ডঃ বাণিকান্ত কাকতি

...সাহিত্যৰ ক্ষেত্রত নতুনকৈ কৰিবলগীয়া কাম একো নাই। সাহিত্য ধ্বনি আৰু প্রতিধ্বনি মাথোন। পূর্বপুৰুষ সকলৰ ভাবৰ ধ্বনি যাৰ হৃদয়ত পুৰাকৈ প্রতিধ্বনিত হয় সিয়েই সফলতা লাভ কৰে... ডঃ বাণীকান্ত কাকতি, বাঁহী, ১৩শ বছৰ, অষ্টম সংখ্যা, আঘোণ, ১৮৪৭ শক।

Blog Archive

Sunday, January 1, 2017

গ্ৰন্থকলা

কেমেৰাৰ আৱিষ্কাৰ অথবা ফটোগ্ৰাফীৰ প্ৰচলনে চিত্ৰশিল্পৰ জগতখনলৈ এটা ভাবুকি কঢ়িয়াই আনিছিল। তেতিয়ালৈকে চিত্ৰ শিল্পৰ মূখ্য উদ্দেশ্য আছিল চাক্ষুস বা যথাদৃষ্টবাদী বাস্তৱতাক প্ৰতিৰূপ দিয়া। কেমেৰাই যদি যথাযথ ছবি এখন ধৰি ৰাখিবই পাৰে ছাবি আঁকিবৰ প্ৰয়োজনেই বা কি? তেনেহ'লে চিত্ৰশিল্প শেষ হৈ যাব নেকি? নহ'ল। চিত্ৰশিল্প শেষ বা ধ্বংসতো নহ'লেই বৰঞ্চ নতুন গৰিমাৰে সি উজ্জীৱিতহে হ'ল।ফটোগ্ৰাফীৰ ভাবুকিয়ে শিল্পী সকলক প্ৰশ্ন কৰিবলৈ বাধ্য কৰালে শিল্পৰ উদ্দেশ্য আৰু লক্ষ্য কি সেই সম্পৰ্কে। উন্মোচিত হ'ল শিল্পৰ অন্তৰ্হিত মৰ্ম। চকুৰে দেখা একধৰণৰ 'বাস্তৱতা'ক প্ৰতিৰূপায়িত কৰিবৰ দায়িত্বৰ পৰা শিল্পই চিৰদিনৰ বাবে মুক্তি লভি শিল্পত্বৰ গুণেৰে উদ্বাসিত হ'ল ছবিৰ জগত। ভিডিঅ'গ্ৰাফীৰ বহুল প্ৰচলণ আৰু ডিজিটেল জগতখনৰ ফালৰ পৰা তদানুৰূপ এটা ভাবুকি আহিল চিনেমালৈ। সৰু ভিডিঅ' একোটায়েই যদি মানুহক মনোৰঞ্জন দিব পাৰে তেনেহ'লে মানুহে চিনেমা কিয় চাবলৈ যাব? তেনেহ'লে চিনেমাৰ কি হ'ব, শেষ হৈ যাব নেকি? নহ'ল। শেষ হোৱাতো দূৰৰে কথা চিনেমাই পাব লগীয়া কিন্তু বিভিন্ন কাৰণত ইমান দিনে বঞ্চিত হৈ থকা স্বকীয় গৰিমা ঘূৰাইহে পালে। এতিয়া চিনেমা আৰু কেৱল মনোৰঞ্জন প্ৰদান কৰা এটা মাধ্যম হৈ নাথাকি হৈ উঠিল পূৰ্ণাংগ শিল্প। মানুহে চিনেমাক চিনেমা হিচাপে চাবলৈ ল'লে। একে ধৰণেৰে কিতাপ আৰু গ্ৰন্থ প্ৰকাশৰ শিল্পও এটা ভাবুকিৰ সন্মুখীন হ'ল ইউনিকোড, নব্য-মাধ্যম আৰু বৈদ্যুতিন মাধ্যমৰ জনপ্ৰিয়তাৰ ফলত। অনলাইন পঢ়া শুনাৰ চাহিদা বাঢ়ি যোৱাৰ লগে লগে কিতাপৰ চাহিদা কমি কমি শেষ হৈ যাবগৈ নেকি? আগৰ কেইটা আশংকাৰ দৰে এই আশংকাও ভুল প্ৰমাণিত হোৱা দেখা গ'ল। দেখা গ'ল কিতাপ প্ৰকাশনৰ উদ্যোগলৈ সম্প্ৰতি বহুখিনি শুভংকৰ পৰিৱৰ্তনহে আহিল।   


