবিগৰকীৰ প্ৰতি আমি আশ্বস্ত এই কাৰণেই
যে কবিৰ কিছুমান কবিতাত আমি বিস্তৰ সম্ভাৱনাৰ উমান পাই থৈছোঁ আৰু বৰ্ণনাধৰ্মিতা পৰিহাৰ
কৰি ৰূপকাশ্ৰয়ী ভাষাৰেও কবিয়ে সঠিক বাটেই কাটি থৈছে। কবিৰ যি কেইটা কবিতা অধিবাস্তৱিক,
অধিক ৰূপকাশ্ৰয়ী, অথবা উপমাৰ ঘনত্ব য’তেই বেছি সেই আটাইকেইটা কবিতাই মৰ্মস্পৰ্শী। “প্ৰহৰে
প্ৰহৰে কথা পাতে” তেনে এটা ঈষৎ এবছাৰ্ড, ঈষৎ অধিবাস্তৱ কবিতা য’ত শব্দ বাক্যৰ মেদবহুলতাও
নাই আৰু লিৰিকেল গুণেৰেও পাঠকক পলকতে চুই যায়।
[প্ৰহৰে প্ৰহৰে কথা
পাতে
বুকুৰ ছাঁত ৰৈ যোৱা
কোনোবাজনক
দ্বিতীয় প্ৰহৰে চিনে]।
একে প্ৰসংগতে বৰ্ণনাধৰ্মী
হৈয়ো মিতব্যয়ী আন এটা কবিতা হ’ল “হেলনীয়া বৰষুণ”-
“বৰষুণ পৰিছে থিয়কৈ
আৰু মই বেঁকা বাট
এটাৰে গৈ আছোঁ
মই বিচাৰিছিলোঁ
পোন বাট এটাৰে গৈ
থাকিম
আৰু হেলনীয়া বৰষুণ
এজাকে
মোক তিয়াই পেলাব
অহা আৰু যোৱা ঠিকেই
চলিল
মই তিতি থাকিলোঁ
থিয় বৰষুণ এজাকত”
[হেলনীয়া বৰষুণ]
“লিখিম বুলি ভাবি
থকা কবিতাবোৰ/ চাহৰ কেটলিত উতলে আৰু/ কুকাৰৰ
হুইচেলৰ হাৱাত উৰি যায়”ৰ দৰে প্ৰাত্যহিক জীৱনৰ খুটি নাটি ঠায়ে ঠায়ে থাকিলেও বৰ্ণালী
বৰগোহাঁই বহুলাংশে অসমৰ নিসৰ্গৰেই কবি। অসমৰ প্ৰকৃতি, গাঁও আৰু সৌহাৰ্দ্যই যেতিয়াই
ভুমুকি মাৰিছেহি, তেতিয়াই বৰগোহাঁইৰ কবিতাৰ গীতিময়তাই অনন্য ৰূপ লৈছে। উদাহৰণ স্বৰুপে
মাত্ৰ দুটি স্তৱকেই যথেষ্ঠ-
হুৰমুৰাই আকাশখন
ভাগি পৰিছে
পানী পাই উজানৰ মাছ
এজাকে
খুটিয়াব ধৰিছে
[উজান]
উদং চকী আৰু মুঢ়াবোৰে
সৰাপাতৰ কথাকে পাতি
থাকে
ভালপোৱাজনৰ বাবে
ৰৈ থাকোতে
তামোলগছৰ দীঘলীয়া
ছাঁ পৰে
[ফাগুণৰ কবিতা]
এইজন কবি পাইকাৰী
হাৰত কবিতা লিখা অথাবা বছৰে বছৰে কিতাপ প্ৰকাশ কৰি থকা কবি নহয়। গতিকে পৰৱৰ্তী সংকলন
এখন পাবলৈ আমি হয়তো কিছু সময় অপেক্ষা কৰিব লাগিব। সেই পৰৱৰ্তী প্ৰকাশত আমি কবিৰ পৰৱৰ্তী পৰ্যায় বা নেক্সট লেভেল নিশ্চয়কৈ দেখিবলৈ পাম।
সমুদ্ৰ কাজল শইকীয়া, ডিচেম্বৰ ২০১৬
No comments:
Post a Comment