এই গ্ৰন্থমেলাৰ বতৰত কিমান কিতাপ প্ৰকাশ হ'ল তাৰ, বিক্ৰী-বাৰ্তা বা লাভালাভৰ খতিয়ন জনা বুজা অথবা সংশ্লিষ্ট লোকসকলে কৰিব। অসমত গ্ৰন্থ উদ্যোগৰ জয়জয় ময়ময় অৱস্থা এটা হয়তো কাহানিও নাছিল। কিন্তু এই কথাও সত্য যে ক্ৰমাগত ভাবে গ্ৰন্থ-প্ৰকাশৰ উদ্যোগটোৱে এটা শিল্পৰ ৰূপ পাবলৈ লৈছে। কিতাপবোৰ আটকধুনীয়া
হৈ গৈ আছে, আৰু উদ্যোগটোৰ লগত জৰিত আনুষংগীক দিশবোৰ যেনে প্ৰম'চন আদিয়েও এটা নতুন মাত্ৰা গ্ৰহণ কৰিছে। বাহ্যিক ৰুপটোনো কি আৰু লেখাখিনিহে মূল কথা বুলি ভাবিলে আমি কিতাপখনেইনো কিয় লাগে এটা পিডিএফ অথবা ৱৰ্ড ফাইলত আমি দেখোন লেখাটো পঢ়িবলৈ পামেই বুলি ভাবি ল'ব পাৰোঁ। কিন্তু নহয়। কিতাপখন কিতাপেই, তাৰ মৰ্যাদা অনন্য- এই কথা আজি যেন আকৌ প্ৰতীত হ'ল। আৰু কিতাপ এখন প্ৰকাশ কৰাটোও কেৱল এক লঘূ-উদ্যোগ মাত্ৰ নহৈ এটা শিল্প-প্ৰযত্ন বুলিও স্বীকৃত হ'ল।

মন কৰিবলগীয়া যে ব্যৱসায়িক অৰ্থত খুব ডাঙৰ কিবা এটা কৰিব নোৱাৰিলেও কিতাপ প্ৰকাশ কৰা কামটো অসমত সদায়েই মৰ্যাদাপূৰ্ণ আৰু ৰুচিপূৰ্বক কাম হিচাপেই চাই অহা হৈছিল। অধিকাংশ অসমীয়া কিতাপেই প্ৰকাশিত হৈ আহিছে এটা চখ, এটা বাসনা অথবা এটা হাবিয়াসৰ প্ৰতীক হিচাপে। নতুন লেখক আৰু ব্যক্তিগত প্ৰকাশকসকলৰ ক্ষেত্ৰত এই কথা ষোল অনাই সঁচা। এইখিনিতে এটা পৰামৰ্শসূচক কথা উত্থাপন কৰি আজিৰ আলোচনা সামৰিম।

অসমীয়া কিতাপৰ বেটুপাতৰ এটা কলাসুলভ পৰম্পৰা আছিল যিটো যোৱা কেইবছৰমানত লোপ পালে। দৃশ্যশিল্পৰ ক্ষেত্ৰত অসমৰ অৱস্থা পয়ালগা। কেৱল দৃশ্যশিল্পই নহয়, অন্যান্য ব্যৱহাৰিক ক্ষেত্ৰতো আমি দৃশ্যগত দিশটোৰ  গুৰুত্ব নিদিওঁ। অসমীয়া কিতাপৰ বেটুপাতৰ কলাত্মক দিশটোৰ প্ৰতি বিশেষভাবে গুৰুত্ব আৰোপ হওক এয়াই বাঞ্চনীয়।

প্ৰসিদ্ধ শিল্পী বেণু মিশ্ৰ সম্পৰ্কে লিখা এক ৰচনাত কিছু কথা কৈছিলোঁ যিখিনি পুণৰ দোহাৰিবলৈ পালে ভাল পাম। যদি বুজিবৰ সুবিধাৰ অৰ্থে আমি শিল্পকৰ্মক উচ্চ-শিল্প (হাই আৰ্ট) আৰু জনপ্ৰিয় (পপুলাৰ) বা বহুল-সম্প্ৰসাৰণৰ শিল্প (mass media) বুলি দুটা ভাগ কৰি লওঁ (যদিওবা এনেদৰে কৰা ভাগ-বিভাগ সদায়েই অসুবিধাজনক), তেনেহ'লে ক'ব লাগিব বেণু মিশ্ৰ দুয়োটা ধাৰাৰেই নিৰবিচ্ছিন্ন আৰু সফল কৰ্মী। অসমৰ ক্ষেত্ৰত উচ্চ-শিল্পৰ জগতখন আজিও চালুকীয়া বুলি ক'ব পাৰি। অন্যহাতে জনপ্ৰিয় শিল্পৰ জগতখনো তথৈৱচ। নব্বৈৰ দশকৰ গোলকীকৰণ বা এই শতিকাৰ ডিজিটেল আন্দোলনেও অসমৰ সাংস্কৃতিক পৰিমণ্ডলত দৃশ্যমান সংবেদনাক বিশেষ টনকীয়াল নকৰিলে। সহজকৈ বুজাবলৈ গ'লে - এটা সময়ত হাতেৰে লেখা কিতাপ আলোচনীৰ বেটুপাতৰ যি ওলপ অচৰপ কলাসুলভ কেলীগ্ৰাফী আছিল, আজিলৈ সিও প্ৰায় নোহোৱাই হ'লগৈ। ডিজিটেল আগ্রাসনক ইতিবাচক বুলি গ্ৰহণ কৰিব খুজিলেও এই কথা সত্য যে অসমীয়া লিপিৰ এটা বা দুটা 'ফন্ট' বাদ দি কোনো দৃষ্টিনন্দন 'ফন্ট' আজিলৈকে নোলাল। টাইপ'গ্ৰাফীৰ কোনো প্ৰচলিত চৰ্চা আমাৰ মাজত নাই। হঠাতে জাকে জাকে প্ৰকাশ হ'বলৈ ধৰা অজস্ৰ অসমীয়া ভাষাৰ আলোচনীত সুস্থ কলা-ৰুচিবোধ অৱহেলিত হৈ ৰ'ল। বেটুপাতত মহিলা মডেল এগৰাকীৰ ফটো একোখন লগাই দিয়াতেই কলা-সম্পাদকৰ কাম শেষ হোৱা হ'ল। এনেকুৱা এটা সময়ত বেণু মিশ্ৰক বাৰে বাৰে মনলৈ অনাটো একো অস্বাভাবিক নহয়।

গুৱাহাটীৰ 'কথা'ৰ দ্বাৰা প্ৰকাশিত 'কবিতা' আলোচনীৰ পৃষ্ঠা দখল কৰা এলানি পানীৰং আৰু চিঞাহীৰ ড্ৰয়িং যি সকলৰ মনত আছে সেই সকলে বিনা দ্বিধাই স্বীকাৰ কৰিব পানীৰং, চিঞাহী আৰু কলম মাধ্যমত মিশ্ৰৰ দখল কিমান। দ্বিতীয়তে, সেই স্কিল বা কলা-কুশলতাক এক অনন্য দৃশ্যমান আৱেদন দি কেনেকৈ এটা নতুন দৃশ্যভাষা মিশ্ৰই তৈয়াৰ কৰি লৈছিল। তৃতীয়তে এইটোও মনত ৰাখিব কেনেকৈ ছপাশাল নিৰ্ভৰ এটা বহুল প্ৰকাশনৰ মাধ্যমকো চিৰিয়াছ শিল্পভাষাৰ বাবে তেখেতে গুৰুত্ব সহকাৰে লৈছিল।

বেণু মিশ্ৰৰ আটাইতকৈ ডাঙৰ অৱদানটোৱেই হ'ল হাতেৰে স্পৰ্শ কৰা নিষিদ্ধ বুলি ঘোষিত, শুকুলা ৰঙেৰে বোলোৱা গেলেৰীৰ চাৰি-বেৰৰ মাজত আৱদ্ধ উচ্চ-শিল্পৰ সংৱেদনাকো তেখেতে মাহুহৰ হাতে হাতে তুলি দিলে, মানুহৰ ঘৰে ঘৰে বিলাই দিলে - তেখেতৰ সহস্ৰাধিক ইলাষ্ট্ৰেশ্যনেৰে, বেটুপাত-অংকনেৰে, অৱলীলায় কৰা ড্ৰয়িঙেৰে। এই আপাত দৃষ্টিৰে পপুলাৰ বা নিম্নবৰ্গীয় বুলি সততে উপেক্ষিত কৰ্মৰাজিয়েও বিদ্বান সমালোচক সুধীজনৰ দৃষ্টি সমানেই আকৰ্ষণ কৰিলে। কলা সমালোচক মৌচুমী কন্দলীয়ে সেয়ে কয়, "কেনভাছৰ লগতে বেটুপাত সংৰচনা, ইলাষ্ট্ৰেশ্যন, স্কেচ আদি কলাক্ষেত্ৰতো তেওঁৰ স্বকীয় প্ৰতিভা পৰিস্ফুট হৈছে। উল্লেখযোগ্য যে বেটুপাত সংৰচনাৰ ক্ষেত্ৰত অসমত এক নতুন ধাৰা প্ৰৱৰ্তন কৰি এক বৈপ্লবিক পৰিৱৰ্তন অনা শিল্পীগৰাকীয়েই হৈছে বেণু মিশ্ৰ"।

প্ৰবীণ কবি আৰু কলা-আলোচক নীলমণি ফুকনদেৱেও বেণু মিশ্ৰৰ কথা ক'বলৈ গৈ "বেণু মিশ্ৰঃ কিছু স্মৃতিকথা, কিছু ছবিৰ কথা" নামক লেখাটি আৰম্ভ কৰিছে ষাঠিৰ দশকৰ আৰম্ভণিতে মহেন্দ্ৰ বৰা সম্পাদিত 'মণিদীপ'ৰ সাংস্কৃতিকী শিতানত ছপা হোৱা ৰবীন্দ্ৰনাথৰ এটা কবিতাৰ আধাৰত অঁকা 'নিৰ্ঝৰেৰ স্বপ্নভংগ' নামৰ ছবিৰে। তেখেতৰ প্ৰথম কবিতাপুথি 'সূৰ্য হেনো নামি আহে এই নদীয়েদি' (১৯৬৩)-ৰ প্ৰচ্ছদখনো কৰিছিল মিশ্ৰই। তাৰ পিছত ফুকনদেৱৰ ভাষ্য এনে- "কিতাপখন ছপা হৈ ওলোৱাৰ পাছত মিশ্ৰই অঁকা প্ৰায় বিমূৰ্তধৰ্মী এই প্ৰচ্ছদ চিত্ৰখনিয়ে কিছুসংখ্যক বিদ্বান লেখক পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। মহেন্দ্ৰ বৰাই 'মণিদীপ'ৰ এটা সম্পাদকীয়ত প্ৰচ্ছদখনৰ বিষয়ে লিখি মিশ্ৰক উৎসাহিত কৰিছিল। তাৰপাছত, তেওঁৰ প্ৰচ্ছদ চিত্ৰই যোৱা চাৰিটা দশক ধৰি অসমৰ লেখক প্ৰকাশকৰ অসংখ্য গ্ৰন্থ-আলোচনীক এটা শোভন ৰূপ দিছে, কিঞ্চিত পৰিমাণে হ'লেও ছবিৰ লগত সম্পৰ্ক নথকা বা ছবি চোৱাৰ অভ্যাস নথকা পাঠকৰো দৃশ্যগত কল্পনা, চেতনা দৃষ্টি ৰুচিক সমৃদ্ধ কৰিছে; এখন প্ৰচ্ছদ চিত্ৰই বিশেষকৈ মুদ্ৰণ আৰু স্পেচ বা স্থান সম্পৰ্কীয় অনেক সীমাবদ্ধতাৰ মাজত যিমানখিনি কৰিব পাৰে"।

সম্ভৱতঃ কবিতাক জনপ্ৰিয়কৰণত হীৰুদাৰ যি ভূমিকা আছিল, দৃশ্যমান শিল্পক জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত বেণু মিশ্ৰৰ ভূমিকাও তেনেকুৱাই বুলি ক'ব পাৰোঁ। "...বেণু মিশ্ৰই যোৱা চাৰিটা দশকজুৰি কৰা ড্ৰয়িং আৰু চিত্ৰায়ণৰ (Illustration) সংখ্যা হাজাৰৰ ঘৰত। ড্ৰয়িং এতিয়া শিল্পীৰ কেৱল ব্যক্তিগত অনুশীলনৰ বস্তু হৈ থকা নাই, ছবিৰ প্ৰস্তুতিমূলক অঙ্কনো নহয়, - নিজেই বিশিষ্ট এক কলা, সম্পূৰ্ণ ছবি"- এয়া ফুকনদেৱৰ কথা। একেটা সুৰতে এইখিনি কথাও গুৰুত্বপূৰ্ণ- "কল্পনা, উদ্ভাৱনী শক্তি, অঙ্কন দক্ষতা, ইমেজ ৰচনা, বৰ্ণচয়ন আৰু বৰ্ণ প্ৰয়োগেৰে অসমৰ কিতাপ-আলোচনীৰ প্ৰচ্ছদ চিত্ৰক মিশ্ৰই নতুন এটা মাত্ৰা, মৰ্যাদা দিলে। মিশ্ৰৰ আগতে শ্ৰীযুত হেমন্ত মিশ্ৰ ('ৰামধেনু'ৰ প্ৰচ্ছদ) আৰু শ্ৰীযুত ভৱানীভূতি ভট্টাচাৰ্যৰ ('নতুন কবিতা') দুখনমান প্ৰচ্ছদে অসমীয়া কিতাপ আলোচনীৰ প্ৰচ্ছদলৈ এটা নবীনতা আনিছিল। মিশ্ৰই এতিয়ালৈকে হাজাৰখন প্ৰচ্ছদ চিত্ৰ আঁকিছে। মিশ্ৰৰ প্ৰায় প্ৰত্যেকখন প্ৰচ্ছদ চিত্ৰই নয়নাভিৰাম, চিত্তাকৰ্ষক। কোনোখনৰ শিল্পগুণ, সৃজনশীল এটা মূল্যও আছে।"


সমুদ্র কাজল শইকীয়া, ১ জানুৱাৰী ২০১৭ 

No comments: